ASOS Class 12 Environmental Science Chapter 7 দুর্যোগ ব্যৱস্থাপনা দায়িত্ব আৰু সাৱধানতা

ASOS Class 12 Environmental Science Chapter 7 দুর্যোগ ব্যৱস্থাপনা দায়িত্ব আৰু সাৱধানতা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 7 দুর্যোগ ব্যৱস্থাপনা দায়িত্ব আৰু সাৱধানতা and select needs one.

ASOS Class 12 Environmental Science Chapter 7 দুর্যোগ ব্যৱস্থাপনা দায়িত্ব আৰু সাৱধানতা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 7 দুর্যোগ ব্যৱস্থাপনা দায়িত্ব আৰু সাৱধানতা Solutions for All Subject, You can practice these here.

দুর্যোগ ব্যৱস্থাপনা দায়িত্ব আৰু সাৱধানতা

Chapter : 7

পাঠভিত্তিক প্রশ্নোত্তৰঃ

১। দুটা প্রাকৃতিক আৰু দুটা কৃত্ৰিম বা মানৱসৃষ্ট দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ প্রাকৃতিক দুর্যোগ— ভূমিকম্প, বানপানী। কৃত্রিম দুর্যোগ— সন্ত্রাসবাদী আক্রমণ, সাম্প্রদায়িক সংঘর্ষ।

২। অসমত বিভিন্ন দুৰ্যোগৰ কাৰণসমূহ কি কি?

উত্তৰঃ অক্সফ’ৰ্ড অভিধানৰ মতে, দুর্যোগ মানে হ’ল ‘এক আকস্মিক দুর্ঘটনা বা এক প্রাকৃতিক দুর্ঘটনা, যিয়ে জীৱনৰ বিস্তৰ ক্ষতি সাধন কৰে। সংজ্ঞা অনুসৰি, তলত উল্লেখ কৰাসমূহক আমাৰ ৰাজ্যৰ প্ৰাকৃতিক তথা মানৱসৃষ্ট সাধাৰণ দুৰ্যোগ বুলি ক’ব পাৰি।

(ক) বানপানী আৰু খহনীয়া : পৰম্পৰাগতভাৱে অসমত বানপানী হোৱাৰ কাৰণ হ’ল ব্ৰহ্মপুত্ৰ নদীৰ গাঁদৰ বৃহৎ বোজা, যি পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে। দ্বিতীয় কাৰণটো হ’ল, বনাঞ্চলৰ অনিয়ন্ত্রিত ধ্বংসকাৰ্য। ১৯৮৭ চনৰ পৰা অসমে ৩,০৪৮ বর্গ কি.মি. বনাঞ্চল হেৰুৱাইছে। অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ ওখ ঠাইৰ নদীবান্ধসমূহৰ পৰা এৰি দিয়া পানীয়ে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ৰাজ্যখনৰ নিম্নাঞ্চলত প্ৰবল বানপানীৰ সৃষ্টি কৰে। তদুপৰি নদী খনন, আমাৰ জলসম্পদ বিভাগৰ আওপুৰণি সঁজুলি আদিও বানপানী সমস্যাৰ কাৰণ।

ৰাজ্যখনৰ চহৰ-নগৰসমূহত সৃষ্টি হোৱা বানপানীৰ কাৰণ প্ৰায়েই কৃত্রিম। সু-পৰিকল্পনাৰ অভাৱ, নলা-নর্দমাৰ সঠিক ব্যৱস্থাৰ অভাৱ আদিয়ে কৃত্রিম বানৰ সৃষ্টি কৰে। বানপানীৰ সময়ত নদীৰ পাৰ ভঙা আৰু বনাঞ্চল নিধন হ’ল খহনীয়া প্রত্যক্ষ কাৰণ। নদীৰ পাৰৰ খহনীয়াৰ বাবে অসমে ১৯৯৭-৯৮ৰ পৰা ২০০৭-০৮ৰ ভিতৰত প্ৰতিবছৰে মুঠ ৭২.৫ বর্গ কি.মি.ৰ পৰা ৮০ বর্গ কি.মি. মাটি হেৰুৱাইছে৷ অসমৰ সাংস্কৃতিক কেন্দ্ৰ মাজুলীয়ে ইয়াৰ প্ৰকৃত ভূমিৰ প্ৰায় আধা অংশ খহনীয়াৰ কবলত হেৰুৱাই পেলোৱাত ই সম্পূৰ্ণ জাহ যোৱাৰ দিশে আগবাঢ়িছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(খ) ভূমিস্খলন : ভূমিস্খলন মূলত: প্রবল ভূমিকম্প, অত্যধিক বৰষুণ আৰু বানপানী আৰু সীমাহীন অনধিকাৰ প্ৰৱেশ আদিৰ ফলত হয়৷ অসমত স্বাভাৱিক মাত্ৰাতকৈ অধিক বৰষুণ হোৱা বাবে ৰাস্তা-ঘাটবোৰ সহজে নষ্ট হয়। অসমৰ প্ৰায় সকলো প্ৰান্তই পাহাৰেৰে আবৃত আৰু বৰ্তমান সময়ত জনসংখ্যাৰ প্ৰবাহ আৰু গ্ৰামাঞ্চলৰ পৰা চহৰাঞ্চললৈ হোৱা প্ৰব্ৰজন আদিয়ে এই পাহাৰবোৰত জনবসতি অধিক মাত্ৰাত বঢ়াই তুলিছে, যাৰ ফলত ভয়াৱহ ভূমিস্খলন হয় আৰু বেছিভাগ ঘটনাতেই জীৱন আৰু সম্পত্তি ধ্বংস হয়।

