ASOS Class 12 Psychology Chapter 12 বিকাশৰ প্ৰভাৱ ক্ষেত্ৰসমূহ

ASOS Class 12 Psychology Chapter 12 বিকাশৰ প্ৰভাৱ ক্ষেত্ৰসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 12 বিকাশৰ প্ৰভাৱ ক্ষেত্ৰসমূহ and select needs one.

ASOS Class 12 Psychology Chapter 12 বিকাশৰ প্ৰভাৱ ক্ষেত্ৰসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 12 বিকাশৰ প্ৰভাৱ ক্ষেত্ৰসমূহ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

বিকাশৰ প্ৰভাৱ ক্ষেত্ৰসমূহ

Chapter : 12

12.1 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) মানৱ জীৱন_____ দ্বাৰা আগবাঢ়ে।

উত্তৰঃ মানৱ জীৱন স্তৰসমূহৰ দ্বাৰা আগবাঢ়ে।

(২) সামাজিক আকাংক্ষাবোৰক______ হিচাপে জনা যায়।

উত্তৰঃ সামাজিক আকাংক্ষাবোৰক বিকাশমূলক কাৰ্য হিচাপে জনা যায়।

(৩) বাল্য কাল হৈছে এটা_____ ।

উত্তৰঃ বাল্য কাল হৈছে এটা স্তৰ।

(৪) বৃদ্ধিৰ নিৰিখ_____ সময়ত অধিক হয়।

উত্তৰঃ বৃদ্ধিৰ নিৰিখ প্ৰথম তিনি বছৰ সময়ত অধিক হয়।

(৫)______ বয়সৰ পিছত শক্তিৰ অৱনতি হয়।

উত্তৰঃ ৫০ বয়সৰ পিছত শক্তিৰ অৱনতি হয়।

12.2 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰণ কৰা:

(ক) জীৱনৰ প্ৰথম বছৰত ল’ৰা-ছোৱালিসকলে জীৱনৰ দ্বিতীয় বছৰৰ তুলনাত_____ উচ্চ লাভ কৰে।

উত্তৰঃ জীৱনৰ প্ৰথম বছৰত ল’ৰা-ছোৱালিসকলে জীৱনৰ দ্বিতীয় বছৰৰ তুলনাত দুগুণ উচ্চ লাভ কৰে।

(খ) প্ৰায়বোৰ শিশুৱে প্ৰথম বছৰৰ জন্মৰ সময়ত ওজনৰ____ অধিক ওজন বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু দ্বিতীয় বছৰত এনে ওজন_____ লাভ কৰিবলৈ সমৰ্থ হয়।

উত্তৰঃ প্ৰায়বোৰ শিশুৱে প্ৰথম বছৰৰ জন্মৰ সময়ত ওজনৰ তিনি ভাগৰ অধিক ওজন বৃদ্ধি কৰিবলৈ সক্ষম হয় আৰু দ্বিতীয় বছৰত এনে ওজন চাৰিভাগৰ এভাগ লাভ কৰিবলৈ সমৰ্থ হয়।

(গ) ছোৱালীসকলে কৈশোৰ কালত ল’ৰাসকলোতকৈ অধিক_____ ধৰি ৰাখে।

উত্তৰঃ ছোৱালীসকলে কৈশোৰ কালত ল’ৰাসকলতকৈ অধিক মেহদহুল বুহ্যতন্ত ধৰি ৰাখে।

(ঘ) বিকাশৰ বিভিন্ন স্তৰসমূহ হৈছে_____।

উত্তৰঃ বিকাশৰ বিভিন্ন স্তৰসমূহ হৈছে দৈহিক, গতি বা সঞ্চালক, মানসিক, ভাষা ব্যক্তিত্ব, মনোসামাজিক, আৱেগিক, নৈতিক, বৃত্তিয়।

(২) তলত দিয়া উত্তৰবোৰ সঁচা নে মিছা উল্লেখ কৰা।

(ক) মজলীয়া বাল্যকালত ল’ৰা-ছোৱালীসকলৰ অধিক দ্ৰুতভাৱে বৃদ্ধি হয়। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(খ) ১০-১২ বছৰৰ ভিতৰত বল আৰু শক্তি চুড়ান্ত অৱস্থাত উপনীত হয়। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(গ) প্ৰথম বছৰত এটা কেঁচুৱাৰ মগজুৰ আকাৰ বয়স্কৰ মগজুৰ দুই-তিনি ভাগ অৱস্থাত উপনীত হয় আৰু দ্বিতীয় বছৰৰ শেষৰ ফালে চাৰি-পাঁচ ভাগ হয়গৈ। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(ঘ) কৈশোৰৰ সময়ছোৱাত এটা ক্ষীপ্ৰ বৃদ্ধিৰ মুহূৰ্তত উপনীত হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

12.2 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) বিকাশৰ ক্ষেত্রত কীর্তি নির্দেশসমূহ কি কি?

