ড° ভূপেন হাজৰিকা ৰচনা | Dr. Bhupen Hazarika Essay in Assamese

ড° ভূপেন হাজৰিকা ৰচনা | Dr. Bhupen Hazarika Essay in Assamese

Join Telegram channel

ৰং কিনিবা            কোনে অ

ৰং কিনিবা কোনে,

মোনা ভৰাই            বং আনিছো

কিনা মোনে মোনে।

ইখন দেশৰ পৰা সিখন দেশলৈ ৰং কঢ়িয়াই, বিলাই ফুৰা ড° ভূপেন হাজৰিকা। ৰঙেৰে উপচাই পৃথিৱী সুন্দৰ কৰা ভূপেন হাজৰিকা অসমৰ গৌৰৱ। মানৱৰ প্ৰেৰণাৰ উৎস।

ড° ভূপেন হাজৰিকা ৰচনা | Dr. Bhupen Hazarika Essay in Assamese

জন্ম | Birth

পৃথিৱীলৈ নতুন প্ৰভাত আনি নৱযুগৰ সূচনাৰে সংগীতৰ আকাশখনত যি জ্যোতিষ্মান নক্ষত্রই যি উত্তাপ-জ্যোতি মানৱক বিলালে আৰু তেওঁৰ অৱৰ্তমানত সেই উত্তাপ-জ্যোতিবে অনাগত পৃথিৱীৰ মানৱ জাতিক উদ্ভাসিত কৰি মহিয়ান কৰি তোলাৰ আকাংখ্যা আৰু হেঁপাহেৰে সংগীতেৰে সমাজ সংস্কাৰ সাধকৰ ভূমিকা লোৱা অসম ৰত্ন সংগীত সূর্য ড° ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল শদিয়াৰ (পূৰ্বৰ নেফা) ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্রিয়া হাজৰিকাৰ সপোনৰ ফুলে অসমীয়া ভাষা আৰু সংগীত সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গৈছে।

শিক্ষা, কর্ম সংস্থান, বিবাহ

কলা অনুৰাগী আৰু সমাজ সচেতক পিতৃ-মাতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ স্ব-প্ৰতিভাৰে জীৱনৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল অনুসন্ধিৎসু, মেধাৱী আৰু গন্ধৰ্ব কোঁৱৰ ড° ভূপেন হাজৰিকা। শদিয়া আৰু তেজপুৰত তেখেতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে সাংস্কৃতিক চহৰ তেজপুৰতেই ভূপেন হাজৰিকাদেৱে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিশাল ব্যক্তিত্বৰ সান্নিধ্য লাভ কৰিছিল। ১৯৪২ চনত কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৪৬ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে।

সেইখন বিশ্ববিদ্যালয়ৰ পৰাই ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। ১৯৫০ চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লভে! ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগত ডক্টৰেট ডিগ্ৰী (গৱেষণাৰ বিষয় – প্রাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত গণসংযোগৰ ভূমিকা)লাভ আৰু চিকাগো বিশ্ববিদ্যালয়ৰ লিছলে ফেল’শ্বিপ লাভ করে। এই বিশ্ববিদ্যালয়তে তেখেতে লগ পাইছিল বিখ্যাত সংগীতজ্ঞ ‘পল ৰবচনক৷’ নিউয়ৰ্কত থকাৰ সময়ত আমেৰিকাৰ ভাৰতীয় ছাত্ৰসস্থাৰ প্ৰধান সম্পাদক নির্বাচিত আৰু নিউ ইণ্ডিয়া ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰে। তাৰ পাচতে কিছুকাললৈ আকাশবাণীতো চাকৰি কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালত অধ্যাপকৰূপে যোগদান কৰে। কিন্তু এবছৰৰ পাচতেই বিশ্ববিদ্যালয় বিসর্জন দি কলিকতালৈ যাত্ৰা কৰে। তাৰ পিছত ৰাজনীতিত নামি পৰে আৰু ১৯৬৭ চনৰ পৰা ৭২ লৈ নাওবৈছা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৫০ চনত গুজাৰটী যুৱতী প্ৰিয়ম্বদা পেটেলৰ সৈতে তেওঁ নিউয়ৰ্কত যুগ্ম জীৱনৰ পাতনি মেনে! তাৰ ১৩ বছৰৰ পাছত তেওঁলোকৰ বিচ্ছেদ ঘটে। তেওঁলোকৰ একমাত্র সন্তান বর্তমান আমেৰিকাবাসী তেজ হাজৰিকা।

