ASOS Class 12 Environmental Science Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা and select needs one.
ASOS Class 12 Environmental Science Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 2 বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা Solutions for All Subject, You can practice these here.
বাস্তব্যবিদ্যা সম্পৰ্কীয় ধাৰণা
Chapter : 2
পাঠভিত্তিক প্রশ্নোত্তৰঃ
প্রশ্ন ১ঃ ইক’ল’জী বা বাস্তব্যবিদ্যাৰ সংজ্ঞা নির্ণয় কৰা।
উত্তৰঃ ‘ইক’ল’জী’ বা ‘বাস্তব্যবিদ্যা’ শব্দটো গ্ৰীক শব্দ aikos, যাৰ অৰ্থ হ’ল ‘ঘৰ’ বা ‘আৱাস’ আৰু logos, যাৰ অৰ্থ হ’ল ‘অধ্যয়ন’ৰ পৰা অহা। গতিকে বাস্তব্যবিদ্যাই জীৱজগতে নিজৰ স্বাভাৱিক আৱাস বা বাসস্থান তথা চৌপাশাৰ পৰিৱেশৰ সৈতে কিদৰে আন্তঃসম্পৰ্ক অথবা যোগাযোগ ৰক্ষা কৰে তাক অধ্যয়ন কৰে। আন অৰ্থত, বাস্তব্যবিদ্যা হৈছে উদ্ভিদ, জীৱ-জন্তু আৰু পৰিৱেশৰ মাজৰ আন্তঃসংযোগ আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ অধ্যয়ন। উদ্ভিদ, প্রাণী, সূক্ষ্মজীৱ আৰু সেইবোৰৰ পৰিৱেশৰ মাজৰ সম্পৰ্কৰ অধ্যয়নেই বাস্তব্যবিদ্যাৰ সাৰমৰ্ম।
প্রশ্ন ২ঃ পৰিস্থিতিতন্ত্ৰ বুলিলে কি বুজা?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ হৈছে পৰস্পৰৰ আৰু অজৈৱিক উপাদানবোৰৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ গোষ্ঠী বা সম্প্ৰদায়। এই ধৰণৰ আন্তঃক্রিয়াই ব্যৱস্থাটোক বৰ্তাই ৰাখে আৰু পৰিৱৰ্তনশীল অৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ অনুমোদন জনায়। এইদৰে পৰিস্থিতিতন্ত্ৰই জৈৱিক উপাদানসমূহ, জড় উপাদান, আৰু সিহঁতৰ আন্তঃক্ৰিয়াক সামৰি লয়।
প্রশ্ন ৩ঃ পৰিস্থিতিতন্ত্ৰ শ্ৰেণীবিভাজন কৰা।
উত্তৰঃ পৰিস্থিতিতন্ত্র মূলতঃ দুই প্ৰকাৰৰ—
(ক) প্রাকৃতিক পৰিস্থিতিতন্ত্র।
(খ) কৃত্রিম বা মানৱসৃষ্ট পৰিস্থিতিতন্ত্র।
(ক) প্রাকৃতিক পৰিস্থিতিতন্ত্রঃ প্রাকৃতিক পৰিস্থিতিতন্ত্ৰক পুনৰ দুই ভাগত ভাগ কৰা হৈছ—
(i) ভূস্থলীয় পৰিস্থিতিতন্ত্ৰ— উদাহৰণ- বনাঞ্চল পৰিস্থিতিতন্ত্র, তৃণভূমি পৰিস্থিতিতন্ত্ৰ, মৰুভূমি পৰিস্থিতিতন্ত্র।
(ii) জলজ পৰিস্থিতিতন্ত্ৰ— এই পৰিস্থিতিতন্ত্ৰ নিৰ্মল জলপৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ’ব পাৰে। নির্মল জলপৰিস্থিতিতন্ত্ৰ প্ৰৱাহমান অথবা আবদ্ধ জলৰো হ’ব পাৰে।
(খ) কৃত্ৰিম অথবা মানৱসৃষ্ট পৰিস্থিতিতন্ত্রঃ এইবোৰ পৰিস্থিতিতন্ত্র কৃত্ৰিমভাৱে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে, শস্যভূমি পৰিস্থিতিতন্ত্র, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি।
তলত বহলভাৱে প্ৰাকৃতিক আৰু কৃত্ৰিম পৰিস্থিতিতন্ত্ৰৰ বিষয়ে আলোচনা কৰা হ’ল—
(ক) প্রাকৃতিক পৰিস্থিতিতন্ত্রঃ ই হ’ল প্ৰকৃতিত উপলব্ধ এক পৰিস্থিতিতন্ত্র, য’ত মানুহৰ সৈতে যোগাযোগ বা আন্তঃক্রিয়া নাথাকে। ই হ’ল এক তন্ত্র বা ব্যৱস্থা, য’ত সকলো উপাদান/বস্তুৰ মাজত ভাৰসাম্য ৰক্ষা হয় আৰু যিকোনো এটা উপাদান আঁতৰাই পেলোৱা হয়, তেন্তে গোটেই ব্যৱস্থাটো ধ্বংস হৈ যায়। প্রাকৃতিক পৰিস্থিতিতন্ত্ৰক সিহঁতৰ বাসস্থানৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰা হয়।
এই পৰিস্থিতিতন্ত্ৰৰ দুটা প্রধান শ্রেণী হ’ল— ভূস্থলীয় আৰু জলজ পৰিস্থিতিতন্ত্র। মৰুভূমি, বনাঞ্চল, তৃণভূমি আদি হ’ল ভূস্থলীয় পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। আনহাতে, জলজ পৰিস্থিতিতন্ত্রই নিৰ্মল জলপৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰক সামৰি লয়।
(খ) কৃত্ৰিম/মানৱসৃষ্ট পৰিস্থিতিতন্ত্রঃ কৃত্রিম পৰিস্থিতিতন্ত্ৰ হ’ল মানুহৰ দ্বাৰা সৃষ্টি কৰি লোৱা পৰিস্থিতিতন্ত্র। উদাহৰণস্বৰূপে, মানুহে পুখুৰী খান্দি চাৰিওকাষে গছ-বন ৰুই দিয়ে আৰু পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ এৰি দিয়ে। বনাই লোৱা জলাশয়টোৰ ভাৰসাম্যতা ৰাখিবলৈ পৰিস্থিতিতন্ত্ৰটো চলাই নিবলৈ মানুহৰ হস্তক্ষেপৰ প্ৰয়োজন হয়।
পুখুৰীবোৰ পানীৰে পৰিপূৰ্ণ কৰি ৰাখিব লাগে, যাতে মাছ আৰু উদ্ভিদবোৰৰ বিকাশ সাধন হয়। আক্রমণকাৰী উইডসমূহ আৰু চিকাৰী প্ৰাণীসমূহক নিয়ন্ত্ৰণত ৰাখিব লাগে। গতিকে ই এটা স্বাভাৱিক পৰিস্থিতিতন্ত্ৰ নহয়। আন কিছুমান কৃত্রিম পৰিস্থিতিতন্ত্ৰ হৈছ— ফলৰ বাগিচা, ডাঙৰ আৰু সৰু বাগিচাবোৰ আৰু কৃষিক্ষেত্র।
প্রশ্ন ৪ঃ প্ৰৱাহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্র কি? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰৱাহমান পৰিস্থিতিতন্ত্ৰ— যি পৰিস্থিতিতন্ত্ৰত পানী প্ৰৱাহমান বা বৈ যায়, তেনে জলজ পৰিস্থিতিতন্ত্ৰক প্ৰৱাহমান বা মুক্ত প্ৰৱাহৰ পৰিস্থিতিতন্ত্র বোলে। যেনে—নদী, নিজৰা। স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ— যি পৰিস্থিতিতন্ত্ৰত পানী আবদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্রকে আবদ্ধ জল বা স্থিৰ জলাশয় পৰিস্থিতিতন্ত্ৰ বোলে ৷ যেনে— পুখুৰী, হ্রদ।
প্রশ্ন ৫ঃ উৎপাদক, উপভোক্তা আৰু পচনকাৰক কাক বোলে?
