Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয়

Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয় Question Answer can be of great value to excel in the examination.

Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয়

Join Telegram channel

Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয় Notes cover all the exercise questions in UGC Syllabus. The Tulonamulak Sahitya Padhoti Aru Proyug Unit 1 তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয় provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

তুলনামূলক সাহিত্যৰ উৎপত্তিৰ পৰিচয়

ASSAMESE

তুলনামূলক সাহিত্যৰ পদ্ধতি আৰু প্ৰয়োগ

অতি চমু প্রশ্নোত্তৰঃ

১। কেতিয়াৰ পৰা ‘তুলনামূলক সাহিত্য’ (comparative literature) নামকৰণেৰে নামাংকিত হয়?

উত্তৰঃ ১৮৪৮ চনৰ পৰা।

২। কোনে প্রথমে ‘তুলনামূলক সাহিত্য’ পদটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ইংৰাজ কবি তথা সমালোচক মেথিউ আর্নল্ডে ‘তুলনামূলক সাহিত্য’ পদটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল। 

৩। মেথিউ আর্নল্ডে প্রথমে ক’ত ‘তুলনামূলক সাহিত্য’ পদটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ মেথিউ আর্নল্ডে প্রথমে এখন সম্পূর্ণ ব্যক্তিগত চিঠিতহে ‘তুলনামূলক সাহিত্য’ পদটো ব্যৱহাৰ কৰিছিল।

৪। ‘তুলনামূলক সাহিত্য’ শব্দটোৰ প্ৰকৃত অৰ্থত প্ৰয়োগ কেতিয়া হৈছিল? 

উত্তৰঃ ‘তুলনামূলক সাহিত্য’ শব্দটোৰ প্ৰকৃত অৰ্থত প্ৰয়োগ হৈছিল — এইচ. এম. পচনেট (Hutcheson – Macaulay Posnett) নামৰ ব্যক্তিগৰাকীৰ এখন গ্ৰন্থত।

৫। এইচ. এম. পচনেট কোন আছিল?

উত্তৰঃ এইচ. এম. পচনেট আয়াৰলেণ্ডৰ এজন বেৰিষ্টাৰ আছিল।

৬। এইচ. এম. পচনেটৰ গ্ৰন্থখনৰ নাম কি আছিল আৰু এই গ্ৰন্থখন তেওঁ কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ এইচ. এম. পচনেটৰ গ্ৰন্থখনৰ নাম হ’ল – ‘তুলনামূলক সাহিত্য’ (Comparative Literature) আৰু এই গ্ৰন্থখন তেওঁ ১৮৮৬ চনত ৰচনা কৰে।

৭। তুলনামূলক সাহিত্যৰ স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত কোনে প্ৰথম প্ৰচেষ্টাৰ হাতত লৈছিল আৰু তাৰ মূল বিষয়বস্তু কি আছিল?

উত্তৰঃ তুলনামূলক সাহিত্যৰ স্বৰূপ নিৰ্ণয়ৰ ক্ষেত্ৰত এইচ. এম. পচনেটে প্রথম প্রচেষ্টা হাতত লৈছিল। আৰু তাৰ মূল বিষয়বস্তু হ’ল — এইচ. এম. পচনেটে ১৯০১ চনত ‘দি চায়েন্স অব্ কম্পেৰেটিড লিটাৰেচাৰ’ নামেৰে এটি প্রবন্ধ ৰচনা কৰে। এই প্ৰবন্ধত তুলনামূলক সাহিত্য নামৰ নতুন বিষয়টোৰ পদ্ধতি, স্বৰূপ আদি সম্পৰ্কত ব্যাখ্যা বিশ্লেষণ আগবঢ়োৱা হয়। তুলনামূলক সাহিত্যৰ স্বৰূপ নিৰ্ণয়ত এয়া পৃথিৱীৰ ভিতৰত প্ৰথম প্ৰচেষ্টা।

৮। ‘তুলনামূলক সাহিত্য’ বিষয়টোৱে কেতিয়া জন্মলাভ কৰিছিল? 

উত্তৰঃ ‘তুলনামূলক সাহিত্য’ বিষয়টোৱে ষষ্ঠদশ শতিকাত জন্ম লাভ কৰিছিল।

৯। ‘তুলনামূলক সাহিত্য’ৰ ইংৰাজী প্ৰতিশব্দ কি?

উত্তৰঃ ‘তুলনামূলক সাহিত্য’ৰ ইংৰাজী প্রতিশব্দ হ’ল – Comparative Literature।

১০। পৃথিৱীৰ ভিতৰত ক’ত প্ৰথমে তুলনামূলক সাহিত্যৰ বিভাগ প্ৰতিষ্ঠা কৰা হয়? 

উত্তৰঃ পৃথিৱীৰ ভিতৰত আমেৰিকাৰ কাৰনেল (cornell) বিশ্ববিদ্যায়লত প্রথমে তুলনামূলক সাহিত্যৰ বিভাগ প্ৰতিষ্ঠা কৰা হয়।

১১। তুলনামূলক সাহিত্যৰ প্ৰধান শাখা বা সম্প্রদায়সমূহ কি কি?

উত্তৰঃ তুলনামূলক সাহিত্যৰ প্ৰধান শাখা বা সম্প্রদায়সমূহ হ’ল – ফ্রান্স, জার্মান শাখা, আমেৰিকান শাখা, ৰাচিয়ান শাখা, কানাডিয়ান শাখা, ভাৰতীয় শাখা আদি।

১২। তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰধান পদ্ধতিসমূহ কি কি?

উত্তৰঃ তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰধান পদ্ধতিসমূহ হ’ল— সাদৃশ্য সম্বন্ধমূলক পদ্ধতি, প্ৰভাৱ অধ্যয়ন পদ্ধতি, পৰম্পৰা অধ্যয়ন পদ্ধতি, স্বীকৃতি অধ্যয়ন পদ্ধতি, সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতি আৰু তুলনামূলক পদ্ধতি।

১৩। ‘ডেন টিয়েঘামে’ ‘তুলনামূলক সাহিত্য’ সম্পর্কে আগবঢ়োৱা সংজ্ঞাটো আগবঢ়োৱা? 

উত্তৰঃ Van Tieghem ৰ মতে (“The object of comparative literature is essentially the study of diverse literature in their relations with one another.”) তুলনামূলক সাহিত্যত বিভিন্ন সাহিত্যৰ মাজত ইটোৰ লগত সিটোৰ সম্পৰ্কৰ অধ্যয়ন কৰা হয় বুলি ভেন টিয়েঘামে মন্তব্য কৰিছিল।

১৪৷ ভাৰতীয় সাহিত্য পৰিষদে কাক, কেতিয়া ‘Comparative Literature’ সম্পর্কে ভাষণ প্ৰদান কৰোৱাইছিল?

উত্তৰঃ ভাৰতীয় সাহিত্য পৰিষদে ৰবীন্দ্ৰনাথ ঠাকুৰক ১৯০৭ চনত ‘Comparative Literature’ সম্পর্কে ভাষণ প্ৰদান কৰোৱাইছিল।

১৫। ভাৰতবৰ্ষত পোনপ্ৰথমে ‘তুলনামূলক সাহিত্য’ৰ পাঠ্যক্ৰম কেতিয়া খোলা হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত ১৯৫৬ চনত কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত পোন প্ৰথমে ‘তুলনামূলক সাহিত্য’ৰ পাঠ্যক্রম খোলা হৈছিল। 

১৬। যাদবপুৰ বিশ্ববিদ্যালয়ত ‘তুলনামূলক সাহিত্য’ৰ প্ৰতিষ্ঠা কোনে কৰিছিল?

উত্তৰঃ ইংৰাজীৰ অধ্যাপক, বাংলা ভাষাৰ প্ৰসিদ্ধ সাহিত্যিক বিদ্বান বুদ্ধদেব বসুৱে যাদবপুৰ বিশ্ববিদ্যালয়ত প্ৰথমে ‘তুলনামূলক সাহিত্য’ৰ প্ৰতিষ্ঠা কৰিছিল।

১৭। বুদ্ধদেব বসুৱে ‘তুলনামূলক সাহিত্য’ সম্পর্কে ক’ত অধ্যয়ন কৰিছিল? 

উত্তৰঃ বুদ্ধদেৱ বসুৱে ‘তুলনামূলক সাহিত্য’ সম্পর্কে আমেৰিকাত অধ্যয়ন কৰিছিল।

১৮। যাদৱপুৰ বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ কি কি পাঠ্যক্ৰম আছে? 

উত্তৰঃ এই বিশ্ববিদ্যালয়ত বি. এ. শ্ৰেণীৰ বাবে মেজৰৰ পাঠ্যক্ৰম, স্নাতকোত্তৰ পাঠ্যক্রমকে ধৰি তুলনামূলক সাহিত্যৰ সম্পূৰ্ণ পাঠ্যক্ৰম আছে।

১৯। পৃথিৱীত কোনে প্রথমে বিশ্বসাহিত্যৰ ধাৰণাটো ব্যক্ত কৰে? 

উত্তৰঃ জার্মান কবি গোটেই পৃথিৱীৰ পোনপ্ৰথম ‘We literature’ শব্দেৰে বিশ্বসাহিত্যৰ ধাৰণা ব্যক্ত কৰিছে।

২০। গোটেই ক’ত বিশ্বসাহিত্যৰ কথা ব্যক্ত কৰিছিল?

উত্তৰঃ ১৮২৭ চনত তেওঁ স্বৰচিত ‘Tasso’ নামৰ নাটকখনৰ ফৰাছী ভাষাৰ অনুদিত ৰূপৰ ভূমিকাত বিশ্বসাহিত্যৰ কথা লিখিছিল।

২১। ভাৰতত কোনে প্রথমে ‘বিশ্ব সাহিত্য’ শব্দটিৰ প্ৰয়োগ কৰে?

উত্তৰঃ ভাৰতবৰ্ষত ১৯০৭ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে সৰ্বপ্ৰথম ‘বিশ্ব সাহিত্য’ শব্দটোৰ প্ৰয়োগ কৰে।

২২। তুলনামূলক সাহিত্য আৰু বিশ্ব সাহিত্যৰ ধাৰণাৰ মাজত কেনে দিশত পার্থক্য আছে? 

উত্তৰঃ তুলনামূলক সাহিত্য অধ্যয়নৰ এক নিৰ্দিষ্ট আৰু সু – ব্যৱস্থিত পদ্ধতি আছে। কিন্তু বিশ্ব সাহিত্য অধ্যয়নৰ তেনে কোনো ধৰা – বন্ধা পদ্ধতি নাই। গতিকে পদ্ধতিগত দিশৰ পৰা উভয়ৰে মাজত পার্থক্য বিদ্যমান।

২৩। তুলনামূলক সাহিত্যই কেতিয়াৰে পৰা বিদ্যায়তনিক অনুশাসন হিচাপে প্ৰতিষ্ঠা লাভ কৰে?

উত্তৰঃ তুলনামূলক সাহিত্যই ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতহে বিদ্যায়তনিক অনুশাসন হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

২৪। তুলনামূলক সাহিত্যৰ প্ৰধান সম্প্রদায় (school) কেইটা? 

উত্তৰঃ ৬ টা।

২৫। ইন্দ্ৰনাথ চৌধুৰীয়ে ‘তুলনামূলক সাহিত্য’ সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ‘তুলনাত্মক সাহিত্য কী ভূমিকা’।

২৬। ‘Comparative Literature’ ৰ পৰিভাষা হিচাপে বিশ্বসাহিত্য শব্দটো কোনে প্রথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে ।

২৭। ‘তুলনামূলক সাহিত্য’ সম্পর্কীয় প্রথম পত্রিকাখন কোন বিশ্ববিদ্যায়ৰ পৰা প্ৰথমে প্রকাশ পায়?

উত্তৰঃ ‘তুলনামূলক সাহিত্য’ সম্পর্কীয় প্রথম পত্রিকাখন পেৰিছ বিশ্ববিদ্যালয়ৰ পৰা ফৰাচী ভাষাত প্রকাশিত হয়।

২৮। আমেৰিকাৰ কোন বিশ্ববিদ্যালয়ত প্রথমে তুলনামূলক সাহিত্য অধ্যয়নৰ আৰম্ভ হয়?

উত্তৰঃ কাৰনেল বিশ্ববিদ্যালয়ত।

২৯। ফ্রান্স – জার্মান সংহতিৰ প্ৰধান প্ৰবক্তা কেইজনমানৰ নাম লিখা।

উত্তৰঃ Brunel, Robert Jauss, Rene Etiemble, Pichois আদি।

৩০। আমেৰিকান সংহতিৰ (school) মূল প্রবক্তা কেইগৰাকীমানৰ নাম লিখা?

উত্তৰঃ Rene wellek, Austin Warren, Harry Lavin, Owen Alridge আদি।

৩১। কানাডিয়ান সংহতিৰ তুলনাবিদসকল কোন কোন? 

উত্তৰঃ E. D. Blodgett, D. M. Hayne, Northon Frye, Eugene Joliat আদি।

৩২। ‘পটভূমিকাত তুলনামূলক সাহিত্য’ গ্ৰন্থাখন কাৰ ৰচনা? 

উত্তৰঃ ড° নীৰাজনা মহস্ত বেজবৰা।

৩৩। তুলনামূলক সাহিত্য গ্ৰন্থাখনৰ ৰচক কোন?

উত্তৰঃ ড° দিলীপ বৰা ।

৩৪। তুলনামূলক ভাৰতীয় সাহিত্য’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ড° নীৰাজনা মহস্ত বেজবৰাই।

৩৫। ‘আধুনিক ভাৰতীয় সাহিত্য’ গ্ৰন্থাখনৰ ৰচক কোন?

উত্তৰঃ ড° শৈলেন ভৰালী।

৩৬। ‘তুলনামূলক সাহিত্য আৰু অনুবাদ কলা’ কাৰ ৰচনা?

উত্তৰঃ ড° কৰবী ডেকা হাজৰিকাৰ ।

৩৭। তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ গ্ৰন্থাখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ড° প্রফুল্ল কটকীয়ে।

৩৮। তুলনামূলক ভাৰতীয় সাহিত্যঃ বিচাৰ আৰু বিশ্লেষণ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ড° প্ৰফুল্ল কুমাৰ নাথ।

৩৯। কোন গৰাকী লেখকে Essay in Comparative Literature গ্ৰন্থখন ৰচন কৰে?

উত্তৰঃ Andre Lefevere নামৰ ব্যক্তিজনে।

৪০। তুলনামূলক সাহিত্যৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ তুলনামূলক সাহিত্যৰ জন্ম হৈছিল ইউৰোপত।

৪১। কোন শতিকাত ইউৰোপৰ তুলনামূলক সাহিত্যই জন্ম লাভ কৰিছিল? 

উত্তৰঃ ষষ্ঠদশ শতিকাত ইউৰোপত তুলনামূলক সাহিত্যই জন্ম লাভ কৰিছিল।

৪২। তুলনামূলক সাহিত্যৰ ইংৰাজী প্রতিশব্দ কি?

উত্তৰঃ তুলনামূলক সাহিত্যৰ ইংৰাজী প্রতিশব্দ হ’ল ‘Comparative Literature’।

৪৩। Comparative Literature’ এই পদটোৰ প্ৰথম ব্যৱহাৰ কোনে কেতিয়া কৰিছিল?

