জীৱন – চৰিত পাঠ ৰচনা | Life – Character Lessons Essay in Assamese

জীৱন – চৰিত পাঠ ৰচনা | Life – Character Lessons Essay in Assamese

Join Telegram channel

“মহা মহা পুৰুষৰ                চানেকীৰে জীৱনৰ

আমিও কৰিব পাৰাে জীৱন গঢ়িত

অভিনয় শেষ হলে               আয়ু বেলি মাৰ গলে

থৈ যাব পাৰোঁ খােজ সময় বালিত।”

জীৱন – চৰিত পাঠ – জীৱনৰে অন্য নাম সংগ্রাম। সংগ্রামী জীৱনটোক প্রকৃত মানুহ হিচাপে গঢ়ি তুলি, সুখময়, শান্তিময় জীৱন নির্বাহ কৰাৰ এই সংগ্রাম। সেইবাবে মানুহে এই সুন্দৰ পৃথিৱীৰ মুখ দেখাৰপৰা নিয়তিৰ কোলাত আশ্রয় লােৱালৈকে ই অবাৰিত এক সংগ্রাম। সেই সংগ্ৰামত মানুহে নিজকে সক্ষম সেনানীৰূপে প্রতিষ্ঠা কৰি পৰাতেই মানুহৰ পুৰুষত্বৰ পৰিচয়। কবিৰ ভাষাত-

“সৃষ্টিৰ দিনাৰেপৰা নিয়তিৰ স’তে হেৰা

মানুহৰ সংগ্ৰাম অক্ষয়;

আমি তাৰ স্মৃতিস্তম্ভ, সোঁৱৰাই মানুহৰ বীর্য

আৰু নিয়তিৰ জয়।”

জীৱন - চৰিত পাঠ ৰচনা

নিয়তিৰ কৰাল গ্রাসৰপৰা মানুহৰ পৰিত্ৰাণৰ উপায় নাই। কিন্তু মানুহৰ কর্মশক্তিৰে জীৱন সংগ্ৰামত বীরদর্পে যুঁজি পৌৰুষৰ পৰিচয় দিব পৰাতেই জীৱনৰ সার্থকতা। এই সার্থকতা লাভ কৰিবলৈ মানুহ আদর্শবাদী হ’ব লাগিব। মহৎ লোেকৰ জীৱনী এই আদৰ্শৰ মূল ভিত্তি। মহৎ  লােকসকলে অভিজ্ঞতা-পুষ্ট জীৱনৰ কৰ্মৰ মাজেৰে জগতৰ আগত আদর্শ দাঙি ধৰে। মহানুভৱতা দয়া, ক্ষমা, কৰুণা আৰু জনকল্যাণৰ অক্ষয় কীর্তি তেওঁলােকে পৃথিৱীত ৰাখি থৈ গৈছে অক্ষয় আৰু অম্লান কৰি। গতিকে তেওঁলােকৰ জীৱন-গাথা অধ্যয়ন কৰি, তেওঁলােকৰ সঞ্চিত জ্ঞানেৰে আৰু আদর্শেৰে আমাৰ জীৱননা আমি মহৎ কৰি গঢ়ি ল’ব পাৰে।

