ASOS Class 12 Assamese (MIL) Chapter 29 মর্মান্তিক

ASOS Class 12 Assamese (MIL) Chapter 29 মর্মান্তিক, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 29 মর্মান্তিক and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 29 মর্মান্তিক

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 29 মর্মান্তিক Solutions for All Subject, You can practice these here.

মর্মান্তিক

Chapter : 29

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মৰ্মান্তিক’ কবিতাত কেনে ধৰণৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছে?

উত্তৰঃ গভীৰ আন্তৰিকতা আৰু মৰম জড়িত হৈ থকা আমাৰ অতীতৰ গঞা সমাজ জীৱনক নগৰীয়া সভ্যতাই গ্ৰাস কৰি পেলোৱাত কবি দুখতে ম্রিয়মান হৈছে। গাওঁলীয়া সমাজ ব্যৱস্থাৰ প্ৰতীক খেতিয়কজন বেলি লহিওৱাৰ পৰত মূৰত জাপি আৰু কান্ধত মেটমৰা ডাঙৰিৰ সৈতে পথাৰৰ বঁকিয়াই দি ওলাই গৈছে অন্ধকাৰৰ মাজলৈ।

২। ‘মৰ্মান্তিক’ত কৃষক জনে কিহৰ প্ৰতিনিধিত্ব কৰিছে?

উত্তৰঃ ‘মৰ্মান্তিক’ত কৃষক জনে এটা যুগক প্ৰতিনিধিত্ব কৰিছে। খেতিয়কজনৰ প্ৰস্থানৰ লগে লগে এই গ্রাম্য সমাজখনেই যেন অন্তনির্হিত হ’বলৈ ওলাইছে চিৰকালৰ কাৰণে। ইয়াৰ পিছত কবিয়ে গভীৰ ভয় আৰু সংশয়েৰে নিজৰ মনৰ মাজতেই প্রশ্ন তুলিছে কোনে জানে তেওঁ অর্থাৎ খেতিয়কজন আৰু এই জন্মত উভতি আহিবনে?

৩। ‘বেলি লহিওৱাৰ পৰত’ বাক্যাংশৰ অৰ্থ কি?

উত্তৰঃ উক্ত বাক্যাংশ কবিয়ে এক বিশেষ অৰ্থত ব্যৱহাৰ কৰিছে। বেলি ভটিয়াই যোৱাৰ সময়ত খেতিয়ক ঘৰলৈ ওভতে। ঘৰলৈ ওভতা খেতিয়কে বুকুত সামৰি লৈ আহে ভৱিষ্যতৰ ৰং, আশা, আনন্দ। সেয়া যেন সাধাৰণ মানুহৰো বৰ্ণময় অনুভূতি। কিন্তু সূৰ্য্যাস্তৰ লগে লগে সেই অনুভূতি সমূহ হেৰাই যাব বুলি কবিৰ শংকা হৈছে।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। ‘মর্মান্তিক’ নামৰ কবিতাটিত গাঁৱলীয়া কৃষক জীৱনৰ এখনি চিত্র কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ কবি নিৰ্মলপ্ৰভা বৰদলৈৰ (১৯৩০-২০০৪) মর্মান্তিক কবিতাটো এক গভীৰ চিন্তামূলক কবিতা। হৃদয়সংবেদনশীল কবি নিৰ্মলপ্ৰভা বৰদলৈৰ ‘মর্মান্তিক’ কবিতাটো আক্ষৰিক অৰ্থতেই মৰ্মান্তিক।

