ASOS Class 12 Psychology Chapter 9 অভিৰোচন

ASOS Class 12 Psychology Chapter 9 অভিৰোচন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 9 অভিৰোচন and select needs one.

ASOS Class 12 Psychology Chapter 9 অভিৰোচন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 9 অভিৰোচন These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

অভিৰোচন

Chapter : 9

9.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) খালী স্থান পূৰ্ণ কৰাঃ

(ক) জীৱৰ কৰ্যাৰম্ভাৰ_____ স্তৰটোক অভিৰোচন বোলা হয়।

উত্তৰঃ জীৱৰ কৰ্যাৰম্ভাৰ কাৰ্য স্তৰটোক অভিৰোচন বোলা হয়।

(খ) সকলো ইচ্ছাকৃত আচৰণত____ অন্তৰ্ভুক্ত হৈ থাকে।

উত্তৰঃ সকলো ইচ্ছাকৃত আচৰণত অভিৰোচন অন্তৰ্ভুক্ত হৈ থাকে।

(গ) অভিৰোচন______ নিৰীক্ষণ কৰিব পাৰি।

উত্তৰঃ অভিৰোচন আচৰণ নিৰীক্ষণ কৰিব পাৰি।

(২) অভিৰোচনৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো এক বিশেষ লক্ষ্যত উপনীত হ’বৰ বাবে ক্ৰীয়াশীল হোৱা আচৰণক পৰিচালিত কৰা আৰু আচৰণক দিশ দৰ্শোৱা প্ৰক্ৰিয়াই হৈছে অভিৰোচন।

9.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(২) উপযুক্ত শব্দৰে শূন্য স্থান পূৰ্ণ কৰা:

(ক) প্ৰয়োজন হৈছে_____ বা_____ অৱস্থা।

উত্তৰঃ প্ৰয়োজন হৈছে অভাৱ বা ঘটি অৱস্থা।

(খ) লক্ষ্যসমূহে____ অৱস্থাৰ প্ৰতিনিধিত্ব কৰে।

উত্তৰঃ লক্ষ্যসমূহে সংজ্ঞামুলক অৱস্থাৰ প্ৰতিনিধিত্ব কৰে। 

(গ) প্ৰেৰণামূলক পুৰস্কাৰসমূহ____ যিবোৰ প্ৰয়োজনসমূহ পূৰণ কৰে।

উত্তৰঃ প্ৰেৰণামূলক পুৰস্কাৰসমূহ বিষয়বস্তু যিবোৰ প্ৰয়োজনসমূহ পূৰণ কৰে।

9.3. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰ‍ঃ

(১) প্ৰয়োজনৰ স্তৰীকৰণৰ ক্ৰমতালিকাৰ তত্ত্বটো কোনে দাঙি ধৰিছিল? প্ৰয়োজনবোৰ ক্ৰমানুসৰি তালিকাভুক্ত কৰা।

উত্তৰঃ প্ৰয়োজনৰ স্তৰীকৰণৰ ক্ৰমতালিকাৰ তত্ত্বটো মানৱতাবাদী মনোবিজ্ঞানী আব্ৰাহাম মাছলোৱে দাঙি ধৰিছিল।

মাছলোৰ স্তৰীকৰণ ক্ৰমতালিকাখন হ’ল–

(ক) শাৰীৰিক প্ৰয়োজন।

(খ) নিৰাপত্তাৰ প্ৰয়োজন।

(গ) মৰম আৰু একাত্মবোধৰ প্ৰয়োজন।

(ঘ) সম্ভ্ৰমবোৰ প্ৰয়োজন।

(ঙ) আত্ম-বাস্তৱিকৰণ।

(২) আভ্যন্তৰীণ অভিৰোচন বুলিলে কি বুজা? উদাহৰণ এটা দিয়া।

উত্তৰঃ যিবোৰ অভিৰোচন নিজৰ কাৰ্য আচৰণৰ সন্তুষ্টিৰ বাবে অনুভূত হয় তেনেবোৰ অভিৰোচনক আভ্যন্তৰীণ অভিৰোচন বোলা হয়।

(৩) বাহ্যিক অভিৰোচন বুলিলে কি বুজা? এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ অভিৰোচন বাহ্যিক পুৰস্কাৰৰ বাবে অনুভূত হয় তাকে বাহ্যিক অভিৰোচন বোলা হয়।

