🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Assam Jatiya Bidyalay Class 4 Assamese Chapter 11 ইয়াতে মাৰিলো টিপা

Assam Jatiya Bidyalay Class 4 Assamese Chapter 11 ইয়াতে মাৰিলো টিপা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 ইয়াতে মাৰিলো টিপা Class 4 Assamese Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 4 Assamese Chapter 11 ইয়াতে মাৰিলো টিপা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 11 ইয়াতে মাৰিলো টিপা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ইয়াতে মাৰিলো টিপা

Chapter – 11

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- লটি-ঘটি — স্থানান্তৰিত হৈ পোৱা আহুকাল। আখ্যান ― কাহিনী, মাধুকথা। জনশ্রুতি ―  বহু কালৰপৰা মানুহৰ মুখে মুখে চলি অহা কথা,কিংবদন্তি। প্রবাদ — মানুহৰ মুখে মুখে চলি অহা প্রবচন। সর্বস্বান্ত যি সর্বস্ব (সকলো) হেৰুৱাইছে। চিপৰাং— এবিধ মাটি খনা অস্ত্র, লোহাৰ খস্তি। গৱেষণা— গভীৰ চিন্তা, অনুসন্ধান, তত্ত্বানুসন্ধান।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখাঁ : 

(ক) ভুইকঁপ আহিলে কি কি লটিঘটি হয় ?

উত্তৰঃ ভূঁইকঁপ আহিলে ঘৰ-বাৰী ধ্বংস হ’ব পাৰে, বানপানীৰ সৃষ্টি হ’ব পাৰে, নদীয়ে দিশ সলাব পাৰে, যাতায়ত, টেলিফোন আদি ব্যৱস্থাৰ ক্ষতিসাধন হ’ব পাৰে, তাৰোপৰি মানুহ আৰু অন্যান্য জীবজন্তু আঘাতপ্রাপ্ত হোৱাৰ লগতে মৃত্যুমুখতো পৰিব পাৰে। 

(খ) জনশ্রুতি মতে পৃথিবীখন ক’ত ক’ত অৱস্থিত ?

উত্তৰঃ জনশ্রুতি মতে পৃথিৱীখন এটা জলহস্তীৰ ওপৰত অৱস্থিত, আন কিছুমানৰ মতে ভেকুলীৰ পিঠিত অৱস্থিত আৰু কোনো কোনোৰ মতে তিমি মাছৰ ওপৰত অৱস্থিত।

(গ) ভাৰতীয় শাস্ত্রমতে পৃথিৱীখন ক’ত অৱস্থিত ? 

উত্তৰঃ ভাৰতীয় শাস্ত্রমতে পৃথিৱীখন এডাল সাপৰ মূৰৰ ওপৰত অৱস্থিত। 

(ঘ) বিজ্ঞানীসকলে ভুইকঁপ সৃষ্টিৰ আচল কাৰণটো কি বুলি কৈছে ?

উত্তৰঃ বিজ্ঞানীসকলে ভূঁইকঁপ সৃষ্টিৰ আচল কাৰণটো এইদৰে কৈছে যে ভূগর্ভব ভিতৰখন অত্যন্ত গৰম বাবে ইয়াত সকলো পদার্থ গলিত অৱস্থাত থাকে। ভূগর্ভ (পৃথিৱী) ৰ উপৰিভাগ আকৌ ফুটবলটোৰ উপৰিভাগৰ দৰে বহুকেইখন প্লেটত বিভক্ত, এইবোৰ ইয়াত ওপঙি থাকে। পৃথিৱীৰ এই গতিশীল প্লেটবোৰৰ গতি অতি মন্থৰ। এই প্লেটবোৰৰ ওপৰতেই আকৌ সাগৰ, মহাসাগৰ, দেশ-মহাদেশ, পাহাৰ-পৰ্বত, নদ নদী আদি অৱস্থিত। প্লেটবোৰে গতি কৰি থাকোঁতে কেতিয়াবা একোখন প্লেট আন একোখন প্লেটৰ সৈতে খুন্দা মাৰে, তেতিয়াই সৃষ্টি হয় ভূঁইকপর।

(ঙ) ভূঁইকপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে কেনেধৰণে আগতীয়া ব্যৱস্থা ল’ব লাগে ?

