ASOS Class 12 Psychology Chapter 10 আৱেগ

ASOS Class 12 Psychology Chapter 10 আৱেগ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Psychology Chapter 10 আৱেগ and select needs one.

ASOS Class 12 Psychology Chapter 10 আৱেগ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. ASOS Class 12 Psychology Chapter 10 আৱেগ These solutions are part of SCERT All Subject Solutions. Here we have given Solutions for All Subject, You can practice these here.

আৱেগ

Chapter : 10

10.1 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা:

(ক) আৱেগ এজন ব্যক্তিৰ_____ অৱস্থা।

উত্তৰঃ আৱেগ এজন ব্যক্তিৰ আনন্দদায়ক অৱস্থা।

(খ) (আৱেগ) ‘Emotion’ শব্দটো লেটিন শব্দ_____ ৰ পৰা আহিছে।

উত্তৰঃ (আৱেগ) ‘Emotion’ শব্দটো লেটিন শব্দ Emovere ৰ পৰা আহিছে।

(গ) ____,_____ প্ৰত্যেকটো আৱেগৰ উপাদান।

উত্তৰঃ সংজ্ঞামূলক, শৰীৰমূলক আৰু আচৰণগত আৱেগমূলক প্ৰত্যেকটো আৱেগৰ উপাদান।

(ঘ) আৱেগে অভিপ্ৰায়ৰ বাবে_____ যোগান ধৰে।

উত্তৰঃ আৱেগে অভিপ্ৰায়ৰ বাবে আনন্দদায়ক যোগান ধৰে।

(ঙ) _____ আৰু আৱেগিক অভিজ্ঞতাৰ সংজ্ঞামূলক প্ৰক্ৰিয়াৰ গুৰুত্বক স্পষ্ট কৰি তোলে।

উত্তৰঃ শক্তি আৰু আৱেগিক অভিজ্ঞতাৰ সংজ্ঞামূলক প্ৰক্ৰিয়াৰ গুৰুত্বক স্পষ্ট কৰি তোলে। 

(২) তলত দিয়া বাক্যবোৰ সঁচা নে মিছা লিখা।

(ক) আৱেগৰ বিকাশৰ ক্ষেত্ৰত পৰিপক্কতা আৰু শিক্ষণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(খ) আমাৰ চিন্তা আৰু যুক্তি প্ৰক্ৰিয়াত আৱেগৰ কোনো প্ৰভাৱ নাই। (সঁচা/মিছা)

উত্তৰঃ মিছা।

(গ) আনন্দদায়ক আৱেগিক অভিজ্ঞতাই ভাল ভাবাৱেগৰ সৃষ্টি কৰে। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

(ঘ) কেনন আৰু বাৰ্ডৰ মতে শাৰীৰিক পৰিৱৰ্তন আৰু আৱেগৰ অনুভৱ একেলগে হয়। (সঁচা/মিছা)

উত্তৰঃ সঁচা।

10.2 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰা:

(ক) স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ দুটা ভাগ হ’ল____ আৰু_____।

উত্তৰঃ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ দুটা ভাগ হ’ল সংবেদি স্নায়ুতন্ত্ৰ প্ৰক্ৰিয়া আৰু অসংবেদি স্নায়ুতন্ত্ৰ প্ৰক্ৰিয়া।

(খ) আমি যেতিয়া____ অনুকম্পী পদ্ধতি সক্ৰিয় হৈ থাকে।

উত্তৰঃ আমি যেতিয়া উত্তেজিত অনুকম্পী পদ্ধতি সক্ৰিয় হৈ থাকে।

(গ) কম পৰিমাণৰ উদ্দীপনাই পাৰদৰ্শিতা_____ ।

উত্তৰঃ কম পৰিমাণৰ উদ্দীপনাই পাৰদৰ্শিতা বৃদ্ধি পায়।

(২) আৱেগিক উদ্দীপনা কি? উদ্দীপনা কেনেদৰে পৰিমাপন কৰিব পাৰি?

