Political Sociology Unit 2 মূল অৱধাৰণা

Political Sociology Unit 2 মূল অৱধাৰণা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Sociology Unit 2 মূল অৱধাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Sociology Unit 2 মূল অৱধাৰণা Question Answer can be of great value to excel in the examination.

Political Sociology Unit 2 মূল অৱধাৰণা

Join Telegram channel

Political Sociology Unit 2 মূল অৱধাৰণা Notes cover all the exercise questions in UGC Syllabus. The Political Sociology Unit 2 মূল অৱধাৰণা in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

13. Write short notes. :

(a) Source of Power.

Ans : ক্ষমতাৰ কিছুমান নিজা উৎস আছে। সেই উৎসসমূহ এনেধৰণৰ – 

(a) সম্পদ (Wealth) : ক্ষমতা উৎপত্তি হয় সম্পদৰ পৰা অৰ্থাৎ যাৰ হাতত সম্পদ বেছি থাকে তেওঁৱেই ক্ষমতাশালী ব্যক্তি হয়। উদাহৰণ স্বৰূপে বৰ্তমান গণতান্ত্ৰিক সমাজত সকলো ব্যক্তিৰ সমান অধিকাৰ থাকিলেও ইয়াত সম্পদশালী লোকহে অধিক সুবিধা লাভ কৰে। তেওঁলোকৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি চৰকাৰৰ ক্ষমতা লাভ কৰে।

(b) অৰ্থ (ধন) (Money) : ক্ষমতা লাভৰ অন্য এক উৎস হৈছে ধন বা টকা -পইচা অধিক অৰ্থৰ গৰাকীসকল ক্ষমতাশালী হৈ পৰে; উদাহৰণস্বৰূপে উদ্যোগপতি বা পুঁজিপতিসকলৰ কথা ক’ব পাৰি।

(c) জ্ঞান (Knowkedge) : জ্ঞান হৈছে ক্ষমতাৰ আন এটা উৎস। জ্ঞানৰ অবিহনে কোনো ব্যক্তিয়ে কোনো অনুষ্ঠানৰ কৰ্তৃত্ব (ক্ষমতা) প্ৰয়োগ কৰিব নোৱাৰে। অধিক জ্ঞানী লোকে অধিক ক্ষমতাৰে নিজৰ কৰ্তৃত্ব(ক্ষমতা) প্ৰয়োগ কৰিব পাৰে। গতিকে জ্ঞানেই হৈছে আধুনিক যুগৰ কৰ্তৃত্ব(ক্ষমতা) ৰ মূল চালিকাশক্তি।

(d) দক্ষতা (Efficiency) : ক্ষমতাৰ আন এক উৎস হৈছে দক্ষতা। সকলো ব্যক্তি সমানে দক্ষ নহয়। তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণৰ দক্ষতাই ব্যক্তিক দক্ষতা কৰি তুলিব পাৰে।

(e) ব্যক্তিত্ব (Personality) : ব্যক্তিত্বৰ ওপৰত ক্ষমতা বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ব্যক্তিয়ে সমানে ব্যক্তিসম্পন্ন নহয়।যিসকল ব্যক্তি ব্যক্তিসম্পন্ন হয়, তেনে লোককেই ক্ষমতা বা কৰ্তৃত্ব অৰ্পণ কৰা হয়।

(f) মৰ্যাদা (Status) : ক্ষমতাৰ অন্য এক উৎস হৈছে মৰ্যাদা। এজন লোকৰ আৰ্থ-সামাজিক স্হিতি আৰু পৰিয়ালৰ মৰ্যাদাই আনৰ পৰা আনুগত্য লাভ কৰিবলৈ সক্ষম কৰে। ইয়াৰ ফলত তেনে এজন লোক নিজেই শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হ’ব পাৰে। অৱশ্যে সকলো ক্ষেত্ৰতে মৰ্যাদাই এজন ব্যক্তিক ক্ষমতাশালী নকৰিবও পাৰে। এই ক্ষেত্ৰত তেওঁৰ নিজস্ব জ্ঞান, দক্ষতা, বুদ্ধিমত্তা থাকিব লাগিব।

(g) প্ৰচাৰ (Propagation) : প্ৰচাৰকাৰ্যয়ো ক্ষমতা বৃদ্ধিত ইন্ধন যোগায়। প্ৰচাৰকাৰ্যৰ দ্বাৰা ক্ষমতা আহৰণ কৰিব পাৰি ; উদাহৰণস্বৰূপে ইটালীৰ মুছলিনী আৰু জাৰ্মানীৰ হিটলাৰে ব্যাপক প্ৰচাৰকাৰ্যৰ দ্বাৰা ৰাষ্ট্ৰৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল। আধুনিক কালতো দেখা যায় যে নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে অধিক প্ৰচাৰকাৰ্য চলালে নিৰ্বাচনত জয়লাভ কৰি ক্ষমতা লাভৰ সুবিধা পায়।

(h) বিশ্বাস (Faith) : জনসাধাৰণৰ বিশ্বাস তথা আস্থাৰ ওপৰতো ক্ষমতা নিৰ্ভৰশীল। কোনো এজন ব্যক্তিয়ে জনসাধাৰণৰ পৰা আস্থা লাভ নকৰিলে তেনে ব্যক্তিয়ে ক্ষমতা আহৰণ কৰিব নোৱাৰে। ব্যক্তিজনে নিজৰ কামৰ দ্বাৰা জনসাধাৰণৰ আস্থা লাভ কৰিব পাৰিলেহে অধিক ক্ষমতাশালী হ’ব পাৰে।

(b) Distinction between Power and Authority.

Ans : ক্ষমতা আৰু কৰ্তৃত্বৰ মাজত পাৰ্থক্যসমূহ : ৰাজনীতি বিজ্ঞানত ক্ষমতা আৰু কৰ্তৃত্বক কিছুমান দৰ্শনীকে এটাক আনটোৰ প্ৰতিশব্দৰূপে ব্যৱহৃত কৰে। হবছ আৰু মেকিয়াভেলিয়ে দুয়োটাকে একোটা অৰ্থতে প্ৰকাশ কৰিছিল। ওৱেলডৰ মতে অনুমোদন সহকাৰে প্ৰয়োগ কৰা ক্ষমতাই কর্তৃত্ব।

কিন্তু পিটাৰছ আৰু ফ্ৰেডৰিকে দুয়োটাকে পৃথক আলোচনা কৰি পাৰ্থক্য দেখুৱাইছে। প্ৰায়োগিক দিশত দুয়োটাৰ মাজত পাৰ্থক্য আছে।পাৰ্থক্যসমূহ তলত আলোচনা কৰা হ’ল।

১. কর্তৃত্বৰ লগত যুক্তিৰ সম্পৰ্ক আছে। কৰ্তৃত্বশীল ব্যক্তিয়ে তেওঁ কৰা কামৰ যুক্তিসংগত ব্যাখ্যা আগবঢ়াব পাৰে। প্ৰত্যয়জনক সামৰ্থ গুণৰ বাবেই কৰ্তৃত্বশীল ব্যক্তিয়ে আনৰ দ্বাৰাই কাম আদায় কৰি ল’ব পাৰে। ফ্ৰেডৰিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ কৰ্তৃত্বক মানি লোৱাৰ কাৰণ দেখুৱাই কৈছে যে আমেৰিকান সকলে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ তথ্য সংগ্ৰহৰ ব্যৱস্থা দক্ষতাপূৰ্ণ বুলি বিবেচনা কৰে। সেইবাবে তেওঁলোকে ৰাষ্ট্ৰপতিৰ সিদ্ধান্ত গ্ৰহণত কৰ্তৃত্ব প্ৰদান কৰে।

২. কৰ্তৃত্ব বৈধতাৰ এক ৰূপ বা কৰ্তৃত্বৰ উৎস হ’ল বৈধতা। বৈধ আৰু সাংবিধানিক নীতি-নিয়ম মানি কাম কৰাৰ ক্ষমতাই হ’ল কৰ্তৃত্ব। গতিকে কৰ্তৃত্ব ক্ষমতা নহয়। ক্ষমতাই অবৈধভাৱেও কার্য সম্পাদন কৰিব পাৰে।

৩. কৰ্তৃত্ব পৰম্পৰা, অভ্যাস, নীতি-নিয়মৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ বিৰুদ্বাচৰণ কৰিলে কৰ্তৃত্ব হ্ৰাস হয়। জনসাধাৰণৰ আনুগত্য নাথাকে। আনহাতেদি ক্ষমতা এইবোৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহ’বও পাৰে। শক্তি প্ৰয়োগ ক্ষমতাৰ মূল বিষয়।

৪. কৰ্তৃত্ব আৰু ক্ষমতাৰ দুয়োটাৰে উত্তান পতন থাকিলেও ইয়াৰ কাৰণসমূহ সুকীয়া সুকীয়া। প্ৰমূল্যৰ পৰিৱৰ্তনৰ বাবে, যুৱকসকলে বা বৃদ্ধসকলে এটা সিদ্ধান্ত গ্ৰহণ নকৰিব পাৰে। ফলস্বৰূপে কৰ্তৃত্বৰ হ্রাস হ’ব পাৰে। ততাতৈয়া, উদ্বেগপূৰ্ণ আৰু পক্ষপাতিত্বপূৰ্ণ সিদ্ধান্তই প্ৰধানমন্ত্ৰীৰ কর্তৃত্ব হ্ৰাস কৰিব পাৰি। লোকসেৱা আয়োগে ন্যায্যতাৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি নিদিলে কৰ্তৃত্ব হেৰুৱাব পাৰে।

কিন্তু ক্ষমতা হেৰুওৱাৰ বা হ্ৰাস হোৱাৰ কাৰণ সামৰিক শক্তিৰ হ্ৰাস হোৱা, সম্পদৰ হ্ৰাস হোৱা আদিৰ ওপৰতহে নিৰ্ভৰশীল।

৫. কেতিয়াবা কৰ্তৃত্ব ক্ষমতাৰ উৎস হ’ব পাৰে। ভাৰতৰ সংজ্ঞাগৰিষ্ঠ মানুহে সংবিধান মানি চলে। কিন্তু এমুঠিমান সন্ত্ৰাসবাদীয়ে সংবিধান মানি নচলে। এইসকলক নিয়ন্ত্ৰিত কৰিবৰ বাবে চৰকাৰে শক্তি প্ৰয়োগ কৰে।এইক্ষেত্ৰত কৰ্তৃত্ব চৰকাৰৰ ক্ষমতাৰ উৎস হ’ব পাৰে।

৬. বৈধতাৰ প্ৰশ্নক লৈ দুয়োটাৰ মাজত পাৰ্থক্য আছে। ন্যায় আৰু বৈধতাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ বাবে কৰ্তৃত্বই জনসমৰ্থন আদায় কৰে। কিন্তু ক্ষমতাত ন্যায় আৰু বৈধতাৰ আওকাণ কৰা হয়। সেইবাবে ক্ষমতা প্ৰয়োগত জনসাধাৰণে সদায় সমৰ্থন নকৰে। কৰ্তৃত্বৰ লগত সদায় বৈধতা থাকিবও লাগিব। অবৈধ ক্ষমতা কেতিয়াবা কৰ্তৃত্ব হ’ব নোৱাৰে।

৭. কৰ্তৃত্ব ক্ষমতাৰ তুলনাত অধিক গণতান্ত্ৰিক। বৈধ আৰু জনসমৰ্থনপুষ্ট হোৱাৰ বাবে কৰ্তৃত্বই জনগণৰ ইচ্ছা প্ৰতিফলিত হয়। জনসাধাৰণৰ ইয়াত আস্থা আছে। আনহাতেদি ক্ষমতাই স্বেচ্ছাসেৱী শাসন, একনায়কত্ববাদৰ জন্ম দিব পাৰে। জনসাধাৰণৰ ইচ্ছাৰ বিৰুদ্ধেও ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

৮. কৰ্তৃত্বৰ দ্বাৰা সহজে জনসাধাৰণৰ আনুগত্য লাভ কৰিব পাৰি। কিন্তু শক্তি প্ৰয়োগৰ যোগেদিহে ক্ষমতাই জনসমৰ্থন আদায় কৰিবলৈ যত্ন কৰে। দুয়োটাৰ মাজত পাৰ্থক্য থাকিলেও কেতিয়াবা কেতিয়াবা দুয়োটাৰ মাজত নিবিড় সম্পৰ্কৰ প্ৰয়োজন হয়। এখন কৰ্তৃত্বশীল চৰকাৰে জনসাধাৰণৰ নিৰাপত্তা, আইন শৃংখলাৰ বাবে শক্তি প্ৰয়োগৰ অনুমোদন জনাব লাগে। এখন কৰ্তৃত্বশীল চৰকাৰৰ ক্ষমতা নাথাকিলে বিপ্লৱী সংগঠনৰ দ্বাৰা ওফৰাই দিয়া সম্ভৱনা থাকে।

(c) Functions of State.

