ASOS Class 12 Environmental Science Chapter 8 পথ সুৰক্ষা

ASOS Class 12 Environmental Science Chapter 8 পথ সুৰক্ষা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 8 পথ সুৰক্ষা and select needs one.

ASOS Class 12 Environmental Science Chapter 8 পথ সুৰক্ষা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 8 পথ সুৰক্ষা Solutions for All Subject, You can practice these here.

পথ সুৰক্ষা

Chapter : 8

পাঠভিত্তিক প্রশ্নোত্তৰঃ

১। পথ সুৰক্ষা মানে কি?

উত্তৰঃ পথত আকস্মিক দুর্ঘটনা, আঘাত আদি ৰোধ কৰিবলৈ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ যিকোনো যানবাহন চালক, চাইকেল আৰোহী, পথত খোজকঢ়া ব্যক্তি আৰু যাত্ৰীসকলে অৱলম্বন কৰা সতৰ্কতামূলক ব্যৱস্থাকে পথ সুৰক্ষা বুলিব পাৰি। পথ সুৰক্ষাৰ বাবে ট্ৰেফিক নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা হয় আৰু সেইবোৰ মানি চলাটো বাধ্যতামূলক।

২। পথ সুৰক্ষাৰ ক্ষেত্ৰত 4’E’-এ কি বুজায় ? সংক্ষিপ্ততে বুজোৱা।

উত্তৰঃ পথ সুৰক্ষাৰ ক্ষেত্ৰত 4’E’ হ’ল—

(ক) ইঞ্জিনীয়াৰিং (প্রকৌশল) : ভাৰতীয় পথসমূহত পদযাত্রী, চাইকেল, ঠেলা, ৰিক্সা, গধুৰ ৰাজহুৱা যান-বাহন, পাতল যানবাহন আদি নিয়মিত চলাচল কৰি থাকে৷ সেয়েহে পথসমূহ পৰিকল্পিতভাৱে আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে, যাতে এইসকলোধৰণৰ পথ ব্যৱহাৰকাৰী উপকৃত হ’ব পাৰে। ঠিক তেনেদৰে, যান-বাহনবোৰো আধুনিক আৰু উন্নত প্রযুক্তিৰে নিৰ্মাণ কৰিব লাগে।

পথসমূহৰ সঠিক আৰু শুদ্ধ প্রকৌশল বা ইঞ্জিনীয়াৰে দুৰ্ঘটনাৰ হাৰ হ্ৰাস হোৱাটো নিশ্চিত কৰিব পাৰে।

(খ) এনফ’চমেণ্ট (প্রয়োগ বা প্ৰৱৰ্তন) : পথ সুৰক্ষাৰ নীতি-নির্দেশনাবোৰ নিয়মিত আৰু কঠোৰভাৱে প্ৰয়োগ কৰাৰ দ্বাৰা পথ দুৰ্ঘটনাৰ হাৰ হ্রাস পোৱা দেখা যায়। গতিকে ভৱিষ্যতেও এনেদৰেই সেইসমূহ প্ৰয়োগ কৰিব লাগে। ই ৰাজ্যসমূহক সুৰক্ষাসম্বন্ধীয় ধনাত্মক আইনগত পৰিৱৰ্তনসমূহক অন্তৰ্ভুক্ত কৰাৰ আৰু সেইবোৰ কঠোৰভাৱে প্ৰয়োগ কৰাৰ সুবিধা প্ৰদান কৰে।

(গ) এডুকেচন (শিক্ষা) : প্ৰতিজন চালক আৰু পথ ব্যৱহাৰকাৰীক পথৰ সুৱৰ্ণ নিয়মসমূহৰ বিষয়ে শিক্ষা প্ৰদান কৰিব পাৰিলে পথ, যাত্ৰী আৰু যান বাহনৰ সুৰক্ষা নিশ্চিত হ’ব।

(ঘ) ইমার্জেন্সী ছাৰ্ভিচেছ (জৰুৰীকালীন সেৱা) : সুনিয়ন্ত্ৰিত আৰু ফলপ্ৰসূ জৰুৰীকালীন চিকিৎসা সেৱাই পথ দুৰ্ঘটনাত হোৱা মৃত্যুৰ সংখ্যা বহুখিনি হ্রাস কৰিব পাৰে।

৩। হেলমেট কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ মটৰ যান-বাহন আইন-১৯৮৮ৰ ১২৯ অধ্যায় অনুসৰি, দুচকীয়া বাহনৰ চালক আৰু আৰোহী দুয়োজনেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। ‘ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ’ৰ দ্বাৰা প্ৰমাণিত হেলমেটহে ব্যৱহাৰৰ বাবে অনুমতিপ্রাপ্ত। পথ দুর্ঘটনাত মৃত্যুবৰণ কৰা আৰু আঘাতপ্রাপ্ত হোৱা লোকৰ এটা ডাঙৰ অনুপাত হৈছে দুচকীয়া বাহন চালক/আৰোহীৰ। হেলমেটে মূৰত আঘাত পোৱাৰ পৰা আৰু মৃত্যুমুখত পৰাৰ পৰা ৰক্ষা কৰিব পাৰে হেলমেটৰ ব্যৱহাৰে মৃত্যুৰ হাৰ ৪০% পর্যন্ত আৰু গুৰুতৰ মূৰৰ আঘাতৰ হাৰ ৭০% পর্যন্ত হ্ৰাস কৰিব পাৰে। এই বিধিগত প্ৰয়োজনৰ প্ৰতি অসন্মতি দেখুওৱাটো এম.ভি. আইনৰ অধীনত শাস্তিযোগ্য।