উত্তৰঃ কীর্তি নির্দেশসমূহ হৈছে এনে কিছু বয়স য’ত বিশেষ কিছুমান নিপুণত আহৰণ কৰে।

(২) তলত দিয়া উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা।

(ক) বিকাশৰ পৃথকীকৰণ জটিল আচৰণৰ আৰ্হিসমূহলৈ সঞ্চালনৰ এককীকৰণৰ দ্বাৰা অনুসৰণ কৰা হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(খ) ৪ মাহত কেঁচুৱাসকলে স্বাধীনভাৱে বহিবলৈ আৰম্ভ কৰে। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(গ) ২ বছৰত কেঁচুৱাসকলে খোজ কাঢ়িবলৈ আৰম্ভ কৰে।

উত্তৰঃ মিছা।

(ঘ) ২৮ সপ্তাহত শিশুসকলে খামুচি ধৰে আৰু দক্ষতাৰে পৰিচালনা কৰিব পাৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(ঙ) এটা নিৰ্দিষ্ট অনুক্ৰম গতি বা সঞ্চালন নৈপুণ্যসমূহ লাভ কৰা হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

12.4 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) উপযুক্ত শব্দৰ দ্বাৰা খালী ঠাই পূৰণ কৰা:

(ক)_____ হৈছে দুটা অংশ থকা প্ৰক্ৰিয়া যাৰ মাজেৰে ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ বেষ্টনীসমূহৰ লগত ফলপ্ৰসূভাৱে আচৰণ কৰাৰ বাবে নতুন গাঁথনিসমূহ সৃষ্টি কৰি লয়।

উত্তৰঃ প্ৰতিযোজন হৈছে দুটা অংশ থকা প্ৰক্ৰিয়া যাৰ মাজেৰে ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ বেষ্টনীসমূহৰ লগত ফলপ্ৰসূভাৱে আচৰণ কৰাৰ বাবে নতুন গাঁথনিসমূহ সৃষ্টি কৰি লয়।

(খ)_____ হৈছে এটা নতুন বস্তু, অভিজ্ঞতা অথবা ধাৰণা এটা প্ৰৱৰ্তিত কাৰ্যনক্সাবোৰৰ সংহতিৰ মাজলৈ চপাই অনা কাৰ্য।

উত্তৰঃ সমীভৱন হৈছে এটা নতুন বস্তু, অভিজ্ঞতা অথবা ধাৰণা এটা প্ৰৱৰ্তিত কাৰ্যনক্সাবোৰৰ সংহতিৰ মাজলৈ চপাই অনা কাৰ্য।

(গ) যি প্ৰক্ৰিয়াৰ সহায়ত নতুন বস্তসমূহ আৰু অৱস্থাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শিশুসকলে তেওঁলোকৰ কাৰ্যসমূহ পৰিৱৰ্তন কৰি লয় তেনেকুৱা প্ৰক্ৰিয়াকে_____ বুলি কোৱা হয়।

উত্তৰঃ প্ৰক্ৰিয়াৰ সহায়ত নতুন বস্তসমূহ আৰু অৱস্থাসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে শিশুসকলে তেওঁলোকৰ কাৰ্যসমূহ পৰিৱৰ্তন কৰি লয় তেনেকুৱা প্ৰক্ৰিয়াকে উপযোগীকৰণ বুলি কোৱা হয়।

(ঘ) প্ৰতিযোজনে____ আৰু_____ উভয়কে অন্তৰ্ভুক্ত কৰি লয়।

উত্তৰঃ প্ৰতিযোজনে সমীভৱন আৰু উপযোগীকৰণ উভয়কে অন্তৰ্ভুক্ত কৰি লয়।

(ঙ) মনৰ বুনিয়াদী গোট বা গাঁথনিক_____ বুলি কোৱা হয়।

উত্তৰঃ মনৰ বুনিয়াদী গোট বা গাঁথনিক কাৰ্যনক্সা বুলি কোৱা হয়।

(চ)_____ এটা সামগ্ৰিক পদ্ধতি হিচাপে সকলো প্ৰক্ৰিয়াৰে সমন্বয় সাধন কৰি লোৱা কথাটো সামৰি লয়।

উত্তৰঃ নক্সাবোৰ এটা সামগ্ৰিক পদ্ধতি হিচাপে সকলো প্ৰক্ৰিয়াৰে সমন্বয় সাধন কৰি লোৱা কথাটো সামৰি লয়।

12.5 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

তলত দিয়া উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা:

(১) শিশুসকলে প্ৰজ্ঞানাত্মক পৰিপক্কতাৰ নিশ্চিত স্তৰত উপনীত নোহোৱালৈ নৈতিক বিচাৰসমূহ কৰিব পাৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(২) প্ৰথম স্তৰত এটা শিশুৱে আপোচহীনভাৱে নৈতিক ধাৰণাসমূহৰ সৈতে আচৰণ কৰে য’ত দ্বিতীয় স্তৰটো নৈতিক নমনীয়তাৰ দ্বাৰা বৈশিষ্ট প্ৰদান কৰা হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৩) প্ৰথম স্তৰত শিশুৱে এটা কাম সম্পূৰ্ণ শুদ্ধ অথবা সম্পূৰ্ণ অশুদ্ধ হিচাপে চাবলৈ লয় আৰু সকলোৱে এনে ধৰণে চায় বুলি ভাৱে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৪) দ্বিতীয় স্তৰত শিশুৱে আনসকলৰ স্থানত আত্মস্থাপন কৰিব পাৰে আৰু আনসকলৰ দৃষ্টিভংগীৰে অৱলোকন কৰিব পাৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

12.6 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

তলত দিয়া উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা:

