ASOS Class 12 Assamese (MIL) Chapter 27 অসমৰ খেল-ধেমালি

Join Telegram channel

ASOS Class 12 Assamese (MIL) Chapter 27 অসমৰ খেল-ধেমালি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 27 অসমৰ খেল-ধেমালি and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 27 অসমৰ খেল-ধেমালি

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 27 অসমৰ খেল-ধেমালি Solutions for All Subject, You can practice these here.

অসমৰ খেল-ধেমালি

Chapter : 27

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘অসৰ খেল-ধেমালি’ পাঠটিৰ লিখক কোন?

উত্তৰঃ নাৰায়ণ শৰ্মা।

২। ‘অসমৰ খেল-ধেমালি’ পাঠটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ অসম গৌৰৱ।

৩। নাৰায়ণ শৰ্মা কি বিষয়ৰ প্ৰবক্তা আছিল?

উত্তৰঃ অসমীয়া বিষয়ৰ।

৪। অধ্যাপক হোৱাৰ উপৰিও তেওঁ কি কি কৰিছিল?

উত্তৰঃ এজন সুদক্ষ খেলুৱৈ আৰু ক্ৰীড়া সংগঠক।

৫। পাঠটিত লিখকে অতি প্রাচীন কালৰ পৰা প্ৰচলিত খেল-ধেমালিবোৰৰ উদ্ভাৱনৰ মূল উদ্দেশ্য কি বুলি কৈছে?

উত্তৰঃ দুখ ভাগৰ অৱসাদ পাহৰা আৰু আনন্দ লাভ কৰা।

৬। পুৰণি কালৰে পৰা অসমত প্ৰচলিত কেইবিধমান থলুৱা খেল-ধেমালিৰ নাম লিখা।

উত্তৰঃ কড়ি, হাফোলা, হাউ, কচুগুটি।

৭। দুই-তিনিটাকৈ ভাগ থকা দুবিধ খেলৰ নাম লিখা।

উত্তৰঃ সাতোৰ, হাউখেল।

৮। আদিম অধিবাসী আৰু পাহাৰীয়া জাতিবোৰৰ মাজত প্ৰচলিত খেলৰ সাদৃশ্যৰ মূল কাৰণ কি?

উত্তৰঃ লোক বা চহামনৰ ভাৱ অনুভূতি।

৯। পাঠটিত উল্লেখ কৰা তিৰোতা মানুহৰ মাজত প্ৰচলিত দুবিধ খেলৰ নাম লিখা।

উত্তৰঃ কড়ি খেল, পেচ কেচ।

১০। প্রাচীন কালত প্ৰচলিত থলুৱা খেল-ধেমালিবোৰৰ প্ৰধান লক্ষ্য কি আছিল?

উত্তৰঃ অৱসৰ বিনোদন আৰু স্বাস্থ্যবান হোৱা।

১১। প্রাচীন কালত প্রচলিত থলুৱা খেল-ধেমালিবোৰৰ দুবিধ বৈশিষ্ট্যৰ বিষয়ে লিখা।

উত্তৰঃ প্ৰতিযোগিতাৰ ভাব তীব্ৰ নাছিল। আর্থিক লাভালাভৰ কথা পুতিছিল। 

১২। পাঠটিত অসমত প্রচলিত খেল-ধেমালিক চৰ্চাৰ ফালৰ পৰা কেইটাভাগত ভাগ কৰিছে?

উত্তৰঃ তিনিটা।

১৩। মধ্যযুগত প্রচলিত খেল-ধেমালিৰ দুবিধ বৈশিষ্ট্য লিখা।

উত্তৰঃ ৰাজঘৰৰ পৃষ্ঠপোষকতা, প্রতিযোগিতাত বিজয়ী ভাও জানোৱাৰৰ গিৰীহঁতক ৰাজকীয় বিষয়বাবৰ উপৰি বঁটা বাহন দিয়া।