(গ) ভূমিকম্প : অসম ছিছমিক জ’ন Vৰ ভিতৰত পৰে, যি ভূমিকম্প প্ৰৱণতাৰ ক্ষেত্ৰত উচ্চতম স্তৰ। এনেদৰে, অসম হ’ল তীব্ৰ প্ৰাৱল্যৰ ভূমিকম্প প্ৰৱণতা সম্পন্ন ৰাজ্য আৰু ১৮৯৭ আৰু ১৯৫০ চনত ৮.৭ আৰু ৮.৫ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ প্ৰবল ভূমিকম্প ইতিমধ্যে ৰাজ্যখনত হৈ গৈছে। ১৯৯৭ চনৰ ভূমিকম্পত গুৱাহাটী সম্পূর্ণ ধ্বংস হৈছিল, এখন হাবি মাটিৰ তলত জাহ গৈ চানডুবি বিল হৈছিল। ১৯৫০ চনৰ ভূমিকম্প অধিক বিখ্যাত, যিহেতু এই ভূমিকম্পনৰ ফলত ব্ৰহ্মপুত্ৰ নদীয়ে ইয়াৰ গতিপথ সলাই পেলাইছিল।

(ঘ) বজ্রপাত : স্থানীয়ভাৱে ‘বৰদৈচিলা’ বুলি কোৱা মৌচুমী বায়ুৰ পূৰ্বে অহা ধুমুহা-বতাহ-ঢেকেনিয়ে বিশেষকৈ গ্রামাঞ্চলত অবর্ণনীয় ক্ষতি কৰে। ধুমুহাৰ শেষত উভালি পৰা বৈদ্যুতিক খুঁটা, গছ, বিধ্বস্ত শস্য, ভাগি-ছিঙি যোৱা ঘৰ-বাৰী আদি ৰাজ্যখনৰ অতি সহজলভ্য দৃশ্য।

(ঙ) প্ৰতিবাদ, উপদ্ৰৱ আৰু সংঘৰ্ষ : অসমত প্ৰতিবাদ, সংঘর্ষ আদিবোৰ অতি চিনাকি ছবি। বিভাজনৰ দাবী, ভূমিহীনতা, অনধিকাৰ প্ৰৱেশ, নিবনুৱা সমস্যা, সাম্প্রদায়িক সমস্যা, স্থানীয় লোকৰ অহং ভাব, প্রসাশনৰ ব্যৰ্থতা আদিৰ বাবে অসমে প্রতিবাদ-সংঘৰ্ষ আদিৰ সন্মুখীন হয়।

(চ) সন্ত্রাসবাদী কার্যকলাপ : অসমত বিভিন্ন সন্ত্রাসবাদী সংগঠন আছে। আলফা ইয়াৰ ভিতৰত অন্যতম। অন্যসমূহ হ’ল– NDFB(S), KPLT, HUM, JEM আদি। এই সংগঠনসমূহ আগৰ দৰে সক্ৰিয় নহয় যদিও হঠাৎ আৰক্ষী বাহিনী, সৈন্য আৰু ছাউনীৰ ওপৰত, প্ৰধানকৈ সম্পদ চহকী অঞ্চলসমূহত গেৰিলা আক্ৰমণ কৰা পৰিলক্ষিত হয়।

৩। ভাৰতবৰ্ষত কৃত্ৰিম (মানৱসৃষ্ট) দুৰ্যোগৰ তিনিটা কাৰণ লিখা।

উত্তৰঃ ভাৰতবৰ্ষত কৃত্ৰিম (মানৱসৃষ্ট) দুৰ্যোগৰ তিনিটা কাৰণ হ’ল—

(ক) মানুহৰ কাণ্ডজ্ঞানহীনতা।

(খ) দূৰদৰ্শিতাৰ অভাৱ।

(গ) সুপৰিকল্পনাৰ অভাৱ।

৪। মানৱসৃষ্ট দুৰ্যোগসমূহ কিদৰে প্রশমিত কৰিব পাৰি? তুমি নিজৰ তিনিটা উপায় আগবঢ়োৱা।

উত্তৰঃ মানৱসৃষ্ট দুৰ্যোগৰ ভাবুকিসমূহ আকস্মিক বা ইচ্ছাকৃত এই দুই ধৰণৰ ভিতৰত একধৰণৰ হ’ব পাৰে। ইচ্ছাকৃত দুর্যোগ প্রশমনৰ চেষ্টা কৰাটো হ’ল অপৰাধ বা সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ, যিটো ইতিমধ্যে কৰা হৈছে আৰু ই যথেষ্ট কঠিন। আকস্মিক দুৰ্যোগৰ প্ৰশমন নিৰ্ভৰ কৰে কাৰ্যপ্রণালী আৰু প্ৰশিক্ষণৰ ওপৰত। আমি এইটো সকলো সময়তে কৰোঁ। সাধাৰণতে ই পূৰ্বৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। 

যোৱা ১০ বছৰৰ বেছিভাগ দুর্যোগ সংঘটিত হোৱাৰ কাৰণসমূহ আছিল পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চলবোৰত হোৱা অবিবেকী জলবিদ্যুৎ প্রকল্পসমূহ (যেনে— উত্তৰাখণ্ড) আৰু অবৈধ অধিক্ৰমণ (মুম্বাই, গুৱাহাটী, কাশ্মীৰ আদি বিভিন্ন চহৰত হোৱা চহৰীয়া বান)।

উন্নতিৰ দৌৰত নামি পৰা আমি বহন ক্ষমতাৰ বিষয়ে পাহৰি পেলাওঁ। আমাক লাগে বিদ্যুৎ আৰু সূক্ষ্ম প্রকল্পসমূহ, জোঁৱাৰ শক্তি পৰিযোজনাসমূহ, বতাহ আৰু সৌৰ শক্তি কয়লাভিত্তিক পৰিযোজনাসমূহৰ আৰু জলবিদ্যুতৰ উত্তম বিকল্প।

