🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 4 Assamese Chapter 18 শিলৰ চোলা

Assam Jatiya Bidyalay Class 4 Assamese Chapter 18 শিলৰ চোলা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 18 শিলৰ চোলা Class 4 Assamese Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 4 Assamese Chapter 18 শিলৰ চোলা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 18 শিলৰ চোলা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

শিলৰ চোলা

Chapter – 18

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- অজৰ-অমৰ – চিৰস্থায়ী, জৰা-মৃত্যুহীন। মেজাঙ্কৰী— দীঘলীয়া পাতৰ ওখ গছ বিশেষ, এবিধ মুগা-সুতা আৰু তাৰ কাপোৰ। প্ৰাণদণ্ড ― প্ৰাণ নষ্ট কৰা শাস্তি। হুমুনিয়া কাঢ়ি — বৈজাৰ প্ৰকাশক দীর্ঘশ্বাস কাঢ়ি। অবুজন — বুজালেও নুবুজা, বুজনি নোলোৱা। সী আছে — চিলাই কৰি আছে। কবিৰাজ — চিকিৎসা কৰা বৈদ্য। সকাম — দৰকাৰ, প্ৰয়োজন, কাম। লেঠা — আহুকাল, জঞ্জাল, এৰাব নোৱাৰা কাম।

● তয় + য়য় = ত্য।

ণয় + ডয় = ণ্ড।

ৰয় + তয় = ৰ্ত।

নয় + তয় + ৰয় = ন্ত্ৰ।

নয় + ধয় = ন্ধ।

ণয় + ণয় = ণ্ণ।

ঙয় + কয় = ঙ্ক।

পয় + ৰয় = প্র।

● পঢ়া আৰু লিখা :

জলাদিত্য।

পৰিৱৰ্তন।

ক্ষুন্ন।

সমস্যা।

অসম্ভব।

সম্ভৱ।

বুদ্ধিমতী।

সংগ্রহ।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোৱা, তাৰ পাছত লিখাঁ : 

(ক) ৰজা শিলাদিত্যৰ ককাদেউতাকৰ নাম কি ?

উত্তৰঃ ৰজা শিলাদিত্যৰ ককাদেউতাকৰ নাম-জলাদিত্য। 

(খ) শিলৰ মূৰ্তিটো কোনে সজাইছিল ?

উত্তৰঃ শিলৰ মূৰ্তিটো শিলাদিত্য ককাদেউতাক মহাৰাজ জলাদিত্যই সজাইছিল।

(গ) ৰজাই কেনেদৰে অজৰ অমৰ হ’ব বিচাৰিছিল ?

উত্তৰঃ ৰজাই শিলৰ চোলা পিন্ধি অজৰ অমৰ হ’ব বিচাৰিছিল। 

(ঘ) ৰজাই কিহৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীক কৈছিল ? 

উত্তৰঃ ৰজাই শিলৰ কাপোৰ পিন্ধিব লাগে বুলি মন্ত্ৰীক কৈছিল। 

(ঙ) সাতদিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱাৰিলে মন্ত্রীক কি শাস্তি দিব বুলি কৈছিল।

উত্তৰঃ সাতদিনৰ ভিতৰত ৰজাক শিলৰ চোলা আনি দিব নোৱৰিলে মন্ত্ৰীক ৰজাই মন্ত্ৰীত্বৰ পৰা আঁতৰাই, প্ৰাণদণ্ডৰ শাস্তি দিব বুলি কৈছিল।

(চ) মন্ত্ৰীৰ জীয়েকৰ নাম কি আছিল ? 

উত্তৰঃ মন্ত্ৰীৰ জীয়েকৰ নাম আছিল ― মনোমতী।

(ছ) মন্ত্ৰীৰ জীয়েকে সমস্যাটো কেনেকৈ সমাধান কৰিলে ? 

