Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Question Answer can be of great value to excel in the examination.

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র

Join Telegram channel

Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র Notes cover all the exercise questions in UGC Syllabus. The Politics of Globalization Unit 4 বিশ্বায়ন আৰু গণতন্ত্র provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১৯৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী উল্লেখ কৰা ৷

উত্তৰঃ নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ এক আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই পৰিষদে নিৰাপত্তা ৰক্ষা আৰু বিশ্বশান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। প্ৰথম অৱস্থাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৫৩ জন স্থায়ী সদস্য আৰু ৬ জন অস্থায়ী সদস্য আছিল। এই নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ আছিল ৫ খন। সেইকেইখন হৈছে আমেৰিকা, ফ্রান্স, ৰাছিয়া, ইংলেণ্ড আৰু চীন গণৰাজ্য ৷ এই পৰিষদৰ অস্থায়ী সদস্যসকলক ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰসমূহৰ মাজৰ পৰা নিৰ্বাচন কৰা হয়।

প্রত্যেক সদস্য ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদত এটাকৈ ভোটদানৰ অধিকাৰ থাকে। কোনো পদ্ধতিগত বিষয়ত সিদ্ধান্ত ল’বৰ বাবে ইয়াৰ ৯ জন সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হয়। তদুপৰি ৫ জন স্থায়ী সদস্য আৰু বাকী ৪ জন সদস্যৰ সমৰ্থনৰ পৰিপ্ৰেক্ষিততহে নিৰাপত্তা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। অৱশ্যে যদিহে কোনো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কেৱল মাত্ৰ এখন সদস্য ৰাষ্ট্ৰই সন্মতি নজনোৱাকৈ থাকে তেনে ক্ষেত্ৰত তেনে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়।

নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্য – নিৰাপত্তা পৰিষদৰ ক্ষমতা আৰু কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) বিভিন্ন বিষয়ত আলোচনা কৰা, অনুসন্ধান কৰা আৰু অনুমোদন জনোৱা আদি ক্ষমতা নিৰাপত্তা পৰিষদৰ আছে। এই ৰাষ্ট্ৰবোৰে বিবাদপূৰ্ণ কাৰ্যত অৱতীৰ্ণ হ’লে নিৰাপত্তা পৰিষদে সেই বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিবলৈ আহ্বান জনাব পাৰে আৰু এনে বিবাদ মীমাংসা সম্পৰ্কত সদস্য ৰাষ্ট্ৰবোৰেও নিৰাপত্তা পৰিষদলৈ সেই বিষয়টো প্ৰেৰণ কৰিব পাৰে।

(খ) নিৰাপত্তা পৰিষদে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰক্ষাৰ কাৰণে অস্ত্রশস্ত্ৰ নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰে। নিৰাপত্তা পৰিষদৰ তত্বৱধানতে আনৱিক শক্তি আয়োগে কাৰ্যনিৰ্বাহ কৰে।

(গ) নিৰাপত্তা পৰিষদৰ অনুমোদন সাপেক্ষেহে সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ চনদ সংশোধনীৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিব পাৰে।

(ঘ) এই পৰিষদৰ নিৰ্বাচনী ক্ষমতা থকাৰ বাবেই আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত অংশ গ্ৰহণ কৰিব পাৰে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঙ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন সাপেক্ষেহে সাধাৰণ সভাই নতুন সদস্য ৰাষ্ট্ৰক সদস্যপদ দিব পাৰে আৰু কোনো সদস্য ৰাষ্ট্ৰক সদস্য পদৰ পৰা বহিস্কাৰ কৰিব পাৰে ৷

(চ) নিৰাপত্তা পৰিষদে বিবাদ মীমাংসাৰ বাবে বিবাদত লিপ্ত হোৱা ৰাষ্ট্ৰৰ বিৰুদ্ধে অর্থনৈতিক নিষেধাজ্ঞা, যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত বাধা আৰোপ আৰু কুটনৈতিক সম্পর্ক ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

গতিকে নিৰাপত্তা পৰিষদেই হৈছে ৰাষ্ট্ৰসংঘৰ আটাইতকৈ প্ৰভাৱশালী অংগ।

২০। মানৱ অধিকাৰ মানে কি? মানৱ অধিকাৰ উলংঘা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ মানৱ অধিকাৰ বুলিলে যি বিলাক অধিকাৰ মানুহে ভাষা, বৰ্ণ, ধৰ্ম, জাতি, নির্বিশেষে মানুহ হিচাবে ভোগ কৰিব পাৰে সেইবোৰক বুজায় ।

মানৱ অধিকাৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকে। সেইবোৰ হ’ল—

(ক) মানৱ অধিকাৰ মানুহে জন্মগত ভাৱে লাভ কৰে।

(খ) এজন মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশৰ বাবে এই অধিকাৰ অত্যন্ত প্রয়োজনীয়।

(গ) এজন মানুহৰ এই অধিকাৰ কোনো কাৰণতে তেওঁৰ পৰা পৃথক কৰিব নোৱাৰি।

(ঘ) মানৱ অধিকাৰ ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত, বিকাশত আৰু সুনিশ্চিত।

(ঙ) মানৱ অধিকাৰসমূহে ব্যক্তিৰ সবাংগীন কল্যাণ সাধন কৰে ।

(চ) মানৱ অধিকাৰে এজন ব্যক্তিক মানৱীয় মৰ্য্যদা প্ৰদান কৰে।

(ছ) মানৱ অধিকাৰ এক প্ৰাকৃতিক অধিকাৰ । জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগৰ ভিত্তিত এজন মানুহৰ এই অধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযায়।

মানৱ অধিকাৰ বিভিন্ন কাৰণত উলংঘা হয়। মানুহ হিচাবে প্রাকৃতিক ভাৱে এজন ব্যক্তিয়ে বিভিন্ন অধিকাৰ ভোগ কৰে। মানৱ অধিকাৰৰ ক্ষেত্ৰত সকলো মানুহ সমান। এই ক্ষেত্ৰত যদিহে কোনো লোকে এনে অধিকাৰ ভোগ কৰাত আনৰ হস্তক্ষেপ বা বাধা পায় তেতিয়া মানৱ অধিকাৰ উলংঘা হয়। অর্থনৈতিক আৰু সামাজিক ভাৱে দুৰ্বল আৰু দুখীয়া লোকসকলেই মানৱ অধিকাৰ উলংঘনৰ বলি হ’বলগীয়াত পৰে।

মানৱ অধিকাৰ সম্পৰ্কে সজাগতাৰ অভাৱত এই অধিকাৰৰ উলংঘা হয়। দুর্নীতি, সন্ত্রাসবাদ আৰু হিংসাৰ ফলতো মানৱ অধিকাৰৰ উলংঘা হয়। আইন শৃংখলা ৰক্ষা কৰিবলৈ যাওঁতেওঁ কেতিয়াবা চৰকাৰে মানৱ অধিকাৰ উলংঘা কৰে। সাম্প্ৰতিক সময়ত উগ্রপন্থী কার্যকলাপ আৰু ব্যাপক সন্ত্ৰাসবাদী ঘটনাসমূহে মানৱ অধিকাৰ খৰ্ব কৰিছে। আনহাতে উগ্রপন্থী দমন আৰু সন্ত্ৰাসবাদী নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে নিৰাপত্তাবাহিনীসমূহে ব্যাপক হাৰত মানৱ অধিকাৰ খৰ্ব কৰিছে। ৰাজনীতিৰ অপৰাধীকৰণৰ ফলতো মানৱ অধিকাৰৰ উলংঘা হৈছে।

২১। ৰাষ্ট্ৰসংঘৰ চনদৰ মানৱ অধিকাৰ সুৰক্ষাৰ কাৰণে কেনে ব্যৱস্থা কৰিছে, আলোচনা কৰা।

উত্তৰঃ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন প্ৰতিকাৰমূলক ব্যৱস্থা আছে। সেইবোৰ হ’ল—

(ক) ভাৰতীয় সংবিধানত মানৱ অধিকাৰ হিচাবে মৌলিক অধিকাৰসমূহ আৰু নিৰ্দেশাত্মক নীতি অন্তভুক্ত কৰিছে। সংবিধানৰ তৃতীয় অধ্যয়ত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে মৌলিক অধিকাৰবোৰ সন্নিবিষ্ট কৰিছে।

(খ) ৰাষ্ট্ৰসংঘৰ সাধাৰণসভাই অপৰাধীক অমানৱীয় পদ্ধতিৰে শাস্তি দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দি এই ব্যৱস্থাৰ ফলত দোষীয়ে শাক্তি লাভ কৰিব আৰু মানৱ অধিকাৰ উলংঘা হোৱাৰ পৰিৱৰ্তে সংৰক্ষিত হ’ব।

(গ) মহিলাক ৰাজনৈতিক অধিকাৰৰ বিষয়ত সম সুযোগ আৰু অধিকাৰ দিয়াৰ ওপৰত বৰ্তমান সকলো ৰাষ্ট্ৰই গুৰুত্ব আৰোপ কৰিছে। এনে ব্যৱস্থাৰ ফলত মানৱ অধিকাৰ সুৰক্ষিত হৈছে।

(ঘ) ৰাষ্ট্ৰসংঘই বৰ্ণ বৈষম্য নীতিৰ তীব্ৰ বিৰোধিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘই বর্ণ-বৈষম্য নীতি আৰু আচৰণ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে।

(ঙ) ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া লোকৰ মানৱ অধিকাৰ সুৰক্ষাৰ বাবে যথেষ্ঠ গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লৈছে। খিলঞ্জীয়াসকলৰ ভূমিস্বত্ব, সংস্কৃতি আৰু আন আন সামাজিক অর্থনৈতিক অধিকাৰ সংৰক্ষণৰ বাবে ৰাষ্ট্ৰসংঘই বহুতো ব্যৱস্থা হাতত লৈছে।

(চ) ৰাষ্ট্ৰসংঘই ১৯৪৮ চনত সাৰ্বজনীন মানৱ অধিকাৰৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ জৰিয়তে বিশ্বজুৰি মহিলাৰ সম অধিকাৰ সুৰক্ষিত কৰিছিল। মহিলাসকলৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক অধিকাৰৰ ৰক্ষণাবেক্ষণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিল।

(ছ) ৰাষ্ট্ৰসংঘই সকলো ক্ষেত্ৰতে শিশুৰ মানৱ অধিকাৰ যাতে সুৰক্ষিত হয় তাৰ বাবে ১৯৫৯ চনত এক ঘোষণা জাৰি কৰিছিল। এই ঘোষণাৰ জৰিয়তে শিশুৰ স্বাভাৱিক বিকাশৰ বাবে সুৰক্ষা, সা-সুবিধা লাভ কৰাৰ ওপৰত গুৰুত্ব দিছিল।

(জ) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মানৱ অধিখাৰ সুৰক্ষাৰ উদ্দেশ্যে প্ৰৱজনকাৰী শ্রমিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সুৰক্ষা লাভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৯৯০ চনত ওক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

(ঝ) ৰাষ্ট্ৰসংঘই সংখ্যালঘুসকলৰ মানৱ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে ১৯৯২ চনত এক ঘোষণা পত্ৰ উলিয়াইছিল। এই ঘোষণা অনুসৰি সংখ্যালঘুসকলে নিজৰ ভাষা, সংস্কৃতি, ধর্ম প্ৰচাৰ, চৰ্চা, সংৰক্ষণ আৰু বিকাশত সকলোৰে লগত সম সুযোগ লাভ কৰে।

২২। বিশ্ব ৰাজনীতিত পৰিৱেশৰ প্ৰভাৱসমূহ বহলাই আলোচনা কৰা ।

উত্তৰঃ ষ্টকহম ঘোষণাপত্ৰৰ পিছৰে পৰাই পৰিৱেশ সম্পৰ্কীয় বিষয়টো বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। পৰিৱেশৰ বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত পেলোৱা প্ৰভাৱসমূহ এনেদৰে আলোচনা কৰিব পাৰি–

(ক) পাৰিপাৰ্শ্বিক স্থায়িত্বতা – বৰ্তমানৰ বজাৰমুখী অৰ্থনৈতিক ব্যৱস্থাত ৰাষ্ট্ৰৰ উপৰিও বহুৰাষ্ট্ৰীয় বাণিজ্যিক প্রতিষ্ঠাসমুহে বিশ্বৰ চুকে কোনে থকা সম্পদসমূহৰ উদ্ঘাটন আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত সমস্ত জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভাবুকি অহা দেখা গৈছে। ফলত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ৰাষ্ট্ৰসমূহে পাৰিপার্শ্বিক স্থায়িত্বতাত আগবঢ়োৱা বৰঙণিৰ গুৰুত্বপূর্ণ স্থান লাভ কৰিছে। উদাহৰণস্বৰূপে বিশ্বৰ জলবায়ু পৰিবৰ্তনৰ কথাটোৱেই ধৰা হয়৷ চিন্তাবিদসকলৰ মতে উদ্যোগীকৰণৰ কামত প্ৰয়োগ কৰা অশোধিত প্ৰাকৃতিক ইন্ধন প্ৰদানৰ ফলত বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে। ফলত বিশ্বৰ জলবায়ুৰ পৰিৱৰ্তন ঘটি জনসাধাৰণৰ জীৱন যাত্ৰাত ভাবুকি আহিছে। চিন্তাবিদসকলৰ মতে উন্নত ৰাষ্ট্ৰসমূহে বায়ুমণ্ডলৰ এনে ক্ষতি সাধনত বেছি আগভাগ লৈছে। তেওঁলোকৰ মতে উন্নত ৰাষ্ট্ৰসমূহত উন্নয়ন তথা উৎপাদন আৰু উপভোগৰ দ্বাৰা সৰহভাগ কার্বন-ডাই-অক্সাইড বায়ুমণ্ডললৈ নিৰ্গত হয়। যোৱা ১৫০ বছৰে উন্নত দেশসমূহে প্রায় ৮০ শতাংশ কার্বন-ডাই-অক্সাইড বায়ুমণ্ডললৈ নিষ্কাশিত কৰিছে।