Read Also: ড° মামণি ৰয়ছম গোস্বামী ৰচনা | Dr. Mamoni Raisom Goswami Essay in Assamese

সংগীত প্রতিভা

কৈশোৰ অৱস্থাতে ড° হাজৰিকাই ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান, নামৰে সুৰতে আনন্দত নাচিছিল পৱিত্ৰ বৰদোৱা থান মোৰ গুৰু ঐ, পৱিত্ৰ বৰদোৱা থান’ গীত ৰচনা কৰি গীতি সাহিত্যৰ নৈ বোৱাই সংগীত প্ৰতিভাৰ পৰিচয় দিছিল। পাচ বছৰ বয়সতে ১৯৩০ চনৰ ৩০ অক্টোবৰত গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত ৰাজহুৱা অনুষ্ঠানত গীত পৰিৱেশন কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তামোলৰ পিক সনা মাৰ পৰশ পাইছিল। হয়তো ইয়ে ভূপেন হাজৰিকাৰ বাবে আছিল আৰ্শীবাদ স্বৰূপ। অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশত সূর্য উঠা দেশ’ গীতটোত তেওঁ অসমী আইৰ যি ৰূপ আৰু বৈশিষ্ট্যৰ ছবি আঁকিলে, সেয়া যেন অসমীয়াৰ জাতীয় সংগীত তুল্য৷ ‘হে’হে’হে’ ঢোলেডগৰে’, ‘মই এটি যাযাবৰ’, ‘সাগৰ সংগমত’, ‘বুকু হম হম কৰে মোৰ আইৰ’, ‘জিলিকাব লুইতৰে পাৰ’ ‘বিমূৰ্ত মোৰ নিশাটি যেন’, ‘অ’ বিদেশী বন্ধু’, ‘পখীৰাজ ঘোঁৰা’, ‘লুইতপৰীয়া ডেকা বন্ধু, ‘এন্ধাৰ ৰাতিৰ নিশাতে’, ‘বৰদৈচিলা নে সৰু দৈ চিলা’, আদিকে ধৰি অজস্ৰ গীতৰ সোৱাদ যিয়ে প্ৰকৃততেই লাভ কৰিছে আৰু তেওঁৰ জীৱন বৃত্তান্ত জানিব পাৰিছে, তেওঁ বুজিব যে ভূপেন হাজৰিকা ব্যক্তিত্ব কেনেধৰণৰ তেওঁৰ চিৰসেউজ গীতবোৰে তেওঁৰ সংগীত প্রতিভাৰে আভাস দিয়ে। তেওঁৰ এই প্ৰতিভাৰ আপাহতে তেওঁ অসমীয়াৰ পিতৃস্বৰূপ।

