ASOS Class 12 Psychology Chapter 8 সভ্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰাঃ চিন্তা আৰু যুক্তি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 8 সভ্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰাঃ চিন্তা আৰু যুক্তি and select needs one.
ASOS Class 12 Psychology Chapter 8 সভ্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰাঃ চিন্তা আৰু যুক্তি
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 8 সভ্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰাঃ চিন্তা আৰু যুক্তি These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
সভ্যতাৰ ঊৰ্ধ্বলৈ যাত্ৰাঃ চিন্তা আৰু যুক্তি
Chapter : 8
8.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
(১) উপযুক্ত শব্দৰে শূন্য স্থান পূৰ্ণ কৰা:
(ক) চিন্তন এক_____ প্ৰক্ৰিয়া য’ত আমি সংকেত ব্যৱহাৰ কৰো।
উত্তৰঃ চিন্তন এক সংজ্ঞামূলক প্ৰক্ৰিয়া য’ত আমি সংকেত ব্যৱহাৰ কৰো।
(খ) আমি দৈনন্দিন জীৱনত বস্তুবোৰক______ কৰি লওঁ।
উত্তৰঃ আমি দৈনন্দিন জীৱনত বস্তুবোৰক শ্ৰেণীবিভাজন কৰি লওঁ।
(গ) শিশুসকলে_____ ধাৰণাতকৈ______ ধাৰণা আগতে গঠন কৰে।
উত্তৰঃ শিশুসকলে মূৰ্ত ধাৰণাতকৈ বিমূৰ্ত ধাৰণা আগতে গঠন কৰে।
(ঘ) ধাৰণাৰ শিক্ষণে______ আৰু______ ক অন্তৰ্ভুক্ত কৰে।
উত্তৰঃ ধাৰণাৰ শিক্ষণে পাৰ্থক্যকৰণ আৰু সাধাৰণীকৰণ ক অন্তৰ্ভুক্ত কৰে।
(ঙ) একে শ্ৰেণীত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াই______ ক সহজ কৰে।
উত্তৰঃ একে শ্ৰেণীত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াই তথ্য প্ৰণালবদ্ধকৰণ ক সহজ কৰে।
8.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
তলৰ বাক্যবোৰৰ সত্য/অসত্য নিৰ্ণয় কৰা:
(ক) সমস্যা সমাধান কেবাটাও স্তৰৰ মাজেৰে হয়। সত্য/অসত্য
উত্তৰঃ সত্য।
(খ) পূৰ্ব গঠিত মানসিকতাই সমস্যা সমাধানত বাধাৰ সৃষ্টি কৰে। সত্য/অসত্য
উত্তৰঃ সত্য।
(গ) মানসিক গঠন এটা ধাৰণাৰে গঠিত। সত্য/অসত্য
উত্তৰঃ অসত্য।
(ঘ) প্ৰতিৰূপ মানসিক ধাৰণাৰ গঠনক কঠিন/জটিল কৰি তোলে। সত্য/অসত্য
উত্তৰঃ অসত্য।
8.3. তলৰ বাক্যবোৰৰ সত্যাসত্য নিৰ্ণয় কৰাঃ
(ক) যুক্তিয়ে সংগ্ৰহিত তথ্যতকৈ বেছি জানিবলৈ সহায় কৰে। সত্য/অসত্য
