Assam Jatiya Bidyalay Class 4 Assamese Chapter 15 সাঁকো

Assam Jatiya Bidyalay Class 4 Assamese Chapter 15 সাঁকো, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 সাঁকো Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 15 সাঁকো Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 15 সাঁকো provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সাঁকো

Chapter – 15

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- সেতু – সাঁকো, দলং, বান্ধ। স্মৰণীয় — মনত ৰাখিব লগীয়া।চমৎকাৰ ― আশ্চর্যজনক, বিস্ময়কৰ। নিৰ্মাণ — গঠন কৰা কাৰ্য, সজা ― কাৰ্য, ভাষা — পত্নী, স্ত্রী, জায়া। মহাকাব্য ― পৌৰাণিক ঐতিহাসিক ঘটনাসম্বলিত বহু পর্ব বা কাণ্ডত বিভক্ত, বিচিত্র ছন্দত সজ্জিত, চিৰন্তন আদৰ্শৰাজিৰে বৃহৎ কাব্য।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ : 

(ক) কলীয়া৷ ভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুবে কোন কোন জিলা সংযোগ কৰিছে ? 

উত্তৰঃ কলীয়াভোমোৰা দলং আৰু নৰনাৰায়ণ সেতুৱে ক্ৰমে নগাওঁ আৰু শোণিতপুৰ জিলা আৰু গোৱালপাৰা আৰু বঙাইগাওঁ জিলাক লগ লগাইছে। 

(খ) দলঙবোৰৰ পৰা আমাৰ কি কি উপকাৰ হয় ?

উত্তৰঃ দলঙবোৰৰ পৰা নদী এখনৰ দুয়োফালে থকা ৰাস্তা দুটা সংলগ্ন হয়। ফলত দলঙৰ ওপৰেদি মানুহে খোজ কাঢ়ি, যান-বাহন চলাই অহা-যোৱা কৰাৰ উপৰিও বয়-বস্তুও অনা-নিয়া কৰিব পাৰে। মুঠতে দলঙৰ দ্বাৰা মানুহ যাতায়ত, যোগাযোগ আৰু পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত উপকৃত হয়। 

(গ) ‘দলং’ শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ কি কি বাৰু ? 

উত্তৰঃ ‘দলং’ শব্দটোৰ একে অৰ্থ বুজোৱা আৰু দুটা শব্দ হৈছে ‘সাকো’ আৰু ‘সেতু’।

(ঘ) সাঁকো কিহেৰে সজা হয় ?

উত্তৰঃ সাঁকোবোৰ সাধাৰণতে বাঁহ বা কাঠেৰে সজা হয়। 

(ঙ) শিল সাঁকো ক’ত বুলি জনা যায়। এই শিলসাঁকোৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ শিল সাঁকো উত্তৰ গুৱাহাটীৰ শিলসাঁকো অঞ্চলত। এই সাঁকোখন প্ৰায় এহেজাৰ বছৰ আগৰ। ই দীঘলে এশ চল্লিছ ফুট আৰু বহলে আঠ ফুট। ইয়াৰ প্ৰতি ছটা শিল প্রায় সাত ফুট দীঘল আৰু এফুট ডাঠ। সৰ্বমুঠ ষোল্লটা ডাঙৰ খুটাৰ ওপৰত এই সাঁকোখন থিয় কৰোৱা হৈছিল। এই শিলৰ সাঁকোখনৰ নিৰ্মাণ প্ৰণালী অতি চমৎকাৰ। কল কাৰখানা, যন্ত্ৰ-পাতি আৱিস্কাৰ নোহোৱা সময়তে অসমীয়া মানুহে ইমান ডাঙৰ আৰু শক্তিশালী শিলৰ সাঁকো নিৰ্মাণ কৰাটো প্ৰকৃততে গৌৰৱৰ কথা।

(চ) প্রতাপ সিংহই কোনখন নৈৰ ওপৰত শিলৰ সাঁকো সজাইছিল ? 

