Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Question Answer can be of great value to excel in the examination.
Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা
Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
Psychology And Education
EDUCATION
PSYCHOLOGICAL FOUNDATIONS OF EDUCATION
শিক্ষা মনোবিজ্ঞানৰ ভিত্তি
Objective Type Questions
1. What does the word ‘Psyche’ in psychology means? মনোবিজ্ঞানত Psyche শব্দৰ অৰ্থ কি?
Ans:- ‘Psyche’ শব্দৰ অৰ্থ হ’ল আত্মা, অর্থাৎ Soul.
2. “Before teaching John Latin, a teacher should know well as Latin”. Who said this. “জন্’ক লেটিন শিকোৱাৰ আগতে শিক্ষকে জন্ আৰু লেটিন দুয়োটাকে জানিব লাগিব।” কথাষাৰ কোনে কৈছিল?
Ans:- “জন্’ক লেটিন শিকোৱাৰ আগতে শিক্ষকে জন্ আৰু লেটিন দুয়োটাকে জানিব লাগিব।” কথাষাৰ জন আডামছে কৈছিল ‘।
3. What is psychology? মনোবিজ্ঞান কাক বোলে?
Ans:- মেকডুগেলৰ মতে, “আচৰণ আৰু, ব্যৱহাৰ অধ্যয়নৰ প্রত্যক্ষ বিজ্ঞানেই হ’ল মনোবিজ্ঞান [Psychology is the positive science of behaviour]। ই মানুহৰ সুস্থ বোধশক্তিৰ লগতে সমগ্ৰ অংগ-প্রত্যংগৰ আচৰণো নিয়ন্ত্ৰণ কৰে।”
4. What does ‘Psyche’ and ‘logos’ in Psychology means. মনোবিজ্ঞানত ‘Psyche? আৰু logos মানে কি?
Ans:- মনোবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Psychology’। এই Psychology শব্দটো গ্ৰীক ভাষাৰ ‘psyche’ আৰু ‘logos’ শব্দ দুটাৰ পৰা অনা হৈছে। ‘Pshche’ শব্দৰ অৰ্থ হ’ল আত্মা,অর্থাৎ Soul । আৰু logos ৰ অৰ্থ হ’ল বিজ্ঞান বা অধ্যয়ন অর্থাৎ Science।
5. Who is the father of Psychology? মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
Ans:- জে.বি. ৱাটচনক মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায়।
6. What is the accepted definition of Psychology মনোবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞাটো কি?
Ans:- মেকডুগেলেও মনোবিজ্ঞানক মানুহৰ বাহ্যিক ব্যৱহাৰত ফুটি উঠা আচৰণৰ পৰ্যবেক্ষণ বুলি কৈছে। তেওঁৰ মতে, মনোবিজ্ঞান হৈছে মানুহৰ বাহ্যিক ব্যৱহাৰৰ পৰ্যবেক্ষণ’ [Psychology is the science of human behaviour]। তেওঁৰ মতে, “আচৰণ আৰু, ব্যৱহাৰ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞানেই হ’ল মনোবিজ্ঞান [Psychology is the positive science of behaviour]। ই মানুহৰ সুস্থ বোধশক্তিৰ লগতে সমগ্ৰ অংগ-প্রত্যংগৰ আচৰণো নিয়ন্ত্ৰণ কৰে।” মেকডুগেলৰ সংজ্ঞাটোৱেই হ’ল মনোবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা।
7. Who is the Father of Educational Psychology.
শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন?
Ans:- শিক্ষা মনোবিজ্ঞানৰ পিতৃ হৈছে জন পেষ্টালজী।
8. What is Educational Psychology according to Peter Sandiford. পিটাৰ চিণ্ডিফোৰ্ডৰ মতে শিক্ষা-মনোবিজ্ঞান মানে কি?
Ans:- বিখ্যাত মনোবিদ পিটাৰ চেণ্ডিফোর্ডে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দি কয় যে স্কুলৰ বিভিন্ন সমস্যা সমাধানত সাধাৰণ মনোবিজ্ঞানৰ সত্য, তথ্য, সূত্র, তত্ত্ব আদি নীতিসমূহৰ প্ৰয়োগেই হ’ল শিক্ষা মনোবিজ্ঞান। [Educational psychology is nothing more nor less than the application of psychological Principles to the problems of school room.] কেনেকৈ শিক্ষাক অধিক আকর্ষণীয় কৰিব পাৰি, শিক্ষাদান পদ্ধতি কেনেকৈ মনোবিজ্ঞানসন্মত কৰি তুলিব পাৰি, অভিজ্ঞতাসমূহক কেনেকৈ সামাজিক পৰিৱেশত প্ৰয়োগ কৰিব পাৰি এনেবোৰ আলোচনাই শিক্ষা মনোবিজ্ঞানৰ আলোচ্য বিষয়বস্তু। তেওঁ মত পোষণ কৰে যে, “ইয়াৰ বিষয়বস্তু হৈছে শিক্ষাগ্রহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা। সাধাৰণভাৱে ক’বলৈ গ’লে বয়সস্থ লোকসকলতকৈ কম বয়সৰ লোকৰ লগত আৰু বাহিৰৰ বিস্তৃত পৰিৱেশতকৈ বিদ্যালয়ৰ শিকনীয় পৰিৱেশৰ লগতহে ইয়াৰ সম্বন্ধ অধিক। [It subject matter is the behaviour of human beings undergoing the process of education. Generally speaking, it deals with the young rather than the old and with the learning situations of the school rather than those of the wider environment.]।” শিক্ষক শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক বুজাপৰা আৰু শিক্ষা সম্বন্ধে উদ্ভব হ’ব পৰা সমস্যাসমূহ অধ্যয়ন কৰাই শিক্ষা মনোবিজ্ঞানৰ মূল উদ্দেশ্য। শিক্ষাৰ প্ৰধান কাম হৈছে বিভিন্ন তথ্য, সূত্র আৱিষ্কাৰ আৰু গৱেষণাৰ জৰিয়তে শিক্ষাক কাৰ্যকৰী, সাৰ্থক আৰু বাস্তৱমুখী কৰি গঢ়ি তোলা।
9. Write one definition of Educational Psychology.
শিক্ষা-মনোবিজ্ঞানৰ এটা সংজ্ঞা লিখা।
Ans:- স্নিনাৰ [Skinner] ৰ মতে, “শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ লগত জড়িত। [Educational psychology is that branch of psychology which deals with teaching and learning.]” অর্থাৎ, শিক্ষা মনোবিজ্ঞানে শিকনীয় পৰিৱেশত মানুহৰ আচৰণ অধ্যয়ন কৰে। [Educational psychology deals with behaviour of human beings in educational situation.]
10. Who first introduced the idea of Educational Psychology শিক্ষা-মনোবিজ্ঞানৰ ধাৰণাটো প্রথমে কোনে উদ্ভাৱন কৰিছিল?
Ans:- শিক্ষা-মনোবিজ্ঞানৰ ধাৰণাটো প্রথমে জন পেষ্টালজী উদ্ভাৱন কৰিছিল।
11. What is the first book on Psychology. মনোবিজ্ঞানৰ ওপৰত লিখা প্ৰথমখন গ্ৰন্থ কি?
Ans:- মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন গ্ৰন্থখনৰ নাম আছিল চাইক’লজিয়া। [Psychologia]
12. “Psychology is a science of behaviour” – Who said this.‘মনোবিজ্ঞান হৈছে মানৱ আচৰণৰ বিজ্ঞান।’- কোনে কৈছিল ?
Ans:- জে.বি. ৱাটচনে কৈছিল।
13. Where, when and who did first Psychological Laboratory established ক’ত, কেতিয়া, কোনে প্রথম মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন কৰিছিল?
Ans:- ১৮৭৯ খ্ৰীষ্টাব্দত উইলহেল্ম উণ্ট নামৰ মনোবিজ্ঞানীজনে জাৰ্মানীৰ লিপজিপ বিশ্ববিদ্যালয়ত প্রথমে মনোবিজ্ঞানীৰ পৰীক্ষাগাৰ স্থাপন কৰে।
14. “Psychology is a science of behaviour”Explain.
“মনোবিজ্ঞান হৈছে আচৰণৰ বিজ্ঞান।”ব্যাখ্যা কৰা।
Ans:- মনোবিজ্ঞান হ’ল মানুহৰ আচৰণ সম্বন্ধীয় বিজ্ঞান Psychology is the science of human behaviour জে. বি. ৱাচটন আদি আচৰণবাদী মনোবিদসকলে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি উল্লেখ কৰিছে। আচৰণবাদীসকলৰ মতে মনোবিজ্ঞানৰ বিষয়বস্তু হ’ল বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে পৰ্যবেক্ষণ, পৰীক্ষণ আদি ব্যৱহাৰ কৰি বিজ্ঞানসন্মত পদ্ধতিৰে মানৱ আচৰণ নিৰ্ণয় কৰা। জে.বি. ৱাটচনক মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায়। মেকডুগেলেও মনোবিজ্ঞানক মানুহৰ বাহ্যিক ব্যৱহাৰত ফুটি উঠা আচৰণৰ পৰ্যবেক্ষণ বুলি কৈছে। তেওঁৰ মতে, মনোবিজ্ঞান হৈছে মানুহৰ বাহ্যিক ব্যৱহাৰৰ পর্যবেক্ষণ’ [Psychology is the science of human behaviour]। তেওঁৰ মতে, “আচৰণ আৰু, ব্যৱহাৰ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞানেই হ’ল মনোবিজ্ঞান [Psychology is the positive science of behaviour]। ই মানুহৰ সুস্থ বোধশক্তিৰ লগতে সমগ্ৰ অংগ-প্ৰত্যংগৰ আচৰণো নিয়ন্ত্ৰণ কৰে।” মেকডুগেলৰ সংজ্ঞাটোৱেই হ’ল মনোবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা।
15. Who and when did establish the first book on Psychology কোনে আৰু কেতিয়া মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছিল?
Ans:- ১৫৯০ খ্ৰীষ্টাব্দত ৰুডলফ গোকেল নামৰ মনোবিদজনে মনোবিজ্ঞানৰ ওপৰত প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছিল। সেই গ্ৰন্থখনৰ নাম আছিল চাইক’লজিয়া। [Psychologia]
16. What are the two Greek words from which the word ‘Psychology’ has been derived ‘মনোবিজ্ঞান’ শব্দৰ উৎপত্তি হোৱা গ্ৰীক শব্দ দুটা কি কি?
Ans: মনোবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Psychology’। এই Psychology শব্দটো গ্ৰীক ভাষাৰ শব্দ দুটা হৈছে— ‘psyche’ আৰু ‘logos’।
17. What do you mean by Educational Psychology
শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা?
