কুইজ প্রতিযােগিতা ৰচনা | Quiz Competition Essay in Assamese

কুইজ প্রতিযােগিতা ৰচনা | Quiz Competition Essay in Assamese

Join Telegram channel

প্রতিযােগিতাই জীৱন; সমগ্র বিশ্বই প্রতিযােগিতাময়। প্রতিযােগিতাত যিয়েই বিজয়ী হৈছে, সিয়েই বিশ্ব দৰবাৰত যােগ্য আসন লাভ কৰি, প্রতিষ্ঠা লাভ কৰিছে। “যােগ্য ভােগ্য বসুন্ধৰা” -কথাষাৰতে নিহিত আছে এই যােগ্যতাৰ তাৎপর্য। এই যােগ্যতা শাৰীৰিক আৰু মানসিক দুই ধৰণৰ হ’ব পাৰে। দুর্বল মানুহে মানসিক যােগ্যতাৰে প্ৰকৃতিৰ সকলাে প্রত্যাহানকে পৰাজয় কৰি নিজৰ শ্ৰেষ্ঠতা প্রতিপন্ন কৰিছে। আকৌ সহজাত প্রবৃত্তিৰে লাভ কৰা তীক্ষ্ণ মেধা শক্তি আৰু অনান্য সাধারণ প্রতিভাৰ বলত প্রতিযােগিতাত জয়লাভ কৰি একোজন ব্যক্তিয়ে নিজকে আন মানুহতকৈ শ্রেষ্ঠ প্রতিপন্ন কৰিবলৈকো সমৰ্থ হৈছে। এনে প্রতিযােগিতা অলেখ অপাৰ। বর্তমান সময়ত অতি জনপ্রিয় হৈ পৰা কুইজ প্রতিযােগিতাও সেইবােৰৰ ভিতৰৰে এটা।

কুইজ প্রতিযােগিতা ৰচনা

কুইজৰ অর্থ

অভিধান মতে কুইজৰ অর্থ- (১) সাথৰ, (২) একা-চেকা বিধৰ মানুহ। পদটো ক্রিয়াপদৰূপে ব্যৱহাৰ হ’লে অর্থ হয়- পেপুৱা কৰা বা প্রশ্নৰ ছলেৰে খেনি কৰা। গতিকে কুইজ শব্দই এটা সময়ত কোনাে ব্যক্তিক নানা তৰহৰ প্রশ্ন সুধি লঘু কৰা বা ব্যতিব্যস্ত কৰি তােলা নাইবা পৰিহাস সৃষ্টি কৰাকে বুজাইছিল। কিন্তু বর্তমান সময়ত বাতৰি কাকত, অনাতাঁৰ, দূৰদৰ্শন আদি গণ-মাধ্যমৰ যােগেদি বহুলভাৱে প্ৰচাৰ হােৱাৰ ফলত কুইজ এতিয়া অতি গুৰুত্বপূর্ণ প্রতিযােগিতাত পৰিণত হৈছে। এই কুইজত সুতীক্ষ স্মৃতিশক্তি দ্রুত প্রক্রিয়াৰেই প্রদর্শন হয়। বিশ্বৰ বিভিন্ন স্থান আৰু পৰিৱেশৰ বিভিন্ন সমাজৰ, ব্যক্তিৰ, ঐতিহাসিক আৰু সামাজিক ঘটনাৰ আৰু কার্যক্রমণিকাৰ বিশাল ক্ষেত্ৰত প্ৰতিটো লেখা যাবেই নখ-দর্পণত মূৰ্তৰূপে বিদ্যমান, তেৱেঁই কুইজ প্রতিযােগিতাৰ অবিসম্বাদী প্রতিযােগীৰূপে অভিলেখ সৃষ্টি কৰিবলৈ সমর্থ হয়।