উত্তৰঃ ভূঁইকঁপ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত বাস কৰা লোকে ভূঁইকঁপৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ লাঘৱ কৰিবলৈ আগতীয়া ব্যৱস্থা ৰূপে খোৱা-পানী, কিছু পৰিমাণে খাদ্য-সামগ্ৰী, কিছু দৰৱ পাতি, ৰছী, টৰ্চলাইট, বেলচা, চিপৰাং আদি সঁজুলি সদায় মজুত ৰাখিব লাগে।

(চ) বেটাৰিযুক্ত ৰেডিঅ’ কিয় লগত ৰাখিব লাগে ?

উত্তৰঃ বেটাৰিযুক্ত ৰেডিঅ’ৰ সহায়ত বিপদৰ সময়ত ওচৰে পাজৰে কি ঘটিছে গম পোৱা যায় বাবেই লগত ৰাখিব লাগে। 

(ছ) ভূঁইকঁপৰ শক্তি কিহৰ সহায়ত জোখা হয় ? ইয়াক কোনে, কেতিয়া প্রবর্তন কৰে ?

উত্তৰঃ ভূঁইকঁপৰ শক্তি ‘রিখটার স্কেল’ৰ সহায়ত জোখা হয়। ইয়াত চাৰ্লচ ফ্রান্সিচ বিখতাৰে ১৯৩৫ চনত প্ৰৱৰ্তন কৰে।

(জ) ভূঁইকঁপৰ বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম কি ?

উত্তৰঃ ভূঁইকঁপৰ বাবে বিজ্ঞানত সৃষ্টি হোৱা শাখাটোৰ নাম ‘ভূকম্পন বিজ্ঞান’। 

(ঝ) এই শাখাত কি বিষয়ে গবেষণা কৰা হয় ?

উত্তৰঃ এই শাখাত ভূঁইকঁপ প্ৰতিৰোধ কৰিবলৈ সামগ্ৰী নিৰ্মাণ কৰাৰ কৌশল, নদীৰ ওপৰত প্ৰতিৰোধী বান্ধ দিয়াৰ প্ৰযুক্তি আদিৰ বিষয়ে গৱেষণা কৰা হয়।

২। বাক্য ৰচনা কৰাঁ :

ঘৰ-বাৰী, লটি-ঘটি, খাদ্য সামগ্রী, দৰৱ পাতি, ওচৰে-পাজৰে। 

উত্তৰঃ ঘৰ-বাৰী :- বানপানীয়ে গাওঁখনৰ ঘৰ-বাৰীবোৰো উটুৱাই নিলে।

লটি-ঘটি :- তেওঁ সেইদিনা কমখন লটি-ঘটি কৰিলেনে। 

খাদ্য সামগ্রী :- খাদ্য সামগ্রী মজুত থাকিলে বিপদৰ পৰা হাত সাৰিব পাৰি।

দৰৱ-পাতি :- ৰোগীয়ে সময়মতে দৰৱ পাতি খালেহে সোনকালে আৰোগ্য লাভ কৰে।

ওচৰে-পাজৰে :- ওচৰে-পাজৰে থকা পাহাৰ কেইখনে ঠাইখনৰ সৌন্দর্য বৃদ্ধি কৰিছে। 

৩। খালী ঠাই পূৰ কৰা :

(ক) ভাৰতীয় শাস্ত্রমতে আকৌ পৃথিৱীখন এডা সাপৰ মূৰৰ ওপৰত অৱস্থিত।

(খ) পৃথিৱীখনৰ ভিতৰভাগ অত্যন্ত গৰম।

(গ) মই কিমান শক্তিশালী হৈ আহোঁ তাৰ বিজ্ঞানীসকলে উলিয়াব পৰা হৈছে।

৪। পঢ়া আৰু লিখাঁ : 

ঘৰ + বাৰী = ঘৰ-বাৰী।

লটি + ঘটি = লটি-ঘটি।

মাজে + সময়ে = মাজে-সময়ে।

ওপৰে + তলে = ওপৰে-তলে।

ওচৰে + পাজৰে = ওচৰে-পাজৰে।

৫। বুজা আৰু লিখাঁ :

তুমিতোমালোকমই আমি
তেওঁতেওঁলোকসিসিহঁত
তাই তাইহঁতেতেখেততেখেতসকল

৬। বাক্য ৰচনা কৰাঁ :

