জাতীয় প্ৰতিৰক্ষা ৰচনা | National Defense Essay in Assamese

জাতীয় প্ৰতিৰক্ষা ৰচনা | National Defense Essay in Assamese

প্ৰতিৰক্ষাৰ আৱশ্যকতা

Join Telegram channel

Table of Contents

বিজ্ঞানে আৱিষ্কাৰ কৰা নতুন নতুন শক্তিশালী আৰু স্বয়ংক্রিয় মাৰণাস্ত্ৰ লৈ বিশ্বত কোনো কোনো জাতি মদোন্মত্ত হৈ উঠিছে; আৰু তাৰ পৰিণতি স্বৰূপে বিশ্বত যুদ্ধৰ সম্ভাৱনা বৃদ্ধি পাইছে আৰু বিশ্ব শান্তি স্থাপনত প্রতিবন্ধকতাৰ সৃষ্টি হৈছে। পৃথিৱীত যেতিয়ালৈকে ৰাজনৈতিক মত বিৰোধিতা থাকিব, ‘পৰৰাজ্যৰ সমৃদ্ধিৰ প্ৰতি ঈর্ষা থাকিব, পৰৰ সম্পদ প্রতি লোভ, হিংসা-দ্বেষ আৰু শক্তিৰ উন্মাদনা থাকিব, তেতিয়ালৈকে এখন ৰাষ্ট্ৰৰ দ্বাৰা আন এখন ৰাষ্ট্ৰ আক্ৰান্ত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকিব।

জাতীয় প্ৰতিৰক্ষা ৰচনা | National Defense Essay in Assamese

বর্তমান জগতত ৰাজনীতিয়ে এনে কূট-কৌশলো অৱলম্বন কৰিছে যে নিজ দেশৰ আভ্যন্তৰীণ বিদ্ৰোহ, জটিল সমস্যা আদি সমাধানত অপৰাগ হৈ, অপ্ৰৰোচিতভাৱে ওচৰ-চুবুৰীয়া দেশৰ লগত যুদ্ধ সংঘটিত কৰি জনগণৰ দৃষ্টি নিজস্ব জটিল সমস্যাৰপৰা আঁতৰাই নি যুদ্ধৰ প্ৰতি ন্যস্ত কৰায়। ১৯৬৫ চনৰ পাকিস্তানৰ দ্বাৰা ভাৰত আক্ৰমণ তাৰ জ্বলন্ত উদাহৰণ। এনেবোৰ পৰিস্থিতিৰ বাবে দেশ সজাগ হৈ থাকিব লাগিব আৰু দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাও দৃঢ় হ’ব লাগিব। স্বাধীন সার্বভৌম ৰাষ্ট্র জাতীয় নিৰাপত্তা প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰত সম্পূর্ণ নিৰ্ভৰশীল।

প্ৰাক্-স্বাধীনতাৰ যুগত প্ৰতিৰক্ষা

প্ৰাক্-স্বাধীনতাৰ কালছোৱাত ইংৰাজ চৰকাৰে তেওঁলোকৰ স্বার্থসিদ্ধিৰ উদ্দেশ্য আগত ৰাখি প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তুলিছিল। উচ্চ সামৰিক পদবিলাকত ইংৰাজ কৰ্মচাৰী নিয়োগ কৰি একচ্ছত্ৰী অধিকাৰ ভোগ কৰিছিল। দেশত ৰণ-সম্ভাৰ উৎপাদন কাৰখানা নির্মাণ কৰিছিল। সৈন্যবাহিনীতো নিয়োগৰ ক্ষেত্ৰত নানা শ্রেণীভেদ আৰু বাধা-নিষেধ আৰোপ কৰাৰ ফলত কম সংখ্যক লোকেহে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অংশ গ্ৰহণ কৰিব পাৰিছিল। সেইবাবে স্বাধীনতা লাভৰ পাছত ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব উপলব্ধি কৰি নানা ৰণ-সম্ভাৰ উৎপাদন কাৰখানা প্রতিষ্ঠা কৰিবলৈ বাধ্য হৈ পৰে।

Read Also: বাধ্যতামূলক সামৰিক শিক্ষা ৰচনা | Compulsory Military Education Essay in Assamese

