Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Question Answer can be of great value to excel in the examination.

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র

Join Telegram channel

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Notes cover all the exercise questions in UGC Syllabus. The Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৩৬। বেচকাৰী সংস্থা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ বেচকাৰী সংস্থাবোৰ হৈছে ব্যক্তিগত, জনসেৱামূলক, বৃত্তিগত সংস্থা যিবোৰৰ উদ্দেশ্য হৈছে জনহিতকৰ কাম কৰা। ই হৈছে ব্যক্তিৰ দ্বাৰা সংগঠিত এক সংস্থা যিবোৰে চৰকাৰৰ কোনোধৰণৰ প্ৰতিনিধিত্ব নকৰে। অৱশ্যে চৰকাৰৰ দৰে এই সংস্থাবোৰেও ৰাজনীতিৰ সৈতে অন্য এক দিশৰ পৰা বুজা পৰা কৰে। ই এক জনসাধাৰণৰ মাধ্যম যাৰ দ্বাৰা ব্যক্তি বা জনসাধাৰণে তেওঁলোকৰ সমস্যা সমূহ চৰকাৰক অৱগত কৰিব পাৰে। ইয়াৰোপৰি বেচৰকাৰী সংস্থাই জনসাধাৰণৰ সমস্যাগত দিশসমূহ পৰ্যালোচনা কৰি সামর্থ্য অনুযায়ী সহায় সহযোগ আগবঢ়ায়। বেচৰকাৰী সংস্থাবোৰে মানৱপ্ৰেমী; বিদ্যায়তনিক বিশেষজ্ঞ আৰু অন্যান্য সংগঠনক লৈ গঠিত হয় আৰু ই সাধাৰণতে মানৱ অধিকাৰ লিংগ বৈষম্য, স্বাস্থ্য, গ্রামোন্নয়ন, সামাজিক কল্যাণ, দুৰ্নীতি বিৰোধী। পৰিৱেশ আৰু স্থানীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

বেচৰকাৰী সংস্থাসমূহে চৰকাৰ, বেচৰকাৰী এজেঞ্চী, কর্পোৰেট গোষ্ঠী; সাধাৰণ জনতা ইত্যাদিৰ পৰা পুঁজি লাভ কৰে। ইব্যক্তিগত সুবিধা আগবঢ়োৱাৰ পৰিৱৰ্তে কেৱল সামাজিক সমস্যাসমূহ সমাধানৰ ওপৰতহে গুৰুত্ব দিয়ে। কেইটামান উল্লেখযোগ্য বেচৰকাৰী সংস্থা হ’ল – CK7 এমনেষ্টি ইন্টারনেচনেল, গিভ ফাউন্ডেচন, গ্রীণপিচ, হেল্পএজ ইণ্ডিয়া, প্রথম, স্মাইল ফাউণ্ডেচন ইত্যাদি।

বেচৰকাৰী সংস্থাৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ–

(ক) স্বেচ্ছাকৃত সংস্থা – বেচৰকাৰী সংস্থাসমূহ হৈছে স্বেচ্ছাকৃত সংস্থা যিবোৰ ব্যক্তিৰ সামূহিক ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি সংগঠিত হয়। ইয়াত কোনো ব্যক্তিৰ ব্যক্তিগত স্বার্থ জড়িত নাথাকে। সমূহীয়া স্বাৰ্থই হৈছে ইয়াৰ মূল ভেঁটি।

(খ) স্বতন্ত্ৰ – বেচৰকাৰী সংস্থাসমূহ হৈছে এক স্বতন্ত্র সংস্থা যিবোৰ চৰকাৰী হস্তক্ষেপৰ মুক্ত। এই সংস্থাসমূহে নিজস্ব নীতি আৰু প্ৰক্ৰিয়াৰ দ্বাৰা পৰিচালিত হয়।

(গ) সেৱামুখী – বেচৰকাৰী সংস্থাসমূহ কোনো লাভমুখী ব্যৱসায়ীক সংগঠন নহয়। বৰং বেচৰকাৰী সংস্থাসমূহে সামাজিক কল্যাণ সাধনৰ লগতে স্পর্শকাতৰ বিষয়সমূহত গুৰুত্ব আৰোপ কৰে। উদাহৰণস্বৰূপে শিশু শিক্ষা, বন্যপ্রাণী সুৰক্ষা, পৰিৱেশ, নাৰীসকলৰ সামাজিক মর্যদাৰ উন্নীতকৰণ ইত্যাদি।

(ঘ) নিজা পুঁজি – বেচৰকাৰী সংস্থাসমূহ তেওঁলোকৰ নিজস্ব পুঁজিৰ দ্বাৰা পৰিচালিত হয়। এই সংস্থাসমূহে প্রায়ে জনসাধাৰণৰ পৰা বৰঙণি সংগ্ৰহ কৰে। আনহাতে, কিছুমান বেচৰকাৰী সংস্থা ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ দ্বাৰা বিত্তীয়ভাৱে পৰিচালিত হয়। অন্য কিছুমান বেচৰকাৰী সংস্থা আন্তঃৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ দ্বাৰাও পৰিচালিত হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩৭। গোলকীকৰণ আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সম্পর্কে আলোচনা কৰা ।

উত্তৰঃ গোলকীকৰণৰ ধাৰণাৰ বিকাশে ৰাষ্ট্ৰই সার্বভৌমত্বৰ ওপৰত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে। পূর্বতে নব্য-উপনিবেশীকতাবাদৰ প্ৰভাৱৰ ফলত হোৱা উন্নত ৰাষ্ট্ৰৰ নিয়ন্ত্রণে উন্নয়নশীল বা অনুন্নত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত বহু প্ৰভাৱ বিস্তাৰ কৰিছিল। বৰ্দ্ধিত গোলকীয় নিৰ্ভৰশীলতা, নব্য- উপনিবেশ দ্বাদ, গোলকীকৰণ আৰু উদাৰীকৰণ- ব্যক্তি গতকৰণ প্ৰক্ৰিয়াও ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত সীমাবদ্ধতা আনিছে।

বিংশ শতিকাত কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু অৰ্থনৈতিক বিকাশৰ সমাজবাদী আৰ্হিৰ জনপ্ৰিয়তাই ৰাষ্ট্ৰৰ কাৰ্য বৃদ্ধিত ইন্ধন যোগাইছিল। ৰাষ্ট্ৰই ইয়াৰ উদ্যোগসমূহৰ স্বতাধিকাৰী হোৱাৰ বাবে আৰু ইয়াৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ নিয়ন্ত্ৰণক হ’বলৈ সাৰ্বভৌমত্বৰ ব্যৱহাৰ কৰিবলৈ ধৰে। সমান্তৰালভাৱে ই জনসাধাৰণৰ সামাজিক, অর্থনৈতিক জীৱনত বৃহৎ ক্ষমতা প্রয়োগ কৰিবলৈ ধৰে।

কিন্তু বিংশ শতিকাৰ শেষৰ ফালে সমাজবাদী অর্থনৈতিক আৰ্হিদুৰ্বল হ’বলৈ ধৰে আৰু অৰ্থনৈতিক ৰাজনৈতিক ক্ষেত্ৰত উদাৰীকৰণৰ এক শক্তিশালী প্রবাহ আহে । আন্তর্জাতিক অর্থনৈতিক আৰু বাণিজ্যৰ ক্ষেত্ৰত গোলকীকৰণৰ বিকাশ সাধন হয়। ই পর্যায়ক্রমে অর্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভুমিকা হ্ৰাস কৰি আনে। যদিও ৰাষ্ট্ৰৰ ভূমিকা এক ৰক্ষক আৰু জনসাধাৰণৰ কল্যাণকৰ্তা হিচাপে বাহাল থাকে; ইয়াৰ অৰ্থনৈতিক কাৰ্যত ব্যাপক পৰিবৰ্তন আহে।

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত সীমাবদ্ধতা অনা মূল উপাদানসমূহ তলত দিয়া ধৰণৰ—

(ক) অর্থনৈতিক সম্পৰ্কৰ ৰাষ্ট্ৰ ভূমিকা হ্ৰাস – উদাৰীকৰণ ব্যক্তিগতকৰণৰ প্ৰসাৰৰ ফলত ৰাষ্ট্ৰৰ অৰ্থনৈতিক ভূমিকা হ্রাস পাইছে। জনসাধাৰণৰ প্ৰয়োজনসমূহ পূৰণত ব্যৰ্থতাই ৰাষ্ট্ৰৰ অর্থনৈতিক কাৰ্য হ্ৰাস কৰিছে।

(খ) সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সিদ্ধান্ত আৰু আঞ্চলিক কার্যকলাপ – মুক্ত বাণিজ্যৰ বিকাশ, বজাৰ প্ৰতিযোগিতা, বহুজাতিক প্রতিষ্ঠান আৰু আন্তর্জাতিক অর্থনৈতিক সংগঠন আৰু বাণিজ্যিক সংস্থা যেনে— ইউৰোপিয়ান ইউনিয়ন (European Union), NAFTA, APEC, ASEAN আদিৰ উত্থানে ৰাষ্ট্ৰৰ আন্তর্জাতিক অর্থনৈতিক কার্যত সীমাবদ্ধতা আনিছে। তদুপৰি অর্থনৈতিক সংস্থাৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহে সেই সংস্থাৰ নীতি-নিয়ম মানি চলিবলৈ বাধ্য।

(গ) আন্তর্জাতিক নিৰ্দেশনাৰ সিদ্ধান্তত সীমাবদ্ধতা – বৰ্দ্ধিত আন্তর্জাতিক নিৰ্ভৰশীলতাই ৰাষ্ট্ৰসমূহক সাৰ্বভৌমত্বৰ বাবে অহা সীমাবদ্ধতা মানি চলিবলৈ বাধ্য কৰাইছে। প্রত্যেক ৰাষ্ট্ৰই বর্তমান আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থা যেনে— WTO, The World Bank আৰু IMF আদিৰ নীতি-নিয়ম মানিবলৈ বাধ্য।

(ঘ) প্ৰত্যেক ৰাষ্ট্ৰ চুক্তিৰ বাধ্যবাধকতা – বহুতো আন্তর্জাতিক চুক্তি আৰু সন্মিলন আদিৰ নীতি-নিয়মে প্রত্যেক ৰাষ্ট্ৰৰ ওপৰত সীমাবদ্ধতা আনে। সকলো ৰাষ্ট্ৰই এনে সন্মিলনৰ নীতিনিয়মৰ দ্বাৰা আবদ্ধ ।

(ঙ) সামৰিক শক্তিৰ গুৰুত্ব হ্ৰাস – ৰাষ্ট্ৰ এখনে সামৰিক শক্তিক ইয়াৰ জাতীয় শক্তিৰ প্ৰয়োজনীয় মাত্ৰা হিচাপে ব্যৱহাৰ কৰে। তদুপৰি আন্তর্জাতিক শান্তি আৰু শান্তিপূর্ণ সহঅৱস্থান ৰাষ্ট্ৰসমূহৰ জীৱন ধাৰণৰ মূল পন্থা হিচাপে পৰিগণিত হোৱাৰ ফলত সামৰিক শক্তিৰ গুৰুত্ব হ্রাস পাবলৈ ধৰে।

এনেদৰে গোলকীকৰণ তথা অন্য কিছুমান উপাদানে একেলগে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ লগতে অর্থনৈতিক ক্ষেত্ৰতো ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস পাবলৈ ধৰিছে।

৩৮। গোলকীকৰণৰ সাৰ্বভৌমত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰঃ আঞ্চলিক অর্থনৈতিক সংগঠনৰ বিকাশ আৰু বিশ্বায়ন প্রক্রিয়াই উমৈহতীয়াভাৱে ৰাষ্ট্ৰৰ সার্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান আনিছে। তদুপৰি নব্য-উপনিবেশীকতাই উন্নয়নশীল ৰাষ্ট্ৰৰ অর্থনৈতিক, আদৰ্শৰ্গত আৰু সাংস্কৃতিক দিশত নিয়ন্ত্ৰণ কৰি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত বাধা আনিছে। গোলকীয় নিৰ্ভৰশীলতা, নব্য-উপনিবেশীকতা, বিশ্বায়ন আৰু উদাৰীকৰণ, ব্যক্তিগতকৰণে সার্বভৌমত্বৰ প্ৰতি এক বৃহৎ সীমাবদ্ধতা বা বাধা হিচাপে থিয় দিছে।

বিংশ শতিকাৰ সময়ছোৱাত, কল্যাণকামী ৰাষ্ট্ৰৰ বিকাশ আৰু সাম্যবাদী আদৰ্শৰ অৰ্থনৈতিক বিকাশে, ৰাষ্ট্ৰৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ মূল ইন্ধন হিচাপে কাম কৰিছে। ৰাষ্ট্ৰই লাহে লাহে উদ্যোগৰ স্বত্বাধিকাৰী হ’বলৈ আৰু সমাজৰ অৰ্থনৈতিক জীৱনৰ নিৰ্ণায়ক হ’বলৈ সার্বভৌমত্বক ব্যৱহাৰ কৰিবলৈ লৈছে। অৰ্থাৎ ৰাষ্ট্ৰই মানুহৰ আৰ্থ-সামাজিক দিশত বৃহৎ পৰিমাণৰ ক্ষমতা লাভ কৰে।

অৱশ্যে, বিংশ শতিকাৰ শেষৰ ফালে অর্থনৈতিক ৰাজনৈতিক উদাৰীকৰণৰ বিকাশে পুৰণি ধাৰণাৰ পৰিবৰ্তন সাধন কৰে। গোলকীকৰণৰ বিকাশে ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰত পৰিবৰ্তন আনে। তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ষেত্ৰত ভূমিকা আৰু কাৰ্যৰ হ্ৰাস পাবলৈ ধৰে। যদিও ইয়াৰ ভূমিকা এক ৰক্ষক হিচাপে বাহাল থাকে, তথাপি ইয়াৰ অৰ্থনৈতিক কাৰ্যত বৃহৎ পৰিবৰ্তন আহিবলৈ ধৰে।

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বত প্ৰভাৱ পেলোৱা ক্ষেত্ৰসমূহ তলত দিয়া ধৰণৰ—

(ক) অর্থনৈতিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা হ্ৰাস –  উদাৰীকৰণ-ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ অর্থনৈতিক দিশত সীমাবদ্ধতা আনিছে। জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহ পূৰ কৰাত ৰাজহুৱা খণ্ডৰ ব্যৰ্থতাই ৰাষ্ট্ৰৰ ওপৰত মানুহৰ বিশ্বাস বহু পৰিমাণে হ্ৰাস কৰিছে।

(খ) আঞ্চলিক সক্রিয়তা আৰু সদস্য ৰাষ্ট্ৰৰ উমৈহতীয়া সিদ্ধান্ত – মুক্ত বাণিজ্য, বজাৰৰ প্রতিযোগিতা, বহুজাতিক প্রতিষ্ঠান আৰু আন্তর্জাতিক অর্থনৈতিক সংগঠন আদিৰ বিকাশে ৰাষ্ট্ৰীৰ কাৰ্য বহু পৰিমাণে হ্ৰাস কৰিছে। বিভিন্ন বাণিজ্যিক সংস্থা যেনে— European Union, NAFTA, APEC, ASFAN আদি সংগঠনে আন্তর্জাতিক অর্থনৈতিক সম্পৰ্কত কাম কৰি আহিছে ৷ উদাহৰণস্বৰূপে European Unionৰ সদস্যসমূহে ইয়াৰ নীতি-নিয়ম অনুসৰি কাৰ্য কৰিব লাগে।

(গ) সিদ্ধান্ত গ্ৰহণত আন্তর্জাতিক নির্দেশনাৰ সীমাবদ্ধতা – বৰ্দ্ধিত আত্ম নিৰ্ভৰশীলতাই ৰাষ্ট্ৰসমূহক বাহ্যিক সাৰ্বভৌমত্বত বাধা মানি চলিবলৈ বাধ্য কৰায়। বৰ্তমান প্ৰত্যেক ৰাষ্ট্ৰই আন্তর্জাতিক অর্থনৈতিক সংগঠন যেনে WTO, World Bank আৰু IMF আদিৰ নীতি নিৰ্দেশনা মানি চলাটো গুৰুত্বপূৰ্ণ বুলি ভাবে।