১৪। মাধৱকন্দলি আৰু শংকৰদেৱৰ গ্ৰন্থত স্থান পোৱা এবিধ খেলৰ নাম লিখা।

উত্তৰঃ মল্লযুদ্ধ।

১৫। আহোম যুগত প্রচলিত কেইবিধমান খেল-ধেমালিৰ নাম লিখা। 

উত্তৰঃ লাঠিখেল, কাঁড় খেল।

১৬। ব্ৰিটিছৰ আগমনৰ লগে লগে অসমৰ খেল-ধেমালিত কি পৰিৱৰ্তনে দেখা দিছিল।

উত্তৰঃ থলুৱা আৰু ৰজাঘৰীয়া খেল সুপ্ত হৈছিল।

১৭। অসমীয়া সমাজত প্ৰচলিত বর্তমান জনপ্রিয় খেল দুবিধ লিখা। 

উত্তৰঃ ক্রিকেট, ফুটবল।

(খ) তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া :

১। অসমত প্ৰচলিত খেল-ধেমালিবোৰক চৰ্চাৰ ফালৰ পৰা কেইটা ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰে চমু পৰিচয় দিয়া।

উত্তৰঃ অসমত তাহানিৰে পৰা প্ৰচলিত হৈ থকা খেল-ধেমালিবোৰক চৰ্চাৰ গুগলৰ পৰা তিনিটা বহল ভাগত ভগাই আলচ কৰিব পাৰি বুলি প্ৰৱন্ধকাৰ নাৰায়ণ শর্মাদেৱে মন্তব্য আগবঢ়াইছে।

(১) প্রাচীন কালৰ পৰা চলি অহা থলুৱা (indigenous) খেল-ধেমালিবোৰৰ প্ৰধান লক্ষ্য হ’ল অৱসৰ বিনোদন। অৱসৰ বিনোদনৰ লগতে অৱশ্যে এই খেলা-ধূলাবোৰৰ মাজেৰে জীৱনটোক সৰস আৰু স্বাস্থ্যৱান কৰি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। এনে খেলবোৰত প্ৰতিযোগিতাৰ ভাব তীব্ৰ নাছিল আৰু এই প্ৰতিযোগিতাৰ লগত আর্থিক লাভালাভৰ প্ৰশ্নটোও জড়িত নাছিল।

(২) দ্বিতীয় পৰ্যায়ৰ খেল-ধেমালিবোৰ হ’ল মধ্যযুগীয় অসমীয়া সমাজত প্রচলিত আৰু আহোম ৰজাসকলকে ধৰি বিভিন্ন ৰজাঘৰৰ খেল-ধেমালি প্রচলন থকাৰ কথা সেই সময়ৰ পুথি-পাঁজিবোৰত পোৱা যায়। উদাহৰণস্বৰূপে কথাগুৰু চৰিত্ৰত থকা মতে শংকৰদেৱে নিজেও সৰুকালটো পঢ়া-শুনাৰ প্ৰতি মনোযোগ নিদি ঊনৈশত বা বলাই ফুৰা স্বভাৱৰ বাবে বুঢ়ীমাক খেৰখুতিৰ ককৰ্থনা খাইছিল।বুঢ়ীমাকৰ এই ককৰ্থনাত ভণ্টা খেলাৰ কথা কোৱা হৈছে।

মধ্যযুগৰ আগে পিচে অসমীয়া সমাজত মল্লযুদ্ধৰ সমাদৰ আছিল। শংকৰদেৱৰ কাব্যতো মল্লযুদ্ধৰ বৰ্ণনা পোৱা যায়। মাধৱ কন্দলিৰ ৰামায়ণৰ লংকা কাণ্ডতো হনুমানৰ মুখেদি ৰাক্ষশবোৰৰ মাজত প্ৰচলিত খেল-ধেমালিৰ বর্ণনা দিয়া হৈছে। 

