ASOS Class 12 Assamese (MIL) Chapter 26 আঘোণৰ কুঁৱলী

ASOS Class 12 Assamese (MIL) Chapter 26 আঘোণৰ কুঁৱলী, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Assamese (MIL) Chapter 26 আঘোণৰ কুঁৱলী and select needs one.

ASOS Class 12 Assamese (MIL) Chapter 26 আঘোণৰ কুঁৱলী

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Assamese (MIL) Chapter 26 আঘোণৰ কুঁৱলী Solutions for All Subject, You can practice these here.

আঘোণৰ কুঁৱলী

Chapter : 26

পাঠভিত্তিক আৰ্হি প্রশ্নোত্তৰঃ

১। আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ ‘আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবি কেশৱ মহন্তৰ এটি অতি উৎকৃষ্টমানৰ কবিতা। আঘোণৰ পথাৰৰ মন-পৰশা চিত্ৰ এখনি কবিতাটিৰ মাজেদি কবিয়ে ফুটাই তুলিছে। আঘোণ মাহত পথাৰত সোণবৰণীয়া পকা ধানবোৰ জিলিকি থাকে। ৰূপহী দাৱনী গাভৰুজাকে মূৰত ওখকৈ খোপা বান্ধি লিহিৰি আঙুলিৰে মুঠি মাৰি যেতিয়া কাচি চলাই ধান দাই থাকে, সেই দৃশ্য দেখিবলৈ অতি মধুৰ হয়। ধান দাই থকাৰ মাজতো সিহঁতে লঘু-পৰিহাসময় কথাৰ পাতনি মেলি খিলখিলাই হাঁহে। তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমগুটীয়া দাঁত উলিয়াই হঁহা তাৰ মাজৰে কোনোজনী দাৱনী গাভৰুক বিচাৰি ডাঙৰি বন্ধাৰ চলেৰে কোনোজন ডেকা তাইৰ কাষ চাপে। দেখুৱাই ডেকাৰ গাত ঠেলা মাৰি আঁতৰি যোৱা তাইৰ আচৰণে ডেকাৰ মনত হেন্দোলনি তোলে।

হাঁহি-ধেমালি আৰু প্ৰেম-পীৰিতিৰ মাজতো কিন্তু আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ ব্যস্ততা চলিয়েই থাকে। আকাশেদি উৰি যোৱা বন- হাঁহজাক দেখিলেই পিছে সিহঁতৰ মনবোৰো উৰা মাৰে প্ৰিয়জনৰ কাষলৈ। কিন্তু দুখৰ কথা এনে এক মনপৰশা ছবিৰে জিলিকি থকা আঘোণৰ পথাৰখন আঘোণৰ কুঁৱলীয়ে যেতিয়া আৱৰি ধৰে, তাৰ লগতে ঢাক খাই পৰে ৰূপহী দাৱনী-গাভৰু জাকো। এই কথাই প্রেমিক কবিৰ মনত বিষাদবোধৰ ভাব জগাই তোলে।

২। ‘আঘোণৰ কুঁৱলী সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

উত্তৰঃ কবি-গীতিকাৰ কেশৱ মহন্তৰ ‘আঘোণৰ কুঁৱলী’ কবিতাত গাঁৱলীয়া জনজীৱনৰ মনপৰশা ছবি এখন প্রকাশিত হৈছে। তাৰ মাজেদি জিলিকি উঠিছে। সহজ-সৰল প্ৰেম আৰু বিষাদ-বোধৰো এক আকৰ্ষণীয় চিত্র। আঘোণমহীয়া পতা সোণবৰণীয়া পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিৰ মুঠিত কাচিখন লৈ মূৰত খোপা বান্ধি ৰূপহী গাভৰুজাক পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি-ধেমালিয়ে প্রেমিক ডেকা কবিকো আকৰ্ষিত কৰে আৰু অলপ দূৰৈৰ পৰা নাচোৱাৰ ভাও দি নিজ প্ৰেয়সীৰ সন্ধান কৰিছে। 

কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি পৰাত কবিয়ে একো দেখা পোৱা নাই। মনখোৱা গাভৰু সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰিৰ মাজৰ ডালিমগুটীয়া দাঁত জিলিকাই মৰা অৰ্থপূৰ্ণ হাঁহিটো এবাৰ চাবলৈ, ডাঙৰি বন্ধাৰ চলেৰে এবাৰ সেউতীৰ ওচৰ চাপিবলৈ কবি যেন অস্থিৰ হৈ পৰিছে। আকাশেদি বন-হাঁহজাক উৰি যোৱাৰ দৰেই কবিৰ মনহাঁহো সেউতীৰ ওচৰলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ বতৰা পাবলৈ তেওঁ বৌৱেককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীজাকে যেন পথাৰখন ঢাকি ধৰি কবিৰ মনৰ উৎসাক বিষণ্ণতালৈ ৰূপান্তৰিত কৰিছে। এনেদৰেই কবিতাটিত প্ৰেমৰ ছবিখন অংকতি হৈছে।

