মহৰম ৰচনা | Muharram Essay in Assamese
আৰম্ভণি
মহৰম একেশ্বৰবাদী মুছলমানসকলৰ এটি পৱিত্র যদিও চিয়া মুছলমানসকলৰহে পৱিত্র পূর্ব তথাপিও ইয়াৰ অন্তর্নিহিত ভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সার্বজনীন পর্বত পৰিণত কৰিছে। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপর্ব। ই মিলনৰ উৎসর; কিন্তু সেই মিলন হাজাৰ হাজাৰ শােকার্ত, অশ্রুসিক্ত মানৱৰ হিয়াভগা কান্দোনেৰে বেদনা-বিধুৰ। মুছলমানসকলৰ তীব্র বেদনাৰ স্মৃতিবিজড়িত মহম মাহ অতি পবিত্র মাহ। এই মাহতেই মহাপুৰুয হজৰত মহম্মদ আৱিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকর্তা ভগৱানে পৃথিৱী সৃষ্টি কৰিছিল। ধর্মপ্রাণ হােছেনেও এই মাহতেই কাৰবালা মৰুপ্ৰান্তৰত অতিশয় কৰুণভাৱে সপৰিয়ালে মৃত্যুবৰণ কৰিছিল; বছৰৰাে আদিমাহ মংম। সেয়ে এই পবিত্র মাহত অনুষ্ঠিত মহৰম এটি অতি পৱিত্র পর্ব।

মহৰমৰ কাহিনী
মহৰম পূৰ্বৰ লগত বিজড়িত কৰুণ কাহিনীটি এনে ধৰণৰ- হজৰত মহম্মদৰ কনিষ্ঠা কন্যা ফাতেমাক হজৰত আলিত বিয়া দিয়া হৈছিল। তেওঁৰ দুটি পুত্র- হাছান আৰু হােছেন। হজৰত আলি মুছলমান ধর্ম জগতৰ সর্বোচ্চ খলিফা পদত অধিষ্ঠিত হােৱাত চিৰিয়াৰ শাসনকর্তা মাবিয়া অতিশয় ঈর্ষাপৰায়ণ হৈ উঠে। হজৰত আলি ৰাজধানী কুফা নগৰলৈ যাত্ৰা কৰােতে গুপ্তঘাতকৰ হাতত মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্র হাচানে খলিফা পদ লাভ কৰে। মাবিয়াই মদিনাব খলিফা পদ লাভ কৰিব নােৱাৰি ঈর্ষাত জ্বলি পুৰি হাছানৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে। আনফালেদি মাবিয়াৰ মহা অত্যাচাৰী, মদপী, ধর্মহীন পুত্র এজিদে হাছান-হােছেনক হত্যা কৰি মদিনাৰ খলিফা পদ দখল কৰিবলৈ ষড়যন্ত্র কৰে। গতিকে হাছানে বাধ্য হৈ মাবিয়াৰ লগত এই চর্তত সুন্ধি কৰিলে যে হাছানে খলিফা পদ ত্যাগ কৰিব আৰু মাবিয়া খালিফা হ’ব; কিন্তু মাবিয়াৰ মৃত্যুৰ পাছত হােছেনেহে খলিফা পদ লাভ কৰিব। এই চৰ্তত এজিদ সন্তুষ্ট হ’ব নােৱাৰিলে; তেওঁ ষড়যন্ত্র কৰি হাছানক বিহ খুৱাই হত্যা কৰে। আনফালেদি মাবিয়াই মৃত্যুৰ সময়ত সন্ধিৰ চৰ্ত মতে হােছেকে খলিফা পদত অধিষ্ঠিত নকৰি এজিদকহে অধিষ্ঠিত কৰি যায়।