উত্তৰঃ (ক) উৎপাদক— উৎপাদকসমূহে সৌৰশক্তিৰ উপস্থিতিত পাতত থকা ক্ল’ৰ’ফিল নামৰ সেউজীয়া পদাৰ্থৰ সহায়ত সালোক-সংশ্লেষণ প্ৰক্ৰিয়াৰে কার্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰি নিজৰ খাদ্য প্রস্তুত কৰিব পৰা সেউজীয়া উদ্ভিদসমূহক বুজায়। এনে কিছুমান সূক্ষ্মজীৱও আছে, যিবোৰে সৌৰশক্তি অবিহনে কিছুমান নিৰ্দিষ্ট ৰাসায়নিক পদাৰ্থ জাৰণৰ দ্বাৰা জৈৱিক দ্রব্য উৎপাদন কৰিব পাৰে। এই সকলোবোৰক উৎপাদক বোলা হয়।
(খ) উপভোক্তা— এই ধৰণৰ জীৱ বা উদ্ভিদে নিজৰ খাদ্য নিজে প্রস্তুত কৰিব নোৱাৰে। সিহঁতে নিজৰ জৈৱিক খাদ্যৰ বাবে উৎপাদকৰ ওপৰত নিৰ্ভৰ কৰে। উপভোক্তা দুইধৰণৰ হ’ব পাৰে— (i) সূক্ষ্ম উপভোক্তা আৰু (ii) স্থূল উপভোক্তা।
(i) সূক্ষ্ম উপভোক্তাঃ কিছুমান জীৱই পৰিৱেশত থকা মৃত উদ্ভিদ তথা জৈৱিক উপাদান পচাই নিজৰ খাদ্য আহৰণ কৰে। সেইবোৰক সূক্ষ্ম উপভোক্তা বোলে। উদাহৰণস্বৰূপে বেক্টেৰিয়া, ভেঁকুৰ আদি।
(ii) স্থূল উপভোক্তাঃ যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষভাৱে অথবা প্ৰত্যক্ষভাৱে উৎপাদকক ভক্ষণ কৰে, সেইবোৰক স্থূল উপভোক্তা বোলা হয়। এইবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰিব পাৰি।
তৃণভোজীঃ যিবোৰ প্ৰাণীয়ে প্ৰত্যক্ষভাৱে উৎপাদকক ভক্ষণ কৰে, সেইবোৰক তৃণভোজী বা প্রাথমিক উপভোক্তা বোলে। উদাহৰণস্বৰূপে, গৰু-ছাগলী, হৰিণা আদি।
মাংসহাৰীঃ এনে উপভোক্তাবোৰে আন উপভোক্তাবোৰক ভক্ষণ কৰি জীয়াই থাকে। যদি তৃণভোজী উপভোক্তাক ভক্ষণ কৰে, সেইবোৰক গৌণ উপভোক্তা বোলা হয়। উদাহৰণস্বৰূপে, ভেঁকুলী । আৰু যদি আন মাংসহাৰী উপভোক্তাক ভক্ষণ কৰে, তেন্তে সেইবোৰক তৃতীয়ক বা তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। উদাহৰণস্বৰূপে, সাপ, ডাঙৰ মাছ আদি।
সর্বভোজীঃ এনে উপভোক্তাবোৰে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে ভক্ষণ কৰে। উদাহৰণস্বৰূপে– মানুহ, শিয়াল, এন্দুৰ আদি।
ক্ষতিকাৰক উপভোক্তাঃ এইবোৰে সাধাৰণতে মৃত প্রাণী, অর্ধগলিত সামগ্রী, অন্য জীৱ-জন্তুৰ অৱশেষ আদিৰ পৰা নিজৰ খাদ্য আহৰণ কৰে। উদাহৰণস্বৰূপে– পৰুৱা, গোবৰ পোক, কেঁচু ইত্যাদি।
(গ) বিয়োজক বা পেচনকাৰকঃ এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহৰ পচন ঘটাই নিজৰ খাদ্য আহৰণ কৰে। এইবোৰক পচনকাৰক বা সূক্ষ্ম উপভোক্তা বোলে। উদাহৰণস্বৰূপে বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ।
প্রশ্ন ৬ঃ এটা পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰৰ গাঁথনি জৈৱিক আৰু অজৈৱিক উপদানসমূহৰ সংৰচন আৰু সংগঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নিৰ্মাণ কৰে।
জৈৱিক গাঁথনিঃ এটা পৰিস্থিতিতন্ত্ৰত থকা উদ্ভিদ, প্ৰাণী আৰু সূক্ষ্মজীৱসমূহে জৈৱিক উপাদান গঠন কৰে। এইবোৰৰ খাদ্য আহৰণৰ আচৰণৰ ওপৰত ভিত্তি কৰি জৈৱিক উপাদানসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি—
(ক) স্বপোষকঃ এইবোৰক উৎপাদক বুলি কোৱা হয়। স্বপোষকে সেউজীয়া উদ্ভিদক বুজায়, যিয়ে পাতত থকা সেউজীয়া পদাৰ্থ ক্ল’ৰ’ফিলৰ সহায়ত সৌৰশক্তিৰ উপস্থিতিত কার্বন-ডাই-অক্সাইডৰ সহায়ত নিজে নিজৰ খাদ্য প্রস্তুত কৰে। এই প্রক্রিয়াক সলোক-সংশ্লেষণ বোলে। এনে কিছুমান সূক্ষ্মজীৱও আছে, যিয়ে সৌৰশক্তি অবিহনে কিছুমান ৰাসায়নিক দ্ৰব্যৰ জাৰণৰ জৰিয়তে জৈৱিক দ্ৰব্য উৎপন্ন কৰিব পাৰে।
(খ) পৰপোষকঃ এই শ্ৰেণীৰ জীৱই নিজে নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে। এইবোৰে নিজৰ জৈৱিক খাদ্য উৎপাদকৰ পৰা আহৰণ কৰে। সেয়েহে এইবোৰক উপভোক্তা বোলা হয়। উপভোক্তাবোৰ— (i) সূক্ষ উপভোক্তা আৰু (ii) স্থূল উপভোক্তা এই দুইধৰণৰ হয়।
(i) সূক্ষ উপভোক্তাঃ কিছুমান জীৱই পৰিৱেশত থকা মৃত উদ্ভিদ তথা জৈৱিক উপাদান পচাই নিজৰ খাদ্য আহৰণ কৰে। সেইবোৰক সূক্ষ উপভোক্তা বোলে। উদাহৰণস্বৰূপে— বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ।
(ii) স্থূল উপভোক্তাঃ যিবোৰ জীৱই প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে উৎপাদকক ভক্ষণ কৰে, সেইবোৰক স্থূল উপভোক্তা বোলা হয়। এইবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰা হয়।
তৃণভোজীঃ যিবোৰ জীৱই প্ৰত্যক্ষভাৱে উৎপাদকক ভক্ষণ কৰে, সেইবোৰ তৃণভোজী অথবা প্রাথমিক উপভোক্তা বোলে। যেনে— গৰু, ছাগলী, হৰিণা আদি।
মাংসভোজীঃ এনে উপভোক্তাই আন উপভোক্তাক ভক্ষণ কৰি জীয়াই থাকে। তৃণভোজী উপভোক্তাক ভক্ষণ কৰা জীৱবোৰক গৌণ উপভোক্তা বোলা হয়। উদাহৰণস্বৰূপে— ভেঁকুঁলী। আৰু যিবোৰ জীৱই আন মাংসভোজী উপভোক্তাক ভক্ষণ কৰে, সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলে। উদাহৰণস্বৰূপে— সাপ, ডাঙৰ মাছ আদি।
সৰ্বভোজীঃ এই শ্ৰেণীটোৱে উদ্ভিদ আৰু জীৱ দুয়োবিধেই ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণস্বৰূপে— মানুহ, শিয়াল, এন্দুৰ আদি।
হানিকাৰক উপভোক্তাঃ সাধাৰণতে এইবোৰে মৃত প্রাণী, অৰ্দ্ধগলিত বস্তু, জীৱৰ অৱশেষ আদিৰ পৰা খাদ্য সংগ্ৰহ কৰে। উদাহৰণস্বৰূপে— পৰুৱা, গোবৰ, পোক, কেঁচু আদি।
অজৈৱিক গাঁথনি—
এটা পৰিস্থিতিতন্ত্ৰৰ ভৌতিক আৰু ৰাসায়নিক উপাদানসমূহে অজৈৱিক গাঁথনি তৈয়াৰ কৰে। এই গাঁথনিয়ে সকলোধৰণৰ ভৌতিক উপাদান, যেনে— সূৰ্যৰ পোহৰ, অক্ষাংশ আৰু দ্রাঘিমাংশ, সাধাৰণ তাপমান, বৰ্ষাচক্ৰ, বতাহৰ বেগ আদি তথা ভূমি সংক্রান্তীয় উপাদানসমূহক সামৰি লয়।
ৰাসায়নিক উপাদানৰ অধীনত প্রধান পৰিপোষক, যেনে— কার্বন, নাইট্ৰ’জেন, ফছফৰাছ, অক্সিজেন, পটাছিয়াম আদি, যৌগসমূহ, যেনে— কার্ব’হাইড্ৰেট, প্ৰ’টিন, নিউক্লিক অম্ল তথা মাটি আৰু পানীত উপলব্ধ আন বহু জৈৱিক দ্রব্যই পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াক প্ৰভাৱিত কৰে।
পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়া—
এটা পৰিস্থিতিতন্ত্ৰই প্ৰাকৃতিক অৱস্থাসমূহৰ অধীনত এক প্ৰণালীবদ্ধ উপায়েৰে ইয়াৰ ক্ৰিয়াসমূহ সম্পাদন কৰে। ই সূৰ্যৰ পৰা শক্তি আহৰণ কৰি বিভিন্ন পর্যায়ত বিভিন্ন উপাদানলৈ প্ৰেৰণ কৰে। পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াক কেৱল সামাজিকভাৱেহে বিবেচনা কৰিব পাৰি। কাৰণ, পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ ওপৰত ক্রিয়াগত প্ৰভাৱ আছে। এটা পৰিস্থিতিতন্ত্ৰৰ ঘাই ঘাই বৈশিষ্ট্যসমূহ খাদ্য শৃংখল, খাদ্যজাল, পৌষ্ঠিক স্তৰ, শক্তিৰ প্ৰৱাহ, পৌষ্টিক চক্ৰ আদিৰ জৰিয়তে বৰ্ণনা কৰিব পাৰি।
প্রশ্ন ৭ঃ খাদ্য শৃংখল আৰু খাদ্যজাল কি?
