বৃত্তিমূলক শিক্ষা (কাৰিকৰী শিক্ষা) ৰচনা | Vocational Education Essay in Assamese

বৃত্তিমূলক শিক্ষা (কাৰিকৰী শিক্ষা) ৰচনা | Vocational Education Essay in Assamese

শিক্ষাৰ ত্রুটি | Lack of Education

Join Telegram channel

Table of Contents

আধুনিক সভ্যতাই পৃথিৱীৰ বুকুত সৃষ্টি কৰিছে এক বিৰাট সংঘাত। এই সংঘাত সুস্থ জীৱন নিৰ্বাহৰ বাবে। দুবেলা দুমুঠি সুখেৰে, স্বচ্ছন্দে খাই-বৈ জীয়াই থকাৰ সংঘাত। এই সংঘাতে ভাৰতৰ কোটি কোটি দৰিদ্ৰ জনসাধাৰণৰ সন্মুখত এটা বিৰাট প্ৰশ্নৰ সৃষ্টি কৰিছে। সেই প্ৰশ্নটো হৈছে- বৰ্তমান সমস্যাজৰ্জৰ পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁলোক মানুহ হিচাপে বাচি থাকিবনে? সেই প্রশ্নৰ সমাধান নৌ-হওঁতেই আৰু এটা প্ৰশ্ন আহি পৰিছে; স্বাধীনতাৰ পাছত শিক্ষা সম্প্ৰসাৰণৰ ফলত প্ৰতি বছৰে লাখ লাখ শিক্ষিত যুৱক-যুৱতী স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিৰপৰা বাহিৰ হৈছে। কিন্তু চাকৰিত নিযুক্তি পাইছে সামান্য এটা অংশই। ফলত লাখ লাখ নিবনুৱা হৈ গৈ আছে। এইদৰে নিবনুৱা সংখ্যা বাঢ়ি গৈ গৈ কেইবা কোটি হৈছে।

বৃত্তিমূলক শিক্ষা কাৰিকৰী শিক্ষা ৰচনা | Vocational Education Essay in Assamese

শিক্ষিত যুৱক-যুৱতীসকল, কৃষক, শ্রমিক, শিল্পী একো হ’ব নোৱাৰে। কাৰণ, সেইবোৰ বিষয়ৰ শিক্ষা তেওঁলোকৰ নাই। তেওঁলোকে শিক্ষা লাভ কৰিছে- সাহিত্য, বুৰঞ্জী, ভূগোল, অংক, অর্থনীতি, ৰাজনীতি, বিজ্ঞান বা বিজ্ঞানৰ কোনো একোটা শাখাত। এইবোৰৰ শিক্ষাই উপযুক্ত শিক্ষক গঢ়িব পাৰে; আমোলা গঢ়িব পাৰে; কিন্তু কাৰিকৰ গঢ়িব নোৱাৰে। কিন্তু বছৰি নো কিমান, শিক্ষক আৰু আমোলাৰ পদ খালী হয়? গতিকে বৰ্তমানৰ শিক্ষা-ব্যৱস্থাই নতুন পুৰুষসকলৰ ওপৰত দৰিদ্ৰতাৰ অভিশাপ জাপি দিয়াৰ বাহিৰে একো কৰিব পৰা নাই। ল’ৰা-ছোৱালীক শিক্ষিত কৰি তুলিবলৈ গৈ বহুতো পিতৃ-মাতৃ, অভিভাৱকে মাটি, ভেটি, সা-সম্পত্তি বিক্ৰী কৰি দৰিদ্ৰৰ লাওলোটা ল’ব লগা হৈছে। তথাপি আশা কৰিছে তেওঁলোকৰ ল’ৰা-ছোৱালী শিক্ষিত হৈ চাকৰি বাকৰি কৰি ধন ঘটি পুনৰ পৰিয়ালটি সচ্ছল কৰি তুলিব। কিন্তু সেই আশা ৰৈছে সুদূৰ পৰাহত হৈ আৰু দৰিদ্ৰ জনসাধাৰণ হতাশাত দিগ্বিদিক্ শূন্য হৈ পৰিছে।