গতিকে এজিদৰ লগত হােছেনৰ তীব্র বিৰােধৰ সৃষ্টি হয়। দুয়াে যুদ্ধত প্রবৃত্ত হৈ পৰে। কিন্তু দুর্দৰ্ম আৰু নৃশংস এজিদক কোনাে মতেই পৰাস্ত কৰিব নােৱাৰিলে। ইফালেদি এজিদৰ অত্যাচাৰত অতিষ্ঠ কুফাবাসীয়ে হােছেনৰ সাহায্য ভিক্ষা কৰিলে। গতিকে হােছেনে কুফাবাসীৰ সহায়ত এজিদক পৰাভূত কৰাৰ মানসেৰে কিছু সৈন্য-সামন্ত লৈ সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে। কিন্তু তেওঁ আৰু কোনােদিনেই কুফাত হৈ উপস্থিত হ’ব নােৱাৰিলে। তেওঁলােক গৈ ইউফ্রেটিছ নৈৰ পশ্চিম পাৰৰ কাৰবালা মৰুপ্রান্তৰত উপস্থিত হােৱাৰ লগে লগেই কুফা নগৰত থকা এজিদৰ গৱৰ্ণৰ নিষ্ঠুৰ নৰ-পিশাচ ওবায়দুল্লাস কাৰবালা প্রান্তৰত সৈন্যৰ সমাৱে ঘটাই ইউফ্রেটিছ নৈৰ পাৰ অৱদ্ধ কৰিলে। এফালে উত্তপ্ত, মৰুপথৰ ক্লান্তি, আনফালে প্রখৰ সূৰ্যৰ ডেইপুৰি নিয়া ৰ’দ। তৃষ্ণাত হােছেনৰ পৰিয়াল, বন্ধু-বান্ধৱ, সৈন্য-সামন্ত জৰ্জৰিত।
গতিকে মক্কালৈ ফিৰি যােৱাকে সিদ্ধান্ত কৰিলে; কিন্তু এজিদৰ সৈন্যই বাধা দিলে। উপায়ন্তৰ হৈ হােছেনৰ নিচেই তাকৰীয়া সৈন্যই এজিদৰ বিপুল বাহিনীৰ লগত যুঁজি যুঁজি শহীদ হ’ব ধৰিলে। ল’ৰা-ছােৱালী, তিৰােতাৰ ভােক আৰু পিয়াহত কাতৰ ক্ৰন্দনে কাৰবালা প্রান্তৰত হাহাকাৰৰ সৃষ্টি কৰিলে। কাষতে অজস্র জলৰাশিৰে ইউফ্রেটিছ; কিন্তু এটোপা পানী পাবৰ উপায় নাই। তৃষ্ণাত বহুতে প্রাণ এৰিলে। হােছেনৰ কেঁচুৱা পুত্রটিৰাে পিয়াহত প্রাণ যায় যায়। নিৰুপায় হৈ হােছেনে কোলাতে মুমূর্য পুত্ৰক লৈ এজন শত্রু সৈন্যৰ ওচৰত এটোপা পানী ভিক্ষা কৰিলে। শত্রুসৈন্যই ভিক্ষা দিলে পুত্ৰক পিতৃৰ কোলাত এপাত শৰেৰে হত্যা কৰি। হােছেনে মৃত পুত্ৰৰ ৰক্তাক্ত দেহাটি মাকৰ কোলাত তুলি দিলে। কি মর্মন্তুদ, হিয়াবিদাৰক সেই দৃশ্য। হােছেনে কৰুণ, অশ্রুসিক্ত নয়নেৰে বন্ধু-বান্ধব, আত্মীয়-কুটুম্বৰ মৃত্যু-যন্ত্রণা চাই চাই সিহঁতৰ সঙ্গতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনালে। নিজৰ এটি ৰুগ্ন পুত্র, দুহিতা, পত্নী, সকলােকে ভগৱানৰ চৰণত অর্পণ কৰিলে। তেওঁৰ লগৰ সকলােটিয়ে ভগৱানৰ চৰণত জীৱন-নৈবেদ্য প্রদান কৰিলে। এফালে। এদল তৃষ্ণাতুৰ ৰক্ত-মাংসৰ মানুহ ক্ষুধা আৰু তৃষ্ণাত মৰুশয্যা সাবটি লৈ তিল্ তিকৈ মৃত্যুবৰণ কৰিছে আৰু আনফালে এজিদৰ নৰ-পিশাচ সৈন্যবােৰে পৈশাচিক আনন্দত উন্মত্তভাৱে দানৱীয় নৃত্যত মছগুল। তাৰ পাছত শিবিৰতে শত্রু সৈন্যই হােছেনক শিৰশ্চেদ কৰি এজিদৰ খলিফা পদ নিষ্কণ্টক কৰি তুলিলে।
