ASOS Class 12 Psychology Chapter 6 শিক্ষণ প্ৰক্ৰিয়া আয়ত্তকৰণ

ASOS Class 12 Psychology Chapter 6 শিক্ষণ প্ৰক্ৰিয়া আয়ত্তকৰণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 6 শিক্ষণ প্ৰক্ৰিয়া আয়ত্তকৰণ and select needs one.

ASOS Class 12 Psychology Chapter 6 শিক্ষণ প্ৰক্ৰিয়া আয়ত্তকৰণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 6 শিক্ষণ প্ৰক্ৰিয়া আয়ত্তকৰণ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

শিক্ষণ প্ৰক্ৰিয়া আয়ত্তকৰণ

Chapter : 6

6.1. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) খালি ঠাই পূৰণ কৰা:

শিক্ষণ হ’ল____ আৰু______ ফলত______ হোৱা পৰিৱৰ্তন।

উত্তৰঃ শিক্ষণ হ’ল আপেক্ষিক স্থায়ী আচৰণ, অনুশীলন আৰু অভিজ্ঞতাৰ হোৱা পৰিৱৰ্তন।

(২) তলত উল্লেখ কৰা শিক্ষণৰ বৈশিষ্ট্যসমূহ শুদ্ধ নে অশুদ্ধ লিখা।

(ক) শিক্ষণ অবিৰত প্ৰক্ৰিয়া নহয়। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(খ) শিক্ষণে পাৰদৰ্শিতাৰ উন্নতি সাধন কৰে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(গ) শিক্ষণ এক ক্ৰমান্বয়ে হোৱা প্ৰক্ৰিয়া। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(ঘ) পৰিপক্কতা আৰু ক্লান্তিৰ ফলত হোৱা আচৰণৰ পৰিৱৰ্তন শিক্ষণ বোলে। (শুদ্ধ/অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

6.2. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

খালি ঠাই পূৰণ কৰা:

(ক) পৰিপক্কতা শিক্ষণৰ_____ সৃষ্টি কৰে।

উত্তৰঃ পৰিপক্কতা শিক্ষণৰ প্ৰস্তুতি সৃষ্টি কৰে।

(খ) পৰিপক্কতা নোহোৱাকৈ_____ হ’ব নোৱাৰে।

উত্তৰঃ পৰিপক্কতা নোহোৱাকৈ শিক্ষণ হ’ব নোৱাৰে।

(গ) শিক্ষণ হ’বলৈ______ আৰু অভিজ্ঞতাৰ প্ৰয়োজন।

উত্তৰঃ শিক্ষণ হ’বলৈ অনুশীলন আৰু অভিজ্ঞতাৰ প্ৰয়োজন।

(ঘ) জ্ঞানেন্দ্ৰিয়ৰ পেশী বা গ্ৰন্থিৰ____ ফলস্বৰূপে____ আৰু_____ প্ৰতিক্ৰিয়া হ’ল প্ৰতিৱৰ্তী ক্ৰিয়া।

উত্তৰঃ জ্ঞানেন্দ্ৰিয়ৰ পেশী বা গ্ৰন্থিৰ পৰিপক্কতাৰ ফলস্বৰূপে শিক্ষণ আৰু প্ৰতিক্ৰিয়া হ’ল প্ৰতিৱৰ্তী ক্ৰিয়া। 

6.3. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) তলত দিয়াবোৰ সজাই লিখা:

(ক)(খ)
(১) পৰম্পৰাগত অনুবন্ধন।(১) বি. এফ. স্কিনাৰ।
(২) কৰ্যকাৰক অনুবন্ধন।(২) আইভান পেভলভ্।
(৩) পেশী সঞ্চালন শিক্ষণ।(৩) শব্দ, বাক্যৰ সহায়ত ধাৰণা গঠন।
(৪) কথোপকথন শিক্ষণ।(৪) সামাজিকভাৱে গ্ৰহণযোগ্য আচৰণ গঠন।
(৫) ধাৰণা গঠনৰ শিক্ষণ।(৫) পেশী সঞ্চালন।
(৬) সামাজিক শিক্ষণ।(৬) একে ধৰণৰ বৈশিষ্ট্য অনুযায়ী বস্তুৰ শ্ৰেণী বিভাজন।