(ঘ) সামৰিক শক্তিৰ গুৰুত্ব হ্রাস – ৰাষ্ট্ৰ এখনে ইয়াৰ সামৰিক শক্তিক ৰাষ্ট্ৰীয় শক্তিৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰি আছে। কিন্তু আন্তর্জাতিক শক্তি আৰু সহঃঅৱস্থানৰ ধাৰণাই লাহে লাহে সামৰিক শক্তিৰ গুৰুত্ব কিছু পৰিমাণে হ্ৰাস কৰিছে।

(ঙ) প্রত্যেক ৰাষ্ট্ৰৰ চুক্তিৰ বাধ্যবাধকতা – বহুতো আন্তর্জাতিক সন্মিলন আৰু চুক্তিয়ে প্রত্যেক ৰাষ্ট্ৰৰ ওপৰত কিছু সীমাবদ্ধতা আনি দিছে। প্রত্যেক ৰাষ্ট্ৰৰ বৰ্তমান কোনোবা নহয়,কোনোবা চুক্তিৰ নিয়মৰ দায়বদ্ধ। বর্ধিত সন্ত্ৰাসবাদ, পাৰ্মাণৱিক শক্তিৰ বৃদ্ধি তথা পৰিবেশ ৰক্ষাৰ বাবে কৰা সামূহিক চুক্তিয়ে সকলো ৰাষ্ট্ৰকে ইয়াৰ নীতি-নিয়ম মানিবলৈ বাধ্য কৰিছে।

(চ) জনসাধাৰণৰ গোলকীয় প্ৰৱাহৰ বিকাশ – গোলকীকৰণে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক সম্পর্ক গঢ় লৈ উঠাত সহায় কৰিছে। তথ্য প্ৰযুক্তিৰ বিকাশ আৰু যাতায়াতৰ দ্ৰুত বিকাশে গোটেই বিশ্বখনকে এখন গোলকীয় গাৱত পৰিহত কৰিছে। মানুহে এতিয়া কেৱল এখন নিৰ্দিষ্ট দেশৰ নাগৰিক বুলি পৰিচয় দিয়াৰ পৰিবৰ্তে, গোটেই পৃথিৱীখনকে নিজৰ ঘৰ বুলি অনুভৱ কৰে।

সেইদৰে গোলকীকৰণ আৰু কিছুমান অন্য উপাদানে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি হেচা প্রয়োগ কৰিছে। ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ পৰিবৰ্তন আনিছে। তদুপৰি গোলকীকৰণৰ উপৰিও নব্য আন্তর্জাতিক অর্থনৈতিক ব্যৱস্থাৰ উদ্দেশ্যসমূহে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্রতি বাধা আনিছে।

৩৯। জাতি সংঘৰ লক্ষ্য আৰু কাৰ্যাবলী সম্পর্কে লিখা। জাতিসংঘ কিয় পতন ঘটিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উদ্রো উইলচনকে এই মহান অনুষ্ঠানটোৰ জনক আখ্যা দিব পাৰি। উইলছনে পেৰিছৰ শান্তি আলোচনাৰ ফালৰ যি চৈধ্য দফীয়া সূত্ৰ দাঙি ধৰিছিল, তাৰ শেষৰ দফাটোত বিশ্বাশান্তি, স্বাধীনতা আৰু নিৰাপত্তা ৰক্ষাৰ অৰ্থে এক আন্তর্জাতিক প্রতিষ্ঠান গঢ়াৰ ওপৰত গুৰুত্ব দিছিল৷ তেওঁৰ এই মহান প্ৰস্তাৱক ভিত্তি কৰিয়েই গঢ়ি উঠিছিল জাতিসংঘৰ। আন্তর্জাতিক সহযোগিতাৰ মাজেৰে ন্যায় আৰু সুবিচাৰৰ ভিত্তি…

৪৩। ইউৰোপীয় ইউনিয়নৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ ১৯৫১ চনত ইউৰোপীয় ইউনিয়ন গঠিত হয়। সেইসময়ত বেলজিয়াম, জার্মান, ইটালী, ফ্রান্স, নেডাৰলেণ্ড, লাক্সেমাৰ্গে পেৰিছ চুক্তিৰ আধাৰত কয়লা আৰু তীখা নামৰ সংস্থাটো গঠন কৰে। ইয়াৰ পাছত ইউৰোপীয় অর্থনৈতিক সমাজ আৰু ইউৰোপীয় আনৱিক শক্তি সমাজ নামৰ দুটা সংস্থা ১৯৭১ চনত গঠন কৰা হয়। এই তিনিওটা সংস্থাক একেলগে ইউৰোপীয় সমাজ বুলি কোৱা হয়। ১৯৯১ চনত এই ইউৰোপীয় সমাজক ইউৰোপীয় ইউনিয়ন নামেৰে নামকৰণ কৰা হয় । প্রথম অৱস্থাত এই ইউনিয়নৰ সদস্যৰ সংখ্যা আছিল ছয়খন। কিন্তু ১৯৭১ চনত ইয়াৰ সদস্য সংখ্যা হয়গৈ নখন দেশ আৰু বৰ্তমান ইয়াৰ সদস্যৰ সংখ্যা পোন্ধৰখন?দেশলৈ বৃদ্ধি পাইছে। বর্তমান ব্রিটেইন, পটুগাল, অষ্ট্রিয়া, ফিনলেণ্ড, ডেনমার্ক, আয়াৰলেণ্ড, চুইডেন, স্পেইন আদি দেশো এই ইউনিয়নৰ সদস্যভুক্ত হৈছে।

উদ্দেশ্য আৰু কাৰ্য – ইউৰোপীয় ইউনিয়নৰ উদ্দেশ্যসমূহ হৈছে—

(ক) ইয়াৰ সদস্যভুক্ত দেশবোৰৰ মাজত মূলধন, সামগ্রী, শ্রমিক সৰবৰাহৰ ক্ষেত্ৰত থকা বিত্তীয় আৰু বাস্তৱিক বাধাৰ পৰিমাণ কমাই অনা।

(খ) সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত সকলো দেশৰ বাব একে ব্যৱস্থা গ্ৰহণ কৰা ।

(গ) ইয়াৰ সদস্যদেশবাৰৰ মাজত অর্থনৈতিক নীতিৰ সামঞ্জস্য ৰক্ষা কৰা৷

(ঘ) ইয়াৰ সদস্য দেশবোৰৰ মাজত নিজৰ নিজৰ স্বাৰ্থক প্রতিফলিত কৰাৰ চেষ্টা চলাবলৈ আৰু বুজাবুজিত উপনীত হ’বলৈ সহায় কৰা ।

(ঙ) ই ইউৰোপীয় সংঘৰ আইন শৃংখলা অক্ষুন্ন ৰখা ব্যৱস্থা গ্ৰহণ কৰে।

(চ) ইয়াৰ মুখ্য কাম হৈছে আইনৰ অনুশাসন, চুক্তিৰ ব্যাখ্যা, সদস্যভুক্ত দেশবোৰ আৰু প্রতিষ্ঠানসমূহ, ব্যৱসায় আৰু নাগৰিকসকলৰ মাজত সংঘটিত হোৱা বিবাদ মীমাংসা কৰা।

(ছ) ই ইউৰোপীয় ঐক্যৰ গতি সঞ্চাৰিত কৰে।

(জ) ইইউৰোপীয় সংসদ আৰু পৰিষদে লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰে।

এই ইউনিয়নৰ প্ৰধান প্রতিষ্ঠানসমূহ হ’ল–

(ক) ইউৰোপীয় সংসদ।

(খ) ইউৰোপীয় আয়োজন। 

(গ) ইউৰোপীয় পৰিষদ।

(ঘ) ইউৰোপীয় ন্যায়ালয়। 

(ঙ) ইউৰোপীয় কেন্দ্ৰীয় বেংক। 

(চ) হিচাপ পৰীক্ষক আদালত। 

(ছ) ইউৰোপীয় অর্থনৈতিক আৰু সামাজিক সমিতি।

(জ) আঞ্চলিক সমিতি। 

(ঝ) ইউৰোপীয় লোকপাল।

৪৪। ৰাষ্ট্ৰসংঘৰ মূল নীতিসমূহ কি কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাতটা মূল নীতি ইয়াৰ চনদৰ ২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে। সেইকেইটা হ’ল–

(ক) ৰাষ্ট্ৰসংঘ সদস্য ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবেই ই সকলো সদস্য ৰাষ্ট্ৰকে সমান বুলি গণ্য কৰিব।

(খ) ৰাষ্ট্ৰসংঘৰ চদনত উল্লেখিত সদস্য ৰাষ্ট্ৰসলৰ দায়িত্ব আৰু কৰ্তব্যসমূহ সকলো সদস্য ৰাষ্ট্ৰই নিষ্ঠাৰে পালন কৰিব লাগিব।

(গ) আন আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিব নোৱাৰিব। তথাপিও ৰাষ্ট্ৰসংঘই ভীতি প্ৰদৰ্শন বা আক্ৰমণৰ ভীতি প্ৰদৰ্শন আদি কাৰণত আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অধিকাৰ থাকিব।

(ঘ) সকলো ৰাষ্ট্ৰই তেওঁলোকৰ মাজত সংঘটিত হোৱা বিবাদ শান্তিপূর্ণভাৱে বিশ্বশান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে মীমাংসা কৰিব।

(ঙ) ৰাষ্ট্ৰ সংঘৰ চনতৰ নীতি উলংঘা কৰি সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ অখণ্ডতা নাইবা ৰাজনৈতিক স্বাধীনতা বিপন্ন কৰিবলৈ ভাবুকি দিয়াৰ পৰা বিৰত থাকিব বা শক্তি প্ৰয়োগৰ পৰা বিৰত থাকিব।

(চ) সকলো ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘই লোৱা সিদ্ধান্ত অনুসৰি কোনো ৰাষ্ট্ৰক সাহাৰ্য দিব আৰু সাহায্য বন্ধ কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ মানি চলিব লাগে।

(ছ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ সদস্যভুক্ত নোহোৱা ৰাষ্ট্ৰবোৰেও যাতে ৰাষ্ট্ৰসংঘৰ চনদৰ নিয়মসমূহ মানি চলে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

৪৫। ৰাষ্ট্ৰীয় ক্ষমতা কি? ইয়াৰ উপাদানবিলাক কি কি আলোচনা কৰা।

উত্তৰঃ কোনো এখন ৰাষ্ট্ৰৰ ক্ষমতাকে ৰাষ্ট্ৰীয় তথা জাতীয় ক্ষমতা বোলা হয়। কিন্তু ৰাষ্ট্ৰই এই ক্ষমতা প্রয়োগ কৰিব নোৱাৰে, কেৱল ৰাষ্ট্ৰৰ প্ৰশাসনৰ লগত জড়িত থকা ব্যক্তিয়েহে এনে ক্ষমতা প্রয়োগ কৰিব পাৰি। এনে জাতীয় ক্ষমতাই ৰাষ্ট্ৰৰ বৈদেশিক সম্পর্ক নিৰূপণত বিশেষভাৱে সহায় ৰে। ক্ষমতাৰ উপাদানবিলাক গতিশীল হোৱাৰ বাবে আৰু ইয়াৰ দ্বৈত চৰিত্ৰ থকাৰ কাৰণে এখন ৰাষ্ট্ৰ সকলো সময়তে শক্তিসালী হৈ থাকিব নোৱাৰে।

ৰাষ্ট্ৰীয় ক্ষমতাৰ উপাদান : ৰাষ্ট্ৰীয় ক্ষমতাৰ উপাদানবিলাক হৈছে—

(ক) ভৌগোলিক অৱস্থান।

(খ) জনসংখ্যা।

(গ) প্রাকৃতিক সম্পদ।

(ঘ) প্রাকৃতিক সম্পদ।

(ঙ) জাতীয় চৰিত্ৰ ।

(চ) কুটনীতি।

(ছ) ভাৱাদর্শ।

(জ) সামৰিক শক্তি।

(ঝ) নেতৃত্ব।

(ঞ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।

এই উপাদানসমূহ তলত আলোচনা কৰা হ’ল—

(ক) ভৌগোলিক অৱস্থান – এখন ৰাষ্ট্ৰৰ ক্ষমতা ৰাষ্ট্ৰখনৰ ভৌগোলিক অৱস্থা অৰ্থাৎ প্রাকৃতিক সীমা, জলবায়ু, ৰাষ্ট্ৰৰ আকাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰে। ভৌগোলিকভাৱে একত্ৰিত ৰাষ্ট্ৰৰ কোনো ধৰণৰ নিৰাপত্তাৰ সমস্যাৰ উদ্ভৱ নহয়। ৰাষ্ট্ৰৰ ওচৰত সাগৰ থাকিলে বেপাৰ বাণিজ্যত সহায়ক হয়, ৰাষ্ট্ৰৰ প্ৰাকৃতিক সীমাত পাহাৰ, পৰ্বত, নদ-নদী থাকিলে তেনে ৰাষ্ট্ৰৰ যুদ্ধ বিগ্ৰহৰ ভয় নাথাকে অর্থাৎ তেনে ৰাষ্ট্ৰক সহজে আন ৰাষ্ট্ৰই আক্ৰমণ কৰিব নোৱাৰে। এনেবোৰ ভৌগোলিক অৱস্থাই ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।

(খ) জনসংখ্যা – জনসংখ্যাই ৰাষ্ট্ৰীয় ক্ষমতাৰ প্ৰভাৱ পেলায়। দেশত জনসংখ্যা বেছি হ’লে বৃহৎ সেনাবাহিনী গঠন কৰিব পাৰি। উৎপাদন কার্যত অধিক কর্মী নিয়োগ কৰিব পাৰি, অধিক সম্পদ বৃদ্ধিৰ চেষ্টা কৰিব পাৰি । কিন্তু প্ৰত্যেকটো ক্ষেত্ৰতে জনসংখ্যা বৃদ্ধিয়ে ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে। জনসংখ্যা বৃদ্ধিক পৰিকল্পিতভাৱে সংগঠন কৰিব পাৰিলেহে ই ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত সহায় কৰিব।

(গ) জাতীয় মনোবল – জনসাধাৰণৰ জাতীয় মনোবলেও ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত সহায় কৰে। দেশৰ জনসাধাৰণ ৰাষ্ট্ৰৰ নীতিৰ লগত ঐক্যবদ্ধ হ’লে তেওঁলোকে চৰকাৰৰ নীতি আৰু কাৰ্যত সহায় কৰিব, প্রয়োজন সাপেক্ষে দেশৰ সংকটকালীন অৱস্থাত আত্মত্যাগ কৰিব। এনে মনোভাৱে জাতীয় মনোবল বৃদ্ধি কৰি ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত অৰিহণা যোগাব।

(ঘ) প্রাকৃতিক সম্পদ – এখন দেশৰ প্ৰাকৃতিক সম্পদ যেনে খনিজ পদার্থ খাৰুৱা তেল, গছ-গছনি, নদ-নদী, জীৱ-জন্তু, পাহাৰ-পৰ্বত, চৰাই-চিৰিকটি আদিয়েও ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়। এখন দেশ প্রাকৃতিক সম্পদত চহকী হ’লে সেই দেশৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি পায় ৷

(ঙ) জাতীয় চৰিত্ৰ – ৰাষ্ট্ৰৰ প্ৰতি থকা জনসাধাৰণৰ স্বদেশ স্বজাতিৰ প্ৰতি থকা শ্রদ্ধা, সচেতনতা, একতা, আত্মত্যাগৰ মনোভাৱ, ৰাজহুৱা স্বাৰ্থৰ ওপৰত বেছি গুৰুত্ব প্ৰদান আদি জাতীয় চৰিত্ৰই ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব পাৰে।

(চ) কূটনীতি – এখন দেশে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ৰখা সম্পর্ক বজাই ৰাখিবলৈ সুদক্ষ কুটনীতিবিদৰ প্ৰয়োজন হয়। এজন সুক্ষ কুটনীতিবিদেহে দেশখনৰ আন দেশৰ লগত থকা কুটনৈতিক সম্পৰ্কৰ্ক সুন্দৰভাৱে বজাই ৰাখি ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে।

(ছ) ভাৱাদর্শ – জাতীয়তাবোধ, সাম্যবাদ আদি ভাৱাদৰ্শই ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিত সহায় কৰে।

