ASOS Class 12 Economics Chapter 12 ৰাষ্ট্রীয় আয়ৰ পৰিমাপ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 12 ৰাষ্ট্রীয় আয়ৰ পৰিমাপ and select needs one.
ASOS Class 12 Economics Chapter 12 ৰাষ্ট্রীয় আয়ৰ পৰিমাপ
Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 12 ৰাষ্ট্রীয় আয়ৰ পৰিমাপ Solutions for All Subject, You can practice these here.
ৰাষ্ট্রীয় আয়ৰ পৰিমাপ
Chapter : 12
পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ
1. ৰাষ্ট্ৰীয় আয় নিৰ্ণয় কৰা পদ্ধতিৰ তিনিটা দৃষ্টিকোণ ব্যাখ্যা কৰা।
উত্তৰঃ ৰাষ্ট্ৰীয় আয় নিৰ্ণয় কৰা পদ্ধতিৰ তিনিটা দৃষ্টিকোণ হ’ল–
(ক) দ্রব্যসামগ্ৰী আৰু সেৱাৰ পৰা আহৰণ কৰা মুঠ মূল্য।
(খ) সিহঁতৰ আহৰণৰ অৰ্থে প্ৰদান কৰা মুঠ দ্ৰব্য। আৰু
(গ) উক্ত মূল্যৰ বিনিময়ত প্ৰদান কৰা মুঠ দ্রব্য— এই তিনিটাৰ মূল্য এটা আনটোৰ সমান হয়। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে এখন দেশৰ ৰাষ্ট্ৰীয় আয়ৰ তিনিটা দৃষ্টিকোণ পোৱা যায়।
উৎপাদন গোটসমূহে দ্ৰব্য আৰু সেৱাসমূহ উৎপাদন কৰে। ইয়াৰ বাবে তেওঁলোকে উৎপাদনৰ চাৰিটা উপাদান নিয়োজিত কৰে, অৰ্থাৎ শ্রম, ভূমি, মূলধন আৰু সংগঠন। যেতিয়া উৎপাদনৰ এই উপাদান বিলাকে যুটীয়াভাৱে দ্ৰব্য আৰু সেৱাৰ উৎপাদন কৰে, তেতিয়া ই আয়ৰ সৃষ্টি কৰে আৰু ইয়াক মূল্য সংযোজন বুলি জনা যায়। এই দৃষ্টিকোণৰ পৰা ৰাষ্ট্ৰীয় আয় পৰিমাপ কৰা কাৰ্যক মূল্য সংযোজন পদ্ধতি অথবা ‘উৎবাদন পদ্ধতি’ বুলি জনা যায় ।
উৎপাদন গোটসমূহে সৃষ্টি কৰা আয় উৎপাদনৰ উপাদানৰ মালিকসকলক কৰ্মচাৰীৰ ক্ষতিপূৰণ অথবা মজুৰি, খাজনা সুদ আৰু লাভ ৰূপত বিতৰণ কৰা হয়। যেতিয়া আমি এই সকলোবোৰ উপাদানৰ আয় যোগ কৰো আমি ঘৰুৱা আয় পাওঁ। এই দ্বিতীয় দৃষ্টিকোণৰ পৰা ‘আয় বিতৰণ’ পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰা হয়।
উৎপাদনৰ উপাদানৰ মালিকসকলে পোৱা আয় উৎপাদন গোটসমূহে উৎপাদন কৰা দ্ৰব্য আৰু সেৱা ক্ৰয় কৰিব বাবে ব্যৱহাৰ কৰা হয় অর্থাৎ উপভোগ আৰু বিনিয়োগ ব্যয় কৰা হয়। তৃতীয় দৃষ্টিকোণৰ পৰা ৰাষ্ট্ৰীয় আয়ৰ পৰিমাপ পদ্ধতিত এইদৰে সকলোবোৰ ব্যয়ৰ সমষ্টি উলিওৱা হয় আৰু ইয়াক ৰাষ্ট্রীয় আয় নিৰূপণৰ শেষ ব্যয় পদ্ধতি বুলি জনা যায়।
