ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ

ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ and select needs one.

ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 5 পৰিৱেশ প্ৰদূষণ Solutions for All Subject, You can practice these here.

পৰিৱেশ প্ৰদূষণ

Chapter : 5

পাঠভিত্তিক প্রশ্নোত্তৰঃ

প্রশ্ন ১ঃ পৰিৱেশ প্ৰদূষণ বুলিলে কি বুজা? বিভিন্ন ধৰণৰ / প্ৰকাৰৰ প্ৰদূষণৰ বিষয়ে লিখা।

উত্তৰঃ লেটিন শব্দ ‘Pollutionem’ (যাৰ অৰ্থ হৈছে ‘লেতেৰা কৰা’)ৰ পৰা অহা ‘Pollution’ বা ‘প্ৰদূষণ’ শব্দটোৱে মূলতঃ নৃতাত্ত্বিক বা মানৱীয় কার্যকলাপৰ পৰিণতিত আমাৰ পৰিৱেশলৈ অহা প্ৰতিকূল পৰিৱৰ্তনক বুজায়। সংক্ষিপ্ততে ক’বলৈ হ’লে, প্ৰদূষণ হ’ল বায়ু, পানী আৰু মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক বৈশিষ্ট্য বা চৰিত্ৰলৈ অহা এক প্রতিকূল পৰিৱৰ্তন, যিয়ে মানুহ, জীৱ-জন্তু, আন জৈৱিক উপাদানসমূহৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে।

বিভিন্ন প্ৰকাৰৰ প্ৰদূষণসমূহ হ’ল–

(ক) পৰিৱেশ অনুসৰি— যেতিয়া পৰিৱেশৰ বিভিন্ন অংশ প্ৰদূষণত আক্রান্ত হয়, তেতিয়া সেইবোৰক এইদৰে ভাগ কৰিব পাৰি।

(i) বায়ু প্ৰদূষণ।

(ii) জল প্ৰদূষণ।

(iii) ভূমি প্ৰদূষণ।

(খ) প্ৰদূষক অনুসৰি— প্ৰদূষক অনুসৰি প্ৰদূষণ নিন্মোক্ত প্ৰকাৰৰ হ’ব পাৰে–

(i) তাপ প্ৰদূষণ।

(ii) শব্দ প্ৰদূষণ।

(iii) তেজস্ক্রিয় প্ৰদূষণ।

(iv) গোটা আৱৰ্জনাৰ প্ৰদূষণ।

(v) তৈল প্ৰদূষণ।

(vi) ঔদ্যোগিক প্ৰদূষণ।

(vii) সাগৰীয় প্ৰদূষণ।

প্রশ্ন ২ঃ বায়ু প্ৰদূষণ কি? বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা।

উত্তৰঃ বায়মণ্ডলত মানুহ, উদ্ভিদ তথা জীৱ-জন্তুৰ বাবে ক্ষতিকাৰক অথবা এইসমূহৰ সুখকৰ জীৱন ধাৰণত বাধাগ্রস্ত কৰিব পৰা এটা বা অধিক প্ৰদূষক, যনে – ধূলি, ধোৱা, কুঁৱলী, গোন্ধ, ধূলিকণা আৰু জীৱানু আদিৰ উপস্থিতিকে বায়ু প্ৰদূষণ বুলি ক’ব পাৰি।

‘বায়ুৰ গুণাগুণৰ ভাৰসাম্যহীনতাই পৃথিৱীত বসবাস কৰি থকা জীৱ-জন্তুৰ ওপৰত কৰিব পৰা ঋণাত্মক ক্রিয়া বা প্ৰভাৱকে বায়ু প্ৰদূষণ বুলিব পাৰি।

এনে পৰিমাণত আৰু এনে এক নিৰ্দিষ্ট সময়ৰ বাবে বায়ুমণ্ডলত এটা বা অধিক প্ৰদূষকৰ উপস্থিতি, যি মানৱ স্বাস্থ্য আৰু কল্যাণৰ প্ৰতি হানিকাৰক হৈ পৰে আৰু আন জীৱ-জন্তু তথা উদ্ভিদৰ জীৱন বিপন্ন কৰিব পাৰে, তাকেই বায়ু প্ৰদূষণ বোলা হয়।

বায়ু প্ৰদূষণৰ উৎসসমূহঃ

প্ৰকৃতিত বায়ু কেতিয়াও সম্পূর্ণ পৰিষ্কাৰ ৰূপত পোৱা নাযায়। আদিম মানৱে জুই জ্বলাবলৈ যেতিয়াই শিকিছিল, ঠিক তেতিয়াৰ পৰাই বায়ুৰ প্ৰদূষণ আৰম্ভ হৈছিল।

বায়ু প্ৰদূষণৰ প্ৰধান উৎসসমূহ দুই ধৰণৰ হ’ব পাৰে–

(ক) প্রাকৃতিক উৎস–

(i) আগ্নেয়গিৰিৰ অগ্ন্যুৎপাতঃ যাৰ পৰা SO, H,S, CO আদিৰ দৰে বিষাক্তা গেছ নির্গত হয়।

(ii) বনজুইঃ ক্রান্তীয় অঞ্চলসমূহত বছৰজুৰি হোৱা বনজুই এটা সাধাৰণ বৈশিষ্ট্য। এই বনজুইৰ ফলত বৃহৎ পৰিমাণৰ ধোঁৱা আৰু কণাজাতীয় প্ৰদূষক পদার্থ নির্গত হয়।

(iii) জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ পচনঃ ইয়াৰ ফলত বায়ুত মিথেন গেছ আৰু কাৰ্বন-ডাই-অক্সাইড গেছ নির্গত হয়।

(iv) ধূলিঃ বায়ুমণ্ডলত ধূলি সদায় বিভিন্ন পৰিমাণত উপস্থিত থাকে।

(v) ফুলৰ পৰাগ শস্যঃ বসন্ত ঋতুৰ সময়ত ফুলৰ পৰাগ উৎপন্ন হোৱাৰ ফলতো বায়ু প্ৰদূষিত হয়। ঘাঁহ-বন, গছৰ পৰা পৰাগ আৰু বায়ুজনিত এলাৰ্জিকাৰকসমূহ বায়ুমণ্ডলত প্ৰৱেশ কৰে। এইসমূহ এলাৰ্জিৰ দৰে সমস্যা সৃষ্টিৰ মূল কাৰক।

(vi) ফাংগেল বীজাণুঃ আল্গা, ফাংগি, বেক্টেৰিয়া, ভেঁকুৰ, মামৰ, বীজাণু আদি সূক্ষ্ম জীৱসমূহ বায়ুমণ্ডলত পৰিৱৰ্তনশীল কণা হিচাপে উপস্থিত থাকে।

(vii) তেজস্ক্রিয় পদার্থঃ পৃথিৱীৰ ভূত্বকত উপলব্ধ তেজস্ক্রিয় খনিজ আৰু বায়ুমণ্ডলৰ গেছীয় উপাদানসমূহৰ ওপৰত মহাশূণ্যৰ পৰা হোৱা মহাজাগতিক ৰশ্মিৰ ক্ৰিয়া হ’ল বায়ুমণ্ডলৰ তেজক্ৰিয়তাৰ বাবে প্ৰধানভাৱে দায়ী। নিম্ন বায়ুমণ্ডলত প্রাকৃতিক ৰাসায়নিক প্রতিক্রিয়াসমূহে জাৰণ, হ্রাসকৰণ, সংযুক্তকৰণ, দহন, ঘনীভৱন আদি প্ৰক্ৰিয়াৰ দ্বাৰা গেছসমূহক গোটা বা জুলীয়া পদাৰ্থলৈ ৰূপান্তৰিত কৰে। উচ্চ বায়ুমণ্ডলত ফটোৰাসায়নিক বিক্রিয়াসমূহ উচ্চ শক্তিৰ অতি বেঙুনীয়া সৌৰ বিকিৰণ শোষণৰ দ্বাৰা অধিক জটিল অণুৰ ভাঙোনৰ মাজেৰে পাৰ হ’ব পাৰে।

(খ) কৃত্রিম/মানৱসৃষ্ট উৎসঃ

(i) বন নিধন বা বন ধ্বংস।

(ii) জীৱাশ্ম ইন্ধন দাহন।

(iii) যান-বাহনৰ পৰা নিৰ্গমন।

(iv) দ্রুত ঔদ্যোগীকৰণ।

(v) আধুনিক কৃষি অনুশীলনসমূহ।

প্রশ্ন ৩ঃ মানৱ শৰীৰ/স্বাস্থ্যৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ

