ASOS Class 12 Assamese (MIL) Chapter 28 দুর্যোগ ব্যৱস্থাপনা

ASOS Class 12 Assamese (MIL) Chapter 28 দুর্যোগ ব্যৱস্থাপনা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 28 দুর্যোগ ব্যৱস্থাপনা and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 28 দুর্যোগ ব্যৱস্থাপনা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 28 দুর্যোগ ব্যৱস্থাপনা Solutions for All Subject, You can practice these here.

দুর্যোগ ব্যৱস্থাপনা

Chapter : 28

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত ‘দুর্যোগ ব্যৱস্থাপনা’ পাঠটিৰ লেখক কোন?

উত্তৰঃ ড° মদন মোহন শ‍ইকীয়া।

২। মদন মোহন শ‍ইকীয়াৰ জন্ম কোন চনত হৈছিল?

উত্তৰঃ ১৯৩৫ চনত।

৩। তেওঁ কোন বিশ্ববিদ্যালয়ৰ পৰা এম. এছ. ডিগ্ৰী লাভ কৰে?

উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয়।

৪। তেওঁ কেতিয়া আৰু ক’ৰপৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে?

উত্তৰঃ ১৯৬৫ চনত ইন্সষ্টিটিউট অব পেট্রোলিয়াম এণ্ড কেমিষ্ট্ৰি।

৫। পাঠটিৰ প্ৰথমাংশত দুৰ্যোগক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?

উত্তৰঃ দুটা, প্রাকৃতিক আৰু কৃত্ৰিম।

৬। কৃত্রিম দুর্যোগ কোনে সৃষ্টি কৰে?

উত্তৰঃ মানুহে।

৭। দুবিধ প্রাকৃতিক দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ বানপানী, ভূমিকম্প।

৮। দুবিধ কৃত্রিম দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ ৰেল, উৰাজাহাজত হোৱা দুৰ্ঘটনা।

৯। অসম তথা ভাৰতবৰ্ষ বিভিন্ন প্রাকৃতিক দুৰ্যোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কাৰণ কি?

উত্তৰঃ বৈশিষ্ট্যপূর্ণ ভূ জলবায়ু।

১০। ভাৰত মুঠ মাটিকালিৰ কিমান শতাংশ দুৰ্যোগৰ কবলত?

উত্তৰঃ ৮৫ শতাংশ।

১১। ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ ভূমিকম্পৰ কবলত?

উত্তৰঃ .০৬ শতাংশ।

১২। কোন চনত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে কমিটী গঠন কৰে?

উত্তৰঃ ১৯৯৯ চনত।

১৩। দুর্যোগ ব্যৱস্থাপনাৰ কাৰণে গঠিত কমিটীখনৰ মুখ্য ভূমিকা কি?

উত্তৰঃ দুর্যোগ প্রশমনৰ সংস্কৃতি গঢ়ি তোলা।

১৪। দুর্যোগ ব্যৱস্থাপনাৰ কাৰণে গঠিত কমিটীখনে দুৰ্যোগবোৰক চিনাক্ত কৰি কেইটাভাগত ভাগ কৰিছে?

উত্তৰঃ পাঁচটা।

১৫। জল আৰু জলবায়ুৰ সৈতে জড়িত এবিধ দুর্যোগৰ নাম লিখা।

উত্তৰঃ বানপানী।

১৬। ভূ-তাত্ত্বিক গাঁথনিৰ সৈতে জড়িত এবিধ দুর্যোগৰ নাম লিখা।

উত্তৰঃ ভূমিস্খলন।

১৭। আকস্মিক ঘটনাৰ কাৰণে হোৱা এবিধ দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ বনজুই।

১৮। জৈৱিক কাৰণত ঘটা এবিধ দুর্যোগৰ নাম লিখা।

উত্তৰঃ মহামাৰী।

১৯। কোন চনৰ পৰা কোন চনলৈ আন্তঃৰাষ্ট্ৰীয় প্রাকৃতিক দুর্যোগ প্রশমন দশকৰূপে গণ্য কৰা হয়।

উত্তৰঃ ১৯৯৯-২০০০ চনলৈ। 

২০। IDNDR ৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ প্ৰণালীবদ্ধ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাৰ দ্বাৰা প্ৰধানতঃ উন্নয়নশীল দেশসমূহত প্রাকৃতিক দুৰ্যোগ মাতি হ্ৰাস কৰা।

২১। ৰাজ্যিক চৰকাৰক দুৰ্যোগৰ সময়ত সাহায্য কোনে যোগান কৰে?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে।

২২। বর্তমান কেনেকুৱা দুর্যোগে মানৱ সমাজৰ ভাবুকি স্বৰূপ?

