ASOS Class 12 Psychology Chapter 11 বিকাশঃ ইয়াৰ প্ৰকৃতি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 11 বিকাশঃ ইয়াৰ প্ৰকৃতি and select needs one.
ASOS Class 12 Psychology Chapter 11 বিকাশঃ ইয়াৰ প্ৰকৃতি
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 11 বিকাশঃ ইয়াৰ প্ৰকৃতি These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.
বিকাশঃ ইয়াৰ প্ৰকৃতি
Chapter : 11
11.1 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
(১) প্ৰতিটো উক্তিৰ বিপৰীতে সঁচা/মিছা লিখা
(ক) পৰিপক্কতা আৰু শিক্ষণ, দুটা পৃথক প্ৰক্ৰিয়া আৰু দুয়োটাৰে মাজত কোনো সম্বন্ধ নাই। (সঁচা/মিছা)
উত্তৰঃ মিছা।
(খ) জিনসমূহে শিক্ষা লাভ কৰা আৰু উচ্চ-সীমা নিৰূপণ কৰে। (সঁচা/মিছা)
উত্তৰঃ সঁচা।
(গ) বিকাশৰ বাবে সংগঠিত সকলো পৰিৱৰ্তন একে প্ৰকৃতিৰ। (সঁচা/মিছা)
উত্তৰঃ মিছা।
(ঘ) বৃদ্ধিৰ ৰেখাডালৰ মতে, বৃদ্ধি এটা চলি থকা প্ৰক্ৰিয়া। (সঁচা/মিছা)
উত্তৰঃ সঁচা।
(ঙ) সৰ্বাধিক বিকাশৰ দুটা স্তৰ হৈছে বাল্যকাল আৰু কৈশোৰ কাল। (সঁচা/মিছা)
উত্তৰঃ সঁচা।
(চ) বয়স্ককালত বৃদ্ধি বন্ধ হয়। (সঁচা/মিছা)
উত্তৰঃ মিছা।
(২) বৃদ্ধিৰ ৰেখাডাল কিয় গুৰুত্বপূৰ্ণ? দুটা কাৰণ দৰ্শোৱা।
উত্তৰঃ বৃদ্ধিৰ ৰেখাডালে বিকাশৰ গতিত হোৱা পৰিৱৰ্তনবোৰ, উচ্চতম বিকাশৰ কল আৰু বৃদ্ধিৰ আৰ্হিত হোৱা পৰিৱৰ্তনবোৰ বিচাৰি লোৱাত সহায় আগবঢ়ায়।
11.2 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
প্ৰতিটো উত্তৰ বিপৰীতে সঁচা/মিছা লিখা।
(১) বৃদ্ধি এটা অৱস্থা অথবা খেয়ালপূৰ্ণ প্ৰণালীৰে সংগঠিত হয়।
উত্তৰঃ মিছা।
(২) গড় হিচাপে তলত থকা বৌদ্ধিক বিকাশৰ এগৰাকী শিশু উচ্চ স্বাস্থ্য, সামাজিকতা আৰু দৈহিক গঠনৰ অধিকাৰী হয়।
উত্তৰঃ মিছা।
(৩) এগৰাকী শিশু যি এটা গুণৰ দিশৰ পৰা সাধাৰণ প্ৰকৃতিৰ তেওঁ আন এটা গুণৰ দিশত সাধাৰণতকৈ নিম্ন স্থানত থাকিব, কাৰণ ক্ষতিপূৰণ হৈছে বিকাশৰ সাধাৰণ নিয়ম।
উত্তৰঃ মিছা।
(৪) শিশুৰ ক্ষেত্ৰত বিকাশৰ ধাৰাবাহিকতা সুন্দৰভাৱে অপৰিৱৰ্তনীয়।
উত্তৰঃ সঁচা।
(৫) গুণসমূহ বয়স-সুনিৰ্দিষ্ট সেইকাৰণে এইবোৰ এনেভাৱেই বিকশিত হয়।