Ans:- শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ শাখা। বিখ্যাত মনোবিদ পিটাৰ চেণ্ডিফোর্ডে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দি কয় যে স্কুলৰ বিভিন্ন সমস্যা সমাধানত সাধাৰণ মনোবিজ্ঞানৰ সত্য, তথ্য, সূত্র, তত্ত্ব আদি নীতিসমূহৰ প্রয়োগেই হ’ল শিক্ষা মনোবিজ্ঞান।
B. Select the correct Answer: শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
1. “First Psychology lost its soul, then it lost its mind, then it lost its consciousness, it still has behaviour of a kind.” This statement was made by Pestalozziû Woodworth/Skinner. “মনোবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পাছত হেৰুৱালে ইয়াৰ মনক, তাৰ পাছত হেৰুৱালে সজ্ঞানতা, কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যমান।” এই উক্তিটো দিছিল পেষ্টালৰ্জী/ উউ ৱৰ্থ/ স্কীনাৰে ৷
Ans:- “মনোবিজ্ঞানে প্রথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পাছত হেৰুৱালে ইয়াৰ মনক, তাৰ পাছত হেৰুৱালে সজ্ঞানতা, কিন্তু এতিয়াও ইয়াৰ আচৰণ বিদ্যমান।” এই উক্তিটো দিছিল উউ ৱৰ্থ।
2. The father of Psychology is Pestalozzi Watson/Aristotle / Rousseau. মনোবিজ্ঞানৰ পিতৃ হ’ল পেষ্টালজী/ৱাটছন/এৰিষ্টটল/ৰুচ
Ans:- মনোবিজ্ঞানৰ পিতৃ হ’ল ৱাটছন।
3.The father of Educational Psychology is Rousseau/Aristotle/Pestalozzi/James. শিক্ষা মনোবিজ্ঞানৰ পিতৃ হ’ল ৰুচ’ / এৰিষ্টটল / পেষ্টালজী /জেমচ্।
Ans:- শিক্ষা মনোবিজ্ঞানৰ পিতৃ হ’ল এৰিষ্টটল।
4. The word Psychology has been derived from Latin/Greek/French / English word. মনোবিজ্ঞান শব্দটো লেটিন/গ্ৰীক/ফৰাচী/ইংৰাজী শব্দৰ পৰা উৎপত্তি হৈছে।
Ans:- মনোবিজ্ঞান শব্দটো গ্ৰীক শব্দৰ পৰা উৎপত্তি হৈছে।
5. Educational Psychology is a science of soul/ mind/consciousness / behaviour. শিক্ষা মনোবিজ্ঞান হ’ল আত্মাৰ বিজ্ঞান/মনৰ বিজ্ঞান/সচেতনতাৰ বিজ্ঞান/আচৰণৰ বিজ্ঞান।
Ans:- শিক্ষা মনোবিজ্ঞান হ’ল আচৰণৰ বিজ্ঞান।
6. An ideal teacher is born/made/trained. এজন আদর্শ শিক্ষকৰ জন্ম হয়/তৈয়াৰ কৰা হয়/প্রশিক্ষণ দিয়া হয়।
Ans:- এজন আদর্শ শিক্ষকৰ জন্ম হয়।
C. Write in brief. চমুকৈ লিখাঃ
1. Write the five definitions of psychology? মনোবিজ্ঞানৰ পাঁচটা সংজ্ঞা দিয়া?
Ans:- (ক) ছাৰ্লচ, ই. স্কীনাৰ [Charles, E. Ckinner]ৰ মতে,“জীৱক প্ৰদান কৰা যিকোনো ধৰণৰ আৰু সকলো প্ৰকাৰৰ পৰিস্থিতি আৰু প্ৰতিক্রিয়াকে মনোবিজ্ঞানে বিবেচনা কৰে। প্রতিক্রিয়া বা আচৰণৰ যোগেদি জীৱই গঠন কৰা সকলোধৰণৰ প্রক্রিয়া, সমাযোজন, কাৰ্যাৱলী আৰু ক্ৰিয়া অভিজ্ঞতাকে ইয়াৰ যোগেদি বুজোৱা হয়। [Psychology deals with responses to any and every kind of situation that life presents.By responses of behaviour is meat all form of process, adjustment, activities and experiences of the organism.]
(খ) মনোবিদ ক্ৰো আৰু ক্ৰো [Crow and Crow] ৰ মতে, “মানৱ আচৰণ আৰু মানৱ সম্বন্ধৰ অধ্যয়নেই হৈছে মনোবিজ্ঞান [Psychology is the study of human behaviour and human relationship.] |
(গ) লেণ্ডচমেন স্কিনাৰ [Landsman Skinner] ৰ মতে, “মনোবিজ্ঞান হৈছে আচৰণ আৰু অভিজ্ঞতাৰ বিজ্ঞান।” [Psychology is the science of behaviour and experience.]
(ঘ) বিখ্যাত মনোবিদ উদ্ভৱৰ্থ আৰু মার্কুইচ [Woodworth and Marquis] ৰ মতে, “পৰিৱেশৰ লগত সম্বন্ধ ৰক্ষা কৰি ব্যক্তিয়ে কৰা কাৰ্য বা আচৰণৰ বিজ্ঞানসন্মত অধ্যয়নেই হৈছে মনোবিজ্ঞান [Psychology is the scientific study of the activities of the individual in relation to his environment.]
(ঙ) উইলিয়াম মেকডুগেল [William Mcdougall]ৰ মতে, “মনোবিজ্ঞান হৈছে এক বিজ্ঞান যি সকলোবোৰ জীৱৰে আচৰণৰ প্রকৃত জ্ঞান আৰু তাৰ নিয়ন্ত্ৰণ সম্বন্ধে আমাক জনাব বিচাৰে।” [Psychology is the science which aims to give us better understanding and control of behaviour of the organism as a whole.]
2. Write the five Definition of Educational Psychology শিক্ষা মনোবিজ্ঞানৰ পাঁচটা সংজ্ঞা দাঙি ধৰা?
Ans:- (ক) স্নিনাৰ [Skinner] ৰ মতে, “শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ সেইটো শাখা যি শিক্ষাদান আৰু শিক্ষা গ্ৰহণ কাৰ্যৰ লগত জড়িত। [Educational psychology is that branch of psychology which deals with teaching and learning.] ” অর্থাৎ, শিক্ষা মনোবিজ্ঞানে শিকনীয় পৰিৱেশত মানুহৰ আচৰণ অধ্যয়ন কৰে। [Educational psychology deals with behaviour of human beings in educational situation.]
(খ) ষ্টিফেনৰ (Stephen)ৰ মতে, “শিশুৰ শিক্ষা সম্বন্ধীয় উন্নতি আৰু প্ৰগতিৰ প্ৰণালীৱদ্ধ অধ্যয়নেই হৈছে শিক্ষা মনোবিজ্ঞান। [Educational psychology is the systematic study of the educational growth and development of a child.]”
(গ) ক্ৰ আৰু ক্ৰ (Crow and Crow) ৰ মতে, “মনোবিজ্ঞানে জন্মৰ পৰা বয়স্ক কাললৈকে এজন ব্যক্তিয়ে লাভ কৰা শিক্ষা অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা আৰু আলোচনা কৰিব পাৰে।” [Education psychology describes and explains the learning experiences of an individual from birth through old age.] তেওঁৰ মতে, “শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিকনত প্ৰভাৱ পেলোৱা পৰিস্থিতিসমূহ [The subject matter of educational psychology is concerned with the conditions that affect learning.] I”
(ঘ) চি. এইচ. জাদ [C.H. Judd]ৰ মতে, “শিক্ষা মনোবিজ্ঞান হ’ল এনে এক বিজ্ঞান যি জন্মৰ পৰা পূর্ণতাপ্রাপ্ত হোৱালৈকে বিভিন্ন স্তৰৰ মাজেৰে হোৱা ব্যক্তিৰ বিকাশৰ বিষয়ে বর্ণনা আৰু ব্যাখ্যা দাঙি ধৰে [Educational psychology may be defined as the science which describes and explains the changes that take place in individuals, as they pass through various stages of development from birth to maturity] |”
(ঙ) কোলেচনিক [Kolesnik] ৰ মতে, “শিক্ষা মনোবিজ্ঞান হৈছে এক প্রায়োগিক বিজ্ঞান যি মনোবিজ্ঞানৰ তত্ত্ব আৰু নীতিসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰে [Educational psychology is the practical science which applies theories and principles of psychology in the field of education.] “
3. মনোবিজ্ঞান সম্পৰ্কীয় মতবাদসমূহ ব্যাখ্যা কৰা?