উত্তৰঃ Comparative Literature এই পদৰ প্ৰথম ব্যৱহাৰ ১৮৪৮ চনত ইংৰাজ কৰি তথা সমালোচক মেথিউ আর্নল্ডে কৰিছিল।

88। মেথিউ আর্নল্ডে Comparative Literature পদটোৰ ব্যৱহাৰ ক’ত কৰিছিল? 

উত্তৰঃ মেথিউ আর্নল্ডে Comparative Literature এই পদটোৰ ব্যৱহাৰ কৰিছিল তেওঁৰ এখন ব্যক্তিগত চিঠিত।

৪৫। তুলনামূলক সাহিত্যৰ পদৰ প্ৰথম নিশ্চিত অৰ্থত প্ৰয়োগ কোনে কৰিছিল?

উত্তৰঃ তুলনামূলক সাহিত্যৰ পদত প্ৰথম নিশ্চিত অৰ্থত প্ৰয়োগ কৰিছিল আয়াৰলেণ্ডৰ এজন বেৰিষ্টাৰ Hutcheson Macaulay Posnett য়ে।

৪৬। H. M. Posnet এ কেতিয়া আৰু ক’ত comparative literature শব্দটোৰ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ Hutcheson Macaulay Posnett এ ১৮৮৬ চনত তুলনামূলক সাহিত্য অর্থাৎ Comparative Literature এই শব্দটোৰে এখন গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থখনতে প্ৰথমবাৰৰ বাবে প্ৰকৃত অৰ্থত Comparative Literature পদৰ ব্যৱহাৰ কৰা হয়।

৪৭। “The Science of Comparative Literature”— এই শীৰ্ষক প্ৰবন্ধটো কোনে আৰু কেতিয়া ৰচনা কৰে?

উত্তৰঃ “The Science of Comparative Literature” শীৰ্ষক প্ৰবন্ধটো ১৯০১ চনত ৰচনা কৰে।

৪৮। কোনখন বিশ্ববিদ্যালয়ত প্ৰথমে তুলনামূলক সাহিত্যৰ এটা বিভাগ প্ৰতিষ্ঠা হয়? 

উত্তৰঃ আমেৰিকাৰ কাৰনেল বিশ্ববিদ্যালয়ত পোনপ্ৰথমে তুলনামূলক সাহিত্যৰ এটা বিভাগ প্রতিষ্ঠা হয়।

৪৯। স্বতন্ত্র অনুশীলন হিচাপে কেতিয়া তুলনামূলক সাহিত্যই প্রতিষ্ঠা লাভ কৰে? 

উত্তৰঃ বিংশ শকিতাৰ তৃতীয় দশকত তুলনামূলক সাহিত্যই স্বতন্ত্র অনুশীলন সাহিত্য হিচাপে প্রতিষ্ঠা লাভ কৰে।

৫০। তুলনামূলক সাহিত্য প্রকৃততে কি?

উত্তৰঃ তুলনামূক সাহিত্য হ’ল – সাহিত্য বিচাৰৰ এটা পদ্ধতি। এই পদ্ধতিৰে সাহিত্যক বিচাৰ কৰিলে সেই সাহিত্যৰ বিষয়ে স্পষ্ট ধাৰণা একোটাৰ সৃষ্টি হয়।

৫১। তুলনা মানে কি? 

উত্তৰঃ তুলনা মানে হ’ল – ৰিজনি।

চমু প্রশ্নোত্তৰঃ

১। তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰধান ক্ষেত্ৰসমূহ কি কি? 

উত্তৰঃ তুলনামূলক সাহিত্যৰ বিস্তৃতি ব্যাপক – বিশাল। বৰ্তমান ই জ্ঞান চৰ্চাৰ এক সুকীয়া শাখা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। স্বীকার্য যে ইয়াৰ মাজেদি সাহিত্যৰ গুণাগুণ প্রকাশ পায়। তুলনামূলক সাহিত্যই সাহিত্যৰ ভাষাগত, জাতিগত, ৰাজনীতিগত বিভাজন নামানে। তুলনামূলক সাহিত্যই এক আৰু অখণ্ড ৰূপত অধ্যয়ন কৰে। তুলনামূলক সাহিত্য অধ্যয়নৰ প্রথম ক্ষেত্ৰ হ’ল – কাব্য শাস্ত্ৰৰ সৌন্দৰ্যমূলক মূল্যসমূহৰ প্ৰয়োগ আৰু তাৰ বিচাৰ বিশ্লেষণ। তুলনামূলক সাহিত্যৰ দ্বিতীয় ক্ষেত্র হ’ল – সাহিত্যিক আন্দোলনবিলাকৰ অধ্যয়ন আৰু তাৰ লগে লগে মনোবৈজ্ঞানিক, বৌদ্ধিক অথবা শৈলী তাত্ত্বিক লক্ষণসমূহৰ বিচাৰ – বিবেচনা। 

তুলনামূলক সাহিত্য অধ্যয়নৰ তৃতীয় ক্ষেত্ৰ হ’ল – সাহিত্যিক বিষয়ৰ অধ্যয়ন। এনে ধৰণৰ অধ্যয়নৰ অন্তৰ্গত সাহিত্যত অভিব্যক্ত ব্যক্তিত্ব আৰু অমূৰ্ত বিচাৰসমূহৰ বিভিন্ন ৰূপান্তৰণ অথবা বিভিন্ন দৃষ্টিৰে হোৱা প্ৰয়োগ সম্পৰ্কীয় বিচাৰ – বিশ্লেষণ কৰা হয়। সাহিত্যত বিভিন্ন বিধান বা কাব্যৰূপ (genre) অধ্যয়ন তুলনামূলক সাহিত্যৰ চতুৰ্থ ক্ষেত্র। সাহিত্যক সম্বন্ধৰ অধ্যয়ন তুলনামূলক সাহিত্যৰ পঞ্চমখন ক্ষেত্ৰ। এই প্ৰকাৰৰ অধ্যয়নত স্রোত, প্ৰভাৱ অথবা সাহিত্য আৰু মানৱীয় জ্ঞানৰ পণ্য ক্ষেত্ৰসমূহৰ পাৰস্পৰিক সম্বন্ধৰ বিশ্লেষণ কৰা হয়।

২। তুলনামূলক সাহিত্য বুলিলে কি বুজা? 

উত্তৰঃ তুলনামূলক সাহিত্য সাহিত্য অধ্যয়নৰ এটি বিশেষ পদ্ধতি। তুলনামূলক সাহিত্যৰ উদ্ভৱৰ মূলতেই হৈছে সমগ্ৰ বিশ্বৰ জনমানসক বৌদ্ধিক, সাংস্কৃতিক আৰু আনুভূতিক স্তৰত একেটি আধাৰ পাত্ৰত লৈ চাবলৈ কৰা এক বিশেষ প্রয়াস। ই অতি গভীৰ, সূক্ষ্ম আৰু বিস্তৃত বিষয়।

৩। তুলনামূলক সাহিত্য অধ্যয়নৰ সৈতে সংস্কৃতিৰ অধ্যয়নৰ সম্পৰ্ক কেনে ধৰণৰ? 

উত্তৰঃ তুলনামূলক সাহিত্যৰ লগত সংস্কৃতি অধ্যয়নৰ বিশেষ প্রয়োজনীয়তা লক্ষ্য কৰা যায়। এই অধ্যয়ন নৃতত্বৰ সংস্কৃতি অধ্যয়নতকৈ বেলেগ, কিন্তু সমানে গুৰুত্বপূৰ্ণ, বিশ্ব সাহিত্যৰ ধাৰণা সবল হৈ অহাৰ লগে লগে এনে অধ্যয়নৰ গুৰুত্বও বাঢ়িছে। গতিকে তুলনামূলক সাহিত্য অধ্যয়নৰ লগত সংস্কৃতিৰ অধ্যয়ন প্ৰায় অপৰিহাৰ্য বুলিব পাৰি।

৪। তুলনামূলক সাহিত্য সৃষ্টিৰ কাৰণ কি? 

উত্তৰঃ তুলনামূলক সাহিত্য সাহিত্য অধ্যয়নৰ এটি বিশেষ পদ্ধতি। বৌদ্ধিক, সাংস্কৃতিক আৰু আনুভূতিক স্তৰত সমগ্ৰ বিশ্বৰে জনমানসক একোটি আধাৰ পাত্ৰত লৈ চাবলৈ বিচৰা আধুনিক মনৰ তাগিদাতে তুলনামূলক সাহিত্যৰ সৃষ্টি বুলিব পাৰি। সাহিত্যৰ মহত্ব উপলব্ধিৰ বাবে তুলনামূলক সাহিত্যৰ প্ৰয়োজন।

৫। তুলনামূলক সাহিত্য আৰু বিশ্বসাহিত্যৰ মাজত সাদৃশ্য কোনখিনিত? 

উত্তৰঃ তুলনামূলক সাহিত্য আৰু বিশ্ব সাহিত্য দুয়োটাৰে মাজত কেতবোৰ সাধাৰণ বৈশিষ্ট্য দেখা যায়। এই দুই ধাৰণাৰ উৎপত্তিৰ মূলতেই হৈছে উনবিংশ শতিকাৰ আৰম্ভণিত ইউৰোপত সাহিত্য সম্পর্কে জন্ম লাভ কৰা এক বিশেষ ধৰণৰ দৃষ্টিভংগী। কেৱল নিজ ভাষাৰ সাহিত্যৰ বাহিৰেও অন্য পৰম্পৰাৰ লগত পৰিচয় বৃদ্ধিৰ সম্পৰ্কে জন্ম পোৱা বিশ্ব সাহিত্যৰ ধাৰণাৰ লগে লগেই ইউৰোপৰ বিভিন্ন ভাষিক ক্ষেত্ৰত একাধিক কৃতি আৰু কৃতিকাৰ সম্পৰ্কীয় বিশিষ্ট অধ্যয়ন হিচাপেই তুলনামূলক সাহিত্য পৰম্পৰাৰো আৰম্ভ হৈছিল। অৱশ্যে সাহিত্যৰ মাজত পদ্ধতিগত পার্থক্যও বিদ্যমান।

৬। তুলনামূলক সাহিত্যৰ কেইটামান সংজ্ঞা উল্লেখ কৰা।

উত্তৰঃ (ক) তুলনামূলক সাহিত্যৰ সংজ্ঞা দিবলৈ গৈ ৰেমাৰ্কে মত প্ৰকাশ কৰিছে যে – “তুলনামূলক সাহিত্য সাহিত্যৰ ৰাষ্ট্ৰীয় পৰিধিৰ সীমা অতিক্ৰম কৰি অন্য ৰাষ্ট্ৰৰ সাহিত্যৰ লগত হোৱা তুলনামূলক অধ্যয়ন। এই অধ্যয়নে কলা, ইতিহাস, সমাজবিজ্ঞান, বিজ্ঞান, ধর্মশাস্ত্র আদি জ্ঞানৰ বিভিন্ন ক্ষেত্ৰসমূহ আৰু সাহিত্যৰ পাৰস্পৰিক সম্বন্ধকো সামৰি লয়।”

(খ) J. M. Carre নামৰ তুলনাবিদ গৰাকীয়ে কৈছে— তুলনামূলক সাহিত্য সাহিত্যিক ইতিহাসৰ এটা শাখা । (A branch of literary history)

(গ) Guyard য়ে কৈছে – তুলনামূলক সাহিত্য হ’ল সাহিত্যৰ আন্তৰ্জাতিক সম্পৰ্কৰ ইতিহাস। (The history of international literacy revelations )।

(ঘ) বিংশ শতিকাৰ আৰম্ভণিতে উত্তৰ আমেৰিকাৰ তুলনাত্মক আলোচক চাৰ্লচ মিলচ গেলেই (Charles Mills Gayley) এই পদ্ধতিক মানৱতাৰ এক সাধাৰণ আনুষ্ঠানিক প্রকাশ বোলাৰ লগতে স্পষ্ট আৰু সংহত চিন্তাৰ মাধ্যম বুলি ঘোষণা কৰিছে।

৭। বিশ্বসাহিত্য বুলিলে কি বুজা?

উত্তৰঃ জার্মান মনীষী গোটেই ১৮২৭ চনত সাহিত্যানুশীলনৰ ক্ষেত্ৰত ‘বিশ্ব সাহিত্য’ৰ ধাৰণাৰ বীজ ৰোপণ কৰে। তেওঁৰ মতে বিশ্ব সাহিত্যৰ অধ্যয়ন হ’ল নিজৰ সাহিত্যিক পৰম্পৰাৰ বাহিৰে এন্য সাহিত্যিক পৰম্পৰাৰ লগত পৰিচয়, সম্পৰ্ক আৰু আত্মীয়তা স্থাপন। বিশ্ব সাহিত্যৰ এটা ধাৰণাই সাধাৰণভাৱে সমস্ত সাহিত্যকে সামৰি লয়। অন্য এক ধাৰণাই আকৌ সাহিত্যৰ দেশগত আৰু কালগত সীমা অতিক্ৰম কৰি শকুন্তলা, ফাউষ্ট, ডিভাইন কমেডি, পেৰেডাইজ লষ্ট আদিৰ নিচিনা সর্বকালিক ৰচনাসমূহক সামৰি লয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। তুলনামূলক সাহিত্যৰ এক সম্যক ধাৰণা দিয়া।

 উত্তৰঃ দুই বা তাতকৈও বেছি সংখ্যাৰ বস্তু একেলগে ৰাখি সেই বস্তুকেইটাত থকা একে ধৰণৰ বা একে ধৰণৰ নোহোৱা গুণসমূহৰ বিষয়ে জানিবৰ বাবে কৰা পৰীক্ষা – নিৰীক্ষাৰ কাৰ্যই হ’ল তুলনা। এই তুলনাৰ সহায়ত আমি বস্তুকেইটাৰ উমৈহতীয়া গুণসমূহৰ আধাৰত সেইবিলাকৰ বিষয়ে সম্পূর্ণ জ্ঞান লাভ কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যকলাপকে ধৰি অধ্যয়ন আৰু চিন্তা – চৰ্চাৰ বিভিন্ন উচ্চস্তৰীয় ক্ষেত্ৰলৈকে আমি সদায় জ্ঞাতে বা অজ্ঞাতে তুলনাৰ সহায় লৈ থাকোঁ।

সাহিত্যৰ আলোচনা বা সাহিত্যৰ অধ্যয়নতো বহুত আগৰ কালৰে পৰাই তুলনাৰ সহায় লৈ অহা হৈছে। কিন্তু ঊনবিংশ শতিকাৰে পৰা বিশেষ উদ্দেশ্য প্রণোদিতভাৱে সাহিত্য অধ্যয়নৰ লগত তুলনাক জড়িত কৰিবলৈ লোৱা হ’ল। সাহিত্য সম্পৰ্কে বিশদ আৰু সম্পূৰ্ণ জ্ঞান লাভৰ উদ্দেশ্যেৰে সাহিত্য অধ্যয়নৰ লগত পদ্ধতিগতভাৱে তুলনাক জড়িত কৰাৰ পৰাই তুলনামূলক সাহিত্য বিষয়টোৱে জন্ম লাভ কৰিলে।

