ASOS Class 12 Psychology Chapter 7 স্মৃতি আৰু বিস্মৃতি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 7 স্মৃতি আৰু বিস্মৃতি and select needs one.
ASOS Class 12 Psychology Chapter 7 স্মৃতি আৰু বিস্মৃতি
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 7 স্মৃতি আৰু বিস্মৃতি These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
স্মৃতি আৰু বিস্মৃতি
Chapter : 7
7.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
শুদ্ধ বিকল্প উত্তৰটো বিচাৰি উলিওৱা:
(১) স্মৃতি_____ স্তৰেৰে গঠিত।
(ক) এটা।
(খ) দুটা ।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (গ) তিনিটা।
(২) চাক্ষুস-সংবেদনৰ অভিজ্ঞতা ইন্দিয়গ্ৰাহ্য অবিজ্ঞানৰ পৰিসৰত কিমান সময় থাকে?
(ক) প্ৰায় এক চেকেণ্ড।
(খ) কেইবা চেকেণ্ডৰ পৰা ১ মিনিটলৈ।
(গ) কেইবা মিনিট।
(ঘ) সাধাৰণতে এঘণ্টা বা তাতোকৈ অধিক।
উত্তৰঃ (খ) কেইবা চেকেণ্ডৰ পৰা ১ মিনিটলৈ।
(৩) স্মৃতি প্ৰক্ৰিয়াৰ আৰ্হি অনুসৰি তৎকালীনভাৱে লাভ কৰা ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতা তৎকালীন স্মৃতি হ’বলৈ হ’লে–
(ক) মনোযোগ দিব লাগিব।
(খ) সংৰক্ষিত হ’ব লাগিব।
(গ) বিস্তৃতভাৱে প্ৰক্ৰিয়াকৃত হ’ব লাগিব।
(ঘ) পুনঃস্মৰণ কৰিব লাগিব।
উত্তৰঃ (ক) মনোযোগ দিব লাগিব।
7.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা:
(১) সাধাৰণ পৰিস্থিতিত তৎকালীন স্মৃতিয়ে এটা সময়ত____ টা বিষয়বস্তু ধৰি ৰাখিব পাৰে।
(ক) প্ৰায় ২টা।
(খ) প্ৰায় ৭টা।
(গ) প্ৰায় ২৭টা।
(ঘ) প্ৰায় ১০০টা।
উত্তৰঃ (খ) প্ৰায় ৭টা।
(২) তলত দিয়া কোনটো স্বতন্ত্ৰ বিষয় হ্ৰস্বকালীন স্মৃতিৰ সংবাদ একক খণ্ড কৰাৰ বাবে কাম কৰিব?
(ক) 823384
(খ) CKNUH
(গ) I like you
(ঘ) Mohan, river, bag
উত্তৰঃ (গ) I like you.
(৩) ৰাধা আৰু নিছিয়ে একেলগে এটা পৰীক্ষাৰ বাবে অধ্যয়ন কৰি আছে। ৰাধাৰ অধ্যয়ন কৌশল হ’ল তাই বাৰে বাৰে পাঠ্যপুথিখন পঢ়িছে আৰু নিছিয়ে তাই পূৰ্বতে লাভ কৰা শিক্ষণ অভিজ্ঞতাৰ লগত সংযোজিত কৰিবলৈ চেষ্টা কৰি বিষয়বস্তুবোৰ বুজিবলৈ চেষ্টা কৰিছে। ফলাফল কি হ’ব পাৰে?
(ক) ৰাধাই বেছি কথা মনত ৰাখিব পাৰে।
(খ) ৰাধাই যি শিকিব সেয়া বহুত দিনলৈ মনত ৰাখিব পাৰিব।
(গ) নিছিৰ শিক্ষণ অভিজ্ঞতা খেলিমেলি হ’ব।
(ঘ) নিছিয়ে বেছি ভালদৰে মনত ৰাখিব পাৰে।
উত্তৰঃ (ঘ) নিছিয়ে বেছি ভালদৰে মনত ৰাখিব পাৰে।
(৪) তুমি পাঠ্যপুথিৰ পাঠ এটা পঢ়োতে কোনটো কৌশলে পুনঃস্মৰণ কাৰ্যত সহায় কৰে?
