Assam Jatiya Bidyalay Class 4 Assamese Chapter 10 কাঁহৰ মেল

Assam Jatiya Bidyalay Class 4 Assamese Chapter 10 কাঁহৰ মেল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় অসমীয়া Class 4 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 কাঁহৰ মেল Class 4 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 4 Assamese Chapter 10 কাঁহৰ মেল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 4 Assamese Chapter 10 কাঁহৰ মেল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাঁহৰ মেল

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

ক্রিয়াকলাপ

অৰ্থৰ সৈতে চিনাকি :- মেল — আলোচনা বা বিচাৰ কৰিবলৈ বহা সমাজ। সম্ভাব্য — যিহৰ ঘটিবৰ আশা আছে। উদ্যোক্তা — আয়োজনকাৰী। বয়োজ্যেষ্ঠ — বসয়ত ডাঙৰ। ব্যক্তি মানুহ, লোক। থলী ― স্থল, বাম ঠাই। সম্ভাষণ  ― আদৰণি, আগ্ৰহেৰে কৰা মাত বোল। সুকলমে — বাধা বিধিনি নোহোৱাকৈ। আসন — বাহিৰৰ বাবে যুগুত কৰা বস্তু। সমর্থন- সপক্ষে মত দান, হয়ভৰ। উদ্দেশ্য লক্ষ্য, অভিপ্রায়। অতীজ আগেয়ে হৈ যোৱা, পুৰণি কাল, সমাদৰ বিশেষ আদর, সন্মান সামগ্রী দ্রব্য সম্ভাৰ, কোনো কামৰ বাবে লগা বস্তু। লোপ নোহোৱা হোৱা। সচেতন — সজাগ, চেতনাযুক্ত। সমাধান – নিষ্পত্তি, মীমাংসা। আয়োজন — যো জা, যোগাৰ, সংগ্ৰহ। মঞ্চ – কাঠ, বাহঁ আদিৰে সজা চাং বেদী। পণ — প্রতিজ্ঞা। প্রশংসা — গুণ-কীৰ্ত্তন, শলাগ। ইতিহাস – অতীত ঘটনাৰ বিৱৰণ, পুৰণি কথা, বুৰঞ্জী। শিল্প – বিশেষ নৈপুণ্যৰ প্ৰয়োজন হোৱা কাম, কাৰিকৰী কাম। হ্রাস কমি যোৱা অৱস্থা। পাত্র বস্তু ― থোৱা সঁজুলি। যাদুঘৰ — সংগ্ৰহালয়। হুলস্থূল — গোলমাল, হৈ-চৈ। আদৰ প্রংশসা, শ্ৰদ্ধাৰে দেখুওৱা মৰম। প্রদর্শনী দেশৰ বা বিদেশৰ উৎকৃষ্ট বস্তুৰ পোহাৰ — মেলি দেখুওৱা মেলা।

পাঠভিত্তিক প্রশ্নোত্তৰ

১। প্রথমে কোঁৱা, তাৰ পাছত লিখা

(ক) কঁহাৰ গাঁৱৰ লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল ?

উত্তৰঃ কহাঁৰ গাঁৱৰ লোকসকলে খেল পথাৰত এখন বিশেষ .মেলত অংশগ্রহণ কৰিবলৈ উপস্থিত আছিল। 

(খ) খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত কি আলোচনা চলি আছিল।

উত্তৰঃ খেলপথাৰত উপস্থিত গঞাসকলৰ মাজত বিশেষ মেলখনৰ সম্ভাব্য কাৰণ সম্পর্কে আলোচনা চলি আছিল।

(গ) কোনে মেলৰ কাম আৰম্ভ কৰিলে ? 

উত্তৰঃ উদ্যোভাসকলৰ এজন শ্ৰীযুত ঘটীৰাম কাহেঁ মেলৰ কাম আৰম্ভ কৰিলে।

(ঘ) মেলৰ সভাপতি কাক পতা হৈছিল ? 

উত্তৰঃ মেলৰ সভাপতি পতা হৈছিল— শ্ৰীযুত ভোগজৰাদেৱক।। 

(ঙ) কোনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল ?

উত্তৰঃ শ্রী লোটাৰাম কঁহাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল। 

(চ) মেলখনৰ উদ্দেশ্য কি আছিল ?

উত্তৰঃ মেলখনৰ উদ্দেশ্য আছিল – অতীজত থকা অসমত কাঁহৰ যি সমাদৰ সেয়া বর্তমান লোপ পাইছে, এই সমস্যাৰ কিদৰে সমাধান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা।

(ছ) কাৰ দ্বাৰা গীত, পৰিৱেশন কৰা হৈছিল ? 

উত্তৰঃ বৰবাটি, পিয়লাবাটি, বানবাটি, হাতীখুজীয়া-বাটি, জোলবাটি, খুৰীবাটি আৰু মেলাহি বাটিৰ দ্বাৰা গীত পৰিবেশন কৰা হৈছিল।

(জ) কোনে, কাঁহশিল্পৰ ইতিহাস বর্ণনা কৰিছিল ? 