উত্তৰঃ সঁচা।
(৬) শিশুসকলে সাধাৰণ কৌশলসমূহ প্ৰদৰ্শন কৰাৰ আগতে বিশেষ কৌশলসমূহ প্ৰদৰ্শন কৰে।
উত্তৰঃ মিছা।
(৭) শিশুসকলৰ ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোক অধিক আত্মনিৰ্ভৰশীল হয়।
উত্তৰঃ সঁচা।
(৮) শিশু আৰু বয়স্কৰ মাজত মৌলিক পাৰ্থক্যটো হৈছে এয়াই যে আগৰসকল অহংকেন্দ্ৰিক আৰু পিছৰসকল অপৰকেন্দ্ৰিক।
উত্তৰঃ সঁচা।
(৯) কেচুৱাই সৰু সৰু বস্তুবোৰ ওপৰত মনোযোগ দিয়াৰ আগতে ডাঙৰ বস্তুবোৰ চাব পৰা হয়গৈ।
উত্তৰঃ সঁচা।
(১০) কাৰণ বিকাশ ধাৰাবাহিক, এটা নিৰ্দিষ্ট স্তৰত যিটো সংগঠিত হয় সেইটোৱে পৰৱৰ্তী স্তৰবোৰত প্ৰভাৱ পেলায়।
উত্তৰঃ সঁচা।
(১১) প্ৰতিগৰাকী ব্যক্তিয়ে স্বভাৱিকভাৱে বিকাশৰ প্ৰতিটো মুখ্যস্তৰ অতিক্ৰম কৰি আগবাঢ়ি যায়।
উত্তৰঃ সঁচা।
11.3 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ
তলত দিয়া সমস্যাবোৰ অধ্যায়ন কৰা আৰু সেইবোৰৰ বাবে উপযুক্ত অভিগমনৰ কথা উল্লেখ কৰা।
(১) শৈশৱত পৰ্যোৱেক্ষণ কৰা বৈশিষ্ট্যবোৰ যেনে আক্ৰমণ আৰু অবিশ্বাস বাল্যৱস্থালৈ অটুট থাকিব নেকি?
উত্তৰঃ দীৰ্ঘ।
(২) ভূতৰ ওপৰত চিনেমা চোৱাৰ পিছৰ ল’ৰা-ছোৱালীসকলে বিভিন্ন স্তৰত একেধৰণৰ আৱেগিক প্ৰতিক্ৰিয়া দেখুৱাব নেকি?
উত্তৰঃ পথলীয়া।
(৩) বিভিন্ন সংস্কৃতিৰ অধীন পাঁচ বছৰীয়া শিশুসকলে একেধৰণৰ বৌদ্ধিক সামৰ্থ্য দেখুৱাব নেকি?
উত্তৰঃ পথলীয়।
(৪) চকু-হাতৰ সমন্বয়ৰ আৰ্হি সম্পৰ্কীয় পৰীক্ষা চলোৱাৰ বাবে কোনটো বয়সত ল’ৰাছোৱালীসকলক পৰ্যবেক্ষণ কৰা উচিত?
উত্তৰঃ পথলীয়া।
(৫) আগতীয়াকৈ পিতৃ-মাতৃৰ পৰা বঞ্চিত হোৱা ল’ৰা-ছোৱালীসকলৰ পূৰ্ব কৈশোৰ কালৰ সমাযোজনাত প্ৰভাৱ সম্পৰ্কে অধ্যয়ন চলোৱা।
উত্তৰঃ দীৰ্ঘ।
(৬) জন্মৰ পৰা পাঁচ বছৰ বয়সৰ ভিতৰত ল’ৰা-ছোৱালীসকলৰ সামাজিক প্ৰতিক্ৰিয়া অধ্যয়ন।
উত্তৰঃ পথলীয়া।
পাঠ্য শেহান্ত অনুশীলনৰ উত্তৰঃ
(১) বিকাশ শব্দটো ব্যাখ্যা কৰা।
উত্তৰঃ সৰল ভাষাত বিকাশ হৈছে এটা প্ৰক্ৰিয়া যাৰ সহায়ত এগৰাকী ব্যক্তি সমগ্ৰ জীৱন কালত পৰিণত আৰু পৰিৱৰ্তিত হয়। এনে পৰিৱৰ্তনক অতি প্ৰণালীবদ্ধ আৰু সু-সংগঠিতপূৰ্ণ এটা অগ্ৰসৰমুখী অনুক্ৰমপূৰ্ণ পৰিৱৰ্তনৰ ধৰা হিচাপে সুত্ৰায়িত কৰিব পাৰি যিয়ে পৰিপক্কতাৰ লক্ষ্যৰ দিশলৈ আগুৱাই নিয়ে।