উত্তৰঃ সত্য।
(খ) আগমনে সাধাৰণৰ পৰা বিশেষকৈ গতি কৰে। সত্য/অসত্য
উত্তৰঃ অসত্য।
(গ) নিগমনে বিশেষৰ পৰা সাধাৰণলৈ গতি কৰে। সত্য/অসত্য
উত্তৰঃ অসত্য।
পাঠ্য সমাপ্তিৰ অনুশীলনৰ উত্তৰঃ
(১) সাধাৰণ সংজ্ঞা দিয়া আৰু ধাৰণা কেনেদৰে গঠন হয় ব্যাখ্যা কৰা।
উত্তৰঃ সাধাৰণতে চিন্তা নামৰ মানসিক কাৰ্যটো সমস্যাবোৰৰ দ্বাৰা সৃষ্টি হয়। চিন্তন কাৰ্য ক্ৰমান্বয়ে বা স্তৰে স্তৰে সংগঠিত হোৱা মানসিক প্ৰক্ৰিয়া য’ত বিভিন্ন ধৰণৰ মানসিক কাৰ্য অন্তৰ্ভুক্ত হৈ থাকে। চিন্তন প্ৰক্ৰিয়াত বিচাৰ, বিমূৰ্তকৰণ, বাধা, যুক্তি, কপ্লনাকৰণ, পুনঃস্মৰণ ইত্যাদি অন্তৰ্ভুক্ত হৈ থাকে। চিন্তন এক সংজ্ঞানমূলক প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াত আমি পৰিৱেশৰ বস্তু বা ঘটনাবোৰক বুজাব বাবে সংকেতৰ ব্যৱহাৰ কৰো। ই এক সৃষ্টিশীল প্ৰক্ৰিয়া য’ত আমি নতুন ধাৰণাৰ সৃষ্টি কৰো। চিন্তন সাধাৰণতে বিভিন্ন ধৰণৰ মানসিক প্ৰক্ৰিয়াসমূহৰ ওপৰত নিৰ্ভৰশীল– (ক) ধাৰণা (খ) মানসিক গাঁথনি বা মানসিক চিত্ৰকল্পসমূহ (গ) মানসিক প্ৰতিৰূপৰ কল্পনা।
ধাৰণাঃ আমি পৰিৱেশত যি দেখা পাওঁ বা অভিজ্ঞতা লাভ কৰো সেইবোৰৰ প্ৰয়োজনীয় বৈশিষ্ট্য বা চৰিত্ৰসমূহ সংক্ষিপ্ত সাৰ উলিয়াই আনিব পৰা সামৰ্থ্য আমাৰ আছে। উদাহৰস্বৰূপে যেতিয়া আমি এটা আপেল দেখো তাক আমি ‘ফল’ বুলি শ্ৰেণীভুক্ত কৰি লওঁ, যেতিয়া এটা ‘মকুৰী’ দেখা পাওঁ তাক আমি ‘জন্তু হিচাপে শ্ৰেণীভুক্ত কৰি লওঁ। এনেদৰে যেতিয়াই কোনো নতুন বস্তু দেখা পাওঁ তাক পূৰ্বৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰিবলৈ চেষ্টা কৰো আৰু সেই শ্ৰেণীৰ বস্তুৰ প্ৰতি আমি পূৰ্বতে যেনে আচৰণ দেখুৱাও তেনে আচৰণ দেখুৱাবলৈ চেষ্টা কৰো। যেতিয়া আমি ৰাস্তাত এটা কুকুৰ ডেকা পাওঁ তেতিয়া তাক আমি ‘জন্তু’ৰ শ্ৰেণীভুক্ত কৰি আন জন্তুক দেখুওৱা আচৰণ (এৰাই চলা) দেখুৱাও। যেতিয়া আমি এখন নতুন সামাজিক পৰিৱেশৰ মুখামুখি হওঁ তেতিয়া আমি অতীত অভিজ্ঞতাৰ ভিত্তিত ইয়াত শ্ৰেণীভুক্ত কৰি তেনেধৰণৰ আচৰণ দেখুৱাবলৈ চেষ্টা কৰো। এই প্ৰৱণতাটোক চিন্তনৰ এক উল্লেখযোগ্য দিশ বুলিব পাৰি।
ধাৰণাসমূহ মানসিক গঠনৰ ফল। মানসিকভাৱে শ্ৰেণীভুক্ত কৰা শ্ৰেণীসমূহক ধাৰণা বুলিব পাৰি ধাৰণাসমূহ চিন্তন প্ৰক্ৰিয়া গঢ়ি উঠাৰ বাবে ভেঁটি স্বৰূপ, এইবোৰে আমাক আহৰণ কৰা জ্ঞান, অভিজ্ঞতাক প্ৰণালীবদ্ধ ৰূপত সংগঠিত কৰিবলৈ সহায় কৰে।