উত্তৰঃ কাঁহশিল্পৰ ইতিহাস বর্ণনা কৰিছিল—শ্ৰীযুতা বেৰাকাঁহী ডাঙৰীয়ানীয়ে।

২। পাঠটো পঢ়া আৰু মনত পেলাই কাক বোলে লিখাঁ :

(ক) কোহঁ মৰা কাঁহৰ সজুঁলি। 

(খ) ঢলা কাঁহৰ সঁজুলি।

(গ) চলুৱা কঁহাৰ।

উত্তৰঃ (ক) কোঁহমৰা কাঁহৰ সজুঁলি :- তিতাবৰৰ কোঁহমৰা কহিৰ সঁজুলি অসমীয়া মানহে বৰ ভাল পাইছিল। কৌহমৰা সঙুলিৰ গা-টোত ওখ ওখকৈ ঢৌ কটা থাকে বাবে এইবোৰ কোঁহমৰা, কঁঠাল কোঁহীয়া, ঢৌ-কটা, ঔ বখলীয়া আদি নামেৰেও জনা গৈছিল।

(খ) ঢলা কাঁহৰ সজুঁলি :- ঢলা কাঁহৰ সঁজুলিৰ বাবে কৰঙা, তিতাবৰ এই দুয়োখন ঠায়েই বিখ্যাৎ। এই ধৰণৰ সঁজুলি হাতুৰীৰে কোৱাই গঢ়াৰ পৰিৱর্তে কাঁহ গলাই জুলীয়া কৰি মাটিৰ সাঁচত ঢালিহে গঢ়িছিল। এনে ধৰণৰ ঢলা কাঁহৰ সজুঁলিত ক’তো জোৰা নাথাকে।

(গ) ঢলুৱা কঁহাৰ :- ঢলা কাহৰ সজুঁলি গঢ়া শিল্পীক “ঢলুৱা কঁহাৰ বোলা হয়। এনে ধৰণৰ ঢলা কাঁহৰ সঁজুলি হাতুৰীৰে কোৱাই ‘ঢলুবা কঁহাৰে মাটিৰ সাঁচত ঢালি গঢ় দিয়ে, য’ত ক’তো জোৰা নাথাকে। 

৩। ভাৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠটোত উল্লেল্লখ কৰা হৈছে ?

উত্তৰঃ ভাৰতৰ ‘নাট্যশাস্ত্ৰ’ত কাঁহেৰে নিৰ্মিত কাংস্য, ঘণ্টা, মন্দিৰা, তালম, নূপুৰ, কিং কিনী আদি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে। 

৪। অসমত প্ৰচলতি লকেই মানৰ লিখাঁ ?

উত্তৰঃ অসমত প্ৰচলিত তালকেইযোৰ মানৰ নাম হৈছে— ভোৰতাল, খুঁটিতাল, পাতিতাল, খেৰেঙীতাল।

৫। হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত।উত্তৰঃ হাজো আৰু সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত।

৬। কাঁহ শিল্পৰ ইতিহাসৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ কাঁহ শিল্পৰ জন্মস্থান হৈছে ভাৰতবৰ্ষ। ভাৰতৰ নাট্যশাস্তুত কাঁহেৰে নিৰ্মিত কাংস্য, ঘণ্টা, মন্দিৰা, তালম, নূপুৰ, কিং কিনী আদি বাদ্য যন্ত্ৰৰ নাম পোৱা যায়। পুৰণি কালৰ পৰা অসমতো যে কাঁহৰ বাদ্যযন্ত্র প্রচলিত আছিল সেই বিষয়ে বিভিন্ন শাস্ত্ৰৰ পৰা জানিব পাৰি। কাঁহৰ ভোৰতাল, খুটিতাল, পাতিতাল, থেৰেঙীতাল আদিৰো অসমত ব্যাপক প্রচলন আছিল।

অসমৰ হাজো, সৰ্থেবাৰীত কাঁহৰ বাচন গঢ়া হয়। আগতে তিতাবৰ, কৰঙা আদিও কাঁহশিল্পৰ বাবে বিখ্যাত আছিল। বিশেষকৈ তিতাবৰৰ কোঁহমৰা কাঁহৰ সঁজুলি অসমৰ মানুহে বৰ ভাল পাইছিল। এনেধৰণৰ সঁজুলিৰ উপৰিও ‘ঢলুৱা কঁহাৰে গঢ়া কাঁহ গলাই জুলীয়া কৰি মাটিৰ সাঁচত কৰা ঢলা কাঁহৰ সঁজুলিৰ বাবেও এসময়ত তিতাবৰ, কৰঙা বিখ্যাত আছিল।

বর্তমান অসমত কাঁহশিল্প একেবাৰে লোপ পোৱা নাই যদিও আগতে যিদৰে তামৰ লগত ৰাং মিহলাই কাঁহ প্রস্তুত কৰিছিল, এতিয়া ভঙা কাঁহ কিনি আনি তাকে গলাই কাঁহৰ নতুন সামগ্রী গঢ় দিয়ে।

৭। বুজা আৰু লিখাঁ :

