পৰিৱেশ প্ৰদূষণ ৰচনা | Environmental Pollution Essay in Assamese

পৰিৱেশ প্ৰদূষণ ৰচনা | Environmental Pollution Essay in Assamese

Join Telegram channel

পৰিৱেশেই প্রাণৰ ধাৰক, জীবনীশক্তি যােগান ধৰােতা। পৰিৱেশ ৰা পাৰিপাৰ্শ্বিকতাৰ লগত প্রাণী সম্পর্ক যুগ যুগান্তৰ ধৰি নিকটৱতী; যিহেতু প্রাণীৰ অস্তিত্ব পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়ে পৰিৱেশ বিনষ্ট হলে প্রাণীয়ে বিনাই হ’ব আৰু জীয়াই থকাৰ পথ ৰুদ্ধ হব।

পৰিৱেশ প্ৰদূষণ ৰচনা

অগ্ৰসৰমান সভ্যতা আৰু পৰিৱেশ প্রদূষণ সমস্যা

মানুহে নিজৰ প্ৰয়ােজন অনুসৰি প্ৰকৃতিক নিজ নিজ কামত তথা প্রাকৃতিক সম্পদক যিদৰে প্রয়ােগ কৰিছেঠিক সেইৰেপ্ৰকৃত্ৰি আহত ৰূপটিয়ে ক্রমশঃ সমগ্র প্রাণীজগত বাবে সর্বনাশী কাৰক হিচাপে প্ৰকট হৈ পৰিছে। মানুহেই যে পৰিৱেশৰ শত্রু তাক দীর্ঘদিন ধৰি মানুহে অনুধাৱন কৰা নাছিল। সম্প্রতি অনেক পৰীক্ষা-নিৰীক্ষাৰ অন্তত পৰিৱেশ আৰু ইয়াৰ গুৰুত্বৰ প্রতি মানুহ সক্রিয় হৈছে।

ৰাসায়নিক দ্রব্য

দৈনন্দিন জীৱনত নানাধৰণৰ ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰ হৈ আহিছে আৰু তাৰ প্ৰভাৱ প্রত্যক্ষভাৱে পৰিছে, বায়ু, মাটি, পানী আৰু খাদ্যদ্রব্যৰ ওপৰত। বর্তমান অনেকেই স্বীকাৰ কৰে যে, কেন্সাৰ ৰােগৰ দ্রুত প্রসাৰ তথা বিকলাংগ সন্তান জন্মৰ মূলতেই হ’ল পৰিৱেশত প্রয়ােগ হােৱা ৰাসায়নিক দ্রব্যৰ কু-প্রভাৱ। যিহেতু কৃত্রিম উপায়েৰে প্রস্তুত কৰা ৰাসায়নিক পদাৰ্থৰ পৰা বায়ু, খাদ্য দ্রব্য তথা প্রাণীৰ প্ৰাণস্বৰূপ পানী মাৰাত্মকভাবে দূষিত হয়। এই দূষিত সম্পর্কে উন্নত দেশসমূহ বর্তমান অধিক সচেতন।

Read Also: অধ্যৱসায় ৰচনা | Perseverance Essay in Assamese

শক্তিৰ বিভিন্ন উৎস

শক্তিৰ বিভিন্ন উৎসৰ পৰাও পৰিৱেশ দূষিত হয়। বিশেষকৈ সাগৰ তলিৰ পৰা খাৰুৱা তেল উলিৱাওঁতে সাগৰৰ জলস্তৰৰ লগত ইয়াৰ বিভিন্ন দূষিত দ্রব্যৰ মিশ্রণ হয়, ফলশ্রুতিত জল প্রদূষণ হােৱাৰ সম্ভাৱনা থাকে। সেইদৰে কয়লা খনন কৰোতে ভূমিস্খলন ঘটে আৰু নিৰ পৰিত্যক্ত দ্রব্যসমূহে জলভাগ আৰু ভূমি দুয়ােকে দূষিত কৰে। পাৰমাণৱিক শক্তি উৎপাদন তথা ইয়াৰ পৰীক্ষা-নিৰীক্ষাৰ ফলশ্রুতিতে পৰিৱেশ প্ৰদূষিত হ’ব পাৰে।