(১) জন্মৰ পিছত শিশুসকলে ক’ৰ পৰা ধ্বনিবোৰ আহি আছে সেই নিৰ্ধাৰণ কৰিব নোৱাৰে। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(২) বৈশিষ্ট্যপূৰ্ণ স্তৰসমূহৰ মাজেৰে কেচুৱাসকলে অর্থপূৰ্ণ কথাবতৰা উচ্চাৰণ কৰিবলৈ লয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৩) ৩ বছৰ বয়সত এগৰাকী শিশুৱে বাক্যসমূহ ক’ব পৰা হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৪) তিনি আৰু চাৰি বছৰ বয়সৰ ভিতৰৰ ল’ৰা-ছোৱালীসকলে তিনিৰ পৰা চাৰিটা শব্দ থকা চমু বাক্যবোৰ ব্যৱহাৰ কৰে। (সঁচা/মিছা)

 উত্তৰঃ সঁচা। 

12.7 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) খালী ঠাই পূৰণ কৰা:

(ক)_____ বাস্তৱ নীতিৰ ওপৰত কাৰ্যনিৰ্বাহ কৰে আৰু পৰিতোষ লাভ কৰাৰ গ্ৰহণীয় পথ বিচাৰে।

উত্তৰঃ অহম বাস্তৱ নীতিৰ ওপৰত কাৰ্যনিৰ্বাহ কৰে আৰু পৰিতোষ লাভ কৰাৰ গ্ৰহণীয় পথ বিচাৰে।

(খ)_____ অথবা বিবেকে একে লিঙ্গৰ পিতৃ-মাতৃসকলৰ সৈতে বিস্তাৰিতভাৱে চিনাক্ত কৰাৰ মাজেৰে সমাজৰ নৈতিক চৰিত্ৰসমূহ সংঘবদ্ধ কৰে।

উত্তৰঃ ছুপাৰ ইগ’ অথবা বিবেকে একে লিঙ্গৰ পিতৃ-মাতৃসকলৰ সৈতে বিস্তাৰিতভাৱে চিনাক্ত কৰাৰ মাজেৰে সমাজৰ নৈতিক চৰিত্ৰসমূহ সংঘবদ্ধ কৰে।

(গ)_____ কেঁচুৱাসকলে মুখলৈ যাব পৰা যিকোনো বস্তু চোহা কাৰ্যৰ পৰা তেওঁলোকৰ প্ৰায়বোৰ পৰিতৃপ্তি লাভ কৰে।

উত্তৰঃ মৌখিক কেঁচুৱাসকলে মুখলৈ যাব পৰা যিকোনো বস্তু চোহা কাৰ্যৰ পৰা তেওঁলোকৰ প্ৰায়বোৰ পৰিতৃপ্তি লাভ কৰে।

(ঘ)_____ স্তৰত অধিক সন্তুষ্টি আহে তেওঁলোকৰ অন্তৰভাগসমূহৰ সঞ্চৰণশীলৰ পৰা।

উত্তৰঃ পায়ুসম্বন্ধীয় স্তৰত অধিক সন্তুষ্টি আহে তেওঁলোকৰ অন্তৰভাগসমূহৰ সঞ্চৰণশীলৰ পৰা।

(ঙ) ইউপাছ মনোগ্ৰন্থিত, ল’ৰা-ছোৱালীসকলে_____ লিঙ্গৰ কাৰণে ভালপোৱা দেখুৱায়।

উত্তৰঃ ইউপাছ মনোগ্ৰন্থিত, ল’ৰা-ছোৱালীসকলে বিপৰীত লিঙ্গৰ কাৰণে ভালপোৱা দেখুৱায়।

(২) তলত দিয়া কোনবোৰ উক্তি সঁচা আৰু মিছা উল্লেখ কৰাঃ

(ক) ইড্ বা জিৱৰ্ত্যাহং জন্মৰ সময়ত উপস্থিত থাকে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(খ) জন্মৰ পিছতে অহম বা আত্মনৰ বিকাশ হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(গ) ১৪ বা ১৫ বছৰলৈ পৰম অহমৰ বিকাশ নহয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(ঘ) ব্যক্তিৰ বিকাশ হৈছে মৌলিক যৌন শক্তি বা লিবিডোৰ বিকাশ আৰু সংগঠিতকৰণ। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(ঙ) ফ্ৰয়েডৰ মতে শৈশৱ আৰু প্ৰাৰম্ভিক বাল্যকালৰ ঘটনাবোৰ বয়স্ক ব্যক্তিত্বৰ সৈতে কোনো কাৰ্য কৰিবলগীয়া না। (সঁচা/মিছা)

উত্তৰঃ মিছা।

12.8 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

তলত দিয়া কোনবোৰ উক্তি সঁচা আৰু মিছা উল্লেখ কৰাঃ

(১) নৱজাতসকলে এটা মাত্ৰ আৱেগহে____ এটা অপৃথকীকৃত উত্তেজনা প্ৰদৰ্শন কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(২) ডাঙৰ হোৱাৰ লগে লগে কেঁচুৱাসকলৰ আৱেগসমূহ একমাত্ৰ মানুহৰ প্ৰতি নহয়, বিমূৰ্ত ধাৰণাসমূহৰ প্ৰতিও পৰিচালিত কৰিব পাৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(৩) আৱেগিক ক্ষেত্ৰত এগৰাকী কিশোৰে তেওঁৰ আৱেগসমূহ একমাত্ৰ মানুহৰ প্ৰতি নহয়, বিমূৰ্ত ধাৰণাসমূহৰ প্ৰতিও পৰিচালিত কৰিব পাৰে। 

