Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায়

Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায়, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় Question Answer can be of great value to excel in the examination.

Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায়

Join Telegram channel

Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 2 শিক্ষণ আৰু অভিপ্রায় in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Learning And Motivation

EDUCATION

PSYCHOLOGICAL FOUNDATIONS OF EDUCATION

শিক্ষা মনোবিজ্ঞানৰ ভিত্তি

1. State whether the following statements are true or false. তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা 

a) Learning is the modification of behaviour through

experience and training. হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কার্য।

Ans:- শুদ্ধ।

b) ‘Learning involves totality of perception.’Which method of learning is involved in this statement

‘সমগ্ৰতাৰ নিৰীক্ষণৰ ওপৰত শিকন নিৰ্ভৰ কৰে’- এই উক্তিটোত শিকনৰ কোন পদ্ধতি জড়িত হৈ আছে?

Ans:- অন্তদর্শন বা অন্তলোকন পদ্ধতিৰ সৈতে জড়িত।

2. Answer the following: তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া

1. Whats law of effect? Write very briefly. ফলাফল নীতি কি? চমুকৈ লিখা।

Ans:- উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যি সংযোগ স্থাপিত হয় সেই সংযোগ যদি শিক্ষাৰ্থীৰ বাবে সন্তোষজনক আৰু তৃপ্তিদায়ক হয় তেতিয়া সেই সংযোগ দৃঢ়তৰ হয় আৰু যদি ই বিৰক্তিকৰ হয় তেন্তে উক্ত সংযোগ শিথিল হৈ পৰা দেখা যায়। কিয়নো মনোবিজ্ঞানীসকলৰ মতে প্ৰাণীয়ে নিজ কার্যৰ সুখজনক নাইবা দুখজনক ফল লাভ সন্দৰ্ভতহে সেই কাৰ্যৰ প্ৰতি নিজৰ আচৰণ প্ৰদৰ্শন কৰে। মাছ আৰু মেকুৰীৰ উদাহৰণটোত দেখা গৈছে যে কোঠালিৰ পৰা ওলাব পাৰিলেই মেকুৰীটোৱে মাছ খাবলৈ পায় আৰু তৃপ্তি অনুভৱ কৰে। গতিকে যি কিটিপেৰে সি কোঠালিৰ বাহিৰলৈ আহিব পাৰে সেই কিটিপটো তাৰ মনত স্থায়ী হৈ পৰে আৰু যিবিলাক ভুল সংযোগৰ দ্বাৰা সি তাৰ অভীষ্ট খাদ্য পোৱাত বিফল হৈছিল সেইবোৰ ক্ৰমে পাহৰিবলৈ লয়৷ এই সূত্ৰক পুৰস্কাৰ আৰু শাক্তি সম্পৰ্কীয় সূত্র (Law of Reward and Punishment) বুলিও জনা যায়। শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে। শিক্ষাৰ্থীক যিবিলাক প্ৰতিক্ৰিয়াৰ বাবে পুৰস্কৃত কৰা হয় সেইবোৰে তাক তৃপ্তি দিয়ে। সেইকাৰণেই এই প্ৰতিক্ৰিয়াবোৰ সিহঁতৰ আচৰণত স্থায়ী হৈ পৰে। আনহাতে যি প্ৰতিক্ৰিয়াৰ ফলত সিহঁতে শাস্তি পাই বিৰক্তি অনুভৱ কৰে সেইবোৰ সিহঁতৰ চৰিত্ৰৰ পৰা মচ খাই যায়। গতিকে কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষা দিওঁতে ছাত্রক শাস্তি দি উদ্যমহীন কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে আৰু আনহাতে অবাঞ্ছনীয় আচৰণ আৰু কাৰ্য বৰ্জন কৰিবৰ কাৰণে মাজে-সময়ে শাস্তিৰ ব্যৱস্থা কৰিব লাগে।

2. What is the nature of learning. Write very briefly. শিকনৰ প্ৰকৃতি কি? অতি চমুকৈ লিখা?

Ans:- শিকনৰ প্ৰকৃত স্বৰূপ (Nature) উপলব্ধি কৰিবলৈ হ’লে ইয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰাৰ প্রয়োজন আছে। শিকন সম্বন্ধে মনোবিজ্ঞানীসকলে আগবঢ়োৱা সংজ্ঞাসমূহৰ সাৰাংশস্বৰূপে ইয়াৰ কেইটিমান প্রকৃতি সম্বন্ধীয় দিশ নিম্নলিখিতধৰণে উল্লেখ কৰিব পাৰি।

১। শিকন এবিধ বিকাশমূলক প্রক্রিয়া (Learning is a process of development) : শিকনে ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক, আধ্যাত্মিক ইত্যাদি দিশৰ বিকাশ সাধন প্রক্রিয়াকে বুজায় অর্থাৎ ব্যক্তিৰ যিকোনো বিকাশক শিক্ষণৰ নামান্তৰ বুলি ক’ব পাৰি। উল্লেখযোগ্য যে ব্যক্তিয়ে কোনো এটা বিষয়ত শিক্ষাগ্রহণ কৰা মানে সেই দিশত এক উন্নত তথা প্রগতিশীল প্রতিক্রিয়া প্ৰদৰ্শন কৰাকে বুজা যায়।

২। শিকন এবিধ সমযোজন প্রক্রিয়া (Learning is a process of adjustment) : ব্যক্তিয়ে সকলো সময়তে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব লাগে। নতুন পৰিস্থিতিত সমযোজন কৰাৰ বেলিকা ব্যক্তিয়ে নিজকে কিছু পৰিৱৰ্তন সাধন কৰি ল’ব লাগে। এনেদৰে পৰিস্থিতিৰ প্রয়োজন অনুসৰি ব্যক্তিয়ে নতুন ক্রিয়া-কৌশল আয়ত্ত কৰা আৰু তাৰ যোগেদি পৰিৱেশৰ লগত সমযোজন কৰা কাৰ্যই হৈছে শিকন।

৩। শিকন হৈছে অভিজ্ঞতাৰ সংগঠন প্রক্রিয়া (Learning is a process of organisation of experience) : শিক্ষণৰ কাৰ্য পৰিসৰ কেৱল পৰিৱেশৰ পৰা নতুন ক্রিয়া-কৌশল আয়ত্তকৰণতেই সীমাবদ্ধ নহয— শিক্ষা গ্রহণ কাৰ্যৰ যোগেদি নতুন আৰু পুৰণি অভিজ্ঞতাৰ মাজত প্রয়োজনীয় সমন্বয় সাধন কৰিব লগাও হয়। নতুন অভিজ্ঞতা আহৰণ কৰি পূৰ্বৰ অভিজ্ঞতাক পুনৰ সুসংগঠিত কৰা কাৰ্য শিকনত সম্ভৱ হয়।

৪। শিকন এক উদ্দেশ্যধর্মী প্রক্রিয়া (Learning is a purposeful process) : যিকোনো অভিজ্ঞতা আহৰণৰ অন্তৰালত একো একোটা লক্ষ্য বা উদ্দেশ্য নিহিত হৈ থাকে। এনে লক্ষ্য বা উদ্দেশ্যই শিকন কার্য পৰিচালনা কৰে। শিকনৰ লক্ষ্য যিমানেই স্পষ্ট হয় সিমানেই ইয়াৰ অগ্রগতি বা সফলতা অধিক হয়। সেয়েহে লক্ষ্যবিহীন শিকনৰ অৱস্থিতি অনুভৱ কৰিব নোৱাৰি।

৫। শিকন এবিধ বৌদ্ধিক ক্রিয়া (Learning is an intellectual activity) : পৰিৱেশত নিজৰ ক্ৰিয়া-আচৰণৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰি উন্নত ক্রিয়া-আচৰণ আহৰণ কৰা কাৰ্যক শিক্ষণ বুলি কোৱা হয়। এনে কৰিবলৈ যাওঁতে তাত শিক্ষাৰ্থীৰ বুদ্ধিৰ নিশ্চিত প্ৰভাৱ পৰে । বাস্তৱক্ষেত্ৰত দেখা যায় যে শিক্ষার্থীসকলৰ বৌদ্ধিক মানদণ্ড অনুসৰি তেওঁলোকৰ শিকনৰ যোগ্যতাও ভিন ভিন ধৰণৰ হ’ব পাৰে।

3. Write very briefly Thorndike law of exercise.

থৰ্ণডাইকৰ অনুশীলনৰ নীতিটো অতি চমুকৈ লিখা।

Ans:- এটা বিশেষ উদ্দীপকৰ লগত যদি বিশেষ প্রতিক্রিয়াক সংযুক্ত কৰা যায় তেতিয়া সিহঁতৰ মাজত এটা বন্ধন বা সংযোগ স্থাপিত হয়। আনহাতে কোনো উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যদি বহুদিন ব্যাপি কোনো সংযোগ স্থাপিত নহয় তেন্তে পূৰ্বৰ সেই সংযোগ শিথিল হৈ পৰে। থনডাইকৰ এই নীতিৰ দুটা ভাগ হ’ল— ব্যৱহাৰৰ নীতি (Law of use) আৰু অব্যৱহাৰৰ নীতি (Law of disuse)। ইয়াৰ মূল কথা হ’ল যে অনুশীলনৰ দ্বাৰা উদ্দীপক প্ৰতিক্ৰিয়াৰ বন্ধন (S. R. Bond) দৃঢ়তৰ কৰিব পাৰি। আনহাতে অনুশীলনৰ অভাৱতে এই বন্ধন নাইকিয়া হৈ যায়। সাঁতোৰা, গাড়ী চলোৱা, কাপোৰ বোৱা ইত্যাদি কাম বহুত দিন নকৰিলে পাহৰি যোৱা যায় আৰু চৰ্চা থাকিলে সহজে কৰিব পৰাৰ দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চৰ্চা বা পুনঃ পুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়োজন। কথাতে কয় বোলে–ঘঁহি থাকিলে শিলো ক্ষয় যায়। শিক্ষকসকলে এই সূত্ৰ মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰিব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

4. Write eight characteristics of learning. শিকনৰ আঠটা বৈশিষ্ট্য লিখা।

Ans:- শিকনৰ আঠটা স্বৰূপ তথা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—

১। শিকন এবিধ বিকাশমূলক প্রক্রিয়া (Learning is a process of development) : শিকনে ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক, আধ্যাত্মিক ইত্যাদি দিশৰ বিকাশ সাধন প্রক্রিয়াকে বুজায় অর্থাৎ ব্যক্তিৰ যিকোনো বিকাশক শিক্ষণৰ নামান্তৰ বুলি ক’ব পাৰি। উল্লেখযোগ্য যে ব্যক্তিয়ে কোনো এটা বিষয়ত শিক্ষাগ্রহণ কৰা মানে সেই দিশত এক উন্নত তথা প্রগতিশীল প্রতিক্রিয়া প্ৰদৰ্শন কৰাকে বুজা যায়।

২। শিকন এবিধ সমযোজন প্রক্রিয়া (Learning is a process of adjustment) : ব্যক্তিয়ে সকলো সময়তে পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব লাগে ৷ নতুন পৰিস্থিতিত সমযোজন কৰাৰ বেলিকা ব্যক্তিয়ে নিজকে কিছু পৰিৱৰ্তন সাধন কৰি ল’ব লাগে। এনেদৰে পৰিস্থিতিৰ প্রয়োজন অনুসৰি ব্যক্তিয়ে নতুন ক্রিয়া-কৌশল আয়ত্ত কৰা আৰু তাৰ যোগেদি পৰিৱেশৰ লগত সমযোজন কৰা কাৰ্যই হৈছে শিকন।

৩। শিকন হৈছে অভিজ্ঞতাৰ সংগঠন প্রক্রিয়া (Learning is a process of organisation of experience) : শিক্ষণৰ কাৰ্য পৰিসৰ কেৱল পৰিৱেশৰ পৰা নতুন ক্রিয়াকৌশল আয়ত্তকৰণতেই সীমাবদ্ধ নহয— শিক্ষা গ্রহণ কাৰ্যৰ যোগেদি নতুন আৰু পুৰণি অভিজ্ঞতাৰ মাজত প্রয়োজনীয় সমন্বয় সাধন কৰিব লগাও হয়। নতুন অভিজ্ঞতা আহৰণ কৰি পূৰ্বৰ অভিজ্ঞতাক পুনৰ সুসংগঠিত কৰা কাৰ্য শিকনত সম্ভৱ হয়।

৪। শিকন এক উদ্দেশ্যধর্মী প্রক্রিয়া (Learning is a purposeful process) : যিকোনো অভিজ্ঞতা আহৰণৰ অন্তৰালত একো একোটা লক্ষ্য বা উদ্দেশ্য নিহিত হৈ থাকে। এনে লক্ষ্য বা উদ্দেশ্যই শিকন কার্য পৰিচালনা কৰে। শিকনৰ লক্ষ্য যিমানেই স্পষ্ট হয় সিমানেই ইয়াৰ অগ্রগতি বা সফলতা অধিক হয়। সেয়েহে লক্ষ্যবিহীন শিকনৰ অৱস্থিতি অনুভৱ কৰিব নোৱাৰি।

৫। শিকন এবিধ বৌদ্ধিক ক্রিয়া (Learning is an intellectual activity) : পৰিৱেশত নিজৰ ক্ৰিয়া-আচৰণৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰি উন্নত ক্রিয়া-আচৰণ আহৰণ কৰা কাৰ্যক শিক্ষণ বুলি কোৱা হয়। এনে কৰিবলৈ যাওঁতে তাত শিক্ষাৰ্থীৰ বুদ্ধিৰ নিশ্চিত প্ৰভাৱ পৰে। বাস্তৱক্ষেত্ৰত দেখা যায় যে শিক্ষার্থীসকলৰ বৌদ্ধিক মানদণ্ড অনুসৰি তেওঁলোকৰ শিকনৰ যোগ্যতাও ভিন ভিন ধৰণৰ হ’ব পাৰে।