‘অগ্ৰসৰমুখী’ পৰিভাষাই ইয়াকেই সূচায় যে পৰিৱৰ্তনবোৰ দিশাভিমুখী, অগ্ৰগামি আৰু পিছমুখী নহয়।
সুবিন্যস্ত আৰু সুসংগতিপূৰ্ণ শব্দ দুটাই ইয়াকেই সূচায় যে বিকাশমূলক অনুক্ৰমত থকা বিভিন্ন স্তৰৰ মাজত নিশ্চিত সম্পৰ্ক আছে। প্ৰতিটো পৰিৱৰ্তনেই পূৰ্বৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল আৰু বৰ্তমান পৰিৱৰ্তনে পৰৱৰ্তী পৰিৱৰ্তনৰ কথা নিৰ্ধাৰণ কৰে।
গতিকে বিকাশক আমি সংক্ষিপ্তভাৱে তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰো:
(ক) বিকাশ অগ্ৰসৰমুখী, সুসংগতিপূৰ্ণ আৰু সুবিন্যস্ত পৰিৱৰ্তনসমূহক অন্তৰ্ভুক্ত কৰি লোৱা প্ৰক্ৰিয়া,
(খ) বিকাশ হৈছে নিৰ্দিষ্ট দিশ থকা আৰু অগ্ৰগামী পৰিৱৰ্তনসমূহক সামৰি লোৱা প্ৰক্ৰিয়া,
(গ) বিকাশ হৈছে পৰিৱৰ্তনসমূহ বিশৃঙ্খলভাৱে আগনাবঢ়ি প্ৰচলিত আৰু পৰৱৰ্তী পৰ্যায়ত ঘটিবলগীয়া প্ৰক্ৰিয়াৰ মাজত নিৰ্দিষ্ট সম্বন্ধ থকা এটা প্ৰক্ৰিয়া।
(২) বিকাশ সংগঠিত কৰা মূল প্ৰক্ৰিয়া দুটা কি কি?
উত্তৰঃ বিকাশ দুটা প্ৰধান প্ৰক্ৰিয়াৰ মাজেৰে সংগঠিত হয়। সেয়া হ’ল:
(ক) পৰিপক্কতা। আৰু
(খ) শিক্ষণ
(৩) বিকাশৰ মূল নীতিসমূহৰ বিষয়ে ব্যাখ্যা কৰা। এই নীতিসমূহৰ যিকোনো তিনিটা ব্যাখ্যা দাঙি ধৰাৰ বাবে উদাহৰণ দিয়া।
উত্তৰঃ সকলো ব্যক্তিয়ে যদিও বা নিজস্ব বিশিষ্ট ধৰণে আৰু নিজস্ব পৰিৱেশ অনুসৰি পৰিণত হয় বিকাশৰ অন্তৰালত বিশেষ কিছুমান নীতিয়ে কাম কৰে যিবোৰ সকলো ব্যক্তিৰে ক্ষেত্ৰত লক্ষ্য কৰিব পাৰি। এইবোৰক বিকাশৰ মূলনীতি বুলি কোৱা হয়। এইবোৰৰ বিষয়ে ব্যাখ্যা দাঙি ধৰা হ’লঃ
(১) বিকাশে একোটা আৰ্হি অনুসৰণ কৰে: মানুহৰ ক্ষেত্ৰত বিকাশ সংগঠিত ৰূপত, প্ৰণালীবদ্ধ আৰু আৰ্হিমূলক ৰীতিত সংঘটিত হয়। ৰপতিটো প্ৰজাতিৰে একো একোটা বিশিষ্ট আৰ্হি আছে যিবোৰ সকলো প্ৰতিনিধিয়ে অনুসৰণ কৰে। বিকাশৰ অনুক্ৰমো একে প্ৰকৃতিৰ। উদাহৰস্বৰূপে, সকলো কেচোৱাই বাগৰিবলৈ, আঠুকাঢ়িবলৈ, থিয় হ’বলৈ আৰু তাৰ পিছত খোজ কাঢ়িবলৈ শিকে। তেওঁলোকে হয়তু কোনো এটা স্তৰ চেৰাই যায়, কিন্তু তেওঁলোকৰ অনুক্ৰম বা আৰ্হি একেধৰণেই থাকে।