‘তুলনামূলক সাহিত্য’ পদটোত থকা শব্দকেইটাৰ বিষয়টোৰ স্বৰূপ বুজাত কিছু অসুবিধা হয়। তুলনামূলক, অর্থাৎ — য’ত তুলনাক মূল হিচাপে গ্ৰহণ কৰা হৈছে। এইদৰে চাবলৈ গ’লে তুলনামূলক সাহিত্য মানে তুলনাক মূল হিচাপে লোৱা, তুলনাক আধাৰ হিচাপে লোৱা, তুলনা সম্পর্কীয় সাহিত্য যেন লাগে। কিন্তু আমি জানো যে – সাহিত্য হ’ল কবি, গল্পকাৰ, ঔপন্যাসিক আদিৰ সৃষ্টিশীল কৰ্ম। প্ৰত্যেক সাহিত্য কর্মই স্বয়ং সম্পূর্ণ। সাহিত্য সৃষ্টি কেতিয়াও তুলনাৰ ওপৰত নিৰ্ভৰশীল হ’ব নোৱাৰে। অথবা সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত অন্য সাহিত্যৰ লগত তুলনাৰ প্রশ্ন উঠিব নোৱাৰে।

সাহিত্য মানে সাধাৰণতে “কোনো ভাষাত (অসমীয়া), কোনো সময়ত (বিংশ শতিকা) বা কোনো দেশত (ভাৰত) লিখিত ৰচনাসমূহ” বুলি ধৰা হয়। ঊনবিংশ শতিকাৰ পৰা “আগতে মৌখিক ৰূপত থকা আৰু আজিকালি প্ৰকাশিত হোৱা কল্পনামূলক ৰচনাসমূহ” – এ সাহিত্য আখ্যা পাবলৈ ধৰিলে। সাহিত্য শব্দৰ এই দুই ধৰণৰ অৰ্থৰে চাবলৈ গ’লে ‘তুলনামূলক সাহিত্য’ৰ অৰ্থ হয়গৈ ‘তুলনামূলক ৰচনাসমূহ’। কিন্তু সাহিত্য (ইংৰাজীত Literature) শব্দৰ মূলতে বা আৰম্ভণিতে অৰ্থ আছিল ‘জ্ঞান বা সাহিত্যৰ অধ্যয়ন’। সাহিত্যৰ এই আৰম্ভণি কালৰ অৰ্থৰে তুলনামূলক সাহিত্যৰ অৰ্থ হয়গৈ ‘সাহিত্যৰ তুলনামূলক অধ্যয়ন।’

তুলনামূলক সাহিত্য হ’ল সাহিত্য অধ্যয়নৰ, সাহিত্য বিচাৰৰ দৃষ্টিভংগী বিশেষ। চলিত শতিকাত মানুহৰ চিন্তা – মনন, অধ্যয়ন অনুশীলনৰ জগতখন নানা বিধৰ নতুন চিন্তা -বিচাৰ ধাৰাই তোলপাৰ লগাই আছে। সাহিত্য অধ্যয়নৰ প্ৰসংগও ইয়াৰ ব্যতিক্ৰম হৈ থকা নাই। ফলস্বৰূপে সাহিত্যৰ অধ্যয়নেও নতুন নতুন দিশ, নতুন নতুন দৃষ্টিভংগী লাভ কৰিছে। তুলনামূলক সাহিত্যও এনে এক নতুন দৃষ্টিভংগী। সৃজনীশীল সাহিত্যই নিত্য নতুন ৰূপেৰে, নতুন নতুন লক্ষণেৰে, নানা ‘ইজম’ (ism) ৰ সাজেৰে আত্মপ্ৰকাশ কৰি আছে। সেইদৰে সাহিত্যৰ আলোচনাৰ ক্ষেত্ৰতো নতুন নতুন দৃষ্টিভংগী, বিবিধ, বৈচিত্ৰাৰ সীমা সংখ্যা নাই। এই সমস্ত লক্ষণ, বৈশিষ্ট্য, ‘ইজম’ৰ সাজকে সামৰি লৈ, গাই গুটীয়াভাৱে প্ৰত্যেক বিধৰ সাহিত্য আলোচনা, আলোচনা পদ্ধতি, সাহিত্যৰ ‘ইজম’ক নিষ্প্রভ কৰি, সাহিত্য বিচাৰক, সাহিত্য আলোচনাক বিস্তৃতি আৰু গভীৰতা প্ৰদান কৰা দৃষ্টিভংগীয়ে হ’ল— তুলনামূলক সাহিত্য।

২। তুলনামূলক সাহিত্যৰ উৎপত্তি আৰু বিকাশ সম্পর্কে এটি আলোচনা যুগুত কৰা?

 উত্তৰঃ তুলনামূলক সাহিত্য বিষয়টোৱে ইউৰোপত জন্ম লাভ কৰিছিল। এটা স্বতন্ত্র বিষয় হিচাপে এই বিষয়টোৱে ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতহে প্ৰতিষ্ঠা লাভ কৰে। কিন্তু ষষ্ঠদশ শতিকাৰে পৰা ইউৰোপত ইয়াৰ বাবে ব্যাপক পৃষ্ঠভূমিৰ নিৰ্মাণ হ’বলৈ ধৰিছিল। এই সময়তে ইউৰোপীয়সকল পৃথিৱীৰ নতুন নতুন ঠাইৰ লগত নতুনকৈ পৰিচিত হৈছিল। এনে পৰিচয়ৰ ফলত ইউৰোপীয়সকলৰ চিন্তা – চৰ্চাৰ জগতলৈ নতুন নতুন পৰিৱৰ্তনৰ ঢল নামিছিল। চিন্তা জগতৰ এই পৰিবৰ্তনৰ কাৰণসমূহ থুলমূলকৈ তিনিটা দিশত আলোচনা কৰিব পাৰি —

(ক) ইউৰোপীয়সকলে এই সময়তে আৰৱ আদি মধ্য প্ৰাচ্যৰ আৰু চীন, জাপান, ভাৰত আদি পূব এচিয়াৰ দেশসমূহৰ বিষয়ে পোন প্ৰথমবাৰৰ বাবে জ্ঞান লাভ কৰিবলৈ পাইছিল । ফলস্বৰূপে তেওঁলোকৰ পৃথিৱী সম্পৰ্কীয় ধাৰণাই অথবা আগৰ চিনাকি পৃথিৱীখনে ইউৰোপৰ সীমা অতিক্ৰম কৰি দূৰ – সুৰৰ চীন – ভাৰতলৈকে বুলি বিস্তৃতি লাভ কৰিছিল।

(খ) পৃথিৱীৰ বিভিন্ন ভাষাসমূহৰ বিষয়ে অধ্যয়ন আলোচনা কৰিবলৈ গৈ ইণ্ডো – ইউৰোপীয় ভাষা পৰিয়ালৰ সম্বন্ধসূত্ৰৰ আৱিষ্কাৰ অৰ্থাৎ ইউৰোপৰ ভাষাসমূহ আৰু ভাৰতৰ সংস্কৃত ভাষাৰ উৎপত্তি মূলতে একোটা ভাষাৰ পৰা হোৱাৰ আমোদজনক তথ্য আৱিষ্কৃত হ’ল। এই আৱিস্কাৰে ভাষাৰ আঁত ধৰি গৈ বহু জাতিক ঐক্যসূত্ৰ, অৰ্থাৎ ইউৰোপীয় ভাৰতীয় (আৰ্য) জাতিৰ একে মূল সূত্ৰৰ সম্ভাৱনাই ইউৰোপীয়সকলক চমকিত কৰি তুলিলে।

(গ) বিশ্বৰ বৈজ্ঞানিক ক্ষেত্ৰত হোৱা ন ন আৱিষ্কাৰসমূহ বা বৈজ্ঞানিক সত্যসমূহ পৃথিৱীৰ সকলোৰে কাৰণে সমানে প্রযোজ্য, অর্থাৎ সার্বজনীন ৰূপত চকুৰ আগলৈ আহিল । 

সামগ্ৰিকভাৱে এই তিনি ধৰণৰ কাৰণে ইউৰোপীয় মনীষাৰ চিন্তা জগতত তিনি প্ৰকাৰৰ পৰিণামস্বৰূপে প্রকাশ লাভ কৰিলে –

(ক) ইউৰোপৰ চিন্তা মনীষাই পৃথিৱীৰ সমস্ত মানবকে এক মানব জাতি বুলি গ্ৰহণ কৰাৰ প্ৰেৰণা লাভ কৰিলে।

(খ) ইউৰোপৰ বাহিৰৰ দেশৰ লগত হোৱা পৰিচয়ৰ ফলত চিন্তা – মননৰ বিষয় ক্ষেত্রই ইউৰোপৰ সীমা অতিক্ৰম কৰি বিস্তৃতি লাভ কৰিলে।

(গ) সাহিত্যৰ ক্ষেত্ৰত, সাহিত্যৰ ৰস গ্ৰহণ আৰু সাহিত্যৰ তত্ত্ব বা উপাদান আদি বিষয়বোৰ কোনো এখন ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ নহয়।

এইদৰে ষষ্ঠদশ শতিকাৰ পৰা ইউৰোপীয় মনীষাৰ চিন্তাজগতলৈ অহা পৰিৱৰ্তনৰ জোৱাৰে তৎকালীন সাহিত্য বিচাৰৰ ক্ষেত্ৰখনত আমূল পৰিৱৰ্তনৰ সূচনা কৰিলে। তেওঁলোকৰ সাহিত্য অধ্যয়নৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত প্ৰকাশ পোৱা পৰিৱৰ্তিত চিন্তাধাৰা চমুকৈ তলত দিয়া ধৰণেৰে দেখুৱাব পাৰি –

(ক) সাহিত্য হ’ল — মানৱৰ সাৰ্বজনীন অনুভৱ – অনুভূতিৰ অভিব্যক্তি। অর্থাৎ মানুহ মাত্রেই সুখ-দুখ, হাঁহি – কান্দোন, আশা – আকাংক্ষা মূলতে একে। এই একে বা সার্বজনীন অনুভৱ সমুহেই সাহিত্যত প্রকাশ লাভ কৰে।

(খ) সাহিত্য, যিহেতু মানবৰ সাৰ্বজনীন অনুভূতিৰ প্ৰকাশন, গতিকে স্থান, কাল, ভাষা, যিয়েই নহওক, সাহিত্য মাত্রেই একে। এনে ক্ষেত্ৰত সাহিত্য অধ্যয়নত ভৌগোলিক, ভাষিক বা ৰাষ্ট্ৰীয় সীমা অপ্রাসংগিক। অর্থাৎ সাহিত্যৰ অধ্যয়নক কোনো ভাষাৰ (ইংৰাজী) বা ৰাষ্ট্ৰৰ (ইংলেণ্ড, ফ্রান্স আদি) সীমাৰে আৱদ্ধ কৰাৰ কোনো যুক্তিযুক্ততা নাই।

(গ) সাহিত্যৰ অধ্যয়নক নিজৰ সাহিত্যিক পৰম্পৰা (ভাষিক বা ৰাষ্ট্ৰীয়) ৰ বাহিৰলৈকো বিস্তৃত কৰিব লাগে। ইউৰোপীয়সকলে গ্ৰহণ কৰা সাহিত্য অধ্যয়ন সম্পর্কীয় পৰিৱৰ্তিত দৃষ্টিভংগীয়ে তৎকালীন ইউৰোপৰ সাহিত্য অধ্যয়নৰ ব্যৱহাৰিক জগতলৈ প্ৰচুৰ পৰিৱৰ্তন আনিলে। সাহিত্য মাত্রেই এক, সাহিত্য অধ্যয়নৰ ৰাষ্ট্ৰীয় বা ভাষিক সীমা অপ্রাসংগিক বুলি লৈ তেওঁলোকে পোন প্রথমে ইউৰোপীয় সাহিত্যৰ বিৰণ্ডিত জগতত একতাৰ সন্ধানত মনোনিৱেশ কৰিলে। অর্থাৎ ফ্রান্স, জার্মানী, ইংলেণ্ড, ইটালি আদি ভাষিক আৰু ৰাজনৈতিকভাৱে বিভক্ত হৈ থকা ইউৰোপৰ বিভিন্ন সাহিত্যসমূহক এক সাহিত্য বুলি ধৰি লৈ একক সাহিত্যৰ অধ্যয়ন বা ইউৰোপৰ কোনো এবিধ মাত্র সাহিত্যতে অধ্যয়ন সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে সাহিত্যৰ তুলনামুলক অধ্যয়নত গুৰুত্ব নিৱেশ কৰিলে। 

থোৰতে ক’বলৈ গ’লে ইউপোৰত ষষ্ঠদশ শতিকাৰ পৰা সাহিত্য চিন্তাৰ জগতত দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটিছিল আৰু তাৰ ফলস্বৰূপে ইউৰোপৰ বিভিন্ন ভাষা বা ৰাষ্ট্ৰৰ চিনাকিৰে চিহ্নিত হোৱা একক সাহিত্য অধ্যয়ন (Mono literary study)ৰ পৰিৱৰ্তে ইউৰোপৰ বিভিন্ন সাহিত্যসমূহ পৰম্পৰ সম্পৰ্ক জড়িতভাৱে আলোচনা কৰাৰ বাবে অধ্যয়নৰ এখন বিস্তৃত প্ৰেক্ষাপট, সার্বভৌম ধাতল নিৰ্মাণৰ কাম আৰম্ভ হ’ল। বিভিন্ন বা একাধিক সাহিত্য পৰম্পৰ সম্পৰ্ক জড়িতভাৱে বা পৰম্পৰ তুলনালৈ আনি কৰা অধ্যয়নৰ এই ধাতলেই হ’ল আজি সাহিত্য বিচাৰৰ এক বিশেষ দৃষ্টিভংগীৰ ৰূপত স্বীকৃত আৰু চৰ্চিত তুলনামূলক সাহিত্যৰ মূল ভেটি।

এইদৰে দেখা যায় যে পশ্চিম ইউৰোপৰ দেশসমূহ তুলনামূলক সাহিত্যৰ উৎপত্তিৰ স্থান। সেই উৎপত্তি কালৰে পৰা আজি বিংশ শতিকাৰ শেষলৈকে সাহিত্য অধ্যয়নৰ এই দৃষ্টিভংগীয়ে তাৰ বিকাশযাত্ৰা নিৰন্তৰ অব্যাহত ৰাখিছে। চলিত শতিকাৰ আৰম্ভণিতেই ই এটা বিশেষ বিদ্যায়তনিক অনুশাসন হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে যদিও আজিও এই বিষয়টোৰ সম্পৰ্কত পণ্ডিতসকলৰ মাজত নানা আলোচনা -বিলোচনা, পৰীক্ষা – নিৰীক্ষা চলিয়ে আছে। প্রায় ৫০০ বছৰীয়া বিকাশ যাত্ৰাত সাহিত্য অধ্যয়নৰ এই দৃষ্টিভংগীয়ে ১৮৪৮ চনত পোনপ্ৰথমে আমাৰ বর্তমান চিনাকি নাম ‘তুলনামূলক সাহিত্য’ (Comparative Literature) নামকৰণেৰে এক স্পষ্ট চিনাকি লাভ কৰিবলৈ সক্ষম হৈছিল।

