জীৱনৰ মূল্যবোধ ৰচনা | Values of Life Essay in Assamese
“We live in deeds and not in thoughts.” মানুহৰ জীৱনক সময়েৰেও জুখিব পাৰি আৰু কামেৰেও জুখিব পাৰি। বহুতৰ কাৰণে সুখ-সম্পদেৰে ভৰপূৰ দীৰ্ঘ জীৱনেই কাম্য। তেনে লোকে নিজকে সৌভাগ্যৱান বুলি ভাবে। কিন্তু উপভোগৰ কাৰণেই জীৱন নহয়৷ জীৱন-কৰ্ম-বন্ধা আৰু সেয়েহে কর্মময় জীৱনহে প্ৰকৃত আৰু কাম্য জীৱন! এই জীৱনৰ ওজন সময়ৰ জোখৰ জীৱনতকৈ বহুতো বেছি। জগতত বহুতো দীর্ঘায়ু লোক আছে; কিন্তু তেওঁলোক অখ্যাত। মৃত্যুৱেই তেওঁলোকৰ জীৱনৰ সীমা। তেওঁলোকে “সময় বালিত” এটা খোজৰ চিনো থৈ যাব নোৱাৰে। প্ৰত্যেক জীৱনৰে তাৎপৰ্য আছে, মহৎ সম্ভাৱনা নিহিত থাকে জীৱনৰ স্তৰে স্তৰে। জীৱনক যেতিয়া আমি বিশ্বৰ বিৰাট জনগণৰ কল্যাণত নিয়োজিত কৰিব পাৰিম, তেতিয়াই সেই মহৎ সম্ভাৱনাই কাৰ্যকৰী ৰূপ লাভ কৰে ৷ জীৱনৰ মূল্যবোধো তেতিয়াহে জন্মে। কর্মব্যস্ত এজন সমাজ কর্মীয়ে বুজি পায় তেওঁৰ জীৱনৰ মূল্য কিমান আৰু প্ৰতিটো মুহূৰ্তৰ মূল্য কিমান।
ভাৰতীয় মহামানৱ সকলৰ আদৰ্শ | The Ideals of Indian Great Men
আদৰ্শৰ মহাভূমি ভাৰতত বহুতো ঋষি মুনি, বীৰ-বীৰাংগনাই পৰৰ কাৰণে আত্মোৎসর্গ কৰি জীৱনৰ মূল্য আৰু আৰু মহত্ত্ব কোনখিনিত তাক জ্বলন্ত উদাহৰণেৰে দেখুৱাই থৈ গৈছে। দধীচি তেনে এজন মহা ভাগ্যৱান মুনি। অসুৰ নিধন কৰি স্বৰ্গৰাজ্য উদ্ধাৰৰ কাৰণে দধীচিয়ে বুকুৰ হাড় দেৱতাসকলক উপহাৰ দিছিল হাঁহি হাঁহি। ত্যাগৰ আৰু মানৱ সেৱাৰ এনে উদাহৰণ পৃথিৱীত কিমান আছে? দধীচিৰ জীৱনৰ যি মূল্য তাক কোনো ধন-সম্পদেৰে দিব নোৱাৰি। গৌতম বুদ্ধই প্ৰাণীৰ কল্যাণ আৰু মুক্তিৰ কাৰণে ৰাজমুকুট দলিয়াই, বিষয়-বাসনা, সুখ-সম্ভোগ ত্যাগ কৰি সাধনাত ৰত হৈছিল আৰু সিদ্ধি লাভ কৰি অহিংসা আৰু সাম্য-মৈত্ৰীৰ মহাবাণী প্ৰচাৰ কৰিছিল। মহাৰাজ অশোকে কলিংগ বিজয়ৰ নৰমেধ যজ্ঞত ৰক্ত স্নান কৰি, শুদ্ধ হৈ জগতৰ কল্যাণৰ বাবে ধন-দৌলত সকলো উছৰ্গা কৰিলে। নিজে মহাভিক্ষু সাজি নৰ-নাৰায়ণৰ সেৱাত আত্মনিয়োগ কৰিছিল। সম্রাট হৰ্ষবৰ্দ্ধনেও মহাভিক্ষু হৈ প্ৰজাৰ মংগলৰ কাৰণে ৰাজকোষৰ ধন মুক্তহস্তে দান কৰিছিল। আনকি প্ৰয়াগ-সংগমত শেষ বস্ত্রখণ্ড ও ভিক্ষাপ্ৰাৰ্থীৰ হাতত তুলি দি ভিক্ষাৰী-জীৱন ধাৰণ কৰিছিল। এইবোৰেই জীৱন- যি জীৱনে অংগীকাৰবদ্ধ হৈ ধৰালৈ আহিছিল আৰু অংগীকাৰ পূৰ্ণ কৰি সংসাৰ-বন্ধনৰপৰা মুক্ত হৈ গ’ল। সামান্য নাৰী ধাত্রী পান্নাৰ ত্যাগৰ আদৰ্শ বোধহয় এইবোৰতকৈও মহান।