ইয়াৰ উপৰি কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত আহোম বিষয়া মোন্দৰ বা সুন্দৰ গোহাঞিয়ে কোচ ৰজাৰ লগত পাশা খেলৰ কথাও বুৰঞ্জীত পোৱা যায়। মহাৰাজ ৰুদ্ৰসিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনত সজা ৰংঘৰ দুটিও খেল-ধেমালিবোৰৰ ভিতৰত প্ৰধানকৈ শেনৰ যুঁজ, হাতী যুঁজ, ম’হ যুঁজ, মাল যুঁজ, ঘৰিয়াল যুঁজ, তৰোৱাল খেল, লাঠি খেল, কাড় খেল, চৰা নাও, পানচৈ বৰনাও আদিৰ নাওখেল । ব’হাগ আৰু মাঘৰ বিহুৰ সময়ত কণী যুঁজো অনুষ্ঠিত হৈছিল। মাছ-মৰা পহু চিকাৰ কৰা আদিও ৰাজকীয় আমোদ-প্রমোদৰ অংগ আছিল। সদৰামিনৰ ‘আসাম বুৰঞ্জী’ত থকা মতে সৰ্বসাধাৰণ মানুহৰ মাজত হেতালি হাচিয়াই চণ্ডালি, কুকুৰ-পোৱালি, কচুগুটি, খুলি খেল, কুকুৰাঠেঙীয়া, ইৰিকটি-মিৰিকটি, গছ-কবদি, হৈ-কবদি আদি খেলৰ প্ৰচলন আছিল।

(৩) অসমৰ খেল-ধেমালিৰ তৃতীয়টো পৰ্যায় আৰম্ভ হয় ইংৰাজ ৰাজত্ব আৰু পাশ্চাত্য সভ্যতা-সংস্কৃতিৰ প্ৰভাৱৰ লগে লগে। বিজয়ী জাতিৰ সভ্যতা সংস্কৃতিয়ে সদায় বিজিত জাতিক প্ৰভাৱান্বিত কৰে। ইয়াৰোপৰি পশ্চিমীয়া খেল-ধেমালিবোৰৰ ৰীতি-নীতিবোৰো আছিল জাক-জমকীয়া। গতিকে আমাৰ পুৰণিকলীয়া খেল-ধেমালিবোৰৰ চৰ্চাত ভালেখিনি যতি পৰিল আৰু তাৰ ঠাইত ভালেমান নতুন নতুন খেল-ধেমালি আমাৰ সমাজখনে আদৰি ল’লে। এনে ধৰণে আমি অসমৰ খেল-ধেমালিবোৰক তিনিটা ভাগত ভগাই লৈ চৰ্চা কৰিব পাৰোহঁক।

২। আহোম যুগৰ খেল-ধেমালিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰসাৰ লাভ কৰা খেল- ধেমালিবোৰৰ বৈশিষ্ট্যবোৰ হ’ল—

(১) এই সময়ত মানুহে নিজৰ শক্তি সামৰ্থ প্ৰদৰ্শন কৰিবলৈ পতা প্রতিযোগিতাৰ লগে লগে বিভিন্ন জীৱ-জন্তুকো প্রশিক্ষণ দিয়াই সেইবোৰৰ ভিতৰতো প্রতিযোগিতাৰ ব্যৱস্থা কৰা হ’ল। এই প্রতিযোগিতাবোৰৰ মাজেৰে পশু-পক্ষী, জীৱ-জন্তু আদিক প্রশিক্ষণ দি মানুহে নিজৰ বুদ্ধি, কৌশল আৰু মগজুৰ চৰ্চা কৰিছিল।

(২) প্ৰতিযোগিতাত জয়লাভ কৰা জন্তু-জানোৱাৰবোৰৰ গিৰিহঁতক ৰজাঘৰৰ পৰা বিষয়-বাবৰ উপৰি বঁটা বাহন দি সন্মানিত কৰা হৈছিল। শেনচোৱা, কুকুৰাচোৱা আদি বিষয়বাব এইদৰেই সৃষ্টি হৈছিল। আনহাতে পৰাজিত জন্তু বা প্ৰাণীৰ গিৰিহঁতৰ পূৰ্বৰ ৰাজকীয় পদ-মর্যাদা খাৰিজ কৰা হৈছিল। গতিকে ৰাজকীয় পৃষ্ঠপোষকতাৰ ফলত আহোম যুগৰ সমাজ-ব্যৱস্থাত খেল-কেন্দ্ৰিক নানান পদবীৰ সৃষ্টি হ’ল আৰু কৃতকাৰ্যৰ এক স্বীকাৰ্য থকাৰ বাবে তেওঁলোকে সমাজতো এক বিশেষ স্থন লাভ কৰিবলৈ সক্ষম হ’ল।