৪। ছীট বেল্টৰ প্ৰয়োজনীয়তাৰ ওপৰত এটা সৰু টোকা লিখা।

উত্তৰঃ বেগত চলি থকা এখন বাহনৰ আৰোহী এজনৰ শৰীৰটোও বাহনখনৰ গতিৰ সৈতে সমৰূপত এটা গতিত থাকে, যাক জড়তা বুলি ক’ব পাৰি। ফলত কোনো সংঘর্ষ বা হঠাৎ ব্ৰেক ব্যৱহাৰ কৰাৰ সময়তো আৰোহীজনৰ শৰীৰটো জড়তাৰ বাবে একেই গতিত থাকে। আৰোহীজনে ছীট বেল্ট পিন্ধি থাকিলে ছীট বেল্টডালে গাড়ীয়ে হঠাৎ ব্ৰেক মৰা বা খুন্দা খোৱাৰ সময়ত বিপৰীত শক্তিক আৰোহীজনৰ শৰীৰৰ ওপৰত প্ৰয়োগ কৰি এটা ‘প্রাথমিক বাধা ব্যৱস্থা’ হিচাপে কাম কৰি আৰোহীজনক আসনৰ পৰা বা বাহনৰ পৰা ওফৰি ওলাই যোৱাত বাধা দিয়ে। 

তদুপৰি ই চালক আৰু আৰোহীজনৰ শৰীৰটো সঠিক অৱস্থানত ৰাখে যাতে সংঘৰ্ষ বা দুৰ্ঘটনাৰ সময়ত এয়াৰবেগবোৰে সম্পূৰ্ণ ফলপ্ৰসূভাৱে কাম কৰিব পাৰে। ফলত দুৰ্ঘটনাৰ সময়ত হোৱা আঘাতৰ পৰিমাণ হ্ৰাস কৰিব পাৰি। অধ্যয়নে কয় যে দুৰ্ঘটনাৰ সময়ত এক উল্লেখযোগ্য হাৰৰ মৃত্যু ঘটে ছীট বেল্ট বন্ধাত অৱহেলা কৰাৰ বাবে। মটৰ যান-বাহন আইন-১৯৮৮ৰ U/S ১৭৭ মতে, ছীট বেল্ট নবন্ধাটো এক শাস্তিযোগ্য অপৰাধ।

৫। ড্রাইভিং লাইচেন্স বা চালনাৰ অনুমতি-পত্ৰ কি? মটৰ যান-বাহনৰ সেই ভাগসমূহ কি কি, যাৰ বাবে ড্রাইভিং লাইচেন্স প্ৰদান কৰা হয়?

উত্তৰঃ ড্রাইভিং লাইচেন্স হ’ল উপযুক্ত কর্তৃপক্ষই এজন ব্যক্তিক এক বিশেষ শ্ৰেণীৰ যান-বাহন চলাবলৈ প্ৰদান কৰা বৈধতা বা অনুমতি/ অসম ড্রাইভিং লাইচেন্স প্রদান কৰে জিলা পৰিবহণ বিষয়া বা পৰিবহণ বিভাগে।

তলত উল্লেখ কৰাবোৰ হ’ল যান-বাহনৰ ভাগ বা শ্ৰেণী, যিবোৰৰ বাবে ড্রাইভিং লাইচেন্স প্রদান কৰা হয়।

(ক) গিয়াৰবিহীন মটৰচাইকেল।

(খ) গিয়াৰযুক্ত মটৰচাইকেল।

(গ) অবৈধ গাড়ী।

(ঘ) পাতল মটৰ যান-বাহন।

(ঙ) পৰিবহণ গাড়ী।

(চ) ৰাস্তা সমানকাৰী যন্ত্ৰ (ৰ’ড-ৰ’লাৰ)।

(ছ) নিৰ্দিষ্ট বিৱৰণৰ মটৰ যান-বাহন।

ড্রাইভিং লাইচেন্স লাভৰ যোগ্যতা অৰ্জনৰ বাবে দুটা স্তৰ আছে–

প্রথম স্তৰ শিকাৰুৰ লাইচেন্স/অনুমতি পত্র।

দ্বিতীয় স্তৰ প্ৰধান ড্রাইভিং লাইচেন্স/অনুমতি পত্র।

এজন ব্যক্তি ১৮ বছৰৰ তলৰ বয়সৰ হ’লে শিকাৰৰ লাইচেন্সৰ বাবে আবেদন কৰিবলৈ যোগ্য নহয়। অৱশ্যে, এজন ব্যক্তি ১৬ বছৰ বয়সৰ হ’লে মাক-দেউতাক বা অভিভাৱকৰ সন্মতিসাপেক্ষে দুচকীয়া গিয়াৰবিহীন বাহনৰ বাবে আবেদন কৰিব পাৰে। আবেদনকাৰীজন যদি ট্রেফিক সংকেত, পথচিহ্ন আৰু পথৰ নিয়মৰ ওপৰত হোৱা এটা প্রাথমিক পৰীক্ষাত যোগ্য বিবেচিত হয়, তেন্তে তেওঁক শিকাৰৰ অনুমতি-পত্ৰ প্ৰদান কৰা হয়। শিকি থকা সময়ছোৱাত শিকাৰুজনে ‘L’ আখৰটো এটা বগা পৃষ্ঠৰ ওপৰত ৰঙা ৰঙেৰে লিখি গাড়ীৰ সন্মুখভাগত আৰু পিছফালে প্ৰদৰ্শন কৰিব লাগে। শিকাৰ সময়ত প্ৰশিক্ষকজনৰ বাদে আন কোনো ব্যক্তি বাহনখন নিয়ন্ত্ৰণ কৰিবলৈ বহিব নালাগে। 