উত্তৰঃ খাদ্য-শৃংখলঃ যিকোনো এটা পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱাৰ অনুক্রমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়। খাদ্য-শৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনেধৰণৰ—
(ক) ঘাঁহ-পশু-বাঘ (এই শৃংখল তিনিটা সংযোগক লৈ গঠিত)।
(খ) ঘাঁহ-ফৰিং-পক্ষী-শেনচৰাই (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)।
(গ) উদ্ভিদ প্লাৱক-পানীৰ কীট বা পোক-ক্ষুদ্র, মাছ-টুনা মাছ (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)।
প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্ৰকাৰৰ খাদ্য-শৃংখল দেখা যায়। একপ্ৰকাৰৰ খাদ্য-শৃংখল আৰম্ভ হয় সেউজ উদ্ভিদৰ পৰা। এই খাদ্য-শৃংখলক লৈ গঠিত হয় প্রথম পৌষ্টিক স্তৰ। তৃণভোজী বিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্ৰাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ। সিহঁতক চৰণীয়া খাদ্য শৃংখল বুলি গণ্য কৰা হয়। অন্য প্ৰকাৰ খাদ্য শৃংখলৰ আৰম্ভ হয় সেউজীয়া বৃক্ষই উৎপন্ন কৰা জাৱৰ-জোঁথৰৰ পৰা, যাক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্য-শৃংখল। খাদ্য শৃংখল সদায় এক দিশমুখী।
খাদ্যজালঃ বহুকেইটা খাদ্য-শৃংখলৰ ইটোৰ সৈতে সিটোৰ সংযোগৰ ফলত ঠিক মকৰা জালৰ দৰে গাঁথনিৰ সৃষ্টি হয়। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তর্বন্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয়। গতিকে খাদ্যজাল হৈছে খাদ্য-শৃংখলৰ এনে এক কৰ্মজাল, য’ত বিভিন্ন ধৰণৰ জীৱ বিভিন্নধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত। ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে।
পৰিস্থতিতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্রিয়া, যেনে– শক্তিৰ প্ৰৱাহ আৰু পৌষ্টিক চক্ৰ, সিহঁতৰ জৰিয়তে সংঘটিত হয়।
প্রশ্ন ৮ঃ পৌষ্টিক স্তৰ কি?
উত্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি, যাক পৌষ্টিক স্তৰ বুলি ক’ব পাৰি। একেই উৎসৰ পৰা শক্তি আহাৰণ কৰা জীৱন্ত প্রাণী/জীৱসমূহক একেটা পৌষ্টিক স্তৰৰ অন্তৰ্গত বুলি বিবেচনা কৰা হয়। এনেদৰে, সেউজীয়া উদ্ভিদবোৰক প্ৰথম পৌষ্টিক স্তৰত (উৎপাদক), তৃণভোজী প্রাণীবোৰক দ্বিতীয় পৌষ্টিক স্তৰত (প্রাথমিক উপভোক্তা), মাংসভোজী প্রাণীবোৰক তৃতীয় পৌষ্টিক স্তৰত (গৌণ উপভোক্তা) ইত্যাদি ধৰণে অন্তৰ্ভুক্ত কৰা হয়।
প্রশ্ন ৯ঃ পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা? বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডৰ নাম লিখা।
উত্তৰঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্ৰৰ উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্ৰমে উপভোক্তাৰ বিভিন্ন পৌষ্ঠিক স্তৰৰ গঠন আৰু ক্ৰিয়া লেখচিত্ৰত প্ৰকাশ কৰা হয়, তাক পৰিৱেশীয় পিৰামিড বোলা হয়। পৰিৱেশীয় পিৰামিডবোৰ তিনি প্ৰকাৰৰ হয়—
(ক) সাংখ্যিক পিৰামিডঃ ইয়াত স্বতন্ত্রভাৱে কোনো জীৱৰ সংখ্যা চিত্রিত কৰা হয়।
(খ) জৈৱৰ্ভৰ পিৰামিডঃ ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱভৰৰ ওপৰত নিৰ্ভৰশীল।
(গ) শক্তিৰ পিৰামিডঃ প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয়। পৰিৱেশীয় পিৰামিডবোৰ পৌষ্টিক স্তৰসমূহৰ মাজত জৈৱৰ্ভৰ আৰু শক্তিৰ প্ৰৱাহৰ তুলনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এনে তুলনাবোৰক কোনবোৰ পৰিস্থিতিতন্ত্ৰই আৰু সম্প্ৰদায়/গোষ্ঠীশক্তি স্থানান্তৰৰ ক্ষেত্ৰত অধিক যোগ্য, তাক চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায়।
প্রশ্ন ১০ঃ খাদ্যশৃংখল আৰু খাদ্যজালৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ খাদ্য-শৃংখলঃ প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই ধৰণৰ খাদ্য-শৃংখল পোৱা যায়। এটা প্ৰকাৰ আৰম্ভ হয় সেউজীয়া উদ্ভিদৰ (স্বপোষক)ৰ পৰা যাক কোৱা হয় প্রথম পৌষ্টিক স্তৰ, তৃণভোজী প্রাণীবোৰ হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু চিকাৰী প্ৰাণীবোৰে ইয়াত তৃতীয় পৌষ্ঠিক স্তৰটো গঠন কৰে। এইবোৰক চৰণীয়া খাদ্য-শৃংখল বোলা হয়। আন এটা প্ৰকাৰ আৰম্ভ হয় সেউজীয়া উদ্ভিদে উৎপন্ন কৰা জাৱৰ-জোঁথৰৰ পৰা, যাক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্য-শৃংখল। খাদ্য শৃংখল সদায় এক দিশমুখী।
খাদ্যজালঃ বহুকেইটা খাদ্য শৃংখলৰ ইটোৰ সৈতে সিটোৰ সংযোগৰ ফলত ঠিক মকৰা জালৰ দৰে গাঁথনিৰ সৃষ্টি হয়। কেইবাটাও সংযুক্ত খাদ্য-শৃংখলক লৈ গঠিত এই অন্তবর্ধনযুক্ত ৰূপকে খাদ্যজাল বুলি কোৱা হয়। গতিকে খাদ্য জাল হৈছে খাদ্যশৃংখলৰ এনে এক কৰ্মজাল, য’ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত। ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে।
অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ
অতি চমু প্রশ্নোত্তৰঃ
প্রশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ
(ক) একে পৰিৱেশত একেলগে জীৱনধাৰণ কৰা জীৱ সমষ্টিক কি বোলে?
উত্তৰঃ সম্প্রদায়।
(খ) জীৱৰ বাসস্থানৰ ভিন্নতাৰ কাৰণ কি?
উত্তৰঃ পৰিৱেশৰ ভিন্নতা।
(গ) উদ্ভিদে খাদ্য প্রস্তুত কৰা প্ৰণালীটোক কি বোলে?
উত্তৰঃ সালোক সংশ্লেষণ।
(ঘ) জীৱৰ পৰিপুষ্টিৰ সময়ত কিমান শক্তি শ্বাস-প্রশ্বাস আৰু দেহৰ উত্তাপত খৰচ হয়?
উত্তৰঃ ৯০ শতাংশ।
(ঙ) পৰিস্থিতিতন্ত্ৰ নামটো কোনে দিয়ে?
উত্তৰঃ চাৰ এ.জি. টেন্শ্লি নামৰ পৰিৱেশ বিজ্ঞানী গৰাকীয়ে।
(চ) পৰিস্থিতি বিজ্ঞানৰ মূল উদ্দেশ্য কি?
উত্তৰঃ পৰিস্থিতি সাপেক্ষে জীৱৰ জীৱন ধাৰণ প্ৰণালী, প্রকৃতি, বংশবৃদ্ধি, বাসস্থান আদিৰ অধ্যয়ন কৰা।
(ছ) পৰিৱেশ সম্বন্ধে বিশদভাৱে অধ্যয়ন কৰা বিষয়টোক কি বোলে?
উত্তৰঃ পৰিস্থিতি বিজ্ঞান।
(জ) ইক’ল’জী শব্দৰ অৰ্থ কি?
উত্তৰঃ জীৱৰ ঘৰ বা বাসস্থান।
(ঝ) সেউজীয়া উদ্ভিদক প্রাথমিক বোলাৰ কাৰণ কি?
উত্তৰঃ উদ্ভিদে খাদ্য উৎপাদন কৰে।
(ঞ) পৃথিৱীৰ জীৱমণ্ডল কি কি ভাগত বিভক্ত?
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণী।
চমু প্রশ্নোত্তৰঃ
প্রশ্ন ১ঃ উপভোক্তা কাক বোলে?
উত্তৰঃ সেউজীয়া উদ্ভিদৰ বাহিৰে অৰ্থাৎ উদ্ভিদজগতক বাদ দি প্রায় সমগ্র প্রাণীজগতৰ জীৱকে উপভোক্তা বা খাদক বুলি ক’ব পাৰি। কাৰণ, প্ৰায়বোৰ জীৱই উদ্ভিদ অথবা আন জীৱৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই থাকে। আন জীৱৰ ওপৰত নিৰ্ভৰশীলতাৰ গুণগত পার্থক্যৰ পৰা উপভোক্তা শ্ৰেণীৰ জীৱসমূহক তিনিটা ভাগত ভগোৱা হৈছে। যেনে–
(i) প্রাথমিক উপভোক্তা বা খাদক।
(ii) মাধ্যমিক উপভোক্তা বা খাদক।
(iii) সর্বোচ্চ উপভোক্তা বা খাদক।
প্রশ্ন ২ঃ উৎপাদক, উপভোক্তা আৰু পচনকাৰক কাক কয়?
