Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 2 Traditions of Political Theory Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Long question Answer

9. Features of Liberalism.

Ans: উদাৰতাবাদৰ বৈশিষ্ট্যসমূহ— Features of Liberalism:

উদাৰতাবাদৰ এটা গ্রহণযোগ্য সংজ্ঞা বিচৰাতকৈ ইয়াৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিলে বিষয়টো বুজিবলৈ অধিক সহজ হ’ব। সেইবাবেই তলত উদাৰ্তাবাদৰ বৈশিষ্ট্যসমূহ (যিবিলাকক উদাৰতাবাদৰ মূলনীতি বুলিব পাৰি) তলত আলোচনা কৰা হ’ল—

১। উদাৰতাবাদে মানুহৰ যুক্তিৰ ওপৰত বিশ্বাস কৰে। উদাৰতাবাদৰ মতে পৃথিৱীত মানুহে সন্মুখীন হোৱা সকলোবোৰ সমস্যা মানুহৰ সঞ্চিত জ্ঞান আৰু যুক্তিৰে সমাধান কৰিব পাৰি।

২। উদাৰ্তাবাদে জনসাধাৰণৰ এটা অংশৰ বিশেষাধিকাৰ আৰু অসমতাৰ ওপৰত প্রতিষ্ঠিত পৰম্পৰাবাদৰ বিৰোধিতা কৰে। উদাৰাবাদে জনসাধাৰণৰ স্বতন্ত্ৰতা আৰু সমতা নীতিৰ ওপৰত প্রতিষ্ঠিত এক নতুন সমাজ প্রতিষ্ঠা কৰিব বিচাৰে।

৩। উদাৰতাবাদে বিশ্বাস কৰে যে জনসাধাৰণৰ স্বতন্ত্ৰতাৰ ওপৰত থকা পৰম্পৰাগত বাধা আঁতৰ কৰিব নোৱাৰিলে মানৱজাতিৰ প্ৰগতি সম্ভৱ নহ’ব। উদাৰতাবাদে জনসাধাৰণৰ প্ৰগতিৰ প্রতিবন্ধক প্রাচীন সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানবিলাকৰ আমূল পৰিৱৰ্তন বিচাৰে। উদাৰতাবাদৰ সমৰ্থকসকলৰ মতে সমাজৰ উৱলি যোৱা অনুষ্ঠানসমূহ আঁতৰ কৰিব পাৰিলেহে মানৱজাতিয়ে সুখী আৰু সমৃদ্ধিশালী জীৱন যাপন কৰিব পাৰিব।

৪। উদাৰতাবাদে সকলো ধৰণৰ ধৰ্মীয় গোড়ামী অন্ত হোৱাটো বিচাৰে আৰু ধৰ্ম নিৰপেক্ষ সমাজ ব্যৱস্থাক সজোৰে সমৰ্থন কৰে। উদাৰতাবাদৰ মতে যিবিলাক সামাজিক, অনুষ্ঠান, ধর্মীয়ি বিশ্বাস আৰু অত্যাসে প্রকৃত স্বাধীনতা উপভোগত বাধাৰ সৃষ্টি কৰিছে সিবিলাকৰ কোনো প্রয়োজন নাই।

৫। উদাৰতাবাদৰ মতে সকলো মানুহ জন্মতে স্বাধীন। বিবেক আৰু যুক্তিৰ বাহিৰে কোনো মানুহ আনৰ অধীন নহয়। প্রত্যেক ব্যক্তি নৈতিক আৰু বস্তুগত উন্নতিৰ কাৰণে নিজেই দায়ী। কোনো মানুহে নিজৰ ভাল বেয়া ধাৰণা আনৰ ওপৰত জাপি দিব নোৱাৰে। প্রত্যেক ব্যক্তি নৈতিক আৰু বস্তুগত উন্নতিৰ কাৰণে নিজেই দায়ী। কোনো মানুহে নিজৰ ভাল বেয়া ধাৰণা আনৰ ওপৰচ জাপি দিব নোৱাৰে। প্রত্যেক মানুহে নিজৰ ভাল বেয়া আনতকৈ অধিক ভালকৈ জানে।

৬। অর্থনৈতিক ক্ষেত্ৰত উদাৰতাবাদে মুক্ত প্রতিযোগিতা আৰু মুক্ত বাণিজ্য নীতি সমর্থন কৰে। এনেকৈ উদাৰতাবাদৰ অৰ্থনৈতিক নীতিয়ে আধুনিক বুজোৱা সমাজ ব্যৱস্থা আৰু পুঁজিবাদী অর্থনৈতিক ভেটি প্রতিষ্ঠা কৰাত সহায় কৰিছিল।

৭। উদাৰতাবাদৰ মতে যিহেতু ব্যক্তিয়ে তেওঁলোকৰ অধিকাৰ সমূহৰ সুৰক্ষা আৰু সুখ আৰু সমৃদ্ধি বৃদ্ধিৰ কাৰণে সমাজ আৰু ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল সেইকাৰণে এই অনুষ্ঠান সমূহৰ প্ৰয়োজন অনুসৰি পৰিৱৰ্তন বা সংশোধন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। উদাৰতাবাদী লিখকসকলৰ মতে মানুহৰ মাজৰ সামাজিক সম্পর্ক চুক্তিৰ দ্বাৰা নিৰ্ধাৰিত। তেওঁলোকৰ মতে ৰাষ্ট্ৰ শেষ লক্ষ্যৰ নহয়, ব্যক্তিৰ সুখ আৰু অধিকাৰৰ সুৰক্ষাৰ কাৰণে ৰাষ্ট্ৰ এক মাধ্যমহে।

৮। উদাৰতাবাদে মানুহৰ প্ৰাকৃতিৰ অধিকাৰৰ ধাৰণাটোক সমর্থন কৰে। উদাৰতাবাদৰ মতে সকলো মানুহৰ প্ৰকৃতি প্রদত্ত কিছুমান অধিকাৰ আছে আৰু ইবিলাকক হস্তান্তৰ কৰিব নোৱাৰি, যেনে- জীৱন ধাৰণৰ অধিকাৰ, স্বতন্ত্ৰতাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ। ৰাষ্ট্ৰই এই অধিকাৰসমূহ সৃষ্টি কৰিব নোৱাৰে আৰু এই অধিকাৰ সমূহৰ উপভোগৰ কাৰণে ৰাষ্ট্ৰীয় অনুমতিৰ কোনো প্রয়োজন নাই। কোনোৰ ৰাষ্ট্ৰই মানুহৰ প্রাকৃতিক অধিকাৰসমূহ ভংগ বা উলংঘা কৰিব নোৱাৰে।

৯। উনৈশ শতিকাৰ আগভাগত উদাৰতাবাদে ৰাষ্ট্ৰৰ কাম কাজ সীমিত হোৱাতো বিচাৰিছিল। কিন্তু জন কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাটো বিকাশৰ পাছত উদাৰ্তাবাদে ৰাষ্ট্ৰৰ কাম সম্পৰ্কীয় পূৰ্বৰ স্থিতিৰ পৰিৱৰ্তন কৰে।