বায়ু প্ৰদূষণ : ইয়াৰ নানা দিশ আৰু বিভিন্ন প্রতিক্রিয়া

বায়ু প্ৰদূষণ ঘটে মূলতঃ কলা ধোঁৱা, ধুলি আদিৰ দ্বাৰা। বিশেষকৈ বায়ুমণ্ডলত অধিকসময় ভাঁহি থকা উপকৰণে বায়ুক অধিক দূষিত কৰে। হাইড্রোজেন চালফাইড, থায়ল আদি বায়ু প্ৰদূষণৰ বাবে অধিক দায়ী। বায়ু প্ৰদূষণ হ’লে সাধাৰণতে চকু জ্বলা-পােৰা কৰাৰ লগতে শ্বাস-প্রশ্বাস লােৱাত ব্যাঘাত হয়। এই ক্ষেত্ৰত ছালফাৰ-ডাই-অক্সাইডৰ ভূমিকা সকলােতকৈ গুৰুত্বপূর্ণ। বায়ু প্ৰদূষণৰ ক্ষেত্ৰত কল-কাৰখানা, মটৰ গাড়ী, ৰেলগাড়ী, ঘৰ বা ব্যৱসায় প্রতিষ্ঠানত উত্তাপ সৃষ্টি কৰা যন্ত্রপাতি আৰু আবর্জনা আদিয়েও গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বিভিন্ন অক্সাইড বতাহৰ জলীয় বাষ্প সৈতে মিলিত হৈচালফাৰ তথা নাইট্রোজেন অস্ত্র তৈয়াৰ হয় আৰু এই অম্ন পিছত বৰষুণৰ লগত নামি আহে; যাক কোৱা হয় ‘এচিডবৰষুণ’ বা ‘অম্লবর্ষণ’।

সাম্প্রতিক পৰীক্ষাৰ দ্বাৰা বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে এনে ধৰণৰ গেছজাতীয় পদার্থ এক হাজাৰ কিলােমিটাৰৰাে অধিক দূৰত্বৰ জল তথা স্থলত অৱস্থান কৰিব পাৰে। এনে ক্ষেত্ৰত মাটি, নদী, হ্রদ আদিৰ অনুৰ পৰিমাণ বৃদ্ধি পায় আৰু জলজ তথা স্থলজ প্রাণীব ক্ষতিসাধন হয়। ধূলিকণা বাৰু কল-কাৰখানাৰ পৰা নির্গত ধোঁৱাত থকা ৰাসায়নিক কণিকা সংমিশ্ৰণ হৈ বায়ুমণ্ডলত ওপঙি থাকে আৰু জলীয় বাষ্পৰ সৈতে ইবােৰ বৰষুণ হৈ নামি আহে; এনে প্রভাবৰ বাবেই বহুসময়ত অকালবৃষ্টি তথা শিলাবৃষ্টি হয়। তদুপৰি বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰত অ’জন গেছৰ স্তৰ পাতল হৈ পৰাৰ সম্ভাৱনা থাকে। এনে হ’লে ভূ-পৃষ্ঠত সূৰ্যৰ অতিবেঙুণীয়া ৰশ্মিৰ মাত্রা বৃদ্ধি পাব আৰু ইয়াৰ ফলস্বৰূপে ধ্বংস হ’ব উপকাৰী বেটেবিয়া, উদ্ভিদ, প্রাণীকোষ আৰু মানুহৰ ছালত কেন্সাৰ ৰােগ হ’ব। তদুপৰি আৱহাৱাৰ পৰিৱর্তন হােৱাৰ সম্ভাৱনা বৃদ্ধি পাব। সেইদৰে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পােৱাৰ লগতে তাপমাননা বাঢ়িব।