ব্যাকৰণ শিকাৰ সময়ত সদায়ে ক্ৰিয়াসমূহৰ আগতে বিশেষ্য পদসমূহ শিকা হয়। কিছুমান শিশুৱে একে কালতে দুয়োটা শিকিব পাৰে কিন্তু বিশেষ্যৰ বিষয়ে জনকৈ ক্ৰিয়াসমূহৰ বিষয়ে শিকিব নোৱাৰি। পাছৰ বিকাশ, প্ৰতিটো স্তৰতেই আগৰ বিকাশৰ ফলাফলৰ দ্বাৰা প্ৰভাৱিত হয় আৰু এনে ফলাফল অনুসৰণ কৰে। উদাহৰণ হিচাপে এগৰাকী শিশুৱে প্ৰথমে থিয় হ’বলৈ শিকে, তাৰ পিছত খোজকাঢ়িবলৈ আৰু তেওঁৰ স্থায়ী দাঁত দেখা দিয়াৰ আগতে প্ৰথমে তেওঁৰ কেঁচুৱাৰ দাত গজে।
(২) বিকাশ আগবাঢ়ে সাধাৰণৰ পৰা বিশেষলৈ (সৰ্বাত্মক বা বিশ্লেষণীয়): বিকাশৰ প্ৰতিটো স্তৰতে শিশুৰ প্ৰতিক্ৰিয়াসমূহ, এইবোৰ সঞ্চালমূলকেই হওঁক বা মানসিকেই হওঁক বিশিষ্ট ধৰণৰ বা পৃথকীকৰণ হোৱাৰ আগতে প্ৰথমে সাধাৰণ প্ৰকৃতিৰ হয়। উদাহণস্বৰূপে, এগৰাকী নৱজাতকে প্ৰথম এবাৰতে তেওঁ তেওঁৰ গোটেই শৰীৰটো ঘূৰায় তাৰ পাছতহে যিকোনো এটা অংশ ঘুৰাবলৈ শিকে। এনে ধৰণে যদিহে এটা শিশুৰ ওচৰত এটা পুতলা ৰখা হয় তেওঁ পুতলাটোৰ ওচৰলৈ যোৱাৰ বাবে সমগ্ৰ দেহাটো ঘূৰাব আৰু পুতলাটো ল’ব। এগৰাকী বয়স্ক শিশুৱে কিন্তু একমাত্ৰ হাতখনহে আগবঢ়াই দিব কাৰণ সি জনে যে এনে কাৰ্যৰ দ্বাৰাই উদ্দেশ্য সাধন হ’ব।
(৩) বিকাশে সংহতিৰ দিশলৈ আগবঢ়াই নিয়ে: এবাৰ যদি শিশুৱে বিশেষ বা পৃথকীকৃত প্ৰক্ৰিয়াসমূহ শিকি লয়, তেতিয়া বিকাশ প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ লগে লগে, শিশুৱে সমন্বয় সাধন কৰিবলৈ শিকিব পাৰে অথবা এটা সামগ্ৰিক আকাৰ গঠন কৰিবলৈ এই বিশেষ প্ৰক্ৰিয়াবোৰ সংযুক্ত কৰিবলৈ শিকে।উদাহৰণস্বৰূপে, চালুকীয়া শিশু এগৰাকীয়ে আৰম্ভণিতে একক, স্বতন্ত্ৰ শব্দবোৰ ক’বলৈ শিকে। পৰৱৰ্তী সময়ত ভাষাৰ আকাৰত এনে শব্দবোৰ একে লগ কৰি বাক্য গঠন কৰিবলৈ সমৰ্থ হয়। একেদৰে এগৰাকী চালুকীয়া শিশুৰ এখন গাড়ী সম্পৰ্কে এটা বিশেষ ধাৰণা থাকিব পাৰে। পৰৱৰ্তী সময়ত তেওঁ ডাঙৰ হোৱাৰ লগে লগে, নিজৰ ধাৰণাৰ লগত আন দিশৰ সমন্বয় ঘটাবলৈ সক্ষম হোৱাৰ লগে লগে তেওঁৰ ধাৰণাই প্ৰসাৰ লাভ কৰে।
(৪) বিকাশৰ নীতিসমূহৰ জ্ঞানে আমাক কেনেভাৱে সহায় কৰে?