(ক) তুমি শিকা বিষয়বস্তুৰ ওপৰত নিজকে প্ৰশ্ন কৰা।
(খ) আনক প্ৰশ্ন শুধিবলৈ দিয়া।
(গ) বিষয়বস্তুৰ গভিৰলৈ যোৱাৰ আগতে প্ৰত্যেকটো শব্দ মনোযোগেৰে চোৱা।
(ঘ) বিষয়ৰ গভিৰলৈ নোহোৱাকৈ সহজভাৱে থকা।
উত্তৰঃ (ক) তুমি শিকা বিষয়বস্তুৰ ওপৰত নিজকে প্ৰশ্ন কৰা।
পাঠ্য সমাপ্তিৰ অনুশীলনৰ উত্তৰঃ
(১) মানুহৰ স্মৃতি প্ৰক্ৰিয়াৰ প্ৰধান ভগসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ স্মৃতি এটি জটিল মানসিক শক্তি। ইয়াক বিশ্লেষণ কৰিলে ইয়াৰ ভিতৰত কেইটামান মানসিক প্ৰক্ৰিয়া সোমাই থকা দেখা যায়। যেনে–
(১) পঞ্জীয়ন বা শিক্ষণ।
(২) সংৰক্ষণ।
(৩) পুনঃস্মৰণ।
(৪) প্ৰত্যভিজ্ঞা।
(৫) স্থান কাল নিৰ্দেশ।
(৬) ব্যক্তিৰ অভিন্নতা।
(১) পঞ্জীয়ন: কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটি বিষয় নিশিকাকৈ সেই অভিজ্ঞতা পিছত মনত পেলোৱাটো অসম্ভৱ। কিয়নো কোনো কথা পিছত স্মৰণ কৰিবলৈ হ’লে সেই কথা আমি প্ৰথমতে শিকি মনৰ মাজত তাক মুদ্ৰিত কৰি ৰাখিব লাগিব। উদাৰণস্বৰূপে এজন মানুহৰ কথা মনত পেলাবলৈ হ’লে সেই মানুহজনক কেতিয়া বা দেখিব লাগিব নহয় তেওঁৰ বিষয়ে শুনিব লাগিব। অন্যথাই তেওঁৰ কথা মনত পেলোৱা সম্ভৱ নহয়।
(২) সংৰক্ষণ বা ধাৰণা: স্মৃতিৰ আন এটা ক্ৰিয়া সংৰক্ষণ। আমি জীৱনত বিভিন্ন বিষয়ত শিক্ষা লাভ কৰিয়েই ক্ষান্ত নাথাকো। সেই অভিজ্ঞতা আৰু শিক্ষাক মনৰ মাজত সযতনে সংৰক্ষণ কৰি ৰাখোঁ। বৰ্তমানৰ পোৱা অভিজ্ঞতাক সংৰক্ষণ নকৰিলে ভৱিষ্যত আমি তাক মনত পেলোৱাটো সম্ভৱপৰ নহয়। এই সংৰক্ষণ কাৰ্যটি কেইটিমান কাৰণৰ ওপৰত নিৰ্ভৰশীল। যেনে- অভিজ্ঞতাৰ প্ৰভাৱেও সংৰক্ষণত সহায় কৰে।
(৩) পুনঃস্মৰণ: এসময়ত শিকা কোনো এটা কথা মাথো মস্তিস্কই সংৰক্ষণ কৰাৰ পাছত তাক স্মৰণ কৰাটোকে পুনঃস্মৰণ বা পুনৰুদ্ৰেক বোলা হয়।
(৪) প্রত্যভিজ্ঞা: অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণ কাৰ্য সম্পূৰ্ণ হ’ল বুলি ধৰিব নোৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতি ৰূপবিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ’ল প্রত্যভিজ্ঞা। এই কাৰ্য স্মৰণ কাৰ্যতকৈ সহজ আৰু চমু। কিন্তু প্রত্যভিজ্ঞা নাথাকিলে স্মৃতি সঠিক আৰু নিৰ্ভুল হয়।