উত্তৰঃ উৎপাদকঃ সৌৰ শক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্ৰাণীয়ে অজৈৱিক বস্তু আত্মীকৰণ কৰি প্ৰাকৃতিক খাদ্য প্রস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। সকলোবোৰ সেউজীয়া উদ্ভিদ আৰু কেইবিধমান নিম্ন শ্ৰেণীৰ প্ৰাণী এই ভাগৰ অন্তর্ভুক্ত।
উপভোক্তাঃ যিবোৰ উদ্ভিদ বা প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্রস্তুত কৰিব নোৱাৰে উৎপাদক শ্রেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে, সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বোলা হয়। উপভোক্তা বিভিন্ন শ্ৰেণীৰ হ’ব পাৰে। যেনে— প্রাথমিক উপভোক্তা, দ্বিতীয় স্তৰৰ উপভোক্তা আৰু তৃতীয় স্তৰৰ উপভোক্তা।
পচনকাৰকঃ বিয়োজকবোৰ ক্ষুদ্র অণুজীৱ। বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱ। এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহ পচন ঘটায়।
প্রশ্ন ৩ঃ পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ কিদৰে হয় লিখা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ এটাত উৎপাদকক প্রাথমিক উপভোক্তাই খায়। প্রাথমিক উপভোক্তাবোৰ অৰ্থাৎ তৃণভোজী প্রাণীবোৰ দ্বিতীয় উপভোক্তাই খায়। কিছুমান (গৌণ উপভোক্তা) মাংসভোজী প্রাণীয়ে মাংসভোজী প্রাণীক খায়। আনহাতে মানুহে সকলো ধৰণৰ স্তৰৰ জীৱকে ভক্ষণ কৰে। এইবাবে মানুহক দুটা পৌষ্টিক স্তৰত ধৰা হয়। জীৱৰ খাদ্য অনুসৰি বেলেগ বেলেগ পৌষ্টিক স্তৰত ধৰা হয়।
বিয়োজকবোৰে মৃত প্রাণী বা উদ্ভিদৰ পৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে। অজৈৱ পদাৰ্থ মাটিৰ লগত মিহলি হয়। উদ্ভিদে সালোক-সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্রব্য আহৰণ কৰি খাদ্য প্রস্তুত কৰে। এনেদৰে পোষকদ্ৰব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি খাদ্য প্রস্তুত কৰে। এনেদৰে পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ অপৰিৱৰ্তনীয় হৈ থাকে।
প্রশ্ন ৪ঃ প্ৰৱহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্র কি? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰৱহমান পৰিস্থিতিতন্ত্রঃ যি পৰিস্থিতিতন্ত্ৰত পানী প্ৰৱহমান বা বৈ যায় তেনে জলজ পৰিস্থিতিতন্ত্রকে প্ৰৱহমান বা মুক্ত প্ৰৱাহৰ পৰিস্থিতিতন্ত্ৰ বোলে। যেনেঃ নদী, নিজৰা।
স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্রঃ যি পৰিস্থিতিতন্ত্ৰত পানী আৱদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্রকে আৱদ্ধজল বা স্থিৰ জলাশয় পৰিস্থিতিতন্ত্ৰ বোলে। যেনেঃ পুখুৰী, হ্রদ।
প্রশ্ন ৫ঃ পৰিৱেশীয় পিৰামিড বুলিলে তুমি কি বুজা? বিভিন্ন প্ৰকাৰৰ পৰিৱেশীয় পিৰামিডৰ নাম উল্লেখ কৰা।
উত্তৰঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্র উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্ৰমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চিত্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীর্ষ বিন্দু পোৱা যায়। এই লেখচিত্ৰবোৰেই পিৰামিড।
ইহঁতক তিনিটা ভাগত ভগাব পাৰি—
(i) সাংখ্যিক পিৰামিডঃ ই স্বতন্ত্রভাৱে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে।
(ii) জৈৱ ভৰঃ ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱ ভৰৰ ওপৰত নিৰ্ভৰশীল।
(iii) শক্তিৰ পিৰামিডঃ প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয়।
প্রশ্ন ৬ঃ খাদ্য শৃংখল আৰু খাদ্য জালৰ ঘাই ঘাই বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ খাদ্যশৃংখল আৰু খাদ্যজাল তন্ত্ৰ এটাত মুখ্য ভূমিকা লয় কিয়নো শক্তিৰ প্ৰৱাহ আৰু খনিজ লৱণৰ চক্ৰাকাৰ চলন ইহঁতৰ দ্বাৰাই সংগঠিত হয়।
খাদ্যশৃংখলে ভিন ভিন জীৱৰ জনসংখ্যাও নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, ফলত তন্ত্ৰটো এটা সাম্য অৱস্থাত থাকে।
খাদ্যশৃংখলে দেখুওৱা একক ধৰ্মটো হ’ল কেতবোৰ ৰাসায়নিক পদাৰ্থৰ জৈৱিক পৰিবৰ্ধন। বহুতো কীটনাশক, গধুৰ ধাতু আৰু অন্য ৰাসায়নিক পদার্থ আছে যিবোৰ জৈৱিক অৱনমিত নহয়। তেনেবোৰ ৰাসায়নিক পদার্থক অণুজীৱয়ে ভাঙিব নোৱাৰে আৰু সেইবোৰ এটা পৌষ্টিক স্তৰৰ পৰা আন এটালৈ প্ৰবাহিত হৈ থাকে ফলত ইহঁতৰ গাঢ়তা বাঢ়ে। এইটোৱেই জৈৱিক পৰিবৰ্ধনকৰণ।
প্রশ্ন ৭ঃ পৌষ্টিক স্তৰ কি?
উত্তৰঃ পৌষ্টিক স্তৰঃ যিকোনো পৰিস্থিতিতন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি। ইয়াকেই পৌষ্টিক স্তৰ বুলি গণ্য কৰা হয়। একেই উৎসৰ পৰা শক্তি আহৰণ কৰা জীৱন্ত জীৱসমূহ একেটা পৌষ্টিক
স্তৰৰ বুলি গণ্য কৰা হয়। এইদৰে সেউজ উদ্ভিদ প্রথম পৌষ্টিক স্তৰত অন্তৰ্ভুক্ত হ’ব। তৃণভোজী প্রাণীবোৰ দ্বিতীয় পৌষ্টিক স্তৰৰ্ভূক্ত হ’ব। মাংসভোজী প্রাণীবোৰ অন্তর্ভুক্ত হ’ব তৃতীয় পৌষ্টিক স্তৰত এইদৰে বাকীবোৰ অন্যান্য শ্রেণীভুক্ত হ’ব।
প্রশ্ন ৮ঃ সূর্য → ঘাঁহ → গৰু → বাঘ খাদ্য শৃংখলটোৰ কথা লিখা।
উত্তৰঃ সূৰ্য → ঘাঁহ → গৰু → বাঘ– এইটো এটা চাৰিটা খাদ্য শিকলিৰে গঠিত শৃংখল। এই শৃংখলত সূৰ্য হ’ল শক্তিৰ উৎস। সূৰ্যৰ পৰা ঘাঁহ-বনে শক্তি লাভ কৰি পৰিপুষ্টি সাধন কৰে। গৰুৱে ঘাঁহ খাই শক্তি আহৰণ কৰে। বাঘে গৰু খাই শক্তি লাভ কৰে। ইয়াত ঘাঁহ-বন হৈছে উৎপাদক আৰু গৰু তৃণভোজী অর্থাৎ প্রাথমিক উপভোক্তা। বাঘ মাংসভোজী জীৱ অথবা গৌণ উপভোক্তা। সূৰ্যৰ পৰা সালোক সংশ্লেষণৰ দ্বাৰা উদ্ভিদে সৌৰশক্তি লাভ কৰে। উদ্ভিদৰপৰা গৰুলৈ শক্তিৰ পৰিবহণ হয়। গৰুৰ মাংস খোৱা বাবে বাঘৰ দেহলৈ শক্তিৰ এটা অংশ পৰিবহণ হয়। এনেদৰে খাদ্য শৃংখলটো সম্পূৰ্ণ হৈছে। তেনেদৰে আন এটা খাদ্য শৃংখল হ’ল—
সূৰ্য → ধান → এন্দুৰ → সাপ → ঈগল চৰাই।
প্রশ্ন ৯ঃ পৰিস্থিতিতন্ত্ৰৰ পিৰামিড বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া কোনো এটা পৰিস্থিতিতন্ত্র উৎপাদকৰ পৰা আৰম্ভ কৰি একাদিক্রমে বিভিন্ন পৌষ্টিক স্তৰৰ গঠন আৰু কাম লেখ চিত্ৰত প্ৰকাশ কৰা হয় তেতিয়া এই শীর্ষ বিন্দু পোৱা যায়। এই লেখচিত্ৰবোৰেই পিৰামিড। ইহঁতক তিনিটা ভাগত ভগাব পাৰি—