অতীত ব্যৱস্থা

এই অৱস্থা আমাৰ দেশত সদায় নাছিল। অতীত ভাৰতত মানুহে কাম ভাগ কৰি লৈছিল৷ অভিৰুচি আৰু যোগ্যতা অনুসৰি মানুহে বৃত্তি গ্ৰহণ কৰিছিল। সেই অনুক্রমেই ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ্ৰ আদি চাৰি বৰ্ণৰ সৃষ্টি হৈছিল। ইয়েই পাছত জাতি-ভেদ প্ৰথাৰ সৃষ্টি কৰিলেও প্রত্যেকেই নিজ নিজ বৃত্তি আন্তৰিকতাৰে অনুসৰণ আৰু সম্পাদন কৰাৰ কাৰণে দেশৰ সম্পদ বাঢ়িছিল আৰু সমাজতো শৃঙ্খলা বিৰাজ কৰিছিল। যোগ্যতা আৰু প্ৰতিভা অনুযায়ী বৃত্তি নিৰ্বাচন কৰিলে মানুহৰ কৰ্ম-দক্ষতা পায়, কর্মক্ষমতাও সর্বাধিক বিকাশ সম্ভৱ হয়। অৱশ্যে এই কথা ঠিক যে, আজিৰ সুসভ্য মানৱে বৃত্তি অনুসৰি জাতি-ভেদৰ সৃষ্টি হোৱাটো কেতিয়াও কামনা নকৰে আৰু বৰ্তমান যুগত সি সম্ভৱো নহয়। সেই বুলি দক্ষতা আৰু প্ৰতিভা অনুয়াযী বৃত্তি নির্বাচন কৰাটো নিশ্চয় কাম্য।

Read Also: জাতীয় প্ৰতিৰক্ষা ৰচনা | National Defense Essay in Assamese

ইংৰাজ দায়ী

এই কথা আমি শতমুখে স্বীকাৰ কৰিব লাগিব যে, ইংৰাজ চৰকাৰে আমাৰ বৃত্তিবোৰ কাঢ়ি নি আমাক কৰ্মবিমুখ কৰি কেৰাণীগিৰিৰ শিক্ষাতে আমাক আৱদ্ধ কৰি ৰাখি সমগ্র জাতিটোকে পংগু কৰি তুলিলে। সেইবাবে চাকৰিৰ মোহ আমাৰ আজিও যোৱা নাই। জাতীয় শিক্ষা-নীতি জাতীয় উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ নকৰাৰ পৰিণতি স্বৰূপেই আজি দেশত লাখ লাখ শিক্ষিত নিবনুৱাই কর্ম-সংস্থান বিচাৰি আৰ্তনাদ কৰিব লগা হৈছে।

মেধা আৰু প্রবৃত্তি অনুসৰি শিক্ষাৰ আৱশ্যকতা

কাৰিকৰী শিক্ষাৰ আৱশ্যকতা- সেইবাবে আধুনিক যুগে দাবী জনাইছে যে শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰৱণতা অনুসৰি শিক্ষা ব্যৱস্থা হ’ব লাগে- যি শিক্ষা গ্ৰহণ কৰি মানুহে কোনো চাকৰিৰ বাবে চৰকাৰৰ মুখলৈ বাট চাই নাথাকি নিজ অভিৰুচি মতে বৃত্তি গ্ৰহণ কৰি জীৱিকা অৰ্জনত ৰত হ’ব পাৰে। সকলো ছাত্ৰছাত্ৰীৰে মেধা বা প্ৰতিভা আৰু অভিৰুচি একে নহয়। কথাতে কয়- “ধানটো প্ৰতি কণটো, মানুহটো প্ৰতি মনটো।” এজনৰ এটা বিষয়ত যি দক্ষতা, আন এজনৰ সেই বিষয়ত মুঠেও দক্ষতা নাথাকিব পাৰে। আমাৰ অভিভাৱসকলে এই বিষয়ে কোনোদিন মনোযোগ দিয়া নাই, চিন্তাও কৰা নাই।

চিন্তা মাথো এয়ে; নিজ সন্তান হাকিম হওক, ডাক্তৰ বা ইঞ্জিনীয়াৰ বা প্ৰফেচাৰ হওক। অথচ সন্তানটিয়ে তাৰ বাবে আৱশ্যকীয় ডিগ্রী লাভ কৰিব নোৱাৰি জীৱনটো ব্যৰ্থতাৰে ভৰাই তুলিছে। আজি কিছুদিনলৈকে জাতীয় চৰকাৰেও এই বিষয়ত বিশেষ গুৰুত্ব দিয়া নাছিল। অথচ উচ্ ডেপাছ্‌, চেলাৰ কমিছন, ৰাধাকৃষ্ণণ কমিছন, মুডালিয়াৰ কমিছন, কোঠাৰী কমিছন আদি বহু কমিছনে বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পৰামৰ্শ সদায় দাঙি ধৰি আহিছে। গান্ধীজীয়েও সেইবাবে প্ৰাথমিক পৰ্যায়ৰপৰাই বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ জন্মাবলৈ বুনিয়াদী শিক্ষাৰ ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰাইছিল। কিন্তু চৰকাৰী চাকৰিৰ ঐন্দ্ৰজালিক চমকনিয়ে মানুহক এনে মোহান্ধ কৰি ৰাখিছিল যে মানুহে তাৰ গুৰুত্বকে উপলব্ধি কৰিব নোৱাৰিলে। তদুপৰি উপযুক্ত শিক্ষক আৰু প্ৰদৰ্শকৰ অভাৱ হ’ল। আজি মানুহে লাহে লাহে উপলব্ধি কৰিব ধৰিছে যে, চাকৰিৰ ৰঙীন আৰু দূৰৰ সপোন বাদ দি মানুহ বাস্তৱবাদী হোৱা উচিত। জীৱন্ত বাস্তৱক স্বীকাৰ কৰি মানুহে এতিয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি সন্তান-সন্ততিক বাস্তৱমুখী শিক্ষা দিয়াৰ কথা বিবেচনা কৰিছে।