উত্তৰঃ (১) বিকাশৰ নীতিসমূহক আমি কি আশা কৰা উচিত আৰু কেতিয়া আশা কৰা উচিত সেই সম্পৰ্কে জনত আমাক সহায় কৰে। এনে কাৰ্যই এটা নিৰ্দিষ্ট বয়সত শিশুৰ সক্ষমতাৰ এখন নিখুঁত ছবি দাঙি ধৰে।
(২) বিকাশৰ নীতিসমূহে শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত কেতিয়া উৎসাহ বৰ্ধন কৰা উচিত আৰু কেতিয়া উৎসাহ বৰ্ধন কৰা অনুচিত সেই বিষয়ে সংবাদ প্ৰদান কৰে। অৰ্থাৎ এইবোৰে সুবিধাসমূহ প্ৰদান কৰে অথবা সংবাদলৈ অপেক্ষা কৰাৰ পৰিৱেশ সৃষ্টি কৰে।
(৩) শিশুসকলৰ সৈতে কাম কৰা পিতৃ-মাতৃ, শিক্ষকসকলে আৰু অন্যান্য সকলোকে দৈহিক পৰিৱৰ্তনসমূহ, অনুৰাগসমূহ আৰু আচৰণসমূহৰ সম্ভাৱ্য পৰিৱৰ্তনসমূহ ৰ বাবে নিজকে আগতীয়াকৈ প্ৰস্তুত কৰি লোৱাৰ বাবে বিকাশৰ নীতিসমূহে সহায় আগবঢ়ায়। এই নীতিসমূহে শিক্ষকসকলে কি পঢ়োৱা উচিত, কেতিয়া পঢ়োৱা উচিত আৰু কেনেকৈ পঢ়োৱা উচিত সেই বিষয়ে জনাৰ সহায় কৰে।
এগৰাকী ব্যক্তিয়ে যিসমূহ স্তৰ অতিক্ৰম কৰি বিকাশ লাভ কৰে তেনে বিভিন্ন স্তৰসমূহৰ বিষয়ে উপলব্ধি কৰাৰ বাবে বিকাশৰ নীতিসমূহে এটা ভেঁটি নিৰূপণ কৰে। অৱশ্যে ব্যক্তিৰ দেহৰ ভিতৰত আৰু বাহিৰত সংঘটিত নিশ্চিত কিছুমান অৱস্থাৰ দ্বাৰা বিকাশৰ নিৰিখ আৰু আৰ্হি পৰিৱৰ্তন সম্ভৱ হয়। কিছুমান বিশেষ উপাদান যেনে পুষ্টি, যৌনতা, বুদ্ধি, আঘাত আৰু বেমাৰ-আজাৰ, জাতি সংস্কৃতি ইত্যাদিয়েও এনে পাৰ্থক্যৰ দিশলৈ অৱদান যোগায়।
(৫) তলত দিয়াবোৰৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা।
(ক) পৰিপক্কতা আৰু শিক্ষণ
উত্তৰঃ (১) পৰিপক্কতা আৰু শিক্ষণ হৈছে দুটা প্ৰক্ৰিয়া যাৰ সহায়ত বিকাশ সংঘটিত হয়।
(২) পৰিপক্কতা এগৰাকী ব্যক্তিৰ জিনত থকা উপাদান হিচাপে স্বৰূপে ব্যৱহাৰযোগ্য সামগ্ৰীসমূহৰ বাবে সংঘটিত হয়।
(৩) বিভিন্ন কাৰ্য সম্পাদনৰ আকাৰত পৰিৱেশৰ সৈতে হোৱা শাৰীৰিক ক্ৰিয়া (আন্তঃক্ৰিয়া) অথবা শিক্ষণ আচৰণত হোৱা পৰিৱৰ্তনৰ প্ৰকাশিত হয়।
(৪) পৰিপক্কতা আৰু শিক্ষণ পৰিপূৰক প্ৰক্ৰিয়া।
(খ) অনুদৈৰ্ঘ্যমূলক আৰু অনুপ্ৰচ্ছেদমূলক অভিগমন।
উত্তৰঃ অনুপ্ৰচ্ছেদমূলক অভিগমন:
(১) দীঘলীয়া অধ্যয়নবোৰত সাধাৰণতে সংঘটিত নমুনাৰ শক্তি হ্ৰাসৰ সমস্যা ইয়ে প্ৰতিহত কৰে।
(২) ই খৰচৰ দিশৰ পৰা ফলপ্ৰসূ, সময় ৰাহি কৰে আৰু খতিয়ান ৰক্ষা কৰা কাম সহজে কৰি তোলে।