৩। ‘আঘোণৰ কুৱলী’ত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবি অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ কবি-গীতিকাৰ কেশৱ মহন্তৰ আঘোণৰ কুঁৱলী’ কবিতাত আঘোণৰ পথাৰৰ মনপৰশা চিত্ৰ এখনি ফুটি উঠাৰ লগতে এহাতে যেনেকৈ সহজ-সৰল প্ৰেমৰ চিত্ৰ চিত্ৰিত হৈছে, আনহাতে, তেনেকৈ কুঁৱলীয়ে বাট ভেটি আমনি কৰা বাবে কবিৰ অন্তৰৰ বিষাদবোধৰ ছবিও অতি মর্মস্পর্শী ৰূপত প্ৰকাশিত হৈছে।

আঘোণ মাহত সোণোৱালী পকা ধানে পথাৰৰ সৌন্দৰ্য এনেই বঢ়াই তোলে। তাতে আকৌ লিহিৰি আঙুলিৰ মুঠিত কাচিখন লৈ মূৰত খোপা বন্ধা গাভৰুজাক যেতিয়া ধান দাবলৈ পথাৰত নামে, সিহঁতৰ উপস্থিতি আৰু লঘু-পৰিহাসময় হাঁহি-খিকিন্দালিয়ে পথাৰক আৰু বেছি মোহনীয় কৰি তোলে। প্রেমিক কবিয়ে সেই দাৱনী গাভৰুজাকৰ মাজত তেওঁৰ মনখোৱা গাভৰু সেউতীও আছে নেকি দূৰৰ পৰাই নোচোৱাৰ ভাও ধৰি চাব পাৰিলেহেঁতেন, কুঁৱলীয়ে বাট ভেটি আমনি কৰিলে। ডাঙৰি বন্ধাৰ চলেৰে কাষ চাপি তামোলৰ পিকেৰে ৰঙা ওঁঠযুৰিৰ ফাঁকেৰে ডামিলগুটীয়া দাঁত জিলিকাই সোতৰ বছৰীয়া গাভৰু সেউতীৰ হাঁহিটো চাবলৈকো কুঁৱলীৰ বাধা। আকাশেদি উৰি যোৱা বন-হাঁহজাকৰ দৰেই কবিৰ মন-হাঁহো সেউতীৰ কাষলৈ উৰি যাব খোজে। কিন্তু তাতো কুঁৱলীৰ বাধা আহি পৰিছে। কবিয়ে মন বান্ধি নোৱাৰি বৌদেৱেকৰ সহায়ত সেউতীৰ মনৰ বতৰা পাবৰ চেষ্টা কৰিছিল। কিন্তু কুঁৱলীয়ে পথাৰ ঢকাৰ নিচিনাকৈ, দাৱনীজাকক ঢকাৰ নিচিনাকৈ লাজ, ভয়, সংকোচৰ সামাজিক বাধাই সেউতীকো কবিৰ পৰা লুকুৱাই পেলালে। ফলত কবিৰ মনত বিষাদৰ ভাৱ জাগি উঠিছে।

এনেদৰেই কবিয়ে ‘আঘোণৰ কুঁৱলী’ কবিতাত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে অন্তৰৰ বিষাদবোধ অতি মর্মস্পর্শী ৰূপত প্ৰকাশ কৰি তুলিছে।

৪। ব্যাখ্যা কৰা :

প্রসংগ সংগতি দর্শাই :

(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে 

মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি, 

কাম আছে,

আঘোণৰ পথাৰত কাম আৰু কাম।

উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাটিৰ ৰচক কেশৱ মহন্ত। আঘোণ মাহৰ পথাৰৰ কৰ্মব্যস্ততাৰ ছবিখনকে কবিতাফাকিৰ যোগেদি প্ৰকাশ কৰা হৈছে।

আঘোণ মাহ মানেই ধান পকাৰ বতৰ; পকা ধান চপাবৰ বতৰ। শ্ৰমজীৱী কৃষকে দেহৰ ঘাম মাটিত পেলাই কৰা খেতিৰ ফচল পতা- সোণবৰণীয়া পকা ধানবোৰ চপাই বচৰটোৰ বাবে খোৱামুঠি গোটাবলৈ গাঁৱৰ ডেকা-গাভৰু পথাৰত ব্যস্ত হৈ পৰে। কাৰো যেন ৰৈ থাকিবলৈ সময় নাই, মাথোঁ কাম আৰু কাম। কোনোৱে কাচি চলাইছে, কানোৱে ডাঙৰি বান্ধিছে আৰু কোনোৱে সেয়া কঢ়িয়াইছে। এনে এক কৰ্মব্যস্ততাৰ ছবিয়েই কবিতাফাকিৰ মাজত ফুটি উঠিছে।