Ans:- মনোবিজ্ঞান সম্পর্কীয় মতবাদঃ মনোবিজ্ঞান হৈছে আত্মাৰ বিজ্ঞান [Psychology is the Science of Soul] : মনোবিজ্ঞানৰ ইংৰাজী প্রতিশব্দ হ’ল ‘Psychology”। এই Psychology শব্দটো গ্ৰীক ভাষাৰ ‘psyche’ আৰু ‘logos’ শব্দ দুটাৰ পৰা অনা হৈছে। ‘Pshche’ শব্দৰ অৰ্থ হ’ল আত্মা,অর্থাৎ Soul। আৰু logos ৰ অৰ্থ হ’ল বিজ্ঞান বা অধ্যয়ন অর্থাৎ Science। মনোবিজ্ঞান হ’ল “আত্মাৰ অধ্যয়ন বিজ্ঞান।” গ্ৰীচ দেশৰ মনোবিজ্ঞানীসকলে প্রায় ২৫০ হেজাৰ বছৰ আগতে এই সংজ্ঞাটো গ্ৰহণ কৰিছিল। কিন্তু মনোবিজ্ঞানক আত্মাৰ বিজ্ঞান বুলি ক’লৈ বিজ্ঞানৰ বৈশিষ্ট্যসমূহক অৱনমিতহে কৰা হ’ব। আনহাতে আত্মাৰ মূল সম্পর্কে কোনো এটা স্পষ্ট স্থিতি নাই। বহু মনোবিদে মত পোষণ কৰে যে আত্মা আধ্যাত্মবিদ্যা [Metaphysics] আৰু দৰ্শনৰহে বিষয়বস্তু, মনোবিজ্ঞানৰ নহয়। কিয়নো তেওঁলোকৰ মতে আত্মাৰ প্ৰকৃত স্বৰূপ আৰু ভৱিষ্যৎ পৰিণতি সম্পৰ্কে সন্দেহৰ থল আছে। গতিকে ইয়াৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়নৰ কোনো স্থল নাই৷ কাৰণ, ইয়াক স্পৰ্শ কৰিব নোৱাৰি আৰু ইয়াক দেখা পোৱা নাযায়। আধুনিক মনোবিজ্ঞানী জেমছ [James] এ মত পৌষণ কৰিছে যে আত্মাৰ অবিহনেই মনোবিজ্ঞান স্বয়ংসম্পূর্ণ। সেয়ে প্লেটো, এৰিষ্টটল, চক্ৰেটিছআদি মনোবিদে মনোবিজ্ঞানিক আত্মাৰ বিজ্ঞান হিচাপে মানি লৈছিল । কিন্তু ডেকার্টে প্রভৃতি মনোবিদে এই সংজ্ঞাটো সমালোচনা কৰি ইয়াক ত্রুটিপূৰ্ণ আৰু অৰ্থহীন বুলি বিবেচিত কৰিছে।
মনোবিজ্ঞান হৈছে মন সম্পর্কীয় বিজ্ঞান [Psychology is the Science of Mind] : মধ্যযুগত তথা ১৮শ শতিকাত মনোবিজ্ঞানীসকলে মনোবিজ্ঞানক মন সম্পৰ্কীয় অধ্যয়নৰ বিজ্ঞান বুলিহে অভিহিত কৰে। দার্শনিক হিউম [Hume], মিল [Mill]] আৰু বেইনৰ মতে মানৱ মন কিছুমান ভাবৰ সমষ্টি আৰু মনৰ পৰাই সকলো ধাৰণাৰ উৎপত্তি হয়। এই তিনিগৰাকী বিখ্যাত চিন্তাবিদ চিন্তাধাৰাক এছোছিয়েচনিষ্ট [Associationist] স্কুল বুলি কোৱা হয়। কিন্তু এই সংজ্ঞাও অন্যান্য মনোবিজ্ঞানীৰ বাবে গ্রহণযোগ্য নহয়। কিয়নো আত্মাৰ নিচিনাকৈ মনো অস্পষ্ট আৰু ইয়াৰ কোনো অস্তিত্ব নাই। মনৰ প্ৰকৃতি আৰু স্বৰূপক লৈ আত্মাৰ দৰেই সন্দেহৰ থল আছে। সেয়ে মনোবিজ্ঞানৰ এই সংজ্ঞাটোও নাকচ কৰা হ’ল।
মনোবিজ্ঞান হ’ল সচেতনতাৰ বিজ্ঞান [Psychology is the Science of Consciousness] : ডেকার্টে নামৰ মনোবিদজনৰ মতে মনোবিজ্ঞান হ’ল সচেতন মনৰ পৰ্যবেক্ষণ। সেই সময়ৰ মনোবিদসকলে বিশ্বাস কৰিছিল যে মানুহৰ আচৰণ সচেতন মনেহে নিৰূপণ কৰে। স্পেইনৰ ভিচ [Vives] নামৰ মনোবিজ্ঞানীজনে মনোবিজ্ঞান সচেতনতাৰ বিজ্ঞান ধাৰণাটো অধিক জনপ্ৰিয় কৰি তোলে। চেতন মনেহে ব্যক্তিৰ দেহ, মনৰ কাৰ্যকলাপ প্ৰকাশ কৰে। কিন্তু কালক্রমত এই সংজ্ঞাও সমালোচনাৰ সন্মুখীন হ’ল। সমালোচকসকলৰ মতে মানুহৰ মন সচেতন, অৰ্দ্ধচেতন আৰু অচেতন এই তিনিটা স্তৰ লৈ গঠিত। মনৰ সচেতন স্তৰটোৱে কেৱল মাত্ৰ মনৰ এটা অৱস্থাৰ ক্ৰিয়া-কলাপহে নিৰূপণ আৰু প্ৰকাশ কৰিব। আনহাতে মানুহৰ মনৰ অৰ্দ্ধচেতন আৰু অচেতন অংশইও ব্যক্তিৰ আচৰণৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। বিশেষকৈ মনৰ অচেতন অংশটো সবাটোকৈ বৃহৎ আৰু প্ৰভাৱশালী। কুৰি শতিকাৰ আগভাগৰ বিখ্যাত দার্শনিক আৰু মনোবিদ ফ্রয়ডে অচেতন মন আৰু ইয়াৰ দ্বাৰা পৰিচালিত ক্রিয়া আচৰণ আদি অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। গতিকে অকল সচেতন মনৰ প্ৰক্ৰিয়া মনোবিজ্ঞানৰ বিষয়বস্তু হ’ব নোৱাৰে। গতিকে আচৰণবাদী মনোবিজ্ঞানীসকলে এই সংজ্ঞাক অগ্রাহ্য কৰি তেওঁলোকে মনোবিজ্ঞানক বস্তুনিষ্ঠ বিজ্ঞান হিচাপে অভিহিত কৰে। তেওঁলোকে জীৱৰ আচৰণক মনোবিজ্ঞানৰ বিষয়বস্তু হিচাপে গণ্য কৰে।
মনোবিজ্ঞান হ’ল মানুহৰ আচৰণ সম্বন্ধীয় বিজ্ঞান Psychology is the science of human behaviour : জে. বি. ৱাচটন আদি আচৰণবাদী মনোবিদসকলে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি উল্লেখ কৰিছে। আচৰণবাদীসকলৰ মতে মনোবিজ্ঞানৰ বিষয়বস্তু হ’ল বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে পৰ্যবেক্ষণ, পৰীক্ষণ আদি ব্যৱহাৰ কৰি বিজ্ঞানসন্মত পদ্ধতিৰে মানৱ আচৰণ নিৰ্ণয় কৰা। জে.বি. ৱাটচনক মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায়। মেকডুগেলেও মনোবিজ্ঞানক মানুহৰ বাহ্যিক ব্যৱহাৰত ফুটি উঠা আচৰণৰ পৰ্যবেক্ষণ বুলি কৈছে। তেওঁৰ মতে, মনোবিজ্ঞান হৈছে মানুহৰ বাহ্যিক ব্যৱহাৰৰ পৰ্যবেক্ষণ’ [Psychology is the science of human behaviour]। তেওঁৰ মতে, “আচৰণ আৰু, ব্যৱহাৰ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞানেই হ’ল মনোবিজ্ঞান [Psychology is the positive science of behaviour]। ই মানুহৰ সুস্থ বোধশক্তিৰ লগতে সমগ্ৰ অংগ-প্ৰত্যংগৰ আচৰণো নিয়ন্ত্ৰণ কৰে।” মেকডুগেলৰ সংজ্ঞাটোৱেই হ’ল মনোবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা।
মনোবিজ্ঞানৰ পৰিৱৰ্তিত সংজ্ঞা সম্পর্কত উড ৱথেC [Wood Worth] কৈছে, “মনোবিজ্ঞানে প্ৰথমে হেৰুৱালে ইয়াৰ আত্মাক, তাৰ পাছত হেৰুৱালে মনক, তাৰ পাছত হেৰুৱালে সচেতনতাক আৰু এতিয়া ইয়াৰ আছেগৈ মাথোঁ আচৰণ ।” (First psychology lost its soul and than lost its mind, than it lost consciousness. It still has behaviour of a kind.)
ওপৰৰ মতবাদসমূহৰ পৰা এটা কথা স্পষ্টভাৱে বুজিব পাৰি যে মানুহে বিভিন্ন পৰিৱেশত প্ৰদৰ্শন কৰা আচৰণৰ বিজ্ঞানসন্মতভাৱে কৰা অধ্যয়নেই হৈছে মনোবিজ্ঞান।
4. Write the Aims and Objectives of Educational Psychology শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি?
Ans:- প্ৰতিটো সু-সংগঠিত আৰু বিজ্ঞানসন্মত অধ্যয়নৰ বিষয়ৰে নিজ নিজ উদ্দেশ্য থকাৰ দৰেই শিক্ষা মনোবিজ্ঞানৰো কিছুমান লক্ষ্য আৰু উদ্দেশ্য আছে। সেইসমূহ তলত উল্লেখ কৰা হ’ল—
১। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হৈছে শিক্ষকৰ শিক্ষা সম্বন্ধীয় মনোবৈজ্ঞানিক সমস্যাবোৰ অৱগত হোৱাত সহায় কৰা আৰু এই সম্বন্ধে তেওঁৰ অধ্যয়ন আৰু নিৰীক্ষণ ক্ষমতাক বৃদ্ধি কৰি তোলা।
২। শিক্ষার্থীক সার্থক শিক্ষাদান কৰিবৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰা, শিক্ষাদান কাৰ্য সুস্থলাৱে পৰিচালনা কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত শিক্ষকক প্রয়োজনীয় দৃষ্টি দান কৰা।
৩। শিক্ষাৰ্থীৰ আচৰণ সম্বন্ধীয় মনস্তাত্বিক দিশবোৰ বুজি উঠি তেওঁলোকৰ প্ৰতি সহানুভূতিশীল আৰু আন্তৰিকতাৰ মনোভাৱ গঢ়ি তোলাত শিক্ষকসকলক সহায় কৰা।
৪। শ্রেণীকক্ষৰ বাহিৰে-ভিতৰে উদ্ভৱ হ’ব পৰা পৰিস্থিতি তথা সমস্যাবোৰ সামগ্ৰিকভাৱে নিৰীক্ষণ কৰি তাৰ উপযুক্ত সমাধান কৰিবৰ বাবে শিক্ষকক সক্ষম কৰি তোলা।
৫। শিকন প্রক্রিয়া সম্বন্ধে বাস্তৱ, বিজ্ঞানভিত্তিক কাৰ্যকৰীবিধৰ পদ্ধতিৰ বিষয়ে জানি শিক্ষকে নিজ নিজ শিকন পদ্ধতি গঢ়ি তোলাত শিক্ষকক সহায় কৰা।
৬। শিক্ষাৰ্থীৰ ব্যক্তিগত পার্থক্যৰ স্বৰূপ বুজি সেইমতে তেওঁলোকৰ প্ৰয়োজন পূৰণ কা ব্যক্তি-সম্ভাৰ পৰ্ণবিকাশ সাধন কৰাত শিক্ষকক সহায় কৰা।
৭। শিক্ষাৰ্থীৰ ব্যক্তিসত্তাৰ বিকাশৰ লগতে অতিপ্রয়োজনীয় সামাজিক দিশটোৰ বিকাশৰ প্ৰতি শিক্ষক আৰু শিক্ষা-কৰ্তৃপক্ষসকলৰ মনোযোগ আকৰ্ষণ কৰাত সহায় কৰা।
৮। সুস্থ সমাযোজনৰ জৰিয়তে শিক্ষার্থীৰ যাতে সামাজিক ব্যক্তিত্বই গঢ় লৈ উঠে তাৰ বাবে কার্যকৰীভাৱে শিক্ষকসকলক সহায় কৰা।
৯। নিজৰ লগত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য বজাই ৰাখিবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাত শিক্ষকক সহায় কৰা।
১০। শিক্ষকৰ শিক্ষাদান আৰু শিক্ষাৰ্থীৰ শিক্ষাগ্রহণ কাৰ্য ফলপ্ৰসূ কৰি তুলিবৰ বাবে শিক্ষক-শিক্ষাৰ্থীৰ মাজত দেহ-মানসিক প্রস্তুতি আনি দিয়াত সহায় কৰা।