উত্তৰঃ আৱেগিক উত্তেজনাৰ সময়ত অনুভূতিৰ উদ্দীপনা বুলি কোৱা হয়। আৱেগিক উদ্দীপনা বুকুৰ ধপধপনি, উশাহ-নিশাহ, চকুৰ মনিৰ আকাৰ, ছালৰ সংকোচন ইত্যাদিৰ জৰিয়তে পৰিমাপন কৰিব পাৰি।

10.3 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(১) আৱেগিক উত্তেজনাৰ সময়ত কি কি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হয়?

উত্তৰঃ আৱেগিক উত্তেজনাৰ সময়ত হোৱা পৰিৱৰ্তন জৈৱিক, শাৰীৰিক আৰু মানসিক দিশত হয়।

(২) উপযুক্ত শব্দৰে শূন্য স্থান পূৰ্ণ কৰা:

(ক) দুখবোধৰ সময়ত তোমাৰ মাত____ আৰু____ ।

উত্তৰঃ দুখবোধৰ সময়ত তোমাৰ মাত কঁপি উঠে আৰু ভাঙি যায়।

(খ) শক্তিশালী আৱেগিক উত্তেজনাৰ সময়ত চিন্তাশক্তি আৰু যুক্তিক্ষমতা_____ প্ৰভাৱান্বিত হয়।

উত্তৰঃ শক্তিশালী আৱেগিক উত্তেজনাৰ সময়ত চিন্তাশক্তি আৰু যুক্তিক্ষমতা বিপৰীতভাৱে প্ৰভাৱান্বিত হয়।

(৩) তলত দিয়া বাক্যবোৰ সত্য নে অসত্য লিখা।

(ক) আমি ভঙ্গিমাবোৰ সমাজ আৰু সংস্কৃতিৰ পৰা শিকো। (সত্য/অসত্য)

উত্তৰঃ সত্য।

(খ) যেতিয়া তুমি দুখিত হোৱা তোমাৰ স্বৰ উচ্চ হয়। (সত্য/অসত্য)

উত্তৰঃ অসত্য।

(গ) আমি ভাৱ-ভঙ্গিমাবোৰ সমাজৰ পৰা শিকো। (সত্য/অসত্য)

উত্তৰঃ সত্য।

10.4 পাঠ্য অন্তৰ্গত প্ৰশ্নাৱলীৰ উত্তৰঃ

(ক) ভয়ৰ সৃষ্টি কৰা পৰিস্থিতিবোৰ_____, ______ লগে সলনি কৰা।

উত্তৰঃ ভয়ৰ সৃষ্টি কৰা পৰিস্থিতিবোৰ বয়স বঢ়াৰ লগে সলনি হয়।

(খ) ভয়____ আৱেগ আনহাতে মৰম_____ আৱেগ।

উত্তৰঃ ভয় ধনাত্মক আৱেগ আনহাতে মৰম ঋণাত্মক আৱেগ।

(গ) উৎকণ্ঠাৰ কাৰণ_____ ভয়ৰ আৱেগ সৃষ্টি কৰিব পৰা স্মৃতিও হ’ব পাৰে।

উত্তৰঃ উৎকণ্ঠাৰ কাৰণ কাল্পনিক বা ভয়ৰ আৱেগ সৃষ্টি কৰিব পৰা স্মৃতিও হ’ব পাৰে।

সমাপ্তিৰ অনুশীলনৰ উত্তৰঃ

(ক) আৱেগ কি? ধনাত্মক আৰু ঋণাত্মক আৱেগৰ উদাহৰণ দিয়া।

উত্তৰঃ আৱেগৰ ইংৰাজী প্ৰতিশব্দ ‘Emotion’ শব্দটো লেটিন ভাষাৰ ’emovere’ শব্দৰ পৰা লোৱা হৈছে, যাৰ অৰ্থ ‘stir up’ বা আন্দোলিত হোৱা, উত্তেজিত হোৱা, গতিশীল হোৱা। সাধাৰণতে আৱেগ বুলিলে ব্যক্তি এজনৰ মনৰ আন্দোলিত হোৱা অৱস্থাক বুজায় যি অৱস্থাত বস্তুনিষ্ঠ অভিজ্ঞতা আৰু ক্ৰিয়ামূলক প্ৰতিক্ৰিয়া অন্তৰ্নিহিত হৈ থাকে। 