(খ) ‘আঘোণৰ আকাশেদি কোনোবা বিললে’ 

মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল। 

ৰাগি আছে, 

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি-গীতিকাৰ কেশৱ মহন্তৰ ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আঘোণমহীয়া পথাৰৰ কৰ্মব্যস্ততাৰ মাজতো ডেকা-গাভৰুৰ মনৰ মাজত চিৰন্তন ৰূপত প্ৰৱাহিত হৈ থকা প্ৰেমৰ ভাৱনাৰ ছবিখনকে উক্ত কবিতাফাকিত প্রকাশি উঠিছে।

প্রেম মানুহৰ চিৰন্তন অনুভূতি। যি কোনো পৰিৱেশ-পৰিস্থিতিৰ মাজতো মানুহৰ জীৱনত বিশেষকৈ ডেকা-গাভৰুসকলৰ মাজত প্ৰেমৰ অনুভূতিয়ে ক্রিয়া কৰি থাকে। আঘোণ মহীয়া পথাৰৰ ব্যস্ততাৰ মাজতো আকাশেদি উৰি যোৱা বন-হাঁহৰ জাকবোৰ দেখিলেই ডেকা-গাভৰুৰ মন-হাঁহো উৰা মাৰে এক বিশেষ ৰাগিত মতলীয়া হৈ আপোনজনৰ ওচৰলৈ। ডেকা-গাভৰুৰ মনৰ সেই ৰাগিৰ কথাকেই কবিয়ে ক’ব বিচাৰিছে।

(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে 

আঘোণৰ কঁৱলীয়ে দাৱনী ঢাকিলে 

আঘোণৰ কুৱঁলীত সেউতী হেৰালে

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলোতে থাকিল।

উত্তৰঃ ব্যাখ্যায়ে কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত কবি-গীতিকাৰ কেশৱ মহন্তদেৱে লিখা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। নানা বাধাৰ ফলত বাট হেৰুৱাই প্রিয়জনৰ পৰা আঁতৰি থাকিব লগাৰ ফলত অন্তৰত সৃষ্টি হোৱা দুখবোধৰ প্ৰকাশ কৰিবলৈকে কবিতাফাকি অৱতাৰণা কৰা হৈছে।

আঘোণৰ সোণবৰণীয়া ধাননি পথাৰখন দেখিবলৈ শুৱনি। লিহিৰি-আঙুলিৰ মুঠিত কাচিখন লৈ হাঁহি-ধেমালিৰে ধান দাই থকা গাভৰুজাকো দেখিবলৈ শুৱনি। তাৰ মাজৰ কোনেবাজনী যদি কাৰোবাৰ প্রেয়সী হয়, তেন্তে সেই ডেকা-প্রেমিক দৃষ্টিত পথাৰখনৰ আকৰ্ষণ প্রাণাধিক হয়। কিন্তু কুঁৱলীয়ে পথাৰখন ঢাকি ধৰি দাৱনীজাকক আৱৰি ৰাখিলে আঁতৰৰ পৰা একো দেখা নোপোৱাৰ দৰেই নানা বাধা-বিঘিনিয়ে যেতিয়া প্ৰেমৰ পথ ৰুদ্ধ কৰি পেলায়, তেতিয়া কোনোজন ডেকাৰ হয়তো মনৰ সপোনবোৰ মনতে মাৰ যায়। ‘আঘোণৰ কুঁৱলী’ কবিতাৰ কবিৰ মনতো তেনে এক পৰিস্থিতিৰেই সৃষ্টি হোৱাৰ কথা উক্ত কবিতাফাকিত  প্ৰকাশ পাইছে।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

(ক) তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়া :

১। ‘পছোৱা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ ‘পছোৱা’আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল।

২। কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম ‘আমাৰ পৃথিৱী’। 

৩। কেশৱ মহন্ত ৰচিত গীতৰ সংকলনখনিৰ নাম লিখা।

উত্তৰঃ কেশৱ মহন্ত ৰচিত গীতৰ সংকলনখনিৰ নাম ‘মোৰ যে কিমান হেঁপাহ’।

৪।  কেশৱ মহন্তই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ কেশৱ মহন্তই মোৰ যে কিমান হেঁপাহ’ নামৰ গ্ৰন্থখনিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।

৫। কেশৱ মহন্তই কোন চনত জন্ম লাভ কৰিছিল?

উত্তৰঃ কেশৱ মহন্তই ১৯২৬ চনত জন্ম লাভ কৰিছিল।

৬। কেশৱ মহন্তই তেওঁৰ কৰ্মজীৱন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল? 

উত্তৰঃ কেশৱ মহন্তই জামুগুৰিহাট হাইস্কুলত শিক্ষক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।

৭। আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? 