মহৰম মাহৰ দহ তাৰিখে কাৰবালাৰ বুকুত নিৰীহ, নিৰপৰাধী আৰু ধর্মপ্রাণ মানুহৰ ৰক্তেৰে যি ইতিহাস ৰচিত হ’ল তাৰ দৃষ্টান্ত কোনাে কালে, কোনাে যুগে বিচাৰি পােৱা নাযাব। সেয়েহে বিশ্ব ইতিহাসৰ এই কৰুণতম মর্মস্পর্শী কাহিনীটো স্মৰণ কৰি মহম মাহৰ দহ তাৰিখে চিয়া মুছলমানসকলে পৰ্ব্ব দিন পালন কৰে। সেইদিনা ক’লা সাজ পৰিধান কৰি হােছেনৰ সমাধি মন্দিৰৰ অনুকৰণত নির্মিত সুসজিত তাজিয়া লৈ হাছান-হােছেনৰ নামত কৰুণ আর্তনাদ কৰি শােক-সমদল যাত্ৰা কৰে। ঘৰে ঘৰে, সভাই-সমিতিয়ে হাছান-হােছেনৰ কাহিনী শ্ৰৱণ-কীর্তন কৰে। শ্বহীদসকললৈ শ্রদ্ধা নিৱেদন কৰি তেওঁলােকৰ আত্মাৰ সদগতিৰ কাৰণে ভগৱানৰ ওচৰত প্রার্থনা জনায়।
Read Also: পৰিৱেশ প্ৰদূষণ ৰচনা | Environmental Pollution Essay in Assamese
তাৎপর্য
মহৰমৰ তাৎপর্য মানেই হাছান-হােছেনৰ আত্মত্যাগৰ নিদৰ্শনৰ জীৱন্ত কাহিনীৰ বাখ্যা। দুজন ধর্মপ্রাণ মুছলমানে সত্যৰ কাৰণে, ন্যায় প্রতিষ্ঠাৰ বাবে আৰু ধৰ্মৰক্ষার্থে জীৱন আহুতি দি এক মহান, অভিনৱ আদর্শ জগতত ৰাখি থৈ গৈছে। অকল মুছলমান জনগণ কিয়, সমগ্র বিশ্ববাসীৰ বাবে এই আত্মােৎসর্গই জগতত, সত্য, ন্যায় আৰু ধর্ম প্রতিষ্ঠাৰ ক্ষেত্ৰতাে বিপুল প্ৰেৰণা উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰিছে। এই কাহিনীৰ কৰুণতাই ধর্মীয় সীমা অতিক্ৰম কৰি চিৰন্তন মানৱ ধৰ্মক বুকুত প্রতিষ্ঠা কৰিছে। হাছান-হােছেনাে মানুহ। মানুহৰ বাবে মানুহে কৰা আত্মােৎসর্গ সমগ্র মানৱ জাতিৰ বাবেই অনুকৰণীয়, অতুলনীয় আদর্শ।
Read Also: Class 11 Political Science Question Answer
মন্তব্য
মহৰমৰ এই মহান আদর্শই ধৰাৰ কলু-কালিমা, জ্বালা-যন্ত্রণা, পাপ-তাপ, আতৰাই, ধুই নিকা কৰি পৃথিৱীক মনােৰম তীর্থক্ষেত্ৰত পৰিণত কৰক হাছান-হােছেনৰ নয়নৰ পৱিত্ৰ নীৰে শত শত ইউফ্রেটিছৰ সৃষ্টি কৰি চিৰদিন তৃষিতৰ তৃষ্ণা নিবাৰণ কৰি শান্তিয়নী জলেৰে জগত পৱিত্ৰ কৰক। এয়ে কামনা।

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.