ধাৰণাৰ বিষয়ে লোৱা শিক্ষাই মানসিক প্ৰক্ৰিয়া সাধাৰণীকৰণ আৰু পাৰ্থক্যকৰণৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰে। উদাহণস্বৰূপে এটি শিশুৱে যেতিয়া প্ৰথম অৱস্থাত ‘কুকুৰ’ৰ বিষয়ে ধাৰণা গঠন কৰে শিশুটিয়ে সকলো সৰু সৰু জন্তুক এই ধাৰণাৰ ভিতৰত সাঙুৰি লয়। অৰ্থাৎ, মেকুৰী, শহাপহু ইত্যাদি সকলোকে কুকুৰ’ৰ ধাৰণাৰ অন্তৰ্গত কৰি লয়। কিন্তু অভিভাৱকৰ বা পিতৃ-মাতৃৰ শুধৰণি আৰু শিক্ষণ প্ৰক্ৰিয়াৰ সহায়ত শিশুটোৱে বিভিন্ন বস্তুৰ মাজত থকা সূক্ষ্ম পাৰ্থক্যবোৰৰ বিষয়ে বুজিব পৰা হয় আৰু লাহে লাহে শুদ্ধভাৱে ধাৰণা গঠন কৰিবলৈ শিকে। এই প্ৰক্ৰিয়াৰ দ্বাৰা শিশুটিয়ে পোহনীয়া কুকুৰ, ৰাস্তাৰ কুকুৰ, কুকুৰৰ বিভিন্ন প্ৰজাতি, বিভিন্ন স্বভাৱৰ কুকুৰ ইত্যাদি বিষয়ে স্পষ্ট আৰু শুদ্ধ ধাৰণা গঠন কৰিব পৰা হয়।
মূৰ্ত আৰু বিমূৰ্ত দাহ্ৰণ এই দুই প্ৰকাৰৰ হ’ব পাৰে। মূৰ্ত ধাৰণা যেনে– এটা কুকুৰ, টেবুল, গছ ইত্যাদি আৰু বিমূৰ্ত ধাৰণা যেনে– ক্ষমতা, গণতন্ত্ৰ, ন্যায় আদি। শিশুৱে জীৱনত প্ৰথমতে মূৰ্ত ধাৰণা আৰু পিছত বিমূৰ্ত ধাৰণা গঠন কৰিবলৈ শিকে। প্ৰখ্যাত মনোবৈজ্ঞানিক পিঁয়াজে কৰা গৱেষণামূলক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে শিশুৱে প্ৰথমতে মূৰ্ত বস্তু ধাৰণা কৰে আৰু বয়স বাঢ়ি অহাৰ লগে লগে বিমূৰ্ত ধাৰণা গঠন কৰিবলৈ শিকে।
(২) চিন্তন প্ৰক্ৰিয়াৰ মূল উপাদানসমূহ কি কি?
উত্তৰঃ চিন্তন সাধাৰণতে বিভিন্ন ধৰণৰ মানসিক প্ৰক্ৰিয়াসমূহৰ ওপৰত নিৰ্ভৰশীল– (ক) ধাৰণা
(খ) মানসিক গাঁথনি বা মানসিক চিত্ৰকল্পসমূহ (গ) মানসিক প্ৰতিৰূপৰ কল্পনা।
(৩) সমস্যা সমাধান প্ৰক্ৰিয়াৰ স্তৰসমূহ ব্যাখ্যা কৰি উদাহৰণেৰে সৈতে বহলাই লিখা।
উত্তৰঃ সমস্যা বুলিলে এনে এটা পৰিস্থিতিক বুজায় যিটো পৰিস্থিতিয়ে সমাধান বিচাৰে। ইয়াৰ তিনিটা স্তৰ আছে।
(ক) প্ৰাথমিক স্তৰঃ এটি সমস্যা,
(খ) দ্বিতীয় স্তৰঃ কাৰ্য,
(গ) লক্ষ্যঃ সমাধান,
এটি বাস্তৱ সমস্যাৰ সহায়ত এই তিনিটা স্তৰৰ বিষয়ে বুজিবলৈ চেষ্টা কৰা হৈছে। ধৰি লোৱা হ’ল আমি আশা নকৰা ধৰণৰ তেলিফোনৰ বিল এখন পালো। বিলখন পোৱাটো আমাৰ প্ৰথম স্তৰ অৰ্থাৎ সমস্যাটো। আমাৰ উদ্দেশ্যটো হ’ল আমি আনৰ মাহেকীয়া আৰ্থিক বাজেটখন খেলিমেলি নকৰাকৈ বিলখন পৰিশোধ কৰিব লাগে। এই কামটো কৰিবৰ বাবে আমি বিভিন্ন সম্ভাব্য পথৰ চিন্তা কৰিব লাগিব। সম্ভাব্য সমাধানবোৰৰ ভিতৰত যিটো আটাইতকৈ কাৰ্যকৰী হ’ব তাক আমি গ্ৰহণ কৰিম।