Read Also: জীৱন – চৰিত পাঠ ৰচনা | Life – Character Lessons Essay in Assamese

কুইজৰ শ্রেণী বিভাগ আৰু পৰিসৰ

ক্ৰছৱৰ্ড বা শব্দ শৃংখল, শব্দ-গঠন, শব্দ বাছনি, প্রশ্নোত্তৰ আদি বিভিন্ন প্ৰকাৰৰ কুইজ হ’ব পাৰে। প্রথম তিনিবিধ কুইজ সাধাৰণতে বাতৰি কাকত, আলােচনী আদিৰ যােগেদি পৰিচালিত হয়। এইবােৰ কুইজৰ উত্তৰৰ বাবে চিন্তা কৰিবলৈ বা শব্দার্থৰ পুথি, অভিধান আদি আলােচনা কৰিবলৈকো সময় বা সুবিধা পােৱা যায়। সেইবাবে প্রকৃতপক্ষে এনে ধৰণৰ কুইজ প্রতিযােগিতাৰ লেখত ধৰিব নােৱাৰি। হলেও তাতাে এক প্ৰকাৰৰ পক্ষে প্রতিযােগিতা নিহিত থাকে। যােগদানকাৰীসকলে এফালে নিজ জ্ঞান আৰু বুদ্ধিমত্তাক জুখি চাবলৈ সুযােগ পায়; অধ্যয়নৰ অভ্যাস সক্রিয় হৈ থাকে; আনফালে, অৱসৰ বিনােদনৰ বিচিত্র বৌদ্ধিক আহিলা লাভ কৰে।

বর্তমান জগতত কুইজৰ জনপ্রিয়তা বহুগুণে বৃদ্ধি পাইছে। অনাতাঁৰ অভিযােজনাৰ যােগেদি অনুষ্ঠিত কুইজ প্রতিযােগিতাই শ্ৰোতাসকলৰ জ্ঞানৰ পৰিসৰ ব্যাপক কৰি তােলাত সহায় কৰিছে আত্মবিনােদনৰ সমলাে যােগাইছে। কিন্তু আটাইতকৈ বেছি জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে দূৰদৰ্শনৰ যােগেদি অনুষ্ঠিত কুইজ প্রতিযােগিতাই। ইয়াৰ জনপ্ৰিয়তাৰ কাৰণ বহুতাে; প্রথম কথা- ইয়াৰ প্ৰতিযােগীসকলক মত দেখা যায়। দ্বিতীয় কথা-মঞ্চত তেওঁলােকৰ আচৰণ আৰু ভূমিকা নিজৰ চকুৰে দেখি, তেওঁলােকৰ প্ৰতিভা আৰু মেধাৰ উমান পােৱা যায়। তৃতীয় কথা- দৰ্শকৰ লগত প্রতিযােগীসকলৰ পৰােক্ষ পৰিচয় ঘটে। চতুর্থ কথা-প্রশ্ন নিক্ষেপ আৰু উত্তৰ প্ৰদানৰ আলমত এক মধুৰ নাটকীয় পৰিৱেশৰ সৃষ্টি হয় আৰু সিয়ে দর্শকসকলক এক বিমল আনন্দ প্রদান কৰে। পঞ্চম কথা-দৰ্শৰ্কৰ নৰো কিছু বৃদ্ধি হয়।

আর্জিকালি দূৰদৰ্শনকাৰ্যসূচীৰ যােগেদি প্ৰচাৰ কৰা কুইজ প্রতিযােগিতাৰ পৰিসৰৰা অনেক গুণে বৃদ্ধি পাইছে। 

1. কোনাে বিখ্যাত ব্যক্তিৰ প্ৰতিচ্ছবি দাঙি ধৰি বা ব্যক্তিজনক সন্মুখত উপস্থিত কৰাই ব্যক্তিজনৰ সম্পৰ্কত নানা প্রশ্নৰ উত্তৰ বিচৰা হয়। 

2. একোটা গীত্ৰ কলি ৰেকৰ্ডত বজাই, শুনাই, গায়ক, গীতিকাৰ, সুৰকাৰ আদিৰ পৰিচয় দিবলৈ কোৱা হয়। 

3. কথাছবিৰ একোটা দৃশ্যৰ অংশ সন্মুখত দাঙি ধৰি, ছবিখনৰ পৰিচয়, ঘটনা প্রবাহ, ভূমিকাত অৱতীৰ্ণ অভিনেতা, অভিনেত্রী, পৰিচালক, প্রযােজক, সংগীতশিল্পী আদিৰ পৰিচয় বিচৰা হয়। এনেকুৱা বিভিন্ন প্রকাৰৰ সংযােজনৰ সহায়ত এক বিনন্দীয়া বিচিত্ৰতাৰ সৃষ্টি কৰি কুইজ প্রতিযােগিতাৰ পৰিৱেশটোকে ব্যঞ্জনাময় কৰি তােলা হৈছে। সেয়েহেই অতি আকর্ষণীয়ও হৈ পৰিছে।