মানৱসৃষ্ট বা কৃত্রিম দুৰ্যোগ প্রশমনৰ উপায় হৈছে পৰিৱেশগতভাৱে সংবেদনশীল অঞ্চলসমূহক সুৰক্ষিত কৰা, ৰক্ষণাবেক্ষণ দিয়া আৰু প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা, যেনে— সৰু সুঁতিসমূহ আৰু উপ-নদীসমূহ তথা বিলসমূহ অধিক্ৰমণৰ পৰা মুক্ত ৰখা৷ চৰকাৰে নিৰ্বাচনী ইস্তাহাৰত অন্তৰ্ভুক্ত কৰা ‘বিকাশমূলক’ প্রকল্প বা আঁচনি অনুমোদন কৰাৰ সময়ত এইবোৰৰ দীৰ্ঘম্যাদী প্রভাৱৰ ওপৰত মনোনিৱেশ কৰিব লাগে।

৫। এটা দুৰ্যোগৰ আগত আৰু পিছত অৱলম্বন কৰিবলগীয়া পাঁচটা উপায় উল্লেখ কৰা।

উত্তৰঃ সন্ধান আৰু উদ্ধাৰ অভিযানৰ সময়ত ল’বলগীয়া পদক্ষেপসমূহ–

(ক) উদ্ধাৰ কাৰ্য শান্তচিত, প্রকৃতিস্থ আৰু দৃঢ় হ’ব লাগে।

(খ) সন্ধান আৰু উদ্ধাৰ কাৰ্য সম্পাদনৰ আগত এটা বিস্তৃত অধ্যয়ন কৰাটো দৰকাৰী।

(গ) ক্ষতিগ্রস্থ এলেকাটোৰ পৰা এটা নিৰাপদ দূৰত্ব বজাই ৰাখিব লাগে।

(ঘ) ক্ষতিগ্রস্ত এলেকাসমূহ সম্পূর্ণভাৱে খুটিনাতি মাৰি পৰীক্ষা কৰিব লাগে।

(ঙ) প্রাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় সৰঞ্জাম দিনে-ৰাতি সাজু ৰাখিব লাগে।

(চ) আঘাতপ্রাপ্তজনক প্রথমে সহায় কৰিব লাগে।

(ছ) দুৰ্ঘটনাত আঘাত প্রাপ্তসকলক কম্বল/টাপলিন আদিৰে মেৰিয়াই ল’ব লাগে, যাতে আঘাত অধিক গুৰুতৰ হৈ নপৰে।

(জ) উদ্ধাৰ অভিযানত চোকা সঁজুলিসমূহ অতি সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগে।

(ঝ) আক্রান্ত বা আঘাতপ্রাপ্তজনৰ সাজ-পাৰ ঢিলা কৰি দিব লাগে আৰু এনে লোকক সুৰক্ষিত স্থানলৈ নিব লাগে।

(ঞ) প্রয়োজনসাপেক্ষে আক্রান্তসকলক কৃত্রিম শ্বাস-প্রশ্বাসৰ সুবিধা প্রদান কৰিব লাগে। ৰক্তক্ষৰণৰ ঘটনাৰ ক্ষেত্ৰত ইয়াক বন্ধ কৰিবলৈ বা নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিব লাগে।

৬। যোৱা দুটা দশকত দুৰ্যোগৰ বৰ্ধিত সংখ্যাৰ প্ৰধান আৰু প্ৰকৃত কাৰণসমূহ কি কি?

উত্তৰঃ যোৱা দুই দশক ধৰি দুৰ্যোগৰ বৰ্ধিত সংখ্যাৰ প্ৰকৃত আৰু প্ৰধান কাৰণসমূহ হ’ল—

(ক) গোলকীয় উষ্ণতা।

(খ) বনাঞ্চল ধ্বংস।

(গ) কাৰখানা, উদ্যোগ আদিৰ বৰ্ধিত সংখ্যা।

(ঘ) বায়ু, পানী, মাটি আদি মানুহৰ কাৰ্যৰ দ্বাৰা প্ৰদূষিত হোৱা।

(ঙ) প্ৰযুক্তিৰ অনুপযুক্ত ব্যৱহাৰ।

৭। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভূমিকম্পকেইটা কি কি আছিল আৰু সেইবোৰ ক’ত আৰু কেতিয়া সংঘটিত হৈছিল?

উত্তৰঃ যন্ত্ৰগতভাৱে নথিভুক্ত ….প্ৰা ৱল্যৰ পৃথিৱীৰ সৰ্ববৃহৎ ভূমিকম্পটো হৈছিল ১৯৬০ চনৰ ২২ মে’ত দক্ষিণ চিলিত, ভালদিভিয়াৰ ওচৰত। United states geological survey-এ ইয়াৰ প্ৰাৱল্য ৯.৫ সাব্যস্ত কৰিছিল। এই ভূমিকম্পক “Great Chilean Earthquake” আৰু “1960 Valdivia Earthquake” নামেৰে নামকৰণ কৰা হয়।

চিলিয়ান ভূমিকম্পই এক শক্তিশালী চুনামিৰ সৃষ্টি কৰিছিল, যিয়ে প্রতি ঘণ্টাত 200 মাইল বেগেৰে প্ৰশান্ত মহাসাগৰেৰে গতি কৰিছিল। এই ঢৌৱে হাৱাইত ৬১জন, জাপানত ১৩৮জন আৰু ফিলিপাইনছত ৩২জন লোকৰ মৃত্যু ঘটাইছিল।

আন এটা প্ৰৱল ভূমিকম্প হৈছিল জাপানৰ চেণ্ডাইত ২০১১ চনৰ ১১ মার্চত, যাৰ ৰিখটাৰ স্কেলৰ প্ৰাৱল্য আছিল ৯.০। চৰকাৰী মৃত্যুগণনা অনুসৰি, কেইবাহাজাৰো লোক এই শক্তিশালী ভূমিকম্প, আফটাৰ্শ্বক আৰু চুনামিৰ সংযুক্ত প্ৰভাৱত মৃত্যুমুখত পৰিছিল।

৮। অসমত সঘনাই সৃষ্টি হোৱা বানৰ কাৰণসমূহ কি কি?