বায়ু প্ৰদূষকউৎপত্তিৰ উৎসমানুহৰ ওপৰত প্ৰভাৱ
১। ছালফাৰডাইঅক্সাইডকয়লা আৰু তেলৰ দাহনবুকুত সংকোচন বা হেঁচা,মূৰৰ বিষ, বমি, শ্বাস প্ৰশ্বাস জনিত ৰোগৰ বাবে মৃত্যু আদি।
২। নাইট্ৰ’জেনঅক্সাইডকোমল কয়লা আৰু অ’টম’বাইল নিষ্কাষণ, উদ্ভাবিতগেছৰ চুলা, কেৰাচিন হিটাৰ,কাৰ্যৰ চুলামূৰৰ বিষ, তন্দ্ৰা, হাওঁফাওঁৰ অসুবিধা, শিশুৰ পানীলগাই চিলিয়াৰ প্ৰক্ৰিয়াত বাধা জন্মায় যাৰ ফলত ধোৱা আৰু ধূলি হাওঁফাওঁৰ বহু ভিতৰলৈ সোমাব পাৰে ।
৩। কার্বনমন’ক্সাইডকয়লা, গেছ’লি্নৰ দাহন, মটৰ নিষ্কাষণ,আসোঁৱাহযুক্ত অগ্নিকুণ্ড, উদ্ভাৱিত গেছৰ চুলা, কোচিন হিটাৰ, কাঠৰ দাহনবমি বমি ভাব, তেজৰঅক্সিজেন পৰিবাহী ক্ষমতা হ্ৰাসপোৱা, মূৰৰ বিষ, তন্দ্রাভাৱ, অনিয়মিত হৃদস্পন্দন
8। SPM ছাই,কাজল, ধোৱাআদিভস্মীকৰণ আৰু নিৰ্মান প্ৰক্ৰিয়াচকুৰ অসুখ, এম্ফিচেমা কৰ্কট ৰোগ
৫। হাইড্ৰ’জেনছালফাইডশোধনাগাৰ, ৰাসায়নিকউদ্যোগ, বিতুমিনজাতীয় ইন্ধনবমি বমি ভাৱ, চকু আৰু ডিঙিৰ সমস্যা
৬। এম’নিয়াবিস্ফোৰক, ৰঞ্জক প্ৰস্তুতকৰণ, সাৰ গছশ্বাস-প্রশ্বাসৰ পথৰউপৰিভাগৰ প্রদাহ।
৭। কার্বনিলক্ল’ৰাইডৰাসায়নিক দ্ৰব্য আৰু ৰঞ্জক প্রস্তুত কার্যকাঁহৰ সমস্যা আৰু মাৰাত্মক পালম’নাৰীইডিমা ৰোগ
৮। এল্ডিহাইড্‌ছতেল, চৰ্বী বা গ্ৰিছাৰলৰতাপীয়/তাপ সংক্রান্তীয় গলননাকৰ নলী আৰু শ্বসন নলীৰ সমস্যা
৯। স্থগিত কণাপদার্থভস্মীকৰণ আৰু প্ৰায় সকলোধৰণৰ নিৰ্মাণ প্রক্রিয়াএম্ফিচেমা, চকুৰ অসুখ, কৰ্কট ৰোগ
১০। এছবেষ্ট’ছনল নিৰোধক, ভিনাইল চিলিং মজিয়া টাইলচ্হাওঁ ফাওঁৰ সমস্যা,হাওঁফাওঁৰ কৰ্কট ৰোগ

প্রশ্ন ৪ঃ জল প্রদূষণ কি? মানৱ শৰীৰ/স্বাস্থ্যৰ ওপৰত জল প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ জল প্ৰদূষণৰ সংজ্ঞা বিভিন্নধৰণে দিব পাৰি।

● মানুহ আৰু জলজ জীৱ-উদ্ভিদ আদিৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পৰা পানীৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক বৈশিষ্ট্যৰ পৰিৱৰ্তনেই হ’ল জল প্ৰদূষণ।

● পানীত অনুপযোগী পদাৰ্থৰ সংযোগ, যিয়ে পানীক মানুহ, জীৱ-জন্তু আৰু জলজ জীৱসমূহৰ জীৱন ক্ষতিকাৰক কৰি তোলে অথবা পানীত থকা তথা পানীৰ আশে-পাশে থকা জীৱ-জন্তুৰ স্বাভাৱিক ক্ৰিয়াক বাধাগ্রস্ত কৰি তোলে।

খোৱাপানীৰ সৈতে জড়িত সমস্যাসমূহঃ

মানুহক খোৱা, ৰন্ধা, ধোৱা, গা-ধোৱা, বাগিচা, জলসিঞ্চন, উদ্যোগ আৰু আন বহুতো কাৰণত পানীৰ প্ৰয়োজন হয়। বিভিন্ন উদ্দেশ্যত মানুহে ব্যৱহাৰ কৰা পানীৰ গুণ বেলেগ বেলেগ হয় আৰু কোনো এটা নির্দিষ্ট উদ্দেশ্যত প্রয়োগ হোৱা পানীৰ থাকিবলগীয়া গুণ আন এটা উদ্দেশ্যৰ বাবে দৰকাৰী নহ’বও পাৰে। মানুহে খাবলৈ ব্যৱহাৰ কৰা পানী ভাইৰাছ, বেক্টেৰিয়া আদি বীজাণু তথা স্বাস্থ্যৰ বাবে অপকাৰী পদাৰ্থৰ পৰা মুক্ত হ’ব লাগে। পানীৰ এটা নমুনাক খোৱাৰ অনুপযোগী বুলি ধৰা হয়, যদি পানী অতি বেছি ঘোলা, ৰং ধৰা হয় আৰু সোৱাদৰ ক্ষেত্ৰতো অভিযোগ থাকে। 

অৱশ্যে এই প্রতিকূল সংবেদনাত্মক প্রভাৱসমূহ নাথাকিলেও পানী খোৱাৰ বাবে সুৰক্ষিত বা উপযোগী বুলি নিশ্চিতি দিব নোৱাৰি। দ্রুতগতিত বর্ধিত জনসংখ্যা, বৃহৎ ঔদ্যোগিক কার্যকলাপ, আধুনিক কৃষিকার্য আদিৰ পৰিণতিত জলনিকায়সমূহত বৃহৎ পৰিমাণত প্ৰদূষক পদাৰ্থ মুকলি হয়। এই সমস্যা প্ৰকট হৈ পৰাৰ ফলত খোৱাৰ বাবে উপযোগী বিশুদ্ধ পানীৰ তীব্ৰ নাটনি হয়। বিশেষকৈ, অবিকশিত ঠাইসমূহত মানুহ তথা জীৱ-জন্তুৰ মল-মূত্র আৰু আন আৱৰ্জনা, মল আদিৰ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে খোৱাপানী দূষিত হোৱাটোৱে পানীৰ গুণৰ সমস্যাৰ সৈতে জড়িত আটাইতকৈ সাধাৰণ আৰু ব্যাপক সমস্যা। 

মলজনিত প্ৰদূষণৰ পৰা উদ্ভৱ হোৱা অস্ত্ৰীয় ৰোগ সৃষ্টিকাৰক বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱীবোৰে সাধাৰণ গেছৰ সমস্যাৰ পৰা আৰম্ভ কৰি গুৰুতৰ আৰু মাৰাত্মক গ্ৰহণী, কলেৰা অথবা টাইফয়েড ৰোগ সৃষ্টি কৰিব পাৰে। খোৱাপানী মল-মূত্ৰৰ দ্বাৰা দূষিত হোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰৰ প্ৰদাহ আৰু হেপাটাইটিছ সংক্ৰমণ মহামাৰী ৰূপত দেখা দিব পাৰে। চৰ্মৰোগ, জ্বৰ, মায় ‘কাডিটিছ, মেনিঞ্জাইটছ, স্বাস-প্রশ্বাসজনিত ৰোগ আদিও হোৱাৰ সম্ভাৱনা থাকে। আদিজীৱী ৰোগসমূহ, যেনে— অ’মিবায়’ছিছ, জিয়াৰ্ডিয়াছিছ আদিও মল-মূত্ৰৰ দ্বাৰা পানী দূষিত হোৱাৰ পৰিণতিত দেখা দিব পাৰে।

ৰাসায়নিক প্ৰদূষণে তাৎক্ষণিক, গভীৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে, যদিহে পানীত বৃহৎ পৰিমাণে ৰাসায়নিক প্রদূষক উপস্থিত নাথাকে। কিন্তু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ’ল এক দীর্ঘ সময়ৰ বাবে সেইসমূহৰ প্ৰভাৱত থাকিলে পানী সঞ্চিত বিষ আৰু কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থলৈ পৰিণত হৈ স্বাস্থ্যৰ বিস্তৰ ক্ষতিসাধন কৰিব পাৰে। সাধাৰণতে এইটো ভবা হয় যে পানীত অনুপযোগী উপাদানৰ সংযোজনে পানীৰ ৰূপ, গোন্ধ অথবা সোৱাদৰ পৰিৱৰ্তন কৰিব পাৰে আৰু এজন মানুহে নিজৰ ইন্দ্ৰিয়ৰ জৰিয়তে পানীৰ নমুনাৰ গ্রহণযোগ্যতা মূল্যায়ন কৰিব পাৰে। কিন্তু এইটো এতিয়া সত্য নহয়। 