অন্তিম অনুশীলনৰ উত্তৰঃ

(১) অভিৰোচন প্ৰকৃতি চমুকৈ আলোচনা কৰা।

উত্তৰঃ মনোবিজ্ঞানত বহুল ব্যৱহৃত এটি শব্দ হৈছে অভিৰোচন, ই জীৱৰ কৰ্মপ্ৰৱণতাক সক্ৰিয় কৰিব পৰা বা গতিময় কৰি তুলিব পৰা উপাদানৰ লগত জড়িত। যেতিয়া আমি দেখো যে এজন ব্যক্তিয়ে কোনো বিশেষ লক্ষ্য পাবৰ বাবে প্ৰচেষ্টা চলাই আছে তেতিয়া আমি তেওঁৰ আচৰণত অভিৰোচনৰ উপস্থিতি অনুমান কৰিব পাৰো।

সকলো মানৱ আচৰণৰ মূল হ’ল কোনো আভ্যন্তৰীণ বা মনোবৈজ্ঞানিক আৰু বাহ্যিক বা পৰিৱেশীয় উদ্দীপনাৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়া। যিয়েই নহওঁক আচৰণসমূহ খেলিমেলি বা আগুৰি নোহোৱা কাৰ্য নহয়। আচৰণসমূহৰ অন্তৰত একো একোটা উদেশ্য বা লক্ষ্য নিহিত হৈ থাকে। আচৰণসমূহ প্ৰায়েই কোনো বিশেষ অভিপ্ৰায় পূৰণৰ চেষ্টাৰ ফলস্বৰূপে সৃষ্টি হোৱা দেখা যায়। সেয়েহে অভিৰোচনক কোনো লক্ষ্যত উপনীত হ’বৰ বাবে আচৰণত সক্ৰিয়তা সৃষ্টি কৰিব পৰা, সঠিকভাৱে কাৰ্য পৰিচালনা কৰিব পৰা আৰু নিৰ্দেশনা দিব পৰা প্ৰক্ৰিয়া বুলিব পাৰি। ব্যক্তি এজনে স্থিৰ কৰা লক্ষ্যত উপনীত হোৱাৰ লগে লগে এই প্ৰক্ৰিয়াৰ অন্ত পৰে।

কোনো কাৰ্য আৰম্ভ কৰা প্ৰক্ৰিয়াৰ প্ৰথম স্তৰটোক কৌশলগতভাৱে ‘অভিৰোচন’ বুলি ক’ব পাৰি। কোনো নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বৰ বাবে আচৰণক পৰিচালিত কৰা কাৰ্যই অভিৰোচনৰ প্ৰকৃত গুণ। অভিৰোচনক সকলো অৱস্থাতে প্ৰত্যক্ষভাৱে দেখা নাযায়। আচৰণৰ ব্যাখ্যা বা বিশ্লেষণ কৰিবলৈ ইয়াক অনুমান কৰি লোৱা হয়। যেতিয়া আনৰ মনত প্ৰশ্ন হয় যে ব্যক্তি এজনক কোনো কাম কৰিবলৈ কি শক্তিয়ে অভিৰোচিত কৰে? যেতিয়া আমি প্ৰকৃততে জানিব খোজা যে ব্যক্তিজনে কিয় তেনে আচৰণ কৰিছে। আন কথা সহজ অৰ্থত বুজাবলৈ হ’লে ব্যক্তিৰ আচৰণৰ কাৰণ বা আচৰণৰ প্ৰকৃতিক অভিৰোচন বুলি ক’ব পাৰি।

অভিৰোচনে আমাৰ ভৱিষ্যতৰ আচৰণ সম্পৰ্কেও ধাৰণা কৰাত সহায় কৰে। ইয়াৰ সহায়ত ভৱিষ্যতে এজন ব্যক্তিয়ে কেনেকুৱা কাৰ্য আচৰণ কৰিব সেইটোও অনুমান কৰিব পাৰি। অভিপ্ৰায়সমূহে কোনো এজন ব্যক্তিৰ ভৱিষ্যতৰ সঠিক ব্যাখ্যা দিব নোৱাৰিলেও ব্যক্তিজনৰ ভৱিষ্যত আচৰণৰ প্ৰকৃতি সম্পৰ্কে অনুমান কৰাত সহায় কৰে। এনেদৰে আমি দেখো যে অধ্যয়ন বা জ্ঞান আহৰণৰ দিশত সফলতা লাভ কৰিব খোজাজনে বিদ্যালয়ত কঠোৰ শ্ৰম কৰে, ভাল খেলুৱৈ হ’ব খোজাজনে খেলপথাৰত কঠোৰ অনুশীলন কৰে, কৃতী ব্যৱসায়ী হ’ব খোজাজনে ব্যৱসায়িক দিশত কঠোৰ পৰিশ্ৰম কৰে ইত্যাদি আৰু এইটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য।