খং, হিংসা, ভয়, আনন্দ, উৎকণ্ঠা, উল্লাস আদি শব্দসমূহৰ দ্বাৰা আমি আমাৰ মনত যিবিলাক বিশেষ অৱস্থাৰ কথা বুজি পাওঁ সেই অৱস্থা বিলাককে আৱেগ বুলি কোৱা হয়।

ভাল লগা বা আনন্দদায়ক আৱেগসমূহ ধনাত্মক আৱেগ আনহাতে উগ্ৰতা, ভয়, বিৰক্তি ইত্যাদিবোৰ ঋণাত্মক আৱেগৰ উদাহৰণ।

(খ) আৱেগৰ সাধাৰণ বৈশিষ্ট্যবোৰ চমুকৈ আলোচনা কৰা।

উত্তৰঃ আৱেগৰ সাধাৰণ বৈশিষ্ট্যবোৰ হ’ল–

(ক) একে পৰিস্থিতিতে বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ আৱেগৰ সৃষ্টি হ’ব পাৰে।

(খ) কোনো এবিধ নিৰ্দিষ্ট আৱেগ বিভিন্ন পৰিস্থিতিৰ ফলত সৃষ্টি হ’,ব পাৰে।

(গ) আৱেগৰ পৰিস্থিতিত মানুহৰ কাৰ্য ক্ষমতা বহু পৰিমাণে পৰিৱৰ্ত্তন হয়।

(ঘ) আৱেগ শৰীৰ আৰু মন দুয়োটাৰে ওপৰত প্ৰভাৱ পেলায়।

(ঙ) প্ৰত্যেক আৱেগৰ এটা আৰম্ভণি বিন্দু, একে শীৰ্ষবিন্দু থাকে। আৰম্ভণি আৰু শেষ বিন্দুৰ মাজৰ সময়ছোৱাত আৱেগ অনুভূত হয়।

(চ) বাহ্যিক পৰিস্থিতিৰ উপৰিও শৰীৰৰ কিছুমান বিশেষ অৱস্থায়ো আৱেগৰ সৃষ্টি কৰে।

(ছ) প্ৰতিটো আৱেগৰ কিছুমান বাহ্যিক প্ৰকাশ থাকে।

(জ) আৱেগ প্ৰকাশ নকৰিলে আৱেগ কমি যায়।

কোনো এজন ব্যক্তিৰ উচ্চ হাৰৰ বা নিম্নহাৰৰ আৱেগিক উজ্জিপন আৰু সদৰ্থক আৰু নঞাৰ্থক (আনন্দদায়ক আৰু বিৰক্তিদায়ক) আৱেগিক অভিজ্ঞতাৰ অনুভূতি হ’ব পাৰে।

যদিও আৱেগিক প্ৰতিক্ৰিয়া দেখুওৱাৰ সাধাৰণ সামৰ্থ জন্মতে এটি শিশুৰ থাকে তথাপিও আৱেগিক বিকাশ প্ৰক্ৰিয়াটো পৰিচালিত হয় পৰিপক্কতা আৰু চিকাজৰ জৰিয়তে। শিশুসকলে হাঁহি, কান্দোনৰ জৰিয়তে আৱেগিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কল্পনাশক্তি আৰু বোধশক্তিৰ বিকাশৰ লগে লগে পৰিয়াল-পৰিজন আৰু অচিনাকী বা আচহুৱা ব্যক্তিৰ মাজত পাৰ্থক্য কৰিবলৈ শিকে আৰু অচিনাকী ব্যক্তিৰ প্ৰতি ভয় বা সন্দেহৰ ভাৱ প্ৰকাশ কৰিবলৈ শিকে।