উত্তৰঃ অসমত সঘনাই হোৱা বানৰ কাৰণসমূহ হ’ল–

(ক) কিছুমান বৰ্ষত হোৱা ধাৰাসাৰ বৰষুণ অথবা অসম তথা ইয়াৰ মূখ্য নদীসমূহৰ উজনি অঞ্চলত হোৱা অবিৰত ধাৰাসাৰ বৰষুণ।

(খ) উজনি অঞ্চলত হোৱা প্ৰৱল বৰষুণৰ ফলত পানী নিম্নভাগলৈ বৈ আহি বান সৃষ্টি কৰে।

(গ) এই অঞ্চলটোৰ শৰীৰতত্ত্ব এতিয়াও কমবয়সীয়া আৰু নিম্ন হিমালয় অঞ্চলটো এতিয়াও গঠনৰত অৱস্থাত আছে। সেউজ আৱৰণবিহীন কোমল শিলবোৰৰ মাজেৰে সহজে পানী বৈ যায়।

(ঘ) ব্রহ্মপুত্র উপত্যকাই বৃহৎ পৰিমাণৰ পানী কঢ়িয়ায় আৰু ই হ’ল অতি বিপদসংকুল অঞ্চলসমূহৰ এটা।

(ঙ) মানুহৰ দ্বাৰা সৃষ্ট সমস্যাবোৰ, যেনে— জলাভূমি ধ্বংস, বনাঞ্চল ধ্বংস, নদীৰ পাৰসমূহত অতিক্ৰমণ আদি।

(চ) অধিকসংখ্যক চহৰ নগৰত সুপৰিকল্পনাৰ অভাৱ।

(ছ) ৰাজ্যখনৰ বানপানী সংক্রান্তীয় তথ্য লগিঙৰ সংগঠিত ব্যৱস্থাটো অতি নতুন আৰু অনভিজ্ঞ। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনাটোও ২০১০ চনতহে আৰম্ভ হৈছিল।

(জ) অত্যধিক জনসংখ্যা বৃদ্ধিৰ পৰিণতিত ৰাজ্যখনৰ নদী, চৰ, প্ৰাকৃতিক জলাশয় অঞ্চল আদিত অনধিকাৰ প্ৰৱেশ হয়, যি প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থাক ক্ষতিগ্রস্ত কৰে বা সলাই পেলায়।

৯। ভূমিকম্পৰ সৈতে জড়িত পাঁচটা সম্ভাব্য সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ ভূমিকম্পৰ সৈতে জড়িত পাঁচটা সম্ভাব্য সমস্যা হ’ল—

(ক) ভূমিকম্পৰ প্ৰভাৱ অতি ভয়াব্বহ আৰু ক্ষয়কাৰী।

(খ) অসংখ্য মানুহ আঘাতপ্রাপ্ত হয় আৰু মৃত্যুমুখত পৰে।

(গ) মানুহৰ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।

(ঘ) ইয়াৰ পৰিৱেশগত প্ৰভাৱবোৰ হ’ল— পৃষ্ঠতল ফাটি যোৱা, টেকটোনিক উত্থান আৰু অৱনমন, চুনামি, ভূমি তৰলীকৰণ, স্থল অনুৰণন, ভূমিকম্প উৎসৰ সৈতে জড়িত অথবা ভূমিৰ কম্পনৰ ফলত হোৱা ভূমিস্খলন আৰু স্থল ব্যৰ্থতা আদি।

১০। অসমৰ ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্দেশ্য আৰু কাৰ্যসমূহ কি কি?

উত্তৰঃ অসম ৰাজ্যই দুৰ্যোগক ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা আইন-২০০৫ৰ অধীনত সম্বোধন কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ নিৰ্দেশনাৱলী ২০১০ চনত প্ৰস্তুত কৰা হৈছিল। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ হ’ল ৰাজ্যখনৰ ন’ডেল সংস্থা। মানুহৰ মাজত সজাগতা সৃষ্টি, দুৰ্যোগৰ সময়ত ল’বলগীয়া সতৰ্কতামূলক ব্যৱস্থাসমূহ সৰলীকৃত কৰাটো ইয়াৰ প্ৰাথমিক দায়িত্ব। ইয়াৰ মুখ্য কাৰ্যালয় দিছপুৰৰ Assam civil secretariat (capital complex)ত অৱস্থিত। 

এজন আই এ এছ বিষয়াক ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে আৰু অসম চৰকাৰৰ সংযুক্ত সচিব পৰ্যায়ৰ এজন বিষয়াক এই কৰ্তৃপক্ষৰ ক্ৰিয়া-কলাপ চোৱাচিতা কৰিবলৈ নিয়োগ কৰা হয়। এই কেন্দ্রীয় সংস্থাটোৰ বাদেও জিলা, ব্লক আৰু পঞ্চায়ত পৰ্যায়ত আন দুর্যোগ ব্যৱস্থাপনা সংস্থা আছে, যিয়ে দুর্যোগ ব্যৱস্থাপনাৰ নিৰ্দেশনাৱলী পালন কৰে। এই সংস্থাসমূহৰ মুখ্য কাৰ্য হ’ল—

(ক) পৰিকল্পনা।

(খ) প্রস্তুতি।

(গ) ক্রিয়া-কলাপ। 

(ঘ) সমন্বয়।

(ঙ) সামাজিক অংশগ্রহণ।

১১। ২০০৮ চনত হোৱা ‘গুৱাহাটী ধাৰাবাহিক বিস্ফোৰণ’ কি ধৰণৰ দুর্যোগ?

উত্তৰঃ মানৱসৃষ্ট দুর্যোগ।

১২। ভাৰতবৰ্ষৰ খনিসমূহত হোৱা দুৰ্যোগৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ ভাৰতবৰ্ষ খনিত অতি চহকী। কেতিয়াবা খননৰ সময়ত হোৱা আকস্মিক দুর্ঘটনাই বহুতো প্রাণ লয়৷ এনে কেইটামান ঘটনা আৰু ইয়াৰ কাৰণসমূহ তলত তালিকাভুক্ত কৰা হ’ল—

১৩। দুর্যোগ ব্যৱস্থাপনাৰ পৰ্যায়সমূহ কি কি? প্ৰত্যেকটো পৰ্যায়ত ল’ব পৰা পদক্ষেপসমূহ কি কি?

