দুর্গা পূজা ৰচনা | Durga Puja Essay in Assamese

দুর্গা পূজা ৰচনা | Durga Puja Essay in Assamese

Join Telegram channel

দেৱতাৰ বাসভূমি ভাৰতত মানুহৰ আশা-আকাংক্ষা, কামনা বাসনা পূৰণৰ কাৰণে দেৱ-দেৱীক পূজা উপাসনা কৰা, দেৱ-দেৱীৰ আশীর্বাদ লাভ কৰিবৰ কাৰণে মহা তপস্যাত ব্ৰতী হােৱাৰ উদাহৰণ অক্ষয় অপাৰ। দুর্গাদেৱী শক্তিৰ অধিষ্ঠাত্রী দেৱীৰূপে যুগে যুগে এক শ্রেণীৰ ভক্তৰ দ্বাৰা পূজিতা হৈ আহিছে। বর্তমান যুগত দুর্গাপূজা বংগদেশ জাতীয় উৎসৱৰূপে পৰিগণিত হৈছে। সেইবাবে এই পূজা বংগদেশত ব্যাপক আৰু সার্বজনীনভাৱে মহাসমাৰহেৰে অনুষ্ঠিত হৈ আহিছে। আমাৰ ব’হাগ বিহুৰ যি আনন্দ-উচ্ছ্বাস, উলহ মালহ, প্রীতি আৰু মিলনৰ মধুৰ সমাবেশ, অপৰিমেয় উৎসাহ-উদ্দীপনাৰ স্বতঃস্ফূর্ত আৰু জীৱন্ত প্রকাশ, সেই সকলােখিনিয়েই দুর্গাপূজাৰ ক্ষেত্ৰতাে প্রযোজ্য। জাতীয় উৎসৱৰ যােগেদি একোটা জাতিৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, দৈনন্দিন জীৱনৰ সাংস্কৃতিক জীৱনৰ একোটা সামগ্রিক পৰিচয় স্পষ্টভাৱেই প্রকাশিত হয়, জীৱনৰ ব্যথা-বেদনা, সুখ-দুখ আদি পৰিহাৰ কৰি মনৰ কলুষ কালিমা, সংকীর্ণতা আতৰাই মানুহে জাতীয় বৃহৎ কল্যাণৰ উদ্দেশ্যেৰে জাতীয় উৎসৱসমূহত মিলিত হয়।

দুর্গা পূজা ৰচনা

অতীত ইতিহাস

বছৰৰ যিকেইটা ঋতুৱে প্রাকৃতিক জগতকৰং- ৰূপহেৰে সজাই-পৰাই মনােৰম আৰু মােহনীয় কৰি তােলে, পৃথিবীলৈ অপাৰ সৌন্দর্য কঢ়িয়াই আনি জীৱ জগৎ, জড়জগত সকলােতে আনন্দ, ৰঙৰ মেলা পাতি জগত জোনালীময় কৰি তােলে, সেই শৰৎ আৰু বসন্ত ঋতুতেই দুর্গাপূজা অনুষ্ঠিত হয়। পুৰাণৰ মতে গিৰিৰাজ হিমালয়ৰ ঔৰসত মেনকাদেৱীৰ গৰ্ভত দুর্গাদেৱীৰ জন্ম হয়। দেবাদিদেৱ মহাদেৱ দুর্গাদেৱীৰ স্বামী। দুর্গাদেৱী ৰণচণ্ডী, কালী, কাপালী, নৃমুণ্ডমালিনী আদি বিভিন্ন নামে অভিহিতা। সত্যযুগত সুৰথ নামৰ এজন ৰজাই শত্ৰুৰ হাতত পৰাস্ত হৈ ৰাজ্য হেৰুৱাই মেধস মুনিৰ আশ্ৰমত গৈ মুনিৰ শৰণাপন্ন হয়। মুনিৰ পৰামর্শ মতেই সুৰ্থ ৰজাই মধুময় বসন্তৰ পৰিৱেশত সর্বপ্রথম দুর্গাপূজা অনুষ্ঠিত কৰি দেৱীৰ প্ৰসাদ লভি শক্ৰক পৰাভূত কৰে আৰু হৃত ৰাজ্য উদ্ধাৰ কৰে। বসন্তকালত অনুষ্ঠিত হােৱাৰ বাবে সেই পূজা বাসন্তী পূজা নামে অভিহিত হয়।

কৃত্তিবাসী ৰামায়ণৰ মতে ত্রেতাযুগৰ শ্ৰীৰামচন্দ্ৰই ৰাৱণক বধ কৰিবলৈ শক্তি লাভৰ কাৰণে অকালতে শৰকালত দুর্গাদেৱীৰ পূজাৰ আয়ােজন কৰে। সেই সময় প্রচলিত বিধিৰ ব্যতিক্রম ঘটাই ৰামচন্দ্ৰই অকালতে দেৱীক আহ্বান জনােৱাৰ বাবে ৰামচন্দ্রই অনুষ্ঠিত কৰা শাৰদীয় পূজাকে অকালবােধন বুলি কোৱা হয়। অৱশ্যে বাল্মীকি ৰামায়ণত ৰামচন্দ্রই পতা দুর্গাপূজাৰ কোনাে উল্লেখ নাই। তথাপি সেইদিন ধৰি বঙালীসকলে শাৰদীয় অনুষ্ঠানকেই দুর্গা আৰাধনাৰ অনুষ্ঠান হিচাপে পৰিগণিত কৰি আহিছে। বংগদেশত প্রায় চাৰে তিনিশ বছৰৰ আগতে তাহেৰপুৰৰ ৰজা কংশনাৰায়ণে সর্বপ্রথমে দুর্গাপূজা অনুষ্ঠিত কৰিছিল বুলি প্রবাদ আছে।