(জ) সামৰিক শক্তি – এখন দেশত যেতিয়া এক শক্তিশালী সামৰিক বাহিনী থাকে, সামৰিক শক্তি আৰু ক্ষমতা বৃদ্ধিৰ বাবে সুস্থ নেতৃত্ব দিব পৰা নেতা আৰু অস্ত্ৰ শস্ত্ৰৰ উপযুক্ত যোগান থাকে তেতিয়া তেনে দেশত ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি পায়।

(ঝ) নেতৃত্ব – এখন দেশত সুস্থ নেতৃত্ব বহনকাৰী নেতাই ৰাষ্ট্ৰৰ অৰ্থনৈতিক, প্রযুক্তিবিদ্যা, আদর্শ মনোবল, ভৌগোলিক অৱস্থান, মানৱ সম্পদ আদি ৰাষ্ট্ৰীয় ক্ষমতাবিলাক বিকশাই তোলাত সহায় কৰে। ফলত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধি পায়।

৪৬। ৰাষ্ট্ৰীয় স্বাৰ্থ বুলিলে কি বুজা? বিভিন্ন শ্ৰেণীৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ যি স্বাৰ্থৰ দ্বাৰা ৰাষ্ট্ৰবিলাকে আন এখন ৰাষ্ট্ৰৰ সম্পৰ্কত সুৰক্ষা দিবলৈ যত্নপৰ হয় তাকে ৰাষ্ট্ৰীয় স্বার্থ বোলা হয়। ই এক অস্পষ্ট ধাৰণা। মুঠতে আন এখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰই স্বাৰ্থ সুৰক্ষা কৰিবলৈ চেষ্টা কৰাকে ৰাষ্ট্ৰীয় স্বার্থ বোলা হয়।

ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকাৰ : ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰকাৰসমূহ তলত আলোচনা কৰা হ’ল—

(ক) প্রাথমিক স্বার্থ – যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰখনৰ বাবে স্থায়ী আৰু যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰখনৰ শাৰীৰিক, ৰাজনৈতিক,সাংস্কৃতিক বৈশিষ্ট্য আন দেশৰ হস্তক্ষেপৰ পৰা সুৰক্ষিত তেনে স্বার্থকে প্রাথমিক স্বার্থ বোলা হয়।

(খ) গৌণ স্বার্থ যি স্বার্থই বিদেশত থকা নিজ নাগৰিকৰ স্বাৰ্থ। 

সুৰক্ষিত কৰে আৰু লগতে কুটনৈতিক বিষয়াসকলৰ সা-সুবিধা সুৰক্ষিত কৰে তেনে স্বার্থক গৌণ স্বার্থ বোলা হয়।

(গ) স্থায়ী স্বার্থ – যিবিলাক স্বাৰ্থ ৰাষ্ট্ৰ এখনৰ বাবে দীৰ্ঘম্যাদী আৰু যিবোৰৰ পৰিৱৰ্তন ধীৰ গতিত সংঘটিত হয় তেনে স্বার্থক স্থায়ী স্বার্থ বোলা হয়।

(ঘ) পৰিৱৰ্তনশীল স্বাৰ্থ – ৰাষ্ট্ৰৰ যিবিলাক স্বাৰ্থই বিশেষ পৰিস্থিতিত ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰাৰ কথা প্ৰকাশ কৰে তেনে স্বার্থকে পৰিৱৰ্তনশীল স্বার্থ বোলা হয়।

(ঙ) সাধাৰণ স্বাৰ্থ : যিবিলাক স্বাৰ্থ কেৱল ৰাষ্ট্ৰৰ ক্ষমতাৰ ভাৰসাম্যতাৰ ক্ষেত্ৰতহে প্ৰযোজ্য তেনে স্বাৰ্থক সাধাৰণ স্বাৰ্থ বোলা হয়।

৪৭। ক্ষমতাৰ সংজ্ঞা দিয়া। ক্ষমতাৰ নিৰ্ণায়কসমূহৰ এক পর্যালোচনা আগবঢ়োৱা।

উত্তৰঃ প্রাচীন কালৰে পৰাই ৰাজনীতিৰ অধ্যয়নত ক্ষমতা শব্দটো ব্যৱহাৰ কৰি অহা হৈছে। এৰিষ্টটল, মেকিয়াভেলী, হবছৰ পৰা আধুনিক কাললৈকে ক্ষমতাই ৰাজনীতিৰ প্ৰধান বিষয় হিচাপে গণ্য হৈ আহিছে।

সংজ্ঞা – ক্ষমতা সম্পর্কে বিভিন্ন ৰাজনীতি বিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। কার্ল ফ্ৰেডাৰিকৰ মতে ক্ষমতাই এক নিৰ্দিষ্ট ধৰণৰ মানৱীয় সম্পৰ্কৰ্ক বুজায়।

টনিৰ মতে কোনো ব্যক্তি বা ব্যক্তি গোষ্ঠীৰ আচৰণ আৰু কাৰ্যকলাপ নিজৰ ইচ্ছা অনুযায়ী পৰিচালনা কৰাৰ দক্ষতাকেই ক্ষমতা বোলে।

ফ্রাংকেলৰ মতে, ব্যক্তি বা ৰাষ্ট্ৰৰ নিজা ইচ্ছা অনুযায়ী কোনো পৰিৱৰ্তন কৰিব পৰা বা কোনো ফলাফল লাভ কৰিব পৰা দক্ষাতই হৈছে ক্ষমতা।

লাচওৱেল আৰু কাপলানৰ মতে, সিদ্ধান্তত অংশ গ্ৰহণ কৰি আনক সুবিধাৰ পৰা বঞ্চিত কৰাৰ ভয় দেখুৱাই বা ভীতি প্ৰদৰ্শন কৰি আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ প্ৰক্ৰিয়াই হৈছে ক্ষমতা।

সাধাৰণতে প্ৰায়োগিত দিশত ক্ষমতাক বিশ্লেষণ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। বহু সময়ত প্ৰভাৱ বা ক্ষমতা একে যেন লাগিলেও দুয়োটাৰে পাৰ্থক্য আছে। প্ৰভাৱ ৰাজনৈতিক ক্ষমতালৈ পৰিৱৰ্তন হ’ব যদিহে প্ৰভাৱক ৰাষ্ট্ৰীয় ক্ষমতাৰ লগত জড়িত কৰিব পৰা যায়।

ক্ষমতাৰ লগত অনুশাসন জড়িত হৈ থাকে। নাগৰিকসকলে ৰাষ্ট্ৰীয় ক্ষমতা মানি চলে। কাৰণ অনুশাসনৰ বাবে পুৰস্কাৰ বা শাস্তিৰ ভয় থাকে। কিন্তু ভীতি প্রদর্শন, শাস্তিৰ ভয়, পুৰস্কাৰৰ আশা বা প্রলোভন, বলপূর্বক কাৰ্যব্যৱস্থা ক্ষমতাৰ অন্তৰ্ভুক্ত নহয়৷ এইবোৰ ক্ষমতা আহৰণৰ উপায়হে।

ক্ষমতাই অৰ্থই হৈছে এক প্ৰকাৰৰ প্ৰভাৱ। য়িািত এজন বা এটা গোষ্ঠী প্রভাৱশালী হয় আৰু আনজন বা আনটো গোষ্ঠী প্ৰভাৱিত। এই ক্ষমতাৰ নিৰ্ণায়ক সমূহৰ বিষয়ে বিভিন্ন লিখকে মতামত আগবঢ়াইছে। নির্দিষ্ট উমৈহতীয়া মত নাথাকিলেও ক্ষমতাৰ নিৰ্ণায়কসমূহ তলত আলোচনা কৰা হ’ল।

(ক) জ্ঞান – জ্ঞান ক্ষমতাৰ প্ৰধান নিৰ্ণায়ক বা উৎস। এজন ব্যক্তিয়ে তেওঁৰ দক্ষতা আৰু সামৰ্থতা জ্ঞানৰ পৰা লাভ কৰে। যিজন মানুহৰ যিমানেই জ্ঞান থাকে সিমানেই তেওঁ ক্ষমতা বৃদ্ধি হয় । ৰাজনীতি, অর্থনীতি, সমাজনীতি, সংস্কৃতি, বিজ্ঞানৰ জ্ঞান, বাস্তৱ অভিজ্ঞতাৰ জ্ঞানে মানুহক বিষয় বস্তুৰ গভীৰতালৈ লৈ যাব পাৰে। ইয়াৰ ফলস্বৰূপে এজন মানুহ সেই বিষয়ত দক্ষ হৈ পৰে। সেই দক্ষতাই তেওঁ তুলনামূলকভাৱে আনক প্ৰভাৱিক কৰিবলৈ সমৰ্থতা বৃদ্ধি কৰে। জ্ঞানৰ পৰা ক্ষমতাৰ প্ৰয়োগ সম্ভৱ হয়।

(খ) সংগঠন – সংগঠনেই শক্তি বা ‘Union of strength’বুলি কোৱা হয়। জনসাধাৰণৰ মাজত কিছুমান মানুহৰ দ্বাৰা কিছুমান সংগঠনৰ জন্ম দিয়া হয়। ভাৰতৰ জাতীয় কংগ্ৰেছ ১৮৮৫ চনত জন্ম হৈছিল। এই সংগঠনৰ প্ৰতি মানুহৰ এনে আনুগত্য আছিল যে ই বৃহৎ ক্ষমতা আহৰণ কৰি বৃটিছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি স্বাধীনতা লাভত সহায় কৰিছিল।সংগঠনৰ মাজেদি ক্ষমতা প্রয়োগ কৰা হয়। ৰাজনৈতিক দলসমূহ ক্ষমতা দখল কৰা বা ক্ষমতা প্রয়োগ কৰা সংগঠন।

(গ) সামাজিক স্থিতি – এজন ব্যক্তিয়ে সমাজত উচ্চ আসন লাভ কৰিলে তেওঁৰ ক্ষমতাও আহৰণ কৰে৷ গাঁও অঞ্চলত গাঁওবুঢ়া, মুখিয়া বা প্ৰধানসকলে প্রাচীন কালৰে পৰা উচ্চ স্থান দখল কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে ক্ষমতাৰ অধিকাৰী হৈছিল আৰু সমাজ তেওঁলোকৰ মতে চলিছিল। বর্তমানো উচ্চ স্থান লাভ কৰা ব্যক্তিয়ে স্থানৰ ভিত্তি ক্ষমতাৰ অধিকাৰী হয়।

(ঘ) আকৃতি / আকাৰ – কোনো ব্যক্তি বা ৰাষ্ট্ৰৰ আকৃতি ক্ষমতা নিৰ্ণয়ৰ এটা প্ৰধান উপায়। ৰাষ্ট্ৰ এখন বৃহৎ আকাৰৰ হলে অধিক ক্ষমতাৰ অধিকাৰী হ’ব পাৰে। চীন আৰু ভাৰতবৰ্ষৰ বিশালতা এই দুই দেশৰ ক্ষমতা বৃদ্ধিৰ প্ৰধান উপাদান। ৰাছীয়াৰ বিশাল আকৃতিৰ বাবেই দ্বিতীয় মহাযুদ্ধত জাৰ্মাণ সৈন্যই দখল কৰিব নোৱাৰিছিল আৰু ৰাছীয়াৰ ক্ষমতা হ্রাস হোৱা নাছিল।

(ঙ) বিশ্বাস – বিশ্বাস, আস্থা, ক্ষমতাৰ আন এক নিৰ্ণায়ক। জনসাধাৰণৰ আস্থা লাভ কৰিলে এখন চৰকাৰ শক্তিশালী হ’ব পাৰে। কোনো এটা অনুষ্ঠানো জনসাধাৰণৰ আস্থাভাজন হলে অধিক ক্ষমতাৰ অধিকাৰী হ’ব পাৰে। গণতান্ত্রক অধিক ক্ষমতাশালী আৰু উৎকৃষ্ট বোলা হয়, এই কাৰণেই যে ইয়াত জনসাধাৰণৰ আস্থা থাকে।

(চ) দক্ষতা – দক্ষতা ক্ষমতাৰ আন প্রধান উৎস বা নির্ণায়ক। দক্ষ ব্যক্তিয়ে সমাজৰ আৰু ৰাষ্ট্ৰৰ যিকোনো কামতে দক্ষতাৰে কাৰ্য সম্পাদন কৰিব পাৰে। দক্ষ ব্যক্তিজনে সাধাৰণ এজন ব্যক্তিতকৈ উচ্চ আসন লাভ কৰে। চৰকাৰী কাৰ্যত দক্ষতাৰ বাবে এজন কৰ্মচাৰীয়ে উচ্চ পদবীলৈ পদোন্নতি পাব পাৰে। পদোন্নতি অনুসৰি ক্ষমতাও অধিক হয়।

(ছ) কর্তৃত্ব – কর্তৃত্বও ক্ষমতাৰ এক প্ৰধান নিৰ্ণায়ক। শাসনত থকা ব্যক্তি বা গোষ্ঠী বা দলে যেতিয়া ক্ষমতা প্রয়োগ কৰিবলৈ অনুমোদন লাভ কৰে তেতিয়াই কৰ্তৃত্বৰ সৃষ্টি হয়। সেইবাবে কর্তৃত্বশীল ব্যক্তিয়ে সাংবিধানিক বা জনসাধাৰণৰ অনুমোদনৰ বলত অধিক ক্ষমতাৰ অধিকাৰী হয়। সংসদীয় গণতন্ত্ৰত চৰকাৰে জনসাধাৰণৰ পৰা কৰ্তৃত্ব লাভ কৰি শাসন কৰাৰ, আইন প্ৰণয়ন কৰাৰ ক্ষমতা লাভ কৰে। হিটলাৰে শেষৰ ফালে নিৰ্বাচনত জয়ী হৈ কৰ্তৃত্ব লাভ কৰি অসীম ক্ষমতাৰ অধিকাৰী হৈছিল।

(জ) জনসংযোগ – এই মাধ্যমৰ যোগেদি চৰকাৰে নিজৰ আদৰ্শ, কৃতকার্যতা আঁচনি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পাৰে ৷ চৰকাৰে জনমাধ্যমৰ যোগেদি জনসাধাৰণৰ মতামত নিজৰ পক্ষে অনুকূল কৰিব পাৰে আৰু এনেদৰে ক্ষমতা বৃদ্ধি কৰিব পাৰে। গোৱবলছে জার্মানত প্ৰচাৰ মাধ্যমৰ যোগেদি নাজী দলৰ ক্ষমতা বৃদ্ধিত অভূতপূৰ্ব বৰঙণি যোগাইছিল।

(ঝ) অর্থনৈতিক স্থিতি – উন্নত অর্থনৈতিক স্থিতিয়ে এজন ব্যক্তিৰ ক্ষমতা বৃদ্ধি কৰাৰ নিচিনাকৈ এখন ৰাষ্ট্ৰৰ ক্ষমতা বৃদ্ধিতো বৰঙণি যোগায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক স্থিতি শক্তিশালী হোৱাৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰক শক্তিশালী কৰি তুলিছে। আনকি পৃথিৱীৰ আটাইতকৈ ক্ষমতাশালী ৰাষ্ট্ৰৰূপে গঢ়ি তুলিছে।

৪৮। ক্ষমতাৰ বৈশিষ্ট্যসমূহ আলেচনা কৰা ।

উত্তৰঃ ক্ষমতাৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে—

(ক) ক্ষমতা এক প্ৰকাৰৰ সম্পৰ্ক। দুই বা ততোধিক ব্যক্তিৰ মাজত এই সম্পর্ক গঢ়ি উঠিব পাৰে।

(খ) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে দক্ষতা। দক্ষ ব্যক্তিয়ে যুক্তি বা ব্যক্তিত্বৰ জৰিয়তে আনৰ ওপৰত প্ৰভাৱ পেলাই অভিলাস পূৰণ কৰিব পাৰে। প্রলোভন বা লোকচানৰ ভয় দেখুৱায়ো আনৰ আচৰণৰ প্ৰভাৱ পেলাব পাৰে। আনৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ দক্ষতাই হৈছে ক্ষমতা।

(গ) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে ইতিবাচক দিশ। অনেক ভৱিষ্যতৰ সম্ভাৱনা দেখুৱাই কোনো ব্যক্তি বা দেশে আন ব্যক্তি বা দেশৰ আচৰণত প্ৰভাৱ পেলাব পাৰে। এনে পন্থাৰ আশ্ৰয় লৈ হ’লেও আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন দেশক প্ৰভাৱান্বিত কৰিছে। সেইবাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতা আছে বুলি কোৱা হয়।

