ড° মামণি ৰয়ছম গোস্বামী ৰচনা | Dr. Mamoni Raisom Goswami Essay in Assamese

ড° মামণি ৰয়ছম গোস্বামী ৰচনা | Dr. Mamoni Raisom Goswami Essay in Assamese

Join Telegram channel

অসমী জীয়ৰী তুমি             সাহিত্যৰ শিৰোমণি

বিশ্বসভাত পদার্পিলা।

মানৱৰ মনালোক                দ্বিগুণ কৰি ধৰাত

গিয়ানৰ তম্বু তৰিলা।।

অসমী জীয়ৰী বিশ্ববন্দিতা মহীয়সী নাৰী ড° মামণি ৰয়ছম গোস্বামীয়ে সাধাৰণ এডোখৰ নদীপৰীয়া ঠাইত জন্মগ্ৰহণ কৰি বিশ্ব দৰবাৰত পদধ্বনি তুলি মানৱক স্ব-প্ৰতিভাৰ দ্বাৰা উদ্ভাষিত হৈ উঠা আভাৰে জ্ঞানৰ তম্বু তৰি অসম দেশক আন এক ব্যতিক্রমী বিতোপন ৰহণেৰে ৰহণীয়া কৰিলে। বিশ্বত তাৰ চমকণি উঠিল।

ড° মামণি ৰয়ছম গোস্বামী ৰচনা | Dr. Mamoni Raisom Goswami Essay in Assamese

জন্ম | Birth

১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে মামণি বাইদেৱে কামৰূপ জিলাৰ জগলীয়া নদীৰ পাৰত অৰ্থাৎ জগলিয়াত জন্মগ্ৰহণ কৰে। পিতৃ উমাকান্ত গোস্বামী আৰু মাতৃ অম্বিকা দেৱীৰ সুযোগ্য জীয়ৰী মামণি বাইদেউ যেন আহিছিল এই পৃথিৱীৰ ছন্দ পৰ্যবেক্ষণ কৰি উৎকৃষ্ট সাৰভাগ নিৰূপণ কৰিবলৈ। কিন্তু সেয়া যেন অপূৰ্ণ হৈ ৰ’ল। আধা লেখা দস্তাবেজ হৈ ৰ’ল। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।

শিক্ষা

ব্যতিক্রমী চিন্তাধাৰাৰ গৰাকিনী, শৃংখলিত কাৰ্য-ক্রমণিকাৰে ভাষাতত্বৰ অত্যুৎসাহী মহীয়সী মামণি বাইদেৱে ১৯৫৪ চনত গুৱাহাটীৰ লতাশিল প্রাইমেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। পিছত শ্বিলঙৰ পাইন মাউন্ট স্কুলত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা লাভ কৰি গুৱাহাটীৰ তাৰিণীচৰণ বালিকা বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯৬০ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ দুবছৰৰ পিছত অর্থাৎ ১৯৬৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৭৩ চনত ‘মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন’ শীর্ষক বিষয়ত পি, এইচ্, ডি ডিগ্রী লাভ কৰে।

Read Also: নির্মলপ্ৰভা বৰদলৈ ৰচনা | Nirmol Probha Bordoloi Essay in Assamese

বিবাহ আৰু কৰ্মজীৱন

মামণি বাইদেউ ১৯৬৫ চনত মাধৱেন ৰয়ছম আয়েংগাৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। কিন্তু দুৰ্ভাগ্যবশতঃ এক মটৰ দুৰ্ঘটনাত ১৯৬৭ চনত মাধৱেন ৰয়ছমৰ মৃত্যু হয়। ইয়াৰ পিছৰ পৰা মামণি বাইদেউৰ চকুৰ নিদ্ৰা হৰিল৷ লগত টোপনিৰ বড়ি লৈ দিন কটাবলগীয়া হ’ল। একুৰা দপদপীয়া জুই বুকুত বান্ধি মামণি বাইদেউ জীৱনৰ বাটেদি বাট বুলি থাকি ১৯৬৮ চনত গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ইয়াৰ এবছৰৰ পিছত ১৯৬৯ চনত বৃন্দাবনৰ ইনষ্টিটিউট অৱ অৰিয়েণ্টেল ফিল’ছফিত উপেন্দ্ৰনাৰায়ণ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰে। ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ত আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত তেওঁ অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে। ১৯৯৮ চনত সাহিত্য সম্পৰ্কীয় আলোচনা চক্ৰত সঞ্চালিকা হিচাপে ভাগ ল’বলৈ স্পেইনলৈ যাত্ৰা কৰে ৷

