Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা

Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Question Answer can be of great value to excel in the examination.

Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা

Join Telegram channel

Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 1 মনোবিজ্ঞান আৰু শিক্ষা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

19. Write in brief the experimental method of psychology. মনোবিজ্ঞানৰ পৰীক্ষণ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।

Ans:- শিক্ষা মনোবিজ্ঞান এক গৱেষণামূলক বিজ্ঞান। ৰসায়নবিদ্যা, পদার্থবিদ্যা, শৰীৰতত্ত্ব আদিৰ দৰে বৰ্তমান শিক্ষাতো পৰীক্ষণ পদ্ধতি বহুল ৰূপত ব্যৱহৃত হয়। বিশেষভাৱে কোনো নিয়ন্ত্ৰিত পৰিৱেশ বা মনোবিজ্ঞানৰ পৰীক্ষাগাৰত কোনো বিশেষ চৰ্তৰ অধীনত শিক্ষাৰ্থীৰ স্মৃতি, মনোযোগ, শিকন, বিস্মৃতি আদি দৈহিক, মানসিক প্রক্ৰিয়াৰ কাৰণ আৰু বিশেষত্ব নির্ণয় কৰা পদ্ধতিটোৱেই হ’ল পৰীক্ষণ পদ্ধতি।

এই পদ্ধতিৰ সহায়ত শিক্ষা মনোবিজ্ঞানে মানৱ আচৰণৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। এই পদ্ধতি সম্পূর্ণ ত্রুটিমুক্ত নহয় যদিও এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ তুলনামূলকভাৱে নির্ভুল আৰু নিৰ্ভৰযোগ্য।

পৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্য [Characteristics of Experimental Method) : পৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা ধৰণৰ। এই বৈশিষ্ট্যবোৰৰ পৰীক্ষণ পদ্ধতিৰ স্বৰূপক স্পষ্ট ৰূপত অনুধাৱন কৰিব পাৰি। যেনে—

১। ই হৈছে মনোবিজ্ঞানত আচৰণৰ এক নিৰীক্ষণ কাৰ্য, যাক নিয়ন্ত্ৰিত পৰিৱেশ আৰু পৰিস্থিতিত সম্পাদন কৰা হয়।

২। ইয়াক কেৱল পৰীক্ষাগাৰৰ ভিতৰত পৰীক্ষকৰ নিয়ন্ত্রিত পৰিৱেশৰ অধীনতহে সম্পাদন কৰা হয়।

৩। ই হৈছে পৰিৱৰ্তনশীল পৰিস্থিতিক নিয়ন্ত্ৰণ কৰি ব্যক্তিৰ প্রতিক্রিয়া নিৰীক্ষণ কৰা কাৰ্য।

৪। পৰীক্ষণ কার্য সম্পাদনৰ বাবে পৰীক্ষণীয় আৰু পৰীক্ষাগ্রহণকাৰী এই দুজন ব্যক্তিৰ প্ৰয়োজন।

৫। এই পদ্ধতি সম্পাদনৰ বাবে পূৰ্বপৰিকল্পিত আঁচনি, পৰীক্ষণৰ উন্নত আৰু ব্যয়বহুল সা-সঁজুলি, পূৰ্বনিৰ্ধাৰিত পৰীক্ষণীয় ব্যক্তি আৰু অভিজ্ঞ পৰীক্ষকৰ প্ৰয়োজন হয়।

৬। এই পদ্ধতিত মনোবৈজ্ঞানিক পৰীক্ষণৰ যোগেৰে মানুহৰ সজীৱ প্ৰতিক্ৰিয়া আৰু আচৰণৰহে নিৰীক্ষণ কৰা হয়।

পৰীক্ষণৰ পৰ্যায় [Steps Experiment] : পৰীক্ষণ কাৰ্য যিহেতু পূর্ব পৰিকল্পিত, প্ৰণালীৱদ্ধ আৰু সুনিয়ন্ত্রিত বিধৰ, সেইয়ে এই কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে তলৰ পৰ্যায়কেইটা অৱলম্বন কৰিব লগীয়া হয়।

১। সমস্যা স্থিৰ কৰা [Accepting Problem] : পৰীক্ষণ পদ্ধতিৰ প্ৰথম পৰ্যায়ত পৰীক্ষা গ্ৰহণকাৰীয়ে নিজ অধ্যয়ন কাৰ্যৰ বাবে একোটা সমস্যা স্থিৰ কৰিব লাগে।

২। সমস্যাৰ কাৰণৰ পূৰ্বানুমান [Accepting Hypothesis) : পৰীক্ষণ পদ্ধতিৰ দ্বিতীয় পৰ্যায়ত অধ্যয়নৰ বাবে লোৱা সমস্যাটোৰ লগত জড়িত সম্ভাৱ্য কাৰণবোৰ পূৰ্বানুমান বা কল্পনা কৰা হয়।

৩। কাৰকৰ প্ৰভেদ নির্ণয় [Difference between Variables] : এই পর্যায়ত পৰীক্ষাৰ বাবে লোৱা সমস্যাটোৰ লগত জড়িত নিৰ্ভৰশীল আৰু অনিৰ্ভৰশীল [Dependent and Independent] কাৰকবোৰৰ মাজৰ পাৰ্থক্য নির্ণয় কৰিব লাগে।

৪। নিয়ন্ত্রিত পৰিস্থিতিৰ সৃষ্টি [Creation of Controlled Situation] : পৰীক্ষণ পদ্ধতিৰ চতুৰ্থ পৰ্যায়ত পৰীক্ষা কার্য সম্পাদনৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন সা-সঁজুলি আৰু আৱশ্যকীয় পৰিৱেশৰ সৃষ্টি কৰি তুলিব লাগে।

৫। তথ্যৰ বিশ্লেষণ [Analysis of Data] : পৰীক্ষণ পদ্ধতিৰ পঞ্চম পর্যায়ত সংগৃহীত তথ্য সামগ্ৰীবোৰৰ ব্যাখ্যা বা বিশ্লেষণ কৰিব লাগে।

৬। সত্যাসত্য পৰীক্ষা [Examining the Truth] : এই পদ্ধতি শেষ পৰ্যায়ত সমস্যাৰ কাৰণ সম্পৰ্কীয় পূর্বানুমান বা কল্পনাবোৰৰ সত্যাসত্য পৰীক্ষা কৰি চাব লাগে।

পৰীক্ষণ পদ্ধতিৰ সুবিধা বা সবলতা [Advantages of Method] : পৰীক্ষণ পদ্ধতিৰ সুবিধা বা সবলতাসমূহ তলত উল্লেখ কৰা ধৰণৰ৷

১। মনোবিজ্ঞানৰ পৰীক্ষণ পদ্ধতি হৈছে বিজ্ঞান ভিত্তিক, সেয়ে ইয়াক ভৌতিক বিজ্ঞানৰ বিষয়সমূহৰ সমস্যা অধ্যয়নৰ আৰ্হিৰে প্রস্তুত কৰি তোলা হৈছে যাৰ জৰিয়তে ব্যক্তিৰ আচৰণ সম্পৰ্কীয় নিৰ্ভৰযোগ্য আৰু গ্রহণযোগ্য তথ্য আহৰণ কৰিব পৰা যায়।

২। ইয়াত সঠিক তথ্য পাবৰ বাবে ব্যক্তিৰ আচৰণ প্ৰভাৱিত কৰিব পৰা অপৰিৱৰ্তনীয় পৰিস্থিতিসমূহক নিয়ন্ত্ৰণ ৰখা হয়।

৩। পৰীক্ষা পদ্ধতিৰ দ্বাৰা শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ্থীৰ ভিন্নমুখী আচৰণৰ সঠিক কাৰণ জানিবলৈ সক্ষম হৈছে।

৪। এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্য সমূহ পৰীক্ষক আৰু পৰীক্ষণীয় ব্যক্তিৰ ব্যক্তিনিষ্ঠ প্ৰভাৱৰ পৰা বহু পৰিমাণে মুক্ত।

৫। এই পদ্ধতিৰ দ্বাৰা কোনো সমস্যাক বস্তুনিষ্ঠভাৱে আৰু পদ্ধতিগতভাৱে অধ্যয়ন কৰিব পাৰি।

৬। এই পদ্ধতিৰ জৰিয়তে লাভ কৰা তথ্যসমূহ আনে বিচাৰ কৰি চাব পাৰে।

৭। এই পদ্ধতিৰ জৰিয়তে লাভ কৰা তথ্যসমূহ বস্তুনিষ্ঠ আৰু সঠিক হোৱাৰ বাবে সেইবোৰৰ বিশ্লেষণ কম্পিউটাৰৰ সহায়ত কৰিব পাৰি।

৮। পৰীক্ষণ পদ্ধতিৰ দ্বাৰা প্ৰচলিত ধাৰণাসমূহৰ বিষয়ে বিশ্লেষণ কৰিব পাৰি আৰু নতুন বিষয় বা সমস্যাৰ বিষয়ে অধ্যয়নৰ দুৱাৰ মুকলি কৰিব পাৰি।

৯। ইয়াৰ যোগেদি ব্যক্তিয়ে মনোবৈজ্ঞানিক পৰিস্থিতিবোৰত প্ৰদৰ্শন কৰা আচৰণবোৰৰ কাৰণ আৰু তাৰ পৰিণতি সম্বন্ধে সম্যক জ্ঞান পাব পাৰি।

পৰীক্ষণ পদ্ধতিৰ অসুবিধা বা দুর্বলতা [Disadvantages of Experimental Method] পৰীক্ষণ পদ্ধতিৰ ওপৰোক্ত সবলতাসমূহ থাকিলেও ইয়াৰ নিম্নলিখিত দুৰ্বলতাসমূহো পৰিলক্ষিত হয়। যেনে—

১। এই পদ্ধতিৰ জৰিয়তে ব্যক্তিৰ গতিশীল, পৰিৱৰ্তনশীল আৰু নতুনত্ব থকা বিধৰ আচৰণক সঠিক আৰু স্থায়ী ৰূপত পৰিমাপ কৰিব নোৱাৰি।

২। পৰীক্ষক আৰু পৰীক্ষণীয় ব্যক্তি দুয়োৰে মাজত উপযুক্ত বুজাবুজি নাথাকিলে এই পদ্ধতিৰ দ্বাৰা সঠিক আৰু বাঞ্ছিত ফল লাভ কৰিব পৰা নাযায়।

৩। এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিগত আচৰণহে অধ্যয়ন আৰু নিৰীক্ষণ কৰিব পাৰি, দলগত আচৰণক নহয়।

৪। এই পদ্ধতিয়ে সম্পূৰ্ণ বস্তুনিষ্ঠতা আৰু নৈব্যৰ্ত্তিকতাক দাবী কৰিব নোৱাৰে। বহু সময়ত ইয়াত পৰীক্ষকৰ ব্যক্তিনিষ্ঠ প্ৰভাৱো পৰে।

৫। কম বয়সীয়া শিশুৰ ক্ষেত্ৰত পৰীক্ষণ পদ্ধতি প্রয়োগ কৰিব নোৱাৰি।

৬। এই পদ্ধতিৰে মনোবিজ্ঞানৰ সকলোবোৰ অধ্যয়নৰ বিষয়ৰেই প্রয়োজনীয় তথ্য পাব পৰা নাযায়।

৭। এই পদ্ধতিৰে মনোবিজ্ঞানীসকলে জন্তুৰ আচৰণ অধ্যয়ন কৰি পোৱা তথ্যক মানুহৰ আচৰণ ব্যাখ্যাত ব্যৱহাৰ কৰা হয় বাবে ই বিতর্কমূলক হৈ পৰিছে।

৮। এই পদ্ধতিৰ দ্বাৰা মানুহৰ আচৰণক সংশ্লেষণাত্মক বা সামগ্রিক ৰূপত অধ্যয়ন কৰাৰ পৰিৱর্তে বিশ্লেষণাত্মক বা আংশিকভাৱেহে অধ্যয়ন কৰে।

৯। অত্যধিক আৱেগপ্ৰৱণ লোকৰ ক্ষেত্ৰত এই পদ্ধতি প্রয়োগ কৰিব পৰা নাযায়।

20. Write about the application of educational psychology in teaching learning process. শিক্ষাদান আৰু শিক্ষা গ্রহণত শিক্ষা মনোবিজ্ঞানৰ প্ৰয়োগ সম্পর্কে লিখা।