উত্তৰঃ সঁচা।

(৪) আৱেগসমূহৰ জন্মৰ সময়তে উপস্থিত থাকে আৰু এইবোৰৰ বিকাশ পৰিপক্কতা আৰু শিক্ষণৰ বাবেহে হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

পাঠ্য শেহান্ত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) বিকাশৰ বিভিন্ন স্তৰ আৰু এইবোৰৰ লগত সঙ্গত বয়সৰ সমষ্টিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ (ক) জন্মপূৰ্ব বা প্ৰসৱপূৰ্ব পৰ্যায় (জন্মৰ আগতে): গৰ্ভধাৰণৰ সময়ত জীৱন আৰম্ভ হয়। শিশুগৰাকী যেতিয়া ময়েকৰ গৰ্ভত থাকে, তেতিয়া মাতৃগৰ্ভত অতিবাহিত কৰা নিৰ্দিষ্ট সময়ছোৱাকে জন্মপূৰ্বৰ সময় বুলি জনা যায়। এই সময়ছোৱাতে সকলো গুৰুত্বপূৰ্ণ বাহ্যিক আৰু আভ্যন্তৰীণ উপলব্ধিসমূহ বিকাশপ্ৰাপ্ত হ’বলৈ আৰম্ভ কৰে।

(খ) শৈশৱ (০ ৰ পৰা ৩ বছৰলৈ): জন্মৰ পৰা জীৱনৰ তিনি বছৰ বয়সলৈ, যিটো স্ত্ৰ সেই স্তৰটোকেই শৈশৱ হিচাপে জনা যায়। কেঁচুৱাবিলাকে তেওঁলোকৰ জীৱনৰ প্ৰথম ৩ বছৰত আকাৰৰ দিশৰ পৰা অধিক দ্ৰুতভাৱে বাঢ়িবলৈ লয়। এই সময়ছোৱাত গতি বা সঞ্চৰণ কৌশলসমূহ যেনে বস্তুসমূহ খামোচমাৰি ধৰা, চুচৰি যোৱা, খোজকঢ়া আদি আহৰণ কৰা সক্ৰিয় সৰলৰ পৰা জটিললৈ আগবাঢ়ি যায়।

(গ) পূৰ্ব-বিদ্যালয় বাল্য (৩ ৰ পৰা ৬ বছৰলৈ): শৈশৱ কালত হোৱাৰ দৰে এই সময়ছোৱাত উচ্চতাৰ ক্ষেত্ৰত বৃদ্ধি বৰ দ্ৰুত নহয় শিশুসকলে চকু, হাত আৰু ক্ষুদ্ৰ দৈহিক সমন্বয়ৰ উন্নতি ঘটায়। উদাৰণস্বৰূপে, তেওঁলোকে এটা বৃত্ত আঁকিব পৰা হয়, বাতিয় তৰল বস্তু আঁকিব পৰা হয় কাপোৰৰ মাৰিব আৰু খুলিব পৰ হয় আৰু ভাষাৰ বিকাশ দ্ৰুত হয়।

(ঘ) বিদ্যালয়ৰ বাল্য ( ৬ ৰ পৰা ১৩ বছৰলৈ): ৬ ৰ পৰা ১৩ বছৰ বয়সৰ স্কুলীয়া ল’ৰা-ছোৱালীসকলক অধিক ওখ আৰু ক্ষীণ যেন দেখা যায়। ল’ৰা-ছোৱালীসকলে দ্ৰুতভাৱে শক্তি তৎপৰতা লাভ কৰে কথাটো প্ৰদৰ্শন কৰে। তেওঁলোকে নতুন গতি বা সঞ্চৰণ কৌশলসমুহ আহৰণ কৰে আৰু বিকাশৰ সকলো ক্ষেত্ৰতে তেওঁলোকৰ পাৰদৰ্শিতা অধিক চকুত লগা হৈ উঠে।

(ঙ) কৈশোৰ (১২ ৰ পৰা ২০ বছৰলৈ): এয়া হৈছে বাল্যকাল আৰু বয়স্ককালৰ ভিতৰত এচোৱা সময় যিটো আৰম্ভ হয় যৌৱনাৰম্ভৰ লগে লগে। এইটো হৈছে দ্রুত শাৰীৰিক বৃদ্ধিৰ কাল। এই সময়ছোৱাত নানা ধৰণৰ মনোবৈজ্ঞানিক পৰিবৰ্তনো সম্ভৱ হৈ উঠে। ল’ৰা-ছোৱালীসকলে ৰচিত জঁপিয়াব, চাইকেল চলাব, ঘোঁৰা চলাব, নাচিব, আৰু সকলো সম্ভৱপৰ খেলা-ধূলাত অংশ গ্ৰহণ কৰিব পৰা হয়। প্রজ্ঞানাত্মকভাৱে তেওঁলোক অধিক তত্ত্ববজীয়া হৈ উঠে আৰু সামাজিক সম্বন্ধ অধিক গুৰুত্বপূৰ্ণ হৈ উছে। কিন্তু এই সময়ছোৱাৰ প্রামানঙ্ক হৈছে পৰিচয়ৰ অনুসন্ধান। নানাধৰণৰ মনোবৈজ্ঞানিক পৰিৱৰ্তনো সম্ভৱ হৈ উঠে। প্রদত্ত লিঙ্গ আকাংক্ষাসমূহৰ ভিতৰত ছোৱালীসকলে আন্তঃব্যক্তিত্ব আৰু পাৰি বাৰিক সম্পৰ্কৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে, আনহাতে ল’ৰাবোৰে তেওঁলোকৰ সামাজিক সম্ভ্রম বা প্ৰতিপত্তি আৰু বৃদ্ধি বা কৰ্মজীৱনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।

