শাৰীৰিক শিক্ষা (শৰীৰ চৰ্চা) ৰচনা | Physical Education Essay in Assamese

শাৰীৰিক শিক্ষা (শৰীৰ চৰ্চা) ৰচনা | Physical Education Essay in Assamese

“শৰীৰমাদ্যং খলু ধৰ্ম্ম সাধনম্”

জগৎ সংগ্রামশীল। সংগ্ৰামৰ মাজতে আমাৰ জন্ম; জীৱন কালতো আমি সংগ্ৰাম কৰিব লাগে সুখে-শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ। মৃত্যুৰ সময়তো আমাৰ সংগ্ৰাম নিয়তিৰ সৈতে। হৃদয়ৰ আৱেগ- অনুভূতিৰে সমৃদ্ধ চিন্তাশীল আৰু বুদ্ধিজীৱী মানুহ বিধাতাৰ সৃষ্টি সৰ্বশ্ৰেষ্ঠ জীৱ৷ মানুহৰ আকাশলঙ্ঘী কল্পনা আছে; সৌন্দৰ্যৰ মোহ আছে আৰু আছে জীয়াই থকাৰ দুৰ্বাৰ আকাঙ্ক্ষা। আনহাতে দেহধাৰী মানুহৰ জীৱনৰ ক্ৰমবৰ্দ্ধনৰ এক গতি আছে। সেই বাবে আছে ভোক-পিয়াহ; তাৰো ভিতৰত আছে ৰোগ-ব্যাধী, বিপদ-আপদ, বাধা-বিঘিনি । এই সকলোবোৰৰ বাবেই জীৱনব্যাপী মানুহৰ অক্ষয় সংগ্রাম। কৰিব ভাষাত-

“সৃষ্টিৰ দিনাৰেপৰা নিয়তিৰ স’তে হেৰা

মানুহৰ সংগ্ৰাম অক্ষয়;

আমি তাৰ স্মৃতি স্তম্ভ, সোঁৱৰাই মানুহৰ

বীৰ্য্য আৰু নিয়নিতৰ জয়।”

সংগ্রামী মানুহ | Struggling people

নিয়তিৰ জয় চিৰদিন। কিন্তু মানুহৰ সংগ্ৰামৰ যি অসীম বীর্য, তাৰ স্মৃতিস্তম্ভ যুগ যুগ ধৰি ধৰাৰ বুকুত অক্ষয়-অব্যয় হৈ ৰৈছে। তাৰ কাৰণে লাগে মানুহক সুস্থ আৰু সবল দেহ আৰু মন। শৰীৰেই সুখ, শৰীৰেই সম্পদ। শৰীৰ আৰু মন সুস্থ আৰু সবল থাকিলে মানুহৰ কৰ্ম শক্তি আৰু প্ৰেৰণাৰ আগত কোনো ৰোগ-ব্যাধি বা বিপদ-বিঘিনিয়ে মানুহক পৰাভূত কৰিব নোৱাৰে।

Read Also: জীৱনৰ মূল্যবোধ ৰচনা | Values of Life Essay in Assamese

সু-স্বাস্থ্যৰ আৱশ্যকতা

সংসাৰ যাত্ৰাত আমি কামনা কৰো স্বচ্ছন্দ্যতা, আনন্দমুখৰতা আৰু নিৰংকুশ পৰমায়ু। তাৰ মূলধন হ’ল স্বাস্থ্য লাভৰ উপায় হৈছে শাৰীৰিক শিক্ষা বা শৰীৰ চৰ্চা; জীৱন সাফল্যময় কৰি তুলিবলৈ আমি কৰিব লগা হওঁ অক্লান্ত পৰিশ্ৰম। সু-স্বাস্থ্যৰ বিনে এই পৰিশ্ৰম অসম্ভৱ। সংসাৰীৰ বাবে সু-স্বাস্থ্যৰ যেনে প্রয়োজন। সংসাৰ ত্যাগী সন্ন্যাসী, ঋষিমুনিসকলৰো স্বাস্থ্যৰ তেনে প্রয়োজন । সু-স্বাস্থ্য হ’লেহে তেওঁলোকেও তপস্যাত, সাধনাত সিদ্ধি লাভ কৰিব পাৰে । স্বাস্থ্যহীন, দুৰ্বল, ৰুগ্ন শৰীৰেৰে কোনো কাৰ্যই সুকলমে সমাধা কৰা সম্ভৱ নহয় আৰু সফলতা আশা কৰাও বৃথা। সফলতাৰ অমৃত পান কৰিব খুজিলে সু-স্বাস্থ্যৰো অধিকাৰী হ’ব লাগিব। আমাৰ পদ্যত আছে-

“সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ;

অণু মাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ।”