(৫) স্থান-কাল নিৰ্দেশ: নিৰ্ভুল স্মৃতিয়ে পূৰ্বৰ ঘটনাৰ পুনৰুদ্ৰেক কৰাৰ সময়ত স্থান আৰু কালৰ জ্ঞানদান কৰে। কাৰণ কোনো ঘটনা স্মৰণ কৰাৰ সময়ত যদি তাৰ স্থান আৰু সময় সম্পৰ্কে আমি নিশ্চিত হ’ব নোৱাৰো তেনে স্মৃতি কামত নেলাগে।
(৬) ব্যক্তিত্বৰ অভিন্নতা: পূৰ্বৰ অভিজ্ঞতা স্মৰণ কৰাৰ ক্ষেত্ৰত ব্যক্তিত্বৰ অভিন্নতা বিশেষভাৱে প্ৰয়োজন।
(২) তৎকালীন স্মৃতিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ তৎকালীন স্মৃতি (STM)ত অভিজ্ঞতা আহৰণ আৰু তাৰ পুনঃস্মৰণৰ মাজত খুব কম সময়ৰ ব্যৱধান থাকে। অৰ্থাৎ কোনো কথা কাণেৰে শুনা বা চকুৰে দেখাৰ লগে লগে তাক পুনৰুদ্ৰেক কৰিব পৰা ক্ষমতাকে তৎকালীন স্মৃতি বুলি কোৱা হয়। তৎকালীন স্মৃতি (STM)-ৰ তথ্য ধাৰণা কৰাৰ সামৰ্থ্য একেবাৰে কম আৰু এই তথ্যসমূহ অতি কম সময়ৰ বাবেহে মনত থাকে। STM বা তৎকালীন স্মৃতিৰ তথ্যবোৰ সৰু সৰু আৰু তুলনামূলকভাৱে সংগঠিত। STM বা তৎকালীন স্মৃতিৰ ক্ষেত্ৰত বিস্মৃতি সহজে ঘটে। নতুন অভিজ্ঞতা বা তথ্য আহৰণৰ লগে লগে পুৰণি তথ্যৰ মনৰ পৰা হেৰাই যায়।
(৩) বিস্মৃতিৰ কাৰণবোৰ উল্লেখ কৰা।
উত্তৰঃ অতীত অভিজ্ঞতাৰ স্মৰণ আৰু প্ৰত্যভিজ্ঞাৰ ক্ষেত্ৰত দেখা দিয়া ব্যৰ্থতাই হৈছে বিস্মৃতি বা পাহৰণি। শিক্ষাৰ পাছত সচৰাচৰ এই মানসিক অভিজ্ঞতা লাভ কৰা হয়। এই বিস্মৃতি কোনো সময়ত হয় অল্পকালীন, কোনো সময়ত দীৰ্ঘকালীন, কোনো সময়ত প্ৰত্যাশিত আৰু কোনো সময়ত হয় অপ্ৰত্যাশিত। সেইবাবে শিক্ষা অভিজ্ঞতা স্থায়ী বা অস্থায়ী ইয়াৰ ইচ্ছাকৃত বা অনিচ্ছাকৃতভৱে চেতন মনৰ পৰা বুলিপ্ত হোৱাকৈ বিস্মৃতি বোলা হয়। স্মৃতি এক জটিল মানসিক প্ৰক্ৰিয়া বাবে যি কোনো ধৰণৰ যান্ত্ৰিক প্ৰক্ৰিয়াৰ সৈতে (যেনে- টেপ ৰেকৰ্ডাৰ, কম্পিউটাৰ) তুলনা কৰি ব্যাখ্যা কৰিব নোৱাৰি, এই স্মৃতি প্ৰক্ৰিয়াত আহৰণ কৰা জ্ঞান বা তথ্যসমূহ অবিকল ৰূপেই নহয় তাৰ সংশোধিত আৰু পৰিবৰ্ধিত ৰূপো সংৰক্ষিত হয়।
আমি কেতিয়াবা Amnesia বা মস্তিস্কৰ আঘাতৰ ফলত স্মৃতি হেৰুৱাব পাৰো। কিন্তু মানুহে কিছুমান স্বাভাৱিক কাৰণতো পাহৰণিৰ কবলত পৰে। পুনঃস্মৰণ স্মৃতি আৰু বিস্মৃতি দুয়োটাই মানুহৰ মানসিক জীৱনৰ স্বাভাৱিক প্ৰক্ৰিয়া চি আমাৰ দৈনন্দিন জীৱনত ঘটি থকা ঘটনা বা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে।