জীৱন – চৰিত পাঠ আদৰ্শৰ আৱশ্যকতা

মহাপুৰুষসকলৰ আদর্শ – সংসাৰখন বৰ জটিল। এই সংসাৰত নিজকে মানুহ হিচাপে প্রতিষ্ঠা কৰিবলৈ অনুশীলনৰ প্রয়ােজন; এই অনুশীলন বিদ্যাশিক্ষা অর্থাৎ জ্ঞানলাভৰ, ধৈর্য, সহিষ্ণুতাৰ, অধ্যৱসায়ৰ, কষ্ট, সহিষ্ণুতাৰ। তাৰ লগতেলাগে দয়া, ক্ষমা, কৰুণা, আৰু উদাৰতা। এই গুণবােৰ আহৰণ কৰিবলৈ আমাক আদর্শ লাগে। আমি মহা-মানৱসকলৰ জীৱনী অধ্যয়ন কৰিলে দেখিম যীশুখৃষ্ট, হজৰত মহম্মদ, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ আদিৰ জীৱনৰ আদিছােৱা বৰ মধুৰ নাছিল। যীশুখৃষ্টৰ জন্ম হৈছিল গােহালি ঘৰত; হজৰত মহম্মদ শৈশৱতে ঘাটমাউৰা হেছিল; শংকৰদেৱাে ঘাট মাউৰা হৈছিল; মাধৱদেৱে সৰু কালতেই মাতৃক হেৰুৱাইছিল। তেওঁলােকে নানা আলৈ-আকাল, জ্বালা-যন্ত্রণা আঁতৰাই থৈ, ধৈর্য আৰু অধ্যৱসায়েৰে জীৱন মহৎ কৰি লৈছিল। সংসাৰৰ মায়া-মমাহে, জ্বালা-যন্ত্রণাই, বেথা-বেদনাই জৰ্জৰিত কৰি তােলা মানব সমাজৰ বেদনাই, কৰুণ ক্রন্দনে তেওঁলােকৰ অন্তৰত গভীৰ বেদনাৰ সৃষ্টি কৰিছিল। সেইবাবে মানুহৰ কল্যাণৰ কাৰণে, পৰিত্ৰাণৰ কাৰণে জীৱন উছৰ্গা কৰি গভীৰ সাধনাত নিমগ্ন হৈছিল। তেওঁলােকৰ জ্ঞানসিন্ধুৰে মানৱ সমাজৰ পাপ-তাপ, জ্বালা-যন্ত্রণা ধুই নিকা কৰি মানুহক ভগবৎপ্ৰেমত উদ্বুদ্ধ কৰি তুলিছিল। সেই ধৈর্য, সহিষ্ণুতা আৰু সাধনাৰ মহান আদর্শ তেওঁলােকে আমালৈ থৈ গৈছে। আমিও সেই আদর্শ অনুশীলন কৰি আমাৰ জীৱন সুন্দৰ আৰু মহীয়ান কৰি তুলিবলৈ সক্ষম হ’ম।

Read Also: অনৈক্যৰ মাজত ঐক্য ৰচনা | Unity in Disunity Essay in Assamese

শত্রক ক্ষমাৰে জয়

ভগৱানৰ মহান বাণী প্রচাৰ কৰিবলৈ যাওঁতে যীশুখৃষ্ট কুছ-বিদ্ধ হ’বলগা হৈছিল; হজৰত মহম্মদ, শংকৰদেৱ, মাধৱদেৱে জন্মভূমি চিৰদিনৰ কাৰণে ত্যাগ কৰি প্ৰাণ লৈ পলাই যাবলগা হৈছিল। অথচ তেওঁলােকে আততায়ীক, শত্ৰুক ক্ষমা কৰি তেওঁলােককো ভগৱানৰবাণীকে শুনাই থৈ গৈছে, তেওঁলােকৰ অন্তৰৰ হিংসা-দ্বেষ, পাপ-তাপ,কলুষ-কালিমা দূৰ কৰিবলৈ। মহা-মানৱসকলৰ এই মহত্ত্ব আমাৰ শিৰৰ ভূষণ হােৱা উচিত। তেওঁলােকৰ জীৱন-আলেখ্যই আমাক কি শিকায়? হাজাৰ বিপদ-আপদ, বাধা-বিঘিনি আহি আমাৰ জীৱনৰ বাটত আগুৱাই যাওঁতে আমাক বিব্রত কৰি তুলিব পাৰে; কিন্তু আমি সাহস আৰু ধৈর্যৰে পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব। উদাৰ হৃদয়েৰে সকলােকে আঁকোৱালি ল’ব পৰা দয়া, কৰুণা, উদাৰতাৰ অধিকাৰী হ’ব পাৰিব লাগিব; তেতিয়া আমাৰ পৰম শত্রুকে ক্ষমা কৰিব লাগিব, তেতিয়া আমাৰ শত্ৰু নাইকিয়া হ’ব; মিত্র বাঢ়িব।

এই মনীষীসকলে জীৱনৰ সাধনাত অচল-অটলভাৱে থাকি সফলতা অর্জন কৰি, সেই সাধনালব্ধ জ্ঞান জগতৰ কল্যাণৰ কাৰণে প্রয়ােগ কৰিছিল। তাৰ ফলত নিজেও মহীয়ান হৈছিল আৰু জগতকো সত্য, সুন্দৰ, শিৱৰ সন্ধান দি- “সুন্দৰ আৰাধনা, জীৱনৰ খেল” বুলি উপলব্ধি কৰাই জগৎ সৌন্দৰ্যৰ আকৰ বুলি প্রমাণিত কৰি থৈ গৈছে। সেইদৰে আমিও যদি আমাৰ জ্ঞান লাভৰ সাধনাত অবিচলভাৱে লাগি থাকো তেনেহ’লে সিদ্ধি লাভ কৰি আমাৰ জীৱন সুন্দৰ কৰি গঢ়ি তুলিব পাৰিম।

