বাধ্যতামূলক সামৰিক শিক্ষা ৰচনা | Compulsory Military Education Essay in Assamese

বাধ্যতামূলক সামৰিক শিক্ষা ৰচনা | Compulsory Military Education Essay in Assamese

Join Telegram channel

ব্যক্তি, জাতি আৰু দেশৰ বাবে শক্তি এবিধ ডাঙৰ সম্পদ। দেশৰ আশা-আকাঙ্ক্ষা পূর্ণ হয় শক্তিৰ মাধ্যমেৰে। শক্তি পুৰুষত্বৰ চিন। শক্তিয়ে আত্মবোধ, আত্ম মর্যাদা জাগ্রত কৰে; কিন্তু কাপুৰুষতাই মানুহৰ মনত নিচাত্মিকাৰ মনোভাৱৰহে সূচনা কৰে। যি জাতিৰ শক্তি নাই, যাৰ আত্ম-মৰ্যাদা নাই, সেই জাতিৰ স্বাধীনতা বিঘ্নিত হয়। জাতিৰ জনক মহাত্মা গান্ধীয়ে কৈছিল- “I do believe that where there is only a choice between cowardice and violence, I would advise violence, ………..I would rather have India resort to arms in order to defend her honour than that she should in a cowardly manner become or remain a helpless witness to her own dishonour.”

বাধ্যতামূলক সামৰিক শিক্ষা ৰচনা | Compulsory Military Education Essay in Assamese

আজি এই শক্তি পৰীক্ষাৰ যুগত দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে, শান্তি ৰক্ষাৰ বাবে, বহিঃশত্ৰু প্ৰতিৰোধৰ বাবে। জাতীয় ঐক্য-সংহতি ৰক্ষাৰ বাবে যুদ্ধৰীতিৰ বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে বৈজ্ঞানিক পদ্ধতিৰ স্থায়ী সৈন্যবাহিনীৰ পৰিপূৰক সামৰিক শিক্ষাৰে শিক্ষিত শক্তিমান বৃহৎ ভাৰতীয় জাতি গঠনৰ বাবে সমৰ-শিক্ষার্থীবাহিনীৰ প্ৰয়োজনীয়তা আৰু উপযোগিতা নিশ্চয় আছে।

Read Also: জীৱনৰ মূল্যবোধ ৰচনা | Values of Life Essay in Assamese

স্বাধীনতা ৰক্ষাৰ দায়িত্ব | Responsibility to protect freedom

কুৰি শতিকাৰ ৰক্তাক্ত সংগ্ৰাম আৰু আত্মত্যাগৰ পাছত আমাৰ দেশ জননী-জন্মভূমি ভাৰত মাতৃ পৰাধীনতাৰ গ্লানি ছেদ কৰি মুক্ত হৈছে আৰু বহু প্রত্যাশিত স্বৰাজ লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এই স্বাধীনতাৰ সুদূৰপ্ৰসাৰী মূল্য আছে। আমি সতর্ক দৃষ্টি ৰাখিব লাগিব যাতে আমাৰ এই কষ্টলব্ধ নৱ বিকশিত স্বাধীনতা কোনোপধ্যে বিপন্ন নহয়। নিজৰ দেশমাতৃক ৰক্ষা কৰা দেশবাসীৰ জন্মগত অধিকাৰ আৰু ই এটা পৱিত্ৰ দায়িত্ব আৰু মহৎ কর্তব্য।