(i) সাংখ্যিক পিৰামিডঃ ই স্বতন্ত্রভাৱে কোনো জীৱৰ পৌষ্টিক স্তৰত সংখ্যা দিয়ে।
(ii) জৈৱ ভৰঃ ই প্রত্যেক পৌষ্টিক স্তৰত থকা মুঠ জৈৱ ভৰৰ ওপৰত নিৰ্ভৰশীল।
(iii) শক্তিৰ পিৰামিডঃ প্রত্যেক স্তৰত কিমান শক্তি আছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি এই পিৰামিড অঁকা হয়।
প্রশ্ন ১০ঃ পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ কৰা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰৰ শ্ৰেণীবিভাগ হ’লঃ পৰিস্থিতিতন্ত্ৰ ঘাইকৈ দুই ধৰণৰ—
(i) প্রাকৃতিক পৰিস্থিতিতন্ত্র।
(ii) কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্র।
(i) প্রাকৃতিক পৰিস্থিতিতন্ত্রঃ এই তন্ত্র আকৌ দুভাগত বিভক্ত—
(ক) ভূস্থলীয় পৰিস্থিতিতন্ত্রঃ উদাহৰণ– বনাঞ্চল পৰিস্থিতিতন্ত্র, তৃণভূমি পৰিস্থিতিতন্ত্ৰ, মৰুভূমি পৰিস্থিতিতন্ত্র।
(খ) জলজ পৰিস্থিতিতন্ত্রঃ এই পৰিস্থিতিতন্ত্ৰ নিৰ্মল জল পৰিস্থিতিতন্ত্ৰ আৰু সাগৰীয় পৰিস্থিতিতন্ত্ৰ হ’ব পাৰে। নিৰ্মল জল পৰিস্থিতিতন্ত্র প্রবাহমান অথবা আৱদ্ধ জলৰো হ’ব পাৰে।
(ii) কৃত্রিম অথবা মানুহৰ দ্বাৰা সৃষ্ট পৰিস্থিতিতন্ত্রঃ এইবোৰ পৰিস্থিতিতন্ত্র কৃত্রিমভাবে মানুহৰ দ্বাৰা সৃষ্টি কৰা হয়। উদাহৰণস্বৰূপে– শস্য ভূমি পৰিস্থিতিতন্ত্র, পুখুৰীৰ মীন পালন ব্যৱস্থা আদি।
প্রশ্ন ১১ঃ ভূ-ৰাসায়নিক চক্র কি?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰত পদাৰ্থৰ পৰিবহণৰ জৰিয়তে শক্তিৰ আদান-প্রদান হয়। এই প্রক্রিয়া এক স্বাভাৱিক প্ৰক্ৰিয়া। প্রাথমিক উৎপাদক উদ্ভিদে কার্বন-ডাই-অক্সাইড গ্ৰহণ কৰি কাৰ্ব’হাইড্ৰেট, শ্বেতসাৰ আৰু প্ৰ’টিন উৎপাদন কৰে। তৃণভোজী জীৱই উদ্ভিদ ভক্ষণ কৰি জৈৱিক পদাৰ্থসমূহ নিজৰ দেহলৈ নি অজৈৱিক পদাৰ্থসমূহ পৰিৱেশলৈ এৰি দিয়ে। বিয়োজকে মৃত উদ্ভিদ আৰু জীৱ-জন্তুৰপৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিৰ লগত মিহলাই দিয়ে।
মাটিৰ পৰা উদ্ভিদে আকৌ তাক গ্ৰহণ কৰি খাদ্য উৎপাদন কৰে। এনেদৰে পৰিস্থিতিতন্ত্ৰত উৎপাদক, উপভোক্তা আৰু বিয়োজকৰ মাজত শক্তিৰ পাৰস্পৰিক আদান-প্রদান চলি থাকে। শক্তিৰ পৰিবহণ আৰু খনিজ পোষক দ্ৰব্যৰ আদান-প্রদান কোনো পোষক স্তৰত বন্ধ নহয়, বৰং চক্ৰীয় গতিত চলি থাকে। এই চক্রকে জৈৱ ভূ-ৰাসায়নিক চক্র বুলি কোৱা হয়।
প্রশ্ন ১২ঃ ইক’লজি বা বাস্তব্যবিদ্যাৰ সংজ্ঞা নির্ণয় কৰা।
উত্তৰঃ ইক’লজি বা বাস্তব্যবিদ্যা (Ecology), বিজ্ঞান শাস্ত্ৰৰেই এটা ভাগ। যদি বিজ্ঞান বুলিলে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আদিকেই মূলতঃ বুজা যায়, সাম্প্রতিক কালত পৰিস্থিতিক বিজ্ঞানৰ গুৰুত্ব বহুখিনি বাঢ়ি আহিছে আৰু বহুলভাৱে চৰ্চিত বিষয় হৈ পৰিছে। যিকোনো এটা পৰিৱেশৰ জীৱসমূহ আৰু ইহঁতৰ চৌপাশৰ পৰিৱেশৰ বিষয়ে কৰা অধ্যয়নকে পৰিস্থিতি বিজ্ঞান বা ইক’লজি বা বাস্তব্যবিদ্যা বুলি কোৱা হয়।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
প্রশ্ন ১ঃ পৰিস্থিতি তন্ত্ৰ কি? খাদ্য শৃংখলৰ বিষয়ে লিখা।
উত্তৰঃ পৰিৱেশতন্ত্ৰ শব্দটো প্রথমে Tansley য়ে ১৯৫৩ চনত ব্যৱহাৰ কৰে। পৰিৱেশতন্ত্ৰক জীৱ আৰু জড়ৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকা বাস্তব্য বিদ্যাৰ কাৰ্যক্ষম একক হিচাপে ধৰা হয়। বিভিন্ন পৰিৱেশত বিভিন্ন ধৰণৰ প্ৰাণী আৰু উদ্ভিদ বাস কৰে। পৰিৱেশৰ লগত জীৱৰ এৰাব নোৱৰা সম্বন্ধ স্থাপন হয়। একোটা পৰিৱেশত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ মাজত পাৰস্পৰিক ক্রিয়া-প্ৰক্ৰিয়াৰ ফলত সেই পৰিৱেশত জীৱসমূহ জীয়াই থকাৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি উঠে। এই পৰিৱেশৰ কোনো নির্দিষ্ট সীমা নাথাকে।
প্রাণীবোৰে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদবোৰে নিজে খাদ্য প্রস্তুত কৰে যদিও ইয়াৰ বাবে প্ৰয়োজন হোৱা আৱশ্যকীয় উপাদানসমূহ যেনে-পানী, খনিজ লৱণ, কার্বন-ডাই-অক্সাইড পোহৰ আদি পৰিৱেশৰ পৰা আহৰণ কৰে। উদ্ভিদে পৰিৱেশত থকা অজৈৱিক দ্ৰব্যৰ পৰা প্ৰস্তুত কৰা খাদ্য (জৈৱ দ্ৰব্য) প্ৰাণীয়ে গ্ৰহণ কৰে।
প্ৰাণীয়ে ত্যাগ কৰা মল-মূত্ৰ আৰু মৃত্যুৰ পাছত উদ্ভিদ আৰু প্ৰাণীৰ দেহাৱশেষ বিভিন্ন অণুজীৱৰ (বেক্টেৰিয়া, ভেঁকুৰ আদি) ক্ৰিয়াৰ ফলত গেলি-পচি জৈৱ দ্ৰব্যৰ পৰা আকৌ অজৈৱ দ্ৰব্য হিচাপে মাটিলৈ অৰ্থাৎ পৰিৱেশলৈ ঘূৰি আহে। উদ্ভিদ, প্ৰাণী, জীৱাণু আদি জৈৱ আৰু মাটি, বায়ু, পানী, পোহৰ আদি অজৈৱ কাৰকসমূহৰ সমূহীয়া পাৰস্পৰিক ক্ৰিয়াৰ ফলত এক উমৈহতীয়া পৰিৱেশ সৃষ্টি হয়। ইয়াত উৎপাদক (সেউজীয়া উদ্ভিদ) আৰু উপভোক্তা (প্ৰাণী)ৰ মাজত পৰস্পৰ নিৰ্ভৰতা ৰক্ষা হয় আৰু প্ৰত্যেকেই শক্তি প্ৰৱাহৰ এনাজৰিৰে বান্ধ খাই থাকে। এনে পৰিৱেশত অজৈৱিক আৰু জৈৱিক কাৰকসমূহে এনেভাৱে পৰস্পৰে ক্ৰিয়া কৰে যে অজৈৱিক উপাদানসমূহক জৈৱ উপাদানলৈ ৰূপান্তৰিত হৈও পাছত আকৌ অজৈৱ উপাদানলৈ পৰিৱৰ্তিত হয়।
সেউজীয়া উদ্ভিদে সূৰ্যৰ পৰা আহৰণ কৰা সৌৰশক্তি উৎপন্ন কৰা খাদ্য দ্রব্যত নিহিত থাকে আৰু এই শক্তি খাদ্য দ্রব্যৰ জৰিয়তে স্তৰে স্তৰে প্ৰৱাহিত হয়। কিন্তু ই নিঃশেষ হৈ নাযায়। শক্তিপ্ৰৱাহৰ ক্ষেত্ৰত পৰিৱেশত থকা উৎপাদক আৰু উপভোক্তাৰ মাজত সমন্বয় গঢ়ি উঠে। একোটা পৰিৱেশত অজৈৱিক, জৈৱিক আৰু শক্তি (সৌৰ শক্তি) এই তিনিওটাই এনেভাৱে ক্রিয়া কৰে যে এটাই আনটোক নিয়ন্ত্ৰিত কৰি ৰাখে যাতে কোনো এটাইও শক্তিৰ অপব্যৱহাৰ নকৰে। এনে ধৰণৰ আত্মনিৰ্ভৰশীল আৰু স্বতন্ত্ৰ পৰিৱেশ একোটাক পৰিৱেশতন্ত্ৰ (ecosystem) বোলা হয়। অর্থাৎ পৰিৱেশতন্ত্ৰ বুলিলে পৰিৱেশত থকা জৈৱ আৰু অজৈৱ উপাদানসমূহৰ পাৰস্পৰিক ক্রিয়া-প্ৰক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা আত্মনিৰ্ভৰশীল, স্বতন্ত্ৰ আৰু প্ৰয়োজন অনুসৰি অভিযোজন ক্ষমতা থকা একোটা পৰিৱেশক বুজায়। এয়াই পৰিস্থিতিতন্ত্র।