উত্তৰঃ 

(ক)(খ)
(১) পৰম্পৰাগত অনুবন্ধন।(২) আইভান পেভলভ্।
(২) কৰ্যকাৰক অনুবন্ধন।(১) বি. এফ. স্কিনাৰ।
(৩) পেশী সঞ্চালন শিক্ষণ।(৫) পেশী সঞ্চালন।
(৪) কথোপকথন শিক্ষণ।(৩) শব্দ, বাক্যৰ সহায়ত ধাৰণা গঠন।
(৫) ধাৰণা গঠনৰ শিক্ষণ।(৬) একে ধৰণৰ বৈশিষ্ট্য অনুযায়ী বস্তুৰ শ্ৰেণী বিভাজন।
(৬) সামাজিক শিক্ষণ।(৪) সামাজিকভাৱে গ্ৰহণযোগ্য আচৰণ গঠন।

6.4. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) খালি ঠাই পূৰণ কৰা:

(ক) শিক্ষণৰ বক্ৰৰেখাই কেনেদৰে সময়ে সময়ে_____ সময়ত শিক্ষণৰ_____ ৰ পৰিৱৰ্তন হয় তাক দেখুৱায়।

উত্তৰঃ শিক্ষণৰ বক্ৰৰেখাই কেনেদৰে সময়ে সময়ে পাৰদৰ্শিতা সময়ত শিক্ষণৰ শিক্ষণৰ  ৰ পৰিৱৰ্তন হয় তাক দেখুৱায়।

(খ) শিক্ষণৰ বক্ৰৰেখাই হ’ল____ যাক_____ আৰু_____ দেখুৱাবলৈ অঙ্কন কৰা হয়।

উত্তৰঃ শিক্ষণৰ বক্ৰৰেখাই হ’ল লেখাচিত্ৰ যাক অনুশীলী আৰু শিক্ষণৰ আহৰণৰ পৰিমাণ দেখুৱাবলৈ অঙ্কন কৰা হয়।

(২) তলত দিয়া বাক্যবোৰৰ সত্যাসত্য নিৰ্ণয় কৰাঃ

(ক) শিক্ষণ ৰেখাৰ X-অক্ষৰেখাত প্ৰচেষ্টাৰ পৰিমাণৰ একক উপস্থাপন কৰা হয়। (সত্য/অসত্য)

উত্তৰঃ সত্য।

(খ) অনুশীলনৰ বাবে শিক্ষণৰ গতিৰ পৰিমাণৰ পৰিৱৰ্তন হয়। (সত্য/অসত্য)

উত্তৰঃ সত্য।

(গ) কোনো কাৰ্যৰ পাৰদৰ্শিতাই শিক্ষণক নুবুজায়। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

6.5. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) শিক্ষণক প্ৰভাৱ পেলোৱা কাৰকসমূহ:

উত্তৰঃ (ক) পূৰ্বানুমান বা ফলাফলৰ জ্ঞান।

(খ) অনুশীলনৰ বিতৰণ

(গ) অৰ্থপূৰ্ণতা

(ঘ) অভিৰোচন

(২) তলত দীয়াবোৰ মিলাই লিখা:

(ক)(খ)
(ক) পূৰ্বানুবৃত্তি।(১) অনুশীলনৰ সময়ৰ দীৰ্ঘত্ব।
(খ) অনুশীলনৰ পৰিমাণ নিৰ্ধাৰণ।(২) শিক্ষণীয় বিষয়বস্তুৰ দীৰ্ঘতা।
(গ) সামগ্ৰিক আৰু খণ্ড পদ্ধতিৰ শিক্ষণ।(৩) ফলাফলৰ জ্ঞান।
(ঘ) শিক্ষণীয় বিষয়ৰ অৰ্থপূৰ্ণতা।(৪) দ্ৰুত আৰু সু-শিক্ষণ।