৬। শিকন পৰিবেশ প্রদত্ত প্রক্রিয়া : সকলো পৰিবেশতে সকলো কথা শিকিব পৰা নাযায়। শিক্ষানুষ্ঠানৰ চাৰিসীমাৰ মাজত বিভিন্ন বিষয়ৰ শিক্ষা দিবলৈ যত্ন কৰা হয়। কিন্তু বিষয় অনুপাতে প্ৰয়োজনীয় পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে সেই বিষয়ৰ যথোপযুক্ত জ্ঞান দিব পৰা নাযায়। সেয়ে শ্ৰব্য-দৃশ্য সঁজুলিৰ সহায়ত শিক্ষকে শিক্ষানুষ্ঠানৰ ভিতৰতে এনে পৰিবেশ ৰচনা কৰিবলৈ বিচাৰে, য’ত শিক্ষাৰ্থীয়ে বিষয়টোৰ বাস্তৱ জ্ঞান লাভ কৰিব পাৰে। শিশুসকলৰ বাবে ব্যৱহৃত কিণ্ডাৰগার্টেন আৰু মন্টেচৰি পদ্ধতি, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা আৰু ‘কিলপেট্ৰিকৰ প্ৰজে’ পদ্ধতিয়ে বাস্তৱ পৰিবেশৰপৰা শিক্ষাগ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

৭। শিকণ আচৰণ সংশোধনৰ প্ৰক্ৰিয়া : শিক্ষার্থীয়ে লাভ কৰা অভিজ্ঞতাৰ সহায়ত তেওঁলোকৰ পূৰ্বৰ আচৰণৰ সালসলনি ঘটাব পাৰে। প্ৰকৃততে আচৰণৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰিলেও যিকোনো নতুন পৰিবেশত খাপ খোৱাটোও সম্ভৱ নহয়। আচৰণৰ সংশোধনে ব্যক্তিৰ চৰিত্ৰ তথা ব্যক্তিত্বৰ ওপৰতো প্ৰভাৱ পেলায়। গতিকে শিক্ষাগ্রহণ ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়া ৰূপেও ব্যাখ্যা কৰিব পাৰি।

৮। শিক্ষাগ্রহণ এটা চিৰন্তন প্রক্রিয়া : শিক্ষাগ্ৰহণৰ সহায়তে মানৱ জাতিয়ে সাহিত্য, সংস্কৃতি, বিজ্ঞান, প্রযুক্তিবিদ্যাৰ বিশাল ক্ষেত্ৰ গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। শিশুকালৰ পৰা মৃত্যুৰ আগমূহুৰ্তলৈকে সকলোৰে বাবে শিক্ষাগ্ৰহণৰ আৱশ্যকতা আছে। মানৱ ইতিহাসৰ এনে কোনো যুগ নাই, য’ত শিক্ষাগ্রহণ হোৱা নাই। য’ত আনুষ্ঠানিক শিক্ষাৰ পয়োভৰ হোৱা নাই তাত অনৌপচাৰিক শিক্ষাই আনুষ্ঠানিক শিক্ষা ব্যৱস্থা গঢ়ি তোলাত সহায় কৰে। পৃথিৱীৰ সকলো ঠাইতে সকলো মানুহৰ বাবে শিক্ষাগ্ৰহণৰ প্রয়োজনীয়তা কোনেও অস্বীকাৰ কৰিব নোৱাৰে।

৯। শিকন সমস্যা সমাধানৰ প্ৰক্ৰিয়া : কিবা এটা শিকা মানেই নজনা কথা জনা। নজনা কথাই সমস্যাৰ সৃষ্টি কৰে আৰু কথাটো জনাৰ লগে লগে সমস্যা সমাধানৰ পথো ওলাই পৰে।

5. What are Thorndike’s laws of learning. Discus briefly. থৰ্নডাইকৰ শিকনৰ নীতিসমূহ কি কি? চমুকৈ আলোচনা কৰা।

Ans:- থর্নডাইকে বিভিন্ন জীৱ-জন্তুৰ ওপৰত পৰীক্ষা চলাই তেওঁৰ সংযোগবাদ তত্ত্বৰ যুক্তি-যুক্ততা প্রতিপন্ন কৰিছিল। তেওঁ মানুহ আৰু জীৱ-জন্তুৰ শিকনৰ ক্ষেত্ৰত কেইটামান নীতি উদ্ভাৱন কৰিছিল; তাৰে তিনিটা মুখ্য নীতি আৰু পাঁচটা গৌণ নীতি। থর্নডাইকৰ এই মুখ্য নীতিকেইটা তলত আলোচনা কৰা হ’ল

১। ফলাফলৰ নীতি বা পৰিণামৰ বা ফল লাভৰ নীতি (Law of effect) : উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যি সংযোগ স্থাপিত হয় সেই সংযোগ যদি শিক্ষাৰ্থীৰ বাবে সন্তোষজনক আৰু তৃপ্তিদায়ক হয় তেতিয়া সেই সংযোগ দৃঢ়তৰ হয় আৰু যদি ই বিৰক্তিকৰ হয় তেন্তে উক্ত সংযোগ শিথিল হৈ পৰা দেখা যায়। কিয়নো মনোবিজ্ঞানীসকলৰ মতে প্ৰাণীয়ে নিজ কাৰ্যৰ সুখজনক নাইবা দুখজনক ফল লাভ সন্দৰ্ভতহে সেই কাৰ্যৰ প্ৰতি নিজৰ আচৰণ প্ৰদৰ্শন কৰে। মাছ আৰু মেকুৰীৰ উদাহৰণটোত দেখা গৈছে যে কোঠালিৰ পৰা ওলাব পাৰিলেই মেকুৰীটোৱে মাছ খাবলৈ পায় আৰু তৃপ্তি অনুভৱ কৰে। গতিকে যি কিটিপেৰে সি কোঠালিৰ বাহিৰলৈ আহিব পাৰে সেই কিটিপটো তাৰ মনত স্থায়ী হৈ পৰে আৰু যিবিলাক ভুল সংযোগৰ দ্বাৰা সি তাৰ অভীষ্ট খাদ্য পোৱাত বিফল হৈছিল সেইবোৰ ক্ৰমে পাহৰিবলৈ লয়। এই সূত্ৰক পুৰস্কাৰ আৰু শাক্তি সম্পর্কীয় সূত্র (Law of Reward and Punishment) বুলিও জনা যায়। শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে। শিক্ষার্থীক যিবিলাক প্ৰতিক্ৰিয়াৰ বাবে পুৰস্কৃত কৰা হয় সেইবোৰে তাক তৃপ্তি দিয়ে। সেইকাৰণেই এই প্ৰতিক্ৰিয়াবোৰ সিহঁতৰ আচৰণত স্থায়ী হৈ পৰে। আনহাতে যি প্ৰতিক্ৰিয়াৰ ফলত সিহঁতে শাস্তি পাই বিৰক্তি অনুভৱ কৰে সেইবোৰ সিহঁতৰ চৰিত্ৰৰ পৰা মচ খাই যায় ৷ গতিকে কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষা দিওঁতে ছাত্রক শাস্তি দি উদ্যমহীন কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে আৰু আনহাতে অবাঞ্ছনীয় আচৰণ আৰু কাৰ্য বৰ্জন কৰিবৰ কাৰণে মাজে-সময়ে শাস্তিৰ ব্যৱস্থা কৰিব লাগে।

২। অনুশীলনৰ নীতি (Law of practice) : এটা বিশেষ উদ্দীপকৰ লগত যদি বিশেষ প্রতিক্রিয়াক সংযুক্ত কৰা যায় তেতিয়া সিহঁতৰ মাজত এটা বন্ধন বা সংযোগ স্থাপিত হয়। আনহাতে কোনো উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যদি বহুদিন ব্যাপি কোনো সংযোগ স্থাপিত নহয় তেন্তে পূৰ্বৰ সেই সংযোগ শিথিল হৈ পৰে। থনডাইকৰ এই নীতিৰ দুটা ভাগ হ’ল— ব্যৱহাৰৰ নীতি (Law of use) আৰু অব্যৱহাৰৰ নীতি (Law of disuse)। ইয়াৰ মূল কথা হ’ল যে অনুশীলনৰ দ্বাৰা উদ্দীপক প্ৰতিক্ৰিয়াৰ বন্ধন (S. R. Bond) দৃঢ়তৰ কৰিব পাৰি। আনহাতে অনুশীলনৰ অভাৱতে এই বন্ধন নাইকিয়া হৈ যায়। সাঁতোৰা, গাড়ী চলোৱা, কাপোৰ বোৱা ইত্যাদি কাম বহুত দিন নকৰিলে পাহৰি যোৱা যায় আৰু চৰ্চা থাকিলে সহজে কৰিব পৰাৰ দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চৰ্চা বা পুনঃ পুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়োজন। কথাতে কয় বোলে—ঘঁহি থাকিলে শিলো ক্ষয় যায়। শিক্ষকসকলে এই সূত্ৰ মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰিব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

৩। প্রস্তুতিৰ নীতি (Law of readiness) : কোনো এটা উদ্দীপকৰ লগত ভাল উপযোগী প্রতিক্রিয়াৰ সংযোগ কৰিবলৈ মনৰ প্ৰস্তুতিৰ বিশেষ প্রয়োজন। যেতিয়া আমাৰ এই মানসিক প্রস্তুতি থাকে তেতিয়া শিক্ষাকার্যই মনলৈ সন্তোষ আনে আৰু যেতিয়া প্ৰস্তুতিৰ অভাৱ হয় তেতিয়া মন বিৰক্তিৰে ভৰি পৰে। এই প্রস্তুতিৰ দ্বাৰা মানসিক প্রস্তুতিৰ বাহিৰেও জীৱৰ দৈহিক আৰু স্নায়ৱিক প্ৰস্তুতিকো ধৰা হৈছে।

শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে, কাৰণ ছাত্ৰৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে,তেন্তে সি শিক্ষাৰ পৰা কোনো সুফল নাপায়। গতিকে শ্রেণীত শিক্ষাদান কৰোঁতে শিক্ষকসকলে শিক্ষাৰ্থীৰ মনৰ প্ৰস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠটিৰ প্ৰতি ছাত্ৰক আকৰ্ষিত কৰিব পাৰিলেই সিহঁতৰ মন শ্ৰেণীৰ পাঠগ্ৰহণৰ বাবে প্রস্তুত হয়।

6. What is meant by learning by insight. Write briefly.

অন্তঃদৃষ্টিৰে শিকন বুলিলে কি বুজা? চমুকৈ লিখা।

Ans:- অন্তদর্শন বা অন্তর্লোকন বা অন্তর্দৃষ্টি পদ্ধতিঃ অন্তর্দৃষ্টিৰ যোগেদিও শিকন সম্পন্ন হয়। কোনো সমস্যা সমাধানৰ হঠাঠ এক উপলব্ধি, যাৰ সহায়ত ব্যক্তিয়ে কোনো এটা শৈক্ষিক সমস্যাৰ অন্তর্নিহিত সম্বন্ধবোৰ সামগ্ৰিকভাৱে নিৰীক্ষণ আৰু অধ্যয়ন কৰি সমস্যা সমাধান কৰিবলৈ সমৰ্থৱান হয় তাকে অন্তর্দৃষ্টি বোলা হয়। অর্থাৎ কোনো সমস্যা সমাধান কৰিবলৈ সমৰ্থবান হয় তাকে অন্তর্দৃষ্টি বোলা হয়। অর্থাৎ কোনো সমস্যাৰ পৃথক অংশৰ লগত সামগ্রিক সমস্যাটোৰ সম্বন্ধৰ আকস্মিক উপলব্ধি আৰু সমস্যাৰ সম্বন্ধ উপলব্ধিয়েই অন্ততদর্শন বা অন্তর্দৃষ্টি । যেতিয়া শিক্ষার্থীয়ে সামপ্ৰিকভাৱে কোনো সমস্যাৰ অন্তর্নিহিত অংশবোৰ নিৰীক্ষণ বা অধ্যয়ন কৰে আৰু সেইবোৰৰ পাৰস্পৰিক সম্বন্ধ খণ্ড খণ্ডকৈ প্রত্যক্ষ নকৰি সামগ্রিক বা একক হিচাপে প্রত্যক্ষ কৰে সেয়ে অন্তলোকন বা অন্তদর্শন। সামগ্রিকতাবাদীসকলে অন্তর্দৃষ্টিমূলক পদ্ধতিৰ ব্যৱহাৰ সম্পৰ্কত শিকন পৰিস্থিতিৰ সংগঠন আৰু তাৰ বিভিন্ন ভাগ-উপভাগসমূহৰ সম্বন্ধৰ উপলব্ধিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁলোকৰ মতে অন্তর্দৃষ্টি হ’ল হঠাৎ বিজুলী চমকনিৰে মন পোহৰাই তোলাৰ নিচিনা ঘটনা। তেওঁলোকৰ মতে যেতিয়াই জীৱই শিকনীয় পৰিস্থিতিৰ বিভিন্ন অংশৰ মাজত সম্বন্ধ নির্ণয় কৰিব পাৰিব আৰু সেইবোৰৰ সামগ্রিক স্মৰূপৰ ভিত্তিত সংগঠন কৰিবলৈ সক্ষম হ’ব তেতিয়াই অদৃষ্টিও উদ্ভৱ হ’ব। তেওঁলোকে মত পোষণ কৰে যে অন্তদৰ্শনৰ সহায়তহে শিকন প্ৰক্ৰিয়া সম্ভৱপৰ হয়।

অন্তদৰ্শন বা অন্তর্দৃষ্টিৰ সহায়ত কেনেকৈ শিকন সম্ভৱ হয় সেই সম্পৰ্কে কহলাৰে ১৯১৩ ৰ চনৰ পৰা ১৯১৭ চনৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ টানাফি দ্বীপত পৰীক্ষা চলাইছিল। তেওঁ বান্দৰ, চিম্পাঞ্জী আদিৰ সহায়ত কেইবাটাও পৰীক্ষা কার্য চলাই প্রমাণ কৰে যে অন্তদৰ্শনৰ সহায়ত শিকন সম্ভৱপৰ হয়৷

7. What do you understand by leaming by trial and error. In what situations this method can be used? 

প্রচেষ্টা আৰু ভুল পদ্ধতি বুলিলে কি বুজা? কোন পৰিস্থিতিত এই পদ্ধতিৰ ব্যৱহাৰ কৰা হয়?