আকৌ সকলো জীৱই খাদ্যৰ পৰা শক্তি আহৰণ কৰে। খাদ্যৰ বাবে জীৱবোৰে বিভিন্ন সংগ্রাম কৰিব লগা হয়। একোটা পৰিৱেশতন্ত্রত বাস কৰা বিভিন্ন জীৱবোৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সকলো প্ৰাণীয়ে খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ফলত একোটা পৰিৱেশতন্ত্রত বাস কৰা বিভিন্ন জীৱৰ মাজত খাদ্যৰ জৰিয়তে শক্তি প্ৰৱাহ (energy flow) চলি থাকে। গতিকে শক্তি প্ৰৱাহে পৰিৱেশ তন্ত্রত বাস কৰা জীৱৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন কৰে অৰ্থাৎ পৰিৱেশতন্ত্ৰত থকা সকলো জীৱ শক্তি প্ৰৱাহৰ ধাৰা বান্ধ খাই পৰে। কোনো এটা পৰিৱেশতন্ত্ৰত বাস কৰা বিভিন্ন জীৱৰ মাজত স্তৰে স্তৰে বা এটা জীৱৰ পৰা আন এটা জীৱলৈ খাদ্যৰ জৰিয়তে চলি থকা শক্তি প্ৰৱাহক খাদ্যৰ অনুক্রম বা খাদ্য শৃংখল (food chain) বোলা হয়। ইয়াৰ সূত্ৰ এনেদৰেও দিব পাৰি ‘as a group of organisms in which there is a transfer of food energy through a series of repeated eating and being eaten.’ উদাহৰণস্বৰূপে বাঘে শিয়াল খায়।
শিয়ালে শহা পহু আৰু শহা পহুৱে ঘাঁহ খায় গতিকে খাদ্যৰ জৰিয়তে বাঘে শিয়ালৰ পৰা, শিয়ালে শহা পহুৰ পৰা আৰু শহা পহুৱে ঘাঁহৰ পৰা শক্তি আহৰণ কৰে। বাঘ মৰি গেলি-পচি যোৱাৰ পাছত শক্তিখিনি পুনৰ পৰিৱেশলৈ ঘূৰি আহে। পৰিৱেশ তন্ত্ৰত বাস কৰা এই জীৱবোৰক মাজতে স্থাপন হোৱা খাদ্য শৃংখলৰ জৰিয়তে শক্তি প্ৰৱাহ চলি থাকে আৰু সিহঁতৰ মাজত পাৰস্পৰিক সম্বন্ধ গঢ়ি তোলে। বিভিন্ন পৰিৱেশতন্ত্ৰত যেনে— ঘাঁহনি পৰিৱেশতন্ত্র, পুখুৰী পৰিৱেশতন্ত্র, সাগৰীয় পৰিৱেশতন্ত্র আদিত খাদ্য শৃংখলো বিভিন্ন ধৰণৰ।
জীৱজগতে আহৰণ কৰা শক্তিৰ প্ৰাথমিক উৎস হ’ল সূর্য। সেউজীয়া উদ্ভিদে প্রত্যক্ষভাৱে সূৰ্যৰ পৰা আহৰণ কৰা সৌৰ শক্তিৰ সহায়ত খাদ্য (কাৰ্বহাইড্রেট, প্ৰ’টিন, স্নেহ) প্রস্তুত কৰে। সেইকাৰণে সেউজীয়া উদ্ভিদবোৰ উৎপাদক। তৃণভোজী প্ৰাণীবোৰ (গৰু, ম’হ, ছাগলী, শহা পহু, হৰিণা আদি) প্রাথমিক উপভোক্তা। কিয়নো ইহঁতে ঘাঁহ-বনৰ পৰা শক্তি আহৰণ কৰে। বাঘ, সিংহ, ভেকুলী, সাপ আদিয়ে তৃণভোজী প্রাণীবোৰ খাই জীয়াই থাকে।
প্রশ্ন ২ঃ পৰিস্থিতিতন্ত্ৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ উপাদানসমূহৰ নাম লিখা।
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ বুলি ক’লে যিটো পদ্ধতিত কোনো বসতি অঞ্চলৰ জীৱবোৰে এটাই আনটোৰ লগত আৰু সেই অঞ্চলৰ অজৈৱিক পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে সেই পদ্ধতিটোকে বুজা যায়।
পৰিস্থিতি তন্ত্ৰৰ উপাদানবোৰক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে—
(i) জৈৱিক উপাদান। আৰু
(ii) অজৈৱিক উপাদান।
(i) জৈৱিক উপাদানঃ পৰিস্থিতিতন্ত্ৰৰ জীৱিত উপাদানবোৰকে জৈৱিক উপাদান বোলা হয়।
এই জৈৱিক উপাদানক পুষ্টিজনিত সম্বন্ধৰ ভিত্তিত দুটা ভাগত ভাগ কৰা হৈছে—
(ক) স্বপোষী উপাদান। আৰু
(খ) পৰপোষী উপাদান।
(ক) স্বপোষী উপাদানঃ যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে তেনে জীৱকে স্বপোষী উপাদান বোলা হয়। যেনে– সেউজীয়া উদ্ভিদ, বেক্টেৰীয়া ইত্যাদি।
(খ) পৰপোষী উপাদানঃ যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু অন্য জীৱক ভক্ষণ কৰি জীয়াই থাকে তেনে জীৱকে পৰপোষী উপাদান বোলা হয়।
এই পৰপোষী উপাদানবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনে—
(i) স্থূল উপভোক্তা। আৰু
(ii) ক্ষুদ্র উপভোক্তা।
(ii) অজৈৱিক উপাদানঃ অজৈৱিক উপাদানবোৰ পৰিৱেশৰ জড় পদার্থ আৰু সিহঁতৰ বিভিন্ন প্ৰকাৰৰ যৌগলৈ গঠিত। এই যৌগবোৰ জৈৱ ৰাসায়নিক উপাদান যেনে- প্রটিন, শৰ্কৰা, লিপিড, এমিন’, এচিড ইত্যাদি আৰু অজৈৱ ৰসায়নিক উপাদান যেনে- পানী, কার্বন-ড্রাই-অক্সাইড, নাইট্রজেন, ফছফেট, কেলছিয়াম ইত্যাদি লৈ গঠিত। ইয়াৰ উপৰি পৰিৱেশৰ উষ্ণতা, আর্দ্রতা, পানীত দ্রবীভূত হৈ থকা নানা প্ৰকাৰৰ ধাতু, বায়ুমণ্ডলত থকা কার্বন চক্র, নাইট্রজেন চক্র, অক্সিজেন চক্ৰ আদি অজৈৱিক উপাদানৰ অন্তৰ্ভুক্ত।
প্রশ্ন ৩ঃ পৌষ্টিক স্তৰৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ খাদ্যৰ অভ্যাস অনুযায়ী প্রাণী আৰু উদ্ভিদক কিছুমান পৌষ্টিক স্তৰত ভাগ কৰা হৈছে। খাদ্য শৃংখলৰ জৰিয়তে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰে। পৰিপুষ্টি সাধন কৰোঁতে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ শক্তিৰ পৰিবহণ হয়।
উদ্ভিদে নিজৰ খাদ্য নিজে উৎপাদন কৰে, সেয়েহে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উদ্ভিদ প্রাথমিক পৌষ্টিক স্তৰৰ উৎপাদক। তৃণভোজী প্রাণীয়ে উদ্ভিদ খাই পৰিপুষ্টি লাভ কৰা বাবে ইহঁতক দ্বিতীয় পৌষ্টিক স্তৰত স্থান দিয়া হৈছে। তৃণভোজী প্রাণীয়ে উদ্ভিদ ভক্ষণ কৰি পৰিপুষ্টি সাধন কৰা বাবে সিঁহত প্রাথমিক উপভোক্তা হিচাপে পৰিচিত। আকৌ মাংসভোজী জীৱ-জন্তুৱে তৃণভোজী জীৱক খাই পৰিপুষ্টি লাভ কৰে। গতিকে মাংসভোজী জীৱ-জন্তুক তৃতীয় পৌষ্টিক স্তৰত ধৰা হয়। এইবোৰ গৌণ উপভোক্তা। কিছুমান মাংসভোজী জীৱই কেৱল মাংসভোজী জীৱকহে খায়। সিহঁতক চতুর্থ বা পঞ্চম স্তৰত ধৰা হয়। পৰিস্থিতিতন্ত্ৰত কিছুমান প্ৰজাতিৰ জীৱে এটাতকৈ অধিক পৌষ্টিকস্তৰ অধিকাৰ কৰিব পাৰে। যেনে– মানুহ।
মানুহে পৰিপুষ্টি সাধনৰ বাবে মাছ, মাংস, ফলমূল, শাক-পাঁচলি, ভাত খায়। গতিকে মানুহে মাংসভোজী হোৱাৰ উপৰিও তৃণভোজী প্রাণী তথা উদ্ভিদ খাই জীয়াই থাকে। এনেদৰে জীৱৰ খাদ্য অনুসৰি বেলেগে বেলেগ পৌষ্টিক স্তৰত ধৰা হয়। বেক্টেৰিয়া, কাঠফুলা, ভেঁকুৰ আদিক বিয়োজক জীৱ হিচাপে গণ্য কৰা হয় ৷ ইহঁতে মৃত প্রাণী বা উদ্ভিদৰপৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে। মাটিৰ লগত অজৈৱ পদাৰ্থ মিহলি হোৱাৰ পিছত উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্রব্য আহৰণ কৰি খাদ্য প্রস্তুত কৰে। এনেদৰে পোষকদ্ৰব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি থাকে আৰু এই গতি অপৰিৱৰ্তনীয় হৈ থাকে। এনেদৰে বিভিন্ন প্ৰজাতিৰ জীৱ আৰু উদ্ভিদে পৰিস্থিতিতন্ত্ৰত পৰিপুষ্টি লাভ কৰি পৰিৱেশ সন্তুলিত কৰি ৰাখে।