১০। উদাৰতাবাদে মানুহৰ মাজৰ সমতা নীতিক সমর্থন কৰে । উদাৰতাবাদৰ মতে সকলো মানুহ জন্মতে স্বাধীন আৰু সকলো মানুহক সৃষ্টিকৰ্তাই যুক্তি আৰু নৈতিক বিচাৰ বিবেচনাৰ ক্ষমতাৱে অলংকৃত কৰিছে।

10. Limitations of Liberalism:

Ans: উদাৰ্তাবাদৰ কিছুমান বিষয়ত যথেষ্ট অৱদান আছে। ৰাজনৈতিক বিকাশত ইয়াৰ অৱদান গুৰুত্বপূৰ্ণ। কিন্তু কিছুমান ক্ষেত্ৰত ইয়াৰ ত্রুটি বা দুৰ্বলতা থকা দেখা যায়। সেইবিলাক তলত উল্লেখ কৰা হ’ল:

(১) উদাৰতাবাদত পৰস্পৰ বিৰোধিতাৰ দোষ থকা দেখা যায়। এই মতবাদটো যদিও কৰ্তৃত্ববাদৰ বিৰোধী, কিন্তু বাস্তৱত লক্ষ্য কৰা,যায় যে অর্থনৈতিক ক্ষেত্ৰত অবাধ স্বাধীনতাৰ নীতিক সমর্থন কৰি ই শ্রেণী বৈষম্য আৰু বিশেষ শ্ৰেণীৰ কৰ্তৃত্বৰ বিকাশত সহায় কৰিছে।

(২) এই মতবাদে ৰাষ্ট্ৰৰ ন্যূনতম ভূমিকাৰ প্ৰতি দৃষ্টি আকর্ষণ কৰিছে। কিন্তু ইয়াৰ ফলত জনসাধাৰণৰ কল্যাণ সাধন কৰিব নোৱাৰি। যি ৰাষ্ট্ৰৰ ক্ষমতা সীমিত সেই ৰাষ্ট্ৰই জনহিতকৰ ‘কাম কৰিব নোৱাৰে।

(৩) সমাজকল্যাণ আৰু সামাজিক স্বাৰ্থৰ প্ৰতিষ্ঠাত এই মতবাদ যিমান তাত্ত্বিক সিমান ব্যৱহাৰিক নহয়। অর্থাৎ, উদাৰতাবাদ বাস্তৱ নহয়। ইয়াৰ কিছুমান ধাৰণা উদ্ভাৱন কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধতা আছে।

(৪) গণতান্ত্রিক আদৰ্শৰ সঠিক আৰু সফল ৰূপায়ণৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা বিশেষ সুস্পষ্ট নহয়।

(৫) তদুপৰি এই মতবাদে অর্থনৈতিক ব্যৱস্থা আৰু শক্তিৰ সামাজিক আৰু বাস্তব ব্যৱহাৰৰ কোনো নির্দেশ দিব পৰা নাই।

(৬) অধ্যাপক লাঙ্কিয়ে উদাৰতাবাদৰ কিছুমান ত্রুটিৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে এই ত্রুটিবিলাক হ’ল:

(ক) উদাৰ্তাবাদ সংশয়বাদী— কোনো ধাৰণাৰ 

প্ৰতি ইয়াৰ স্থিৰ আৰু স্বাভাবিক বিশ্বাসৰ অভাৱ থকা দেখা যায়।

(খ) এই মতবাদে আধুনিকতাক স্বাগত জনালেও, ঐতিহ্যবাদক ই সম্পূর্ণৰূপে পৰিত্যাগ কৰিব পৰা নাই। 

(গ) এই তত্ত্বই সর্বজনীনতাৰ দাবী কৰিলেও, বাস্তৱত ই সংকীর্ণ দৃষ্টিভঙ্গী গ্ৰহণ কৰা দেখা যায়। যেনে ই পুঁজিবাদী আৰু শ্ৰেণীবৈষম্যৰ

নীতিক সমৰ্থন কৰিছে।

(৭) উদাৰতাবাদ আচলতে এটা ব্যক্তিবাদী দর্শন। কাৰণ ব্যক্তিয়েই হ’ল এই ধাৰণাৰ মূলবস্তু। ই সমাজতকৈ ব্যক্তিৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে।

(৮) উদাৰনৈতিক মতবাদৰ ধাৰণাবিলাক পৰিষ্কাৰ নহয়। ইয়াৰ মূল ধাৰণাবিলাকৰ মাজত কিছুমান অমিল থকা দেখা যায়। সেই কাৰণে ইয়াৰ সিমান মূল্য নাই।

(৯) মেকফাচনে উদাৰতাবাদক প্রতিক্রিয়াশীল ধাৰণা বুলি অভিহিত কৰিছে। কাৰণ, এই মতবাদ প্রচলিত অর্থনৈতিক ব্যৱস্থাৰ ঘোৰ সমৰ্থক। এই মতবাদত বক্ষণশীলতাৰ প্ৰমাণ পোৱা যায়।

(১০) উদাৰতাবাদে স্থিতাবস্থা বাহাল ৰাখিব বিচাৰে। ই অনুন্নত ৰাষ্ট্ৰবিলাকৰ বাবে প্রযোজ্য নহয়। কাৰণ, ই কোনো ধৰণৰ বৈপ্লৱিক পৰিৱৰ্তন নিবিচাৰে।

উদাৰতাবাদৰ বহুতো দোষ থাকিলেও, এই মতবাদৰ গুৰুত্ব আৰু অৱদানক অস্বীকাৰ কৰিব নোৱাৰি। নতুন উদাৰতাবাদৰ ধাৰণাবিলাক ইমানেই গুৰুত্বপূৰ্ণ যে এইবিলাক ধাৰণা গণতান্ত্রিক সমাজবাদত গ্রহণ কৰা হৈছে। তদুপৰি, উদাৰতাবাদীসকলে এখন আদর্শ সমাজৰ ছবিও আমাৰ আগত দাঙি ধৰিব পাৰিছে। উদাৰতাবাদৰ মূল নীতিবিলাকৰ গুৰুত্ব এতিয়াও আছে। এতিয়াও এই নীতিবিলাক বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়। বর্তমানে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে বুলি ক’ব পাৰি। উদাৰতাবাদক কিছুমানে মানৱতাবাদৰ দৰ্শন বুলিও কয়। কাৰণ, এই মতবাদে ব্যক্তিৰ মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উদাৰ্তাবাদে যিবিলাক ধাৰণা পোষণ কৰিছে, সেইবিলাকৰ গুৰুত্ব চিৰদিন থাকিব মানৱতাবাদক কোনেও অৱজ্ঞা কৰিব নোৱাৰে। গতিকে, এই মতবাদৰ ভৱিষ্যৎ উজ্জ্বল বুলি ক’ব পাৰি। অৱশ্যে, সময় আৰু অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে এই মতবাদৰ দৃষ্টিভঙ্গীৰো কিছু পৰিমাণে সাল-সলনি হ’ব।