Ans:- সংযোগবাদ তথ্যৰ যোগেদি থনডাইকে শিকনৰ যিটো পদ্ধতি উদ্ভাৱন কৰিছে সেইটোৱেই হ’ল বিখ্যাত প্রচেষ্টা আক ভুল পদ্ধতি।

শিকনৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি [Trial and Error Method of Learning] : শিকনৰ এই পদ্ধতি অনুযায়ী প্রাণীয়ে বাৰে বাৰে কৰা প্ৰচেষ্টা আৰু ভুলৰ মাজেদিহে শিক্ষা লাভ কৰে। থলভাইকৰ মতে প্রাণীয়ে যিমানে প্রচেষ্টা চলায় সিমানে ভুলৰ পৰিমাণ কমি আহে আৰু শেষত শুদ্ধ শিকন সম্ভৱপৰ হয়। তেওঁৰ মতে কোনো সমস্যা সমাধান কৰোঁতে, প্রথমে প্রাণীয়ে নুবুজাকৈ বা নভবা-নিচিন্তাকৈ প্ৰচেষ্টা চলায় আৰু সেই প্ৰচেষ্টাৰ সময়ত অনেক ভুল-ভ্ৰান্তি হয় ৷ যেতিয়ালৈকে সমস্যা সমাধানৰ শুদ্ধ পথ বিচাৰি নাপায় তেতিয়ালৈকে প্রচেষ্টা চলায় আৰু এটা সময়ত সমাধানৰ পথ ওলাই পৰে। অৰ্থাৎ বাৰে বাৰে চলোৱা প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ কমি উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন হয়।

থৰ্নডাইকে প্রচেষ্টা আৰু ভুলৰ মাধ্যমেৰে কেনেকৈ শিকন সম্ভৱ হয় তাক আৱিষ্কাৰ কৰিবৰ বাবে এটা মেকুৰীৰ ওপৰত পৰীক্ষা চলাইছিল। তেওঁ এটা ভোকাতুৰ মেকুৰীক এটা সজাৰ ভিতৰত বন্দী কৰি থৈ সজাটোৰ বাহিৰত মেকুৰীটোৱে দেখি থকাকৈ খাদ্যবস্তু ৰাখিছিল৷ সজাটোৰ দুৱাৰখন এনে এটা কৌশলেৰে এডাল শলখা লগাই জপাই থোৱা হৈছিল যে শলখাডালত সামান্য হেঁচা পৰিলেই দুৱাৰখন তৎক্ষণাত খুলি যাব। মেকুৰীটোৱে সজাৰ বাহিৰত খাদ্যবস্তু দেখি বাহিৰলৈ ওলাই আহিবৰ বাবে সজাৰ ভিতৰত অ’ত-ত’ত জঁপিয়াই প্রচেষ্টা চলাবলৈ ধৰিলে। বহু সময় উদ্দেশ্যহীন আৰু বিশৃংখলভাৱে প্ৰচেষ্টা চলাই থাকৌতেই এবাৰ হঠাৎ দুৱাৰৰ শলখাডালত মেকুৰীটোৰ হাতোৰাখনৰ হেঁচা পৰি দুৱাৰখন খুলি গ’ল আৰু লগে লগে মেকুৰীটোৱে খাদ্যবস্তু খাবলৈ সক্ষম হ’ল।

দ্বিতীয় দিনাও একেটা মেকুৰীকে সেই একেটা কৌশলৰ সজাতে বন্দী কৰি বাহিৰত খাদ্যবস্তু ৰখা হৈছিল। মেকুৰীটোৱে সজাটোত প্ৰথম দিনাৰ দৰেই উদ্দেশ্যহীন আৰু বিশৃংখলভাৱে জঁপিয়াই ফুৰিবলৈ ধৰিলে। তেনেদৰে জঁপিয়াই থাকোঁতেই এটা সময়ত দুৱাৰখন খুলি গ’ল আৰু মেকুৰীটো সজাৰ বাহিৰলৈ ওলাই আহি খাদ্যবস্তু খাবলৈ সক্ষম হ’ল; কিন্তু দেখা গ’ল যে প্রথম দিনাৰ তুলনাত দ্বিতীয় দিনাৰ প্ৰচেষ্টাত ভুলৰ সংখ্যা কম হ’ল।

ঠিক সেইদৰেই তৃতীয়, চতুর্থ, পঞ্চম আদি কেইবাদিনো একেটা মেকুৰীকে একেটা পৰীক্ষাকে কৰাত মেকুৰীটোৱে কৰা প্ৰতিক্রিয়া অৰ্থাৎ ভুল প্ৰচেষ্টাৰ সংখ্যা লাহে লাহে কমি আহিল আৰু এটা সময়ত প্রতিক্রিয়া অর্থাৎ ভুল প্ৰচেষ্টাৰ সংখ্যা লগে লগেই সি বাহিৰলৈ ওলাই আহিবলৈ মেকুৰীটো সজাৰ ভিতৰত সুমুৱাই দিয়াৰ সম্ভৱ হয়, অর্থাৎ সেইদিনাই সক্ষম হয়। তেতিয়াই মেকুৰীটোৰ শিকন সম্ভৱ হয়, অর্থাৎ সেইদিনাই মেকুৰীটোৱে বাৰে বাৰে কৰা প্রচেষ্টা আৰু ভুলৰ মাধ্যমেৰে উদ্দীপক আৰু সঠিক প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধন কৰিবলৈ সমৰ্থবান হয়।

প্রচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য হৈছে —

১। এই পদ্ধতিত প্ৰথম অৱস্থাত ভুলৰ পৰিমাণ বেছি হয়।

২। এই পদ্ধতিত ভুল প্রতিক্রিয়া ক্রমাগতভাৱে কমি অহাৰ লগে লগে প্ৰাৰম্ভিক প্ৰচেষ্টাৰ উন্নতি দৃষ্টিগোচৰ হয়।

৩। এই পদ্ধতি যান্ত্ৰিক আৰু উদ্দেশ্যবিহীন; সেয়ে ইয়াত বুদ্ধি প্ৰয়োগৰ স্থান কম।

৪। ব্যক্তিৰ আচৰণৰ ক্ৰমোন্নতি এই পদ্ধতিত পৰিলক্ষিত হয়।

৫। এই পদ্ধতি বাৰে বাৰে কৰা প্ৰচেষ্টা আৰু ভুল প্ৰক্ৰিয়াৰ দ্বাৰা শিকন প্ৰক্ৰিয়াৰ ফল পোৱা যায়।

৬। এই পদ্ধতিক শিকনৰ এক নিম্ন পৰ্যায়ৰ পদ্ধতি বুলিহে গণ্য কৰা হয়।

৭। এই পদ্ধতি কণ কণ শিশুৰ বাবেহে বেছি উপযোগী। 

প্রচেষ্টা আৰু ভুল পদ্ধতিৰ ক্ৰমাগত পৰ্যায়কেইটা হ’ল—

১। এই পদ্ধতিত প্রথম পর্যায়ত,এটা নতুন পৰিৱেশ বা শৈক্ষিক সমস্যা হিচাপে উপস্থাপন কৰিব লাগে।

২। এই পদ্ধতিত দ্বিতীয় পর্যায়টো হ’ল নতুন পৰিৱেশত খাপ খাবৰ বাবে কৰা স্বাভাৱিক প্ৰতিক্রিয়া।

৩। প্রচেষ্টা আৰু ভুল পদ্ধতিৰ তৃতীয় পৰ্যায়ত বাৰে বাৰে কৰা ভুল প্ৰচেষ্টাৰ ফলত আকস্মিকভাৱে সফলতা লাভ কৰা হয়।

৪। এই পদ্ধতিত চতুর্থ পৰ্যায়ত সফলতা লাভ কৰিবলৈ সময় আৰু ভুল প্রতিক্রিয়া ক্রমাগতভাৱে কমি আহে আৰু অৱশেষত ভুল প্রতিক্রিয়া পৰিহাৰ হয়।

৫  প্রচেষ্টা আৰু ভুল পদ্ধতিৰ পঞ্চম পৰ্যায়ত সফল প্ৰচেষ্টাৰ পুনৰাবৃত্তি হয়।

৬। এই পদ্ধতিৰ ষষ্ঠ পৰ্যায়ত সঠিক প্ৰচেষ্টাৰ নিৰ্ধাৰণ হয়।

8. What is learning by imitation. What are different types of imitation? অনুকৰণৰ দ্বাৰা শিকন বুলিলে কি বুজা? অনুকৰণ কেইপ্ৰকাৰৰ?

Ans:- অনুকৰণ এক জীৱনজোৰা প্ৰক্ৰিয়া, যাৰ যোগেদি শিশু, আনকি বয়স্ক লোকসকলেও শিকর্মীয় বিষয়বস্তু আয়ত্ত কৰিব পাৰে। প্রত্যেক লোকেই জীৱনৰ বহু কথা আনৰ পৰা অনুকৰণ কৰি শিকে। শিশুৰ ক্ষেত্ৰত অনুকৰণৰ প্ৰৱণতা আটাইতকৈ বেছি। তেওঁলোকে বিভিন্ন কাম, যেনে- খোজ কঢ়া, কথা কোৱা, খেলা-ধূলা কৰা, লেখা-পঢ়া আদি ডাঙৰক অনুকৰণ কৰি শিকিবলৈ সক্ষ হয়। আনৰ আচৰণক অনুকৰণ কৰাৰ স্বাভাৱিক প্ৰৱণতাই মানুহৰ আনৰ দৰে চিন্তা কৰিবলৈ, অনুভৱ কৰিবলৈ, কাম কৰিবলৈ উৎসাহ কৰি তুলিব পাৰে। বিখ্যাত মনোবিদ পাচী নানে ব্যক্তিৰ অনুকৰণৰ প্ৰৱণতাক মিমেচিচ নামেৰে নামকৰণ কৰিছে। এই Mimesis শব্দটো গ্ৰীক ভাষাৰ শব্দ যাৰ অৰ্থ হৈছে— সজ্ঞান আৰু অজ্ঞান অনুকৰণ। অর্থাৎ যাৰ দ্বাৰা ব্যক্তিয়ে সজ্ঞানে বা অজ্ঞানে আনৰ কৰ্মপন্থা, অনুভূতি, চিন্তা আদি গ্ৰহণ কৰে তাকে মনোবিজ্ঞানৰ ভাষাত মিমেচিচ্ বোলা হয়। পাচী নানে ব্যক্তি আচৰণৰ তিনিটা ৰূপ, যেনে- 

(১) আনৰ অনুভূতিবোধ বা সহানুভূতি।

(২) আনৰ চিন্তাৰে চিন্তা কৰা। আৰু 

(৩) আনৰ কামৰ অনুকৰণ কৰা আদিক একত্ৰিত কৰি মিমেচিচ্ নাম দিছে। 

গতিকে তেওঁৰ মতে মিমেচিচ্ বুলিলে আনৰ ভাবধাৰা, চিন্তাধাৰা, অনুভূতি, কৰ্ম, আদর্শ ইত্যাদিক সহজাত প্রবৃত্তিৰ সহায়ত গ্ৰহণ কৰি নিজৰ কৰি লোৱাকে বুজা যায়। মেডুগেলে মত পোষণ কৰে যে, অনুকৰণ প্ৰৱণতা হ’ল এক সহজাত প্রবৃত্তি। তেওঁৰ মতে ব্যক্তিৰ অনুকৰণ প্ৰৱণতা যুথ প্রবৃত্তিৰ প্ৰভাৱতহে প্ৰকাশ পায়। শিক্ষাবিদ ৰ’চেও অনুকৰণক যৌথ প্রবৃত্তিৰ ক্রিয়ামূলক অৱস্থা হিচাপে অভিহিত কৰে। ঠিক সেইদৰে মনোবিদ ড্ৰেভাৰৰ মতেও অনুকৰণ হ’ল ব্যক্তিৰ এক সহজাত প্ৰৱণতা।

মুঠৰ ওপৰত আনৰ আচৰণক পুনৰাবৃত্তি কৰাকে বা নকল কৰাকে অনুকৰণ বোলা হয়। যেতিয়া কোনো ব্যক্তিয়ে আন ব্যক্তি বা প্ৰাণীৰ কোনো আচৰণৰ দ্বাৰা প্ৰভাৱিত হৈ সেই একে আচৰণকে হুবহু ৰূপত প্ৰদৰ্শন কৰিব বিচাৰে তাকে অনুকৰণ বোলা হয়।

অনুকৰণৰ বৈশিষ্ট্যঃ অনুকৰণৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ-

১। অনুকৰণ এক জীৱনজোৰা প্ৰক্ৰিয়া।

২। আনৰ আচৰণক হুবহু ৰূপত প্ৰদৰ্শন কৰিবলৈ কৰা প্ৰক্ৰিয়াই হৈছে— অনুকৰণ।

৩। অনুকৰণ প্ৰৱণতা সকলো জীৱৰ ক্ষেত্ৰতে পৰিলক্ষিত হয়।

৪। ব্যক্তিয়ে অনুকৰণৰ যোগেদি আনৰ ভাবধাৰা, চিন্তা-আদর্শ আদিক নিজৰ জীৱনত প্ৰয়োগ কৰাৰ চেষ্টা কৰে।

৫। অনুকৰণ প্ৰৱণতা সহজাত প্ৰৱণতাৰ দ্বাৰাহে সংঘটিত হয়; অর্থাৎ ই ব্যক্তিৰ এক সহজাত প্ৰৱণত।