(ক) হাত আৰু মুখ= হাত-মুখ।

(খ) হাত আৰু ভৰি = হাত-ভৰি।

(গ) ল’ৰা আৰু ছোৱালী = ল’ৰা-ছোৱালী। 

(ঘ) হাতেৰে মৰা চাপৰি  হাত-চাপৰি।

(ঙ) জন্মস্থান = জন্ম-স্থান।

৮। পঢ়া, বুজা আৰু লিখাঁ :

ডাঙৰীয়া ― ডাঙৰীয়ানী।

শ্ৰীযুত ― শ্রীযুত।

মাননীয় ― মাননীয়া।

শ্ৰীমান ― শ্রীমতী।

মাননীয় ― মাননীয়া।

বুদ্ধিমান ― বুদ্ধিমতী।

৯। বুজা আৰু লিখাঁ :

মেল য’ত কৰা হয় = মেলৰ থলী।

সভা য’ত কৰা হয় = সভা থলী।

ৰণ য’ত কৰা হয় = ৰণ থলী।

পূজা য’ত কৰা হয় = পূজা থলী। 

উৎসৱ য’ত কৰা হয় = উৎসৱ থলী।

১০। বাক্য ৰচনা কৰা : 

হাত-চাপৰি, সমাদৰ, বিখ্যাত, আশা।

উত্তৰঃ হাত-চাপৰি :- তেওঁৰ সুন্দৰ বক্তৃতাৰ পিছত সভাঘৰ হাত চাপৰি শব্দৰে ওপচি পৰিছিল। 

সমাদৰ :- সাহিত্যিকজনৰ গ্ৰন্থই সকলোৰে মাজত সমাদৰ লাভ কৰিছে।

বিখ্যাত :- মহাত্মাগান্ধী জগত বিখ্যাত লোক। 

আশা :- পৰীক্ষাত প্ৰথম স্থান পাবই বুলি তেওঁ আশা কৰি আছে।

১১। একে অর্থবোধক শব্দ লিখা

উদাহৰণ :- 

মেল :- সভা।

গাওঁ :- গ্রাম।

শোভা :- সৌন্দর্য।

মানৰ :- মনুষ্য, মানুহ।

আশা :- ইচ্ছা, অভিলাষ।

১২। (ক) এপাচি শাকত এটা জালুক।

উক্ত প্রবচনটির অর্থ এয়ে যে খাদ্য সোবাদ লগা কৰিবলৈ প্রয়োজনতকৈ কম উপাদানেৰে নহয়। শাক সোৱাদ লগা বা জালুকীয়া কৰিবলৈ হ’লে এপাচি পৰিমাণৰ শাকত এটা জালুক দিলে খাবলৈ কচিলগা নহ’ব। একেদৰে কোনো এটি কাম কৰিবলৈ প্রয়োজনীয় উপাদানৰ পৰিমাণ নগণ্য হ’লৈ কামটোৰ পৰা বিচৰা ফল পোৱা নাযাব।

(খ) উপকাৰীক অজগৰে খায়।

ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে অকৃতজ্ঞ লোকসকলে উপকাৰী লোকৰ উপকাৰ স্বীকাৰ কৰাৰ পৰিৱৰ্তে, পিছত বৰং তেওঁলোকক অপকাৰহে কৰে। অজগৰ সাপ এটিক প্রাণনাশৰ পৰা ৰক্ষা কৰিলেও সাৱধান নহ’লে, সুবিধা পালেই প্ৰাণ ৰক্ষাকাৰীজনেই খাব। অজগৰে উপকাৰৰ মোল নুবুজাৰ দৰে অকৃতজ্ঞ লোকে অসাবধানতা আৰু উদাৰতাৰ সুযোগ লৈ উপকাৰীজনৰ অনিষ্টহে কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তৰ লিখা।

(ক) কুটীৰ শিল্প মানে কি ? এটি উদাহৰণ দিয়া। 

উত্তৰঃ নিজৰ ঘৰখনত থাকি কৰিব পৰা উদ্যোগ। অসমৰ বিভিন্ন গাওঁ ভূইত এনে উদ্যোগসমূহ স্বাভাৱিকভাৱে গঢ়ি উঠা দেখা যায়। কাঁহ শিল্প’ কুটীৰ শিল্পৰ এটি উদাহৰণ।

(খ) হাতুৰী মানে কি ?

উত্তৰঃ সামগ্ৰীসমূহ (পিতল, কাঁহ আদি) বিভিন্ন আকৃতিত গঢ়িবলৈ সজোৱা লোৰ সঁজুলিয়েই হাতুৰী। 

(গ) কি কি মিলাই কাঁহ প্ৰস্তুত কৰা হয় ? ইয়াৰ অনুপাত কিমান ?

উত্তৰঃ বাং আৰু তাম নির্দিষ্ট উষ্ণতাত গলাই এক মিশ্রণ প্রক্রিয়াৰে কাঁহ প্ৰস্তুত কৰা হয়। সাধাৰণতে ইয়াৰ অনুপাত হ’ল ২০ : ৮০

(ঘ) মিশ্র ধাতু কি ? 

উত্তৰঃ বিভিন্ন ধাতু মিহলোৱা কাৰ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top