11. Criticism of Classical Liberalism ?

Ans: ধ্রুপদী উদাৰ্তাবাদৰ বিৰুদ্ধে কিছুমান চিন্তাবিদে সমালোচনা আগবঢ়াইছে। সমালোচনাবোৰ তলত উল্লেখ কৰা হ’ল—

(১) উদাৰতাবাদীসকলে ৰাষ্ট্ৰক এক প্রয়োজনীয় অশুভ অনুষ্ঠান বুলি কৰা ধাৰণাটো শুদ্ধ নহয়। বৰ্তমান যুগৰ ৰাষ্ট্ৰ পুলিচ ৰাষ্ট্ৰই হৈ থকা নাই। বৰ্তমানৰ কল্যাণকামী ৰাষ্ট্ৰবোৰে জনসাধাৰণৰ কল্যাণৰ বাবে বিভিন্ন আইন আৰু আঁচনি গ্ৰহণ কৰে। ৰাষ্ট্ৰ অবিহনে কল্যাণকামী আঁচনি গ্রহণ। আৰু কাৰ্যকৰী কৰাৰ অন্য বিকল্প নাই।

(২) ব্যক্তিয়ে নিজৰ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ জানে বুলি ধাৰণা পোষণ কৰাটো শুদ্ধ নহয়। নিৰক্ষৰ, অজ্ঞ, কু-সংস্কাৰপন্ন লোকে ভাল-বেয়া নির্ণয় কৰিব নোৱাৰে। ভাল-বেয়া, শুভ-অশুভ নিৰ্ণয় কৰাটো সহজ নহয়। বহুতে নিজ স্বার্থ পূৰণ কৰিবলৈ যাওকে আনপ অনিষ্ট সাধন কৰে। এনে ক্ষেত্ৰত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ প্ৰয়োজন হয়।

(৩) জোৰ যাৰ মুলুক তাৰ নীতি প্রাণীজগতৰ ক্ষেত্ৰত প্ৰযোজ্য হলেও মানৱ জগতত প্রযোজ্য নহয়। মানুহৰ যুক্তি, ন্যায়, সততা আদি গুণ থাকে। প্রতিদ্বন্দ্বিতাত যোগ্যজন বর্তি থাকিব লাগে আৰু দুর্বলজন বিনাশ হ’ব লাগে এনে নীতি সভ্য সমাজৰ নীতি নহয়। বৰ্তমানৰ কল্যাণকামী ৰাষ্ট্ৰই দুর্বল, পিছপৰা শ্ৰেণীৰ সৰ্বাংগীণ উন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।

(৪) ব্যক্তিবাদীসকলে ভবাৰ দৰে ৰাষ্ট্ৰৰ কাৰ্যাৱলী ব্যক্তি স্বতন্ত্ৰতাৰ বিৰোধী নহয়। ৰাষ্ট্ৰৰ আইনে ব্যক্তি স্বতন্ত্রতা ৰক্ষাহে কৰে। প্ৰায় সকলো ৰাষ্ট্ৰৰ সংবিধানত ব্যক্তি স্বতন্ত্রতা জনসাধাৰণক প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰৰআইন আৰু আদালতসমূহে ব্যক্তি স্বাধীনতা ৰক্ষা কৰে। কাৰোবাৰ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰিলে ৰাষ্ট্ৰ, আইন আৰু আদালতে হস্তক্ষেপ কৰি ব্যক্তিৰ স্বাধীনতা ৰক্ষা কৰে।

(৫) ব্যক্তিবাদীসকলৰ ৰাজনৈতিক যুক্তিও শুদ্ধ নহয়। স্বাধীনতাৰ অর্থ নিয়ন্ত্রণহীন স্বাধীনতা বা অবাধ স্বাধীনতা নহয়। অবাধ স্বাধীনতাই সমাজত অৰাজক অৱস্থা সৃষ্টি কৰিব। মানুহক আকৌ প্ৰকৃতি ৰাজ্যলৈ লৈ যাব।

(৬) অর্থনৈতিক ক্ষেত্ৰত দিয়া ব্যক্তিবাদীসকলৰ যুক্তি বিপদজনক। অর্থনৈতিক দিশত মুক্ত স্বাধীনতাই আৰু মুক্ত প্ৰতিদ্বন্দিতাই সমাজৰ এক শ্রেণী লোকক দৰিদ্ৰতাৰ গ্ৰাসলৈ ঠেলি দিব। সমাজৰ ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত শ্রেণী বৈষম্য সৃষ্টি কৰিব। উদ্যোগপতিসকলে শ্রমিক শ্রেণীক শোষণ কৰিবলৈ সুবিধা পাব। মুক্ত অর্থনৈতিক প্রতিযোগিতাত বৰ্তি থাকিব নোৱাৰাসকলে দৰিদ্ৰ শ্ৰেণীলৈ পৰিৱৰ্তন হ’ব।

(৭) ব্যক্তিবাদীসকলে আগবঢ়োৱা অভিজ্ঞতাৰ যুক্তিটো গ্রহণযোগ্য নহয়। ৰাষ্ট্ৰই অতীতত মানুহৰ অকল্যাণমূলক আইন প্রণয়ন কৰিছিল বুলি বর্তমানেও এনে আইন প্রণয়ন কৰিব তাৰ কোনো যুক্তি নাই। সময়ৰ পৰিবর্তন হৈছে। কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণমূলক কাম কৰিবলৈ বাধ্য হৈছে।

(৮) ৰাষ্ট্ৰৰ অক্ষমতা যুক্তি গ্রহণযোগ্য নহয়। কামৰ বোজা বাঢ়ি যোৱাৰ বাবে ৰাষ্ট্ৰ বা অক্ষম হৈ নপৰে। চৰকাৰে প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী নিযুক্তি দিব পাৰে। ৰাষ্ট্ৰৰ শাসন যন্ত্র বিশাল। সকলো আমোলা বিষয়া জনস্বাৰ্থ বিৰোধী নহয় বা দায়িত্বহীন, অযোগ্যও নহয়। জনসাধাৰণৰ মংগলৰ বাবে কাম কৰিবলৈ চৰকাৰ সক্ষম। 

12. Basic Principles of Liberalism.

Ans: উদাৰ্তাবাদৰ মূলনীতিসমূহ : Basic Principles of Liberalism.