(২) অভিৰোচনৰ মূল ধাৰণাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰয়োজনৰ মূল ধাৰণাসমূহ হ’ল–

(ক) প্ৰয়োজন আৰু অভিপ্ৰায়ঃ এটি প্ৰয়োজন বুলিলে জীৱই অনুভৱ কৰা কোনো বস্তুৰ অভাৱ হোৱা অৱস্থাক বুজায়। জীৱই জীৱজগতৰ স্বাভাৱিক সমতা বাবে স্বাভাৱিক তাপ বৰ্তাই ৰখাৰ বাবে দেহৰ নিজৰ প্ৰৱণতা ৰখাৰ বাবে প্ৰয়োজনসমূহ পূৰণ কৰাটো আৱশ্যক হৈ পৰে।

প্ৰয়োজনসমূহ বিভিন্ন ধৰণৰ, খাদ্য বা পানীৰ প্ৰয়োজন শাৰীৰিক প্ৰয়োজন যি প্ৰয়োজন শৰীৰত খাদ্য আৰু পানীৰ অভাৰ বাবে জীৱই অনুভৱ কৰে। মূল, মূত্ৰ ত্যাগ  কৰাটোও শাৰীৰিক প্ৰয়োজন। এই প্ৰয়োজন জীৱদেহৰ পৰা বৰ্জনীত পদাৰ্থ বৰ্জন কৰিবৰ বাবে অনুভৱ কৰা হয়।

প্ৰয়োজনসমূহক বহলভাৱে দুভাগত ভাগ কৰিব পাৰি। যেনে–

(১) মুখ্য বা প্ৰাথমিক বা শাৰীৰক প্ৰয়োজন,

(২) গৌণ বা সামাজিক প্ৰয়োজন

খাদ্য, পানী, যৌনতা, নিদ্ৰা, জিৰণী আৰু মূলত্যাগ ইত্যাদিবোৰ প্ৰাথমিক বা শাৰীৰিক প্ৰয়োজন। যোগ্যতা আহৰণ, সম্পৰ্ক স্থাপন, ক্ষমতা আহৰণ ইত্যাদি প্ৰয়োজন সামাজিক প্ৰয়োজন।

(খ) লক্ষ্য বা উদ্দেশ্যসমূহঃ লক্ষ্য বা উদ্দেশ্যৰ চিন্তাই এজন ব্যক্তিৰ কাৰ্য আচৰণক সংগঠিত কৰি তুলিবলৈ অভিৰোচিত কৰে। যদিহে ভোক এটা প্ৰয়োজন, খাদ্য খোৱাটো ইয়াৰ লক্ষ্য। এনেদৰে লক্ষ্য প্ৰয়োজনৰ লগত সম্বন্ধিত হৈ থাকে। অৱশ্যে কিছুক্ষেত্ৰত আচৰণ আভ্যন্তৰীণ লক্ষ্যত দ্বাৰাও পৰিচালিত হয়। ইয়াৰ অৰ্থ এইটোৱেই যে আচৰণক সদায় বা সকলো ক্ষেত্ৰতো ব্যহিক লক্ষ্যত প্ৰয়োজন নহয়। ই কেতিয়াবা ব্যক্তিজনৰ বাবে সন্তোষজনক আৰু আনন্দদায়ক ধৰণৰ হয়। কিছুমান মানুহে গণ গাই ভাল পায়, কিছুমানে নাচি ভাল পায়, তেওঁলোকে নাচ-গান নিজে আনন্দ লাভৰ বাবেই কৰে। তেওঁলোকে গাবলৈ, নাচিবলৈ ভাল পায় বাবেই সেই কাম কৰে। এনেদৰে আচৰণৰ লক্ষ্য বাহ্যিক বা আভ্যন্তৰীণ দুয়োধৰণেৰে হ’ব। 