স্মৃতি প্ৰক্ৰিয়াক ভালদৰে বুজিবলৈ আৰু ইয়াক অধিক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ বিস্মৃতিৰ কাৰণসমূহ জনাটো প্ৰয়োজনীয়। তলত সংৰক্ষণ ক্ষমতাত বা স্মৃতি প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা কিছুমান উপাদানৰ বিষয়ে আলোচনা কৰা হ’ল।
(ক) যেনেদৰে ছবি এখনৰ ৰঙবোৰ সূৰ্যৰ পোহৰত স্মৃতি চাপৰসমূহৰ ক্ষয়: লাহে লাহে পাতলীয়া হয়, ঠিক তেনেদৰে সময়ৰ লগে লগে বহুতো ঘটনাৰ স্মৃতি আনৰ মনৰ পৰা লাহে লাহে স্পষ্ট হৈ যায় আৰু এইটো স্বাভাৱিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো বহুতো মনোবৈজ্ঞানিকে বিস্মৃতিৰ এক স্বাভাৱিক কাৰণ বুলি উল্লেখ কৰিছে। কিন্তু এইটো দেখা যায় যে মানুহে বৃদ্ধকালতো নিজৰ বাল্য অৱস্থাত ঘটা ঘটনাবোৰ বিশেষ কষ্ট নোহোৱাকৈ মনত পেলাব পাৰে সেইবাবে সময়ৰ ব্যৱধানক বিস্মৃতিৰ সাধাৰণ কাৰণ বুলি মানি ল’ব নোৱাৰি অৱশ্যে সংবেদনাত্মক স্মৃতিৰ ক্ষেত্ৰত সময়ৰ ব্যৱধানৰ বাবে হোৱা স্মৃতি চাপৰ অস্পষ্টতা এক উল্লেখযোগ্য কাৰণ বুলি ক’ব পাৰি, বিশেষকৈ STM হ্ৰস্বকালীন স্মৃতিৰ ক্ষেত্ৰত য’ত পুনৰ আলোচনাৰ সুবিধা নাথাকে।
(খ) হস্তক্ষেপ বা প্ৰতিৰোধ: আমি যিয়ে নিশিকো কিয় প্ৰত্যেকটো অভিজ্ঞতা আহৰণ আৰু এক বিশেষ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। আমি শিক্ষা আহৰণ কৰি আৰু আহৰণ কৰা শিক্ষা পৰিমাণ পূৰ্ব অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ অভিজ্ঞতাবোৰ সাধাৰণতে এটা আনটোৰ লগত সম্পৰ্কিত আৰু ইটো অভিজ্ঞতাই আনটোক প্ৰভাৱান্বিত কৰে। যেতিয়া এনে ধৰণৰ অভিজ্ঞতাবোৰ আমাৰ বাবে প্ৰতিকূল হয় তেতিয়া ইয়াক আমি হস্তক্ষেপকাৰী বা প্ৰতিৰোধৰ অভিজ্ঞতা বুলি কওঁ। যেতিয়া পূৰ্বতে শিকা শিক্ষণ অভিজ্ঞতাই নতুনকৈ শিকা বিষয়ৰ শিক্ষা আহৰণত বাধাৰ সৃষ্টি কৰে সেই প্ৰক্ৰিয়াটোক পূৰ্বমূখী প্ৰতিৰোধ আৰু যেতিয়া পূৰ্বৰ শিক্ষণে নতুন বিষয়ৰ শিক্ষা আহৰণত বাধাৰ সৃষ্টি কৰে, সেই প্ৰক্ৰিয়াটোক পশ্চাদমুখী প্ৰতিৰোধ বুলি কোৱা হয়।