উত্তৰঃ (ক) সাম্ভাব্য বিপদ ব্যৱস্থাপনা, (খ) ক্ষয়-ক্ষতি হ্রাস, (গ) দুর্যোগ নিয়ন্ত্রণ, (ঘ) সম-সাহায্য বিতৰণ, (ঙ) সম্পদ আহৰণ ব্যৱস্থা আৰু (চ) প্ৰভাৱ দূৰীকৰণ।

(ক) সম্ভাব্য বিপদ ব্যৱস্থাপনা : ইয়াৰ অধীনত আছে সম্ভাব্য ভাবুকি বা সংঘটিত হ’ব পৰা বিপদসমূহ চিহ্নিত আৰু সম্ভাৱনীয়তা স্থিৰকৰণ, এনে বিপদৰ পৰা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাক নিৰ্ধাৰণ কৰা। লগতে কি ব্যৱস্থা ল’লে বিপদ লাঘৱ কৰিব পৰা যাব সেইমতে কার্যপন্থা গ্রহণ। ইয়াৰ বাবে বিপদ সংকুলতাৰ মানচিত্র অংকন, স্পর্শকাতৰ এলেকা চিনাক্তকৰণ, সাম্ভাব্য ক্ষয়-ক্ষতিৰ খতিয়ান লোৱা আদি কামবোৰো কৰিব লাগিব।

(খ) ক্ষয়ক্ষতি হ্রাস কৰা : দুৰ্যোগৰ ফলত হোৱা ধন জন আদি ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস কৰাই হ’ল ক্ষতিৰোধ ব্যৱস্থাপনা। ইয়াৰ বাবে (১) ঘৰ-দুৱাৰকে ধৰি সকলোবোৰ নিৰ্মাণ আৰু গাঁথনি দুৰ্যোগ প্ৰতিৰোধী কৰি সজা (২) জীৱ-জন্তু, মানুহ সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা। (৩) সাহায্য গোটবোৰক তাৎক্ষণিকভাৱে সঁহাৰি জনাৰ পৰাকৈ সাজু ৰখা ইত্যাদি।

(গ) দুর্যোগ নিয়ন্ত্রণ : এই ব্যৱস্থা দুৰ্যোগৰ সময়ত আৰু জৰুৰীকালীন পৰিস্থিতিৰ পিছতহে কাৰ্যকৰী হয়। অৱশ্যে কিছুমান কাম আগতীয়াকৈ কৰাহে অধিক প্ৰয়োজনীয়।

ইয়াৰ ভিতৰত সম্ভাব্য দুৰ্যোগৰ কাৰণ আৰু প্ৰভাৱৰ সম্বন্ধ নিৰ্ণয় কৰা; দুৰ্যোগৰ মুখামুখি হ’বৰ বাবে আঁচনি গ্ৰহণ কৰা; তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে সকলো ব্যৱস্থাকে সষ্টম কৰি ৰখা; দুর্যোগ ব্যৱস্থাপনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে পদ্ধতিগত আৰু শৃঙ্খলাবদ্ধ প্রচেষ্টা লোৱা ইত্যাদি।

(ঘ) সম্পদ সাহায্য বিতৰণ : সকলো দুর্যোগ সাহায্য নিৰপেক্ষ আৰু যথোচিত হ’ব লাগে। সাহায্য আৰু পুৰ্ননিৰ্মাণ প্ৰক্ৰিয়া যাতে পক্ষপাতমূলক নহয় তাৰ প্ৰতি সজাগ হ’ব লাগে।

(ঙ) সম্পদ ব্যৱস্থাপনা : দুৰ্যোগৰ পিছত প্ৰতিকুল পৰিস্থিতি মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন হয় যেনে— ক্রেইন, এচকাডেটৰ, এম্বুলেঞ্চ, ডাক্তৰ। এইবোৰ সততে উপলব্ধ হোৱাৰ বাবেও পূর্ব পৰিকল্পনাৰ প্রয়োজন।

(চ) প্ৰভাৱ সীমিতকৰণ : দুর্যোগে মানুহ, আন্তঃগাঁথনি, আর্থিক ব্যৱস্থা আদিৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। এনে প্ৰভাৱ সীমিত কৰাৰ বাবে পুনৰ উদ্ধাৰ অভিযান ক্ষিপ্রগতিৰে সম্পাদন কৰি তৎকালীন উন্নয়নৰ প্ৰক্ৰিয়াত গুৰুত্ব আৰোপ কৰিব লাগে।

দুর্যোগ ব্যৱস্থাপনাৰ পদক্ষেপসমূহ তিনিটা পৰ্যায়ত ল’ব পাৰি—

(ক) দুৰ্যোগৰ আগত (সতর্কতা, জন সজাগতা, ভৱিষ্যদ্বাণী, প্রস্তুতি আদি)।

(খ) দুর্যোগ সংঘটিত হোৱাৰ সময়ত (দুৰ্যোগৰ প্ৰকৃতি অনুসৰি বিশেষ পদক্ষেপ ল’ব লাগে, যেনে— সন্ধান আৰু উদ্ধাৰ অভিযান আদি)।

(গ) দুৰ্যোগৰ পিছত (আক্রান্তসকলৰ বাবে সাহায্য আৰু পুনঃসংস্থাপন, স্বাস্থ্য সেৱা, যোগাযোগ ব্যৱস্থাৰ পুনর্গঠন আদি)।

১৪। দুর্যোগ ব্যৱস্থাপনাত তুমি এজন ছাত্ৰ হিচাপে ল’ব পৰা পাঁচটা পদক্ষেপৰ বিষয়ে লিখা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকল হ’ল সমাজৰ অনিবাৰ্য আৰু অতি সংবেদনশীল অংগ। আজিৰ ছাত্ৰসকল কাইলৈৰ নাগৰিক। গতিকে ছাত্র-ছাত্রীয়ে দুর্যোগ ব্যৱস্থাপনাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। যেনে—