Ans:- শিক্ষাদান আৰু শিক্ষাগ্রহণ প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ তাৎপর্য অপৰিসীম। সাম্প্ৰতিক গতিশীল আৰু দ্ৰুত পৰিৱৰ্তনশীল প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা-ব্যৱস্থাক অধিক বিজ্ঞানসন্মত আৰু ফলপ্ৰসূ কৰি তুলিবৰ বাবে শিক্ষা-মনোবিজ্ঞানৰ প্ৰয়োজন। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ যোগেদিহে শিক্ষকে বৃত্তিমূলক যোগ্যতা তথা শিক্ষকৰ বাবে প্ৰয়োজনীয় যোগ্যতা লাভ কৰিব পাৰে। শিক্ষকৰ বাবে শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা তথ। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে তলত উল্লেখ কৰা দিশবোৰৰ পৰা স্পষ্টকৈ উপলব্ধি কৰিব পাৰি।

১। শিশুক বুজি পোৱা [Understanding the child] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশুক বুজি পোৱাত সহায় কৰে। শিশুৰ সামর্থ্য কিমান আৰু সেই সামর্থ্য কেনেদৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে সেই সম্পর্কে সম্যক জ্ঞান আহৰণ কৰি শিক্ষা প্ৰক্ৰিয়াক অধিক কার্যকৰী কৰি তোলাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।

২। ব্যক্তিগত বৈষম্যৰ বিবেচনা [Consideration of individual difference] : প্রত্যেক ব্যক্তিৰে মানসিক যোগ্যতাৰ ক্ষেত্ৰত বিভিন্নতা দেখিবলৈ পোৱা যায়। সেই বিভিন্নতা বা ব্যক্তিগত বৈষম্যৰ বিভিন্ন দিশবোৰ উপলব্ধি কৰি উপযুক্ত শিক্ষা-পদ্ধতি ব্যৱহাৰেৰে শিক্ষাক ফলপ্ৰস্ কৰি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।

৩। বংশগতি আৰু পৰিবেশৰ প্ৰভাৱ [Impact of heredity and environment] : বৃদ্ধি আৰু বিকাশত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ আৰু শিশুৰ সৰ্বতোমুখী বিকাশত এইদুই শক্তিৰ অৱদান সম্পর্কে বুজি উঠাত শিক্ষা মনোবিজ্ঞানে সহায় কৰে।

৪। শিশু প্ৰকৃতিৰ জ্ঞান লাভ [Knowledge of child’s nature] : মনোবিজ্ঞানৰ যোগেদি শিক্ষকে শিশুৰ অন্তঃৰ্নিহিত সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানিব পাৰে আৰু সেইমতে প্রয়োজনীয় শিক্ষাৰ ব্যৱস্থা কৰিব পাৰে। শিশুৰ বিকাশত সহায় কৰিবৰ বাবে শিশু প্ৰকৃতিৰ জ্ঞান লাভ কৰাটো শিক্ষকৰ বাবে অতি প্রয়োজনীয়। বিখ্যাত প্রকৃতিবাদী দার্শনিক ৰুচোৱে এই প্ৰসংগত মত পোষণ কৰিছিল যে, শিশুৱ প্ৰাপ্তবয়স্ক হৈ উঠাৰ পূৰ্বে সিহঁতক শিশু হিচাপেই ব্যৱহাৰ কৰিব লাগে। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক সহায় কৰিব পাৰে।

৫। শিশুৰ প্ৰবৃত্তিৰ জ্ঞান [Knowledge of child’s instinct] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশু বা ব্যক্তিৰ বিভিন্ন ধৰণৰ প্ৰবৃত্তিৰ বিষয়ে জনাত আৰু শিশুৰ বিকাশৰ বাবে সেই প্ৰবৃত্তিসমূহৰ দমন আৰু নিৰ্দেশনা কৰাত সহায় কৰে।

৬। শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ [Formulation of goals of education] : শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক, শিক্ষাবিদ, সমাজ সংগঠক সকলোকে শিক্ষাৰ বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণত সহায় কৰে।

৭। শিশু আচৰণৰ সংশোধন [Modification of child’s behaviour] : শিশুৱে স্বাভাৱিকভাৱেই জৈৱিক প্ৰয়োজন পূৰণমুখী সহজাত প্রবৃত্তিৰ দ্বাৰা পৰিচালিত হয়; ফলত তেওঁলোকৰ আচৰণ আত্মকেন্দ্ৰিক হৈ উঠে। এনে আত্মকেন্দ্রিক আচৰণ প্ৰয়োজনীয় সংশোধন সাধন কৰি শিক্ষাৰ্থীৰ আচৰণ সমাজৰ বাবে গ্রহণযোগ্য কৰি তোলা আৰু শিক্ষাৰ্থীৰ সামাজিক ব্যক্তিত্ব গঢ়ি তোলাত শিক্ষা মনোবিজ্ঞানে শিক্ষকক সহায় কৰে।

৮। শিকনৰ নীতি সম্পৰ্কীয় জ্ঞান [Knowledge about laws of learning] : শিকন-শিকন প্রক্রিয়াক অধিক সফল কৰি তুলিবৰ বাবে শিকনৰ বিভিন্ন নীতি অনুসৰি শিকনৰ প্ৰণালী আৰু কৌশল উদ্ভাৱন আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক বিশেষভাৱে সহায় কৰে।

৯। আগ্ৰহ আৰু প্ৰণোদনৰ সৃষ্টিকৰণ [Creating interest and motivation] : শিক্ষাৰ্থীৰ শিক্ষাগ্রহণ কাৰ্য সফল কৰি তুলিবৰ বাবে তেওঁলোকৰ মনত আগ্ৰহ আৰু প্ৰণোদন সৃষ্টি কৰিব লাগে। তেতিয়াহে শিক্ষার্থীয়ে শিক্ষাগ্ৰহণৰ বাবে দেহ মানসিক দিশত প্রস্তুত হ’ব পাৰিব। এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানেহে শিক্ষকক প্রয়োজনীয় সহায় আগবঢ়ায়।

১০। অন্তর্নিহিত গুণাৱলীৰ জ্ঞান [Knowledge of potentialities] : শিক্ষার্থীয়ে জন্মসূত্ৰে লাভ কৰা অন্তর্নিহিত গুণসমূহ জনাত পৰিমাপ কৰাত আৰু সেইমতে নির্দেশনা দিয়াত শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক সহায় কৰে।

১১। শিকনৰ উপযুক্ত পদ্ধতি গ্রহণ [Adopting suitable method of learning] : শিক্ষা মনোবিজ্ঞানৰ যোগেদি শিক্ষকে বৰ্তমান সময়ত উদ্ভাৱন হোৱা অধিক ফলপ্ৰস্ শিকন পদ্ধতিবোৰ অধ্যয়ন আৰু বিশ্লেষণ কৰি তাৰ গ্ৰহণযোগ্য নীতি আৰু পদ্ধতিবোৰ স্থিৰ কৰি ল’ব পাৰে।

১২। শাস্তি আৰু পুৰস্কাৰ প্ৰয়োগকৰণ [Use of reward and punishment] : শিক্ষা মনোবিজ্ঞানে শিক্ষকক শাস্তি আৰু পুৰস্কাৰৰ প্ৰয়োজনীয়তা আৰু উপযুক্ততা সম্পৰ্কীয় জ্ঞানৰ যোগান ধৰে।

১৩। শিক্ষা নির্দেশনা [Educational guidance] : শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিক্ষাৰ্থীৰ দেহ-মানসিক স্বৰূপ, বিকাশৰ সম্ভাৱনীয়তা আৰু সীমাৱদ্ধতা আদি জানি উঠি সেইমতে তেওঁলোকক প্রয়োজনীয় নির্দেশনা আৰু পৰামৰ্শ প্ৰদানত সহায় কৰে।

21. What do you mean by structuralism. Write its contribution to the field of educational psychology.

সংগঠনবাদ বা সংৰচনাবাদ বুলিলে কি বুজা? ইয়াৰ শিক্ষা মনোবিজ্ঞানলৈ অৱদান সম্পর্কে লিখা।

Ans:- সংগঠনবাদ বা সংৰচনাবাদ হ’ল মনোবিজ্ঞানৰ এক নতুন চিন্তাধাৰা। এই চিন্তাধাৰাই ১৯ শতিকাৰ দ্বিতীয়ার্ধত ইউৰোপ মহাদেশৰ জাৰ্মেনীত গঢ় লৈ উঠে। সেই সময়ত মনোবিজ্ঞানক চেতনাবিজ্ঞান স্বৰূপে অভিহিত কৰা হৈছিল। অন্তঃপ্ৰেক্ষণ পদ্ধতি প্ৰয়োগ কৰি সেই সময়ত চেতন মনৰ কাৰ্য-কলাপক সৰল উপাদানলৈ ভাঙি বুজিবলৈ চেষ্টা কৰা হৈছিল। সেয়ে সংগঠনাত্মক বা সংৰচনাবাদ মনোবিজ্ঞানত মানুহৰ জটিল সচেতন মনৰ কাৰ্য কলাপক সৰল উপাদানলৈ ভাঙি বুজিবলৈ চেষ্টা কৰা হয়৷ ইয়াত সংৰচনা মানে গঠন বা সংগঠন বা নিৰ্মাণ আৰু সংৰচনাবাদত বিশ্বাসীসকল হৈছে সংৰচনাবাদী। সংৰচনাবাদীসকলৰ মতে মনোবিজ্ঞানৰ অধ্যয়নত মানুহৰ চেতন অভিজ্ঞতাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত। জার্মেনীৰ শৰীৰ বিজ্ঞানী আৰ্নষ্ট ৱেবাৰ মনোবিজ্ঞানত পৰীক্ষণ পদ্ধতি প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। উলহেল্ম উণ্টে ১৮৭৯ চনত জাৰ্মেনীৰ লিপ্‌জিগ্‌ চহৰত প্ৰথম মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন কৰে আৰু ইয়াতে পৰীক্ষকসকলক অন্তঃপ্ৰেক্ষণৰ বাবে বিশেষ প্রশিক্ষণ দিয়া হৈছিল। ১৮৭৩, চনত তেওঁৰ ‘Psychological Psychology’ নামৰ গ্ৰন্থখন প্রকাশ পায়। য়ুণ্টক পৰীক্ষামূলক মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায়। তেওঁ শৰীৰ বিজ্ঞানী আছিল যদিও মনোবিজ্ঞান বিষয়ৰ অধ্যয়নত বেছি শুৰুত্ব আৰোপু কৰিছিল আৰু মানুহৰ চেতন মনৰ জটিল প্ৰক্ৰিয়াক শৰীৰ বিজ্ঞানৰ পৰীক্ষণ পদ্ধতিৰ যোগেৰে অধ্যয়নৰ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে তেওঁ পৰীক্ষামূলক অন্তঃপ্ৰেক্ষণ [Experimental Introspection] পদ্ধতি ব্যৱহাৰ কৰিছিল। উণ্টে ইয়াক দেহতাত্ত্বিক মনোবিজ্ঞান [Psychological Psychology] নাম দিছিল আৰু সিয়ে পাছলৈ পৰীক্ষামূলক মনোবিজ্ঞান [Experimental Psychology] নামে জনাজাত হ’ল ৷ তেওঁৰ এই পদ্ধতিৰ যোগেদি মানুহৰ সচেতন মনৰ অভিজ্ঞতাক এক সামগ্ৰিক ৰূপত অধ্যয়নৰ চেষ্টা কৰা হয়।

সংগঠনবাদত অধ্যয়নৰ কেন্দ্ৰবিন্দু হ’ল চেতন মনৰ বিষয়বস্তু। উণ্টৰ এই চিন্তাধাৰাক তেওঁৰ দুজন প্ৰভাৱশালী ছাত্র এডৱাৰ্ড বেডফোর্ড টিটনাৰ [Edward Bradford Titchener] আৰু জেমচ্ মেককীন কেটেল [James McKeen Cattell] এ সংগঠনবাদী দৃষ্টিভংগীক অধিক বিকাশশীল আৰু জনপ্ৰিয় কৰি তোলে। তেওঁলোকে চেতন মনৰ গঠনত সংবেদন, প্ৰতিৰূপ আৰু মনোভাৱ এই তিনিটা উপাদান চিনাক্ত কৰি উলিয়াইছিল। টিটচনাৰে মনোবিজ্ঞানক বিজ্ঞান ভিত্তিক কৰি তুলিবৰ বাবে বাস্তৱ অৱস্থিতি বা বাস্তৱ সংঘটিত বিষয়বস্তু আৰু স্বাভাৱিক প্রাপ্তবয়স্ক লোকৰ বিশ্লেষণমূলক অন্তঃপ্রেক্ষণ পদ্ধতিৰে কৰা অধ্যয়নহে মনোবিজ্ঞানৰ বিষয়বস্তু হ’ব লাগে। তেওঁৰ মতে মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হ’ব লাগে মানুহৰ মনৰ তৎকালীন অভিজ্ঞতাহে, জীৱ-জন্তু নহয়। টিটচনাৰৰ এই সংগঠনবাদিতাক অস্তিত্ববাদী চিন্তাধাৰা [Existentialism] বুলিও জনা যায়।