প্রতিযোগিতাৰ বাবে উপযুক্ততা আহৰণ

এইটো প্ৰতিযোগিতাৰ যুগ। জীৱনৰ বহু ক্ষেত্ৰত আমি প্রতিযোগিতাত অৱতীৰ্ণ হওঁ আমাৰ অজ্ঞাতে। প্ৰকৃতিৰ লগত প্ৰতিযোগিতা জগতৰ চিৰন্তন ৰীতি। আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈকো আমি অনেক সময়ত প্ৰতিযোগিতা কৰিব লগা হওঁ। কৃষিৰ ক্ষেত্ৰত, বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত, চাকৰি বাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা; প্রতিযোগিতাত জয় লাভ কৰিলেহে আমি সুস্থ-সবল, সুন্দৰ জীৱন যাপন কৰিবলৈ সমৰ্থ হওঁ। তাৰ কাৰণেও সু-স্বাস্থ্যৰ একান্ত আৱশ্যক। শৰীৰ সুস্থ থকাই শৰীৰৰ ধৰ্ম। কিন্তু নানা কাৰণত শৰীৰত ৰোগৰ জীৱাণুৰ অনুপ্ৰৱেশ ঘটি শৰীৰ ঘুণীয়া হয়; স্বাস্থ্যহানি হয়। সেইবাবে শৰীৰ সুস্থ ৰাখিবলৈ আমি কিছুমান শাৰীৰিক নিয়ম মানি চলিব লাগিব।

আপ্তবাক্য

ৰাতি সোনকালে শোৱা আৰু পুৱা সোনকালে উঠা স্বাস্থ্য ৰক্ষাৰ এটা উত্তম উপায়। মৃদু মলয়াৰ জুৰ বা লৈ পুৱা নদীৰ পাৰত বা মুকলি ঠাইত নিয়মীয়াকৈ ফুৰিলে স্বাস্থ্য ভাল হয়; মন প্রফুল্ল হয়।

“Early to bed and early to rise Makes a man healthy, wealthy and wise” বেঞ্জামিন ফ্ৰেংকলিনৰ এই কথাষাৰৰ সত্যতা উপলব্ধি কৰিবলৈ আমি চেষ্টা কৰা উচিত।

পৰিমিত আহাৰ

স্বাস্থ্য ৰক্ষাৰ কাৰণে পৰিমিত আহাৰ একান্ত প্রয়োজন৷ নিৰ্দ্ধাৰিত সময়ত, জোখ মতে আহাৰ খাব লাগে। ভোগ গুচাবৰ বাবে আৱশ্যকীয় আহাৰেই পৰিমিত আহাৰ। মছলাৰ সোৱাদ পাই অপৰিমিত আহাৰ খোৱাৰ আৰু সময় অসময় নাচাই যেতিয়াই তেতিয়াই আহাৰ খোৱাৰ পৰিণাম ভংয়কৰ। বহুতে কামৰ অৱসাদ দূৰ কৰিবৰ বাবে ঘনাই চাহ খায়। তাৰ ফলত ভোক কমি যায়। ইও স্বাস্থ্যৰ বাবে ক্ষতিকর।

পৰিস্কাৰ-পৰিচ্ছন্নতা

পৰিষ্কাৰ পৰিচ্ছন্নতা স্বাস্থ্য ৰক্ষাৰ আন এটা উপায়। খোৱা-বোৱা, থকা-মেলা সকলো ক্ষেত্ৰতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ একান্ত আৱশ্যক। আমাৰ পিন্ধন-উৰণতো পৰিষ্কাৰ আৰু পৰিপাটি হ’ব লাগে। শৰীৰটোও আমি সদায় পৰিষ্কাৰ কৰি ৰখা উচিত। নহ’লে শৰীৰত খৰ-খজুলি আদি নানা বেমাৰৰ জীৱাণুৰ ভঁৰাল হ’ব।

জিৰণিৰ প্ৰয়োজন

শাৰীৰিক আৰু মানসিক দুয়োবিধ শ্রমেই পৰিমিত হ’ব লাগে। অধিক শ্রম স্বাস্থ্য-হানিকৰ; পৰিশ্ৰমৰ পাছত দেহ আৰু মন দুয়োটাৰে জিৰণিৰ প্ৰয়োজন । পৰিমিত আহাৰে শৰীৰৰ শক্তি বঢ়ায়, হেৰুৱা শক্তি ঘূৰাই আনে। সেইদৰে জিৰণিয়ে অবসাদ দূৰ কৰে, ক্লান্তি দূৰ কৰে৷ সতেজতা ঘূৰাই আনে।

সংযমৰ প্ৰয়োজন

সংযম বা নৈতিক বন্ধন স্বাস্থ্য ৰক্ষাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। সংযম সকলো ক্ষেত্ৰতে প্ৰয়োজনীয়। আমি মনৰ বান্ধোন খুলি দি যেতিয়া নানা অনিয়ম কৰি চলিম, সুৰাত মগ্ন হম, অন্যায়-অধৰ্ম, অতিচাৰ, অনাচাৰত মগ্ন হম, তেতিয়া সহজে স্বাস্থ্য ভাগি পৰিব। হেৰুৱা স্বাস্থ্য ঘূৰাই অনা অতি কঠিন।