(৩) সেই সময়ত খেল-ধেমালিবোৰৰ আন এক উল্লেখনীয় বৈশিষ্ট্য হ’ল এইটো যে এই খেল-ধেমালিবোৰৰ প্ৰতিযোগিতা বিহু, উৎসৱ, ৰজাঘৰৰ আজৰি আৰু ইচ্ছা-অভিৰুচি মতেহে অনুষ্ঠিত হৈছিল। এটা সবল জাতি গঢ়ি তোলাৰ বাবে ৰজাঘৰৰ পৰা বাকী দিশবোৰলৈ যিদৰে চকু দিয়া হৈছিল, শৰীৰ-চৰ্চাৰ লগতে মানসিক উৎকৰ্ষ আৰু চিত্ত-বিনোদনৰ বাবে ন-ন উপায় উদ্ভাৱন কৰি খেল-ধেমালিক উদ্‌গনি দি আহোম ৰজাসকলে এক মহান দায়িত্ব পালন কৰিছিল। 

৩। অসমৰ খেল-ধেমালিৰ তৃতীয় পৰ্য্যায় কেতিয়া আৰম্ভ হৈছিল? এই পৰ্যায়ৰ খেল-ধেমালিৰ প্ৰতি অসমৰ লোক আকৰ্ষিত হোৱাৰ কাৰণ কি কি লিখা।

উত্তৰঃ অসমত খেল-ধেমালিৰ তৃতীয় পৰ্যায়ৰ খেল-ধেমালি আৰম্ভ হ’ল ইংৰাজ ৰাজত্বৰ পত্তন আৰু পাশ্চাত্য সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱৰ লগে লগে। ইংৰাজৰ আগমনে পাশ্চাত্য সভ্যতা আৰু সংস্কৃতিৰ দুৱাৰ মুকলি কৰি দিলে। বিজয়ী জাতিৰ সভ্যতা সংস্কৃতিয়ে সদায় বিজিত জাতিক প্ৰভাৱিত কৰে। ভাৰত তথা অসমতো ইংৰাজৰ আগমনে অন্যান্য ক্ষেত্ৰতৰ দৰে খেল-ধেমালিৰ ক্ষেত্ৰতো বহুখিনি পৰিৱৰ্তন আনিলে। পাশ্চাত্য ৰীতি-নীতিয়ে ঢুকি নোপোৱা গ্রাম্যঞ্চলক বাদ দি নগৰ-চহৰবোৰ পুৰণি কালৰ পৰা প্ৰচলিত থলুৱা খেল-ধেমালিবোৰ সুপ্ত হৈ পৰিল আৰু তাৰ ঠাইত বৰপীৰা পাৰি বহিল পাশ্চাত্য খেল-ধেমালিবোৰ।

অসমৰ লোকসকল এই নতুন পৰ্যায়ৰ খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত হোৱাৰ প্ৰধান কাৰণ হ’ল পশ্চিমীয়া খেলবোৰৰ জাক-জমকীয়া ৰূপটো। আমাৰ খেলবোৰৰ পুৰণিকলীয়া ৰূপটোৰ তুলনাত এই খেলবোৰৰ জাক-জমকতাই মানুহক আকৰ্ষিত কৰিছিল। তদুপৰি বিজয়ী জাতিৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱাটো আছিল এটা স্বাভাবিক প্রৱণতা।

৪। পুৰণি কালৰে পৰা অসমত প্রচলিত খেল-ধেমালিবোৰৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ প্ৰাচীন কালৰ পৰা অসমত নানা ধৰণৰ খেল-ধেমালিত প্রচলন আছিল। কথাগুৰু চৰিত্ৰত পোৱা মতে শংকৰদেৱে পাঁচ ভণ্টা খেল সময় নই কৰিছিল। ভণ্টা খেলৰ কথা মাধৱ কন্দলিয়েও উল্লেখ কৰিছে। তদুপৰি “ঘিলা” এটা উল্লেখনীয় খেল আছিল। মল্লযুদ্ধ, ছোপখেৰি, দলিযুঁজ আদিৰ কথাও ৰামায়ণত বৰ্ণিত হৈছে।

