অনৈক্যৰ মাজত ঐক্য ৰচনা | Unity in Disunity Essay in Assamese

অনৈক্যৰ মাজত ঐক্য ৰচনা | Unity in Disunity Essay in Assamese

Join Telegram channel

“ উত্তৰে উক্তৃংগ গিৰি, দক্ষিণে সাগৰ

শত নদী বুকুৰে বাগৰে

পাৰে পাৰে সাজে ভাঙে কত ইতিহাস

ব্ৰহ্মপুত্ৰ, গােদাবৰী, শিপ্রা আৰু গংগা-যমুনাৰ।”

উত্তৰে সুবিশাল আৰু সুউচ্চ হিমালয়, পূবে হিমালয়ৰ শাখা-প্রশাখা আৰু ব্ৰহ্মদেশৰ পর্বতমালা, দক্ষিণে ভাৰত মহাসাগৰ আৰু পশ্চিমে (পাকিস্তানকে সামৰি) হিন্দুকোষ, চুলেইমান আৰু ক্ষীৰথৰ পর্বতমালা আৰু আৰব সাগৰ- এই প্রাকৃতিক দেৱালেৰে পৰিৱেষ্টিত আৰু সুৰক্ষিত, এছিয়াৰ দক্ষিণ অংশত অবস্থিত সুবিশাল ভূ-খণ্ডই ভাৰত। ইয়াৰ এই বিশাল আয়তন, বিপুল জনসংখ্যা আৰু প্রাকৃতিক সীমাই ভাৰতক এখন উপমহাদেশ ৰূপে গঢ়ি তুলিছে। বিশেষকৈ প্রাকৃতিক সীমাই ইয়াক এছিয়াৰ অন্যান্য দেশৰপৰা এনেভাৱে পৃথক কৰি ৰাখিছে যে ইয়াত সম্পূর্ণ সুকীয়া এক সভ্যতা গঢ়ি উঠি, অতি প্রাচীন কালৰেপৰাই ভাৰত পৃথিৱীৰ ভিতৰত সভ্যতা, সংস্কৃতি, সাহিত্যৰ ক্ষেত্ৰত অগ্রণী দেশ হিচাপে পৰিগণিত হৈ আহিছে।

অনৈক্যৰ মাজত ঐক্য ৰচনা

ভাৰতৰ প্ৰাকৃতিক অনৈক্য

ৰাজনৈতিক অনৈক্য – ভাৰতৰ জনসংখ্যা এতিয়া ১০০ কোটিৰাে অধিক। এই বিৰাট জনসংখ্যাৰ সুবিশাল দেশখন, অনৈক্যৰ এক বিচিত্র লীলাক্ষেত্র, প্রাকৃতিক গঠন অনুসৰিও সমগ্ৰ দেশখন খণ্ড-বিখণ্ড। উত্তৰ অংশ হিমালয়ৰ দ্বাৰা বিস্তাৰিত পৰ্বতীয়া অঞ্চল; তাৰ তলৰ অংশ সিন্ধু গংগা-ব্রহ্মপুত্ৰৰ উপত্যকা অঞ্চল; এই অঞ্চলৰ পশ্চিম খণ্ডত থৰ মৰুভূমি অবস্থিত; সোঁ-মাজত বিন্ধ্য, সাতপুৰাৰ অৱস্থিতিয়ে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত- এই দুই খণ্ডত ভাৰতক পৃথক কৰিছে। দক্ষিণত মালভূমি অঞ্চল; দক্ষিণ-পূব আৰু পশ্চিম খণ্ডত দুই উপকূল অঞ্চল। উত্তৰত শীতলমণ্ডলীয়, মধ্যত সমমণ্ডলীয়, আৰু দক্ষিণত গ্রীষ্মমণ্ডলীয় জলবায়ুৱেও প্ৰভাৱ পেলাই ভাৰতবাসীক বিভিন্ন জলবায়ুৰ সােৱাদ দি সকলাে জলবায়ুতে জীয়াই থকাৰ ক্ষমতা প্ৰদান কৰিছে। অতিপাত বৃষ্টিপাত হােৱা মৌচিনৰাম, চেৰাপুঞ্জীৰপৰা একেবাৰে বৃষ্টিপাতহীন মৰুভূমি অঞ্চল, বৃষ্টিচ্ছায়া অঞ্চললৈকে সৃষ্টি কৰি প্ৰকৃতিয়ে ভাৰতত অনৈক্যৰ লােহাৰ মেলিছে। আৰ্যসকল অহাৰ আগতে ভাৰতত দ্রাবিড় সভ্যতা, অষ্ট্রিক সভ্যতা আদি অনাৰ্য্য সভ্যতাই গঢ় লৈ উঠিছিল।