জলবায়ু পৱিৰ্তনৰ আন্তঃচৰকাৰী কাৰ্যবাহী পৰিষদে (Intergovernmental Panel on Climate Change- IPCC) ৰ মতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ অৱস্থিতিৰ পৰিমান কমাই ৬০-৮০ শতাংশ কৰিব পাৰিলেহে জলবায়ু সুস্থিৰ কৰিব পৰা যাব। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে এই পৰামৰ্শ মানি ল’ব বিচৰা নাই। তেওঁলোকৰ মতে এনে কাৰ্যই ৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশত বাধা দিব। ফলস্বৰূপে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহত উৎপাদিত সামগ্ৰী ক্ৰয়ৰ জৰিয়তে নিজ ৰাষ্ট্ৰৰ দ্বাৰা কাৰ্বন-ডাই-অক্সাইডৰ নিৰ্গতকৰণৰ পৰিমাণ হ্ৰাস কৰি এই ৰাষ্ট্ৰসমূহক জলবায়ু পৰিৱৰ্তনৰ ভাগিদাৰ কৰাৰ ৰাজনীতিৰ নামিছে। বহুতো ৰাষ্ট্ৰই কাৰ্বন নিষ্কাশণ সীমিতকৰণ প্রযুক্তি যাক Clean Development Mechanism (CDM) নামেৰে জনা যায়। সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহত এনে CDM উৎপাদন প্রকল্পসমূহত বিনিয়োজন কৰিব আৰু ইয়াৰ দ্বাৰা কাৰ্বন- ডাই-অক্সাইড নিৰ্গতকৰণত কম বৰঙণি আগবঢ়োৱাৰ নাম ল’ব। এনেদৰে পৰিৱেশনৰ স্থায়িত্বতা বৰ্তাই ৰখাৰ নামত উন্নত ৰাষ্ট্ৰসমূহে কিয়ট’ প্ৰটকলৰ সীমাবদ্ধতাৰ মাজতে থাকি অনুন্নত ৰাষ্ট্ৰৰ ভৱিষ্যত প্ৰজন্মৰ অধিকাৰৰ বিনিময়ত নিজৰ দোষৰ বোজা কমোৱাৰ প্ৰতিযোগিতাৰ ৰাজনীতিত অৱতীৰ্ণ হোৱা দেখা গৈছে।

(খ) জাতি ৰাষ্ট্ৰ ব্যৱস্থালৈ অহা প্ৰত্যাহ্বান – পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰশ্নটো লৈ পৰিৱেশ বিজ্ঞানীসকলে আগৰ জাতি ৰাষ্ট্ৰৰ ধাৰণাৰ সলনি কৰি স্থানীয় সুস্থিৰ পৰিৱেশ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে ৰাষ্ট্ৰই হৈছে সর্বোচ্চ ক্ষমতাধাৰী অনুষ্ঠান যি সম্পদ সংগ্ৰহৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। তেওঁলোকৰ মতে যিহেতু ৰাষ্ট্ৰীয় সম্পদৰ প্ৰয়োগ, আহৰণ আৰু উদ্ঘাটনৰ দায়িত্ব ৰাষ্ট্ৰৰ হাততে থাকে গতিকে ৰাষ্ট্ৰ পৰিচালনাৰ দায়িত্ব এনে সমাজক দিব লাগে যি স্থানীয় সম্পদ আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ কথা জানে। ফলত পৰিৱেশৰ প্ৰশ্নই পূৰ্বৰ জাতি ৰাষ্ট্ৰৰ ধাৰণা সলনি কৰি পৰিৱেশৰ লগত নিজকে বৰ্তাই ৰাখিব পৰা সমাজৰ দ্বাৰা শাসিত ৰাষ্ট্ৰৰ ওপৰত গুৰুত্ব দিছে।

(গ) উত্তৰ-দক্ষিণৰ বিভাজন – বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত পৰিৱেশৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰাৰ লগে লগে উত্তৰ গোলার্ধক উন্নত ৰাষ্ট্ৰসমূহে দক্ষিণৰ অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক নিৰ্বনানীকৰণ (Deforestation), জনসংখ্যা বিস্ফোৰণ, উদ্যোগীকৰণ আদিৰ বাবে পৰিৱেশ প্ৰদূষণত বেছি অৰিহণা যোগাইছে বুলি অভিযোগ দিবলৈ লোৱাত পৰিৱেশ সম্পৰ্কীয় সন্মিলন মঞ্চ আদিত দুয়ো গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত মতামত সম্পৰ্কত বিভাজন হোৱা দেখিবলৈ পোৱা যায়। এই দুয়ো গোলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত পাৰিপাৰ্শ্বিক অৱক্ষয়ৰ কাৰণ, ইয়াক দূৰীকৰণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী, উত্তৰৰ উন্নত ৰাষ্ট্ৰসমূহৰ সহযোগত দক্ষিণৰ ৰাষ্ট্ৰসমূহত প্ৰতিষ্ঠা কৰা উদ্যোগ আদিৰ বাবে পৰিৱেশ অৱক্ষয়ৰ দায়িত্ব ল’বলৈ উন্নত ৰাষ্ট্ৰৰ অস্বীকাৰ আদি নানান কাৰণত দুয়ো শ্ৰেণীৰ ৰাষ্ট্ৰৰ মাজত বিভাজন আহি পৰিছে । ফলত গোলকীয় উমৈহতীয়া’ ব্যৱস্থাৰ অৱক্ষয়ৰ বাবে ইপক্ষই সিপক্ষক জগৰীয়া কৰা ধৰণৰ ৰাজনীতিয়ে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দিশসমূহ নিৰ্ণয় কৰা দেখা গৈছে।

(ঘ) পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহৰ ৰাজনীতিকৰণ – ১৯৯০ চনৰ পৰা পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ ৰাষ্ট্ৰসমূহৰ বৈদেশিক নীতিৰ লগতে আন্তর্জাতিক ৰাজনীতিৰ বিষয় হিচাপে পৰিগণিত হৈছে। উন্নত ৰাষ্ট্ৰসমূহে অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহক পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তনৰ দৰে বিষয়সমূহক লৈ বিভিন্ন সময়ত সমালোচনা কৰাৰ লগতে দুয়োপক্ষই দুয়োপক্ষক দোষাৰোপ কৰাৰ ৰাজনীতি তথা বোকা ছটিওৱা ৰাজনীতিৰে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যা জটিল কৰাহে পৰিলক্ষিত হৈছে। আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰ মতে জলবায়ু পৰিৱৰ্তনৰ দৰে ঘটনাক সাধাৰণ প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সমস্যা বুলিব পাৰি যি নেকি সেউজ গৃহ গেছ (Greenhouse Gas) নিৰ্গতকৰণৰ বাবে সৃষ্টি হৈছে৷ গতিকে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ নতুন প্রযুক্তিগত সাহায্য আৰু এনে প্রযুক্তি প্ৰয়োগৰ বাবে উৎসাহ বৃদ্ধিৰ দ্বাৰা সমাধান কৰিব পাৰি।

(ঙ) উন্নত ৰাষ্ট্ৰসমূহৰ মত ভিন্নতা – পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ কাৰণ সম্পৰ্কত উন্নত ৰাষ্ট্ৰসমূহৰ মাজতো মতভিন্নতা দেখা যায়। ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় প্ৰগতিত সহায় কৰা উদ্যোগসমূহৰ দিশ বিবেচনা কৰিহে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কত নিজস্ব মতামত প্ৰকাশ কৰা দেখা যায়। বিশেষকৈ প্রাকৃতিক সম্পদৰ ওপৰত গঢ় লৈ উঠা উদ্যোগিক ৰাষ্ট্ৰসমূহে কেতিয়াও সেউজ গৃহ গেছ নিৰ্গতকৰণৰ কাৰণে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ বাবে কার্বন-ডাই-অক্সাইড নির্গতকৰণৰ হ্ৰাসৰ কথাটো গুৰুত্বপূৰ্ণ বুলি ববেচনা কৰিবলৈ টান পায় ৷ উদাহৰণস্বৰূপে ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ ভিতৰত জাৰ্মানী, অষ্ট্ৰিয়া, ছুইডেন, বেলজিয়াম, ফিনলেণ্ড, ইটালী, ফ্রান্স, নেডাৰলেণ্ড আদি ৰাষ্ট্ৰই সেউজ দল (Green Party) গঠনৰ ওপৰত গুৰুত্ব দিলেও কয়লা, তেল আৰু প্ৰাকৃতিক গেছৰ সৰ্বোচ্চ উৎপাদনকাৰী ৰাষ্ট্ৰ আমেৰিকাই এইকেইটাক খণ্ডৰ পৰা আহৰণ কৰা শকত বৰঙণি তথা এইকেইটা খণ্ডৰ লগত জড়িত স্বার্থান্বেষী দলসমূহৰ হেঁচাত কাৰ্বন-ডাই-অক্সাইড নিষ্কাশণ তথা সেউজ দল সম্পৰ্কত পৃথক স্থিতি গ্রহণ কৰিছে। 

তেনেদৰে OPEC ৰাষ্ট্ৰসমূহেও কার্বন-ডাই-অক্সাইড নির্গতকৰণ কমাবৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনত বাধা প্ৰদান কৰে তেতিয়া ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিও সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইসমূহ ৰাষ্ট্ৰৰ বাবেও জলবায়ু সুস্থিৰতাৰ সম্পৰ্কত স্থিতি সেউজ দেশৰ অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৈতে নিমিলিব।

(চ) পৰিৱেশ ব্যৱস্থাপনাৰ মানদণ্ড – ১৯৬০ দশকৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰূপণকাৰী সংগঠনৰ (International Organization for Standardization-ISO) এখন কাৰ্যকৰী সমিতি (Technical Committee ISO/TC 207) গঠন কৰি পৰিৱেশ ব্যৱস্থাপনাৰ মানদণ্ড নিৰূপণৰ ব্যৱস্থা কৰা হয়। এই সমিতিয়ে বিশ্ব পৰিৱেশ ব্যৱস্থাপনাৰ বাবে ISO 14000 নামৰ এক আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্দ্ধাৰণ কৰি উলিয়ায়। তদুপৰি ISO 14000 পৰিয়ালৰে ভিতৰত ISO 14001 নামৰ এক বিশেষীকৰণ ব্যৱস্থা প্রস্তুত কৰি উলিয়ায়। ISO 14001 ক সকলো পৰিৱেশ ব্যৱস্থাপনাৰ মুখ্য অংশ বুলিব পাৰি। এখন ৰাষ্ট্ৰ বা এটা সংগঠনে পৰিৱেশ সম্পৰ্কত ব্যৱস্থাপনা নিৰূপণ কৰি ৰাষ্ট্ৰখন বা সাংগঠনিক ISO 14001 ৰ আধাৰত প্ৰমাণপত্ৰ দিয়া হয়। অৱশ্যে ISO 14001 ক বাধ্যতামূলক প্রমাণীকৰণ বুলিব নোৱাৰি। সংগঠনসমূহে ইচ্ছা সাপেক্ষে এনে প্রমাণপত্ৰ সংগ্ৰহ কৰিব পাৰে। কিন্তু বর্তমানে বিশ্বৰ সকলো ৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাই নিৰ্দ্ধাৰণ কৰা সুস্থিৰ উন্নয়ন তথা প্রাকৃতিক সম্পদৰ সুস্থ ব্যৱহাৰৰ ওফৰত গুৰুত্ব দিয়া বাবে আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ ক্ষেত্ৰত ISO 14001 ৰ দ্বাৰা নিৰ্দ্ধাৰিত অনুপাতত প্ৰাকৃতিকভাৱে ভাৰসাম্য স্তৰত উৎপাদিত সামগ্ৰীৰ ওপৰত গুৰুত্ব দিয়া হয় বাবে ইয়াৰ গুৰুত্বতা সকলো ক্ষেত্ৰতে স্পষ্ট হৈছে।

(ছ) ধৰিত্ৰী দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস – প্রত্যেক বছৰৰ ২২ এপ্রিল তাৰিখটো সমগ্ৰ বিশ্বইধৰিত্ৰী দিৱস হিচাপে উদ্যাপন কৰে। ধৰিত্ৰী দিৱসৰ মুখ্য উদ্দেশ্য হৈছে বিশ্বৰ জনসাধাৰণক এই পৃথিৱীখনৰ সৌন্দৰ্য আৰু সম্পদ সম্পৰ্কত সচেতন কৰি তোলাৰ লগতে পৃথিৱীখনক অধিক সৌন্দর্যময়ী আৰু জীৱন ধাৰণাৰ বাবে অনুকূল কৰি ৰাখিবৰ বাবে আহ্বান জনোৱা আৰু এই সম্পৰ্কত জনগণৰ মনত দায়িত্ববোধৰ উন্মেষ ঘটোৱা । ইয়াৰ বাবে বিশ্বৰ অত্যাধিক জনসংখ্যা বৃদ্ধি, শক্তি বা ইন্ধনৰ পেলনীয়া আদি সম্পৰ্কত সচেতনতা গঢ়ি তুলি “Give Earth a Chance”নামৰ বাণীৰে ১৯৭০ চনৰ ২২ এপ্রিল তাৰিখৰ পৰা বিশ্ব ধৰিত্ৰী দিৱস পালন কৰি অহা হৈছে।