উত্তৰঃ কৃত্রিম বা মানুহে কৰা দুৰ্যোগ। 

২৩। মানৱকৃত দুৰ্যোগসমূহ কিদৰে উপশম কৰিব পাৰি?

উত্তৰঃ সজাগতা, সচেতনতা আৰু যথা সময়ত লোৱা বিহিত ব্যৱস্থাৰ জৰিয়তে।

২৪। দুৰ্যোগৰ কেতিয়া সৃষ্টি হয়? 

উত্তৰঃ হঠাতে সংঘটিত হোৱা বিপজ্জনক ঘটনাৰ পৰা উদ্ভৱ হোৱা স্পৰ্শকাতৰ অৱস্থাত থকা ধন-জন, সা-সম্পত্তিৰ প্ৰচুৰ ক্ষতি সাধন হ’লে দুর্যোগ সৃষ্টি হয়।

২৫। বিপজ্জনক ঘটনা কি?

উত্তৰঃ বিপজ্জনক ঘটনা হ’ল, যি ঘটনাই মানুহ দুনুহ, আন্তঃগাথনি অথবা সম্পত্তিৰ কাৰণে ভাবুকিৰ সৃষ্টি কৰি দুৰ্যোগ মাতি আনে।

২৬। দুৰ্যোগৰ বিশেষত্ব কি?

উত্তৰঃ আগতীয়াকৈ জনা নাযায়।

২৭। দুর্যোগ ব্যৱস্থাপনা বিষয়টোয়ে কি বুজায়? 

উত্তৰঃ দুর্যোগ সম্বন্ধীয় কার্যকলাপসমূহক বুজায়।

২৮। দুৰ্যোগৰ আগত, সময়ত আৰু পিছত লোৱা ব্যৱস্থাসমূহৰ যিকোনো তিনিটা উল্লেখ কৰা।

উত্তৰঃ সজাগতা বৃদ্ধি, জৰুৰী উদ্ধাৰ আৰু তাৎক্ষণিক আৰু স্থায়ী পুনৰসংস্থান। 

২৯। কেতিয়াৰ পৰা দুৰ্যোগৰ সংখ্যা বৃদ্ধি হৈছে।

উত্তৰঃ দুটা দশক ধৰি।

৩০। বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ ভূমিকম্প দুটা কোন চনত সংঘটিত হৈছিল?

উত্তৰঃ ১৮৯৭ আৰু ১৯৫০ চনত।

৩১। অসমৰ বৰ্তমান সঘনাই বানপানী হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ ভূমিকম্পৰ ফলশ্রুতি।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। স্পৰ্শকাতৰতা বুলিলে কি বুজা?

উত্তৰঃ দুৰ্যোগৰ ফলস্বৰূপে কি পৰিমাণ বা পৰিসৰত সা-সম্পত্তি, সমাজ-ব্যৱস্থা, আন্তঃগাথনি, সেৱা কাৰ্য আৰু ভৌগোলিক এলেকাৰ হ’ব পৰা ক্ষতি বা বিচ্ছিন্ন হোৱাকে স্পৰ্শকাতৰতা বুলি কোৱা হয়।

২। স্পৰ্শকাতৰতা কেই প্ৰকাৰ আৰু কি কি? 

উত্তৰঃ স্পৰ্শকাতৰতা দুই প্ৰকাৰ। ভৌতিক স্পৰ্শকাতৰতা আৰু আৰ্থ-সামাজিক স্পর্শকাতৰতা।

৩। দুৰ্যোগৰ ফলস্বৰূপে কি কি দিশত গুৰুত্বৰভাৱে ব্যাঘাত ঘটে? 

উত্তৰঃ জনজীৱন, আন্তঃগাথনি, অর্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ। 

৪। দুর্যোগ বৃদ্ধি হোৱাৰ প্ৰকৃতি কাৰণ কি?

উত্তৰঃ দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি, নগৰীকৰণ আৰু উদ্যোগীকৰণ আদি। 

৫। দুর্যোগ ব্যৱস্থাপনাৰ জৰিয়তে কি কৰা হয়?