সুবিশাল ভাৰতত সভ্যতাৰ আহিলা লৈ সৰু-ডাঙৰ অসংখ্য সুকীয়া সুকীয়া ৰাজ্য গঢ়ি উঠিছিল। আৰ্যসকল অহাৰ পাছত আর্য সভ্যতা সমগ্র উত্তৰ ভাৰতত বিয়পি পৰে; ক্রমে ক্রমে দক্ষিণ ভাৰততে তাৰ প্ৰভাৰ পৰেগৈ; তথাপি ভৌগােলিক গঠনে সৃষ্টি কৰা অনৈক্যৰ বাবেই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰত এক শাসনৰ অধীনলৈ অহাটো সম্ভৱ কৰি তুলিব নােৱাৰিলে। আৰ্যসকলৰ পাছত গ্রীক, শক, হুণ, কুশানসকল ভাৰতলৈ আহিল। বিভিন্ন সংস্কৃতি বিলাই দি তেওঁলােকো ভাৰতৰ বুকুত মিলিহে গ’ল। কিন্তু ৰাজনৈতিক ক্ষেত্ৰত অনৈক্য ৰৈয়ে গ’ল। পাঠান আহিল, মােগল আহিল, তথাপি ৰাজনৈতিক ঐক্য সাধন নহ’ল। ইংৰাজসকলৰ ৰাজত্বত ভাৰত এক শাসনৰ অধীন হলেও বহুতে দেশীয় ৰাজ আশ্রিত ৰাজ্য ৰৈ গল। পূর্ণ ঐক্য তথাপি সাধিত নহ’ল। স্বাধীনতাৰ পাছত অৱশ্যে এই ঐক্য সাধন সম্ভৱ হৈছে।

Read Also: ভাৰতৰ জাতীয় সংহতি ৰচনা | National Unity of India Essay in Assamese

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

জাতি, ধর্ম, ভাষা সংস্কৃতিৰ অনৈক্য

আনহাতেদি জাতি, উপজাতি, ধর্ম, ভাষাৰ ঐক্যও এই দেশত নাই। হিন্দু, বৌদ্ধ, খৃষ্টান, মুছলমান, জৈন, পাৰ্চী, শিখ আদি সকলাে ধৰ্মৰ মানুহৰ আবাসভূমি এই ভাৰত। ওঠটা সংবিধান স্বীকৃত ভাষাৰ উপৰি আৰু ৬০০তকৈ অধিক ভাষা-ভাষী লােক ভাৰতত আছে। সংস্কৃতিৰ ক্ষেত্ৰতত অনার্য, দ্রাবিড়, আর্য, অষ্ট্রিক, তিবর্ধত বর্মী আদি বিভিন্ন সংস্কৃতিৰ লােকগােষ্ঠী ভাৰতত আছে। ভৌগােলিক, ভাষিক, ধার্মিক, সাংস্কৃতিক অনৈক্যই এনেভাৱে প্ৰভাৱ পেলাইছে যে বাহ্যিক দৃষ্টিত এই দেশৰ ঐক্য কোনাে প্রকাৰেই সম্ভৱ নহয়। কিন্তু বাস্তৱ ক্ষেত্ৰত সি সম্ভৱ হৈছে আৰু যুগ যুগ ধৰি ভাৰতৰ ঐক্য সম্ভৱ হৈ থাকিব। কিন্তু কেনেকৈ ?