(ক) বিদ্যালয়, মহাবিদ্যালয় আৰু আন সামাজিক অনুষ্ঠানসমূহত হোৱা দুর্যোগ ব্যৱস্থাপনা সজাগতা কাৰ্যসূচীত বিশেষজ্ঞসকলে দিয়া পৰামৰ্শৱলী পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে আলোচনা কৰিব লাগে আৰু ছাত্ৰ-ছাত্ৰীসকলে সতর্কতা অৱলম্বনৰ বাবে পদক্ষেপ গ্রহন কৰিব লাগে।

(খ) সকলো প্রাকৃতিক দুৰ্যোগৰ ভিতৰত ভূমিকম্প হ’ল আটাইতকৈ ভয়ংকৰ, যিহেতু ই অপ্রত্যাশিত আৰু কোনো পূর্বাভাস নোহোৱাকৈ আকস্মিকভাৱে সংঘটিত হয়। এনে পৰিস্থিতিত ভয় খাব নালাগে আৰু অতি সাৱধানতাৰে বিশেষজ্ঞই আগবঢ়োৱা সতৰ্কৰ্তাবাণী তথা পৰামৰ্শৱলী মানিব লাগে।

(গ) ভূমিকম্পৰ সময়ত, দৰ্জাৰ কঠিন ফ্ৰেমৰ তলত, ঘৰৰ চকুত, শক্তিশালী মেজ-বিছনাৰ তলত বা খোলা ঠাইত আশ্রয় ল’ব লাগে।

(ঘ) বৈদ্যুতিক তাঁৰ/খুঁটা, ওখ গছ, পানীৰ টেংকি, আইনাৰ খিৰিকী বা আচবাব, পাগঘৰ, গা-ধোৱা ঘৰ আদিত কেতিয়াও আশ্রয় ল’ব নালাগে।

(ঙ) বহা কোঠা তথা শোৱনি কোঠাৰ আলমাৰি, ৰেক্ আৰু আন আচবাবসমূহ নিখুটভাৱে স্থিৰ কৰিব বা ৰাখিব লাগে।

১৫। দুৰ্যোগৰ সময়ত কি কি কৰিব নালাগে?

উত্তৰঃ (ক) অপ্রয়োজনীয়ভাৱে ভয় খাব নালাগে।

(খ) সঠিক অধ্যয়ন আৰু সঁজুলি অবিহনে উদ্ধাৰ অভিযান চলাব নালাগে।

(গ) ক্ষতিগ্রস্ত স্থানৰ পৰা বস্তু-বাহিনীবোৰ অস্থিৰভাৱে উলিয়াব নালাগে, যাতে আৰু অধিক ক্ষতি নহয়।

(ঘ) দুৰ্ঘটনাস্থলীৰ আশে-পাশে এনে কোনো অসাৱধানী কাম কৰিব নালাগে, যাৰ বাবে ভৱিষ্যতে আক্রান্তসকলৰ জীৱন বিপদাপন্ন হ’ব পাৰে।

(ঙ) সজীৱ বৈদ্যুতিক তাঁৰৰ সংস্পৰ্শলৈ নাহিবৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগে।

(চ) উদ্ধাৰকাৰীসকলে সুৰক্ষা বিধিসমূহ উলঙঘন কৰিব নালাগে।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰ

১। জৰুৰীকালীন সাহায্য কবচ কি?

উত্তৰঃ যিকোনো প্রাকৃতিক দুর্যোগ এটা হৈ যোৱাৰ পিছত জীৱিত বা আঘাতপ্রাপ্ত অথবা আক্ৰান্ত হৈ থকা মানুহ বা আন জীৱ-জন্তুক দ্রুতগতিত উদ্ধাৰ কৰি জৰুৰীকালীন সাহায্য প্রদান কৰাতো নিতান্তই আৱশ্যকীয়।

ভুঁইকপ বা অন্য প্রাকৃতিক দুর্যোগ আহক বা নাহক কিন্তু আমাৰ প্ৰশমন বিভাগ কিমানদূৰ সাজু সেইটো নিৰ্ভৰ কৰে উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় সা-সঁজুলি যুগুত ৰখা, ক্ষয়-ক্ষতিৰ পাছত নিয়ন্ত্রণকক্ষ স্থাপন, সাহায্য আদি মজুতকৰণ, পানী যোগান, বিজুলী সৰবৰাহ, প্রাথমিক চিকিৎসা, বিকল্প জনসংযোগ, অত্যাৱশ্যকীয় সেৱা আৰু সমন্বয় ব্যৱস্থা ঠিক মতে কৰাটোত।

২। দুর্যোগ কাক কয়? সকলোবোৰ বিপজ্জনক ঘটনাই দুৰ্যোগ হ’ব পাৰে নেকি?

উত্তৰঃ দুর্যোগ মানে আচম্বিতে সংঘটিত হোৱা অতি বিপজ্জনক পৰিঘটনা; যাৰ ফলস্বৰূপে জন-জীৱন, আন্তঃৰাষ্ট্ৰীয়, অর্থনৈতিক পৰিস্থিতি আৰু পৰিবেশৰ গুৰুতৰভাৱে ব্যাঘাত ঘটে। এই ক্ষয়-ক্ষতি ইমান বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামর্থ্য নাথাকে।

বিপজ্জনক ঘটনাই মানুহ-দুনুহ, আন্তঃগাঁথনি অথবা সম্পত্তিৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰি দুর্যোগ মাতি আনিব পাৰে। ভূমিকম্প, বানপানী, খৰাং, মহামাৰী, ৰে’ল, উৰাজাহাজ আদিৰ দুৰ্ঘটনা বিপজ্জনক ঘটনাৰ কেইটামান উদাহৰণ।

প্ৰতিটো বিপজ্জনক ঘটনাই দুৰ্যোগ হ’ব নোৱাৰে যদিহে ইয়াৰ ফলত বিক্তৰ ক্ষয়-ক্ষতি নহয়।