১১। বিভিন্ন বয়সব ল’ৰা-ছোৱালীৰ মানসিক চাহিদা, বুদ্ধি, আগ্রহ, ৰুচি-অভিৰুচি আদিৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যক্ৰম প্রস্তুত কৰাত শিক্ষকক সহায় কৰা।
D. Essay Type Questions: ৰচনাধৰ্মী প্রশ্ন :
1. Discuss the importance of Educational Psychology in the field of education. শিক্ষাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
Ans:- সাম্প্রতিক গতিশীল আৰু দ্ৰুত পৰিৱৰ্তনশীল প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা-ব্যৱস্থাক অধিক বিজ্ঞানসন্মত আৰু ফলপ্ৰসূ কৰি তুলিবৰ বাবে শিক্ষা-মনোবিজ্ঞানৰ প্ৰয়োজন। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ যোগেদিহে শিক্ষকে বৃত্তিমূলক যোগ্যতা তথা শিক্ষকৰ বাবে প্ৰয়োজনীয় যোগ্যতা লাভ কৰিব পাৰে। শিক্ষকৰ বাবে শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা তথ। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক কেনেদৰে সহায় কৰিব পাৰে সেই সম্পর্কে তলত উল্লেখ কৰা দিশবোৰৰ পৰা স্পষ্টকৈ উপলব্ধি কৰিব পাৰি।
১। শিশুক বুজি পোৱা [Understanding the child] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশুক বুজি পোৱাত সহায় কৰে। শিশুৰ সামর্থ্য কিমান আৰু সেই সামর্থ্য কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সেই সম্পর্কে সম্যক জ্ঞান আহৰণ কৰি শিক্ষা প্ৰক্ৰিয়াক অধিক কার্যকৰী কৰি তোলাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।
২। ব্যক্তিগত বৈষম্যৰ বিবেচনা [Consideration of individual difference] : প্রত্যেক ব্যক্তিৰে মানসিক যোগ্যতাৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায় ৷ সেই বিভিন্নতা বা ব্যক্তিগত বৈষম্যৰ বিভিন্ন দিশবোৰ উপলব্ধি কৰি উপযুক্ত শিক্ষা-পদ্ধতি ব্যৱহাৰেৰে শিক্ষাক ফলপ্ৰস্ কৰি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।
৩। বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ [Impact of heredity and environment] : বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ আৰু শিশুৰ সৰ্বতোমুখী বিকাশত এইদুই শক্তিৰ অৱদান সম্পর্কে বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।
৪। শিশু প্ৰকৃতিৰ জ্ঞান লাভ [Knowledge of child’s nature] : মনোবিজ্ঞানৰ যোগেদি শিক্ষকে শিশুৰ অন্তঃৰ্নিহিত সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানিব পাৰে আৰু সেইমতে প্রয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। শিশুৰ বিকাশত সহায় কৰিবৰ বাবে শিশু প্ৰকৃতিৰ জ্ঞান লাভ কৰাটো শিক্ষকৰ বাবে অতি প্রয়োজনীয়। বিখ্যাত প্রকৃতিবাদী দার্শনিক কচোৱে এই প্ৰসংগত মত পোষণ কৰিছিল যে, শিশুৱ প্ৰাপ্তবয়স্ক হৈ উঠাৰ পূৰ্বে সিহঁতক শিশু হিচাপেই ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক সহায় কৰিব পাৰে।
৫। শিশুৰ প্ৰবৃত্তিৰ জ্ঞান [Knowledge of child’s instinct] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশু বা ব্যক্তিৰ বিভিন্ন ধৰণৰ প্ৰবৃত্তিৰ বিষয়ে জনাত আৰু শিশুৰ বিকাশৰ বাবে সেই প্ৰবৃত্তিসমূহৰ দমন আৰু নিৰ্দেশনা কৰাত সহায় কৰে।
৬) শিক্ষাৰ লক্ষ্য নির্ধাৰণ [Formulation of goals of education] : শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক, শিক্ষাবিদ, সমাজ সংগঠক সকলোকে শিক্ষাৰ বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণত সহায় কৰে।
৭। শিশু আচৰণৰ সংশোধন [Modification of child’s behaviour] : শিশুৱে স্বাভাৱিকভাৱেই জৈৱিক প্ৰয়োজন পূৰণমুখী সহজাত প্রবৃত্তিৰ দ্বাৰা পৰিচালিত হয়; ফলত তেওঁলোকৰ আচৰণ আত্মকেন্দ্ৰিক হৈ উঠে। এনে আত্মকেন্দ্ৰিক আচৰণ প্ৰয়োজনীয় সংশোধন সাধন কৰি শিক্ষাৰ্থীৰ আচৰণ সমাজৰ বাবে গ্রহণযোগ্য কৰি তোলা আৰু শিক্ষাৰ্থীৰ সামাজিক ব্যক্তিত্ব গঢ়ি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক সহায় কৰে।
৮। শিকনৰ নীতি সম্পৰ্কীয় জ্ঞান [Knowledge about laws of learning] : শিকন-শিকন প্রক্রিয়াক অধিক সফল কৰি তুলিবৰ বাবে শিকনৰ বিভিন্ন নীতি অনুসৰি শিকনৰ প্ৰণালী আৰু কৌশল উদ্ভাৱন আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।
মনোবিজ্ঞান আৰু শিক্ষা শিক্ষাৰ্থীৰ শিক্ষাগ্রহণ কাৰ্য সফল কৰি তুলিবৰ বাবে তেওঁলোকৰ মনত আগ্ৰহ আৰু প্ৰণোদন সৃষ্টি কৰিব লাগে। তেতিয়াহে শিক্ষার্থীয়ে শিক্ষাগ্ৰহণৰ বাবে দেহ মানসিক দিশত প্রস্তুত হ’ব পাৰিব। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক প্রয়োজনীয় সহায় আগবঢ়ায়।
১০। অন্তর্নিহিত গুণাৱলীৰ জ্ঞান [Knowledge of potentialities] : শিক্ষার্থীয়ে জন্মসূত্ৰে লাভ কৰা অন্তর্নিহিত গুণসমূহ জনাত পৰিমাপ কৰাত আৰু সেইমতে নির্দেশনা দিয়াত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক সহায় কৰে।
১১। শিকনৰ উপযুক্ত পদ্ধতি গ্রহণ [Adopting suitable method of learning] : শিক্ষা মনোবিজ্ঞানৰ যোগেদি শিক্ষকে বৰ্তমান সময়ত উদ্ভাৱন হোৱা অধিক ফলপ্ৰস্ শিকন পদ্ধতিবোৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি তাৰ গ্ৰহণযোগ্য নীতি আৰু পদ্ধতিবোৰ স্থিৰ কৰি ল’ব পাৰে।
১২। শাস্তি আৰু পুৰস্কাৰ প্ৰয়োগকৰণ [Use of reward and punishment] : শিক্ষা মনোবিজ্ঞানে শিক্ষকক শাস্তি আৰু পুৰস্কাৰৰ প্ৰয়োজনীয়তা আৰু উপযুক্ততা সম্পৰ্কীয় জ্ঞানৰ যোগান ধৰে।
১৩। শিক্ষা নির্দেশনা [Educational guidance] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিক্ষাৰ্থীৰ দেহ-মানসিক স্বৰূপ, বিকাশৰ সম্ভাৱনীয়তা আৰু সীমাৱদ্ধতা আদি জানি উঠি সেইমতে তেওঁলোকক প্রয়োজনীয় নির্দেশনা আৰু পৰামৰ্শ প্রদানত সহায় কৰে।
2. What is Psychology. How is the study of Educational Psychology helpful to a teacher Mention only four points. মনোবিজ্ঞান বুলিলে কি বুজা ? শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে এজন শিক্ষকক কেনেদৰে সহায় কৰে তাৰ চাৰিটা দিশ উল্লেখ কৰা।
Ans:- সাধাৰণতে মন সম্বন্ধীয় বিজ্ঞানসন্মত অধ্যয়নেই হ’ল মনোবিজ্ঞান। প্রত্যেক ব্যক্তিকেই মনোবিজ্ঞানে মনৰ বিষয়ে সম্ভেদ দিয়ে বুলি ভবা হয়। মনোবিজ্ঞান সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন মনোবিদে বেলেগ বেলেগ সংজ্ঞা আগবঢ়াইছে যদিও প্রকৃতপক্ষে মনোবিজ্ঞানৰ এটা সুনির্দিষ্ট আৰু সুস্পষ্ট সংজ্ঞা পোৱা নাযায়। বহুতো মনোবিদে ভাবে যে মনোবিজ্ঞানৰ প্ৰধান কাম হ’ল এটা সুচিন্তিত আৰু সু-নিৰ্দিষ্ট পথেৰে মনৰ গোপন ৰহস্য উদ্ঘাটন কৰা। মনোবিজ্ঞান বিজ্ঞান হিচাপে অতি নতুন আৰু ইয়াৰ বিষয়ে আলোচনা-বিলোচনা বহুদিনৰ পৰাই চলি আহিছে আৰু বৰ্তমানেও চলি আছে।প্রথমে গ্রীক দার্শনিক বিখ্যাত পণ্ডিত এৰিষ্ট’টলে মনোবিজ্ঞান শব্দটো প্ৰৱৰ্তন কৰিছিল। বৰ্তমান মনোবিজ্ঞানে এটা সম্পূর্ণ সুকীয়া বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে।
শিক্ষকক মনোবিজ্ঞানৰ অধ্যয়নে সহায় কৰা চাৰিটা দিশ হৈছে-
১। শিশুক বুজি পোৱা [Understanding the child] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশুক বুজি পোৱাত সহায় কৰে। শিশুৰ সামর্থ্য কিমান আৰু সেই সামর্থ্য কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সেই সম্পর্কে সম্যক জ্ঞান আহৰণ কৰি শিক্ষা প্রক্রিয়াক অধিক কার্যকৰী কৰি তোলাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।