৩। তুলনামূলক সাহিত্যৰ ক্ষেত্ৰত অনুবাদৰ ভূমিকা কেনে ধৰণৰ? তুলনামূলক সাহিত্যত অনুবাদৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰঃ তুলনামূলক সাহিত্যত অনুবাদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মানুহৰ মনত তেওঁলোকে লাভ কৰা জ্ঞান, উদ্‌ঘাটন কৰা তথ্য বা সত্য আনৰ লগত ভগাই লোৱাৰ, আন বিষয়ৰ লগত মিলাই চোৱাৰ হেঁপাহ থাকে। মানুহৰ এই আগ্রহ, এই আকাংক্ষাই তুলনামূলক সাহিত্য আৰু অনুবাদ দুয়োটাৰে মূল আধাৰ বুলি ক’ব পাৰি। তুলনামূলক সাহিত্যই প্রধানত মিলাই চাবলৈ বিচাৰে আৰু অনুবাদে ভগাই ল’বলৈ বিচাৰে। সাহিত্য বা ভাষাৰ মাধ্যমেৰে প্ৰকাশ লাভ কৰা যিকোনো বিষয় ভগাই লোৱাৰ ক্ষেত্ৰত ভাষাই হ’ল – প্রধান অন্তৰায়। অনুবাদে ভাষাগত ব্যৱধান দূৰ কৰি ভাব – বিচাৰ সকলো ভাষা -ভাষীৰে বাবে গ্ৰহণযোগ্য কৰি তুলিব পাৰে। এটাতকৈ বেছি বস্তু মিলাই চাবলৈ হ’লে বস্তুকেইটাৰ লগত ভালকৈ চিনাকি থাকিব লাগিব। অনুবাদে ভাষাৰ দুৰ্বোধ্যতাৰ প্ৰাচীৰ ভাঙি সাহিত্য বা অন্য বিষয়ৰ লগত চিনাকি কৰি দি তুলনামূলক সাহিত্যৰ মিলাই চোৱা কাৰ্যটো সম্ভৱ আৰু সফল কৰি তোলে। তুলনামূলক সাহিত্যত অনুবাদৰ ভূমিকাৰ এয়ে মূল কথা।

তুলনামূলক সাহিত্যত অনুবাদৰ গুৰুত্ব সম্পর্কে তলত উল্লেখ কৰা হ’ল –

(ক) তুলনামূলক সাহিত্যত এটাতকৈ বেছি ভাষাৰ সাহিত্যৰ তুলনামূলক বিচাৰ সামৰি লোৱা হয়। মানুহৰ ভাষা শিক্ষণৰ যোগ্যতা সীমাৱদ্ধ। সেয়েহে তুলনামূলক সাহিত্যত অনুবাদৰ যোগেদি আলোচনালৈ অনা অন্য ভাষাও সাহিত্যসমূহৰ ওচৰ চপা হয়।

(খ) মানুহৰ সাহিত্যৰ স্ৰজন আৰু সাহিত্যৰ ৰসাস্বাদন বা ৰস গ্ৰহণৰ চেতনা ৰাজনৈতিক, ভৌগোলিক, ভাষিক আৰু সীমাৰেখাৰ পৰা মুক্ত। অন্য প্ৰকাৰে ক’বলৈ গ’লে, মানুহৰ সাহিত্য স্ৰজন আৰু তাৰ ৰসাস্বাদনৰ চেতনা একৰসাত্মক আৰু আখণ্ড। এই কথাটো তুলনামূলক সাহিত্যৰ এটা মৌলিক ধাৰণা। এই মৌলিক ধাৰণাটোৰ পোষণৰ ক্ষেত্ৰতো অনুবাদৰ সহায় নল’লেই নহয়। বিভিন্ন সাহিত্যৰ লগত পৰিচিত হোৱাৰ ক্ষেত্ৰত অনুবাদৰ সহায় অপৰিহাৰ্য।

(গ) সাহিত্যত প্রকাশ লাভ কৰা দেশ কাল নিৰপেক্ষ, মানবীয় সহজাত অনুভূতিসমূহ তুলনামূলক সাহিত্যৰ বিষয়বস্তু। ই সাহিত্যৰ আন্তৰিক তত্ত্বসমূহ উদ্‌ঘাটন কৰি প্ৰতিষ্ঠাৰ যত্ন কৰে। এই ক্ষেত্ৰতো অনুবাদৰ সহায়ত বিভিন্ন সাহিত্যৰ ওচৰ চাপি বা ভিতৰ সোমাইছে সেইবিলাকৰ অন্তর্নিহিত সার্বজনীন, সার্বভৌম তত্ত্বসমূহৰ উদ্‌ঘাটনৰ দিশত আগবঢ়া সম্ভৱ।

(ঘ) আমি পাই আহিছোঁ যে – তুলনামূলক সাহিত্যই পৃথিৱীৰ সমস্ত সাহিত্যকে একক সাহিত্য বুলি ধৰি লৈ এই সমস্ত সাহিত্যৰ অধ্যয়ন সহজ আৰু সুগম কৰি তুলিবলৈ সকলো সাহিত্যৰে বাবে গ্ৰহণযোগ্য, সার্বজনীন সাহিত্যশাস্ত্ৰ নিৰ্মাণ কৰিবলৈ বিচাৰে। পৃথিৱীৰ সমস্ত সাহিত্যকে সামৰি ল’ব পৰা সাহিত্য শাস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অনুবাদৰ অপৰিহাৰ্যতা স্পষ্ট।

সাহিত্য বিচাৰৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যৰ কিছুমান নিজা পদ্ধতি আছে। চাবলৈ গ’লৈ এনে ধৰণৰ প্ৰত্যেকটো পদ্ধতিৰ লগতে অনুবাদৰ প্ৰয়োজনীয়তা সাঙোৰ খাই আছে।

শেষত অনুবাদে সাহিত্যৰ স্ৰজন, সাহিত্যৰ সিদ্ধান্ত আলোচনা তথা সাহিত্যৰ ইতিহাস নির্মাণ, বহু দিশতে প্রভূতভাৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। তুলনামূলক সাহিত্যই একাধিক সাহিত্যৰ সহায়ত সাহিত্য সম্পর্কীয় বিভিন্ন সমস্যাৰ সমাধানৰ চেষ্টা কৰে। তুলনামূলক সাহিত্যৰ এইবিলাক কার্যত সাহিত্যৰ স্ৰজন, সিদ্ধান্ত, আলোচনা, ইতিহাস আদিত অনুবাদৰ প্ৰভাৱ, শুদ্ধ অনুবাদ, অশুদ্ধ অনুবাদ, অনুবাদ কলা আৰু তাৰ স্বৰূপ আদি বিষয়সমূহৰ ভূমিকা স্বতঃসিদ্ধ। এইদৰে চালে আমি দেখা পাওঁ যে তুলনামূলক সাহিত্যত অনুবাদৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়ো পক্ষৰে গুৰুত্ব অপৰিসীম। সেয়েহে বর্তমান অনুবাদৰ ব্যৱহাৰিক স্বীকৃতিৰ লগে লগে তাৰ তাত্ত্বিক বিচাৰকো তুলনামূলক সাহিত্যৰ অধ্যয়নৰ সীমাত অনিবার্যভাৱে সামৰি লোৱা হৈছে।

৪। তুলনামূলক সাহিত্য অধ্যয়নৰ ক্ষেত্ৰত বিশিষ্ট অধ্যাপক ষ্টিভেন টোটোচিদা জপাতনাক (Steven Totosy de Zepetnek) এ তুলনামূলক সাহিত্যৰ দহোটা মূল নীতি নিৰ্ধাৰণ কৰিছে। সেই নীতিসমূহ আলোচনা কৰা?

উত্তৰঃ (ক) তুলনামূলক সাহিত্যৰ অধ্যয়ন, অধ্যাপনা আৰু গৱেষণাৰ ক্ষেত্ৰত ‘কি’ তকৈ ‘কেনেকৈ’ টোহে বেছি গুৰুত্বপূৰ্ণ। অর্থাৎ সাহিত্য আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত অধ্যয়নৰ পদ্ধতিটোহে তাৎপর্যপূর্ণ।

(খ) জাপাতনাকৰ মতে তুলনামূলক সাহিত্যৰ দ্বিতীয় মূল নীতিটো হৈছে বিভিন্ন ভাষা, সংস্কৃতি, সাহিত্য আৰু বিষয়ৰ মাজৰ তাত্ত্বিক আৰু পদ্ধতিগত যোগাযোগ আৰু বিনিময়। উল্লেখযোগ্য যে এই ক্ষেত্ৰত তুলনামূলক সাহিত্যই আটাইতকৈ বেছি বাধাৰ সন্মুখীন হৈ আহিছে। তুলনামূলক সাহিত্যৰ জন্মলগ্নৰ পৰাই জাতীয় ভাষা আৰু সংস্কৃতিৰ লগত এই বিৰোধৰ সৃষ্টি হৈ আহিছে। যদিহে এই বিৰোধৰ সৃষ্টি নহ’লহেঁতেন তুলনামূলক সাহিত্যই সকলো দিশতে জাতীয় সাহিত্যৰ সমান্তৰালকৈ আৰু এখন অধ্যয়নৰ নতুন ক্ষেত্ৰ মুকলি কৰিলেহেঁতেন। ইয়াৰ ফলস্বৰূপে জাতীয় সাহিত্যও চহকীহ’লহেঁতেন।

(গ) জাপাতনাকে নিৰ্ধাৰণ কৰা তৃতীয়টো মূলনীতি মতে তুলনামূলক সাহিত্যৰ গৱেষকজনে ইয়াৰ তত্ত্ব আৰু পদ্ধতিৰ গভীৰ অধ্যয়ন কৰাৰ আগতে বিভিন্ন ভাষা, সংস্কৃতি আৰু সাহিত্যৰ লগতে অন্যান্য সমাজতাত্ত্বিক দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে। এই নীতিটোৱে আনুষ্ঠানিক আৰু বিদ্যায়তনিক দিশত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। জাপাতনাকে এই সমস্যাটোৰ সমাধান আগবঢ়াই কৈছে যে — প্ৰতিখন উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানত তুলনামূলক সাহিত্যৰ এটা সুকীয়া বিভাগ স্থাপন কৰা উচিত।

(ঘ) সাহিত্যক আমি অন্য কলা (চিনেমা, সংগীত আদি) আৰু সমাজবিদ্যা (ইতিহাস, মনোবিজ্ঞান, শিক্ষা আদি) ৰ লগত তুলনা কৰিব লাগে। এইক্ষেত্ৰত থকা আটাইতকৈ ডাঙৰ বাধা হৈছে কলা আৰু সমাজবিদ্যাৰ লগত তুলনামূলক সাহিত্য অধ্যয়নৰ স্পষ্টভাৱে ব্যাখ্যা কৰিব পৰা সংৰচনাৰ অভাৱ। ইয়াৰ ফলস্বৰূপে দুঃখজনকভাৱে পৃথিৱীৰ বিভিন্ন বিদ্যালয়সমূহত থকা তুলনামূলক সাহিত্য অধ্যয়ন বিভাগসমূহৰ বৰঙণি আৰু কাম – কাজ অন্যান্য বিভাগসমূহতকৈ বৰ কম আৰু সীমিত।

(ঙ) তুলনামূলক সাহিত্যৰ বাবে প্ৰয়োজনীয় এটি নীতি অনুযায়ী ইংৰাজী ভাষা আৰু সাহিত্যক গুৰুত্ব দিওঁ। তুলনামূলক সাহিত্যই সমান্তৰালভাৱে ইয়াৰ নিজস্ব স্বকীয়তা বজাই ৰাখিব লাগে । এইক্ষেত্ৰত সুসংহত পদ্ধতি অৱলম্বন কৰিব লাগে। বিভিন্ন ধৰণৰ উদ্যোগ, ব্যবসায়, প্রযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত ইংৰাজী ভাষাটো পশ্চিমৰ লগতে গোটেই পৃথিৱীৰ উমৈহতীয়া ভাষা হিচাপে পৰিগণিত হৈছে। ফলত সকলো দিশতে ইংৰাজী ভাষাটোৱে এক বর্ধিত গুৰুত্ব লাভ কৰি আহিছে। এইক্ষেত্ৰত পালন কৰিবলগীয়া সুসংহত আৰু সমান্তৰাল পদ্ধতিটো হৈছে— যিহেতু তুলনামূলক সাহিত্য স্ব – প্রশংসাসূচক নহয়, গতিকে ইংৰাজীক আমি অধ্যয়ন, অধ্যাপনা আৰু গৱেষণাৰ ক্ষেত্ৰত যোগাযোগৰ উমৈহতীয়া মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগিব।

(চ) তুলনামূলক সাহিত্য অধ্যয়নৰ বাবে প্ৰয়োজনীয় ষষ্ঠ মূল নীতিটো হৈছে যে – সাহিত্যক আমি সদায় সংস্কৃতিৰ পৃষ্ঠভূমিতহে অধ্যয়ন কৰিব লাগে। সাম্প্ৰতিক কালত উচ্চশিক্ষাৰ অনুষ্ঠানসমূহত সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত কিন্তু সাহিত্যক বিশেষ গুৰুত্ব দিয়া নহয়। এইক্ষেত্ৰত তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতিটো মূল বাধা নহয়, বৰঞ্চ আনুষংগিক ক্ষেত্ৰখনৰ অৱস্থিতিটোহে প্রধান বাধা।

(ছ) তুলনামূলক সাহিত্য অধ্যয়নৰ মূল নীতিটো হ’ল ইয়াৰ তাত্ত্বিক, পদ্ধতিগত, আদর্শগত আৰু ৰাজনৈতিক গ্ৰহণযোগ্যতা। এইক্ষেত্ৰত প্ৰায়ে আমি এটাৰ লগত আনটোৰ সংঘাত হোৱা দেখিবলৈ পাওঁ।

(জ) তুলনামূলক সাহিত্যৰ আন্তঃবিষয়ী (Interdisciplinary) অধ্যয়নৰ পদ্ধতিৰ যথাৰ্থতা ক্ষেত্ৰত তিনিটা পদ্ধতি অৱলম্বন কৰিব লাগে।

সেইকেইটা হ’ল —

(১) অন্তঃবিষয়ীঃ এজন গৱেষকে নিজস্ব বিষয়ৰ পৰিসীমাৰ ভিতৰত কৰা গৱেষণা।

(২) বহুবিষয়ীঃ এজন গৱেষকে নিজস্ব বিষয়ৰ উপৰিও অন্য বিষয়ৰ সহায়ত কৰা গৱেষণা ।

(৩) ভিন্ন বিষয়ীঃ বিভিন্ন বিষয়ৰ বহু গবেষকে দলৱদ্ধভাৱে কৰা গৱেষণা। ইয়াৰ শেষৰটোৰ ক্ষেত্ৰত ডাঙৰ বাধাটো হৈছে যে— সাধাৰণতে সাহিত্যৰ গৱেষকসকলে গৱেষণাৰ ক্ষেত্ৰত দলবদ্ধ হৈ কাম কৰাটো পচন্দ নকৰে।