(চ) প্ৰাপ্তবয়স্ক (২০ ৰ পৰা ৬৫ বছৰলৈ): উপযুক্ত উপলব্ধিৰ বাবে প্ৰাপ্তবয়াদ্ধ কালক তিনিটা স্তৰত ভাগ কৰিব পাৰি। এইবোৰ হ’ল :

(ক) ডেকা প্রাপ্তবয়স্ক (২০ ৰ পৰা ৫০ বছৰ বয়সলৈ)

(খ) পৰিপক্ক প্রাপ্তবয়স্ক অথবা মধ্যমীয়া বছৰবোৰ

(গ) বয়স বৃদ্ধি পোৱা প্ৰাপ্তবয়স্ক (৬৫+ বছৰৰ)

(২) বিকাশমূলক কার্য কি?

উত্তৰঃ বিকাশমূলক কাৰ্যবোৰ তলত দিয়া ধৰণৰ :

(ক) জন্মৰ পৰা ৬ বছৰ বয়সলৈ:

(১) খোজ কাঢ়িবলৈ শিকে।

(২) গোটা খাদ্য গ্ৰহণ কৰিবলৈ লয়।

(৩) কথা ক’বলৈ লয়।

(৪) দেহৰ পৰা নিষ্কাশিত গেলনীয়া বস্তুবোৰ নিয়ন্ত্ৰণ কৰিবলৈ লয়।

(৫) ভুল-শুদ্ধৰ পাৰ্থক্য শিকি লয়। 

(৬) লিংগৰ মাজত পাৰ্থক্যৰ বিষয়ে শিকে

(খ) ৬-১২ বছৰলৈ বিকাশমূলক কঠিন কার্যসমূহ:

(১) সাধাৰণ খেলা-ধূলাৰ বাবে দৈহিক কৌশল শিকি লয়। 

(২) নিজৰ সমবয়সীয়াৰ লগত বন্ধুত্ব পাতিবলৈ শিকে

(৩) লিংগ ভূমিকাৰ বিষয়ে শিকে।

(৪) পঠন, লিখন আৰু গণনাৰ বুনিয়াদী কৌশলসমূহ শিকে। 

(৫) দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় ধাৰণাবোৰ শিকে। 

(৬) দৈনন্দিন কার্যকলাপৰ স্বাধীনতাৰ কথা শিকে।

(৭) নৈতিকতা আৰু কিছুমান প্ৰমূল্যৰ ধাৰণা বিকাশপ্রাপ্ত কৰি লয়।

(গ) কৈশোৰঃ কিশোৰ-কিশোৰীসকলৰ বাবে প্রধান বিকাশমূলক কার্যসমূহ তলত দিয়া ধৰণে তালিকাভুক্ত কৰিব পাৰি

(ক) নিজৰ দেহকই যেনেকুৱা তেনেভাৱে গ্ৰহণ কৰা আৰু দেহত ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ লোৱা।

(খ) উভয় লিংগৰ একে বয়সৰ বন্ধুসকলৰ সৈতে অধিক পৰিপত্ত্ব সম্বন্ধৰ স্তৰত উপনীত হোৱা। 

(গ) পুৰুষ অথবা নাৰী হিচাপে সামাজিক দায়বদ্ধতাৰ স্তৰত উপনীত হোৱা।

(ঘ) পিতৃ-মাতৃ আৰু অন্যান্য বয়স্ক লোকসকলৰ পৰা স্বাধীন আৱেগিক স্তৰত উপনীত হোৱা।

(ঙ) এটা উপভোগ্য আৰু উৎপাদনশীল জীৱিকাৰ মাজেৰে অৰ্থনৈতিক স্বাধীনতা আহৰণৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা।

(চ) বিবাহ আৰু পাৰিবাৰিক জীৱনৰ বাবে নিজকে প্ৰস্তুত কৰি লোৱা।

(ছ) সামাজিকভাবে দায়বদ্ধ আচৰণ আকাংক্ষা কৰা আৰু গ্ৰহণ কৰা

(জ) বিশেষ কিছুমান মূল্যবোধ আহৰণ কৰা আৰু নৈতিক পদ্ধতিসমুহ আহৰণ কৰা আৰু আচৰণৰ পৰিচালক হিচাপে এটা আদর্শ বা চিন্তাধাৰা বিকাশপ্রাপ্ত কৰি তোলা।

(৩) বিকাশৰ প্ৰধান ক্ষেত্ৰসমূহ কি কি?