(ঘ) ক্ষমতাৰ নেতিবাচক দিশো আছে। বল প্রয়োগৰ ভয়, শাস্তিৰ ভয় বা সম্পদ হানিৰ ভয় দেখুৱাই আনৰ আচৰণত প্ৰভাৱ পেলাব পৰা যায়। এসময়ৰ সাম্যবাদী ৰাছীয়াত আৰু বৰ্তমান চীনত সাম্যবাদৰ বিৰুদ্ধাচৰণ কৰা সকলক শাস্তিৰ ভয় দেখুৱাই সাম্যবাদৰ প্ৰতি আনুগত্য আদায় আৰু ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। হিটলাৰৰ আমোলত বিৰোধী গোটসমূহৰ মাজত ত্ৰাসৰ সঞ্চাৰ কৰি নাজী জাৰ্মানীৰ ক্ষমতা বৃদ্ধি কৰা হৈছিল।

(ঙ) ক্ষমতা সদায় এটা বিষয়ৰ লগত জড়িত। যদি কোৱা হয়, এজন ব্যক্তিৰ ক্ষমতা আছে, তেন্তে ক’ব লাগিব কোন বিষয়ত তেওঁৰ ক্ষমতা আছে। বিত্তীয় ক্ষমতানে, নিয়োগৰ নে কূটনৈতিক ক্ষমতা নে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ক্ষমতা।

(চ) ক্ষমতাৰ পৰিস্থিতি, অৱস্থা, সামাজিক পটভূমি আদিয়ে নিৰূপণ কৰে। বেলেগ বেলেগ ৰাজনৈতিক পৰিস্থিতিত ক্ষমতা প্ৰয়োগৰ পৰিমাণ বেলেগ বেলেগ হয়। এটা বিশেষ পৰিস্থিতিত এজন ব্যক্তিয়ে ক্ষমতাৰ যোগেদি বৃহত্তৰ জনগমক প্ৰভাৱান্বিত কৰিব পাৰে। আন এটা পৰিস্থিতিত সেই ব্যক্তিজনৰ প্ৰভাৱ তেনেই সীমিত হ’ব পাৰে। গতিকে ক্ষমতাৰ ধাৰণা পৰিৱৰ্তনশীল।

(ছ) আন এটা বৈশিষ্ট্য হৈছে ক্ষমতা সদায় আপেক্ষিক। কোনো এটা দিশত এজনৰ ক্ষমতা অধিক হ’লেও আন এটা বিষয়ত তেওঁৰ ক্ষমতা নগণ্য। সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত ক্ষমতাৰ অসমান বিতৰণ থাকে।

(জ) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হ’ল ক্ষমতা সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত। যাৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা হয় তেওঁ মানি নল’লে বল প্রয়োগৰ যোগেদি আনুগত্য আদায় কৰিব।

(ঝ) বৰ্তমান ৰাষ্ট্ৰসংঘ আৰু আন্তর্জাতিক আইনৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ ফলতো ৰাষ্ট্ৰৰ ক্ষমতাৰ ভাৰসাম্যতাৰ প্ৰশ্নটো অপ্ৰাসংগিক হৈ পৰিছে।

৪৯। ক্ষমতা বুলিলে কি বুজা? ক্ষমতাৰ পৰিধিসমূহ কি কি? ক্ষমতা আন্তঃৰাষ্ট্ৰীয় স্তৰত কেনেদৰে প্ৰকাশ পায়?

উত্তৰঃ সাধাৰণ অৰ্থত ক্ষমতা হৈছে নিজৰ স্বাৰ্থ বা উদ্দেশ্য প্রাপ্ত কৰাৰ সামর্থ্য্য। ক্ষমতা হৈছে প্ৰতিৰোধ অবিহনে নাইবা প্ৰতিৰোধৰ সৈতে ব্যক্তি বা সমূহৰ নিজৰ স্বাৰ্থ আদায় কৰাৰ সামৰ্থ্য ক্ষমতাৰ সৈতে বল প্রয়োগৰ পোনপটীয়া ব্যৱহাৰ হৈ থকা৷ অৰ্থাৎ বল প্রয়োগ কৰিও আনৰ ওপৰত নিজৰ ইচ্ছা জাপি দি স্বাৰ্থ আদায় কৰিব পাৰি। কিছুমান পণ্ডিতৰ মতে ক্ষমতাত এজনৰ আন এজনৰ ইচ্ছা অতিক্ৰম কৰাটোও অন্তর্ভুক্ত হৈ থাকে।

মেক্স ৱেবাৰ মতে, “ক্ষমতা হৈছে সামাজিক সম্পৰ্কৰ ভিতৰত থাকি এজন ব্যক্তিয়ে বিভিন্ন প্ৰতিৰোধৰ মাজতো নিজৰ ইচ্ছা বা স্বাৰ্থ সম্পাদনা কৰাৰ স্থিতিত থকাৰ সম্ভাৱনা।” 

ষ্টিভেন লুকচ্‌ মতে, “ক্ষমতা হৈছে যেতিয়া A নামৰ ব্যক্তিজনে B নামৰ ব্যক্তিজনৰ স্বাৰ্থৰ বিপৰীতে B ব্যক্তিজনক প্ৰভাৱিত কৰে। অৰ্থাৎ A ব্যক্তিজনে B ব্যক্তিৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা বুলি ক’ব পাৰি।”

ক্ষমতা সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই সিদ্ধান্তবোৰ কাৰ্যকৰীকৰণৰ লগত জড়িত। কোনো সংগঠনে বা ব্যক্তিয়ে ক্ষমতা আবিহনে নিজৰ উদ্দেশ্য পূৰ্ণ কৰিব নোৱাৰে। এখন সমাজত বিভিন্ন ধৰণৰ স্বাৰ্থ থাকে যিবোৰ একে নহয়। যেতিয়া এই স্বাৰ্থসমূহৰ মাজত সংঘাত হয়, তেতিয়া এটা স্বার্থই আন এটা স্বাৰ্থৰ বা আন সকলো স্বাৰ্থৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ লয়, সেই আন স্বাৰ্থবোৰৰ ওপৰত প্ৰচলিত স্বাৰ্থক ক্ষমতাশালী স্বাৰ্থ বুলি কোৱা হয় ৷

গতিকে ক’ব পাৰি যে, ক্ষমতা হৈছে এক বহুমুখী ধাৰণা। ই হৈছে মানৱ সভ্যতা জীয়াই থকাৰ এক গুৰুত্বপূৰ্ণ উপাদান। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে ক্ষমতা বিৰাজমান। ক্ষমতা ৰাজনীতি, কৰ্তৃত্ব আৰু সম্পদৰ সৈতে সম্পর্কিত। ক্ষমতা অনুসৰি এজনে আন এজনৰ সিদ্ধান্ত বা কার্যক প্রভাৱিত কৰে। অৱশ্যে অন্য দিশতকৈ ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত ক্ষমতাৰ ধাৰণা আটাইতকৈ শক্তিশালী।

ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত সাধাৰণতে শক্তিশালী ৰাষ্ট্ৰসমূহে দুৰ্বল ৰাষ্ট্ৰসমূহৰ ওপৰত ক্ষমতা প্রয়োগ কৰা দেখা যায়। যেতিয়া এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ জৰিয়তে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হয় তেতিয়া তাক ক্ষমতাশীল ৰাষ্ট্ৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে, কুৰি শতিকাৰ আগভাগলৈকে ৰাষ্ট্ৰসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই আছিল আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ। অৱশ্যে একাদশ শতিকাৰ পৰা এই ক্ষমতাৰ স্থানান্তৰ হ’বলৈ ধৰে। অৰ্থাৎ ভাৰতবৰ্ষ, ব্রাজিল, চীন ইত্যাদি ৰাষ্ট্ৰবোৰো ক্ষমতাশীল হ’বলৈ ধৰে।

ক্ষমতাৰ বিস্তৃত প্ৰকাৰ –

যোচেফ ন্যেইয়ে ক্ষমতাক মূলতঃ তিনিটা ভাগত ভাগ কৰিছে–

(ক) কঠিন ক্ষমতা।

(খ) নৰম ক্ষমতা।

(গ) বুদ্ধিমান ক্ষমতা।

(ক) কঠিন ক্ষমতা – কঠিন ক্ষমতা হৈছে ক্ষমতাৰ আটাইতকৈ পুৰণি প্ৰকাৰ। যেতিয়া কোনো এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰক বলপূৰ্বকভাৱে উদাহৰণস্বৰূপে পইচাৰ জৰিয়তে, সৈনিক ক্ষমতাৰ জৰিয়তে স্বাৰ্থ সিদ্ধি কৰে তেতিয়া তাক কঠিন ক্ষমতা ব্যৱহাৰ কৰা বুলি কোৱা হয় । আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ইয়াক গাজৰ (carrot) আৰু লাঠি (sticks) বুলি কোৱা হয়। ঐতিহাসিকভাৱে, কঠিন ক্ষমতাক জনসংখ্যাৰ আকাৰ, অঞ্চল, ভূগোল, প্রাকৃতিক সম্পদ, সামৰিক শক্তি আৰু অৰ্থনৈতিক শক্তিৰ দ্বাৰা জোখা হয়। উদাহৰণস্বৰূপে, 1939 চনত জাৰ্মানীৰ পোলেণ্ড আক্রমণ, 1979 চনত ছোভিয়েট ইউনিয়নৰ দ্বাৰা আফগানিস্তান আক্রমণ, 2003 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ইৰাকৰ অস্ত্র-শস্ত্ৰৰ সামৰ্থ্যসম্পৰ্কীয় উদ্বেগৰ বাবে ইৰাক আক্রমণ ইত্যাদি।

(খ) নৰম শক্তি /ক্ষমতা – যেতিয়া এখন ৰাষ্ট্ৰই বলপূর্বকভাবে ক্ষমতা প্রয়োগ নকৰি আন শিথিল প্ৰক্ৰিয়াৰে অন্য ৰাষ্ট্ৰৰ দ্বাৰা স্বার্থ সিদ্ধি কৰে তাক নৰম ক্ষমতা বোলে। অন্য অৰ্থত নৰম ক্ষমতাত আবেদন আৰু আকৰ্ষণৰ জৰিয়তে আন ৰাষ্ট্ৰৰ স্বাৰ্থ /উদ্দেশ্য সিদ্ধি কৰা দিশ অন্তৰ্ভুক্ত হৈ থাকে। নৰম ক্ষমতাৰ কিছুমান বৈশিষ্ট্য হৈছে যে, ই অ-বলপূর্বক, সংস্কৃতি, ৰাজনৈতিক মূল্যবোধ, বৈদেশিক নীতি ইত্যাদি । ন্যায়ৰ মতে, কঠিন ক্ষমতাতকৈ নৰম ক্ষমতা ব্যৱহাৰ কৰাটো অধিক কঠিন। কাৰণ ইয়াৰ বহুতো গুৰুত্বপূৰ্ণ সম্পদ চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু নৰম ক্ষমতাইনীতিসমূহৰ কাৰণে পৰোক্ষভাৱে পৰিৱেশ গঢ় দিব লগা হয় আৰু কেতিয়াবা আকাংক্ষিত ফলাফল প্ৰস্তুত কৰিবলৈ বহু বছৰ লয়। 

উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত নামভৰ্তি কৰা বিদেশী শিক্ষাৰ্থীৰ সংখ্যা, আমেৰিকাৰ জীৱন শৈলীৰ অন্য ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ-ইয়াৰ মুক্ততা, গতিশীলতা, ব্যক্তিবাদ, স্বেচ্ছাসেৱী আৰু স্বাধীনতাৰ মূল্যবোধৰ সৈতে আধুনিকতাৰ আলোকচিত্ৰ হিচাপে, ভাৰতবৰ্ষৰ অন্যান্য আদর্শ যেনে— বৌদ্ধ ধর্ম, হিন্দুত্ববাদ ইত্যাদিয়ে আন আন ৰাষ্ট্ৰক কৰা আকৰ্ষণ ইত্যাদি।

(গ) না বুদ্ধিমান ক্ষমতা – এই প্ৰকাৰৰ ক্ষমতা হৈছে কঠিন আৰু নৰম ক্ষমতাৰ সংমিশ্রণ। ন্যায়ৰ মতে, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আটাইতকৈ উপযুক্ত ক্ষমতাৰ প্ৰকাৰবিধ হৈছে বুদ্ধিমান ক্ষমতা। উদাহৰণস্বৰূপে, ন্যায়ৰ মতে, সন্ত্রাসবাদৰ লগত মোকাবিলা কৰাৰ বাবে বুদ্ধিমান ক্ষমতাৰ পয়োজন। তেওঁৰ মতে, কেৱল নৰম ক্ষমতা অৱলম্বন কৰি তালিবান চৰকাৰৰ মন আৰু হৃদয় সলনি কৰিবলৈ কঠিন। সেয়েহে, নৰম ক্ষমতাৰ লগতে কঠিন ক্ষমতাৰো সমানে প্রয়োজন।

বাস্তববাদী দৃষ্টি মতে, গোলকীয় ৰাজনীতি হৈছে — ক্ষমতা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ খেল। এই দৃষ্টিভংগী অনুসৰি ক্ষমতা হৈছে— এক শূন্য অংকৰ খেল (Zero Sum Game)। অর্থাৎ কোনো ৰাষ্ট্ৰৰ বা আদর্শই যদি জয়ী হয়, আন এটা আদৰ্শ বা ৰাষ্ট্ৰৰ পৰাজয় হয়। অর্থাৎ প্ৰকৃতাৰ্থত চাবলৈ গ’লে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি ক্ষমতাৰ হৰা-জিকা প্ৰক্ৰিয়াত সীমাবদ্ধ। এনেদৰেই ক্ষমতাই গোলকীয় ৰূপত প্ৰকাশ পায়।

৫০। গোলকীয় প্ৰশাসনৰ অৰ্থ কি?

নাইবা

গোলকীয় প্রশাসনৰ ধাৰণাটো আলোচনা কৰা ।

উত্তৰঃ দুই শতিকাৰ আগৰ পৰাই আধুনিক বিশ্বৰ বিকাশৰ তত্ত্বৰ বিশেষকৈ বৰ্তমানৰ গোলকীকৰণ প্ৰক্ৰিয়াৰ পৰিকাঠামো গঠনৰ পৰাই গোলকীয় প্রশাসনৰ ধাৰণা এক বিশেষ স্থান লাভ কৰি আহিছে। গোলকীকৰণে বিভিন্ন ধৰণৰ পৰিৱৰ্তন আনিলে যদিও বহুসময়ত বহুক্ষেত্ৰত গোলকীকৰণৰ নাৰ্থক প্রভাৱৰ বাবে ইয়াক ত্যাগ কৰাও দেখা গ’ল৷ অৱশ্যে মুখ্য সমস্যাটো বিশ্বায়নৰ সৈতে নহয় বৰং ইয়াক কেনেদৰে পৰিচালনা কৰা হয় তাৰ সৈতেহে জড়িত। এই সমস্যাৰ এটা অংশ আন্তর্জাতিক অর্থনৈতিক প্ৰতিষ্ঠানৰ সৈতে আছে, যিয়ে মূলতঃ গাঁথনিবোৰ বা সুতিবোৰ ধৰি ৰাখে। এই সংগঠনবোৰে বা প্রতিষ্ঠানবোৰে গোলকীকৰণৰ নামত উন্নয়নশীল দেশবোৰৰ সলনি উন্নত উদ্যোগিক দেশসমূহৰ স্বাৰ্থ পূৰণ কৰা দেখা যায়। সেয়েহে, বিশ্বায়নৰ/ গোলকীকৰণৰ এক নতুন ৰূপ দিয়াৰ সময় আহি পৰিল। 

ইয়াৰ বাবে দক্ষ অন্তঃৰাষ্ট্ৰীয় ৰাজহুৱা অনুষ্ঠানৰ প্ৰয়োজন যিয়ে সামূহিক কাৰ্য, সিদ্ধান্ত গ্রহণত স্বচ্ছতা আৰু বিশেষকৈ সাঁধাৰণ সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়ে। অৱশ্যে আটাইতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দৰকাৰ যিয়ে বিশ্বায়নক ভালৰ বাবে এক শক্তি হ’বলৈ সক্ষম কৰিব, সেৱা হ’ল প্ৰশাসনৰ পৰিৱৰ্তন। এনেধৰণৰ উদ্বেগে গোলকীয় শাসনৰ প্ৰতি এক প্ৰচলিত ধাৰণাৰ জন্ম দিছে।