জল প্ৰসংগ

জল প্ৰদূষণ অগ্ৰসৰমান সভ্যতাৰ আন এক অভিশাপ। বিশেষকৈ বৰ্তমানৰ দ্রুত শিল্পোন্নয়নৰ বাবে নদীৰ পানী সৰবৰাহ আৰু আবর্জনা নিক্ষেপনে নদ-নদীৰ পানীঅধিক দূষিত কৰি তুলিছে। ১৯৮০ চনৰ পৰা ১৯৯০ চন পর্যন্ত ইণ্টাৰনেচনেল ড্রিংকিং ৱাটাৰ চাপ্লাই এণ্ড চেনিটেৰি’ দশক হিচাপে পালন কৰাৰ কাৰ্যসূচী হাতত লােৱা হৈছিল। উল্লেখ্য যে সমুদ্ৰৰ জলভাগ বহুপৰিমাণে প্ৰদূষিত হােৱাৰ কথা বিশেষজ্ঞসকলে ঘােষণা কৰিছে আৰু ইয়াৰ ফলত জনস্বাস্থ্য বিপন্ন হােৱাৰ সম্ভাৱনাৰ কথাও ঘােষণা কৰিছে। আন্তর্জাতিক পৰিৱেশ সংস্থাৰ বিশেষজ্ঞসকলে সম্প্রতি লক্ষ্য কৰিছে যে নদৰ্মাৰ বর্জনীয় দ্রব্য, কৃষিকার্যত প্রয়ােগ হােৱা নানাবিধ ৰাসায়নিক সামগ্রী, তেল তথা বিভিন্ন বর্জিত পদার্থই নদী আৰু সমুদ্র উপকূলৰ জলভাগক অত্যধিক কলুষিত কৰিছে।

পৰিৱেশ প্ৰদূষণ ৰোধ ক্ষেত্ৰত অসম

অসম চৰকাৰে বর্তমানেও পৰিৱেশ প্ৰদূষণ ৰােধ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হােৱা নাই। সেয়ে হয়তাে অলেখনদ-নদী তথা সেউজীয়া গছেৰে পৰিপূৰ্ণ অসমৰ পুৰণি অস্তিত্ব হেৰুওৱাৰ উপক্রম ঘটিছে। পৰিৱেশৰ প্রতি গুৰুত্ব আৰােপনকৰাৰ বাবেই প্রত্যেক বছৰে বানপানী, ভূমিঙ্খলন অথবা খৰাং বতৰে অসমক জুৰুলা কৰিছে। পৰিৱেশ প্ৰদূষণ ৰােধ ক্ষেত্ৰত কৰাৰ ক্ষেত্ৰত উন্নত দেশসমূহে বিশেষকৈ, লেতেৰা পানী কৃষিভূমিত ব্যৱহাৰ কৰিবলৈ লৈছে। এনে কৰাৰ বাবে নদী, খাল, বিল নাইবা সমুদ্রৰ জলভাগত প্রদূষণ অলপ হ’লেও ৰােধ হৈছে যদিও বেটেৰিয়া, প্রট’জরা আদিয়ে ভূ-খণ্ডক দূষিত কৰাটো ৰােধ কৰিব পৰা নাই। ফলস্বৰূপে মানুহ নানান মাৰাত্মক ৰােগত আক্ৰান্ত হৈছে। অন্যহাতে অবিৰাম খনিজ সম্পদ সংগ্ৰহৰ ফলশ্ৰুতিত অঞ্চলবিশেষে ভূ-স্তৰ ভাৰসাম্যহীন হৈ পৰিছে। আৰু ভূমিকম্পৰ দৰে সর্বনাশী দুর্যোগৰ সম্ভাৱনা আহি পৰিছে।

Read Also: Class 11 Geography Question Answer

বনসম্পদ, পশুপক্ষী কৃষিভূমি

দাৰিদ্ৰতা তথা অজ্ঞতাৰ বাবেও বহুসময়ত প্রাকৃতিক বন সম্পদ বিপর্যস্ত হােৱা দেখা যায়। তদুপৰি বর্তমান প্রায় এক হাজাৰ প্ৰজাতিৰ পক্ষী তথা স্তন্যপায়ী প্রাণীৰ বিলুপ্তি ঘটিছে। দহ শতাংশ সপুষ্পক উদ্ভিদ ধ্বংসৰ পথত অগ্ৰসৰ। সেইদৰে পৃথিৱীৰ প্রাচীনতম্ উদ্ভিদ আবাস বর্ষা বন’বাৰেইন ফৰেষ্ট’ নির্মূল হােৱাৰ পথত। অন্যহাতে বিভিন্ন অঞ্চলত আবহাৱাৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা দিছে আৰু পৰিৱেশ বিনষ্টকৰণৰ বাবে পশুৰ বিচৰণভূমি তথা কৃষিভূমি মৰুভূমিলৈ ৰূপান্তৰ হােৱাৰ উপক্রম ঘটিছে।