ভাৰতৰ দৰে দুখীয়া আৰু জনবহুল দেশ এখনৰ দ্ৰুত উন্নয়নৰ কাৰণে, সমৃদ্ধিৰ কাৰণে শিল্প উদ্যোগৰ প্ৰয়োজন প্রশ্নাতীত। শিল্প উদ্যোগ পৰিচালনাৰ কাৰণে দক্ষ কাৰিকৰৰ একান্ত প্রয়োজন। কাৰিকৰৰ বাবে ইঞ্জিনীয়াৰসকলৰ যেনে প্রয়োজন, তেনেদৰ টেক্‌নিচিয়ান, মেকানিক, ফিটাৰ, টাৰ্ণাৰ, ৱেল্ডাৰ আদিৰো প্ৰয়োজন। কামৰ গুৰুত্ব অনুযায়ী প্রত্যেকৰে প্ৰয়োজন অপৰিহাৰ্য। কাৰিকৰসকলক দক্ষ কৰি তুলিবৰ কাৰণে শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যক। এই কথা উপলব্ধি কৰি দেশত টেকনিকেল এডুকেছনৰ প্ৰসাৰ বৃদ্ধি কৰা হৈছে। গতিকে দেশত বহুতো টেক্‌ন’ল’জিকেল ইন্সটিটিউট, ইঞ্জিনীয়াৰিং কলেজ, টেক্‌নিকেল স্কুল আদি স্থাপিত হৈছে। এইবোৰ অনুষ্ঠানত কাৰিকৰী শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত উৎসাহ-উদ্দীপনা জগাই তুলিবৰ কাৰণে নানা বৃত্তিৰ ব্যৱস্থাও কৰা হৈছে। বিদ্যালয়সমূহতো কাৰিকৰী শিক্ষাৰ প্ৰতি ধাউতি জন্মাবলৈ কর্ম-অভিজ্ঞতা বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকল নিজ নিজ প্রতিভা অনুসৰি শিক্ষণীয় বিষয় বাছি লোৱাত সহায় কৰিবৰ কাৰণে বিদ্যালয়সমূহত Vocational guidance-ৰো ব্যৱস্থা কৰা হৈছে। সমস্যা হৈছে কি বৃত্তিৰ প্ৰতি এজন ছাত্ৰৰ প্ৰতিভা আছে, ধাউতি আছে তাৰ নিৰ্ণয় কৰাটো বৰ কঠিন।

সমৃদ্ধিশালী দেশবিলাকত ছাত্ৰৰ প্ৰতিভা পৰীক্ষা কৰি চাই সেই মতে পথ নির্দেশ কৰাৰ সুব্যৱস্থা আছে; কিন্তু আমাৰ দেশত নামত থাকিলেও প্রকৃত কামত তেনে ব্যৱস্থা সুস্থভাৱে গঢ়ি উঠা নাই। সেই বাবে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰো যুটীয়া প্ৰচেষ্টাৰ প্ৰয়োজন হৈছে। যি সকলৰ উচ্চ শিক্ষা লাভ কৰিব পৰা দক্ষতা নাই, অথচ কাৰিকৰী শিক্ষাৰ প্ৰতি উৎসাহী, তেওঁলোকক উচ্চ শিক্ষাৰ বাবে ব্যতিব্যস্ত কৰি নুতুলি কাৰিকৰী শিক্ষা লাভৰ প্ৰতিহে উৎসাহ দিব লাগে; তেনে কৰিলে বহুতে উপযুক্ত কাৰিকৰী শিক্ষা লাভ কৰি কৰ্ম-জীৱনত আত্মপ্রতিষ্ঠা লাভ কৰিব পাৰিব। তাৰ দ্বাৰা নিবনুৱা সমস্যাও যথেষ্ট পৰিমাণে লাঘৱ হ’ব, অর্থনৈতিক সমৃদ্ধিও বাঢ়িব। জাতিৰ সুখ আৰু সমৃদ্ধি ৰচনা কৰিব পাৰিব কাৰিকৰী শিক্ষাইহে। কাৰিকৰী শিক্ষাত শিক্ষিত লোকসকলে কুটীৰ শিল্পৰ উন্নয়নৰ ক্ষেত্ৰতো অৰিহণা যোগাব পাৰিব। দেশৰ প্ৰতিজন নাগৰিকেই যেতিয়া কিবা নহয়, কিবা এটা বৃত্তিৰ অধিকাৰী হ’ব, তেতিয়া অর্থনৈতিক সংকট দূৰ হ’ব; দৰিদ্ৰতা গুচিব আৰু নিবনুৱা সমস্যাও মাধান হ’ব।