১৯৭২ চনৰ ষ্টকহ’ম সন্মিলনক দিনটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে উদ্যাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰাৰো মূল লক্ষ্য হৈছে পৰিৱেশ সংৱৰ্দ্ধন আৰু সংৰক্ষণৰ বাবে বিশ্বৰ জনগণক সচেতন কৰি তোলা।

২৩। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ আলোচনা কৰা।

উত্তৰঃ পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাৰ চুক্তিপত্ৰৰ বিষয়সমূহ তলত আলোচনা কৰা হ’ল—

(ক) ষ্টকহ’ম সন্মিলন, ১৯৭২ – পৰিৱেশ সম্পৰ্কীয় সজাগতা সৃষ্টি, পৰিৱেশ সংৰক্ষণ তথা সুস্থিৰ উন্নয়নত গুৰুত্ব দি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা সন্মিলন তথা আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাপনাসমূহৰ ভিতৰত ষ্টকহ’ম সন্মিলনক প্ৰথমটো পদক্ষেপ বুলি কোৱা হয়। ইয়াৰ আগতে ৰাষ্ট্ৰসংঘৰ বিভিন্ন বিশেষীকৃত অভিকৰণে পৰিৱেশৰ ওপৰত আলোচনা কৰিছিল যদিও সেয়া স্পষ্ট আৰু কাৰ্যকৰী ৰূপত হোৱা নাছিল। সেয়ে ১৯৬৮ চনত চুইডেনৰ প্ৰতিনিধিবৰ্গইৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱ পৰিৱেশৰ (Human Environment) ওপৰত এক সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছিল। ১৯৬৮ চনৰ ৩ ডিচেম্বৰ তাৰিখে সাধাৰণ সভাই এই প্ৰস্তাৱত সন্মতি জনাই ১৯৬৯ চনত সচিব প্রধানক এই সন্মিলনখন অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব দিছিল। সেই অনুসৰি ২৭ জন সদস্যৰে এখন প্রস্তুতি সমিতিও ১৯৬৯ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্রতিষ্ঠা কৰা হয়। এনেদৰে ১৯৬৮ চনৰ পৰা চলোৱা প্ৰচেষ্টাৰ পৰিণতিত ১৯৭২ চনৰ জুন মাহৰ ৫ তাৰিখৰ পৰা ১৬ তাৰিখলৈ চুইডেনৰ ষ্টকহ’ম চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিশ্বৰ প্ৰথমখন পৰিৱেশ সন্মিলন সাৰ্বজনীন ৰূপত অনুষ্ঠিত হয়। ষ্টকহম সন্মিলনৰ প্ৰধান উদ্দেশ্য আছিল মানৱ পৰিৱেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক উদ্‌গণি যোগোৱা আৰু ইয়াৰ বাবে প্ৰধানকৈ মানি চলিবলগীয়া বিধি (Guideline) সমূহ প্ৰস্তুত কৰি উলিওৱা।

(খ) মানৱ পৰিৱেশ সম্পৰ্কীয় কর্ম আঁচনি – ষ্টকহ’ম সন্মিলনৰ মূল নীতিসমূহ বাস্তৱত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে এক কর্ম আঁচনিও প্রস্তুত কৰি উলিওৱা হয়। পৰিৱেশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় কৰ্ম আঁচনি বাস্তৱত কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিয়া হয় । এই কৰ্ম আঁচনিখন তিনিটা খণ্ডত বিভক্ত কৰা হৈছে—

(i) প্রথম খণ্ড – আন্তঃৰাষ্ট্ৰীয়ভাৱে তাৎপর্যপূর্ণ বুলি বিবেচিত সমস্যাসমূহক চিনাক্ত কৰিবৰ বাবে ধৰণী কাৰ্যসূচী (Earth Watch Programmed) প্ৰস্তুত কৰা হৈছে যাতে ইচ্ছাকৃতভাৱে পৰিৱেশৰ সংকট সৃষ্টিৰ কাৰ্যসমূহৰ সম্পৰ্কত সতৰ্ক কৰি দিব পৰা যায়।

(ii) দ্বিতীয় খণ্ডই পৰিৱেশন ব্যৱস্থাপনাৰ দিশসমূহ আলোচনা কৰাৰ বিপৰীতে।

(iii) তৃতীয় খণ্ডই পৰিৱেশৰ উন্নয়নত সহায়ক দিশসমূহ, যেনে— শিক্ষা, প্রশিক্ষণ, ৰাজহুৱা তথ্য আৰু বিত্ত সম্পৰ্কীয় দিশসমূহ আলোচনা কৰিছে।

(গ) বিশ্ব পৰিৱেশ দিৱস নিৰ্দ্ধাৰণ সম্পৰ্কীয় পৰামৰ্শাৱলী – বিশ্বৰ জনসাধাৰণৰ মনত পৰিৱেশ সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ বাবে ষ্টকহ’ম সন্মিলনে এটা দিন বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাত একমত হয় আৰু সেই অনুসৰি ৫ জুন তাৰিখটো ‘বিশ্ব পৰিৱেশ দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।

(ঘ) পাৰমাণৱিক অস্ত্ৰশস্ত্ৰ পৰীক্ষণ সম্পৰ্কীয় প্ৰস্তাৱ – ষ্টকহম সন্মিলনে বায়ুমণ্ডলত পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰ পৰীক্ষা কার্যক একেমুখে গৰিহণা দিয়াৰ লগতে যিসমূহ ৰাষ্ট্ৰই বায়ুমণ্ডলত এনে পৰীক্ষা কৰাৰ কথা ভাবিছে সেই ৰাষ্ট্ৰসমূহে বায়ুমণ্ডল তথা পৰিৱেশক সংক্রমিত কৰিব পৰা তেনে পৰীক্ষা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। এই প্রস্তাৱে ঘোষণাপত্ৰৰ ২৬ নং নীতি সমৰ্থন কৰিছে । এই নীতি অনুসৰি পাৰামাণৱিক পৰীক্ষাৰ প্ৰভাৱৰ পৰা মানুহ আৰু বিশ্ব পৰিৱেশক ৰক্ষণাবেক্ষণ দিব লাগে।

(ঙ) মানৱ পৰিৱেশ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সম্মিলন অনুষ্ঠিতকৰণ সম্পৰ্কীয় পৰামৰ্শাৱলী – ষ্টকহ’ম সন্মিলনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাক বিশ্ব মানৱ পৰিৱেশ সম্পৰ্কীয় দ্বিতীয়খন সন্মিলন অনুষ্ঠিত কৰিবৰ বাবে পৰামৰ্শ আগবঢ়ায়।

(চ) ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মিলনৰ সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কীয় সিদ্ধান্ত – ষ্টকহম সন্মিলনৰ সিদ্ধান্তসমূহ যাতে বিশ্বৰ ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী কৰে তাৰ বাবে ৰাষ্ট্ৰসমূহৰ চৰকাৰসমূহলৈ এই সিদ্ধান্তসমূহ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ লোৱা হয়।

২৪। UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ লিখা।

উত্তৰঃ UNEP ৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল–

(ক) পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰা ।

(খ) ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় কাৰ্যসমূহ নিৰ্দেশনা আৰু সমন্বয়ৰ বাবে সাধাৰণ নীতি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱা।

(গ) ৰাষ্ট্ৰসংঘৰ অধীনত চলি থকা বিভিন্ন পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীৰ সম্পৰ্কত কাৰ্যবাহী সঞ্চালকে দাখিল কৰা প্ৰতিবেদন গ্রহণ আৰু পুনৰীক্ষণ কৰা।

(ঘ) বিশ্বৰ পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা যাতে সমগ্ৰ বিশ্বজুৰি গুৰুত্ব লাভ কৰা আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰীয় চৰকাৰসমূহে উপযুক্ত বিবেচনা কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰে।

(ঙ) ৰাষ্ট্ৰসংঘৰ গণ্ডীৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক আৰু অন্যান্য পেশাদাৰী সমাজক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় জ্ঞান আৰু তথ্য আহৰণ, মূল্যায়ন আৰু বিনিময়ত সহায় আগবঢ়োৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহৰ কাৰিকৰী আৰু প্ৰয়োগ সম্পৰ্কীয় দিশসমুহৰ প্ৰতি উপযুক্ত বৰঙণি আহবঢ়োৱা ।

(চ) আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কার্যসূচীসমূহ যাতে তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহেও বাস্তৱত কাৰ্যকৰী কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, এই আঁচনিসমূহৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱসমূহ অবিৰতভাৱে পুনৰীক্ষণ কৰা আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নমূলক পৰিকল্পনা বা অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহত যাতে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সম্পৰ্কীয় কাৰ্যসূচীসমূহ অন্তর্ভুক্ত হয় তাৰ ব্যৱস্থা কৰা ।

(ছ) পৰিৱেশ পুঁজিৰ সম্পদ ব্যৱহাৰৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰীক্ষণ কৰা আৰু বার্ষিক অনুমোদন জনোৱা।

পৰিচালনা পৰিষদে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ ইয়াক বাৰ্ষিক প্রতিবেদন প্ৰেৰণ কৰিব লাগে।

২৫। ৰিঅ’ ঘোষণাপত্ৰ কি? এই ঘোষণাপত্ৰৰ প্ৰধান কেইটামান নীতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১৯৯২ চনৰ ধৰিত্ৰী সন্মিলনে পৰিৱেশ আৰু উন্নয়নৰ ওপৰত এখন ঘোঘণাপত্রও গ্ৰহণ কৰে যাক ৰিঅ’ ঘোষণাপত্ৰ নামেৰে জনা যায়। ৰিঅ’ ঘোষণাপত্ৰই ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা গঢ়ি তুলি এক নৱ গোলকীয় অংশীদাৰীত্ব ব্যৱস্থা সৃষ্টি কৰিব বিচাৰে যাতে সমাজ আৰু জনসাধাৰণক পৰিৱেশ আৰু উন্নয়নৰ সুস্থিৰতাৰ লগত সাঙুৰি ল’ব পৰা যায়৷ ঘোষণা পত্ৰই উন্নয়ন আৰু পৰিৱেশৰ সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত সমাজ আৰু জনসাধাৰণক মুখ্য স্থান বুলি চিহ্নিত কৰিছে। ৰিঅ’ ঘোষণাপত্ৰত সৰ্বমুঠ ২৭ টা নীতি আছে। ইয়াৰে প্ৰধান কেইটামান নীতি হ’ল—

(ক) নীতি (১) – পৰিৱেশৰ সুস্থিৰতা ৰক্ষা কৰি দেশৰ সমাজৰ বিকাশত মানুহেই মুখ্য দায়িত্ব পালন কৰে। গতিকে প্রত্যেক ব্যক্তিকে প্রকৃতিৰ সৈতে খাপ খুৱাই এক সুস্ আৰু উৎপাদনমুখী জীৱন কটাব পৰাকৈ জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে। 

(খ) নীতি (২) – ৰাষ্ট্ৰসংঘৰ চনদ আৰু আন্তঃৰাষ্ট্ৰীয় আইন মতে প্ৰত্যেক ৰাষ্ট্ৰৰে নিজা চাৰিসীমাৰ ভিতৰত থকা প্ৰাকৃতিত সম্পদৰ ওপৰত সার্বভৌম ক্ষমতা আছে। কিন্তু ৰাষ্ট্ৰসমূহে এই অধিকাৰ উপভোগ কৰিবলৈ যাওঁতে চাব লাগিব যাতে নিজ ৰাষ্ট্ৰৰ পৰিৱেশ আৰু উন্নয়নৰ নীতিয়ে আন ৰাষ্ট্ৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে বা ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰৰ পৰিধি ভাঙি নিজৰ পৰিৱেশ আৰু উন্নয়নৰ নীতি কাৰ্যকৰী কৰা নহয়।

(গ) নীতি (৩) – বৰ্তমানৰ আৰু ভৱিষ্যত প্রজন্মৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিহে ৰাষ্ট্ৰই বৰ্তমানৰ বিকাশৰ পৰিকল্পনা প্রস্তুত কৰিব লাগে।

(ঘ) নীতি (৪) – ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে উন্নয়নৰ প্ৰক্ৰিয়াৰ ভিতৰত পৰিৱেশ সুৰক্ষাৰ দিশসমূহো অন্তৰ্ভুক্ত কৰি ল’ব লাগিব। অর্থাৎ পৰিৱেশ সুৰক্ষাৰ দিশসমূহ বিকাশৰ পৰা পৃথক বিষয় বুলি গণ্য কৰিব নালাগে।

(ঙ) নীতি (৫) – সুস্থিৰ বিকাশৰ লক্ষ্যত দৰিদ্ৰতা নিৰ্মূলকৰণো এক লক্ষ্য বুলি অন্তর্ভুক্ত কৰিব লাগে আৰু ইয়াৰ বাবে সকলো ৰাষ্ট্ৰ আৰু জনসাধাৰণে সহযোগিতা আগবঢ়াব লাগে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ লক্ষ্য সকলো ৰাষ্ট্ৰৰে ৰাষ্ট্ৰীয় নীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰিলে বিশ্বৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অভাৱৰ ক্ষেত্ৰত থকা বৈষম্য দূৰ কৰিব পৰা যাব।

(চ) নীতি (৮) – ৰাষ্ট্ৰসমূহে সুস্থিৰ বিকাশ আৰু জীৱন ধাৰণৰ উচ্চ মানদণ্ডৰ বাবে উৎপাদনৰ সুস্থিৰতাবিহীন উৎপাদন আৰু উপভোগ ব্যৱস্থা হ্রাস কৰিব আৰু উপযুক্ত জনসংখ্যা নীতি গ্ৰহণ কৰিব।