সংগঠনবাদৰ শিক্ষা-মনোবিজ্ঞানলৈ অৱদান (Contribution of Structuralism to Educational Psychology) : শিক্ষা তথা মনোবিজ্ঞানলৈ সংগঠনবাদ বা সংৰচনাবাদে বহু মূল্যবান অৱদান আগবঢ়াইছে। সেই সমূহ হ’ল—

১। ই মনোবিজ্ঞানক অধিক ভৌতিক পৰ্যায়ৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি মনোবিজ্ঞানক কল্পনাৰ পৰিৱৰ্তে তথ্যৰ ওপৰত প্ৰতিষ্ঠা কৰিলে ৷

২। এই মতবাদেই শিক্ষাত শিক্ষাৰ্থীৰ মানসিক প্রক্রিয়াসমূহক অধিক গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তাক প্রথমে সকীয়াই দিয়ে।

৩। সংগঠনবাদে পৰীক্ষণমূলক অন্তঃপ্রেক্ষণ পদ্ধতি গঢ়ি তুলি মনোবিজ্ঞানত তথ্য সংগ্ৰহৰ ক্ষেত্ৰত পৰীক্ষণমূলক পদ্ধতি গ্রহণ কৰি অন্তঃপ্ৰেক্ষণৰ চৰম ব্যক্তিনিষ্ঠতাক হ্রাস কৰে।

৪। ই মনোবিজ্ঞানৰ চিন্তাধাৰাত বস্তুনিষ্ঠতা, পৰীক্ষাভিত্তিক আৰু বিজ্ঞানভিত্তিক চিন্তাধাৰাক কার্যকৰী তোলে।

৫। এই চিন্তাধাৰাৰ ফলতে মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন হৈ উঠি মানুহৰ মানসিক শক্তি, ক্ষমতা আৰু যোগ্যতাবোৰৰ লগতে শিক্ষাৰ অন্যান্য সমস্যাবোৰ নিৰ্ভৰযোগ্যভাৱে পৰিমাপণ কৰাৰ এক ব্যাৱহাৰিক পৰিৱেশ গঢ়ি উঠে।

22. What is the behaviourism Discuss the contribution of behaviourism to education. আচৰণবাদ মানে কি? শিক্ষাৰ ক্ষেত্ৰত আচৰণবাদৰ অৱদানৰ বিষয়ে আলোচনা কৰা।

Ans:- আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞানী আৰু মনোবিজ্ঞানী জে. বি. ৱাচনে ১৯১২ চনত আচৰণবাদ চিন্তাধাৰাক অধিক জনপ্ৰিয় কৰি তোলে। আচৰণবাদী চিন্তাধাৰাৰ বাখ্যা তেওঁ তেওঁৰ বিখ্যাত গ্রন্থ ‘The Psychology from the Standpoint of A Behaviourist’ ৰ যোগেদি দাঙি ধৰে। ৱাচনৰ আগতেও অৱশ্যে আমেৰিকাৰ প্ৰাণীবিদ জেকুইচ লৱেল (Jacques Loels) এ ১৮৯০ চনত ‘The Mechanistic Conception of Life নামৰ মানুহৰ আচৰণক ব্যক্তি নিৰপেক্ষভাৱে অধ্যয়ন কৰিব পৰাৰ ইংগিত দি গৈছে। ৰাচিয়াৰ আইভান পেলভল [Ivan Pavlov] বেখটাৰেভ [Bekhterev] আদি মনোবিজ্ঞানীয়েও আচৰণবাদী চিন্তাধাৰালৈ নিজ নিজ অৱদান আগবঢ়াই থৈ যায়। আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা কাৰ্যই হ’ল আচৰণবাদ। মানুহে কাহ মৰা, হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা উচ্চতম দার্শনিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হিচাপে কৰে বুলি আচৰণবাদীসকলে বিশ্বাস কৰে।

আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতত এক আলোড়নৰ সৃষ্টি কৰিলে ৷ তেওঁ মানুহ আৰু জন্তুৰ আচৰণৰ বস্তুবাদী সাহিলা হিচাপে মনোবিজ্ঞানৰ বিকাশ ঘটায়। ৱাটটঠনৰ আচৰণবাদৰ চিন্তাধাৰ৷ সম্পৰ্কীয় কেতবোৰ মূলনীতি তলত উল্লেখ কৰা হ’ল—

১। মনোবিজ্ঞানত মানুহে পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তে প্রত্যক্ষভাবে দর্শনীয়, শ্ৰৱণীয় আৰু স্পৰ্শনীয় অভিজ্ঞতাকহে বিবেচনা কৰিব লাগে।

২। মনোবিজ্ঞানক তেওঁ মানসিক আচৰণৰ বিজ্ঞান নুবুলি সম্পূৰ্ণৰূপে বস্তুধর্মী মনোবিজ্ঞান কয়।

৩। এই চিন্তাধাৰা অনুসৰি মনোবিজ্ঞানত মানসিক অর্থসূচক শব্দ। যেনে—সংবোধন, আৱেগ-অনুভূতি, ইচ্ছাশক্তি আদিক পৰিহাৰ কৰি দৈহিক অর্থসূচক শব্দ, যেনে- উদ্দীপক, প্রতিক্রিয়া, শিকন,অভ্যাস আদিহে প্ৰয়োগ কৰিব লাগে।

৪। তেওঁৰ মতে, মনোবিজ্ঞানৰ বিষয়বস্তু মানুহ আৰু জন্তুহে হ’ব লাগে যাক বস্তুনিষ্ঠভাৱে আৰু পৰিমাপ কৰিব পাৰি।

৫। মনোবিজ্ঞান কল্পনাপ্রসূত নহয়, ই তথ্য আৰু পৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠত এক ব্যক্তিনিৰপেক্ষ মানুহৰ পেশীয় কার্যহে।

৬। অন্তঃপ্ৰেক্ষণৰ পৰোক্ষ, ব্যক্তিনিষ্ঠ আৰু অবৈজ্ঞানিক পদ্ধতি পৰিহাৰ কৰি মনোবিজ্ঞানত জীৱ-জন্তুৰ আচৰণ সম্পর্কে অধ্যয়নকহে ভিত্তি স্বৰূপে ল’ব লাগে।

৭। তেওঁৰ মতে শিকন হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ স্থাপন আৰু অনুবন্ধনৰ যান্ত্ৰিক ক্ৰিয়াৰ স্থায়ী অৱস্থা বা পৰিণতি স্বৰূপ ৷

৮। ৱাচন আছিল সম্পূৰ্ণৰূপে পৰিৱেশবাদী। তেওঁৰ মতে ব্যক্তিৰ আচৰণত বংশগতিতকৈ পৰিবেশে বেছি প্ৰভাৱ পেলায়। সেয়ে ইয়াক ব্যক্তিত্ব নিৰ্ধাৰণকাৰী শক্তিৰূপে গণ্য কৰা হয়।

৯। তেওঁৰ মতে আচৰণ সম্পর্কে জনাৰ মূল চাবিকাঠি হ’ল অনুবর্তিত ক্রিয়া ।

ৱাটচনৰ পৰৱৰ্তীকালত বহুকেইজন মনোবিজ্ঞানীয়ে শিকনৰ বিভিন্ন পদ্ধতি উদ্ভাৱন কৰি আচৰণবাদৰ ভেটি সুদৃঢ় কৰি থৈ যায়। তেওঁলোকৰ ভিতৰত হুল [Hull], টলমেন [Tolman], বি. এফ. স্কীনাৰ [B. F. Skinner] আদিৰ নাম উল্লেখযোগ্য। হুলে আচৰণৰ ক্ষেত্ৰত তাড়না, অভিৰোচন আৰু পুনৰুদ্দীপনৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ Hypothetical Deductive বিকাশ ঘটায়। টলমেনে প্রতিবর্ত ক্ৰিয়াৰ দৈহিক আৰু যান্ত্রিক আচৰণৰ পৰিৱৰ্তে উদ্দেশ্য প্ৰণোদিত আচৰণৰ প্ৰতিহে দৃষ্টি দিয়ে। স্কীনাৰেও যান্ত্রিক অনুবন্ধিত আচৰণৰ পৰিৱৰ্তে ক্রিয়াপ্রসূত আচৰণকহে লক্ষ্য কৰে আৰু ক্রিয়াপ্রসূত সংযোগবাদ নামৰ শিকন পদ্ধতি উদ্ভাৱন কৰে। এই শিকন পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই পাছলৈ তেওঁ শিকন যন্ত্ৰ [Teaching Machine] আৰু আনুক্রমিক শিকন [Programmed Learning] ৰ ধাৰণা গঢ়ি তোলে।

আচৰণবাদৰ শিক্ষালৈ অৱদান [Contribution Behaviourism to Education] : আচৰণবাদে শিক্ষালৈ আগবঢ়োৱা অৱদানসমূহ হৈছে-

১। শিকন আৰু অভিৰোচনক আচৰণবাদে এক গুৰুত্বপূর্ণ স্থান দিলে আৰু এই দিশত বহু নতুন সূত্র, তত্ত্ব আদি উদ্ভাৱন কৰিলে।

২। ই মনোবিজ্ঞানক মন,সচেতনতা, মানসিকতা আদি পৰিস্থিতৰ পৰা মুক্ত কৰে যাৰ প্ৰভাৱত শিক্ষাৰ ক্ষেত্ৰত শিকনৰ নীতি আৰু সূত্ৰসমূহক বাস্তৱ দৃষ্টিৰে বিশ্লেষণ আৰু নিৰ্ধাৰণ কৰিবলৈ লোৱা হয় ৷

৩। আচৰণবাদীসকলৰ মতে শিশুৰ শিকন কাৰ্য আচৰণৰ অনুশীলন, অনুবন্ধন আৰু অভ্যাস গঠনৰ জৰিয়তেহে সম্পন্ন হয়। এই চিন্তাধাৰাই সেয়ে শিশুৰ শিক্ষা প্ৰক্ৰিয়াৰ দিশত শিক্ষক আৰু শিক্ষাবিদসকলক এক সুস্পষ্ট, বাস্তৱ আৰু কাৰ্যকৰী ধাৰণা প্রদান কৰিলে ৷

৪। শিক্ষাৰ ক্ষেত্ৰত স্কীনাৰৰ ক্ৰিয়াপ্রসূত অনুবন্ধনবাদৰ ওপৰত ভিত্তি কৰি আত্ম-শিকন আৰু আত্ম-নির্দেশনামূলক ব্যৱস্থাক অধিক জনপ্ৰিয় কৰি তুলিব পৰা হ’ল, যাৰ যোগে শিক্ষাগ্রহণ কার্য অধিক ব্যক্তিমুখী হৈ উঠিবলৈ ধৰিলে।

৫। এই চিন্তাধাৰাৰ প্ৰভাৱতে শিক্ষাদান আৰু শিক্ষাগ্রহণত পৰিৱেশৰ প্ৰভাৱ, প্ৰমোদন, অভিৰোচন আদিৰ প্ৰভাৱৰ প্ৰতি বৰ্তমান শিক্ষক আৰু শিক্ষাবিদসকলে অধিক গুৰুত্ব আৰোপ কৰিবলৈ ধৰিছে।

৬। ই শিশুৰ ভাষাৰ বিকাশ সাধন কৰি তাৰ যোগেদি চিন্তাপ্ৰক্ৰিয়াত সহায় কৰিব পৰা যায় বুলি বিশেষজ্ঞসকলক এক নতুন দৃষ্টিভংগী প্ৰদান কৰে।

৭। ই শিশুৰ আৱেগ-অনুভূতিৰ ওপৰতো এক নতুন দৃষ্টিভংগী দান কৰে।

৮। ই অপসংগতিমূলক আচৰণ প্ৰদৰ্শন কৰা শিশুৰ সৈতে জড়িত নতুন পদ্ধতিৰ জন্ম দিয়ে।

৯। ই পৰিৱেশক ব্যক্তিত্ব নিৰ্ধাৰণকাৰী আৰু শিক্ষকৰ নিয়ন্ত্রণাধীন হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। সেয়ে শিক্ষা বিকাশত শিক্ষক আৰু শিক্ষা পৰিৱেশৰ প্ৰাধান্যক বৰ্তমান অত্যধিক গুৰুত্ব দিয়া হয়।

১০। ই শিক্ষাৰ্থীৰ শিক্ষা আহৰণত পুৰস্কাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু ইয়াক উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ নিয়ম স্পষ্টকৈ বুজাই দিয়ে।

23. What do you mean by Functionalism? Write its contribution to the field of educational Functionalism. কার্যবাদ বা ক্রিয়াবাদ বুলিলে কি বুজা? ইয়াৰ শিক্ষা মনোবিজ্ঞানলৈ অৱদান সম্পর্কে লিখা।