উত্তৰঃ 

(ক)(খ)
(ক) পূৰ্বানুবৃত্তি।(৩) ফলাফলৰ জ্ঞান।
(খ) অনুশীলনৰ পৰিমাণ নিৰ্ধাৰণ।(১) অনুশীলনৰ সময়ৰ দীৰ্ঘত্ব।
(গ) সামগ্ৰিক আৰু খণ্ড পদ্ধতিৰ শিক্ষণ।(২) শিক্ষণীয় বিষয়বস্তুৰ দীৰ্ঘতা।
(ঘ) শিক্ষণীয় বিষয়ৰ অৰ্থপূৰ্ণতা।(৪) দ্ৰুত আৰু সু-শিক্ষণ।

(৩) তলত দিয়া বাক্যবোৰৰ বাবে সঁচা/মিছা লিখা।

(ক) যদিহে এজন ব্যক্তিৰ শিকিবলৈ আগ্ৰহী হয় তেতিয়াহ’লে শিক্ষণ কাৰ্য দীঘলীয়া হয়। সঁচা/মিছা

উত্তৰঃ মিছা।

(খ) অভিৰোচনে এজন ব্যক্তিৰ শিক্ষণক সু-শিক্ষণ কৰি তোলে। সঁচা/মিছা

উত্তৰঃ সঁচা।

(গ) শিক্ষণ কাৰ্যত পুৰস্কাৰ আৰু শাস্তিৰ আৱশ্যকতা নাই। সঁচা/মিছা

উত্তৰঃ সঁচা।

(ঘ) প্ৰাথমিক অনুপ্ৰেৰণাবোৰ শিক্ষা। সঁচা/মিছা

উত্তৰঃ মিছা।

(ঙ) শাস্তি এবিধ সু-অনুপ্ৰেৰক। সঁচা/মিছা

উত্তৰঃ মিছা।

(চ) শাস্তি আৰু পুৰস্কাৰ অনুবন্ধন কাৰ্যত ব্যৱহাৰ হয়। সঁচা/মিছা

উত্তৰঃ সঁচা।

6.6. পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) শিক্ষণৰ স্থানান্তৰ বুলিলে কি বুজা?

উত্তৰঃ শিক্ষণৰ স্থানান্তৰণ বুলিলে পূৰ্বৰ শিক্ষণ অভিজ্ঞতাই আন এটা বিষয়ৰ শিক্ষা আহৰণ প্ৰভাৱান্বিত কৰা প্ৰক্ৰিয়াক বুজায়।

(২) ধনাত্মক, ঋণাত্মক আৰু শূন্য স্থানান্তৰৰ একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ (ক) ছবি আঁকিবলৈ শিকা কাৰ্যই (লিখা কাৰ্যক) লিখিবলৈ শিকা কাৰ্যক সহায় কৰে- ইতিবাচক বা ধনাত্মক স্থানান্তৰ।

(খ) বাওঁফালে চালকৰ আসন থকা গাড়ী চলাবলৈ শিকা কাৰ্যই সোঁফালে চালকৰ অসম থকা গাড়ী চলাবলৈ শিকোতে বাধাৰ সৃষ্টি কৰে– নেতিবাচক বা ঋণাত্মক স্থানান্তৰ।

(গ) ফুটবল খেলিবলৈ শিকাৰ অভিজ্ঞতাই ৰচনা লিখিবলৈ শিকা কাৰ্যত কোনো প্ৰভাৱ নেপেলায়– শূন্য স্থানান্তৰ।

পাঠ্য সমাপ্তিৰ অনুশীলনৰ উত্তৰঃ‍

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া:

(১) শিক্ষণ প্ৰক্ৰিয়াত কেনেদৰে হয়?