(ছ) নীতি (১০) – ৰাষ্ট্ৰই পৰিৱেশৰ সমস্যাসমূহ সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ সহযোগিতাত সমাধানৰ বাবে প্ৰচেষ্টা চলাব। ৰাষ্ট্ৰীয় কৰ্তৃপক্ষই দেশৰ নাগৰিকক পৰিৱেশ সম্পৰ্কীয় সকলো তথ্য স্পষ্টকৈ জনাৰ সুবিধা কৰিব। ৰাষ্ট্ৰই বিপদসংকুল সামগ্ৰী আৰু জনসাধাৰণৰ পৰিৱেশ বিনষ্টকাৰী কাম-কাজ সম্পৰ্কত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰচেষ্টা হাতত ল’ব।

(জ) নীতি (১৩) – প্ৰদূষণ আৰু পৰিৱেশ বিনষ্টকাৰী কাম-কাজৰ বাবে ভুক্তভোগীসকলে যাতে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিব পাৰিব তাৰ বাবে ৰাষ্ট্ৰীয় আইন প্ৰস্তুত কৰাৰ লগতে কার্যকৰী কৰিব।

২৬। গোলকীয় সামাজিক আন্দোলনত বেচৰকাৰী সংস্থাৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বেচৰকাৰী সংস্থাসমূহ গোলকীয় সামাজিক আন্দোলনৰ মূল সাংগঠনিক চাবি-কাঠী। বেচৰকাৰী সংস্থাবোৰেই হৈছে একমাত্র যিয়ে গোলকীয় সামাজিক আন্দোলনৰ লক্ষ্যত উপনীত হ’বৰ বাবে এক উপযুক্ত ক্ষমতাসম্পন্ন পৰিকাঠামো গঠন কৰিব পাৰে। তাৰোপৰি বেচৰকাৰী সংস্থাসমূহৰ দ্বাৰা সামাজিক আন্দোলনসমূহৰ নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

বেচৰকাৰী সংস্থাসমূহে সামাজিক আন্দোলনৰ দ্বাৰা অতি সক্রিয়ভাৱে গোলকীয় নাগৰিক সমাজ গঠনত অগ্রিম ভূমিকা পালন কৰে। নাগৰিকৰ ঐক্যবদ্ধতা অবিহনে কোনো আন্দোলনে সফলভাৱে অগ্রগতি লাভ কৰিব নোৱাৰে। সেয়েহে বেচৰকাৰী সংস্থাই প্রত্যেক দেশৰ নাগৰিক সমাজক এক কৰি গোলকীয় নাগৰিক সমাজ গঠনত প্রাধান্য দিয়ে যি এক গোলকীয় সামাজিক আন্দোলনৰ মুখ্য আহিলা। ইয়াৰোপৰি বিভিন্ন ধৰণৰ নেটৱৰ্ক আৰু লবীৰ সৃষ্টি কৰি গোলকীয় প্ৰশাসনক সফলভাৱে প্ৰভাৱিত কৰে।

আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাসমূহে গোলকীয় সামাজিক আন্দোলনত এক বিশেষ ভূমিকা পালন কৰে। সামাজিক আন্দোলনে গোলকীয় ৰূপ লোৱাত দেশসমূহৰ সীমা অতিক্রম কৰিছে। এই ক্ষেত্ৰত বিভিন্ন দেশৰ নাগৰিকে বিভিন্ন পদ্ধতিৰে একগোট হৈ আন্দোলন চলাই নিয়া দেখা যায়। আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাসমূহে গোলকীয় সামাজিক সহযোগিতা আৰু জনসাধাৰণৰ অংশগ্ৰহণ সম্ভৱপৰ কৰি তোলে।

২৭। চমুটোকা লিখাঃ

(ক) জলবায়ু পৰিৱৰ্তনৰ লিমা সন্মিলন।

উত্তৰঃ ২০১৪ চনৰ ডিচেম্বৰ মাহত পেৰুৰ ৰাজধানী চহৰ লিমাত বিশ্ব জলবায়ু পৰিৱৰ্তনৰ আন এখন বার্ষিক সন্মিলন আন্তঃচৰকাৰ জলবায়ু পৰিৱৰ্তন মণ্ডলী (Intergovernmental Panel on Climate Change) ৰ উদ্যোগত অনুষ্ঠিত হয়। এই সন্মিলনৰো মুখ্য উদ্দেশ্য আছিল ২০১৫ চনত স্বাক্ষৰ কৰিবলগীয়া সাৰ্বজনীন জলবায়ু পৰিৱৰ্তন চুক্তি সম্পৰ্কত আলোচনা কৰা। এই সন্মিলনেও ১৯৯৭ চনৰ কিয়ট’ আচৰণ বিধিৰ দফাসমূহ কার্যকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অৱশ্যে কাৰ্বন নির্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ হ্রাস সম্পর্কত লিমা সম্মিলনতো উন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত মত পাৰ্থক্যৰ সূচনা হয়। ভাৰতবৰ্ষকে প্ৰমুখ্য কৰি উন্নয়নশীল ৰাষ্ট্ৰসমূহে অভিমত দিয়ে যে সেউজ গৃহ গেছসমূহৰ অতিমাত্ৰা নিৰ্গতকৰণৰ বাবে বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহ ঘাইকৈ জগৰীয়া। গতিকে উন্নত ৰাষ্ট্ৰসমূহে কৰা ক্ষতিপূৰণৰ বাবে উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহে অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হোৱাটো নৈতিকভাৱে গ্ৰহণযোগ্য হ’ব নোৱাৰে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষীপ্ৰ বিকাশত বাধা হ’ব পৰাকৈ কাৰ্বন নির্গতকৰণ ৰোধৰ আচিলা লৈ বাধা দিব নালাগে ৷ 

তদুপৰি কাৰ্বন নির্গতকৰণ ৰোধৰ বাবে প্ৰয়োজনীয় প্রযুক্তিবিদ্যা আৰু সম্পদ যোগান ধৰাটো উন্নত ৰাষ্ট্ৰসমূহৰ নৈতিক দায়িত্ব বুলি বিবেচনা কৰিব লাগে। বহু বিতৰ্কৰ অন্তত লিমা সন্মিলনে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এই দাবী গ্ৰহণ কৰি উমৈহতীয়া কিন্তু পার্থক্যমূলক দায়িত্ব গ্রহণ নীতি (Common but differentiated responsibility) গ্ৰহণ কৰে। এই নীতিয়ে বিশ্বৰ পৰিৱেশৰ সমস্যা সমাধানৰ বাবে উন্নত ৰাষ্ট্ৰসমূহৰ বাবে অধিক দায়িত্বক স্বীকৃতি দিয়ে। তদুপৰি উন্নত ৰাষ্ট্ৰসমূহৰ দ্বাৰা পৰিৱেশৰ বিনষ্ট সাধন প্ৰক্ৰিয়াই উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰো জলবায়ুৰ পৰিৱৰ্তন আনি এই ৰাষ্ট্ৰসমূহকো লোকচান আৰু ক্ষতি কৰিছে। গতিকে উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল আৰু উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি আর্থিক সাহায্য আগবঢ়োৱাৰ লগতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে প্ৰয়োজনীয় উন্নয়ন প্রকল্পসমূহলৈ কার্বন নিৰ্গতকৰণৰ প্ৰয়োজনীয় অভিযোজন (Adaptations) প্ৰদানত অনুমতি আগবঢ়ায়। কিন্তু উন্নত ৰাষ্ট্ৰসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহলৈ প্ৰদান কৰিবলগীয়া আর্থিক সাহায্য সম্পর্কত এই সন্মিলনত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।

(খ) জলবায়ু পৰিৱৰ্তন সম্পর্কীয় সম্মিলন।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি আৰু অ’জন স্তৰৰ ক্ষয়ীভৱনৰ দৰে ঘটনাই বিশ্ববাসীক সচকিত কৰি তোলাৰে পৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰসমূহে পৰিৱেশৰ এইকেইটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ লয়। ১৯৮৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ো বিশ্ব জলবায়ু সংগঠন (World Meteorological Organization-WMO) ৰ জৰিয়তে বিশ্ব জলবায়ু কাৰ্যসূচীৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লয়। এনে সিদ্ধান্তৰ পৰিণতিতে ১৯৯২ চনৰ ৰিঅ’ সন্মিলনতে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে জলবায়ু পৰিৱৰ্তন চুক্তিপত্র (Climate Change Convention 1992) স্বাক্ষৰ কৰে।

বিশ্ব জলবায়ু পৰিৱৰ্তন চুক্তিপত্ৰৰ অনুচ্ছেদ ১ ত জলবায়ু পৰিৱৰ্তনৰ সংজ্ঞা নির্ণয় কৰি কোৱা হৈছে যে জলবায়ু পৰিৱৰ্তন হৈছে বিশ্বৰ জলবায়ুৰ স্বাভাৱিক প্ৰকৃতিৰ পৰিৱৰ্তন যি পৰিৱৰ্তন মানুহৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰা কাৰ্যৰ দ্বাৰা বায়ুমণ্ডলৰ গঠনৰ পৰিৱৰ্তনৰ বাবে সাধিত হৈছে।

বিশ্ব জলবায়ু পৰিৱৰ্তন সন্মিলনৰ মুখ্য উদ্দেশ্য হৈছে বায়ুমণ্ডললৈ কার্বন-ডাই-অক্সাইডৰ নির্গতকৰণ হ্ৰাস কৰা। এই চুক্তিপত্ৰখনে উন্নত ৰাষ্ট্ৰসমূহক কার্বন-ডাই-অক্সাইড নির্গতকৰণ বা সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ হ্ৰাস কৰি ২০০০ চনৰ ভিতৰত ১৯৯০ চনৰ পৰ্যায়লৈ নিবৰ বাবে চুক্তিবদ্ধ কৰে। সেই অনুসৰি উন্নত ৰাষ্ট্ৰসমূহে লোৱা পৰিকল্পনা ৰাষ্ট্ৰসংঘক দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সেউজ গৃহ গেছ আৰু কাৰ্বন-ডাই-অক্সাইডৰ দৰে গেছসমূহ শোষণ কৰা উৎসসমূহ সংৰক্ষণৰ বাবেও নির্দেশ দিয়ে। উন্নয়নশীল ৰাষ্ট্ৰসমূহে কার্বন-ডাইঅক্সাইড আৰু সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ সীমিত কৰিব নালাগে যদিও তেওঁলোকে সেউজ গৃহ গেছসমূহৰ নিৰ্গতকৰণ উৎসসমূহ চিনাক্ত কৰি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে।

২৮। গোলকীয় সামাজিক আন্দোলন বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ গোলকীয় সামাজিক আন্দোলন ব্যক্তি, সমূহ আৰু সংগঠনৰ এক মুক্ত নেটৱৰ্ক যিটো দেশীয় সীমা অতিক্রমি গোটেই বিশ্বতে এক সমূহীয়া কাৰ্যসূচীৰ বাবে কাম কৰে। ইয়াৰ দ্বাৰা সামাজিক আন্দোলনে এক অনন্য পৰিচয়ৰ সৃষ্টি কৰে বা গঢ়ি তোলে আৰু ইয়াৰ দ্বাৰা গোলকীয় প্ৰশাসনৰ এক প্ৰভাৱশালী অংশ হৈ পৰে। গোলকীয় সামাজিক আন্দোলন হৈছে এক প্ৰকাৰৰ সামাজিক আন্দোলন যিয়ে সময় আৰু বিশেষ ঠাইৰ পৰা মুক্ত। এই আন্দোলনে আন্তঃৰাজ্যিক সম্পৰ্কৰ বা বান্ধোনৰ বহু ওপৰত অৰ্থাৎ দেশৰ সীমা অতিক্ৰমি প্ৰসাৰতা লাভ কৰে। সেয়েহে, ই গোলকীয় সামাজিক আন্দোলন হৈ পৰে। অৰ্থাৎ গোলকীয় সামাজিক আন্দোলন হৈছে সেইবিলাক আন্দোলন যিবোৰ আন্তঃৰাষ্ট্ৰীয়, স্থানীয়, ৰাষ্ট্ৰীয় ক্ষেত্ৰত কাৰ্যকৰী হয়। 

গোলকীয় সামাজিক আন্দোলন হৈছে, এক আন্দোলন যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীয় সমাজৰ হিতৰ বাবে সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰে। আন্তঃৰাষ্ট্ৰীয় স্তৰত আন্দোলনৰ উদ্দেশ্যয়ে গোলকীয়, তাৰ বাবে প্ৰতিবাদ। প্ৰচাৰ অভিযান আৰু অন্য ধৰণৰ কাৰ্য কৰে যিবোৰে এখনতকৈ অধিক ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠনক লক্ষ্য হিচাপে লয়। কিয়নো আন্তঃৰাষ্ট্ৰীয় নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংগঠন ইত্যাদিবোৱে বিশেষ ভূমিকা পালন কৰে।

গোলকীয় সামাজিক আন্দোলনসমূহ গোলকীয় সামাজিক ন্যায়ৰ সৈতেও জড়িত। অর্থাৎ নব্য উদাৰতাবাদে বিশ্বায়নৰ নামত এক শোষণ আৰু কৰ্তৃত্বশালী শাসনৰ সূচনা কৰিছে। যাৰ ফলত উন্নত দেশবোৰ উন্নত হৈছে আছে আৰু অনুন্নয়ন দেশবোৰত শোষণ কৰি আছে। গোলকীয় সামাজিক আন্দোলনে নব্য উদাৰতাবাদৰ শোষণকাৰী নীতিসমূহ প্ৰত্যাহাৰৰ দাবী জনাই সর্বব্যাপী প্রতিবাদ কৰি আহিছে।

গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্য–

গোলকীয় সামাজিক আন্দোলনৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ–

(ক) যিহেতু, ই এক গোলকীয়ভাৱে হোৱা সামাজিক আন্দোলন, সেয়েহে, এই আন্দোলনৰ পোষকসমূহৰ মাজত এক শিথিল বান্ধোন থাকে। কিয়নো ই দেশীয় সীমা অতিক্ৰম কৰি যায়। এই আন্দোলনসমূহৰ সম্পৰ্ক শিথিল হোৱা বাবে সময়ানুসাৰে ইয়াৰ চানেকি, বাৰ্তা আৰু সমষ্টি ইত্যাদি অতি ক্ষীপ্ৰ ৰূপত সলনি হৈ থাকে।

(খ) এই আন্দোলনসমূহ পর্যায়ক্রমে বিয়পি আৰু বিস্তাৰিত হৈ গৈ থাকে সেয়েহে ইয়াৰ উদ্দেশ্য, অৱধাৰণা ইত্যাদি সলনি হৈ গৈ থাকে, যাৰ ফলত এইবোৰৰ কেতিয়াবা অস্পষ্ট আৰু পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা থাকে।

(গ) গোলকীয় সামাজিক আন্দোলনে কিছুমান এনেকুৱা ধাৰণা সন্মুখলৈ আগবঢ়াই আনে যিবোৰ গোলকীয় বিশ্বত অতি কম গুৰুত্ব লাভ কৰে। যেনে— সামাজিক ন্যায়, গণতন্ত্ৰৰ অৱস্খলন, শান্তিৰ প্ৰতিবন্ধকতা, অসমতা, অংশগ্ৰহণৰ সীমাবদ্ধতা, জৈৱিক অৱক্ষয়, ক্ষমতাৰ অসমতা ইত্যাদি।

(ঘ) গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ ফলত সৃষ্টি হোৱা ৰাষ্ট্ৰৰ ক্ষমতা হ্রাস কৰা, ব্যক্তিগত খণ্ডত অত্যাধিক ক্ষমতা প্ৰদান কৰা, জলবায়ুৰ প্ৰতি ভাবুকি সৃষ্টি কৰা, মুক্ত ব্যৱসায়, ৰাজসাহায্য হ্রাস কৰা ইত্যাদি নীতিৰ বিৰোধীতা কৰে। তাৰ পৰিৱৰ্তেই নব্য উদাৰ্তাবাদ আৰু বিশ্বায়নৰ অন্য নীতিৰ পোষকতা কৰে যিবোৰ তৃণমূল অঞ্চলৰ পৰাই উন্নয়ন লাভ কৰে বা কৰাত সহায় কৰে।

(ঙ) গোলকীয় সামাজিক আন্দোলনক আন কিছুমান নামেৰেও জানা যায়। উদাহৰণস্বৰূপে— গোলকীয় ন্যায় আন্দোলন, গোলকীয় গণতান্ত্রিক আন্দোলন, বিকল্প গোলকীকৰণ আন্দোলন, সমালোচনাত্মক গোলকীকৰণ আন্দোলন, গোলকীয় সামাজিক ন্যায় আৰু গণতান্ত্রিক আন্দোলন ইত্যাদি।

(চ) গোলকীয় সামাজিক আন্দোলনৰ যোগেদি বিভিন্ন আন্দোলনকাৰী দল তথা সমাজসেৱীসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কৌশলেৰে নব্য উদাৰতাবাদৰ আৰু গোলকীকৰণৰ অমানৱীয় নীতি সমূহৰ বিৰুদ্ধে প্রতিবাদ কৰে।

(ছ) গোলকীয় সামাজিক আন্দোলনৰ আন এক বৈশিষ্ট্য হৈছে—ইণ্টাৰনেট সেৱা আৰু চ’চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ কৰা। ইয়াৰ যোগেদি কতৃত্বশালী নব্যউদাৰতাবাদৰ বিৰোধীতা কৰাৰ উপৰিও, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সকলো দেশৰ সমান অংশগ্রহণ (নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত) সকলো দেশকে সামৰি লোৱাৰ পোষকতা কৰে।

(জ) গোলকীয় সামাজিক আন্দোলনক উত্তৰ আধুনিকতাবাদৰ ফল হিচাপে গণ্য কৰা হয়। ইয়াৰোপৰি এই আন্দোলনে গোলকীয় নাগৰিক সমাজৰ এইকাৰণে পোষকতা কৰে যে, এই সমাজে ৰাষ্ট্ৰতকৈ অধিক ভাল পথেৰে জনসাধাৰণক আগুৱাই লৈ যাব বুলি বিশ্বাস কৰে।

কেইটামান গোলকীয় সামাজিক আন্দোলনৰ উদাহৰণ –

(a) কিছুমান জনপ্রিয় সংগঠন যিবোৰে গোলকীয় সামাজিক আন্দোলনৰ প্ৰতিনিধিত্ব কৰে—

(i) মেক্সিকোৰ ‘জাপাটিষ্টা”।

(ii) জেনেভাত প্রতিষ্ঠা কৰা ‘পিপলচ্ গ্লোবেল একচন।

(ii বিশ্ব সামাজিক মঞ্চ।

(iv) ইংলেণ্ডত গঢ়ি উঠা ‘গোলকীয় প্ৰতিৰোধ’ ইত্যাদি।

(b) নব্যউদাৰতাবাদী বিশ্বায়নৰ বিৰুদ্ধে সংঘটিত হোৱা কেইটামান উল্লেখযোগ্য প্রতিবাদ যেনে–

(i) চিঅটলৰ প্ৰতিবাদ, আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ii) প্ৰেগুত্ৰত হোৱা আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ আৰু বিশ্ব বাণিজ্য সংস্থাৰ সন্মিলন (2000) ৰ সময়ত পোৱা পুঁজিবাদ বিৰোধী আন্দোলন।

(iii) 2001 জুলাইত জেনেভাত হোৱা G8 সন্মিলনৰ সময়ত হোৱা ব্যাপক প্রতিবাদ।

(iv) গোথেন বাৰ্গত হোৱা ইউৰোপীয়ান ইউনিয়নৰ সন্মিলন (2001) ৰ সময়ত হোৱা ব্যাপক প্রতিবাদ।

(v) 2002 ত হোৱা প্ৰথম ইউৰোপীয়ান সামাজিক মঞ্চ।

(vi) গ্রেটা থানবাৰ্গৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন প্রতিবাদ ইত্যাদি।

সামৰণিত ক’ব পাৰি যে, গোলকীয় সামাজিক আন্দোলন হৈছে এক শিথিল নেটৱৰ্ক যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক পৰিৱৰ্তনৰ সূচনা কৰে। ইনব্য উদাৰতাবাদী গোলকীকৰণৰ নকাৰাত্মক দিশবোৰৰ বিৰোধীতা কৰাৰ লগতে ৰাষ্ট্ৰৰ ক্ষমতাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰে। গোলকীয় নাগৰিক সমাজে গোলকীয় সামাজিক আন্দোলনৰ দ্বাৰা ইয়াৰ উদ্দেশ্য পূৰণ কৰে য’ত সামাজিক আন্দোলনে সাংগঠনিক ভেঁটি হিচাপে বেচৰকাৰী সংস্থাৰ ব্যৱহাৰ কৰে। বৰ্তমান সময়ত গোলকীকৰণৰ আগ্ৰাসন ৰোধ কৰাৰ ক্ষেত্ৰত গোলকীয় সামাজিক আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তথাপি ইয়াৰ জনপ্রিয়তা তৃণমূল পর্যায়লৈ বিয়পি পৰাৰ ক্ষেত্ৰত বহু দূৰ বাকী আছে।

২৯। বেচৰকাৰী সংস্থা হিচাপে গোলকীয় সামাজিক আন্দোলনত বিশ্ব সামাজিক মঞ্চৰ ভূমিকা লিখা।

উত্তৰঃ বিশ্বায়নৰ পৃথিৱীত গোলকীয় সামাজিক আন্দোলনৰ অংশ হিচাপে এক অনন্য ভূমিকা পালন কৰা এক অন্যতম বেচৰকাৰী সংস্থা হৈছে– বিশ্ব সামাজিক মঞ্চ। বিশ্ব সামাজিক মঞ্চই গোলকীকৰণৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশ্ব সামাজিক মঞ্চ হৈছে এখন গোলকীয় মঞ্চ, যিয়ে মানৱ অধিকাৰ সুৰক্ষা কৰ্মী, পৰিৱেশবিদ আৰু নাৰী/ মহিলা সুৰক্ষা কৰ্মীক একত্ৰিক হোৱাৰ সুযোগ দিয়ে।

বিশ্ব সামাজিক মঞ্চ আৰম্ভণি –  বিশ্ব সামাজিক মঞ্চ হৈছে কেইবাটাও বছৰ জুৰি গোলকীকৰণৰ বিৰুদ্ধে চলা প্ৰতিবাদৰ ফলাফল। 1999 চনত ৱাছিংটনৰ চিঅটলত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰীবৰ্গীয় আলোচনা হৈ থকা সময়তে বিশ্ব বাণিজ্য সংস্থাৰ বিৰুদ্ধে এক প্ৰতিবাদৰ সূচনা হয়। এই প্ৰতিবাদৰ গুৰি ধৰিছিল বিভিন্ন সামাজিক কৰ্মী আৰু সমূহে। এই প্রতিবাদৰ মূল কাৰন আছিল যে, নব্য উদাৰতাৱাদী বিশ্বায়নৰ নামত বিশ্ব বাণিজ্য সংস্থাই এক অন্যায়মূল ব্যৱসায়িক প্ৰক্ৰিয়া চলাই আছে যাৰ দ্বাৰা উন্নয়নৰ লভ্যাংশ কেৱল উন্নত দেশসমূহৰ মাজতে সীমাবদ্ধ হৈ আছে আৰু অনুন্নত আৰু উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ কোনো লাভ হোৱা নাই। ইয়াৰ দ্বাৰা অৰ্থনৈতিকভাৱে উন্নত দেশসমূহে ব্যৱসায়ৰ নামত অনুন্নত আৰু উন্নয়নশীল দেশসমূহৰ ওপৰত শোষণ চলাই আহিছে৷ এইটো আছিল বিশ্ব বাণিজ্য সংস্থাৰ বিৰুদ্ধে কৰা প্ৰথমটো সমূহৰ প্ৰতিবাদ।

এই প্রতিবাদক অনুসৰণ কৰিয়েই পৰৱৰ্তী সময়ত আন তিনিখন / তিনিটা প্রতিবাদ কাৰ্যসূচী সংঘটিত হয় ক্ৰমে ৱাছিংটন ডিচি (2000), প্রাগুত্র (2000) ত আৰু জেনোৱা (2001) ত। কিন্তু এই প্রতিবাদী কাৰ্যসূচীসমূহৰ দ্বাৰা কোনো বিশেষ ফলাফল দেখা নগ’ল৷ ফলস্বৰূপে, প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা সদস্যসমূহ যেনে— শ্রমিক, যুব আৰু নাৰী সুৰক্ষা কৰ্মী আন্দোলনকাৰী, পৰিৱেশবিদ আৰু মানৱ অধিকাৰ কৰ্মী সকলে মতামত প্ৰকাশ কৰি একেলগ হৈ এটা সক্ৰিয় আৰু শক্তিশালী সংগঠনৰ জন্ম দিয়ে। যাক বিশ্ব সামাজিক মঞ্চ হিচাপে জনা যায়। 2001 চনৰ জানুৱাৰী মাহত ব্ৰাজিলৰ পৰ্ট এলেগ্ৰেত বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ইয়াৰ শ্ল’গান আছিল ‘অন্য এক পৃথিৱীৰ সম্ভাৱনা আছে’ (Another World is Possible) অর্থাৎ ইনব্য উদাৰতাবাদৰ বিৰোধীতা কৰি বিকল্প আদৰ্শৰ পোষকতা কৰে। বিশ্ব সামাজিক মঞ্চৰ মতে ৰাষ্ট্ৰসমূহে নব্য উদাৰতাবাদৰ বিকল্পৰ আদৰণি জনাব লাগে।

2004 চনত ভাৰতত বিশ্ব সামাজিক সংস্থাৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয়। কিন্তু 2006 চনৰ পৰা বিশ্ব সামাজিক সংস্থাই একেলগে বিভিন্ন দেশত বৈঠক অনুষ্ঠিত কৰে যাতে ইয়াৰ সদস্যৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে জনসাধাৰণক ভালদৰে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰোপৰি বিভিন্ন দেশত ই সহায়কাৰী মঞ্চও স্থাপন কৰে। যেনে— ভাৰতীয় সামাজিক মঞ্চ।

বিশ্ব সামাজিক মঞ্চক গোলকীয় নাগৰিক সমাজৰ এক স্বচ্ছ / দৃশ্যমান প্রকাশ বুলি ক’ব পাৰি। বিশ্ব সামাজিক মঞ্চই আন্তঃৰাষ্ট্ৰীয় সংহতিৰ বাবে বেচৰকাৰী সংগঠন, প্রতিবাদ সাব্যস্ত আৰু আনুষ্ঠানিক আৰু অনানুষ্ঠানিক সামাজিক আন্দোলনৰ পোষকতা কৰে। বিশ্ব সামাজিক মঞ্চই নিজকে এক মুক্ত মঞ্চ হিচাপে আগবঢ়ায় যিয়ে বিকেন্দ্ৰীকৰণ বিতৰ্ক, প্ৰস্তাৱ সৃষ্টি, অভিজ্ঞতা সালসলনি আৰু আন্দোলনসমূহৰ মাজত ঐক্য স্থাপন কৰিবলৈ উৎসাহিত কৰে। ই হৈছে এটা নব্য উদাৰতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা বিকল্প প্রক্রিয়া বা মঞ্চ।