শিশুসকলে তেওঁলোকৰ আৱেগ পিতৃ-মাতৃ, ভাতৃ-ভগ্নী আৰু পৰিয়ালৰ আন আন সদস্যসকলক অনুকৰণ কৰি প্ৰকাশ কৰিবলৈ শিকে। উদাহৰস্বৰূপে সামাজিক আদান-প্ৰদানৰ ক্ষেত্ৰত প্ৰায়েই খং আৰু আনন্দৰ অনুভূতি প্ৰকাশ হোৱা দেখা যায় আৰু এটি শিশুৱে এইবোৰ নিৰীক্ষণ আৰু অনুকম্পাৰ জৰিয়তে খং, আনন্দৰ আৱেগৰ প্ৰকাশ কৰিবলৈ শিকে। আৱেগিক বিকাশৰ প্ৰক্ৰিয়াত শিক্ষণৰ ভূমিকাতো স্পষ্টভাৱে বুজি পাম যদিহে আমি কিছুমান বিশেষ সংস্কৃতিৰ সাংস্কৃতিক প্ৰকাশভঙ্গীক লক্ষ্য কৰো। উদাৰণস্বৰূপে, আমাৰ ভাৰতীয় সংস্কৃতিত, পিতৃয়ে সাধাৰণতে পুত্ৰৰ প্ৰতি থকা মৰম সকলোৰে আগত ৰাজহুৱাভাৱে প্ৰকাশ নকৰে কাৰণ ভাৰতীয় সমাজত এইটো আচৰণক সুদৃষ্টিৰে চোৱা নহয় আনহাতে পাশ্চাত্য সমাজত এনে কোনো বাধ্য-বাধকতা বা প্ৰথা নাই। আন্ধাৰৰ প্ৰতি ভয়, বজ্ৰপাতৰ প্ৰতি ভয়, বিশেষ কিছুমান জীৱ-জন্তুলৈ ভয় ইত্যাদিৰ বাবে অনুবন্ধন বা চৰ্তসাপেক্ষে শিক্ষণ অভিজ্ঞতা দায়ী।

(গ) আৱেগ আৰু অভিৰোচনৰ সম্বন্ধ ব্যাখ্যা কৰা।

উত্তৰঃ আৱেগ আৰু অভিৰোচনৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ আছে। আমাৰ দৈনন্দিন অভিজ্ঞতাসমূহৰ লগত আৱেগৰ লগতে অভিৰোচনৰো সম্বন্ধ আছে পগলা কুকুৰে খেদিলে ভয় খাই আমি সহায়ৰ বাবে চিঞৰিম। এনে পৰিস্থিতিত ‘ভয়’ৰ আৱেগে পগলা কুকুৰৰ পৰা দৌৰি ৰখা পোৱাৰ লক্ষ্য পূৰণ কৰাৰ ক্ষেত্ৰত এটা ‘অভিপ্ৰায়’ বা অভিৰোচকৰ ভূমিকা পালন কৰিছে। ‘ভয়’ৰ আৱেগে নিৰাপত্তাৰ প্ৰয়োজনৰ ফলত হোৱা কাৰ্যৰ ভূমিকাও পালন কৰিছে। এনেদৰে অভিপ্ৰায় অভিৰোচকে আৱেগিক আচৰণৰ সৃষ্টি কৰে আৰু আৱেগ প্ৰকৃত অভিৰোচনৰ সৃষ্টিৰ বাবে অভিৰোচিত আচৰণৰ সৃষ্টিৰ ক্ষেত্ৰত অৰিহণা যোগায়।