উদাৰতাবাদৰ মূলনীতিসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি―

১। উদাৰতাবাদে ৰক্ষণশীলতাৰ বিৰোধিতা কৰে আৰু সকলো মানুহৰ স্বতন্ত্ৰতা আৰু মানুহৰ মাজত সমতা নীতিক সমর্থন কৰে।

২। উদাৰতাবাদে মানুহক যুক্তিবাদী আৰু প্রত্যেকেই নিজৰ বিষয়ে আটাইতকৈ ভালকৈ জনা বুলি বিশ্বাস কৰে।

৩। উদাৰতাবাদে বিশ্বাস কৰে যে স্বতন্ত্রতা উপভোগৰ ক্ষেত্ৰত থকা পৰম্পৰাগত বাধাসমূহ আঁতৰ কৰিব পাৰিলে মানৱ জাতিৰ তৰ প্ৰগতিৰ গতি খৰটকীয়া হ’ব। সেইকাৰণে মানৱ প্ৰগতিৰ অন্তৰায় পৰম্পৰাগত সামাজিক আৰু ৰাজনৈতিক অনুষ্ঠানসমূহক সংস্কাৰ সাধন কৰাৰ ওপৰত উদাৰতাবাদে গুৰুত্ব আৰোপ কৰে।

৪। উদাৰতাবাদে ধর্ম নিৰপেক্ষ নীতিক সমর্থন কৰে আৰু সকলো ধৰণৰ ধৰ্মীয় গোড়ামীক স্বতন্ত্ৰতা আৰু প্ৰগতিৰ ক্ষতিকাৰক বুলি বিশ্বাস কৰে।

৫। উদাৰতাবাদৰ মতে সকলো মানুহ জন্মতে স্বাধীন। যুক্তি আৰু বিচাৰ-বিবেচনাৰ বাহিৰে কোনো কাৰো অধীন নহয়। নৈতিক আৰু পাৰ্থিৱ উন্নতিৰ কাৰণে প্রত্যেক ব্যক্তি একমাত্ৰ নিজৰ ওচৰতহে দায়বদ্ধ। সেইকাৰণে কোনো ব্যক্তিয়ে বল বা শক্তি প্রয়োগ কৰি নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিব নোৱাৰে।

৬। অর্থনৈতিক ক্ষেত্ৰত উদাৰতাবাদে অহস্তক্ষেপ নীতিক সমর্থন কৰে। উদাৰতাবাদে মুক্ত ব্যৱসায়-বাণিজ্য আৰু মুক্ত প্রতিযোগিতা নীতিক সমর্থন কৰে। উদাৰতাবাদৰ অৰ্থনৈতিক নীতিৰ ফলস্বৰূপে পুঁজিবাদী আৰু সমাজৰ শক্তিশালীসকলে অর্থনৈতিকভাৱে দুৰ্বলসকলৰ শোষণ আৰু উৎপীড়ন কৰাৰ আইনগত সুবিধা লাভ কৰে।

৭। উদাৰতাবাদৰ মতে ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰসমূহৰ সুৰক্ষা আৰু ব্যক্তিগত সুখ-সুবিধাৰ কাৰণে ৰাষ্ট্ৰৰ জন্ম হৈছিল। অর্থাৎ মানুহৰ সামাজিক চুক্তিৰ দ্বাৰা নিৰ্ধাৰিত। ৰাষ্ট্ৰ ব্যক্তিগত সুখ-সুবিধা সুনিশ্চিত কৰাৰ এক মাধ্যম। ব্যক্তিগত কল্যাণ ৰাষ্ট্ৰৰ চৰম লক্ষ্য।

৮। উদাৰতাবাদে ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটোক সমৰ্থন কৰে। এই তত্ত্ব অনুসৰি ব্যক্তিৰ জীৱন, সম্পত্তি আৰু স্বতন্ত্রতা প্রাকৃতিক অধিকাৰ। ৰাষ্ট্ৰ বা সমাজে ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিব নোৱাৰে।

৯। উদাৰতাবাদে ব্যক্তি স্বাধীনতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। উদাৰতাবাদৰ মতে অন্য ব্যক্তিৰ স্বাধীনতা উলংঘা নকৰাকৈ প্ৰত্যেক ব্যক্তিয়ে সীমাহীন স্বাধীনতা উপভোগ কৰিব পাৰে। উদাবতাবাদৰ সমৰ্থক জন ষ্টুৱাচ মিলৰ মতে (I.S.Mill) “Over himself, over his own body and mind, the individual is sovereign. ওপৰত, নিজৰ শৰীৰ আৰু মনৰ ওপৰত প্ৰত্যেক ব্যক্তি সার্বভৌম শক্তিৰ অধিকাৰী” । 

13. The Marxist Theory ?

Ans: কিছুমান ৰাজনীতি-বিজ্ঞানীৰ মতে ৰাষ্ট্ৰৰ উৎপত্তি, প্রকৃতি আৰু কাৰ্যাৱলী সম্পৰ্কে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বৈজ্ঞানিক মতবাদ হ’ল মার্ক্সীয় মতবাদ। এই তত্ত্বই ৰাষ্ট্ৰৰ বিষয়ে আলোচনাৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সন্ধান দিছে। মার্ক্সীয় ধাৰণাই বিশ্বব্যাপী এটা আলোড়ন

সৃষ্টি কৰিছে। মার্ক্সৰ ৰাষ্ট্ৰৰ বিষয়ে মূল সূত্রবিলাক পোৱা যায় মার্ক্স আৰু এঞ্জেলচৰ ৰচিত Communist Manifesto” (1848) আৰু মার্ক্স লিখিত “Das Kapital” গ্রন্থ দুখনত।

মার্ক্সৰ চিন্তাধাৰা অনুসাৰে ৰাষ্ট্ৰ হ’ল বল বা শক্তিৰ ওপৰত প্ৰতিষ্ঠিত এটা কৃত্রিম অনুষ্ঠান। ৰাষ্ট্ৰৰ উদ্ভৱ, প্রকৃতি আৰু ভূমিকা শ্ৰেণী আৰু শ্ৰেণীসংগ্ৰামৰ মাজত নিহিত আছে। মার্ক্সৰ মতে ৰাষ্ট্ৰ চিৰস্তন অনুষ্ঠান নহয়। মাৰ্গেৰাষ্ট্ৰৰ উৎপত্তি আৰু প্ৰকৃতি বিশ্লেষণ কৰিবলৈ যাওঁতে সামাজিক অগ্ৰগতিৰ স্তৰক চাৰি ভাগত বিভক্ত কৰিছে আদিম সাম্যবাদী সমাজ দাস সমাজ, সামস্তবাদী সমাজ আৰু পুঁজিবাদী সমাজ। আদিম সাম্যবাদী সমাজ আছিল মানৱ সমাজৰ অগ্ৰগতিৰ প্ৰথম স্তৰ। এই স্তৰত ব্যক্তিগত সম্পত্তিৰ কোনো অস্তিত্ব নথকাত সমাজত কোনো শ্রেণী বা শ্ৰেণী:শোষণ নাছিল। এই অৱস্থাত সমাজব্যৱস্থা আছিল ৰাষ্ট্ৰহীন।