পুৰণি অসমৰ উল্লেখনীয় খেলসমূহ আছিল— হাঁড়, হাফোলা, সোল, কাঁড়, ঠুকুচা, ঘিলা, কচুগুটি, কন্দেসুৰী, ঢোপ, নাগৰী, এন্দুৰ-মেকুৰী বা বাঘ-ছাগলী, লুকাভাকু, আঙঠি, লেটেকু, কড়ি, চিলনী-চিলনী, ইচনী-বিচনি, লেচ-কেচ, সাঁতোৰ কানিমুনি, হাঠা-বটা, ঢুলনি, চোৱা-চুই, চাক ঘোঁৰা, বাঁহৰ ঠেং, ছব্বিশটা বকুল বা তেতেলী গুটিৰ খেল, পাশা, তেল দিয়া বাঁহত উঠা আদি উল্লেখনীয়।

আহোম যুগত প্ৰধানকৈ শেনযুঁজ, হাতীযুঁজ, ম’হ যুঁজ, মালযুঁজ, ঘৰিয়াল যুঁজ তৰোৱাল খেল, লাঠিখেল, কাঁড় খেল আদিয়ে গুৰুত্ব পাইছিল আৰু চৰানাও, পানচৈ, বনাও আদিৰো খেল অনুষ্ঠিত হৈছিল। সদৰামিনৰ ‘আসাম বুৰঞ্জী’ত উল্লেখ কৰা মতে সৰ্ব-সাধাৰণৰ মাজত হেতালি, হাচিয়াই, চণ্ডালি, কুকুৰ পোৱালি কচুগুটি, খুলিখেল, কুকুৰাঠেঙীয়া, ইৰিকটি-মিৰিকটি, গছ-কবদি, হৈ-কবদি আদি খেলৰ প্ৰচলন আছিল। অসমৰ আন কেইবিধমান জনপ্রিয় খেল হ’ল— ঢোপ খেল, বাঘ-গৰু, পাশা বা কড়িখেল ইত্যাদি।

৫। চমুটোকা লিখা :

ৰংঘৰ, কণীযুঁজ, পানচৈ, কড়িখেল। 

উত্তৰঃ ৰংঘৰ : শিৱসাগৰ চহৰত মহাৰাজ ৰুদ্ৰসিংহ আৰু ৰাজেশ্বৰ সিংহই দুটা বিশেষ ধৰণৰ ঘৰ নিৰ্মাণ কৰিছিল। সমুখত মুলি পথাৰ থকা এই ঘৰবোৰ ভালেমান ওখ আৰু চাৰিওফালৰ পৰা বতাহ চলাচল কৰিব পৰা ধৰণৰ। আহোম স্বৰ্গদেউসকলে এনে ঘৰৰ ওপৰত উঠি নিৰ্দিষ্ট স্থানৰ পৰা সমুখৰ পথাৰত হোৱা বিভিন্ন খেল উপভোঘ কৰিছিল। লেখকে এই ৰংঘৰক জাতীয় ক্রীড়াংগন বুলিছে। ৰংঘৰ নামটোৱেই খেল-ধেমালিক প্রতিনিধিত্ব কৰি আছে।