উত্তৰঃ প্ৰতিটো স্তৰতে, বিভিন্ন অথবা প্ৰভাৱ ক্ষেত্ৰত যুগপৎভাৱে বিকাশ সংঘটিত হয়। ভিন্ন ভিন্ন ক্ষেত্ৰত, বিভিন্ন স্তৰত সংঘটিত হোৱা বিকাশৰ বিষয়ে তলত দিয়া দিশসমূহৰ পৰা আলোচনা কৰা হৈছেঃ

শাৰীৰিক: শাৰীৰিক বিকাশ হৈছে শৰীৰ বিষয়ে, যেনে উচ্চতা আৰু ওজন। 

গতি বা সঞ্চালক: গতি বা সঞ্চালক বিকাশ হৈছে পেশী সম্বন্ধীয় বিকাশ আৰু এইবোৰৰ সমন্বয়।

সংজ্ঞানাত্মক: সংজ্ঞানাত্মক বা প্রজ্ঞানাত্মক বিকাশ হৈছে মানসিক বৃদ্ধি সম্বন্ধে আৰু বৌদ্ধিক বিকাশৰ বিষয়ে।

ভাষা: ভাষাৰ বিকাশ হৈছে ল’ৰা-ছোৱালীয়ে ভাষা শিকা উপায় সম্বন্ধে আৰু তেওঁলোকে যি বয়সত ভাষাৰ বিভিন্ন উপকৰণ।

ব্যক্তিত্বৰ বিকাশ: এই হৈছে ব্যক্তিত্বৰ সৰ্বাত্মক বিকাশৰ বিষয়। 

মনোসামাজিক: মনোসামাজিক বিকাশ হৈছে ব্যক্তিত্বৰ ওপৰত সাংস্কৃতিক আৰু সামাজিক প্ৰভাৱসমূহৰ বিষয়ে।

আৱেগিক: আৱেগিক বিকাশ হৈছে বিভিন্ন স্তৰত বিভিন্ন আৱেগৰ বিষয়ে আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সেইবোৰ কেনেকৈ পৰিণত হয়।

নৈতিক: নৈতিক বিকাশে কোনটো শুদ্ধ কোনটো অশুদ্ধ সেই বিষয়ে আলোচনা কৰে, কোন বয়সত এনে জ্ঞান আহৰণ কৰা হয় আৰু ইয়াৰ লগত জড়িত শাক্তি আৰু ন্যায়ৰ নীতি-নিয়মসমূহৰ বিষয়ে বিৱেকৰ বিকাশ আৰু

প্ৰমূল্যসমূহো নৈতিক প্ৰভাৱ ক্ষেত্ৰত অধীনলৈ আহে।

বৃত্তিমূলক: বৃত্তিমূলক বা বৃত্তিগত বিকাশে কর্মজীৱন বা বৃত্তিৰ পছন্দসমূহ আৰু সেইবোৰ কেনেকৈ উদ্ভৱ হয় আৰু এইবোৰ জীৱনত কেনেকৈ অন্বেষণ কৰা হয় সেই বিষয়ে আলোচনা কৰে।

(৪) দৃষ্টিভংগীৰ ক্ষেত্ৰত শিশুসকলক আৰু পূৰ্ববিদ্যালয়ৰ ল’ৰা-ছোৱালীসকলৰ পাৰ্থক্যসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সংজ্ঞানাত্মক বিকাশে মানৱ প্রাণীয়ে কেনেকৈ চিন্তা কৰে, যুক্তিপ্ৰদান আৰু ধাৰণাসমূহ গঠন কৰে এনে সকলো কথা বতৰাৰ বিষয়ে আলোচনা কৰে। আন কথাত, এনে প্রক্রিয়াই মনৰ বিকাশ সম্পৰ্কীয় কথা বতৰাৰ বিষয়ে আলোচনা কৰে। আগশাৰীৰ মনোবিজ্ঞানী পিঁয়াজেৰ মতে, দেহৰ দৰে মনৰো নানা গঠন আছে। মনৰ বুনিয়াদী গোট বা গাঁথনিক কার্য নক্সা বুলি কোৱা হয়। এটা কার্য উদাহৰণ হিচাপে এটা শিশুৰ মুখৰ কাৰণে কাৰ্য নক্সা যতদূৰ সম্ভৱ দুটা নক্সা হৈছে এটা বস্তুত মৌলিক উপাদানসমূহৰ ভাবাত্মক বা বিমূর্ত উপস্থাপন। আনুভূমিকভাৱে স্থাপিত বৃত্তাকাৰ আকৃতিৰ (চকুদুটা) এটা ডিম্বাকাৰ গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব? যতদূৰ সম্ভৱ এটা কাৰ্য নক্সাই কেতিয়াও কেনো বিশেষ বস্তু বা ঘটনাৰ হুবহু প্ৰতিলিপি স্বৰূপ নহয়। এই জটিল ধাৰণাই মানসিক সংগঠন (এটা শিশুৰ এটা বিশেষ অৱস্থাৰ ধাৰণা গ্রহণ) আৰু নিৰীক্ষণ সাধা আচৰণ এই দুয়োটাকে অন্তৰ্ভুক্ত কৰি লয়। এটা কাৰ্য নক্সা ইয়ে অন্তৰ্ভুক্ত কৰি লোৱা আচৰণৰ দ্বাৰা জনা যায়, যেনে চুঁহি খোৱাৰ কাৰ্য নক্সা ইয়াকে সূচায় যে টে কেঁচুৱায় ভোকৰ কাৰ্য নক্সা ধৰিব পাৰে আৰু সেই কাৰণেই চুঁহিবলৈ লয়। ইয়াত ভোকেই হৈছে কাৰ্য নক্সা আৰু খাদ্য খাব পাবলৈ কৰা চেষ্টা অথবা চুঁহিবলৈ। লোৱাটোৱেই হৈছে আচৰণ যিটো নিৰীক্ষণ সাধ্য।