উত্তৰঃ এটি শিশুৱে জুইয়ে পোৰৰ অভিজ্ঞতা পোৱাৰ পিছত জুই বা জ্বলি বস্তুক ভয় কৰিলে আমি ক’ব পাৰো যে শিশুটোৱে অভিজ্ঞতাৰ পৰা শিক্ষা লাভ কৰিছে। শিক্ষণ হৈছে এনে এটি প্ৰক্ৰিয়া যাৰ জৰিয়তে আচৰণত বিশেষ কিছুমান পৰিৱৰ্তন বা সংশোধন সংঘটিত হয়। ‘আচৰণ’ শব্দটোৱে যাৰ জৰিয়তে আচৰণত বিশেষ কিছুমান পৰিৱৰ্তনত বা সংশোধন এক সংযোজিত কাৰ্যক বুজায়।

শিক্ষণৰ সংজ্ঞা দিবলৈ হ’লে ক’ব পাৰে যে শিক্ষণ হৈছে এনে এটি প্ৰক্ৰিয়া যাৰ দ্বাৰা অভিজ্ঞতা আৰু প্ৰচেষ্টাৰ ফলস্বৰূপে স্থায়ী বা অস্থায়ীভাৱে যিকোনো ধৰণৰ আচৰণত পৰিৱৰ্তন সাধন হয়। এইখন হৈছে অভিজ্ঞতা বা অনুশীলনৰ দ্বাৰা স্থায়ী বা অস্থায়ীভাৱে হোৱা আচৰণৰ সলনি হোৱা কাৰ্য প্ৰক্ৰিয়া। এই সংজ্ঞাটিৰ তিনিটা গুৰুত্বপূৰ্ণ উপাদান আছে।

(ক) শিক্ষণে আচৰণৰ ভাল বা বেয়া দুয়ো দিশ পৰিবৰ্তনক বুজায়।

(খ) শিক্ষণে অভিজ্ঞতা বা অনুশীলনৰ ফলত হোৱা পৰিৱৰ্তনক সূচায়।

সেয়েহে শিক্ষণে পাৰদৰ্শিতাৰে উন্নতি সাধনত সহায় কৰে। শিক্ষণে স্বাভাৱিককতে, পৰিপক্কতা, ক্লান্তি, আঘাত ইত্যাদিৰ ফলত আচৰণত হোৱা পৰিৱৰ্তনক সাঙুলি লয়।

(গ) আচৰণৰ পৰিৱৰ্তন শিক্ষা হ’বলৈ হ’লে এই পৰিৱৰ্তনে ব্যক্তিৰ আচৰণত এক স্থায়ী পৰিৱৰ্তন সংগঠিত কৰিব পাৰিব লাগিব। উদাহণস্বৰূপে এজন ব্যক্তিয়ে যদি চাইকেল চলাবলৈ শিকে তেতিয়াহ’লে তেওঁ তাক কেতিয়াও সম্পূৰ্ণৰূপে পাহৰি নাযায়।

(৩) পাৰ্থক্য লিখা:

(১) শিক্ষণ আৰু পৰিপক্কতা

উত্তৰঃ শিক্ষণ নিৰ্দিষ্ট উদ্দীপকৰ দ্বাৰা সুচিন্তিত বা সুপৰিকল্পিতভাৱে দেখুওৱা প্ৰতিক্ৰিয়া। শিক্ষণক সেয়েহে, পৰিপক্কতা, প্রতিৱৰ্ত ক্ৰিয়া, প্ৰবৃত্তিগত ক্ৰিয়া ইত্যাদিৰ পৰা পৃথক ক্ৰিয়া হিচাপে ধৰাটো প্ৰয়োজনীয়।