2. প্ৰাথমিক গৌণ আৰু সেৱাখণ্ডৰ কাৰ্যাৱলীৰ প্ৰকৃতি ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰাথমিক খণ্ডৰ ভিতৰত প্ৰাকৃতিক সম্পদসমূহ উদঘাটনৰ বাবে জড়িত সকলো উৎপাদন গোটৰ কাৰ্যকলাপ যেনে— কৃষি, বনজ, মৎস্যপালন, দুগ্ধ উৎপাদন ইত্যাদি অন্তৰ্ভুক্ত কৰা হয়। এই খণ্ডৰ গুৰুত্ব প্রথমে অহাৰ কাৰণ হ’ল যে দ্ৰব্য আৰু সেৱা উৎপাদনৰ বাবে প্ৰয়োজনীয় সকলোবোৰ আহিলাৰ উৎস হ’ল এই খণ্ডটো।
আনহাতে যিবিলাক উৎপাদন গোট এটা দ্ৰব্যৰ পৰা আনটো দ্ৰব্যলৈ ৰূপান্তৰিত কৰা কাৰ্যত ব্যৱহৃত হয়, সিবিলাকক গৌণ খণ্ডৰ উৎপাদন গোটত শ্রেণীবদ্ধ কৰা হয়। সকলোবোৰ কাৰখানাজাত উৎপাদন গোটে অন্যান্য আহিলাৰ ব্যৱহাৰ কৰি দ্ৰব্য উৎপাদন কৰে। সেয়ে এই সকলোবিলাক উৎপাদন গোট এই খণ্ডত অন্তৰ্ভুক্ত হয়। এই খণ্ডৰ উৎপাদন গোটসমূহৰ কিছুমান উদাহৰণ হ’ল ঘেঁহুৰ পৰা আটা তৈয়াৰ কৰা কল, কাপোৰ কল, বৈদ্যুতিক দ্রব্য উৎপাদন ইত্যাদি।
3. মূল্য সংযোজন পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় পৰিমাপ কৰাৰ পদক্ষেপসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ মূল্য সংযোজন পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় পৰিমাপ কৰাৰ পদক্ষেপসমূহ হ’ল—
(ক) অৰ্থনৈতিক সীমাৰ ভিতৰত অৱস্থিত সকলোবোৰ উৎপাদন গোটক উদ্যোগিক শ্ৰেণীকৰণ কৰা। যেনে – কৃষি, খনিজ, কাৰখানা, বেঙ্কিং, ব্যৱসায় বাণিজ্য ইত্যাদি।
(খ) প্রত্যেক উদ্যোগিক খণ্ডৰ উৎপাদন ব্যয়ত নিগুট মূল্য সংযোজন কৰা হয়।
(গ) এই সকলোবোৰ উদ্যোগিক খণ্ডত ভাগ কৰা অনুসৰি সিবিলাকৰ পৰা উপাদান ব্যয়ত প্রাপ্ত নিগুট মূল্য সংযোজন বিলাক যোগ কৰা হয় আৰু উপাদান ব্যয়ত নিগুত ঘৰুৱা উৎপাদান উলিওৱা হয়।
(ঘ) বিদেশৰ পৰা প্ৰাপ্ত নিগুট উৎপাদন আয় উপাদান ব্যয়ত নিগুত ঘৰুৱা উৎপাদনৰ লগত যোগ দিয়া হয় আৰু তেতিয়া উপাদান ব্যয়ত নিগুট ৰাষ্ট্ৰীয় উৎপাদন পোৱা যাব আৰু ইয়েই ৰাষ্ট্ৰীয় আয়।
4. মূল্য সংযোজন পদ্ধতিৰে ৰাষ্ট্ৰীয় আয় নিৰূপণৰ কৰাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাসমূহ কি কি?