(গ) অভিৰোচন: প্ৰখ্যাত মনোবিজ্ঞানী ছিগমাণ্ড ফ্ৰয়েৰমতে অপ্ৰিয় অভিজ্ঞতা বিস্মৃতিৰএক কাৰণ হ’ব পাৰে। আমি অপ্ৰিয় অভিজ্ঞতা মনত পেলাব নিবিচাৰো বাবে তেনেবোৰ অভিজ্ঞতা পাহৰি যাওঁ। অপ্ৰিয় অভিজ্ঞতাক আমি সচেতন। মনলৈ আনিব নিবিচাৰো আৰু ইচ্ছাকৃতভাৱে অচেতন মনলৈ ঠেলি দিও। প্ৰয়েদ এই প্ৰক্ৰিয়াটোক অৱদমন বুলি কৈছে।।সাধাৰণ অভিজ্ঞতাৰ পৰা আমি ক’ব পাৰো যে বেয়া লগা অভিজ্ঞতাবোৰতকৈ ভাল লগা অভিজ্ঞতাবোৰ আমি বেছিকৈ মনত পেলাও বা সম্পূৰ্ণ হোৱা কমতকৈ অসম্পূৰ্ণ কামবোৰ আমাৰ মনলৈ বেছিকৈ আহে। এই মানসিক প্ৰক্ৰিয়াটোক Zeigrnik effect বুলি জনা যায়। মানুহৰ জীৱনৰ মনৰ অৱস্থাৰ ভূমিকালৈ লক্ষ্য কৰিলে ক’ব পাৰি যে আমাৰ জীৱনত প্ৰভাৱান্বিত কৰা দিশবোৰ স্মৃতিশক্তি গঠনত এক উল্লেযোগ্য ভূমিকা গ্ৰহণ কৰে।
(ঘ) পুনঃস্মৰণ অক্ষমতা: সাধাৰণতে দেখা যায় যে বহুক্ষেত্ৰত বিস্মৃতি বিশেষকৈ দীৰ্ঘকালীন স্মৃতিৰ ক্ষেত্ৰত হোৱা বিস্মৃতিৰ এক মূল কাৰণ হ’ল পুনঃস্মৰণৰ সময়ত উপযুক্ত ইঙ্গিতৰ অভাৱ বা অনুপস্থিতি। অভিজ্ঞতা আহৰণৰ সময় বা পৰিস্থিতি আৰু পুনঃস্মৰণ সময় বা পৰিস্থিতিৰ আৰু শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক অৱস্থাৰ মাজত হোৱা পৰিৱৰ্তনসমূহৰ বাবেও সাধাৰণতে পুনঃস্মৰণ আৰু স্মৃতিৰ পৰিমাণৰ পাৰ্থক্য ঘটে। সেইবাবে পৰীক্ষাৰৰ সময়ত কেতিয়াবা আমাৰ মনটো শূন্য বা একো মনত নপৰা হৈ যায় যাক আমি ‘blank out’ বুলি কওঁ।
(৪) কিছুমান সাংকেতিক কৌশল ব্যৱহাৰ কৰি তোমাৰ অভিজ্ঞতাৰ বিষয়ে লিখা।
উত্তৰঃ যেতিয়া আমি অৰ্থহীন বিষয়বস্তুৰ কথা মনত ৰাখিবলগীয়া হয় তেতিয়া মনত ৰখাৰ সুবিধাৰ বাবে আমি অৰ্থপূৰ্ণভাৱে পুনৰ সংগঠিত বা সংযোজিত কৰি ল’ব পাৰো। পুনৰ সংগঠন বিভিন্ন ধৰণে হ’ব পাৰে। উদাহৰস্বৰূপে মনত ৰখাৰ সুবিধাৰ বাবে এটা বাক্যৰ প্ৰতিটো শব্দৰ প্ৰতম আখৰটো মিলাই এটা সংক্ষিপ্ত শব্দ বনাই ল’ব পাৰি যিয়ে সেই দীঘলীয়া বাক্যটো মনত পেলাওঁতে সূত্ৰ হিচাবেকাম কৰিব। যেনে– U.N.O, T.V.C.B.L., W.H.O. ইত্যাদি। কোনো বিষয়বস্তুৰ ব্যাখ্যা কৰোতে অতিৰিক্ত তথ্য, চিহ্ন, চিত্ৰ ইত্যাদি সংযোজন কৰি গলে বিষয়বস্তুৰ পুনঃস্মৰণ স্পষ্ট আৰু সুনিৰ্দিষ্ট হৈ পৰিব। খণ্ড কৰি লোৱা পুনৰ সংগঠনৰ এক সুন্দৰ উদাহৰণ। দীঘলীয়া সংখ্যাটো মনত ৰখাটো উজু কৰিবলৈ আমি নিজস্ব সৃষ্টিশীল কৌশল খটাই ভাগ ভাগ কৰি ল’ব পাৰি। বিৱৰণমূলক বিষয়বস্তুৰ পুনৰ সংগঠন কৰিবলৈ আইম একোটা গল্পত বহুতো চৰিত্ৰ বা বিষয়বস্তু সংযোজন ঘটাই নতুনকৈ তৈয়াৰ কৰি ল’ব পাৰো।