টেলিভিচন ৰচনা | Television Essay in Assamese

টেলিভিচন ৰচনা | Television Essay in Assamese

Join Telegram channel

স্ৰষ্টাৰ অনন্ত সৃষ্টিৰ গৃঢ়তম ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে মানুহৰ প্রচেষ্টা অসীম। এই অসীম প্রচেষ্টাৰ লগত বিজড়িত অক্ষয় সংগ্রাম। কবিয়ে কৈছে “সৃষ্টিৰ দিনাৰেপৰা নিয়তিৰ স’তে হেৰা, মানুহৰ সংগ্রাম অক্ষয়।” আৰু তাৰ ফলশ্রুতি- “কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা মূক পৰাভৱ।” কিন্তু সংগ্রামী মানুহৰ মনে পৰাভৱ হ’লেও নতি স্বীকাৰ নকৰে কোনােদিনই। সেইবাবেই বিজ্ঞানৰ জয়-জয়কাৰ প্রতিধ্বনিত হৈছে বিশ্বৰ বুকুত নৱ নৱ গতিৰে। টেলিভিচন তাৰেই এক আশ্চর্যতম সাক্ষ্য। অনাতাঁৰ আৰু চলচ্চিত্ৰৰ আশ্চর্য যােগফল এই টেলিভিচন।

টেলিভিচন ৰচনা

টেলিভিচন আৱিষ্কাৰৰ কার্যক্রমণিকা

মহাভাৰতত বর্ণিত সঞ্জয়ৰ দূৰদৃষ্টি, বৰ্তমানৰ টেলিভিচনৰে নামান্তৰ। সঞ্জয়ে দূৰদৃষ্টিৰ সহায়ত কুৰুক্ষেত্র যুদ্ধৰ বিৱৰণী অন্ধৰাজ ধৃতৰাষ্ট্ৰক মুহূর্তে মুহূর্তে জনাই আছিল। ইকবিৰ কল্পনা-বিলাস নহয় নিশ্চয়। পৌৰাণিক সাহিত্যত বর্ণিত কাহিনীবােৰ বৰ্তমানৰ অনুসন্ধিৎসু মনৰ প্ৰেৰণাৰ উৎস। মানুহৰ আকাশলংক্ষী আকাংক্ষাই, অনুসন্ধিৎসু মনে সুদূৰক হাতৰ মুঠিত পাবলৈ প্ৰকৃতিৰ অদৃশ্য, অপৰিসীম শক্তিক মানুহৰ দৈনন্দিন জীৱনৰ প্ৰতি পদক্ষেপতে প্রয়ােগ কৰিবলৈ অবিৰাম প্রচেষ্টা চলাই আহিছে। তাৰ ফলতে টেলিগ্রাফ আৰু টেলিফোনৰ আৱিষ্কাৰ হয় আৰু আজি বিশ্বই বিস্ময়বিমুগ্ধ চিত্তেৰে তাৰ প্রভূত উপকাৰ উপভােগ কৰিছে। ইয়াৰ পাছত মেঘৰ বুকুৰ বিজুলীৰ চমকনি দেখি মানুহৰ উৰৰ মস্তিষ্কত প্রতিভাত হ’ল বিদ্যুৎশক্তিৰ উৎস।