৬। পাঠটি পঢ়ি অসমৰ খেল-ধেমালি সম্পর্কে তোমাৰ মন উদয় হোৱা ভাবৰ বিষয়ে লিখা।

উত্তৰঃ ক্রীড়া হ’ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্ৰকাশ। লগতে ক্রীড়া হৈছে এটা জাতিৰ গৌৰৱৰ ঘাই হেতু আৰু লগতে জাতিক সুস্থ সবলৰূপে গঢ়ি তোলাৰ এটি সহজ মাধ্যম। পৃথিৱীৰ সকলোবোৰ দেশতেই প্রাচীনকালৰে পৰাই বিভিন্ন খেল-ধেমালিৰ প্ৰচলন আছে। খেল-ধেমালিবোৰ ক’ত, কেতিয়া, কেনেদৰে প্ৰথমে আৰম্ভ হৈছিল সঠিককৈ জনা নাযায় যদিও কামৰ দুখ-ভাগৰ-অৱসাদ পাহৰি নতুন উদ্যমেৰে পুনঃ কামত ব্ৰতী হ’ব পৰাকৈ উৎসাহ পাবলৈ আৰু আনন্দ লাভ কৰিবলৈকে খেল-ধেমালিৰ প্ৰচলন হৈছিল বুলি অনুমান কৰা হয়। এই খেল-ধেমালিবোৰ বেছিভাগেই থলুৱা হোৱা বাবে অঞ্চলভেদে খেলবোৰৰ পদ্ধতিও বেলেগ বেলেগ। অসমৰ ক্ৰীড়া জীৱনলৈ লক্ষ্য কৰিলে দেখা পোৱা যায় জাতিটোৰ জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ ঐতিহাসিক সম্পৰ্কৰ কথা।

প্রাচীন কালৰে পৰা অসমত নানান খেল-ধেমালিৰ প্ৰচলন হৈ আহিছে। এই থলুৱা খেল-ধেমালিবোৰ সাধাৰণতে মানুহে অৱসৰ বিনোদনৰ সময়ত দৈনন্দিন জীৱনৰ দুখ কষ্ট পাহৰি নতুন উৎসাহেৰে কৰ্মত নিয়োজিত হ’বলৈ উদ্ভাৱন কৰিছিল। তেনে খেল-ধেমালিবোৰৰ ভিতৰত হাউ, হাফোলা, কড়ি, টুকুৰা ঘিলা, কচুগুটি, কন্দেসুৰী, ঢোপ নাগৰী, এন্দুৰ মেকুৰী বা বাঘ ছাগলী, লুকা-ভাকু, আঙুঠি, লেটেকু, চিলনী আদিৰ নাম উল্লেখ কৰিব পাৰি। কিছুমান খেলৰ আকৌ দুটা তিনিটা ভাগ থাকে। যেনে হাউখেল লৰা ধৰা, বন্যা বা বোন্দা হাউ। বেছিভাগ খেলৰ নিয়ম পদ্ধতি প্রায়ে একে। লোকমনৰ ভাব অনুভূতি একে হোৱাৰ কাৰণে বেছিভাগ খেলৰ নিয়ম পদ্ধতিত পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত সাদৃশ্য দেখা যায়। জনসমাজৰ মাজত প্ৰচলিত এই খেল-ধেমালিবোৰ কিছুমান অকল তিৰোতা মানুহৰ মাজত প্ৰচলিত। য’ত পুৰুষৰ উপস্থিতি নাথাকে। তেওঁলোকৰ মাজত প্ৰচলিত খেল-ধেমালিবোৰ অৱসৰ বিনোদনৰ আহিলা হিচাপে ব্যৱহাৰ হৈ আহিছে।

পাঠাংশত অসমত প্ৰচলিত হৈ অহা খেল-ধেমালিক চৰ্চাৰ ফালৰ পৰা তিনিটা ভাগত ভাগ কৰিছে। প্ৰথম পৰ্যায়ত প্রাচীন কালত প্রচলিত থলুৱা ধেমালিবোৰৰ মূল উদ্দেশ্যৰ কথা উল্লেখ কৰিবলৈ গৈ কৈছে যে, এই যুগৰ খেল-ধেমালিবোৰ মূল উদ্দেশ্য হ’ল অৱসৰ বিনোদন আৰু জীৱনটো সৰস কৰি তোলা। তাত কোনো ধৰণৰ প্ৰতিযোগিতা বা আর্থিক লাভালাভৰ মনোভাৱ নাছিল। মধ্যযুগত খেল-ধেমালিবোৰে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আহোম ৰজাসকলৰ লগতে বিভিন্ন ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। আহোম ৰজাসকলৰ লগতে বিভিন্ন ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। খেল-ধেমালিৰ কথা প্ৰাকশংকৰী আৰু শংকৰী যুগৰ বিভিন্ন গ্ৰন্থত পোৱা যায়। সেই সময়ছোৱাত জনপ্রিয়তা লাভ কৰা এবিধ খেল হ’ল মল্লযুদ্ধ। এই মল্লযুদ্ধৰ কথা মাধৱ কন্দলি, শংকৰদেৱ, ৰামসৰস্বতী আদি বহুকেইজন সাহিত্যিকক ৰজনাৰাজিত উল্লেখ পোৱা যায়। 