কোনো পানীৰ নমুনাকে কঠোৰ পৰীক্ষা অবিহনে সুৰক্ষিত বুলি গণ্য কৰিব নোৱাৰি। অসমত, বিশেষকৈ খোৱাপানীৰ বাবে হোৱা এনেধৰণৰ পৰীক্ষাসমূহ এতিয়াও প্রাথমিক স্তৰতেই আছে। সুস্থ জীৱনৰ বাবে বিশুদ্ধ খোৱাপানী নিতান্তই প্ৰয়োজনীয়। ই মানুহৰ এটা মৌলিক অধিকাৰো আৰু সেয়েহে ইয়াক বিশ্বজোৰা সামগ্রিক স্বাস্থ্য সুৰক্ষা আঁচনি বা পৰিকল্পনাৰ অংশ হিচাপে বিবেচনা কৰা হয়। আন্তৰাষ্ট্ৰীয় নীতি মঞ্চসমূহৰ আৰু পৰিৱেশ সম্বন্ধীয় নীতি-নিৰ্দেশনাসমূহৰ এক পৰিক্ৰমাৰ ফলশ্ৰুতিত পানী, স্বচ্ছতা, স্বাস্থ্য আৰু বিকাশৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ গুৰুত্ব প্রতিফলিত হৈছে আৰু বৃদ্ধি পাইছে। 

পানীৰ দূষিত বা কলুষিত হোৱা প্ৰক্ৰিয়াঃ

খোৱাপানীৰ সৈতে জড়িত আটাইতকৈ সাধাৰণ আৰু বিস্তৃতভাৱে হোৱা স্বাস্থ্যজনিত সমস্যাটো হৈছে সূক্ষ্ম জীৱৰ দ্বাৰা দূষণ, যাৰ পৰিণতিয়ে ইয়াকে দঢ়ায় যে ইয়াৰ নিয়ন্ত্ৰণ নিতান্তই জৰুৰী, কাৰণ প্ৰধান চহৰীয়া ব্যৱস্থাসমূহত সূক্ষ্ম জীৱৰ দ্বাৰা হোৱা দূষণে জলজনিত ৰোগ ভয়াৱহ ৰূপ সৃষ্টি কৰাৰ ক্ষমতা থাকে। মল-মূত্ৰ, নলা-নর্দমা আৰু কৃষিগত আৱৰ্জনাযুক্ত পানী, উদ্যোগৰ পৰা নিৰ্গত প্ৰবাহ, গোটা আৱৰ্জনাৰ ডাম্পিং, বৃহৎ তেল-বাহকসমূহৰ পৰা পৰি যোৱা তেল, খনন কাৰ্য আদি হ’ল খোৱাপানী দূষিত হোৱাৰ প্ৰধানভাৱে দায়ী।

জলজনিত/জলৰ পৰা হোৱা ৰোগঃ

মানুহৰ কাৰ্য-কলাপ আৰু জীৱ-জন্তুৰ মল-মূত্ৰত থকা অস্ত্রীয় সূক্ষ্ম জীৱসমূহে পানী দূষিত কৰে আৰু সেই পানীৰ পৰা ৰোগ সৃষ্টি হয়। দুষিত পানী আৰু পৌৰ জল বিতৰণ পদ্ধতিৰ আসোঁৱাহযুক্ত পৰিচালনাই পানীৰ দ্বাৰা সৃষ্ট বেক্টেৰিয়াজনিত ৰোগসমূহ সৃষ্টিত অৰিহণা যোগায়। মদৰ ঘাটি, দধালয়, মদৰ ঘাটিৰ জৈৱিক ভাৰ, ৰঞ্জক, চামৰা, বস্ত্ৰৰ ৰং, জৈৱিক ভাৰ, গধুৰ ধাতু আদিয়েও পানীৰ গুণৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। কিছুমান সাধাৰণ জলসৃষ্ট ৰোগ হ’ল–

(ক) টাইফয়েড – চালম’নেলা টাইফি।

(খ) ক’লেৰা – ভিব্ৰিঅ’ ক’লেৰ।

(গ) ডায়েৰিয়া – ক্রিপ্টস্প’ৰিডিয়াম।

(ঘ) গ্ৰহণী – চিগেলা।

(ঙ) গিয়ার্ডিয়াছিছ – গিয়ার্ডিয়া লাম্বলিয়া।

(চ) ডায়েৰিয়া – ই-ক’লাই।

(ছ) পাকস্থলী বা অস্ত্ৰৰ প্ৰদাহ ভাইৰাছ।

(জ) পলিঅ’ — পলিঅ’ ভাইৰাছ।

প্ৰশ্ন ৫ঃ ভূমি প্রদূষণ মানে কি? ইয়াক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ মাটি বা ভূমি হৈছে পৃথিৱীৰ ভূ-ত্বকৰ আটাইতকৈ ওপৰৰ ভাগ আৰু ইহ’ল জৈৱিক পদাৰ্থ তথা ক্ষয়ীভূত শিল আৰু উদ্ভিদৰ বিকাশৰ বাবে প্ৰয়োজনীয় পদাৰ্থৰ সংমিশ্রণ। ভূমিৰ ব্যৱস্থা বা গাথঁনিটো সচাঁকৈয়ে জটিল আৰু গতিশীল। এক দীঘলীয়া জটিল পাৰস্পৰিক ক্রিয়া, পৰিৱেশীয় প্ৰভাৱত হোৱা অৱক্ষয়ৰ বাবে ভাঙি যোৱা বা গলি যোৱা শিলৰ জৈৱিক পদাৰ্থৰ সৈতে হোৱা নিকট সম্পৰ্কৰ জৰিয়তে খনিজ মেট্রিক্স উৎপন্ন হোৱাৰ পৰিণতিস্বৰূপে ভূমি গঠন হয়। বিভিন্ন ধৰণৰ আৱৰ্জনা, বিশেষকৈ ঘৰুৱা আৰু ঔদ্যোগিক আৱৰ্জনা, খেতিপথাৰত ব্যৱহাৰ হোৱা সাৰ, কীটনাশকে ভূমিক প্ৰদূষিত কৰে। আনকি, বিভিন্ন ধৰণৰ বিষাক্ত পদার্থ মাটিত মিহলি হোৱাৰ ফলত মাটিৰ উৰ্বৰতাও হ্রাস পায়। ভূমি প্ৰদূষণ নিয়ন্ত্ৰণৰ উপায়সমূহ–

(ক) উদ্যোগৰ পৰা নিৰ্গত হোৱা বৰ্জনীয় পদার্থ মাটিত এৰি দিয়াৰ আগতে উপযুক্ত ব্যৱস্থা কৰিব লাগে।

(খ) গোটা আৱৰ্জনাবোৰক জীৱাণুবিয়োজ্য আৰু অজীৱাণুবিয়োজ্য আৱৰ্জনা হিচাপে ভাগ কৰি তাৰ পিছতহে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সেইবোৰ বিনষ্ট কৰিব লাগে।

(গ) ৰাসায়নিক সাৰ প্ৰয়োগৰ বিপৰীতে জৈৱ-সাৰৰ প্ৰয়োগত গুৰুত্ব দিব লাগে।

(ঘ) কীটনাশকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব লাগে।

(ঙ) মাটিত থকা বিষাক্ত ৰাসায়নিক দ্রব্যবোৰ বিনষ্ট কৰিবলৈ জৈৱিক বিধান বা উপাচাৰ গ্ৰহণ কৰিব লাগে।

(চ) ভূমি প্ৰদূষণত জড়িত লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে উপযুক্ত আইন জাৰি কৰিব লাগে।

(ছ) জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো নিতান্তই প্ৰয়োজনীয়।

প্ৰশ্ন ৬ঃ গোটা আৱৰ্জনা কি? সেইবোৰক কিদৰে ভাগ কৰা হয়? উদাহৰণ দিয়া।

উত্তৰঃ গোটা আৱৰ্জনাবোৰ হ’ল ঘৰুৱা, ব্যৱসায়িক, প্রতিষ্ঠানিক, কৃষিগত, খননজাত আৰু ঔদ্যোগিক কার্যকলাপৰ দ্বাৰা উৎপন্ন হোৱা বৰ্জনীয় বা পেলনীয়া সামগ্ৰীবোৰ বা আৱৰ্জনাবোৰ৷ গোটা আৱৰ্জনাৰ এটা উত্তম সংজ্ঞা হ’ল, ‘ভুল ঠাইত থকা সামগ্ৰী’, কাৰণ এটা সামগ্ৰী তেতিয়াই পেলনীয়া বা বর্জনীয় হৈ পৰে, যেতিয়া এজন নির্দিষ্ট গৰাকীয়ে তাৰ প্ৰয়োগ বন্ধ কৰি পেলায়। 

যোৱা বছৰবোৰত দ্ৰুত চহৰীকৰণ, ঔদ্যোগিকৰণ, জনসংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক মানদণ্ডৰ উৰ্ধগামিতাৰ সমান্তৰালকৈ গোটা আৱৰ্জনাৰ সমস্যাটো এটা গুৰুতৰ সমস্যা বা ভাবুকি হৈ থিয় দিছে আৰু অনতিপলমে উপযুক্ত উপায় অৱলম্বন নকৰিলে অনাগত বছৰবোৰত ই আৰু গুৰুতৰ ৰূপ ধাৰণ কৰিব। আৱৰ্জনাবোৰ আৱৰ্জনা হিচাপে পেলোৱাৰ দুই ধৰণৰ ঋণাত্মক প্ৰভাৱ থাকিব পাৰে। এহাতে, ই বায়ু, পানী আৰু মাটিক প্ৰদূষিত কৰে, যাৰ ফলত ৰোগ সৃষ্টি হয় আৰু মানুহৰ বাসস্থানৰ পৰিৱেশ ক্ষতিগ্রস্থ হয়। 