সকলো জীৱ-জন্তুৱে শ্বাস-প্রশ্বাসৰ জৰিয়তে শক্তিৰ সঞ্চালন কৰে আৰু অক্সিজেনৰ সহায়ত জৈৱিক আহাৰ হজম কৰি শক্তি সঞ্চয় কৰে। এই প্ৰক্ৰিয়াত কার্বন-ডাই-অক্সাইড, পানী আৰু খনিজ অপচয় বাহিৰ ওলাই আহে ৷ জীৱ-জন্তুৰ নিঃশ্বাসত ওলোৱা এঙাৰগেছ উদ্ভিদে বায়ুমণ্ডলৰপৰা গ্ৰহণ কৰে। পানী আৰু খনিজ অপচয় মাটিৰ লগত মিহলি হয়। উদ্ভিদে মাটিৰপৰা পানী গ্ৰহণ কৰি খাদ্য প্রস্তুত কৰে আৰু পৰিপুষ্টি সাধন কৰে। এনেদৰে পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিৱৰ্তন আৰু সঞ্চালন প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলি আছে।
প্রশ্ন ৪ঃ অৰণ্য পৰিস্থিতিতন্ত্র সম্পর্কে লিখা।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৪০ শতাংশ অৰণ্যৰে আৱৰি আছে। এই অৰণ্যসমূহৰ মাটিৰ উষ্ণতা, পানীধাৰণৰ ক্ষমতা আৰু বৰষুণ আদি গছ-গছনি বৃদ্ধিৰ বাবে অতি প্রয়োজন। অৰণ্য ভূমিৰ গছ-গছনিবিলাকৰ স্থায়িত্ব আৰু পাতৰ আকৃতিৰ ভিত্তিত কেইটামান বিশেষ ভাগত ভাগ কৰা হৈছে।
সেইকেইটা হৈছে—
(i) উত্তৰৰ সৰল বৰ্গীয় অৰণ্য।
(ii) পৰ্ণপাতি অৰণ্য।
(iii) ক্রান্তীয় বৃষ্টি অৰণ্য। আৰু
(iv) গ্ৰীষ্ম প্রধান চিৰ সেউজ অৰণ্য।
এইকেইটাৰ সম্পৰ্কে তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—
(i) উত্তৰ সৰল বৰ্গীয় অৰণ্যঃ এনে সৰল বৰ্গীকৰণ অৰণ্যত বৰষুণ অধিক হয় আৰু উষ্ণতা কম হয়। এনে অৰণ্যভূমি অঞ্চলৰ জলবায়ুৰ শীতকাল দীঘলীয়া আৰু গ্ৰীষ্ম কাল ছুটি হয়। হিমালয় পার্বত্যমালা আৰু চাইবেৰিয়া অঞ্চলত এনে অৰণ্য দেখা যায়।
(ii) পাৰ্ণপাতি অৰণ্যঃ এনে অৰণ্যত জলবায়ু নাতিশীতোষ্ণ আৰু ইয়াত বহল পাতৰ পৰ্ণপাতি উদ্ভিদ দেখিবলৈ পোৱা যায়৷ এনে উদ্ভিদৰ পাতবোৰ শীতকালত সৰি যায় আৰু বসন্ত কালত পুনৰ কুঁহিপাত মেলি সেউজীয়া হৈ উঠে। উত্তৰ আমেৰিকা, উত্তৰ আৰু মধ্য ইউৰোপ, পূৱ এছিয়া, অষ্ট্ৰেলিয়া, জাপান, কোৰিয়া ইত্যাদি দেশত এনে পর্ণপাতি উদ্ভিদ দেখিবলৈ পোৱা যায়।
(iii) ক্রান্তীয় বৃষ্টি অৰণ্যঃ এনে অৰণ্যত বৃষ্টিপাত অৰণ্য অঞ্চলৰ উষ্ণতা, আদ্রতা আদি যথেষ্ট বেছি আৰু স্থিৰ। এনে অৰণ্য অঞ্চল আমাজান আৰু অৰিণ’ক নদী, আফ্ৰিকাৰ কংগো অৱবাহিকা, আমেৰিকা, দক্ষিণ আমেৰিকা, ভাৰতবৰ্ষ আৰু পূব ভাৰতীয় দ্বীপপুঞ্জক লৈ গঠিত।
(iv) গ্ৰীষ্ম প্রধান চিৰসেউজ অৰণ্যঃ এনে অঞ্চলত গ্ৰীষ্ম কালত বৰষুণ কম হয় আৰু শীত কালত বেছি বৰষুণ হয়। উত্তৰ আমেৰিকাৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চল, ভূমধ্যসাগৰীয় উপকূল অঞ্চল, দক্ষিণ আফ্রিকা ইত্যাদিত এনে গ্ৰীষ্ম প্রধান চিৰসেউজ অৰণ্য পোৱা যায়।
প্রশ্ন ৫ঃ পৰিস্থিতি তন্ত্ৰৰ বিভিন্ন উপাদান আৰু ইয়াৰ কাৰ্যৰ বিষয়ে লিখা।
উত্তৰঃ পৰিস্থিতি তন্ত্ৰ বুলি ক’লে যিটো পদ্ধতিত কোনো বসতি অঞ্চলৰ জীৱবোৰে এটাই আনটোৰ লগত আৰু সেই অঞ্চলৰ অজৈৱিক পৰিৱেশৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে সেই পদ্ধতিটোকে বুজা যায়।
পৰিস্থিতি তন্ত্ৰৰ উপাদানবোৰক বিশেষকৈ দুটা ভাগত ভাগ কৰা হৈছে—
(ক) জৈৱিক উপাদান। আৰু
(খ) অজৈৱিক উপাদান।
(ক) জৈৱিক উপাদানঃ পৰিস্থিতিতন্ত্ৰৰ জীৱিত উপাদানবোৰকে জৈৱিক উপাদান বোলা হয়। এই জৈৱিক উপাদানক পুষ্টিজনিত সম্বন্ধৰ ভিত্তিত দুটা ভাগত ভাগ কৰা হৈছে। যেনে—
(i) স্বপোষী উপাদান। আৰু
(ii) পৰপোষী উপাদান।
(i) স্বপোষী উপাদানঃ যিবোৰ জীৱই নিজৰ খাদ্য নিজে তৈয়াৰ কৰে তেনে জীৱকে স্বপোষী উপাদান বোলা হয়। যেনে— সেউজীয়া উদ্ভিদ, বেক্টেৰীয়া ইত্যাদি।
(ii) পৰপোষী উপাদানঃ যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু অন্য জীৱক ভক্ষণ কৰি জীয়াই থাকে তেনে জীৱকে পৰপোষী উপাদান বোলা হয়।
এই পৰপোষী উপাদানবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি যেনে—
(ক) স্থূল উপভোক্তা আৰু (খ) ক্ষুদ্ৰ উপভোক্তা।
(খ) অজৈৱিক উপাদানঃ অজৈৱিক উপাদানবোৰ পৰিৱেশৰ জড় পদার্থ আৰু সিহঁতৰ বিভিন্ন প্ৰকাৰৰ যৌগলৈ গঠিত। এই যৌগবোৰ জৈৱ ৰাসায়নিক উপাদান যেনে- প্ৰটিন, শৰ্কৰা, লিপিড, এমিন’, এচিড ইত্যাদি আৰু অজৈৱ ৰসায়নিক উপাদান যেনে- পানী কার্বনড্রাই অক্সাইড, নাইট্রজেন, ফছফেট, কেলছিয়াম ইত্যাদি লৈ গঠিত। ইয়াৰ উপৰি পৰিৱেশৰ উষ্ণতা, আর্দ্রতা, পানীত দ্রবীভূত হৈ থকা নানা প্ৰকাৰৰ ধাতু, বায়ুমণ্ডলত থকা কার্বন চক্র, নাইট্রজেন চক্র, অক্সিজেন চক্র আদি অজৈৱিক উপাদানৰ অন্তৰ্ভুক্ত।
প্রশ্ন ৬ঃ পৰিস্থিতি অনুক্ৰমণৰ কাৰকসমূহ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ।
উত্তৰঃ কোনো এক পৰিৱেশ তন্ত্ৰত নিহিত থকা জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সময় সাপেক্ষিক পৰিৱৰ্তনক পৰিস্থিতিক অনুক্রমণ বুলি কোৱা হয়। পৰিস্থিতিক অনুক্রমণক প্রাথমিক অনুক্রমণ আৰু গৌণ অনুক্রমণ এই দুটা ভাগত বিভক্ত কৰা হৈছে।
এই দুয়োটাৰ বিষয়ে তলত চমুকৈ লিখা হ’ল—
প্রাথমিক অনুক্রমণঃ অজৈৱিক উপাদানৰ ক্ষেত্ৰত কোনো নিৰ্জিৱ অৱস্থাৰ পৰা হোৱা পৰিৱৰ্তনক প্রাথমিক অনুক্রমণ বোলা হয়। আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভ, পুখুৰীৰ তলৰ মাটি প্রথম অৱস্থাত প্রাণী বা গছ-গছনিৰ বাবে বাসোপযোগী নাছিল যদিও সময়ত এই মাটিত হোৱা পৰিৱৰ্তনে ইয়াক গছ-গছনি বা জীৱ-জন্তুৰ বাসোপযোগী কৰি তোলে।
গৌণ অনুক্রমণঃ বিভিন্ন প্রাকৃতিক দুর্যোগ যেনে- জুই, বানপানী, জলবায়ুৰ পৰিৱৰ্তন ইত্যাদিৰ বাবে কোনো এটা অঞ্চলত উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতি সম্পূর্ণ বিলুপ্তি হৈ সময়ৰ সোঁতত সেই অঞ্চলটোত লুপ্তপ্ৰায় প্ৰজাতিটোৰ পুনৰ বিস্তাৰ আৰম্ভ হোৱাকে গৌণ অনুক্রমণ বোলা হয়।
বনজুই, ভূমিস্খলন, বতাহ আদি প্রাকৃতিক দুর্যোগ, জৈৱিক উপাদানবিলাকৰ মাজত সম্পাদন হোৱা আন্তঃক্রিয়া, জলবায়ুৰ পৰিৱৰ্তন আদিৰ ফলত পৰিস্থিতি অনুক্ৰমণৰ সৃষ্টি হয়।
প্রশ্ন ৭ঃ খাদ্য শৃংখল আৰু খাদ্য জাল কি?