(গ) উদগণি বা উৎসাহঃ প্ৰেৰণাই প্ৰয়োজন পূৰণ কৰে লক্ষ্যবস্তুক বুজায়। প্ৰেৰণা পৰিমাণগত বা গুণগতভাৱে ভিন্ন ভিন্ন হ’ব পাৰে যিবোৰ সন্তোষজনক আৰু আকৰ্ষণীয় হ’ব পাৰে বা কম সন্তোষজনক আৰু আকৰ্ষণীয় হ’ব পাৰে। এনেদৰে কোনো ব্যক্তিয়ে অধিক প্ৰেৰণাদায়ক পুৰস্কাৰ পাবৰ বাবে পৰিশ্ৰম কৰিব পাৰে। প্ৰকৃত অৰ্থত মানুহৰ জীৱনত প্ৰেৰণাদায়ক পুৰস্কাৰে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰে আৰু সেই পুৰস্কাৰ পাবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা চলায়।

(ঘ) প্ৰবৃত্তিঃ অভিৰোচনৰ ক্ষেত্ৰখনত প্ৰবৃত্তিৰ ধাৰণাটো এটা পুৰণি ধাৰণা। প্ৰবৃত্তি এক জন্মগত জৈৱিক শক্তি, যিটোৱে জীৱক বিশেষ ধৰণে আচৰণ কৰিবলৈ বাধ্য কৰে। এসময়ত জীৱৰ সকলোবোৰ আচৰণ কিছুমান বিশেষ প্ৰবৃত্তিৰ বাবে হোৱা বুলি ধৰা হৈছিল। পুৰ্বৰ মনোবৈজ্ঞানিকসকলে চিনাক্ত কৰি উলিওৱা কিছুমান প্ৰবৃত্তি হ’ল যুযুৎসা, যুগুপ্সা, কৌতূহল, আত্ম-অপমান, সংগ্ৰহ ইত্যাদি। আগতে ধৰি লোৱা হৈছিল যে প্ৰবৃত্তিসমূহ জন্মগত আৰু জীৱৰ আচৰণক নিয়ন্ত্ৰণ কৰিব পৰা শক্তি, কিন্তু ইয়াক শিক্ষা আৰু অভিজ্ঞতাৰ দ্বাৰা পৰিশোধন কৰিব পাৰি।

(৩) প্ৰাথমিক প্ৰয়োজন বুলিলে কি বুজা? প্ৰাথমিক প্ৰয়োজন আৰু মনো- সামাজিক প্ৰয়োজনৰ পাৰ্থক্য বুজাই লিখা।

উত্তৰঃ এটি প্ৰয়োজন বুলিলে জীৱই অনুভৱ কৰা কোনো বস্তুৰ অভাৱ হোৱা অৱস্থাক বুজায়। খাদ্য, পানী, যৌনতা, নিদ্ৰা, জিৰণী আৰু মলত্যাগ ইত্যাদিবোৰ প্ৰাথমিক বা শাৰীৰিক প্ৰয়োজন।

প্ৰাথমিক প্ৰয়োজনবোৰৰ উৎস আমাৰ শৰীৰক অৱস্থাৰ লগত জড়িত। এই প্ৰয়োজনবোৰ জন্মগত আৰু ক্ষুধা, তৃষ্ণা, যৌনতা, উষ্ণতা নিয়ন্ত্ৰণ, নিদ্রা আৰু যন্ত্ৰণা আদিৰ দৰে শাৰীৰিক অৱস্থাবোৰৰ লগত জড়িত। এই প্ৰয়োজনবোৰৰ পুনৰাবৃত্তি হৈ থাকে কাৰণ এইবোৰ কম সময়ৰ বাবেহে বা অস্থায়ীভাবেহে পূৰণ কৰিব পাৰি। গৌণ বা মনো-সামাজিক প্ৰয়োজনবোৰ একমাত্ৰ মানুহে অনুভৱ কৰিব পাৰে। ইয়াৰ বেছিভাগেই আৰ্জিত আৰু এই প্ৰয়োজনসমূহে ব্যক্তি এজনক বিশেষ ধৰণৰ আচৰণ কৰিবলৈ বাধ্য কৰে। যিহেতু এই প্ৰয়োজনবোৰ আৰ্জিত সেইবাবে এইবোৰৰ গভীৰতা ব্যক্তিভেদে ভিন্ন ভিন্ন হোৱা দেখা যায়। ক্ষমতাৰ প্ৰয়োজন, সম্বন্ধ স্থাপনৰ প্ৰয়োজন, দক্ষতা বা পাৰদৰ্শিতা আহৰণৰ প্ৰয়োজন, স্বীকৃতিৰ প্ৰয়োজন আদি কিছুমান মনো-সামাজিক প্ৰয়োজন যিবোৰ স্বাভাৱিক ব্যক্তি এজনে অনুভৱ কৰে। 