আনহাতে, ই শক্তি, বিদ্যুৎ, সাৰ আদি উৎপন্ন কৰিব পৰা এক শক্তিশালী সম্পদ সামগ্ৰীৰ পৰা আমাক বঞ্চিত কৰে। বৰ্জনীয় সামগ্ৰীৰ সঠিক ব্যৱস্থা কৰিব পৰাকৈ উপযুক্ত ব্যৱসায়িকভাৱে ব্যৱহাৰ্য এক প্রযুক্তিয়ে এই দ্বি-ধাৰযুক্ত অস্ত্ৰপাত মানৱজাতি আৰু প্ৰাকৃতিক বাসস্থানৰ সেৱাত প্ৰয়োগ কৰিব পাৰে।

প্রশ্ন ৭ঃ গোটা আৱৰ্জনাৰ পৰিৱেশগত প্ৰভাৱ সম্পর্কে আলোচনা কৰা।

উত্তৰঃ গোটা আৱৰ্জনাই বায়ু, পানী আৰু মাটিৰ ক্ষতি সাধন কৰিব পাৰে। গোটা আৱৰ্জনাৰ সঠিক ব্যৱস্থা নকৰিলে স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। আৱৰ্জনাৰ সৈতে জড়িত ক্ষেত্রকর্মীসকল প্ৰত্যক্ষভাৱে ভাবুকিৰ সন্মুখীন হয়, যিসকলক পার্যমানে আৱৰ্জনাৰ সৈতে শৰীৰৰ ছালৰ সংস্পৰ্শ নোহোৱাকৈ সুৰক্ষিত কৰাটো প্ৰয়োজনীয়। চিকিৎসালয় তথা ক্লিনিকসমূহৰ আৱৰ্জনাৰ কাম কৰাটোও বিশেষভাৱে ভাবুকিপূর্ণ।

সৰ্বসাধাৰণ মানুহৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অহা ভাবুকি পৰোক্ষ আৰু ৰোগবাহী জীৱ, প্ৰধানতঃ মাখি আৰু এন্দুৰৰ প্ৰজননৰ পৰা আহে। জমা কৰা আৰু পেলোৱাৰ আঁসোৱাহৰ বাবে এনে অৱস্থাৰ সৃষ্টি হয়, য’ত এইধৰণৰ ভাবুকিৰ উদ্ভৱ হয়। ই প্লেগ, ডেংগু, কলেৰা আদিৰ দৰে ৰোগ সৃষ্টিতো সহায় কৰে। আৱৰ্জনা দাহনে চহৰীয়া বায়ু প্ৰদূষণত যথেষ্ট ইন্ধন যোগায়। গোটা আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত পানী গা-ধোৱা, জলসিঞ্চন আৰু খোৱাৰ বাবে ব্যৱহাৰ কৰিলে ছালৰ সংক্ৰমণজাতীয় ৰোগ হ’ব পাৰে। 

গোটা আৱৰ্জনাই কৰা আন পৰিৱেশগত ক্ষতিবোৰ হৈছে, ৰাস্তা-ঘাটৰ আৱৰ্জনাময় বা কদর্য পৰিৱেশ, চহৰাঞ্চলৰ আৱৰ্জনাৰ অনিয়ন্ত্রিত ডাম্পিং ব্যৱস্থাৰ বাবে গ্রামীণ এলেকাবোৰৰ সৌন্দৰ্য হানি ইত্যাদি। অধিক গুৰুতৰ আৰু প্ৰায়েই অচিনাক্ত এটা দিশ হৈছে জাবৰৰ দ’মৰ পৰা পৃষ্ঠজল বা ভূজলত দুষিত পদার্থ প্ৰৱেশ কৰাৰ ফলত জলাধাৰসমূহলৈ প্ৰদূষণ বিয়পি পৰাটো। জাবৰৰ আঁসোৱাহপূৰ্ণ বা অসঠিক দাহন ব্যৱস্থাৰ পৰিণতিত বায়ু প্ৰদূষণ সংঘটিত হয়। ঔদ্যোগিকৰণেও প্ৰদূষিত পানীৰ বিপজ্জনকতা বঢ়াই তুলিছে। এনে আৱৰ্জনাৰ বৰ্জন সঠিকভাৱে নহ’লে মানুহ আৰু আন প্ৰাণীৰ জীৱন বিপদাপন্ন হৈ পৰে।

বিভিন্ন নগৰ-চহৰত সাম্প্রতিক সময়ত চলি থকা গোটা আৱৰ্জনা নিষ্পত্তিৰ পদ্ধতিসমূহ অবৈজ্ঞানিক আৰু ই বহুতো পৰিৱেশীয় সমস্যাৰ সৃষ্টি কৰিছে। সেইবোৰ এনেধৰণৰ।

(ক) জাবৰ পেলোৱা ঠাইখিনি দুষিত হৈ পৰে, য’ত বেমাৰৰ বীজাণুবাহী এন্দুৰ, মাখি আদিয়ে বংশবৃদ্ধি কৰে।

(খ) অণুজীৱৰ জৰিয়তে গোটা আৱৰ্জনাৰ পচল হোৱাৰ বাবে চাৰিওফালৰ ঠাইখিনিত মিথেন গেছ নির্গত হয়।

(গ) গোটা জাবৰৰ পৰা ওলোৱা বা তাৰ মাজেৰে বৈ অহা গেলা পানীখিনি মূৰকত মাটি, পৃষ্ঠজল আৰু ভূ-গৰ্ভৰ জলৰ সৈতে মিহলি হয়।

(ঘ) গোটা আৱৰ্জনাত বিভিন্ন ধৰণৰ সামগ্ৰী মিহলি হৈ থাকে আৰু এইবোৰক কোনো পৰ্যায়ত পৃথক কৰা নহয়। এই আৱৰ্জনাৰ মাজত উদ্যোগ, চিকিৎসালয়, নাছিং হোম, ঘৰুৱা, কাম-কাজ আদিৰ পৰা সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদার্থ থাকে।

(ঙ) আৱৰ্জনাৰ দ’মৰ পৰা বৈ অহা লেতেৰা পানীত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্রব্য মিহলি হৈ থাকে আৰু সেইসমূহে ভূ-গৰ্ভৰ পানী প্ৰদূষিত কৰে।

(চ) জাবৰ পেলোৱা ঠাইখিনিৰ মাটিৰ উপৰিভাগত পকী নোহোৱা বাবে বা আন কোনো আৱৰণী নথকা বাবে লেতেৰা পানী মাটিৰ তললৈ প্ৰৱেশ কৰি সমস্যা বৃদ্ধি কৰে।

(ছ) আবৰ্জনা জমা কৰা ঠাইখনৰ ওচৰত বসবাস কৰা লোকসকলৰ স্বাস্থ্যৰ ক্ষতি হোৱাটো অৱধাৰিত, ইয়াক এৰাই চলিব নোৱাৰে।

(জ) বর্তমান প্ৰত্যেকৰে ঘৰে ঘৰে গৈ আৱৰ্জনা সংগ্ৰহ কৰি অনাটো সময়ৰ অপচয় আৰু ইয়াৰ বাবে আৱৰ্জনা সংগ্ৰহৰ খৰচ বাঢ়ে।

(ঝ) ট্ৰেক্টৰ বা ট্ৰাকৰ মুকলিকৈ আৱৰ্জনা কঢ়িয়াই নিয়াটো অস্বাস্থ্যকৰ আৰু ই চহৰৰ নান্দনিক সৌন্দর্যও নষ্ট কৰে।

প্ৰশ্ন ৮ঃ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ দুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰঃ গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ সমস্যাটো গাঁও আৰু চহৰ উভয় অঞ্চলৰ সৈতে জড়িত। এই সমস্যাটোক গভীৰভাৱে লৈ ক্ষিপ্ৰতাৰে সমাধাণৰ ব্যৱস্থা ল’ব লাগে, অন্যথা অদূৰ ভৱিষ্যতত আহিবলগীয়া প্ৰজন্মৰ বাবে ই এক ভাবুকি হৈ থিয় দিব। পৌৰ গোটা আৱৰ্জনাৰ দৈনিক ব্যৱস্থাপনা কাৰ্যটো এটা জটিল আৰু ব্যৱহুল প্ৰক্ৰিয়া। দৈনিক ভিত্তিত সম্পাদন কৰিবলগীয়া প্ৰত্যক্ষ কাৰ্যবোৰে প্ৰজন্মৰ হাৰ, সংগ্ৰহ, পুঞ্জী, স্থানান্তৰ আৰু পৰিবহণ প্ৰক্ৰিয়া তথা আৱৰ্জনা বৰ্জনক অন্তৰ্ভুক্ত কৰে। 