‘গোলকীয় প্রশাসন’ ধাৰণাটো ‘সুপ্ৰশাসন / সুশাসন’ ধাৰণাৰ পৰা পৃথক যিয়ে গোলকীয় ৰাজনীতিত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক ব্যৱস্থাৰ সংহতিক বুজায়। ইয়াৰ অৰ্থ এইটোৱে যে, কেৱল ৰাজ্য আৰু ৰাষ্ট্ৰবোৰে বিশ্বব্যাপী বিষয়বোৰ পৰিচালনা কৰিব নোৱাৰে। সেয়েহে, ই আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠন, বেচৰকাৰী সংগঠন আৰু বহুজাতিক নিগমসমূহকো দ্বায়িত্ব প্ৰদান কৰে যাতে গোলকীয় ৰাজনীতি ভালদৰে পৰিচালিত হয়। গতিকে, ‘গোলকীয় শাসন’ হৈছে – আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক, প্রতিষ্ঠান নির্মাণ, নিয়ম উদ্যোগ, শাসন সৃষ্টি আৰু বিশ্বব্যাপী পৰিৱৰ্তনৰ ব্যৱস্থাপনা। গোলকীয় শাসনে বহুতো বিষয় সামৰি লয় যেনে— মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ, উন্নয়ন, গণতান্ত্রিকীকৰণ, পৰিৱেশ, নিৰাপত্তা আৰু বিনিয়োগ। ইয়াৰ শেহতীয়া সাফল্যবোৰৰ ভিতৰত আছে লেণ্ডমাইন নিষিদ্ধ কৰা চুক্তি, আন্তর্জাতিক অপৰাধ আদালত, বিশ্ব বাণিজ্য সংস্থা আৰু ‘নতুন প্রজন্ম’ৰ ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযান ইত্যাদি। 

চমুকৈ, গোলকীয় শাসন বা প্রশাসনে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োধৰণৰ শাসন বা শাসন প্ৰণালী বৰ্ণনা কৰে ৷ প্ৰকৃততে, গোলকীয় শাসন হৈছে একে বহল, গতিশীল, জটিল প্রক্রিয়া যিটো সদায়েই ক্রমবর্ধমান আৰু পৰিৱৰ্তনশীল পৰিৱেশৰ বাবে দায়বদ্ধ।

গোলকীয় প্রশাসনে বিশ্বৰ বিভিন্ন স্তৰত সামূহিক কাৰ্যৰ সমন্বয়ৰ বাবে বিভিন্ন সংগঠকক একত্ৰিত কৰে। গোলকীয় প্ৰশাসনৰ মূল লক্ষ্য হ’ল বিশ্বব্যাপী ৰাজহুৱা সামগ্ৰী যোগান ধৰা, বিশেষকৈ শান্তি আৰু নিৰাপত্তা অক্ষুন্ন ৰখা, সংঘাতৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰা, বাণিজ্য আৰু উদ্যোগৰ বাবে একত্ৰিত মানদণ্ডৰ ব্যৱস্থা কৰা ইত্যাদি। গোলকীয় প্ৰশাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা অনুষ্ঠানটো হৈছে ৰাষ্ট্ৰসংঘ।

গোলকীয় প্ৰশাসনৰ বৈশিষ্ট্য–

গোলকীয় প্ৰশাসনৰ মুখ্য বৈশিষ্ট্যসমূহ হ’ল—

(ক) বহুকেন্দ্রিক – গোলকীয় শাসন ব্যৱস্থাৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ সৰ্বাধিক ভূমিকা থকা সত্বেও বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠাৰ ভূমিকাৰ এক পৰিকাঠামো আছে। ৰাষ্ট্ৰ আৰু আন্তর্জাতিক প্ৰতিষ্ঠানৰ উপৰিও গোলকীয় প্রশাসনে বেচৰকাৰী সংস্থাসমূহক, টিএনচি আৰু গোলকীয় নাগৰিক সমাজৰ অন্যান্য সংগঠনক সামৰি লয়। গোলকীয় প্রশাসনত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাষ্ট্ৰ আৰু নাগৰিক সমাজৰ ব্যৱধান শূন্য। সেয়েহে, ইয়াত মিশ্রিত প্রশাসকৰ আদৰ্শ থাকে।

(খ) আন্তঃচৰকাৰ – ৰাজ্য আৰু ৰাষ্ট্ৰীয় চৰকাৰসমূহে গোলকীয় প্রশাসনত আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানবোৰৰ দুৰ্বল ক্ষমতা প্ৰৱৰ্তনৰ প্ৰতিফলিত কৰি যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

(গ) মিশ্রিত সংযোজন – ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ উপৰিও গোলকীয় প্রশাসনে বেচৰকাৰী সংগঠনসমূহ, আন্তঃৰাষ্ট্ৰীয় নিগমসমূহ আৰু অন্যান্য প্রতিষ্ঠানসমূহকো সামৰি লয়।

অৱশেষত ক’ব পাৰি যে, গোলকীয় শাসন হৈছে- আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্ৰণালীৰ পৰা উদ্ভৱ হোৱা উদ্দেশ্যপূর্ণ আদেশ যি সাধাৰণ কল্যাণৰ বাবে পদক্ষেপ নিয়ন্ত্ৰণ কৰে। গোলকীয় শাসনত আন্তর্জাতিক, আন্তঃৰাষ্ট্ৰীয় আৰু আৰু আঞ্চলিক পৰ্যায়ত ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা কাৰ্যকলাপ অন্তর্ভুক্ত থাকে। গোলকীয় শাসনৰ প্ৰণালী সমূহ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ উপাদান আৰু পদ্ধতিৰে গঠিত। ফলপ্রসূ গোলকীয় প্রশাসনে আঞ্চলিক চৰকাৰ প্ৰশাসনতকৈ অধিক সফলভাৱে কাম কৰে। গোলকীয় সমস্যা সমাধনৰ মুখ্য চাবি-কাঠী হৈছে গোলকীয় প্রশাসন। তথাপি গোলকীয় প্রশাসন এতিয়াও জটিল আৰু ক্রমবর্ধমান হৈ আছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় প্ৰশাসনৰ স্থান এতিয়াও বিকশিত হৈ আছে।

৫১৷ উন্নয়নশীল দেশসমূহত বিশ্বায়নৰ প্ৰভাৱ কি?

উত্তৰঃ বিশ্বায়ন হৈছে বিশ্বব্যাপী অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক একত্ৰীকৰণৰ এক প্ৰক্ৰিয়া। ই পৃথিৱীখনক এখন সৰু গাঁওত পৰিণত কৰিছে; দেশসমূহৰ মাজত সীমা ভাঙি পেলোৱা হৈছে। উন্নয়নশীল দেশসমূহত বিশ্বায়নে ক্রমান্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। দেখা যায় যে, বিশ্বায়নৰ কিছুমান সুবিধা আছে যেনে—অর্থনৈতিক প্রক্রিয়া, প্রযুক্তিগত বিকাশ, ৰাজনৈতিক প্ৰভাৱ, স্বাস্থ্য প্ৰণালী, সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ কাৰক ৷ আমাৰ দৈনন্দিন জীৱনত ইয়াৰ যথেষ্ট লাভ আছে। বিশ্বায়নে উন্নয়নশীল দেশসমূহৰ বাবে এক নতুন সুযোগ সৃষ্টি কৰিছে। যেনে— প্রযুক্তি স্থানান্তৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে, উন্নত দেশৰ বজাৰত প্ৰৱেশ কৰাৰ অধিক সুযোগ, বিকাশ আৰু উৎপাদনশীলতা আৰু জীৱন ধাৰণৰ মানদণ্ড। অৱশ্যে, এইটো সঁচা নহয় যে এই পৰিঘটনাৰ সকলো প্ৰভাৱ ইতিবাচক। কিয়নো, বিশ্বায়নে নতুন প্রত্যাহ্বানো আনিছে যেনে— পৰিৱেশৰ অৱনতি, বাণিজ্যিক আৰু বিত্তীয় বজাৰত অস্থিৰতা, সমগ্ৰ দেশত আৰু ভিতৰত অসাম্য বৃদ্ধি। এই কাকতখনে নিম্নলিখিত অনুপাতত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ওপৰত বিশ্বায়নৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱ মূল্যায়ন কৰে।

(ক) অর্থনৈতিক আৰু বাণিজ্য প্রক্রিয়া ক্ষেত্ৰ – বিশ্বায়নে উন্নয়নশীল দেশবোৰক তেওঁলোকৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰাত, তেওঁলোকৰ দেশৰ দৰিদ্ৰতাৰ সমস্যা সমাধান কৰাত সহায় কৰে। অতীতত, উন্নয়নশীল দেশবোৰে বাণিজ্যিক বাধাৰ বিশ্ব অর্থনীতিক ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। তেওঁলোকে উন্নত দেশবোৰৰ দৰে একে অর্থনৈতিক বিকাশ ভাগ-বতৰা কৰিব নোৱাৰে। অৱশ্যে, বিশ্বায়নৰ সৈতে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাই উন্নয়নশীল দেশসমূহক বৃহৎ ঋণৰ জৰিয়তে বজাৰ সংস্কাৰ আৰু আমূল পৰিৱৰ্তনৰ মাজেৰে যাবলৈ উৎসাহিত কৰে। বহুতো উন্নয়নশীল ৰাষ্ট্ৰই শুল্ক আঁতৰাই আৰু তেওলোকৰ অৰ্থনীতি মুক্ত কৰি তেওঁলোকৰ বজাৰ খুলিবলৈ পদক্ষেপ ল’বলৈ আৰম্ভ কৰিছিল। উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহত বিনিয়োগ কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত দৰিদ্ৰ লোকসকলৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি হৈছিল। উদাহৰণৰূপে, ভাৰত আৰু চীনত দ্রুত বিকাশৰ ফলত বিশ্বৰ দৰিদ্ৰতা হ্রাস পাইছে। 

এইটো স্পষ্ট যে বিশ্বায়নে উন্নত দেশ আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰি তুলিছে, ই প্ৰতিখন দেশক আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে। থিৰলৱাল (২০০৩-১৩) অনুসৰি “উন্নয়নশীল দেশসমূহ সম্পদপ্ৰবাহ আৰু প্ৰযুক্তিৰ বাবে উন্নত দেশৰ ওপৰত নিৰ্ভৰ কৰে, কিন্তু উন্নত দেশবোৰে কেঁচা মাল, খাদ্য আৰু তেলৰ বাবে উন্নয়নশীল দেশৰ ওপৰত আৰু ঔদ্যোগিক সামগ্ৰীৰ বজাৰ হিচাপে যথেষ্ট নিৰ্ভৰ কৰে”। বিশ্বায়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সুবিধাবোৰ হৈছে সামগ্ৰী আৰু ইয়াৰ ফলত দেশবোৰৰ মাজত মুক্ত বাণিজ্য বৃদ্ধি হোৱাৰ ফলত লোকসকলক সহজ আৰু দ্ৰুতগতিত পৰিবহন কৰা হয়, আৰু ই দেশবোৰৰ মাজত যুদ্ধৰ সম্ভাৱনা হ্রাস কৰে। তদুপৰি, বিশ্বৰ ব্যক্তি আৰু কোম্পানীসমূহৰ মাজত যোগাযোগৰ বিকাশে দেশসমূহৰ মাজত্ব মুক্ত বাণিজ্য বৃদ্ধিত সহায় কৰে আৰু ইয়াৰ ফলত অর্থনীতি বৃদ্ধি হয়। অৱশ্যে, উন্নয়নশীল দেশসমূহত বিশ্বায়নৰ বহুতো অৰ্থনীতি আৰু বাণিজ্যিক সুবিধা আছে, আমি দৰিদ্ৰ দেশবোৰৰ বাবে বিশ্বায়নে সৃষ্টি কৰা বহুতো অসুবিধাৰ কথাও মন কৰিব লাগিব। বিশ্বায়নে ধনী আৰু দৰিদ্ৰলোকৰ মাজত বৈষম্য বৃদ্ধি কৰাৰ এটা কাৰণ, বিশ্বায়নৰ লাভালাভবোৰ সাৰ্বজনীন নহয়; ধনীসকল ধনী হৈ আছে আৰু দৰিদ্ৰসকল অধিক দৰিদ্ৰ হৈ পৰিছে। 

বহুতো উন্নয়নশীল দেশ বিশ্বায়নৰ দ্বাৰা লাভান্বিত হয় কিন্তু তাৰ পিছত, এনে বহুতো ৰাষ্ট্ৰ পিছ পৰি আছে। যোৱা দুটা দশকত, চীন আৰু ভাৰত ইতিমধ্যে ধনী ৰাষ্ট্ৰবোৰতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে। অৱশ্যে, আফ্ৰিকাৰ দৰে দেশবোৰত এতিয়াও সৰ্বাধিক দৰিদ্ৰতাৰ হাৰ আছে, দৰাচলতে, চীনৰ গ্ৰাম্য অঞ্চল যি বিশ্ববজাৰত ব্যৱহাৰ নকৰে, তেওঁলোকেও এনে উচ্চ দৰিদ্ৰতাৰ ফলত যথেষ্ট ক্ষতিগ্রস্ত হয়। আনহাতে, উন্নত দেশবোৰে কম মজুৰিৰ সুবিধা লোৱাৰ বাবে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ তেওঁলোকৰ কোম্পানী আৰু উদ্যোগ স্থাপন কৰে আৰু ইয়াৰ ফলত প্ৰদূষণৰ দুৰ্বল নিয়ন্ত্ৰণ থকা দেশবোৰত প্ৰদূষণ সৃষ্টি হয়। তদুপৰি, উন্নত দেশসমূহৰ দ্বাৰা উন্নয়নশীল ৰাষ্ট্ৰসমূহত কোম্পানী আৰু কাৰখানা স্থাপনে উন্নত দেশসমূহৰ অৰ্থনীতিৰ ওপৰত বেয়া প্ৰভাৱ পেলায় আৰু নিবনুৱা বৃদ্ধি কৰে।

(খ) শিক্ষা আৰু স্বাস্থ্য প্রণালী – বিশ্বায়নে উন্নয়নশীল দেশসমূহত স্বাস্থ্য আৰু শিক্ষা প্ৰণালী বিকশিত কৰাত অৰিহণা যোগাইছিল। আমি স্পষ্টভাৱে দেখিবলৈ পাওঁ যে শেহতীয়া বছৰবোৰত শিক্ষা বৃদ্ধি পাইছে, কিয়নো বিশ্বায়নৰ চাকৰিবোৰৰ বাবে এক অনুঘটক আছে যাৰ বাবে উচ্চ দক্ষতাৰ প্ৰয়োজন। এই দাবীয়ে মানুহক উচ্চ শিক্ষা লাভ কৰিবলৈ অনুমতি দিছিল। যিকোনো ৰাষ্ট্ৰৰ উন্নতিৰ বাবে স্বাস্থ্য আৰু শিক্ষা হৈছে মৌলিক উদ্দেশ্য, আৰু অৰ্থনৈতিক বিকাশ আৰু স্বাস্থ্য আৰু শিক্ষা প্ৰণালীৰ মাজত শক্তিশালী সম্পর্ক আছে। অর্থনৈতিক জীৱন ধাৰণৰ মানদণ্ড আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ জীৱনৰ প্ৰত্যাশা বৃদ্ধিৰ জৰিয়তে নিশ্চিতভাৱে উন্নত হয়। অধিক ভাগ্যৰ সৈতে দৰিদ্ৰ ৰাষ্ট্ৰসমূহে তেওঁলোকৰ লোকসকলক ভাল স্বাস্থ্য সেৱা আৰু অনাময় যোগান ধৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, উন্নয়নশীল দেশসমূহৰ চৰকাৰে দৰিদ্ৰ লোকসকলক স্বাস্থ্য আৰু শিক্ষাৰ বাবে অধিক ধন প্ৰদান কৰিব পাৰে, যাৰ ফলত নিৰক্ষৰতাৰ হাৰ হ্ৰাস পায়। 