Ans:- কাৰ্যবাদ বা ক্রিয়াবাদ [Functionalism] : ১৯ শতিকাৰ বিখ্যাত জীৱ বিজ্ঞানী ছাৰ্লচ্ ডাউইন [Charles Darwin] ৰ ক্ৰম বিৱৰ্তন তত্ত্ব [Theory of Evolution] ৰ প্ৰভাৱৰ ফলতেই কাৰ্যবাদ বা ক্রিয়াবাদৰ জন্ম হয়। তেওঁ মত পোষণ কৰে যে মানুহ আৰু জীৱ-জন্তুৰ ক্ৰমবিকাশত পৰিৱেশৰ পৰিস্থিতিয়ে এক বিৱৰ্তনকাৰী প্ৰভাৱ পেলায়। পৰিৱেশৰ পৰিস্থিতিৰ লগত খাপ খাই চলিবলৈ যাওঁতে উদ্ভৱ হোৱা নানা ৰকমৰ সমস্যা সমাধান কৰোঁতে প্রত্যেক ব্যক্তিয়ে ব্যক্তিয়ে প্রয়োজন অনুসৰি চেতন প্ৰক্ৰিয়া প্ৰদৰ্শন কৰে। গতিকে মনোবিজ্ঞানে কেৱল মনৰ চেতন অৱস্থাকে অধ্যয়নৰ বিষয় হিচাপে নলৈ চেতন অৱস্থাৰ উদ্দেশ্য ভিত্তিক কার্যকহে অধ্যয়ন কৰিব লাগে। ডাৰউইনৰ এই যুগান্তকাৰী সূত্রই ১৯ আৰু ২০ শতিকাৰ মনোবিজ্ঞানীসকলৰ চিন্তাধাৰালৈ এক নতুন চিন্তাৰ উৎস কঢ়িয়াই আনে। তেওঁলোকে ভাবিবলৈ বাধ্য হয় যে মানুহৰ দেহ-মনৰ ওপৰত পৰিৱেশৰ শক্তিয়েহে প্ৰভাৱ বিস্তাৰ কৰে, যাৰ পৰিণতি স্বৰূপে মানুহে প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰকাশ কৰে। তেওঁৰ মতবাদৰ প্রতি আকৃষ্ট হৈয়ে বিখ্যাত জীৱ-বিজ্ঞানী আৰু মনোবিজ্ঞানী ফ্রেন্সিচ গেল্টনে জীৱৰ মানসিক বিকাশত বংশগতিৰ প্ৰভাৱ সম্বন্ধে এক বিস্তৃত অধ্যয়ন কৰে। এই কাৰ্যবাদে সেয়ে মানুহ আৰু জীৱ-জন্তুৰ মনৰ ওপৰত পৰিৱেশ পৰিস্থিতিয়ে কৰা ক্ৰিয়া আৰু সমাযোজনৰ পৰিণতিস্বৰূপেহে আচৰণ প্ৰকাশ পায়। সেয়ে ব্যক্তিৰ মনৰ মানসিকশক্তি, ক্ষমতা আৰু সাংগঠনিক অৱস্থাৰ লগতে আচৰণৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰভাৱো মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হ’ব লাগে। ইয়ে হৈছে কাৰ্যবাদৰ মূল বক্তব্য।

আমেৰিকাৰ বিখ্যাত হার্বার্ড বিশ্ববিদ্যালয়ৰ দার্শনিক আৰু মনোবিজ্ঞানী উইলিয়াম জেমচ [William James] ও ডাউইনৰ ক্রমবিৱৰ্তন তত্ত্বৰ প্ৰতি আকৃষ্ট হৈছিল। তেওঁ বিখ্যাত গ্রন্থ ‘Principles of Psychology’ ৰ যোগেদি কাৰ্যবাদ চিন্তাধাৰাৰ ধাৰণাক গঢ় দি, তোলে আৰু প্ৰকাশ কৰে যে মানুহৰ মনে পৰিৱেশৰ, লগত কৰা আদান-প্ৰদানৰ ফলস্বৰূপে জ্ঞান অভিজ্ঞতা আহৰণ কৰে আৰু অভ্যাস গঠন কৰে। সেয়ে তেওঁ মানুহৰ মানসিক উপাদানবোৰক পৃথক পৃথকভাৱে আলোচনা নকৰি মনক পৰিৱেশৰ সংস্পৰ্শত কৰা ক্রিয়া মাধ্যমেৰেহে অধ্যয়ন কৰিব লাগে।

কাৰ্যবাদ চিন্তাধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত জন ডিউই [John Dewey] ৰ অৱদানো উল্লেখযোগ্য। আমেৰিকা মিচিগান বিশ্ববিদ্যালয়ৰ অধ্যাপক জন ডিউইয়ে তেওঁৰ বিখ্যাত গ্ৰন্থ ‘How we Think”The Reflex Are Concept in Psychology’ ত নিজৰ চিন্তাধাৰা ব্যক্ত কৰে। তেওঁ ‘How We Think’ ত চিন্তনক নতুন সমস্যামূলক পৰিস্থিতিৰ সৈতে সংগতি বিধান বুলি প্ৰকাশ কৰে। তেওঁৰ মতে চিন্তা তেতিয়াহে উদ্ভৱ হয় যেতিয়া কোনো অংগ-প্রত্যংগই বাধাৰ সন্মুখীন হয়। ঠিক সেইদৰেই তেওঁ তেওঁৰ বিখ্যাত গ্রন্থ ‘The Reflex Are Concept in Psychology’ ত কৈছে যে, আচৰণক কেতিয়াও কিছুমান ভাগত ভাগ কৰিব নোৱাৰি। ইয়াক জীৱই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সমন্বয়ত পৰিৱেশৰ লগত কৰা সংগতি বিধান আৰু ব্যৱহাৰপূৰ্ণ সমগ্ৰ হিচাপেহে গণ্য কৰিব লাগে। সেয়ে জীৱই পৰিৱেশত কৰা সমগ্ৰ প্ৰিয়া আচৰণহে মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হৈ উঠিব লাগে।

জন ডিউহৰ উপৰিও আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী জেমস্ আৰ এঞ্জেল [James R. Angel], হাৰভি এ. কাৰ [Harvey A. Car], এডৱাৰ্ড লি. থলডাইক (Edward Lee Thomdike], আৰ.এচ.উদৱৰ্থ [R. S. Woodworth] আদিয়ে মনোবিজ্ঞানৰ এই ক্রিয়াবাদ বা কার্যবাদ চিন্তাধাৰাক আগুৱাই নিয়ে। এইসকল মনোবিজ্ঞানীৰ মতে পৰিৱেশৰ লগত হোৱা সমাযোজনৰ পৰিপ্ৰেক্ষিততহে মানুহৰ মনৰ কাৰ্যকলাপ অধ্যয়ন কৰিব লাগে। গতিকে মনোবিজ্ঞানত মনৰ সংগঠনৰ দিশটোৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও মনৰ দ্বাৰা কি কি কাৰ্য সংঘটিত আৰু সমাধা হয় সেই সম্পৰ্কে অধ্যয়নৰ ওপৰত অধ্যয়ন কৰিবলৈ বিচৰা মতাদৰ্শকে কার্যবাদ বা ক্রিয়াবাদ বোলা হয়।

কাৰ্যবাদ বা ক্রিয়াবাদৰ শিক্ষালৈ অৱদান [Contribution Functionalism to Education] : কার্যবাদ বা ক্ৰিয়াবাদৰ শিক্ষালৈ অৱদান সম্পর্কে তলত উল্লেখ কৰা হ’ল—

১। কাৰ্যবাদী চিন্তাধাৰা অনুসৰি আচৰণ হৈছে জীৱনৰ নতুন পৰিস্থিতিৰ সৈতে কৰা সমাযোজন মাথোন। এনে সমাযোজনৰ সুস্থ বা অসুস্থ হ’লে ব্যক্তিৰ সুস্থ বা অসুস্থ ব্যক্তিত্ব গঢ়ি তুলিব পাৰে। সেয়ে উপযুক্তভাৱে পৰিৱেশৰ লগত সমাযোজন কৰিব পৰাকৈ শিক্ষানুষ্ঠানে শিক্ষার্থীক শিকাব লাগে। উপযুক্ত শৈক্ষিক পৰিৱেশৰ যোগান ধৰি শিক্ষাৰ্থীক শিক্ষা আহৰণৰ প্ৰতি অনুপ্লাণিত আৰু আগ্রহান্বিত কৰি তুলিব লাগে।

২। কার্যবাদে শিক্ষাৰ পাঠ্যক্ৰমলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনে। শিক্ষাৰ পাঠ্যক্ৰমক কেৱল তাত্ত্বিক কৰি ৰখাৰ পৰিৱৰ্তে ইয়াত প্রায়োগিক তথা ব্যাৱহাৰিক দিশ যথেষ্ট পৰিমাণে সন্নিৱিষ্ট কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

৩। এই চিন্তাধাৰা অনুসৰি শিক্ষাক চিন্তাপ্রধান বা তত্ত্বপ্রধান কৰি তোলাৰ পৰিৱৰ্তে ক্রিয়াপ্রধান, প্রায়োগিক আৰু প্ৰয়োজন ভিত্তিক কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সেয়ে শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সমস্যাবিলাক চালি-জাৰি চাই সেইবিলাকৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে।

৪। কার্যবাদে ব্যক্তিৰ বিভিন্ন সমস্যা আৰু তাৰ সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সেয়ে শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সমস্যা বিলাক চালি- জাৰিচাই সেইবিলাকৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে।

৫। ই শিক্ষা মনোবিজ্ঞান, মানসিক পৰীক্ষণ আৰু শিশু মনোবিজ্ঞানলৈ এক অতুলনীয় অৱদান আগবঢ়ায়। বিভিন্ন বয়সৰ শিশুৰ প্ৰয়োজন, আগ্রহ-অভিৰুচি, ক্রিয়া-প্ৰৱণতা আদিৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰে।

৬। ই শিক্ষাত বৈজ্ঞানিক দৃষ্টিভংগী অন্তৰ্ভুক্ত হোৱাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে শিক্ষাত বিজ্ঞানসন্মত অনুসন্ধানৰ উদ্যম বঢ়ায়।

৭। কাৰ্যবাদে শিক্ষাদান আৰু শিক্ষা আহৰণত বহুতো নতুন পদ্ধতিৰ জন্ম দিয়ে।

৮। ই শিশুক সামাজিকভাৱে যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলা, শিক্ষাক সমাজৰ সমস্যা সমাধানমুখী কৰি তোলা আদি দিশত গুৰুত্ব আৰোপ কৰে। অৰ্থাৎ শিক্ষাৰ সামাজিক দিশটোত কার্যবাদে অধিক গুৰুত্ব দিয়ে।

৯। ই শিক্ষকে শিক্ষাদানকাৰী হৈ উঠাৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ মনত প্ৰণোদন সৃষ্টি কৰিব পৰা এজন অভিৰোচনকাৰী হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে।

24. Discuss the contribution of Psychoanalysis to education. মনোবিশ্লেষণৰ শিক্ষা মনোবিজ্ঞানলৈ অৱদান সম্পর্কে লিখা।

Ans:- ফ্ৰয়ডৰ মনোবিশ্লেষণ চিন্তাধাৰাই শিক্ষাজগতখনলৈ কিছুমান নতুন নীতি, আদৰ্শ আৰু বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তলত মনোবিশ্লেষণে শিক্ষালৈ আগবঢ়োৱা অৱদানসমূহ উল্লেখ কৰা হ’ল—

১। শৈশৱৰ ওপৰত গুৰুত্ব [Importance of infancy] : মনোবিশ্লেষণৰ এক গুৰুত্বপূৰ্ণ অৱদান হৈছে শৈশৱৰ ওপৰত গুৰুত্ব। এই চিন্তাধাৰাৰ আগলৈকে ব্যক্তিৰ পৈণত জীৱনত শৈশৱকালৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে বুলি ধৰি লোৱা হৈছিল। কিন্তু মনোবিশ্লেষণৰ গৱেষণাৰ পিছত মানৱ জীৱনত যে শৈশৱকালৰ গুৰুত্বই আটাইতকৈ বেছি সেই কথা প্রমাণিত হয়। সেয়ে শিশুৱে যাতে তাৰ শৈশৱকালত কোনো ধৰণৰ আঘাতাত্মক অভিজ্ঞতাৰ সন্মুখীন নহয় আৰু আকাংক্ষিত পথেৰে ষাতে শিশুৰ বিকাশ সাধন হয় তাৰ প্ৰতি দৃষ্টি দিয়াটো শিক্ষাৰ প্ৰধান কৰ্তব্য হিচাপে বিবেচিত হৈছে।