আনন্দদায়ক আৱেগিক অভিজ্ঞতা দান কৰা কাৰ্য কৰিবলৈ আমি আগ্ৰাহান্বিত হোৱা আৰু বিৰক্তিৰ বা দুঃখদায়ক অভিজ্ঞতা হোৱা কাৰ্য কৰাটো এৰাই চলো। আৱেগসমূহে অভিপ্ৰায় বা অভিৰোচকসমূহৰ বাবে শক্তিৰ উত্তম হিচাপে কাম কৰে। আৱেগ যিমান শক্তিশালী হ’ব অভিৰোচনৰ স্তৰ সিমানে উচ্চ হ’ব। যিমানে আমি বেছি শক্তি পাম সিমানে শক্তিশালী বা দৃঢ় আচৰণ দেখুৱাব পাৰিম। যিমানে আমাৰ খং উঠিব সিমানে যুঁজিবলৈ শক্তি পাম।

(ঘ) আৱেগিক আচৰণত জীৱদেহৰ শাৰীৰিক প্ৰক্ৰিয়াৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰঃ আৱেগিক অভিজ্ঞতা লাভৰ প্ৰক্ৰিয়াটো বহুধৰণৰ শাৰীৰিক প্ৰক্ৰিয়া অন্তৰ্ভুক্ত হৈ থাকে। শাৰীৰিক ক্ৰিয়াসমূহৰ সৰহভাগেই স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ অনুকম্পী (জাগ্ৰত কৰি তোলা) আৰু সহস্নৈহিক দাবী কৰি থকা দ্বাৰা পৰিচালিত আৰু নিয়ন্ত্ৰিত হয়।

আৱেগিকভাৱে আন্দোলিত বা উত্তেজিত অৱস্থা হোৱা শাৰীৰিক পৰিৱৰ্তনসমূহ আমাৰ দেহৰ অভ্যন্তৰ ভাগত অংগসমূহ আৰু স্নায়ুতন্ত্ৰ প্ৰক্ৰিয়াৰ যোগেদি উৎপন্ন আৰু পৰিচালিত হয়। আৱেগিক অভিজ্ঞতাসমূহৰ লগত জড়িত আনৰ শৰীৰৰ অংগসমূহ হ’ল স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ, হাইপোথেলামাছ অধিবৃক্ক গ্ৰন্থি। তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল

(১) এড্ৰিনেল বা অধিবৃক্ক: এই গ্ৰন্থিসমূহ  যকৃতৰ ওচৰত অৱস্থিত। এই গ্ৰন্থিসমূহে এড্ৰিনেলিন নামৰ হ’ৰমন নিঃসৰণ কৰে। আৱেগিকভাৱে উদ্দীপিত হোৱাৰ সময়ত যিবোৰ বিভিন্ন ধৰণৰ শাৰীৰিক পৰিৱৰ্তন হয় সেইবোৰ এই এড্ৰিনালিন ৰস নিঃসৰণৰ ফলত হয়। বিভিন্ন। ধৰণৰ শাৰীৰিক যেনে-কলিজাৰ বায়ু চলাচল কৰোৱা, কলিজাৰ ধপধনি বঢ়োৱা, তেজৰ চাপ বঢ়োৱা, আৰু হজম প্ৰক্ৰিয়াৰ গতি লেহেমীয়া কৰা ইত্যাদিবোৰ কাৰ্য অন্তৰ্ভুক্ত হৈ থাকে। আৱেগিক চেতনাৰ শীৰ্ষ অৱস্থাত এই গ্ৰন্থিসমূহৰ নিঃসৰণে জীৱক আকস্মিক প্ৰতিক্ৰিয়া দেখুৱাবৰ বাবে প্ৰস্তুত কৰি তোলা কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এইবোৰ হাইপোথেলামাছৰ দ্বাৰা উদ্দীপিত হয় আৰু এই কাৰ্য অনুকম্পী স্নায়ুতন্ত্ৰৰ যোগেদি সৰহ পৰিমাণৰ এড্ৰিনালিন নিঃসৰণৰ দ্বাৰা সাধিত হয়।