এইটো বহুতো উন্নয়নশীল দেশত দেখা গৈছে যাৰ নিৰক্ষৰতাৰ হাৰ শেহতীয়াকৈ হ্ৰাস পাইছে। এইটো সত্য যে, বিশ্বায়নৰ পৰা অৰ্থনৈতিক লাভৰ জৰিয়তে উন্নয়নশীল দেশবোৰৰ জীৱন ধাৰণৰ মানদণ্ড আৰু জীৱনৰ পৰিত্যাশা বৃদ্ধি হয়। বিশ্ব বেংকৰ (২০০৪) মতে, “বিশ্বায়নৰ সৈতে, বিশ্বৰ জনসংখ্যাৰ ৮৫ শতাংশতকৈও অধিক লোকে কমেও ষাঠি বছৰ জীয়াই থকাৰ আশা কৰিব পাৰে আৰু ই প্ৰকৃততে ১০০ বছৰ আগৰ গড় আয়ুসতকৈ দুগুণ দীঘল”। ইয়াৰ উপৰিও, বিশ্বায়নে চিকিৎসক আৰু বিজ্ঞানীসকলক বহুতো ৰোগ আৱিষ্কাৰ কৰাত অৰিহণা যোগোৱাত সহায় কৰিছিল, যিবোৰ মানুহ, জন্তু আৰু চৰাইৰ দ্বাৰা বিয়পে, আৰু ই তেওঁলোকক এই মাৰাত্মক ৰোগবোৰৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত ঔষধ সৃষ্টি কৰাত সহায় কৰিছিল।

উদাহৰণস্বৰূপে, এইচ. আই. ভি. / এ.ডি.আই. এছ., ছোৱাইন ফ্লু আৰু চৰাইৰ ফু সমগ্ৰ বিশ্বই এই ৰোগবোৰৰ বিষয়ে জানে আৰু তেওঁলোকে ইয়াকে কেনেদৰে পৰিহাৰ কৰিব লাগে জানে। বিশ্বায়নৰ দ্বাৰা, বহুতো আন্তর্জাতিক সংগঠন আছে, যেনে- বেচৰকাৰী সংস্থা (এনজিঅ’), বিশ্ব স্বাস্থ্য সংস্থা (বিশ্ব স্বাস্থ্য সংস্থা) আৰু ইউনেস্কো, যি বিশ্বত নিৰক্ষৰতা আৰু মাৰাত্মক ৰোগ দূৰ কৰিবলৈ আৰু জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে।

উন্নয়নশীল দেশসমূহৰ শিক্ষা আৰু স্বাস্থ্যক্ষেত্ৰৰ ওপৰত বিশ্বায়নৰ এই ইতিবাচক প্ৰভাৱৰ স্বত্ত্বেও। অৱশ্যে, বিশ্বায়নে এই ক্ষেত্ৰবোৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে; বিশ্বায়নে উন্নয়নশীল দেশসমূহত দেশসমূহৰ মাজত ভ্ৰমণকাৰীসকলৰ দ্বাৰা নতুন ৰোগ বিয়পোৱাত সহায় কৰে । বর্ধিত বাণিজ্য আৰু ভ্ৰমণৰ ফলত, এইচ. আই. ভি / এ. ডি. আই. এছ., ছোৱাইন ফ্লু, বার্ড ফ্লু আৰু বহুতো উদ্ভিদৰ ৰোগৰ দৰে বহুতো ৰোগ, উন্নত ৰাষ্ট্ৰৰ পৰা বিকাশশীল লৈকে সীমাৰ ওপৰেৰে সুবিধা প্ৰদান কৰা হয়। ই এই দেশবোৰৰ জীৱন ধাৰণৰ মানদণ্ড আৰু জীৱনৰ প্ৰত্যাশাৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলায়। বিশ্ব বেংকৰ (২০০৪) মতে, “এইডছৰ সংকটে আফ্ৰিকাৰ কিছুমান অঞ্চলত আয়ুস ৩৩ বছৰতকৈও কম কৰিছে আৰু অৰ্থনৈতিক সমস্যা সমাধানত পলম কৰিছে”। বিশ্বায়নৰ আন এটা ত্রুটি হ’ল, বিশ্বায়িত প্রতিযোগিতাই বহুতো মনৰ দক্ষ শ্রমিকক বাধ্য কৰিছে য’ত উচ্চ শিক্ষিত আৰু যোগ্য পেছাদাৰী, যেনে— বিজ্ঞানী, চিকিৎসক, অভিযন্তা আৰু তথ্য প্রযুক্তি বিশেষজ্ঞসকলে উচ্চ মজুৰি আৰু নিজৰ আৰু তেওঁলোকৰ সন্তানৰ বাবে অধিক জীৱনশৈলীৰ সম্ভাৱনাৰ পৰা লাভান্বিত হ’বলৈ উন্নত দেশলৈ প্ৰব্ৰজন কৰে। ইয়াৰ উন্নয়শীল দেশসমূহত দক্ষতা শ্রম হ্রাস হয়।

(গ) সংস্কৃতিৰ প্ৰভাৱ – বিশ্বায়নৰ উন্নয়নশীল দেশসমূহৰ সংস্কৃতিৰ বহুতো লাভালাভ আৰু ক্ষতি আছে। বহুতো উন্নয়নশীল দেশৰ বিশ্বায়নৰ জৰিয়তে সলনি কৰা হৈছে আৰু আমেৰিকা আৰু ইউৰোপীয় দেশৰ দৰে আন সংস্কৃতিক অনুকৰণ কৰা হৈছে। বিশ্বায়নৰ আগতে আন দেশ আৰু তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জনাটো সম্ভৱ নহ’লহেঁতেন। দূৰদৰ্শন, ৰেডিঅ’, উপগ্ৰহ আৰু ইন্টাৰনেটৰ দৰে বিশ্বায়নৰ গুৰুত্বপূৰ্ণ সঁজুলিৰ বাবে আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ দৰে যিকোনো দেশত কি ঘটিছে সেয়া আজি জনা সম্ভৱ। তদুপৰি, বিশ্বব্যাপী মানুহে বিশ্বায়নৰ জৰিয়তে ইজনে সিজনক ভালদৰে জানিব পাৰে৷ উদাহৰণস্বৰূপে, অধিক সংখ্যক হলিউড তাৰকাই আমেৰিকাতকৈ পৃথক সংস্কৃতি প্ৰদৰ্শন কৰাটো সহজ৷ ইয়াৰ উপৰিও, আজি আমি স্পষ্টভাৱে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ দেখিবলৈ পাওঁ যি বিভিন্ন দৰিদ্ৰ ৰাষ্ট্ৰৰ যুৱ লোকসকলৰ বাবে বিশ্বায়নৰ ফলত হয়,কিশোৰ- কিশোৰীসকলে নাইক টি-চাৰ্ট আৰু এডিডাছৰ জোতা পিন্ধা, হিপ-হপ সংগীত বজোৱা, এপল আইপেড আইফোন ব্যৱহাৰ কৰা আৰু মেকডনাল্ড, কেএফচি আৰু ডমিনোজ পিন্ধাত খোৱা দেখা পোৱাটো অতি সচৰাচৰ দেখা যায়। 

এনেকুৱা লাগিছে যেন আপুনি তেওঁলোকক কেৱল তেওঁলোকৰ ভাষাৰ দ্বাৰা পৃথক কৰিব পাৰে। আনহাতে, বহুতো উন্নয়নশীল দেশ বিশ্বায়নৰ উত্থানৰ বিষয়ে চিন্তিত কিয়নো ইয়াৰ ফলত তেওঁলোকৰ নিজৰ সংস্কৃতি, পৰম্পৰাগত, পৰিচয়, ৰীতি-নীতি আৰু তেওঁলোকৰ ভাষা ধ্বংস হ’ব পাৰে। উন্নয়নশীল দেশ হিচাপে ইৰাক, চিৰিয়া, লেবানন আৰু জৰ্ডানৰ দৰে বহুতো আৰৱ দেশে কিছুমান ক্ষেত্ৰত, তেওঁলোকৰ সংস্কৃতি, উন্নয়নশীল দেশ অধ্যয়নত নেতিবাচক প্রভাৱ পেলাইছে। তেওঁলোকে উন্নত ৰাষ্ট্ৰৰ দৰে পিন্ধে আৰু আচৰণ কৰে, কেইজনমান লোকে তেওঁলোকৰ পৰম্পৰাগত কাপোৰ পিন্ধি আছে যিবোৰ আগতে আছিল। তদুপৰি, বিশ্বায়নৰ ফলত স্থানীয় ভাষাৰ পৰা বহুতো শব্দ আৰু অভিব্যক্তি নাইকিয়া হয় কিয়নো বহুলোকে ইংৰাজী আৰু ফৰাচী শব্দ ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও, পাৰিবাৰিক জীৱনত যথেষ্ট পৰিৱৰ্তন ঘটিছে, যুৱক-যুৱতীসকলে ১৮ বছৰ বয়সত তেওঁলোকৰ পৰিয়াল এৰি অকলে বাস কৰিবলৈ চেষ্টা কৰিছে, আৰু সম্প্ৰসাৰিত পৰিয়ালটো আগৰ তুলনাত সৰু হোৱাৰ প্ৰৱণতা আছে।

৫২। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণবোৰ লিখা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ কাৰণবোৰ তলত আলোচনা কৰা হ’ল—

(ক) উপনিবেশবাদৰ বিৰোধীতা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বিকাশৰ মুখ্য কাৰণ আছিল। দ্বিতীয় মহাযুদ্ধৰ পিছত পশ্চিমীয়া শক্তিৰ শাসনাধীন হৈ থকা এছিয়া আৰু আফ্রিকা মহাদেশর বহু ৰাষ্ট্ৰই উপনিবেশিকতাৰ কবলৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয়। পূৰ্বৰ পৰা স্বাধীনভাবে বসবাস কৰা ৰাষ্ট্ৰৰ পৰাধীনতাৰ অভিজ্ঞতাই জনসাধাৰণক ঐক্যবদ্ধ কৰি তুলিবলৈ সক্ষম হয়।

(খ) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আমেৰিকা আৰু ৰাছিয়াই নিজৰ অনুগামী দেশবোৰক লৈ বিশ্বৰ দুই মহাশক্তিৰূপে মূৰ দাঙি উঠে। এই দুয়ো পক্ষই নিৰ্দিষ্ট গোষ্ঠীৰ অধীন হোৱাৰ পৰিৱৰ্তে দুয়োপক্ষৰ লগত মিলি থাকি নিজ নিজ দেশৰ উন্নতিৰ বাবে গ্ৰহণ কৰা মধ্যমপন্থাৰ পৰিপ্ৰেক্ষিততে গোষ্ঠীনিৰপেক্ষ আন্দোলনে শক্তিশালী ৰূপত বিকাশ হ’বলৈ ধৰিলে।

(গ) এছিয়া আৰু আফ্ৰিকাৰ উপনিবেশবোৰৰ কবলত থকা জাতীয়তবাদী নেতা সকলে নিজ নিজ দেশৰ স্বাধীনতাৰ বাবে চলোৱা কঠোৰ সংগ্ৰামৰ ফলতে গোষ্ঠীনিৰপেক্ষ আন্দোলনে গা কৰি উঠে। তেওঁলোকে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দৰে পৰিষদ গঠন কৰি আন্তর্জাতিক আৰু আভ্যন্তৰীণ শান্তি শৃংখলা বজাই ৰখা আৰু নিৰাপত্তা ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আলোচনা বিলোচনা চলায়।

(ঘ) স্বাধীনত ৰাষ্ট্ৰবোৰে আৰ্থিক উন্নয়নৰ বাবে আৰু অৰ্থনৈতিক অনগ্ৰসৰতা ৰোধ কৰিবৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলতো গোষ্ঠী নিৰপেক্ষবাদে গা কৰি উঠে।

(ঙ) ৰাষ্ট্ৰসংঘৰ সদস্যসকলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত মত বিনিময়ৰ সুবিধা পোৱাৰ ফলত সেই ৰাষ্ট্ৰবোৰৰ মাজত পাৰস্পৰিক আদান-প্ৰদানৰ সুবিধা হয়। ইয়াৰ ফলতো গোষ্ঠীনিৰপেক্ষ আন্দোলনে গা কৰি উঠে।

(চ) বিভিন্ন ঔপনিৱেশিক ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে কেৱল নেতাসকলৰ সহযোগত জনসাধাৰণে কঠোৰ সংগ্ৰাম কৰি দেশক স্বাধীন কৰে আৰু পুনৰ যাতে সাম্ৰাজ্যবাদীৰ কবলত নপৰে তাৰ প্ৰতি সদাসচেতন থাকে। ফলত গোষ্ঠী নিৰপেক্ষ আন্দোলনে গা কৰি উঠে।

৫৩। সামূহিক কিন্তু পৃথক দায়বদ্ধতা বুলিলে কি বুজা?

উত্তৰঃ উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহে পৰিৱেশ সংক্রান্তীয় বিষয়সমূহ এনে ৰাষ্ট্ৰসমূহৰ বৰ্তমান অৱস্থিতিৰ ওপৰত ভিত্তি কৰি আলোচনা কৰিব বিচাৰে আৰু পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ৰোধৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সমভাবে দায়বদ্ধ থকাটো বিচাৰে। আনহাতে দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহে ভাবে যে সমগ্ৰ বিশ্বতে পাৰিপাৰ্শ্বিকতাৰ যি অৱক্ষয় ঘটিছে তাৰ বাবে বহুলাংশে উন্নত ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা উদ্যোগীকৰণ জগৰীয়া। যিহেতু উন্নত ৰাষ্ট্ৰসমূহ পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে বেছি জগৰীয়া সেয়েহে তেওঁলোকে এতিয়া পাৰিপাৰ্শ্বিকতাৰ সংৰক্ষণৰ বাবে বেছি মূল্য দিব লাগিব৷ ইয়াৰোপৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে এতিয়াহে উদ্যোগীকৰণ আৰম্ভ কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহত প্রযোজ্য হোৱা বাধা-নিষেধসমূহ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্রতো সমভাবে প্রযোজ্য হোৱাটো উচিত নহয়। এনেদৰে পৰিৱেশ সংক্রান্তীয় আন্তঃৰাষ্ট্ৰীয় নীতি, আইন আদিৰ সৃষ্টি, ব্যাখ্যা আৰু প্ৰয়োগৰ ক্ষেত্ৰত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বিশেষ প্ৰয়োজনীয়তাসমূহ মনত ৰখা উচিত। এই যুক্তিটো ১৯৯২ চনৰ ৰিঅ’ শীৰ্ষ সন্মিলনত গৃহীত হোৱা ৰিঅ’ ঘোষণা পত্ৰত মানি লোৱা হৈছিল। এই নীতিটোক সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা বুলি জনা যায়।

ৰিঅ’ ঘোষণা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে “পৃথিৱীক পৰিস্থিতিতন্ত্ৰৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব অংশীদায়িত্বৰ ভাৱনা উদ্বুদ্ধ হৈ সহযোগিতা কৰা উচিত। বিশ্বৰ পাৰিপাৰ্শ্বিকতা নষ্ট কৰাৰ ক্ষেত্ৰত পৃথক অংশীদায়িত্ব থকাৰ হেতুকে পাৰিপাৰ্শ্বিকতা সংৰক্ষণৰ ক্ষেত্ৰ ত ৰাষ্ট্ৰসমূহৰ সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা থাকিব। উন্নত ৰাষ্ট্ৰসমূহে এই দায়িত্ব স্বীকাৰ কৰিছে যে তেওঁলোকৰ সমাজসমূহে উপভোগ কৰি অহা আৰ্থিক আৰু প্রযুক্তিগত সম্পদৰাজিয়ে বিশ্বৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত পেলোৱা কু-প্ৰভাৱৰ কথা মনত ৰাখি তেওঁলোকেও বহনক্ষম উন্নয়ন নীতি অনুসৰণ কৰিব। ১৯৯২ চনৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্রান্তীয় কাটাম চুক্তি পত্রয়ো এইটো ঘোষণা কৰিছে যে বিশ্বৰ সমূহ ৰাষ্ট্ৰই সমতা তথা সামূহিক কিন্তু পৃথকীকৃত দায়বদ্ধতা আৰু নিজৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি বিশ্বৰ জলবায়ুৰ সুৰক্ষাৰ বাবে সচেষ্ট হোৱা উচিত। 