২। শিক্ষাত স্বাধীনতাৰ নীতি [Principle of Freedom in education] : মনোবিশ্লেষণ চিন্তাধাৰাই শিক্ষাত শিশুৰ ওপৰত দৈহিক শাস্তি, পীড়ন আৰু অৱদমনৰ নীতিক পৰিহাৰ কৰি তেওঁলোকক স্বাধীনভাৱে আত্ম-প্ৰকাশৰ সুযোগ দিয়াৰ ওপৰতহে গুৰুত্ব দিয়ে। স্বাধীনতাই শিশুক অৱদমনৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত কৰি সুস্থ মানসিকতা গঢ়ি তোলাত সহায় কৰে। ফ্ৰৰয়ডৰ চিন্তাধাৰাৰ ফলস্বৰূপেই বৰ্তমান শিক্ষাত স্বাধীনতাৰ নীতি অধিক জনপ্ৰিয় হৈ উঠিছে।

৩। আচৰণ সমস্যাৰ নতুন ব্যাখ্যা [New interpretation of problem behaviour] : মনোবিশ্লেষণ চিন্তাধাৰাই শিশুৱে প্ৰদৰ্শন কৰা সমস্যাজনিত আচৰণ, যেনে-মিছা কথা কোৱা, শ্ৰেণীকোঠাৰ পৰা পলাই যোৱা আদি আচৰণ কোনো মানসিক অন্তর্দ্বন্দ্ব বা অৱদমনৰ ফলতহে প্ৰদৰ্শন কৰে বুলি ক’ব খোজে। শিশুৰ এনে অপৰাধপ্ৰৱণ আচৰণক শাস্তি দিয়া বা অন্যান্য ব্যৱস্থা গ্ৰহণ কি তেনে আচৰণৰ ৰোধ কৰাৰ বাবে লক্ষণভিত্তিক আচৰণৰ চিকিৎসা কৰা হয়। কিন্তু ফ্ৰয়ডৰ মতে, মানসিক দ্বন্দৰ মীমাংসা তাৰ পৰা অপূর্ণ কামনাই তৃপ্তি লাভ কৰিলেহে এনে আচৰণৰ প্ৰদৰ্শন ৰোধ হ’ব। সেয়ে শিশুৰ মানসিক জগতখনৰ প্ৰতি লক্ষ্য ৰাখিহে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।এনে চিন্তাধাৰাৰ ফলতে বর্তমান মনোচিকিৎসা (৮১১০৮) আৰু মানসিক স্বাস্থ্য বিজ্ঞান [Mental Hygiene] ৰ জন্ম হৈছে।

৪। দৈনন্দিন প্ৰিয়াৰ ভুল-ভ্রান্তি [Mistakes in day to day activity] : শিকনীয় পৰিৱেশত শিক্ষকে শিক্ষাৰ্থীৰ কিছুমান অপ্রত্যাশিত ভুল-ভ্রান্তি, যেনে-কথা আৰু কাম পাহৰা, লিখন-কথন আৰু পঠনৰ ভুল, কথন-পঠনৰ অক্ষমতা, সাজ-পাৰৰ বিশৃংখলতা, বেয়া হাতৰ আখৰ আদিৰ সন্মুখীন হ’বলগীয়া হয়। মনোবিশ্লেষণে শিক্ষকক এনেবোৰ ক্ৰিয়াৰ স্বৰূপ নিৰীক্ষণত আৰু সম্ভাব্য প্ৰতিকাৰৰ ব্যৱস্থা কাৰ্যকৰীভাৱে গ্ৰহণ কৰাত সহায় কৰে।

৫। অৱচেতন অভিপ্রায় [Unconscious motivation] : ব্যক্তিৰ প্ৰতিটো আচৰণৰ অন্তৰাল যে একোটা অভিপ্রায় নিহিত হৈ থাকে আৰু সেই অভিপ্ৰায়ৰ বিষয়ে সকলোৱে কম-বেছি পৰিমাণে অজ্ঞাত এই কথাষাৰ শিক্ষা-জগতলৈ প্ৰথম মনোবিশ্লেষণেহে আনে। মনোবিশ্লেষণে ব্যক্তিৰ বহুতো আচৰণ যে অৱচেতন মনৰ অভিপ্ৰায়ৰ দ্বাৰা নিয়ন্ত্রিত হয় সেই কথা প্রমাণ কৰে।

৬। শৈশৱকালীন যৌনতা [Infantile sexuality] : শৈশৱত শিশুৰ ব্যক্তি সত্তা নিৰ্ণয়ত যৌনশক্তিৰ প্ৰভাৱ যে অতি গুৰুত্বপূৰ্ণ সেই কথা মনোবিশ্লেষণেই প্রথম উপস্থাপন কৰে। মানৱ আচৰণৰ নিৰ্ধাৰক স্বৰূপে যৌনতা যে এক প্ৰৱল শক্তি সেই কথা প্রায় সকলোৱে স্বীকাৰ কৰি লৈছে। সেয়ে আধুনিক শিক্ষা-ব্যৱস্থাত শিক্ষাৰ্থীৰ যৌন চাহিদাক স্বীকাৰ কৰি যৌনতৃপ্তি পূৰণৰ বাবে বিভিন্ন বৈচিত্য্যময় অভিজ্ঞতা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। সেইবাবেই যৌনশিক্ষাও আধুনিক শিক্ষা-ব্যৱস্থাৰ এক অপৰিহাৰ্য অঙ্গ হিচাপে বিবেচিত হৈছে।

৭। অৱদমন [Repression] : সামাজিক অনুশাসন, অভিভাৱকৰ নিয়ন্ত্ৰণ, শাস্তিৰ ভয় আদি কাৰণত শিশোৱে নিজৰ ইচ্ছা অৱদমন কৰি ৰাখিবলৈ বাধ্য হয়, ফলত অৱচেতন মনত অন্তর্দ্বন্দ্বই দেখা দিয়ে আৰু শিশুৰ মানসিক স্বাস্থ্য ক্ষুম হৈ উঠে আৰু শিশুৰ শিক্ষা বাধাগ্রস্ত হয়। এনে সমস্যা দূৰ কৰিবৰ বাবে আৰু শিশুৰ মনত যাতে অন্তর্দ্বন্দ্বৰ সৃষ্টি নহয় তাৰ ব্যৱস্থা কৰিবৰ বাবে মনোবিশ্লেষণৰ সহায়ত উপযুক্ত শিক্ষা পৰিকল্পনা যুগুত কৰিব পাৰি।

৮। প্রক্ষোভমূলক শক্তি [Emotional force] : ইচ্ছা, অভ্যাস, প্ৰতিৱৰ্ত ক্রিয়া আদিক আচৰণৰ মূল উৎস হিচাপে বিবেচনা কৰি মনোবিজ্ঞানে এইবোৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। কিন্তু মনোবিশ্লেষণত মানৱ আচৰণৰ নিৰ্ণয়ত এইবোৰ ভূমিকা নাই বুলিহে ব্যাখ্যা আগবঢ়াইছে। মনোবিশ্লেষণৰ চিন্তাধাৰা অনুসৰি ব্যক্তিৰ আভ্যন্তৰীণ প্ৰক্ষোভমূলক শক্তিসমূহেই যুক্তি, বিচাৰ-বুদ্ধিক অৱদমিত কৰি নিজৰ কৰ্তৃত্ব প্রতিষ্ঠা কৰে। সেয়ে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিৰ প্রবৃত্তি, প্রক্ষোভ, অনুভূতি আদিৰ ওপৰত মনোবিশ্লেষণে অধিক গুৰুত্ব আৰোপ কৰে।

৯। শিক্ষক-শিক্ষাৰ্থীৰ সম্বন্ধ নিৰীক্ষণ [Perceiving teacher pupil relationship] : মনোবিশ্লেষণে শিক্ষক-শিক্ষাৰ্থীৰ সম্বন্ধৰ অন্তৰালত গঢ়ি উঠিব পৰা মনোগ্ৰস্থিৰ প্ৰভাৱ আৰু পৰিস্থিতি সম্বন্ধে দৃষ্টিদান কৰে। ফলত শিক্ষকে শিক্ষাৰ্থীৰ লগত উপযুক্ত পাৰম্পৰিক সম্বন্ধ গঢ়ি তুলি তেওঁলোকৰ পূৰ্ণ ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰিব পাৰে।

১০। সহ-পাঠ্যক্রমিক [Co-curricular activity] : মনোবিশ্লেষণ চিন্তাধাৰাৰ পৰাই শিক্ষাৰ্থীৰ অৱদমিত শক্তিয়ে মুক্তি পাব পৰাকৈ ব্যৱহাৰ কৰা সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি।

১১। যৌনশিক্ষা [Sex education] : মনোবিশ্লেষণৰ আধুনিক আৱিষ্কাৰৰ পৰাই বৰ্তমানৰ যৌনশিক্ষাক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে যাতে শিশুৰ ব্যক্তিত্বৰ সুস্থ বিকাশ সম্ভৱ হয়।

১২। মানসিক নিৰ্ধাৰণবাদ [Psychic determinism] : মনোবিশ্লেষণে দিয়া মানসিক সংগঠনৰ পৰিকল্পনাই শিক্ষাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ব্যক্তিৰ আচৰণ অৱচেতন মনৰ অদৃশ্য শক্তিসমূহে যে নিৰ্ণয় আৰু নিৰ্ধাৰণ কৰে সেই কথা মনোবিশ্লেষণৰ দ্বাৰা উপলব্ধি কৰিব পাৰি। এই নতুন চিন্তাধাৰাৰ বাবেই মানৱ আচৰণৰ স্বৰূপ নির্ণয়ে এক নতুন ৰূপ ধাৰণ কৰে।

চমুটোকা [Short note]

১। অন্তপেক্ষণ পদ্ধতি [introspection Method]

Ans:- অন্তঃনিৰীক্ষণ বা অন্তঃপ্ৰেক্ষণৰ ইংৰাজী প্ৰতিশব্দ ‘Introspection’ ৰ শব্দগত অৰ্থ বিশ্লেষণ কৰিলে দেখা যায় যে, intro মানে আভ্যন্তৰীণ আৰু ‘Aspection’ মানে দর্শন বা দৃষ্টি। অৰ্থাৎ আভ্যন্তৰীণ দৰ্শন বা অন্তর্দৃষ্টি। গতিকে, ব্যক্তিয়ে নিজেই নিজৰ অভিজ্ঞতা, অনুভূতি আৰু নিজৰ মনৰ প্ৰক্ৰিয়াসমূহ বিশ্লেষণ আৰু পৰ্যবেক্ষণ কৰি আনৰ আচৰণক বুজিবলৈ চেষ্টা কৰা পদ্ধতিয়েই হৈছে অন্তঃনিৰীক্ষণ বা অন্তঃপ্রেক্ষণ। ইয়াক আত্ম-পর্যবেক্ষণ বুলিও ক’ব পাৰি৷ বিখ্যাত মনোবিদ ষ্টাউটৰ মতে, “অন্তনিৰীক্ষণ মানে নিজৰ অভিজ্ঞতাৰ প্রতি মনোযোগী হোৱা।” অতীতকালত এই পদ্ধতিটোৱেই মনোবিজ্ঞানৰ তথ্য সংগ্ৰহৰ একমাত্ৰ পদ্ধতি আছিল।

অন্তঃনিৰীক্ষণ বা অন্তঃপ্ৰেক্ষণৰ সবলতা বা সুবিধা [Advantages of Introspection] : অন্তঃনিৰীক্ষণ বা অন্তপ্রেক্ষণ পদ্ধতিৰ কিছুমান সবলতা বা সুবিধা আছে। সেইসমূহ হৈছে—

১। এই পদ্ধতিৰ জৰিয়তে ব্যক্তিৰ প্ৰকট বা বাহ্যিক আচৰণৰ লগত জড়িত ভাব, অনুভূতি, সংঘাত, হর্ষ, বিষাদ আদি মনৰ আৱেগিক অৱস্থাসমূহৰ প্রকৃতি সম্পর্কে বুজিব পাৰি।

২। এই পদ্ধতি ব্যয়বহুল নহয়। কাৰণ এই পদ্ধতিত শিক্ষা মনোবিজ্ঞানৰ অন্য কিছুমান পদ্ধতিত প্রয়োজন হোৱাৰ দৰে কোনোধৰণৰ মূল্যবান সা-সৰঞ্জাম ব্যৱহাৰ কৰিবলগীয়া নহয়।

৩। গৱেষকসকলে পৰীক্ষাগাৰৰ তথ্য বিশ্লেষণৰ বেলিকা এই পদ্ধতি প্রয়োগ কৰিব লাগে।

৪। এই পদ্ধতিত কোনো ধৰণৰ পৰীক্ষাগাবৰ প্ৰয়োজন নহয়। ইয়াত ব্যক্তিয়ে যিকোনো সময়তে, যিকোনো পৰিস্থিতি পৰিৱেশতে অন্তঃনিৰীক্ষণত লিপ্ত হ’ব পাৰে।