Ans : ৰাষ্ট্ৰই ইয়াৰ নাগৰিকসকলৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কার্য সম্পাদন কৰে। ৰাষ্ট্ৰ এখনৰ গুৰুত্ব আৰু প্রয়োজনীয়তা ই সম্পাদন কৰা কাৰ্যসমূহতে অন্তৰ্নিহিত হৈ আছে। তলত এখন ৰাষ্ট্ৰৰ কৰ্তব্য কি কি হ’ব লাগে বা ৰাষ্ট্ৰয় জনসাধাৰণৰ বাবে সম্পাদন কৰা কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰা হ’ল – 

(a) প্ৰতিৰক্ষাৰ কার্য (Function of Defence) : এখন ৰাষ্ট্ৰৰ প্ৰথম আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰ্যটো হৈছে যিকোনো আভ্যন্তৰীণ আৰু বহিঃশত্ৰু বা বিদেশী আক্ৰমণৰ পৰা দেশৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰা। ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা যিমানে শক্তিশালী হ’ব সিমানেই নাগৰিকসকলে নিৰাপত্তা লাভ কৰিব।

(b) আইন-শৃংখলা প্ৰতিষ্ঠা আৰু অটুট ৰখা কার্য (Function of maintenance of low and Orders) : জনসাধাৰণৰ মাজত শান্তি- শৃংখলা অটুট ৰাখিবৰ বাবে তথা সামাজিক অপৰাধ আৰু বিশৃংখলা দূৰ কৰিবৰ কাৰণে ৰাষ্ট্ৰয় আইন -প্ৰৱৰ্তন কার্য পালন কৰিব লগা হয়।

(c) অৰ্থনৈতিক কার্য (Economic Function) : দেশৰ অৰ্থনৈতিক অৱস্থাটো উন্নতিৰ হকে ৰাষ্ট্ৰৰ পৰিকল্পনা গ্ৰহণ, উৎপাদন, বিতৰণ, বিনিয়োগ, বজাৰ আদি সকলো অৰ্থনৈতিক দিশ পৰিচালনা কৰি জনসাধাৰণক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব লাগে।

(d) সামাজিক কল্যাণমূলক কার্য (Social Welfare Function) : এখন দেশৰ জনসাধাৰণক সামাজিক কল্যাণমূলক সকলো কাম ৰাষ্ট্ৰয় কৰিব লাগে ; যেনে – শিক্ষা, স্বাস্থ্য, স্বাস্থ্যৰক্ষাৰ সুবিধা প্ৰদান, জীৱনৰ নিৰাপত্তা প্ৰদান, দৰিদ্ৰ আৰু শাৰীৰিক অক্ষমসকলৰ নিৰাপত্তা প্ৰদান, সামাজিক কু-সংস্কাৰ নিৰ্মূলৰ ব্যৱস্থা কৰা আদি।

(d) State and Society.

Ans : ৰাষ্ট্ৰ আৰু সমাজ এই দুয়োটা অৱধাৰণা একে নহয়, দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে। যদি ৰাষ্ট্ৰ আৰু সমাজক একে বুলি গণ্য কৰা হয়, তেন্তে ৰাষ্ট্ৰৰ ধাৰণাটোৱেই অৰ্থহীন হৈ পৰিব। ৰাষ্ট্ৰ আৰু সমাজৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ এই দুয়োটাৰ মাজত কিছুমান পাৰ্থক্য নিৰ্ণয় কৰা হ’ল – 

(a) উৎপত্তিৰ ফালৰপৰা চাবলৈ হ’লে সমাজৰ উৎপত্তি ৰাষ্ট্ৰতকৈও বহু আগতে হৈছিল। সমাজৰ উৎপত্তি মানৱৰ উৎপত্তিৰ প্ৰায় সমসাময়িক বুলিব পাৰি। আনহাতে ৰাষ্ট্ৰৰ উৎপত্তি সমাজতকৈ বহু পিছত হৈছিল; সমাজৰ পটভূমিতহে ৰাষ্ট্ৰ উৎপত্তি হৈছিল।

(b) সমাজ স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হয়। আদিম অৱস্থাত মানুহৰ মাজত সামূহিক চেতনা আবিৰ্ভাৱ হোৱাত স্বতঃস্ফূৰ্তভাৱে সমাজ উৎপত্তি হয়। আনহাতে ৰাষ্ট্ৰ মানুহৰ প্ৰচেষ্টাৰ দ্বাৰা সৃষ্টি হয়।

(c) ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ড আছে। নিৰ্দিষ্ট ভূ-খণ্ড নোহোৱাকৈ ৰাষ্ট্ৰ এখন গঠন হ’ব নোৱাৰে। কিন্তু সমাজৰ কোনো নিৰ্দিষ্ট ভূ-খণ্ড নাথাকে।

(d) ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা থাকে। সাৰ্বভৌম ক্ষমতা থকাৰ বাবে ৰাষ্ট্ৰয় আইন প্ৰণয়ন কৰি জনসাধাৰণৰ ওপৰত প্ৰয়োগ কৰিব পাৰে। সমাজৰ সাৰ্বভৌমত্ব নাথাকে।

(e) ৰাষ্ট্ৰৰ লক্ষ্য আৰু উদ্দেশ্য কাৰ্যকৰী কৰিবৰ বাবে এক সু-সংগঠিত চৰকাৰ থাকে; আনহাতে সমাজৰ কোনো চৰকাৰ নাথাকে।

(f) এখন ৰাষ্ট্ৰৰ জনসাধাৰণক সংগঠিত ৰূপত দেখা পোৱা যায়। আনহাতে সমাজৰ ব্যক্তিসকল সংগঠিত আৰু অসংগঠিত দুয়োটা ৰূপতেই দেখা পোৱা যায়।

ওপৰত পাৰ্থক্যসমূহ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ৰাষ্ট্ৰ আৰু সমাজ দুটা সম্পূৰ্ণ বেলেগ ধাৰণা। অৱশ্যে ৰাষ্ট্ৰ আৰু সমাজ পৰস্পৰ নিৰ্ভৰশীল। সমাজ নোহোৱাকৈ ৰাষ্ট্ৰ গঠন হ’ব নোৱাৰে, ঠিক তেনেদৰে ৰাষ্ট্ৰৰ অবিহনেও সমাজ তিষ্ঠি থাকিব নোৱাৰে।

(e) State and Government

Ans : ৰাষ্ট্ৰ আৰু চৰকাৰৰ পাৰ্থক্য ল’বৰ সময়ৰ পৰা বিভিন্ন লেখকে তলত উল্লেখ কৰা ধৰণে দাঙি ধৰিছে – 

১। চৰকাৰ ৰাষ্ট্ৰৰ এটা আৱশ্যকীয় উপাদানহে। চৰকাৰ হ’ল ৰাষ্ট্ৰৰ এটা অংগ। গতিকে চৰকাৰ ৰাষ্ট্ৰ হ’ব নোৱাৰে চৰকাৰ হ’ল ৰাষ্ট্ৰৰ কাৰ্যবাহী ৰাজনৈতিক অনুষ্ঠান। এইখিনিতে চৰকাৰ আৰু ৰাষ্ট্ৰৰ মাজত প্ৰভেদ দেখা যায়। জনসমষ্টি, নিৰ্দিষ্ট ভূ-খণ্ড, সাৰ্বভৌমত্বৰ দৰে চৰকাৰ হ’ল এখন ৰাষ্ট্ৰৰ এটা অতি আৱশ্যকীয় উপাদান। য’ত সু-সংগঠিত চৰকাৰ নাই তাত ৰাষ্ট্ৰৰ কথা চিন্তা কৰিব নোৱাৰি।

২। চৰকাৰে ৰাষ্ট্ৰৰ প্ৰতিনিধিৰূপে কাম কৰে। চৰকাৰে ৰাষ্ট্ৰৰ ইচ্ছা আৰু আদৰ্শ ইয়াৰ কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰে। ৰুছোঁৰ মতে, ‘চৰকাৰ হ’ল ৰাষ্ট্ৰৰ জীৱিত যন্ত্ৰ’। এই যন্ত্ৰৰ দ্বাৰা ৰাষ্ট্ৰয় ইয়াৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰে। ৰাষ্ট্ৰৰ উদ্দেশ্য সাধন কৰাই হ’ল চৰকাৰৰ মূল লক্ষ্য (লাস্কি)। চৰকাৰে ৰাষ্ট্ৰৰ পৰা ক্ষমতা আৰু কৰ্তৃত্ব লাভ কৰি ৰাষ্ট্ৰৰ কার্য সুচাৰুৰূপে পৰিচালনা কৰে। গতিকে চৰকাৰ ৰাষ্ট্ৰৰ এটা “প্ৰশাসনীয় যন্ত্ৰ” বুলি ক’ব পাৰি। গাৰ্ণানৰ মতে, চৰকাৰে ৰাষ্ট্ৰ আৰু জনসাধাৰণৰ সমূহীয়া ইচ্ছা আৰু আদৰ্শ ইয়াৰ কাৰ্যৰ দ্বাৰা প্ৰকাশ কৰে।

৩। ৰাষ্ট্ৰ হ’ল এটা ধাৰণা। ৰাষ্ট্ৰ এখন কল্পনাহে কৰিব পাৰি, কিন্তু আমি ৰাষ্ট্ৰ আবাস্তত হোৱা বাবে ইয়াক চকুৰে নেদেখো। ভাৰত ৰাষ্ট্ৰ ক’লে আমি এইখিনিয়ে ভাৰত বুলি আঙুলিয়াই দেখুৱাব নোৱাৰা। মাত্র মানচিত্ৰৰ জৰিয়তে সেইটো সম্ভৱ হ’ব পাৰে। ৰাষ্ট্ৰ এখনৰ চাৰিসীমা আৰু ইয়াৰ জনসাধাৰণক আমি দেখিব পাৰো, কিন্তু ৰাষ্ট্ৰৰ আকৃতি আমি দেখিব নোৱাৰো, অনুভৱহে কৰিব পাৰো। আনহাতে চৰকাৰৰ বাস্তৱ ৰূপ আছে। ভাৰত চৰকাৰ বুলি ক’লে আমি চকুৰে দেখিব পাৰো আৰু স্পষ্ট কৰি দিব পাৰো যে এইখনেই ভাৰত চৰকাৰ। গতিকে এই পিনৰ পৰাও ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত এক পাৰ্থক্য আছে।

৪। ৰাষ্ট্ৰ এখনৰ সদস্য হোৱাটো জনসাধাৰণৰ কাৰণে আৱশ্যক। এখন ৰাষ্ট্ৰত বাস কৰা সকলো জনসাধাৰণ ৰাষ্ট্ৰৰ সদস্য হ’বই লাগিব। ন’হলে নাগতিকত্ব লাভ কৰিব নোৱাৰিব। সকলো নাগৰিক ৰাষ্ট্ৰৰ সদস্যভুক্ত হ’বই লাগিব। কিন্তু সকলো জনসাধাৰণ চৰকাৰৰ সদস্য হ’ব নোৱাৰে। আনকি কোনো নাগৰিকে স্ব-ইচ্ছাই চৰকাৰৰ সদস্য হ’বলৈ বিচাৰিলেও সদস্য হোৱাৰ সুবিধা নাপাবও পাৰে। আনহাতে এজন নাগৰিক কেৱল এখন ৰাষ্ট্ৰৰহে সদস্য হ’ব পাৰে। এখনতকৈ অধিক ৰাষ্ট্ৰৰ সদস্য হ’ব নোৱাৰে। মুঠৰ ওপৰত ৰাষ্ট্ৰৰ সদস্য পদ বাধ্যতামূলকভাৱে ল’বই লাগিব। চৰকাৰৰ সদস্যপদৰ ক্ষেত্ৰত বাধ্যবাধকতা  নাই।

৫। ৰাষ্ট্ৰ এখন হ’বলৈ হ’লে এক নিৰ্দিষ্ট ভূ-খণ্ড থাকিবই লাগিব। এটা নিৰ্দিষ্ট এলেকা অবিহনে এখন ৰাষ্ট্ৰ গঠিত হ’ব নোৱাৰে। আনহাতে এখন ৰাষ্ট্ৰ গঠন হ’বলৈ এটা নিৰ্দিষ্ট পৰিসীমা বা এলেকাৰ আৱশ্যক নহয়। উদাহৰণস্বৰূপে দ্বিতীয় মহাযুদ্ধৰ সময়ত জাৰ্মানীয়ে ইউৰোপীয় দেশসমূহ জয় কৰি লোৱাৰ পিছত এই দেশসমূহৰ শাসনকাৰ্য আন দেশৰ দ্বাৰা পৰিচালিত হৈছিল। যেনে – ফ্ৰান্সৰ চৰকাৰৰ প্ৰশাসন ইংলেণ্ডৰ পৰা চলোৱা হৈছিল। গতিকে এক নিৰ্দিষ্ট ভূ-খণ্ড ৰাষ্ট্ৰৰহে বৈশিষ্ট্য, চৰকাৰৰ নহয়।

(f) Causes of Loss of Citizenship

Ans : নাগৰিকতা লাভৰ যেনেকৈ কিছুমান পদ্ধতি আছে, ঠিক সেইদৰে কিছুমান কাৰণত নাগৰিকতাৰ অৱসান ঘটিব পাৰে। নাগৰিকত্ব বিলুপ্ত সাধনৰ কাৰণসমূহ হ’ল – 

(১) অন্য ৰাষ্ট্ৰৰ নাগৰিকতা অর্জন কৰিলে পূৰ্বৱৰ্তী নাগৰিকতা বিলোপ হয়। কাৰণ এজন ব্যক্তিয়ে একেলগে দুখন ৰাষ্ট্ৰৰ নাগৰিকতা ভোগ কৰিব নোৱাৰে।

(২) কোনো তিৰোতাই যদি বিদেশীক বিয়া কৰায় তেন্তে তেওঁ স্বামীৰ ৰাষ্ট্ৰ নাগৰিকত্ব অর্জন কৰিব।

(৩) নিজৰ ৰাষ্ট্ৰৰ বিনা অনুমতিত অন্য দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰিলে নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্বৰ অৱসান ঘটে।

(৪) স্বেদেশত বহুদিন অনুপস্থিতিৰ ফলতো নাগৰিকতাৰ অৱসান ঘটিব পাৰে।

(৫) নিজৰ ৰাষ্ট্ৰ অনুমতি বিনে আন ৰাষ্ট্ৰৰ উপাধি গ্ৰহণ কৰিলেও নাগৰিকতা বিলুপ্ত হ’ব পাৰে।

(৬) সেনাবাহিনীৰ পৰা পলাই গ’লে নাগৰিকতা একেবাৰেই লোপ পায়।

(৭) কোনো গুৰুত্বৰ অপৰাধৰ ফলতো এজন ব্যক্তি নাগৰিক অধিকাৰৰ পৰা বঞ্চিত হ’ব পাৰে। এইখিনিতে লক্ষ্য কৰা উচিত যে বিয়া, চাকৰি গ্ৰহণ আদিৰ দ্বাৰা অকল নাগৰিকতাৰ পৰিৱৰ্তন ঘটে, কিন্তু শোষোক্ত দুটি কাৰণত নাগৰিকতা একেবাৰে লোপ পায়।