৬। শৈশৱকালত অনুকৰণৰ প্ৰভাৱ অধিক হয়।

৭। অনুকৰণ স্বতঃস্ফূর্ত বা অজ্ঞান আৰু চিন্তাপ্রসূত বা সজ্ঞান অনুকৰণ দুয়োটাই হ’ব পাৰে।

৮। অনুকৰণৰ সুবিধা পালে সৃজনীশীল লোকৰ সৃজনীশীল প্রতিভা বৃদ্ধি হয়। ইত্যাদি।

অনুকৰণৰ প্ৰকাৰ [Types of Imitation] : দুটা বহল ভাগত ভাগ কৰিছে। সেইয়া হ’ল—

১। প্রাথমিক বা স্বতঃস্ফূর্ত বা অচেতন বা অজ্ঞান অনুকৰণ : এজন ব্যক্তিয়ে গম নোপোৱাকৈ বা নিজৰ অজ্ঞতাতে আন ব্যক্তিৰ বিভিন্ন আচৰণ বা কাৰ্য অনুকৰণ কৰে তাকে প্রাথমিক বা অজ্ঞান বা অনৈচ্ছিক অনুকৰণ বোলা হয়। এই প্ৰকাৰৰ অনুকৰণত কোনো উদ্দেশ্য নিহিত হৈ নাথাকে আৰু সৰুকালৰ ল’ৰা-ছোৱালীৰ অনুকৰণ স্বতঃস্ফূর্ত বিধৰ। তেওঁলোকে ইহা, কন্দা, খেলা-ধূলা, চাল-চলন, ডাঙৰক সম্বোধন কৰা আদি আচৰণবোৰ স্বতঃস্ফূর্তভাৱেই অনুকৰণ কৰে।

২। চিন্তাপ্রসূত বা সচেতন বা সজ্ঞান অনুকৰণ : যেতিয়া কোনো ব্যক্তিয়ে সচেতনভাৱে, ভাবি-চিন্তি, নিজৰ যুক্তি, বিচাৰবিবেচনাৰে আনৰ আচৰণ অনুকৰণ কৰে তাকে চিন্তাপ্রসূত বা সচেতন বা সজ্ঞান অনুকৰণ বোলা হয়। এই প্ৰকাৰৰ অনুকৰণ ইচ্ছাকৃত আৰু উদ্দেশ্যপ্রণোদিত। উদাহৰণস্বৰূপে উল গুঠিবলৈ শিকা, নাচিবলৈ শিকা, গান গাবলৈ শিকা, বাদ্যযন্ত্র বজাবলৈ শিকা, ইত্যাদি এইবিধ অনুকৰণৰ উদাহৰণ।

বিশেষকৈ বয়স্কলোকৰ আচৰণত সজ্ঞান অনুকৰণ প্ৰকাশ পায়। বিখ্যাত মনোবিদ মেডুগেলৰ মতে অনুকৰণক তিনিটা ভাগত ভাগ কৰিব পাৰি। সেই কেইটা হ’ল—

১। সহানুভূতিমূলক অনুকৰণ :- যেতিয়া ব্যক্তিয়ে আন ব্যক্তিৰ ভাব অনুভূতি, আৱেগ ইত্যাদি অনুকৰণ কৰি নিজৰ আচৰণত প্রকাশ কৰে তাকে সহানুভূতিমূলক অনুকৰণ বোলা হয়। উদাহৰণস্বৰূপে, আনে ফুৰ্তি কৰা দেখিলে ফুৰ্তি কৰা, আনে কন্দা দেখিলে কন্দা ইত্যাদি।

২। ভাবজ অনুকৰণ :- যেতিয়া ব্যক্তিয়ে আনৰ ভাব অজ্ঞাতসাৰে আৰু স্বতঃস্ফূর্ত ভাৱে অনুকৰণ কৰি নিজৰ আচৰণত প্ৰকাশ কৰে তাকে ভাবজ অনুকৰণ বোলে। উদাহৰণস্বৰূপে আনৰ মুখৰ ভংগিমা, অংগি-ভংগি, চাল-চলন আদি নিজৰ অজ্ঞাতেই অনুকৰণ কৰা হয়। শিশুৰ মাজত এনে অনুকৰণৰ প্ৰভাৱ অধিক হয়।

৩। সচেতন অনুকৰণ :- ব্যক্তিয়ে যেতিয়া নিজৰ সজ্ঞানেই নিজৰ চিন্তা, বিচাৰ-বুদ্ধি, যুক্তি আদি প্ৰয়োগ কৰি আনৰ আচৰণ অনুকৰণ কৰে তাকে সচেতন অনুকৰণ বোলা হয়। উদাহৰণস্বৰূপে, উল গুঁঠিবলৈ শিকা, নাচিবলৈ, গান গাবলৈ শিকা ইত্যাদি সচেতন অনুকৰণ।

9. Give the five definition of leaming. শিকনৰ পাঁচটা সংজ্ঞা দিয়া।

Ans:- শিকন সম্পর্কে বিভিন্ন মনোবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। সেইবোৰৰ ভিতৰৰ পাঁচটা সংজ্ঞা তলত উল্লেখ কৰা হ’ল—

(ক) মনোবিদ এডৱাদ গেইটছৰ মতে, “অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি কৰা আচৰণৰ সংশোধন কাৰ্যই হ’ল শিকন” [Learning is the modification of behaviour through experience and training.] 

(খ) গিলফোর্ড[Guilford] ৰ মতে, “আচৰণৰ পৰিণতিস্বৰূপে পৰৱৰ্তী আচৰণৰ যিকোনো পৰিৱৰ্তনেই হ’ল শিকন” [Learning is any change in behaviour resulting from behaviour.]

(গ) কলভিনৰ মতে, “অভিজ্ঞতাৰ যোগেদি জীৱৰ প্রতিক্রিয়াসমূহৰ সংশোধন সাধনেই হ’ল শিকন।” [Learning is the modification of the reactions of an organism through experience.]

(ঘ) মনোবিদ ৰবাৰ্ট এছ. উদ্ভৱৰ্থ [Robert S. Woodworth] ৰ মতে, “যিকোনো ক্রিয়াকেই শিকন বুলিব পাৰি, যি বাক্তিৰ ভাল-বেয়া যিকোনো দিশতে বিকাশ ঘটাব পাৰে আৰু তেওঁৰ আচৰণ আৰু অভিজ্ঞতা আগতকৈ পৃথক কৰি তুলিব পাৰে”

[Any activity can be called Learning so far as it develops the individual in any respect, good or bad and makes his behaviour and experience different from what that otherwise have been.]

(ঙ) মনোবিদ স্কিনাৰ [Skinner] ৰ মতে, “অভ্যাস, জ্ঞান আৰু মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হৈছে শিকন।” [Learning is both acquisition and retention of habit, knowledge and attitude.]

10. শিক্ষাত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ গুৰুত্ব বা তাৎপর্য সম্পর্কে লিখা?

Ans:- শিক্ষাত প্রচেষ্টা আৰু ভুল পদ্ধতিৰ প্ৰয়োগৰ যথেষ্ট থল আছে। বিদ্যালয়ত কিছুমান বিষয়, যেনে— নেওতা, অংক, কবিতা আদি শিকাৰ ক্ষেত্ৰত এই পদ্ধতি বিশেষভাৱে প্ৰয়োজনীয়। এই পদ্ধতি অনুসৰি কোনো বিষয় বা কামৰ দক্ষতা আয়ত্ত কৰিব বিচাৰিলে বা কোনো নতুন পৰিস্থিতিত নতুন সমস্যা সমাধানৰ পথ উলিয়াবৰ বাবে পুনঃ পুনঃ প্রচেষ্টা চলাবলগীয়া হয়। এই ক্ষেত্ৰত প্ৰথম স্তৰৰ প্ৰচেষ্টা ভুল হোৱাটো স্বাভাৱিক; কিন্তু বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ফলত ভুলৰ পৰিমাণ ক্রমান্বয়ে ব্যক্তিৰ বা শিক্ষাৰ্থীৰ আচৰণৰ পৰা নইকিয়া হৈ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত শুদ্ধ সংযোগ স্থাপন হয়।

এই প্রচেষ্টা আৰু ভুল পদ্ধতি শিক্ষাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰয়োগ কৰা হয়। কাৰণ পুনঃ পুনঃ প্রচেষ্টা আৰু ভুল সংশোধনৰ দ্বাৰাহে শিক্ষাৰ্থীয়ে কোনো কামৰ দক্ষতা আয়ত্ত কৰিবলৈ সক্ষম হয়। থর্নডাইকে এই প্ৰতিক্ৰিয়াক যান্ত্ৰিক আৰু উদ্দেশ্যহীন প্ৰক্ৰিয়া বুলিহে অভিহিত কৰিছে।

দৈনন্দিন জীৱনত এই পদ্ধতি বিশেষভাৱে ফলদায়ক। কাৰণ মানুহে দৈনন্দিন জীৱনত সন্মুখীন হোৱা সমস্যা তৎক্ষণাত সমাধান কৰিবলৈ বুদ্ধি প্ৰয়োগ কৰাতকৈ যান্ত্ৰিকভাৱে প্ৰচেষ্টাহে চলায় আৰু সমস্যাটোক শুদ্ধ সমাধান নোহোৱালৈকে সেই প্রচেষ্টা চলাই থকা হয়।

এই পদ্ধতি শিশুৰ শিক্ষাৰ ক্ষেত্ৰতহে বেছি অপৰিহাৰ্য। কাৰণ শিশুৰ মানসিক অপৰিপক্কতাৰ কাৰণে তেওঁলোকে যুক্তিৰে চিন্তা কৰিব নোৱাৰে, শিশুৱে যান্ত্ৰিকভাৱেহে সমস্যা সমাধান কৰে। নিজৰ নেৰানেপেৰা চেষ্টাৰে শিকাৰ বাবে শিশুৱে ভুল-ত্রুটীৰ হয়৷

11. শিক্ষা-বিষয়ক বৰ্গীকৰণ [Taxonomy of Educational Objectives] হিচাপে সংজ্ঞানাত্মক শিক্ষণ বা ক্ষেত্র [Cognitive Domain] সম্পর্কে আলোচনা কৰা?

Ans:- চিকাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বেঞ্জামিন ব্লুমে ১৯৫৬ চনত শিক্ষার্থীসকলে শিক্ষাৰ ক্ষেত্ৰত উৎকর্ষ সাধন কৰিবলগীয়া আচৰণসমূহৰ ওপৰত ভিত্তি কৰি সংজ্ঞানাত্মক ক্ষেত্ৰত কেইটামান বিশেষ উদ্দেশ্য তথা দিশ অন্তর্ভুক্ত কৰিছে। তেওঁ এইসমূহক ছটা স্তৰত শ্রেণী বিভাজন কৰিছে। সেইসমূহ তলত আলোচনা কৰা হ’ল—

জ্ঞান (Knowledge) – জ্ঞান হৈছে সংজ্ঞানাত্মক ক্ষেত্ৰত আটাইতকৈ সংকীৰ্ণ আৰু নিম্নতম স্তৰ। এই জ্ঞান শব্দটোৱে বিভিন্ন তথ্য, সূত্র, সংজ্ঞা আদি খবৰজাতীয় জ্ঞান আহৰণ কৰাকে বুজায়। ইয়াত বিষয়বস্তু সম্পর্কে জানিলেই হ’ল, বুজি পোৱাৰ বিশেষ কথা নাথাকে ৷ এই জ্ঞান কৃতকার্যতাৰে আহৰণ কৰাসকলে প্ৰয়োজন অনুসৰি ভৱিষ্যতে জানি থোৱা কথা কৈ, লিখি বা কামৰ জৰিয়তে ব্যক্ত কৰিব পাৰি। এই স্তৰত স্মৰণ, চিনাক্তকৰণ, বিশেষীকৰণ, সাৰ্বজনীনতা, নক্সা, প্ৰক্ৰিয়া, ধাৰণা, ঘটনা আদি অন্তৰ্ভুক্ত হৈ আছে। ব্যক্তিয়ে এই স্তৰত কেৱল মুখস্থ কৰিলেই হয়।

বোধ (Comprehension) – বোধ জ্ঞানতকৈ বেছি উন্নত স্তৰ। বোধ মানে হৈছে শিক্ষার্থীয়ে বিভিন্ন তথ্য, সূত্র, সংজ্ঞা, কোনো  কথা, ঘটনা, নীতি, ধাৰণা, তত্ব আদিৰ অৰ্থ বুজি পোৱা, হৃদংগম কৰা বা বোধগম্য হোৱাৰ ক্ষমতা। ব্যক্তিয়ে এই স্তৰত জনা কথা কেৱল মুখস্থ কৰাই নহয়, বৰং সেইবোৰৰ গূঢ়ার্থ, পাৰস্পৰিক সম্বন্ধ আদিক উপলব্ধি কৰে। অৰ্থাৎ এই স্তৰত ব্যক্তিয়ে তথা শিক্ষার্থীয়ে মূৰ্ত শিক্ষণ লাভ কৰি মূৰ্ত মাধ্যমেৰে তথা অৰ্থকৰণ, ভাবানুবাদ, ব্যাখ্যাকৰণ আদিৰ জৰিয়তে বিষয়বস্তুক নিজে সহজ-সৰলভাৱে বুজি লৈ জ্ঞান অৰ্জন কৰে।

প্রয়োগ (Application) – প্রয়োগ বুলি কলে জনা বা বুজি পোৱা কথাক বিভিন্ন ক্ষেত্ৰত উপস্থাপন বা ব্যৱহাৰ কৰি বা নতুন সমস্যাক বাস্তৱ পৰিস্থিতিত প্ৰয়োগ কৰাক বুজায়। অভিজ্ঞতা বা জ্ঞানক যদি সাৰ্থকভাৱে প্ৰয়োগ কৰিব পাৰিছে তেন্তে জানিব লাগিব যে তেওঁ জ্ঞান আৰু বোধৰ স্তৰ কৃতকার্যতাৰে অতিক্ৰম কৰিছে।