(২) স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ: ‍আমাৰ দেশত থকা এই স্নায়ুতন্ত্ৰবোৰ মগজু আৰু মেৰুমজ্জাৰ পৰা দেহৰ বিভিন্ন অংগৰ ভিতৰলৈ যোৱাৰ স্নায়ুতন্ত্ৰসমূহেহে গঠিত স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ দুটা ভাগত ভগাব পাৰি।

অনুকম্পী পদ্ধতি আৰু সহস্নৈতিক পদ্ধতি 

অনুকম্পী পদ্ধতি: এই পদ্ধতিটোৱে আৱেগিক উদ্দীপনাৰ সময়ত আমাৰ শৰীৰটোক বিভিন্ন পৰিৱেশত সক্ৰিয়তা আৰু গতিশীলতাৰে কাৰ্য কৰিবলৈ প্ৰস্তুত কৰি তোলে। এই পদ্ধতি বা প্ৰক্ৰিয়াটোৰ বাবে চকুৰ মনি বহল হৈ যোৱা, বেছিকৈ ঘামি যোৱা, কলিজাৰ ধপধপনি বাঢ়ি যোৱা, মুখ শুকাই যোৱা ইত্যাদি কাৰ্য শাৰীৰিক পৰিৱৰ্তনবোৰ হয়।

সহস্নৈতিক পদ্ধতি: যেতিয়া আমি শান্ত আৰু সহজ অৱস্থাত থাকো তেতিয়া এই পদ্ধতিটো সক্ৰিয় অৱস্থাত থাকে। এই পদ্ধতিটোৰ সক্ৰিয়তাই আমাৰ কলিজাৰ বেগ কমায়, তেজৰ চাপ কমায়, তেজৰ চাপ কমায় আৰু হজম প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰে। আৱেগিক উদ্দীপনা বা উত্তেজনাৰ সৃষ্টিৰ সময়ত অনুকম্পী পদ্ধতিৰ দ্বাৰা সৃষ্টি কৰা সকলো শৰীৰক পৰিৱৰ্তনবোৰ এই পদ্ধতিটোৱে স্বাভাৱিক অৱস্থালৈ লৈ আহে। 

(৩) হাইপো’থেলামাছ: আৱেগিক উত্তেজনাৰ অৱস্থাত হোৱা শৰীৰক পৰিৱৰ্তনবোৰ বা প্ৰকাশভঙ্গীবোৰ হাইপো’থেলামাছৰ দ্বাৰা সক্ৰিয় হৈ উঠে। ই মাংসপেশী আৰু গ্ৰন্থিসমূহ সঞ্চাৰিত কৰে। যিসকল ব্যক্তিৰ হাইপো’থেলামাছ আঘাত প্ৰাপ্ত হয় তেওঁলোকে আৱেগিক অভিজ্ঞতা অনুভৱ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়।

(৪) উদ্দীপন: আমি যেতিয়া আৱেগিক হওঁ তেতিয়া উত্তেজিত হৈ পৰো। এই উত্তেজিত অৱস্থাটোৱেই আৱেগৰ উদ্দীপন। উদ্দীপনৰ গতি বা হাৰ কলিজা, বুকুৰ ধপধপনি, তেজৰ চাপ, শ্বাস প্ৰশ্বাসৰ গতি, চকুৰ মনৰ আকাৰ, ছালৰ সংকোচন ইত্যাদিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। 