পৰৱৰ্তীকালত ব্যক্তিগত সম্পত্তিবোধ, পৰম্পৰ বিৰোধী স্বাৰ্থসম্পন্ন শ্ৰেণী আৰু শ্ৰেণীসংগ্ৰাম উদ্ভৱ হোৱাৰ ফলত ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। অর্থাৎ দাস সমাজৰ আবিৰ্ভাৱ হোৱাৰ লগে লগে ৰাষ্ট্ৰৰো জন্ম হয়। কাৰণ, এই সমাজৰ পৰাই শ্রেণী-স্বাৰ্থ ৰক্ষা কৰা আৰু শ্ৰেণীবিৰোধ আৰম্ভ হয়। এই শ্ৰেণী-স্বাৰ্থ ৰক্ষাৰ বাবেই ৰাষ্ট্ৰৰ জন্ম হয়।

মার্ক্সে ৰাষ্ট্ৰ উৎপত্তিৰ সম্পূর্ণ বিষয়টোক অর্থনৈতিক দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিছে। ধনীসকলৰ স্বাৰ্থৰক্ষাৰ্থে শক্তিক ভিত্তি কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছে। এতেকে ৰাষ্ট্ৰ হ’ল শ্ৰীস্বাৰ্থৰ ধাৰক আৰু বাহক আৰু কেন্দ্ৰীভূত শক্তিৰ প্ৰকাশ । মার্ক্সীয় ধাৰণা অনুসাৰে ৰাষ্ট্ৰ হ’ল শ্রেণী শাসনৰ প্রতীক আৰু এটা শ্ৰেণীৰ দ্বাৰা আনটো শ্রেণীক শাসন আৰু শোষণ কৰাৰ যন্ত্রবিশেষ। লেনিনৰ মতে “The State is an organ of class rule, and organ for the oppression of one class by another. এঞ্জেলচৰ মতে, “ৰাষ্ট্ৰ হল নিপীড়িত জনসাধাৰণক দমন আৰু শোষণ কৰাৰ আহিলা” (The state is a means of subduing and exploiting the oppressed masses).

মার্ক্সবাদ অনুসাৰে পৃথিৱীত যেতিয়া আদিম সাম্যবাদী সমাজ প্রতিষ্ঠিত হৈছিল, তেতিয়া শোষণৰ ৰাষ্ট্ৰও নাছিল। ব্যক্তিগত সম্পত্তিবোধ জাগি উঠাৰ লগে লগে শোষণৰ সূত্রপাত হ’ল। সমাজৰ যি শ্ৰেণীয়ে ক্ষমতা দখল কৰিলে, সেই শ্রেণীয়ে ক্ষমতা ৰক্ষা কৰিবৰ বাবে আৰু শোষণ অব্যাহত ৰখাৰ উদ্দেশ্য ৰাষ্ট্ৰৰ সৃষ্টি কৰিলে। মার্ক্সৰ মতে ৰাষ্ট্ৰ প্রকৃতি সমাজৰ অৰ্থনৈতিক গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।

ৰাষ্ট্ৰৰ প্ৰকৃতি আৰু উৎপত্তিৰ বিষয়ে ব্যাখ্যা কৰিবলৈ যাওঁতে মার্ক্সে সামাজিক বিকাশৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰিছে। সামাজিক বিকাশৰ বিভিন্ন স্তৰৰ ৰাষ্ট্ৰৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হোৱা দেখা যায়।

আদিম সমাজ সাম্যবাদী আছিল। ইয়াত মানুহৰ ব্যক্তিগত সম্পত্তি নাছিল। সেই সমাজত কোনো শ্রেণী বা শ্রেণী শোষণ নাছিল। সেয়েহে এই সমাজ ব্যৱস্থাত ৰাষ্ট্ৰ কোনো প্রয়োজন নাছিল। অর্থাৎ, আদিম সমাজ ৰাষ্ট্ৰবিহীন আছিল।

এই সমাজৰ পিছত দাস সমাজৰ সৃষ্টি হ’ল। উৎপাদনৰ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে সমাজত সম্পত্তিশালী শ্ৰেণীৰ জন্ম হ’ল। তেতিয়া অর্থনৈতিক অসমতা, শোষণ আদিৰ জন্ম হ’ল। দাস সমাজত দাসসকল হ’ল উৎপাদনৰ উপাদান আৰু উৎপন্ন সামগ্ৰীৰ মালিক হ’ল দাস প্ৰভূসকল। এই সমাজ দাস আৰু মালিক-এই দুটা শ্ৰেণীত বিভক্ত হ’ল। সমাজ বিকাশৰ এই স্তৰতেই শ্ৰেণীশাসন আৰু শ্ৰেণীশোষণৰ সূত্ৰপাত হয় আৰু শ্ৰেণীসংগ্ৰামৰ ইতিহাস আৰম্ভ হয়। তাৰ ফলস্বৰূপে শ্রেণীশোষণৰ যন্ত্ৰ হিচাপে ৰাষ্ট্ৰৰ উৎপত্তি হয়। এই ৰাষ্ট্ৰৰ উদ্দেশ্য হ’ল দাস সমাজৰ উৎপাদন ব্যৱস্থাক ৰক্ষা কৰা । ৰাষ্ট্ৰই ইয়াৰ কৰ্তৃত্ব ৰক্ষাৰ বাবে সশস্ত্র বাহিনী গঠন কৰে।

দাস ব্যৱস্থাৰ পৰিণতি হিচাপে সামস্তবাদৰ জন্ম হয়। সামস্তবাদী সমাজ ভূস্বামী আৰু ভূমিদাস-এই দুই পৰস্পৰ বিৰোধী শ্রেণীত বিভক্ত হয়। উৎপাদনৰ উপাদন আৰু উৎপন্ন বস্তুৰ মালিক হ’ল সামন্তপ্রভুসকল। এওঁলোকে ভূমি-দাসসকলক শোষণ কৰিছিল। এই সময়ত শ্ৰেণীসংগ্ৰামৰ তীব্রতা বৃদ্ধি পায়। কৃষকসকলৰ ওপৰত আধিপত্য বজায় ৰখা আৰু শোষণ কাৰ্য অব্যাহত ৰখাৰ বাবে সামস্তপ্রভুসকলে ৰাষ্ট্ৰক যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে।