উত্তৰঃ মূল্য সংযোজন পদ্ধতিৰে ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাসমূহ হ’ল–
(ক) উৎপাদনৰ উৎপাদিত দ্ৰব্যৰ মূল্য উলিয়াওঁতে দুবাৰ গণনা ৰোধ কৰা প্রয়োজন। উৎপাদিত দ্ৰব্যৰ মূল্য উলিওৱাৰ পৰিৱৰ্তে প্ৰত্যেক উৎপাদন গোটৰ কেৱল মূল্য সংযোজনটোকে গ্ৰহণ কৰিব লাগে। এনে কৰোতে ৰাষ্ট্ৰীয় আয় নিৰূপণত দুবাৰ গণনা ৰোধ কৰিব পৰা যায়।
(খ) নিজা উপভোগৰ বাবে উৎপাদিত দ্রব্যবিলাক যাৰ মূল্য নিৰূপণ কৰিব পৰা যায়, সিবিলাক উৎপাদনৰ মূল্য পৰিমাপ কৰাত ব্যৱহাৰ কৰিব লাগে। তেনে কৰিলে ৰাষ্ট্ৰীয় আয় মূল্যায়নত উৎপাদিত দ্ৰব্যৰ মূল্যায়ন সম্পূৰ্ণৰূপে অন্তর্ভুক্ত হয়। উদাহৰণস্বৰূপে এজন খেতিয়কে ঘেঁহু উৎপাদন কৰি এই পৰিমাণকে তেওঁৰ পৰিয়ালৰ উপভোগৰ বাবে ৰাখি থয় আৰু বিক্ৰী নকৰে, তেন্তে এই উৎপাদিত দ্ৰব্যৰ মূল্যও ৰাষ্ট্ৰীয় আয়ত অন্তর্ভুক্ত কৰিব লাগে।
(গ) চলিত উৎপাদন কার্যত অ–নতুন দ্ৰব্যৰ বিক্ৰী অন্তৰ্ভুক্ত কৰিব নালাগে। কিয়নো এনেবিলাক দ্ৰব্যৰ মূল্য প্রথম উপভোক্তাৰ হাত পৰোতে ইতিমধ্যে অন্তর্ভুক্ত কৰা হৈছেএ। অৱশ্যে সেৱা বিলাকৰ ক্ষেত্ৰত সিবিলাকৰ বিক্ৰীৰ পৰা হোৱা আয় অন্তর্ভুক্ত কৰিব লাগে। কিয়নো সেৱাবিলাক নতুনকৈ উৎপাদন কৰা হয়। উদাহৰণ স্বৰূপে ধৰা যাওঁক পুৰণা বাইচাইকেলখন বিক্ৰী কৰোঁতে চাইকেলখনৰ উৎপাদিত দ্ৰব্যৰ মূল্যত অন্তৰ্ভুক্ত কৰিব নালাগে, কিয়নো ইয়াক নতুনকৈ ক্ৰয় কৰোতেই উৎপাদিত দ্ৰব্যৰ মূল্যত অন্তৰ্ভুক্ত কৰা হৈছিল।
5. আয় বিতৰণ পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰাৰ পদক্ষেপসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ আয় বিতৰণ পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰাৰ পদক্ষেপসুস্থ হ’ল–
(ক) উৎপাদন গোটসমূহক উদ্যোগিকখণ্ড যেনে কৃষি, বয়ন, কাৰখানা, বেকিং, ব্যৱসায় আদি খণ্ডত ভাগ কৰা।
(খ) প্রত্যেক উদ্যোগিক খণ্ডত উৎপাদন গোটসমূহে পৰিশোধ কৰা উপাদান আয় তলত দিয়া ধৰণে পৰিমাণ কৰা—
(i) কৰ্মচাৰীৰ ক্ষতিপূৰণ।
(ii) খাজনা।
(iii) সুদ।
(iv) লাভ।
উৎপাদন গোটসমূহে পৰিশোধ কৰা ওপৰোক্ত উপাদান আয় সমূহৰ সমষ্টি আৰু উদ্যোগিক খণ্ডৰ উপাদান ব্যয়ত নিশুট মূল্য সংযোজন একেই।
(গ) সকলোবোৰ উদ্যোগিক খণ্ডই উপাদানবিলাকক পৰিশোধ কৰা আয়সমূহৰ সমষ্টি উলিয়াই উপাদান ব্যয়ত নিগুত ঘৰুৱা উৎপাদন পোৱা যায়।
(ঘ) উৎপাদন ব্যয়ত নিগুত ঘৰুৱা উৎপাদনৰ সৈতে বিদেশৰ পৰা প্ৰায় নিগুট উপাদান আয় যোগ কৰি উপাদান ব্যয়ত নিগুট ৰাষ্ট্ৰীয় উৎপাদন উলিওৱা হয়।
6. আয় বিতৰণ পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰোতে ল’ব লগা সাৱধানতাসমূহ কি কি?