বিশ্লেষণ (Analysis) – কোনো এটা জটিল সমস্যা বা পৰিস্থিতি, তথ্য বা ধাৰণা বা পদ্ধতিক ভালকৈ বুজি তাক ফঁহিয়াই চালি-জাৰি চাই মনতে সৰল উপাদানলৈ ভাঙি ল’ব জনা পদ্ধতিকে বিশ্লেষণ বোলা হয়। এনেদৰে সৰল উপাদানলৈ ভাঙি লোৱাৰ পাছত সেইসমূহৰ গাইগুটীয়া বৈশিষ্ট্য আৰু সিঁহতৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ সহজেই উপলব্ধি কৰিব পাৰিব। যি ব্যক্তিয়ে উপযুক্তভাৱে বিশ্লেষণ কৰিব পাৰে, তেওঁ জটিল প্রক্রিয়াত কি ঘটিছে আৰু ই কেনেদৰে ক্ৰিয়া কৰিছে। সেয়া সহজে বুজিব পাৰে। ই শিক্ষাৰ্থীৰ যুক্তি সামৰ্থৰ উন্নতি ঘটায়।

সংশ্লেষণ (Synthesis) – বিশ্লেষণৰ বিপৰীত প্ৰক্ৰিয়াক সংশ্লেষণ বুলি কোৱা হয়। সংশ্লেষণে কোনো বস্তু বা সমস্যাৰ প্রয়োজনীয় অংশসমূহ বা সৰল উপাদানসমূহক প্ৰণালীৱদ্ধভাৱে একত্ৰিত কৰি এক অৰ্থপূৰ্ণ ৰূপ দান কৰাকে বুজায়। ই সামগ্রিকভাৱে শিক্ষাৰ্থীৰ সৃজণাত্মক সামৰ্থৰ উন্নতি ঘটায়। সংশ্লেষণৰ কাৰণে শিক্ষার্থীয়ে বস্তু বা সমস্যাটোৰ উপাদানসমূহৰ মাজৰ সাদৃশ্য, পাৰস্পৰিক সম্বন্ধ, নিৰ্ভৰশীলতা আদিক স্পষ্টকৈ উপলব্ধি কৰিব লাগিব। সেয়ে সংশ্লেষণে শিক্ষার্থীক অন্তদৰ্শনৰ জৰিয়তে সামগ্ৰিকভাৱে নতুন ধ্যান-ধাৰণা সৃষ্টি কৰাৰ সামৰ্থতাৰ ওপৰত গুৰুত্ব দিয়ে।

মূল্যায়ন (Evaluation) – সংজ্ঞানাত্মক ক্ষেত্ৰৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ উপযুক্ততা বিচাৰ কৰা, যুক্তিকৰণ, শুদ্ধ সংশ্লেষণ, বিশ্লেষণ, তুলনা, সাধাৰণীকৰণ আদি দিশসমূহৰ উন্নতিকৰণত সহায় কৰা। যাৰ জৰিয়তে শিক্ষাৰ্থীৰ মনঃস্তাত্বিক আৰু বৌদ্ধিক সামৰ্থৰ উন্নতি ঘটিব। মূল্যায়ন মানে যিকোনো বৌদ্ধিক সমস্যা বা পৰিস্থিতিত আটাইবিলাক দিশ ভালকৈ বিচাৰ-বিশ্লেষণ কৰি সামগ্ৰিকভাৱে বুজি পোৱা আৰু সেইসমূহ সম্পূৰ্ণভাৱে আয়ত্ব কৰি সম্ভাব্য সমাধান আগবঢ়াব পৰা দক্ষতা। ই হ’ল সংজ্ঞানাত্মক ক্ষেত্ৰত শেষ আৰু উন্নত স্তৰ।

12. Write briefly about learning by imitation.

অনুকৰণৰ দ্বাৰা শিকনৰ বিষয়ে চমুকৈ লিখা

Ans:- নিজ প্রচেষ্টাৰে শিকিবলৈ অক্ষম হ’লে বা নিজৰ বুদ্ধিৰে কাম একোটা কৰিবলৈ সক্ষম নহ’লে আনে কেনেকৈ কৰিছে তাক পর্যবেক্ষণ কৰে আৰু আনে কৰাৰ দৰে কামটো কৰাৰ প্ৰৱণতা বহুতৰে থাকে। ইয়েই হ’ল অনুকৰণ। অনুকৰণ দুই প্ৰকাৰে সম্ভৱ হয়। স্বতঃস্ফুর্ত আৰু ইচ্ছাকৃতভাৱে। সৰু সৰু ল’ৰা ছোৱালীৰ অনুকৰণ স্বতঃস্ফুর্ত। মাক-দেউতাক, অভিভাৱক, শিক্ষক আৰু অন্যান্য জেষ্ঠসকলৰ ব্যক্তিগত সংস্পৰ্শলৈ অহা শিশুৱে তেখেতসকলৰ কথা-বতৰা, চাল-চলন আদি আচৰণবোৰ নিজৰ আচৰণত প্ৰতিফলিত কৰে। শিশুৰ আচৰণ যে তেওঁক লালন পালন কৰা অভিভাৱকৰ দৰেই হৈছে সেই কথা শিশুৱে নিজেও গম নাপায়৷ এনে ধৰণৰ অনুকৰণেই স্বতঃস্ফূর্ত। আনহাতে বয়স বাঢ়ি অহাৰ লগে লগে শিশুৱে ভাল-বেয়া বিচাৰ কৰিব পৰা হয়। আনৰ যিবোৰ আচৰণ তেওঁলোকৰ ভাল লাগে সেইবোৰ অনুকৰণ কৰে। বেয়া লগাবোৰৰ পৰা আঁতৰত থাকিবলৈ বিচাৰে। এনেদৰে বাচ-বিচাৰ কৰি কৰা অনুকৰণেই ইচ্ছাকৃত অনুকৰণ। মাধ্যমিক পৰ্যায়ৰ ল’ৰা-ছোৱালীয়ে ইচ্ছাকৃতভাৱে অনুকৰণ কৰি বহুত কথা আৰু কৌশল আয়ত্ব কৰে। সেয়ে এই পৰ্যায়ৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি প্ৰদৰ্শন কৰা তেওঁলোকৰ ব্যৱহাৰত সতর্ক হ’ব লাগে, যাতে তেওঁলোকক অনুকৰণ কৰিবলৈ বিচৰা শিক্ষাৰ্থীসকল সজ-আচৰণৰ পৰা বঞ্ছিত হ’ব লগা নহয়। শিক্ষার্থীসকলে কেৱল ভাল লগা অনুভূতিৰ বাবেই প্রয়োজনীয় আচৰণ কিছুমান যাতে অনুকৰণ নকৰে, তাৰ প্ৰতিও সজাগ হ’ব লগা হয়। আনে কাম কৰাৰ পদ্ধতি একোটা কেৱল ভাল লাগে বাবেই অনুকৰণ কৰিবলৈ গৈ নিজৰ শক্তি সামৰ্থৰ প্ৰতি অৱহেলা কৰা হয়। যিটো বিষয়ত নিজৰ সামর্থ প্ৰকাশ কৰাৰ সুবিধা থাকে তেনে বিষয়ত আনক অনুকৰণ কৰাৰ ফলস্বৰূপে নিজৰ বুদ্ধিবৃত্তি বিকাশত নিজেই হেঙাৰ হৈ পৰে। গতিকে শিক্ষাৰ্থীসকলক যিমান দূৰলৈকে পাৰি নিজ প্রচেষ্টাৰে কোনো কাম কৰিবলৈ দিব লাগে। আনৰ ভাল কামক আৰ্হি হিচাপে গ্রহণ কৰিব পৰাটো আদৰ্শ অনুকৰণৰ পৰিচায়ক আৰু কোনো আদৰ্শগত কাৰণ নথকাকৈ কেৱল ভাল লাগে বাবেই অনুকৰণ কৰাটো হ’ল অন্ধ অনুকৰণৰ চিন। এই দ্বিতীয় বিধ অনুকৰণ বৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে।

শিক্ষাগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা ওপৰোক্ত পদ্ধতিবোৰ পৰস্পৰ বিৰোধী নহয়। বৰং ইটো সিটোৰ পৰিপূৰকহে। শিক্ষাৰ্থীৰ মানসিক পৰিপক্কতা, সময় আৰু সুবিধা অনুপাতে বিভিন্ন বিষয়ত পাৰদৰ্শিতা লাভ কৰিবলৈ আটাইবোৰ পদ্ধতিৰে প্ৰয়োজন হয়। বিভিন্ন পৰ্যায়ৰ শিক্ষার্থীসকলে কোনটো পদ্ধতিৰে অধিক ফলপ্রসূভাৱে শিকিব পাৰে সেইটো লক্ষ্য কৰি সেই পদ্ধতিকে নির্ভুলভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহ যোগাব লাগে।

13. Mention 8th conditions of effective learning.

কাৰ্যকৰী শিকনৰ আঠটা চৰ্তাৱলী উল্লেখ কৰা।

Ans:- শিকন কার্যক কার্যকৰী কৰি তুলিবৰ বাবে কম কষ্ট আৰু কম সময়ত শিক্ষার্থীক সার্থকভাৱে শিক্ষা দিবলৈ শিকনৰ কেইটামান চৰ্তৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। এই চৰ্তসমূহ হ’ল –

১। অভ্যাস গঠন (Habit Formation) : শিক্ষকে শিক্ষার্থীক সজ অভ্যাস গঠন কৰিবলৈ বিশেষ উৎসাহ প্রদান কৰিব লাগে। কিয়নো অভ্যাসে শিক্ষাৰ্থীৰ ব্যৱহাৰত ত্রুটীপূৰ্ণ প্ৰতিক্ৰিয়াৰ সংখ্যা হাস কৰে আৰু শিক্ষাৰ্থীক এক নিৰ্দিষ্ট পথেৰে আগবাঢ়ি যোৱাত সহায় কৰে। ফলত তেওঁলোকে শিকা কথাবিলাক সোনকালে মনত ৰাখিব পাৰে।

২। অনুশীলন (Revision) : পুনঃ পুনঃ অনুশীলনে শিক্ষা গ্রহণ প্রক্রিয়াক দৃঢ় আৰু স্থায়ী ৰূপ দান কৰিব পাৰে। গতিকে শিকনক সফল কৰিবলৈ অনুশীলনৰ অত্যন্ত দৰকাৰ।

৩। প্রস্তুতি (Preparation) : শিকন কাৰ্যৰ বাবে দৈহিক আৰু মানসিক প্রস্তুতিৰ বিশেষ প্রয়োজন। কোনো কথা বা কোনো নতুন বিষয় শিকিবৰ বাবে জ্ঞানমূলক আৰু অনুভূতিমূলক প্রস্তুতিৰ অত্যন্ত প্রয়োজন।

৪। শিকন সঞ্চালনৰ ব্যৱস্থা [Transfer of Learning] : শিকনৰ দ্বাৰা কৃতকাৰ্য আৰু সফলতা লাভ কৰিবলৈ হ’লে পূৰ্বৰ শিক্ষা অভিজ্ঞতাক বর্তমান পৰিৱেশ-পৰিস্থিতিত প্ৰয়োগ কৰিব লাগে।

৫। জিৰণি [Rest] : কাৰ্যকৰী শিকনৰ বাবে জিৰণিৰ অতি প্রয়োজন। শিক্ষার্থীয়ে শিকনীয় বিষয় অবিৰামভাৱে অনুশীলন কৰি থাকিলে ক্লান্তি অনুভৱ কৰে আৰু ক্লান্তিয়ে শিক্ষাকার্যত বাধাৰ সৃষ্টি কবে। গতিকে শিক্ষা অনুশীলনৰ সময়ত মাজে মাজে জিৰণি লোৱাটো দৰকাৰ।

৬। আগ্ৰহ আৰু অভিৰোচন [Interest and Motivation] :  শিকন কাৰ্যক কার্যকৰী কৰি তুলিবৰ বাবে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু অভিৰোচনৰ প্ৰয়োজন। আগ্ৰহ আৰু অভিৰোচনে শিক্ষাৰ্থীক শিক্ষা আহৰণৰ প্ৰতি উদ্যম আৰু প্ৰেৰণা যোগায়।

৭। সম্পূর্ণ শিকন [Whole Learning] : কাৰ্যকৰী শিকনৰ বাবে শিকনীয় বিষয়বস্তু খণ্ড খণ্ডকৈ আয়ত্ত কৰিবলৈ যতন কৰাতকৈ সম্পূৰ্ণভাৱেহে শিকিবলৈ যত্ন কৰিব লাগে। অৱশ্যে যদিহে বিষয়বস্তু দীঘলীয়া হয় নাইবা জটিল হয় তেনেক্ষেত্ৰতহে সেই বিষয়বস্তুক খণ্ড খণ্ডকৈ শিকিব লাগে।

৮। শিক্ষা নির্দেশনা [Education Guidance] : শিক্ষার্থীয়ে শিক্ষাৰ নিৰ্দিষ্ট লক্ষ্যত সফলভাৱে উপনীত হ’বৰ বাবে যথোপযুক্ত নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰাটো অতি আৱশ্যকীয়। শিক্ষাৰ লক্ষ্য সম্পর্কে নিশ্চিত হ’লেহে শিক্ষাৰ্থীৰ শিক্ষা কার্যকৰী হয়।