এই চুক্তিপত্ৰৰ স্বাক্ষৰকাৰীসকলে এইটো স্বীকৃত কৰিছিল যে বায়ুমণ্ডলত সৃষ্টি হোৱা গ্ৰীণহাউছ গেছৰ অধিকাংশই অতীতটো আৰু বৰ্তমানে উন্নত ৰাষ্ট্ৰসমূহৰ সৃষ্টি। এইটো কথাও স্বীকাৰ কৰা হৈছিল যে বৰ্তমানেও উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাত যথেষ্ট কম । সেয়েহে চীন, ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহক কীয়টো আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছিল। কীয়টো আচৰণবিধি হ’ল এক আন্তঃৰাষ্ট্ৰীয় চুক্তিপত্ৰ যি উন্নত উদ্যোগীক ৰাষ্ট্ৰসমূহে নিৰ্গমন কৰা সেউজগৃহ গেছৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। কাৰ্বনডাই-অক্সাইড, মিথেন, হাইড্ৰফুৰ কাৰ্বনৰ দৰে গেছসমূহক বিশ্বৰ উষ্ণতা বৃদ্ধিয়ে এই গ্ৰহটোৰ প্ৰতিয়েই চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সংক্রান্তীয় কাঠাম চুক্তিপত্ৰ অনুসৰি জাপানৰ কীয়টো ১৯৯৭ চনত এই আচৰণ বিধিখন গ্ৰহণ কৰা হৈছিল।

৫৪। সমসাময়িক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় প্ৰশাসনৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ গোলকীয় প্রশাসন হৈছে সমসাময়িক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা এক উল্লেখযোগ্য প্রশাসন প্রণালী। গোলকীয় শাসন হৈছে আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু সংস্থা সমূহৰ মাজত ৰাজনৈতিক সহযোগিতাৰ বাবে হোৱা এক আন্দোলন, যাৰ উদ্দেশ্য হৈছে– একাধিক ৰাষ্ট্ৰক প্ৰভাৱিত কৰা সমস্যাবোৰৰ সহাঁৰিৰ বাবে আলোচনা কৰা। গোলকীয় শাসন প্রতিষ্ঠানসমূহৰ যেনে— ৰাষ্ট্ৰসংঘ, আন্তর্জাতিক অপৰাধ আদালত, বিশ্ব বেংক ইত্যাদিৰ বিভিন্ন নীতি নিয়ম বলবৎ কৰাৰ বাবে সীমিত বা সীমাহীন ক্ষমতা আছে। গোলকীয় প্রশাসনৰ মুখ্য লক্ষ্য হ’ল গোলকীয় ৰাজহুৱা দিশ বিশেষকৈ শান্তি আৰু নিৰাপত্তা, সংঘাতৰ কাৰণে ন্যায় প্ৰদান কৰা, কাৰ্যকৰী বজাৰ আৰু ব্যৱসায় আৰু ঔদ্যোগিক খণ্ডৰ বাবে এক ঐক্য মানদণ্ড নিৰ্ধাৰণ কৰা। গোলকীয় শাসনে আন্তর্জাতিক, আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত কার্যকলাপ অন্তৰ্ভুক্ত কৰে, লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যকলাপ বুজায় যি ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰে।

সমসাময়িক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গোলকীয় প্রশাসনৰ ভূমিকা–

গোলকীয় শাসন বা প্রশাসন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এক অবিচ্ছেদ্য অংগ। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত গোলকীয় শাসনৰ ভূমিকা নিম্নলিখিত ধৰণে উল্লেখ কৰিব পাৰি—

(ক) আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধান – কিছুমান সমস্যা যেনে—সন্ত্রাসবাদ, মহামাৰী, দুর্যোগ ইত্যাদি কোনো এখন দেশৰ একক সমস্যা নহয়৷ এইবোৰ হৈছে উমৈহতীয়া সমস্যা যিবোৰ গোটেই বিশ্বজুৰি বিয়পি থাকে। এনেক্ষেত্ৰত কেৱল এখন দেশেই ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এইবোৰ সমাধানৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানৰো সহায়ৰ প্রয়োজন হয়। গোলকীয় প্রশাসনে এনেবোৰ সমস্যা সমাধানত আগভাগ লয় যিহেতু ইয়াত চৰকাৰী, বেচৰকাৰী, অন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ আৰু ৰাষ্ট্ৰই একেলগে প্রশাসন প্ৰণালী চলাই নিয়ে। উদাহৰণস্বৰূপে, ৰাষ্ট্ৰসংঘই লোৱা বিভিন্ন পদক্ষেপসমূহ।

(খ) ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰা – যিহেতু গোলকীয় প্রশাসনে বিভিন্ন তৃৰ্ধৰণৰ কতৃত্বক সামৰি লয়। সেয়েহে ই ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে। কাৰণ, কেৱল মাত্ৰ এখন দেশৰেই ক্ষমতাৰ দ্বাৰা পৰিচালিত নহয়। ইয়াত এখন দেশৰ সমকক্ষ বহুতো প্ৰভাৱশালী অনুষ্ঠান প্রতিষ্ঠান থাকে।

(গ) আৰ্থিক কঠোৰতা নিয়ন্ত্ৰণ – গোলকীয় প্রশাসনৰ অন্য এক ভূমিকা হ’ল আর্থিক কঠোৰতা নিয়ন্ত্ৰণ । আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠান সমূহে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহক দিয়া ঋণৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিক কঠোৰতা অৱলম্বন কৰি অন্যায় কৰা দেখা যায়। গোলকীয় প্ৰশাসনৰ আৱিৰ্ভাৱৰ ফলত বিভিন্ন ধৰণৰ আঞ্চলিক তথা ৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠান গঢ় লৈ উঠিল যিবোৰে এনে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্রতিষ্ঠানসমূহৰ মূল্য কিছু পৰিমাণে হ্ৰাস কৰিলে।

(ঘ) অংশগ্রহণ বৃদ্ধি – গোলকীয় প্রশাসনে শাসন প্ৰণালী আৰু সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত অংশগহণ বৃদ্ধি কৰে। পৰম্পৰাগত প্রশাসন ব্যৱস্থাত ৰাষ্ট্ৰৰ ভূমিকাই আছিল সর্বশ্রেষ্ঠ। কিন্তু গোলকীয় প্রশাসনে বেচৰকাৰী সংস্থা, বহুজাতিক নিগমসমূহকো প্রশাসন প্ৰক্ৰিয়াৰ অংশ হোৱাৰ সুযোগ প্রদান কৰে। বেচৰকাৰী সংস্থাসমূহে জনসাধাৰণৰ সমস্যাসমূহ এক উমৈহতীয়া মঞ্চত দাঙি ধৰে যাতে প্ৰশাসনৰ অন্তৰ্গত সকলো অনুষ্ঠানে ইয়াত সহযোগিতা আগবঢ়াব পাৰে। জলবায়ু পৰিৱৰ্তন মহিলাৰ অধিকাৰ, পৰিৱেশ প্ৰদূষণ ইত্যাদি সমস্যাবোৰৰ বেচৰকাৰী সংস্থাবোৰেই দাঙি ধৰা দেখা যায়।

যদিও গোলকীয় প্রশাসনত বিভিন্ন অনুষ্ঠানৰ গুৰুত্বপূর্ণ ভূমিকা আছে, তথাপি ইয়াত ৰাষ্ট্ৰসংঘই বিশেষ ভূমিকা পালন কৰি আছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰসংঘই শৰণাৰ্থী আৰু বিতাড়িত লোকসকলক ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চ আয়ুক্ত (UNHCR) ৰ দ্বাৰাই বিভিন্ন মানৱতাবাদী সহায় যেনে— খাদ্য, আশ্ৰম আৰু চিকিৎসা সেৱা আগবঢ়াই আহিছে। তাৰোপৰি, সংখ্যালঘুসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সভ্যতা, সংস্কৃতি, ধৰ্ম আৰু ভাষা সংৰক্ষণৰ সুৰক্ষা প্ৰদান কৰি তেওঁলোকক সমমৰ্যদা আৰু সমঅধিকাৰ প্ৰদান কৰি আহিছে। এনেদৰে বিভিন্ন প্ৰক্ৰিয়াৰে গোলকীয় প্রশাসনত বিশেষ ভূমিকা পালন কৰি আহিছে। অৱশ্যে অন্যান্য আন্তঃৰাষ্ট্ৰীয় আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰেও গোলকীয় প্রশাসনত সমানে অৰিহণা যোগাই আহিছে। গোলকীয় প্ৰশাসনৰ যোগেদিয়েই এনে অনুষ্ঠানসমূহেও গুৰুত্ব লাভ কৰিছে। নব্য উদাৰতাবাদ গোলকীকৰণৰ ক্ষেত্ৰত গোলকীয় প্রশাসন এক অতি প্রয়োজনীয় অংগ হিচাপে পৰিলক্ষিত হৈছে।

৫৫। ‘গোলকীয় উত্তৰ’ আৰু ‘গোলকীয় দক্ষিণ’ শব্দ দুটাৰ অৰ্থ কি? গোলকীয় উত্তৰ-দক্ষিণৰ বিতৰ্কৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ বিশ্বব্যাপী বা গোলকীয় প্ৰেক্ষাপটত ‘উন্নত’ আৰু ‘উন্নয়নশীল’ দেশসমূহৰ ক্ষেত্ৰত ‘গোলকীয় উত্তৰ’ আৰু গোলকীয় দক্ষিণ’ শব্দ দুটা ব্যৱহাৰ হয়। আচলতে গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ দুয়োটা মিলি গোলকীয়া জনসংখ্যা গঠন হয়। শব্দ হিচাপে 1970 ৰ দশকত ‘গোলকীয় উত্তৰ’ আৰু গোলকীয় দক্ষিণ’ শব্দ দুটা এটা আনটোৰ বিপৰীতে উদ্ভৱ হৈছিল।

গোলকীয় উত্তৰ-দক্ষিণ বিতৰ্ক – গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণ বিতৰ্কটো বহলকৈ সামাজিক-অর্থনৈতিক আৰু ৰাজনৈতিক বিভাজন হিচাপে জানা যায়। সংজ্ঞা অনুসৰি গোলকীয় উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, পশ্চিম ইউৰোপ আৰু এছিয়া মহাদেশৰ উন্নত দেশসমূহ যেনে—জাপান আৰু ইউৰাইল লগতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডকো সামৰি লয়। আনহাতে, গোলকীয় দক্ষিণ আফ্রিকা, লেটিন আমেৰিকা আৰু মধ্যপ্রাচ্যক সামৰি উন্নয়নশীল এছিয়াক সামৰি লয়।

‘গোলকীয় উত্তৰ’ হৈছে G8 ৰ সকলো সদস্যৰ গৃহস্বৰূপ আৰু ইয়াৰে চাৰিখন সদস্য (দেশ) হৈছে— ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। গোলকীয় উত্তৰ পশ্চিমীয়া বিশ্বৰ সৈতে সম্পর্কিত আনহাতে, গোলকীয় দক্ষিণ মুখ্যত : উন্নয়শীল দেশবোৰৰ (যাক আগতে তৃতীয় বিশ্ব বুলি কোৱা হৈছিল) আৰু প্ৰাচ্য বিশ্বৰ সৈতে খাপ খায়। এই দুয়োটা সমূহকেই স্বাধীনতাৰ সূচকৰ দ্বাৰা নিৰ্ধাৰিত সম্পদ, অর্থনৈতিক বিকাশ, উপাৰ্জনৰ বৈষম্য, গণতন্ত্ৰ আৰু ৰাজনৈতিক স্বাধীনতা ইত্যাদিৰে পৃথক কৰা হয়। গোলকীয় উত্তৰৰ ৰাষ্ট্ৰসমূহ বেছি সম্পদশালী,কম অসমতাপূর্ণ, বেছি গণতান্ত্ৰিক আৰু উন্নত দেশ যিবোৰে প্ৰযুক্তিগত ভাৱে উন্নত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰাৰ বিপৰীতে গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহ সাধাৰণতে দুখীয়া, ভগ্ন গণতন্ত্র, আনৰ ওপৰত নিৰ্ভৰশীল আৰু বিশেষকৈ উত্তৰৰ দেশসমূহৰ দ্বাৰা ঔপনিৱেশিকতাবাদৰ ভুক্তভোগী। অর্থনৈতিক দিশৰ পৰা চালে, গোলকীয় উত্তৰৰ দেশসমূহে বিশ্বৰ সম্পদৰ চতুৰ্থ পঞ্চমাংশ নিয়ন্ত্ৰণ কৰে। উৎপাদিত ঔদ্যোগিক খণ্ডসমূহৰ 30% ই গোলকীয় উত্তৰৰ আৰু নিয়ন্ত্রণত থাকে। অন্যহাতে, পৃথিৱীৰ সম্পদৰ এক পঞ্চমাংশ গোলকীয় দক্ষিণৰ দেশসমূহে আহৰণ কৰে। গোলকীয় উত্তৰ আৰু গোলকীয় দক্ষিণৰ এই অসমতাবোৰৰ বহুতো কাৰণ আছে যেনে—

(ক) স্বাস্থ্য আৰু শিক্ষা।

(খ) ৰাষ্ট্ৰসমূহৰ বৈশিষ্ট্য আৰু ইয়াৰ ঔদ্যোগিক খণ্ড।

(গ) অন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক নীতি আৰু বজাৰৰ সুবিধা।

(ঘ) ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা।

(ঙ) ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত।

(চ) প্রাকৃতিক দুৰ্যোগৰ লগত মোকাবিলা কৰাৰ শক্তি।

(ছ) প্রাকৃতিক সম্পদৰ পৰ্যাপ্ততা।

(জ) জলবায়ু পৰিৱৰ্তন।

এই সমূহ কাৰণৰ মাজত জলবায়ু পৰিৱৰ্তনে গোলকীয় উত্তৰ আৰু দক্ষিণৰ মাজত বিতৰ্কৰ সূত্রপাত ঘটা দেখা যায়। কিয়নো গোলকীয় উত্তৰৰ দেশসমূহ উন্নত হোৱাৰ মূলতে হ’ল উন্নত প্রযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু ঔদ্যোগিক খণ্ডৰ দ্ৰুত বিকাশ। উন্নত দেশসমূহৰ অত্যতিক উদ্যোগিক খণ্ডৰ ব্যৱহাৰে বিভিন্ন বিষাক্ত গেছ নিৰ্গত কৰে। এনে গেছসমূহে বায়ুমণ্ডলত মিলিত হৈ বায়ু দূষিত কৰে । উন্নত দেশসমূহৰ এনে প্ৰক্ৰিয়াৰ ফলত জলবায়ু ব্যাপক হাৰত পৰিৱৰ্তন হৈছে। এই দেশসমূহৰ কাৰ্বন নির্গমণৰ মাত্ৰা অত্যাধিক বেছি। আনহাতে, অনুন্নত দেশসমূহৰ ঔদ্যোগিক খণ্ড অতি দুর্বল বাবে কার্বন নির্গমণৰ পৰিমান যথেষ্ট সীমিত। সেয়েহে, গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰবোৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গোলকীয় উত্তৰৰ দেশসমূহক দোষাৰোপ কৰে । ইয়াৰোপৰি গোলকীয় দক্ষিণৰ দেশবোৰে গোলকীয় উত্তৰৰ দেশসমূহত ঔদ্যোগিক খণ্ড ব্যৱহাৰ সীমিত হোৱটো বিচাৰে। কিন্তু উত্তৰৰ দেশসমূহে এই বিষয়টো মানি ল’ব নোখোজে। এনে ক্ষেত্ৰত উন্নত দেশসমূহে কাৰ্বন প্ৰশসনৰ মৌলিক বোজা ল’ব লাগিব, সম্পদ কম ব্যৱহাৰ হ’ব লাগিব আৰু গোলকীয় উষ্ণতা বৃদ্ধিত তেওঁলোকৰ অৱদান সম্পূৰ্ণৰূপে হ্ৰাস কৰিব বুলি উন্নয়শীল আৰু অনুন্নত দেশসমূহে দাবী কৰে। এনে দাবীৰ এক ফলাফল আছিল 1997 চনত কিঅ’টো প্ৰট’কল। 

কিঅ’টো প্ৰট’কলৰ পিছতে গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহে উদ্যোগ প্ৰতিষ্ঠাৰ এক নতুন সুযোগ পায় আৰু তাৰ ফলত এনে ৰাষ্ট্ৰবোৰৰ কাৰ্বন নির্গমণৰ মাত্ৰা অধিক হৈ পৰে। আনহাতে, উন্নত দেশসমূহৰ কাৰ্বন নির্গমণৰ মাত্ৰা যথেষ্টে কম হৈ পৰে। সেয়েহে এই বিষয়টোৱে জলবায়ু পৰিৱৰ্তনৰ বিতৰ্ক আকৌ সৃষ্টি কৰে।