স্বাধীনোত্তৰ কালত প্ৰতিৰক্ষা

ভাৰতৰ মূল্যবান সম্পদবোৰ লুটি-পুটি নি অথচ কোনো উন্নয়নমূলক ব্যৱস্থা গ্ৰহণ নকৰি শোষক ইংৰাজে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পেলাই থৈ যোৱা ভাৰতে প্ৰতিৰক্ষা ব্যৱস্থা সুসংগঠিত আৰু সুদৃঢ় কৰাৰ লগতে নানা অর্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সমস্যাও সমাধান কৰিব লগা হৈছে। সেইবাবে অন্যান্য ৰণ-উন্মাদ ৰাষ্ট্ৰ-বিলাকৰ সমপর্যায়লৈ গৈ অস্ত্র-শস্ত্ৰ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা নাই। তথাপি শক্তি অনুযায়ী দেশৰ ঠায়ে ঠায়ে অস্ত্রশস্ত্ৰ নিৰ্মাণ কাৰখানা স্থাপন কৰা হৈছে। আৱশ্যক অনুযায়ী বিদেশৰপৰাও আকাশীযান, জলযান আদি কিনি অনা হৈছে। স্থল বাহিনী, নৌ-বাহিনী আৰু বিমান বাহিনী আদিক উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ দি শক্তিশালী কৰি তুলিবৰ কাৰণে বাল্বালোৰ, পুণে, ডেৰাডুন আদি ঠাইত সামৰিক বিদ্যালয় আৰু দেশৰ বিভিন্ন ঠাইত সৈনিক স্কুল পড়া হৈছে। দেশৰ বৃহৎ জনসংখ্যাৰ তুলনাত আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা এতিয়াও স্বয়ং সম্পূৰ্ণ হোৱা নাই। তথাপি আমাৰ স্থল-বাহিনী শক্তি, বলবীৰ্য আৰু ৰণ-কৌশলত পৃথিৱীত শ্রেষ্ঠ শক্তিবিলাকৰ সমকক্ষ বুলি প্ৰমাণিত হৈছে। আমি যদি কওঁ যে আমাৰ ৰাজপুত, শিখ, গোৰ্খা, জাট্ আদি ৰেজিমেন্ট অজেয়, সি অতিৰঞ্জিত নহয়।

এই কথা অৱশ্যে আমি স্বীকাৰ কৰিব লাগিব যে আধুনিক কলা-কৌশলযুক্ত যুদ্ধৰ সঁজুলি তৈয়াৰ কৰাৰ ক্ষেত্ৰত আমি কিছু পিছ পৰি আছো। তথাপি দেশত কল-কাৰখানা স্থাপন কৰি বিদেশৰপৰা বিশেষজ্ঞ আনি প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ চেষ্টা কৰা হৈছে, এই ক্ষেত্ৰত ছোভিয়েট চৰকাৰৰ সহযোগিতা বিশেষভাৱে উল্লেখযোগ্য। তেওঁলোকৰ হিন্দুস্থান এয়াৰক্ৰেফ্‌ফ্ট আৰু কাণপুৰৰ কাৰখানাত সম্পূৰ্ণ দেশীয় ইঞ্জিনীয়াৰ, কাৰিকৰৰ দ্বাৰা কেইবাবিধো বিমান নিৰ্মাণ হৈ আছে। ভাৰতীয় বিশেষজ্ঞ আৰু কাৰিকৰসকলে কোনো ৰাষ্ট্ৰৰে সহায় নোলোৱাকৈ শব্দৰ গতিতকৈ বেছি বেগী ছুপাৰছনিক বিমান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। ছেমি অট’মেটিক ৰাইফলো বর্তমানে আমাৰ দেশতে তৈয়াৰ হৈছে।

ভাৰতৰ সুদীৰ্ঘ উপকূল ভাগ সুৰক্ষিত কৰিবৰ কাৰণে আৱশ্যকীয় নৌ-বাহিনীৰ তুলনাত বৰ্তমান ভাৰতৰ নৌ-বাহিনী তেনেই ক্ষুদ্র। সেইবাবে দেশৰ উপকূল ভাগৰ সুৰক্ষাৰ কাৰণে ডেস্ট্রয়াৰ, ক্রুইজাৰ, ফ্রিগেট, ছাব্‌মেৰিণ আদি যুদ্ধ জাহাজ ভাৰতে ইংলণ্ড, আমেৰিকা, জাপান আদি দেশৰপৰা কিনিব লগা হৈছে। বর্তমান কলকাতাৰ গার্ডেনৰীচ ৱৰ্কশ্বপত নানাবিধ যুদ্ধ জাহাজ তৈয়াৰ হ’ব ধৰিছে। ইতিমধ্যে টেংক আদিও দেশতে নিৰ্মাণ হৈছেই। যুদ্ধাস্ত্ৰ আৰু অন্যান্য সমল তৈয়াৰ কৰিবলৈ আমাৰ এতিয়া যথেষ্ট বিশেষজ্ঞ ওলাইছে। আমাৰ জোৱানসকলো বলী, সাহসী আৰু অত্যন্ত দেশপ্রেমিক। গতিকে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা অনতিপলমেই যে সুদৃঢ় হৈ উঠিব তাত সন্দেহ নাই।