২। ব্যক্তিগত বৈষম্যৰ বিবেচনা [Consideration of individual difference] : প্রত্যেক ব্যক্তিৰে মানসিক যোগ্যতাৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায়। সেই বিভিন্নতা বা ব্যক্তিগত বৈষম্যৰ বিভিন্ন দিশবোৰ উপলব্ধি কৰি উপযুক্ত শিক্ষা-পদ্ধতি ব্যৱহাৰেৰে শিক্ষাক ফলপ্ৰস্ কৰি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।
৩। বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ [Impact of heredity and environment] : বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ আৰু শিশুৰ সর্বতোমুখী বিকাশত এইদুই শক্তিৰ অৱদান সম্পর্কে বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।
৪। শিশু প্ৰকৃতিৰ জ্ঞান লাভ [Knowledge of child’s nature] : মনোবিজ্ঞানৰ যোগেদি শিক্ষকে শিশুৰ অন্তঃৰ্নিহিত সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানিব পাৰে আৰু সেইমতে প্রয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। শিশুৰ বিকাশত সহায় কৰিবৰ বাবে শিশু প্ৰকৃতিৰ জ্ঞান লাভ কৰাটো শিক্ষকৰ বাবে অতি প্রয়োজনীয়। বিখ্যাত প্রকৃতিবাদী দার্শনিক ৰুচোৱে এই প্ৰসংগত মত পোষণ কৰিছিল যে, শিশুৱ প্ৰাপ্তবয়স্ক হৈ উঠাৰ পূৰ্বে সিহঁতক শিশু হিচাপেই ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক সহায় কৰিব পাৰে।
3. What is Educational Psychology. Discuss the relation between Psychology and Education. শিক্ষা মনোবিজ্ঞান কাক বোলে ? মনোবিজ্ঞান আৰু শিক্ষাৰ সম্পর্ক আলোচনা কৰা।
Ans:- শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ শাখা। বিখ্যাত মনোবিদ পিটাৰ চেণ্ডিফোর্ডে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দি কয় যে স্কুলৰ বিভিন্ন সমস্যা সমাধানত সাধাৰণ মনোবিজ্ঞানৰ সত্য, তথ্য, সূত্র, তত্ত্ব আদি নীতিসমূহৰ প্রয়োগেই হ’ল শিক্ষা মনোবিজ্ঞান। [Educational psychology is nothing more nor less than the application of psychological Principles to the problems of school room.] কেনেকৈ শিক্ষাক অধিক আকর্ষণীয় কৰিব পাৰি, শিক্ষাদান পদ্ধতি কেনেকৈ মনোবিজ্ঞানসন্মত কৰি তুলিব পাৰি, অভিজ্ঞতাসমূহক কেনেকৈ সামাজিক পৰিৱেশত প্রয়োগ কৰিব পাৰি এনেবোৰ আলোচনাই শিক্ষা মনোবিজ্ঞানৰ আলোচ্য বিষয়বস্তু। তেওঁ মত পোষণ কৰে যে, “ইয়াৰ বিষয়বস্তু হৈছে শিক্ষাগ্রহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা। সাধাৰণভাৱে ক’বলৈ গ’লে বয়সস্থ লোকসকলতকৈ কম বয়সৰ লোকৰ লগত আৰু বাহিৰৰ বিস্তৃত পৰিৱেশতকৈ বিদ্যালয়ৰ শিকনীয় পৰিৱেশৰ লগতহে ইয়াৰ সম্বন্ধ অধিক। [It subject matter is the behaviour of human beings undergoing the process of education. Generally speaking, it deals with the young rather than the old and with the learning situations of the school rather than those of the wider environment.]।” শিক্ষক শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক বুজাপৰা আৰু শিক্ষা সম্বন্ধে উদ্ভব হ’ব পৰা সমস্যাসমূহ অধ্যয়ন কৰাই শিক্ষা মনোবিজ্ঞানৰ মূল উদ্দেশ্য। শিক্ষাৰ প্ৰধান কাম হৈছে বিভিন্ন তথ্য, সূত্র আৱিষ্কাৰ আৰু গৱেষণাৰ জৰিয়তে শিক্ষাক কাৰ্যকৰী, সাৰ্থক আৰু বাস্তৱমুখী কৰি গঢ়ি তোলা।
পোন প্রথমে শিক্ষাক মনোবিজ্ঞানীকৰণ কৰি তোলাৰ ওপৰত চুইজাইলেণ্ডৰ বিখ্যাত স্কুল শিক্ষক জন পেষ্টালজীয়ে মত পোষণ কৰিছিল। জন আডামছৰ মতে, এজন শিক্ষকে জনক লেটিন ভাষা শিকাবলৈ যাওঁতে লেটিন ভাষাৰ লগতে জনকো ভালদৰে জানিব লাগিব। তেওঁৰ মতে এজন শিক্ষকে শিক্ষাদান কার্য সফলতাৰে সম্পাদন কৰিবলৈ হ’লে বিষয়বস্তুৰ সম্পূৰ্ণ জ্ঞান আৰু শিক্ষাৰ্থীৰ মানসিক সামর্থ্যৰ বিষয়ে অৱগত হ’ব লাগিব। ৰুছো, ফ্ৰবেল, মণ্টেছৰী আৰু বহুতো মনোবিজ্ঞানীয়ে শিক্ষা-ব্যৱস্থাত মনোবিজ্ঞান অপৰিহাৰ্য বুলি মত পোষণ কৰে।
শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক [Relation Between Education and Psychology] : শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত এক অতি নিবিড় আৰু গভীৰ সম্পৰ্ক আছে।
১। শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে প্ৰাণীৰ আচৰণ সম্বন্ধে ব্যাখ্যা কৰে। কেনেদৰে প্ৰাণীৰ বিশেষ বিশেষ আচৰণ সংঘটিত হয়, কেনে বিশেষ পৰিস্থিতিত কেনে আচৰণৰ সৃষ্টি হয়, বিভিন্ন আচৰণসমূহৰ পৰা কোনো সর্বজনীন সূত্ৰ পোৱা যায় নেকি এই সমূহ তথ্য নিৰ্ণয় কৰাই হ’ল মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য। সেই আচৰণসমূহৰ প্রায়োগিক দিশটোৱেই হ’ল শিক্ষাৰ বিষয়বস্তু। এই দিশৰ পৰা চালে মনোবিজ্ঞান যদি আচৰণৰ বিজ্ঞান তেন্তে শিক্ষা হ’ল আচৰণৰ প্ৰয়োগবিজ্ঞান। গতিকে দুয়োটা নিবিড়ভাৱে সম্পর্কযুক্ত।
২। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। মনোবিজ্ঞানৰ জৰিয়তে শিশুৰ আচৰণ সম্বন্ধে জ্ঞান পোৱা যায় আৰু শিক্ষাৰ দ্বাৰা সেই আচৰণৰ পৰিশোধন কৰা হয়।
৩। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্দ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত মনোবিজ্ঞানেহে সহায় কৰে। শিশুক সৎ, নম্র, ভদ্ৰ আৰু সাৰ্থক আচৰণত অভ্যস্ত কৰি তোলাই শিক্ষাৰ লক্ষ্য। মনোবিজ্ঞানে শিশুৰ দৈহিক, মানসিক অৱস্থাৰ প্ৰকৃত বিৱৰণ দিয়াৰ পাছত শিক্ষাৰ দ্বাৰা সিহঁতৰ আচৰণ গঠন আৰু পৰিৱৰ্তন কৰা হয়।
৪। শিশুৰ আগ্ৰহ, প্ৰৱণতা, ৰুচি, অভিৰুচি, সামর্থ্য, যোগ্যতা, শিক্ষা আহৰণ ক্ষমতা ইত্যাদি জানিলেহে তেওঁলোকৰ সুস্থ বিকাশ সাধন হ’ব। লগতে শিশুক সামাজিক জীৱনৰ উপযোগী কৰি তুলিবৰ বাবেও শিক্ষাৰ প্ৰয়োজন। এই সমগ্ৰ দিশৰ বিকাশ তথা উন্নতি সাধন কৰাত মনোবিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য।
৫। শিক্ষাদানৰ আধুনিক-পদ্ধতিসমূহ, যেনে- মেডাম মেৰীয়া মণ্টেছৰীৰ ‘মণ্টেশ্বৰী পদ্ধতি’, ফেডৰিক ফ্ৰবেলৰ কিণ্ডাৰ গার্টেন পদ্ধতি, হেলেন পাৰাখাষ্টৰ ডেল্টন পদ্ধতি, জন ডিউইৰ প্ৰকল্প পদ্ধতি, মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা পদ্ধতি আদি মনোবিজ্ঞানৰ নীতিৰ ওপৰত প্রতিষ্ঠিত।
৬। আনুষ্ঠানিক শিক্ষাৰ শ্ৰেণীসমূহৰ সময় বিভাজন, পাঠ্যক্রম প্রস্তুতকৰণ, শিক্ষাদানৰ আহিলাসমূহৰ ব্যৱহাৰ, বিষয় নির্বাচন ইত্যাদিৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰভাৱ অপৰিসীম।
৭। শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰুকাৰ্যকৰী কৰি তোলাৰ বাবে আৰু শ্ৰেণীৰ সমস্যা সমাধান কৰিবৰ বাবে শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্রয়োগ কৰা হয়। শিক্ষাত মনোবিজ্ঞানৰ জ্ঞান আৰু উপযুক্ত প্রয়োগ, বিষয়বস্তু আৰু শিক্ষাৰ্থীৰ যোগ্যতা সম্পর্কে শিক্ষকৰ জ্ঞান থকাটো অত্যন্ত প্ৰয়োজনীয়। শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, সামাজিক, আৱেগিক, পাৰিবাৰিক আদি দিশৰ সমস্যাসমূহৰ বিষয়ে শিক্ষকে মনোবিজ্ঞানৰ সহায়তহে জানিব পাৰে। গতিকে শিক্ষাৰ্থীৰ পূৰ্ণ বিকাশত মনোবিজ্ঞান অপৰিহাৰ্য।
৮। আধুনিক শিক্ষা শিশুকেন্দ্রিক। আকৌ মনোবিজ্ঞানে শিশুৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।
৯। মনোবিজ্ঞানৰ জ্ঞানে ব্যক্তিগত পার্থক্য, বৃত্তি নির্বাচন, দলীয় মনোভাৱ, মানৱ জীৱনৰৰ বিকাশৰ স্তৰ অনুযায়ী শিক্ষা প্রদান; শিক্ষাত অনুশাসন বজায় ৰখা, শিকনৰ নীতি আৰু পদ্ধতি নির্বাচন ইত্যাদি ক্ষেত্ৰত জ্ঞান প্ৰদান কৰে। মুঠৰ ওপৰত মনোবিজ্ঞানে শিক্ষাত নতুন দৃষ্টিভঙ্গী প্রদান কৰে।
4. What is Educational Psychology. How can be knowledge of Psychology help a teacher in the process of education. শিক্ষা মনোবিজ্ঞান কাক বোলে? মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনক শিক্ষাৰ ক্ষেত্ৰত কিদৰে সহায় কৰিব পাৰে?