যেতিয়ালৈকে এটি শিশুৰ ভিতৰত শিশুটিৰ দেহৰ ওজন কঢ়িয়াব পৰাকৈ পেশীসমূহ শক্তিশালী নহয়, তেতিয়ালৈকে শিশুটিয়ে খোজ কাঢ়িবলৈ শিকিব নোৱাৰে। ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে শাৰীৰিক বা মানসিক পৰিপক্কতাই শিক্ষণ কাৰ্যৰ বাবে প্ৰস্তুতি আমি দিয়ে।

শিক্ষণ আৰু পৰিপক্কতা দুয়োটাৰ ফলত আচৰণৰ পৰিৱৰ্তন সাধন হয়। কেতিয়াবা আচৰণৰ পৰিৱৰ্তনত কোনটোৰ প্ৰভাৱ অধিক তাক নিৰ্ধাৰণ কৰাটো জটিল হৈ পৰে। পৰিপক্কতাক স্বাভাৱিকভাৱে বয়স বঢ়াৰ লগে লগে স্নায়ুতন্ত্ৰ আৰু পেশীয় বিকাশ প্ৰক্ৰিয়া ফলত হোৱা বিকাশ আৰু উন্নতি বুলি ক’ব পাৰি, আনহাতে শিক্ষণ হ’ল সুপৰিকল্পিতভাৱে উদ্দীপিত পৰিস্থিতিৰ ফল। কৃতৰগোলত যুৱ আচৰণৰ পৰিৱৰ্তনসমূহে শিক্ষণক নুবুজায়। 

উদাৰণস্বৰূপে, চৰাইয়ে বাঁহ সজাটো (বা সাজিবলৈ জনাটো) প্ৰবৃত্তিজনিত আচৰণ। প্ৰত্যেক জীৱ-জন্তুৱে জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা প্ৰবৃত্তিজনিত আচৰণ জন্মগতভাৱে থাকে। প্ৰতিৱৰ্তি ক্ৰিয়া জীৱৰ জ্ঞানেন্দ্ৰীয়ৰ পেশী বা গ্ৰন্থিসমূহৰ উদ্দীপনাৰ ফলস্বৰূপে হোৱা প্ৰত্যক্ষ, স্বয়ংক্ৰিয়  আৰু তাৎক্ষণিক ক্ৰিয়া। উদাহণস্বৰূপে ব্যক্তিৰ চকুৰ সন্মুখত হঠাতে কোনো বস্তুৰ লৰচৰৰ ফলত চকু পিৰিকিওৱা কাৰ্য। এনে ধৰণৰ কাৰ্য ক্ষমতা জীৱই জন্মগতভাৱে পায় এইবোৰ শিক্ষণ বা অনুশীলনৰ দ্বাৰা আহৰণ কৰা ক্ষমতা নহয়। অৱশ্যে প্ৰবৃত্তিজনিত আচৰণক শিক্ষণৰ দ্বাৰা সংশোধন কৰিব পাৰি।

(২) শিক্ষণ, প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তি

উত্তৰঃ শিক্ষণ বা পৰিপক্কতা দুয়োটাৰ দলত আচৰণৰ পৰিৱৰ্তন সাধন হয়। কেতিয়াবা আচৰণৰ পৰিৱৰ্তনত কোনটোৰ প্ৰভাৱ অধিক তাক নিৰ্ধাৰণ কৰাটো জটিল হৈ পৰে। পৰিপক্কতাক স্বাভাৱিকভাৱে বয়স বঢ়াৰ লগে লগে স্নায়ুতন্ত্ৰ আৰু পেশীয় বিকাশ প্ৰক্ৰিয়াৰ ফলত হোৱা বিকাশ আৰু উন্নতি বুলি ক’ব পাৰি, আনহাতে শিক্ষণ হ’ল সুপৰিকল্পিতভাৱে উদ্দীপিত পৰিস্থিতিৰ ফল। ক্ৰিয়াৰ ফলত হোৱা আচৰণৰ পৰিৱৰ্তনসমূহে শিক্ষণক নুবুজায়। 