বৰ্তমান যুগৰ আদৰ্শ

মহামানৱ মহাত্মা গান্ধীৰ জীৱন-দর্শন অধ্যয়ন কৰিলে আমি কি পাওঁ? তেওঁ সােণৰ চামুচ মুখত দি জন্মলাভ কৰা নাছিল। এটি সাধাৰণ মধ্যবিত্ত পৰিয়ালত তেখেতৰ জন্ম হৈছিল। কিন্তু তেখেত সদৌ ভাৰতৰে পিতৃৰূপে আখ্যায়িত হৈ সমগ্র পৃথিৱীৰ দ্বাৰাই পূজিত, সন্মানিত হৈছে। তাৰ কাৰণবােৰ ফঁহিয়াই চালে দেখিম- ছাত্ৰাৱস্থাত গােপনে মাংস খােৱা, বিড়ি খােৱা, হাতৰ অলংকাৰৰপৰা সােণ চুৰ কৰি বিড়িৰ খৰচ উলিওৱা আদি অপৰাধ কৰি, সেই অপৰাধবােধৰ বেদনাত জৰ্জৰিত হৈ অনুতপ্ত অন্তৰেৰে চকুলাে টুকি টুকি দেউতাকৰ আগত স্বীকাৰােক্তি কৰিছিল। অপৰাধৰ অপৰাধবােধে, স্বীকাৰােক্তিয়ে মনৰ কালিমা ধুই নিকা কৰে। আৰু স্বীকাৰ কৰাৰ সৎ সাহসে মানুহক মহৎ কৰে। তেখেতৰ জীৱনৰপৰা এই আদর্শ গ্রহণ কৰি আমিও নিজকে মহৎ কৰি গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত। তেখেতে বিলাতত গৈ মাতৃৰ ওচৰত কৰা প্রতিজ্ঞা আখৰে আখৰে পালন কৰিছিল। নিৰামিষ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত তেখেতে তাৰ গুণাগুণ সম্পর্কে পৰীক্ষা-নিৰীক্ষা কৰি নিজে ৰান্ধি বাঢ়ি খাইও অধ্যয়নত ৰত হৈছিল। সত্যৰ প্রতি আগ্রহ, সত্যৰক্ষাত দৃঢ়তা, শ্রমশীলতা গান্ধীজীৰ জীৱনৰ শ্ৰেষ্ঠ আদর্শ।

দক্ষিণ আফ্রিকাত থকা ভাৰতীয়সকলৰ দুখ-বেদনাই তেওঁৰ অন্তৰক কন্দুৱাইছিল। তেওঁলােকৰ ভ্ৰাণৰ কাৰণে যুঁজ দিবলৈ গৈ অপমাণিত হােৱাৰ উপৰি কেইবাটাও দাঁত হেৰুৱাইছিল; কিন্তু প্রতিশােধৰ চিন্তা মনলৈ নানি কর্তব্যত কি প্রকাৰে কৃতকার্যতা লাভ কৰিব পাৰি তাৰ বাবে প্রতিজ্ঞাবদ্ধ হৈ কামত আগুৱাই গৈছিল। ইয়াৰপৰা আমি এই শিক্ষা পাওঁ যে কর্তব্য পথত অগ্ৰসৰ হওঁতে অপমানবােধলৈ লক্ষ্য কৰিব নালাগিব, বাধা-বিঘিনিলৈ লক্ষ্য কৰি বিৰত থাকিব নালাগিব; লক্ষ্য ৰাখিব লাগিব-জীৱনৰ পণ কৃতকার্য কৰি তােলাত, লক্ষ্যস্থলত উপনীত হােৱাত। জনগণৰ কল্যান সাধনৰ পথ গােলাপৰ শয্যা নহয়, ই কণ্টকময়, কিন্তু মনৰ দৃঢ়তা আৰু কৰ্তব্যপৰায়ণতাই সেই কাঁইটীয়া পথকে সুগম কৰি তুলিব পাৰে।