শিকাৰুৰ লাইচেন্স প্রদানৰ ৩০ দিনৰ পাছত গাড়ীচালনাৰ ক্ষেত্ৰত আত্মবিশ্বাস অৰ্জন কৰা ব্যক্তিজন ড্রাইভিং লাইচেন্সৰ বাবে আবেদন কৰিবলৈ যোগ্য হয়। প্রয়োজনীয় পৰীক্ষা সফলভাৱে সম্পূর্ণ কৰাৰ পাছত এজন ব্যক্তিক ড্রাইভিং লাইচেন্স প্রদান কৰা হয়।

৬। মটৰ যান-বাহন আইন-১৯৮৮-এ সুৰামত্ত হৈ গাড়ীচালনা কৰা বিষয়টোত/প্রসংগত কি কয়?

উত্তৰঃ সুৰামত্ত অৱস্থাত থকা এজন গাড়ীচালকৰ প্রতিক্রিয়া সময় হ্রাস পাব পাৰে, অৰ্থাৎ পৰিস্থিতিৰ প্ৰতি তেওঁ প্ৰতিক্ৰিয়া কৰোঁতে সময়ৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰ পৰিণতিত পথত অনেক দুর্ঘটনা সংঘটিত হ’ব পাৰে। ভাৰতত পথসমূহত সুৰাসক্ত গাড়ীচালনাক নিয়ন্ত্ৰণ কৰিবলৈ এনফ’চমেণ্ট (প্রয়োগকাৰী) সংস্থাই নিয়মিত ‘নিৰীক্ষণ চলায়। মটৰ যান-বাহন আইন-১৯৮৮ৰ ১৮৫নং অনুচ্ছেদৰ অধীনত উশাহ আৰু তেজৰ পৰীক্ষণত যদি এজন চালকৰ দেহত প্রতি ১০০ মিলিলিটাৰ তেজত এলকহলৰ মাত্ৰা ৩০ মিলিগ্রাম বা অধিক পোৱা যায়, সেই চালকজনে অতি কমেও ২,০০০ টকাৰ জৰিমানা ভৰিব লগা হয় অথবা জে’ললৈ যাব লগা হয় অথবা দুয়োটাৰে সন্মুখীন হয়।

৭। এখন স্কুলবাছৰ ক্ষেত্ৰত প্ৰাযোজ্য পাঁচটা পথৰ নিয়ম উল্লেখ কৰা।

উত্তৰঃ স্কুলবাছৰ ক্ষেত্ৰত প্ৰযোজ্য পথৰ নিয়মসমূহ হ’ল–

(ক) চালকৰ গধুৰ গাড়ী চলোৱাৰ ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগে।

(খ) চালকজনে তলত উল্লেখ কৰা কামসমূহ যদি বছৰত দুবাৰ কৰে, তেন্তে তেওঁ স্কুলবাছ চলোৱাৰ বাবে অযোগ্য বিবেচিত হয়—

(i) ৰঙা লাইট জ্বলি থাকোঁতেই পাৰ হোৱা।

(ii) ন’ পার্কিং ক্ষেত্র বা অঞ্চলত গাড়ী ৰখোৱা।

(iii) বেআইনীভাৱে পাৰ হৈ যোৱা।

(iv) চাৰিআলি বা পথৰ বিভাজনস্থলীত ষ্টপলাইনৰ উলংঘন কৰা।

(v) অনুমতিবিহীন লোকক গাড়ী চলাবলৈ দিয়া।

(গ) তীব্র বেগত চলোৱা আৰু সুৰাসক্ত হোৱাৰ বাবেও এজন ব্যক্তি স্কুলবাছৰ চালক হোৱাৰ অযোগ্য বিবেচিত হয়।

(ঘ) চালকে ইউনিফর্ম, অর্থাৎ আনুষ্ঠানিক পোছাক পিন্ধিব লাগে।

(ঙ) স্কুলবাছসমূহ হালধীয়া ৰঙৰ হ’ব লাগে আৰু স্কুলৰ নাম তথা যোগাযোগৰ সবিশেষ তথ্য লিখা থাকিব লাগে।

৮। কিমান ধৰণৰ পথচিহ্ন থাকে? সেইবোৰৰ নাম উল্লেখ কৰ।

উত্তৰঃ (ক) বাধ্যতামূলক পথচিহ্ন।

(খ) সতর্কতামূলক পথচিহ্ন। 

(গ) তথ্যমূলক পথচিহ্ন।

৯। এটা দুৰ্ঘটনাৰ সময়ত চালকজনে কি কৰা উচিত?