বিদ্যুতৰ আৱিষ্কাৰৰ লগে লগে মহাকাশৰ বুকুত ইথাৰৰ স্থিতিৰ সন্ধান পালে মানুহে। তাৰ পাছতে ইলেক্ট্রনৰ মহাশক্তিৰ গােপন ৰহস্যও উদঘাটন হ’ল; আৰু এই সকলাে শক্তিৰে শক্তিমন্ত হৈ মানুহে সুদূৰৰ মধুৰ কণ্ঠস্বৰ ঘৰতে বহি শুনিবলৈ প্রবল প্রয়াস কৰিলে। শেষত আৱিষ্কৃত হ’ল অনাৰ্তাৰৰ। অনার্তাৰে বিশ্বৰ লক্ষ-কোটি মানুহক বিভিন্ন প্রান্তৰৰ উৰৰ বাতৰি ডাৰে জনােৱাৰ লগতে সুমধুৰ সংগীতৰ মধুৰ মাধুৰীৰে প্ৰাণত হর্ষোল্লাসৰ সৃষ্টি কৰি মানস-কুঞ্জত প্রশান্তিৰ অমৃত নিসন্দিনী আবীৰ ঢালি দিছে। মানুহৰ কল্পনা-পিয়াসী মনে এইবাৰ বিচাৰিলে মানুহৰ সকলোেবােৰ কার্য-ক্রমণিকাক প্রত্যক্ষভাৱে দৰ্শন কৰিবলৈ। ফলত সৃষ্টি হ’ল চলচ্চিত্ৰৰ। অনাতাঁৰ আৰু চলচ্চিত্ৰৰ আৱিষ্কাৰে মানুহৰ কল্পনাক আৰু এখােপ উধাই লৈ গ’ল। মানুহৰ কণ্ঠস্বৰৰ লগে লগে, পৰিৱেশনকাৰীকো দর্শন কৰাৰ আগ্রহ বাঢ়ি আহিল। বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ পাছত আৱিষ্কাৰ হ’ল টেলিভিচন- যাৰ সহায়ত আজিৰ বিশ্বই বিভিন্ন বিষয়ৰ পৰিৱেশনাৰ লগতে পৰিৱেশনকাৰী সকলকে ঘৰৰ চাৰিবেৰৰ মাজতে দেখাৰ পৰম সৌভাগ্য লাভ কৰিলে। ১৯২৬ চনত ইংলণ্ডৰ জন এল. বেয়ার্ডে টেলিভিচন আৱিষ্কাৰ কৰি বিশ্বক চমৎকৃত কৰি তােলে। আজি বিশ্ববাসী বেয়ার্ডৰ ওচৰত চিৰকৃতজ্ঞ।

Read Also: কুইজ প্রতিযােগিতা ৰচনা | Quiz Competition Essay in Assamese

টেলিভিচনৰ কলা-কৌশল

টেলিভিচন অনাতাঁৰ আৰু চলচ্চিত্ৰৰ মধুৰ সমন্বয়। অতিশয় উচ্চ শক্তিসম্পন্ন টেন্সমিটাৰৰ সহায়ত পৃথিৱীৰ কোনাে শব্দ মহাশূন্যৰ বুকুৰ ইথাৰ-সমুদ্রলৈ প্ৰেৰণ কৰা হয়। লগে লগে সেই একেই উচ্চ শক্তিসম্পন্ন কেমেৰাৰ সহায়ত অতি দ্রুতগতিত গৃহীত অসংখ্য আলােকচিত্রও ইথাৰ সমুদ্রলৈ প্ৰেৰণ কৰা হয়। আলােকচিত্ৰবােৰ বিশেষ এক প্ৰকাৰৰ গ্ৰাহক-যন্ত্ৰৰ দাপােণত প্রতিফলিত হয়; তদুপৰি তাৰ লগতে গ্ৰহণ কৰা শব্দসম্ভাৰৰ সম্প্ৰসাৰিত হয়। তাৰ ফলত দূৰ-দূৰণিত গৃহীত আৰু প্ৰেৰিত চিত্ৰ আৰু শব্দসম্ভাৰ মুহুর্ততে গ্রাহক-যন্ত্ৰত দৃশ্যমান হয় আৰু সৰৱ হৈ উঠে। এয়ে টেলিভিচনৰ কৌশল।