সাম্রাজ্যবাদী ইংৰাজ জাতিয়ে ভাৰতবাসীক স্বাধীনতা দি গ’ল সঁচা; কিন্তু সিহঁতে ভাৰতবৰ্ষ ত্যাগ কৰাৰ লগে লগে ভাৰতত এজোপা বিহগছ ৰোপণ কৰি গ’ল। আমাৰ দেশক দ্বিখণ্ডিত কৰি দেশৰ ভিতৰতে। ভাই-ভাইৰ মাজতে হিন্দু মুছলমানৰ ৰং ছটিয়াই হিংসা-প্রতিহিংসাৰ দাবানল জ্বালাই গ’ল। সেয়েহে আমাৰ এই কষ্টোপার্জিত স্বাধীনতা পুনৰ যেন আন কোনো ক্ষমতাশালী বিদেশী জাতিৰ কবলত নপৰে, তাৰ বাবে আমি সদা সতর্ক দৃষ্টি ৰাখিব লাগিব।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বিশ্বশান্তি অটুট ৰখাৰ অৰ্থে সম্মিলিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠিত হ’ল; কিন্তু আজিলৈ বিশ্বশান্তি সুদৃঢ় নহ’ল, বৰং বৰ্তমান বিশ্বৰ বিভিন্ন দেশত শক্তিৰ পৰীক্ষা, শক্তিৰ খেলাহে চলিছে। মধ্যপ্রাচ্যত ইজৰাইল, ইৰাক, ইৰাণ অথবা আৰব ৰাষ্ট্ৰবোৰৰ মাজত আৰু অন্যান্য দেশ কিছুমানৰ মাজতো হিংসাৰ যুদ্ধ চলিয়ে আছে। ভাৰতৰ সীমান্তও অশান্ত। প্ৰতিৱেশী ৰাষ্ট্ৰবোৰ উদ্বিগ্ন। সকলোৰে মনত শান্তি বিঘ্নিত হোৱাৰ আকাঙ্ক্ষা। বহুত ৰাষ্ট্ৰই আজি আণৱিক বোমা নিষিদ্ধ কৰাৰ কথা কৈ, নিৰস্ত্ৰীকৰণৰ আদৰ্শ গ্ৰহণ কৰিও আণৱিক বোমাৰ পৰীক্ষা কৰা আৰু আধুনিক বৈজ্ঞানিক অস্ত্ৰ আদি নিৰ্মাণৰ কাম কৰিয়েই আছে। এনে ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্বাধীনতা যাতে বিপন্ন নহয়, তাৰ বাবে আৰু আত্মৰক্ষাৰ বাবে সতর্ক থাকিবই লাগিব। জাতিৰ আত্মৰক্ষাৰ বাবে সামৰিক শিক্ষাৰ একান্ত প্রয়োজন।

ভাৰতৰ আদর্শ

ভাৰতবৰ্ষৰ আদৰ্শ মহান। এইখন দেশৰ মূল আদর্শ হৈছে- অহিংস, শান্তি আৰু সহ অৱস্থান। আনৰ দেশ আক্ৰমণ কৰাৰ অভিলাষ ভাৰতবৰ্ষৰ নাই। আনৰ দেশ আক্ৰমণ কৰিবৰ নিমিত্তে সামৰিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা ভাৰতে চিন্তা নকৰে। দেশ আৰু প্ৰতিৱেশী দেশৰ শান্তি বজায় থকাটো ভাৰতৰ কাম্য। বৰ্তমানৰ স্বাধীন ৰাষ্ট্ৰবোৰৰ এটা প্রধান দায়িত্ব আৰু কৰ্তব্য হৈছে স্বাধীনতা নিৰাপদে ৰখাটো। ভাৰতবৰ্ষই নিজৰ স্বাধীনতাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ হ’লে, এপিনে যেনেকৈ দেশৰ আভ্যন্তৰীণ উন্নতি আৰু জাতীয় ঐক্য- সংহতিৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক, তেনেকৈ বহিঃশত্ৰুৱে যাতে আমাৰ দেশ আক্ৰমণ কৰি আমাৰ স্বাধীনতা বিপন্ন কৰি আমাৰ প্রগতি প্রতিহত কৰিব নোৱাৰে, তাৰ প্ৰতিও সতর্ক দৃষ্টি ৰাখিব লাগিব। এনেকুৱা মহান উদ্দেশ্য সাধনৰ বাবেই আজি ভাৰতবৰ্ষত সামৰিক শিক্ষাৰ ব্যৱস্থা কৰাটো অপৰিহাৰ্য। চীন আৰু পাকিস্তানৰ দ্বাৰা আমাৰ সীমান্ত অঞ্চল ১৯৬২, ১৯৬৫, ১৯৭১ আৰু একৈশ শতিকাৰ প্ৰাক্‌মুহূৰ্তত লুণ্ঠিত হৈছিল। সেইবাবে আমাৰ দেশত ব্যাপক সামৰিক শিক্ষাৰ প্ৰয়োজন হৈ উঠিছে। আমাৰ দেশৰ সুদীৰ্ঘ সীমান্ত অঞ্চল সুৰক্ষিত ৰখাটো আমাৰেই প্রধান দায়িত্ব।