উত্তৰঃ প্ৰতাপ সিংহই দৰিকা নৈৰ ওপৰত সোতৰ শতিকাতে শিলৰ সাঁকো সজাইছিল।

(ছ) ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কি কি কাম কৰিছিল ? 

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ উন্নতিৰ বাবে কলা-কৃষ্টিৰ প্ৰসাৰ, বাট-পথ, নির্মাণ, দৌল-দেৱালয় নির্মাণ, ওচৰ-চুবুৰীয়া ৰাজ্যবোৰৰ সৈতে সম্পর্ক স্থাপন, বিদ্যা শিক্ষাৰ চৰ্চা আদিৰ উপৰিও প্ৰজাসাধাৰণৰ সুবিধাৰ বাবে নামদাং আৰু ডিমৌ নদীৰ ওপৰত একোখনকৈ পকী দলং নিৰ্মাণ কৰোৱাইছিল।

২। বাক্য ৰচনা কৰা :

সাঁকো, সেতু, সৈন্যবাহিনী, গৌৰৱ।

উত্তৰঃ সাঁকো :- সাঁকো সাধাৰণতে বাঁহ কাঠেৰে সজা হয়।

সেতু :- নৰনাৰায়ণ সেতুৱে গোৱালপাৰা বঙাইগাওঁ জিলাক লগ লগাইছে।

সৈন্যবাহিনী :- ৰুদ্ৰসিংহৰ সৈন্যবাহিনীৰ সংখ্যা আছিল অজস্র।

গৌৰৱ :- আনন্দৰাম বৰুৱা অসমৰ অতুলনীয় গৌৰৱ।

৩। পাঠটোত কেইখনমান নৈৰ নাম উল্লেখ আছে। তুমি জনা অইন কেইখনমান নৈৰ নাম লিখাঁ।

উত্তৰঃ কেইখনমান নৈৰ নাম— পাগলাদিয়া, দিখৌ, জাঁজী 

৪। বুজা আৰু লিখাঁ :

এক + টা = এটা।

দুই + টা = দুটা।

তিনি + টা = তিনিটা। 

চাৰি + টা = চাৰিটা।

পাঁচ + টা = পাঁচটা।

৫। পঢ়াঁ আৰু লিখ :

সৰু বৰ = সৰু-বৰ।

কলা আৰু কৃষ্টি = কলা-কৃষ্টি।

দৌল আৰু দেৱালয় = দৌল দেৱালয়। 

মন্দিৰ আৰু মছজিদ = মন্দিৰ মছজিদ।

ভাষা আৰু সাহিত্য = ভাষা-সাহিত্য। 

সমাজ আৰু সংস্কৃতি = সমাজ-সংস্কৃতি।

৬। পঢ়াঁ, বুজা আৰু লিখাঁ : 

অহা-যোৱা = আমি এই বাটেৰে বজাৰলৈ অহা-যোৱা কৰোঁ।

চলা-ফিৰা সন্ধিয়া যান-জটৰ বাবে চলা-ফিৰা কৰিবলৈ টান। 

ফুৰা-চকা  = বেছিকৈ ফুৰা-চকা কৰিলে পঢ়াত মন নবহে।

দেখা-শুনা = তেওঁক দেখা-শুনা কৰিবলৈ বৰ দিগদাৰ।

পিন্ধা উৰা = নয়নতৰা পিন্ধা-উৰাত বৰ চখ।

খোৱা-লোৱা = পৰিচাৰিকা গৰাকীয়ে খোৱা লোৱাত চকু ৰাখিছে।

৭। পঢ়ী, বুজা আৰু লিখাঁ :