14. Mention three basic laws of learning. শিকনৰ মুখ্য নীতি তিনিটা উল্লেখ কৰা।

Ans:- শিকনৰ মুখ্য নীতি তিনিটা হৈছে—

১। ফলাফলৰ নীতি (Law of effect) : উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যি সংযোগ স্থাপিত হয় সেই সংযোগ যদি শিক্ষাৰ্থীৰ বাবে সন্তোষজনক আৰু তৃপ্তিদায়ক হয় তেতিয়া সেই সংযোগ দৃঢ়তৰ হয় আৰু যদি ই বিৰক্তিকৰ হয় তেন্তে উক্ত সংযোগ শিথিল হৈ পৰা দেখা যায়। কিয়নো মনোবিজ্ঞানীসকলৰ মতে প্ৰাণীয়ে নিজ কাৰ্যৰ সুখজনক নাইবা দুখজনক ফল লাভ সন্দৰ্ভতহে সেই কাৰ্যৰ প্ৰতি নিজৰ আচৰণ প্ৰদৰ্শন কৰে। মাছ আৰু মেকুৰীৰ উদাহৰণটোত দেখা গৈছে যে কোঠালিৰ পৰা ওলাব পাৰিলেই মেকুৰীটোৱে মাছ খাবলৈ পায় আৰু তৃপ্তি অনুভৱ কৰে। গতিকে যি কিটিপেৰে সি কোঠালিৰ বাহিৰলৈ আহিব পাৰে সেই কিটিপটো তাৰ মনত স্থায়ী হৈ পৰে আৰু যিবিলাক ভুল সংযোগৰ দ্বাৰা সি তাৰ অভীষ্ট খাদ্য পোৱাত বিফল হৈছিল সেইবোৰ ক্ৰমে পাহৰিবলৈ লয়। এই সূত্ৰক পুৰস্কাৰ আৰু শাস্তি সম্পৰ্কীয় সূত্র (Law of Reward and Punishment) বুলিও জনা যায়। শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে। শিক্ষার্থীক যিবিলাক প্রতিক্ৰিয়াৰ বাবে পুৰস্কৃত কৰা হয় সেইবোৰে তাক তৃপ্তি দিয়ে। সেইকাৰণেই এই প্ৰতিক্ৰিয়াবোৰ সিহঁতৰ আচৰণত স্থায়ী হৈ পৰে। আনহাতে যি প্ৰতিক্ৰিয়াৰ ফলত সিহঁতে শাস্তি পাই বিৰক্তি অনুভৱ কৰে সেইবোৰ সিহঁতৰ চৰিত্ৰৰ পৰা মচ খাই যায়। গতিকে কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ শিক্ষা দিওঁতে ছাত্ৰক শাস্তি দি উদ্যমহীন কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে আৰু আনহাতে অবাঞ্ছনীয় আচৰণ আৰু কাৰ্য বৰ্জন কৰিবৰ কাৰণে মাজে-সময়ে শাস্তিৰ ব্যৱস্থ কৰিব লাগে।

২। অনুশীলনৰ নীতি (Law of practice) : এটা বিশেষ উদ্দীপকৰ লগত যদি বিশেষ প্রতিক্রিয়াক সংযুক্ত কৰা যায় তেতিয়া সিহঁতৰ মাজত এটা বন্ধন বা সংযোগ স্থাপিত হয়। আনহাতে কোনো উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যদি বহুদিন ব্যাপি কোনো সংযোগ স্থাপিত নহয় তেন্তে পূৰ্বৰ সেই সংযোগ শিথিল হৈ পৰে। থনডাইকৰ এই নীতিৰ দুটা ভাগ হ’ল— ব্যৱহাৰৰ নীতি (Law of use) আৰু অব্যৱহাৰৰ নীতি (Law of disuse)। ইয়াৰ মূল কথা হ’ল যে অনুশীলনৰ দ্বাৰা উদ্দীপক প্ৰতিক্ৰিয়াৰ বন্ধন (S. R. Bond) দৃঢ়তৰ কৰিব পাৰি। আনহাতে অনুশীলনৰ অভাৱতে এই বন্ধন নাইকিয়া হৈ যায়। সাঁতোৰা, গাড়ী চলোৱা, কাপোৰ বোৱা ইত্যাদি কাম বহুত দিন নকৰিলে পাহৰি যোৱা যায় আৰু চৰ্চা থাকিলে সহজে কৰিব পৰাৰ দক্ষতা থাকে। শিক্ষাক্ষেত্ৰত এইদৰে দেখা যায় যে এটা কাম শিকি তাৰ চৰ্চা বা পুনঃ পুনঃ অনুশীলন কৰাৰ অত্যন্ত প্রয়োজন। কথাতে কয় বোলে—ঘঁহি থাকিলে শিলো ক্ষয় যায়। শিক্ষকসকলে এই সূত্ৰ মনত ৰাখি এবাৰ পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰিব লাগে যাতে অভ্যাসৰ কাৰণে শিক্ষার্থীয়ে শিকা কথা পাহৰি নাযায়।

৩। প্রস্তুতিৰ নীতি (Law of readiness) : কোনো এটা উদ্দীপকৰ লগত ভাল উপযোগী প্রতিক্ৰিয়াৰ সংযোগ কৰিবলৈ মনৰ প্ৰস্তুতিৰ বিশেষ প্রয়োজন। যেতিয়া আমাৰ এই মানসিক প্রস্তুতি থাকে তেতিয়া শিক্ষাকার্যই মনলৈ সন্তোষ আনে আৰু যেতিয়া প্ৰস্তুতিৰ অভাৱ হয় তেতিয়া মন বিৰক্তিৰে ভৰি পৰে৷ এই প্রস্তুতিৰ দ্বাৰা মানসিক প্রস্তুতিৰ বাহিৰেও জীৱৰ দৈহিক আৰু স্নায়ৱিক প্ৰস্তুতিকো ধৰা হৈছে।

শিক্ষাৰ ক্ষেত্ৰত এই সূত্ৰৰ বিশেষ গুৰুত্ব আছে, কাৰণ ছাত্ৰৰ যদি শিক্ষা লাভৰ কাৰণে মানসিক প্রস্তুতি নাথাকে,তেন্তে সি শিক্ষাৰ পৰা কোনো সুফল নাপায়। গতিকে শ্ৰেণীত শিক্ষাদান কৰোঁতে শিক্ষকসকলে শিক্ষাৰ্থীৰ মনৰ প্ৰস্তুতিৰ কাৰণে যত্ন কৰিব লাগে। শিকাবলগীয়া পাঠটিৰ প্ৰতি ছাত্ৰক আকৰ্ষিত কৰিব পাৰিলেই সিহঁতৰ মন শ্ৰেণীৰ পাঠগ্ৰহণৰ বাবে প্ৰস্তুত হয়।

15. আনুভূতিক ক্ষেত্ৰৰ চাৰিটা স্তৰ উল্লেখ কৰা?

Ans:- শিক্ষাৰ আনুভূমিক ক্ষেত্ৰই শিক্ষাৰ্থীৰ ইচ্ছা, আগ্রহ, অনুভূতি, প্রকাশভংগী, সমাযোজন আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ১৯৬৪ চনত ক্ৰেথৱেল আৰু তেখেতৰ লগৰীয়াসকলে শিক্ষণৰ আনুভূতিক ক্ষেত্ৰৰ কেইবাটাও স্তৰৰ কথা উল্লেখ কৰিছে। সেইবোৰৰ ভিতৰত চাৰিটা হৈছে—

গ্ৰহণ কৰা (Receiving) উদ্দীপনা গ্ৰহণ কৰিবৰ বাবে কোনো বিশেষ বিষয় বা উদ্দীপকৰ প্ৰতি শিক্ষাৰ্থীৰ ইচ্ছা, মনোযোগৰ বাবে আগ্রহ, মনোবল আদিৰ প্ৰতি মনোভাৱ গঢ়ি তোলা; যেনে, ছাত্ৰই শুনে, প্রশ্ন সোধে, ভালকৈ শুনিবলৈ বা দেখিবৰ বাবে পোন হৈ বহে, মনোযোগেৰে চাই আদিয়ে আন্তৰিকতাৰ পৰিচয় দিয়ে বাবে সেইবোৰত গুৰুত্ব দিয়ে।

প্রতিক্রিয়া (Responding) প্রতিক্রিয়াাা মানে শিক্ষণীয় বিষয়ৰ প্ৰতি শিক্ষার্থীক সক্রিয়ভাৱে অংশ গ্ৰহণ কৰাৰ বাবে আগ্রহ জন্মোৱা আৰু আনন্দিত কৰি তোলা; যেনে, ছাত্ৰই প্ৰশ্নৰ উত্তৰ দিয়া, আদেশ পালন কৰা, পঢ়া, লিখা, মানি চলা আদি কাৰ্যৰ সমষ্টিয়েই হ’ল প্রতিক্রিয়া প্রদর্শন।

মূল্য আৰোপ কৰা (Valuing) শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন  ঘটোৱা আৰু বিভিন্ন কথাত মূল্য আৰোপ কৰাৰ সামৰ্থ আহৰণত সহায় কৰা। মূল্য আৰোপ কৰাৰ লগতে ব্যক্তিগত মনোভাৱ আৰু সামাজিক বিচাৰ জড়িত হৈ আছে। ছাত্ৰই সমৰ্থন কৰা, পছন্দ কৰা, সন্মতি প্ৰকাশ কৰা, যুক্তিৰে চালি-জাৰি চোৱা, সংকল্প গ্ৰহণ কৰা ইত্যাদি প্ৰতিক্ৰিয়াৰ জৰিয়তে বিভিন্ন কথাত বিভিন্ন ধৰণেৰে মূল্য আৰোপ কৰিছে।

সংগঠন (Organisation) শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ মানসিক প্রক্রিয়াসমূহ; যেনে, সংবেদন, সংবোধন আৰু সংপ্ৰত্যয়ন দিশ সংগঠিত কৰি তোলা। অর্থাৎ বিভিন্ন দিশত দিয়া অকলশৰীয়া মূল্যসমূহক একগোট কৰা, সেইবিলাকৰ তুলনা আৰু সম্বন্ধ স্থাপন কৰাৰ সামৰ্থই হ’ল সংগঠন।

16. শিক্ষা-বিষয়ক বৰ্গীকৰণ [Taxonomy of Educational Objectives] হিচাপে আনুভূতিক ক্ষেত্র (Affective Domain) সম্পর্কে আলোচনা কৰা?

Ans:- শিক্ষাৰ আনুভূমিক ক্ষেত্রই শিক্ষাৰ্থীৰ ইচ্ছা, আগ্রহ, অনুভূতি, প্রকাশভংগী, সমাযোজন আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ১৯৬৪ চনত ক্ৰেথৱেল আৰু তেখেতৰ লগৰীয়াসকলে শিক্ষণৰ আনুভূতিক ক্ষেত্ৰৰ কেইটামান স্তৰৰ কথা উল্লেখ কৰিছে। সেইবেৰ হ’ল—

গ্ৰহণ কৰা (Receiving) উদ্দীপনা গ্ৰহণ কৰিবৰ বাবে কোনো বিশেষ বিষয় বা উদ্দীপকৰ প্ৰতি শিক্ষাৰ্থীৰ ইচ্ছা, মনোযোগৰ বাবে সমষ্টিয়েই হ’ল প্রতিক্রিয়া প্রদর্শন।

মূল্য আৰোপ কৰা (Valuing) শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন  ঘটোৱা আৰু বিভিন্ন কথাত মূল্য আৰোপ কৰাৰ সামৰ্থ আহৰণত সহায় কৰা। মূল্য আৰোপ কৰাৰ লগতে ব্যক্তিগত মনোভাৱ আৰু সামাজিক বিচাৰ জড়িত হৈ আছে। ছাত্ৰই সমৰ্থন কৰা, পছন্দ কৰা, সন্মতি প্ৰকাশ কৰা, যুক্তিৰে চালি-জাৰি চোৱা, সংকল্প গ্ৰহণ কৰা ইত্যাদি প্ৰতিক্ৰিয়াৰ জৰিয়তে বিভিন্ন কথাত বিভিন্ন ধৰণেৰে মূল্য আৰোপ কৰিছে।

সংগঠন (Organisation) শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ মানসিক প্রক্রিয়াসমূহ; যেনে, সংবেদন, সংবোধন আৰু সংপ্ৰত্যয়ন দিশ সংগঠিত কৰি তোলা। অর্থাৎ বিভিন্ন দিশত দিয়া অকলশৰীয়া মূল্যসমূহক একগোট কৰা, সেইবিলাকৰ তুলনা আৰু সম্বন্ধ স্থাপন কৰাৰ সামৰ্থই হ’ল সংগঠন।

16. শিক্ষা-বিষয়ক বৰ্গীকৰণ [Taxonomy of Educational Objectives] হিচাপে আনুভূতিক ক্ষেত্র (Affective Domain) সম্পর্কে আলোচনা কৰা?