টেলিভিচনৰ কার্যকাৰিতা আৰু ব্যৱহাৰ

টেলিভিচনে সুদূৰ কাষতে প্রত্যক্ষ আৰু শব্দ-মুখৰ কৰি দেখুৱায়। বিশ্বৰ সুদূৰ প্ৰান্তৰৰ বা বাতৰি, ঘটনা-প্ৰৱাহ আদি নিমিষতে অন্য প্রান্ত প্রত্যক্ষ আৰু জীৱন্তৰূপত পৰিৱেশন কৰিব পাৰি। আধুনিক জগতত ধনী ৰাষ্ট্ৰবােৰৰ বাবে ই আমােদ-প্রমােদ আৰু অৱসৰ বিনােদনৰ মূল্যৱান সামগ্রী হিচাপে ব্যৱহৃত হৈছে।

মহাকাশ অভিযানত টেলিভিচনৰ ভূমিকা অনন্য সাধাৰণ। মহাকাশ অভিযানত মহাকাশযানৰ ভিতৰত অভিযাত্রীসকলৰ কার্যক্রমণিকাৰ চিত্ৰ আৰু বাণীবােৰ প্রতি মুহূর্তে পৃথিৱীলৈ প্ৰেৰণ কৰি মানুহৰ উদ্বেগ উপশমত ই প্রভূত সহায় কৰিছে। ১৯৬৯ চনত আমেৰিকাৰ চন্দ্রলােক বিজয়ত টেলিভিচনে চন্দ্র-অভিযাত্ৰীসকলৰ সাফল্যৰ প্ৰতিটো মুহূর্ত বিশ্ববাসীৰ দৃষ্টিগােচৰ কৰি তুলি, চন্দ্ৰৰ বিষয়ে জানিবৰ কাৰণে থকা মানুহৰ প্রবল উৎকণ্ঠাৰ উপশম ঘটাইছিল তদুপৰি মহাকাশ গৱেষণাৰ সুবিধাৰ কাৰণে অভিযাত্রীসকলে চন্দ্র-পৃষ্ঠত এটি শক্তিশালী, টেলিভিচন প্রেৰকযন্ত্র স্থাপন কৰি আহে। মহাকাশৰ ৰহস্য উদঘাটনত টেলিভিচনে মানুহক যথেষ্ট সহায় কৰাৰ উপৰি শিক্ষা-প্ৰসাৰতাে যথেষ্ট সহায়ক হ’ব বুলি আশা কৰিব পাৰি।

ভাৰতৰ টেলিভিচন

১৯৫৯ চনৰ ১৫ ছেপ্তেম্বৰত ভাৰতে টেলিভিচন যুগত ভৰি দিয়ে। সেইদিনা নতুন দিল্লীত টেলিভিচন কেন্দ্র মুকলি কৰা হয়। আকাশবাণীৰ টেলিভিচন সেৱা বিভাগে ইয়াক পৰিচলনা কৰে। নতুন দিল্লীত প্রায় আঢ়ৈশটা টেলি-ক্লাব স্থাপিত হয়। প্রথম পর্যায়ত ইয়াৰ কার্যকাৰিতা টেলি-ক্লাববিলাকতে সীমাবদ্ধ আছিল। ১৯৬৫ চনৰ ১৫ আগষ্টৰপৰা ইয়াৰ কাৰ্যসূচী প্রাত্যহিক অনুষ্ঠানসূচীলৈ ৰূপান্তৰ কৰা হয়। হিন্দী আৰু ইংৰাজীত সংবাদ, সংবাদ-সমীক্ষা, লােকগীত, লােক-নৃত্য, কোনাে বিষয় আলােচনা, সাহিত্য চ’ৰা, দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ সমস্যা আৰু ঘটনা সম্পর্কে প্রামাণিত তথ্যপূর্ণ চিত্র প্রদর্শনী আৰু শিক্ষা প্রসাৰ সম্পৰ্কীয় বিষয়সমূহ ইয়াৰ কাৰ্যসূচীৰ অন্তৰ্গত কৰা হৈছে।