সুঁতি          বিল          উপনদী         হোলা       পুখুৰী

(ক) পাহাৰৰ পৰা বৈ অহা সৰু নৈ = জুৰি।

(খ) কোনো নৈৰ পৰা এসোঁতা পানী ফাটি গৈ পুনৰ সেই নৈতে পৰে = সুঁতি।

(গ) পৰ্বতৰ পৰা ওলাই নৈত পৰা পানী = উপনদী।

(ঘ) বন্ধ হৈ থকা আহল বহল পানী ভাগ = হোলা।

(ঙ) মানুহে পানী ৰাখিবলৈ খন্দা চাৰি চুকীয়া বা আন আকাৰৰ দ’ ঠাই = খাল।

(চ) খৰালি শুকাই যোৱা দীঘলীয়া দ ঠাই = নলা।

৮। বুজা আৰু খালী ঠাই পূৰোৱা : 

(ক) জোতা চেণ্ডেল চিলাই কৰোঁতাজন = মুচীয়াৰ।

(খ) বাঁহ-বেতৰ সঁজুলি তৈয়াৰ কৰোঁতাজন = বাঢ়ৈ।

(গ) খেতিৰ কাম কৰোঁতাজন = খেতিয়ক। 

(ঘ) চুলি কাটি জীবিকা নির্বাহ কৰোঁতাজন = নাপিত।

(ঙ) মাছ মাৰি জীৱিকা নির্বাহ কৰোঁতাজন = মাছুৱৈ। 

১। (ক) সাঁকো বা দলংবোৰে সমগ্ৰ মানৱজাতিৰ মাজত মিলনৰ সেতু গঢ়াত কেনেদৰে সহায় কৰিছে ? 

উত্তৰঃ এখন ঠাইৰ মানুহৰ মনৰ সৈতে অইন এখন ঠাইৰ মানুহৰ মনৰ মাজত মিলন ঘটাবলৈ সাঁকো বা দলং বোৰে যথেষ্ট সহায় কৰিছে। সাঁকো বা দলংবোৰৰ দ্বাৰা সমগ্র মানৱজাতিয়ে যাতায়ত, যোগাযোগ, পৰিবহন ব্যৱস্থা উন্নত হোৱাৰ ফলত মিলনৰ সেতু গঢ় লৈ উঠিছে। 

(খ) সাঁকো বা দলংবোৰ নথকা হলে কি হ’লহেঁতেন ?

উত্তৰঃ সাঁকো বা দলং বোৰ নথকা হ’লে মানুহৰ মাজত যাতায়ত, যোগাযোগ অথবা পৰিবহন ব্যৱস্থা নাথাকিলেহেঁতেন আৰু দুখন ঠাইৰ মাজত থকা নদীত সংযোগৰ সেতু স্বৰূপ দলংৰ অভাৱত ইখন ঠাইৰ পৰা আন এখন ঠাইৰ সংযোগ বিচ্ছিন্ন হ’লহেতেন।

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তৰ দিয়া-

(ক) ৰামচন্দ্ৰই সীতাক উদ্ধাৰ কৰিবলৈ ৰামভক্ত হনুমান আৰু বান্দৰ সৈন্যসকলে শিলেৰে নিৰ্মাণ কৰা সেতুখনক কি সেতু বোলা হয় ?

উত্তৰঃ ৰামেশ্বৰম সেতু।

(খ) স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱা নামদাঙৰ শিলৰ সাঁকোখন সাজিবলৈ ক’ৰ পৰা মিস্ত্রী আনিছিল ?

উত্তৰঃ বংগদেশৰ পৰা।

(গ) নামদাঙৰ শিলৰ সাকোঁত কি খোদিত কৰা হৈছিল ? 

উত্তৰঃ বিভিন্ন চিত্র। 

(ঘ) ব্রহ্মপুত্র নদীৰ ওপৰত নির্মিত শৰাইঘাট দলঙে কামৰূপ জিলাৰ কোন কোন অংশৰ সংযোগ ঘটাইছে ? 

উত্তৰঃ কামৰূপ জিলাৰ উত্তৰ অংশ আৰু দক্ষিণ অংশক।

(ঙ) সাঁকোৰে গাওঁত কি পাৰ হ’ব পাৰি ?

উত্তৰঃ খাৱৈ, নৈ-নিজৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top