Read Also: দুর্গা পূজা ৰচনা | Durga Puja Essay in Assamese
ইউৰোপীয়
ইউৰোপৰ বুৰঞ্জীতো এনে দুই-এটা উদাহৰণ আমি পাওঁ। ৰণক্লান্ত বীৰ যোদ্ধা ফিলিপ চিড়ীয়ে অসীম প্রাণান্তক তৃষ্ণাত হাতত তুলি লোৱা এচলু পানী-সতৃষ্ণ নয়নেৰে চাই থকা মৃতপ্ৰায় সৈনিক এজনৰ ওঁঠত তুলি দি নিজে তৃষ্ণাত প্রাণত্যাগ কৰিলে। ত্যাগৰ এই আদৰ্শই চিনীৰ জীৱন মহীয়ান কৰি তুলিলে।
ফ্লোৰেন্স নাইটিংগেলে জীৱনৰ সুখ-শান্তি সকলোবোৰ যুদ্ধত আহত সৈন্যবিলাকৰ শুশ্ৰূযাৰ মহান ব্ৰততে উছৰ্গা কৰিছিল। মানৱ সেৱাৰ এনে মহান ব্রতে জীৱনকো মহান কৰে। সেৱাৰ মাজতে সুখ-শান্তি, তৃপ্তি সকলো আছে। সেৱাই দিওঁতাকো মহান কৰে লওঁতাকো পৰম কৃতজ্ঞ কৰে।
সমাজৰ ওচৰত দায়বদ্ধতা (1)
সামাজিক প্রাণী হিচাপে আমি বহুক্ষেত্ৰত সমাজৰ ওচৰতো দায়বদ্ধ। আমাৰ জীৱন প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলাত সমাজৰ বহুতো লোকৰ অৱদান আছে। প্রথমে পিতৃ-মাতৃৰ, ভাই-ককাই, বাই-ভনী, আত্মীয়-কুটুম্বৰ; তাৰ পাছত শিক্ষক-সমাজৰ শেষত আমি যি সমাজত, দেশত বাস কৰিছো সেই সমাজ আৰু দেশৰ লোকৰ, সেই সকলৰ প্ৰতি থকা আমাৰ কৰ্তব্য আমি অস্বীকাৰ কৰিব নোৱাৰো। আমি উপযুক্ত মানুহ হিচাপে নিজকে গঢ়ি লৈ উপার্জনশীল কৰ্ম কৰি ঘৰখনৰ দায়িত্ব বহন কৰিব লাগিব। পিতৃ-মাতৃক বৃদ্ধ বয়সত সুখ আৰু শান্তিত ৰাখিব লাগিব। ভাই-ভনীহঁতকো আমাৰ দৰে কৰ্মঠ মানুহ হোৱাত সহায় কৰিব লাগিব। তেতিয়া আমি পিতৃ-মাতৃৰ ঋণমুক্ত হ’ম।
দায়বদ্ধতা (2) সন্মানৰ মুকুট
দ্বিতীয়তে শিক্ষকসকলে আমার অজ্ঞান আন্ধাৰ দূৰ কৰি পোহৰৰ বাট দেখুৱালে; আমাক মানুহ হিচাপে গঢ় দিলে; গতিকে তেখেতসকলৰ প্ৰতি আমি শ্রদ্ধাবান আৰু কৃতজ্ঞ হৈ যিখিনি পাৰো উপকাৰ সাধন কৰিবলৈ চেষ্টা কৰা উচিত সমাজ বাদ দি আধুনিক সভ্যতা গঢ়ি উঠিবই নোৱাৰে। ব্যক্তিৰ বিকাশত, সমাজৰ বিকাশ ঘটে, সেয়ে সমাজৰ বিকাশৰ বাবে ব্যক্তিৰ অৱদান লাগিবই। সেইখিনি