অন্তঃনিৰীক্ষণ বা অন্তঃপ্ৰেক্ষণৰে অসুবিধা বা দুর্বলতা [Disadvantages of Introspection] : এই পদ্ধতিৰ অসুবিধা বাদুর্বলতাসমূহ হ’ল—

১। এই পদ্ধতিৰে মানুহৰ মন সম্বন্ধে সংগ্ৰহ কৰা তথ্যবোৰ বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মত নহয়; সেয়ে ইয়াক অধিক ব্যক্তিনিষ্ঠ আৰু অবৈজ্ঞানিক বুলি ভবা হয়।

২। এই পদ্ধতিৰ দ্বাৰা লাভ কৰা তথ্য বা ফলাফলসমূহ বিশ্বাসযোগ্য আৰু সৰ্বজনীন নহয়।

৩। এই পদ্ধতিৰে মানুহৰ মনৰ মানসিক বিচিত্ৰতা আৰু গতিশীলতাৰ স্বৰূপক অধ্যয়ন কৰিব নোৱাৰি।

৪। এই পদ্ধতিৰে নিজৰ মনৰ অৱস্থা পর্যবেক্ষণ আৰু বিশ্লেষণ কৰি তাৰ সাৰমৰ্ম প্ৰণালীৱদ্ধভাৱে টুকি ৰাখিবলৈ যাওঁতে মনৰ অৱস্থাৰ সলনি হ’ব পাৰে; ফলত সেই তথ্য শুদ্ধ নহ’বও পাৰে।

৫। এই পদ্ধতিত নিৰীক্ষণকাৰীৰ মনৰ অৱস্থা তেওঁৰ পূৰ্ব অভিজ্ঞতা আৰু মনোভাৱ আদিয়ে অনুচিত প্ৰভাৱ পেলায়।

গতিকে, দেখা যায় যে অন্তঃনিৰীক্ষণ বা অন্তঃপ্রেক্ষণ পদ্ধতিক সকলোৰে ক্ষেত্ৰত সৰ্বজনীনভাৱে প্ৰয়োগ কৰিব নোৱাৰি। তদুপৰি একেটা মনোবৈজ্ঞানিক পৰিস্থিতিতে বিভিন্ন নিৰীক্ষকে সংগ্ৰহ কৰা তথ্য ভিন ভিন উঠিব পাৰে। গতিকে অভিজ্ঞ আৰু প্ৰশিক্ষণপ্রাপ্ত ব্যক্তিয়ে ইয়াৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যৰ বিজ্ঞান ভিত্তিকতাৰ প্ৰতি সতর্ক দৃষ্টি ৰাখি এই পদ্ধতিক সীমিত ৰূপত প্ৰয়োগ কৰিব লাগে।

২। পৰীক্ষণ পদ্ধতি [Experiment Method]

Ans:- শিক্ষা মনোবিজ্ঞান এক গৱেষণামূলক বিজ্ঞান। ৰসায়নবিদ্যা, পদার্থবিদ্যা, শৰীৰতত্ত্ব আদিৰ দৰে বৰ্তমান শিক্ষাতো পৰীক্ষণ পদ্ধতি বহুল ৰূপত ব্যৱহৃত হয়। বিশেষভাৱে কোনো নিয়ন্ত্ৰিত পৰিৱেশ বা মনোবিজ্ঞানৰ পৰীক্ষাগাৰত কোনো বিশেষ চৰ্তৰ অধীনত শিক্ষাৰ্থীৰ স্মৃতি, মনোযোগ, শিকন, বিস্মৃতি আদি দৈহিক, মানসিক প্ৰক্ৰিয়াৰ কাৰণ আৰু বিশেষত্ব নির্ণয় কৰা পদ্ধতিটোৱেই হ’ল পৰীক্ষণ পদ্ধতি।

এই পদ্ধতিৰ সহায়ত শিক্ষা মনোবিজ্ঞানে মানৱ আচৰণৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। এই পদ্ধতি সম্পূর্ণ ত্রুটিমুক্ত নহয় যদিও এই পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ তুলনামূলকভাৱে নিৰ্ভল আৰু নিৰ্ভৰযোগ্য।

পৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্য [Characteristics of Experimental Method) : পৰীক্ষণ পদ্ধতিৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা ধৰণৰ। এই বৈশিষ্ট্যবোৰৰ পৰীক্ষণ পদ্ধতিৰ স্বৰূপক স্পষ্ট ৰূপত অনুধাৱন কৰিব পাৰি। যেনে—

১। ই হৈছে মনোবিজ্ঞানত আচৰণৰ এক নিৰীক্ষণ কার্য, যাক নিয়ন্ত্ৰিত পৰিৱেশ আৰু পৰিস্থিতিত সম্পাদন কৰা হয়।

২। ইয়াক কেৱল পৰীক্ষাগাৰৰ ভিতৰত পৰীক্ষকৰ নিয়ন্ত্ৰিত পৰিৱেশৰ অধীনতহে সম্পাদন কৰা হয়।

৩। ই হৈছে পৰিৱৰ্তনশীল পৰিস্থিতিক নিয়ন্ত্ৰণ কৰি ব্যক্তিৰ প্রতিক্রিয়া নিৰীক্ষণ কৰা কাৰ্য।

৪। পৰীক্ষণ কার্য সম্পাদনৰ বাবে পৰীক্ষণীয় আৰু পৰীক্ষাগ্রহণকাৰী এই দুজন ব্যক্তিৰ প্ৰয়োজন।

৫। এই পদ্ধতি সম্পাদনৰ বাবে পূৰ্বপৰিকল্পিত আঁচনি, পৰীক্ষণৰ উন্নত আৰু ব্যয়বহুল সা-সঁজুলি, পূৰ্বনিৰ্ধাৰিত পৰীক্ষণীয় ব্যক্তি আৰু অভিজ্ঞ পৰীক্ষকৰ প্ৰয়োজন হয়।

৬। এই পদ্ধতিত মনোবৈজ্ঞানিক পৰীক্ষণৰ যোগেৰে মানুহৰ সজীৱ প্ৰতিক্ৰিয়া আৰু আচৰণৰহে নিৰীক্ষণ কৰা হয়।

৩। ঘটনা বিৱৰণ পদ্ধতি (Case-history Method]

Ans:- পুৰুষনামা বা ঘটনা বিৱৰণ পদ্ধতি [Case study or case History Method] : কোনো মানসিকভাৱে ৰোগগ্ৰস্ত লোক, অপৰাধপ্ৰৱণ শিশু, অসাধাৰণ কৃতিত্বসম্পন্ন ব্যক্তি কেনেকৈ এই অৱস্থা আহি পালে তাক জানিবৰ বাবে সেই বাক্তিৰ অতীত ক্রমবিকাশৰ ইতিহাস জনাটো দৰকাৰ। ইয়াৰ বাবেই এনে শিশু বা ব্যক্তিৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰ, ঘৰৰ পৰিৱেশ, সামাজিক ক্ষেত্ৰ আদিৰ পৰা, তেওঁলোকৰ নিজৰ কথা-বাৰ্তাৰ প্ৰা, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, মিটিৰ-কুটুম্ব, প্রতিবেশী আদিৰ কথাৰ পৰা বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰা হয়। এই সংগৃহীত তথ্যক একত্ৰিত কৰি শিশু বা ব্যক্তিজনৰ ক্ৰমবিকাশৰ এক পূর্ণাঙ্গ বুৰঞ্জী তৈয়াৰ কৰা হয়। এই পদ্ধতিকে পুৰুষনামা পদ্ধতি বোলা হয়। এই পদ্ধতিত ব্যক্তিয়ে নিজে কোৱা কথাবোৰ মিছা বা অতিৰঞ্জিতোও হ’ব পাৰে। এই পদ্ধতিৰে তথ্য সংগ্ৰহ কৰোঁতে খুব সাৱধান হ’ব লাগে।

এই পদ্ধতিত ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলোৱা পাৰিপাৰ্শ্বিক অৱস্থা আৰু বংশগতিৰ কাৰকসমূহ অধ্যয়ন লগতে পৰিৱেশ আৰু বংশগতিৰ যুটীয়া প্ৰভাৱ সম্পর্কেও অধ্যয়ন কৰে। এই পদ্ধতিত ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আৱেগিক জীৱনৰ এক ঐতিহাসিক অধ্যয়ন কৰা হয়। এনে অধ্যয়নৰ জৰিয়তে পৰিয়ালৰ ইতিহাস, ৰীতি- নীতি, পৰম্পৰা, পৰিয়ালৰ আকাৰ, সন্তান হিচাপে পৰিয়ালত স্থান, জৈৱিক বংশগতি, জন্মৰ প্রকৃতি, জন্মৰ সময়ৰ স্বাস্থ্য, বুদ্ধি-বৃত্তি, বেমাৰ-আজাৰ, অপৰাধপ্ৰৱণতা, সামাজিক, নৈতিক জীৱন, জন্ম-মৃত্যুৰ সংখ্যা আদি বিভিন্ন দিশৰ ওপৰত বিবেচনা কৰি ব্যক্তিৰ ব্যক্তিত্বৰ মূল্যায়ন কৰিবলৈ যত্ন কৰা হয়। এই পদ্ধতি সাধাৰণতে মানসিক ৰোগীৰ চিকিৎসাৰ বাবে মানসিক চিকিৎসালয়ত চিকিৎসকসকলে প্রয়োগ কৰে।

ঘটনা বিৱৰণ পদ্ধতিত যিহেতু একোজন ব্যক্তিৰ অতীত আচৰণ, শৈশৱ কালৰে পৰা আহৰণ কৰা বিভিন্ন অভিজ্ঞতা, বিভিন্ন সামাজিক পৰিৱেশ, গৃহ পৰিৱেশ, সমূহৰ বিষয়ে নিৰপেক্ষভাৱে তথ্য সংগ্রহ কৰা হয় আৰু তাৰ ভিত্তিত ব্যক্তিত্ব পৰিমাপ কৰাৰ চেষ্টা কৰা হয়, সেয়ে এনে পদ্ধতিত নিম্নলিখিত তথ্যাৱলী থকাটো বাঞ্ছনীয়।

১। ব্যক্তিৰ নাম,ঠিকনা, বয়স, জন্মস্থান, জন্মদিন ইত্যাদি।

২। যি সমস্যাৰ বাবে পৰ্যবেক্ষণ কৰা হৈছে তাৰ বিৱৰণ।

৩। ব্যক্তিৰ পাৰিবাৰিক তথ্য- মাক, দেউতাক, ভাই-ভনী, অন্যান্য আত্মীয়ৰ পৰিচয় আৰু ঘৰত অন্য ব্যক্তিৰপ্ৰতি মনোভাৱ কেনে ইত্যাদি।

৪। শিক্ষাগত যোগ্যতা, পাৰিবাৰিক আৰু ব্যক্তিগতৰ লগতে ব্যক্তিৰ নিজস্ব আদৰ্শ আৰু পাৰিবাৰিক শিক্ষাৰ আদৰ্শৰ মাজত কিবা মতানৈক্য আছে নেকি তাৰ বৰ্ণনা।

৫। স্বাস্থ্য, শাৰীৰিক বৈশিষ্ট্য আৰু দেহগত অন্যান্য তথ্য, যৌন বিকাশৰ বিৱৰণ।

৬। বুদ্ধিৰ মান আৰু বিকাশ।

৭। ব্যক্তিৰ প্ৰাক্ষোভিক বিকাশৰ প্ৰকৃতি।

৮। সামাজিক বিকাশৰ প্ৰকৃতি আৰু আচৰণমূলক সমস্যা আদি।

৯। বৃত্তি আৰু আর্থিক সংগতি।

১০। অভ্যাসমূলক বৈশিষ্ট্য আদি, বিশেষকৈ আগ্রহ, হবি ইত্যাদি।

ব্যক্তিসম্পর্কে এই তথ্যসমূহ সংগ্ৰহৰ বাবে বিভিন্ন আদর্শ কাম বা তালিকা ব্যৱহাৰ কৰা হয়।এই তথ্যসমূহ মূলতঃ বহিঃপৰ্যবেক্ষণ পদ্ধতিত সংগ্ৰহ কৰা হয়। এই পদ্ধতিত ব্যক্তিত্বক অনুশীলন কৰিলে তাৰ এটা সামগ্ৰিক ৰূপ পোৱা যায়। কাৰণ এই পদ্ধতিয়ে ব্যক্তি সম্পর্কে বিভিন্ন সূত্ৰৰ পৰা বহু তথ্য সংগ্ৰহ কৰে। অন্যহাতে ব্যক্তিত্ব বিকাশৰ ধাৰা, ব্যক্তিৰ সমাযোজন ক্ষমতাক এই পদ্ধতিৰ দ্বাৰা যথাৰ্থভাৱে অনুশীলন কৰিব পাৰি। উপৰিউক্ত সকলো দিশ বিবেচনা কৰি এই পদ্ধতি ব্যক্তিত্ব পৰিমাপনৰ বাবে অত্যন্ত গুৰুত্ব দিয়া হয়।