এই কাৰ্যকলাপবোৰ প্ৰত্যক্ষভাৱে আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ সৈতে জড়িত, যিয়ে বিত্ত ব্যৱস্থা, ক্রিয়া-কলাপ, সঁজুলি আৰু কৰ্মচাৰী, খৰচ আৰু হিচাপ, প্ৰশাসনীয় যোগাযোগ, নীতি-নিৰ্দেশনা, জনসংযোগ আৰু জন সজাগতাক সামৰি লয়। চমুকৈ, গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ ভিতৰত দুটা কথা নিহিত হৈ আছে– (ক) গোটা আৱৰ্জনাৰ ফলপ্ৰসূ নিষ্পত্তি (খ) গোটা আৱৰ্জনাৰ পুনর্ব্যৱহাৰৰ দিশত এক বিকল্প প্রযুক্ত নিৰ্ধাৰণ কৰা, যিটো অৰ্থনৈতিক বাধাসমূহ আৰু পৰিৱেশীয় দিশসমূহ বিবেচনা কৰাত সহায়ক হ’ব।

প্ৰশ্ন ৯ঃ শব্দ প্ৰদূষণ কি? মানৱ শৰীৰ / স্বাস্থ্যৰ ওপৰত পৰিব পৰা ইয়াৰ দুটা প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰঃ আমি প্রতিদিনে বিভিন্নধৰণৰ শব্দ শুনো। জনবহুল চহৰ, বিভিন্ন ধৰণৰ পৰিবহণ ব্যৱস্থা, মনোৰঞ্জন আৰু বিনোদনৰ আধুনিক পদ্ধতি আদিয়ে পৰিৱেশলৈ বিভিন্ন ধৰণৰ শব্দৰ প্ৰৱেশ ঘটাইছে আৰু ইয়াৰ অস্বাস্থ্যকৰ প্ৰভাৱবোৰৰ বিষয়ে আলোচনা কৰাটো মানুহৰ বাবে প্ৰয়োজনীয় হৈ উঠিছে। এটা বিশেষ শব্দ এজন ব্যক্তিৰ বাবে সুৰীয়া হ’ব পাৰে, কিন্তু আন এজন ব্যক্তিৰ বাবে সেই শব্দ কোলাহল হ’বও পাৰে। একেটা শব্দই কোমল হ’লে সুখকৰ হ’ব পাৰে, কিন্তু ডাঙৰকৈ ওলোৱাৰ বাবে হুলস্থূল বা কোলাহল হ’ব পাৰে।

গতিকে শব্দ প্ৰদূষণ এটা গুৰুত্বসহকাৰে ল’বলগীয়া বিষয় হৈ পৰিছে। বিশেষকৈ নগৰীয়া অঞ্চলত বা পৰিৱেশত শব্দ প্ৰদূষণক বিভিন্ন ধৰণে ব্যাখ্যা কৰিব পাৰি।

‘এটা অপ্রত্যাশিত বিদ্যুৎ চুম্বকীয় সংকেত, যিয়ে এটা অসুখকৰ প্ৰভাৱ সৃষ্টি কৰে আৰু মানুহৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য আৰু সুবিধাৰ ওপৰত হস্তক্ষেপ কৰে, তাক শব্দ প্ৰদূষণ বোলে। ‘পৰিৱেশ প্ৰদূষণ মানে হ’ল এক অপ্রত্যাশিত শব্দ, যিয়ে ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়টো আওকাণ কৰি পৰিৱেশত প্ৰৱেশ কৰে।’ শব্দ প্ৰদূষণৰ প্ৰভাৱবোৰক শ্ৰৱন সম্বন্ধীয় অথবা অশ্ৰৱণ সম্বন্ধীয় প্ৰভাৱ হিচাপে ভাগ কৰিব পাৰি।

(ক) শ্ৰৱণ সম্বন্ধীয় প্ৰভাৱঃ শব্দ প্ৰদূষণৰ আটাইতকৈ গভীৰ আৰু ক্ষিপ্ৰ প্ৰভাৱটো হ’ল শ্ৰৱণ ক্ষমতাৰ ক্ষতি, যাৰ পৰিণতিত শ্ৰৱণ ক্লান্তি আৰু অৱশেষত সম্পূৰ্ণভাৱে কাণ কলা হৈ পৰিব পাৰে।

(খ) অশ্ৰৱণ সম্বন্ধীয় প্রভাৱঃ শব্দ প্ৰদূষণৰ অশ্ৰৱণ সম্বন্ধীয় প্ৰভাৱবোৰো সমানেই গুৰুতৰ। সেইবোৰ হ’ল— কথোপকথন প্ৰক্ৰিয়াত বাধা, বিৰক্তিৰ পৰা উদ্ভৱ হোৱা খং-ৰাগ, মানসিক উত্তেজনা, মানসিক চাপ, কাজিয়া আৰু উগ্ৰ আচৰণ আদি। শব্দ প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে, মানুহৰ সুখ-সুবিধা, কৰ্ম দক্ষতাত বাধাৰ সৃষ্টি কৰে। মাত্রাধিক শব্দ প্ৰদূষণে মানসিক ৰোগৰো সৃষ্টি কৰিব পাৰে।

প্ৰশ্ন ১০ঃ খোৱাপানীৰ উৎসসমূহ পৰিষ্কাৰ আৰু সুৰক্ষিত ৰাখিবৰ বাবে কি কি উপায় অৱলম্বন কৰিব পাৰি?

উত্তৰঃ তলত উল্লেখ কৰা উপায়সমূহৰ জৰিয়তে ব্যক্তিগত আৰু সামূহিক উভয় পৰ্যায়তে খোৱাপানীৰ গুণ উন্নত কৰিব পৰা যায়। কম খৰচী হোৱা হেতু অতি নিম্ন উপাৰ্জনকাৰী পৰিয়ালবোৰৰ বাবেও এই উপায়সমূহ অতি গ্রহণযোগ্য হ’ব পাৰে।

(ক) বালি, শিল, এঙাৰ আদিৰ ব্যৱহাৰেৰে সাধাৰণ পদ্ধতিৰে প্ৰথয়ে পানী ফিল্টাৰৰ ব্যৱস্থা কৰিব লাগে।

(খ) অন্তত বৰষুণৰ দিনত, ফিটকাৰী ব্যৱহাৰ আৰু উন্নত ফিল্টাৰকৰণ পদ্ধতিৰ সহায়ত পানীত থকা লেতেৰা আৰু লৌহজাত পদাৰ্থ আঁতৰাব পাৰি।

(গ) পানী উতলাই বিশুদ্ধ কৰিব পাৰি। এই প্রক্রিয়াই পানীত থকা বেক্টেৰিয়াবোৰ মাৰি পেলায়।

(ঘ) বেক্টেৰিয়াজনিত প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে ক্ল’ৰিনৰ ব্যৱহাৰেৰে পানীক সংক্রমণমুক্ত কৰিব লাগে।

(ঙ) কম মূল্যৰ জৈৱ শোষণকাৰী দ্রব্য ব্যৱহাৰ কৰি ডিফুৰিডেশ্বন পদ্ধতি প্ৰয়োগ কৰাক উৎসাহিত কৰিব লাগে।

(চ) খোৱাপানী উতলাই খোৱাটো অত্যাৱশ্যকীয়। 

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

অতি চমু প্রশ্নোত্তৰঃ

প্রশ্ন ১ঃ বর্তমান ভাৰতৰ জনসংখ্যা কিমান?

উত্তৰঃ এশ দহ কোটি।

প্রশ্ন ২ঃ অসমৰ অভয়াৰণ্য দুখনৰ নাম লিখা।

উত্তৰঃ কাজিৰঙা আৰু মানাহ।

প্রশ্ন ৩ঃ দুবিধ খনিজ সম্পদ নাম লিখা।

উত্তৰঃ পেট্ৰ’লিয়াম আৰু কয়লা।

প্রশ্ন ৪ঃ ১৯৫০ চনত ক’ত ‘স্মগ’ সৃষ্টি হৈছিল?

উত্তৰঃ লণ্ডনৰ শিল্প প্রধান অঞ্চলত।

প্রশ্ন ৫ঃ ভাৰতৰ ক’ত ক’ত স্মগৰ সৃষ্টি হৈছে?

উত্তৰঃ কলকাতা আৰু মুম্বাইত।

প্রশ্ন ৬ঃ পৃথিৱীৰ উল্লেখযোগ্য সভ্যতা দুবিধৰ নাম লিখা।

উত্তৰঃ নীল নদীৰ সভ্যতা আৰু মিচৰীয়া সভ্যতা।

প্রশ্ন ৭ঃ পৰ্বতৰ শিল ভাঙিবলৈ কি বিস্ফোৰক ব্যৱহাৰ কৰা হয়?

উত্তৰঃ ডিনামাইট।

প্রশ্ন ৮ঃ পৰিৱেশৰ অৱক্ষয় কি কি কাৰণত হয়?