উদাৰণস্বৰূপে চৰাইয়ে বাঁহ সজাটো (বা সাজিবলৈ জনাটো) প্ৰবৃত্তিজনিত আচৰণ। প্ৰত্যেক জীৱ-জন্তুৱে জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা প্ৰবৃত্তিজনিত আচৰণ জন্মগতভাৱে থাকে। প্ৰতিৱৰ্তি ক্ৰিয়া জীৱৰ জ্ঞানেন্দ্ৰীয়ৰ পেশী বা গ্ৰন্থিসমূহৰ উদ্দীপনাৰ ফলস্বৰূপে হোৱা প্ৰত্যক্ষ, স্বয়ংক্ৰিয়  আৰু তাৎক্ষণিক ক্ৰিয়া। উদাহণস্বৰূপে ব্যক্তিৰ চকুৰ সন্মুখত হঠাতে কোনো বস্তুৰ লৰচৰৰ ফলত চকু পিৰিকিওৱা কাৰ্য। এনে ধৰণৰ কাৰ্য ক্ষমতা জীৱই জন্মগতভাৱে পায় এইবোৰ শিক্ষণ বা অনুশীলনৰ দ্বাৰা আহৰণ কৰা ক্ষমতা নহয়। অৱশ্যে প্ৰবৃত্তিজনিত আচৰণক শিক্ষণৰ দ্বাৰা সংশোধন কৰিব পাৰি।

(৩) অনুবন্ধনৰ দুটা প্ৰধান ভাগ কি কি?

উত্তৰঃ পৰম্পৰাগত অনুবন্ধনবাদ আৰু কাৰ্যকাৰক অনুবন্ধন।

(৪) শিক্ষণৰ কোনটো কাৰকে শিক্ষণ কাৰ্যক আটাইতকৈ বেছি প্ৰভাৱান্বিত কৰে আৰু কেনেকৈ?

উত্তৰঃ শিক্ষণ কাৰ্যক কিছুমান কাৰকে প্ৰভাৱান্বিত কৰে। ইয়াৰ ভিতৰত পুনৰ্বাসন বা সবলিতকৰণ কাৰকে বেছিকৈ প্ৰভাৱান্বিত কৰে।

অনুপ্ৰেৰণাৰ যোগেদি প্ৰতিক্ৰিয়া শক্তিশালী কৰিবলৈ বা শিক্ষণৰ বাবে। অবিৰোচণৰ প্ৰয়োজন আৰু অনুপ্ৰেৰণা হ’ল এনে এক দিশ যিয়ে প্ৰতিক্ৰিয়াক সুদৃঢ় বা স্থায়ী কৰে আৰু আশানুৰূপভাৱে অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ সম্বানাক বঢ়াই তোলে। কোনো কাৰ্যৰ বাবে দিয়া পুৰস্কাৰ এই অনুপ্ৰেৰণাৰ এক সুন্দৰ উদাহৰণ। অনুপ্ৰেৰণাক শিক্ষণ কাৰ্যৰ চাবিকাঠি বুলিব পাৰি। যদিহে সঠিক সময়ত সঠিক ৰূপত সবলিতকৰণ কৰা নহয় তেতিয়াহ’লে শিক্ষণ কাৰ্যৰ অগ্ৰগতিৰ আশানুৰূপ নহয়। অনুপ্ৰেৰণা অবিহনে কোনো ধৰণৰ নিৰীক্ষণযোগ্য শিক্ষণৰ অগ্ৰগতি নহয়। সবলিতকৰণ দুই ভাগত ভগাব পাৰি। যেনে- প্ৰাথমিক সবলিতকৰণ আৰু গৌণ সবলিতকৰণ।