(g) Hindrances to good citizenship

Ans : এখন ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে ইয়াৰ নাগৰিকসকল ভাল গুণৰ অধিকাৰী হোৱাটো অত্যন্ত প্ৰয়োজন। সৎ গুণসমূহ আয়ত্ত কৰিব পাৰিলেহে এজন নাগৰিকক সু-নাগৰিক বুলিব পাৰি। কিন্তু সু-পথত কিছুমান প্রতিবন্দকতা থাকে, সেইসমূহ তলত আলোচনা কৰা হ’ল।

(১) নিৰক্ষৰতা : নিৰক্ষৰতা সু-নাগৰিকৰ এটা প্ৰধান প্রতিবন্দকতা। শিক্ষাই ব্যক্তিক জ্ঞানী কৰে। শিক্ষিত লোকে যিকোনো কার্য বা সিদ্ধান্ত দক্ষতাৰে গ্ৰহণ কৰিব পাৰে। গতিকে শিক্ষাই এজন ব্যক্তিক সু-নাগৰিক হিচাবে গঢ় দিয়ে; আনহাতে ব্যক্তি নিৰক্ষৰ হ’লে তেওঁ সু-নাগৰিক হোৱাত বাধা আহে।

(২) দৰিদ্ৰতা : সু-নাগৰিকৰ আন এটা প্রতিবন্দকতা হৈছে দৰিদ্ৰতা।আৰ্থিক অনাটনে মানুহক শিক্ষা গ্ৰহণ, বিজ্ঞানসন্মত চিন্তা-চৰ্চাত বাধা দিয়ে।দৰিদ্ৰতাৰ বাবেই বহু সময়ত নাগৰিকে অপৰাধমূলক কাৰ্যত লিপ্ত হয়।অভাৱ-অনাটনৰ মাজত দিন কটাবলগীয়া হোৱা বাবে নাগৰিকসকলে ৰাষ্ট্ৰৰ বাবে কোনো সেৱা আগবঢ়াব নোৱাৰে।গতিকে দৰিদ্ৰতাক সু-নাগৰিকত্বৰ ক্ষেত্ৰত এক প্রতিবন্দকতা বুলি কোৱা হয়।

(৩) সংকীৰ্ণ মনোভাৱ : সংকীৰ্ণ মনোভাৱে সু-নাগৰিকত্বৰ ক্ষেত্ৰত প্রতিবন্দকতাৰ সৃষ্টি কৰে। সংকীৰ্ণ মনোভাৱে ব্যক্তিক বহল দৃষ্টিভংগীত উচিত চিন্তা-চৰ্চা কৰাত বাধা দান কৰে। গতিকে এজন সু-নাগৰিক হ’বৰ বাবে সংকীৰ্ণ মনোভাৱৰ পৰিবৰ্তে ব্যক্তি উদাৰ মনৰ অধিকাৰী হ’ব লাগিব।

(৪) ৰাজনৈতিক অসচেতনতা : ৰাজনৈতিকভাৱে সচেতন হোৱাটো এজন সু-নাগৰিকৰ আৱশ্যকীয় গুণ। গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰতিজন নাগৰিকে ৰাজনৈতিকভাৱে সচেতন হোৱাটো প্ৰয়োজন। গতিকে ৰাজনৈতিক অসচেতনতা সু-নাগৰিকত্বৰ ক্ষেত্ৰত এটা প্রতিবন্দকতা।

(৫) স্বাৰ্থপৰতা : নাগৰিকসকলৰ স্বার্থপৰতাই ৰাষ্ট্ৰৰ প্ৰগতিত বাধাৰ সৃষ্টি কৰে। স্বাৰ্থপৰ নাগৰিকে ৰাষ্ট্ৰৰ স্বাৰ্থৰ পৰিৱৰ্তে নিজৰ স্বাৰ্থৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰে। গতিকে স্বার্থপৰতা হৈছে সু-নাগৰিকত্বৰ এক  প্রতিবন্দকতা।

(৬) এলাহ : নাগৰিকসকল এলেহুৱা হ’লে এখন ৰাষ্ট্ৰৰ উন্নতি বাধাৰ সৃষ্টি হয়। এলেহুৱা ব্যক্তিয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য ভালদৰে পালন নকৰে।সু-নাগৰিক হ’বলৈ হ’লে ব্যক্তিসকল কৰ্মোদ্যমী হ’ব লাগে। এলাহক সেয়ে সু-নাগৰিকৰ এক প্রতিবন্দকতা বুলি কোৱা হয়।

(৭) অন্ধবিশ্বাসী : অন্ধবিশ্বাস হৈছে সু-নাগৰিকৰ এক হেঙাৰ। অন্ধবিশ্বাসী লোকসকল কেতিয়াও সু-নাগৰিক হ’ব নোৱাৰে। অন্ধবিশ্বাসী লোকসকলে অযুক্তিকৰ আৰু অবৈজ্ঞানীক চিন্তাধাৰাত বিশ্বাস কৰে। নাগৰিকৰ এনে অন্ধবিশ্বাসে ৰাষ্ট্ৰ নিৰ্মাণত বাধাৰ সৃষ্টি কৰে।

ওপৰত উল্লেখ কৰা প্রতিবন্দকতাসমূহৰ বাবেই এজন নাগৰিক সু-নাগৰিক হ’ব নোৱাৰে। এই প্রতিবন্দকতাসমূহ দূৰ কৰিব পাৰিলে ব্যক্তিসকল সু-নাগৰিক হ’ব পাৰিব।

(h) Characteristics of Elite Class

Ans : পেৰিটৰ সম্ভ্ৰান্ত শ্ৰেণীৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়, সেইসমূহ হ’ল – 

(১) সম্ভ্ৰান্ত শ্ৰেণীৰ শাৰীৰিক, মনস্তাত্বিক, নৈতিক আদি দিশৰ পাৰ্থক্যৰ ভিত্তিত গঠন হৈছে।

(২) সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি দিশত ক্ষমতাশালী লোক। তেওঁলোকে সমাজৰ অসম্ভ্ৰান্ত শ্ৰেণীটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি থাকে।

(৩) সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল সংখাগত দিশৰপৰা কম। মুষ্টিমেয় লোকৰ দ্বাৰা এই সম্ভ্ৰান্ত শ্ৰেণীটো গঠন হয়।

(৪) সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল কিছুমান বিশেষ গুণৰ অধিকাৰী। দক্ষতা, বুদ্ধি, জ্ঞান, সম্পদ, সাহস আদি গুণবোৰ সমাজৰ অন্য সাধাৰণ লোকৰ তুলনাত এওঁলোকৰ বেছি।

(৫) সম্ভ্ৰান্ত শ্ৰেণীটো এটা পৰিবৰ্তনীয় বা গতিশীল শ্ৰেণী কিয়নো সময়ে সময়ে সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকল অনা-সম্ভ্ৰান্ত শ্ৰেণীলৈ গতি কৰে।

(৬) সম্ভ্ৰান্ত শ্ৰেণীৰ লোকসকলৰ শাসক সম্ভ্ৰান্ত শ্ৰেণী আৰু অ-শাসক সম্ভ্ৰান্ত শ্ৰেণী হিচাপে দুটা ভাগত বিভক্ত কৰা হৈছে।

(i) Causes of Circulation of Elite.


Ans : সম্ভ্ৰান্ত শ্ৰেণীৰ উত্থান-পতনৰ কিছুমান কাৰণ আছে। Pareto ৰ মতে, তিনিটা মূল কাৰণত সমাজত সম্ভ্ৰান্ত শ্ৰেণীৰ উত্থান-পতন ঘটি থাকে। সেইকেইটা হ’ল – 

(১) প্ৰথমতে,যুদ্ধ-বিগ্ৰহ হ’লে উচ্চ পদস্ত বহু প্ৰতিৰক্ষা বিষয়ৰ যদি মৃত্যু হয়, অনেক্ষেত্ৰত তেওঁলোকৰ ঠাই নিম্নবৰ্গৰ বিষয়াই পূৰণ কৰিবলগীয়া হয়। এনে হোৱাৰ ফলত সম্ভ্ৰান্ত শ্ৰেণীৰ উত্থান-পতন ঘটিব পাৰে।

(২) দ্বিতীয়তে, উচ্চ বা শাসক শ্ৰেণীৰ লোকসকলৰ মাজত জ্ঞান-বুদ্ধি সদায় একে নাথাকে; ক্ৰমাৎ তেওঁলোকৰ মাজত বৌদ্ধিক চিন্তা-চৰ্চাৰ হ্ৰাস পাবলৈ ধৰে। তেওঁলোকে ভোক বিলাস আৰু ক্ষমতা ৰক্ষা কৰাতেই ব্যস্ত থাকে, ফলত তেওঁলোকৰ চিন্তা-চর্চা, কৰ্মশক্তি আৰু বুদ্ধিৰ অভাৱ ঘটে। এনে অৱস্থাৰ পৰিণতি স্বৰূপে তেওঁলোকে সমাজৰ কল্যাণৰ হকে কাম কৰিবলৈ অসমৰ্থ হয়। 

ফলস্বৰূপে বিপ্লৱৰ জৰিয়তে তেওঁলোকক ক্ষমতাচ্যুত কৰি সাধাৰণ শ্ৰেণীৰ উপযুক্ত ব্যক্তিৰ দ্বাৰা শাসক শ্ৰেণীৰ ঠাই পূৰণ কৰা হয়।

(৩) তৃতীয়তে, যিকোনো সমাজতে মানুহৰ ব্যক্তিগত স্বাভাৱিক যোগ্যতা আৰু সামাজিক (উচ্চ) স্থানৰ মাজত সদায় সামঞ্জস্য নাথাকে; অৰ্থাৎ উচ্চ স্থানত থাকিবৰ বাবে ব্যক্তিক যিখিনি গুণাগুণৰ প্ৰয়োজন, সেইখিনি গুণাগুণ উপৰিপুৰুষৰ গাত নাথাকিব পাৰে। উদাহৰণ স্বৰূপে এজন উচ্চ প্ৰশাসনিক বিষয়াৰ সন্তানে উপযুক্ত যোগ্যতা আহৰণ কৰিব নোৱাৰিব পাৰে। অন্যহাতে এজন সাধাৰণ কৃষকৰ সন্তানেও প্ৰশাসনৰ উচ্চ পদ লাভ কৰিব পাৰে।

14. PROBLEM OF DOUBLE CITIZENSHIP.

Ans : নাগৰিকতা নিৰ্ধাৰণৰ ক্ষেত্ৰত তেজৰ সম্পৰ্ক আৰু জন্মস্থান এই দুয়োটা নীতিৰ দোষ আছে। সেইকাৰণে আজিকালি সৰহভাগ ৰাষ্ট্যই এই দুয়োটা নীতি মানি চলা, দেখা যায়। মাৰ্কিন, যুক্তৰাষ্ট্ৰ,ইংলেণ্ড আদি ৰাষ্ট্যই উভয় নীতিক মানি চলে। ইয়াৰ ফলত কেতিয়াবা নাগৰিকতাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে। উদাহৰণস্বৰূপে কোনো প্ৰবাসী ভাৰতীয় দম্পতী সন্তান জন্ম হয় তেতিয়াহ’লে সেই শিশুটি তেজৰ সম্পৰ্ক নীতি অনুসৰি ভাৰতৰ নাগৰিক। 

আকৌ জন্মস্থানৰ নীতি অনুসৰি সেই শিশুটি ব্ৰিটেইনৰ নাগৰিক। কিন্তু কোনো ব্যক্তি একে সময়তে একাধিক ৰাষ্ট্ৰৰ নাগৰিক হ’ব নোৱাৰে। ইয়াক দ্বি-নাগৰিকত্ব বা দ্বি-জাতি সমস্যা বোলা হয়। নে ক্ষেত্ৰত কোনো প্ৰাপ্ত প্ৰাপ্তবয়স্ক নোহোৱালৈকে তেওঁৰ নাগৰিকতা সম্পৰ্কে কোনো সিদ্ধান্ত ল’ব নোৱাৰি। প্ৰাপ্তবয়স্ক হ’লে তেওঁক নিজৰ নাগৰিকত্ব বাছি ল’বলৈ সুযোগ দিয়া হয়।এইদৰে দ্বি-নাগৰিকত্বৰ সমস্যাৰ সমাধান কৰা হয়।

অন্যান্য উপায়েৰেও দ্বৈত-নাগৰিকতাৰ সমস্যা সমাধান কৰিব পাৰি।সেই উপায়বিলাক হ’ল – 

১। বহুতো ৰাষ্ট্ৰৰ নাগৰিকতা আইন অনুসৰি, নাগৰিকে তেওঁৰ জন্মস্থানৰ নাগৰিকতা নিজৰ ইচ্চামতে ত্যাগ কৰিব আৰু আন কোনো ৰাষ্ট্ৰৰ নাগৰিকতা গ্ৰহণ কৰিব পাৰে। ভাৰতীয় নাগৰিকত্ব আইনে এই সুযোগ প্ৰদান কৰিছে।

২। শিশুৰ বসবাস, লিখা-পঢ়া সাধাৰণতে প্ৰথমৰ পৰাই এখন ৰাষ্ট্ৰত সম্পন্ন হয়। অৰ্থাৎ এখন ৰাষ্ট্ৰ নাগৰিকতাৰ পৰিচয়ত তেওঁ মানুহ হয়। আন্তৰ্জাতিক আইনে এই ধৰণৰ নাগৰিকতাক “কাৰ্যকৰী নাগৰিকত্ব” (Effective Citizenship) বোলে।

৩। ইয়াৰ বাহিৰেও চুক্তিৰ মাধ্যমত দুখন ৰাষ্ট্ৰয় দ্বৈত-নাগৰিকতাৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব পাৰে।

এতেকে দেখা যায় যে নাগৰিকতা নিৰ্ধাৰণৰ ক্ষেত্ৰত তেজৰ সম্পৰ্ক আৰু জন্মস্থান– এই নাতি দুটাৰ কোনটো নীতি গ্রহণযোগ্য সেই বিষয়ে কোনো সিদ্ধান্ত কোনেও দিব পৰা নাই। এই নীতি দুটাৰ কোনোটোৱে পুৰাপুৰিকৈ দোষমুক্ত নহয়। কিন্তু বহুতৰ ময়ে “তেজৰ সম্পৰ্ক” নীতিটো প্ৰাচীন আৰু বিজ্ঞানসন্মত। এই নীতিৰ সমৰ্থনত কোৱা হয় যে, “তেজৰ সম্পৰ্ক” নীতি সুস্পষ্ট, সুনিৰ্দিষ্ট আৰু জটিলতামুক্ত। 