উত্তৰঃ প্রাকৃতিক কাৰণ আৰু আনটো মানৱ সৃষ্ট কাৰণত।

প্রশ্ন ৯ঃ ১৮৫০ চনত পৃথিৱীৰ জনসংখ্যা কিমান আছিল?

উত্তৰঃ এক বিলিয়ন।

প্রশ্ন ১০ঃ অ’জন বিন্ধা কি?

উত্তৰঃ ক্ল’ৰিণ অণুৱে অ’জন অণু ভাঙি দিয়াৰ ফলত অ’জন স্তৰত সূক্ষ্ম সূক্ষ্ম ছিদ্র হয়। এনে ছিদ্ৰক অ’জন বিন্ধা বোলে। 

চমু প্রশ্নোত্তৰঃ

প্রশ্ন ১ঃ জলচক্র বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে আমি দেখা বা ব্যৱহাৰ কৰা পানী অবিৰামভাৱে হৈ থকা জলচক্ৰৰ পৰাহে পাওঁ ৷ পৃথিৱীৰ উপৰিভাগত থকা পানীৰ বাষ্পীভৱন হৈ ডাৱৰ হয়। এই ডাৱৰৰ পৰা বৰষুণ বা বৰফৰ ৰূপত ব্যৱহাৰ কৰে আৰু অৱশেষত সাগৰত মিতি হয়। দেখা যায় বৰষুণৰ 90% পানী জলচক্ৰৰ ক্ৰিয়াৰ মহাসাগৰতেই জমা হয়। বছৰি 1.4 ইঞ্চি পানী বাষ্পীভৱন হয় । সৌৰশক্তিয়ে এই পৰিঘটনাটো নিয়ন্ত্ৰণ কৰে। তদুপৰি গছ-গছনিয়েও এই জলচক্র নিয়ন্ত্রণত পোনপটীয়া বৰঙণি যোগায়।

প্রশ্ন ২ঃ বায়ু প্ৰদূষিত কৰা প্ৰধান গেছসমূহ কি কি আৰু ইহঁতৰ উৎপত্তি স্থলসমূহ উল্লেখ কৰা।

উত্তৰঃ (i) কাৰ্বন মন’ক্সাইড (CO): মটৰ-গাড়ী, পেট্ৰ’লজাত আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কল-কাৰখানা।

(ii) ছালফাৰ-ডাই-অক্সাইড (SO2): তাপ বিদ্যুৎ কাৰখানা আৰু কয়লা ইন্ধন হিচাপে ব্যৱহাৰ কৰা কাৰখানা।

(iii) নাইট্রিক অক্সাইড (NO): মটৰগাড়ী, কাৰখানা আৰু তাপ বিদ্যুৎ কাৰখানা।

(iv) হাইড্ৰ’কার্বন: মটৰগাড়ী, তেল শোধনাগাৰ, পেট্ৰ’ল ব্যৱহাৰ কৰা কাৰখানা।

প্রশ্ন ৩ঃ ভূমিজল কি? চমুকৈ লিখা।

উত্তৰঃ সতেজ পানীৰ প্ৰায় 9.9% ভাগ পানী ভূমিজলৰ পৰা পোৱা যায়। আগতে ভূমিজল অতি বিশুদ্ধ আছিল যদিও বর্তমান বিভিন্ন কাৰণত এই সম্পদ দূষিত হোৱাটো প্ৰমাণিত হৈছে।

পৃথিৱীৰ গৰ্ভত বিভিন্ন শিলাখণ্ড, বালি আৰু গ্ৰেভেলৰ স্তৰৰ মাজত এই পানী আবদ্ধ আৰু কেতিয়াবা মুক্ত অৱস্থাত থাকে।

ভূমিজল ব্যৱহাৰৰ ফলাফলঃ

(i) অতিকৈ ভূমিজল নিষ্কাষণ কৰি থাকিলে এই স্তৰবিলাক শুকাই যাব পাৰে। ইয়াৰ ফলত শিলাখণ্ড ভাঙি যাব আৰু মাটিত থকা ঘৰবিলাকৰ হানি হ’ব পাৰে। নলীত ফাট মেলি পানীৰ সোঁত বিপৰীত দিশত যাব পাৰে।

(ii) শুস্ক অঞ্চলত জলসিঞ্চনৰ বাবে বৈছিকৈ জলখনন কৰিলে ভূমিজলপৃষ্ঠ নামি যাব পাৰে।

(iii) অতিমাত্ৰা ভূমিজলৰ বাবে খননকার্য কৰিলে পশ্চাৎমূখী পানীয়ে জলপৃষ্ঠ ওপৰলৈ আহিব পাৰে। ইয়াৰ ফলত জল আবদ্ধ হৈ লৱণ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

প্রশ্ন ৪ঃ বায়ু প্ৰদূষণ কি? বায়ু প্ৰদূষণৰ উৎসসমূহ চিনাক্ত কৰা।

উত্তৰঃ বায়ু প্ৰদূষণঃ বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্রিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্রক্রিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল—

(i) ধূলিকণা আৰু জীৱাণু।

(ii) কার্বন-ডাই-অক্সাইড।

(iii) ছালফাৰ-ডাই-অক্সাইড।

(iv) কার্বন মন’ক্সাইড।

(v) হাইড্ৰ’জেন অক্সাইড।

(vi) নাইট্ৰ’জেন অক্সাইড।

(vii) সীহ ইত্যাদি।

প্রশ্ন ৫ঃ স্থল প্ৰদূষণৰ কাৰণসমূহ লিখা।

উত্তৰঃ স্থল প্ৰদূষণৰ কাৰণঃ

(১) বিভিন্ন জাৱৰ-জোঁথৰ, আৱৰ্জনা আদি দম কৰি থোৱা ঠাইবোৰ প্ৰদূষিত হৈ পৰে। এনে আবৰ্জনাবোৰত থকা অসংখ্যা ৰোগজনকসমূহে মাটি বিষাক্ত কৰি তোলে আৰু শাক-পাচলিৰ খেতি নষ্ট কৰে।

(২) বিভিন্ন উদ্যোগে স্থল প্ৰদূষণ ঘটায়। কয়লা খনিৰ আবৰ্জনাই মাটি, পানী উভয়কে আম্লিক কৰি তোলে। অম্লযুক্ত মাটিত উদ্ভিদ, শস্য আদিৰ বৃদ্ধি নহয়। খাৰুৱা তেল আহঁৰণ কৰা অঞ্চলত তৈল জাতীয় পদাৰ্থই মাটি আৰু লগতে পানী প্ৰদূষিত কৰে।

(৩) কৃষি কাৰ্যত ব্যৱহৃত ৰাসায়নিকক সাৰ কীটনাশক, বননাশক আদিয়ে মাটিৰ প্ৰদূষণ ঘটায়।

(৪) ছিমেণ্ট উদ্যোগৰ পৰা ওলোৱা ধূলিকণা মাটিত জমা হৈ মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰে। ছিমেণ্টৰ ধূলিবোৰ উৎসতে আঁতৰাই নি প্ৰদূষণ ৰোধ কৰিব পাৰি।

প্রশ্ন ৬ঃ স্থল প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰা হয় লিখা।

উত্তৰঃ স্থল প্ৰদূষণৰ নিয়ন্ত্ৰণঃ

(১) আৱর্জনাসমূহ পেলাই দিয়াৰ আগতে উপযুক্তভাৱে তাক উপচাৰিত কৰিব লগে যাতে সি প্ৰদূষণৰ সৃষ্টি কৰিব নোৱাৰে।

(২) কীটনাশক দ্রব্যসমূহ যধে-মধে ব্যৱহাৰ কৰাৰো বন্ধ কৰিব লাগে। এইবোৰৰ সলনি জৈৱিক প্ৰক্ৰিয়াৰে কীটনাশক কাৰ্য সংঘটিত কৰিবলৈ উৎসাহিত কৰিব লাগে।

(৩) উদ্যোগসমূহত আৱৰ্জনা আৰু পেলনীয়া বস্তুৰ উপচাৰণ প্ৰক্ৰিয়া সদায় ব্যৱহাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা প্ৰদূষণৰ পৰিমাণ বহু কমি যাব।

প্রশ্ন ৭ঃ সামুদ্রিক প্রদূষণ কি? ইয়াৰ ফলত কি ৰোগ হয়?

উত্তৰঃ সামুদ্রিক প্ৰদূষণঃ সাগৰৰ পানী বিভিন্ন প্ৰক্ৰিয়াৰে যেনে— সাগৰীয়া লৈতবাহী জাহাজৰ পৰা তেল পৰি সাগৰৰ পানীৰ প্ৰদূষণ হোৱাকে সামুদ্রিক প্ৰদূষণ বোলে। সাগৰৰ পানীত পাৰা, জিংক, লেড, কেডমিয়াম, আছেনেকি আদি ধাতব পদার্থ থাকিলে সাগৰৰ পানী প্ৰদূষিত হয়। পাৰাৰ দ্বাৰা প্ৰদূষিত পানীয়ে মানৱ দেঙত মিনামাটা নামৰ ৰোগৰ সৃষ্টি হয়। সেইদৰে কেডমিয়ামৰ দ্বাৰা মানুহৰ ইটাই-ইটাই নামৰ ৰোগ হয়।

প্রশ্ন ৮ঃ শব্দ প্ৰদূষণ কি? শব্দ প্ৰদূষণৰ ফলত কি কি ৰোগ হ’ব পাৰে?