এই সময়চোৱাত প্ৰচলিত কেইবিধমান খেল হ’ল, শেনৰ যুঁজ, হাঁতী যুজ, আদিৰ লগতে নৈ, পুখুৰী বা আহল-বহল জলাশয়ত চৰাদাও, পানচৈ, বৰনাও আদিৰ লগতে কণীযুজ, মহযুজ, হাতীযুজ আদি অনুষ্ঠিত কৰিছিল। সৰ্বসাধাৰণ মানুহৰ মাজত কচুগুটি, কুকুৰ পোৱালি, কুকুৰাঠেঙীয়া আদি খেলৰ প্রচলন আছিল। এই যুগৰ খেল-ধেমালিৰ তিনিটা বৈশিষ্ট্য হ’ল— জীৱশ্ৰেষ্ঠ মানুহ হিচাপে নিজে খেলত অংশগ্ৰহণ কৰাৰ লগতে জীৱ-জন্তুকো প্রশিক্ষণ দি প্রতিযোগিতাত অংশগ্ৰহণ কৰোৱা। প্ৰতিযোগিতাৰ বিজয়া গিৰীহঁতক ৰাজকীয় উপাধী প্ৰদান। খেল-ধেমালিবোৰ কোনো উৎসৱ বা ৰাজঘৰীয়া ইচ্ছা অভিৰুচি অনুসৰি অনুষ্ঠিত কৰা হয়। খেল-ধেমালিৰ তৃতীয় পৰ্যায় আৰম্ভ হয় ইংৰাজ জশাসনৰ আৰম্ভণি কালচোৱাত। এই সময়চোৱাত পাশ্চাত্যৰ প্ৰভাৱত থলোৱা খেল-ধেমালি আৰু মধ্যযুগীয়া ৰং ধেমালি পূর্ণ খেল এলাগী হয়। তাৰ ঠাইত পাশ্চাত্য খেলৰ প্ৰচলন হয়।

৭। তুমি খেল খেলানে? যদি খেলা কোনবিধ খেল তোমাৰ বেছি ভাল লাগে আৰু কি ভাল লাগে লিখা? 

উত্তৰঃ খেল-ধেমালি শাৰীৰিক শ্ৰমৰ আৰু মগজুৰ উৎকৰ্ষ সাধনকাৰী। এই ক্ষেত্ৰত ফুটবল, বেডমিণ্টন, হকী, ক্রিকেট, কাবাদী আদিয়ে শাৰীৰিক শ্ৰমৰ খেল আৰু দবা, লুডু, কেৰম আদিক মগজুৰ খেল বুলি ক’ব পৰা যায়। যিহেতু দবাৰ দৰে খেলাই ছাত্ৰ-ছাত্ৰীৰ ধৈৰ্য, বুদ্ধিমত্তা আৰু চিন্তা শক্তি বৃদ্ধি কৰে। ইংৰাজীত এষাৰ কথা আছে ‘All work and no play makes a jack a dull boy” কথাষাৰ সম্পূৰ্ণৰূপেই সত্য। যিজন ছাত্রই নিতৌ নিৰ্দিষ্ট সময়ত খেলাধুলা  কৰে তেনে ছাত্ৰই সু-স্বাস্থ্যৰ অধিকাৰী হৈ জীৱনত সফল হোৱাতো নিশ্চিত।

৮। বর্তমান সময়ত খেল-ধেমালিৰ জনপ্ৰিয়তাৰ মূল কাৰণ কি বুলি অনুমান কৰা?