গোলকীয় সামাজিক আন্দোলনত বিশ্ব সামাজিক মঞ্চৰ ভূমিকা–

(ক) বিশ্ব সামাজিক মঞ্চই নব্য উদাৰতাবাদৰ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণৰ বিৰোধীতা কৰে। ইয়াৰ পৰিৱৰ্তে ই স্থানীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সমূহ, বেচৰকাৰী সংস্থা ইত্যাদিক আলোচিত সমস্যাসমূহ চিনাক্ত কৰাত সহায় কৰে আৰু ইয়াৰ সমাধানৰ বাবে গোলকীকৰণৰ বিকল্প পথৰ অনুসন্ধান কৰাৰ পৰামৰ্শ আগবঢ়ায়।

(খ) আলোচিত সমস্যাসমূহ বিয়পাই বিশ্ব সামাজিক মঞ্চই সহায় কৰে যাতে, গোলকীকৰণে সৃষ্টি কৰা সমস্যাসমূহ গোটেই বিশ্ববাসীৰ পৰিলক্ষিত হয়।

(গ) বিশ্ব সামাজিক মঞ্চই বিশ্ব নাগৰিক সমাজৰ হৈ প্ৰতিনিধিত্ব কৰে।

অৱশ্যে, বিশ্ব সামাজিক মঞ্চই গোলকীকৰণ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে কৰা বিৰোধীতাক বহুতে অর্থহীন বুলি ক’ব খোজে। কিয়নো সকলো ৰাষ্ট্ৰইনব্য উদাৰতাবাদ গ্ৰহণ কৰি যিকোনো উপায়ে আর্থিকভাৱে উন্নতি কৰিব বিচাৰে। সেয়েহে, বিশ্ব সামাজিক মঞ্চৰ মতানুসাৰে গোলকীকৰণক নস্যাৎ কৰাটো অতি কঠিন।

ৰাজনৈতিক চিন্তাবিদ ‘কোহলেৰ’ৰ মতে, “বিশ্ব সামাজিক মঞ্চৰ এক শক্তিশালী শ্ল’গান আছে কিন্তু প্ৰকৃতাৰ্থত বিশ্বত ই বিশেষ প্ৰভাৱ পেলাব পৰা নাই।”

কিন্তু এইটোও সত্য যে, বিশ্ব সামাজিক মঞ্চই গোলকীয় নাগৰিক সমাজ তথা বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিত্ব কৰে। ইয়াৰ দ্বাৰাই গোলকীকৰণ আৰু নব্য উদাৰতাবাদে আওকাণ কৰা সমস্যাসমূহ উত্থাপিত হয়।

৩০। গোলকীয় সামাজিক আন্দোলনৰ অংশ হিচাপে এমনেষ্টি ইণ্টাৰনেচনেলৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ যিটো সময়ত নব্য উদাৰতাবাদৰ প্ৰসাৰতাই গোটেই বিশ্বতে প্ৰসাৰ লাভ কৰিছে ঠিক সেইটো সময়তেই নব্য উদাৰ্তাবাদে কেৱল আর্থিক উন্নয়ন, প্রযুক্তি বিদ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন স্পর্শকাতৰ বিষয় যেনে— মানৱ অধিকাৰ, মহিলা সৱলীকৰণ, খাদ্য, পৰিপুষ্টি যোগান, ন্যায় প্রদান, শোষণৰ অন্ত ইত্যাদি বিষয়ৰ প্ৰতি আওকাণ কৰা দেখা গৈছে। ক্ষমতা আৰু লাভালাভৰ দৌৰাত্ম্যও এনে বিষয়সমূহ প্ৰায়ে অৱহেলিত হৈ ৰয়। এমনেষ্টি ইণ্টাৰনেচনেল হৈছে এনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা যিয়ে মানৱ অধিকাৰৰ হ’কৈ কাম কৰে।

এমনেষ্টি ইণ্টাৰনেচনেলৰ জন্ম আৰু গঠন–

এমনেষ্টি ইণ্টাৰনেচনেল গঠন কৰা হৈছিল 1961 চনৰ জুলাই মাহত, লণ্ডনত। এমনেষ্টি ইণ্টাৰনেচনেলে মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলোৱাৰ লগতে আন্তর্জাতিক আইন আৰু মানদণ্ড সুচাৰুৰূপে পালন কৰাত অৰিহণা যোগায়। ই মানৱ অধিকাৰ উলংঘন হোৱা ঘটনাস্থলীৰ পৰা জনসাধাৰণৰ মতামত কাৰ্যকৰী কৰে যাতে এইবোৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে। এমনেষ্টি ইন্টাৰনেচনেল মূলতঃ স্বেচ্ছাসেৱক সদস্যৰ দ্বাৰা গঠিত। দেশসমূহৰ ক্ষেত্ৰত প্ৰত্যেকখন দেশতেই ইয়াৰ একো একোটা শাখা আছে। এই সংগঠনটো চেক্ৰেটাৰী জেনেৰেলৰ দ্বাৰা পৰিচালিত হয়।

এমনেষ্টি ইণ্টাৰনেচনেলৰ আৱৰণ পৰিসৰ– এমনেষ্টি ইণ্টাৰনেচনেলে নিজৰ পৰিসৰৰ ভিতৰত নিম্নলিখিত ধাৰণাসমূহ / সমস্যাসমূহ অন্তৰ্ভুক্ত কৰে—

(ক) মহিলা, ল’ৰা-ছোৱালী / শিশু, সংখ্যালঘু আৰু থলুৱালোকৰ অধিকাৰ।

(খ) শোষণৰ অন্ত।

(গ) মৃত্যুদণ্ডৰ অৱসান ।

(ঘ) প্ৰব্ৰজনকাৰীৰ অধিকাৰ।

(ঙ) কয়দীসকলৰ বিবেচনাপূৰ্ণ অধিকাৰ।

(চ) মানৱীয় মর্যাদা ৰক্ষা কৰা ইত্যাদি।

এমনেষ্টি ইণ্টাৰনেচনেলে চৰকাৰৰ দ্বাৰা, সশস্ত্ৰ ৰাজনৈতিক সমূহ, ব্যক্তিগত খণ্ড ইত্যাদিয়ে কৰা মানৱ অধিকাৰ উলংঘনৰ বিষয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে।

এমনেষ্টি ইণ্টাৰনচনেলে কৰা কাৰ্যবোৰ হ’ল–

(ক) সশস্ত্র সংঘাত – বর্তমান সময়ত ব্যাপক হাৰত সশস্ত্র সংঘাত সংঘটিত হৈ থকা দেখা যায়। এনে সংঘাতৰ ফলত ভালেসংখ্যক নাগৰিকে অত্যাচাৰ, হত্যা, লুণ্ঠন আদিৰ সন্মুখীন হয়। এমনেষ্টি ইণ্টাৰনেশ্যনেলে এনেবোৰ সংঘাতৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ লগতে এনে সংঘাতৰ অমানৱীয় দিশসমূহ চৰকাৰৰ ওচৰত উদঙাই তোলে।

(খ) জলবায়ু পৰিৱৰ্তন – নব্যউদাৰতাবাদে ব্যাপক হাৰত প্ৰযুক্তিবিদ্যাৰ উন্নয়ন আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত কৰা শোষণৰ ফলত জনসাধাৰণে বিশেষকৈ থলুৱা লোকসকলে সমস্যাত ভুগিবলগীয়া হৈছে। প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়। ফলস্বৰূপে স্থানীয় জলসাধাৰণৰ বাবে ইভাবুকি স্বৰূপ হৈ পৰে। এমনেষ্টি ইণ্টাৰনেচনেলে এনেবোৰ ভাবুকিৰ প্ৰতি প্ৰত্যাহ্বান জনাইজীৱনৰ অধিকাৰ, গৃহৰ অধিকাৰ, স্বাস্থ্যৰ অধিকাৰ ইত্যাদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(গ) বিভিন্ন নিগম – যদিওৱা ব্যক্তিগত নিগমসমূহে বহুতো সুবিধাৰ সৃষ্টি, কৰে অধিক সময়ত এই বিলাকে সমস্যাৰো সৃষ্টি কৰি আহিছে৷ দুৰ্বল দেশসমূহক নিয়ন্ত্ৰণ কৰি নিগমসমূহে জনসাধাৰণৰ আৰু সম্প্ৰদায়ৰ ওপৰত ধ্বংসাত্মক প্ৰভাৱ পেলোৱা এটা অন্যতম উদাহৰণ। এমনেষ্টি ইণ্টাৰনেচনেলে এনে ধৰণৰ নিগমসমূহক ৰোধ কৰাত আৰু মানৱ অধিকাৰ ৰক্ষাৰ পোষকতা কৰে।

(ঘ) মৃত্যুদণ্ড – মৃত্যুদণ্ড হৈছে এক অমানৱীয় আৰু সৰ্বোচ্চ নিষ্ঠুৰতা। বিভিন্ন কাৰণত ব্যক্তিক মৃত্যুদণ্ড প্ৰদান কৰা হয় যদিও এমনেষ্টি ইণ্টাৰনেচনেলে ইয়াক মানৱ অধিকাৰৰ দিশৰ পৰা বিৰোধীতা কৰে।

(ঙ) মানৱীয় মর্যাদাৰ বাবে মানৱ অধিকাৰ – বিশ্বৰ অধিকসংখ্যক মানুহ ভোক, দুর্বল আশ্রয়স্থল, খোৱা পানীৰ অসুবিধা ইত্যাদিৰ বাবে মৃত্যুৰ সন্মুখীন হ’বলগা হয়। ইয়াৰ বাবে এমনেষ্টি ইণ্টাৰনেচনেলে ব্যক্তিক পর্যাপ্ত পৰিমানে সুবিধা প্ৰদান কৰে যাতে তেওঁলোকে চৰকাৰৰ ওচৰত তেওঁলোকৰ অসুবিধাৰ আৰু উন্নত জীৱন নিৰ্বাহৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।

ইয়াৰোপৰিও ই থলুৱা লোক, বৈষমতা, মত প্ৰকাশৰ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় ন্যায়, আৰক্ষী সংঘাত, অত্যাচাৰ ইত্যাদিৰ বাবে মাত মাতে যিটো গোলকীকৰণ যুগত আওকাণ কৰা দেখা গৈছে । এনেদৰে এমনেষ্টি ইণ্টাৰনেচনেলে উপেক্ষিত হোৱা বিষয়সমূহক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আনি বিশ্বব্যাপী সচেতনতা বৃদ্ধি কৰে ৷

বিভিন্ন সময়ত এমনেষ্টি ইণ্টাৰনেচনেলে সমালোচনাৰ সন্মুখীন হৈ আহিছে। যেনে–

(ক) বেছিভাগ সময়তে এমনেষ্টি ইণ্টাৰনেচনেলে সহায় কৰাৰ ক্ষেত্ৰত বাছনি কৰোতে পক্ষপাতী কৰে।

(খ) ই বেছিভাগ ক্ষেত্ৰতে বিফল হৈছে। ৰাষ্ট্ৰসমূহে এমনেষ্টি ইণ্টাৰনেচনেলে দাবী কৰা তথ্য সমূহ নিৰপেক্ষ নহৈ একপক্ষীয় বুলি দাবী কৰে।

(গ) কেথলিক চার্চে এমনেষ্টি ইণ্টাৰনেচনেলক কেথলিক সংখ্যাগৰিষ্ঠ দেশসমূহক অৱহেলা কৰে বুলি মত পোষণ কৰে।

তথাপি আন্তঃৰাষ্ট্ৰীয় স্তৰত মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ স্থান.অধিকাৰ কৰি আছে।

৩১। বেচৰকাৰী সংস্থা হিচাপে গ্রীণপিচ (Greenpeace) ৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ গ্ৰীণপিচ হৈছে এটা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা যিয়ে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰে। ইয়াক 1971 চনত বেনকুওবাৰ, কানাডাত গঠন কৰা হৈছিল আৰু বৰ্তমান 46 খন দেশত ইয়াৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কাৰ্যালয় আছে। গ্ৰীণপিচ বৰ্তমান ইয়াৰ কাম কাজৰ বাবে গোটেই বিশ্বতে বিখ্যাত হৈছে।

গ্ৰীণপিচৰ লক্ষ্য আৰু উদ্দেশ্য – গ্রীণপিচে পৰিৱেশ সমস্যাৰ সমাধানৰ বাবে অহিংস আৰু সৃজনীমূলক প্ৰচাৰ চলায়। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে পৃথিৱীখনক বৰ্তমান প্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও বৰ্তাই ৰখা আৰু প্ৰতিপালন কৰা।

গ্রীণপিচৰ মুখ্য লক্ষ্যসমূহ হৈছে —

(ক) পৃথিৱীত সমস্যাৰ সৃষ্টি কৰা বিষয়সমূহ বাছনি কৰা ।

(খ) পেলনীয়া আৰু ধ্বংসকাৰীভাৱে মাছ মৰাৰ বাধা দিয়া আৰু সামুদ্রিক সংৰক্ষণৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক গঢ়ি তোলা।