কবিতাটোত বৰ্ণনা কৰা হৈছে —এজন খেতিয়কৰ কথা। মূৰত জাপি লোৱা, কান্ধত দুটা মেটমৰা ডাঙৰি লৈ পথাৰৰ বঁকিয়াইদি পথাৰৰ পৰা ওলাই যোৱা খেতিয়কৰ চিত্ৰ অংকিত হৈছে কবিতাটোত। খেতিয়কজনৰ এই প্ৰস্থান অতি স্বাভাৱিক, ক’বলৈ গ’লে ই এজন খেতিয়কৰ নিত্য পৰিক্ৰমা, নিত্য ঘটনা। কিয়নো দিনভৰ কাম কৰি এজন খেতিয়কে বেলি লহিওৱাৰ পৰত সদায়েই ঘৰলৈ উভতি আহে। সেয়েহে খেতিয়কজনৰ এনেকুৱা সাময়িক প্ৰস্থানতে দুঃখ কৰিবলগীয়া একো নাই। কিন্তু ইয়াৰ পাছত কবিয়ে কিছুমান শব্দ আৰু বাক্যৰ জৰিয়তে যি প্রতীকী ব্যঞ্জনা কবিতাটোত উল্লেখ কৰিছে, সেয়াই কবিতাটিৰ মূলভাৱক চমৎকাৰিত্ব প্ৰদান কৰিছে। কবিয়ে উল্লেখ কৰিছে যে, এই প্ৰস্থানৰ লগে লগে তেওঁৰ পিছে পিছে একে পথৰে পথিক হৈছে— আঘোণৰ সোণবৰণীয়া ৰ’দ, খেৰৰ চুবুৰি, বাঁহ-বননিৰ কেঁচা আলি আৰু গানগোৱা চৰাইজাক। 

এই সকলোবোৰ হৈছে গাওঁলীয়া সমাজ জীৱনৰ প্ৰতীক। খেতিয়ক সমন্বিতে উল্লিখিত অনুষংগসমূহে এটি বিশেষ যুগক প্রতিনিধিত্ব কৰিছে। এক বিশেষ সমাজ ব্যৱস্থাৰু সূচাইছে। সেই সমাজ কৃষিজীৱী গ্ৰাম্য সমাজ। খেতিয়কজনৰ প্ৰস্থানৰ লগে লগে এই গ্ৰাম্য সমাজখনেই যেন অন্তনির্হিত হ’বলৈ ওলাইছে চিৰকালৰ কাৰণে। ইয়াৰ পিছত কবিয়ে গভীৰ ভয় আৰু সংশয়েৰে নিজৰ মনৰ মাজতেই প্রশ্ন তুলিছে কোনে জানে তেওঁ অর্থাৎ খেতিয়কজন আৰু এই জন্মত উভতি আহিবনে? নগৰীয়া সত্যতাই ক্ৰমান্বয়ে যে গাওঁলীয়া সমাজ ব্যৱস্থাক নিঃশেষ কৰি আহিছে তাৰে এক সুন্দৰ চিত্ৰ কবিতাটোত প্ৰকাশ পাইছে।

২। ‘মর্মান্তিক’ কবিতাত কবি হৃদয়ৰ কাৰুণ্যবোধৰ ছবি কেনেধৰণে ব্যঞ্জিত হৈছে বুজাই লিখা।

উত্তৰঃ বেলি ভটিয়াই যোৱাৰ সময়ত খেতিয়ক ঘৰলৈ ওভতে। ঘৰলৈ ওভতা খেতিয়কে বুকুত সামৰি লৈ আহে ভৱিষ্যতৰ ৰং, আশা, আনন্দ। গভীৰ আন্তৰিকতা আৰু মৰম জড়িত হৈ থকা আমাৰ অতীতৰ গঞা সমাজ জীৱনক নগৰীয়া সভ্যতাই গ্ৰাস কৰি পেলোৱাত কবি দুখতে ম্রিয়মান হৈছে। গাওঁলীয়া সমাজ ব্যৱস্থাৰ প্ৰতীক খেতিয়কজন বেলি লহিওৱাৰ পৰত মূৰত জাপি আৰু কান্ধত মেটমৰা ডাঙৰিৰ সৈতে পথাৰৰ বঁকিয়াই দি ওলাই গৈছে অন্ধকাৰৰ মাজলৈ। সেয়া যেন সাধাৰণ মানুহৰো বৰ্ণময় অনুভূতি। কিন্তু সূৰ্য্যাস্তৰ লগে লগে সেই অনুভূতি সমূহ হেৰাই যাব বুলি কবিৰ শংকা হৈছে।

১। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

“তেওঁৰ পাছে পাছে গ’লগৈ 

আঘোণৰ সোণবৰণীয়া ৰ’দ 

খেৰৰ চুবুৰীটো, বাঁহ বননিৰ 

কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক।”

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠপুথিৰ অন্তৰ্গত ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত ‘মৰ্মান্তিক’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

অসমীয়া জীৱনধাৰা তথা গ্ৰাম্য পৰিৱেশৰ প্ৰতি গভীৰ আকুলতাৰ প্ৰকাশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰিবলৈকে কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।