শব্দ প্ৰদূষণ

শব্দ প্ৰদূষণ বর্তমান এক গভীৰ সমস্যা হিচাপে ধৰা দিছে। চহৰ অঞ্চলৰ শব্দ প্ৰদূষণৰ মূল উৎসসমূহ হৈছে-মটৰ গাড়ীৰ হর্ণ, ফটাকাৰ শব্দ, ৰেডিঅ’, টেলিভিচনৰ শব্দ, মাইকৰ শব্দ, কল কাৰখানাৰ শব্দ আদি। শব্দ প্ৰদূষণে মূলতঃ শ্ৰৱণেন্দ্রিয় অকামিলা কৰে, হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ কৰে, স্নায়ুতন্ত্রৰ ওপৰত চাপ তথা স্নায়ুৰ বিভিন্ন ৰােগৰ সৃষ্টি কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্চৰ মতে আন্তর্জাতিক মান অনুযায়ী শব্দৰ পৰিমাপ ৩৫ ডেচিবেলৰ পৰা ৪৫ ডেচিবেল হােৱা উচিত। কিন্তু বর্তমান এই পৰিমাণ ৬০ পৰা ৬৫ তথা ঠাইবিশেষে ৮০  ডেচিবেল পর্যন্ত হয়। কল-কাৰখানাৰ শব্দৰ পৰিমাণ ৮৫ ডেচিবেল হােৱা উচিত কিন্তু আমাৰ দেশৰ কল-কাৰখানাৰ শব্দৰ পৰিমাপ ১২০ ডেডিবেল পর্যন্ত হয়গৈ। সেয়ে  হয়তাে আমাৰ দেশৰ কল-কাৰখানাৰ নিকটবর্তী লােকৰ ৬০ শতাংশই কম বেছি পৰিমাণে বধিৰ হােৱা দেখা যায়। বর্তমান বিশ্বৰ উন্নত দেশসমূহে শব্দ প্ৰদূষণ ৰােধ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে।

উল্লেখযােগ্য যে বিশ্বৰ অধিক জনসংখ্যাৰ দেশ হিচাপে জাপানকো ধৰা হয়; কিন্তু জাপানত শব্দ প্ৰদূষণ ৰােধ কৰাৰ বাবে জনগণ সদা সজাগ। সেয়ে হয়তাে জাপানৰ ৰাজহুৱা স্থানত ডেচিবেল মিটাৰ সকলােৱে দেখাকৈ ৰখা হয়; যাৰ বাবে জাপানীজনসাধাৰণে শব্দৰ প্রাবল্য কিমান হৈছে প্রতি পদক্ষেপতে জানিব পাৰে আৰু এই ক্ষেত্ৰত সজাগ হ’বলৈ সুবিধা পায়। কিন্তু আমাৰ দেশৰ ডেচিবেল মিটাৰৰ জ্ঞান দূৰৰ কথা জনসাধাৰণ এই দিশত অলপাে সজাগ হােৱা দেখা নাযায় তথা ইয়াৰ প্ৰচাৰাে এই পর্যন্ত হােৱা নাই।

সামৰণি

সন্দেহ নাই যে বর্তমান আধুনিক জীবনযাত্রাৰ মাপকাঠি আৰু পৰিৱেশ প্ৰদূষণ ৰােধ এই উভয় দিশৰ প্ৰতি লক্ষ্য ৰাখি চলাটো কঠিন কাম। তথাপি দুয়াে দিশৰ প্ৰতি নজৰ দিব লাগিব অন্যথা গােপন ব্যাধিৰ দৰে বাঢ়ি অহা বিষমিশ্রিত পৰিৱেশে এদিন বিনাশ কৰিব সমস্ত প্রাণীজগত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top