ASOS Class 12 Psychology Chapter 27 কৰ্মজীৱনৰ উন্নতি

ASOS Class 12 Psychology Chapter 27 কৰ্মজীৱনৰ উন্নতি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 27 কৰ্মজীৱনৰ উন্নতি and select needs one.

ASOS Class 12 Psychology Chapter 27 কৰ্মজীৱনৰ উন্নতি

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 27 কৰ্মজীৱনৰ উন্নতি These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

কৰ্মজীৱনৰ উন্নতি

Chapter : 27

27.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। কৈশোৰ কালৰ লগত সংগতি থকা বৃত্তিগত উন্নতিৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বৃদ্ধি আৰু অন্বেষণমূলক স্তৰ।

২। অৱসৰ গ্ৰহণৰ মুখ্য দিশসমূহ কি কি?

উত্তৰঃ দায়বদ্ধতাসমূহ সংকীৰ্ণ কৰি তোলা।

27.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

১। জীৱনৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ খোজসমূহ কি কি?

উত্তৰঃ প্ৰথমে নিজকে বুজি লোৱা, সংগ্ৰহ কৰা তথ্যসমূহ বাচি উলিওৱা আৰু এখন তালিকা প্রস্তুত কৰা। তথ্যসমূহৰ ব্যাখ্যা বা বিশ্লেষণ কৰা। প্রত্যেকটো ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমহৰ লগত নিজকে মিলাই চোৱা। মনে বিচৰা কর্মক্ষেত্ৰখন বাচি উলিওৱা আৰু লক্ষ্যপ্ৰাপ্তিৰ বাবে চেষ্টা কৰা।

২। কোনে জীৱনৰ উন্নতি আৰু সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে? 

উত্তৰঃ পৰামর্শদাতা, কৰ্মজীৱনৰ শিক্ষক।

পাঠ্য সমাপ্তিৰ অনুশীলনীৰ উত্তৰঃ

১। বৃত্তিগত জীৱন আৰু বৃত্তিগত জীৱনৰ উন্নতি মানে কি?

উত্তৰঃ এজন ব্যক্তিয়ে তেওঁৰ জীৱনকালত কৰা যিকোনো কাৰ্যৰ উন্নতিকৰণক কেৰিয়াৰ ডেভেলপমেন্ট অথবা কৰ্মজীৱনৰ উন্নতি বুলি ক’ব পাৰি। এই কাৰ্যবোৰৰ ভিতৰত যেনে–  ব্যক্তিগত কাম-কাজ, বৃত্তিগত কাম-কাজ আৰু সামাজিক জীবন উল্লেখনীয়। সেয়েহে কেৰিয়াৰ বা ক্রমোন্নতি মানে এজন ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড বুলি ক’ব পাৰি। কেৰিয়াৰ বা কৰ্মজীৱনৰ উন্নতিত এজন মানুহৰ বা এগৰাকী মহিলাৰ জীৱনজোৰা সাধনা, শিক্ষা, কৰ্মৰ বাচনি, কৰ্মত আশা কৰা মতে ফল লাভ আৰু আত্মসন্তুষ্টি জড়িত হৈ থাকে।

আচলতে বৃত্তি মানুহৰ জীৱনৰ প্ৰধান উন্নতিৰ উৎস আৰু বৃত্তিগত উন্নতিয়ে জীৱনৰ উন্নতি। উদাহৰণ হিচাপে এজন কৰ্মচাৰী যদি কোনো কাৰ্যালয়ৰ সাধাৰণ কৰ্মচাৰীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়া হিচাপে নিযুক্ত হয়, তেওঁ নিশ্চয়কৈ বহু ধৰণৰ সা-সুবিধা যেনে— উচ্চ নিখিত দৰমহা, থকাৰ সুবিধা আদি লাভ কৰিব, যাৰ দ্বাৰা কৰ্মচাৰীজনৰ জীৱনধাৰণৰ মানদণ্ড আনতকৈ অলপ উচ্চখাপৰ হ’ব। পদোন্নতি বৃত্তিগত উন্নতিৰ এটা অংশ, যাৰ ফলত এজন মানুহৰ সামাজিক আৰু ব্যক্তিগত জীৱনত যথেষ্ট প্রভাৱ পৰা দেখা যায়।

২। জীৱনৰ স্তৰসমূহ কি কি?