কবিতাটোত বৰ্ণনা কৰা এজন খেতিয়কে মূৰত জাপি লোৱা, কান্ধত দুটা মেটমৰা ডাঙৰি লৈ পথাৰৰ বঁকিয়াইদি পথাৰৰ পৰা ওলাই যোৱা চিত্র অংকিত হৈছে। খেতিয়কজনৰ এই প্ৰস্থান অতি স্বাভাৱিক, ক’বলৈ গ’লেই এজন খেতিয়কৰ নিত্য পৰিক্ৰমা, নিত্য ঘটনা। কিয়নো দিনভৰ কাম কৰি এজন খেতিয়কে বেলি লহিওৱাৰ পৰত সদায়েই ঘৰলৈ উভতি আহে। সেয়েহে খেতিয়কজনৰ এনেকুৱা সাময়িক প্রস্থানতে দুঃখ কৰিবলগীয়া একো নাই। কিন্তু ইয়াৰ পাছত কবিয়ে কিছুমান শব্দ আৰু বাক্যৰ জৰিয়তে যি প্রতীকী ব্যঞ্জনা কবিতাটোত উল্লেখ কৰিছে, সেয়াই কবিতাটিৰ মূলভাৱক চমৎকাৰিত্ব প্ৰদান কৰিছে।

২। ‘মর্মান্তিক’ত অঙ্কিত চিত্ৰখনি বৰ্ণনা কৰা।

উত্তৰঃ ‘মর্মান্তিক’ ত কৃষক জনে এটা যুগক প্রতিনিধিত্ব কৰিছে। গভীৰ আন্তৰিকতা আৰু মৰম জড়িত হৈ থকা আমাৰ অতীতৰ গঞা সমাজ জীৱনক নগৰীয়া সভ্যতাই গ্ৰাস কৰি পেলাইছে। গাওঁলীয়া সমাজ ব্যৱস্থাৰ প্ৰতীক খেতিয়কজন বেলি লহিওৱাৰ পৰত মূৰত জাপি আৰু কান্ধত মেটমৰা ডাঙৰিৰ সৈতে পথাৰৰ বঁকিয়াই দি ওলাই গৈছে অন্ধকাৰৰ মাজলৈ।

কবিয়ে উল্লেখ কৰিছে যে, এই প্ৰস্থানৰ লগে লগে তেওঁৰ পিছে পিছে একে পথৰে পথিক হৈছে— আঘোণৰ সোণবৰণীয়া ৰ’দ, খেৰৰ চুবুৰি, বাঁহ-বননিৰ কেঁচা আলি আৰু গানগোৱা চৰাইজাক। এই সকলোবোৰ হৈছে গাওঁলীয়া সমাজ জীৱনৰ প্ৰতীক। খেতিয়ক সমন্বিতে উল্লিখিত অনুষংগসমূহে এটি বিশেষ যুগক প্রতিনিধিত্ব কৰিছে। এক বিশেষ সমাজ ব্যৱস্থাক সূচাইছে। সেই সমাজ কৃষিজীৱী গ্রাম্য সমাজ। খেতিয়কজনৰ প্ৰস্থানৰ লগে লগে এই গ্রাম্য সমাজখনেই যেন অন্তনির্হিত হ’বলৈ ওলাইছে চিৰকালৰ কাৰণে। ইয়াৰ পিছত কবিয়ে গভীৰ ভয় আৰু সংশয়েৰে নিজৰ মনৰ মাজতেই প্রশ্ন তুলিছে কোনে জানে তেওঁ অর্থাৎ খেতিয়কজন আৰু এই জন্মত উভতি আহিবনে? নগৰীয়া সত্যতাই ক্ৰমান্বয়ে যে গাওঁলীয়া সমাজ ব্যৱস্থাক নিঃশেষ কৰি আহিছে।