(গ) অৱশিষ্ট পুৰণি অৰণ্য সমূহ ৰক্ষা কৰা যাৰ ওপৰত বহুতো মানুহ, পশু-পক্ষী আৰু গছগছনি নিৰ্ভৰ কৰে।

(ঘ) নিৰস্ত্ৰীকৰণৰ সপক্ষে কাম কৰা আৰু অস্ত্রশস্ত্ৰৰ ক্ষেত্ৰত অতি কম প্রাকৃতিক সম্পদৰ ব্যৱহাৰ কৰা ।

(ঙ) সামাজিক আৰু জৈৱিকভাৱে কৃষি কৰ্মৰ অভ্যাসৰ দ্বাৰা বহনক্ষম কৃষিৰ প্ৰচাৰ চলোৱা ইত্যাদি।

সততে উন্নয়নৰ নামত আওকাণ কৰা দিশটো ‘পৰিৱেশ সুৰক্ষা’ক গ্ৰীণপিচে লক্ষ্য হিচাপে লৈ আগবাঢ়ি গৈছে।

গ্রীণপিচৰ ভূমিকা –

(ক) গ্রীণপিচে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে মানৱজাতিক প্রাকৃতিক সম্পদৰ অৱক্ষয়ৰ ৰোধৰ বাবে আহ্বান জনায়। ই মূলতঃ ব্যক্তিৰ দ্বাৰা হোৱা জলবায়ু পৰিৱৰ্তনৰ কাৰকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই মানুহৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন বন্ধ কৰাৰ জৰুৰী প্রয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে। তেওঁলোকে বিশ্ব বেংক, এছিয়ান ডেভেলপমেন্ট বেংকৰ দৰে আন্তর্জাতিক আগশাৰীৰ সংস্থাসমূহক অভিযোগ কৰে যে, তেওঁলোকে বৃহৎ বিদ্যুৎ প্ৰকল্পৰ বাবে পুঁজি যোগান ধৰে যি পৰিৱেশত প্রতিকূল প্ৰভাৱ পেলায়। গ্রীণপিচ বা সেউজ শান্তি আন্দোলনে পৰিস্কাৰ শক্তিখণ্ড বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যিয়ে বিদ্যুৎ উৎপাদনৰ বাবে নৱীকৰণযোগ্য শক্তি সম্পদৰ ব্যৱহাৰ কৰে। তেওঁলোকে দাবী কৰে যে, জীৱাশ্ম ইন্ধন জ্বলাই বৃহৎ-বৃহৎ শক্তিখণ্ডই পৰিৱেশক যথেষ্ট পৰিমানে অৱনমিত কৰিছে।

(খ) নব্য উদাৰতাবাদ আৰু গোলকীকৰণৰ দ্বাৰা ৰাষ্ট্ৰসমূহৰ তীব্ৰ বিকাশ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰকৃতাৰ্থত নব্য উদাৰতাবাদে নিবনুৱা দূৰীকৰণ আৰু বহলক্ষম উন্নয়ন নিশ্চিত কৰিব নোৱাৰিলে। ৰাজহুৱা পৰিৱহন, আৱৰ্জনা পানী শোধন, নৱীকৰণযোগ্য শক্তিখণ্ড ইত্যাদিত কৰ্মশক্তি বৃদ্ধি কৰিলে নিৱনুৱা সমস্যা হ্রাস হোৱাৰ লগতে ইতিবাচক পৰিৱেশগত প্ৰভাৱ সৃষ্টি কৰিব পাৰে বুলি সেউজ শক্তিয়ে ঠাৱৰ কৰে।

(গ) গ্ৰীণপিচে ভাৰতত ই-আৱৰ্জনা পুনর্ব্যৱহাৰৰ প্ৰভাৱৰ বিষয়ে গৱেষণা কৰিছিল। ভাৰতবৰ্ষত ই-আৱৰ্জনা পুনর্ব্যৱহাৰ অত্যন্ত অনিয়ন্ত্রিত। ই অনিয়ন্ত্রিত ই-আৱৰ্জনা পুনৰ্ব্যৱহাৰৰ পৰিণাম অধ্যয়ন কৰিছিল। গ্ৰীণপিচে অধ্যয়নৰ দ্বাৰা লক্ষ্য কৰিছিল যে, বৈদ্যুতিক সঁজুলিত ব্যৱহৃত বিপদজনক ৰাসায়নিক পদাৰ্থবোৰ পুনর্ব্যৱহাৰৰ সময়ত বায়ুমণ্ডলত এৰি দিয়া হৈছিল। ই-আৱৰ্জনাৰ পুনৰ্ব্যৱহাৰ কৰা এলেকাবোৰত ভূ-গর্ভস্থ পানী আৰু বায়ু দূষিত হয়। ই পুনব্যৱহাৰ কৰা কামৰ কৰ্মী আৰু চাৰিওফালৰ সম্প্ৰদায়ৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। সেয়েহে গ্রীণপিচে এক বিকল্প নীতিৰ বাবে চেষ্টা কৰি আছে যিয়ে বৈদ্যুতিক সামগ্ৰী নিৰ্মাতাক সামগ্ৰীৰ পুনর্ব্যৱহাৰৰ দ্বায়িত্ব আৱণ্টন কৰে। ইয়াৰ দ্বাৰা সুৰক্ষিত পুনর্ব্যৱহাৰৰ পদ্ধতিবোৰ এক নিয়ম হৈ পৰিব আৰু ই-সামগ্ৰীবোৰত বিপদজনক পদাৰ্থৰ ব্যৱহাৰ নাইকিয়া কৰা হ’ব।

সমালোচনা–

বিভিন্ন সময়ত গ্রীণপিচে বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে। যেনে—

(ক) সমালোচকসকলে কয় যে, গ্রীণপিচ চলোৱা প্ৰচাৰ অভিযানবোৰ অতিৰঞ্জিত আৰু অবৈজ্ঞানিক। তেওঁলোকে এনে অতিৰঞ্জিত আৰু অবৈজ্ঞানিক প্রচাৰসমূহ আদালতলৈ গৈ তাৰ পৰা সমৰ্থন কৰা দাবী কৰে। তেওঁলোকে উত্থাপন কৰা দাবীবোৰ যুক্তিসন্মত নহয়।

(খ) আভ্যন্তৰীণ দলীয় গঠন – ৱিন প্ৰাণ্টৰ মতে, গ্রীণপিচ হৈছে এক পদানুক্রমিক আৰু অগণতান্ত্রিক সংগঠন যিয়ে কৰা অভিযানবোৰৰ ওপৰত ইয়াৰ সদস্যসকলৰ খুব কম নিয়ন্ত্রণ ৰখাৰ অনুমতি দিয়ে। গ্ৰীণপিচৰ এক কঠোৰ আমোলাতান্ত্ৰিক আৰু সীমাৰেখাৰ আধিপত্যবাদী আভ্যন্তৰীণ গাঁথনি আছে।

(গ) সোণালী চাউলৰ বিৰোধীতা – গ্ৰীণপিচে সোণালী ধানৰ / চাউল ৰোৱাৰ বিৰোধীতা কৰি কয় যে, ই আনুবংশিক সংশোধিত খাদ্যৰ ৰাস্তা মুকলি কৰিব। 2013 চনৰ ছেপ্তেম্বৰ মাহত কেইবাজনো বিশিষ্ট বিজ্ঞানীয়ে গ্রীণপিচক সোণালী চাউলৰ বিৰোধীতাৰ বাবে গৰিহণা দি এখন পত্ৰ প্ৰকাশ কৰিছিল যে, সোণালী চাউল হৈছে এক প্ৰকাৰৰ চাউল যাক সংশোধন কৰাৰ ফলত ইয়াত সাধাৰণ চাউলত কৈ অধিক ভিটামিন ‘এ’ থাকে যিয়ে দৰিদ্ৰ দেশবোৰত যোগান ধৰি উপযুক্ত পুষ্টি প্ৰদান কৰিব ৷

যদিও গ্ৰীণপিচক বিভিন্ন ধৰণেৰে সমালোচনা কৰা হৈছে, তথাপি পৰিৱেশ সুৰক্ষা আন্দোলনৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট অৰিহণা আছে। গ্রীণপিচৰ আগতে বিভিন্ন সংগঠনে পৰিৱেশ অৱক্ষয়ৰ বিৰুদ্ধে মাত মাতিছিল যদিও এইবোৰে নীতি নিৰ্ধাৰণত কোনো বিশেষ ভূমিকা পালন কৰিব নোৱাৰিলে। গ্ৰীণপিচৰ আন্দোলনৰ ফলস্বৰূপে এতিয়া অধিক সংখ্যক চৰকাৰে পৰিৱেশ সুৰক্ষাক অৰ্থনৈতিক আৰু ৰাজনৈতিক নীতিৰ মূলসুঁতিত একত্ৰিত কৰিছে। গ্ৰীণপিচ আন্দোলনৰ ফলতেই এক নব্য ধাৰণা ‘সেউজীয়া চাকৰি’ যি পৰিৱেশ পুনৰুত্থানত সহায় কৰে আৰু গুৰুত্ব বিষয় হিচাপে স্থান লাভ কৰিছে।

৩২। গোলকীয় সামাজিক আন্দোলনৰ সপক্ষে কেইটামান যুক্তি দিয়া।

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ সপক্ষে দিব পৰা কেইটামান যুক্তি হ’ল–

(ক) গোলকীয় সামাজিক আন্দোলনে গোলকীকৰণৰ শোষণকাৰী অগণতান্ত্রিক, বহিষ্কৃত আৰু অসমতাপূর্ণ নীতিৰ বিষয়ে অৱগত কৰে আৰু গোলকীকৰণৰ বিকল্প পথৰ কথা কয় ।

(খ) গোলকীয় সামাজিক আন্দোলনে বিকাশমূলক গুণ উদাহৰণস্বৰূপে সামাজিক ন্যায়, গণতন্ত্র, শান্তি, জৈৱিক / পাৰিৱেশিক বহনক্ষমতা, সমতা আৰু ব্যাপকতাৰ সমৰ্থন কৰে।

(গ) গোলকীয় সামাজিক আন্দোলনে বিশেষকৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহৰ প্ৰতি গোলকীকৰণৰ কৰ্তৃত্বশালী উদাৰতাবাদী অর্থনৈতিক নীতিৰ বিৰোধীতা কৰে।

(ঘ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় নাগৰিক সমাজ গঠনত অৰিহণা যোগায়।

(ঙ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় দক্ষিণৰ দাঁতিকাষৰীয়া জনসাধাৰণৰ বাবে মাত মাতে।

(চ) গোলকীয় সামাজিক আন্দোলনে পৰিৱেশৰ অৱক্ষয়, মানৱ অধিকাৰ, শ্ৰম আৰু লিংগ ন্যায়ৰ বাবে দাবী উত্থাপন কৰে যিবোৰ গোলকীকৰণৰ লগত একেবাৰে সম্পর্কিত।

(ছ) গোলকীয় সামাজিক আন্দোলনে সর্বোচ্চস্তৰৰ পৰা গোলকীকৰণ আৰম্ভণিৰ বিপৰীতে তৃণমূল পৰ্যায়ৰ পৰা ইয়াৰ আৰম্ভণিৰ সমৰ্থন কৰে।

(জ) গোলকীয় সামাজিক আন্দোলনে উন্নত ৰাষ্ট্ৰসমূহক, বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ আৰু বিশ্ব বেংকক নব্যউদাৰ বিশ্বায়নৰ নাৰ্থক বিষয় সমূহৰ বাবে দায়বদ্ধ, স্বচ্ছ, নিয়ন্ত্ৰিত আৰু চিন্তিত হ’বলৈ বাধ্য কৰে।

৩৩। গোলকীয় সামাজিক আন্দোলনৰ বিপক্ষে কেইটামান যুক্তি দিয়া ।

উত্তৰঃ গোলকীয় সামাজিক আন্দোলনৰ বিপক্ষে দিব পৰা কেইটামান যুক্তি হ’ল—

(ক) বাস্তৱত গোলকীয় সামাজিক আন্দোলন গোলকীয় উত্তৰৰ আদৰ্শমতে পৰিচালিত হয়।

(খ) গোলকীয় সামাজিক আন্দোলনে গোলকীয় দক্ষিণৰ দাবী, স্বাৰ্থ আৰু উচ্চাকাংক্ষাত এতিয়াও ভালদৰে প্ৰতিনিধিত্ব কৰিব পৰা নাই।

(গ) গোলকীয় সামাজিক আন্দোলনে তৃণমূল পৰ্যায়ৰ স্বাৰ্থক লৈ বিশেষ গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰতহে অত্যাধিক গুৰুত্ব আৰোপ কৰে।

(ঘ) গোলকীয় সামাজিক আন্দোলনে বাস্তৱত কোনো তৃণমূল, স্বচ্ছ, অংশগ্ৰহণকাৰী আৰু প্রতিনিধিত্বমূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই।

(ঙ) গোলকীয় আন্দোলনৰ সংগঠনসমূহৰ মাজত কোনো ঐক্যতা নাই আৰু সেয়েহে আন্দোলসমূহ অতি সোনকালে ভংগন হয়। এই আন্দোলনসমূহ সুসংবদ্ধ নহয়।

(চ) গোলকীয় সামাজিক আন্দোলনসমূহ যিহেতু সীমা অতিক্রমি হৈ থাকে অর্থাৎ কোনো এখন বিশেষ ৰাষ্ট্ৰতে সীমাবদ্ধ নহয়, সেয়েহে এই আন্দোলন এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ বিয়পি পৰোতে ইয়াৰ উদ্দেশ্য অস্পষ্ট হৈ উঠে আৰু পুনৰাবৃত্তি ঘটি থাকে।

(ছ) গোলকীয় সামাজিক আন্দোলনৰ সাংগঠনিক ভেঁটি অত্যন্ত দুর্বল। কিয়নো ই সদায় বেচৰকাৰী সংস্থা, সমূহ ইত্যাদিৰ দ্বাৰা পৰিচালিত হৈ থাকে। ইয়াৰ কোনো নিজা পুঁজি নাই।

(জ) যদিও ই গোলকীকৰণৰ বিৰোধীতা কৰে, এই আন্দোলনসমূহে নিজে গোলকীকৰণৰ পথেৰেই পৰিচালিত হৈ থাকে।

(ঝ) গোলকীয় সামাজিক আন্দোলনৰ ভিতৰত কিছুমান অতি হিংসাত্মক আৰু অৰাজক পদ্ধতিৰেও পৰিচালিত হয়। যেনে— জাপাটিষ্টা আন্দোলন, মেক্সিকো।

৩৪। গোলকীয় নাগৰিক সমাজ বুলিলে কি বুজা?