শিল্প-বিপ্লৱৰ পিছতেই পুঁজিবাদৰ আৱিৰ্ভাৱ ঘটে। ইয়াত উৎপাদনৰ উপকৰণবিলাকৰ গৰাকী হয় পুঁজিপতিসকল। উৎপাদনৰ সকলো প্ৰকাৰৰ উপাদানৰ পৰা শ্রমিক শ্রেণীক বঞ্চিত কৰা হয়। এওঁলোকে পুঁজিপতিসকলৰ ওচৰত জীৱন-ধাৰণৰ বাবে তেওঁলোকৰ শ্রমশক্তি বিক্ৰী কৰিবলৈ বাধ্য হয়। মালিক শ্রেণীয়ে শ্রমিকসকলক শোষণ কৰে আৰু এই শোষণ অব্যাহত ৰাখিবলৈ ৰাষ্ট্ৰক যন্ত্ৰ হিচাপে প্ৰয়োগ, কৰে। পুঁজিবাদী সমাজ অৱশেষত সংকটৰ সন্মুখীন হয়। কাৰণ, পুঁজিবাদী সমাজত শ্ৰেণীসংগ্রাম তীৱ হৈ আহে আৰু পুঁজিবাদৰ পতন ঘটে।

পুঁজিবাদৰ পতনৰ লগে লগে সমাজবাদী সমাজৰ আবিৰ্ভাৱ হয়। সমাজবাদ হ’ল পুঁজিবাদী ব্যৱস্থা আৰু সাম্যবাদী সমাজব্যৱস্থাৰ মধ্যবর্তী স্তৰ। এই পৰ্যায়ত সৰ্বহাৰা শ্ৰেণীৰ একনায়কত্ব প্রতিষ্ঠিত হয়। ৰাষ্ট্র ক্ষমতা এই সৰ্বহাৰা শ্ৰেণীৰ হাতত থাকে। ইয়াত শোষিত শ্রেণী নাথাকে। উৎপাদনৰ উপাদানৰ মালিক হয় সমাজ।

সর্বহাৰাৰ একনায়কত্ববাদে শোষক শ্রেণীক ধ্বংস কৰি শোষণমুক্ত সাম্যবাদী সমাজব্যৱস্থা প্রতিষ্ঠা কৰিব। এই সমাজত পৰস্পৰ বিৰোধী স্বার্থসম্পন্ন কোনো শ্রেণী নেথাকে। এই সমাজ হ’ব শোষণমুক্ত। তেতিয়া শোষণৰ যন্ত্ৰ ৰাষ্ট্ৰৰ অ-প্ৰয়োজনীয় হৈ লুপ্ত হ’ব। এঞ্জেলচে কৈছে, “The State is not abolished, it withers away”. ৰাষ্ট্ৰৰ সম্পৰ্কে মার্ক্সৰ তত্ত্ব আলোচনাৰ পৰা দেখা গ’ল যে দাস সমাজত ৰাষ্ট্ৰৰ জন্ম হয় আৰু সাম্যবাদী সমাজ প্রতিষ্ঠাৰ লগে লগে ৰাষ্ট্ৰৰ অৱসান ঘটে। অর্থাৎ শ্ৰেণীসংগ্ৰামৰ পৰা ৰাষ্ট্ৰৰ জন্ম হয় আৰু শ্ৰেণীসংগ্ৰামৰ অৱসান ঘটে। অৰ্থাৎ শ্ৰেণীসংগ্ৰামৰ পৰা ৰাষ্ট্ৰৰ জন্ম হয় আৰু শ্ৰেণীসংগ্ৰামৰ অৱসান ঘটিলে ৰাষ্ট্ৰৰো অৱসান হয়।

14. Discuss the theory of historical materialism.

Ans: দ্বন্দ্বাত্মক বস্তুবাদেই হৈছে মার্ক্সীয় দৰ্শনৰ মূল ভেটি। সকলো ধৰণৰ সমস্যা সমাধানৰ কাৰণে মার্ক্সবাদীসকলে এই পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ মতে দ্বন্দ্বাত্মক পদ্ধতিয়ে যিকোনো ঘটনা বিশ্লেষণ কৰাত সহায় কৰে। এই পদ্ধতিৰ সহায়ত ঘটনাৰ লগত জড়িত কাৰণসমূহৰ জ্ঞান লাভ কৰা সহজ। ঘটনাই বৰ্তমান কোন পিনে গতি কৰিছে আৰু ভৱিষ্যতে কোনপিনে গতি কৰিব সেই সম্পর্কেও এই পদ্ধতিৰ সহায়তকক জানিব পাৰি। সেয়েহে মার্ক্সৰ দ্বন্দ্বাত্মক পদ্ধতিৰ বিষয়ে আলোচনা কৰা সময়ত হেগেলৰ দ্বন্দ্বাত্মক পদ্ধতিৰ চমু আভাস দিয়া দৰকাৰ।

হেগেলৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ওপৰতেই ঐতিহাসিক গতি নিৰ্ভৰ কৰে। অৰ্থাৎ ইতিহাসৰ গতি দ্বন্দ্বাত্মক পদ্ধতিয়ে নির্ণয় কৰে। যিকোনো ধাৰণাৰ প্ৰকাশৰ লগে লগে তাৰ বিপৰীত ধাৰণাৰ সৃষ্টি হয়। অর্থাৎ কোনো ধাৰণা আৰু ইয়াৰ বিপৰীত ধাৰণা বা ক্ৰিয়া আৰু প্ৰতিক্রিয়াই বিৱৰ্তনৰ দিশ নিৰ্ণয় কৰে। কেৰিউ হাণ্টৰ মতে দ্বন্দ্বাত্মক পদ্ধতি পদ্ধতিক Thesis (ক্রিয়া বা ধাৰণা), antithesis (প্রতিক্রিয়া বা বিপৰীত ধাৰণা) আৰু Synthesis (সমন্বয়)-ৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি। কোনো মন্তব্যৰ জৰিয়তে এটা ক্রিয়া বা ধাৰণাৰ শুতি সমর্থন জনোৱা হয়। কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া বা বিপৰীতধর্মী ধাৰণাই এনে সমৰ্থনত বাধাৰ সৃষ্টি কৰে। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বা কোনো ধাৰণা আৰু ইয়াৰ বিপৰীতধৰ্মীধাৰণাৰ সংঘাতত সৃষ্টি হয় সমন্বয়ৰ।