(ঝ) তুলনামূলক সাহিত্যৰ নৱম মূল নীতিটো হৈছে – বিশ্বায়ন বনাম আঞ্চলিকীকৰণৰ লগত ইয়াৰ বিষয়বস্তুৰ বিৰোধাভাষ। তুলনামূলক সাহিত্যৰ আনুষ্ঠানিক স্থিৰাংকৰ ক্ষেত্ৰটো আঞ্চলিকীকৰণ দেখিবলৈ পোৱা যায়। তুলনামূলক সাহিত্যৰ অধ্যাপকসকল, যিসকলক বিষয়টোৰ আনুষ্ঠানিক আৰু বৌদ্ধিক ধ্বজাবাহক বুলি কোৱা হয়, তেওঁলোকৰ নিযুক্তিও আনকি কোনো এটা বিশেষ বিষয়ৰ ওপৰত থকা তেওঁলোকৰ পাণ্ডিত্যৰ ওপৰত ভিত্তি কৰিহে দিয়া হয়। সেয়েহে সাম্প্রতিক কালত প্ৰকৃত অৰ্থত তুলনামূলক সাহিত্যৰ পণ্ডিত বৰ দুখ লগাকৈ কম। এই সমস্যাটোৱে ভৱিষ্যতে তুলনামূলক সাহিত্যৰ বৌদ্ধিক, শৈক্ষিক আৰু আনুষ্ঠানিক ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। এই নৱম নীতিটোৱে তুলনামূলক সাহিত্যক এক আন্তর্জাতিক মানৱীয় কলা হিচাপে বিকাশ লাভ কৰাত বাধাৰ সৃষ্টি কৰিব ।

(ঞ) তুলনামূলক সাহিত্যৰ দশম মূল নীতিটো হৈছে ইয়াৰ চৰ্চা আৰু লোকসকলৰ পেছাগত দায়বদ্ধতা। অন্য অর্থত তুলনামূলক সাহিত্য অধ্যয়নকাৰীসকলে তেওঁলোকে কিয়নো এই বিষয়টো নির্বাচন কৰিছে সেই সম্পর্কে স্পষ্ট হ’ব লাগিব। ই ভবিষ্যতে বিষয়টোৰ বৌদ্ধিক আৰু আনুষ্ঠানিক মর্যাদা আৰু স্বীকৃতি নিৰূপণ কৰিব। মূল স্থিৰাংক হিচাপে বিষয়টো অধ্যয়নকাৰীসকলৰ অধ্যয়ন বহুমুখী হোৱাটো বাঞ্ছনীয়। উদাহৰণস্বৰূপে ক’ব পাৰি যে সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্যৰ স্থিতি জানিবলৈ আমি বিভিন্ন ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। ইয়াৰ ফলত অসমীয়া সাহিত্যৰ গুণগত মান উন্নত হ’ব।

৫। তুলনামূলক সাহিত্যৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ ষষ্ঠদশ শতিকাত গজালি মেলা তুলনামূলক সাহিত্যই বিংশ শতিকালৈ বিভিন্ন শাখা – প্ৰশাখাৰে, জাতিষ্কাৰ হৈ পৰিল। ইয়াৰ নিজা লক্ষণসমূহ্যে স্পষ্টভাৱে পৰিস্ফুটিত হৈ পৰিল ৷ অন্য প্ৰকাৰে ক’বলৈ হ’লে নিজা কিছুমান বৈশিষ্ট্যৰে সৈতে তুলনামূলক সাহিত্যই এক স্বতন্ত্র অনুশীলন হিচাপে প্রতিষ্ঠা লাভ কৰিলে। তুলনামূলক সাহিত্যৰ বৈশিষ্ট্যসমূহ থূলমূলকৈ এনে ধৰণেৰে দেখুৱাব পাৰি —

(ক) সাহিত্য অধ্যয়নৰ পদ্ধতিৰ ক্ষেত্ৰত তুলনামূলক আলোচনা পদ্ধতি তুলনামূলক সাহিত্যৰ মূল পদ্ধতি। কোনো এক সাহিত্যৰ লগত অন্য সাহিত্যৰ তথা সংগীতাদি সুকুমাৰ কলা আৰু ৰাজনীতি, মনোবিজ্ঞান আদি সমাজবিজ্ঞানৰ বিভিন্ন শাখাসমূহৰ লগত সম্পৰ্ক জড়িতভাৱে, সম্পর্ক বিশ্লেষণৰ মাধ্যমেৰে তুলনামূলক সাহিত্যই অধ্যয়ন আগবঢ়ায়। সাহিত্য অধ্যয়নৰ অন্য বিভিন্ন পদ্ধতিসমূহ ব্যাখ্যামূলক, বর্ণনামূলক, পৰিচয়মূলক, বিশ্লেষণমূলক, মূল্যাংকনমূলক আদি সকলো পদ্ধতিৰে প্ৰয়োগ তুলনামূলক সাহিত্যইও কৰে। কিন্তু বিষয়বস্তুৰ বিস্তৃতি আৰু নিজা কিছুমান সমস্যাৰ কাৰণে ইয়াৰ নিজা কিছুমান পদ্ধতিও আছে।

(খ) সমগ্ৰ পৃথিৱীৰ মানৱ মাত্ৰেই একে সুৰীয়া অনুভৱ – অনুভূতি থকা আৰু এই একে সুৰীয়া অনুভৱ – অনুভূতিৰ উমান আমি সাহিত্যৰ যোগেদি পাওঁ। সাহিত্যৰ সনাতন মূল্য আৰু গুণসমূহৰ উদ্‌ঘাটন তথা সহিত্যৰ যোগেদি প্ৰকাশ পোৱা মানৱৰ শাশ্বত সৃজনী শক্তিৰ উমান লোৱাই হ’ল ‘তুলনামূলক সাহিত্য’ শীৰ্ষক সাহিত্য বিচাৰৰ দৃষ্টিভংগী বিশেষৰ মূল উদ্দেশ্য।

(গ) তুলনামূলক সাহিত্যৰ মূল স্বৰূপ তিনিটা প্ৰধান দিশত আলোচনা কৰিব পাৰি। 

(১) তুলনামূলক সাহিত্যই পৃথিৱীৰ সমস্ত সাহিত্যকে এক অথবা ‘একক সাহিত্য’ বুলি ধাৰণা কৰি লয়।

(২) একক সাহিত্য হিচাপে ধাৰণা কৰি লোৱা বিভিন্ন সাহিত্যসমূহৰ অধ্যয়ন সহজ আৰু সুগম কৰি তুলিবৰ বাবে সকলো সাহিত্যৰে কাৰণে গ্ৰহণযোগ্য হোৱাকৈ ‘সার্বজনীন সাহিত্য শাস্ত্ৰ’ নিৰ্মাণৰ পোষকতা কৰে।

(৩) এবিধ সাহিত্যৰ লগত অন্য সাহিত্য তথা সাহিত্য ভিন্ন বিষয় জড়িত কৰি সাহিত্যৰ অধ্যয়নক অধিক বিস্তৃতি দিবলৈ বিচৰা কথাটোও তুলনামূলক সাহিত্যৰ অন্যতম বৈশিষ্ট্য।

ওপৰত আলোচনা কৰা বৈশিষ্ট্যসমূহেৰে সৈতে তুলনামূলক সাহিত্যই এটা বিদ্যায়তনিক অনুশাসন (academic discipline) বা এটা স্বতন্ত্র বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেহি। এই বিষয় হিচাপে ই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্ৰমতো স্থান লাভ কৰিছে। এই ক্ষেত্ৰত তুলনামূলক সাহিত্যই পাশ্চাত্য দেশসমূহত বিশেষ প্ৰতিষ্ঠা লাভ কৰিছে। আমেৰিকাৰ কাৰনেল (comell) বিশ্ববিদ্যালয়ত পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই শতিকাৰ তৃতীয় দশকত তুলনামূলক সাহিত্যৰ বিভাগ প্ৰতিষ্ঠাৰ লগে লগে ই স্বতন্ত্র বিষয় হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ পৰে।

বিদ্যায়তনিক দিশত ইয়াৰ গুৰুত্ব লাহে লাহে পৃথিৱীৰ বিভিন্ন ঠাইত বৃদ্ধি পাই আহিবলৈ ধৰে। এই দিশত উত্তৰ আমেৰিকাতে ইয়াৰ প্রসিদ্ধি আৰু প্ৰচলন এতিয়াও সৰ্বাধিক। চলিত শতিকাৰ আৰম্ভণি কালতে ভাৰতবৰ্ষতো নতুন বিদ্যায়তনিক অনুশাসন হিচাপে তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা – চৰ্চাৰ দুৱাৰ মুকলি হয়। ভাৰতত তুলনামূলক সাহিত্যৰ এই সম্পূৰ্ণ বিভাগৰ লগতে অন্য ভালে সংখ্যক বিশ্ববিদ্যালয়ত অন্য বিভাগৰ লগত বিভিন্ন ধৰণেৰে তুলনামূলক সাহিত্যৰ অন্তৰ্ভুক্তি ঘটিছে।

এইদৰে ‘তুলনামূলক সাহিত্য’ নাম লাভ কৰা সাহিত্য বিচাৰৰ এই পদ্ধতিটোৱে এটা সুকীয়া বিদ্যায়তনিক অনুশাসন হিচাপে বিশ্বৰ বিভিন্ন দেশত দৃঢ়ভাৱে খোপনি পুতিবলৈ সক্ষম হৈছে। স্বতন্ত্র অনুশাসনটোৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে বেলেগ বেলেগ দেশৰ পণ্ডিতে কিছু বেলেগ ধৰণৰ মতপোষণ কৰে। এই ধৰণৰ মত ভিন্নতাৰ আধাৰত তুলনামূলক সাহিত্যই কেইবাটাও শাখা বা সম্প্রদায় (school) ৰ ছত্ৰছায়াত বিকাশ লাভ কৰিছে। এইবিলাকৰ ভিতৰত ফ্রান্স জার্মান স্কুল, আমেৰিকান স্কুল, ৰাছীয়ান স্কুল, কানাডিয়ান স্কুল, চাইনিজ স্কুল, আফ্রিকান স্কুল আদিয়েই প্রধান।

৬। তুলনামূলক সাহিত্যৰ প্ৰধান শাখা বা সম্প্রদায় বা সংহতি (school) সমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা আগবঢ়োৱা।

উত্তৰঃ তুলনামূলক সাহিত্যই বর্তমানে কেইবাটাও সম্প্রদায়ত প্ৰসাৰতা লাভ কৰিছে। তাৰ ভিতৰত প্ৰধান শাখা বা সম্প্রদায়সমূহ (school) হ’ল – 

(ক) ফ্রান্স – জার্মান স্কুল। 

(খ) আমেৰিকান স্কুল।

(গ) ৰাচিয়ান স্কুল। 

(ঘ) কানাডিয়ান স্কুল।

(ঙ) ভাৰতীয় স্কুল আদি। 

তলত এই শাখা বা সংহতি বা সম্প্রদায় (school) সমূহৰ বিষয়ে আলোচনা কৰা হ’ল—

(ক) ফ্রান্স – জার্মান স্কুলঃ ফ্রান্স – জার্মান সংহতি বুলি যিটো সংহতি বা সম্প্ৰদায়ৰ কথা বুজাব বিচৰা হৈছে সেই সংহতিৰ দৃষ্টিভংগীৰ বিকাশত ইটালীৰ দৰে দেশৰো অৱদান আছে। ফ্রান্স – জার্মান সংহতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিলেও ই আছিল আচলতে সামগ্রিকভাৱে ইউৰোপত বিকাশ লাভ কৰা সাহিত্য অধ্যয়নৰ নতুন দৃষ্টিভংগীৰেই এক ফলশ্ৰুতি। এই সংহতিৰ প্রবক্তাসকলে তুলনামূলক সাহিত্যক সাহিত্য অধ্যয়নৰ এনে এক শাখা হিচাপে সংজ্ঞায়িত কৰিছে যিয়ে দুটা বা ততোধিক আন্তৰাষ্ট্ৰীয় আৰু ভাষিকভাৱে পৃথক সাহিত্য বা পাঠৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ গতি – প্রকৃতি অধ্যয়ন কৰে। ‘তুলনামূলক সাহিত্য’ৰ ধাৰণাটোক এক বিদ্যায়তনিক অনুশাসন হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ফ্রান্স – জার্মান সংহতিৰ এক অগ্রণী ভূমিকা আছে। লক্ষণীয় যে – তুলনামূলক সাহিত্যৰ বিদ্যায়তনিক বিভাগ প্ৰতিষ্ঠাৰ অগ্ৰদূত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এখন হ’ল – সাৰব’ন বিশ্ববিদ্যালয় আৰু ফৰাচী ভাষাতে প্রকাশ পোৱা এই সন্দৰ্ভৰ প্ৰথম পত্রিকাখনিৰ উৎপত্তি স্থল হ’ল – ‘ পেৰিচ বিশ্ববিদ্যালয়’। 

ফ্রান্স – জার্মান সংহতিটোক এক নিৰ্দিষ্ট স্থান বিশেষ, এক জাতীয়তাৰ বা সমালোচনাৰ এক বিশিষ্ট বাকভংগীৰ প্ৰতিনিধি বুলি ভৰাতকৈ ‘তুলনামূলক সাহিত্য’ জগতলৈ আগবঢ়োৱা সামগ্রিক বৰঙণিৰ পৰিচায়ক হিচাপেহে গণ্য কৰা উচিত আৰু এই সংহতিৰ প্ৰবক্তাসকলে এই সংহতিক তেনেদৰে মূল্যায়ন কৰিব বিচাৰে। আমাৰ বোধেৰে এনে মূলায়ানৰ এক যুক্তিযুক্ততা আছে, কাৰণ এই সংহতিৰ মাজেৰে তুলনামূলক সাহিত্যৰ ধাৰণাবোৰেই বিকাশ লাভ কৰিছিল। সময়ৰ গতিত ফ্রান্স -জার্মান সংহতিও সাহিত্য আলোচনাৰ ন ন – তত্ত্ব আৰু পদ্ধতিৰ দ্বাৰা পৰিপুষ্ট হৈছে। ফ্রান্স – জার্মান সংহতিৰ আগশাৰীৰ প্ৰবক্তাসকল হ’ল – Brunel, Pichois, Van, Tieghem, Robert Jauss, Rene Etiemble ইত্যাদি। এওঁলোকৰ বেছি ভাগেই সম্ভাৱনা, অনুকৰণ, উৎস, প্ৰতিৰূপ, আদিৰ আলোচনাৰ প্ৰতি আগ্ৰহশীল। এনেবোৰ আলোচনাৰ মাজেৰে সাহিত্যৰ আন্তৰ্জাতিক সম্পৰ্কৰ ইতিহাস অধ্যয়ন কৰাৰ ওপৰতে ফৰাচী গৱেষকসকলে অধিক গুৰুত্ব প্ৰদান কৰে। সামগ্রিকভাৱে বিশ্লেষণ কৰিলে এওঁলোকৰ দৃষ্টিভংগীৰ মাজত তিনিটা দিশ প্ৰতিফলিত হয় —

(১) বিভিন্ন সাহিত্যৰ মাজৰ আন্তঃসম্পৰ্কৰ অধ্যয়ন।

(২) সাহিত্যৰ আন্তৰ্জাতিক সম্পর্ক ইতিহাস অধ্যয়ন।

(3) প্ৰভাৱ, সংগ্ৰহণ আদিৰ অধ্যয়ন।

(খ) আমেৰিকান স্কুলঃ ফ্ৰান্স — জার্মান সংহতিৰ পিছতে তুলনামূলক সাহিত্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমেৰিকান পণ্ডিতসকলৰ বৰঙণি উল্লেখনীয়। তাৎপর্যপূর্ণ যে যি প্ৰয়োজনত ইউৰোপত তুলনামূলক সাহিত্যতত্ত্বই বিকাশ লাভ কৰিছিল সেই একে কাৰণতেই ই আমেৰিকালৈও প্ৰসাৰিত হ’ল।