আদৰ্শৰ ঐক্য

এক ভাৰতীয় সভ্যতা – আৱহমান কালৰেপৰা বেদ, উপনিষদ, পুৰাণ আদি গ্রন্থক সর্ব ভাৰতীয় ধর্মগ্রন্থ হিচাপে মানি অহাত আৰু সংস্কৃত ভাষা-সাহিত্যক ভাৰতৰ উমৈহতীয়া ভাষা-সাহিত্য হিচাপে ভাৰতৰ সকলাে অঞ্চলৰ লােকে মানি অহাত মানুহৰ ভাব আৰু অনুভূতি, আদৰ্শৰ এক মহামিলনৰ সৃষ্টি হৈ ঐক্যৰ প্রথম এনাজৰীডাল দৃঢ় হৈ উঠে। ভাৰতীয় দর্শন সমগ্ৰ ভাৰতৰ প্ৰজ্ঞা আৰু মনীষাৰ সন্মিলিত প্ৰভাৱত প্রতিষ্ঠিত হৈছে। এক মহান অদৃশ্য শক্তিয়ে এনেভাৱে ক্রিয়া কৰি ভাৰতীয়ৰ বুকুত একেশ্বৰবাদৰ সনাতন বাণী ধ্বনিত, প্রতিধ্বনিত কৰি আহিছে যে বিভিন্ন অঞ্চলৰ মাজত ভৌগােলিক আৰু ধর্মীয় ব্যৱধান থাকিলেও মানুহৰ মাজত একতাৰ বান্ধোন সদায় কটকটীয়া হৈ আছে। তদুপৰি ধর্মীয় সহনশীলতা আৰু উদাৰতাই ভাৰতবাসীক চিৰদিন এক জাতি, এক প্রাণ কৰি বান্ধি ৰাখিব। শক, হুণ, কুশান আদি বিভিন্ন গােষ্ঠীৰ বিভিন্ন সভ্যতাৰ লােক ভাৰতলৈ আহি এনে এক যাদুৰ প্ৰভাৱত পৰিল যে তেওঁলােকে ভাৰতীয় সভ্যতাকে আঁকোৱালি লৈ, ইয়াৰ বিকাশৰ ক্ষেত্ৰত অৰিহণাহে যােগাইছিল।

পূৱৰপৰা অহা টাই আৰু অন্যান্য গােষ্ঠীৰ লােকসকলাে ভাৰতবাসীৰ লগত মিলি গৈ ভাৰতীয় সভ্যতাকে গ্রহণ কৰি, এক ভাৰতীয় মহান জাতি গঢ়ি তােলে। ভাৰতীয় আদিম কৃষ্টিৰ লগত এই বিভিন্ন গােষ্ঠীৰ কৃষ্টি সম্মিলিত হৈ এক মহা ভাৰতীয় কৃষ্টি গঢ়ি তােলে। মধ্য যুগত আৱিৰ্ভাৱ হােৱা মহাপুৰুষসকল- নানক, কবিৰ, ৰামানুজ, শংকৰদেৱ, মাধৱদেৱ, চৈতন্যদেৱ আদিয়ে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ যাওঁতে জাতি, ধর্ম সম্প্রদায় নির্বিশেষে সকলাে শ্ৰেণীৰ লােকৰে মাজত ভগৱানৰ বাণী প্রচাৰ কৰিছিল। তেওঁলােকে বিভিন্ন ঠাই, তীর্থ আদি ভ্ৰমণ কৰি এই বাণীবােৰ বিলাই ফুৰাৰ ফলতাে মানুহৰ মাজত একোটা ভাবাদর্শ গঢ়ি উঠি ঐক্যৰ বান্ধোন দৃঢ় কৰিছিল। তীর্থস্থান, পীঠ আদিয়ে পৰিপূৰ্ণ ভাৰতৰ বিভিন্ন অঞ্চলৰ, বিভিন্ন ধৰ্মৰ তীর্থযাত্রীসকলৰ ভ্ৰমণ আদিয়েও ধর্মপ্রাণ ভাৰতবসীৰ মাজত একতাৰ সৃষ্টি কৰাত প্ৰচুৰ বৰঙণি যােগাইছে।

Read Also: Class 11 Geography Question Answer

জীৱন ধাৰণৰ ঐক্য

তদুপৰি ভাৰবাসীৰ মাজত যুগ যুগ ধৰি এক উমৈহতীয়া জীৱনধাৰাৰ প্রচলন হৈ আহিছে। শদিয়াৰপৰা গুজৰাটলৈ, হিমালয়ৰপৰা কন্যাকুমাৰীলৈ এই বিৰাট ভূ-খণ্ডৰ মানুহৰ আচাৰ ব্যৱহাৰ, নীতি-নিয়ম, জীৱিকা অর্জন প্রণালী আদিৰ এক অদ্ভুত সামঞ্জস্য আছে। তদুপৰি ভাব-চিন্তা, ধ্যান-ধাৰণা আদিৰাে সংগতি আছে। এই অন্তর্নিহিত একতাই অনৈক্যৰ মাজতাে একতাৰ সৃষ্টি কৰিব পাৰিছে।