Read Also: মহৰম ৰচনা | Muharram Essay in Assamese

অন্তর্নিহিত অর্থ

দুর্গাদেৱী দশভুজা। দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰােহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা। তেওঁৰ সাে কাষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাও কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেবী সর্ব শুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক। একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত আছে। অসুৰ জগতৰ সকলাে অশুভ শক্তিৰ প্রতীক। এই অশুভ শক্তিয়ে দশােদিশৰপৰা মানুহক আক্রমণ কৰি জীৱন দুর্বিষহকৰি তােলে,জগতত দুর্যোগৰ সৃষ্টি কৰে। জগতৰ আদ্যাশক্তি দুর্গাইদহহস্তে দহঅস্ত্র লৈ দশেদিশৰ এই মহাবীর্যৱন্ত অসুৰৰূপী অশুভ শক্তিক দমন কৰি, নির্মুল কৰি ঐশ্বর্যবিভূতি, শিক্ষা দীক্ষাৰে জগত জোনালী-সােণালী কৰি বিশ্ববাসীৰ মাজত মহাশান্তি প্রতিষ্ঠা কৰিব।

পূজাৰ সময় আৰু অনুষ্ঠান

আহিন মাহৰ শুক্লা ষষ্ঠী তিথিত (এই তিথি কোনাে কোনাে বছৰত কাতি মাহতাে পৰেগৈ) দেৱীৰ বােধন কার্য আৰম্ভ কৰি আৱাহন আৰু অধিবাস কার্য সম্পন্ন কৰে। সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে। অষ্টমী আৰুনৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বােলে। দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয়।নানা বাদ্য-ভাণ্ডাৰে শােভাযাত্রা কৰি কোনাে নদীত বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয়।

পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হােমৰ গন্ধই,ডবা,কাহ, শংখ, ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি।হিংসা, দ্বেষ, কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে। মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয়। ভাওনা, থিয়েটাৰ আদিয়ে পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

বিজয়া

দেৱী বিসর্জনৰ পাছত পুৰােহিতৰ দেহ-মন ক্লান্তিৰে ভৰি পৰে; মন আচ্ছন্ন হৈ যায়। ভক্তসকলৰ অন্তৰতাে, দেরী-বিসর্জনৰ বিচ্ছেদে বিষাদৰ সৃষ্টি কৰে। বঙালীসকলে আত্মীয়-স্বজনৰ সৈতে হােলিংগন কৰি পৰম্পৰক শ্রদ্ধা, ভক্তি আৰু শুভেচ্ছা নিবেদন কৰে। এই অনুষ্ঠানটি বিজয়া নামে জনাজাত।

জাতীয় উৎসৱ

দুর্গাপূজা প্রকৃতপক্ষে এটি ধর্মীয় অনুষ্ঠান। কিন্তু বর্তমান সময়ত সকলাে শ্ৰেণীৰ হিন্দুৱেই সহযােগিতা কৰাৰ ফলতই এক উদাৰ সামাজিক অনুষ্ঠানত পৰিণত হৈছে। মানুহৰ মিলনৰ মহা-মহােৎসৱে ইয়াৰ পৰিসৰ এনে ব্যাপক কৰি তুলিছে যে ইয়াক সমূহীয়া জাতীয় উত্সৱ হিচাপে গণ্য কৰিব পৰা যায়। অসমৰাে বিভিন্ন ঠাইত উলহ-মালহেৰে দুর্গাপূজা অনুষ্ঠিত হয়।

Read Also: Class 11 Political Science Question Answer

তাৎপর্য

দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছি দিন পূজা নহয়। ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে। হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্র কন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতিগৃহলৈ গমন কৰিছিল। সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয়। বঙালীসকলৰ পাৰিবাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায়। বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈপৰে; অশ্রুনীৰে বেদনা-সাগৰ পূৰ্ণ হৈ যায়; এই সাদৃশ্যই, সামঞ্জস্যই দুর্গাপূজাক বঙালীসকলৰ অতি দৰদৰ, অতি মৰমৰ প্ৰাণৰ আপােন কৰি তুলিছে।

মিলন উৎসৱ

দুর্গাপূজা বঙালীসকলৰ পাৰিবাৰিক জীৱনত মিলনৰৰ উৎসৱ বুলি ক’ব পাৰি। সুদীর্ঘ প্রবাসী জীৱন যাপনৰ পাছত পূজাৰ সময়ত ভাই-ককাই, বাই-ভনী, আত্মীয়-স্বজন ঘৰলৈ ফিৰি আহি মাতৃৰ স্নেহৰ স্নেহময়ী কোলাৰ আচলত জিৰণি লৈ হিয়া শাত পেলায়। অতদিনে উৰুঙা-উৰুঙা, ৰিঙা-ৰিঙা লগা ঘৰখন আনন্দমুখৰ হৈ উঠে। পিতৃ-মাতৃৰ অন্তৰ আনন্দত গৰৱত নাচি উঠে। সেয়েহে ই মিলনৰাে উৎসৱ।

মন্তব্য

এই জাতীয় উৎসবসমূহে মানুহৰ মাজত সামাজিক, নৈতিক, আধ্যাত্মিক বন্ধন দৃঢ় কৰে। একতা, আত্মীয়তা, সহৃদয়তা জগাই তােলে। তাৰ ফলত দেশৰ সংহতি দৃঢ় হয় দুর্গাপুজাৰ অন্তনিহিত বৈশিষ্ট্যই জগতলৈ সেই সংহতি কঢ়িয়াই আনক।

আমি আশা কৰিছো দুর্গা পূজা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ দুর্গা পূজা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top