(ঙ) আৱেগৰ মৌষিক আৰু বাক্যময় বা সৰৱ প্ৰকাশৰ ব্যাখ্যা কৰা।

উত্তৰঃ আমি অনুভৱ কৰা আৱেগবোৰ অকল শৰীৰৰ ভাৱ-ভঙ্গীৰেই নহয় আচৰণৰ যোগেদিও তাক প্ৰকাশ কৰো। যোগাযোগৰ ক্ষেত্ৰত মৌশিক অভিব্যক্তিৰ প্ৰকাশ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু যোগাযোগৰ মাধ্যমত এক প্ৰভাৱশালী উপাদান। উদাৰণস্বৰূপে, আনুগত্যৰ প্ৰকাশ, অধিকাৰবোৰৰ প্ৰকাশ, ঘনিষ্ঠতাৰ প্ৰকাশ আমি এক পলকতে ময়খিক অভিব্যক্তিৰ দ্বাৰা সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰো। বিভিন্ন ধৰণৰ অমৌখিক সংকতবোৰ ভিন্ন ভিন্ন আৱেগিক প্ৰকাশৰ এক সুন্দৰ মাধ্যম, ইয়াক সহজে বুজিব পাৰি। কিছুমান ব্যক্তি এইধৰণৰ সাংকেতিক সংকেতৰ প্ৰতি অধিক সংবেদনশীল আৰু কিছুমান কিছু পৰিমাণে কম সংবেদনশীল।

সংস্কৃতিৰ গাঁথনিৰ পৰিৱৰ্তনৰ লগে লগে মৌক্ষিক অভিব্যক্তি আৰু শাৰীৰিক ভাৱ ভঙ্গীৰ পৰিৱৰ্তন হয়। গৱেষকসকলে গৱেষণাভিত্তিক অধ্যয়নৰ ওপৰত ভিত্তি কৰি আৱেগিক প্ৰকাশৰ কিছুমান বিশ্বজনীন বা সাৰ্বজনীন মৌলিক মইখিক অভিব্যক্তিৰ ভাষা প্ৰকাশ কৰিছে বা মানি লৈছে। ভাৰতবৰ্ষৰ নিচিনা সংযুক্ত সাংস্কৃতিক য’ত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ওপৰত বিশেষ মূল্য দিয়া হয়, নঞৰ্থক বা ক্ষতিকাৰক আৱেগিক প্ৰকাশক সাধাৰণতে খুব কমেইহে প্ৰকাশ কৰা হয়। 

যিকোনো ব্যক্তি এজনে যেতিয়া কোনো আৱেগিক প্ৰকাশৰ দ্বাৰা ভাৱৰ আদান-প্ৰদান কৰে (সেই সময়তে) তাৰ লগতে তেওঁ অনুভৱ কৰা আৱেগৰো প্ৰকাশ কৰে। এই প্ৰকাশে  শাৰীৰিক প্ৰতিক্ৰিয়াৰ উদ্দীপক হিচাবে শাৰীৰিক প্ৰতিক্ৰিয়া দেখুৱাবলৈ সংকেত দিয়ে। এনেদৰে আৱেগসমূহ সংজ্ঞান, শৰীৰ বিজ্ঞান আৰু শাৰীৰিক প্ৰকাশ ভঙ্গীৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত হয়।

(চ) আৱেগিক যোগ্যতা বুলিলে কি বুজা?

উত্তৰঃ আৱেগিক যোগ্যতা: বৰ্তমান যুক্তিবোধ আৰু আৱেগৰ মাজত এক সংযোজন ঘটোৱা হৈছে। আৱেগিক যোগ্যতা, আৱেগিক পৰিপক্কতা আৰু আৱেগিক বুদ্ধিক ব্যক্তিৰ বিকাশৰ তাৎপৰ্যপূৰ্ণ উপাদান হিচাপে বিবেচনা কৰা হৈছে। এনেদৰে এজন ব্যক্তিয়ে নিজৰ আৰু আনৰ আৱেগক বুজাৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ যোগেদি ব্যক্তি এজনে সামাজিক পৰিৱেশত আৱেগিক প্ৰকাশ কৰিবলৈ, নিয়ন্ত্ৰণ কৰিবলৈ আৰু পৰিচালনা কৰিবলৈ শিকে। এজন ব্যক্তিৰ সামগ্ৰিক যোগ্যতাৰ বিকাশৰ বাবে আৱেগিক যোগ্যতা এক কেন্দ্ৰীয় বা মূল উপাদান। বৰ্তমানে গৱেষকসকলে আৱেগিক যোগ্যতাৰ উন্নতি সাধনৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top