উত্তৰঃ দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান কৰা হয়।

৬। দুর্যোগ ব্যৱস্থাপনাৰ উদ্দেশ্য কি?

উত্তৰঃ (ক) ব্যক্তিবিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সন্মুখীন হ’ব পৰা সম্ভাৱ্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস অথবা ইয়াৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত কৰা।

(খ) ব্যাক্তগত দুখ কষ্ট লাঘৱ কৰা।

(গ) পুনৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা।

৭। দুর্যোগ ব্যবস্থাপনাৰ এটা উদ্দেশ্য লিখা। 

উত্তৰঃ দুৰ্যোগৰ পিছত পুনৰুদ্ধাৰ কাৰ্য ক্ষিপ্ৰত্ৰৰ কৰা।

৮। সম্ভাৱ্য বিপদ ব্যৱস্থাপনা কি?

উত্তৰঃ সম্ভাৱ্য বিপদ ব্যৱস্থাপনা হ’ল সংঘটিত বিপদ চিহ্নিত কৰা বিপদো জনসাধাৰণৰ ওপৰত পেলোৱা প্ৰভাৱ নিৰ্ধাৰণ কৰা। লগতে তাক লাঘৱ কৰিবলৈ লোৱা ব্যৱস্থাক সামৰি লোৱা হয়।

৯। ক্ষতিৰোধ ব্যৱস্থা কেতিয়া লোৱা হয? দুৰ্যোগৰ পূৰ্বে লোৱা ক্ষতিৰোধ ব্যৱস্থা দুবিধ লিখা।

উত্তৰঃ দুৰ্যোগৰ আগত বা পাছত ক্ষতিৰোধ ব্যৱস্থা লোৱা হয়—

(ক) ঘৰ-বাৰী, নিৰ্মাণ গাঁথনি আদি দুৰ্যোগ প্ৰতিৰোধী কৰি সজা।

(খ) ঘৰৰ বাসিন্দাসকলক আৰু সংকটজনক স্থানতত অৱস্থিত বসতি অঞ্চলৰ কাৰণে উন্নত ধৰণৰ নিৰাপত্তা প্ৰকাশ।

১০। দুর্যোগ ব্যৱস্থাপনাত সম্পদ সাহায্য বিতৰণ মূল নীতি কি হ’ব লাগে?

উত্তৰঃ যথোচিত সাহায্য আৰু পুননির্মাই সাহায্য বিতৰণৰ মূলনীতি হ’ব লাগে।

১১। সম্পদ ব্যৱস্থাপনা কি?

উত্তৰঃ দুৰ্যোগৰ পিছৰ পৰিস্থিতি মোকামিলা কৰিবলৈ ক্রেইন, একাভেটৰ, ডাক্তৰ আদি সম্পদসমূহ সততে উপলব্ধ হ’ব পৰাকৈ ৰখাটো সম্পদ ব্যৱস্থাপনা অন্তর্গত।

১২। দুর্যোগ ব্যৱস্থাপনাত প্ৰভাৱ সীমিতকৰণ কি?

উত্তৰঃ দুৰ্যোগৰ ফলত ব্যক্তি, পৰিয়ালৰ লগতে সমাজখনৰো ব্যাপক দুৰ্যোগৰ  সন্মুখীন হয়। কিন্তু এই প্ৰভাৱ অতি ক্ষিপ্ৰ গতিকে সম্পাদন কৰি দুৰ্যোগৰ ক্ষতি কিছু উপশম ঘটোৱাৰ যিটো ব্যৱস্থা তাক প্ৰভাৱ সীমিতকৰণ বোলে।

১৩। দুৰ্যোগৰ ক্ষয়-ক্ষতি যথেষ্ট পৰিমাণে হ্ৰাস কৰা উপায় কি? 

উত্তৰঃ জনসাধাৰণক সাহসেৰে আৰু সু-সংবদ্ধভাৱে দুৰ্যোগৰ সন্মুখীন হ’ব পৰাকৈ প্ৰস্তুত কৰি তোলা।

(গ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। ‘দুর্যোগ ব্যবস্থাপনা’ পাঠটিৰ জড়িয়তে কি শিকিলা বুজাই লিখা।

উত্তৰঃ দুর্যোগ মানে আচম্বিতে সংঘটিত হোৱা অতি বিপদজনক পৰিঘটনা যাৰ ফলস্বৰূপে জন-জীৱন, আন্তঃগাঁথনি, অর্থনৈতিক পৰিস্থিতি আৰু পৰিবেশৰ গুৰুতৰভাৱে ব্যাঘাত ঘটে। এই ক্ষয়-ক্ষতি ইমান বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে। দুর্যোগ সমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। সেয়া হ’ল— 