উত্তৰঃ এজন ব্যক্তিৰ জীৱন পৰিক্ৰমা আৰু বৃত্তিগত অগ্ৰগতিৰ দ্বাৰা জীৱন গঢ়াৰ পথটোৰ বিষয়ে ভালদৰে বুজিব পাৰি। সাধাৰতে মানুহৰ জীৱনত পাঁচটা জীৱন পৰিক্ৰমা থাকে, যেনে– (ক) বুদ্ধি, (খ) নিজকে আৱিষ্কাৰ কৰা, (গ)

সংস্থাপিত হোৱা, (ঘ) নিজকে বুজি লোৱা আৰু (ঙ) বৃদ্ধাৱস্থা। 

৩। বৃত্তি শিক্ষাৰ উন্নতিকৰণ মানে কি?

উত্তৰঃ বৃত্তিগত জীৱনৰ বিভিন্ন দিশসমূহ তলত দিয়া ধৰণেৰে উল্লেখ কৰিব পাৰি:

প্রথম উদ্‌ঘাটন: প্রথমেই এজন ব্যক্তিয়ে কোনো কৰ্মত যিকোনো প্ৰকাৰে নিযুক্ত হোৱাৰ পিছত বিভিন্ন কৰ্ম ক্ষেত্ৰৰ সন্ধান কৰে আৰু স্থায়ীভাৱে থাকিবৰ চেষ্টা কৰে। এই সময়ছোৱাক আমি জীৱিকাৰ বাবে কৰা যুঁজ বুলি ক’ব পাৰো। 

সংস্থাপন আৰু জীয়াই ৰখা: এই সময়ছোৱাত ব্যক্তিজনে নিজকে কোনো কৰ্মত নিয়োজিত কৰে আৰু কৰ্মৰ জৰিয়তে জীৱনটোক আগবঢ়াই নিয়ে।

অৱসৰ গ্ৰহণ: লাহে লাহে ব্যক্তিজনৰ সময় আৰু বয়স দুয়োটাই অৱসৰৰ ফাললৈ ঢাল খায়। ব্যক্তিজনৰ সক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি চাকৰিৰ পৰা অৱসৰ লয় অথবা অন্য কোনো কম গুৰত্ব থকা বা পাতলীয়া কামত নিয়োজিত হয়। 

৪। বৃত্তিগত উন্নতিৰ ক্ষেত্ৰত নিজকে জনাটো কিয় প্রয়োজনীয়? 

উত্তৰঃ জীৱনৰ লক্ষ্যপ্রাপ্তিত নিজক বুজি পোৱা বা নিজৰ সক্ষমতাৰ বিষয়ে জনাটো আৱশ্যক। কথাষাৰ বৰ সাধাৰণ যদিও আচলতে নিজৰ সক্ষমতাৰ মাপকাঠি বিচাৰি উলিওৱাটো বৰ কঠিন কাম। জীৱনৰ আৰম্ভণিতে যদি নিজৰ লক্ষ্য বাচি ল’ব পৰা নাযায় তেতিয়া ভবিষ্যত জীৱনত বহু সমস্যাৰ সৃষ্টি হয়। মানুহে কিয় নিজৰ বিষয়ে নাজানে বা জানিবৰ ইচ্ছা নকৰে, তাৰ কিছুমান কাৰণ তলত উল্লেখ কৰা হৈছে—

নিজে নিজৰ সত্তা হোৱাৰ বাবে সাহসৰ অভাৱ: আমি সাধাৰণতে আনক অনুসৰণ কৰি ভাল পাওঁ। উদাহৰণ হিচাপে ডেকা-গাভৰুসকলে বোলছবি বা চিনেমাৰ নায়ক-নায়িকাৰ চুলিৰ ষ্টাইল অনুকৰণ কৰি ভাল পায়, অথবা ভৱিষ্যৎ আমি কি কৰিম সেয়া অন্য মানুহেহে চিন্তা কৰি দিব। ফলত আগতে উল্লেখ কৰা নবীনৰ কাহিনীটোৰ দৰেই আমাৰ একেই দশা হ’ব।

আমি আমাক বুজিবৰ বাবে সময় নলও: আমি যদি সময় পাওঁ তেস্তে একান্তমনে নিজৰ ভৱিষ্যতৰ কথা ভাবিবলৈ বাদ দি অন্য কাম কৰোঁ। আমি আমাৰ অভিজ্ঞতাসমূহৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰো। উদাহৰণ হিচাপে কোনো এজন ছাত্ৰই যদি বিজ্ঞানত কম নম্বৰ পায় তেতিয়া সকলোৱে কয়, ছাত্ৰজন সেই নির্দিষ্ট বিষয় দুর্বল, কিন্তু অন্য কিছুমান কাৰণৰ বাবেও এজন ছাত্র বা ছাত্ৰীয়ে পৰীক্ষাত কম নম্বৰ পাব পাৰে।