Ans:- সাধাৰণতে মন সম্বন্ধীয় বিজ্ঞানসন্মত অধ্যয়নেই হ’ল মনোবিজ্ঞান। প্রত্যেক ব্যক্তিকেই মনোবিজ্ঞানে মনৰ বিষয়ে সম্ভেদ দিয়ে বুলি ভবা হয়। মনোবিজ্ঞান সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন মনোবিদে বেলেগ বেলেগ সংজ্ঞা আগবঢ়াইছে যদিও প্রকৃতপক্ষে মনোবিজ্ঞানৰ এটা সুনির্দিষ্ট আৰু সুস্পষ্ট সংজ্ঞা পোৱা নাযায়। বহুতো মনোবিদে ভাবে যে মনোবিজ্ঞানৰ প্ৰধান কাম হ’ল এটা সুচিন্তিত আৰু সু-নিৰ্দিষ্ট পথেৰে মনৰ গোপন ৰহস্য উদ্ঘাটন কৰা। মনোবিজ্ঞান বিজ্ঞান হিচাপে অতি নতুন আৰু ইয়াৰ বিষয়ে আলোচনা-বিলোচনা বহুদিনৰ পৰাই চলি আহিছে আৰু বৰ্তমানেও চলি আছে।প্রথমে গ্রীক দার্শনিক বিখ্যাত পণ্ডিত এৰিষ্ট টলে মনোবিজ্ঞান শব্দটো প্ৰৱৰ্তন কৰিছিল। বর্তমান মনোবিজ্ঞানে এটা সম্পূর্ণ সুকীয়া বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে।
শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ যোগেদিহে শিক্ষকে বৃত্তিমূলক যোগ্যতা তথা শিক্ষকৰ বাবে প্ৰয়োজনীয় যোগ্যতা লাভ কৰিব পাৰে। শিক্ষকৰ বাবে শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা তথ। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক কেনেদৰে সহায় কৰিব পাৰে সেই সম্পর্কে তলত উল্লেখ কৰা দিশবোৰৰ পৰা স্পষ্টকৈ উপলব্ধি কৰিব পাৰি ।
১। শিশুক বুজি পোৱা [Understanding the child] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশুক বুজি পোৱাত সহায় কৰে। শিশুৰ সামর্থ্য কিমান আৰু সেই সামর্থ্য কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সেই সম্পর্কে সম্যক জ্ঞান আহৰণ কৰি শিক্ষা প্ৰক্ৰিয়াক অধিক কার্যকৰী কৰি তোলাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।
২। ব্যক্তিগত বৈষম্যৰ বিবেচনা [Consideration of individual difference] : প্রত্যেক ব্যক্তিৰে মানসিক যোগ্যতাৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায়। সেই বিভিন্নতা বা ব্যক্তিগত বৈষম্যৰ বিভিন্ন দিশবোৰ উপলব্ধি কৰি উপযুক্ত শিক্ষা-পদ্ধতি ব্যৱহাৰেৰে শিক্ষাক ফলপ্ৰস্ কৰি তোলা শিক্ষা মনোবিজ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।
৩। বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ [Impact of heredity and environment] : বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ আৰু শিশুৰ সর্বতোমুখী বিকাশত এইদুই শক্তিৰ অৱদান সম্পর্কে বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।
৪। শিশু প্ৰকৃতিৰ জ্ঞান লাভ [Knowledge of child’s nature] : মনোবিজ্ঞানৰ যোগেদি শিক্ষকে শিশুৰ অন্তঃৰ্নিহিত সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানিব পাৰে আৰু সেইমতে প্রয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। শিশুৰ বিকাশত সহায় কৰিবৰ বাবে শিশু প্ৰকৃতিৰ জ্ঞান লাভ কৰাটো শিক্ষকৰ বাবে অতি প্রয়োজনীয়। বিখ্যাত প্রকৃতিবাদী দার্শনিক ৰুচোৱে এই প্ৰসংগত মত পোষণ কৰিছিল যে, শিশুৱ প্ৰাপ্তবয়স্ক হৈ উঠাৰ পূৰ্বে সিহঁতক শিশু হিচাপেই ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক সহায় কৰিব পাৰে।
৫। শিশুৰ প্ৰবৃত্তিৰ জ্ঞান [Knowledge of child’s instinct] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশু বা ব্যক্তিৰ বিভিন্ন ধৰণৰ প্ৰবৃত্তিৰ বিষয়ে জনাত আৰু শিশুৰ বিকাশৰ বাবে সেই প্ৰবৃত্তিসমূহৰ দমন আৰু নিৰ্দেশনা কৰাত সহায় কৰে।
৬। শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ [Formulation of goals of education] : শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক, শিক্ষাবিদ, সমাজ সংগঠক সকলোকে শিক্ষাৰ বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণত সহায় কৰে।
৭। শিশু আচৰণৰ সংশোধন [Modification of child’s behaviour] : শিশুৱে স্বাভাৱিকভাৱেই জৈৱিক প্ৰয়োজন পূৰণমুখী সহজাত প্রবৃত্তিৰ দ্বাৰা পৰিচালিত হয়; ফলত তেওঁলোকৰ আচৰণ আত্মকেন্দ্ৰিক হৈ উঠে। এনে আত্মকেন্দ্রিক আচৰণ প্ৰয়োজনীয় সংশোধন সাধন কৰি শিক্ষাৰ্থীৰ আচৰণ সমাজৰ বাবে গ্রহণযোগ্য কৰি তোলা আৰু শিক্ষাৰ্থীৰ সামাজিক ব্যক্তিত্ব গঢ়ি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক সহায় কৰে।
৮। শিকনৰ নীতি সম্পৰ্কীয় জ্ঞান [Knowledge about laws of learning] : শিকন-শিকন প্রক্রিয়াক অধিক সফল কৰি তুলিবৰ বাবে শিকনৰ বিভিন্ন নীতি অনুসৰি শিকনৰ প্ৰণালী আৰু কৌশল উদ্ভাৱন আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।
৯। আগ্ৰহ আৰু প্ৰণোদনৰ সৃষ্টিকৰণ [Creating interest and motivation] : শিক্ষাৰ্থীৰ শিক্ষাগ্রহণ কাৰ্য সফল কৰি তুলিবৰ বাবে তেওঁলোকৰ মনত আগ্ৰহ আৰু প্ৰণোদন সৃষ্টি কৰিব লাগে। তেতিয়াহে শিক্ষার্থীয়ে শিক্ষাগ্ৰহণৰ বাবে দেহ মানসিক দিশত প্ৰস্তুত হ’ব পাৰিব। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক প্রয়োজনীয় সহায় আগবঢ়ায়।
১০। অন্তর্নিহিত গুণাৱলীৰ জ্ঞান [Knowledge of potentialities] : শিক্ষাৰ্থীয়ে জন্মসূত্ৰে লাভ কৰা অন্তর্নিহিত গুণসমূহ জনাত পৰিমাপ কৰাত আৰু সেইমতে নির্দেশনা দিয়াত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক সহায় কৰে।
১১। শিকনৰ উপযুক্ত পদ্ধতি গ্রহণ [Adopting suitable method of learning] : শিক্ষা মনোবিজ্ঞানৰ যোগেদি শিক্ষকে বৰ্তমান সময়ত উদ্ভাৱন হোৱা অধিক ফলপ্ৰস্ শিকন পদ্ধতিবোৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি তাৰ গ্ৰহণযোগ্য নীতি আৰু পদ্ধতিবোৰ স্থিৰ কৰি ল’ব পাৰে।
১২। শাক্তি আৰু পুৰস্কাৰ প্ৰয়োগকৰণ [Use of reward and punishment] : শিক্ষা মনোবিজ্ঞানে শিক্ষকক শাস্তি আৰু পুৰস্কাৰৰ প্ৰয়োজনীয়তা আৰু উপযুক্ততা সম্পৰ্কীয় জ্ঞানৰ যোগান ধৰে।
১৩। শিক্ষা নির্দেশনা [Educational guidance] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিক্ষাৰ্থীৰ দেহ-মানসিক স্বৰূপ, বিকাশৰ সম্ভাৱনীয়তা আৰু সীমাৱদ্ধতা আদি জানি উঠি সেইমতে তেওঁলোকক প্রয়োজনীয় নির্দেশনা আৰু পৰামৰ্শ প্ৰদানত সহায় কৰে।
5. What is Psychology. Write about the scope of Educational Psychology. মনোবিজ্ঞান কি? শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ বিষয়ে লিখা।
Ans:- শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ [Scope of Educational Psychology] : শিক্ষা মনোবিজ্ঞানে ইয়াৰ অধ্যয়নৰ বিষয়বস্তু যিমান দূৰলৈকে বিয়পি আছে সেই গণ্ডীৰ ভিতৰৰ সকলো বিষয় আৰু দিশ ইয়াৰ পৰিসৰৰ ভিতৰুৱা। আধুনিক শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ তলত চমুকৈ আলোচনা কৰা হ’ল—
১। শিক্ষার্থী [Learner] : যিকোনো শিক্ষা-ব্যৱস্থাৰ কেন্দ্ৰবিন্দু হ’ল শিক্ষার্থীসকল। সেয়েহে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হৈছে শিক্ষার্থীসকল। শিক্ষাৰ্থীৰ স্বভাৱ আৰু আচৰণসমূহ অধ্যয়ন কৰা আৰু সেইবিলাকে শিকন প্ৰক্ৰিয়াৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেই সম্বন্ধে বুজিবলৈ চেষ্টা কৰাও শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