প্রাকৃতিক দুর্যোগ : বানপানী, ভূমিকম্প, ভূমিস্খলন, খৰাং, ধুমুহা আদি হ’ল৷ প্রাকৃতিক দুর্যোগ।

কৃত্রিম দুৰ্যোগ : ৰেল, উৰাজাহাজ, আণৱিক, ঔদ্যোগিক, ৰাসায়নিক, জুই; আতংকবাদৰ পৰা হোৱা দুৰ্ঘটনা আদিৰ পৰা হোৱা দুৰ্যোগসমূহেই হ’ল কৃত্ৰিম দুর্যোগ।

দুর্যোগ ব্যৱস্থাপনা এলানি কাৰ্যকলাপৰ সমষ্টি— যাৰ দ্বাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান বা দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰি। দুৰ্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয়।

দুৰ্যোগ ব্যৱস্থাপনাৰ মূল উদ্দেশ্যসমূহ হ’ল—

(ক) ব্যক্তি বিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সম্মুখীন হ’ব পৰা সম্ভাব্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্রাস অথবা ইয়াৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত কৰা।

(খ) ব্যক্তিগত দুখ-কষ্ট লাঘৱ কৰা।

(গ) পুনৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা।

দুর্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ হ’ল— 

(ক) সম্ভাব্য বিপদ ব্যবস্থাপনা (Risk Management): ইয়াৰ অধীনত আছে সম্ভাব্য ভাবুকি বা সংঘটিত হ’ব পৰা বিপদসমূহ চিহ্নিত আৰু সম্ভাৱনীয়তা স্থিৰকৰণ, এনে বিপদৰ পৰা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাক নিৰ্ধাৰণ কৰা। লগতে কি ব্যৱস্থা ল’লে বিপদ লাঘৱ কৰিব পৰা যাব সেইমতে কাৰ্যপন্থা গ্রহণ। ইয়াৰ বাবে বিপদ সংকুলতাৰ মানচিত্ৰ অংকণ, স্পৰ্শকাতৰ এলেকা চিনাক্তকৰণ, সাম্ভাব্য ক্ষয়-ক্ষতিৰ খতিয়ান লোৱা আদি কামবোৰো কৰিব লাগিব।

(খ) ক্ষয়-ক্ষতি হ্ৰাস কৰা (Loss Management): দুৰ্যোগৰ ফলত হোৱা ধন জন আদি ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাই হ’ল ক্ষতিৰোধ ব্যৱস্থাপনা। ইয়াৰ বাবে (১) ঘৰ-দুৱাৰকে ধৰি সকলোবোৰ নিৰ্মাণ আৰু গাঁথনি দুৰ্যোগ প্ৰতিৰোধী কৰি সজা।

(২) জীৱ-জন্তু, মানুহসকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা। (৩) সাহায্য গোটবোৰক তাৎক্ষণিকভাৱে সঁহাৰি জনাৰ পৰাকৈ সাজু ৰখা ইত্যাদি।

(গ) দুর্যোগ নিয়ন্ত্রণ (Control of events): এই ব্যৱস্থা দুৰ্যোগৰ সময়ত আৰু জৰুৰীকালীন পৰিস্থিতিৰ পিছতহে কার্যকৰী হয়। অৱশ্যে কিছুমান কাম আগতীয়াকৈ কৰাহে অধিক প্রয়োজনীয়। ইয়াৰ ভিতৰত সম্ভাব্য দুৰ্যোগৰ কাৰণ আৰু প্ৰভাৱৰ সম্বন্ধ নিৰ্ণয় কৰা; দুৰ্যোগৰ মুখামুখি হ’বৰ বাবে আঁচনি গ্ৰহণ কৰা; তৎকালীন ব্যৱস্থা গ্ৰহণৰ বাবে সকলো ব্যৱস্থাকে সষ্টম কৰি ৰখা; দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে পদ্ধতিগত আৰু শৃঙ্খলাবদ্ধ প্রচেষ্টা লোৱা ইত্যাদি। 