যাতায়াত সংযােগৰ যােগে ঐক্য

ইংৰাজৰ দিনত কিছু কিছু অঞ্চল বাদ দি সমগ্ৰ ভাৰতেই একনীতিৰ শাসনৰ তলতীয়া হৈছিল। আনহাতেদি সমগ্ৰ ভাৰততে ইংৰাৰ্জীয়েই শিক্ষাৰ মাধ্যম হােৱাত ইংৰাজী ভাষাৰ মাধ্যমেৰে ভাৰবাসীৰ মাজত ভাব-বিনিময়ৰ বিশেষ সুবিধা হৈছিল। তদুপৰি ৰাস্তা-পদূলিৰ উন্নয়ন হােৱাত, ৰেল-লাইন, ডাক-তাৰ, ফোন আদি প্রতিষ্ঠা হােৱাত যােগাযােগ ব্যৱস্থা অধিক উন্নত হ’ল। ফলত বিভিন্ন অঞ্চলত লােকৰ মাজত সংমিশ্ৰণৰ সুযোগ-সুবিধা বৃদ্ধি হৈ পৰস্পৰক নিচেই ওচৰৰপৰা বুজাত, মিলাত সহজ হৈ পৰিল।

স্বাধীনতা লাভৰ পাছত চৰ্দাৰ বল্লভভাই পেটেলৰ চেষ্টাত দেশীয় ৰাজ্যবােৰাে মাতৃভূমি ভাৰতৰ লগত মিলিত হ’ল। দাতিকাষৰীয়া ইংৰাজৰ আশ্রিত, মিত্ৰ ৰাজ্যৰাে প্ৰায়বােৰ মিলিত হ’ল। স্বাধীনতা লাভে ভাৰতবাসীৰ মাজৰ সম্পৰ্ক আৰু ঘনীভূত কৰি তুলিলে।

ৰাষ্ট্রভাষাৰ অৱদান

বর্তমান হিন্দীক ৰাষ্ট্রভাষাৰ মর্যাদা দিয়াত আৰু প্ৰায়বােৰ ৰাজ্যই ইয়াক গ্রহণ কৰাত ভাৰতবাসী এতিয়া একেখন ঘৰৰে সদস্য হৈ পৰিছে। বিভিন্ন ৰাজ্যৰ মানুহৰ মাজত বিভিন্ন ভাষা শিক্ষাৰ এক ধাউতি জন্মিছে। এই ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ৰাজ্যৰ শিক্ষকসকলৰ বিভিন্ন ভাষা-কেন্দ্রসমূহত প্রশিক্ষণ দিয়াই নিজ নিজ অঞ্চলত প্ৰচাৰৰ দিহা কৰিছে। ৰাষ্ট্ৰীয় উৎসৱসমূহত বিভিন্ন কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি সমন্বয় সাধনৰ প্ৰচেষ্টা চলাইছে। বিভিন্ন অঞ্চলৰ সাংস্কৃতিক সংস্থাসমূহেও নিজ নিজ অঞ্চলৰ কৃষ্টি-সংস্কৃতি দেশৰ বিভিন্ন অঞ্চলত পৰিৱেশন কৰি সাংস্কৃতিক সংযােগৰ ব্যৱস্থা কৰিছে। তাৰ ফলত ঐক্যৰ পৰিসৰ বৃদ্ধি পাইছে।

মন্তব্য

গতিকে বিভিন্ন অঞ্চলৰ মাজত প্রাকৃতিক, ভৌগােলিক, ভাষিক, ধর্মীয় আদি ব্যৱধান আৰু অনৈক্য থাকিলেও ভাব-চিন্তা, দর্শন, আদর্শ, অনুভূতি আদিৰ মিল থকাৰ বাবেই ভাৰতৰ এক আপুৰুগীয়া ঐক্য গঢ়ি উঠিছে। এনে ঐক্য পৃথিৱীত বিৰল। সেয়েহে ভাৰত অনৈক্যৰ মাজত ঐক্যৰ শ্রেষ্ঠতম নিদর্শন।

আমি আশা কৰিছো অনৈক্যৰ মাজত ঐক্য ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ অনৈক্যৰ মাজত ঐক্য ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top