(ক) প্ৰাথমিক সবলিতকৰণ: স্বাভাৱিক বা স্বতঃস্ফূৰ্তভাৱে পুনৰ্বসন যোগাব পৰা পুনৰ্বসনৰ কাৰক উদ্দীপকবোৰ প্ৰাথমিক পুনৰ্বসন বুলি কোৱা হয়। প্ৰাথমিক বসলিতকাৰকবোৰ স্বাভাৱিক বা স্বতঃস্ফূৰ্তভাৱে অনুপ্ৰেৰণা যোগায়। যেনে– এটি ভোকাতুৰ প্ৰাণীৰ বাবে ‘খাদ্য’ প্ৰাথমিক সবলিতকাৰক।

(খ) আনহাতে সামান্য বসলিতকাৰকবোৰ প্ৰয়োজনীয় প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ বাবে কৃত্ৰিমভাৱে পৰিৱেশ সৃষ্টি কৰি অনুবদ্ধিত কৰি লোৱা হয়। সামান্য বসলিতকাৰকবোৰক ব্যৱহাৰ কৰোতে ইয়াক উপযুক্তভাৱে প্ৰাথমিক সবলিতকাৰকৰ লগত যুগ্ধ বা সম্বন্ধিত কৰি ল’ব লাগে আৰু এই সম্বন্ধিত কৰা কাৰ্যৰ ওপৰতে সামান্য সবলিতকৰণ ব্যৱহাৰৰ কৃতকাৰ্য নিৰ্ভৰ কৰে।

(৫) আমাৰ দৈনন্দিন জীৱনত শিক্ষণৰ স্থানান্তৰৰn আৱশ্যকতা কি?

উত্তৰঃ কোনো এক পৰিস্থিতিত আহৰণ কৰা জ্ঞান, কৌশল, অভ্যাস, মনোভাৱ বা প্ৰৱণতা বা অন্যান্য শিক্ষালদ্ধ প্ৰতিক্ৰিয়া বা আচৰণ অন্য এক পৰিস্থিতিৰ শিক্ষণৰ বাবে বা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱহৃত হয় আৰু ই  বিশেষভাৱে সহায়ক হয় তেতিয়া তাক শিক্ষাৰ স্থানান্তকৰণ বুলি কোৱা হয়। উদাহণস্বৰূপে এজন  চাইকেল চলাব জনা ব্যক্তিয়ে সহজে স্কুটাৰ চলোৱা শিকিব পাৰে। অৰ্থাৎ কোনো এটা কামৰ শিক্ষণ অভিজ্ঞতাই আন আন কাৰ্যৰ শিক্ষণৰ পাৰদৰ্শিতাৰ উন্নতি সাধনত সহায় কৰে। 

এজন ব্যক্তিৰ দৈনন্দিন জীৱনত বস্তু চিনাক্তকৰণ কৰি উলিয়াব পৰা।শক্তি, সম্বন্ধ বিচাৰি উলিওৱাৰ সামৰ্থ আৰু অভিজ্ঞতাৰ সহায়ত ধাৰণা গঠনৰ সামৰ্থ্যক শিক্ষণৰ স্থানান্তকৰণে সহজ কৰি তোলে। শিক্ষণৰ স্থানান্তৰকৰণে অকল বৌদ্ধিক কাৰ্যকলাপ বা জটিল ধৰণৰ পেশী সঞ্চালনাতহে যে সহায় কৰে তেনে নহয় ই আৱেগিক প্ৰক্ৰিয়া আৰু মনোভাৱ ইত্যাদি গঢ়ি তুলাটো সহায় কৰে।

শিক্ষাৰ স্থানান্তৰকৰণে নঘটিল আমাৰ জীৱনটো আমাৰ বাবে জটিল হৈ পৰিলেহেঁতেন কাৰণ আমি জীৱনত কৰিবলগা সকলোবোৰ কামকেই নতুনকৈ শিকি ল’ব লগা হ’লেহেঁতেন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top