উত্তৰঃ আধুনিক সমাজ ব্যৱস্থাত শিক্ষা পদ্ধতিৰ আমূল পৰিৱৰ্তন ঘটাৰ লগতে বৰ্তমানৰ ল’ৰা-ছোৱালী সন্মুখীন হ’বলগীয়া হৈছে সকলো ক্ষেত্ৰতে বিশেষ প্রতিযোগিতাৰ। ইয়াৰোপৰি ভোগবাদী সমাজ ব্যৱস্থাৰ প্রভাৱে ল’ৰা-ছোৱালীক কৰি তুলিছে এলেহুৱা আৰু প্ৰতিযোগিতাৰ দৌৰত ল’ৰা-ছোৱালী হৈ পৰে যন্ত্ৰসদৃশ। যাৰ পৰিণতিত বেছিভাগ ল’ৰা-ছোৱালীয়েই মানসিক অৱসাদৰ বলি হৈছে। সেয়ে এনে মানসিক অৱসাদৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হ’ল শিক্ষানুষ্ঠানত খেল-ধেমালিকো এটি গুৰুত্বপূর্ণ বিষয়ৰূপে অগ্ৰাধিকাৰ দিয়া।

জ্ঞান আহৰণৰ দৰেই ছাত্ৰাৱস্থাত খেল-ধেমালিৰো বিশেষভাৱে প্ৰয়োজন।যিহেতু খেল-ধেমালি হ’ল একমাত্র মাধ্যম যি একেলগে একেটা সময়তে শাৰীৰিক আৰু মানসিক ব্যায়ামৰ কাম কৰে। খেল-ধেমালিয়ে অৱসৰ বিনোদনৰ উপৰি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশতো বিশেষভাৱে সহায় কৰে। সাধুতা, সততা, নিয়মানুবর্তিতা আৰু আনৰ লগত সহযোগিতা আদি ব্যক্তিত্ব বিকাশৰ গুণবোৰ আহৰণ আৰু অনুশীলন কৰাত খেল-ধেমালিয়ে পৰোক্ষভাৱে সহায় কৰে। বহুত ল’ৰা-ছোৱালী সৰুৰেপৰা অভিভাৱকৰ হেঁচাতেই হওক বা পৰিস্থিতিত পৰিয়েই হওঁক দিনতো পঢ়া-শুনাক লৈ ইমানেই ব্যস্ত হৈ পৰে যে এনে ধৰণৰ ব্যস্ততাই তেওঁলোকৰ জীৱন কৰি তোলে যান্ত্রিক। এনে ক্ষেত্ৰত যিকোনো খেলৰ অনুশীলনে তেওঁলোকক মানসিক শান্তি প্ৰদান কৰাৰ লগতে কর্মপ্রেৰণাও বৃদ্ধি কৰে। আমি সকলোৱে জানো যে সুস্থ মানসিকতাৰ বাবে সুস্থ স্বাস্থ্যৰ বিশেষ প্রয়োজন। এই ক্ষেত্ৰত খেল-ধেমালি এটি ফলপ্রসূ মাধ্যম। 

যিহেতু বৰ্তমানৰ প্রতিযোগিতামুখী শিক্ষা ব্যৱস্থাত বিভিন্ন দিশত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰী মানসিক আৰু শাৰীৰিক দুয়োটা দিশতেই সুস্থ হোৱা প্ৰয়োজন। যিকোনো খেলতেই শাৰীৰিক পৰিশ্ৰম কৰিব লাগে আৰু ফলস্বৰূপে ৰক্ত সঞ্চালন সক্রিয় হৈ শৰীৰৰ পেশীসমূহ সবল কৰি ছাত্ৰ-ছাত্ৰীক সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱাত সহায় কৰে। আনহাতে মুকলি পথাৰত খেলা খেলাবোৰে আমাক বিশেষ টনিকৰ দৰেই কাম কৰি মানসিক অৱসাদ আঁতৰাই আমাৰ শাৰীৰিক আৰু মানসিক শক্তিৰ উৎকৰ্ষ সাধন কৰাৰ লগতে অতিৰিক্ত কেলৰি দহন কৰি দেহা আটিল আৰু কৰ্মঠ কৰি তোলে। খেলা-ধূলা কৰিলে ছাত্ৰ-ছাত্ৰীৰ ভোক বাঢ়ে আৰু টোপনি ভাল হয়। যিটো সু-স্বাস্থ্যৰ বাবে বৰ জৰুৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top