উত্তৰঃ চালকজনে দুৰ্ঘটনাৰ লগে লগে গাড়ী চলোৱা বন্ধ কৰিব লাগে। কোনো ব্যক্তি যদি দুর্ঘটনাত আঘাতপ্রাপ্ত হয়, দুর্ঘটনা পতিত গাড়ীখনৰ চালকজনে আহতজনৰ চিকিৎসাৰ বাবে ততাতৈয়া ব্যৱস্থা ল’ব লাগে, যদিহে আহতজন বা তেওঁৰ অভিভাৱকে তাৰ ব্যতিক্রম নিবিচাৰে। যথাসম্ভৱ সোনকালে ওচৰৰ থানাত দুর্ঘটনা সম্পর্কে জনাব লাগে। তদুপৰি বীমাকাৰীকো লিখিতভাৱে জনাব লাগে।

১০। অ-পৰিবহণ (ব্যক্তিগত) যান-বাহন চালনাৰ বাবে কি কি বৈধ নথি-পত্ৰ লগত ৰাখিব লাগে?

উত্তৰঃ অ-পৰিবহণ (ব্যক্তিগত) যান-বাহনৰ ক্ষেত্ৰত গাড়ীৰ তলত দিয়া নথি- পত্রসমূহ কর্তৃপক্ষীয় বিষয়া-কৰ্মচাৰীয়ে বিচাৰিলে দেখুৱাব লগা হ’ব পাৰে–

(ক) পঞ্জীয়নৰ প্ৰমাণ-পত্র।

(খ) বীমাৰ প্ৰমাণ-পত্র।

(গ) নিয়ন্ত্রণাধীন প্ৰদূষণ প্রমাণ-পত্র/পি ইউ চি প্রমাণ-পত্র (যদিহে বাহনখন প্রথম পঞ্জীয়নৰ তাৰিখৰ পৰা ১ বছৰ পুৰণি)।

(ঘ) চলাই থকা বাহনখনৰ শ্ৰেণী অনুসৰি ড্রাইভিং লাইচেন্স বা চালনাৰ অনুমতি-পত্ৰ।

(ঙ) ফিট্‌ছে বা শাৰীৰিক সক্ষমতাৰ প্ৰমাণ-পত্ৰ।

(চ) ৰাস্তাৰ কৰৰ আপ-টু-ডেট ৰচিদ বা প্ৰমাণ।

(ছ) অনুজ্ঞা-পত্ৰ।

(জ) বাছৰ ক্ষেত্ৰত কণ্ডাক্টৰৰ অনুমতি-পত্ৰ।

(ঝ) অনুজ্ঞাৰ চৰ্ত সাপেক্ষে প্রয়োজনীয় আন যিকোনো নথি।

১১। পথ দুৰ্ঘটনাৰ মূল কাৰণসমূহ কি কি?

উত্তৰঃ অধ্যয়নে কয় যে বিভিন্ন প্ৰকাৰৰ কাৰণত পথ দুৰ্ঘটনা ঘটিব পাৰে।

সুৰামত্ত অৱস্থাত গাড়ীচালনা, তীব্র বেগ, টোপনি খতি কৰি গাড়ী চলোৱা, ভগা-ছিগা পথ, বেয়া বতৰ, গাড়ী ভগা, ট্ৰেফিক নিয়ম উলংঘন আদি অগণন কাৰণত দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। দুৰ্ঘটনাৰ কেইটামান মূল কাৰণ তলত উল্লেখ কৰা হ’ল—

(ক) মানৱীয় কাৰণ : ৮৫% দুৰ্ঘটনাই মানৱীয় কাৰণত সংঘটিত হয়। যেনে—

সুৰামত্ত অৱস্থাত গাড়ী চলোৱা, তন্দ্ৰা, ভাগৰ, পথৰ চিহ্নসমূহৰ বিষয়ে জ্ঞানৰ অভাৱ, নিয়মৰ উলংঘন, মনযোগহীন গাড়ীচালনা, পথচাৰীৰ ভুল ইত্যাদি।

(খ) আন্তঃগাঁথনি : দুর্বল আন্তঃগাঁথনি, যেনে— অশুদ্ধ পথ-প্রকৌশল, ৰাস্তাৰ উৱলি যোৱা অৱস্থা আদিয়ে পথ দুৰ্ঘটনাত অৰিহণা যোগায়।

(গ) যান্ত্রিক কাৰণ : যান্ত্রিক বিসংগতি, যেনে–ভালদৰে ৰক্ষণাবেক্ষণ নকৰা বাহন চলোৱা, হঠাৎ হোৱা যান্ত্ৰিক বিকলতা আদিয়ে পথ দুর্ঘটনা ঘটায়।

(ঘ) পৰিৱেশগত কাৰণ : প্রতিকূল বতৰ, পূর্বাভাস নোহোৱা প্ৰাকৃতিক দুর্যোগ আদিয়ে প্রায়েই দুর্ঘটনা সংঘটিত কৰে।

