Assam Jatiya Bidyalay Class 4 Science Chapter 11 আমাৰ আহাৰ

Assam Jatiya Bidyalay Class 4 Science Chapter 11 আমাৰ আহাৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 আমাৰ আহাৰ Class 4 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Assam Jatiya Bidyalay Class IV Science Chapter 11 আমাৰ আহাৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class IV Science Chapter 11 আমাৰ আহাৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ আহাৰ

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

১। আমি কিয় আহাৰ খাওঁ ?

উত্তৰঃ আহাৰ খাই আমি জীয়াই থাকিবলৈ শক্তি পাওঁ। আহাৰত থকা কিছুমান বস্তুৱে শৰীৰৰ বিভিন্ন অংগ ঠিকমতে গঠন হৈ বাঢ়ি যোৱাত সহায় কৰে। আহাৰত পুষ্টিকৰ বস্তুবোৰ ঠিক পৰিমাণত নাথাকিলে আমি জোৰ শক্তি নাপাওঁ। তেতিয়া আমাৰ শৰীৰৰ অংগ প্ৰত্যঙ্গবোৰ ভালদৰে বাঢ়িব নোৱাৰে।

২। পুষ্টিকৰ বস্তু কোনবোৰ ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ খাদ্যত থকা প্ৰধান পুষ্টিকৰ বস্তুবোৰ হ’ল প্ৰ’টিন, কাৰ্বহাইড্ৰেট,চৰ্বি আৰু ভিটামিন।

৩। আমাৰ সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি ?

উত্তৰঃ আমাৰ সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ হ’ল― প্ৰ’টিন, কাৰ্বহাইড্ৰেট,চৰ্বি।

৪। কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি ?

উত্তৰঃ কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ হ’ল―ভিটামিন আৰু খনিজ পদাৰ্থ ।

৫। আমাৰ আহাৰত কিয় প্ৰ’টিন থকা উচিত ?

উত্তৰঃ মাছ, মাংস, কণী আৰু গাখীৰত প্ৰ’টিন থাকে।প্ৰ’টিনে মানুহৰ শৰীৰৰ সকলো অংশ যেনে চুলি, তেজ, ছাল, হাড়, মাংসপেশী ইত্যাদিবোৰ গঠনৰ বাবে প্ৰয়োজনীয় বস্তু যোগান ধৰে।

৬। সুষম আহাৰ কি ?

উত্তৰঃ মানুহৰ বয়স আৰু শৰীৰৰ অৱস্থা অনুসৰি পুষ্টিকৰ বস্তুবোৰ ঠিক জোখত থকা আহাৰক সুষম আহাৰ বোলে।

৭। কেঁচুৱা আৰু বাঢ়ি অহা ল’ৰা–ছোৱালীৰ আহাৰ কেনে হোৱা উচিত ?

উত্তৰঃ কেঁচুৱা আৰু বাঢ়ি অহা ল’ৰা–ছোৱালীক প্ৰ’টিন,ভিটামিন আদি পুষ্টিকৰ বস্তুবোৰ বয়সীয়া মানুহতকৈ বেছিকৈ লাগে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top