অৰ্থাৎ এই দুয়োটাৰ সংঘাতৰ পৰা কোনো এটা সত্যত উপনাত হোৱা যায়। কিন্তু ক্রিয়া-প্রতিক্ৰিয়াৰ ফলত সৃষ্টি হোৱা সমন্বয় বা সতাতাক ভালদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে তাত আসোঁৱাহ আছে। অর্থাৎ ইয়াক প্রকৃত সত্য হিচাবে গ্ৰহণ কৰিব নোৱাৰি। এই সমন্বয় বা সত্যৰ আসোঁৱাহ ওলোৱাৰ লগে লগে ই এটা ধাৰণা বা ক্ৰিয়াত পৰিণত হয়। সেয়েহে এই ধাৰণা বা ক্ৰিয়াৰ বিপৰীতধৰ্মী ধাৰণা বা প্ৰতিক্ৰিয়াৰ আকৌ সৃষ্টি হয়। এই ক্রিয়া-প্রতিক্রিয়া তথা ধাৰণাৰ সংঘাতত সৃষ্টি হয় এক সমন্বয় বা সত্যৰ। এইদৰে প্ৰকৃত সত্য উদ্ঘাটন নোহোৱালৈকে এই পদ্ধতি চালি থাকে আৰু প্ৰকৃত সত্য উদ্ঘাটন হোৱাৰ লগে লগে দ্বন্দ্বাত্মক পদ্ধতিৰো অৱসান ঘটে। হোগেলৰ মতে ইতিহাস কিছুমান ঘটনাৰ সমষ্টিয়ে নহয়; ই প্ৰগতিৰ খতিয়ানো, ক্ৰিয়া আৰু প্রতিক্রিয়াই হৈছে এই প্ৰগতিৰ প্ৰধান চালিকা শক্তি ।

হেগেলৰ এই দ্বন্দ্বাত্মক পদ্ধতিয়ে মার্ক্সৰ চিন্তাধাৰাৰ ওপৰত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছিল যে মার্ক্সে এই পদ্ধতি গ্ৰহণ কৰি লৈছিল। কিন্তু হেগেল আৰু মার্ক্সৰ মাজত প্ৰভেদ আছিল। হোগেলৰ উদ্দেশ্য আছিল সত্য উদ্ঘাটন কৰা, মার্ক্সৰ উদ্দেশ্য হৈছে সমাজবাদ প্রতিষ্ঠা কৰা । সেয়েহে হেগেলে সহায় লৈছিল ধাৰণাৰ কিন্তু মার্ক্সে সহায় লৈছিল পদাৰ্থৰ। মার্ক্সে এখন শ্ৰেণীহীন আৰু শোষণহীন সমাজ প্রতিষ্ঠা কৰিব বিচাৰিছিল ।

তেওঁৰ সেই সমাজ একশ্ৰেণীৰ লোকে আন একশ্রেণীক শোষণ কৰাৰ ব্যৱস্থা নাছিল। দ্বন্দ্বাত্মক পদ্ধতিৰ সহায়ত সমাজবাদৰ আদৰ্শত সমাজ প্রতিষ্ঠা কৰা সম্ভৱ হ’ব পাৰে বুলি মার্ক্সে বিশ্বাস কৰিছিল। মার্ক্সৰ মতে পুঁজিবাদী ব্যৱস্থাতেই ইয়াৰ ধ্বংসৰ বীজ নিহিত আছে। পুঁজিপতি আৰু বনুৱাসকলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত পুঁজিবাদ ধ্বংস হৈ সমাজবাদ প্রতিষ্ঠা হ’ব বুলি মার্ক্সে বিশ্বাস কৰিছিল। এনে সমাজত মানুহৰ মাজত শ্রেণী বিভাজন নাথাকিব আৰু একশ্রেণীৰ লোকৰ ওপৰত উৎপীড়ন কৰাৰ কাবণে ৰাষ্ট্ৰৰ ব্যৱস্থাও নাথাকিব। অর্থাৎ এখন শ্ৰেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজৰ প্ৰতিষ্ঠা হ’ব। মার্ক্সে বিশ্বাস কৰিছিল যে দ্বন্দ্বাত্মক বস্তুবাদৰ ফলত পুঁজিবাদৰ ধ্বংস হৈ সমাজবাদৰ প্ৰতিষ্ঠা হ’ব। মার্ক্সৰ মতে ক্রিয়া, প্ৰতিক্ৰিয়া আৰু সমন্বয় অৰ্থনীতিৰ ভিত্তিত প্রতিষ্ঠিত সমাজ বিভিন্ন শ্ৰেণীৰ লোকৰ বাহিৰে আন একো নহয়। সমাজত থকা এই বিভিন্ন শ্রেণীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সমাজবাদৰ প্ৰতিষ্ঠা হ’ব আৰু সমাজবাদ প্রতিষ্ঠা হোৱাৰ লগে লগে দ্বন্দ্বাত্মক পদ্ধতিৰো অস্ত পৰিব।

মূল্যায়ন : (১) দ্বন্দ্বাত্মক বস্তুবাদকেই মার্ক্সীয় ধাৰণাৰ প্ৰধান ভেঁটি বুলি আখ্যা দিয়া হয় যদিও, মার্ক্স আৰু এংগেলছে দ্বন্দাত্মক বস্তুবাদ সম্পর্কে কতো বিস্তৃত আলোচনা কৰা ‘নাই। মানুহৰ সামাজিক জীৱনত ঘাত-প্রতিঘাত আদিয়ে প্ৰভাৱ বিস্তাৰ কৰে যদিও, ইয়াক এটা সর্বজনীন নিয়ম হিচাবে গ্রহণ কৰিব নোৱাৰি। সেইদৰে ইতিহাসৰ গতি নির্ণয়ত সংঘাতকে একমাত্র কাৰণ হিচাবে গ্রহণ কৰিব নোৱাৰি। কেৰিউ হান্টৰ মতে ক’বলৈ হ’লে মানৱ সমাজৰ ইতিহাসৰ গতি নির্ণয়ত দ্বন্দ্বাত্মক পদ্ধতিয়ে সহায় কৰিব পাৰে যদিও, এই পদ্ধতিকেই একমাত্র বিজ্ঞানসন্মত পদ্ধতি আখ্যা দিব নোৱাৰি। সত্যত উপনীত হোৱাৰ কাৰণে মানুহে প্ৰকাশ কৰা ধাৰণাৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰি ভাল ফল লাভ কৰিব পাৰি যদিও, পদাৰ্থৰ ক্ষেত্ৰত ইয়াক প্ৰয়াগ কৰিব নোৱাৰি। পদাৰ্থৰ চেতনা নাই; সেয়েহে ইয়াৰ পৰিৱৰ্তন দ্বন্দ্বাত্মক পদ্ধতিত নহয়; বাহিৰৰ পৰা হেঁচা প্ৰয়োগ কৰিহে চেতনাহীন পদার্থক সলনি কৰিব পাৰি।