ভ্ৰাম্যমাণ দম্পতীৰ সন্তান বিভিন্ন দেশত জন্মগ্ৰহণ কৰিলে তেওঁলোকৰ নাভৰিকত্বৰ ক্ষেত্ৰত জন্মস্থানৰ নীতি গ্ৰহণ কৰিলে সমস্যাৰ সৃষ্টি হয়, কিন্তু তেজৰ সম্পৰ্কৰ নীতি অনুসৰণ কৰিলে তেনে সমস্যাৰ উদ্ভৱ নহয়। মানুহৰ তেজৰ সম্পৰ্ক সঠিক আৰু সুস্থিৰ, কিন্তু জন্মস্থানৰ ক্ষেত্ৰত স্থিৰতা নাথাকিবও পাৰে। কিন্তু সৰহভাগ ৰাষ্ট্ৰয় নাগৰিকতাৰ ক্ষেত্ৰত দুয়োটা নীতি মানি চলা দেখা যায়।

15. CITIZEN AND VOTER.

Ans : নাগৰিক আৰু ভোটাৰ একেখন দেশৰ নাগৰিক হলেও নাগৰিক আৰু ভোটাৰৰ মাজত তলত দিয়া ধৰণৰ প্ৰভেদ আছে– 

(১) কোনো এখন দেশত স্থায়ীভাৱে বাস কৰা সেই দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা, দেশৰ অ-সামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰা লোকসকল নাগৰিক। ভোটাৰ সকলো এই শ্ৰেণীৰ লোক।

(২) সকলো ভোটাৰেই নাগৰিক যদিও, সকলো নাগৰিক ভোটাৰ নহ’বও পাৰে। সাম্প্ৰতিক কালত নিৰ্দিষ্ট বয়সৰ ভিত্তিত ভোটাধিকাৰ দিয়া হয়। আমাৰ দেশত ১৮ বছৰ বয়সৰ পুৰুষ-মহিলা সকলোকে ভোটাধিকাৰ দিয়া হয়। গতিকে ভোটাৰ হ’বলৈ নাগৰিক হোৱাৰ উপৰিও নিৰ্দিষ্ট বয়সপ্ৰাপ্ত লোক হ’ব লাগে।

(৩) ভোটাৰ তালিকাত নাম নথকা লোকৰ এই নিৰ্দিষ্ট বয়স থাকিলেও তেনে লোক ভোটাৰ নহ’ব পাৰে। অৰ্থাৎ ভোটাৰ হ’ব লাগিলে ভোটাৰ তালিকাত নামভুক্ত হ’ব লাগে।যিবোৰ নাগৰিকৰ নাম ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই, তেনে নাগৰিক ভোটাৰ নহয়।

(৪) যি সকল নাগৰিক পাগল, দেউলীয়া আৰু অপৰাধী, তেনে নাগৰিকৰ সাধাৰণতে ভোটাধিকাৰ দিয়া নহয়।

16. DEFINITION OF CITIZENSHIP

Ans : বিভিন্ন সময়ত বিভিন্ন চিন্তাবিদে নাগৰিকতাৰ বিষয়ে সংজ্ঞা দিয়া দেখা যায়। প্ৰাচীন কালৰ চিন্তাবিদৰ নাগৰিকত্বৰ সংজ্ঞাৰ লগত সাম্প্ৰতিক কালৰ চিন্তাবিদ নাগৰিকত্বৰ সংজ্ঞাৰ প্ৰভেদ আছে। নাগৰিকত্বৰ বিষয়ে তলত কেইটামান সংজ্ঞা উল্লেখ কৰা হ’ল।

প্ৰাচীন কালৰ গ্ৰীছৰ চিন্তাবিদ এৰিষ্ট’টলৰ মতে যি ব্যক্তিয়ে ৰাষ্ট্ৰৰ আলোচনামূলক কামত নাইবা বিচাৰ বিভাগীয় কামত অংশগ্ৰহণ কৰিব পাৰে, তেনে ব্যক্তিকেই নাগৰিক বোলা হয়। (He who has the power to take part in the deliberative or judicial administration is said by us to be a citizen of the state) নাগৰিকৰ বিষয়ে এৰিষ্ট’টলে আগবঢ়োৱা সংজ্ঞাৰ পৰা সিদ্ধান্তলৈ আহিব পাৰি যে নগৰত বাস কৰা সকলো লোককেই তেওঁ নাগৰিক হিচাবে বিবেচনা কৰা নাছিল। দাস,শ্ৰমিক, কৃষক, মহিলা আদিক তেওঁ নাগৰিক হিচাবে বিবেচনা কৰা নাছিল। 

তেওঁৰ মতে নাগৰিক হ’বলৈ হ’লে জিৰণিৰ প্ৰয়োজন, কিন্তু দাস, শ্ৰমিক,কৃষক, মহিলা আদিৰ জিৰণি নাই; গতিকে তেওঁলোক নাগৰিক নহয়। যি সকল প্ৰশাসনীয় আৰু বিচাৰ বিভাগৰ কামত অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোককহে এৰিষ্ট’টলে নাগৰিক হিচাবে বিবেচনা কৰিছিল। অৰ্থাৎ অতি কম সংখ্যক লোককহে তেওঁ নাগৰিক হিচাবে অভিহিত কৰা হয়।মধ্যযুগৰ সময়ছোৱাটো অতি কম সংখ্যক লোকক নাগৰিক হিচাবে বিবেচনা কৰা হৈছিল। 

ৰাজনৈতিক নেতা, বেৰণ-জমিদাৰ, চৰকাৰী কৰ্মচাৰী আদি শ্ৰেণীৰ লোকসকলে চৰকাৰৰ সকলো সুবিধা গ্ৰহণ কৰিছিল আৰু তেওঁলোককেই নাগৰিক হিচাবে বিবেচনা কৰা হৈছিল। সাধাৰণ শ্ৰেণীৰ লোকসকল চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছিল। সেয়েহে তেওঁলোকক নাগৰিক হিচাবে বিবেচনা কৰা হোৱা নাছিল।

বিচাৰপতি মিলাৰেও (Miller) নাগৰিকৰ বিষয়ে সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে নাগৰিক হৈছে ৰাজনৈতিক সমাজৰ সদস্য তেওঁলোকে গঠন কৰে; ব্যক্তিগত আৰু সামূহিক অধিকাৰ সংৰক্ষণৰ কাৰণে চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে। (Citizens are members of the political community to which they belong. They are the people who compose the state and who in their associate capacity have established and subjected themselves to the dominance of the government for the protection of their individual as well their collective rights-Miller).

শ্ৰীনিবাস শাস্ত্ৰীয়েই নাগৰিকৰ বিষয়ে তেওঁৰ সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে যি ব্যক্তি ৰাষ্ট্ৰৰ সভ্য আৰু ৰাষ্ট্ৰত থাকি পূৰ্ণভাৱে আত্ম বিকাশৰ কাৰণে সচেষ্ট আৰু সমাজৰ সৰ্বাধিক মংগলৰ কাৰণে সচেতন থাকে, তেনে ব্যক্তিকেই নাগৰিক বোলা হয়। নাগৰিকৰ বিষয়ে লাঙ্কিয়েও নিজৰ সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে নাগৰিকতা হৈছে সমাজৰ কল্যাণ সাধনৰ কাৰণে নিজৰ জ্ঞানপ্ৰসূত বিচাৰ-বুদ্ধিৰ প্ৰয়োগ। (Citizenship is the contribution of one’s instructed judgment for public good-laski)

Encyclopedia Britannia-ত সংজ্ঞা এনেদৰে দিয়া আছে। নাগৰিকতা হৈছে আইনৰ পৰা উদ্ভৱ হোৱা ব্যক্তি আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক। এই আইনে নাগৰিকৰ সৈতে কিছুমান কৰ্তব্য আৰু অধিকাৰৰ বিষয়ৰ উল্লেখ কৰে। (Citizenship is a relationship between an individual and a state Originating under terms prescribed by law and giving rise to certain duties and rights which such aw attaches to citizenship).

ওপৰত দিয়া সংজ্ঞাসমূহৰ পৰা নাগৰিকত্বৰ বিষয়ে তলত দিয়া সিদ্ধান্তসমূহত উপনীত হ’ব পাৰি। নাগৰিক হ’বলৈ হ’লে কোনো দেশত স্থায়ীভাৱে বাস কৰিব লাগে, সেই দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগে, দেশে নিৰ্ধাৰণ কৰা কৰ্তব্য পালন কৰিব লাগে আৰু সেই দেশৰ অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰা ব্যক্তি হ’ব লাগে। অৰ্থাৎ যি ব্যক্তিয়ে কোনো এখন দেশত স্থায়ীভাৱে বাস কৰে, সেই দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে, দেশৰ কৰ্তব্য পালন কৰে আৰু অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰে,তেনে ব্যক্তিক সেই দেশৰ নাগৰিক বোলা হয়।

17. What is Civil Society? How the concept was originated? Mention three features of Civil Society?

Ans : ৰাজনীতি বিজ্ঞানৰ আন ভালেমান অৱধাৰণাৰ দৰে ‘নাগৰিক সমাজ’ পদটোৰো কোনো গ্রহণযোগ্য সংজ্ঞা বিচাৰি পোৱা নাযায়। আনকি এই পদটো সঘনাই ব্যৱহাৰ কৰা সকলেও বা ইয়াৰ পৃষ্ঠপোষকসকলেও পদটোৰ এটা গ্রহণযোগ্য সংজ্ঞা দিব পৰা নাই। আটাইতকৈ উল্লেখনীয় বিষয়টো হ’ল যে বিভিন্ন সমাজত ‘নাগৰিক সমাজ’ পদটো পৃথক অৰ্থত ব্যৱহৃত হৈছে। সাধাৰণতে ‘নাগৰিক সমাজ’ পদটোৱে সমাজ জীৱনৰ এটা দিশক (One aspect of social life) বুজায়। অৰ্থাৎ সমাজ জীৱনৰ বিভিন্ন দিশসমূহৰ যেনে – পাৰিবাৰিক, অৰ্থনৈতিক, ৰাজনৈতিক আদিৰ মাত্ৰ এটা নাগৰিক সমাজে সামৰি লয়।

নাগৰিক সমাজৰ ধাৰণাটোৰ সময়ৰ পৰিবৰ্তনৰ লগে লগে বহুতো পৰিৱৰ্তন হৈছে। তলত নাগৰিক সমাজৰ ক্ৰমবিকাশৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল – 

‘নাগৰিক সমাজ’ পদটো প্ৰথম উচ্চাৰিত হৈছিল ১৭ শ শতিকাত ইউৰোপত, বিশেষকৈ ইউৰোপৰ পশ্চিম অংশত। সেই সময়ত এই ধাৰণাটো অৰ্থনৈতিক, ৰাজনৈতিক উদাৰতাবাদৰ এটা অংশ হিচাপে আলোচিত হৈছিল।

জন ল’কৰ উপৰিও ডেভিড হিউম, আদাম স্মীথ, আদাম ফাণ্ডছন আদি লিখকে নাগৰিক সমাজৰ বিষয়ে উল্লেখ কৰিছিল। ১৯ শ শতিকাত জৰ্জ উইলহেম ফ্ৰেডৰিক হেগল আৰু কাৰ্লমা’ৰ লিখনিত নাগৰিক সমাজৰ ধাৰণাটোৱে বিশেষ স্থান লাভ কৰিছিল। 

ইয়াৰ পাছত এক দীঘলীয়া সময় এই পদটো অব্যৱহৃত হৈ আছিল। শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত একেলগে এই পদটো পুনৰ ব্যৱহাৰ হৈছিল শীতল যুদ্ধৰ সামৰণিৰ সময়ত। শীতল যুদ্ধৰ অৱসানৰ পাছত এই পদটো বহুলভাৱে ব্যৱহৃত হ’ব ধৰিলে আৰু ইয়াৰ জনপ্ৰিয়তাও হঠাৎ বৃদ্ধি পালে। আৰু পশ্চিমীয়া সমাজ আৰু গণতান্ত্ৰিক তত্বৰ এটা বিষয়ৰূপে পশ্চিমীয়া গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহৰ লগতে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহতো নাগৰিক সমাজৰ ধাৰণাটোৱে জনপ্ৰিয়তা আহৰণ কৰিলে।

নাগৰিক সমাজক এটা সীমিত উদ্দেশ্যৰে গঠিত সামূহিক অৱস্থিতি (entity or existence) বুলি ব্যাখ্যা কৰিব পাৰি।যিটো উদ্দেশ্যৰে নাগৰিক সমাজ গঠিত হয় সেই উদ্দেশ্যে সমাজভেদে বেলেগ বেলেগ হ’ব পাৰে। অৱশ্যে সকলোবোৰ নাগৰিক সমাজৰ কিছুমান বিশেষ ধৰ্ম বা গুণ আছে। যেনে – ইয়াৰ প্ৰথম গুণটো হ’ল যে নাগৰিক সমাজ ৰাষ্ট্ৰৰ পৰা পৃথক আৰু স্বাধীন অনুষ্ঠান।