৪। সংগঠনবাদ [Structuralism]

Ans:- সংগঠনবাদ বা সংৰচনাবাদ হ’ল মনোবিজ্ঞানৰ এক নতুন চিন্তাধাৰা। এই চিন্তাধাৰাই ১৯ শতিকাৰ দ্বিতীয়াৰ্ধত ইউৰোপ মহাদেশৰ জার্মেনীত গঢ় লৈ উঠে। সেই সময়ত মনোবিজ্ঞানক চেতনাবিজ্ঞান স্বৰূপে অভিহিত কৰা হৈছিল। অন্তঃপ্রেক্ষণ পদ্ধতি প্ৰয়োগ কৰি সেই সময়ত চেতন মনৰ কাৰ্য-কলাপক সৰল উপাদানলৈ ভাঙি বুজিবলৈ চেষ্টা কৰা হৈছিল। সেয়ে সংগঠনাত্মক বা সংৰচনাবাদ মনোবিজ্ঞানত মানুহৰ জটিল সচেতন মনৰ কাৰ্য-কলাপক সৰল উপাদানলৈ ভাঙি বুজিবলৈ চেষ্টা কৰা হয়। ইয়াত সংৰচনা মানে গঠন বা সংগঠন বা নির্মাণ আৰু সংৰচনাবাদত বিশ্বাসীসকল হৈছে সংৰচনাবাদী। সংৰচনাবাদীসকলৰ মতে মনোবিজ্ঞানৰ অধ্যয়নত মানুহৰ চেতন অভিজ্ঞতাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত। জার্মেনীৰ শৰীৰ বিজ্ঞানী আৰ্নষ্ট ৱেবাৰ মনোবিজ্ঞানত পৰীক্ষণ পদ্ধতি প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। উলহেল্ম উণ্টে ১৮৭৯ চনত জাৰ্মেনীৰ লিপ্‌জিগ্‌ চহৰত প্ৰথম মনোবিজ্ঞানৰ পৰীক্ষাগাৰ স্থাপন কৰে আৰু ইয়াতে পৰীক্ষকসকলক অন্তঃপ্ৰেক্ষণৰ বাবে বিশেষ প্রশিক্ষণ দিয়া হৈছিল। ১৮৭৩, চনত তেওঁৰ ‘Psychological Psychology’ নামৰ গ্ৰন্থখন প্রকাশ পায়। য়ুণ্টক পৰীক্ষামূলক মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায়। তেওঁ শৰীৰ বিজ্ঞানী আছিল যদিও মনোবিজ্ঞান বিষয়ৰ অধ্যয়নত বেছি গুৰুত্ব ই আৰোপু কৰিছিল আৰু মানুহৰ চেতন মনৰ জটিল প্ৰক্ৰিয়াক শৰীৰ বিজ্ঞানৰ পৰীক্ষণ পদ্ধতিৰ যোগেৰে অধ্যয়নৰ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে তেওঁ পৰীক্ষামূলক অন্তঃপ্ৰেক্ষণ [Experimental Introspection] পদ্ধতি ব্যৱহাৰ কৰিছিল। উণ্টে ইয়াক দেহতাত্ত্বিক মনোবিজ্ঞান [Psychological Psychology] নাম দিছিল আৰু  সিয়ে পাছলৈ পৰীক্ষামূলক মনোবিজ্ঞান [Experimental Psychology] নামে জনাজাত হ’ল। তেওঁৰ এই পদ্ধতিৰ যোগেদি মানুহৰ সচেতন মনৰ অভিজ্ঞতাক এক সামগ্রিক ৰূপত অধ্যয়নৰ চেষ্টা কৰা হয়।

সংগঠনবাদত অধ্যয়নৰ কেন্দ্ৰবিন্দু হ’ল চেতন মনৰ বিষয়বস্তু। উণ্টৰ এই চিন্তাধাৰাক তেওঁৰ দুজন প্ৰভাৱশালী ছাত্র এডৱাৰ্ড বেডফোর্ড টিটনাৰ [Edward Bradford Titchener] আৰু জেমচ্ মেকীন কেটেল [James McKeen Cattell] এ সংগঠনবাদী দৃষ্টিভংগীক অধিক বিকাশশীল আৰু জনপ্ৰিয় কৰি তোলে। তেওঁলোকে চেতন মনৰ গঠনত সংবেদন, প্ৰতিৰূপ আৰু মনোভাৱ এই তিনিটা উপাদান চিনাক্ত কৰি উলিয়াইছিল। টিটচ্‌নাৰে মনোবিজ্ঞানক বিজ্ঞান ভিত্তিক কৰি তুলিবৰ বাবে বাস্তৱ অৱস্থিতি বা বাস্তৱ সংঘটিত বিষয়বস্তু আৰু স্বাভাৱিক প্রাপ্তবয়স্ক লোকৰ বিশ্লেষণমূলক অন্তঃপ্রেক্ষণ পদ্ধতিৰে কৰা অধ্যয়নহে মনোবিজ্ঞানৰ বিষয়বস্তু হ’ব লাগে। তেওঁৰ মতে মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হ’ব লাগে মানুহৰ মনৰ তৎকালীন অভিজ্ঞতাহে, জীৱ-জন্তু নহয়।  টিটচনাৰৰ এই সংগঠনবাদিতাক অস্তিত্ববাদী চিন্তাধাৰা [Existentialism] বুলিও জনা যায়।

৫। আচৰণবাদ [Behaviourism ]

Ans:- আমেৰিকাৰ চিকাগো বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞানী আৰু মনোবিজ্ঞানী জে. বি. ৱাচনে ১৯১২ চনত আচৰণবাদ চিন্তাধাৰাক অধিক জনপ্ৰিয় কৰি তোলে। আচৰণবাদী চিন্তাধাৰাৰ বাখ্যা তেওঁ তেওঁৰ বিখ্যাত গ্ৰন্থ ‘The Psychology from the Standpoint of A Behaviourist’ ৰ যোগেদি দাঙি ধৰে। ৱাট্চনৰ আগতেও অৱশ্যে আমেৰিকাৰ প্ৰাণীবিদ জেকুইচ লৱেল (Jacques Loels) এ ১৮৯০ চনত ‘The Mechanistic Conception of Life নামৰ মানুহৰ আচৰণক ব্যক্তি নিৰপেক্ষভাৱে অধ্যয়ন কৰিব পৰাৰ ইংগিত দি গৈছে। ৰাচিয়াৰ আইভান পেলভল [Ivan Pavlov] বেখটাৰেভ [Bekhterev] আদি মনোবিজ্ঞানীয়েও আচৰণবাদী চিন্তাধাৰালৈ নিজ নিজ অৱদান আগবঢ়াই থৈ যায়। আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সঁহাৰি জনোৱা কাৰ্যই হ’ল আচৰণবাদ। মানুহে কাহ মৰা, হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা উচ্চতম দার্শনিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হিচাপে কৰে বুলি আচৰণবাদীসকলে বিশ্বাস কৰে।

আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতত এক আলোড়নৰ সৃষ্টি কৰিলে। তেওঁ মানুহ আৰু জন্তুৰ আচৰণৰ বস্তুবাদী আহিল৷ হিচাপে মনোবিজ্ঞানৰ বিকাশ ঘটায়। ৱাটটঠনৰ আচৰণবাদৰ চিন্তাধাৰা সম্পৰ্কীয় কেতবোৰ মূলনীতি তলত উল্লেখ কৰা হ’ল—

১। মনোবিজ্ঞানত মানুহে পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তে প্রত্যক্ষভাবে দর্শনীয়, শ্ৰৱণীয় আৰু স্পৰ্শনীয় অভিজ্ঞতাকহে বিবেচনা কৰিব লাগে।

২। মনোবিজ্ঞানক তেওঁ মানসিক আচৰণৰ বিজ্ঞান নুবুলি সম্পূৰ্ণৰূপে বস্তুধর্মী মনোবিজ্ঞান কয়।

৩। এই চিন্তাধাৰা অনুসৰি মনোবিজ্ঞানত মানসিক অর্থসূচক শব্দ, যেনে—সংবোধন, আৱেগ-অনুভূতি, ইচ্ছাশক্তি আদিক পৰিহাৰ কৰি দৈহিক অর্থসূচক শব্দ, যেনে- উদ্দীপক, প্রতিক্রিয়া, শিকন,অভ্যাস আদিহে প্ৰয়োগ কৰিব লাগে।

৪। তেওঁৰ মতে, মনোবিজ্ঞানৰ বিষয়বস্তু মানুহ আৰু জন্তুহে হ’ব লাগে যাক বস্তুনিষ্ঠভাৱে আৰু পৰিমাপ কৰিব পাৰি।

৫। মনোবিজ্ঞান কল্পনাপ্রসূত নহয়, ই তথ্য আৰু পৰীক্ষাৰ ওপৰত প্ৰতিষ্ঠত এক ব্যক্তিনিৰপেক্ষ মানুহৰ পেশীয় কার্যহে।

৬। অন্তঃপ্ৰেক্ষণৰ পৰোক্ষ, ব্যক্তিনিষ্ঠ আৰু অবৈজ্ঞানিক পদ্ধতি পৰিহাৰ কৰি মনোবিজ্ঞানত জীৱ-জন্তুৰ আচৰণ সম্পর্কে অধ্যয়নকহে ভিত্তি স্বৰূপে ল’ব লাগে।

৭। তেওঁৰ মতে শিকন হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ স্থাপন আৰু অনুবন্ধনৰ যান্ত্ৰিক ক্ৰিয়াৰ স্থায়ী অৱস্থা বা পৰিণতি স্বৰূপ ৷

৮। ৱাচন আছিল সম্পূৰ্ণৰূপে পৰিৱেশবাদী। তেওঁৰ মতে ব্যক্তিৰ আচৰণত বংশগতিতকৈ পৰিবেশে বেছি প্ৰভাৱ পেলায়। সেয়ে ইয়াক ব্যক্তিত্ব নিৰ্ধাৰণকাৰী শক্তিৰূপে গণ্য কৰা হয়।

৯। তেওঁৰ মতে আচৰণ সম্পৰ্কে জনাৰ মূল চাবিকাঠি হ’ল অনুবর্তিত ক্রিয়া।

ৱাটচনৰ পৰৱৰ্তীকালত বহুকেইজন মনোবিজ্ঞানীয়ে শিকনৰ বিভিন্ন পদ্ধতি উদ্ভাৱন কৰি আচৰণবাদৰ ভেটি সুদৃঢ় কৰি থৈ যায়। তেওঁলোকৰ ভিতৰত হুল [Hull], টলমেন [Tolman], বি. এফ স্কীনাৰ [B. F. Skinner] আদিৰ নাম উল্লেখযোগ্য। হুলে আচৰণৰ ক্ষেত্ৰত তাড়না, অভিৰোচন আৰু পুনৰুদ্দীপনৰ প্ৰভাৱৰ প্ৰতি লক্ষ ৰাখি তেওঁৰ Hypothetical Deductive বিকাশ ঘটায়। টলমেনে প্রতিবর্ত ক্ৰিয়াৰ দৈহিক আৰু যান্ত্রিক আচৰণৰ পৰিৱৰ্তে উদ্দেশ্য প্ৰণোদিত আচৰণৰ প্ৰতিহে দৃষ্টি দিয়ে। স্কীনাৰেও যান্ত্ৰিক অনুবন্ধিত আচৰণৰ পৰিৱৰ্তে ক্রিয়াপ্রসূত আচৰণকহে লক্ষ্য কৰে আৰু ক্রিয়াপ্রসূত সংযোগবাদ নামৰ শিকন পদ্ধতি উদ্ভাৱন কৰে। এই শিকন পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই পাছলৈ তেওঁ শিকন যন্ত্র [Teaching Machine] আৰু আনুক্রমিক শিকন [Programmed Learning] ৰ ধাৰণা গঢ়ি তোলে।

৫। মনোবিশ্লেষণ বা মনঃ সমীক্ষণ [Psychoanalysis]