অন্য এক বিতর্ক হৈছে যে, উত্তৰৰ দেশসমূহে দক্ষিণৰ দেশসমূহক কৰা শোষণ যাৰ ফলত গোলকীয় দক্ষিণৰ দেশসমূহ অনুন্নত হৈয়ে আছে। গোলকীয় উত্তৰৰ দেশসমূহ যিহেতু উন্নত সেয়েহে তেওঁলোকে উন্নত প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ, সম্পদ আহৰণ ইত্যাদিৰে গোলকীয় দক্ষিণৰ দেশসমূহক নিয়ন্ত্ৰণ কৰে। দেখা যায় যে, আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ দ্বাৰা উন্নত দেশবোৰৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহক কৰা সহায়ৰ নামত বিভিন্ন চৰ্তাৱলী নিয়োগ কৰে। ইয়াৰ ফলত উন্নয়নশীল আৰু অনুন্নত দেশসমূহে উন্নত দেশসমূহৰ দ্বাৰা শোষিত হোৱা দেখা যায়। অর্থাৎ ঔপনিৱেশিক শাসনকালৰ পৰাই বৰ্তমান সময়লৈকে উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত ৰাষ্ট্ৰসমূহৰ ওপৰত শোষণ চলাই আহিছে। অৱশ্যে এই শোষণৰ প্ৰক্ৰিয়া আৰু মাধ্যম সময়ৰ লগে লগে সলনি হৈ গৈ আছে যদিও ইয়াৰ অন্ত হোৱা নাই।

অৱশেষত এইটো ক’ব পাৰি যে, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গোলকীয় দক্ষিণ আৰু গোলকীয় উত্তৰ বিতৰ্ক এটা অতি স্পর্শকাতৰ বিষয়। এই বিষয়টোৱে ৰাষ্ট্ৰসমূহৰ মাজত থকা অসমতা, শোষণ, সম্পদ আহৰণ ইত্যাদি বিষয়বোৰ ফুটাই তোলে। ৰাষ্ট্ৰ সমূহৰ মাজত বুজাবুজি আৰু সহযোগিতাৰ ফলতহে এই বিষয়সমূহৰ কিছু সমিধান পোৱা যাব বুলি ক’ব পাৰি যদিও বাস্তৱত ইয়াৰ আশা অতি ক্ষীণ । অৱশ্যে গোলকীয় প্রশাসনৰ আগমনে এই অসমতা, বিসমতাৰ কিছু পৰিমাণে অন্ত পেলাব বুলি ধাৰণা কৰিব পাৰি।

৫৬। গোলকীয় প্রশাসনৰ সাকৰাত্মক আৰু নাকৰাত্মক প্রভাৱবোৰ কি কি? চমুকৈ আলোচনা কৰা।

উত্তৰঃ গোলকীয় প্রশাসন হৈছে ব্যক্তি আৰু প্ৰতিষ্ঠান, ৰাজহুৱা আৰু ব্যক্তিগত উমৈহতীয়া বিষয়বোৰ পৰিচালনা কৰাৰ সমাধান। গোলকীয় প্রশাসনে বিশ্বৰ বিভিন্ন স্তৰত সমূহীয়াভাবে আৰু সহযোগিতামূলক ভাবে কার্য সম্পাদন কৰিবলৈ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানক একত্রিত কৰে। গোলকীয় প্রশাসনৰ লক্ষ্য হৈছে বিশ্বব্যাপী ৰাজহুৱা সমাগ্ৰী যোগান ধৰা, বিশেষকৈ শান্তি আৰু নিৰাপত্তা সংঘাতৰ বাবে ন্যায়, কাৰ্যকৰী বজাৰ স্থাপন কৰা আৰু ব্যৱসায় আৰু উদ্যোগৰ বাবে একত্ৰিত মানদণ্ড প্ৰস্তুত কৰা ।

গোলকীয় প্ৰশাসনৰ কিছুমান সাকাৰাত্মক আৰু কিছুমান নাকাৰাত্মক প্ৰভাৱ আছে। ইয়াৰ সাকাৰাত্মক প্রভাৱসমূহ হ’ল–

(ক) সংহতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা – গোলকীয় প্রশাসনে ৰাষ্ট্ৰ, সংগঠন আৰু সংস্থাসমূহৰ মাজত সংহতি আৰু পাৰস্পৰিক নিৰ্ভৰশীলতা বৃদ্ধি কৰে। গোলকীয় প্রশাসনে ৰাষ্ট্ৰ, সংগঠন আৰু সংস্থাসমূহক একেলগে কাম কৰাৰ এখন মঞ্চ প্ৰদান কৰে য’ত তেওঁলোকে নিজৰ নিজৰ উদ্দেশ্য প্ৰকাশ কৰাৰ লগতে ইয়াক আগবঢ়াই নিয়ে।

(খ) ভাৰসাম্যতা ৰক্ষা – যিহেতু গোলকীয় প্রশাসন বিভিন্ন সংগঠনৰ সমষ্টি সেয়েহে ইয়াৰ দ্বাৰা ক্ষমতাৰ ভাৰসাম্যতা ৰক্ষা হয়। কিয়নো সমস্তৰীয় বহুতো সংগঠন বা অনুষ্ঠান সৃষ্টি হোৱাৰ লগে লগে সকলো অনুষ্ঠানে নিজৰ নিজৰ সীমাবদ্ধতাত কাম কৰে।

(গ) সমূহীয়া সমস্যাৰ সমাধান – সন্ত্রাসবাদ, মহামাৰী, পৰিৱেশ প্ৰদূষণ ইত্যাদি কোনো এখন দেশৰ একমাত্ৰ সমস্যা নহয়। সেয়েহে, এনেবোৰ সমস্যা সমাধানৰ বাবে গোলকীয় প্রশাসন হৈছে এক উৎকৃষ্ঠ মঞ্চ য’ত ইয়াৰ সমূহীয়া সমাধান আশা কৰিব পৰা যায়৷ ইয়াৰ নাকাৰাত্মক প্ৰভাৱসমূহ হ’ল—

১। সিদ্ধান্তৰ বিভিন্নতা : যিহেতু গোলকীয় প্রশাসন বিভিন্ন শাসকীয়, ব্যৱসায়িক অনুষ্ঠানৰ সমষ্টি, সেয়েহে কোনো এটা বিষয়ৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত, বিভিন্নতা আহি পৰে। ফলত সঠিক সিদ্ধান্ত গ্রহণত কিছু পলম হয়।

২। উন্নত দেশবোৰৰ প্ৰভাৱশালী স্থান : যদিও গোলকীয় প্রশাসনে সমগ্র বিশ্বৰ দেশসমূহক সামৰি লয়, তথাপি প্ৰকৃততে ইয়াৰ উন্নত দেশবোৰৰেই প্ৰভুত্ব দেখিবলৈ পোৱা যায়। বিভিন্ন সিদ্ধান্তৰ যোগেদি এই দেশসমূহে অনুন্নত আৰু উন্নয়নশীল দেশসমূহক শোষণ কৰে আৰু এনে দেশসমূহে সদায়েই এক নিৰ্ভৰশীলতাৰ বোজা বহন কৰিবলৈ বাধ্য হয়। আন্তঃৰাষ্ট্ৰীয় স্তৰত গোলকীয় প্ৰশাসনৰ ধাৰণা অতি গুৰুত্বপূৰ্ণ যদিও ইয়াত এতিয়াৰ সমতাৰ তাৰতম্য ঘটে।

৫৭। গোলকীয় প্রশাসনৰ লক্ষ্যসমূহ কি কি?

উত্তৰঃ গোলকীয় প্রশাসনৰ লক্ষ্যসমূহ হ’ল–

(ক) গোলকীয় শাসন বা প্ৰশাসনৰ প্ৰথম লক্ষ্য হৈছে — এই পৃথিৱীৰ নাগৰিক হিচাপে আমি আমাৰ অংশীদাৰী মানৱীয় লক্ষ্যবোৰ পূৰণ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰা।

(খ) পৃথিৱীখনক ইয়াৰ প্ৰাকৃতিক প্ৰাচুৰ্য, সৌন্দৰ্য আৰু বৈচিত্ৰৰ সৈতে এক অবিভক্ত একক হিচাপে অক্ষত থাকটো নিশ্চিত কৰা ।

(গ) শোষণৰ পৰা মুক্ত আৰু নিৰপেক্ষ অর্থনৈতিক আৰু ৰাজনৈতিক নীতি প্ৰস্তুত কৰা যাতে সমগ্ৰ বিশ্বৰ প্ৰতিজন নাগৰিকে সুৰক্ষিত, নিৰাপদ আৰু মূল্যবান অনুভৱ কৰা ।

(ঙ) প্রত্যেক নাগৰিককে উপযুক্ত শিক্ষা প্ৰদান কৰি দক্ষ, মাৰ্জিত আৰু জ্ঞানী কৰি তোলা।

(চ) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সম্পর্ক স্থাপন কৰা যাতে

১। বিশ্বব্যাপী মানৱ নিৰাপত্তা প্ৰদান কৰিব পৰা যায় ।

২। প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ।

৩। সকলোৰে বাবে সামাগ্ৰিক আৰু মানৱীয় শিক্ষা সম্ভৱপৰ কৰি তোলা।

৪। মানৱীয় আৰু পৰিৱেশ অনুকূল উপযুক্ত প্রযুক্তিবিদ্যাৰ সৃষ্টি কৰিবলৈ।

৫। সকলোৱে সুখ আৰু সমৃদ্ধিৰে জীয়াই থকাৰ বাবে সুযোগ আৰু উপায় উদ্ভাৱন কৰিবলৈ।

(ছ) বিশ্বশাসনত অংশগ্ৰহণৰ বাবে সামাজিক সংগঠনৰ প্ৰতিটো স্তৰত অধিকাৰ, দায়বদ্ধতা আৰু কৰ্তব্যৰ বাবে শিক্ষা পৰিকাঠামো আৰু নিৰ্দেশনা প্ৰদান কৰিবলৈ ৷

৫৮। গোলকীয় প্রশাসনত / শাসনত গোলকীয় অনুষ্ঠানসমূহৰ নতুন বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ গোলকীয় শাসনত গোলকীয় বা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহৰ নতুন বৈশিষ্ট্যসমূহ এনেধৰণৰ–

(ক) অনানুষ্ঠানিকতাকৰণ : গোলকীয় প্রশাসনৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ প্ৰথমতে আনুষ্ঠানিক চনদৰ দ্বাৰা গঠন কৰা হৈছিল, যেনে— ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্রানীধি, বিশ্ব বেংক ইত্যাদি। কিন্তু বর্তমান সময়ত ইমানেই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক অনুষ্ঠান সমূহ গঢ়ি উঠিছে যে, যিবোৰ বেছিভাগেই কোনো আনুষ্ঠানিক চনদৰ দ্বাৰা গঠিত নহয় যদিও এইবোৰ অত্যন্ত প্ৰভাৱশালী। উদাহৰণস্বৰূপে — BRICS : ইয়াক 2006 চনত গঠন কৰা হৈছিল আৰু ই অন্যান্য প্ৰভাৱশালী দেশসমূহৰ; আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান সমূহৰ বিপৰীতে এক প্রত্যাহ্বানমূলক অনুষ্ঠান হিচাপে অৱস্থান কৰি আছে।

(খ) বহুপাক্ষিক অনুষ্ঠানসমূহ স্থৱিৰ্তা : মুখ্য আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান যেনে— বিশ্ব বেংক, ৰাষ্ট্ৰসংঘ, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীধি ইত্যাদি মুখ্য শক্তিৰ দেশ আৰু নব্য বিকাশিত শক্তিৰ দেশৰ মাজত সংঘাত দেখা পোৱা যায়। উদাহৰণস্বৰূপে, এই গোটেইকেইটা অনুষ্ঠানতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অত্যন্ত প্ৰভাৱশালী ভূমিকা বা গুৰুত্ব দেখা যায়, যিটো নব্য বিকাশিত ৰাষ্ট্ৰৰ অসন্তুষ্টিৰ অন্য এক কাৰণ। নব্য বিকশিত শক্তিসমূহে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ ক্ষেত্ৰত থকা কোটা পদ্ধতিৰ বিৰুদ্ধাচৰণ কৰে আৰু ইয়াৰ পৰিৱৰ্তে দুগুণ সংখ্যাগৰিষ্ঠতা পদ্ধতিৰ দাবী কৰে। আকৌ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত G-4 ৰাষ্ট্ৰসমূহে তেওঁলোকৰ স্থায়ী সদস্যপদৰ দাবী কৰি আহিছে যিটো অন্য ৰাষ্ট্ৰসমূহে নাকচ কৰে। এনেদৰে বিভিন্ন সিদ্ধান্ত গ্রহণত নব্য বিকাশিত ৰাষ্ট্ৰ আৰু মুখ্য বা প্ৰধান ৰাষ্ট্ৰসমূহৰ মাজৰ সংঘাতে বহুপাক্ষিত অনুষ্ঠান সমূহত অস্থিৰতাৰ সৃষ্টি কৰিছে।

(গ) গোলকীয় প্রশাসনৰ ভংগুৰতা : প্রতিষ্ঠিত আৰু নব্য বিকশিত শক্তিসমূহৰ মাজত চলা অস্থিৰতাই গোলকীয় প্রশাসনত ভংগুৰতা আনি দিছে। নব্যউদাৰ গোলকীকৰণৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় প্রতিষ্ঠানসমূহ অধিক শক্তিশালী হৈ পৰিল । কিন্তু ইয়াতো প্রতিষ্ঠিত আৰু নব্য বিকাশিত শক্তিৰ মাজত শোষণকেন্দ্রিক প্রক্রিয়া অব্যাহত থাকিল। বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীধি ইত্যাদিয়ে ঋণৰ নামত নিৰ্ধৰণ কৰা বিভিন্ন চৰ্তাৱলীয়ে নব্য বিকশিত শক্তিসমূহক পুনৰ শোষণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। যাৰ ফলত নব্য বিকশিত শক্তিসমূহে বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি ইত্যাদিক প্রত্যহ্বান জনাইবিভিন্ন আঞ্চলিক তথা ৰাষ্ট্ৰীয় অনুষ্ঠান কিছুমানৰ.সৃষ্টি কৰিলে। উদাহৰণস্বৰূপে AIIB ৰ গঠন, NDBৰ প্ৰতিষ্ঠা ইত্যাদি।

(ঘ) ৰাজনীতিতকৈ অৰ্থনীতিত অধিক গুৰুত্ব : বৰ্তমান আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ৰাজনৈতিক দিশতকৈ অৰ্থনৈতিক দিশৰ ওপৰত গুৰুত্ব দি হে নীতি নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপে বৰ্তমান ৰাষ্ট্ৰসংঘৰ দৰে ৰাজনৈতিক অনুষ্ঠানতকৈ বিশ্ব বাণিজ্য সংস্থা, আছিয়ান ইত্যাদিৰ দৰে অর্থনৈতিক অনুষ্ঠানসমূহৰ গুৰুত্ব বেছি।

(ঙ) প্রতিনিধিত্বতাৰ সংঘাত : আন্তঃৰাষ্ট্ৰীয় প্ৰশাসনৰ অনুষ্ঠানসমূহত প্ৰতিনিধিত্বতাক লৈ প্রতিষ্ঠিত আৰু নব্য বিকশিত শক্তিসমূহৰ মাজত সংঘাত হোৱা পৰিলক্ষিত হয়। এনে প্রতিষ্ঠানসমূহত আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ স্থিতি (প্রতিনিধিত্ব) বাহাল ৰখাৰ চেষ্টা কৰি আহিছে আৰু অন্যহাতে চীনে নিজকে ক্ষমতাৰ নতুন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আহিছে। এনেবোৰ সংঘাতক কেন্দ্ৰ কৰিয়েই গোলকীয় ক্ষমতাৰ পৰিৱৰ্তন সংঘটিত হৈছে যিটো প্রতিষ্ঠিত শক্তিসমূহে স্বীকাৰ কৰাটো নিতান্তই প্রয়োজনীয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top