৩। নিৰ্মল প্ৰভা বৰদলৈৰ চমু পৰিচয় সহ কবিতাটিৰ মূল ভাৱ লিখা।

উত্তৰঃ পণ্ডিত, গৱেষক, কবি, অধ্যাপিকা নিৰ্মলপ্ৰভা বৰদলৈৰ ১৯৩০ চনত শিৱসাগৰ জিলাত জন্ম হৈছিল। সাহিত্য-সংস্কৃতিৰ দিশত তেওঁৰ নাম অসমত সৰ্বজনবিদিত হোৱাৰ উপৰিও আন্তর্জাতিক ক্ষেত্ৰতো এওঁৰ সুপৰিচয় আছে। ১৯৫৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম. এ পাছ কৰি গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে। পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়াৰ অধ্যাপক পদত নিযুক্তা হয়। সেই পদত কাম কৰি থাকি শেষৰ ফালে তেওঁ জৱাহৰলাল নেহৰু অধ্যাপকৰ আসন লাভ কৰে আৰু অৱশেষত সেই আসনৰ পৰা অৱসৰ লয়। ১৯৭২ খৃঃত নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৯১ খৃঃত অসম সাহিত্য সভাৰ সভাপতিৰ পদত সভাপতিত্ব কৰে।

নিৰ্মলপ্ৰভা বৰদলৈ কবি আৰু লোক সংস্কৃতিৰ পণ্ডিত হিচাপে বিখ্যাত আছিল। নিৰ্মলপ্ৰভা বৰদলৈয়ে পাছৰ ফালে অনুসন্ধান আৰু গৱেষণা কৰ্মত অধিকভাৱে মনোনিৱেশ কৰে। বৰদলৈয়ে ‘সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ কবিতা পুথিখনৰ কাৰণে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছে। এওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ’ল ‘জীৱন জীৱন বৰ অনুপম’। ২০০৪ চনত এইজনা মহান ব্যক্তিয়ে ইহ সংসাৰৰ মায়া ত্যাগ কৰে।

‘মর্মান্তিক’ কবিতাটো গাঁৱলীয়া কৃষক জীৱনৰ পটভূমিত কবিয়ে ৰচনা কৰিছে। কবিতাটোৰ মাজেদি এখন কাৰুণ্যবোধৰ চিত্ৰ প্ৰকাশ পাইছে।

আঘোণৰ পথাৰলৈ চাই থাকোঁতেই কবিয়ে পথাৰৰ সৰু আলিয়েদি কৃষকজন গৈ থকা দেখিবলৈ পালে। তেতিয়া বেলিয়ে ভাটি দিছে। কৃষকজনৰ মূৰত জাপি, কান্ধত বৰ গধূৰ দুটা ডাঙৰি। কৃষকজনৰ গাৰ হেন্দোলনি লাগি ডাঙৰিৰ ধানবোৰৰ পৰা এটা জিৰিক্ জিৰিক্ মাত ওলাইছে। সেই কৃষকজনৰ লগতে আঘোণৰ শোণবৰণীয়া ৰ’দজাক, খেৰৰ চুবুৰীটো, বাঁহ বননিৰ কেঁচা আলিটো আৰু সুৰ ধৰি গান গোৱা চৰাইজাক লাহে লাহৈ গৈ আঁতৰ হ’ল। এনেদৰে সকলোবোৰ নাইকীয়া হৈ যোৱাত কবিৰ মনত বেদনাৰ সৃষ্টি হৈছে। কাৰণ তেওঁ আৰু উভতি আহিব নে নাই সেই বিষয়ত কবিৰ সংশয় উপজিছে। কবিৰ বাবে সেইটো হৃদয়বিদাৰক ঘটনা। এনে এটি ঘটনা প্রত্যক্ষ কৰাত তেওঁৰ মনত কৰুণ ভাৱৰ উদ্ৰেক হৈছে।

কবিতাটিত উল্লেখ কৰা কৃষকজনে এটা যুগক প্ৰতিনিধিত্ব কৰিছে। আঘোণৰ পথাৰ, শস্য, খেৰৰ চুবুৰী, চৰাইজাক, কেঁচা আলিটো— এই সকলোবোৰৰ লগত কৃষক এজনৰ এৰাব নোৱাৰা সম্পৰ্ক। কৃষকজনৰ লগতে এইবোৰৰ প্ৰস্থানে বিচ্ছিন্নতা বোধৰ ইঙ্গিত দিছে। ফলত জীৱনৰ হাঁহি আনন্দৰো বিলোপ ঘটিছে, যাৰ ফলত কবি কাৰুণ্যবোধত ভূগিছে।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। ‘মর্মান্তিক’ কবিতাটি কাৰ ৰচনা?