যুদ্ধোত্তৰ কালৰ নতুন ৰাজনৈতিক, সামাজিক পৰিৱেশ, বিভিন্ন অস্থিৰতা, পুঁজিৰ নতুন বিন্যাসে ইত্যাদিৰ ফলস্বৰূপে বিভিন্ন চিন্তাশীল ব্যক্তি, বুদ্ধিজীৱী, প্রতিষ্ঠিত তুলনাবিদ আদিয়েও আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল। এই প্ৰব্ৰজিত লোকসকলৰ ভাষিক, নৃগোষ্ঠীয় অথবা সাংস্কৃতিক বিভিন্নতাৰ মাজত এক ধৰণৰ ঐক্যসূত্ৰ গঢ়ি তোলাটো আমেৰিকাৰ বাবে অপৰিহাৰ্য হৈ পৰিছিল।

এইটো আছিল তেওঁলোকৰ আন্তঃৰাজ্যিক সমস্যা। আনহাতে আন্তঃৰাষ্ট্ৰীয় পটভূমিতো আমেৰিকাই বিশ্বৰ অন্যান্য অংশৰ জনগোটৰ সৈতে সংবাদ আৰু বুজাবুজি গঢ়ি তোলাটো প্ৰয়োজনীয় হৈ পৰিছিল। অর্থাৎ দেশৰ বহু সাংস্কৃতিক, বহুভাষিক পটভূমি আৰু সমকালীন বৈদেশিক প্রয়োজনীয়তাক মোকাবিলা কৰিব পৰা এক সুচিন্তিত ৰাজনৈতিক ৰণ – নীতি হিচাপেই আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহে ঊনৈশ শ ষাঠি আৰু সত্তৰৰ দশকত তুলনামূলক সাহিত্যৰ বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰিছিল। আনহাতে ইতিমধ্যে ইউৰোপত বিকশিত এই বৌদ্ধিক চেতনাক নিজৰ দখললৈ অনাটোও তেওঁলোকে সেই সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচনা কৰিছিল। এই সংহতিৰ প্ৰতিষ্ঠিত পণ্ডিতসকল হ’ল— Rene Wellek, Austin Warren, Harrv Lavin, Owen Aldridge আদি। আমেৰিকাত এই বিদ্যানুশাসনৰ প্ৰথমটো বিভাগ প্ৰতিষ্ঠা হয় কাৰনেল্ বিশ্ববিদ্যালয়ত।

ফ্রান্স – জার্মান সংহতিক তুলনামূলক সাহিত্যৰ প্ৰথম তোপটোৰ শক্তিশালী দৃষ্টিভংগী বুলি গ্ৰহণ কৰিলে আমেৰিকান সংহতিক ইয়াৰ বিকাশৰ দ্বিতীয় স্তৰটোৰ অন্যতম প্রভাৱশালী চিন্তা – চেতনা বুলি গ্ৰহণ কৰিব লাগিব। এইক্ষেত্ৰত ইয়াৰ নতুনত্ব বা বিশেষত্ব হ’ল — চিন্তাৰ মুক্ততাত, নান্দনিকতাৰ অনুসন্ধানত আৰু দৃষ্টিভংগীৰ বিশ্বায়নত।

আমেৰিকান সংহতিয়ে সাদৃশ্য, প্রভাৱ, শৈলী, বিধা অনুকৰণ, অনুৰান আদিকে ধৰি পৰম্পৰা, ধাৰা আদিৰ বিচাৰ – বিশ্লেষণতো গুৰুত্ব প্ৰদান কৰিছে যদিও এনে বিচাৰ বিশ্লেষণৰ মাজেৰে সাহিত্যৰ ‘নান্দনিক’ দিশসমূহ উদ্‌ঘাটন কৰাত অধিক মনোনিৱেশ কৰিছে।

(গ) ৰাচিয়ান স্কুলঃ ডালিনৰ সময়ত তুলনামূলক সাহিত্যক বুজোৱা সাৰ্বজনীনতাবাদৰ অন্য এক ৰূপ বুলি গণ্য কৰা হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধই ছেপেলি – ভেদেলি কৰা ইউৰোপৰ ঔদ্যোগিক পুঁজিপতিসকলক এক কৰাৰ স্বাৰ্থতে এনে মতাদৰ্শৰ বিকাশ হোৱা বুলি ঠাৱৰ কৰা হৈছিল। ৰুছ পণ্ডিতসকলে ভাবিছিল যে জাতীয় সাহিত্যই বিশ্বৰ কলা – সংস্কৃতিৰ ভঁৰাললৈ আগবঢ়োৱা বৰঙণিবোৰৰ বিচাৰ – বিশ্লেষণহে তুলনামূলক সাহিত্যৰ মূল বিষয়বস্তু হ’ব লাগে । তেওঁলোকে মার্ক্সীয় দৃষ্টিভংগী সন্মুখত ৰাখি এই ধৰণৰ মত পোষণ কৰে যে বিভিন্ন জাতীয় সাহিত্যৰ মাজত থকা সামগ্রিকতা আৰু নিৰ্দিষ্টতাৰ দ্বান্দ্বিক ঐক্যক প্ৰত্যক্ষ কৰাৰ মাজেৰে জাতীয় সাহিত্যৰ বৰঙণিক গভীৰভাৱে উপলব্ধি কৰিব লাগিব।

ৰুছ চিন্তাবিদসকলৰ বেছিভাগেই মার্ক্সীয় দৃষ্টিভংগীৰ বাবে অইন মতবাদক প্রশ্রয় নিদিয়ে আৰু বহুতে আনকি মার্ক্সীয় মতাদর্শকো এই নতুন পটভূমিত বিচাৰ কৰি চোৱাৰ প্রয়োজনীয়তা অনুভৱ নকৰে। ৰাছিয়াত ১৮৬০ চনত চেইণ্ট পিটার্ডবার্গ বিশ্ববিদ্যালয়ত পোন প্ৰথমবাৰৰ বাবে ৰুছ ভাষাত বিশ্বসাহিত্যৰ অধ্যাপনা আৰম্ভ হৈছিল। এওঁলোকে কলা, ইতিহাস, নৃবিদ্যা আৰু লোক – সংস্কৃতিৰ সৈতে তুলনামূলক সাহিত্যক সাঙুৰি ইয়াক এক আন্তঃশৃংখলাত্মক অধ্যয়ন হিচাপে গঢ়ি তুলিছিল। ১৮৭০ চনত Alexander Veselovsky এ তুলনামূলক অধ্যয়ন সাহিত্যৰ বুৰঞ্জী অধ্যয়নৰ বাবে অতি উৎকৃষ্ট পদ্ধতি বুলি ঘোষণা কৰিছিল। আলেকজেণ্ডাৰৰ চিন্তাৰ প্ৰতি ইতিবাচক বৌদ্ধিক সঁহাৰি দি বিষয়টোক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল viktor zhirmunsky যে। তেওঁৰ মৰণোত্তৰভাৱে প্ৰকাশিত Sravnit S note Literatura Vedenie (তুলনামূলক সাহিত্য) শীৰ্ষক গ্ৰন্থখনত তেওঁ আলেকজেণ্ডাৰৰ বৌদ্ধিক বৰঙণি স্বীকাৰ কৰিছে আৰু তেওঁৰ গ্ৰন্থৰ মূল প্ৰেৰণা তথা উৎস হিচাপে মার্ক্সীয় তত্ত্বৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছে।

(ঘ) কানাডিয়ান স্কুলঃ কানাডাৰ বিদ্যায়তনিক জগতত তুলনামূলক সাহিত্যই কিছু পলমকৈহে প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ কাৰণ হ’ল — ইয়াৰ ৰক্ষণশীল মনোভাৱ আৰু ব্ৰিটিছ বিশ্ববিদ্যালয়সমূহৰ প্ৰাধান্য। ১৯৬১ – ৬২ চনতহে পোনপ্ৰথমবাৰৰ বাবে তুলনামূলক সাহিত্যৰ এটা স্বতন্তৰীয়া বিভাগ কানাডাৰ এলবার্টা বিশ্ববিদ্যালয়ত প্রতিষ্ঠা হয়। “Canadian Review of Comparative Literature’ নামৰ নামৰ কানাডিয়ান তুলনামূলক সাহিত্য সংগঠনৰ পত্রিকাখনো প্রকাশ হয় এই এলবার্টা বিশ্ববিদ্যালয়ৰ পৰাই।

কানাডাৰ জনসমষ্টিৰ বেছিভাগ মানুহেই যিহেতু বিভিন্ন ৰাষ্ট্ৰৰ পৰা হোৱা প্ৰব্ৰজনৰ মাজেৰে আহা, সেয়েহে তেওঁলোকৰ বিদ্যায়তনিক দৃষ্টিভংগীতো ইউৰোপৰ বিভিন্ন দেশৰ প্ৰভাৱ বিদ্যমান। দৃষ্টিভংগীৰ এনে বিভিন্নতাই তুলনামূলক সাহিত্যৰ বিস্তাৰৰ বাবে এক নিৰ্দিষ্ট পদ্ধতি গ্রহণ কৰাত কিছু আহুকালৰ সৃষ্টি কৰিছে যদিও North on Frye, Eugene Joliat, Victor Graham, D. G. Jones আদি তুলনাবিদসকলে এই দিশটোৰ প্ৰতি উল্লেখনীয় অৱদান আগবঢ়াইছে।

কানাডাৰ দ্বিভাষিক সমস্যা বৰ্তমানলৈকে সমাধানযোগ্য হৈ উঠাগৈ নাই। ইয়াৰ দুই মূল প্ৰভাবশালী ভাষা হ’ল — ইংৰাজী আৰু ফৰাচী। ৰাজনৈতিক কাৰণতে ইয়াৰ ভাষা সমস্যাই এক সমাধানযোগ্য সূত্র নোপোৱাত সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ অপ্ৰতিৰোধ্য হৈ পৰিছে। এনে ক্ষেত্ৰত ইয়াৰ সমাধানকল্পে চলোৱা প্ৰচেষ্টাবোৰ হৈ পৰিছে দুজন কলা মানুহে গোৱা দ্বৈত সংগীতৰ দৰে (a duet / with two duet singer)।

অৱশ্যে শেহতীয়াভাৱে এচাম নতুন সমালোচকে এনে পৰিৱেশৰ মাজতেই এক ঐক্যসূত্র উদ্ভাৱনৰ প্ৰচেষ্টা চলাইছে আৰু এক বুজাবুজিৰ মনোভাবেৰে তুলনামূলক সাহিত্যক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে। তেওঁলোকে এই দুয়োটা প্রধান ভাষাগোষ্ঠীৰ মাজৰ সম্পৰ্ক বিচাৰ কৰি দেখিছে যে — একে জাতীয় অনুভৱ আৰু একে আত্মপৰিচয়ৰ মাজেৰেই দুয়োটাৰে মাজত কেতবোৰ যোগসূত্রই বিকাশ লাভ কৰিছে। (ফৰাছী কানাডিয়ান আৰু ইংৰাজী কানাডিয়ান সাহিত্যৰ যদি কিবা অৱশেষ গুৰুত্ব আছে, তেতিয়াহ’লে ইয়াৰ কাৰণ হৈছে এইটোৱে যে সিহঁতৰ মাজত একক উমৈহতীয়া জাতীয় গভীৰতা, লালিত – পালিত হোৱাৰ একেধৰণৰ কাৰক, একক পৰিচয় – ভাৱনাক বহন কৰা এক ৰহস্যময় উপাদান নিহিত হৈ আছে।) এনে দৃষ্টি সন্মুখত ৰাখি নতুন পৰীক্ষা – নিৰীক্ষাৰে কানাডিয়ান সংহতিয়ে নিজৰ বিস্তাৰ অব্যাহত ৰাখিছে। তেওঁলোকৰ দৃষ্টিভংগীয়ে ফ্রান্স – জার্মান, আমেৰিকা বা চীনা সংহতিবোৰৰ দৰে তুলনামূলক সাহিত্যৰ সামগ্রিক দৃষ্টিভংগীত কোনো সংযোজন – বিয়োজন ঘটোৱা নাই, কিন্তু ভাষিক সমস্যা জর্জৰিত দেশবোৰৰ বাবে নতুন পৰীক্ষা – নিৰীক্ষাৰ বাট মুকলি কৰিছে। কিন্তু তেওঁলোকৰ নিজৰ সমস্যাসমূহৰ মাজতে অধিক মনোনিৱেশ কৰাৰ বাবে তেওঁলোকে কোনো তাত্ত্বিক সিদ্ধান্ত গঢ়ি তোলাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পৰা নাই। তথাপি শেহতীয়াভাৱে কানাডিয়ান তুলনাবিদসকলেও বিষয়কেন্দ্রিক বিশ্লেষণৰ পৰিৱৰ্তে বিশ্বৰ শেহতীয়া তাত্ত্বিক বিকাশ আৰু সমালোচনাত্মক দিশবোৰৰ প্ৰতি অধিক সহাঁৰি দেখুৱাইছে।

(ঙ) ভাৰতীয়স্কুলঃ ভাৰতীয় তুলনামূলক সাহিত্য সন্দৰ্ভত এটি সুকীয়া অধ্যায়ত এক বিস্তৃত আলোচনাৰ প্ৰয়াস কৰা হৈছে। এই অধ্যায়ত মাত্র এই কথাই উল্লেখনীয় যে অকল ‘তুলনামূলক সাহিত্য’ৰ সামগ্রিক লক্ষ্য আৰু দৃষ্টিভংগীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰিয়েই ভাৰতীয় প্ৰেক্ষাপটত ইয়াৰ বিচাৰ – বিশ্লেষণক আগুৱাই নিব নোৱাৰি। ভাৰতবৰ্ষৰ দৰে ‘বহুভাষিক আৰু তৃতীয় বিশ্বৰ দেশ’ এখনত তুলনাবিদসকলে আন ভালেমান সমস্যাৰ সন্মুখীন হয় আৰু তাৰ মাজেৰেই তেওঁলোকে এনে যত্ন অব্যাহত ৰাখিব লাগে। পৃথিৱীৰ সকলো দেশতে সকলো সময়তে মানৱ সভ্যতাৰ গতি – প্রকৃতি নির্ণীত হয় আৰ্থ ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা। সেয়েহে ‘বিশ্বভাবনা’ গ্ৰহণ কৰিও ৰাজনৈতিক বা অর্থনৈতিক কাৰণত আমি বেলেগ বেলেগ পৰিস্থিতিৰ মুখামুখি হওঁ। সেইবাবেই তুলনামূলক সাহিত্যয়ো তাৰ মূল লক্ষ্য একে ৰাখি দেশ ভেদে কেতবোৰ নতুন নতুন দৃষ্টিভংগী বা পদ্ধতি গ্ৰহণ কৰিবলগীয়া হৈছে। ভাৰতবৰ্ষৰ সমাজ – সংস্কৃতি যিদৰে বৈচিত্ৰ্যপূৰ্ণ একেদৰে ইয়াৰ ভাষা সাহিত্যও বৈচিত্ৰ্যৰে ভৰপূৰ। সেয়েহে ভাৰতীয় ‘তুলনামূলক সাহিত্য’ৰ অধ্যয়ন – অধ্যাপনাও ভালেমান সমস্যাৰে ভাৰাক্ৰান্ত। তথাপি তাৰ মাজতে ভাৰতীয় তুলনাবিদসলে এই বিদ্যায়তনিক অনুশাসনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে ভাৰতবৰ্ষৰ এই প্রয়াসে তৃতীয় বিশ্বৰ বহুভাষিক দেশবোৰৰ সাহিত্য অধ্যয়নৰ বাবে স্বাভাৱিকভাৱেই ভালেমান নতুন পথৰ সন্ধান দিব পাৰে। গতিকে, বিশ্বৰ তুলনামূলক সাহিত্য ক্ষেত্ৰত ভাৰতীয় সংহতি’ বা স্কুলৰো এক সুকীয়া মূল্য আছে।