দ্বিতীয়তে, নাগৰিক সমাজ এটা স্বেচ্ছাধীন সংগঠন আৰু বাধ্যতামূলক সামাজিক অনুষ্ঠান। যেনে- পৰিয়াল, বৰ্ণ ইয়াৰ অংশীদাৰ নহয়। তৃতীয়তে, নাগৰিক সমাজক উমৈহতীয়া স্বাৰ্থ আৰু সামূহিক কাৰ্যকলাপৰ উদ্দেশ্যৰে যোৰা লগা এক নাগৰিক সম্প্ৰদায় (Community of Citizens) বুলি ব্যাখ্যা কৰিব পাৰি। চতুৰ্থতে,নাগৰিক সমাজ প্ৰকাশিত উদ্দেশ্যৰে গঠিত এক অনাচৰকাৰী সংগঠন বুলিও ব্যাখ্যা কৰিব পাৰি। পঞ্চমতে, ‘নাগৰিক সমাজ’ৰাষ্ট্ৰ বা চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত অৱস্থিত নাগৰিকৰ এক সামাজিক সংগঠন যিবিলাকৰ এক বা একাধিক ঘোষিত উদ্দেশ্য থাকে। ‘নাগৰিক সমাজ’ নামৰ স্বেচ্ছাসেৱী সংগঠনবিলাকৰ লগত নাগৰিকৰ মূল্যবোধ জড়িত হৈ থাকে। এনেকৈ দেখা যায় যে ‘নাগৰিক সমাজ’ পদটো বিভিন্ন অৰ্থত ব্যৱহাৰ হৈছে আৰু সেইকাৰণে ইয়াৰ নিৰ্দিষ্ট সংজ্ঞা দাঙি ধৰা সম্ভৱ নহয়।

18. Discuss the relationship between State and Civil Society.

Ans : নাগৰিক সমাজৰ লগত ৰাষ্ট্ৰৰ সম্পৰ্ক ৰাজনৈতিক সমাজতত্বৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়।ব্যক্তিস্বত্বতন্ত্ৰবাদী আৰু উদাৰবাদীসকলৰ মতে ৰাষ্ট্ৰ এক অনিষ্টকাৰী অনুষ্ঠান, “প্ৰয়োজনীয় কিন্তু বেয়া” উল্লিখিত দুয়োটা মতবাদৰ মতে, ৰাষ্ট্যই যিমান কমকৈ শাসন কৰে সিমানে ভাল আৰু সেই কাৰণে ৰাষ্ট্ৰৰ কাম-কাজ আভ্যন্তৰীণ শাস্তি-শৃংখলা ৰক্ষা কৰা আৰু বিদেশী আক্ৰমণ প্ৰতিৰোধ কৰা কার্যতে সীমিত থাকিব লাগে আৰু ৰাষ্ট্ৰ নাগৰিক অৰ্থনৈতিক কাৰ্যকলাপ আৰু নাগৰিকৰ ব্যক্তিগত জীৱনৰ লগত জড়িত বিষয়বোৰ নিয়ন্ত্ৰণ কৰিব নালাগে। 

অৱশ্যে উদাৰতাবাদী দাৰ্শনিকসকলৰ ভিতৰৰে কিছুমানে জনকল্যানকামী ৰাষ্ট্ৰৰ ধাৰণাটোৰ যোগেদি নাগৰিকৰ কিছুমান কাৰ্যত ৰাষ্ট্ৰীয় হস্তক্ষেপৰ অনুমোদন জনাইছিল। কিন্তু সকলো উদাৰনৈতিক আৰু ব্যক্তিবাদী চিন্তাই ৰাষ্ট্ৰ আৰু নাগৰিক সমাজৰ মাজত এটা স্পষ্ট সীমাৰেখা থকাটো বিচাৰিছিল। 

কিন্তু যিকোনো সৰ্বাত্মক ৰাষ্ট্ৰ (Totalitarian) ৰাষ্ট্ৰীয় সীমাৰেখাৰ ভিত্তিত, ৰাজনৈতিক ক্ষমতাৰ কোনো প্ৰতিদ্বন্দি থকাটো নিবিচাৰে আৰু সেয়ে হিটলাৰৰ নাৰ্জী জাৰ্মানী বা পূৰ্বৰ কমিউনিষ্ট ৰুছিয়াই নাগৰিক সমাজৰ অৱস্থিতিক মানি লোৱা নাছিল। নাগৰিক সমাজ আৰু ৰাষ্ট্ৰ একে নহয়। দুয়োটাৰ মাজত বহুতো গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। ৰাষ্ট্ৰ শক্তি বা বল প্ৰয়োগৰ ওপৰত প্ৰতিষ্ঠিত।অন্যহাতেদি নাগৰিক সমাজ নাগৰিকৰ স্বেচ্ছাকৃত অংশ গ্ৰহণৰ ওপৰত প্ৰতিষ্ঠিত।

নাগৰিক সমাজ সমাজ জীৱনৰ ব্যক্তিগত বিষয়বোৰৰ লগত জড়িত। যেনে – নাগৰিকৰ ব্যক্তিগত জীৱন, জনসাধাৰণৰ সংস্কৃতি ইত্যাদি। অন্যহাতেদি ৰাষ্ট্যই ইয়াৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা জনসাধাৰণৰ ৰাজহুৱা বিষয়ৰ লগত জড়িত। ৰাষ্ট্ৰ অধিকাৰ ক্ষেত্ৰ (Jurisdiction) আৰু নাগৰিক সমাজৰ অধিকাৰ ক্ষেত্ৰতজকৈ অধিক, বিশাল। অৱশ্যে ৰাষ্ট্ৰ আৰু নাগৰিক সমাজৰ অধিকাৰ ক্ষেত্ৰৰ মাজত কোনো ধৰা বন্ধাসীমা নাই।কাৰণ সময়ৰ পৰিৱৰ্তনৰ লগে লগে নাগৰিক হ’ব পাৰে।

19. Discuss the salient features of power.

Ans : ১. ক্ষমতা একপ্ৰকাৰৰ সম্পৰ্ক।দুই বা ততোধিক ব্যক্তিৰ মাজত এই সম্পৰ্ক গঢ়ি উঠিব পাৰে।

২. ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে দক্ষতা। দক্ষ ব্যক্তিয়ে যুক্তি বা ব্যক্তিত্বৰ জৰিয়তে আনৰ ওপৰত প্ৰভাৱ পেলায় অভিলাস পূৰণ কৰিব পাৰে।প্ৰলোভন বা লোকচানৰ ভয় দেখুৱায়ো আনৰ আচৰণত প্ৰভাৱ পেলাব পাৰে। আনৰ আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ দক্ষতাই হৈছে ক্ষমতা।

৩. ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে ইতিবাচক দিশ। অনেক ভৱিষ্যতৰ সম্ভৱনা দেখুৱাই কোনো ব্যক্তি বা দেশে আন ব্যক্তি বা দেশৰ আচৰণত প্ৰভাৱ পেলাব পাৰে। এনে পন্থাৰ আশ্ৰয় লৈ হ’লেও আমেৰিকা যুক্তৰাষ্ট্ৰই বিভিন্ন দেশক প্ৰভাৱান্বিত কৰিছে। সেইবাবেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষমতা বুলি কোৱা হয়।

৪. ক্ষমতাৰ নেতিবাচক দিশো আছে। বল প্ৰয়োগৰ ভয়,শান্তিৰ ভয় বা সম্পদ হানিৰ ভয় দেখুৱাই আনৰ আচৰণত প্ৰভাৱ পেলাব পৰা যায়। এসময়ৰ সাম্যবাদী ৰুছিয়াত আৰু বৰ্তমান চীনত সাম্যবাদৰ  বিৰুদ্বাচৰণ কৰাসকলক শাস্তিৰ ভয় দেখুৱাই সাম্যবাদৰ প্ৰতি আনুগত্য আদায় আৰু ৰাষ্ট্ৰীয় ক্ষমতা বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। হিটলাৰৰ আমোলত বিৰোধী গোটসমূহৰ মাজত হ্রাসৰ সঞ্চাৰ কৰি নাৰ্জী – জাৰ্মানীৰ ক্ষমতা বৃদ্ধি কৰা হৈছিল।

৫. ক্ষমতা সদায় এটা বিষয়ৰ লগত জড়িত। যদি কোৱা হয়, এজন ব্যক্তিৰ ক্ষমতা আছে, তেন্তে ক’ব লাগিব কোন বিষয়ত তেওঁৰ ক্ষমতা আছে। বিত্তীয় ক্ষমতানে, নিয়োগৰ নে কূটনৈতিক ক্ষমতা নে কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ক্ষমতা।

৬. ক্ষমতাৰ পৰিস্থিতি, অৱস্থা, সামাজিক পটভূমি আদিয়ে নিৰূপণ কৰে। বেলেগ বেলেগ ৰাজনৈতিক পৰিস্থিতিত ক্ষমতা প্ৰয়োগৰ পৰিমাণ বেলেগ বেলেগ হয়। এটা বিশেষ পৰিস্থিতিত এজন ব্যক্তিয়ে ক্ষমতাৰ যোগেদি বৃহত্তৰ জনগণক প্ৰভাবৱান্বিত কৰিব পাৰে। আন এটা পৰিস্থিতিত সেই ব্যক্তিজনৰ প্ৰভাৱ তেনেই সীমিত হ’ব পাৰে, গতিকে ক্ষমতাৰ ধাৰণা পৰিৱৰ্তনশীল।

৭. আন এটা বৈশিষ্ট্য হৈছে ক্ষমতা সদায় আপেক্ষিক।কোনো এটা দিশত এজনৰ ক্ষমতা অধিক হ’লেও আন এটা বিষয়ত তেওঁৰ ক্ষমতা নগণ্য। সমাজৰ বিভিন্ন ব্যক্তিৰ মাজত ক্ষমতাৰ অসমান বিতৰণ থাকে।

৮. ক্ষমতাৰ আন এটা বৈশিষ্ট হ’ল ক্ষমতা সন্মতিৰ ওপৰত প্ৰতিষ্ঠিত।যাৰ ওপৰত ক্ষমতা প্ৰয়োগ কৰা হয় তেওঁ মানি নল’লে বল প্ৰয়োগৰ যোগেদি আনুগত্য আদায় কৰিব নোৱাৰি। দল বা শক্তি প্ৰয়োগ কৰি আনৰ আচৰণ পৰিবৰ্তন কৰিলে তেনে কাৰ্যত ক্ষমতা থকা বুলি কোৱা নহয়। বল প্ৰয়োগ ক্ষমতা আহৰণৰ উপায় হ’ব পাৰে, ই নিজে ক্ষমতা নহয়।

20. “The accepted theory of the origin of the state is the historical or evolutionary’ Discuss the statement.

Or

Discuss the evolutionary or historical theory of the origin of state. Why is it regarded as the most acceptable theory. Give reasons.

Ans : ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে থকা মতাবাদকেইটাৰ এটা মতাবাদেও ৰাষ্ট্ৰৰ উৎপত্তিৰ এক বিজ্ঞানসন্মত ব্যাখ্যা দাঙি ধৰাত সফল হোৱা বুলি ক’ব নোৱাৰি। প্ৰত্যক মতবাদেই একো একোটা কাৰণৰ পৰা ৰাষ্ট্ৰৰ উৎপত্তি হোৱা বুলি ব্যাখ্যা আগবঢ়োৱাটোৱেই হৈছে মতাবাদকেইটাৰ বিফলতাৰ মূল কাৰণ। কিয়নো এটা বিশেষ কাৰণত এদিনতে ৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাই। কিন্তু এটা কথা সত্য যে এটা সৰু ৰাজনৈতিক অনুষ্ঠান হিচাপে আৰম্ভ হৈ ক্ৰমবিবৰ্তনৰ ফলস্বৰূপে ৰাষ্ট্যই বৰ্তমানৰ অৱস্থা পাইছে আৰু ৰাষ্ট্ৰৰ ক্ৰমবিবৰ্তন এতিয়াও লক্ষ্য কৰা যায়। ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে থকা মতাবাদকেইটাৰ ভিতৰত ঐতিহাসিক মতবাদটোকেই বিজ্ঞানসন্মত গ্রহণযোগ্য মতবাদ বুলি ক’ব পাৰি। কাৰণ ঐতিহাসিক মতবাদৰ মতে ৰাষ্ট্ৰ সৃষ্টি হয়।

বল প্ৰয়োগ মতবাদে দাঙি ধৰাৰ দৰে শক্তিৰ বাবেই ৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাই। ঐশ্বৰিক মতবাদে দাঙি ধৰাৰ দৰে ৰাষ্ট্ৰ ঈশ্বৰৰ দ্বাৰা সৃষ্টি হোৱা নাই। সামাজিক চুক্তি মতবাদে কোৱাৰ দৰে একে দিনতেই চুক্তি সম্পন্ন কৰি ৰাষ্ট্ৰৰ সৃষ্টি কৰা নাই আকৌ পিতৃতান্ত্ৰিক আৰু মাতৃতান্ত্ৰিক সত্ৰ মতে প্ৰকৃততে কেইবাটাও উপাদানৰ জৰিয়তে ঐতিহাসিক ক্ৰমবিবৰ্তনৰ ফলতেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰ উৎপত্তিৰ ঐতিহাসিক মতবাদটোৰ গাৰ্ণাৰ, লীকক, বাৰ্জছ,কীলাৰ গেটেল, এৰিষ্ট’টল আদি বিভিন্ন ৰাজনীতিবিদ পণ্ডিতসকলে পৃষ্ঠপোষকতা কৰিছিল। গাৰ্ণাৰৰ মতে, “The State is neither the handiwork of God, nor the result of superior physical force nor the creation of resolution or convention, nor a more expansion of the family…. an institution of natural growth of historical evolution.”। ঐতিহাসিক মতবাদৰ মতে ৰাষ্ট্ৰৰ সৃষ্টি কেইবাটাও উপাদানৰ দ্বাৰাহে সম্ভৱ বুলি কোৱা হৈছে। ঐতিহাসিক মতবাদৰ মতে ৰাষ্ট্ৰৰ মৌলিক উপাদানকেইটা তলত উল্লেখ কৰা হ’ল।