সাহিত্যিক প্রতিভা আৰু অবদান

বঁটা, সন্মান

সাহিত্যিক প্রতিভাব সাক্ষ্য বহন কৰে তেওঁৰ প্ৰথম প্রকাশিত গল্প সংকলন ‘চিনাকি মৰম’-১৯৬২, ‘হৃদয় এক নদীৰ নাম’-১৯৬০, ‘কইনা’-১৯৬৬ আৰু ১৯৭২ চনত প্ৰকাশিত প্রথম উপন্যাস ‘চেনাবৰ স্রোত’ আদিয়ে। ১৯৮০ চনত ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস নামৰ তিনিখন উপন্যাসৰ সংকলন আৰু ক্ৰমে ‘নীলকণ্ঠী ব্ৰজ’ ১৯৭৬, অহিৰণ ১৯৮০, ‘দঁতাল হাতীৰ উঁৱে খোৱা হাওদা’ ১৯৮৮, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি’ ১৯৯৮, ‘দাসৰৰ্থীৰ খোজ’১৯৯৯, ‘ছিন্নমস্তাৰ মানুহটো’২০০১, আদি গ্ৰন্থতেই মামণি বাইদেউৰ সাহিত্যিক প্ৰতিভাৰ পৰিচয় পোৱা যায় আৰু এয়া অসমীয়া সাহিত্য কোষলৈ বিশেষ অৱদান।

তদুপৰি আত্মজীৱনীমূলক ‘আধা লেখা দস্তাবেজ ১৯৮৮, জীৱনী- ‘মহীয়সী কমলা’ ১৯৯৫, অনুদিত গ্রন্থ  ঃপ্রেমচন্দৰ চুটি গল্প ১৯৭৫, ‘আধাঘণ্টা সময়’, ১৯৭৮, ‘জাতক কথা’ ১৯৯৬, ‘কলম’ ১৯৯৬, ‘আহ্নিক’ ২০০০ আৰু ইংৰাজী Ramayana from Ganga to Vrahmaputra ১৯৯৬, সম্পাদনা- ‘এৰি অহা দিনবোৰ’ (মলয়া খাউণ্ডৰ সৈতে) ১৯৯৩ আৰু ইণ্ডিয়ান Floklore আদিবোৰে অনাগতজনৰ সৈতে চিনাকি কৰি দিব মামণি বাইদেউক। তেওঁৰ আদৰ্শত অনুপ্রাণিত হ’ব শত কোটি মানৱ । তেওঁৰ অৱদান হৈ ৰ’ব বিশ্ব সাহিত্য জগতৰ এক উল্লেখনীয় চানেকি। ড° মামণি বাইদেৱে ১৯৭৪ চনত দিল্লীৰ মানস চতুপদী সমিতিৰ দ্বাৰা মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়নৰ বাবে সন্মান লাভ কৰে। ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ নামৰ তিনিখন উপন্যাসৰ সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লভে ১৯৮২ চনত আৰু সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ’ইত্যাদি নামৰ তিনিখন উপন্যাসৰ সংকলনখনৰ বাবে ভাৰত নিৰ্মাতা বঁটা লাভ কৰে ১৯৮৯ চনত।

তদুপৰি ১৯৯২ চনত লক্ষ্ণৌৰ উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ পৰা সৌহার্দ্য বঁটা, ১৯৯৬ চনত সাহিত্যক্ষেত্ৰৰ জীৱন জোৰা কৃতিৰ বাবে কমলকুমাৰী ফাউণ্ডেশ্যনে আগবঢ়োৱা আয়োজন কৰা ‘তুলসী দাস আৰু তেওঁৰ সাহিত্য কৰ্ম’ শীৰ্ষক সন্মিলনত আন্তর্জাতিক তুলসী বঁটা’, ২০০১ চনত ভাৰতৰ সৰ্ব্বোচ্চ সাহিত্য বঁটা জ্ঞানপীঠ বঁটা, ২০০২ চনত ভাৰত চৰকাৰৰ পদ্মশ্রী সন্মান প্রত্যাখ্যান আৰু পশ্চিমবংগৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ ডি.লিট উপাধিৰ লগতে অসমৰ আহোম সভাৰ মহীয়সী ‘জয়মতী বঁটা, ২০০৬ চনত কোৰিয়াৰ ইণ্টাৰনেশ্যনেল ফেদাৰেশ্যন ফৰ ৱৰ্ল্ড গীচ’ৰ দ্বাৰা এম্বেচাদৰ অব পীচ অৰ্থাৎ শান্তিৰ ৰাষ্ট্ৰদূত বঁটা ঘোষণা, ২০০৮ চনত কলকাতাৰ ‘এছিয়াটিক ছ’চাইটিৰ পৰা ‘ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ স্বর্ণপদক সন্মান, ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ‘প্ৰফেছাৰ অৱ এমেৰিটাছ’ সন্মান আৰু ২০১১ চনত অসম চৰকাৰৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান ‘অসম ৰত্ন’ বঁটাৰ লগতে কলকাতাৰ পৰা ‘বটবৃক্ষ’ সন্মান বুটলি মামণি বাইদেৱে নিজৰ লগতে অসমলৈ সুকীয়া এক মহান গৌৰৱ কঢ়িয়াই আনিলে।