Ans:- শিক্ষাৰ আনুভূমিক ক্ষেত্রই শিক্ষাৰ্থীৰ ইচ্ছা, আগ্রহ, অনুভূতি, প্রকাশভংগী, সমাযোজন আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ১৯৬৪ চনত ক্ৰেথৱেল আৰু তেখেতৰ লগৰীয়াসকলে শিক্ষণৰ আনুভূতিক ক্ষেত্ৰৰ কেইটামান স্তৰৰ কথা উল্লেখ কৰিছে। সেইবেৰ হ’ল—

গ্ৰহণ কৰা (Receiving) উদ্দীপনা গ্ৰহণ কৰিবৰ বাবে কোনো বিশেষ বিষয় বা উদ্দীপকৰ প্ৰতি শিক্ষাৰ্থীৰ ইচ্ছা, মনোযোগৰ বাবে আগ্রহ, মনোবল আদিৰ প্ৰতি মনোভাৱ গঢ়ি তোলা; যেনে, ছাত্রই শুনে, প্রশ্ন সোধে, ভালকৈ শুনিবলৈ বা দেখিবৰ বাবে পোন হৈ বহে, মনোযোগেৰে চাই আদিয়ে আন্তৰিকতাৰ পৰিচয় দিয়ে বাবে সেইবোৰত গুৰুত্ব দিয়ে।

প্রতিক্রিয়া (Responding) প্রতিক্রিয়াাা মানে শিক্ষণীয় বিষয়ৰ প্ৰতি শিক্ষার্থীক সক্রিয়ভাৱে অংশ গ্ৰহণ কৰাৰ বাবে আগ্রহ জন্মোৱা আৰু আনন্দিত কৰি তোলা; যেনে, ছাত্রই প্ৰশ্নৰ উত্তৰ দিয়া, আদেশ পালন কৰা, পঢ়া, লিখা, মানি চলা আদি কাৰ্যৰ সমষ্টিয়েই হ’ল প্রতিক্রিয়া প্রদর্শন।

মূল্য আৰোপ কৰা (Valuing) শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন ঘটোৱা আৰু বিভিন্ন কথাত মূল্য আৰোপ কৰাৰ সামৰ্থ আহৰণত সহায় কৰা। মূল্য আৰোপ কৰাৰ লগতে ব্যক্তিগত মনোভাৱ আৰু সামাজিক বিচাৰ জড়িত হৈ আছে। ছাত্রই সমৰ্থন কৰা, পছন্দ কৰা, সন্মতি প্ৰকাশ কৰা, যুক্তিৰে চালি-জাৰি চোৱা, সংকল্প গ্ৰহণ কৰা ইত্যাদি প্ৰতিক্ৰিয়াৰ জৰিয়তে বিভিন্ন কথাত বিভিন্ন ধৰণেৰে মূল্য আৰোপ কৰিছে।

সংগঠন (Organisation) শিক্ষাৰ্থীৰ জ্ঞান আহৰণৰ মানসিক প্রক্রিয়াসমূহ; যেনে, সংবেদন, সংবোধন আৰু সংপ্রত্যয়ন দিশ সংগঠিত কৰি তোলা। অর্থাৎ বিভিন্ন দিশত দিয়া অকলশৰীয়া মূল্যসমূহক একগোট কৰা, সেইবিলাকৰ তুলনা আৰু সম্বন্ধ স্থাপন কৰাৰ সামৰ্থই হ’ল সংগঠন।

বৈশিষ্ট্যকৰণ (Characterisation) বৈশিষ্ট্যকৰণ মানে বিভিন্ন দিশত গঢ়ি উঠা মূল্যবোধসমূহক একত্ৰিত কৰি নিৰ্দিষ্ট জীৱন দর্শন সৃষ্টি কৰাৰ সামর্থ গঢ়ি তোলা। ছাত্ৰই সেৱা আগবঢ়োৱা, কার্য সম্পাদনা কৰা, আত্মচেতনা প্ৰকাশ কৰা, প্ৰভাৱ বিস্তাৰ কৰা আদি প্ৰক্ৰিয়া প্ৰদৰ্শন কৰাৰ পৰাই বুজিব পাৰি যে সিহঁতে বিভিন্ন দিশত মূল্যবোধ আয়ত্ব কৰি এক নিৰ্দিষ্ট ব্যক্তিত্ব আয়ত্ব কৰিলে।

17. How learning takes place through trial and error method. Justify your answer. প্রচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা শিকন কিদৰে সংঘটিত হয়? উপযুক্ত যুক্তিৰে উত্তৰ দিয়া।

Ans:- থর্নডাইকে প্রচেষ্টা আৰু ভুলৰ মাধ্যমেৰে কেনেকৈ শিকন সম্ভৱ হয় তাক আৱিষ্কাৰ কৰিবৰ বাবে এটা মেকুৰীৰ ওপৰত পৰীক্ষা চলাইছিল। তেওঁ এটা ভোকাতুৰ মেকুৰীক এটা সজাৰ ভিতৰত বন্দী কৰি থৈ সজাটোৰ বাহিৰত মেকুৰীটোৱে দেখি থকাকৈ খাদ্যবস্তু ৰাখিছিল । সজাটোৰ দুৱাৰখন এনে এটা কৌশলেৰে এডাল শলখা লগাই জপাই থোৱা হৈছিল যে শলখাডালত সামান্য হেঁচা  পৰিলেই দুৱাৰখন তৎক্ষণাত খুলি যাব। মেকুৰীটোৱে সজাৰ বাহিৰত  খাদ্যবস্তু দেখি বাহিৰলৈ ওলাই আহিবৰ বাবে সজাৰ ভিতৰত অ’তত’ত জঁপিয়াই প্রচেষ্টা চলাবলৈ ধৰিলে। বহু সময় উদ্দেশ্যহীন আৰু বিশৃংখলভাৱে প্ৰচেষ্টা চলাই থাকৌতেই এবাৰ হঠাৎ দুৱাৰৰ শলখাডালত মেকুৰীটোৰ হাতোৰাখনৰ হেঁচা পৰি দুৱাৰখন খুলি গ’ল আৰু লগে লগে মেকুৰীটোৱে খাদ্যবস্তু খাবলৈ সক্ষম হ’ল।

দ্বিতীয় দিনাও একেটা মেকুৰীকে সেই একেটা কৌশলৰ সজাতে বন্দী কৰি বাহিৰত খাদ্যবস্তু ৰখা হৈছিল। মেকুৰীটোৱে সজাটোত প্ৰথম দিনাৰ দৰেই উদ্দেশ্যহীন আৰু বিশৃংখলভাৱে জঁপিয়াই ফুৰিবলৈ ধৰিলে। তেনেদৰে জঁপিয়াই থাকোঁতেই এটা সময়ত দুৱাৰখন খুলি গ’ল আৰু মেকুৰীটো সজাৰ বাহিৰলৈ ওলাই আহি খাদ্যবস্তু খাবলৈ সক্ষম হ’ল; কিন্তু দেখা গ’ল যে প্রথম দিনাৰ তুলনাত দ্বিতীয় দিনাৰ প্ৰচেষ্টাত ভুলৰ সংখ্যা কম হ’ল।

ঠিক সেইদৰেই তৃতীয়, চতুর্থ, পঞ্চম আদি কেইবাদিনো একেটা মেকুৰীকে একেটা পৰীক্ষাকে কৰাত মেকুৰীটোৱে কৰা প্ৰতিক্ৰিয়া অৰ্থাৎ ভুল প্ৰচেষ্টাৰ সংখ্যা লাহে লাহে কমি আহিল আৰু এটা সময়ত প্রতিক্রিয়া অর্থাৎ ভুল প্রচেষ্টাৰ সংখ্যা লগে লগেই সি বাহিৰলৈ ওলাই আহিবলৈ মেকুৰীটো সজাৰ ভিতৰত সুমুৱাই দিয়াৰ সম্ভৱ হয়, অর্থাৎ সেইদিনাই সক্ষম হয়। তেতিয়াই মেকুৰীটোৰ শিকন সম্ভৱ হয়, অর্থাৎ সেইদিনাই মেকুৰীটোৱে বাৰে বাৰে কৰা প্রচেষ্টা আৰু ভুলৰ মাধ্যমেৰে উদ্দীপক আৰু সঠিক প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধন কৰিবলৈ সমৰ্থবান হয়।

18. Kohler and Koffka undertook a number of experiments on learning process. Discuss any one of them. কহলাৰ আৰু কাই শিকন প্ৰক্ৰিয়াৰ ওপৰত কেইবাটাও পৰীক্ষা চলাইছিল। তাৰে যিকোনো এটা আলোচনা কৰা।

Ans:- কহলাৰে চুলতান নামৰ এটা চিম্পাঞ্জীক এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল। কোঠাটোৰ চিলিঙত এঠোকা ক’ল ওলোমাই থোৱা হৈছিল। কোঠাটোৰ ভিতৰৰ এটা কোণত এটা কাঠৰ বাকচ আৰু আন এটা কোণত দুডাল জোৰা লগাব পৰা বীহৰ মাৰি পেলাই থোৱা হৈছিল। চিম্পাঞ্জীটোৰ অলক্ষিতে সি কি কৰে, তাক আঁতৰৰ পৰা লক্ষ্য কৰা হৈছিল। দেখা গৈছিল যে চিম্পাঞ্জীটোৱে প্ৰথমে অসংযত আৰু লক্ষ্যহীনভাৱে জঁপিয়াই কল থোকা খাবলৈ বিভিন্ন প্রচেষ্টা চলাইছিল, কিন্তু সি কোনো প্ৰকাৰে কলখিনি খাবলৈ সক্ষম নহ’ল। তেতিয়া সি বিফল মনোৰথেৰে কিছু সময় মনে মনে থাকি চিন্তা কৰিবলৈ ধৰিলে আৰু ইফালে-সিফালে চালে। তেতিয়া তাৰ কাঠৰ বাকচটোলৈ চকুত পৰিল আৰু লগে লগে সি সেইখন কলখিনিৰ তললৈ চৌচৌৰাই আনি তাৰ ওপৰত উঠি কলখিনি নমাবলৈ চেষ্টা কৰিলে, কিন্তু বাকচটোত উঠিও কলখিনি নমাব নোৱাৰি সি পুনৰ পৰিস্থিতিৰ বুজ ল’বলৈ চেষ্টা কৰিলে। তেতিয়া বীহৰ মাৰি দুডাল তাৰ চকুত পৰিল ৷ সি বাঁহৰ মাৰি দুডাল লিৰিকি বিদাৰি থাকৌতে হঠাৎ এডালৰ মূৰত আনডালৰ মূৰটো সোমাই পৰি দুয়োডাল বীহৰ মাৰি জোৰা লাগি দীঘল হৈ পৰিল। মুহূৰ্তৰ ভিতৰত চিম্পাঞ্জীটোৰ মনত অন্তদৰ্শন জাগ্ৰত হ’ল আৰু সি বাঁহডালেৰে কলখিনি হাঁকুটিয়াই আনি খাবলৈ সক্ষম হ’ল।

এই পৰীক্ষাত চিম্পাঞ্জীটোৰ দ্বাৰা কাঠৰ বাকচ, বাঁহৰ মাৰি আদিৰ সঠিক ব্যৱহাৰে তাৰ সামগ্রিক চিন্তা আৰু বুদ্ধি প্ৰয়োগৰ ইংগিত বহন কৰিছে। অর্থাৎ চিম্পাঞ্জীটোৰ এই শিকন প্ৰক্ৰিয়া অন্তদর্শন বা অন্তর্দৃষ্টি সহায়ত সংঘটিত হৈছে। সামগ্রিকতাবাদীসকলে মতপোষণ কৰে যে মানুহ যিহেতু চিম্পাঞ্জীতকৈ বেছি বুদ্ধিসম্পন্ন সেয়ে মানুহেও প্রকৃততে চিন্তা আৰু বুদ্ধি প্ৰয়োগ কৰিহে শিকে।

অন্তদর্শন পদ্ধতিৰ পর্যায় বা বিশেষভাৱে লক্ষ্যণীয় কথা বা বৈশিষ্ট্যকেইটা হ’ল-

১। সমস্যা সমাধান বা লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উদ্দেশ্যহীন যান্ত্ৰিক আৰু অন্ধ প্রচেষ্টা পৰিত্যাগ কৰা।

২। সমস্যা বা কাৰ্যৰ বা শিকনীয় বিষয়ৰ বিভিন্ন অংশ সামগ্ৰিকভাৱে নিৰীক্ষণ, অধ্যয়ন, পর্যবেক্ষণ বা প্রত্যক্ষণ কৰা।

৩। সমস্যা বা কাৰ্য বা শিকনীয় বিষয়ৰ বিভিন্ন অংশৰ মাজত অন্তর্নিহিত সম্বন্ধৰ সমন্বয় সাধন কৰা।

৪। আকস্মিকভাৱে লক্ষ্যত উপনীত হোৱা বা সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰা।

৫। অন্তদৰ্শনৰ সহায়ত সমস্যা সমাধান আৰু উপযুক্ত শিকন লাভ কৰা।

19. How can you solve a problem in a learning situation Discuss briefly the methods of learning. এটা শিকন পৰিৱেশত তুমি কেনেদৰে এটা সমস্যা সমাধান কৰিব পাৰা? শিকনৰ পদ্ধতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ৷

Ans:- কি উপায়েৰে শিক্ষাগ্রহণ সম্ভৱ হয়, সেই বিষয়ে বিভিন্ন শিক্ষা মনোবৈজ্ঞানিকে কৰা চিন্তা-চৰ্চাৰ পৰা কিছুমান তথ্যৰ উদ্ভৱ হৈছে। শিক্ষাবিদ Thorndike, Wertheimer, Kohier, Koffka, Pavlov, Skinner আদি শিক্ষামনোবৈজ্ঞানিকসকলে আগবঢ়োৱা তথ্যভিত্তিক পদ্ধতিসমূহৰ পৰা শিক্ষাগ্রহণৰ কেইটামান পদ্ধতি সম্পর্কে চমুকৈ আলোচনা কৰিবলৈ বিচৰা হৈছে। শিক্ষাদানৰ প্ৰতি আগ্রহীসকলক বিভিন্ন শিক্ষা মনোবিদে উদ্ভাৱন কৰা তথ্য আৰু পদ্ধতি সম্পৰ্কে অৱগত হ’বৰ বাবে শিক্ষা-মনোবিজ্ঞানৰ পুথি অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিলো।