(৪) আত্ম-শক্তি বুলিলে কি বুজা? আচৰণৰ লগত ইয়াৰ সম্বন্ধ দেখুওৱা।

উত্তৰঃ মানুহে যিকোনো কাৰ্য সমাধান কৰিবলৈ যাওঁতে নিজৰ সমাৰ্থৰ ওপৰত এক ধৰণৰ বিশ্বাস স্থাপন কৰি আগবাঢ়ি যায় আৰু তেওঁৰ নিজস্ব সমাৰ্থৰ ওপৰত থকা বিশ্বাসৰ স্তৰে সেই কৰ্যটোকো প্ৰভাৱান্বিত কৰে। আত্মশক্তিৰ ওপৰত থকা বিশ্বাস এনে এটি মানসিক ধাৰণা যিয়ে কোনো এজন ব্যক্তিক বিশেষ লক্ষ্য নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়াত ব্যক্তি এজনক যথাযথভাৱে সহায় কৰে। বন্দুৰা নামৰ প্ৰখ্যাত মনোবিজ্ঞানীজনে এই আত্মশক্তিৰ ধাৰণাটো বিভিন্ন পৰিস্থিতিত ব্যক্তিক অভুৰোচিত কৰিবলৈ ব্যৱহাৰ কৰা হয়। 

উপযুক্ত শিক্ষণ আৰু বাস্তৱসন্মত আত্মশক্তিৰ বিশ্বাসৰ উপৰত ভিত্তি কৰি কোনো এজন ব্যক্তিয়ে উচ্চ স্তৰৰ লক্ষ্যত উপনীত হ’ব বাবে নিজৰ আচৰণক সুপৰিকল্পিতভাৱে পৰিচালনা কৰিব পাৰে। ব্যক্তিৰ সমাযোজন প্ৰক্ৰিয়াত আৰু শাৰীৰিক স্বাস্থ্য ৰখাৰ ক্ষেত্ৰত আত্মশক্তিৰ ওপৰত থকা বিশ্বাসে এক তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ই কোনো এজন ব্যক্তিয়ে বিশেষ পৰিস্থিতিত নিজৰ কৌশলৰ ব্যৱহাৰ কৰি কৰ্মসাধন কৰিব পৰাৰ বিশ্বাস। সময়ে আত্মশক্তিৰ ওপৰত থকা বিশ্বাস বঢ়াই তোলে।

(৫) মূল্যবোধৰ সংজ্ঞা দিয়া আৰু কিছুমান গুৰুত্বপূৰ্ণ মূল্যবোধ ব্যাখ্যা কৰা।

উত্তৰঃ মূল্যবোধসমূহে এক গুৰুত্বপূৰ্ণ অভিৰোচকৰ ভূমিকা পালন কৰে। মূল্যবোধবোৰে ব্যক্তি জীৱনত এক বাঞ্ছনীয় আৰু গুৰুত্বপূৰ্ণ নিৰ্দেশক নীতি ভূমিকা গ্ৰহণ কৰে। মূল্যবোধে প্ৰয়োজনীসমূহৰ নিৰ্বাচন কাৰ্যত সহায় কৰে, কাৰণ মূল্যবোধবোৰে ব্যক্তিক উদ্দেশ্যেপূৰ্ণ দীৰ্ঘম্যাদী কাৰ্যৰ দায়িত্ব ল’বলৈ অনুপ্ৰাণিত কৰে। আনন্দ আৰু বিষাদৰ লগত জড়িত বিশেষ আচৰণসমূহৰ প্ৰভাৱ সাধাৰণতে ক্ষন্তেকীয়া বা হ্ৰস্বম্যাদী।

কিছুমান গুৰুত্বপূৰ্ণ মূল্যবোধ হ’ল:

শক্তিঃ এই মূল্যবোধে সামাজিক মৰ্যাদা, সন্মান, নিয়ন্ত্ৰণ আৰু আনৰ ওপৰত আৰু সম্পদৰ ওপৰত আধিপত্যক অন্তৰ্ভুক্ত কৰি লয়।

যোগ্যতা আহৰণঃ এই মূল্যবোধে সামাজিক মানদণ্ড অনুসৰি নিজৰ সামৰ্থৰ জৰিয়তে ব্যক্তিগত কৃতকাৰ্যতা লাভক বুজায়।