(ঘ) সম্পদ সাহায্য বিতৰণ (Equity of Assistance): সকলো দুর্যোগ সাহায্য নিৰপেক্ষ আৰু যথোচিত হ’ব লাগে। সাহায্য আৰু পুৰ্ননিৰ্মাণ প্ৰক্ৰিয়া যাতে পক্ষপাতমূলক নহয় তাৰ প্ৰতি সজাগ হব লাগে।

(ঙ) সম্পদ ব্যৱস্থাপনা (Resource Management): দুৰ্যোগৰ পিছত প্রতিকুল পৰিস্থিতি মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন হয় যেনে— ক্রেইন, এচকাডেটৰ, এম্বুলেঞ্চ, ডাক্তৰ। এইবোৰ সততে উপলব্ধ হোৱাৰ বাবেও পূৰ্ব পৰিকল্পনাৰ প্ৰয়োজন।

(চ) প্ৰভাৱ সীমিতকৰণ (Impact Reduction): দুর্যোগে মানুহ, আন্তঃগাঠনি, আর্থিক ব্যৱস্থা আদিৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। এনে প্রভাৱ সীমিত কৰাৰ বাবে পুনৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰগতিৰে সম্পাদন কৰি তৎকালীন উন্নয়নৰ প্ৰক্ৰিয়াত গুৰুত্ব আৰোপ কৰিব লাগে।

দুৰ্যোগৰ ফলস্বৰূপে বর্ধিত সংখ্যাত মানুহৰ মৃত্যু আৰু বিত্তীয় লোকচানৰ প্ৰক্ৰিয়া দেখি ১৯৮৯ চনত সমগ্ৰ বিশ্বতে দুর্যোগ প্রশমনৰ কাৰণে ৰাষ্ট্ৰসংঘই এটা ঐতিহাসিক প্ৰস্তাৱ গ্ৰহণ কৰে। এই উদ্দেশ্য সাৰোগত কৰি ১৯৯০-২০০০ চনৰ সময়ছোৱাক আন্তঃৰাষ্ট্ৰীয় প্ৰাকৃতিক দুর্যোগ প্রশমন দশকৰূপে গণ্য কৰে। ইংৰাজীত এই দশকটোক চমুকৈ IDNDR (International Decade for Natural Disaster Reduction) বোলা হয়।

IDNDR -অৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰণালীবদ্ধ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাৰ দ্বাৰা প্ৰধানতঃ উন্নয়নশীল দেশসমূহত প্রাকৃতিক দুৰ্যোগৰ ফলস্বৰূপে হোৱা ধন- জন, ক্ষয়-ক্ষতি হ্ৰাস কৰা আৰু আৰ্থ-সামাজিক গাঁথনি যাতে ভাগি নপৰে তাৰ ব্যৱস্থা গ্ৰহণ।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। দুর্যোগ কাক কয়?

উত্তৰঃ দুর্যোগ মানে আচম্বিতে সংঘটিত হোৱা অতি বিপদজনক পৰিঘটনা যাৰ ফলস্বৰূপে জন-জীৱন, আন্তঃগাঁথনি, অর্থনৈতিক পৰিস্থিতি আৰু পৰিবেশৰ গুৰুতৰভাৱে ব্যাঘাত ঘটে। এই ক্ষয়-ক্ষতি ইমান বেছি হয় যে সেই পৰিস্থিতি। চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে।

২। দুর্যোগ কেই প্ৰকাৰৰ?

উত্তৰঃ দুর্যোগ সমূহক দুটা ভাগত বিভক্ত কৰা হৈছে। 

(১) প্রাকৃতিক দুৰ্যোগ। আৰু 

(২) কৃত্ৰিম দুর্যোগ।

৩। IDNDRৰ পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ ‘IDNDR’ মানে ‘International Decade for Natural Disaster Reduction.’ হ’ল আন্তৰাষ্ট্ৰীয় প্ৰাকৃতিক দুর্যোগ প্রশমন দশক।

৪। দুর্যোগ ব্যৱস্থাপনা বুলিলে কি বুজায়?

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনা এলানি কাৰ্যকলাপৰ সমষ্টি— যাৰ দ্বাৰা দুর্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্ৰদান বা দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰি। দুৰ্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মাকাবিলা কৰা হয়।

৫। বোমা বিস্ফোৰণ কোন শ্ৰেণীৰ দুৰ্যোগ?