পৰাধীনতাৰ কুফল

ভাৰতবৰ্ষ এখন অতি প্রাচীন দেশ। প্রাচীন ভাৰতত ৰাজতন্ত্ৰ শাসন চলিছিল। তেতিয়া ৰজাই সর্বেসর্বা আছিল। প্রাচীন ভাৰতত ৰাজ শাসনৰ সময়তো সামৰিক শিক্ষাৰ ব্যৱস্থা আছিল। তেতিয়া ৰাজপুত্ৰসকলে আৰু আনকি ৰাজকন্যা কিছুমানেও সামৰিক শিক্ষা গ্ৰহণ কৰিছিল। তেতিয়া সামৰিক শিক্ষাৰ কেন্দ্ৰবোৰ আছিল ঋষি-মুনিসকলৰ আশ্ৰমবোৰ। কিন্তু ভাৰতৰ সেই সামৰিক শিক্ষা ব্যৱস্থা ইংৰাজৰ শাসন কালত বিনষ্ট হ’ল।

ইংৰাজসকলে আমাৰ দেশ প্রায় দুশ বছৰ শাসন কৰি ভাৰতীয়সকলক নিশকতীয়া কৰিলে। ভাৰতবাসীক তেওঁলোকে নিৰস্ত্ৰ কৰি সামৰিক শিক্ষাত অপৈণত বুলি শক্তিহীন কৰি ৰখাটো তেওঁলোকৰ স্বাৰ্থ আছিল। আমাৰ দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে আমাৰ দেশ শাসন কৰিছিল। কিন্তু ইংৰাজৰ শাসনত অতিষ্ঠ হৈ ভাৰতৰ জনসাধাৰণৰ মনত আত্মসচেতনতা ভাৱৰ উদগীৰণ হৈছিল। এনে এটা পৰিস্থিতিৰ সুযোগ লৈ ভাৰত-মাতৃৰ সুসন্তান সুভাষ বসুৱে তেওঁৰ অসাধাৰণ ৰণকৌশল আৰু নেতৃত্বৰে ‘আজাদ হিন্দ ফৌজ’ গঠন কৰি অসীম সাহস আৰু বীৰত্বৰে দুৰ্দান্ত বৃটিছসকলক ভাৰত মাতৃৰ বুকুৰ পৰা বিতাৰণ কৰিবলৈ অগ্ৰসৰ হৈছিল।

তৰুণ শক্তি আৰু সামৰিক শিক্ষা

তৰুণ শক্তিয়ে দেশৰ শক্তি। যি দেশৰ তৰুণসকল পৰাক্ৰমী, সাহসী, বুধিয়ক আৰু স্বদেশপ্রেমী, তেওঁলোক দেশৰ সম্পদ, দেশৰ ভৱিষ্যৎ। তেওঁলোকৰ ওপৰতে সুৰক্ষা নিৰ্ভৰ কৰে। ভাৰতবৰ্ষৰ ঐতিহ্য গৌৰৱ আৰু ইয়াৰ আত্মশক্তিত আস্থা ৰাখি দেশৰ প্ৰগতি কৰিবলৈ হ’লে, দেশৰ তৰুণ সমাজৰ বাবে সামৰিক শিক্ষাৰ ব্যৱস্থা কৰাটো ৰাষ্ট্ৰনেতা সকলৰ কৰ্তব্য। জ্ঞান-বিজ্ঞান, বিদ্যা-বুদ্ধিত আমাৰ তৰুণ সমাজ আন জাতিৰ তুলনাত’ কোনোপধ্যে পিছপৰা নহয়। শক্তিৰ ক্ষেত্ৰতো ভাৰতবাসী হীন নহয়। সামৰিক ক্ষেত্ৰত আমাৰ সৈন্যসকলৰ খ্যাতি সুদূপ্ৰসাৰী। যোৱা দুটি মহাযুদ্ধতেই ইয়াৰ প্ৰমাণ পোৱা গৈছে।

যুদ্ধৰীতিৰ পাৰিৱৰ্তন

বৰ্তমান বিশ্বত যুদ্ধৰীতিৰ বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে। আজিৰ যুদ্ধ, যান্ত্রিক তথা বৈজ্ঞানিক শক্তিৰ সংহাৰকাৰী যুদ্ধ৷ সেইবাবে দেশবাসীক বর্তমান যুগৰ যুদ্ধৰ কৌশল আৰু ৰীতি-নীতি সম্বন্ধে সচেতন কৰি তোলা চৰকাৰৰ এটা প্ৰধান কৰ্তব্য। দেশৰ ছাত্ৰ-ছাত্ৰী তৰুণ সমাজৰ মাজত সামৰিক শিক্ষাৰ ব্যৱস্থা কৰাটোও বৰ্তমানৰ চৰকাৰৰ এটা অন্যতম প্রধান দায়িত্ব। কাৰণ আমাৰ দেশৰ অৰ্থনীতি এতিয়াও টনকিয়াল হৈ উঠা নাই। এনেকুৱা এখন দেশৰ বাবে বিশাল সৈন্য বাহিনীক লালন-পালন কৰাটো কম ব্যয়বহুল কথা নহয়। গতিকে লগে লগে’ দেশৰ তৰুণ সমাজক সামৰিক শিক্ষাৰে শিক্ষিত কৰিব পাৰিলে দেশৰ অৰ্থও হানি নহয় আৰু মুহূৰ্তৰ অহানতে বিৰাট এটা সৈন্য বাহিনী যুদ্ধৰ সময়ত প্ৰস্তুত হৈ উঠিব পাৰে। স্কুল-কলেজৰ সাধাৰণ শিক্ষাৰ লগতে সাম।বিক শিক্ষাৰো ব্যৱস্থা থাকিলে, দেশৰ দুৰ্যোগৰ বিপদকালীন অৱস্থাত ছাত্ৰ-ছাত্ৰীসকল দেশৰ প্ৰতিৰক্ষাৰ কামত সহায়ক হ’ব পাৰে।