সাহিত্যিক প্রতিভা

ভূপেন হাজৰিকাদেৱে কেবাখনো পুথি প্ৰণয়ন কৰে। অ-আ-ক,খ-ৰ অকণিৰ উপযোগীকৈ আন এখন পুথি প্ৰণয়ন কৰে। সাহিত্যৰ প্ৰতি থকা অনুৰাগৰ সাক্ষী এই পুথিবোৰেও মানৱক আন এক সুকীয়া আমেজ দি আছে। অসমীয়া সাহিত্যৰ পুঞ্জীটো টনকীয়াল কৰিবৰ বাবে তেওঁ এহোপুৰুষাৰ্থ কৰিছিল। বাস্তৱবাদী পুৰুষ হাজৰিকাৰ হাতৰ লেখনিয়ে এক সূকীয়া মানদণ্ড বজাই ৰাখিছে। ড° হাজৰিকাদেৱৰ অন্যান্য সাহিত্য কৰ্মৰ ভিতৰত- সুন্দৰৰ ন দিগন্ত, সুন্দৰৰ সৰু-বৰ আলিয়েদি, সময়ৰ পখী ঘোঁৰাত উঠি, সহস্ৰজনে মোক প্রশ্ন কৰে, কৃষ্টিৰ পথাৰে পথাৰে, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, ব’হাগ মাথোঁ এটি ঋতু নহয়, বহ্নিমান লুইতৰ পাৰে পাৰে, নন্দনতত্ত্বৰ কৰ্মীসকল, সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰ, সম্পাদকীয়, মোৰ দেশঃ মোৰ মনৰ কথা, প্ৰসংগ সুন্দৰৰ ইত্যাদি প্ৰৱন্ধ সংকলন। সেইদৰে জিলিকাব লুইতৰে পাৰ, সংগ্ৰাম লগ্নে আজি, আগলি বাহৰে লাহৰি গগনা, বহ্নিমান ব্ৰহ্মপুত্ৰ, গীতাৱলী আদি গীতৰ সংকলন। দিহিঙে-দিপাঙে, মই এটি যাযাবৰ এই দুখন ভ্রমণ কাহিনী ইত্যাদি বিশেষভাবে উল্লেখযোগ্য।

সংগীত পৰিচালক হিচাপে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত – অসমৰ বহুকেইখন চলচ্চিত্ৰত তেওঁ সংগীত পৰিচালনা কৰাৰ বাহিৰেও ভাৰত বিভিন্ন আঞ্চলিক ভাষাত গীত গায় আৰু সংগীত পৰিচালনা কৰে। তেওঁ সৰ্বপ্ৰথম সংগীত পৰিচালনা কৰা চলচ্চিত্ৰখন হ’ল ‘এৰাবাটৰ সুৰ’ ১৯৫৬ চন। তাৰ পিছত ক্ৰমে ‘পিয়লি ফুকন’, ‘ধুমুহা’, ‘কেঁচা সোণ’, ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘কাঁচঘৰ’, ‘খোজ,’ ‘পলাশৰে ৰং’, ‘বনহংস’, ‘বনজুই’, ‘অকণ’, ‘অপৰূপা’, ‘মা’, ‘যুগে যুগে সংগ্রাম’, ‘প্রতিশোধ’, ‘প্রিয়জন’, ‘অশান্ত প্ৰহৰ’, আদি । হিন্দী আৰোগ (১৯৭৩) ‘অপেক্ষা’, ‘একপল’, ‘ৰুদালী’, ‘মিল গয়ী মঞ্জিল,’ মুঝে’, ‘পপিহা’, ‘দৰমিয়া’, ‘গজগামিনী’, ‘চাজ’, ‘কিউ’। বাংলা ‘জীৱন তৃষ্ণা’, ‘জোনাকীৰ আলো, পড়ি ও  কোমল’, ‘অসমাপ্ত’, ‘এখানে পিঞ্জব’, ‘দম্পতি আদি’।

অসমীয়াৰ উপৰিও তেখেতে ১৯৫৮ চনত ‘মাহুত বন্ধুৰে’ নামৰ বাংলা চলচ্চিত্ৰৰ পৰিচালক হিচাপে আত্ম প্রকাশ কৰে। সেইদৰে ১৯৭৭ চনত ‘মেৰা ধৰ্ম মেৰী মা’ নামৰ হিন্দা চলচ্চিত্রৰ পৰিচালক হিচাপে কাম কৰে। অন্যান্য ভাষাৰ ক্ষেত্ৰত ভোজপুৰা (সত্ মাইয়া কা মহিমা) কাৰ্বি ( ৰিং আং তং) বড়ো (জিউনি চিমাং) আদি চলচ্চিত্রতো সংগীত পৰিচালক হিচাপে কাম কৰিছিল।