২। শিক্ষা প্ৰক্ৰিয়াৰ নীতি [Principle of Learning Process] : শিক্ষা প্ৰক্ৰিয়াৰ সমস্যাৰ ওপৰত গৱেষণা চলোৱাই শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য নহয়। ইয়াৰ উপৰিও শিক্ষাৰ্থীৰ কি পদ্ধতিৰে শিকে, শিক্ষাৰ বিষয়বস্তুৰ প্ৰকৃতি আৰু পৰিমাপনৰ লগত সেইসমূহৰ সম্বন্ধ কি, মানসিক শক্তি, প্ৰক্ষোভমূলক আচৰণ তথা অভিৰোচনৰ ওপৰত শিক্ষা কিমান নিৰ্ভৰশীল, কোন কোন পৰিস্থিতিত শিক্ষাৰ অনুকূল বা প্রতিকূল ইত্যাদি শিক্ষাৰ লগত জড়িত সকলো সমস্যা সমাধান কৰাই শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু।
৩। মানৱীয় আচৰণ [Human Behaviour] : শিক্ষা মনোবিজ্ঞানে শিকনীয় পৰিৱেশৰ মাজত মানৱ আচৰণ অধ্যয়ন আৰু সংশোধন কৰে। গতিকে ই সমগ্ৰ শিক্ষাজগতখনকে ইয়াৰ পৰিসৰ ভুক্ত কৰে।
৪। বৃদ্ধি আৰু বিকাশ [Growth and Development] : শিক্ষা মনোবিজ্ঞানে শিশুৰ বিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰে আৰু বিভিন্ন স্তৰৰ বৈশিষ্ট্য আৰু তাৎপর্য কি অর্থাৎ তেওঁলোকৰ বৃদ্ধি আৰু বিকাশৰ গতি কেনেকুৱা তাক বিতংভাৱে অধ্যয়ন কৰে।
৫। ব্যক্তিত্বৰ বিকাশ [Personality Development] : ব্যক্তিত্বৰ বিভিন্ন দিশবিলাকৰ ক্ৰমবিকাশৰ লক্ষ্যত সামঞ্জস্য ৰাখি শিক্ষাৰ বিষয়বস্তু নির্বাচন কৰা, ব্যক্তিত্ব বিকাশৰ বিভিন্ন দিশসমূহ পর্যবেক্ষণ কৰাও শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা।
৬। মানৱ প্ৰকৃতি [Human Nature] : মানৱ প্ৰকৃতিৰ অন্যান্য বৈশিষ্ট্য, যেনে-শিশুৰ প্ৰবৃত্তি আৰু প্ৰক্ষোভৰ স্বৰূপ,চাহিদা আৰু আগ্রহ, মনোযোগ, জন্মগত গুণাৱলীৰ প্ৰভাৱ, শাস্তি আৰু পুৰস্কাৰৰ কার্যকাৰিতা আদিৰ স্বৰূপ নির্ণয় কৰাও শিক্ষা মনোবিজ্ঞানৰ কৰ্ম পৰিধিৰ অন্তৰ্গত।
৭। বংশগতি আৰু পৰিবেশ [Heredity and Environment] : ব্যক্তিৰ পূৰ্ণ ব্যক্তিত্ব আৰু চৰিত্ৰ গঠন আৰু সম্পূৰ্ণ বিকাশত বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ আৰু ফলাফল অধ্যয়ন কৰে বংশগতি আৰু পৰিৱেশে ব্যক্তিৰ বৃদ্ধি আৰু বিকাশত কেনেধৰণৰ ইন্ধন যোগায়, শিশুৰ বিকাশত এই দুয়োট। কেনেদৰে ব্যৱহাৰ কৰিব পাৰি ইত্যাদি দিশবোৰ মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্গত।
৮। ব্যক্তি বিভিন্নতা [Individual Differences] : দেখাত দুজন ব্যক্তি একে হ’লেও মানসিক দিশৰ পৰা কোনে দুজন ব্যক্তি একে নহয়। প্রত্যেক ব্যক্তিৰে বুদ্ধি, ক্ষমতা, যোগ্যতা, সামর্থ্য, আগ্রহ, ৰুচি-অভিৰুচি, মনোযোগ, আৱেগ, অনুভূতি আদি সমান নহয়। ব্যক্তিৰ এই দিশসমূহৰ বাবেই তেওঁলোকৰ মাজত বৈষম্য আহি পৰে। এই বৈষম্যতাৰ ভিত্তিত উপযুক্তভাৱে বৃদ্ধি আক বিকাশ সাধন কৰিব পৰাকৈ যথোপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰাও শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ ভিতৰনা।
৯। বুদ্ধি আৰু ইয়াৰ পৰিমাপ [Intelligence and its Measurement) : বুদ্ধিৰ প্ৰকৃতি আৰু স্বৰূপ অধ্যয়নৰ লগতে বুদ্ধি পৰিমাপনৰ কৌশল, পদ্ধতি, নীতি, প্রয়োগ কৌশল, ফলাফল বিশ্লেষণ আদিও ইয়াৰ অধ্যয়নৰ ভিতৰুৱা ।
১০। মনোবৈজ্ঞানিক অভীক্ষা [Psychological Test] : ব্যক্তিৰ মানসিক দিশ, যেনে-বুদ্ধি, ব্যক্তিত্ব, সংলক্ষণ, অভিৰুচি, দৃষ্টিভঙ্গী, মনোযোগ, স্মৃতি, মনোভাৱ আদি বিজ্ঞানসন্মতভাৱে পৰিমাপ কৰিবলৈ বহুতো মনোবৈজ্ঞানিক অভীক্ষাৰ উদ্ভৱ হৈছে। এই মনোবৈজ্ঞানিক অভীক্ষাসমূহৰ প্ৰকৃতি, প্রয়োগ কৌশল আৰু অনান্য দিশো মনোবিজ্ঞানৰ পৰিসৰৰ অন্তৰ্ভুক্ত।
১১। গণ-মনোবিজ্ঞান [Group Psychology] : শিক্ষা মনোবিজ্ঞানে শিক্ষাদান পদ্ধতি ব্যক্তিগত কৰাতকৈ দলগতভাৱে কৰাত গুৰুত্ব আৰোপ কৰি দলগত শিক্ষাৰ প্ৰয়োজনীয়তা, গুৰুত্বতা, উপকাৰিতা আদি অধ্যয়ন কৰাত আৰু পৰ্যবেক্ষণ কৰাত সহায় কৰে। গতিকে এই দিশসমূহো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা৷
১২। অচেতন মনৰ অধ্যয়ন [Study of the unconscious mind] : শিক্ষা মনোবিজ্ঞানে শিক্ষা আহৰণৰ বেলিকা শিক্ষাৰ্থীৰ ভাব-অনুভূতি আৰু ক্ৰিয়া-আচৰণক প্ৰভাৱিত কৰা অচেতন মনৰ প্ৰভাৱৰ প্ৰতি আমাৰ দৃষ্টি আকর্ষণ কৰে। ব্যক্তিৰ বাস্তৱ ক্ষেত্ৰত ৰৈ যোৱা অপূৰণীয় আশা-আকাংক্ষা, প্রয়োজন আদিৰ দুখদায়ক অভিজ্ঞতাৰ স্মৃতি অচেতন মনত অৱদমিত কৰি ৰাখে। ফলত বহু সময়ত তেওঁলোকৰ মানসিক জটিলতাৰ সৃষ্টি হৈ স্বাভাৱিক আচৰণক অসুস্থ ৰূপ দিয়ে। এনে আচৰণ শিক্ষাৰ্থীৰ অবাধ্যতা, অমনোযোগিতা, অনুশাসনহীনতা, অপৰাধ প্ৰৱণতা আদি আচৰণৰ মাজেদি প্রকাশ পায়। এনেবোৰ আচৰণৰ স্বৰূপ বিশ্লেষণ কৰা আৰু তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা আদি শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্গত।
১৩। শিকন পদ্ধতি [Teaching Methods] : শিক্ষাদান ও শিক্ষাগ্রহণ পদ্ধতি কেনে হ’লে শিক্ষার্থী অধিক উপকৃত হ’ব, শিক্ষাৰ্থীৰ মানসিক যোগ্যতা, বংশগতি আৰু পৰিৱেশৰ ভিন্নতাৰ পৰিপেক্ষিতত কেনেধৰণৰ শিক্ষা পদ্ধতি গ্ৰহণ কৰিলে শিক্ষাকার্য, শিক্ষক তথা শিক্ষার্থী উপকৃত আৰু সফলতা লাভ কৰিব তাক বিচাৰ কৰাটো শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ অন্তৰ্গত বিষয়।
১৪। অৰ্হতাৰ মূল্যায়ন [Evaluation of Qualification] : শিক্ষাদানৰ কৃতকার্যতা, শিকনীয় বিষয় শিক্ষার্থীয়ে কিমান আহৰণ কৰিছে, কিমান বুজি পাইছে, কিমান প্ৰয়োগ কৰিব পাৰিছে আদি বিজ্ঞানসন্মত পৰীক্ষা-নিৰীক্ষাৰ সহায়ত উদ্ভাৱন কৰা শিক্ষা মনোবিজ্ঞানৰ কাম। ঠিক সেইদৰে উপযুক্ত পৰিমাপ পদ্ধতি ব্যৱহাৰ পৰিসংখ্যা পদ্ধতিৰে বিশ্লেষণ আদি কাৰ্যও শিক্ষা পৰিসৰৰ অন্তৰ্গত।
6. Is Psychology a real science. Give three reason for favour of this. মনোবিজ্ঞান প্রকৃত বিজ্ঞান হয়নে? ইয়াৰ বিপক্ষে আৰু সপক্ষে তিনিটা যুক্তি দিয়া।
Ans:- বহু ক্ষেত্ৰত অন্যান্য বিজ্ঞানৰ দৰে মনোবিজ্ঞানকো প্রকৃত বিজ্ঞান বুলি ভবা হয় যদিও বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে চালে মনোবিজ্ঞানক প্রকৃত বিজ্ঞান বুলি ক’ব নোৱাৰি।
১। বিজ্ঞানত ব্যৱহাৰ হোৱা শব্দবোৰ, যেনে-ভৰ, ওজন, উষ্ণতা আদিৰ একোটা নির্দিষ্ট সংজ্ঞা আছে। পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ বাবে ইয়াৰ অৰ্থ একেই। কিন্তু মনোবিজ্ঞানত ব্যৱহাৰ হোৱা শব্দ, যেনে—বুদ্ধি, ব্যক্তিত্ব, অভিপ্রায়, মনোভাৱ ইত্যাদিৰ অৰ্থ সৰ্বসন্মত নহয়। প্রত্যেক ব্যক্তিয়েই অর্থাৎ বিভিন্ন লেখক, শিক্ষক, গৱেষক আদিয়ে ইয়াৰ অৰ্থ বেলেগে বেলেগে বুজিব পাৰে।
২। বিজ্ঞানত ব্যৱহৃত ওজন, ঘনত্ব, সময়, দূৰত্ব, প্লাৱিতা ইত্যাদি ৰাশিসমূহৰ জোখ-মাখৰ বাবে নিৰ্দিষ্ট আঁৰু উপযুক্ত আহিলা পাতি আছে। এই আহিলাসমূহৰ দ্বাৰা লোৱা জোখ-মাখ সম্পূর্ণ বস্তুনিষ্ঠ, বৈধ আৰু নিৰ্ভৰযোগ্য। কিন্তু মনোবিজ্ঞানত বুদ্ধি, ব্যক্তিত্ব, মনোভাৱ ইত্যাদি সংলক্ষণবোৰৰ জোখ-মাখৰ বাবে প্ৰস্তুত কৰা অভীক্ষাৰ বস্তুনিষ্ঠতা নিৰ্ভৰযোগ্য আৰু বৈধ নহয়।