১২। ২০১১ চনত বিশ্বজুৰি গ্ৰহণ কৰা পথ সুৰক্ষা পৰিকল্পনাৰ নাম কি? চমুকৈ লিখা।

উত্তৰঃ ২০১১ চনত বিশ্বজুৰি গ্ৰহণ কৰা পথ সুৰক্ষা পৰিকল্পনাৰ এটা মূখ্য উদ্দেশ্য হৈছে যুৱচামক পথ সুৰক্ষা সম্বন্ধে শিক্ষিত কৰা। ইয়াৰ দ্বাৰা আশা কৰা হৈছিল যে ভৱিষ্যৎ প্রজন্মই, যিয়ে সমাজত এক সক্রিয় ভূমিকা পালন কৰে, পথ সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে মানুহৰ মাজত সজাগতা বিস্তাৰ কৰিব আৰু সমান্তৰালভাৱে নিজেও এইক্ষেত্ৰত সমানেই প্ৰস্তুত হৈ উঠিব। ২০১০ চনৰ মাৰ্চ মাহত হোৱা সংযুক্ত ৰাষ্ট্ৰৰ সাধাৰণ সভাই বিশ্বজোৰা এক অভিযানৰ ঘোষণা কৰিছিল আৰু সেইবাবে ২০১১ চনৰ ১১ মে’ত ‘পথ-সুৰক্ষাৰ ওপৰত এক দশকজোৰা ক্রিয়া-২০১১-২০২০’ (The decade of Action on Road safety 2011-2020) সমগ্ৰ বিশ্বজুৰি মুকলি কৰা হৈছিল। 

এই অভিযান কেৱল পথ সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবেই নহয়, পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোকৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবেও আৰম্ভ কৰা হৈছিল। এই অভিযানৰ অধীনত

বিভিন্নধৰণৰ কৌশল আগবঢ়োৱা হৈছিল, সেইবোৰৰ কেইটামান হ’ল— জৰুৰীকালীন সেৱা উন্নত কৰা, পথ সুৰক্ষা ব্যৱস্থাপনা প্রস্তুত কৰা, উন্নত আইনী ব্যৱস্থা আৰু হেলমেট পৰিধান বলৱৎ, ছীট বেল্টৰ ব্যৱহাৰ, তীব্রবেগত গাড়ী চলোৱা আৰু সুৰাপান কৰি গাড়ী চলোৱাৰ পৰা বিৰত থকা ইত্যাদি। 

ভাৰততো চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ১৯৮৯ চনৰ পৰা চৰকাৰে প্ৰতিবছৰৰ জানুৱাৰী মাহত পথ সুৰক্ষাৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ উপায় বা কৌশল উদ্ভাৱনৰ জৰিয়তে ‘পথ সুৰক্ষা সপ্তাহ’ৰ আয়োজন কৰি আহিছে। ২০০৫ চনত সুন্দৰ কমিটীৰ অনুৰোধৰ ভিত্তিত বহা কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় পথ সুৰক্ষা নীতিত অনুমোদন জনাইছিল দেশত পথ সুৰক্ষামূলক কাৰ্য উন্নত কৰাৰ বাবে। ৰাষ্ট্ৰীয় পথ সুৰক্ষা নীতিৰ বাবে গ্ৰহণ কৰা ১১টা নীতিৰ। ভিতৰত জনসাধাৰণৰ মাজত সজাগতাক প্ৰধান গুৰুত্ব দিয়া হৈছে।

১৩। কেতিয়াৰ পৰা ভাৰতত ৰাষ্ট্ৰীয় পথ সুৰক্ষা নীতি গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ২০০৫ চনৰ পৰা।

১৪। পথ সুৰক্ষা নিশ্চিত কৰিব পৰা ৫টা ট্ৰেফিক নিয়ম উল্লেখ কৰা।

উত্তৰঃ পথৰ কিছুমান নির্দিষ্ট নিয়ম আছে, যিবোৰ সুৰক্ষাৰ স্বাৰ্থত পথব্যৱহাৰকাৰীসকলে মানি চলাটো দৰকাৰী। এই নিয়মসমূহ মটৰ যান-বাহন আইনৰ অধীনত তালিকাভুক্ত কৰা হৈছে। এইবোৰৰ কেইটামান নিয়ম তলত উল্লেখ কৰা হ’ল—

(ক) বাহনখন যিমান পাৰি পথৰ বাঁওহাতে ৰাখিব লাগে আৰু আন বাহনসমূহক নিজৰ সোঁহাতেৰে পাৰ হৈ যাবলৈ দিব লাগে।

(খ) সোঁফালে ঘূৰিবলগীয়া এখন বাহনে পথৰ কেন্দ্ৰ বা মাজভাগেৰে গতি কৰি নিজৰ পিছফালে থকা যান-বাহনখিনিক বাঁওহাতেৰে অতিক্ৰম কৰাৰ সুবিধা দিব লাগে। ঠিক তেনেদৰে বাঁওফালে যাবলগীয়াখিনিয়ে সোঁফালেৰে অতিক্ৰম কৰিবলৈ দিব লাগে।