(১) প্ৰাকৃতিক সামাজিক আৱেগ।       

(২) বংশগত বা তেজৰ সম্পৰ্ক।         

(৩) ধৰ্মৰ প্ৰভাৱ।               

(৪) বল প্ৰয়োগ।

(৫) অৰ্থনৈতিক প্ৰভাৱ।           

(৬) ৰাজনৈতিক চেতনাবোধ।

১। প্ৰাকৃতিক সামাজিক আৱেগ (Human Emotion) : এৰিষ্ট’টলৰ মতে প্ৰকৃতিগতভাৱে মানুহ ৰাজনৈতিক জীৱ। মানুহ যদিও সমাজপ্ৰিয় আৰু সামাজিক আৱেগৰ দ্বাৰা পৰিচালিত তথাপি মানুহ ৰাজনৈতিক আৱেগৰ দ্বাৰা পৰিচালিত হৈ মানুহে সমাজ গঠনেই নহয় এক সভ্য জীৱন- যাপনৰ বাবে ৰাজনৈতিক সংগঠনৰ ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল। জনসাধাৰণৰ ৰাষ্ট্ৰ সৃষ্টিৰ মূল উদ্দেশ্য আছিল আইন-শৃংখলাৰ মাজত অভাৱ-অভিযোগ দূৰ কৰা, অধিকাৰ আৰু ব্যক্তি স্বাধীনতা ভোগ কৰা, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যা দূৰ কৰা।

২। বংশগত বা তেজৰ সম্পৰ্ক(Kinship) : সমাজত মানুহ বংশগত বা তেজৰ সম্পৰ্কৰ দ্বাৰা ঐক্যবদ্ধ হৈছিল। এইদৰে তেজৰ বা বংশগত সম্পৰ্কত ঐক্যবদ্ধ হৈ পৰিয়াল গঠন কৰিছিল। পৰিয়ালেই আছিল ৰাষ্ট্ৰ গঠনৰ প্ৰথম স্তৰ। পৰিয়ালৰ পিছত উপজাতি, জাতি গঠন হৈছিল পৰিয়ালৰ সম্প্ৰসাৰনৰ ফলস্বৰূপে। এইদৰে তেজৰ সম্বন্ধই উমৈহতীয়া এক সমাজ ব্যৱস্থাৰ সৃষ্টি কৰিছিল। উমৈহতীয়া সমাজ ব্যৱস্থাত সামূহিক চেতনাবোধ আৰু সামূহিক স্বাৰ্থ গঢ়ি উঠিছিল। পৰিয়ালৰ দ্বাৰা সৃষ্টি হোৱা জাতিৰ নেতাজনক পৰিয়ালৰ মুৰব্বীজনৰ দৰেই বাকীসকলে মানি চলিছিল। এইদৰেই সৰ্বশেষত ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। গতিকে তেজৰ সম্পৰ্ক ৰাষ্ট্ৰৰ সৃষ্টিৰ এটা মূল বা প্ৰথম উপাদান বুলি ক’ব পাৰি।

৩। ধৰ্মৰ প্ৰভাৱ (Religion) : তেজৰ সম্পৰ্কৰ দৰে ধৰ্মৰ প্ৰভাৱেও মানুহক একত্ৰিত কৰি একগোট হৈ বসবাস কৰাত সহায় কৰিছিল।পুৰণিকালত মানুহ অন্ধবিশ্বাসী আছিল। তেওঁলোক অজ্ঞান আৰু ভয়াতুৰ আছিল। প্ৰাকৃতিক দুৰ্যোগৰ পৰা তেওঁলোকে সঘনে ভয় পাইছিল। সেই সময়ত মানুহে অন্ধবিশ্বাস, অজ্ঞানতা আৰু ভয়ৰ বাবে ধৰ্মবিশ্বাস কৰি চলিছিল যাতে প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পৰিব পাৰে।সেয়ে অতীতত সাপ, গছ, নদী, পাহাৰ, পৰ্বতক মানুহে পূজা কৰিছিল। ধৰ্মগুৰুসকলৰ কথা মানি চলিছিল সেই সময়ত একেজন মানুহেই ৰজা আৰু ধৰ্মগুৰু আছিল। সেয়ে তেওঁলোকে ৰজাৰ হুকুম মানি চলিছিল। যেতিয়া ধৰ্ম সংগঠিত হৈ এটা অনুষ্ঠানৰূপে স্থাপন কৰা হয় তেতিয়া ধৰ্মগুৰুসকল এই অনুষ্ঠানৰ জৰিয়তে শাখনকৰ্তাও হৈ পৰিছিল আৰু কালক্ৰমত এইদৰে ধৰ্মৰ প্রভাৱে ৰাষ্ট্ৰৰ সৃষ্টিত সহায় কৰে। সেয়েহে ধৰ্মৰ প্ৰভাৱ ৰাষ্ট্ৰ গঠনৰ এটা বিজ্ঞানসন্মত উপাদান বুলি কোৱা হয়।

৪। বল প্ৰয়োগ (Force) : অতীত কালত সমাজৰ বিভিন্ন গোষ্টী, পৰিয়াল, জাতি, উপজাতিৰ মাজত সঘনে যুদ্ধ-বিগ্ৰহ চলিছিল। এই বিভিন্ন স্তৰৰ শক্তিশালী লোকসকলে দুর্বলসকলক যুদ্ধত পৰাজয় কৰি তলতীয়া কৰি লৈছিল, প্ৰভূত্ব বিস্তাৰ কৰিছিল। এটা শক্তিশালী গোষ্টীয়ে দুৰ্বল গোষ্টীক, এটা শক্তিশালী জাতিয়ে দুৰ্বল জাতিক যুদ্ধত পৰাস্ত কৰি তলতীয়া কৰি লৈছিল। এইদৰে শক্তিৰ পৰীক্ষা কৰিবলৈ গোষ্টী,উপজাতি আৰু জাতিবিলাক একত্ৰিত হৈছিল আৰু তেওঁলোকে একো একোজন নেতাৰ শাসন মানি চলিছিল। কালক্ৰমত এই ব্যৱস্থাৰ ফলত ৰাষ্ট্ৰৰ সৃষ্টি হয়। গতিকে বল প্ৰয়োগ ৰাষ্ট্ৰৰ সৃষ্টিৰ এটা মুখ্য উপাদান।

৫। অৰ্থনৈতিক প্ৰয়োজন (Economic Necessity) : জনসাধাৰণৰ অৰ্থনৈতিক ৰাজনৈতিক কাৰ্যকলাপ আৰু আৰ্থিক অভাৱ-অভিযোগেও ৰাষ্ট্ৰৰ ঐতিহাসিক বিকাশত অধিক অৰিহণা যোগাইছিল।অতীত কালত মানুহৰ যেতিয়া হাবিয়ে-বননিয়ে বাস কৰিছিল তেতিয়া পশু চিকাৰ আৰু পশুপালন কৰি জীৱিকা নিৰ্বাহ কৰিছিল। লাহে লাহে মানুহে খেতি কৰা প্ৰণালী শিকে। খেতি পদ্ধতি আৰম্ভ হোৱাৰ লগে লগে মানুহে একোটা এলেকাত নিগাজীকৈ বাস কৰিবলৈ আৰম্ভ কৰে। এইদৰে খেতি পদ্ধতিৰ ওপৰত ভিত্তি কৰিয়েই মানুহে একেলগে বাস কৰিবলৈ লৈ একোটা চুবুৰী গঠন কৰে। 

লাহে লাহে চুবুৰী সম্প্ৰসাৰিত হৈ গাঁও গঠন হয়। গাঁওৰ যিটো পৰিয়ালে অধিক মাটি চহাই শস্য উৎপাদন কৰিব পাৰে তেৱেঁই বেছি চহকী আছিল। আৰ্থিক অভাৱ-অভিযোগ দূৰ কৰিবৰ কাৰণে মানুহ এইদৰে গাঁও পাতি খেতি, বেপাৰ-বাণিজ্য চলাই বাস কৰিবলৈ লয়। এইদৰে বাস কৰাৰ ফলত মানুহে কিছুমান নিয়ম-নীতি প্ৰণয়ন কৰি লৈছিল। কালক্ৰমত এইদৰে উদ্ভৱ হোৱা গাঁও অঞ্চলসমূহৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে। 

জনসংখ্যা বৃদ্ধি হোৱাৰ অৰ্থনৈতিক কাৰ্যকলাপেই হ’ল মূল কাৰণ। এই গাঁও অঞ্চলৰ পৰা এক সম্প্ৰসাৰিত ৰূপত ঐতিহাসিক ক্ৰমবিবৰ্তনৰ ফলত ৰাষ্ট্ৰ সৃষ্টি হয়।

৬। ৰাজনৈতিক চেতনাবোধ (political Consciousness) : উপৰোক্ত উপাদানসমূহতকৈ ৰাজনৈতিক চেতনাবোধৰ উপাদান ৰাষ্ট্ৰৰ সৃষ্টিৰ ক্ষেত্ৰত বহুত বেছি মূল্যবান।আদিম অৱস্থাৰ মানুহৰ ৰাজনৈতিক চেতনাবোধ শূন্য আছিল।কিন্তু কালক্ৰমত মানুহ যেতিয়া সভ্য হৈ আহিল আৰু উচ্চ জীৱন-যাপন কৰিবলৈ ধৰিলে তেতিয়া তেওঁলোকে আইন- শৃংখলা মানি চলিবলৈ ধৰিলে। সময়ত তেওঁলোকৰ ৰাজনৈতিক চেতনাবোধ জাগি উঠে আৰু ইয়াৰ দ্বাৰা ৰাজনৈতিক অনুষ্ঠান গঠন কৰি ৰাষ্ট্ৰ সৃষ্টি কৰে আৰু ৰাষ্ট্ৰৰ জৰিয়তে উচ্চ জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰে। 

তেওঁলোকে ৰাষ্ট্ৰ-শাসনৰ প্ৰতি আনুগত্য স্বীকাৰ কৰি ৰাষ্ট্ৰ জনহিতকৰ অনুষ্ঠান হিচাপে মানি লয়। গতিকে ৰাজনৈতিক চেতনাবোধও ৰাষ্ট্ৰ গঠনত অধিক অৰিহণা যোগাইছিল।

ক্ৰমবিবৰ্তনমূলক মতবাদৰ ক্ৰটিসমূহ (Criticism) : ৰাষ্ট্ৰ উৎপত্তিৰ ক্ষেত্ৰত উপস্থাপিত আন মতবাদৰ দৰে ক্ৰমবিৱৰ্তনমূলক মতবাদটোও একেবাৰে দোষমুক্ত নহয়। সমালোচকসকলে ইয়াৰো কিছুমান দোষ-ক্ৰুটি আঙুলিয়াইছে।সেয়া হ’ল – 

১। ঐতিহাসিক মতবাদটোৱে ৰাষ্ট্ৰৰ ক্ৰমবিকাশৰ প্ৰতিটো উপাদানৰ ওপৰত নিবিষ্ট গুৰুত্বৰ বিষয়ে এখন প্ৰকৃত ছবি দাঙি ধৰাত ব্যৰ্থ হৈছে।

২। এই মতবাদটোৱে ৰাষ্ট্ৰৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ ক্ষেত্ৰত উপাদানবোৰৰ গুৰুত্ব নিৰ্ধাৰণ কৰিব পৰা নাই।

৩। ঐতিহাসিক মতবাদটো কিছু অনিৰ্দিষ্ট ঐতিহাসিক উপাদানৰ ওপৰত নিৰ্ভৰশীল।

৪। এই মতবাদৰ ভিত্তিৰ মৌলকতা নাই, আন মতবাদবোৰৰ ভিত্তিৰ সংমিশ্ৰণতহে গঢ়ি উঠিছে বুলি কোৱা হয়।

৫। ঐতিহাসিক মতবাদটোৱে ৰাষ্ট্ৰ কেনেকৈ, কেতিয়া সৃষ্টি হ’ল তাৰ ব্যাখ্যা দিয়াত ব্যৰ্থ হৈছে। ই প্ৰকৃতাৰ্থতে ৰাষ্ট্ৰ উৎপত্তিৰ  মতবাদ নহয়, ই ৰাষ্ট্ৰৰ বিৱৰ্তনৰ অৰিহণা যোগোৱা কিছুমান উপাদানৰ ব্যাখ্যাহে দাঙি ধৰিছে।

মূল্যায়ন (Evaluation) : ৰাষ্ট্ৰ উৎপত্তিৰ ক্ৰমবিবৰ্তনমূলক মতবাদটোৱে কেতিয়া,কেনেকৈ উৎপত্তি হ’ল তাৰ সঠিক ব্যাখ্যা দিব পৰা নাই যদিও ৰাষ্ট্ৰ যে এটা মাত্ৰ কাৰণত হঠাতে হোৱা নাই, আৰু ই যে কেইবাটাও উপাদানৰ সম্বন্ধযত, ক্ৰমান্বয়ে লাহে লাহে গঢ় লৈ উঠিছে তাক প্ৰতিপন্ন কৰিছে। আনহাতে মতবাদটোৱে দাঙি ধৰা সকলো উপাদানৰ মৌলকতা নাই বুলি ক’ব নোৱাৰি। ধৰ্ম, অৰ্থনৈতিক প্ৰয়োজন, ৰাজনৈতিক সচেতনতা আদি উপাদানৰ মৌলকতা অনস্বীকাৰ্য। আন কোনো মতবাদত এই উপাদানকেইটাৰ উল্লেখ নাছিল। মুঠতে ঐতিহাসিক ক্ৰমবিবৰ্তনমূলক মতবাদটোৱেহে ৰাষ্ট্ৰ উৎপত্তিৰ ক্ষেত্ৰত বিজ্ঞানসন্মত, যুক্তিপূৰ্ণ আৰু সকলোৰে গ্রহণযোগ্য মতবাদ এটা আগবঢ়াব পৰিছে।

21. Explain the reasons for the decline of divine origin theory.

Ans : সপ্তম শতিকাৰ শেষৰ পৰা এই তত্বৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাটো পৰিলক্ষিত হয়। এই বিলুপ্তিৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল – 

১) ইংলেণ্ডৰ গৌৰবময় বিপ্লৱৰ সফলতাৰ পিছতেই এফালে ৰাজতন্ত্ৰৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পায় আৰু আনফালে সংসদৰ ক্ষমতা বৃদ্ধি পায়। ফলস্বৰূপে ৰজৰ চূড়ান্ত ক্ষমতাৰ পোষকতা কৰা ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বটোৰ প্ৰভাৱ স্থবিৰ হৈ পৰে।

২) ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কীয় সামাজিক চুক্তি তত্বৰ আবিৰ্ভাৱেও ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বৰ প্ৰভাৱ যথেষ্ট পৰিমাণে হ্ৰাস কৰি পেলায়।