(৫) তলত দিয়াবোৰৰ ওপৰত চমুটোকা লিখা।

(ক) সংজ্ঞানাত্মক বিকাশ।

উত্তৰঃ সংজ্ঞানাত্মক বিকাশে মানৱ প্রাণীয়ে কেনেকৈ চিন্তা কৰে, যুক্তিপ্রদান আৰু ধাৰণাসমূহ গঠন কৰে এনে সকলো কথা বতৰাৰ বিষয়ে আলোচনা কৰে । আন কথাত, এনে প্ৰক্ৰিয়াই মনৰ বিকাশ সম্পৰ্কীয় কথা বতৰাৰ বিষয়ে আলোচনা কৰে। আগশাৰীৰ মনোবিজ্ঞানী পিঁয়াজেৰ মতে, দেহৰ দৰে মনৰো নানা গঠন আছে। মনৰ বুনিয়াদী গোট বা গাঁথনিক কার্য নক্সা বুলি কোৱা হয়। এটা কাৰ্য নক্সা হৈছে এটা বস্তুত মৌলিক উপাদানসমূহৰ ভাবাত্মক বা বিমূর্ত উপস্থাপন। উদাহৰণ হিচাপে এটা শিশুৰ মুখৰ কাৰণে কাৰ্য নক্সা যতদূৰ সম্ভৱ দুটা। আনুভূমিকভাৱে স্থাপিত বৃত্তাকাৰ আকৃতিৰ (চকুদুটা) এটা ডিম্বাকাৰ গাঁথনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব ? যতদূৰ সম্ভৱ এটা কাৰ্য নক্সাই কেতিয়াও কেনো বিশেষ বস্তু বা ঘটনাৰ হুবহু প্রতিলিপি স্বৰূপ নহয়। 

এই জটিল ধাৰণাই মানসিক। সংগঠন (এটা শিশুৰ এটা বিশেষ অৱস্থাৰ ধাৰণা গ্রহণ) আৰু নিৰীক্ষণ সাধ্য আচৰণ এই দুয়োটাকে অন্তর্ভুক্ত কৰি এটা কার্য নক্সা ইয়ে অন্তর্ভুক্ত কৰি লোৱা আচৰণৰ দ্বাৰা জনা যায়, যেনে চুহি খোৱাৰ কাৰ্য নক্সা ইয়াকে সূচায় যে টে কেঁচুৱায় ভোকৰ কাৰ্য নক্সা ধৰিব পাৰে আৰু সেই কাৰণেই চুহিবলৈ লয়। ইয়াত ভোকেই হৈছে কাৰ্য নক্সা আৰু খাদ্য খাব পাবলৈ কৰা চেষ্টা অথবা চুঁহিবলৈ লোৱাটোৱেই হৈছে আচৰণ যিটো নিৰীক্ষণ সাধ্য।

(খ) নৈতিক বিকাশ।

উত্তৰঃ নৈতিক বিকাশে নীতিসমূহ অথবা নৈতিক মানদণ্ড, মূল্যসমূহ নৈতিক চেতনা আৰু এটা কাম বা কাৰ্য নৈতিকভাৱে বিচাৰ কৰা সামৰ্থ্যৰ বিকাশৰ বিষয়ে আলোচনা কৰে। প্ৰজ্ঞানাত্মক পৰিপক্কতাৰ এটা নির্দিষ্ট স্তব সিদ্ধি নকৰালৈকে ল’ৰা-ছোৱালীসকলে দুটা স্তৰৰ মাজেৰে আগবাঢ়ি যায়, য’ত দ্বিতীয় স্তৰটো নৈতিক নমনীয়তাৰ দ্বাৰা বৈশিষ্ট প্ৰদান কৰা হয়। নিয়মবোৰ বা নির্ধারিত নীতিসমূহ, অভিপ্রায়মূলক, শাস্তি আৰু ন্যায় সম্পৰ্কীয় ল’ৰা-ছোৱালীসকলৰ ধাৰণা অনমনীয়ৰ পৰা নমনীয় চিন্তালৈকে গতি কৰে। এই পৰিবৰ্তন হৈছে। জ্ঞানাত্মক বিকাশৰ এটা চিন।

প্রথম স্তৰত: শিশুৱে এটা কাম সম্পূর্ণ শুদ্ধ অথবা সম্পূর্ণ অশুদ্ধ হিচাপে চাবলৈ লয় আৰু সকলোৱে একে ধৰণে চায় বুলি ভাৱে। তেওঁ আনৰ ঠাইত নিজক স্থাপন কৰিব নোৱাৰে। কাৰ্যৰ অন্তৰালত থকা অভিপ্ৰায়ৰ সলনি প্ৰকৃতিৰ ভৌতিক পৰিমাণসমূহৰ পৰিভাষাৰে শিশুৱে কোনো এটা কামৰ বিচাৰ কৰি চোৱাৰ প্ৰচেষ্টা চলায়।