উত্তৰঃ ‘মৰ্মান্তিক’ নামৰ কবিতাটো নিৰ্মলপ্ৰভা বৰদলৈৰদ্বাৰা ৰচিত।

২। ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কোন স্থানত জন্মগ্ৰহণ কৰিছিল?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে শিৱসাগৰত জন্ম গ্ৰহণ কৰিছিল। 

৩। ড° নির্মলপ্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। 

৪। ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল ‘বনফৰিঙৰ ৰং’।

৫। নিৰ্মলপ্ৰভা বৰদলৈৰ লোকসংস্কৃতি বিষয়ক গ্রন্থ এখনৰ নাম লিখা। 

উত্তৰঃ অসমৰ লোক সংস্কৃতি (১৯৭২)।

৬। ‘দেৱী’ নামৰ গ্ৰন্থখনৰ ৰচক কোন? 

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈ।

৭। ‘শিৱ’ আৰু ‘সূৰ্য্য’ নামৰ গ্ৰন্থ দুখন কোনে লিখিছিল? 

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখিছিল।

৮। কোনখন গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে? 

উত্তৰঃ ‘সুদীর্ঘ দিন আৰু ঋতু’ নামৰ গ্ৰন্থৰ বাবে ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

৯। ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশন (১৯৯১)ত সভাপতিত্ব কৰিছিল।

১০। ‘মর্মান্তিক’ কবিতাটিত কেনে ভাব প্রকাশ পাইছে?

উত্তৰঃ বেদনাদায়ক, বেদনাজনক। 

১১। ‘মর্মান্তিক’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ হৃদয়বিদাৰক।

১২। ‘বেলি লহিওৱাব পৰত’ কথাংশ‍ই কবিতাটোত কি বুজাইছে?

উত্তৰঃ দিনৰ শেষত অর্থাৎ সূর্যাস্তৰ সময়।

১৩। ‘মেটমৰা’ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ বহু বস্তু ঠাহ খাই থকা, বৰ গধুৰ।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। ড° নির্মলপ্রভা বৰদলৈৰ গীতৰ পুথি দুখনিৰ নাম লিখা।

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনিৰ নাম হ’ল— ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’।

২। ড° নির্মলপ্রভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণামূলক গ্ৰন্থৰ নাম হ’ল— ‘দেৱী’ আৰু শিৱ’।

৩। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখনি কবিতা পুথিৰ নাম লিখা। 

উত্তৰঃ কবিতাপুথি দুখনি হ’ল— (১) দিনৰ পিছত দিন আৰু (২)সুদীৰ্ঘ দিন আৰু ঋতু।

৪। নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত দুটা উল্লেখ বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ দুটা উল্লেখযোগ্য বৈশিষ্ট্য হ’ল—

(ক) নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাত নাৰী মনৰ শংকা, ক্ষোভ আৰু যন্ত্ৰণাৰ সুন্দৰ প্ৰকাশ ঘটিছে। পৌৰাণিক চৰিত্ৰ যেনে— দ্রৌপদী, গান্ধাৰী আৰু সীতাৰ তেওঁ নতুন মূল্যাংক কৰিছে।

(খ) এওঁৰ কবিতাৰ মাজত কেতিয়াবা ফুটি উঠে এক নিঃসংগতাবোধ। নিৰূপায় মনৰ বিভিন্ন অৱস্থা নিজেই পর্যবেক্ষণ কৰাৰ আকাঙ্খা দেখা যায়। 

৫। কবিতাটোত খেতিয়কজনৰ আৰু কি কি বস্তু গৈছিল?

উত্তৰঃ কবিতাটোত খেতিয়কজনৰ পিছে পিছে গৈছিল আঘোণৰ সোণবৰণীয়া ৰ’দ, খেৰৰ চুবুৰিটো, বাঁহ বননিৰ কেঁচা আলিটো আৰু গানগোৱা চৰাইজাক।

৬। কবিতাটোত উল্লিখিত খেতিয়কজনৰ মূৰত আৰু কান্ধত কি আছিল?

উত্তৰঃ খেতিয়কজনৰ মূৰত আছিল জাপি আৰু কান্ধত আছিল মেটমৰা দুটা ডাঙৰি।

৭। খেতিয়কজনৰ কান্ধত থকা ডাঙৰিৰ মাত কেনেকুৱা আছিল? 

উত্তৰঃ কান্ধত থকা ডাঙৰিৰ মাত আছিল জিৰিক্ জিৰিক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top