(গ) একে দিশৰ পৰা অহা গাড়ী সোঁহাতেৰে অতিক্ৰম কৰিব লাগে।

(ঘ) আপুনি অতিক্ৰম কৰিব নালাগে, যদিহে–

(i) বিপৰীত দিশৰ পৰা অহা গাড়ীৰ বাবে সমস্যাৰ সৃষ্টি হয়।

(ii) পথৰ বিভাজনত, পাহাৰীয়া ঠাইত, য’ত দৃশ্য স্পষ্ট নহয়।

(iii) আন এখন গাড়ীয়ে আপোনাক অতিক্রম কৰিব বিচাৰিলে।

(iv) আপোনাৰ আগত গৈ থকা বাহনখনৰ পৰা সঠিক সংকেত নাপালে।

(ঙ) যদি এখন বাহনে আগত গৈ থকা এখন বাহনক অতিক্ৰম কৰিবলৈ আৰম্ভ কৰে, ই বেগ নবঢ়াব বা লাহেকৈ অতিক্রম কৰিবলৈ বিচৰা বাহনখনৰ বাবে অসুবিধা সৃষ্টি হ’ব পৰা কোনো কাম নকৰিব।

(চ) উপ-পথৰ পৰা মুখ্য পথত প্ৰৱেশ কৰাৰ সময়ত, য’ত ট্ৰেফিক নিয়ন্ত্রণ হৈ নাথাকে, তাত মুখ্য পথেৰে চলি থকা বাহনখিনিক প্রাধান্য দিয়া উচিত।

(ছ) নিজকে পথৰ বাঁওফাললৈ আনি অগ্নিনির্বাপক বাহন তথা এম্বুলেঞ্চসমূহক আগতে যাবলৈ বাট এৰি দিব লাগে।

১৫। এজন ভাৰতীয় লোকে বিদেশত গাড়ী চলাবৰ বাবে আমাৰ দেশৰ পৰা কি ধৰণৰ লাইচেন্স বা অনুমতিপত্র সংগ্রহ কৰিব লাগে?

উত্তৰঃ মটৰ যান-বাহন আইন-১৯৮৮ত এজন ভাৰতীয় নাগৰিকক বিদেশত গাড়ী চলাবৰ বাবে আন্তঃৰাষ্ট্ৰীয় ড্রাইভিঙৰ অনুজ্ঞা-পত্ৰ প্ৰদান কৰাৰ এটা সুবিধা আছে। এই অনুজ্ঞা মাত্ৰ এবছৰৰ বাবেহে বৈধ বা মান্য। ইয়াৰ বাবে এজন ব্যক্তিয়ে নির্দিষ্ট আবেদন-পত্ৰ পূৰণ কৰি তলত দিয়া নথি-পত্ৰসমূহৰ সৈতে স্থানীয়/নিজৰ জিলা পৰিবহণ বিষয়াৰ ওচৰত আবেদন জনাব পাৰে।

(ক) ভাৰতীয় ড্রাইভিং অনুপতি-পত্ৰৰ অনুলিপি।

(খ) পাছপ’ৰ্ট আৰু ভিজাৰ অনুলিপি। 

(গ) শেহতীয়া পাছপ’ৰ্ট ফটো তখন।

(ঘ) নিৰ্ধাৰিত প্ৰ-পত্ৰত চিকিৎসা প্রমাণ-পত্র। 

(ঙ) প্রয়োজনীয় মাচুল।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

(ক) জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ সপ্তম অধ্যায়ত সন্নিৱিষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাকেইটা উল্লেখ কৰা।

উত্তৰঃ ২৪, ২৫, ২৬ নং ধাৰা।

(খ) ভাৰতবৰ্ষৰ পৰিবেশ (সংৰক্ষণ) আইন কেতিয়া বলবৎ হয়?

উত্তৰঃ ১৯৮৬ চনত।

(গ) পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলবৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয়?

উত্তৰঃ ১৯৭৮ চনত।

(ঘ) ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সন্মিলনৰ মানৱ পৰিবেশ সন্মিলনখন ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ছুইডেনৰ ষ্টকহমত।

(ঙ) ‘জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণ শুল্ক আইন ১৯৭৭’ কেতিয়া বলবৎ কৰা হয়?

উত্তৰঃ ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা।

(চ) কোনটো দশকক ৰাষ্ট্ৰসংঘই দুৰ্যোগ হ্রাসকৰণ আন্তর্জাতিক দশক হিচাপে ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৯০- ২০০০ ৰ দশকটোক ৰাষ্ট্ৰসংঘই দুৰ্যোগ হ্রাসকৰণ আন্তর্জাতিক দশক হিচাপে ঘোষণা কৰিছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ 

১। পৰিবেশ সুৰক্ষা সম্পৰ্কীয় আইন-কানুনৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ পৰিবেশৰ বিভিন্ন দিশত হোৱা অৱনতিৰ বিষয়ে লক্ষ্য কৰি বিশ্বৰ বিভিন্ন দেশে পৰিবেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কিছুমান আইন প্রণয়ন কৰিছে। পৰিবেশ সুৰক্ষাৰ আইন-কানুনসমূহৰ উৎপত্তি স্থল হৈছে ৰাষ্ট্ৰসংঘ। ১৯৬৮ চনৰ ৩০ জুলাইৰ দিনা ‘ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদে আমাৰ বাসভূমি পৃথিৱীৰ মানৱীয় পৰিবেশৰ সমস্যাৰাজি পৰ্যালোচনা কৰিবলৈ এখন আন্তর্জাতিক সভা পথাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এই ঐতিহাসিক প্ৰস্তাৱটো সেই বছৰৰে ৩ ডিচেম্বৰৰ দিনা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰি অনুমোদন জনায়৷ সেই প্ৰস্তাৱটোৰ কিছু অংশ এনেধৰণৰ–