আত্ম-নিৰ্দেশনাঃ এই মূল্যবোধে স্বতন্ত্ৰ চিন্তা আৰু কৰ্ম, নিৰ্বাচন, সৃষ্টি আৰু সেইবোৰত যোগ্যতা প্ৰদৰ্শন কৰাক বুজায়।

সাৰ্বজনীনতাঃ ই মানৱ কল্যাণ অনুভূতিৰ বোধ, প্ৰশংসা, সহনশীলতা, নিৰাপত্তা ইত্যাদিক বুজায়।

পৰোপকাৰিতাঃ এই মূল্যবোধে নিকট সম্পৰ্কীয় বা অন্তৰংগ ব্যক্তিসকলৰ কল্যাণৰ বাবে সংৰক্ষণ আৰু উন্নীতকৰণৰ মনোভাৱক সাঙুলি লয়।

পৰম্পৰাঃ এই মূল্যবোধে পৰম্পৰাগত সংস্কৃতি বা ধৰ্মৰ ধাৰণাসমূহক গুৰুত্ব, সন্মান, আনুগত্য সমৰ্পিত মনোভাৱক সমৰ্থন কৰাৰ বা দিয়াৰ মনোভাৱক বুজায়।

নিৰাপত্তাঃ এই মূল্যবোধে সমাজৰ, নিজৰ আৰু আত্মীয় পৰিজনৰ নিৰাপত্তা, সমন্বয়, সুস্থিৰতাৰ প্ৰতি সদৰ্থক মনোভাৱক বুজায়।

(৬) হতাশাৰ উৎসবোৰ কি কি? অভিপ্ৰায়ৰ তিনিধৰণৰ সংঘাতৰ নাম লিখা।

উত্তৰঃ সাধাৰণতে হতাশাৰ মূল উৎসবোৰ তিনি ভাগত ভগাব পাৰি।

(ক) পৰিৱেশীয় উপাদান: পৰিৱেশীয় উপাদান বা কাৰকবোৰ অভিপ্ৰায় পূৰণ কৰাৰ ক্ষেত্ৰত হতাশাৰ সৃষ্টি কৰিব পাৰে। পৰিৱেশীয় উপাদানবোৰ ধন-সম্পত্তিৰ অভাৱ বা পথ বন্ধ ইত্যাদিৰ হ’ব পাৰে বা সামাজিক উপাদানো হ’ব পাৰে।

(খ) ব্যক্তিগত উপাদানকাৰক বা সীমাবদ্ধতাসমূহ: কেতিয়াবা উপনীত হ’ব নোৱাৰা লক্ষয়ো হতাশাত ভোগাব পাৰে। ব্যক্তিগত অসামৰ্থতা শাৰীৰিক বা মানসিক দুয়োধৰণৰ হ’ব পাৰে। ব্যক্তিত্ব বা বৌদ্ধিক দিশৰ নিচিনা ব্যক্তিগত বৈশিষ্ট্যই ব্যক্তিৰ পাৰদৰ্শিতাত প্ৰভাৱ পেলায়। সামৰ্থৰ সীমাবদ্ধতাই ব্যক্তিক হতাশাত কৰিব পাৰে কাৰণ এই অসামৰ্থতাই অতি উচ্চ লক্ষ্যত উপনীত হোৱাত বাধা দিয়ে। আমাৰ পৰস্পৰ বিৰোধী লক্ষ্য নিৰ্ধাৰণেও হতাশাৰ সৃষ্টি কৰে।

(গ) সংঘৰ্ষ: সংঘৰ্ষ হৈছে এনে এক পৰিস্থিতি যেতিয়া ব্যক্তিয়ে অসঙ্গত পথেৰে দুই বা ততোধিক বিশেষ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্য কৰিব লগা হয়। এই পৰিস্থিতি যেতিয়া এজন ব্যক্তিয়ে দুই বা ততোধিক লক্ষ্যৰ মাজৰ পৰা কোনো এটা নিৰ্দিষ্ট লক্ষ্য বাচি ল’বলৈ অসমৰ্থ হয় তেতিয়াই উদ্ভৱ হয়।

অভিপ্ৰায়ৰ তিনিধৰণৰ সংঘাত হ’ল:

(১) অভিগমন-অভিগমন সংঘৰ্ষ বা সংঘাত।

(২) অভিগমন-বৰ্জন বা পৰিহাৰ সংঘাত।

(৩) বৰ্জন বা পৰিহাৰ বৰ্জন সংঘাত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top