উত্তৰঃ মন্ত্ৰীৰ জীয়েকে শিলৰ চোলা সিবলৈ ৰজাৰ পৰা পানীৰ বেজী বিচৰাত ৰজাই শিলৰ চোলা সীয়াটোও অসম্ভৱ বুলি বুজি পালে আৰু মন্ত্ৰীক ৰাজসভালৈ মাতি পঠালে, এনেদৰে মন্ত্ৰীৰ জীয়েকে সমস্যাটো সমাধান কৰিলে।

২। সমার্থক শব্দ লিখাঁ :

ৰজাসম্রাটমহৰাজনৃপতিনৰপতিভূপতি
ৰছীজৰি ৰছা
অসুখবেমাৰঅসুস্থ
কবিৰাজ চিকিৎসকডাক্তৰ
বৈদ্যবিষণ্ণদুখবেজাৰ
লেঠাআহুকাল জঞ্জালএৰাবনোৱৰাকাম
পানীজলবাৰিসলিল

৩। বাক্য ৰচনা কৰাঁ

অজৰ-অমৰ :- মানুহে নিজৰ কাম-কাজৰদ্বাৰাহে অজৰ অমৰ হ’ব পাৰে। 

যুদ্ধ-বিগ্রহ :- দেশত যুদ্ধ-বিগ্রহ হ’লে দুর্ভিক্ষ হয়।

পুথি-পাঁজি :- ঘোষা পাঠ কৰি ভকতজনে পুথি-পাঁজি সামৰি থলে।

ঘৰ-দুৱাৰ :- আলহী অহাৰ আগতেই স্বপ্নাই ঘৰ-দুৱাৰ সাৰি-মচি থৈছে।

আথে বেথে :- স্বপ্নাই আথে-বেথে আলহীক সোধ-পোচ কৰিলে।

৪। বুজা আৰু লিখা :

ৰজা ― ৰাণী।

ককাদেউতা ― আইতা।

পিতাদেউ ― আই। 

পুতেক ― জীয়েক।

৫। বাকচৰ ভিতৰত বৰ্ণ, স্বৰচিহ্ন আৰু যুক্তাক্ষৰ আছে, সেইবোৰ শুদ্ধকৈ ব্যৱহাৰ কৰি কেইটিমান শব্দ গঠন কৰা :

৬। পঢ়া, বুজা আৰু লিখা :

বুজনঅবুজনসহায়অসহায়
শলাগীঅশলাগীশানিঅশান্তি
কাৰণঅকাৰণপবিত্রঅপবিত্র
অন্যায়অধর্মকামিলাঅকামিলা
ন্যায়ধর্ম

৭। ভাবা আৰু উত্তৰ উলিওৱা :

ব্রহ্মাই স্ৰজিলে এনে এটি গুটি,

বাকলি নাই তাৰ খাবও নোৱাৰি।

উত্তৰঃ শিলগুটি। 

অতিৰিক্ত প্রশ্নোত্তৰ

১। ‘শিলৰ চোলা’ নাটিকাখনিৰ ৰচক নৱকান্ত বৰুৱাৰ এটি চমু পৰিচয় দাঙি ধৰা। 

উত্তৰঃ কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ৰূপে অৱসৰপ্ৰাপ্ত

জনিপ্রয়, ৰসাল কবিতা। তেখেতৰ শিশু উপযোগী মনোৰম পুথি সমূহ হৈছে— মই টুনিয়ে টুনটুনালোঁ, শিয়ালী পালেগৈ ৰতনপুৰ, আখৰৰ

প্রয়াত বৰুৱাদেৱে যথেষ্ট সংখ্যক শিশু উপযোগী পুথি ৰচনা কৰে। তেখেতৰ ‘লঘোণ’ নামৰ কবিতাটি শিশুৰ লগতে ডাঙৰৰ মাজতো অতি জখলা, ভুতুকাৰে ভূ……….। ডাঙৰৰ বাবে ৰচিত মুল্যৱান পুথিসমূহ— ককাদেউতাৰ হাড়, কপিলীপৰীয়া সাধু, গৰ্মা কুঁৱৰী, অৰণ্য, হে মহানগৰ অসমীয়া ছন্দশিল্পৰ ভূমিকা

২। উত্তৰ দিয়া- 

(ক) প্রথম অসমীয়া (পৌৰানিক) নাট কি ? ইয়াক কি নাট বোলা হয় ? ৰচক কোন ?

উত্তৰঃ চিহ্নযাত্রা। অংকীয়া নাট। শ্ৰীমন্ত শংকৰদেৱ। 

(খ) আধুনিক অসমীয়া প্রথম নাটক কোনখন ? কোনে বচনা কবে ? 

উত্তৰঃ আধুনিক অসমীয়া প্রথম নাটক – ৰামনৱমী। গুণাভিৰাম

বৰুৱাই ৰামনৰমী ৰচনা কৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top