উত্তৰঃ আয় বিতৰণ পদ্ধতিৰ দ্বাৰ ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰোতে ল’ব লগা সাৱধানতাসমূহ হ’ল—
(ক) কৰ্মচাৰীৰ ক্ষতিপূৰণ বুলিলে কৰ্মচাৰীয়ে পোৱা সকলোবিলাক সা–সুবিধা আৰু নগদ অর্থ অন্তর্ভুক্ত কৰিব লাগে। কেৱল নগদ পৰিমাণ অন্তৰ্ভুক্ত কৰিলেই এই নিৰূপণটো সম্পূর্ণ নহয়।
(খ) সুদ পৰিমাপ কৰোঁতে সেইবিলাক অন্তৰ্ভুক্ত কৰিব লাগে যিবিলাক উৎপাদন কার্যত ব্যৱহৃত হয়। উপভোগ ব্যয়ৰ কাৰণে লোৱা ঋণৰ বাবে যি সুদ দিব লগা হয়, সেই সুদ ৰাষ্ট্ৰীয় আয়ত অন্তর্ভুক্ত নহয়। কিয়নো এনে পৰিমাপ অনা–উপাদান আয়ৰ ভিতৰতহে পৰে।
(গ) উপহাৰ, দান, বৰঙণি, দাতব্য–অর্থ, জৰিমণা, লটাৰীৰ পৰা পোৱা আয় আদি উপাদনৰ আয় নহয়। ইবিলাক হস্তান্তৰ আয়ছে। এনেবিলাক আয়ক ৰাষ্ট্ৰীয় আয়ৰ ভিতৰত পৰিমাপ কৰা নহয়।
7. ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰাৰ ক্ষেত্ৰত শেষ ব্যয় পদ্ধতিৰ প্ৰধান পদক্ষেপসমূহ কি কি?
উত্তৰঃ ৰাষ্ট্ৰীয় আয় নিৰূপণৰ কৰা ক্ষেত্ৰত শেষ ব্যয় পদ্ধতিৰ প্ৰধান পদক্ষেপসমূহ হ’ল—
(ক) সকলো খণ্ডৰ উৎপাদিত দ্রব্যবিলাকৰ ওপৰত নিম্নোক্ত ব্যয়বিলাকৰ পৰিমাপ কৰা হয়।
(i) ব্যগিতগত শেষ উপভোগ্য ব্যয়।
(ii) চৰকাৰী শেষ উপভোগ্য ব্যয়।
(iii) মুঠ ঘৰুৱা মূলধন গঠন।
(iv) নিগুট ৰপ্তানি (ৰপ্তানি–আমদানি।)
(খ) উপাদান ব্যয়ত নিগুত ঘৰুৱা উৎপদান পাবলৈ হ’লে বজাৰ গৰত মুঠ ঘৰুৱা উৎপাদনৰ পৰা স্থিৰ মূলধনৰ ক্ষয়–ক্ষতি আৰু পৰোক্ষ কৰ বাদ দিয়া হয় আৰু ৰাজসাহায্য যোগ দিয়া হয়।
(গ) ৰাষ্ট্ৰীয় আয় বা উপাদান ব্যয়ত নিগুট ৰাষ্ট্ৰীয় উৎপাদন পাবলৈ হ’লে উপাদান ব্যয়ত নিগুট ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা প্ৰাপ্ত নিগুট উপাদান আয় যোগ দিব লাগে।
৪. শেষ ব্যয় পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰোতে ল’ব লগা কিছুমান সাৱধানতা আঙুলিয়াই দিয়া।
উত্তৰঃ শেষ ব্যয় পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰোঁতে ল’ব লগা সাৱধানতাসমূহ হ’ল–
(ক) মধ্যৱর্তীকালীন উৎপাদিত দ্ৰব্যৰ ওপৰত কৰা ব্যয় বাদ দিব লাগে যাতে দুবাৰ গণনা কৰাটো ৰোধ কৰিব পৰা যায়। অর্থাৎ কেৱল শেষ উৎপাদিত দ্ৰব্যৰ ওপৰত কৰা ব্যয়হে অন্তৰ্ভুক্ত কৰিব লাগে।
(খ) উপহাৰ, দান–বৰঙণি, কৰ, জলপানি আদিৰ ওপৰত কৰা ব্যয়বিলাক শেষ উৎপাদিত দ্ৰব্যৰ ওপৰত কৰা ব্যয় নহয়। এনেবিলাক ব্যয় স্থানান্তৰ ব্যয় আৰু ইবিলাক শেষ ব্যয়ত অন্তর্ভুক্ত কৰিব নালাগে।
(গ) হাত বাগৰি অহা দ্রব্যবিলাকৰ ওপৰত কৰা ব্যয় ইবিলাকৰ ওপৰত ধৰিব নালাগে। কিয়নো সিবিলাক প্ৰথম বাৰৰ বাবে ক্রয় কৰোতেই ৰাষ্ট্ৰীয় আয়ৰ অন্তর্ভুক্ত কৰিছিল।