মুখামুখি :- আমি মুখামুখিকৈ বহিলোঁ। 

দেখাদেখি :- ভায়েক দুটাৰ দেখাদেখি হ’লেই কাজিয়া লাগে।

ঘূৰাঘূৰি :- তেওঁৰ যেন একো কাম-বন নাই, ঘূৰাঘূৰি কৰিয়েই সময় কটাইছে। 

হতাহতি :- ল’ৰাকেইটাৰ হতাহতি যুদ্ধত সৰু ল’ৰাটো চিটিকি পৰিছে।

বুজাবুজি :- শেষত দুয়োটা দলেই বুজাবুজিলৈ আহিল। 

জনাজনি :- সিহঁতৰ জনাজনি হোৱাই নাই।

চুলিয়াচুলি :- ছোৱালীজনীৰ চুলিয়াচুলি লাগিছে। 

৭। পঢ়াঁ, বুজা আৰু লিখাঁ :

(ক) গতি কৰি থাকে যি = গতিশীল। 

(খ) ৰৈ থাকে যি = স্তবিৰ।

(গ) দান কৰিব পৰা মনৰ যি = দানবীৰ। 

৮। (ক) নতুন বস্তুৰ প্ৰৱৰ্তন কৰে যি = প্ৰৱর্তক।

(খ) নতুন বস্তুৰ আৱিস্কাৰ কৰে যি = আৱিস্কাৰক। 

(গ) নতুন বস্তুৰ উদ্ভাৱন কৰে যি = উদ্ভাবক।

(ঘ) নতুন বস্তুৰ সৃষ্টি কৰে যি = সৃষ্টিকর্তা।

৯। পঢ়াঁ, বুজা আৰু লিখা :

(ক) অৱ + স্থিতি = অৱস্থিতি। 

(খ) অৱ + ৰোধ = অৱৰোধ।

(গ) অব + চেতন অৱচেতন।

(ঘ) অৱ + মাননা = অৱমাননা।

(ঙ) প্রতি + ৰোধ = প্ৰতিৰোধ।

(চ) প্ৰতি + বাদ = প্রতিবাদ।

(ছ) প্ৰতি + ৰূপ = প্ৰতিৰূপ।

(জ) প্রতি + ছবি = প্রতিছবি।

(ঝ) প্রতি + শ্রুতি = প্রতিশ্রুতি। 

(ঞ) প্রতিবেদন প্রতিবেদন।

৯। ভাবা আৰু উত্তৰ উলিওৱা : 

(ক) ইয়াতে মাৰিলো টিপা

গড়গাওঁ পালেগৈ শিপা।

(খ) ক’ৰ পৰা আহি ক’ত দিলা ভৰি,

চোতালখন ফাটি গ’ল চিৰা-চিৰি কৰি 

উত্তৰঃ (ক) ভূঁইকঁপ। 

(খ) ভূঁইকঁপ।

১১। নিজকে বানপানী, ধুমুহা আৰু বৰষুণ বুলি ভাবি একোখনিকৈ চুটি ৰচনা লিখাঁ।

উত্তৰঃ মোৰ নাম বানপানী। মই অসমৰ এক প্রধান প্রাকৃতিক দুর্যোগ। প্রতিবছৰে বাৰিষাকালত আহি মই নৈ, জান, জুৰি ওপচাই পেলাওঁ। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপনৈত বছৰৰ বাৰ মাহে পানী থাকে। তাতেই দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ ফলত হোৱা প্ৰচুৰ পৰিমাণৰ বৰষুণৰ ফলত মই বানপানীৰ সৃষ্টি কৰোঁ।

কেতিয়াবা মই সময়মতে আৰু কেতিয়াবা অসময়তো আহোঁ। আহিলেই কৃষকৰ বুকুৰ প্ৰাণ কৃষি পথাৰৰ শইচ তল নিওৱাৰ লগত, ঘৰ-দুৱাৰ ভগাৰ উপৰিও, জীৱ-জন্তু আদিও উটুৱাই নিওঁ। আলিবাট, মথাউৰি ভাঙি যাতায়ত যোগাযোগ বিচ্ছিন্ন কৰি পেলাওঁ। 

আকৌ বানপানীৰে মই মানুহৰ উপকাৰো কৰোঁ। নৈৰ কাষৰ মাটি পলসুৱা হোৱাত বানপানীৰ পিছত খেতিয়কে ভাল খেতি উৎপাদন কৰিব পাৰে।

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সু-পৰিকল্পিত আঁচনিৰ দ্বাৰা বানপানী ৰোধ কৰিব পাৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top