ব্যায়ামৰ অৱশ্যকতা

স্বাস্থ্য ৰক্ষাৰ বা শৰীৰ চৰ্চাৰ আটাইতকৈ উত্তম উপায় ব্যায়াম। ব্যায়ামো পৰিমিত হ’ব লাগে৷ খেল-ধেমালি, দৌৰা, সাঁতোৰা, ভাৰ উত্তোলন, ডন-বৈঠক, কুস্তি, কুচকাৱাজ আদি শৰীৰ চৰ্চা উপযুক্ত মাধ্যম। খেলা-ধেমালি, প্রতিযোগিতা আদিয়ে যে আমাক আনন্দ দান কৰি কেৱল সু-স্বাস্থ্যই প্ৰদান কৰে, এনে নহয়; এইবোৰ team-spirit, মৈত্রী, সহযোগিতা আৰু সহনশীলতা জগাই তোলে। অন্যান্য ব্যায়ামসমূহে শৰীৰত তেজ চলাচল ঘটাই দেহ আটিল কৰে। মাংসপেশীবোৰ শক্তিশালী হয়। সকলো ব্যায়ামেই মনৰ প্ৰফুল্লতা আনে। মন প্রফুল্ল থাকিলে সতকাই বেমাৰেও আক্রমণ কৰিব নোৱাৰে।

সুস্বাস্থ্যৰ উপকাৰ উপযুক্ততা আহৰণ

স্বাস্থ্যবান, থুলন্তৰ পুৰুষসকল দেৱতুল্য। তেওঁলোকৰ দেহত, মনত, ওঁঠত সদায় এক স্বর্গীয় জ্যোতি প্ৰতিভাত হৈ থাকে। সেয়েহে তেনে লোকক দেখিলে আমাৰ মূৰ আপোনা-আপুনি দোঁ খায়। অৱশ্যে সকলো লোকেই সেই শক্তিৰ অধিকাৰী হ’ব নোৱাৰে। তথাপি সহজে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰে। যি সু-স্বাস্থ্যৰ গৰাকী তেওঁ কৰ্মঠ আৰু সকলো ক্ষেত্রতে আগবঢ়াও। স্বাস্থ্যহীন লোকৰ জীৱন হা-হুতাশ, ব্যথা-বেদনাৰে ভৰা এক বন্দীশাল৷

কোটি সজ কৰ্মৰ আৰু সাধনাৰ ফলতহে হেনো মানুহে ভাৰত ভূমিত নৰ-জীৱন লাভ কৰে। নব-জীৱন যে অমূল্য, এই কথাষাৰকে বোধহয় এই বাক্যটিয়ে বুজাইছে। এই অমূল্য জীৱনটো প্ৰতিপাল কৰি ৰখাটো আমাৰ কৰ্তব্য। শৰীৰ প্ৰতিপালনকো আজিকালি এটা আৰ্ট বুলি ধৰা হয়। এই আৰ্টৰ বাবেও সাধনা লাগে। এই সাধনা নিয়মানুৱৰ্তিতা ৰক্ষাৰ সাধনা। পৰিমিত খাৱন, শোৱন, জাগৰণ পৰিমিত ব্যায়াম এইকেইটা এই সাধনাৰ মাধ্যম।

Read Also: Class 10 Assamese Solution

মন্তব্য

সুখ-প্রত্যাশী মানুহ আমি। অকল ধন-ঐশ্বর্য-বিভূতিয়ে মানুহৰ জীৱনলৈ সুখ আনিব নোৱাৰে। এইবোৰ স্বাস্থ্যও অনা কঠিন। স্বাস্থ্যই সুখৰ আকৰ। এজন স্বাস্থ্যবান লোকে ভিক্ষা মাগি এসাঁজ খাইও সুখ শান্তি লাভ কৰিব পাৰে। সেইবাবে আমি সুখ লাভ কৰিবলৈ, সৰ্বাংগীণ উন্নতি-সম্পন্ন জীৱন যাপন কৰিবলৈ সু-স্বাস্থ্যৰ গৰাকী হ’বই লাগিব আৰু তাকে কৰিবলৈ হ’লে আমি শৰীৰ চৰ্চাৰ প্ৰতি একান্ত মনোযোগী হ’বই লাগিব। তেতিয়া আমাৰ কাৰণে সংসাৰ হ’ব সুখৰ ঠাই, জীৱন হ’ব কৰ্মৰ মন্দিৰ, সেই মন্দিৰতেই আমি সুন্দৰৰ সৌন্দৰ্যৰ সীমা বিচাৰি পাম; আমাৰ মন-প্রাণ, ভার, অনুভূতি সকলোতে সুন্দৰে ধৰা দিব। তেতিয়াহে আমি ক’বলৈ সক্ষম হম- “সত্যম্ শিৱম্ সুন্দৰম্।”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top