৩) মানুহৰ সমাজত গণতান্ত্ৰিক প্ৰমূল্যৰ ক্ৰম বৰ্তমান জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিততো ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বটো ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰে।

৪) ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বটোৱে ধৰ্ম আৰু ৰাজনীতিক একাকাৰ কৰি পেলাইছিল। কিন্তু বৰ্তমান যুগত ৰাষ্ট্ৰক মূলতঃ এক ধৰ্ম নিৰপেক্ষ অনুষ্ঠান। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণা জনপ্ৰিয় হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বটো দুৰ্বল হৈ পৰে।

৫) ইউৰোপৰ নৱজাগৰণ, ধর্মীয় সংস্কাৰ আন্দোলন তথা জাতীয়তাবাদৰ আবিৰ্ভাৱ ফলস্বৰূপেও ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বটোৰ প্ৰভাৱ ক্ৰমান্বয়ে কমি আহে।

৬) ১৯০০ শতিকাত বৈজ্ঞানিক সমাজবাদৰ বিকাশৰ ফলতো ৰাষ্ট্ৰৰ দৈৱিক উৎপত্তি তত্বটো গুৰুত্বহীন হৈ পৰে।

22. Explain any four causes for the decline of powers of modern state.

Ans : ৰাষ্ট্ৰক এক আদৰ্শৰূপে ধৰি লৈ ৰাষ্ট্ৰক সৰ্বশক্তিমান শাস্তি প্ৰদানকাৰী অনুষ্ঠানৰূপে গণ্য কৰা হৈছিল। কিন্তু বৰ্ণনাত্মক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে ৰাষ্ট্ৰৰ সৰ্বশক্তিমান, সর্বগ্রামী, বৈষষ্ট্যক অস্বীকাৰ কৰি ৰাষ্ট্ৰক অন্য সংগঠনসমূহৰ দৰে সমপৰ্যায়ত ৰাখিবলৈ মতামত আগবঢ়ালে। সময়ৰ অগ্ৰগতিৰ লগে লগে ৰাষ্ট্ৰ ব্যৱস্থাৰ পৰিবৰ্তে হৈছে।লগে লগে মানুহৰ সচেতনতা বৃদ্ধি পাইছে। ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস পোৱাৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল- 

১) ব্যক্তিবাদী, উদাৰবাদী ভাৱধাৰাৰ বিকাশ : জন ষ্টুৱাৰ্ট মিল, হাবাৰ্ট স্পেনচাৰ, আডাম স্মিথ আদি চিন্তাবিদসকলে ব্যক্তিবাদৰ ওপৰত প্ৰধান গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকৰ মতে ৰাষ্ট্ৰৰ ক্ষমতা সীমিত হ’ব লাগে। ব্যক্তিৰ ওপৰত ৰাষ্ট্যই যিমান কম হস্তক্ষেপ কৰে সিমানেই ভাল। ব্যক্তিক নিজৰ মতে কাম কৰিবলৈ এৰি দিব লাগে। ব্যক্তিবাদীসকলৰ মতে ব্যক্তিৰ অধিকাৰ ৰক্ষা কৰা, ব্যক্তিক বৈদেশিক আক্ৰমণৰ পৰা ৰক্ষা কৰা, শান্তি নিৰাপত্তা বজাই ৰখা আদি কামতহে ৰাষ্ট্ৰ জড়িত থাকিব লাগে। অন্যান্য বিষয়ত ৰাষ্ট্ৰৰ ক্ষমতা থাকিব নেলাগে।ৰাষ্ট্ৰৰ অধিক নিয়ন্ত্ৰণে ব্যক্তিৰ ব্যক্তিত্বক ধ্বংস কৰে।

২) গান্ধীবাদৰ প্ৰভাৱ : গান্ধীৰ মতে ৰাষ্ট্ৰ হিংসাৰ ওপৰত প্ৰতিষ্ঠিত।জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰাৰ কাৰণে ৰাষ্ট্ৰ শক্তি আৰু হিংসাৰ আশ্ৰয় লয়। ৰাষ্ট্ৰ এক আত্মাহীন যন্ত্ৰ। মানুহৰ আত্মা থাকে, ৰাষ্ট্ৰৰ নাথাকে। ৰাষ্ট্যই অধিক ক্ষমতা আহৰণ কৰাৰ অৰ্থ হ’ল অধিক হিংসা আৰু শক্তি আহৰণ কৰি কঠোৰ শাসন, শোষণ আৰু নিৰ্যাতন অব্যাহত ৰখা। গান্ধীৰ মতে ৰাষ্ট্ৰ আৰু সাৰ্বভৌমত্ব পৰস্পৰ সম্পৰ্কযুক্ত। দুয়োটাই শক্তিৰ প্ৰয়োগৰ পক্ষপাতী। 

গতিকে গান্ধীয়ে ৰাষ্ট্ৰক অধিক গুৰুত্ব প্ৰদান কৰা নাছিল।অহিংস আৰু সত্যাগ্ৰহৰ যোগেদি ৰাষ্ট্ৰ আৰু চৰকাৰৰ দমনমূলক কাৰ্যকলাপৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে বিশ্বজোৰা প্ৰভাৱ পেলাব পাৰিছিল।

৩) মাৰ্ক্সবাদী ধাৰণাৰ বিকাশ : কাৰ্লমাৰ্ক্স, ফ্ৰেডৰিক এঞ্জেলছ আদি সাম্যবাদী চিন্তাধাৰাৰ লোকসকলৰ লেখনিয়ে ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি কৰিলে। তেওঁলোকৰ মতে ৰাষ্ট্ৰ প্ৰকৃততে অৰ্থনৈতিকভাৱে শক্তিশালী শ্ৰেণীৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়। প্ৰতিখন সমাজতে অৰ্থনৈতিকভাৱে শক্তিশালী এক প্ৰভুত্বশীল শ্ৰেণী থাকে। প্ৰভুত্বশীল শ্ৰেণীটোৱেই সমাজৰ অন্য শ্ৰেণীক নিয়ন্ত্ৰণ কৰে। 

প্ৰভুত্বশীল শ্ৰেণীটো ৰাষ্ট্ৰৰ লগতে এনেভাৱে জড়িত থাকে যে ৰাষ্ট্ৰয় তেওঁলোকৰ স্বাৰ্থহে পূৰণ কৰে। অৰ্থাৎ ৰাষ্ট্ৰ হ’ল অৰ্থনৈতিকভাৱে শক্তিশালী শ্ৰেণীৰ শোষণৰ আহিলা।গতিকে ৰাষ্ট্ৰৰ শক্তিশালী শ্ৰেণীয়ে বা পুঁজিবাদী শ্ৰেণীয়ে শ্ৰমিক শ্ৰেণীক শোষণ কৰে। ৰাষ্ট্ৰ শ্ৰেণী বিভাজন আৰু শ্রেণী সংঘাতৰ পৰিণতি। ৰাষ্ট্ৰ মানে ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত সংঘাত চলি থাকিব। শোষণৰ বলি হোৱা শ্ৰমিক আৰু দুখীয়া শ্ৰেণীয়ে ধনী শ্ৰেণীৰ বিৰুদ্ধে সংঘাতত লিপ্ত হ’ব। এনেদৰে সমাজ গঠন হ’ব। মৰ্ক্সবাদৰ মতে সামন্তবাদী ৰাষ্ট্ৰ সামন্ত প্ৰভুসকলৰ ৰাষ্ট্ৰ,দাস ৰাষ্ট্ৰ দাসৰ মালিকৰ ৰাষ্ট্ৰ আৰু উদ্যোগিক ৰাষ্ট্ৰ বুজোৱা বা পুঁজিবাদীসকলৰ ৰাষ্ট্ৰ।গতিকে এদিন ৰাষ্ট্ৰ ব্যৱস্থা বিলোপ ঘটিব।এনেদৰে মাৰ্ক্সবাদীৰ ভাৱধাৰা মতে ৰাষ্ট্ৰ ব্যৱস্থা পতন ঘটিব।

৪) গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বিকাশ : গণতান্ত্ৰিক প্ৰমূল্যবোধৰ বিকাশে ৰাষ্ট্ৰ ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা বিশ্বৰ জনসাধাৰণৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি আস্থা বৃদ্ধি পাবলৈ ধৰিলে। গোপন কূটনিটিৰ ঠাইত মুক্ত কূটনীতিৰ বিকাশ ঘটিল। বিশ্বৰ প্ৰায় সকলো দেশত গণতান্ত্ৰিক আলাপ-আলোচনা, বিতৰ্ক, মুক্ত ব্যক্তি স্বাধীনতাৰ মাজেদি জনসাধাৰণে ৰাষ্ট্ৰৰ কাৰ্যকলাপত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ ধৰিলে। জনমতৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে। শান্তিপূৰ্ণ আৰু অসাংবিধানিক ব্যৱস্থাৰ মাজেদি জনসাধাৰণে গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতি আস্থা ৰাখি সমস্যা সমাধানত গুৰুত্ব দিবলৈ ধৰিলে। ৰাজনৈতিক দল, প্ৰভাৱগোষ্টী, সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণে ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ধৰিলে।ফলস্বৰূপে চৰকাৰে জনমতৰ ওপৰত নিৰ্ভৰ কৰিছে ৰাজনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। এনেদৰে ৰাষ্ট্ৰয় ইয়াৰ গুৰুত্ব হেৰুৱাইছে।

৫) জনপ্ৰিয় সাৰ্বভৌমত্ব ধাৰণাৰ বিকাশ : ফৰাচী দাৰ্শনিক ৰুচোৰ লিখনিত জনপ্ৰিয় সাৰ্বভৌমত্বৰ ধাৰণা প্ৰতিফলিত হৈছিল। ৰুচোৰ সাম্য, মৈত্ৰী স্বাধীনতাৰ বাণী জনসাধাৰণৰ বাবেই আছিল। ৰুছোঁৱে জনসাধাৰণৰ সাধাৰণ ইচ্ছাক গুৰুত্ব আৰোপ কৰিছিল। চৰকাৰৰ নিজৰ ইচ্ছা থাকিব নোৱাৰে। জনসাধাৰণৰ ইচ্ছা বা সাধাৰণ ইচ্ছাই চৰকাৰৰ নিয়ন্ত্ৰণ কৰিব লাগে। ৰুছোঁৱে জনসাধাৰণৰ হাততহে সাৰ্বভৌম ক্ষমতা অৰ্পণ কৰিছিল। ৰুচোৰ জনপ্ৰিয় সাৰ্বভৌমত্বৰ আঁচনি অনুসৰি নাগৰিকসকলে মুকলি ঠাইত মাজে সময়ে সমবেত হৈ ৰাষ্ট্ৰৰ কামত অংশগ্ৰহণ কৰিব লাগে। ৰুচোৰ মতে সাধাৰণ ইচ্ছাই সকলোৰে মংগলৰ কাৰণে কাম কৰে। এনে ইচ্ছা সকলো লোকৰ সন্মতি সাপেক্ষে গ্ৰহণ কৰা হয়।

৬) পদ্ধতি তত্ত্বৰ বিকাশ : বৰ্তমান বহু ৰাজনীতিবিদে ৰাষ্ট্ৰৰ শব্দৰ পৰিবৰ্তে পদ্ধতি শব্দ ব্যৱহাৰ কৰে। বহুতে আকৌ ৰাজনৈতিক সংস্কৃতি শব্দ ব্যৱহাৰ কৰে। তেওঁলোকৰ মতে ৰাষ্ট্ৰ ব্যৱস্থা বৃহত্তৰ সমাজ ব্যৱস্থাৰ অংশ। কাৰণ সামাজিক উপদানবোৰে ৰাজনৈতিক অনুষ্ঠান আৰু পদ্ধতিত শক্তিশালী প্ৰভাৱ পেলায়। ৰাষ্ট্ৰ আৰু চৰকাৰ সমাজ ব্যৱস্থাৰ অংশ। সমাজৰ বিভিন্ন গোটসমূহৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে এটা বিষয়ত ব্যৱস্থা গঢ় লৈ উঠে।

ৰাজনীতিৰ লগত জড়িত বিষয়ত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে ৰাজনৈতিক ব্যৱস্থা গঢ় লয়। জনসাধাৰণৰ দাবী আৰু চৰকাৰৰ ব্যৱস্থা গ্ৰহনৰ এটা পদ্ধতিৰ মাজেদি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

গ্ৰাহাম ৱালেচে মতামত দিছে যে যাক আমি ৰাজনীতি বুলি কওঁ সি দেশ ব্যাখ্যাত সমাজৰ এটা অংশহে। মানুহৰ আচৰণ আৰু সমাজতাত্বিক উপদানবোৰে ৰাজনৈতিক অনুষ্ঠান আৰু সংগঠনবোৰক শক্তিশালীভাৱে প্ৰভাৱ পেলায়। গতিকে ৰাষ্ট্ৰৰ সলনি ৰাজনৈতিক পদ্ধতিৰ ওপৰত পদ্ধতি তত্বৰ পৃষ্ঠপোষকসকলে  গুৰুত্ব আৰোপ কৰে। আচৰণবাদী সকলে ক্ষমতাত থকা ব্যক্তি আৰু ৰাজনৈতিক গোটৰ আচৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰৰ গুৰুত্ব হ্ৰাস কৰাত অৰিহণা যোগাইছে।

23. Short notes : 

Methods of Acquiring Citizenship.

Ans : নাগৰিকত্ব অর্জনৰ পদ্ধতিসমূহ (Methods of Acquiring Citizenship) : বিশ্বৰ সকলো ৰাষ্ট্ৰত ব্যক্তিক নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম মানি চলা হয়। ৰাষ্টখনত বসবাস কৰা সকলো লোককে নাগৰিকত্বৰ মৰ্যাদা প্ৰদান কৰা নহয়। তদুপৰি ব্যক্তি এজনে ইচ্ছা কৰিলেই এখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব নোৱাৰে। ৰাষ্ট্ৰ এখনে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰেহে এজন ব্যক্তিয়ে এখন দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে। সাধাৰণতে নাগৰিকত্ব আহৰণৰ পদ্ধতিসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি : (১)জন্মসূত্রে নাগৰিকত্ব আহৰণ কৰা (Citizenship by birth), (২) দেশীয়কৰণৰ দ্বাৰা (Citizenship by Naturalisation), (৩) চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব আহৰণ কৰা (Citizenship by annexation)।

নাগৰিকত্ব লাভৰ উপায়-

জন্মসূত্রে নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে চামিলকৰণৰ জৰিয়তে আহৰণ নাগৰিকত্ব আহৰণ নাগৰিকত্ব আহৰণ

(Citizenship by birth) (Citizenship by Naturalisation) 

annexation).