(৩) ই প্ৰয়োগসাধ্য।
অনুদৈৰ্ঘ্যমূলক অভিগমন:
(১) দীঘলীয়া সময়ৰ বাবে বৃহৎ নমুনাৰ লগত সম্বন্ধ ৰখা কৰাৰ ক্ষেত্ৰত নানা অসুবিধাৰ মুখামুখি হ’বলগীয়া হয়।
(২) এই পদ্ধতি সময় খৰচী ব্যয়বহুল।
(৩) পুনঃ পুনঃ পৰীক্ষা চলোৱাৰ বাবে অধীনস্থ লোক বা উপলক্ষ্যে পৰীক্ষাৰ দ্বাৰা প্ৰভাৱিত হয় আৰু এনে প্ৰক্ৰিয়াই ৰাশিসমূহৰ উপৰত প্ৰভাৱ পেলায়।
(গ) অহংকেন্দ্ৰিকতাবাদ আৰু অপকেন্দ্ৰিকতাবাদ।
উত্তৰঃ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত এটা শিশু অধিক আত্মকেন্দ্ৰিক হয় আৰু তেওঁ আনৰ বিষয়ে বৰকৈ নাভাৱে। তেওঁৰ নিজৰ প্ৰয়োজন আৰু আশা-আকাংক্ষাবোৰেই তেওঁৰ বাবে প্ৰকৃত বাস্তৱ। তেওঁ আনকি তেওঁৰ মাক-দেউতাকে কি বাবে অথবা উপলব্ধি কৰে সেই কথাও গ্ৰহণ কৰিব নোখোজে। উদাৰণস্বৰূপে, যদিহে খোৱাৰ ইচ্ছা হয় তেতিয়া এটা দুবছৰীয়া শিশুৱে মাজ নিশাও এটুকুৰা চকলেটৰ বাবে ঠেহ পাতিব আৰু কন্দিব। তেওঁ কেতিয়াও বুজিবলৈ চেষ্টা নকৰে যে তেওঁ দাবী তেনে অৱস্থাত পূৰণ কৰা সম্ভৱ নহয় কাৰণ তেনে সময়ত বজাৰৰ দুকানবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। তেওঁ ডাঙৰ হোৱাৰ লগে লগে যিকোনো প্ৰকাৰে তেওঁৰ এনে আত্মকেন্দ্ৰিককতাভাৱ আঁতৰি গৈ অপকেন্দ্ৰিকতা অথবা আনৰ প্ৰতি লক্ষ্য ৰখা অথবা আনৰ প্ৰতি মননশীল হোৱা ভাৱলৈ পৰিৱৰ্তিত হয়। এগৰাকী দহ বছৰীয়া শিশুৱে দুবছৰীয়া শিশুটিৰ দৰে একে আকাংক্ষাৰ বশৱৰ্তী হৈ এনে অসম্ভৱ দাবী কেতিয়াও উহুাপন নকৰে। কাৰণ তেওঁ মাক-দেউতাকক বিৰক্ত কৰিব নিবিচাৰে।
(ঘ) পৰনিৰ্ভৰশীলতা আৰু স্বনিৰ্ভৰশীলতা।
উত্তৰঃ হেট্যান্যামীৰ অৰ্থ হৈছে পৰৰ বশ অৱস্থা অথবা আনৰ ওপৰত নিৰ্ভৰশীল হোৱা। আনহাতে অটৱন্যামিৰ অৰ্থ হৈছে স্বাশসন অৰ্থাৎ আত্মনিৰ্ভৰশীলতা। চালুকীয়া শিশুসকল তেওঁলোকৰ যত্ন আৰু কল্যাণকৰ কাৰ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হয়। কিন্তু কিশোৰ-কিশোৰীসকলে তেওঁলোকৰ নিজৰ যত্ন লোৱাৰ বাবে নিজে নিজে সক্ষম হয়। এনে কাৰ্যই পৰনিৰ্ভৰশীলতাৰ পৰা স্বনিৰ্ভৰশীলতালৈ গতি কৰা কথাটোকে পৰিস্ফূত কৰে। এগৰাকী চালুকীয়া শিশুৱে, ভোগ লাগিলে, মাকে খাদ্য দিয়ালৈ অপেক্ষা কৰিব। আনহাতে, এগৰাকী কিশোৰে, নিজে নিজৰ বাবে খাদ্য সূচল কৰি ল’ব পাৰে।