৭। তুলনামূলক সাহিত্য অধ্যয়নৰ প্ৰধান পদ্ধতিসমূহ কি কি? সেই পদ্ধতিসমূহৰ বিষয়ে এটি সমীক্ষা আগবঢ়োৱা।

উত্তৰঃ ইন্দ্ৰনাথ চৌধুৰীয়ে তেওঁৰ তুলনাত্মক সাহিত্য কী ভূমিকা’ শীর্ষক গ্ৰন্থত তুলনামূলক সাহিত্য অধ্যয়নৰ কেইটামান পদ্ধতিৰ কথা উল্লেখ কৰিছে। সেই পদ্ধতিসমূহ হ’ল— 

(ক) সাদৃশ্য – সম্বন্ধাত্মক পদ্ধতি।

(খ) পৰম্পৰা অধ্যয়ন পদ্ধতি।

(গ) প্রভাৱ অধ্যয়ন পদ্ধতি। 

(ঘ) স্বীকৃতি অধ্যয়ন পদ্ধতি। 

(ঙ) সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতি। আৰু 

(চ) তুলনামুলক পদ্ধতি।

(ক) সাদৃশ্য – সম্বন্ধাত্মক পদ্ধতিঃ সাদৃশ্য সম্বন্ধাত্মক পদ্ধতিক মূলতঃ সাদৃশ্যমূলক অধ্যয়ন বুলিব পাৰি। এনেধৰণৰ পদ্ধতিত একেধৰণৰ ঐতিহাসিক বা সামাজিক পৰিৱেশৰ দুবিধ ভিন্ন সাহিত্যক একে পৃষ্ঠভূমিত লৈ বিচাৰ বিশ্লেষণ কৰা হয়। এনে পদ্ধতিৰে আমি একোটা নির্দিষ্ট পৰিস্থিতিৰ বা ঐতিহাসিক সময়ৰ বিভিন্ন সাহিত্যক একে মঞ্চতে আলোচনাৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু তাৰ মাজতেই প্রত্যেকবিধ সাহিত্যৰ স্বকীয় বৈশিষ্ট্যৰাজি তথা বিশ্বমুখী দৃষ্টিভংগী উলিয়াব পাৰোঁ। একে কাল বা পৰিস্থিতিৰ মাজতো কিয় বেলেগ বেলেগ সাহিত্যত বেলেগ বেলেগ বৈশিষ্ট্য কেতবোৰ প্ৰতিভাত হ’ল তাৰ আলোচনাত প্ৰবৃত্ত হোৱাৰ লগতে সামগ্রিকভাৱে তাৰ মাজত থকা সাদৃশ্য বা সমৰূপতাক বিশিষ্টভাৱে তুলি ধৰিব পাৰোঁ।

(খ) পৰম্পৰা অধ্যায়ন পদ্ধতিঃ পৰম্পৰা অধ্যয়ন পদ্ধতিও এক ধৰণৰ সাদৃশ্যমূলক অধ্যয়ন। ইয়াত বিভিন্ন পৰম্পৰাক মূল বিষয় হিচাপে গণ্য কৰা হয়। সাহিত্যৰ মাজত প্ৰতিফলিত বিভিন্ন সামাজিক, সাংস্কৃতিক, ধর্মীয় ইত্যাদি পৰম্পৰাবোৰৰ বিচাৰ – বিশ্লেষণেই ইয়াৰ ঘাই উদ্দেশ্য। এনে অধ্যয়নত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা দিশেই অতি ওচৰা -ওচৰিকৈ আলোচিত হ’ব পাৰে। এনে আলোচনাত যিকোনো পৰম্পৰা সাহিত্যত কেনেকৈ, কিমান সঠিকভাৱে বা বেঠিকভাৱে ব্যৱহাৰ হৈছে, কোন সাহিত্যত দেশীয় পৰম্পৰাৰ ওপৰত অইন ঠাইৰ পৰম্পৰ সংযোজিত হৈছে ইত্যাদি কথাবোৰ বিচাৰ কৰাৰ প্ৰয়াস কৰা হয়। ইয়াৰ লগতে এটা নির্দিষ্ট পৰম্পৰাৰ অনুৰণন কিমান দিনলৈকে কি কি ৰূপত চলিব লাগিছে তাৰো বিচাৰ – বিশ্লেষণ এনে পদ্ধতিৰ মাজেৰে আগুৱাই নিব পাৰি।

(গ) প্রভাৱ অধ্যয়ন পদ্ধতিঃ সাহিত্যত ক’ত, কাৰ প্ৰভাৱ পৰিছে, প্ৰভাৱক লোকজনে প্রভাৱিত লেখকজনক কেনেকৈ প্ৰভাৱিত কৰিছে, এই প্ৰভাৱৰ বিভিন্ন ৰূপ, মাত্ৰা আদিৰ অধ্যয়নেই হ’ল প্ৰভাৱ পদ্ধতিৰ ঘাই কথা। K. K. Ruthven ৰ এটা মন্তব্যৰ উল্লেখ কৰি ইন্দ্ৰনাথ চৌধুৰীয়ে দেখুৱাইছে যে অধ্যয়ন পদ্ধতিত দুটা ধাৰণাৰ প্ৰচলন আছে—

(১) এজন শক্তিশালী লেখকৰ ব্যক্তিত্বৰ জ্যোতিত প্ৰভাৱিত লেখকজনৰ অসহায় ম্লান পৰা অৱস্থা হয়। আৰু 

(২) কেতিয়াবা প্রভাৱকৰ শামিত প্ৰভাৱত প্রভাৱিত জনৰ প্ৰতিভা সাৰ পাই চকমকাই উঠে।

এনে প্রভাৱমূলক অধ্যয়নৰ প্ৰথম ধাৰাটোৰে গ’লে প্ৰভাৱিত লেখকসকল সদায়েই একোজন অপ্রধান লেখক হিচাপেই থাকি যায়। দ্বিতীয় ধাৰাটোৰে গ’লে অৱশ্যে এজন সাধাৰণ লেখকো প্রভাৱৰ মাজেৰেই আলোচনাৰ কেন্দ্ৰবিন্দুলৈ উঠি অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যি ধৰণেই নহওঁক প্ৰভাৱ শব্দটোৱেই লেখকজনৰ মৌলিকতাক সদায় যেন প্রশ্নমুখী কৰি ৰাখে। কিন্তু ভালদৰে চালে দেখা যায় যে প্ৰত্যেকটো সাহিত্য কৃতিৰেই নিৰ্মাণৰ পটভূমি আৰু কাৰণ সুকীয়া সুকীয়া আৰু প্ৰত্যেকৰে মাজত একোটাহঁত নিৰ্দিষ্ট অভিপ্ৰায় আৰু সাহিত্যিক প্রযত্ন বা সাহিত্যিকতা থাকে। প্রভাৱমূলক অধ্যয়নৰ মাজেৰে এনেবোৰ সম্পদৰ সঠিক বিচাৰ কৰিব পাৰিলে এনে অধ্যয়ন পদ্ধতি অমূলক বুলিব নোৱাৰি। বহুতে প্রভাৱক ‘অনুকৰণ’ বা ‘প্ৰেৰণা’ বুলি আখ্যায়িত কৰিলেই এই পদ্ধতি সম্পৰ্কত থকা বিৰোধৰ ওৰ পৰি ই গ্ৰহণযোগ্য হৈ উঠিব বুলি ভাবে। আমাৰ বোধেৰে শব্দৰ চোক বঢ়াই বা কমাই ইয়াৰ প্ৰাসংগিকতা প্রতিপন্ন কৰিব পৰা নাযাব । ইয়াৰ বাবে অধ্যয়নকাৰীৰ লক্ষ্য স্থিৰ হ’ব লাগিব যে তেওঁ এনে পদ্ধতিৰ দ্বাৰা অধ্যয়ন কৰিব বিচৰা দুটা ভিন্ন কৃতিৰ প্ৰত্যেকটোৰে সাহিত্যিক সম্পদবোৰ বিচাৰি উলিয়াব। এফালৰ পৰা চাবলৈ গ’লে প্রত্যেকটি সাহিত্য কৃতিয়েই হ’ল – একোটি নতুন আৰু স্বতন্ত্র নিৰ্মাণ। প্ৰভাৱ বা প্ৰেৰণা য’ৰ পৰা যেনেদৰে নপৰক তাৰ মাজত থকা এই নবীন, স্বতন্ত্র উপাদানবোৰ বিচাৰি উলিয়াব পাৰিলেই এনে অধ্যয়নৰ পৰা আমাৰ উপকাৰ সাধন হ’ব।

(ঘ) স্বীকৃতি অধ্যয়ন পদ্ধতিঃ স্বীকৃতি অধ্যয়ন পদ্ধতি প্ৰভাৱমূলক অধ্যয়নৰে এটা বিস্তাৰিত ৰূপ বুলিব পাৰি, পিছে এই পদ্ধতিয়ে আলোচনাক প্ৰভাৱক আৰু প্ৰভাৱিতৰ কৃতিৰ মাজতে আৱদ্ধ নাৰাখি তাৰ আনুসংগিক বহুবোৰ কথা সামৰি ল’ব যত্ন কৰে। এনে পদ্ধতিয়ে বহু পৰিমাণে ঐতিহাসিক অধ্যয়নৰ দায়িত্ব পালন কৰে। সমালোচকসকলে আলোচনা কৰা মতে যিকোনো এজন সাহ্যিতিকৰ সৃষ্টিয়ে আইন এখন ঠাইলৈ কেনেদৰে, কোন কোন বাটেৰে গতি কৰিলে আৰু সেই নতুন সাহিত্য ক্ষেত্ৰখনক কিমান দিশৰ পৰা কি কি ভাৱে প্রভাৱিত কৰিলে, তেওঁৰ সেই প্ৰভাৱৰ অনুকৰণ, অনুৰণন বিভিন্ন স্তৰৰ লেখক – পাঠকৰ মাজলৈ কেনেদৰে প্ৰসাৰিত হ’ল ইত্যাদি সকলোবোৰ কথা আলোচিত হ’ব পাৰে। অৰ্থাৎ এনে পদ্ধতিৰে যদি বাল্মীকিৰ লগত অসমীয়া সাহিত্যৰ এটি আলোচনা কৰোঁ তেনেহ’লে তাত মাধৱ কন্দলিকৃত ৰামায়ণৰ বিভিন্ন দিশত আলোচিত হোৱাৰ লগতে তৎপৰৱৰ্তী সময়ছোৱাত আধুনিক গল্প, কবিতালৈকে ক’ত ক’ত তেওঁৰ প্ৰভাৱৰ ছিটিকনি পৰিছে, কেনেভাৱে পৰিছে, সামগ্ৰিকভাৱে অসমীয়া সমাজত বাল্মীকিৰ স্থান কেনে ইত্যাদি সকলোবোৰ কথাকে এই আলোচনাৰ ভিতৰত সামৰিব পৰা যাব।

(ঙ) সম্বন্ধমূলক দ্বন্দ্বাত্মক পদ্ধতিঃ সাহিত্য আলোচনাৰ ক্ষেত্ৰত তুলনামূলক সাহিত্যই প্রয়োগ কৰা আন এক উল্লেখনীয় পদ্ধতি হ’ল – সম্বন্ধমূলক দ্বন্দ্বাত্মক অধ্যয়ন পদ্ধতি। এই পদ্ধতিৰ সাৰ কথা হ’ল জ্ঞানৰ অন্যান্য অনুশাসন বা বিভাগবোৰৰ সহায়ত সাহিত্যৰ বিচাৰ। বৰ্তমান সময়ত সাহিত্যৰ আলোচনা মানৱীয় অন্যান্য জ্ঞানসমূহৰ পৰা পৃথকভাৱে থাকিব নোৱাৰে। বৰং সময়ে এনে দাবীয়েই কৰে যে সাহিত্যৰ আলোচনাও মানৱকৃত অন্যান্য জ্ঞান শাখাসমূহৰ পোহৰত উদ্ভাসিত হৈ উঠক। তদুপৰি সাহিত্য যিহেতু মানৱ জীৱনৰ সামগ্ৰিকতাৰ এক প্রতিচ্ছবি গতিকে ই দর্শন, ইতিহাস, ধর্ম শাস্ত্র, সমাজবিজ্ঞান, মনোবিজ্ঞান, ৰাজনীতি তথা বিভিন্ন সুকুমাৰ কলাৰ অভিব্যক্তিৰে পৰিপূৰ্ণ। সেয়েহে এনেবোৰ জ্ঞান শাখাবোৰৰ লগত সম্পৰ্ক ৰক্ষা কৰাটো সাহিত্য আলোচনাৰ বাবে অপৰিহাৰ্য। পাৰস্পৰিক সম্বন্ধৰ এনে আলোচনাই সাহিত্য আলোচনাক অধিক গতিশীল, মনোগ্রাহী তথা তথ্য সমৃদ্ধ কৰি তোলে। ইন্দ্রনাথ চৌধুৰীয়ে দেখুওৱা মতে এই ধাৰাৰ তুলনামূলক আলোচনাত বিভিন্ন জ্ঞান শাখাৰ লগত ইয়াৰ সম্বন্ধৰ দিশটোকে অধিক গুৰুত্ব দিয়া হৈছে। দ্বন্দ্বাত্মক শব্দটোৰ কোনো ব্যাখ্যা তেখেতৰ স্পষ্ট হৈ উঠা নাই। তদুপৰি পাৰস্পৰিক সম্বন্ধৰ এনে আলোচনাক কিমান দূৰ দ্বন্দ্বাত্মক বুলিব পাৰি। সিও এক আলোচনাৰ বিষয়।