উত্তৰঃ খাদ্য শৃংখলঃ যিকোনো পৰিস্থিতিতন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা আৰু অইন জীৱৰ দ্বাৰা ভক্ষণপ্রাপ্ত হোৱা অনুক্রমিক শৃংখলকেই খাদ্য শৃংখল বুলি কোৱা হয়।
খাদ্য শৃংখলৰ সাধাৰণ উদাহৰণসমূহ এনে ধৰণৰ—
(ক) ঘাঁহ → পশু → বাঘ (এই শৃংখল তিনিটা সংযোগক লৈ গঠিত)।
(খ) ঘাঁহ → ফৰিং → পক্ষী → শেনচৰাই (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)।
(গ) উদ্ভিদ প্লাৱক → পানীৰ কীট বা পোক → ক্ষুদ্র মাছ → টুনা মাছ (এই শৃংখল চাৰিটা সংযোগক লৈ গঠিত)।
প্রাকৃতিক পৰিস্থিতিতন্ত্ৰত দুই প্ৰকাৰৰ খাদ্য শৃংখল দেখা পোৱা যায়। এক প্ৰকাৰৰ খাদ্য শৃংখল আৰম্ভ হয় সেউজ উদ্ভিদৰ পৰা। এই খাদ্য শৃংখলক লৈ গঠিত হয় প্রথম পৌষ্টিক স্তৰ। তৃণভোজীবিলাকক লৈ গঠিত হয় দ্বিতীয় পৌষ্টিক স্তৰ আৰু মাংসভোজী প্রাণীক লৈ গঠিত হয় তৃতীয় পৌষ্টিক স্তৰ। সিহঁতৰ চৰণীয়া খাদ্য শৃংখল বুলি গণ্য কৰা হয়। অন্য প্ৰকাৰ খাদ্য শৃংখলৰ আৰম্ভ হয় এই সেউজ বৃক্ষ তথা জাৱৰ-জোথৰ গেলিপচি যোৱাৰ ফলত সৃষ্টি হোৱা মাটি, বালি আদিৰ পৰা। ইয়াক কোৱা হয় ক্ষয়জনিত কাৰণত সৃষ্ট খাদ্য শৃংখল। খাদ্য শৃংখল সদায় এক দিশমুখী।
খাদ্য জালঃ কিছু সংখ্যক খাদ্য শৃংখল ইটোৰ সিটোৰ সৈতে সংযোগৰৰ ফলত ঠিক মকৰাৰ জালৰ দৰে খাদ্যজালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লৈ গঠিত এই অন্তৰ্বন্ধনযুক্ত ৰূপকে খাদ্য জাল বুলি কোৱা হয়৷ গতিকে খাদ্য জাল হৈছে খাদ্য শৃংখলৰ এনে এক কৰ্মজাল য’ত বিভিন্ন ধৰণৰ জীৱ বিভিন্ন ধৰণৰ পৌষ্টিক স্তৰত সংযুক্ত ৷ ইয়াত প্ৰতিটো পৌষ্টিক স্তৰত আহাৰৰ ভক্ষণ কৰা আৰু ভক্ষিত হোৱাৰ কেইবাটাও উপায় আছে। পৰিস্থিতিতন্ত্ৰৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ক্রিয়া যেনে শক্তিৰ প্ৰবাহ আৰু পুষ্টি চক্ৰ, সিহঁতৰ জৰিয়তে সংঘটিত হয়।
প্রশ্ন ৮ ঃ পৰিস্থিতিতন্ত্ৰৰ গাঁথনি আৰু ক্ৰিয়া সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ জৈৱিক আৰু অজৈৱিক উপাদানসমূহৰ সংৰচন আৰু সংঠনেই পৰিস্থিতিতন্ত্ৰৰ গাঁথনি নিৰ্মাণ কৰে।
পৰিস্থিতিতন্ত্ৰৰ গাঁথনিসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) অজৈৱিক উপাংশঃ অ’ডাম (১৯৭১) ৰ মতে পৰিৱেশতন্ত্ৰৰ অজৈৱিক উপাংশ তিনি ধৰণৰ হ’ব পাৰে—
(১) অজৈৱ দ্ৰব্যঃ যেনে— পানী CO₂, O₂, N, Ca, P আৰু ইয়াৰ বিভিন্ন যৌগসমূহঃ নাইট্রেট, কার্বনেট ইত্যাদি।
(২) জৈৱ যৌগঃ যেনে— প্ৰ’টিন, কার্বহাইড্রেট, স্নেহ।
(৩) জলবায়ৱিক উপাংশঃ যেনে— বতাহ, বৰষুণ, বায়ুমণ্ডলৰ আৰ্দ্ৰতা, উত্তাপ, পোহৰ ইত্যাদি।
(খ) জৈৱিক উপাংশঃ
(১) উৎপাদক— সেউজীয়া উদ্ভিদ।
(২) উপভোক্তা।
প্রাথমিক উপভোক্তা (Primary consumers): তৃণভোজী প্রাণী, যেনে— গৰু, ম’হ, ছাগলি, ফৰিং, হৰিণা ইত্যাদি।
গৌণ উপভোক্তা (Secondary consumers): মাংসভোজী প্রাণী, যেনে— বাঘ, সিংহ আদি।
তৃতীয় শ্রেণীৰ উপভোক্তা (Consumers of the third order): শগুন, বাঘ আদি।
(৩) বিয়োজক (Decomposers): ভেঁকুৰ, বেক্টেৰিয়া আদি অণুজীৱবোৰ।
পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াঃ প্রাকৃতিক অৱস্থাসমূহৰ মাজত এক প্ৰণালীবদ্ধ উপায়েৰে পৰিস্থিতিতন্ত্ৰই ইয়াৰ সকলো ক্রিয়া কর্ম সম্পাদন কৰে। এই ব্যৱস্থাই সূৰ্য্যৰ পৰা শক্তি সংগ্ৰহ কৰি বিভিন্ন পৰ্যায়ত বিভিন্ন উপাদানসমূহলৈ প্ৰেৰণ কৰে। পৰিস্থিতিতন্ত্ৰৰ ক্ৰিয়াক কেৱল সামগ্রিকভাবেহে বিবেচনা কৰিব পাৰি। কাৰণ পৰিস্থিতিতন্ত্ৰৰ প্ৰতিটো অংশৰ ইটোৰ সিটোৰ সৈতে ক্রিয়াগত প্ৰভাৱ আছে। কোনো পৰিস্থিতিতন্ত্ৰৰ ঘাই ঘাই বৈশিষ্ট্যসমূহ খাদ্য শৃংখল, খাদ্যজাল, পৌষ্টিক স্তৰ, শক্তিৰ প্ৰবাহ, পৌষ্টিক চক্ৰ আদিৰ জৰিয়তে বৰ্ণনা কৰিব পাৰি।
প্রশ্ন ৯ঃ পৰিস্থিতিতন্ত্ৰত খাদ্যজালৰ কাম কি?
উত্তৰঃ পৰিৱেশতন্ত্ৰত জীৱবোৰে একাধিক খাদ্য শৃংখলৰ পৰা শক্তি আহৰণ কৰে উদাহৰণস্বৰূপে আমি মানুহবোৰে তৃণভোজী আৰু মাংসভোজীও। কিয়নো আমি উদ্ভিদ আৰু প্ৰাণী উভয়কে খাদ্য হিচাপে গ্ৰহণ কৰো অৰ্থাৎ উভয়ৰে গৰা শক্তি আহৰণ কৰো ৷ তেনেদৰেই ঘাঁহ খায় ফৰিঙে, ফৰিঙক ভেঁকুলীয়ে, ভেঁকুলীক সাপ, সাপক চিলনীয়ে খায়। আন প্ৰাণীয়েও এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। যেনে– ফৰিঙৰ উপৰি গৰু, মহ, ছাগলী, হৰিণা, গান্ধী পোক, কেৰ্কেটুৱা, শামুক আদিয়েও উদ্ভিদ খায়। চিলনীয়ে সাপৰ উপৰি এন্দুৰ- নিগনী আদিও খায়। শগুণে আকৌ সকলো ধৰণৰ প্ৰাণীকে খায়। গতিকে দেখা যায় একোটা প্ৰাণীয়ে যেনেদৰে বিভিন্ন উদ্ভিদ খায় তেনেদৰে কিছুমান প্ৰাণীয়ে একোটা প্রাণী বা একোটা উদ্ভিদ খায়। অর্থাৎ পৰিৱেশতন্ত্ৰত জীৱবোৰে বিভিন্ন খাদ্য শৃংখলৰ পৰা শক্তি আহৰণ কৰে। একোটা জীৱে খাদ্যৰ জৰিয়তে লাভ কৰা শক্তি পৰিৱেশতন্ত্ৰৰ বিভিন্ন খাদ্য শৃংখলত আৱদ্ধ থাকে।
বিভিন্ন খাদ্য শৃংখলৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। প্রকৃততে একোটা পৰিৱেশ তন্ত্ৰত বাস কৰা প্ৰত্যেকটো জীৱে পৰস্পৰ সংযোগী বিভিন্ন খাদ্য শৃংখলাৰ পৰাহে শক্তি (খাদ্য) আহৰণ কৰে। পৰিৱেশতন্ত্ৰত থকা এনেধৰণৰ পৰস্পৰ সংযোগী খাদ্য-শৃংখলবোৰক একেলগে খাদ্য-জাল বোলে।