এইখিনিতে আমি উল্লেখ নকৰিলে ভুল হ’ব, যে ভাৰতে অস্ত্র-শস্ত্ৰ, বিমান আদি নিৰ্মাণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, ই কেৱল নিজ দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ বাবেহে। বাহিৰা শত্ৰুৰ দ্বাৰা আমি আক্ৰান্ত হ’লে যাতে দৃঢ়ভাৱে প্ৰতিৰোধ কৰিব পাৰো তাৰ বাবেহে; পৰৰাষ্ট্ৰ বিপন্ন কৰিবৰ কাৰণে নহয়। যুগ যুগ ধৰি ভাৰত শান্তি প্রয়াসী আৰু আজিও ভাৰতে বিশ্বৰ বুকুত চিৰদিনৰ বাবে যুদ্ধ নিঃশেষ কৰি শান্তি প্রতিষ্ঠাৰ কাৰণে প্ৰচেষ্টা চলাই আহিছে। আনহাতেদি বিশ্বৰ বৃহৎ শক্তিসমূহে উন্নততৰ যুদ্ধাস্ত্ৰ নিৰ্মাণত সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। তাৰ ফলত যুদ্ধৰ বিভীষিকাই শান্তি প্রয়াসী জাতিসমূহক সন্ত্ৰক্ত কৰি তুলিছে। শক্তিশালী জাতিবিলাকৰ মাজত গোষ্ঠী গঢ়ি উঠিছে। পৰস্পৰে পৰস্পৰ্ক সন্দেহ কৰিবলৈ ধৰিছে। সেয়ে শীতল যুদ্ধৰ সূচনা কৰিছে।

ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতি

পাৰস্পৰিক সহ-অৱস্থান আৰু শান্তিত বিশ্বাসী ভাৰতে গোষ্ঠী-নিৰপেক্ষ নীতি গ্ৰহণ কৰিছে আৰু নিৰপেক্ষভাৱেই বিশ্বৰ বুকুৰপৰা যুদ্ধৰ অৱসান ঘটাই শান্তি প্রতিষ্ঠাৰ বাটত অগ্ৰসৰ হৈছে। এছিয়া আৰু আফ্ৰিকাৰ জাতিসমূহে ভাৰতৰে আদৰ্শ লৈ স্বাধীনতা লাভত অগ্ৰসৰ হৈছে আৰু সফলতাও লাভ কৰি ভাৰতৰ গোষ্ঠী-নিৰপেক্ষ আৰু শান্তিৰ নীতি গ্ৰহণ কৰিছে। আনকি পৃথিৱীৰ দুই পৰস্পৰ বিৰোধী ৰাজনৈতিক আদৰ্শত অনুপ্ৰাণিত ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰইও ভাৰতৰ নীতিত আস্থা প্ৰকাশ কৰিছে। বিশ্বত সেইবাবে ভাৰতৰ সন্মানো বাঢ়িছে।

পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰতৰ অহিংসা, অনাক্ৰমণ আৰু শান্তিপূর্ণ সহ-অৱস্থান নীতিত কিছুমান সাম্রাজ্যবাদী দেশ সন্তুষ্ট হ’ব পৰা নাই। সেইবাবে ভাৰতৰ ওপৰত নানাভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সদায় চেষ্টা কৰি আছে। তেওঁলোকৰ মতে ভাৰতে বিশ্বত নিজৰ স্থান নির্ণয় কৰিবলৈকে পাৰমাণৱিক যুদ্ধ-সজ্জাত অংশগ্ৰহণ কৰা উচিত। এই যুক্তি নিতান্তই ল’ৰালি ৷ ভাৰত কোনো প্ৰৰোচনাত ভোল নাযায়। এই দেশে যি অহিংসা আৰু শান্তিৰ বাণী যুগ যুগ ধৰি বিশ্বক শুনাই আহিছে, তাতেই অবিচলভাৱে লাগি থাকিব।

Read Also: Class 11 Political Science Solution

সামৰণি

কিন্তু সেই বুলিয়ে এই বিস্তীৰ্ণ ভূ-খণ্ডৰ অখণ্ডতা আৰু মৰ্যাদা কোনো দিনে কাৰো দ্বাৰা হেয় হ’বলৈকো নিদিয়ে। জাতীয় মর্যাদাৰ পৱিত্ৰতা ভাৰতবাসীয়ে সৰ্বশক্তিৰে ৰক্ষা কৰিব। তাকে কৰিবলৈকো আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা দৃঢ় আৰু আধুনিকীকৰণ একান্ত আৱশ্যক। আমি সদায় লক্ষ্য ৰাখিব লগা হৈছো যে, নানা বিৰুদ্ধ শক্তিয়ে আমাক চাৰিওফালে বেঢ়ি আছে আৰু আমাৰ শান্তিৰ নীতি ব্যাহত কৰিবলৈ অপচেষ্টা চলাই আছে। সেইবাবে জাতিৰ নিৰাপত্তা, সার্বভৌমত্বৰ নিৰাপত্তাৰ বাবেই আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা উন্নত কৰিবই লাগিব। অচিৰেই সি হৈ উঠিব আৰু ভাৰতে দুগুণ উৎসাহেৰে শান্তিৰ বাণী জগতত প্ৰচাৰ কৰি জগতক প্ৰমাণ কৰি দেখুৱাব যে সিহে বিশ্বৰ প্ৰগতি আৰু শান্তিৰ একমাত্র পথ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top