৩। দুর্যোগ ব্যৱস্থাপনা বুলিলে কি বুজায়? ইয়াৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনা এলানি কার্যকলাপৰ সমষ্টি— যাৰ দ্বাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্রদান বা দুৰ্যোগৰ কবলৰপৰা উদ্ধাৰ কৰিব পাৰি। দুর্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয়।

দুর্যোগ ব্যৱস্থাপনাৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ব্যক্তিবিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সন্মুখীন হ’ব পৰা সম্ভাব্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস অথবা ইয়াৰ কবলৰ পৰা সম্পূর্ণ মুক্ত কৰা।

(খ) ব্যক্তিগত দুখ-কষ্ট লাঘৱ কৰা।

(গ) পুনৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা।

৪। দুর্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ কি কি? এইবিলাকৰ এটি চমু বিৱৰণ দিয়া।

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ হল—

(ক) সম্ভাব্য বিপদ-ব্যৱস্থাপনা।

(খ) ক্ষয়-ক্ষতি হ্রাস।

(গ) দুর্যোগ নিয়ন্ত্রণ।

(ঘ) সম-সাহাৰ্য্য বিতৰণ।

(ঙ) সম্পদ আহৰণ ব্যৱস্থা। আৰু

(চ) প্ৰভাৱ দূৰীকৰণ।

এইবিলাকৰ চমু বিৱৰণ তলত দিয়া হ’ল—

(ক) সম্ভাব্য বিপদ ব্যৱস্থাপনা : ইয়াৰ অধীনত আছে সম্ভাব্য ভাবুকি বা সংঘটিত হ’ব পৰা বিপদসমূহ চিহ্নিত আৰু সম্ভাৱনীয়তা স্থিৰকৰণ, এনে বিপদৰ পৰা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাক নিৰ্ধাৰণ কৰা। লগতে কি ব্যৱস্থা ল’লে বিপদ লাঘৱ কৰিব পৰা যাব সেইমতে কাৰ্যপন্থা গ্রহণ।

বিপদ সংকুলতাৰ লগতে স্পর্শকাতৰ অঞ্চলৰ মানচিত্র অংকন কৰি ল’ব লাগে। তদুপৰি সম্ভাব্য ক্ষয়-ক্ষতিৰ খতিয়ান লোৱা, যেনে— ঘৰ-দুৱাৰ, অন্যান্য গাঁথনিৰ ধ্বংস, খেতি-বাতি নষ্ট আদি কথাবোৰৰ পৰ্যালোচনা কৰিব লাগে।

(খ) ক্ষতিৰোধ ব্যৱস্থাপনা : দুৰ্যোগৰ ফলত জন-জীৱন, আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থা বিধ্বস্ত হৈ অশেষ ক্ষতি সাধন কৰে। দুৰ্যোগৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত ক্ষতিৰোধ ব্যৱস্থাপনা লোৱা হয় যাতে ক্ষয়-ক্ষতি অতি নগণ্য হয়।

এইক্ষেত্ৰত দুৰ্যোগৰ পূৰ্বে লোৱা ব্যৱস্থাই উৎকৃষ্ট কার্যপন্থা বুলি বিবেচিত। এই কাৰ্যপন্থাবোৰৰ ভিতৰত পৰে—

(১) ঘৰ-বাৰী, নিৰ্মাণ গাঁথনি আদি দুৰ্যোগ প্ৰতিৰোধ কৰি সজা।

(২) ঘৰৰ বাসিন্দাসকলক আৰু সংকটজনক স্থানত অৱস্থিত বসতি অঞ্চলৰ কাৰণে উন্নত ধৰণৰ নিৰাপত্তা প্রদান।

(গ) দুর্যোগ নিয়ন্ত্রণ : দুৰ্যোগৰ সময়ত বা জৰুৰীকালীন পৰিস্থিতিৰ পিছত দুর্যোগ ব্যৱস্থাপনা লোৱাতকৈ দুৰ্যোগৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাহে দৰকাৰ। তাৰ কাৰণে ল’ব লগা পদ্ধতিসমূহ হ’ল—

(১) হ’ব পৰা দুৰ্যোগ, তাৰ কাৰণ আৰু প্ৰভাৱৰ সম্বন্ধ নিৰ্ণয় কৰা।

(২) দুৰ্যোগৰ সন্মুখীন হ’ব পৰাকৈ পৰিকল্পনা তথা আঁচনি প্ৰস্তুত কৰা যাতে যথাসময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

(৩) দুর্যোগ ব্যৱস্থাপনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে সংশ্লিষ্ট সংগঠন তথা সাহায্য, ব্যৱস্থাপনাৰ সৈতে জড়িত দায়িত্ববাহী বিষয়াই এই পদ্ধতিগত, নির্দিষ্ট আৰু শৃংখলাবদ্ধভাৱে আগবাঢ়িব লাগিব।

(ঘ) সম্পদ-সাহায্য বিতৰণ : সকলো দুর্যোগ সাহায্য নিৰপেক্ষভাৱে আৰু যথোচিতভাৱে উপলব্ধ হ’ব লাগে। বিপদগ্রস্ত লোকক সমভাৱে আৰু ভালদৰে আচৰণ কৰাটো নিশ্চিত কৰা দুর্যোগ ব্যৱস্থাপনাৰ এক গুৰুত্বপূৰ্ণ উপাদান।

যথোচিত সাহায্য আৰু পুনৰ্নিৰ্মাণ সাহায্য বিতৰণৰ মূলনীতি হ’ব লাগে যাতে দুর্দশাগ্রস্ত লোকে সাহায্যকাৰী দলৰ পৰা যথোচিত আচৰণ লাভ কৰে আৰু সম্পদ উপলব্ধ সহজ হয়।

(ঙ) সম্পদ ব্যৱস্থাপনা : দুৰ্যোগৰ পিছত প্রতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন হয়। যেনে— এখন ক্রেইন, এচকেভেটৰ, এম্বুলেন্স, ডাক্তৰ আদিৰ খুব প্রয়োজন। কিন্তু এইবিলাক সামগ্ৰী সাধাৰণতে মজুত নাথাকে। সেয়ে সম্পদ ব্যৱস্থাপনা দুর্যোগকালীন সঁহাৰিৰ ক্ষেত্ৰত এক জটিল বিষয়। সম্পদসমূহ যাতে সততে উপলব্ধ হয় তাৰ বাবে পূর্ব পৰিকল্পনাৰ দৰকাৰ।