Read Also: Class 10 Assamese Solution

সামৰণি

মামণি বাইদেৱে ১৯৭৬ চনত জাপান আৰু দক্ষিণ পূব এছিয়া ভ্ৰমণ কৰে। তেওঁ এখনি অসমীয়া কথাছবিত অভিনয়ো কৰিছিল। মামণি বাইদেউ প্ৰকৃততে এগৰাকী উদ্যমী ব্যক্তি আৰু তেওঁ আছিল এগৰাকী মনে-প্রাণে উদাৰ হৃদয়ৰ কৰুণাময়ী নাৰী, আনহাতে সাহিত্যিক হিচাপে তেওঁ যি কৰ্মৰ নিদৰ্শন দি থৈ গ’ল সেয়া হ’ল টান অর্থাৎ মজবুত। এই মজবুত কৰ্মসাধকগৰাকীৰ অন্তৰেৰে কোমলতা নিঃসৃত হয় দুর্দশাগ্রস্ত, নিপীড়িত, দুখীয়া-নীচলা অর্থাৎ অসহায় মানুহক লৈ আৰু অসহায় মানুহৰ তেজ শুহি খোৱা অমানুহৰ প্ৰতি কঠোৰ হৈ লিখা লিখনিবোৰত। ইয়াৰ উপৰিও অসমত বিচ্ছিন্নতাবাদী সংগ্ৰামৰ উত্তপ্ত লাভাই যেতিয়া পৰিৱেশ পুতি পেলাইছিল, মানুহৰ মাজত হিংসা-প্রতিহিংসাৰ জুই জ্বলি উঠিছিল আৰু সেই জুইত বহুজন অসমীয়াই প্ৰাণাহুতি দিছিল ভৱিষ্যতৰ ৰঙীণ সপোনকো আওকাণ কৰি জুইত দগ্ধ হৈছিল বহু মাতৃৰ হৃদয়, আৰু শুদা হৈছিল বহু পিতৃৰ বুকু।

এই ভয়াবহ পৰিস্থিতি দেখি মামণি বাইদেৱে কান্দি উঠিছিল আৰু অসমৰ বুকুত চলা হিংসা-প্রতিহিংসাৰ ৰক্তপাতৰ আলমত এখনি উপন্যাস ৰচনাৰ পৰিকল্পনা কৰি তাৰ সমলবিচাৰি সিদ্ধান্ত ল’লে যে স্থায়ী এক সমাধানৰ অৱিহনে এই প্রতিহিংসাৰ জুই প্রশমিত নহ’ব। গতিকে ২০০৫ চনত তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ আলফা চৰকাৰৰ আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। ইফালে ‘জেৰাই’ নামৰ এখনি সুখপাঠ্য অনুপম গ্ৰন্থৰ আলমত পৰেশ বৰুৱা-অৰবিন্দ ৰাজখোৱাকো আলোচনাৰ বাবে সৈমান কৰাইছিল। কিন্তু সেই কর্ম প্রচেষ্টা চলাই থাকোতেই মামণি বাইদেউক নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ৷ তেওঁৰ কৰিবলগীয়া বহু কাম আধৰুৱা হৈ ৰ’ল। মনৰ হাবিয়াস অপূৰ্ণ হৈ ৰ’ল। দেশখনৰো শান্তিৰ সেন্দুৰীয়া আলি বন্ধাত ক্ষতি পৰিল । বহুদিন ধৰি মৃত্যুৰ সৈতে যুঁজ দি থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২০১১ ৰ ২৯ নৱেম্বৰৰ পুৱা ৭-৪৫ বজাত ৭০ বছৰ পৰমায়ু পূৰ কৰি ইহসংসাৰৰ পৰা মেলানি মাগিলে৷ তেওঁৰ মৃত্যুত দেশৰ অপূৰণীয় ক্ষতি হ’ল ৷

আমি আশা কৰিছো ড° মামণি ৰয়ছম গোস্বামী ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ড° মামণি ৰয়ছম গোস্বামী ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top