(২) যুক্তিৰ খাতিৰত পদাৰ্থৰ পৰিৱৰ্তন সম্ভৱ বুলি ধৰি ললেও বিভিন্ন পদাৰ্থৰ মাজত হোৱা সংঘাত অর্থাৎ ক্রিয়া-প্রতিক্ৰিয়াৰ ফলতহে যে ইয়াৰ পৰিৱৰ্তন হ’ব সেইকথা কেতিয়াও স্বীকাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে কোনো এটা ধাৰণাৰ বিপৰীতধর্মী ধাৰণা থাকে। যেনে উচিত-অনুচিত, ন্যায়-অন্যায় মৰম-সৰ্যা, সত্য-অসত্য এনেবোৰ ধাৰণাক এটাক আনটোৰ বিপৰীত বুলি ক’ব পাৰি। কিন্তু এটা সামগ্রিক বা পদার্থক আন এটাৰ আনটোৰ বিপৰীত বুলি কব নোৱাৰি। পদাৰ্থৰ মাজত সাদৃশ্য নাইবা বৈসাদৃশ্য থাকে। গোটা, জুলীয়া, গেচ – পদাৰ্থৰ এই তিনিটা অৱস্থাক এটাক আনটোৰ বিপৰীত বুলি ক’ব নোৱাৰি। কেতিয়াবা কেতিয়াবা আকৌ একেটা পদার্থকে তিনিটা অৱস্থাত পোৱা যায়। সেয়েহে কেৰিউ হাণ্টৰ মতে ক’বলৈ হ’লে ধাৰণাৰ বিষয়ত দ্বন্দ্বাত্মক পদ্ধতি প্রয়োগ কৰিব পাৰি যদিও পদাৰ্থৰ ক্ষেত্ৰত এই পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

(৩) মার্ক্সৰ মতে দ্বন্দ্বাত্মক পদ্ধতিয়ে এখোজ এখোজকৈ সত্য পিনে আগবাঢ়ি যায়। অর্থাৎ দ্বন্দ্বাত্মক পদ্ধতিৰ গতি সদায় উর্ধ্বমুখী। কিন্তু ৰাজনীতিৰ বিষয়ত সংঘাত প্ৰগতিৰ সহায়ক নহ’বও পাৰে। উদাহৰণস্বৰূপে ইংৰাজ চৰকাৰ আৰু ভাৰতীয় লোকৰ মাজত হোৱা সংঘাতে ভাৰতীয় অৰ্থনীতিৰ গতি নিম্নগামীহে কৰিছিল। অর্থাৎ কেতিয়াবা কেতিয়াবা সংঘাতে বা ক্রিয়া-প্রতিক্ৰিয়াৰ ফল ঊৰ্ধগামী নহৈ নিম্নগামী হ’বও পাৰে। অর্থাৎ সংঘাতে উদ্দেশ্য সাধনত সহায় নকৰি বাধাৰ সৃষ্টিহে কৰিব পাৰে।

(৪) মার্ক্সৰ মতে পুঁজিবাদী ব্যৱস্থা নাইকিয়া হৈ সমাজবাদ প্রতিষ্ঠা নোহোৱালৈ দ্বন্দ্বাত্মক পদ্ধতি চলি থাকিব। অর্থাৎ সমাজবাদ প্রতিষ্ঠা নোহোৱালৈ দ্বন্দ্বাত্মক পদ্ধতিৰ শেষ নহয়। কিন্তু পুঁজিবাদৰ অস্ত হলেও সমাজবাদ প্রতিষ্ঠা নহ’ব পাৰে। লাস্কিৰ মতে ক’বলৈ হ’লে পুঁজিবাদী ব্যৱস্থা নাইকিয়া হ’লে যে সমাজবাদ প্রতিষ্ঠা হ’ব, তাৰ কোনো নিশ্চয়তা নাই। পুঁজিবাদৰ অৱসানৰ লগে লগে অ-ৰাষ্ট্ৰবাদৰ (Ananchy) ৰ সৃষ্টি হ’ব পাৰে আৰু এনে অৱস্থাৰ সুযোগ গ্ৰহণ কৰি সমাজবাদৰ লগত সম্পর্ক নোহোৱা কোনো শক্তিশালী ব্যক্তিয়ে স্বেচ্ছাচাৰী শাসন প্রচলন কৰাৰ সুবিধা গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ দ্বন্বাত্মক পদ্ধতিয়ে সমাজবাদ প্রতিষ্ঠা কৰিব বুলি আশা কৰিব নোৱাৰি।

(৫) মার্ক্সৰ মতে দ্বন্বাত্মক পদ্ধতিয়ে শ্রেণীহীন সমাজ প্রতিষ্ঠা কৰিব। অর্থাৎ মানুহৰ মাজত শ্রেণী বিভাজন নাথাকিব আৰু শ্ৰেণীবিভাজন নাথাকিলে শ্রেণী সংঘৰ্ষৰো অন্ত পৰিব। কিন্তু এনে ধাৰণা ত্রুটিহীন হয়। বাস্তৱ সমাজ এখন বিশ্লেষণ কৰি চালে দেখা যায় যে সমাজত মাত্ৰ এটা শ্ৰেণীৰ লোক নাথাকে, বিভিন্ন শ্রেণীৰ লোকেৰে সমাজ গঠিত হয়। অর্থাৎ শ্রেণীহীন সমাজ সৃষ্টি হ’ব বুলি কেতিয়াও আশা কৰিব নোৱাৰি।

(৬) ইতিহাসৰ গতি নির্ণয়ত দ্বন্দ্বাত্মক পদ্ধতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে বুলিও ক’ব নোৱাৰি। ইতিহাসৰ গতি নিৰৱচ্ছিন্ন; ইয়াৰ আৰম্ভণি ক’ত আৰু শেষ ক’ত তাক নিৰ্ণয় কৰা সহজ নহয়৷ সেয়েহে ইতিহাসৰ কোনটো স্তৰ ক্ৰিয়া, কোনটো স্তৰ প্ৰতিক্ৰিয়া নাইবা কোনটো স্তৰ সমন্বয় তাক কেতিয়াও নিশ্চয়কৈ ক’ব নোৱাৰি।

(৭) দ্বন্দ্বাত্মক পদ্ধতিৰ গতি সদায় উর্ধ্বমুখী; ইয়াৰ প্ৰত্যেকটো সমন্বয়ে ক্রমান্বয়ে এখোজ-এখোজকৈ সত্যৰ পিনে আগবঢ়াই লৈ যায়। ইতিহাস যদি অকল প্ৰগতিৰ খতিয়ান হ’লহেঁতেন, তেতিয়াহ’লে দ্বন্দ্বাত্মক পদ্ধতিক ইতিহাসৰ গতি নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা গ’লহেঁতেন। কিন্তু ইতিহাস হৈছে সাম্ৰাজ্যৰ উত্থান-পতনৰ খতিয়ান, সেয়েহে ইতিহাসৰ গতি নির্ণয় কৰাৰ কাৰণে এই পদ্ধতিক প্ৰয়োগ কৰা সম্ভৱ নহয়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে দ্বন্দ্বাত্মক বস্তুবাদী পদ্ধতিৰ ভালেমান সীমাবদ্ধতা আছে। ইয়াক স্বতঃসিদ্ধ হিচাবে প্রয়োগ কৰিব নোৱাৰি। ইয়াৰ সহায়ত ইতিহাসৰ গতি নির্ণয় কৰা সম্ভৱ নহয়। ইয়ে সমাজবাদ প্রতিষ্ঠা কৰিব বুলিও নিশ্চয়কৈ ক’ব নোৱাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top