উত্তৰঃ গোলকীয় নাগৰিক সমাজে সমূহৰ বিশাল সমাৱেশক বুজায়, যিয়ে সীমা অতিক্রমি আৰু চৰকাৰৰ আয়ত্তৰ বাহিৰত কাম কৰে। অৰ্থাৎ ‘গোলকীয় নাগৰিক সমাজ’ হৈছে পৰিয়াল, ৰাজ্য আৰু বজাৰৰ মাজত অৱস্থিত এক ধাৰণা, মূলবোধ, প্রতিষ্ঠান, নেটৱৰ্ক আৰু ব্যক্তিৰ ক্ষেত্ৰ যি ৰাষ্ট্ৰীয় সীমা, ৰাষ্ট্ৰীয় ৰাজনীতি আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিৰ সীমাৰ বাহিৰত কাম কৰে। 1999 চনৰ চিয়েটল বিশ্ব বাণিজ্য সংস্থা প্রতিবাদৰ পৰা 2010 ৰ ট’ৰ’ণ্ট G20 প্ৰতিবাদলৈকে ক্রমবর্ধমান গোলকীয় নাগৰিক সমাজে ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ দায়বদ্ধতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে৷ ই গোলকীয় চৰকাৰৰ / প্ৰশাসনৰ অনুপস্থিতিত বিভিন্ন বিষয় আৰু গোলকীয় শাসনৰ প্ৰতি পোনপটীয়াকৈ দায়বদ্ধ আন্তর্জাতিক পদক্ষেপৰ অন্বেষণৰ সুযোগ প্রদান কৰে। গোলকীয় নাগৰিক সমাজে বিভিন্ন সমস্যাৰ বিশ্বব্যাপী জনমত কঢ়িয়াই আনে আৰু নীতিগত ধাৰণাবোৰ আন্তৰ্জাতিক কাৰ্যসূচীত ৰাখে। ই পৰোক্ষভাৱে বিশ্বব্যাপী কার্যকলাপ প্ৰভাৱিত কৰাৰ বাবে ব্যক্তি বা সমূহৰ সামৰ্থ্য শক্তিশালী কৰে আৰু আন্তর্জাতিক সিদ্ধান্ত গ্রহণ প্রক্রিয়াও ইয়াৰ দায়বদ্ধতা বৃদ্ধি কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, আফগানিস্তানত অক্সফামৰ অধিকাৰৰ সংকট অভিযানত মহিলাক অংশগ্ৰহণৰ সুযোগ প্রদান কৰি আন্তর্জাতিক আৰু আফগান ৰাষ্ট্ৰীয় আৰু স্থানীয় চৰকাৰৰ কাৰ্যসূচীত আগবঢ়াই দিয়াত হৈছিল। এই অভিযানে সাধাৰণ লোকসকলক (বিশেষকৈ আফগান মহিলাক) স্থানীয়, ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰ্যায়ত শাসনৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰে আৰু তেওঁলোকক প্ৰভাৱিত কৰা বিশ্বব্যাপী সিদ্ধান্তবোৰৰ ওপৰৰ এক মাত মতাৰ সুযোগ প্রদান কৰে ৷

গোলকীয় নাগৰিক সমাজে ৰাজনৈতিক চিহ্ন বহল নকৰে। গতিকে ইমুখ্যতঃ ৰাজনৈতিকভাৱে স্বতন্ত্ৰ আৰু স্বঃসংগঠিত গোলকীয় নাগৰিক সমাজে সমাজৰ বিভিন্ন সমস্যাৰ হ’কৈ মাত মাতি এইবোৰক চৰকাৰৰ কাষলৈ নিয়াত সহায় কৰে যাতে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমস্যাসমূহে স্থান পায়। এনে সমস্যাসমূহৰ কাৰণে গোলকীয় নাগৰিক সমাজে বেচৰকাৰী সংস্থা, ব্যক্তি বা সমূহৰ দ্বাৰা কাৰ্য পৰিচালনা কৰে।

৩৫। বিশ্বায়ন বিৰোধী আন্দোলনসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বিশ্বায়নৰ আৰম্ভণিৰ সময়ৰে পৰাই বিশ্বায়ন বিৰোধী বিভিন্ন স্তৰত বিভিন্ন আন্দোলন হৈ আছে। বিশ্বায়নৰ বিৰুদ্ধে হোৱা আন্দোলনসমূহক চাৰিটা ভাগত আলোচনা কৰিব পাৰি । যেনে–

(ক) ব্যক্তিৰ দ্বাৰা আৰম্ভ হোৱা বিশ্বায়ন বিৰোধী আন্দোলন– বিশ্বায়ন বিৰোধী আন্দোলনৰ প্ৰথম ভাগটো হৈছে ব্যক্তিৰ দ্বাৰা আৰম্ভ হোৱা বিশ্বায়ন বিৰোধী আন্দোলন। এনেধৰণৰ আন্দোলনৰ ক্ষেত্ৰত প্ৰথম আৰু মুখ্য হিচাপে জোছে বোভৰ নাম ল’ব পাৰি। এনে আন্দোলনে থলুৱা উৎপাদিত বস্তুৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি নব্যউদাৰ গোলকীকৰণৰ ফলত প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় বা গোলকীয় বস্তু ব্যৱস্থাৰ নকৰিবলৈ আহ্বান জনায় নাইবা ব্যৱহাৰ হোৱাত বাধা দিয়ে। উদাহৰণস্বৰূপে জোছে বোভে ফ্ৰান্সত মেকডোনাল্ডৰ প্ৰসাৰতাৰ বিৰুদ্ধে কাম কৰিছিল। ভাৰতবৰ্ষত ৰামদেৱে সৃষ্টি কৰা সামগ্ৰীসমূহৰ কথা ক’ব পাৰি যিবোৰে গোলকীয় সামগ্রী ব্যৱহাৰ কৰাত বাধা জন্মায়। অর্থাৎ ব্যক্তিয়ে গোলকীয়ভাৱে প্ৰচলিত বা ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদানৰ উদ্দেশ্যে স্থানীয়ভাৱে সামগ্রী উৎপাদন কৰে।

অৱশ্যে, এই আন্দোলন বেছি প্ৰভাৱশালী নহয় কাৰণ ইয়াৰ কোনো সাংগঠনিক ভিত্তি নাথাকে।

(খ) স্থানীয় সমূহৰ দ্বাৰা বিশ্বায়ন বিৰোধী আন্দোলন – নব্যউদাৰ গোলকীকৰণ অহাৰ পিছৰে পৰা মুক্ত ব্যৱসায়ে প্রাধান্য পায়। এনে ক্ষেত্ৰত বিভিন্ন ব্যক্তিগত খণ্ড, কোম্পানীবোৰ নিজৰ লাভালাভৰ বাবে বিভিন্ন ঠাই দখল কৰে, স্থানীয় জনসাধাৰণক উচ্ছেদ কৰে আৰু ব্যৱসায় প্রতিষ্ঠান আৰম্ভ কৰিবলৈ লয়। এই ব্যৱস্থাই স্থানীয় জনসাধাৰণৰ জীৱন ধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। সেয়েহে এনে স্থানীয় জনসাধাৰণে এনেকুৱা ব্যৱসায়িক প্রতিষ্ঠানবোৰৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

উদাহৰণস্বৰূপে, আংগুমে আৰু কামোৰে নামৰ দুটা জাতি যিয়ে পাপুৱাৰ খিলঞ্জীয়া জাতি আছিল, পিছলৈ তেওঁলোক ইন্দোনেছীয়াত বসবাস কৰিবলৈ লয়। দুয়োটা জাতিয়েই স্বাৱলম্বী জীৱন-যাপন কৰি বসবাস কৰি আছিল। কিন্তু 1967 চনত ফ্ৰীপোৰ্ট মেকমোৰাণ ক’পাৰ এণ্ড গোল্ড কর্পোৰেচন নামৰ এটা কয়লা খনিৰ কোম্পানীয়ে তেওঁলোকৰ ঠাই দখল কৰি ব্যৱসায় প্রতিষ্ঠান মুকলি কৰে। ফলস্বৰূপে তেওঁলোকৰ জীৱন নিৰ্বাহ প্ৰক্ৰিয়াত যথেষ্ট ক্ষতি হয়। 1996 চনত আখুংমে জনসাধাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ত এই প্রতিষ্ঠানটোৰ বিৰুদ্ধে এক গোচৰ দিয়ে যদিও ই কোনোধৰণৰ আশানুৰূপ ফলাফল নেদেখুৱায়। ইয়াৰোপৰি, দুয়োটা জাতিয়ে ব্যক্তিগত প্রতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন প্রতিবাদ সাব্যস্ত কৰে যদিও ইয়াৰ কোনো পৰিৱৰ্তন নহ’ল।

2001 চনত 27th তম G8 সন্মিলনৰ বিৰুদ্ধে জেনোৱা (ইটালী) ত এক প্রতিবাদী কাৰ্যসূচীৰ সূচনা হয়। ইয়াত বিশ্ব বাণিজ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষ ইত্যাদি যিবোৰ গোলকীকৰণৰ মূল চাবি-কাঠী সেইবোৰৰ বিৰোধীতা কৰে।

(গ) বিশ্বায়নৰ বিৰুদ্ধে শ্রমিক আন্দোলন – আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডত মার্ক্সবাদী চিন্তাধাৰা আৰু শীতল যুদ্ধৰ পিছত শ্রমিক সংঘ অতি শক্তিশালী হৈ পৰিছিল। কিন্তু 1980 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰোণাল্ড ৰেগান আৰু ইংলেণ্ডৰ প্ৰধানমন্ত্রী মার্গাৰেট থেটচাৰে নব্যউদাৰতাক গ্ৰহণ কৰে। ইয়াৰ পিছতে শ্রমিক সংগঠন দুর্বল হৈ পৰে। নব্য উদাৰ্তাবাদে গোলকীকৰণৰ উত্থান ঘটায় আৰু ফলস্বৰূপে বহুজাতিক কোম্পানী, গোলকীয় বা আন্তর্জাতিক সংস্থা ইত্যাদি অত্যাধিক শক্তিশালী হৈ উঠে। এই কোম্পানী আৰু সংস্থাসমূহে দেশসমূহক বিভিন্ন উপায়েৰে প্ৰভাৱিত কৰিবলৈ ধৰিলে যে, শ্রমিক সংগঠনে অতি দুৰ্বল হৈ পৰে। ইয়াৰোপৰি এই সংস্থাসমূহে শ্রমিক সংগঠনৰ ওপৰত শোষণ কৰিবলৈ যায়। সেয়েহে শ্রমিক সংগঠালৈ গোলকীকৰণৰ এনে নাৰ্থক প্ৰভাৱৰ বিৰোধীতা কৰি গোলকীয় শ্রমিক সংগঠনৰ সূচনা কৰে যিয়ে বহুজাতিক কোম্পানীসমূহত শ্রমিকসকলৰ ওপৰত চলোৱা শোষণৰ বিৰুদ্ধে মাত মাতে ন্যায় বিচাৰ কৰে আৰু ইয়াৰ দ্বাৰা গোলকীকৰণৰ বিৰোধীতা কৰিব পাৰে।

(ঘ) গোলকীয় বা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাৰ দ্বাৰা গোলকীকৰণৰ বিৰুদ্ধে আন্দোলন – গোলকীকৰণৰ বিৰুদ্ধে চলা আন্দোলনৰ ভিতৰত এইটো অতি গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী আন্দোলন। এই আন্দোলনসমূহৰ এক সাংগঠনিক ভেঁটি থাকে।

ৰেইনফ’ৰেষ্ট এলায়েঞ্চ – ৰেইনফ’ৰেষ্ট এলায়েঞ্চ হৈছে এটা আক্তৰাষ্ট্ৰীয় সংগঠন যাৰ সাংগঠনিক ভেঁটি নিউয়ৰ্ক চহৰ আৰু আমষ্টাৰডামত অৱস্থিত। এই সংগঠনে গোলকীকৰণৰ বেয়া দিশ সমূহ আঙুলিয়াই দিয়াৰ লগতে পৰিৱেশ সম্বন্ধীয় সচেতনতা বৃদ্ধি কৰে। ই বহুজাতিক কর্পোৰেচনসমূহে পৰিৱেশৰ ওপৰত কৰা শোষণৰ বিৰুদ্ধে মাত মাতে।

গ্রীণপিচ – গ্রীণপিচ হৈছে অন্য এটা বেচৰকাৰী সংগঠন যিয়ে 55 খন দেশত কাৰ্যকৰী হৈ আছে। এই সংগঠনটোৱে গোলকীকৰণৰ বিৰোধিতা কৰি পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top