উত্তৰঃ শব্দ প্ৰদূষণঃ ঘৰত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্ৰ-পাতি (যেনে— ৰেডিঅ’, টিভি, ষ্টেৰিঅ’, কাপোৰ ধোৱা মেচিন আদি) কল-কৰাখাত ব্যৱহাৰ কৰা বিভিন্ন যন্ত্রপাতি আদি শব্দ প্ৰদূষণৰ উৎস। জীৱৰ স্বাভৱিক জীৱন-যাত্ৰাত চিঞৰ-বাখৰ এটা অবিচ্ছেদ্য অংগ। এই চিঞৰ-বাখৰ এটা নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে ই মানুহৰ পৰিৱেশ বিনষ্ট হয়, ইয়াকে শব্দ প্ৰদূশণ বোলে। 

শব্দ প্ৰদূষণৰ ফলত হ’ব পৰা ৰোগঃ শব্দৰ প্রাবল্য 85.dB (decibel) তকৈ বেছি হ’লে শ্ৰৱণেন্দ্ৰীয়ই বেয়াকৈ প্রভাবিত কৰে। শব্দৰ প্রাবল্য বেছি হ’লে মানুহ কলা হ’ব পাৰে। তদুপৰি মূৰৰ বিষ, টোপনিত ব্যাঘাট জন্মায়। স্নায়ৱিক উত্তেজনা আদি হ’ব পাৰে। ইয়াৰ উপৰি শব্দ প্ৰদূষণৰ ফলত মানুহৰ হৃদৰোগ, শ্বাসজনিত ৰোগ, ৰক্তচাপ বৃদ্ধি পায়।

প্রশ্ন ৯ঃ মানৱ শৰীৰত বায়ু প্ৰদূষণৰ প্ৰভাবৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ গেছীয় প্ৰদূষণবোৰৰ ভিতৰত কাৰ্বন মন’ক্সাইডে মানুহৰ স্নায়ুতন্ত্ৰ, হৃদপিণ্ড আৰু হাওঁফাওঁৰ জটিলতাৰ সৃষ্টি কৰে। তেজৰ হিম’গ্ল’বিনৰ সৈতে CO যুক্ত হৈ কার্বক্সি-হম’গ্ল’বিন উৎপন্ন কৰে। এই পদাৰ্থবিধে লোহিত ৰক্তকণিকাৰ (RBC) অক্সিজেন বহন কৰে। ক্ষমতা কমাই দিয়ে। SO₂ গেছ পানীত দ্ৰৱীভূত হয় আৰু ই কোমল পেশীত সোমাই পৰি মুখ শুকাই তোলে; ডিঙিত খচ্খচনি তোলে আৰু চকু জল-জলীয় কৰে। নাইট্ৰজেনৰ অক্সাইডে চকু আৰু নাকৰ খচ্খচনি তোলে। কণিকা জাতীয় প্ৰদূষক কিছুমানে নাকৰ ভিতৰৰ নোমত আবদ্ধ হৈ পৰি কাহ সৃষ্টি কৰে।

প্রশ্ন ১০ঃ প্রাকৃতিক দুর্যোগ বুলিলে কি বুজা? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায়?

উত্তৰঃ প্রাকৃতিক দুর্যোগঃ প্রাকৃতিক দুর্যোগ বুলি ক’লে বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে যেনে— প্রাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগ। ভূমিকম্প, চাকনৈয়া আদিত সম্পূর্ণ প্রাকৃতিকভাৱে সৃষ্ট আৰু হঠাৎ সংঘটিত হোৱা দুৰ্যোগ। ইয়াক ৰোধ কৰাটো সহজ নহয়। আনহাতে শুষ্কতা মানৱসৃষ্ট বা প্রকৃতিগত দীৰ্ঘদিনিয়া কাৰকৰ প্ৰভাৱত হোৱা দুৰ্যোগ। ইয়াক কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। সাধাৰণতে সংঘটিত হৈ থকা দুর্যোগসমূহ হ’ল ভূমিকম্প, সাগৰীয় ঢৌ, বানপানী, ধুমুহা, চাকনৈয়া, মানৱসৃষ্টসমূহৰ ভিতৰত ভূমিস্খলন, আগ্নেয়গিৰি, উদ্‌গীৰণ, মহামাৰী, শুষ্কতা আদি ।

দুর্যোগ ব্যৱস্থাপনৰ দ্বাৰা শৃঙ্খলাবদ্ধভাৱে অধ্যয়ন আৰু বিশ্লেষণৰ দ্বাৰা এই দুৰ্যোগসমূহৰ পৰা কিছু পৰিমাণে ক্ষয়ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পৰা যায়।

প্রশ্ন ১১ঃ জলপ্ৰদূষণ কি? মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ কি কি?

উত্তৰঃ জলপ্ৰদূষণঃ পানীত অনিষ্টকাৰী কণা, মৌল বা বীজাণু মিহলি হৈ থাকিলে পানীখিনি প্ৰদূষিত হোৱা বুলি কোৱা হয় ইয়াকে জল প্রদূষণ বোলা হয়।

মানৱ শৰীৰত জল প্ৰদূষণৰ প্ৰভাৱসমূহ হ’লঃ

(i) টাইফইয়ড – ছেলমনেলা টাইফি।

(ii) কলেৰা – ভিব্ৰিঅ’ কলেৰা।

(iii) ডিচেণট্ৰি – ছিজেলা।

(iv) ডায়েৰিয়া – ক্রিপ্টছপৰিডিয়াম।

(v) জিয়াৰডিয়াছিছ – জিয়াৰডিয়া লেম্বলিয়া।

(vi) ডায়েৰিয়া – ই-কলি।

(vii) গেষ্ট্ৰ’ এণ্টাৰাইটিছ – বিভিন্ন ভাইৰাছ।

(viii) পলিঅ’ – পলিঅ’ ভাইৰাছ।

ঘৰুৱা বৰ্জিত পদাৰ্থ আৰু অন্যান্য আবৰ্জনা বা মানুহ জীৱ-জন্তুৰ দ্বাৰা বৰ্জিত পদাৰ্থ প্ৰত্যক্ষ বা পৰোক্ষভাৱে খোৱা পানীৰ লগত মিহলি হৈ দূষিত হোৱাটো বিশেষকৈ তৃতীয় বিশ্বত পানীৰ গুণাগুণৰ লগত জড়িত অতি সাধাৰণ আৰু বহলভাবে ব্যাপ্ত সমস্যা। বৰ্জিত পদাৰ্থৰ পৰা হোৱা প্ৰদূষণৰ বাবে বেক্টেৰিয়া, ভাইৰাছ, বিভিন্ন পৰজীৱীৰ দৰে আন্ত্রিক বীজাণুসমূহ শৰীৰলৈ আহে আৰু এইসমূহৰ পৰা সাধাৰণ গেষ্ট্ৰ’এণ্টাৰাইটিছৰ পৰা গুৰুতৰ আৰু মাৰাত্মক গ্ৰহণী, কলেৰা বা টাইফইড পর্যন্ত বিভিন্ন ৰোগ হয়। তদুপৰি ঘাঁ, জ্বৰ, মায়’কার্ডাইটিছ, মেননজাইটিছ, শ্বাসজনিত ৰোগ আদি হ’ব পাৰে। পানীৰ উৎসত বৈ অহা ঘৰুৱা বৰ্জিত পদাৰ্থ মিহলি হ’লে এমিবিয়াছিছ, জিয়াৰডিয়াছিছ আদি প্ৰট’জৱাৰ পৰা হোৱা বেমাৰ হয়।

প্রশ্ন ১২ঃ বায়ু প্ৰদূষণ কেনেকৈ হয়? বায়ু প্ৰদূষণৰ উৎস কেইটামান উল্লেখ কৰা।

উত্তৰঃ বিশ্ব স্বাস্থ্যসংস্থাৰ সূত্ৰ অনুসৰি বায়ু প্ৰদূষণ হ’ল মানুহৰ বিভিন্ন ক্রিয়া-কলাপৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ পদাৰ্থ বায়ুত মিহলি হৈ মানুহকে আদি কৰি সমস্ত প্রাণীজগত আৰু উদ্ভিদজগতৰ ক্ষতি কৰা এক প্ৰক্ৰিয়া। বায়ুত মিহলি হোৱা নানা ধৰণৰ ক্ষতিকাৰক (জীৱ আৰু উদ্ভিদৰ) পদাৰ্থৰ উপস্থিতিয়েই বায়ু প্ৰদূষণ।