সত্যৰ বাটত, অহিংসাৰ বাটত সাধনাত অচল-অটলভাৱে থাকি লক্ষ্যত উপনীত হ’বলৈ চলােৱা ঐকান্তিক প্রচেষ্টাত দৃঢ়ভাৱে লাগি থাকি সসাগৰ পৃথিৱীৰ অধীশ্বৰ ইংৰাজসকলক ভাৰতৰপৰা বহিষ্কাৰ কৰি দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ গান্ধীজীসক্ষম হ’ল। তেখেতৰ প্রবল ইচ্ছাশক্তিৰ বলত জীৱনৰ প্রতি পদক্ষেপতে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ কাৰণে কত লঘুলাঞ্জনা সহ্য কৰিলে, কত কাৰাবৰণ কৰিলে; অথচ সকলাে পৰিস্থিতিতে দৃঢ়ভাৱে থাকি জীৱনলৈ কৃতকার্যতাৰ গৰিমা আনিলে। পৰিস্থিতিৰ সন্মুখীন হ’ব পৰা দৃঢ় মনােবল থাকিলে কৃতকার্যত অনিবার্য।

এইদৰে কৰ্মগাথাব যােগেদি মহৎ লােকসকলে আমাক কর্তব্য পথৰ সন্ধান দিয়ে; উৎসাহ, উদ্যম, প্ৰেৰণা যােগায়। বুদ্ধৰ মহান বাণীয়ে চণ্ডাশােকক ধর্মাশােকলৈ ৰূপান্তৰিত কৰিলে। এইবােৰ মহৎ লােকৰ আদৰ্শৰ প্ৰভাৱ। শ্ৰৱণৰ পিতৃ-মাতৃৰ প্রতি ভক্তিৰ আদৰ্শই গান্ধীজীক অনুপ্রাণিত কৰিছিল। ৰামায়ণ, মহাভাৰতৰ বীৰ বীৰাংগণাসকলৰ আদৰ্শই জৱাহৰলাল নেহৰুক মহান ব্যক্তি হােৱাত অনুপ্ৰেৰণা যােগাইছিল। এইদৰে মহামানৱসকলৰ জীৱন বিশ্লেষণ কৰি চাই আমি মহৎ আদৰ্শৰ সন্ধান পাওঁ আৰু সেই আদর্শই আমাৰ জীৱন মহৎ কৰি তােলাৰ পথ প্রদর্শক।

Read Also: Class 11 Geography Question Answer

মন্তব্য

সংসাৰ সাগৰৰ আকাশলংঘী উর্মিমালাৰ লহৰত আমি উটি-ভাহি যাওঁ, কেতিয়াবা তল পৰি ককবকাই দিগভ্রান্ত হওঁ কেতিয়াবা ওপৰলৈ উঠি পৰিত্ৰাণৰ দীঘলীয়া উশাহ লৈ নিস্তাৰ পাওঁ। জীৱনৰ উত্থান-পতনৰ এই সংগ্ৰামত মহৎ লােকৰ জীৱন-গাথাই আমাক সান্ত্বনাৰ বাণী শুনাই সাহসৰ বল বান্ধি কর্মপথত অগ্ৰসৰ হ’বলৈ প্ৰেৰণা যােগায়। তেওঁলােকৰ জীৱন-চৰিত আমাৰ কাৰণে দিদর্শন যন্ত্র তেওঁলােকৰ আদৰ্শ আমাৰ জীৱন গঢ়াৰ পথত একোটি একোটি চিব উজ্জ্বল আলােকস্তম্ভ।

সেইবাবে আমাৰ জীৱনৰ বাট তেওঁলােকৰ মহান আদর্শৰ চিৰ উজ্জ্বল জ্যোতিৰে আলােকিত কৰি, সেই আলােক পথেৰে বাট বুলি আমাৰ কৰ্মৰ, আমাৰ অস্তিত্ব স্বীকৃতি ধৰাৰ বুকুত ৰাখি থৈ যাবলৈ সক্ষম হ’বলৈ আমি মহৎ লােকসকলৰ জীৱন-চৰিত অধ্যয়ন কৰা উচিত।

আমি আশা কৰিছো জীৱন – চৰিত পাঠ ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ জীৱন – চৰিত পাঠ ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top