কেতিয়াবা এনে হয় যে, আমি নিজৰ ইচ্ছাৰ বিপৰীতে কাম কৰো। যেতিয়া প্রশ্ন কৰা হয়, তুমি কি বিচৰা বা তোমাক কি লাগে, তেতিয়া অধিকসংখ্যক মানুহৰেই এটাই উত্তৰ টকা লাগে বা টকাই সকলো। যদি আকৌ একেখিনি মানুহকে বহু টকা দিয়া যায় বা এওঁলোক সম্পদশালী হৈ উঠে তেতিয়া আকৌ টকাৰ জোৰত অন্যফালে বা আন কামৰ প্ৰতি আকৰ্ষিত হয়। মন কৰিবলগীয়া যে, বহু মানুহ এটা কামৰ পৰা অন্য এটা কামলৈ ঢাপলি মেলে কিন্তু তেওঁ বা তেওঁলোকে নিজেও নাজানে কিয় এনে হয়। গতিকে কোনো কৰ্মত দীর্ঘদিন বৰ্তি থাকিবৰ বাবে নিজৰ আগ্ৰহ আটাইতকৈ ডাঙৰ কথা। সেয়েহে তলত উল্লেখ কৰা কিছুমান বিশেষ কথালৈ আমি মন দিয়াটো উচিত। 

• নিজৰ সত্তা আছে।

• আমাৰ প্ৰত্যেকৰে এটা অস্তিত্ব আছে।

• দুজন মানুহ কেতিয়াও সম্পূর্ণ একে হ’ব নোৱাৰে আৰু 

• প্ৰত্যেকৰে নিজাকৈ কিবা এটা কৰাৰ সামৰ্থ আছে।

প্রত্যেক মানুহৰে পৃথিৱীৰ ভিন্ন কর্ম ক্ষেত্ৰত কিবা এটা কৰিব পৰা সামর্থ আছে। কিন্তু বৃত্তি বাচনিৰ ক্ষেত্ৰত নিজস্ব আকৰ্ষণ থাকিব লাগিব। যিকোনো বৃত্তি বাচনিৰ ক্ষেত্ৰত এজন ব্যক্তিৰ নিজৰ সামৰ্থ, দৃঢ়তা, সুক্ষ্ম পর্যবেক্ষণ আৰু বিশ্লেষণৰ প্রয়োজন।

৫। বৃত্তিগত জীৱনত সহাৱস্থান মানে কি?

উত্তৰঃ কেতিয়াবা আমাল এনে লাগে যেন আমি যি কাম কৰি আছো, সেয়া যেন মনে বিচৰা ধৰণৰ নহয়। তেনেক্ষেত্ৰত জীৱনবৃত্তৰ লগত সহবস্থান কৰাটো জৰুৰী হৈ পৰে। বৃত্তিগত কৰ্মৰ দ্বাৰা মানুহৰ জীৱনৰ গতিপথ সলনি হয়। এয়া কেতিয়াবা নতুন কর্মক্ষেত্র বা একে কৰ্মক্ষেত্ৰত নাইবা নতুন দায়িত্ব পালনৰ বাবেও হ’ব পাৰে। কিছুমান ক্ষেত্ৰত কৰ্মৰ মানদণ্ড অনুসৰি জীৱনটো আগবঢ়াই নিব লগাত পৰে। কেইটামন উল্লেখযোগ্য কথা তলত উল্লেখ কৰা হ’ল—

(ক) অৱসৰ গ্ৰহণৰ পিছত যদি কোনো ব্যক্তি কর্মঠ হৈ থাকে তেন্তে সাধাৰণ কামত নিজকে নিয়োজিত কৰিব পাৰে।

(খ) যেতিয়া কাম কৰাৰ কোনো পৰিৱেশ নাথাকে।

(গ) যেতিয়া সাস্থ্যজনিত অসুবিধা গা কৰি উঠে। উদাহৰণস্বৰূপে যেদিয়া এজন মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটে তাৰোপৰি একে কামতে বা একে পৰিবতে থাকে অথবা শাৰিৰীকভাৱে অক্ষম হৈ পৰে তেতিয়া তেওঁৰ কৰ্মদক্ষতা অটুট নাথাকিব।

(ঘ) যেতিয়া কৰি থকা কামৰ কোনো স্বীকৃতি বা অগ্রগতি নাথাকিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top