বায়ু প্ৰদূষণৰ উৎসসমূহ হ’ল–

(i) ধূলিকণা আৰু জীৱাণু।

(ii) কার্বন-ডাই-অক্সাইড।

(iii) ছালফাৰ-ডাই-অক্সাইড।

(iv) কার্বন মন’ক্সাইড।

(v) হাইড্ৰ’জেন অক্সাইড।

(vi) নাইট্ৰ’জেন অক্সাইড।

(vii) সীহ ইত্যাদি।

প্রশ্ন ১৩ঃ প্রধানসেউজ গৃহ গেছসমূহ কি কি সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰঃ প্রধান সেউজ গৃহ গেছসমূহ হৈছে– কার্বন ডাই-অক্সাইড (CO₂), মিথেন (CH₄), নাইট্রাছ অক্সাইড (N₂O), ক্লৰ’ফ্লৰ’কাৰ্বন (CFC), জলীয় বাষ্প আৰু অজ’ন।

সেউজ গৃহ প্ৰভাৱঃ গছ-গছনি বঢ়াবলৈ গ্রীণ হাউচৰ প্ৰয়োগ কৰা হয়। শীত প্রধান দেশবোৰত শীত কালত পোহৰ আৰু তাপ গছ-গছনিৰ বৃদ্ধিৰ বাবে যথেষ্ট নহয়। কাচেৰে সজা গ্রীণ হাউচে ঘৰৰ ভিতৰত বেলিৰ পোহৰ সোমাব দিয়ে যদিও ইনফ্ৰাৰেড ৰশ্মি ওলাই যোৱাত বাধা দিয়ে। ফলত ঘৰৰ ভিতৰভাগত ক্রমশঃ তাপমাত্রা বৃদ্ধি হয়। গ্রীণ হাউচ এফেক্টৰ অৰ্থ হ’ল যে মানুহে সৃষ্টি কৰা কার্বন-ডাই-অক্সাইডে সৃষ্টি কৰা ঢাকনিৰ তলৰ পৰা তাপ ওলাই যাব নোৱাৰি পৃথিৱীৰ উপৰি ভাগত সৃষ্টি কৰা ক্রমবৰ্দ্ধমান উত্তাপ।

কার্বন-ডাই-অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্রা ক্রমশঃ বৃদ্ধি হ’ব ধৰিছে। তাপমাত্রা ক্রমশঃ বৃদ্ধি হ’লে হিমবাহবোৰ গলিব আৰু সাগৰ মহাসাগৰৰ জলপৃষ্ঠৰৰ উচ্চতা বাঢ়িব। বহুত দ ঠাইৰ পানীৰ তলত ডুবি যাবষ সমুদ্র পৃষ্টৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ’ব। এতেকে CO₂ৰ মাত্রা বৃদ্ধি, দ্রুত শিল্পায়ন, অৰণ্য ধ্বংস আৰু জীৱাস্মা যুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপ মাত্রা বৃদ্ধিৰ প্ৰধান কাৰণ। CO₂ ৰ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল’ব লাগিব।

প্রশ্ন ১৪ঃ ভূমি প্ৰদূষণ কি? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ ভূমি প্ৰদূষণঃ প্রাকৃতিক কাৰক, মানুহৰ কু-কাৰ্য অৰ্থাৎ বনাঞ্চল ধ্বংস বিভিন্ন ৰাসায়নিক দ্রব্য ব্যৱহাৰ আদিৰ ফলত মাটিৰ স্বাভাৱিক গুণ নষ্ট হয়, তাকে স্থল প্ৰদূষণ বুলি কোৱা হয়।

ভূমি প্ৰদূষণৰ নিয়ন্ত্ৰণ ব্যৱস্থাঃ

(i) উদ্যোগৰ বৰ্জিত পদাৰ্থসমূহক মাটিত এৰি দিয়াৰ পূৰ্বে সেইসমূহক ভালদৰে পৰিশোধন কৰিব লাগে।

(ii) গোটা আবর্জনাসমূহক উৎসতে জৈৱ বিয়োজনীয় আৰু জৈৱ অবিয়োজনীয় হিচাপে ভাগ কৰি ফলপ্ৰসু বৈজ্ঞানিক পদ্ধতিৰে সেইসমূহৰ বিয়োজন ঘটাব লাগে।

(iii) ৰাসায়নিক সাৰৰ পৰিবৰ্ত্তে জৈৱ সাৰৰ প্ৰয়োগত উদগনি যোগোৱা উচিত।

(iv) ৰাসায়নিক কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা উচিত।

(v) মাটিত থকা বিষাক্ত ৰাসায়নিক পদার্থসমূহ দূৰ কৰিবৰ বাবে জৈৱ পৰিচৰ্যা পদ্ধতি অৱলম্বন কৰিব পৰা যায়।

(vi) ভূমি প্ৰদূষিত কৰাত যিসকল জড়িত সেইসমূহ শাস্তিমূলক ব্যৱস্থা লবৰ বাবে প্রয়োজনীয় আইন প্ৰৱৰ্ত্তন কৰা উচিত।

(vii) মানুহৰ মাজত সজাগতা সৃষ্টি কৰা উচিত।

প্রশ্ন ১৫ঃ বানপানী কাক বোলে?

উত্তৰঃ বানপানী হ’ল এটা প্রাকৃতিক সমস্যা। পৃথিৱীৰ কিছুমান দেশত (বাংলাদেশ আৰু ভাৰত) বছৰৰ কেইটামান মাহত (মে’—চেপ্তেম্বৰ) অতিমাত্রা বৰষুণ হয়। ইয়াৰ ফলত হ্রদ, নদী বা আন আপেক্ষিকভাৱে দ অঞ্চলত পানীৰে উপচি পৰে। ইয়াকেই বানপানী বোলা হয়।

প্রশ্ন ১৬ঃ এচিড বৰষুণ কি?

উত্তৰঃ উদ্যোগিক কাম-কাজ আৰু জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহ হৈছে বায়ুমণ্ডলৰ গেছসমূহৰ পৰা সৃষ্টি হোৱা এচিডৰ প্ৰধান উৎস। বতাহে যেতিয়া ছালফাৰ ডাই-অক্সাইড আৰু নাইট্ৰ’জেনৰ অক্সাইডসমূহক বিভিন্ন দিশত বৈ নিয়ে, তেতিয়া সেইবোৰ পানীৰ বাষ্পৰ সংস্পৰ্শলৈ আহি ছালফিউৰিক এচিড, নাইট্রিক এচিড, ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণা সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহ সেমেকা (যেনে এচিড বৰষুণ, তুষাৰ, কুঁৱলী আৰু মেঘাবাষ্প আদি) আৰু শুকান (যেনে এচিড ধূলিকণা) পদাৰ্থৰ ৰূপত ভূ-পৃষ্ঠলৈ নামি আহে। এই গোটেই প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা মিশ্রণটোকে আম্লিক বা এচিড বৰষুণ বোলা হয়।

প্রশ্ন ১৭ঃ বানপানী হোৱাৰ কাৰণসমূহ লিখা।

উত্তৰঃ বানপানীৰ মুখ্য কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—

(১) নদীৰ পানীৰ ধাৰণ ক্ষমতা ক্রমান্বয়ে কমি আহিছে। ভূমি ক্ষয় লগতে ভূমিস্খলনৰ ফলত নদীৰ পলস বাঢ়ি ইয়াৰ গভীৰতা কমি আহি থাৰণ ক্ষমতা কমি আহিছে।

(২) ভূপৃষ্ঠৰ সেউজ আৱৰণ উচ্ছেদৰ বাবে ভূমি ক্ষয় হোৱাৰ বাবে বানপানীৰ মাত্রা বৃদ্ধি হৈছে।

(৩) নদীৰ উৎপত্তি অঞ্চলত বৰষুণৰ বৃদ্ধি।

(৪) নদীৰ গতি সলনি কৰিলে বানপানী হয়।

(৫) নদীৰ বান্ধ ভাঙিলেও কৃত্রিম বান হয়।

(৬) সাগৰৰ গভীৰতা কমি আহিলেও বানপানী হোৱাত সহায় কৰে।

(৭) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ বাবে পৰ্বত বা মেৰু অঞ্চলত পৰফ গলাৰ বাবে সাগৰৰ পৃষ্ঠ ওফন্দি পৰিছে।

প্রশ্ন ১৮ঃ বানপানীৰ অশুভ পৰিণাম কেনে ধৰণৰ হ’ব পাৰে?

উত্তৰঃ বানপানীৰ ফলত হোৱা অশুভ পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল—

(১) বানপানীয়ে স্থাৱৰ সম্পত্তি, খেতি, পশু আনকি মানুহৰো জীৱন নাশ কৰে।

(২) যাতায়তৰ বিচ্ছিন্ন আৰু খাদ্যবস্তুৰ নাটনি হয়।

(৩) বানপানী হ’লে খোৱা পানীৰ নাটনি হয়।

(৪)বানপানীৰ পাছতে মহামাৰী ৰোগে দেখা দিয়ে।

(৫) নদীৰ পাৰ খহাৰ ফলত বছৰি বহুত মানুহ গৃহহীন হয়।

(৬) নদীদৰ গতি সলনি হ’লে, খেতি কৰা মাটি আৰু বসতি অঞ্চলৰ হ্ৰাস হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top