Read Also: Class 11 Logic And Philosophy Question Answer

কুইজৰ প্রতিদ্বন্দ্বিতা

কুইজত দুই ধৰণৰ প্রতিদ্বন্দ্বিতা হ’ব পাৰে-

1. এজনীয় গােটৰ । আৰু 

2. দলীয় গােটৰ। 

এজনীয়া গােটৰ ক্ষেত্ৰত প্রতিযােগীয়ে একক ভাৱেই প্রতিদ্বন্দ্বিতা আগ বঢ়াব লাগে। প্রাপ্ত মূল্যাংকণৰাে অধিকাৰী প্রতিদ্বন্দ্বীজনে এককভাৱেই হয়। কিন্তু দলীয় গােটৰ ক্ষেত্ৰত সুবিধা এইটোৱেই যে সহযােগীকেইজনে কোনাে এটা প্ৰশ্নৰ উত্তৰ পৰস্পৰৰ ভিতৰত আলােচনা কৰি দিব পাৰে। পৰস্পৰৰ মাজত সমন্বয় আৰু সহযােগিতা দলীয় প্রতিযােগিতাৰ সফলতাৰ চাবি-কাঠি। মূল্যাংকণৰ ক্ষেত্ৰতত দলটোৰ প্ৰতিজনেই গৌৰৱৰ বা ব্যর্থতাৰ সমভাগী। এই প্রতিযােগিতাৰ প্রতিযােগীসকলৰ জ্ঞানৰ পৰিসৰ বিস্তীর্ণ হােৱা প্রয়ােজন। বিশেষকৈ বিশ্ব পৰিক্ৰমাৰ সকলাে ক্ষেত্ৰৰ বা-বাতৰিৰ লেখ তেওঁৰ জ্ঞান ভাণ্ডাৰত সজাগ্রত ৰূপে থাকিব লাগিব আৰু প্রয়ােজনৰ সময়ত স্বতঃস্ফূর্তভাৱেই স্মৃতিপটত তৎ মুহূর্ততে, তড়িৎ গতিৰে দণ্ডায়মান হ’বহি লাগিব।

কুইজ মাষ্টাৰ

কুইজ প্রতিযােগিতাৰ পৰিচালকজনক কুইজ মাষ্টাৰ বােলে। প্রতিযােগিতাৰ সাৱলীলতা আৰু প্রাণবন্ততা বিশেষভাৱে নিৰ্ভৰ কৰে কুইজ মাষ্টাৰজনৰ ওপৰত। সুস্থ পৰিৱেশ সৃষ্টি, প্রশ্ন উপস্থাপনৰ বিচিত্র পদ্ধতি আৰু প্ৰতিজন প্রতিযােগী বা প্ৰতিটো দলৰ প্রতি সম গুৰুত্ব প্রদানত কুইজ মাষ্টাৰজনৰ পাৰদৰ্শী আৰু দক্ষ ভূমিকাই কুইজ মাষ্টাৰজনৰ বুদ্ধিদীপ্ততা, জ্ঞানৱতা আৰু অনলস বাগ্মিতা কৃতকার্যতাপূর্ণ কুইজ প্রতিযােগিতাৰ বাবে অতি প্রয়ােজনীয়।

উপকাৰিতা

কুইজে শিশুসকলৰ মনত প্রতিযােগিতাৰ ভাব জগাই তােলে। কুইজ প্রতিযােগিতাত অৱতীর্ণ হবলৈ যাওঁতে যথেষ্ট অধ্যয়নাে কব্বি লগা হয়; তাৰ ফলত জ্ঞানৰ পৰিসৰাে বৃদ্ধি হয়। অনুসন্ধিৎসাও বাঢ়ে। জয়ৰ আকাংক্ষাও জাগে। আনহাতে প্রতিযােগিতাত অৱতীৰ্ণ হ’বলৈ সাহস গােটাব পৰাটোতেই নিহিত আছে নিৰংকুশ গৌৰৱ। জীৱনেই যেতিয়া সংগ্রামময় আৰু এই জীৱন সংগ্ৰামত জয়লাভ কৰিব পাৰিলেহে সুবিমল আৰু সৌষ্ঠৱপূর্ণ, সুন্দৰ জীৱন, নির্বাহৰ পথ প্রশস্ত হ’ব, গতিকে কুইজ নিঃসন্দেহে অভিনন্দনীয়।