(চ) প্ৰভাৱ সীমিতকৰণ : দুর্যোগে মানুহ, আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাই থৈ যায়। ই সমাজখনকেই দুর্বল কৰি পেলায়। দুর্যোগে এখন দেশৰ সামূহিক উন্নয়ন প্রক্রিয়াকো বেয়াকৈ ক্ষতিগ্রস্ত কৰিব পাৰে। সেয়ে দুৰ্যোগৰ প্ৰভাৱ যাতে কম হয় তালৈ লক্ষ্য কৰা উচিত।

দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত এখন দেশৰ কাৰণে দুর্যোগ ব্যৱস্থাপনাৰ প্ৰক্ৰিয়া এনেদৰে সমাধান কৰিব লাগে যাতে পুনৰ উদ্ধাৰ ক্ষিপ্রগতিৰে কৰি দেশৰ সামগ্ৰিক উন্নয়নত অৰিহণা যোগায়।

৫। প্রাকৃতিক দুর্যোগ বুলিলে কি বুজা? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়?

উত্তৰঃ প্রাকৃতিক দুর্যোগ (Natural calamities) : প্রাকৃতিক দুর্যোগ বুলি ক’লে ই বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে, যেনে— প্রাকৃতিক বা মানৱসৃষ্ট দুর্যোগ। ভূমিকম্প, ঘূর্ণী বতাহ (cyclone) আদি সম্পূর্ণ প্রাকৃতিকভাৱে সৃষ্ট আৰু হঠাৎ সংঘটিত হোৱা দুর্যোগ। ইয়াক ৰোধ কৰাটো সহজ নহয়। আনহাতে শুষ্কতা (drought) মানৱসৃষ্ট বা প্রকৃতিগত দীৰ্ঘদিনীয়া কাৰকৰ প্ৰভাৱত হোৱা দুর্যোগ। ইয়াক কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। সাধাৰণতে সংঘটিত হৈ থকা দুৰ্যোগসমূহ হ’ল— ভূমিকম্প, সাগৰীয়া ঢৌ, বানপানী, ধুমুহা, ঘূর্ণী বতাহ। মানৱসৃষ্টসমূহৰ ভিতৰত ভূমিস্খলন (Landslide), আগ্নেয়গিৰি, উদ্‌গীৰণ, মহামাৰী, শুষ্কতা আদি।

দুর্যোগ ব্যৱস্থাপনৰ (Disaster management) দ্বাৰা শৃংখলাবদ্ধভাৱে অধ্যয়ন আৰু বিশ্লেষণৰ দ্বাৰা এই দুৰ্যোগসমূহৰ পৰা কিছু পৰিমাণে ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়।

৬। স্বেচ্ছাসেৱী সংস্থা আৰু লোক সমাজৰ অংশ গ্রহণে কেনেদৰে দুৰ্যোগ ব্যৱস্থাপনাত সহায় কৰে? উদাহৰণসহ বুজাই লিখক।

উত্তৰঃ দুৰ্যোগৰ লগত মোকাবিলা কৰিবলৈ জনসাধাৰণ সাজু হৈ থকাটো অতি প্রয়োজন। স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দুর্যোগ প্রশমনৰ সৈতে জড়িত কৰ্মীসকল সু-প্রশিক্ষিত হ’লে তথা সদা-সচেতন হ’লে দুৰ্যোগৰ সময়ত বহুলাংশে পৰিত্ৰাণ পোৱা যায় ৷ এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন আৰু জনসাধাৰণৰ অংশ গ্রহণে ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব পাৰে।

ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে প্রাক্কালীন সজাগতা বৃদ্ধি, তাৎক্ষণিক উদ্ধাৰ, দুর্যোগ হোৱাৰ পিছত পুনৰ সংস্থাপন আৰু পৰিবেশ উন্নতকৰণ আদিৰ প্ৰতি সদা সচেতন হয়। বছৰজোৰা কাৰ্য প্ৰণালী গ্ৰহণৰ যোগেদি আৰু তাৎক্ষণিকভাৱে মোকাবিলা কৰা পাৰদৰ্শিতাৰ সহায়ত স্বেচ্ছাসেৱী অনুষ্ঠান আৰু জনসাধাৰণে দুৰ্যোগৰ সময়ত দুৰ্গতজনলৈ সহায়ৰ হাত আগবঢ়াব পাৰে।

স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সদায় তৎপৰ হৈ থাকে। উদাহৰণস্বৰূপে, বাৰিষাৰ সময়ত বানপানীৰ লগত কেনেদৰে মোকাবিলা কৰিব বা ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কেনেদৰে হ্ৰাস কৰিব পাৰে আদিৰ বিষয়ে বিভিন্ন সজাগতা শিবিৰ পাতি সাধাৰণ লোকসকলক এই সম্পর্কে সচেতন কৰি তোলাৰ লগতে প্রয়োজনীয় বিভিন্ন প্রশিক্ষণৰ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰে। 

দুৰ্যোগৰ সময়ত তাৎক্ষণিক উদ্ধাৰ আৰু দুৰ্যোগৰ পিছত হোৱা ক্ষয়-ক্ষতিৰ উন্নতকৰণৰ বাবে স্বেচ্ছাসেৱী অনুষ্ঠানবোৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰি দুৰ্যোগৰ সময়ত সাহায্য বিতৰণ, ঔষধ, শস্যৰ বীজ, কাপোৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ যোগান সুনিশ্চিত কৰে স্বেচ্ছাসেৱী সংগঠনসমূহে। বহু সময়ত দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায়ৰ বাবে কৃষি ব্যৱস্থাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত হ্রস্বকালীন আৰু দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top