(a) দীৰ্ঘকাল বসবাস।

(b) বিবাহ।

(c) চৰকাৰী চাকৰি গ্ৰহণ।

(d) সেনাবাহিনীত যোগদান।

(e) সম্পত্তি ক্ৰয়।

(f) পঞ্জীয়ন।

১. জন্মসূত্রে নাগৰিকত্ব আহৰণ (Citizenship by birth) : নাগৰিকত্ব আহৰণৰ আটাইতকৈ প্ৰচলিত পদ্ধতিটো হ’ল জন্মসূত্রে আহৰণ কৰা নাগৰিকত্ব। এজন ব্যক্তিয়ে জন্মসূত্রে কোনো এখন ৰাষ্ট্ৰৰ নাগৰিকত্ব আহৰণ কৰিব পাৰে। ব্যক্তিয়ে জন্মসূত্রে আহৰণ কৰা নাগৰিকত্ব দুটা ভাগত ভগাব পাৰি। সেই ভাগ দুটা হ’ল– 

(১) তেজৰ সম্পৰ্ক নীতি (Jus Sanguinis)

(২) জন্মস্থান নীতি (Jus Soli) তেজৰ সম্পৰ্ক নীতি অনুসৰি এজন ব্যক্তিয়ে বংশগতভাৱে নাগৰিকত্ব আহৰণ কৰিব পাৰে। অৰ্থাৎ এজন ব্যক্তিয়ে যি স্থানতে জন্মগ্ৰহণ নকৰক কিয়, ব্যক্তিজনৰ পিতৃ-মাতৃ (কোনো এজন বা দুয়োজনেই) যিখন দেশৰ নাগৰিক ব্যক্তিজনেও সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব অধিকাৰ লাভ কৰিব পাৰে। গতিকে পিতৃ-মাতৃ যিখন দেশৰ নাগৰিক হয় তেওঁলোকৰ সন্তানে সেইখন দেশত জন্মগ্ৰহণ নকৰিলেও পিতৃ -মাতৃয়ে নাগৰিকত্ব আহৰণ কৰা দেশখনত নাগৰিকত্ব লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে A পিতৃ -মাতৃ যদি আমেৰিকাত বাস কৰে, কিন্তু তেওঁলোকে যদি ভাৰতীয় নাগৰিক হয় আৰু জন্ম আমেৰিকাত হয় তেতিয়াও A য়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে।

অৱশ্যে কিছুমান দেশত নাগৰিক সেই নিৰ্দিষ্ট ৰাষ্ট্ৰখনৰ বাহিৰত জন্মগ্ৰহণ কৰিলে কেইপুৰুষলৈকে নাগৰিকত্ব দাবী কৰিব পাৰিব তাৰ নিৰ্দিষ্ট সীমাবদ্ধতা আছে। কানাডা, ইংলেণ্ড আদি দেশত এই নিয়ম প্রয়োজ্যে। আনহাতে ফ্ৰান্স, চুইজাৰলেণ্ড, ইটালী আদি দেশত এই নিয়ম প্ৰচলিত নহয়।

জন্মসূত্রে নাগৰিকত্ব আহৰণ কৰা আনটো নীতি হ’ল জন্মস্থান নীতি। এই নীতি অনুসৰি ব্যক্তি এজনে যিখন দেশত জন্মগ্ৰহণ কৰে তেওঁ সেইখন দেশৰ নাগৰিকত্ব আহৰণ কৰিব পাৰে। তাৰ বাবে ব্যক্তিজনৰ পিতৃ-মাতৃ সেই দেশৰ নাগৰিক নহ’লেও হ’ব; অৰ্থাৎ ব্যক্তিয়ে কোনো ৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিলে স্বতঃস্ফূৰ্তভাৱে সেই ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, পাকিস্তান, আৰ্জেন্টিকা, উৰগুৱে আদি ৰাষ্ট্ৰত এই নীতিৰে ব্যক্তিক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে।

২. দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব আহৰণ (Citizenship by Naturalisation) : নাগৰিকত্ব আহৰণৰ অন্য এটা পদ্ধতি হৈছে দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব আহৰণ। এই পদ্ধতিৰ জৰিয়তে বিদেশী লোকক কোনো এখন দেশৰ নাগৰিকত্ব প্ৰদান কৰা হয়। আইনগতভাৱে বিদেশৰ পৰা প্ৰব্ৰজন কৰি অহা বা অন্য উপায়েৰে অহা লোকক ৰাষ্ট্যই নাগৰিকত্ব প্ৰদান কৰিব পাৰে। অৱশ্যে এনে পদ্ধতিৰে নাগৰিকত্ব আহৰণ কৰিবলৈ ব্যক্তিয়ে নিৰ্দিষ্ট কিছুমান নীতি-নিয়ম মানিব লগা হয়। ভিন্ন ভিন্ন ৰাষ্ট্ৰত এই নীতি ভিন্ন ভিন্ন হয়। দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব আহৰণৰ কিছুমান উপায় আছে। সেই উপায়সমূহ হ’ল – 

(a) দীৰ্ঘকাল বসবাস : কোনো এজন বিদেশী দীৰ্ঘদিন ধৰি এখন দেশত বসবাস কৰাৰ পাছত দেশীয়কৰণ পদ্ধতিৰে তেওঁ নাগৰিকত্ব আহৰণ কৰিব পাৰে। এই পদ্ধতিৰে নাগৰিকত্ব অর্জন কৰিব বিচৰা ৰাষ্টখনত বিদেশী লোকজনে দীৰ্ঘদিন ধৰি স্থায়ীভাৱে বসবাস কৰিব লাগিব।

(b) বিবাহ : দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব আহৰণ কৰিব পৰা আন এটা উপায় হ’ল বিবাহৰ জৰিয়তে নাগৰিকত্ব আহৰণ। এগৰাকী মহিলাই বিদেশী ৰাষ্ট্ৰৰ পুৰুষৰ লগত বিবাবপাশত আবদ্ধ হ’লে তেওঁ স্বামীৰ দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে। উদাহৰণস্বৰূপে এজন বিদেশী মহিলাই যদি এজন ভাৰতীয় পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ হয়, তেন্তে সেই বিদেশী মহিলাগৰাকীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে।ভাৰত,আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী আদি ৰাষ্ট্ৰসমূহত বিবাহৰ জৰিয়তে নাগৰিকত্ব অর্জনৰ ব্যৱস্থা আছে।

(c) চৰকাৰী চাকৰি গ্ৰহণ : এজন ব্যক্তিয়ে যদি দীৰ্ঘদিন ধৰি তেওঁ নিজ ৰাষ্ট্ৰৰ বাহিৰত অন্য কোনো বিদেশী ৰাষ্ট্ৰত  চাকৰি গ্ৰহণ কৰে, তেন্তে সেই ব্যক্তিজনে নিজ দেশৰ নাগৰিকত্ব ত্যাগ কৰি তেওঁ চাকৰি কৰা ৰাষ্ট্ৰখনৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে।

(d) সেনাবাহিনীত যোগদান : কোনো ব্যক্তিয়ে যদি এখন বিদেশী ৰাষ্ট্ৰৰ সেনাবাহিনীত যোগদান কৰে, তেন্তে তেওঁ নিজ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱাব আৰু তেওঁ সেনাবাহিনীত যোগদান কৰা দেশখনৰ নাগৰিকত্ব গ্ৰহণ কৰিব পাৰে।

(e) সম্পত্তি ক্ৰয় : যদি এজন ব্যক্তিয়ে কোনো বিদেশী ৰাষ্ট্ৰত মাটি বা আন কোনো স্থাৱৰ সম্পত্তি ক্ৰয় কৰে, তেন্তে তেওঁ সেই ৰাষ্টখনত স্থায়ীভাৱে বসবাস কৰি সেই ৰাষ্ট্ৰখনৰ নাগৰিকত্ব লাভ কৰিব পাৰে।

(f) পঞ্জীয়ন : এজন ব্যক্তিয়ে কোনো বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিবলৈ আবেদন কৰি নিজৰ নাম নাগৰিক হিচাবে পঞ্জীয়ন কৰিব পাৰে। এনেদৰে পঞ্জীয়নৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো বিদেশী ৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰিব পাৰে। দেশীয়কৰণৰ জৰিয়তে নাগৰিকত্ব আহৰণ কৰা ই এক উপায়।

৩. চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব আহৰণ (Citizenship by Annexation) : নাগৰিকত্ব আহৰণৰ অন্য এক পদ্ধতি হৈছে চামিলকৰণ। এই পদ্ধতি অনুসৰি কোনো এটা অঞ্চল যদি কোনো এখন ৰাষ্ট্ৰৰ লগত চামিল হয় তেন্তে সেই অঞ্চলত বসবাস কৰা ব্যক্তিসকল ৰাষ্টখনত চামিলকৰণৰ জৰিয়তে নাগৰিকত্ব লাভ কৰে।গতিকে এটা অঞ্চলৰ চামিলকৰণে অঞ্চলবাসীক চামিলকৃত নাগৰিকত্ব প্ৰদান কৰিব পাৰে।

ওপৰত আলোচনা কৰা এই তিনিটা উপায়েৰে নাগৰিকত্ব আহৰণ কৰিব পাৰি। এই তিনিটা পদ্ধতিৰ ভিতৰত জন্মসূত্রে আহৰণ কৰা নাগৰিকত্ব পদ্ধতিয়েই আটাইতকৈ সহজ আৰু পোনপটীয়া।নাগৰিকত্ব আহৰণৰ এই পদ্ধতিসমূহে বিশ্বৰ বিভিন্ন ৰাষ্ট্যই নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰয়োগ কৰে। ভাৰতবৰ্ষই নাগৰিকত্ব প্ৰদানৰ বাবে এই সমূহ পদ্ধতি অৱলম্বন কৰে।

24. Short Notes : QUALITIES OF A GOOD CITIZEN.

Ans : (১) নাগৰিকসকল শিক্ষিত হোৱা উচিত। সুশিক্ষা নহ’লে ভাল নাগৰিক হ’ব নোৱাৰে।

(২) ৰাজনৈতিক সচেতনতা সু-নাগৰিকৰ আন আন গুণ। প্ৰতিজন নাগৰিকে সমাজৰ সকলো সমস্যাৰ প্ৰতি সজাগ থাকিব লাগিব, তেন্তে ৰাষ্ট্ৰ মঙ্গল হ’ব।

(৩) এজন সু-নাগৰিকৰ ৰাষ্ট্ৰ আৰু ইয়াৰ সংবিধানৰ প্ৰতি আনুগত্য থাকিব লাগিব।

(৪) নাগৰিকসকলে ৰাষ্ট্ৰীয় আইন আৰু নীতি-নিয়মবিলাক মানি চলিব লাগিব।

(৫) নাগৰিকসকলে ৰাষ্ট্ৰীয় কার্য-কলাপত অংশগ্ৰহণ কৰিব লাগিব। সকলো বিষয়ত সক্ৰিয়তা সু-নাগৰিকৰ এটা বৈশিষ্ট্য।

(৬) এজন সু-নাগৰিকে ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

(৭) নীতিনিষ্ঠ নহ’লে সু-নাগৰিক হ’ব নোৱাৰে। এজন নীতিহীন ব্যক্তিক সু-নাগৰিক বুলি ক’ব নোৱাৰি।

(৮) সু-নাগৰিক স্বাধীন মনোভাবাপন্ন হ’ব লাগিব। যিকোনো বিষয়ত তেওঁৰ স্বাধীনভাৱে মতামত দিবৰ ক্ষমতা থাকিব লাগিব।

(৯) নিভিকতা সু-নাগৰিকৰ আন এটা গুণ। তেওঁ নিৰ্ভয়ে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব।

(১০) নাগৰিকসকল উদাৰনৈতিক আৰু বহল মনোভাবাপন্ন হোৱা উচিত। সংকীৰ্ণমনা ব্যক্তিক কেতিয়াও সু-নাগৰিক বুলি ক’ব নোৱাৰি।

(১১) নাগৰিকসকলে চৰকাৰী ৰাজহ নিয়মিত ভাৱে পৰিশোধ কৰিব লাগে।

25. Very Short Answer type questions : 

1. Give a definition of power.

Ans : টনিৰ (Tawney) মতে “ব্যক্তি বা ৰাষ্ট্ৰৰ নিজা ইচ্ছা অনুযায়ী আনক পৰিবৰ্তন কৰিব পৰা বা কোনো ফলাফল লাভ কৰিব পৰা দক্ষতাই হৈছে ক্ষমতা।”

2. Mention two characteristics of power.

Ans : (১) ক্ষমতা এক প্ৰকাৰৰ সম্পৰ্ক। দুই বা ততোধিক ব্যক্তিৰ মাজত ই গঢ়ি উঠিব পাৰে।

(২) ক্ষমতাৰ আন এটা বৈশিষ্ট্য হৈছে ক্ষমতা এটা বিষয়ৰ লগত জড়িত থাকে। বিত্তীয় ক্ষমতানে, সামৰিক ক্ষমতানে, আন কিবা বিষয়ৰ ক্ষমতা ইয়াৰ স্পষ্টতা থাকে।

3. Give two forms of power.

Ans : ক্ষমতাৰ দুটা ৰূপ হ’ল – (১) প্ৰভাৱ (২) কৰ্তৃত্ব।

4. Mention two Classification of power.

Ans : ক্ষমতাৰ দুটা প্ৰকাৰ হ’ল – (১) বৈধ ক্ষমতা (২) অবৈধ ক্ষমতা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top