কাৰিকৰী শিক্ষাৰ গুণ

কাৰিকৰী শিক্ষাৰ এটা বিশেষ গুণ এয়ে যে চাকৰি নকৰাকৈও এজন মানুহে নিজ বৃত্তিৰ সহায়ত জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হয়। স্বাধীনভাৱে কাম কৰি উপাৰ্জনক্ষম হ’ব পাৰে। বহুতে এইদৰে ক’ব খোজে যে, কাৰিকৰী শিক্ষাই মানুহক বেছি বাস্তৱমুখী কৰি তোলে। ৰূঢ় বাস্তৱৰ লগত ঘনিষ্ঠ সম্পর্ক গঢ়ি উঠাৰ ফলত সূক্ষ্ম আৰু উচ্চ চিন্তা-চৰ্চাৰপৰা মানুহ বিৰত হৈ পৰে; ফলত ক্লান্তি আৰু বিৰক্তিয়ে তেওঁলোকৰ মন ভাৰাক্ৰান্ত কৰি তোলে। জীৱনো যান্ত্ৰিক আৰু গতানুগতিক হৈ পৰে। এই ধাৰণা ভুল। বাস্তৱৰ লগত সম্বন্ধ যিমানে ঘনিষ্ঠ হয়, অনুভূতি সিমানেই গভীৰ হয়। সাহিত্যৰথী বেজবৰুৱাই চম্বলপুৰৰ হাবিত কাঠৰ লগত যুঁজি যুঁজি কাঠ হৈ যোৱা নাছিল; বৰঞ্চ ভাব বিশাল আৰু প্ৰৱল, অনুভূতিনগভীৰহে হৈছিল। তাৰ ফলতে চহকী হ’ল- অসমীয়া সাহিত্যৰ ভঁৰাল। সৌ সিদিনা ৰাধাগোবিন্দ বৰুৱাই ছপাশালৰ লোহাৰ কঠিন গুটিবিলাকৰ মাজতো জানো স্বদেশ প্ৰেম আৰু মানৱ প্ৰেমৰ উৎস?বিচাৰি পোৱা নাছিল? কথা হ’ল- Where there is a will, there is a way. মন কৰিলেই চন।

Read Also: Class 9 Science Solution

মন্তব্য

আনহাতেদি এই কথাও জীৱন্ত সত্য যে, শুদা পেটত গামোচা বান্ধি কোনেও উচ্চ চিন্তা কৰিব নোৱাৰে; উচ্চ শিক্ষিত হৈ নিবনুৱা জীৱন ধাৰণ কৰি বাটে বাটে ঘূৰি-ফুৰিও উচ্চ চিন্তাত মনোনিৱেশ কৰা সম্ভৱ নহয়। আগতে পেটটো ভৰিব লাগিব; তাৰ পাছতহে অন্য চিন্তা। আগতে চাউল কঠা, পিছতহে হৰি কথা। গতিকে ডিগ্ৰীৰ মোহ-মানৱ জীৱনৰ ঘাই কথা নহয়। ঘাই কথা হৈছে অন্ন-সংস্থান। সেইবাবে যোগ্যতা আৰু মেধা অনুযায়ী কাৰিকৰী শিক্ষা লাভ কৰি একোটা বৃত্তি গ্ৰহণ কৰা বাঞ্ছনীয়। তাকে কৰিলে দেশৰ দৰিদ্ৰতাও দূৰ হ’ব আৰু নিবনুৱা সমস্যাও সমাধান হ’ব।

আমি আশা কৰিছো বৃত্তিমূলক শিক্ষা (কাৰিকৰী শিক্ষা) ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ বৃত্তিমূলক শিক্ষা (কাৰিকৰী শিক্ষা) ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top