৩। বৈজ্ঞানিক পৰীক্ষাত বিভিন্ন চলক ৰাশিৰ মান প্রয়োজন অনুসৰি স্থিৰ কৰি ৰাখিব পাৰি। আনহাতে মনোবিজ্ঞানৰ পৰীক্ষাত ব্যৱহাৰ হোৱা আগ্রহ, মনোযোগ, অভিৰুচি আদি স্থিৰ অৱস্থাত ৰখাটো অসম্ভৱ।
৪। বৈজ্ঞানিক পৰীক্ষাত কাৰণ একে হ’লে ফলো একে হয়। কিন্তু মনোবৈজ্ঞানিক পৰীক্ষাত যিহেতু ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ বেছি, সেয়ে এনে পৰীক্ষাত কাৰণ একে হ’লেও ফলাফল বেলেগ হোৱাৰেই সম্ভাৱনা বেছি।
৫। বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু বস্তুনিষ্ঠ হোৱাৰ বাবে ইয়াৰ পৰিমাপৰ স্কৰ শূন্যৰ পৰা আৰম্ভ হয়। আনহাতে মনোবিজ্ঞানৰ বিষয়বস্তু সম্পূর্ণ ব্যক্তিনিষ্ঠ হোৱাৰ বাবে ইয়াৰ পৰিমাপনৰ স্তৰ শূন্যৰ পৰা আৰম্ভ নহয় বুলিয়েই ক’ব পাৰি।
৬। বিজ্ঞানৰ তথ্যৰ সত্যতা সৰ্বজনীন।ই কোনো ব্যক্তিৰ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল নহয়। আনহাতে মনোবিজ্ঞানৰ উদ্ভাৱিত তথ্য সূত্র আদি সর্বজনীন নহয়, কিয়নো এইসমূহ বহু ক্ষেত্ৰত ব্যক্তিৰ ব্যক্তিগত অভিজ্ঞতাৰ লগত জড়িত।
ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে মনোবিজ্ঞান প্রকৃত বিজ্ঞান নহয়।
বহুতো মনোবিদে আকৌ মনোবিজ্ঞানক প্রকৃত বিজ্ঞান বুলি অভিহিত কৰিব বিচাৰে। কিয়নো—
১। বিজ্ঞানৰ দৰেই মনোবিজ্ঞানেও পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে তথ্য, সূত্র আদি উদ্ঘাটন কৰাৰ প্ৰয়াস কৰে।
২। বিজ্ঞানৰ দৰে মনোবিজ্ঞানেও পৰীক্ষা-নিৰীক্ষাৰ শেষত এটা নির্দিষ্ট ফলাফলত উপনীত হয়।
৩। বিজ্ঞানত পৰীক্ষা-নিৰীক্ষাৰ বাবে সা-সঁজুলি, যন্ত্ৰ-পাতি ব্যৱহাৰ কৰাৰ দৰেই মনোবৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাত অন্যান্য সা-সঁজুলি, যন্ত্ৰ-পাতি ব্যৱহাৰ কৰা হয়।
এই দিশসমূহৰ পৰা মনোবিজ্ঞানক প্রকৃত বিজ্ঞান বুলি ক’ব পাৰি।
10. What is Educational Psychology? Discuss about the nature of Educational Psychology. শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা? শিক্ষা মনোবিজ্ঞানৰ প্রকৃতি সম্পর্কে আলোচনা কৰা।
Ans:- শিক্ষা মনোবিজ্ঞান হ’ল সাধাৰণ মনোবিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ শাখা। বিখ্যাত মনোবিদ পিটাৰ চেণ্ডিফোর্ডে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা দি কয় যে স্কুলৰ বিভিন্ন সমস্যা সমাধানত সাধাৰণ মনোবিজ্ঞানৰ সত্য, তথ্য, সূত্র, তত্ত্ব আদি নীতিসমূহৰ প্রয়োগেই হ’ল শিক্ষা মনোবিজ্ঞান। [Educational psychology is nothing more nor less than the application of psychological Principles to the problems of school room.] কেনেকৈ শিক্ষাক অধিক আকর্ষণীয় কৰিব পাৰি, শিক্ষাদান পদ্ধতি কেনেকৈ মনোবিজ্ঞানসন্মত কৰি তুলিব পাৰি, অভিজ্ঞতাসমূহক কেনেকৈ সামাজিক পৰিৱেশত প্ৰয়োগ কৰিব পাৰি এনেবোৰ আলোচনাই শিক্ষা মনোবিজ্ঞানৰ আলোচ্য বিষয়বস্তু। তেওঁ মত পোষণ কৰে যে, “ইয়াৰ বিষয়বস্তু হৈছে শিক্ষাগ্রহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা। সাধাৰণভাৱে ক’বলৈ গ’লে বয়সস্থ লোকসকলতকৈ কম বয়সৰ লোকৰ লগত আৰু বাহিৰৰ বিস্তৃত পৰিৱেশতকৈ বিদ্যালয়ৰ শিকনীয় পৰিৱেশৰ লগতহে ইয়াৰ সম্বন্ধ অধিক। [It subject matter is the behaviour of human beings undergoing the process of education. Generally speaking, it deals with the young rather than the old and with the learning situations of the school rather than those of the wider environment.]।” শিক্ষক শিক্ষাৰ্থীৰ মাজৰ পাৰস্পৰিক বুজাপৰা আৰু শিক্ষা সম্বন্ধে উদ্ভব হ’ব পৰা সমস্যাসমূহ অধ্যয়ন কৰাই শিক্ষা মনোবিজ্ঞানৰ মূল উদ্দেশ্য। শিক্ষাৰ প্ৰধান কাম হৈছে বিভিন্ন তথ্য, সূত্ৰ আৱিষ্কাৰ আৰু গৱেষণাৰ জৰিয়তে শিক্ষাক কাৰ্যকৰী, সাৰ্থক্ আৰু বাস্তৱমুখী কৰি গঢ়ি তোলা।
পোন প্রথমে শিক্ষাক মনোবিজ্ঞানীকৰণ কৰি তোলাৰ ওপৰত চুইজাইলেণ্ডৰ বিখ্যাত স্কুল শিক্ষক জন পেষ্টালজীয়ে মত পোষণ কৰিছিল। জন আডামছৰ মতে, এজন শিক্ষকে জনক লেটিন ভাষা শিকাবলৈ যাওঁতে লেটিন ভাষাৰ লগতে জনকো ভালদৰে জানিব লাগিব। তেওঁৰ মতে এজন শিক্ষকে শিক্ষাদান কার্য সফলতাৰে সম্পাদন কৰিবলৈ হ’লে বিষয়বস্তুৰ সম্পূৰ্ণ জ্ঞান আৰু শিক্ষাৰ্থীৰ মানসিক সামর্থ্যৰ বিষয়ে অৱগত হ’ব লাগিব। ৰুছো, ফ্ৰবেল, মণ্টেছৰী আৰু বহুতো মনোবিজ্ঞানীয়ে শিক্ষা-ব্যৱস্থাত মনোবিজ্ঞান অপৰিহাৰ্য বুলি মত পোষণ কৰে।
শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতি [Nature of Educational Psychology] : শিক্ষা মনোবিজ্ঞানৰ প্ৰকৃতি সম্পর্কে তলত আলোচনা কৰা হ’ল-
১। প্রায়োগিক বিজ্ঞান [An applied Science] : শিক্ষা মনোবিজ্ঞান এক প্রয়োগিক বিজ্ঞান কিয়নো মনোবিজ্ঞানৰ তথ্য, তত্ত্ব, সূত্র, পদ্ধতি আদি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি শিক্ষাৰ সাৰ্থকতা নিৰ্ণয় কৰিবলৈ প্ৰচেষ্টা চলোৱা হয়।
২। প্রত্যক্ষ বিজ্ঞান [A Positive Science] : শিক্ষা মনোবিজ্ঞান প্রত্যক্ষ বিজ্ঞানহে, আদর্শনিষ্ঠ নহয়। ই শিক্ষা সম্বন্ধীয় ঘটনাৰ হুবহু বর্ণনা কৰে, শিশুৰ প্ৰকৃতি, নীতিসমূহ হুবহু অধ্যয়ন কৰে, শিশুৰ প্ৰকৃতি কি হ’ব লাগে তাক অধ্যয়ন কৰে।
৩। শিক্ষা বিজ্ঞান [Educational Science] : শিক্ষা মনোবিজ্ঞানে শিক্ষা সম্পৰ্কীয় সমস্যাৱলীৰ বিষয়েহে আলোচনা কৰে। শিক্ষা মনোবিজ্ঞানে শিক্ষা পৰিৱেশৰ মাজত শিক্ষাৰ্থীৰ আচৰণ সম্পর্কে আলোচনা কৰে।
৪। সমাজ বিজ্ঞান [Social Science] : শিক্ষা মনোবিজ্ঞানে ব্যক্তিক শিক্ষা সম্বন্ধীয় দিশৰ পৰা অধ্যয়ন কৰে যাতে ইয়াৰ ফলাফল বহুসংখ্যক গোট বা ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰে। এই দিশৰ পৰা শিক্ষা মনোবিজ্ঞান একসমাজ বিজ্ঞান।
৫। ব্যাবহাৰিক বিজ্ঞান [Practical Science] : শিক্ষা মনোবিজ্ঞান এক ব্যাৱহাৰিক আৰু কাৰ্যমূলক বিজ্ঞান। শিক্ষকে শিকনৰ প্ৰতিটো স্তৰতে মনোবিজ্ঞানৰ জ্ঞান ব্যৱহাৰ কৰি শিক্ষাকার্যক ফলপ্ৰসূ কৰি তোলে।
৬। নির্দিষ্ট বিজ্ঞান [Specific Science] : শিক্ষা মনোবিজ্ঞানে সাধাৰণ মনোবিজ্ঞানৰ পৰিসৰৰ পৰা শিক্ষা গ্রহণ আৰু শিক্ষাদান পদ্ধতিৰ সৈতে সম্পর্ক থকা নির্দিষ্ট বৈশিষ্ট্য আৰু ব্যৱহাৰোপযোগিতা থকা যথার্থ নীতি আৰু ঘটনা নির্বাচন কৰি লয়।
৭। বৃদ্ধি আৰু বিকাশৰ বিজ্ঞান [Growing and Developing Science] : বিজ্ঞান হিচাপে শিক্ষা মনোবিজ্ঞান চিৰবৃদ্ধিশীল আৰু চিৰবিকাশশীল। শিক্ষা মনোবিজ্ঞানে মানৱ প্ৰকৃতিৰ ওপৰত অবিৰত গৱেষণা আৰু আলোচনা কৰে।
৮। শৈক্ষিক অনুশাসন [Academic Discipline] : শিক্ষা মনোবিজ্ঞান প্ৰকৃততে শৈক্ষিক অনুশাসনহে। এই বিজ্ঞানে মানুহৰ আচৰণ অধ্যয়ন কৰে। ইয়াৰ ফলাফলক সাধাৰগীকৰণ কৰে আৰু শিক্ষাৰ তত্ত্ব আৰু কাৰ্যকৰী দিশত তত্ত্বৰ যোগান ধৰে।
gdikshita773@gmail.com