আগবঢ়াব পৰাতহে মানৱ জীৱনৰ সাৰ্থকতা। এই অৱদান ধনসম্পদৰো হ’ব পাৰে, স্বাৰ্থহীন সেৱাৰো হ’ব পাৰে। সেৱা কৰিবলৈ যাওঁতে যশ বা খ্যাতিৰ লোভ থাকিব নালাগিব। সমাজৰ সেৱা কৰিব পাৰিলে খ্যাতি আপোনা-আপুনি আহিব। বেজবৰুৱাক আমি সাহিত্য-সম্রাট উপাধি প্ৰদান কৰিছো। জ্যোতিপ্ৰসাদক ৰূপকোঁৱৰ, নবীনচন্দ্র বৰদলৈক কৰ্মবীৰ, তৰুণ ফুকনক দেশভক্ত, গোপীনাথ বৰদলৈক লোকপ্ৰিয় আখ্যা দিয়া হৈছে। এইসকল মহান ব্যক্তিয়ে স্বতঃস্ফূর্তভাৱে সেৱাৰ প্ৰেৰণাত, মাতৃ-মংগলৰ ব্ৰতত, জনকল্যাণৰ সেৱাত আত্মোৎসর্গ কৰিছিল। তেওঁলোকে সমাজৰ অশেষ কল্যাণ সাধন কৰি থৈ গৈছে। সেয়েহে স্বতঃস্ফূর্তভাৱেই তেওঁলোকৰ শিৰত জিলিকিছে এই সন্মানৰ মুকুট।
আনন্দৰাম বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, গণেশ গগৈ আদি পুৰুষসকলে দুকুৰি বছৰৰো ডেওনা পাৰ হ’বলৈ নৌ-পাওঁতেই জীৱন-লীল। সামৰিছিল। কিন্তু তেওঁলোকে এই কম সময়ৰ ভিতৰতে জাতিৰ ভাষা সাহিত্যৰ ভঁড়াললৈ দি যোৱা অৱদানে চিৰদিন তেওঁলোকৰ কীৰ্তিৰ মহিমা গাই থাকিব; চিৰদিন তেওঁলোক জাতিৰ স্মৃতি-মন্দিৰত বৰ পীড়া পাৰি বহি থাকিব৷ জীৱনৰ মূল্যায়ন, হয় কৃতকর্মত, দীর্ঘায়ুত নহয়।
Read Also: Class 12 English Solution
মন্তব্য
মুঠ কথা, আমাৰ প্ৰত্যেকৰে জীৱনৰ একোটা মূল্য আছে। এই মূল্য উপলব্ধি তাৰ ৰূপায়ণত ব্ৰতী হোৱাটোহে ঘাই কথা। ইয়াৰ বাবে মহামানৱসকলৰ জীৱনী অধ্যয়ন কৰা একান্ত প্রয়োজন। তেওঁলোকৰ আদৰ্শ কৰ্মৰ মাজতে এৰি থৈ যায়। সেইবোৰ আমি বিচাৰি ল’ব পাৰিব লাগিব। এই ক্ষেত্ৰত গান্ধীজীৰ এষাৰ কথা প্রণিধানযোগ্য। কথাষাৰ হৈছে- “মোৰ জীৱনেই মোৰ বাণী।” ইয়াৰ অৰ্থ এনে যে গান্ধীজীৰ কৰ্মময় জীৱনৰ স্তৰে স্তৰে নিহিত আছে মহান আদর্শসমূহ। সেইবোৰ তেখেতৰ জীৱনৰ কৰ্মধাৰা বিশ্লেষণ কৰি চালেই আমি পাম৷ সেইবোৰ জানিবলৈ সুকীয়া বাণীৰ প্ৰয়োজন নাই।
জীৱনৰ কৰ্মধাৰাই আমাৰ জীৱনৰ মূল্য। সেয়েহে শৈশৱৰেপৰা কৰ্ম অনুশীলন কৰি সমাজৰ কল্যাণৰ ব্ৰতত আমি ব্ৰতী হোৱা উচিত।
আমি আশা কৰিছো জীৱনৰ মূল্যবোধ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ জীৱনৰ মূল্যবোধ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.