(চ) তুলনামূলক পদ্ধতিঃ চৌধুৰীয়ে দেখুওৱা অন্তিম পদ্ধতিটো হ’ল – তুলনামূলক পদ্ধতি। তুলনামূলক পদ্ধতিক ‘তুলনাত্মক সাহিত্য’ৰ এটা উল্লেখনীয় পদ্ধতি হিচাপে গণ্য কৰা হৈছে, অধিক কি এই পদ্ধতিয়েই হ’ল তুলনামূলক সাহিত্যৰ মূল পদ্ধতি। আমাৰ বোধেৰে তুলনামূলক সাহিত্যৰ ঘাই শিপাডাল এই তুলনামূলক পদ্ধতিৰ মাজতে নিহিত হৈ আছে। ওপৰত আলোচিত প্ৰতিটো পদ্ধতিৰ মাজতে এক তুলনাত্মক দৃষ্টিভংগী থাকিলেহে সি তুলনাত্মক সাহিত্যৰ মূল লক্ষ্যবস্তুক প্রতিপাদিত কৰিব পাৰিব। কাৰণ তুলনাৰ মূল কথাটোৱেই হ’ল এবিধ সাহিত্যৰ আলোচনাৰ প্ৰসংগত আন এবিধ সাহিত্যৰ বা আন এবিধ জ্ঞান শাখাৰ উপস্থিতিৰ ইংগিত স্পষ্ট কৰি তোলা। এতেকে তুলনামূলক সাহিত্যৰ প্ৰতিটো পদ্ধতিৰ মাজতেই তুলনামূলক দৃষ্টিভংগী থাকিবলৈ বাধ্য। তদুপৰি তুলনামূলক পদ্ধতি নিজে এনে এক পদ্ধতি যাৰ মাজত আকৌ এই প্ৰতিটো পদ্ধতিয়ে নির্দেশ কৰা নিৰ্দিষ্ট দিশসমূহ প্ৰতিফলিত হ’বলৈ বাধ্য। গতিকে ‘তুলনা পদ্ধতি’ তুলনামূলক সাহিত্য অধ্যয়নৰ এটি মূল পদ্ধতিয়েই নহয় ই তুলনামূলক সাহিত্য অধ্যয়নৰ পদ্ধতিসমূহৰ সামগ্রিক দৃষ্টিভংগীক প্ৰকট কৰি তোলাৰো এক মাধ্যম।

তুলনামূলক সাহিত্যৰ পদ্ধতিত যিদৰে কোনো নির্দিষ্টতা নাই, সেইদৰে ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰতো কোনো নির্দিষ্ট ক্ষেত্র, বিষয় বা ধাৰা আদিৰ কথা নাই। সাহিত্য আলোচকসকলে নিজৰ প্রয়োজনমতে অধ্যয়নৰ দৃষ্টিভংগীক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰে। তুলনামূলক সাহিত্যৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত নোহোৱাকৈয়ো লুকাছে মহাকাব্য আৰু উপন্যাসৰ বিকাশৰ বাবে প্ৰয়োজনীয় সমাজ দুখনৰ প্ৰেক্ষাপট বিচাৰ কৰিছে। তেওঁ দেখুৱাইছে যে— মহাকাব্যৰ আদৰ্শ এক ধৰণৰ সামাজিক আদৰ্শ তাত ব্যক্তি চেতনাৰ উন্মেষ ঘটা নাই। কিন্তু উপন্যাসৰ সমাজ বেলেগ। ই এখন ব্যক্তি চেতনাৰে সমৃদ্ধ সমাজ। সেয়েহে উপন্যাসৰ নায়ক ব্যক্তিগত লক্ষ্যলৈহে থিয় হয় যদিওবা শেষত তেওঁ এক বিশ্বজনীন ৰূপ ল’ব পাৰে। সাহিত্যৰো দুটা বেলেগ বেলেগ ৰূপক লৈ কৰা এনে আলোচনাই বিশেষ সাহিত্য ৰূপ দুটিৰ বৈশিষ্ট্যবোৰ তুলি ধৰাৰ লগতে তাৰ মাজেৰেই সমাজৰ বিভিন্ন স্তৰৰ ক্ৰিয়া – প্ৰতিক্ৰিয়াবোৰকো ফঁহিয়াই দেখুৱাইছে। সাহিত্যৰ প্ৰতিটো ৰূপৰে জন্মৰ বাবে একোটা নির্দিষ্ট সামাজিক বাতাবৰণৰ প্রয়োজন। এখন দেশৰ সমাজৰ এনে দিশবোৰৰ লগতে সেই দেশৰ সাহিত্যৰ বিকাশৰ বিভিন্ন দিশবোৰতো তুলনামূলক দৃষ্টিৰ পোহৰ পেলাব পাৰি।

৮। তুলনামূলক সাহিত্য কি? তুলনামূলক সাহিত্যৰ স্বৰূপ সম্পর্কে লিখা। 

উত্তৰঃ তুলনামূক সাহিত্য শব্দটি ইংৰাজী ‘Comparative Literature’ ৰ সমাৰ্থক হিচাপে গ্ৰহণ কৰা হৈছে। তুলনামূলক সাহিত্য প্ৰকৃততে সাহিত্য বিচাৰৰ এক পদ্ধতি। এই পদ্ধতিৰে

সাহিত্যক বিচাৰ কৰিলে সেই সাহিত্যৰ বিষয়ে স্পষ্ট ধাৰণা একোটাৰ সৃষ্টি হয়। তুলনাৰ দ্বাৰা কোনো বিষয় সম্পর্কে স্পষ্ট ধাৰণা পাব পাৰি।

তুলনামূলক সাহিত্য কোনো সৃষ্টিশীল সাহিত্যৰ বিভাগ নহয়। এটা ভাষা বা জাতিৰ সাহিত্যৰ লগত আন এটা জাতিৰ সাহিত্য বা ভাষাৰ তুলনাৰ দ্বাৰা সিহঁতৰ মাজত থকা সাদৃশ্য আৰু ভিন্নতাবোৰ বিচাৰি উলিয়াব পাৰি। তুলনামূলক সাহিত্যত দুয়োটা তুলনীয় বিষয়ৰ মাজত থকা বস্তু সম্ভাৰৰ পৰ্যবেক্ষণ কৰি উমৈহতীয়া প্ৰমূল্যৰ সন্ধান কৰা হয়। যদি তুলনীয় বিষয়ব সাহিত্য কৰ্মৰ মাজত গুণগত বৈশিষ্ট্যৰ ক্ষেত্ৰত সাদৃশ্য বৈসাদৃশ্য থাকে তেতিয়া এনে সাহিত্য বিচাৰৰ পৰিসৰ বৃদ্ধি পায় আৰু সাহিত্য কৰ্মৰ লগত জড়িত সকলো বিষয়ৰে এটি সম্যক ধাৰণা ওপজে। ফলত পাঠকে এক বৃহত্তৰ পটভূমিৰ পৰিপ্ৰেক্ষিতত সাহিত্যৰ বিচাৰ কৰি চাবলৈ সুযোগ পায় । এনে দৃষ্টিভংগীৰ ফলতে তুলনামূলক সাহিত্য নামেৰে এটি নতুন আলোচনা পদ্ধতি গঢ়ি উঠিছে। সাহিত্যানুৰাগী ব্যক্তিসকলে কেৱল সাহিত্যৰ ৰস পান কৰিয়েই ক্ষান্ত নাথাকে, তাক নিজস্ব দৃষ্টিভংগীৰে বিচাৰ কৰি চাবলৈ প্ৰয়াস কৰে আৰু এই প্ৰয়াসৰ ফলস্বৰূপতে সৃষ্টি হয় তুলনামূলক সাহিত্যৰ ।

মানুহৰ সৃজনী শক্তিৰ সাৰ্বজনীন অভিব্যক্তি হ’ল – সাহিত্য। বর্তমান সময়ত বিশ্বায়নৰ প্ৰভাৱত সাহিত্যৰ বিশাল ক্ষেত্ৰখনতো প্রভূত পৰিৱৰ্তন আহিছে। ফলত তুলনামূলক সাহিত্যৰ অধ্যয়ন পদ্ধতিয়ে বিদ্যায়তনিক ক্ষেত্ৰত বিশেষ গুৰুত্ব লাভ কৰাৰ লগতে সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰতো ই এটা বিশেষ ধাৰা ৰূপে স্বীকৃত হৈছে। বিভিন্ন জাতি – জনজাতিৰ সমন্বয়ত বৃহত্তৰ মানৱ সমাজ গঠিত আৰু সেইবোৰৰ মাজত যিদৰে এক সাধাৰণ ঐক্যসূত্ৰ বিৰাজমান, সেইদৰে বিভিন্ন দেশৰ সাহিত্যৰ মাজতো এক সাধাৰণ ঐক্যসূত্ৰ বিৰাজমান আৰু সাহিত্যৰ তুলনামূলক অধ্যয়নে সেই ঐক্য সম্বন্ধে অৱগত হোৱাত সহায় কৰে।

গতিকে ক’ব পৰা যায় যে, নিজৰ ভাষাৰ সাহিত্যৰ স্বকীয় বৈশিষ্ট্য উপলব্ধি কৰিবলৈ হ’লে তাক অন্যান্য সাহিত্যৰ লগত ৰিজাই চোৱাতো নিতান্তই প্ৰয়োজন। ইয়াৰ ফলত সাহিত্য সম্বন্ধে থকা উৎকট স্বদেশীকতা হ্রাস পায় আৰু উদাৰ দৃষ্টিভংগীৰ বিকাশ সহজ হৈ সাহিত্যই সার্বজনীনতা লাভ কৰে।

৯। তুলনামূলক সাহিত্যই স্বতন্ত্র বিষয় হিচাপে কেনেদৰে প্ৰতিষ্ঠা লাভ কৰে আলোচনা কৰা।

নাইবা

স্বতন্ত্র বিদ্যায়তনিক বিষয় হিচাপে তুলনামূলক সাহিত্যৰ বৈশিষ্ট্যসমূহৰ বিষয়ে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ ষষ্ঠদশ শতিকাত গজালি মেলা তুলনামূলক সাহিত্যই ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণি কালত এক স্বতন্ত্র বিদ্যায়তনিক বিষয় হিচাপে প্ৰতিষ্ঠা লাভ কৰে। বিদ্যায়তনিক বিষয়ে হিচাপে তুলনামূলক সাহিত্যই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্ৰমত স্থান লাভ কৰে, বিশেষকৈ পাশ্চাত্য দেশসমূহত এই বিষয়টোৱে বিশেষভাৱে প্রতিষ্ঠা লাভ কৰে ।

পৃথিৱীৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কাৰনেল বিশ্ববিদ্যালয়ত বিগত শতিকাৰ তৃতীয় দশকত তুলনামূলক সাহিত্যৰ বিভাগ প্ৰতিষ্ঠাৰ লগে লগে ই স্বতন্ত্র বিষয় হিচাপে দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ পৰে। বিদ্যালয়তনিক দিশত ইয়াৰ গুৰুত্ব পৃথিৱীৰ বিভিন্ন ঠাইত বৃদ্ধি পাবলৈ ধৰে লগতে বিশ্বৰ ১০০ খনৰো অধিক বিশ্ববিদ্যালয়ত তুলনামূলক সাহিত্যৰ সম্পূৰ্ণ বিভাগ অথবা সাহিত্যৰ কোনো বিভাগৰ লগত আংশিকভাৱে হ’লেও অন্তর্ভুক্তি ঘটিছে।

স্বতন্ত্র বিদ্যায়তনিক বিষয় হিচাপে সমৃদ্ধি লাভ কৰা তুলনামূলক সাহিত্যৰ কিছুমান বৈশিষ্ট্য এনেদৰে উল্লেখ কৰিব পাৰি –

(ক) তুলনামূলক আলোচনা পদ্ধতি তুলনামূলক সাহিত্যৰ মূল পদ্ধতি। কোনো এক সাহিত্যৰ লগত অন্য সাহিত্যৰ তথা সংগীতাদি সুকুমাৰ কলা আৰু ৰাজনীতি, মনোবিজ্ঞান আদি সমাজ বিজ্ঞানৰ বিভিন্ন শাখাসমূহৰ লগত সম্পৰ্ক জড়িতভাৱে সম্পর্ক বিশ্লেষণৰ মাধ্যমেৰে তুলনামূলক সাহিত্যই অধ্যয়ন আগবঢ়ায়। সাহিত্য অধ্যয়নৰ অন্য বিভিন্ন পদ্ধতিসমূহ – ব্যাখ্যামূলক, বর্ণনামূলক, পৰিচয়মূলক, বিশ্লেষণমূলক, মূল্যাংকনমূলক আদি সকলো পদ্ধতিৰ লগতে প্রয়োজন সাপেক্ষে নিজা পদ্ধতিৰ প্ৰয়োগ কৰে।

(খ) সাহিত্যৰ জৰিয়তে মানুহে সার্বজনীন ভাব -অনুভূতি প্রকাশ কৰে। তুলনামূলক সাহিত্যই এনে সার্বজনীন মানবীয় অনুভূতি তথা সৰ্বকালীন সত্যৰ উদ্‌ঘাটন কৰিব বিচাৰে।

(গ) তুলনামূলক সাহিত্যৰ মূল স্বৰূপ তিনিটা প্ৰধান দিশত আলোচনা কৰিব পাৰি— 

(১) তুলনামূলক সাহিত্যই পৃথিৱীৰ সমস্ত সাহিত্যকে এক অথবা ‘একক সাহিত্য’ বুলি ধাৰণা কৰি লয়।

(২) একক সাহিত্য হিচাপে ধাৰণা কৰি লোৱা বিভিন্ন সাহিত্যসমূহৰ অধ্যয়ন সহজ আৰু সুগম কৰি তুলিবৰ বাবে সকলো সাহিত্যৰে কাৰণে গ্ৰহণযোগ্য হোৱাকৈ ‘সার্বজনীন সাহিত্য শাস্ত্ৰ’ ৰচনাৰ পোষকতা কৰে।

(৩) এবিধ সাহিত্যৰ লগত অন্য সাহিত্য তথা সাহিত্য ভিন্ন বিষয় জড়িত কৰি সাহিত্যৰ অধ্যয়নক অধিক বিস্তৃতি দিবলৈ বিচৰা কথাটোও তুলনামূলক সাহিত্যৰ অন্যতম। বৈশিষ্ট্য।

ওপৰোক্ত বৈশিষ্ট্যসমূহেৰে বিগত শতিকাৰ আৰম্ভণি কালত ভাৰতবৰ্ষতো নতুন বিদ্যায়তনিক অনুশাসন হিচাপে তুলনামূলক সাহিত্য সম্পর্কীয় চিন্তা – চৰ্চাৰ দুৱাৰ মুকলি হয়। ১৯০৭ চনত ভাৰতীয় সাহিত্য পৰিষদে গুৰুদেৱ ৰবীন্দ্ৰ ঠাকুৰৰ দ্বাৰা ‘Comparative Literature’ শীর্ষক ভাষণ প্ৰদান কৰোৱাইছিল। অৱশ্যে কবিগুৰুৱে তেওঁৰ ভাষণত বিশ্বসাহিত্য পদটোহে ব্যৱহাৰ কৰিছিল। ১৯৫৬ চনত কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত বাংলা সাহিত্যৰ বিদ্বান বুদ্ধদেৱ বসুৰ প্ৰচেষ্টাত ভাৰতবৰ্ষত পোনপ্রথম তুলনামূলক সাহিত্যৰ পাঠ্যক্ৰম খোলা হয়। অসমত ১৯৯২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত তুলনামূলক সাহিত্য অন্তর্ভুক্ত হয়।

এইদৰে ‘তুলনামূলক সাহিত্য’ নাম লাভ কৰা সাহিত্য বিচাৰৰ এই পদ্ধতিটোৱে এটা সুকীয়া বিদ্যায়তনিক অনুশাসন হিচাপে বিশ্বৰ বিভিন্ন দেশত দৃঢ়ভাৱে খোপনি পুতিবলৈ সক্ষম হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top