“সাধাৰণ পৰিষদ প্রতীয়মান হৈছে যে, আনুমানিক বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ উন্নয়নৰ ফলত মানুহ আৰু পৰিবেশৰ সম্বন্ধত এক সর্বাত্মক পৰিৱৰ্তনে গা কৰি উঠিছে।”

“এইটোও জ্ঞাত হৈছে যে, এই উন্নত ব্যৱস্থাই মানৱীয় পৰিবেশৰ সৰ্বাত্মক পৰিৱৰ্তনৰ মাধ্যমেৰে মানুহৰ প্ৰয়োজনীয় সম্পদৰ চাহিদা আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ এক আশাতীত সুযোগ দিছে।”

ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত মূল আধাৰস্বৰূপ প্ৰস্তাৱটোত সংযোজিত অন্যান্য গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে–

পার্থিব পৰিবেশৰ পৰিৱৰ্তিত পৰিস্থিতিত মানৱীয় পৰিবেশৰ অধোগতি, মানৱ সমাজৰ অৰ্থনীতি আৰু সামাজিক অৱস্থা, আন্তর্জাতিক সমন্বয়, পৰিবৰ্তিত অৱস্থাৰ অধ্যয়ন আৰু গৱেষণা, ৰাষ্ট্ৰসংঘৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সুসংহত ব্যৱস্থাৱলী প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰাজি সংৰক্ষণ, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তর্জাতিক পর্যায়ত সুসমন্বয়, ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমন্বয়সূচক আঁচনি, বিশ্ববাসীৰ প্ৰকৃতি আৰু পৰিবেশ সম্বন্ধে ধাৰণা আৰু অনুভূতি।

অৱশ্যে গোলকীয় ভিত্তিত পৰিবেশ সুৰক্ষাৰ সজাগতা সৃষ্টি হয় ১৯৭২ চনৰ চুইডেনৰ ষ্টকহ মত হোৱা সংযুক্ত বাষ্ট্ৰৰ মানৱজাতি আৰু পৰিবেশৰ বিষয়ে হোৱা অভিৱৰ্তনৰ পাছৰ পৰা। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এই প্ৰস্তাৱমর্মে বিশ্বৰ ২৮ খন দেশ আৰু অভিজ্ঞ আৰু দক্ষতাপূৰ্ণ প্রতিনিধিৰ উপস্থিতিত ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুন পর্যন্ত সুদীৰ্ঘ বাৰ দিন ধৰি এই পৰিবেশ মহাসভাখন ষ্টকহমত অনুষ্ঠিত হৈছিল। এই আন্তর্জাতিক সভাত বিশ্ববাসীৰ বাবে নিম্নোলিখিত সূচনাখন জাৰি কৰা হয়—

“মানুহ হৈছে তেওঁৰ নিজৰ পৰিবেশৰ স্ৰষ্টা আৰু ৰূপান্তকাৰী আৰু এনেকৈয়ে তেওঁ নিজৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু আহিলা আহৰণ কৰি আহিছে আৰু সেই পৰিবেশতেই তেওঁ বৌদ্ধিক, চাৰিত্ৰিক, সামাজিক আৰু আধ্যাত্মিকভাৱে আগুৱাই যাবলৈ সুযোগ পাইছে। মানুহে সুদীৰ্ঘ কালৰ জটিল বিৱৰ্তনৰ পথেৰে গতি কৰোঁতে বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ বৰ্তমানৰ এক গতিশীল উল্লেখনীয় ধাদৰাত উপনীত হৈছেহি আৰু মানুহেই প্ৰকৃতি আৰু পৰিবেশক বিচাৰবিহীন আৰু অস্বাভাৱিকভাৱে ৰূপান্তৰিত কৰিবলৈ এক শক্তি পাইছে। প্রকৃতিপ্রদত্ত আৰু মানুহৰ বাবে সৃষ্ট এই দুয়োটা অৱস্থাই মানৱ সমাজৰ কল্যাণ আৰু ভোগ-বিলাসৰ বাবে আৱশ্যক।

বিশ্ববাসীৰ কল্যাণ আৰু অৰ্থনৈীতক উন্নয়নৰ বাবে মানৱীয় পৰিবেশৰ সুৰক্ষা আৰু উন্নতি সাধন অতি গুৰুত্বপূৰ্ণ দিশ। এইক্ষেত্ৰত সকলো চৰকাৰৰে দায়িত্ব থকাটো উচিত।

এই নীতি নিৰ্ধাৰক সুদীৰ্ঘ প্ৰস্তাৱনাটোত সন্নিৱিষ্ট হোৱা আন কেতবোৰ দিশ হৈছে—

প্ৰতিখন সদস্য ৰাষ্ট্ৰই পৰিবেশ সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্রণ, পৰিবেশৰ সমস্যাৱলীৰ অনুধাৱন আৰু প্ৰতিবেদন যুগুত কৰা, আন্তর্জাতিক সমন্বয়, পৰিবেশ সংৰক্ষণধৰ্মী উন্নয়নৰ নীতি আৰু আইন-কানুন ৰচনা কৰি সেইবোৰ বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ কৰি পৰিবেশ সুৰক্ষাৰ মাধ্যমেৰে ঔদ্যোগিক প্রগতি তথা উন্নয়ন প্রক্রিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত সুস্পষ্ট নীতি নিৰ্ধাৰণ কৰা।