বঁটা, সন্মান

১৯৬০-৬৭ চনত হাজৰিকাদেৱে শকুন্তলা ছবিৰ বাবে, ১৯৬৪ ছবিৰ বাবে, ১৯৬৪ চনত ‘প্রতিধ্বনি আৰু ১৯৬৭ চনত লটিঘটি ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় বঁটা আৰু ১৯৭৭ চনত পদ্মশ্ৰী বঁটা লাভ  কৰে। ‘মেৰা ধৰম’ মেৰী মা’ৰ বাবে অৰুণাচল চৰকাৰৰ সোণৰ পদক লাভ আৰু ‘চামেলি মেমচাহাব’ ছবিৰ বাবে শ্রেষ্ঠ সংগীতজ্ঞৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। বাংলা ছবি ‘দম্পতি’ৰ সংগীত পৰিচালনাৰ বাবে বাংলা চলচ্চিত্ৰ প্ৰচাৰ সমিতি আৰু বাংলা চলচ্চিত্র পুৰস্কাৰ সমিতিয়ে দুটা বঁটাৰে সন্মানিত কৰে। ‘সীমনা গোৰিয়ে’ ছবিত কৰা অনবদ্য সংগীত পৰিচালনাৰ বাবে তেওঁলৈ বাংলাদেশে দুট৷ বঁটা আগবঢ়ায়।

১৯৮৭ চনত শংকৰদেৱ বঁটা আৰু সংগীত নাটক একাডেমী আৰু ‘আছাম মেন অব ডা ইয়েৰ সন্মান’ ‘দাদা চাহেব ফাল্কে বঁটা লাভ কৰে। ১৯৯৯ চনত পাঁচ বছৰৰ বাবে সংগীত নাটক একাডেমীৰ অধ্যক্ষ নিযুক্তি আৰু ২০০১ চনত পদ্মভূষণ বঁটা লাভ কৰে। ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসন লাভ, ২০০১ চনত মধ্যপ্রদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা, ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যাচার্য সন্মান, ২০০৯ চনত অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা আদিৰ দৰে সন্মান লাভ কৰাৰ উপৰিও হাজৰিকাদেৱে মৃত্যুৰ পিচত বাংলাদেশ চৰকাৰে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘মুক্তিযোদ্ধা’ ঘোষণা কৰিছে।

Read Also: Class 10 English Solution

সামৰণি

এইজনা বিৰল প্ৰতিভাৰ মহাপুৰুষৰ কৰ্মৰাজী অৰ্থাৎ আদৰ্শেৰে আমি আদর্শবাদী হোৱা উচিত এই মহান ব্যক্তিগৰাকীয়েই সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্যৰ স্বীকৃতি প্ৰদানত মুখ্য ভূমিকা লৈছিল। তেওঁৰ জীৱন সংগ্রামখিনি যেন এক জীৱন্ত দলিল। জীৱন উৰণীয়া মৌ আৰু যাযাবৰ হৈ ফুৰা দুৰন্ত তৰুণ এই ব্যতিক্রমী শিল্পীজনৰ খোজত খোজ দি যাবলৈ আমি চেষ্টা কৰা উচিত। অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাই জনতাৰ বাবে গোটেই জীৱন পুত্ৰ পৰিয়ালৰ পৰা আঁতৰি থাকিল। অৱশ্যে হিন্দী চিনেমাৰ বিখ্যাত পৰিচালিকা কল্পনা লাজমীয়ে ভূপেনদাৰ মৃত্যু পর্যন্ত ছাঁৰ দৰে থাকি সহযোগিতা আগবঢ়াইছিল। ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখ শনিবাৰে অসমীয়াৰ হিয়াৰ আমঠু এই শিল্পীজনে বহুদিন ৰোগাক্ৰান্ত হৈ থাকি শেষ নিঃশ্বাস ত্যাগ কৰে। মুম্বাইৰ কোকিলাবেন হস্পিটেলত তেওঁৰ মৃত্যুত অসমীয়া জাতি আৰু সংগীতপ্ৰেমী লাখ লাখ জনগ ম্ৰিয়মান হৈ পৰে আৰু দেশৰ অপূৰণীয় ক্ষতি হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top