উদাহণস্বৰূপে বেংকৰ পৰা জমা ধন উলিয়াই বিলখন পৰিশোধ কৰাটো আন কাৰোবাৰ পৰা ধন ধাৰে লোৱাতকৈ ভাল হ’ব। আটাইতকৈ বেছি গ্ৰহণযোগ্য সমাধনটো গ্ৰহণ কৰি সেই অনুৰূপ কাৰ্যপন্থা গ্ৰহণ কৰি সমস্যাৰ মুখামুখি স্তৰৰ পৰা সমাধান হোৱা স্তৰলৈ আমি আগুৱাই যাব পাৰো। সমস্যা কেতিয়াবা জটিল, কেতিয়াবা সহজ হ’ব পাৰে কিন্তু সমস্যাৰ মুখামুখি হোৱাৰ পৰা সমাধান হোৱালৈকে চিন্তন প্ৰক্ৰিয়াৰ স্তৰবোৰ একে থাকে। বেছি জটিল সমস্যাবোৰৰ বাবে বা দ্বিতীয় স্তৰৰ বাবে বেছি মানসিক কাৰ্যকৰিতা আৰু বেছি সময়ৰ প্ৰয়োজন হয়।
(৪) চিন্তন প্ৰক্ৰিয়াত ভাষাৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ ভাষা চিন্তাৰ বহন আৰু সকলো সামাজিক আদান-প্ৰদান আহিলা। ভাষাই আমাক মনৰ ইচ্ছা, অনুভূতি, ধাৰণা, বিশ্বাস ইত্যাদি সমাজৰ আন আন ব্যক্তিলৈ কঢ়িয়াই নিয়ে।
ভাষাই দৈনন্দিন জীৱনৰ ব্যৱহাৰ হোৱা বস্তুবোৰৰ বা অভিজ্ঞতাসমূহৰ বাহিৰেও আমাৰ বিমূৰ্ত ধাৰণাসমূহক (যেনে– গণতন্ত্ৰ, সৌন্দৰ্য ইত্যাদি) প্ৰকাশ কৰোতেও সহায় কৰে। ভাষাৰ জৰিয়তে আমি আমাৰ বিমূৰ্ত চিন্তাবোৰো প্ৰকাৰ কৰিব পাৰো।
আমাৰ বেছিভাগ চিন্ততেই শব্দ অন্তৰ্ভুক্ত হৈ থাকে। ভাষা আৰু চিন্তা ইটোৱে সিটোৰ লগত সম্বন্ধিত, এইটো এক সুপ্ৰতিষ্ঠিত ধাৰণা। মনোবিদ ৱাটচনৰ মতে চিন্তা এক ‘অন্তৰ্নিহিত কথা’। যদিহে চিন্তাৰ বাবে ভাষা অত্যাৱশ্যকীয় তেতিয়াহ’লে এটি প্ৰশ্নৰ উদয় হয় যে যিবোৰ মানুহৰ ভাষা নাই বা ভাষাৰ বিকাশ নোহোৱা সৰু সৰু শিশুৱে চিন্তা কেনেদৰে কৰে? ইয়াৰ সমৰ্থনত এইটো কোৱা হয় তেনেবোৰ মানুহে ভাবৰ আদান-প্ৰদান কৰিবলৈ ‘সাংকেতিক ভাষা’ ব্যৱহাৰ কৰে।
উদাহণস্বৰূপে বোধিৰ লোকসকলে চিন্তা কৰিবলৈ, আদান-প্ৰদান কৰিবলৈ সাংকেতিক ভাষাৰ ব্যৱহাৰ কৰে। সেইবাবে আমি ক’ব পাৰো যে ভাষা চিন্তা প্ৰক্ৰিয়াৰ অত্যাৱশ্যকীয় আহিলা। কিন্তু ভাষা নোহোৱাকৈ চিন্তা কৰিব নোৱাৰাটো সত্য নহয়।
ভাষাই চিন্তা কৰাৰ প্ৰক্ৰিয়াত সহায় কৰে আৰু একে সময়তে চিন্তাৰ বাহন হিচাবেও কাম কৰে। সেইবাবে আমি যি চিন্তা কৰো সেইবোৰ ভাষাৰ জৰিয়তে প্ৰকাশ কৰো।