প্ৰকৃতাৰ্থত ৰাষ্ট্ৰসংঘৰ উপৰি উক্ত প্ৰস্তাৱনাসমূহ আৰু ১৯৭২ চনৰ ষ্টকহম মহাসভাৰ গৃহীত হোৱা সূচনাৱলীয়েই হৈছে আধুনিকযুগৰ আন্তর্জাতিক পৰিবেশ সংৰক্ষণৰ নীতিৰ ভেটি।এই আন্তর্জাতিক প্ৰস্তাৱসমূহ তথা সূচনাৱলীৰ ভিত্তিতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহত পৰ্যায়ক্রমে পৰিবেশ সুৰক্ষা নীতি আৰু আইনসমূহ ৰচনা কৰা হৈছে।

২। ভাৰতত পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত কি কি আইন-কানুন আছে আলোচনা কৰা।

উত্তৰঃ ভাৰতত পৰিবেশ ৰক্ষাৰ আইন-কানুনসমূহ ষ্টকহম আন্তর্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্ৰত বা বিভিন্ন প্রদেশত পৰিবেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্রণয়ন হৈ আহিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন, ভাৰতীয় বন্দৰ আইন, ১৯০৭, যান-বাহন আইন ইত্যাদি প্রধান।

মুখ্যত ষ্টকহম অভিৱৰ্তনৰ পিছৰ পৰাহে আচলতে এই আইনবিলাক কাৰ্যকৰী কৰা হয় বা গুৰুত্ব লাভ কৰে। পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা আইনবোৰ হ’ল জল প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন, ১৯৭৪ বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮১, পৰিবেশ ৰক্ষা আইন, ১৯৮৬ আৰু যান-বাহন আইন ১৯৮৮ইত্যাদি।

তাৰ থূলমূল আভাস এটি দিয়া হ’ল—

(ক) পানী প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন : ভাৰতৰ সংসদে ১৯৭৪ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ এই আইন প্রণয়ন কৰে। এই আই ৰূপায়ণ কৰিবলৈ ১৯৭৪ চনৰ চেপ্তেম্বৰ মাহত জল প্ৰদূষণ প্ৰতিৰোধ পৰিষদ গঠন কৰা হয়।

(খ) বায়ু প্ৰদূষণ আইন : এই আইনখন ১৯৮১ চনৰ ১৬ মে’ তাৰিখৰ পৰা বলৱৎ কৰা হৈছে। ১৯৮৭ চনত এই আইনখন সংশোধন কৰা হয় আৰু এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয়।

(গ) পৰিবেশ (ৰক্ষা) আইন, ১৯৮৬ : পৰিবেশ আৰু ইয়াৰ লগত জড়িত বস্তুবিলাকৰ সুৰক্ষ তথা উন্নতিৰ বাবে এই আইন জাৰি কৰা হৈছে। এই আইনৰ যোগে কেন্দ্ৰীয় চৰকাৰক পৰিবেশৰ উন্নতি আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে।

(ঘ) যান-বাহন আইন : এই আইনখন ১৯৮৮ চনত চৰকাৰে কাৰ্যকৰী কৰে।

(ঙ) বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২ : ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণী সংস্থাৰ পৰামৰ্শ অনুযায়ী ১৯৭২ চনত ব্যৱপ্ৰাণী (সুৰক্ষা) আইন প্রণয়ন কৰে। এই আইনমতে, বনৰীয়া জন্তুক বন্দী কৰা, গুলীওৱা বা ৰখা, সিহঁতৰ মাংস পৰিবেশন কৰা, বন্যপ্ৰাণীৰ পৰিবহন কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্রণ তথা বন্ধ কৰা হৈছে।

(চ) অৰণ্য (সংৰক্ষণ) আইন, ১৯৮০ : ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য (সুৰক্ষা) আইন, ১৯৮০ প্রণয়ন কৰে। এই আইন মতে অৰণ্য ভূমিক আন কাম ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন। এই আইনখন ১৯৮৮ চনত সংশোধন কৰা হয়।

৩। বাধ্যতামূলক পথ চিহ্ন কি কি?

উত্তৰঃ বাধ্যতামূলক পথ চিহ্নবোৰ সাধাৰণতে ৰঙা সীমাৰ চিহ্নৰ সৈতে বৃত্তকাৰ আকৃতিত থাকে কিছুমান বাহিৰে নীলা ৰঙৰ। বাধ্যতামূলক চিহ্নৰ উলংঘনহৈছে এটা অপৰাধ।

৪। সতর্কতামূলক পথ চিহ্নবোৰ কি কি?

উত্তৰঃ সতর্কতামূলক পথচিহ্নবোৰ ত্ৰিভূজ আকৃতিত ৰঙা সীমাৰ সৈতে সূচিত কৰা হয়।

৫। পথৰ চিহ্নবোৰ কি কি?

উত্তৰঃ পথৰ চিহ্নবোৰ ৰাস্তাত থকা সুবিধাবোৰৰ বিষয়ে তথ্য প্ৰদান কৰে আৰু এইবোৰ সাধাৰণতে নীলা ৰঙৰ হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top