দ্বিতীয় স্তৰত: শিশুৱে আনসকলৰ স্থানত আত্ম স্থাপন কৰিব পাৰে আৰু আনসকলৰ দৃষ্টিভংগীৰে অৱলোকন কৰিব পাৰে। শিশুৱে কামৰ বিচাৰ কামৰ ফলাফলসমূহৰ দ্বাৰা নকৰি অভিপ্ৰায়সমূহৰ দ্বাৰা কৰিবলৈ লয়। শিশুৱে উপলব্ধি কৰিব পাৰে যে নিয়মসমূহ মানুহৰ দ্বাৰা তৈয়াৰ কৰা হয় আৰু এইবোৰ পৰিৱৰ্তন কৰিব পাৰি। কর্তৃপক্ষ আৰু সমনীয়াসকলৰ প্ৰতি পাৰস্পৰিক সন্মানৰ ভাৱ থাকে।

(গ) ব্যক্তিত্বৰ বিকাশ

উত্তৰঃ ব্যক্তিত্বৰ বিকাশে এগৰাকী ব্যক্তিৰ শৰীৰ, মানসিক সংস্থিতি, গুণ বা চৰিত্ৰগত বৈশিষ্ট্যসমূহ, সামৰ্থসমূহ, আশা-আকাংক্ষাসমূহ, অনুৰাগসমূহ ইত্যাদি যিবোৰ তেওঁৰ চানেকি আৰু যিবোৰ তেওঁৰ স্বতন্ত্ৰ পৰিচিতি প্ৰদান কৰে সেইবোৰৰ লগত মকামিলা কৰে।

ব্যক্তিত্বৰ ক্ষেত্ৰত এটা অতি পূৰণি আৰু উল্লেযোগ্য তত্ত্ব প্ৰদান কৰ হৈছিল ফ্ৰয়েডৰ দ্বাৰা‌ । তেওঁৰ মতে ব্যক্তিত্বৰ সৰচনাৰ তিনিটা অংশ আছে— ইড্ বা জীৱবর্ত্যাহং, অহম বা আত্মন আৰু পৰম অহম বা অত্যহং বা ছুপাৰ ইগ’ যেতিয়া পৰিতৃপ্তি বা পৰিতোষ ব্যাহত কৰা হয় অহমৰ বিকাশ হয়, ইয়ে বাস্তৱ নীতিৰ ওপৰত কাৰ্যনিৰ্বাহ কৰে আৰু পৰিতোষ লাভ কৰাৰ গ্ৰহণীয় পথ বিচাৰে। ছুপাৰ ইগ’ অথবা বিবেকে একে লিংগৰ পিতৃ-মাতৃসকলৰ সৈতে বিস্তাৰিতভাৱে চিনাক্তকৰণৰ মাজেৰে সমাজৰ নৈতিক চৰিত্ৰসমূহ সংঘবদ্ধ কৰে।

জন্মৰ লগে লগে ইড় উপস্থিত থাকে। কেঁচুৱাসকল আত্মকেন্দ্রিক, যেতিয়া পৰিতোষ ব্যাহত কৰা হয় আৰু কেঁচুৱাসকলে খাদ্যৰ বাবে অপেক্ষা কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকে অহমৰ বিকাশ সাধন কৰিবলৈ আৰম্ভ কৰে আৰুপৰিবেষ্টনীটোৰ পৰা তেওঁলোকক পৃথক কৰিবলৈ লয়। এনেকৈ জন্মৰ পিছতে অহমৰ বিকাশ হয়। ৪ অথবা ৫ বছৰৰ বয়সৰ আগতে ছুপাৰ ইগ’ৰ বিকাশ নহয় ফ্রয়েডে ব্যক্তিত্বৰ বিকাশক বুনিয়াদী যৌনশক্তি বা লিবিডোসমূহৰ প্রকাশ আৰু সংগঠন হিচাপে নিজৰ মত প্ৰকাশ কৰিছে। ফ্ৰয়েডৰ চিন্তাত মানৱ প্রাণী এটাই কেবাটাও বিভিন্ন মনোযৌন স্তৰৰ বিকাশৰ মাজেৰে (মৌখিক, গুহ্যদ্বাৰ বা পায়ু সম্বন্ধীয়, লিঙ্গ সম্বন্ধীয়, নিহিতাবস্থা আৰু বিচক্ষণ পাৰ হৈ যায়। ফ্রয়েডে ধাৰণা কৰি লৈছিল যে শৈশৱ আৰু প্ৰাৰম্ভিক মুখ্য বাল্যকালৰ ঘটনাসমূহ হৈছে বয়স্ক ব্যক্তিত্বৰ মুকা নিৰূপক। তেওঁ প্ৰথম তিনিটা স্তৰক বয়স্ক আচৰণৰ লগত সম্বন্ধ ৰাখি বিশেষভাৱে দেখিছিল। এই তিনিটা স্তৰৰ ভিতৰত আহৰণ কৰা অভিজ্ঞতাসমূহে বহুস্তকালত সংলক্ষণসমূহ নিৰূপ কৰে। ব্যক্তিসকল, যদিহে তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰা নহয় অথবা যদিহে তেওঁলোকে অধিকভাৱে সংযমহীন হয়, এটা বিশেষ স্তৰত স্থিৰ কৰি ৰখা হ’ব পাৰে। স্থিৰকৰণে এটা অপৰিপক্ক অভিগ্ৰহণৰ কথা বুজায় যিটো মনোবিকাৰগ্ৰস্ত উপায় হিচাপে থাকি যায় আৰু স্বাভাবিক বিকাশৰ সৈতে হস্তক্ষেপ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top