ভাৰতৰ বিভিন্ন নগৰত পর্যায়ক্রমে টেলিভিচন কেন্দ্র স্থাপিত হৈছে। ১৯৭২ চনৰ ২ অক্টোবৰত মুম্বাইত, ১৯৭৩ চনৰ ২৬ জানুৱাৰীত শ্রীনগৰত, ২৯ ছেপ্তেম্বৰত অমৃতস্ত, ২ অক্টোবৰত পূণেত, ১৯৭৫ চনৰ ৯ আগষ্টত কাতা, ২৫ আগষ্টত চেন্নাইত টেলিভিচন কেন্দ্র স্থাপিত হৈছে। বর্তমান ভাৰতবৰ্ষত বৃহৎ মহানগৰবােৰৰ উপৰি বহুতাে ডাঙৰ চহৰত আঞ্চলিক দূৰদৰ্শন কেন্দ্র প্রতিষ্ঠা হৈছে। তদুপৰি ছেটেলাইট যােগে সম্প্রচাৰিত বহু চেনেলৰ যােগে ভিন্নৰুচিৰ অনুষ্ঠান উপভােগ কৰিব পৰাৰ সুবিধা হৈছে।

দূৰদৰ্শন গ্রাহক-যন্ত্র নির্মাণৰ কাৰণে ৰাজস্থানৰ পিলালিত এটি কাৰখানা স্থাপন কৰা হৈছে, পিলানিৰ কেন্দ্ৰীয় বৈদ্যুতিক গৱেষণা প্রতিষ্ঠানৰ যােগে এই কাৰখানাই প্রতি বছৰে ১০০০ গ্রাহক যন্ত্র উৎপাদন কৰাৰ আচনি লৈছে। ইতিমধ্যে ৪৩ চেন্টিমিটাৰ আকাৰৰ গ্ৰাহক-যন্ত্ৰৰ নমুনা তৈয়াৰ কৰি পৰীক্ষামূলকভাৱে প্ৰদৰ্শন কৰা হৈছে। তদুপৰি কেইবাটাও বেচৰকাৰী খণ্ডৰ উদ্যোগ প্রতিষ্ঠান টেলিভিচন গ্রাহক-যন্ত্র নির্মাণৰ অনুমতিপত্র দিয়া হৈছে।

Read Also: Class 11 Logic And Philosophy Question Answer

সামৰণি

টেলিভিচনৰ আৱিষ্কাৰে মানুহৰ স্বপ্নৰাজ্যক বাস্তৱত ৰূপায়িত কৰি বিশ্বৰ দূৰ-দূৰান্তৰৰ নিবিড় প্রান্তসমূহৰ লগতাে সংযােগ ঘটাই বিশাল পৃথিৱীখন নিচেই সংকুচিত কৰি পেলাইছে। আজিৰ বিশ্বই আঙুলি বুলাই পৃথিৱীখন চকুৰ আগত দাঙি ধৰিছে। কিন্তু সর্বসাধাৰণৰ উন্নতিয়েইহে দেশৰ উন্নতি। টেলিভিচনে চহৰবাসীৰ মনােৰঞ্জনৰ আৰু জ্ঞান-আহৰণৰ ব্যৱস্থা কৰিছে যদিও গাঁও-উই কাৰণে ই এতিয়াও দুৰ-দিগন্তৰ স্বপ্ন হৈ আছে। সম্প্রতি অসমত এটি কেন্দ্র প্রতিষ্ঠা হৈছে। ইয়াৰ মূল্য ৰাইজৰ ক্রয় ক্ষমতাৰ পর্যায়লৈ এদিন আহিব নিশ্চয় আৰু সেইদিনা ভাৰতৰ সাত লাখ গাঁৱৰ প্ৰতিখনতে টেলিভিচনে পদার্পণ কৰি গাঁওবাসীৰ মাজত মনােৰঞ্জন আৰু শিক্ষা প্রসাৰৰ ব্যৱস্থা কৰিব। সেই দিনটো যেন সােনকালে আহক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top