শিক্ষাগ্রহণ কাৰ্য সচৰাচৰ চাৰিটা পদ্ধতিৰে সম্ভৱ কৰি তোলা হয়। যেনে—

১। প্রচেষ্টা আৰু ভুল পদ্ধতি।

২। অন্তদৃষ্টি পদ্ধতি।

৩। অনুবন্ধন পদ্ধতি।

৪। অনুকৰণৰ পদ্ধতি।

১। প্ৰচেষ্টা আৰু ভুল পদ্ধতি (Trial and Error method) : শিক্ষামনোবিদ থর্নডাইকে শিক্ষাগ্রহণ প্রক্রিয়াক উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ স্থাপনৰ প্ৰক্ৰিয়াৰূপে বর্ণনা কৰে৷ উদ্দীপক-প্ৰতিক্ৰিয়াৰ সংযোগ সাধন কৰিবৰ বাবে ব্যক্তিয়ে প্রচেষ্টা চলাব লগা হয়। প্রথম প্রচেষ্টাত সফল নহ’লে দ্বিতীয়বাৰ যত্ন কৰে, দ্বিতীয়বাৰ নোৱাৰিলে তৃতীয় বাৰত আৰু এনেকৈ সফল নোহোৱা পর্যন্ত প্রচেষ্টাৰ সংখ্যা বঢ়াই নি থকা হয়। প্রচেষ্টা বাঢ়ি  গৈ থকাৰ লগে লগে আগৰ কেইবাৰত হোৱা ভুলৰ সংখ্যাও কমি যায়। এটা সময়ত এটাও ভুল নকৰাকৈ ইপ্সিত ফল লাভ কৰাত  সমর্থ হয়। এনেকৈয়ে নানা যত্নৰ মূৰত একোটা সমস্যা সমাধান কৰিব পৰা হয়। সৰু সৰু ল’ৰা-ছোৱালীয়ে সাধাৰণতে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰেই শিকে। কিছুমান সমস্যা সমাধান কৰিবৰ বাবে প্ৰাপ্তবয়স্ক আৰু মেধাসম্পন্ন সকলৰ ক্ষেত্ৰতো প্রচেষ্টা আৰু ভুল পদ্ধতি প্রয়োগৰ প্ৰয়োজন হয়। আনুষ্ঠানিক শিক্ষা পদ্ধতিত প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীসকলক লিখা, পঢ়া, অংক কৰা, ছবি অঁকা আদি কামবোৰ আত্মপ্রচেষ্টাৰে সমাধান কৰিবলৈ দি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে, কিছুমান ছাত্রছাত্ৰীয়ে অলপ যত্ন কৰিয়েই শুদ্ধকৈ কামবোৰ কৰি পেলাইছে আৰু আন কিছুমানৰ বাবে হয়তো যথেষ্ট কষ্টৰ প্ৰয়োজন হৈছে৷ সাধাৰণতে হীনবুদ্ধিসকলৰ বাবে বেছি প্ৰচেষ্টাৰ প্ৰয়োজন হয়। এওঁলোকক ‘মন্থৰ শিকাৰ’ হিচাপে চিহ্নিত কৰা হয়।

২। অন্তর্দৃষ্টি পদ্ধতি (Insightful method) : প্রচেষ্টা আৰু ভুল পদ্ধতি সম্পৰ্কে কৰা আলোচনাত এইটো প্রতিফলিত হৈছে যে কিছুমান বিশেষ কৌশল (যেনে— সাঁতোৰা, চাইকেল, চলোৱা আদি) আয়ত্ব কৰাৰ বাহিৰে যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বুধিয়কসকলে কণামুনাকৈ যত্ন কৰি থকাৰ পৰিৱৰ্তে নিজৰ বুদ্ধি খটুৱাই সমস্যা সমাধা কৰিব পাৰে। সামগ্রিকতাবাদী মনোবিদসকলে মত পোষণ কৰে যে কোনো বুদ্ধিসম্পন্ন ব্যক্তিয়ে যিকোনো সমস্যা সমাধান কৰিবৰ বাবে থর্নডাইকে কোৱাৰ দৰে প্ৰচেষ্টা আৰু ভুল পদ্ধতি আশ্রয় নলয়। বৰং তেওঁলোকে প্রথমে সমস্যাটো আঁতি-গুৰি মাৰি বুজিবলৈ যত্ন কৰে আৰু সমাধানৰ পথ উলিওৱাৰ চিন্তা কৰে। চিন্তাৰ ফলস্বৰূপে মনৰ ভিতৰত সমাধানৰ পথে ভুমুকি মাৰে। মনত সমাধানৰ পথে নিজে ভুমুকি মৰাৰ এই মানসিক বৈচিত্ৰক সামগ্রিকতাবাদীসকলে অন্তর্দৃষ্টি বুলিছে। তেওঁলোকৰ মতে বুধিয়কসকলে অন্তর্দৃষ্টিৰ সহায়তে শিকিব পাৰে।

আনুষ্ঠানিক শিক্ষাৰ বিভিন্ন পৰ্যায়ৰ বাবে যুগুত কৰা পাঠ্যক্ৰমৰ জটিলতা যিমানে বৃদ্ধি পায়, উচ্চ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ অন্তর্দৃষ্টিৰ প্ৰয়োগো সিমানে বেছি হয়। প্রচেষ্টা আৰু ভুল পদ্ধতিৰে শিকিব লগা হোৱাসকলতকৈ বহু আগতে মেধাসম্পন্নসকলে তেওঁলোকৰ পাঠ্যক্রম শেষ কৰিব পাৰে। সেয়ে সকলো স্তৰতে প্রতিভাসম্পন্নসকলৰ বাবে বিশেষ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়।

৩। অনুবন্ধন পদ্ধতি (Conditioning method) : অনুবন্ধন পদ্ধতিক নিয়ন্ত্ৰিত প্ৰভাৱৰদ্বাৰা শিকা পদ্ধতি বুলিও কোৱা হয়। শিশু শিক্ষাৰ বাবে এই পদ্ধতি বিশেষভাৱে প্ৰযোজ্য। পদ্ধতিটো মূলতঃ Pavlov ৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বৰ পৰাই উদ্ভাৱন কৰা হৈছে। ব্যক্তিয়ে যিটো উদ্দীপকৰ প্ৰতি এটা বিশেষ প্রতিক্রিয়া কৰে, সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ প্ৰতি এটা বিশেষ প্রতিক্রিয়া কৰে, সেই উদ্দীপকৰ অবিহনে ব্যৱহাৰ কৰা অন্য এটা উদ্দীপকৰ সহায়তো যেতিয়া একেই প্রতিক্রিয়া আদায় কৰা হয় তেতিয়া তেওঁৰ সেই প্ৰতিক্ৰিয়াক অনুবন্ধিত প্রতিক্রিয়া বোলা হয়। এটা উদ্দীপকৰ লগত আন এটা উদ্দীপক একেলগে উপস্থাপন কৰিলে পাছলৈ সেই দুটা উদ্দীপকৰ যিকোনো এটা ব্যৱহাৰ কৰিয়েই পূৰ্বৰ দৰে এক প্রতিক্রিয়া পাব পাৰি। এই ক্ষেত্ৰত উদ্দীপক দুটাৰ মাজত অনুসংগই প্রতিক্রিয়া  প্রতিফলিত কৰাত সহায় কৰে। বিদ্যালয়ৰ সময়ত ব্যৱহাৰ কৰা শ্ৰব্য-দৃশ্য সঁজুলিয়ে অনুবন্ধনৰ কাম কৰে। বিষয় একোটাৰ লগত খাপ খোৱাকৈ শিক্ষকে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ অঙ্গী-ভঙ্গী, ব’ৰ্ডত আঁকি দিয়া ছবি ইত্যাদিয়ে মূল বিষয়ৰ বিকল্প উদ্দীপকৰূপে কাম কৰিব পাৰে। কিণ্ডাৰগার্টেন পদ্ধতিত অঙ্গী-ভঙ্গী, আবৃত্তি, আদিৰ ব্যৱহাৰৰ যোগেদি শিক্ষাৰ্থীসকলৰ আগ্রহ বৃদ্ধি কৰাৰ অন্তৰালত অনুবন্ধনৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি, কিছুমান ভাল কামৰ অভ্যাস গঠনৰ বাবে কামটোৰ লগত পুৰস্কাৰ ঘোষণা কৰা হয়। প্ৰথম অৱস্থাত পুৰস্কাৰ লাভ কৰাৰ বাসনাই কামটোৰ প্ৰতি আগ্ৰহী কৰি তোলে। কামটোৰ কৃতকাৰ্যতাই মনলৈ যেতিয়া সন্তুষ্টি আনে তেতিয়া পুৰস্কাৰৰ কথা পাহৰি যোৱাটোও অস্বাভাৱিক নহয়। আৰম্ভণিতে কৃতকাৰ্যতা আৰু পুৰস্কাৰ দুয়োটাই কামত প্ৰবৃত্ত কৰাবৰ বাবে ব্যৱহাৰ কৰা উদ্দীপক আছিল যদিও পাছলৈ কৃতকাৰ্যতাৰ পৰা পোৱা সন্তুষ্টিয়েই তেনে ধৰণৰ কামৰ প্ৰতি উৎসাহিত কৰিবলৈ যথেষ্ট উদ্দীপনা দিয়ে।

কেতিয়াবা বিষয় একোটাৰ লগত শিক্ষকৰ ব্যক্তিত্বও অনুবন্ধিত হৈ পৰে। বিষয়টো জটিল হ’লেও শিক্ষকৰ ব্যক্তিত্বৰ আকৰ্ষণৰ বাবে তেওঁ পঢ়োৱা বিষয়টো সহজ যেন লগা হয় আৰু পাছলৈ সেই বিষয়টোৰ লগত আকর্ষণীয় ব্যক্তিত্বৰ শিক্ষকজনৰ স্মৃতি জড়িত হৈ বিষয়টোৰ প্ৰতি আগ্ৰহ বঢ়াই তোলা। এনে ধৰণৰ বিভিন্ন উদাহৰণৰ পৰা বুজিব পাৰি যে অনুবন্ধন পদ্ধতি শিক্ষাগ্ৰহণৰ বাবে এটা উপযুক্ত পদ্ধতি।

৪। অনুকৰণ পদ্ধতি (Imitation method) : নিজ প্ৰচেষ্টাৰে শিকিবলৈ অক্ষম হ’লে বা নিজৰ বুদ্ধিৰে কাম একোটা কৰিবলৈ সক্ষম নহ’লে আনে কেনেকৈ কৰিছে তাক পর্যবেক্ষণ কৰে আৰু আনে কৰাৰ দৰে কামটো কৰাৰ প্ৰৱণতা বহুতৰে থাকে৷ ইয়েই হ’ল অনুকৰণ। অনুকৰণ দুই প্ৰকাৰে সম্ভৱ হয়। স্বতঃস্ফুর্ত আৰু ইচ্ছাকৃতভাৱে। সৰু সৰু ল’ৰা ছোৱালীৰ অনুকৰণ স্বতঃস্ফুর্ত। মাক-দেউতাক, অভিভাৱক, শিক্ষক আৰু অন্যান্য জেষ্ঠসকলৰ ব্যক্তিগত সংস্পৰ্শলৈ অহা শিশুৱে তেখেতসকলৰ কথা-বতৰা, চাল-চলন আদি আচৰণবোৰ নিজৰ আচৰণত প্ৰতিফলিত কৰে। শিশুৰ আচৰণ যে তেওঁক লালনপালন কৰা অভিভাৱকৰ দৰেই হৈছে সেই কথা শিশুৱে নিজেও গম নাপায়। এনে ধৰণৰ অনুকৰণেই স্বতঃস্ফূর্ত। আনহাতে বয়স বাঢ়ি অহাৰ লগে লগে শিশুৱে ভাল-বেয়া বিচাৰ কৰিব পৰা হয়। আনৰ যিবোৰ আচৰণ তেওঁলোকৰ ভাল লাগে সেইবোৰ অনুকৰণ কৰে। বেয়া লগাবোৰৰ পৰা আঁতৰত থাকিবলৈ বিচাৰে। এনেদৰে বাচ-বিচাৰ কৰি কৰা অনুকৰণেই ইচ্ছাকৃত অনুকৰণ। মাধ্যমিক পৰ্যায়ৰ ল’ৰা-ছোৱালীয়ে ইচ্ছাকৃতভাৱে অনুকৰণ কৰি বহুত কথা আৰু কৌশল আয়ত্ব কৰে। সেয়ে এই পৰ্যায়ৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি প্ৰদৰ্শন কৰা তেওঁলোকৰ ব্যৱহাৰত সতর্ক হ’ব লাগে, যাতে তেওঁলোকক অনুকৰণ কৰিবলৈ বিচৰা শিক্ষাৰ্থীসকল সজ-আচৰণৰ পৰা বঞ্ছিত হ’ব লগা নহয়। শিক্ষার্থীসকলে কেৱল ভাল লগা অনুভূতিৰ বাবেই প্রয়োজনীয় আচৰণ কিছুমান যাতে অনুকৰণ নকৰে, তাৰ প্ৰতিও সজাগ হ’ব লগা হয়। আনে কাম কৰাৰ পদ্ধতি একোটা কেৱল ভাল লাগে বাবেই অনুকৰণ কৰিবলৈ গৈ নিজৰ শক্তি সামৰ্থৰ প্ৰতি অৱহেলা কৰা হয়৷ যিটো বিষয়ত নিজৰ সামৰ্থ প্ৰকাশ কৰাৰ সুবিধা থাকে তেনে বিষয়ত আনক অনুকৰণ কৰাৰ ফলস্বৰূপে নিজৰ বুদ্ধিবৃত্তি বিকাশত নিজেই হেঙাৰ হৈ পৰে। গতিকে শিক্ষাৰ্থীসকলক যিমান দূৰলৈকে পাৰি নিজ প্রচেষ্টাৰে কোনো কাম কৰিবলৈ দিব লাগে। আনৰ ভাল কামক আৰ্হি হিচাপে গ্রহণ কৰিব পৰাটো আদৰ্শ অনুকৰণৰ পৰিচায়ক আৰু কোনো আদৰ্শগত কাৰণ নথকাকৈ কেৱল ভাল লাগে বাবেই অনুকৰণ কৰাটো হ’ল অন্ধ অনুকৰণৰ চিন। এই দ্বিতীয় বিধ অনুকৰণ বৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে।

শিক্ষাগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা ওপৰোক্ত পদ্ধতিবোৰ পৰস্পৰ বিৰোধী নহয় ৷ বৰং ইটো সিটোৰ পৰিপূৰকহে। শিক্ষাৰ্থীৰ মানসিক পৰিপক্কতা, সময় আৰু সুবিধা অনুপাতে বিভিন্ন বিষয়ত পাৰদৰ্শিতা লাভ কৰিবলৈ আটাইবোৰ পদ্ধতিৰে প্ৰয়োজন হয়। বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ্থীসকলে কোনটো পদ্ধতিৰে অধিক ফলপ্রসূভাৱে শিকিব পাৰে সেইটো লক্ষ্য কৰি সেই পদ্ধতিকে নির্ভুলভাৱে ব্যৱহাৰ কৰিবলৈ উৎসাহ যোগাব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top