ভাৰতত সামৰিক শিক্ষাৰ ব্যৱস্থা

দেশৰ স্বাধীনতাৰ পাছত ভাৰত চৰকাৰে সামৰিক শিক্ষাৰ ব্যৱস্থা কৰিছে। দিল্লীত জাতীয় প্ৰতিৰক্ষণ কলেজ, পুণাৰ ওচৰৰ খৰক ভাছলা নামৰ ঠাইত জাতীয় প্ৰতিৰক্ষা অকাডেমী, ডেৰাডুনত সামৰিক কলেজত সামৰিক শিক্ষাৰ সুব্যৱস্থা কৰা হৈছে। বিমান বাহিনীৰ বাবে যোধপুৰ আৰু হায়দৰাবাদত শিক্ষা কেন্দ্র স্থাপিত হৈছে। নৌ বাহিনীৰ শিক্ষা কেন্দ্ৰ প্ৰতিষ্ঠিত হৈছে- মুম্বাই, কোচিন আৰু বিশাখাপত্তনমত আৰু যান্ত্ৰিক যুদ্ধবিদ্যা শিক্ষাৰ কেন্দ্ৰ আছে আহমদনগৰত৷ ইয়াৰ উপৰি প্ৰত্যেক ৰাজ্যতে ৰাষ্ট্ৰীয় সৈনিক বিদ্যালয় আছে। স্কুল-কলেজ বিলাকত নেচনেল কেডেট-কোৰৰ (N.C.C.) শিক্ষাও দিয়া হয়। এন. চি. চি.ৰ শিক্ষার্থীসকলে সামৰিক শিক্ষা লাভ কৰাৰো সুযোগ পায়।

Read Also: Class 12 Sociology Solution

সামৰিক শিক্ষাৰ উপকাৰিতা

সামৰিক শিক্ষাই শিক্ষাৰ্থীৰ দেহ-মনৰ অসাধাৰণ বিকাশ ঘটায়। এই শিক্ষাৰ ফলত শৃঙ্খলা আৰু নিয়মানুৱৰ্তিতা শিকাৰ লগে লগে শিক্ষাৰ্থীৰ মনত দায়িত্ববোধ, কৰ্তব্যবোধ, স্বার্থত্যাগ আৰু দুৰ্গতজনৰ প্ৰতি সেৱা প্ৰভৃতি মহৎ গুণৰাশিৰ বিকাশ ঘটে। দেশত বলিষ্ঠ আৰু কর্মঠ মানুহ তৈয়াৰ কৰাৰ বাবে এক মাত্র শিক্ষা ব্যৱস্থা হৈছে- সামৰিক শিক্ষা। গোটেই দেশতে বাধ্যতামূলক সামৰিক শিক্ষা প্ৰৱৰ্তন কৰিলে, গোটেই জাতিটোৱে মুহূৰ্তৰ ভিতৰতে সকলো এলাহ, দুৰ্বলতা ত্যাগ কৰি জাতি বা দেশৰ সুৰক্ষাত থিয় হ’ব পাৰিব৷

আমাৰ দেশৰ তৰুণ ছাত্ৰ-ছাত্ৰীসকলে নিষ্ঠাৰে সৈতে সামৰিক শিক্ষা গ্ৰহণ কৰি দেশ সেৱাৰ কামত ব্ৰতী হ’লে নিজৰ আৰু দেশৰ সৰ্বাংগীণ উন্নতি আৰু কল্যাণ সাধিত হ’ব। তদুপৰি সামৰিক দিশত বিশ্বৰ অন্যান্য উন্নত দেশসমূহৰ লগত সমতা স্থাপন কৰিব পাৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top