Ans:- কুৰি শতিকাৰ প্ৰথম আৰু দ্বিতীয় দশকত সমসাময়িক মনোবিজ্ঞানৰ প্ৰতি এক প্ৰত্যাহ্বানমূলক মনোভাৱেৰে মনোবিশ্লেষণ নামৰ এক চিন্তাধাৰাই গা কৰি উঠে। ইউৰোপৰ অষ্ট্রিয়া দেশৰ ভিয়েনাত মনোবিজ্ঞানী আৰু শৰীৰ বিজ্ঞানী চিগমাণ্ড ফ্রয়ড [Sigmund Freud]ৰ নেতৃত্বত এই চিন্তাধাৰাৰ জন্ম হয়। সেয়ে মনোবিশ্লেষণ বুলিলে চিগমাণ্ড ফয়ডৰ নামেই মনলৈ আহে। এই মনোবিশ্লেষণক অচেতন মনৰ বিজ্ঞান [Psychology of the unconscious] স্বৰূপেও জনা যায়।ফ্রয়ডে ১৮৮১ চনত ভিয়েনা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসাবিজ্ঞানৰ উপাধি লাভ কৰিছিল। তেওঁ এজন স্নায়ৱিক ৰোগৰ চিকিৎসক হিচাপে সুদীৰ্ঘ দিনৰ বাবে কাম কৰিছিল আৰু সেই অভিজ্ঞতাৰেই পৰৱৰ্তী সময়ত মনোবিজ্ঞানৰ প্ৰতি আকৃষ্ট হৈছিল। তেওঁ নিজ অভিজ্ঞতাৰে বুজি উঠিছিল যে ব্যক্তিৰ অচেতন মনৰ সংঘাত, অৱদমন আৰু মানসিক অসুস্থতাই হৈছে দৈহিক আৰু স্নায়ৱিক ৰোগ আৰু অস্বাভাৱিকতাৰ মূল কাৰণ। তেওঁৰ এনে চিন্তাধাৰাত চাৰ্কট [Charcot] আৰু ব্রিউৱাৰ [Breuer] নামৰ চিকিৎসক দুজনৰ অভিজ্ঞতায়ো প্ৰভাৱ পেলাইছিল। চার্কট আছিল পেৰিচৰ এখন চিকিৎসালয়ৰ মুৰব্বী চিকিৎসক আৰু স্নায়ৱিক ৰোগৰ এজন প্রখ্যাত বিশেষজ্ঞ। তেওঁ মানসিক ৰোগীৰ চিকিৎসা সম্বন্ধীয় গৱেষণাত বিশেষভাৱে লিপ্ত আছিল। ফ্রয়ডে ১৮৮৫ চনত পেৰিচলৈ গৈ চাৰ্কটৰ তত্ত্বাৱধানত প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছত ভিয়েনালৈ ঘূৰি আহি তেওঁ ব্ৰিউৱাৰৰ লগত থাকি চিকিৎসক হিচাপে কাম কৰিছিল।

অৱশ্যে ফ্ৰয়ডৰ আগতেও বহুকেইজন চিকিৎসকে মানসিকভাৱে অসুস্থ ব্যক্তিক চিকিৎসা কৰিছিল। এনটন মেছমাৰ [Anton Mesmer, 1734-1815] এ মানসিকভাৱে অসুস্থ ব্যক্তিক চিকিৎসা প্ৰদান কৰিছিল। তেওঁৰ নামেৰেই পৰৱৰ্তী সময়ত মেছ্‌মেৰ্জিম [Mesmerism] অর্থাৎ মোহনিদ্ৰা বা বশীকৰণ শব্দৰ সৃষ্টি হয়। তেওঁৰ লগৰীয়া চিকিৎসকসকলে তেওঁ ভুৱা আৰু প্ৰৱঞ্চক চিকিৎসক বুলি বিদ্ৰাপ কৰিছিল যদিও মানসিকভাৱে অসুস্থ ব্যক্তিৰ চিকিৎসাৰ প্ৰয়োজনীয়তাক তেওঁ জনপ্ৰিয় কৰি তুলিছিল। ফ্ৰান্সৰ লিবল্ট [Libeault, 1823-1904] নামৰ চিকিৎসকজনে ফ্ৰান্সৰ নেন্সি নামৰ ঠাইত সন্মোহন [Hypnosis] প্ৰক্ৰিয়াৰ দ্বাৰা মানসিকভাৱে অসুস্থ ব্যক্তিক চিকিৎসা কৰিছিল। বার্ণহাইম [Bernheim, 1840-1919] নামৰ অধ্যাপকজনেও সন্মোহন প্ৰক্ৰিয়াৰ দ্বাৰা মানসিকভাৱে ৰোগগ্রস্ত ব্যক্তিক চিকিৎসা প্রদান কৰিছিল। এই লোকসকলৰ প্ৰচেষ্টাতে প্রায়োগিক দিশত মনোবিজ্ঞানৰ প্ৰখ্যাত নেন্সি স্থুল [Nancy Scholl] বা নেন্সি চিন্তাধাৰাই গা কৰি উঠিল।

মনোবিশ্লেষণ বা মনঃসমীক্ষণ চিন্তাধাৰাৰ জনক ফ্ৰয়ডে তেওঁৰ ‘A General Introduction to Psychoanalysis’, ‘The Psychopathology of Everyday Life’, ‘The Interpretation Dreams’, ‘Beyond the Pleasure Principle’ আদি গ্ৰন্থত মনোবিশ্লেষণৰ ব্যাখ্যা দাঙি ধৰে৷ তেওঁৰ শিষ্য আলফ্রেড এড্‌লাৰ [Alfred Adler] কার্ল য়ুঙে [Carl Jung] এ তেওঁৰ এই চিন্তধাৰৰ বিকাশত বিশেষ অৱদান আগবঢ়াইছিল। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকৰ মাজত মতভেদৰ সৃষ্টি হয়। ফলত তেওঁলোকে নিজ নিজ চিন্তাধাৰাক পৃথকে পৃথকে ব্যক্ত কৰে। এডলাৰে ‘ব্যক্তিগত মনোবিজ্ঞান’ [Individual Psychology] আৰু য়ুঙে ‘বিশ্লেষণাত্মক মনোবিজ্ঞান’ [Analytical Psychology] নামেৰে নিজ নিজ মনোবিজ্ঞানৰ চিন্তাধাৰাক গঢ় দি তোলে।

ফ্ৰয়ডৰ মনোবিশ্লেষণে দুটা বহল দিশক সামৰি লয়; যেনে- 

(১) অচেতন মন সম্বন্ধীয় তাত্ত্বিক বিশ্লেষণ। আৰু 

(২) মানসিক ৰোগ চিকিৎসাত প্ৰয়োগ কৰা পদ্ধতিসমূহ।

মনোবিশ্লেষণ চিন্তাধাৰাৰ প্ৰধান দিশ বা দৃষ্টিকোণবোৰ হৈছে—

১। অচেতন মনৰ প্ৰাধান্য [Importance of the unconscious malin] : প্রত্যেক ব্যক্তিৰে মনৰ এটা বৃহৎ অচেতন অংশ থাকে। এই অচেতন অংশ বা মনৰ গোপন কক্ষৰ ৰহস্য উদ্ঘাটন কৰাটো মনোবিশ্লেষণৰ উদ্দেশ্য। অচেতন মনৰ গোপন কক্ষৰ ৰহস্য উদ্ঘাটন কৰাটো মনোবিশ্লেষণৰ উদ্দেশ্য্য। অচেতন মনৰ ক্ৰিয়া-কলাপে আমাৰ আচৰণত অনবৰতে প্ৰভাৱ পেলায়। কিন্তু ইয়াৰ ক্ৰিয়া-কলাপ সম্বন্ধে আমাৰ অজ্ঞতাৰ বাবেই ইয়াৰ প্রাধান্য আমি অনুভৱ কৰিব নোৱাৰে। অৱচেতন আনৰ অৱদমিত স্মৃতিবোৰে আমাৰ সচেতন মনৰ পৰ্যায়লৈ অহাৰ প্ৰচেষ্টা চলাই থাকে যদিও সচেতন মনৰ এক প্ৰতিৰক্ষা ব্যৱস্থা থকাৰ বাবেই সেইবোৰে মুক্তভাৱে সচেতন মনলৈ আহিব নোৱাৰে। ফলত অৱদমিত স্মৃতিৰ উপাদানবোৰ সহজে জানি উঠিব নোৱাৰি। মনোবিশ্লেষণে ইয়াৰ স্বৰূপ আৰু প্ৰভাৱক বিশ্লেষণ কৰে।

২। অৱদমন তত্ত্ব [Theory of Repression] : মনোবিশ্লেষণৰ তাত্বিক আৰু প্ৰায়োগিক দিশৰ মূল ভিত্তি হৈছে মনৰ অৱদমিত কামনা-বাসনা বা যৌন-কামনা। জীৱনদানকাৰী বৌনশক্তি ‘লিবিডো’ৰ প্ৰয়োজন যথাৰ্থ ৰূপত পুৰণ বৰিব নোৱাৰাৰ ফলত ব্যক্তিয়ে এই ব্যর্থতামূলক স্মৃতিক অচেতন মনত অৱদমিত কৰি ৰাখিবলগীয়া হয়। ফ্ৰয়ডৰ মতে অৱদমন তত্ত্বই হৈছে মনোবিশ্লেষণৰ মূল উৎসস্বৰূপ। কাৰণ এনে অৱদমনৰ ফলতে ব্যক্তিৰ মনত উৎকণ্ঠাৰ সৃষ্টি হয় আৰু সমাযোজনৰ সমস্যাৰ উদ্ভৱ হয়।

৩। দৈনন্দিন জীৱনৰ অসুস্থ ভুল-ভ্রান্তি [Psychopathology of Everyday life] : ফ্ৰয়ডে তেওঁৰ ‘Psychopathology of Everyday life’ নামৰ গ্ৰন্থখনত অচেতন মনেই যে ব্যক্তিৰ দৈনন্দিন জীৱনৰ কিছুমান অনিচ্ছাকৃত ভুল-ভ্রান্তি কাৰণ সেই সম্পর্কে ব্যাখ্যা আগবঢ়াইছে। ব্যক্তিয়ে হঠাতে নকৰিবলগীয়া কিবা এটা কাম কৰা, নক’বলগীয়া কিবা এটা কোৱা আদিৰ দৰে অবাঞ্ছিত আচৰণ দেখাত স্বাভাৱিক যেন লাগিলেও তাৰ এক গভীৰ মনোবিশ্লেষণাত্মক কাৰণ থাকে। মনোবিশ্লেষণে এই কাৰণবোৰ বিশ্লেষণ কৰাৰ চেষ্টা চলায়।

৪। মানসিক জটিলতা [Psychological Complexes] : যেতিয়াই ব্যক্তিৰ লিবিডো বা কামনা-বাসনা প্রয়োজনীয়তা অনুসৰি স্বাভাৱিক ৰূপত পূৰণ হোৱাত ব্যর্থ হয় তেতিয়াই মানসিক জটিলতাৰ সৃষ্টি হয়। এনে জটিলতাই ব্যক্তিৰ ভাব-অনুভূতি আৰু আচৰণক অসুস্থ আৰু অস্বাভাৱিক কৰি তোলে যাক মনোগ্রন্থি বা কমপ্লেক্স বা জটিলতা স্বৰূপে জনা যায়। এনে জটিলতাৰ স্বৰূপ আৰু প্ৰভাৱ সম্পৰ্কীৰ বিশ্লেষণ হৈছে মনোবিশ্লেষণৰ এক গুৰুত্বপূৰ্ণ দিশ।

৫। মনোযৌন বিকাশ [Psycho sexual development] : ফ্ৰয়ডৰ মতে প্রত্যেক ব্যক্তিয়েই জীৱনৰ কেইবাটাও বিশেষ অৱস্থা, যেনে- মৌখিক অৱস্থা [Oral Stage], পায়ু অৱস্থা [Anal Stage], শিশ্মা অৱস্থা [Phallic Stage], কামপ্রসূতি অৱস্থা [Latency Stage] আৰু উপস্থ অৱস্থা [Genital Stage] ৰ মাজেদি পাৰ হয়। কিন্তু বহু সময়ত দেখা যায় যে কিছুমান ব্যক্তিয়ে এই অৱস্থাকেইটাৰ মাজেদি পাৰ হৈ যাওঁতে কোনোবা এটা অৱস্থাৰ পৰা আৰু আগবাঢ়িব নোৱৰা হয়; ফলত তাতে ব্যক্তি মানসিকভাৱে পিছপৰি ৰয়। এনে দিশবোৰৰ বিষয়েও মনোবিশ্লেষণে অধ্যয়ন কৰে।

৬। শৈশৱৰ যৌনতা [Infantile Sexuality] : ফ্ৰয়ডৰ মতে যৌৱনপ্ৰাপ্ত হ’লেহে ব্যক্তিয়ে যৌন উত্তেজনা অনুভৱ কৰে এনে নহয়, শৈশৱকালতো যৌন অনুভূতি জাগৃত হয়। শৈশৱকালত নিজ দেহৰ যৌন-অঞ্চলবোৰৰ সুখদায়ক অনুভূতিবোৰে শিশুক যৌন-তৃপ্তি দান কৰে। শিশুৰ যৌন অভিজ্ঞতাক আত্ম-কাম [Auto Erotism] বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top