উত্তৰঃ আঘোণৰ কুঁৱলীয়ে বাট-পথ ভেটি ধৰিছে।

(খ) তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া :

১। ‘জয়ন্তী’ আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল?

উত্তৰঃ অসমীয়া কাব্য-সাহিত্যলৈ আধুনিকতাক আদৰি অনাত বিশেষ ভূমিকা লোৱা ‘জয়ন্তী’ আলোচনীখন সম্পাদনা কৰিছিল কমলনাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচার্যই।

২। আঘোণৰ পথাৰত দাৱনীৰ কেনে ধৰণৰ কাম আছে বুলি কবিয়ে প্ৰকাশ কৰিছে চমুকৈ লিখা।

উত্তৰঃ আঘোণৰ পথাৰৰ কৰ্মব্যস্ততাৰ ছবি এখন কবিয়ে প্ৰকাশ কৰিছে। আঘোণ মানেই ধান পকাৰ সময়। শ্ৰমজীৱী কৃষকে পৰিশ্ৰমৰ ফল পকা ধানবোৰ চপাই বছৰটোৰ বাবে খোৱা মুঠি গোটাবলৈ আঘোণ মাহতে ব্যস্ত হৈ পৰে। জীয়ৰী-বোৱাৰী কাৰো যেন ৰৈ থাকিবলৈ সময় নাই। কোনোৱে কাচি চলাইছে, কোনোৱে ডাঙৰি বান্ধিছে আৰু কোনোৱে কঢ়িয়াইছে। সেয়ে কবিয়ে আঘোণৰ লাত পথাৰত দাৱনীৰ কাম আছে বুলি কৈছে।

৩। আঘোণৰ পথাৰত কিহৰ ৰাগি আছে?

উত্তৰঃ আঘোণমহীয়া পথাৰৰ কৰ্মব্যস্থতাৰ মাজতো ডেকা-গাভৰুৰ মনৰ মাজত চিৰন্তন ৰূপত প্ৰবাহিত হৈ থকা প্ৰেমৰ ৰাগিৰ কথা কবিয়ে প্ৰকাশ কৰিছে। পথাৰৰ ব্যস্ততাৰ মাজতো আকাশেদি উৰি যোৱা বন-হাঁহৰ জাকটো দেখিলেই ডেকা-গাভৰুৰ মন-হাঁহো উৰা মাৰে প্ৰেমৰ ৰাগিত মতলীয়া হৈ আপোনজনৰ ওচৰলৈ।

৪। পথাৰত সেউতীয়ে কৰা কেনে ধৰণৰ কামৰ গম ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে চমুকৈ লিখা।

উত্তৰঃ গাঁৱলীয়া কৃষক জীৱনৰ সহজ-সৰল চিত্ৰ এখনি ‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত অংকিত হৈছে। আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিয়ে সৃষ্টি কৰা মনোমোহা পৰিৱেশে কবিৰ প্ৰেমিক মনটিক বাৰুকৈয়ে আকৰ্ষিত কৰিছে। তেওঁ ভালপোৱা সেউতী নামৰ গাভৰুজনী সেই পথাৰতে ধান দাই আছে নেকি চাবলৈ কবিৰ মন উদ্‌গ্ৰীৱ হৈ পৰিছে। কিন্তু কুঁৱলীয়ে বাট-পথ ঢাকি ৰখাত একোকে দেখা নাপালে।

৫। “দেখিলোহেঁতেন বা পতা-সোণ পথাৰত

লঘু পৰিহাস ময়

হাঁহিবোৰ তেউ হালধীয়া” —কথাষাৰ মুকলিকৈ বুজাই লিখা।

উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাত কবি কেশৱ মহন্তই এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ অতি মনোৰম ৰূপত প্ৰকাশ কৰি তুলিছে। আঘোণ মাহত সোণোৱালী পকা ধানে পথাৰৰ সৌন্দৰ্য দুগুণে বঢ়াই তোলে। তাকে আকৌ হাতত কাচি লৈ ৰূপহী গাভৰুজাকে যেতিয়া ধান দাবলৈ পথাৰত সিহঁতৰ উপস্থিতি আৰু লঘু-পৰিহাসময় হাঁহি-খিকিন্দালিয়ে পথাৰখন অতিশয় মোহনীয় কৰি তোলে, তেনে পৰিৱেশত প্রেমিক কবিয়ে যেন নোচোৱাৰ ভাও ধৰিও অলপ দূৰৰ পৰা চাব পাৰিলেহেঁতেন সেই গাভৰুজাকৰ মাজত তেওঁৰ মনখোৱা সেউতীও আছে নেকি। কিন্তু আঘোণৰ কুঁৱলীয়ে বাট ভোট ধৰি আমনি কৰা কাৰণে কবিয়ে একোকে দেখা পোৱা নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top