ভিন্ন মত

কুইজ প্রতিযােগিতাৰ সম্পৰ্কত বিৰুদ্ধবাদীৰে অভাৱ নাই। তেওঁলােকৰ মতে এনে প্রতিযােগিতাত প্রকৃত জ্ঞানৰ পৰিচয় পােৱা নাযায়। বহুক্ষেত্ৰত আনুমানিকতাইইয়াত ক্রিয়া কৰে। দর্শনসকলেও ইয়াৰপৰা কিবা জ্ঞান লাভ কৰে বুলি ক’ব নােৱাৰি। তদুপৰি চৰিত্ৰ গঠনৰ ক্ষেত্ৰতেই হওক বা সত্য, শিৱ, সুন্দৰ সাধনাতেই হওক নাইবা সুন্দৰ জীৱন গঢ়া আৰু শান্তি-সম্প্ৰীতিৰ ক্ষেত্ৰ গঢ়ি তােলা আদি ক্ষেত্ৰতেই হওক, কুইজৰ কোনাে অৱদান পৰিলক্ষিত হয়। আনহাতেদি বহুক্ষেত্ৰতেই কুইজ মাষ্টাৰজনৰ পাণ্ডিত্য প্ৰকাশৰ পৰােক্ষ প্রচেষ্টাহে প্রতিফলিত হােৱা দেখিবলৈ পােৱা যায়। পক্ষপাতিতাইও অনেক ক্ষেত্ৰত কুইজক প্ৰভাৱান্বিত কৰে। তাৰ ফলত কেতিয়াবা সামান্য প্রতিভাব গৰাকীয়েও শ্রেষ্ঠতাৰ শিখৰলৈ উঠি, প্রকৃত জ্ঞানবেত্তাক উলাই কৰা বা হেয় প্রতিপন্ন কৰা দেখা যায়। বিজয়ী প্রতিযােগীসকলেও কেতিয়াবা উচ্চাত্মিকা ভাবত উচ্ছ্বসিত হৈ আনক অৱজ্ঞা কৰি মূৰে-ভৰি কাঢ়া দেখা যায়। সেইদৰে, পৰাজিতসকলেও কেতিয়াবা হীনমন্যতাত ভুগি আৰু ব্যর্থতাৰ গ্লানি শিৰত লৈ ভাগি পৰে। সেইবাবে, বহুতেই কুইজ প্রতিযােগিতাৰ পৰিসমাপ্তি ঘটোৱাৰহে পক্ষপাতী।

সামৰণি

এনে ভিন্ন মত সত্ত্বেও এইটো স্বীকার্য যে প্রতিযােগিতা প্রকৃতিৰে সৃষ্টি। প্রকৃতিৰ প্ৰত্যাহ্বানৰ পৰাই ইয়াৰ উদ্ভৱ। সেইবাবে, ইয়াক অস্বীকাৰ কৰাৰ কোনাে উপায় নাই। সেয়েহে নিজ জ্ঞানৰ পৰিধিৰ বিশালতা জুখিবলৈ আৰু তাৰ যােগেদি নিজৰ যযাগ্যতা প্রতিপন্ন কৰিবলৈ কুইজ প্রতিযােগিতা আৱশ্যকতা অৱধাৰিত। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ প্ৰতি যিমানেই আগ্রহী হব, সিমানেই ছাত্র-ছাত্রীৰ জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি হ’ব আৰু ভৱিষ্যতৰ সৰ্বাংগ-সুন্দৰ জীৱন লাভৰ পথ জ্যোতিষ্মন হৈ পৰিব। গতিকে, ছাত্র-ছাত্ৰীসকলে কুইজ প্রতিযােগিতাত অবতীর্ণ হবলৈ যােগ্যতা অর্জনৰ বাবে নিলস অনুশীলনত প্রবৃত্ত হােৱা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top