উত্তৰঃ বোমা বিস্ফোৰণ কৃত্ৰিম শ্ৰেণীৰ দুৰ্যোগ।

৬। প্রাকৃতিক দুৰ্যোগ আৰু ৰে’ল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰৰ কোনকেইটা মন্ত্রণালয়ে দায়িত্ব পালন কৰে?

উত্তৰঃ প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণৰ কাৰণে গৃহ মন্ত্ৰণালয় আৰু ৰে’ল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ বাবে ৰে’ল মন্ত্রনালয়ে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া : 

১। দুৰ্যোগৰ শ্ৰেণী বুলিলে কি বুজায়?

উত্তৰঃ দিনে দিনে বাঢ়ি অহা সঘন প্রাকৃতিক দুৰ্যোগ আৰু ব্যক্তি, সমাজ, অর্থনীতি, পৰিবেশ আদিত ইয়াৰ ব্যাপক প্ৰভাৱৰ ক্ষেত্ৰত উপশমৰ বিষয়ে চিন্তা কৰি জনসচেতনা বৃদ্ধিৰ বাবে ১৯৯৯ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটী গঠন কৰিছে। 

এই উচ্চক্ষমতাসম্পন্ন কমিটীখনে ত্রিশবিধতকৈও অধিক দুৰ্যোগ চিনাক্ত কৰি পাঁচটা ভাগত বিভক্ত কৰিছে :

(ক) জল আৰু জলবায়ুৰ সৈতে জড়িত, যেনে— বানপানী, ধুমুহা, শিলাবৃষ্টি আদি।

(খ) ভূতাত্ত্বিক গাঁথনিৰ সৈতে জড়িত, যেনে— ভূমিকম্প, আগ্নেয়গিৰি, ভূমিস্খলন, মথাউৰি ভগা, খনিত জুই লগা আদি।

(গ) ৰাসায়নিক, ঔদ্যোগিক, আণৱিক কাৰণে হোৱা দুর্যোগ। 

(ঘ) আকস্মিক ঘটনাৰ কাৰণে হোৱা দুৰ্যোগ, যেনে— বন জুই, নগৰত লগা জুই,ৰেল, উৰাজাহাজৰ দুৰ্ঘটনা, নাও ডুবা, খনিত হোৱা বানপানী আদি।

(ঙ) জৈত্ৰিক কাৰণে ঘটা দুর্যোগ, যেনে— মহামাৰী, কীট-পতংগৰ আক্ৰমণ,গৰু-ম’হৰ বেমাৰ,খাদ্যৰ বিষক্ৰিয়া আদি।

২। IDNDR মানে কি? ইয়াৰ উদ্দেশ্য কি?

উত্তৰঃ ‘IDNDR’ মানে ‘International Decade for Natural Disaster Reduction’ হ’ল আন্তৰাষ্ট্ৰীয় প্ৰাকৃতিক দুর্যোগ প্রশমন দশক। IDNDR অৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰণালীবদ্ধ আন্তঃৰাষ্ট্ৰীয় পৰিকল্পনাৰ দ্বাৰা প্ৰধানতঃ উন্নয়নশীল দেশসমূহত প্রাকৃতিক দুৰ্যোগৰ ফলস্বৰূপে হোৱা ধন-জন, ক্ষয়-ক্ষতি হ্ৰাস কৰা আৰু আৰ্থ-সামাজিক গাঁথনি যাতে ভাগি নপৰে তাৰ ব্যৱস্থা গ্ৰহণ।

উক্ত পৰিকল্পনাৰ জৰিয়তে ২০০০ চনৰ ভিতৰত সকলো দেশতে তলত দিয়া সক্ষমতা উপলব্ধি হোৱাতো আশা পোষণ কৰে।

(ক) প্রাকৃতিক দুৰ্যোগৰ ফলস্বৰূপে হোৱা সম্ভাব্য বিপর্যয়ৰ বিস্তৃত বিশ্লেষণ আৰু উন্নয়নমূলক কামত ইয়াৰ কেনেকুৱা প্ৰভাৱ হ’ব তাৰ মূল্যাংকন কৰা।

(খ) দীৰ্ঘম্যাদী প্ৰতিৰোধী ব্যৱস্থা, প্রস্তুতি আৰু জনসাধাৰণৰ সজাগতাৰ আলম লৈ ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত দুৰ্যোগ লঘুকৰণৰ পৰিকল্পনা লোৱা।

(গ) গোলকীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় সতর্কতা ব্যৱস্থা গ্ৰহণ আৰু ইয়াৰ বহুল প্ৰসাৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top