Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি

Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Process of India Unit 1 ৰাজনৈতিক দল আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Political Parties and the Party System

POLITICAL SCIENCE

POLITICAL PROCESS OF INDIA

ভাৰতৰ ৰাজনৈতিক প্ৰক্ৰিয়া

Short Question

1. In the Indian History for the first time the Janata party captured power in 1971/1975/1977. 

Ans: 1977.

2. The pressure groups contest/does not contest in the election. 

Ans: নকৰে। 

3. Which regional political party attained political power in Assam for the first time? 

Ans: অসম গণ পৰিষদ।

4. The pressure groups want to/don’t want to attain power. 

Ans: নিবিচাৰে।

5. Mention one pressure groups of India. 

Ans:  AITUC.

6. Where is the Telegu Dasham active?

Ans: অন্ধ প্ৰদেশত।

7. Mention the non-congress political party who ruled almost 30 years in West Bengal.

Ans: মাৰ্ক্সবাদী দলৰ নেতৃত্বত বাম মৰ্চা।

8. The anti-defection act was passed in the 1984/ 1985/ 1986.

Ans: 1985.

9. For the first time Congress party was divided in 1960/1969/1971.

Ans: 1969.

10. The emergency was declared in India in April/May/June of 1975

Ans: June of 1975.

11. Which one is regional party?

(i) BJP. 

(ii) Congress. 

(iii) Telegu Desam.

Ans: (iii) Telegu Desam.

12. Mention one regional Party of Assam.

Ans: Assam Gana Parishad.

13. Mention one regional Party of Maharashtra?

Ans: The Maharashtra Navnirman Sena.

14. Mention one regional Party of Tamil Nadu.

Ans: Ahila India Naadalum Makkal Katchi.

15. Mention one regional Party of Jammu and Kashmir.

Ans: National Conference.

16. UPA Stand for?

Ans: United Progressive Alliance.

17. NDA Stand for?

Ans: The National Democratic Alliances.

18. EVM stand for?

Ans: Electronic Voting Machine.

Short Type Question

1. Political Parties and Democracy.

Ans: বর্তমান কালত গণতান্ত্ৰিক চৰকাৰ বুলিলে ৰাজনৈতিক দলৰ প্ৰাধান্য থকা চৰকাৰকহে বুজায়। কাৰণ, সংসদ বা বিধানসভাসমূহত সংখ্যাগৰিষ্ঠ দলৰ পৰাহে চৰকাৰ গঠিত হয়। তদুপৰি নিৰ্বাচনবিলাকো দলীয় ভিত্তিত প্রতিদ্বন্দ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মাজতহে হয়। অৱশ্যে দুই এক নির্দলীয় সদস্যও থাকে। কিন্তু সংখ্যাগৰিষ্ঠ দল থাকিলে নিৰ্দলীয় সদস্যৰ চৰকাৰ গঠনত বিশেষ কোনো ভূমিকা নাথাকে। এইবোৰ কাৰণতে গণতন্ত্ৰ আৰু ৰাজনৈতিক দলৰ ওতপ্রোত সম্পর্ক আছে। ৰাজনৈতিক দলেৰে গঠিত চৰকাৰসমূহক তিনিটা ভাগত ভগাব পাৰি-

(ক) একদলীয়।

(খ) দ্বি-দলীয়। আৰু

(গ) বহুদলীয় চৰকাৰ।

যি চৰকাৰত কেৱল এটা দলহে থাকে তেনে চৰকাৰক একদলীয় চৰকাৰ বোলা হয়। তেনে একদলীয় চৰকাৰ থকা দেশত এটাৰ বাহিৰে অন্য দলক স্বীকৃতি দিয়া নহয়। এনে ব্যৱস্থা সাম্যবাদী দেশসমূহত চলে। ইয়াৰ বিপৰীতে কোনো দেশত দুটা ৰাজনৈতিক দলক স্বীকৃতি দিয়া হয়। তাৰে যিটো দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিবলৈ সমৰ্থ হয়- সেই দলে চৰকাৰ গঠন কৰে আৰু বাকী দলে চৰকাৰৰ বিপক্ষ দল বা বিৰোধী দল হিচাপে কাম কৰে। উদাহৰণস্বৰূপে ব্ৰিটেইনৰ কথা ক’ব পাৰি। ইয়াত মূল দল হিচাপে মাত্ৰ দুটা ৰাজনৈতিক দল আছে। সংসদত পোৱা আসন অনুসৰি চৰকাৰৰ দল আৰু বিৰোধীপক্ষ হিচাপে প্ৰশাসনৰ কাৰ্যভাৰ চলায়। সেইদৰে ভাৰত আদি কিছুমান দেশত বহুদলৰ স্বীকৃতি দিয়া হয়। আৰু সেই দলসমূহৰ যিটো দলে সংখ্যাগৰিষ্ঠতা পায় সাধাৰণতে সেই দলেই চৰকাৰ গঠন কৰে। অন্যান্য সকলো দলে বিৰোধী দলৰ ভূমিকা লয়।

বহুদলীয় ব্যৱস্থাত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে একাধিক দল সমবেত হৈ চৰকাৰ গঠন কৰিব পাৰে। এনে চৰকাৰক সন্মিলিত বা সংযুক্ত চৰকাৰ বোলা হয়। একদলীয় চৰকাৰত বিৰোধী পক্ষ নাথাকে। গতিকে শাসন কার্য চলাওঁতে সাধাৰণতে এটা দলৰ স্বেচ্ছাচাৰী শাসন চলে বুলি ক’ব পাৰি। কিয়নো কোনো ধৰণৰ ভুল-ত্রুটি দেখুৱাবৰ বাবে কোনো বিৰোধী দল নাথাকে বাবে একেটা দলৰ মতামত বা নীতি ভুল বা শুদ্ধ হ’লেও চৰকাৰে প্ৰয়োগ কৰিবলৈ দ্বিধাবোধ নকৰে। দ্বি-দলীয় চৰকাৰত যি দলে সংসদত সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। বাকী দলটোৱে বিৰোধী দলৰ ভূমিকা লয়। বিৰোধী দলটোৱে একোখন ‘ছায়া মন্ত্ৰী সভা’ গঠন কৰে। তাত অন্তর্ভুক্ত সদস্যসকলে একো একোজন মন্ত্ৰীৰ দপ্তৰৰ কাম-কাজ পুংখানুপুংখৰূপে অধ্যয়ন কৰে আৰু সংসদত সেই মন্ত্ৰীৰ কাৰ্য-কলাপৰ ভুল-ত্রুটি সমালোচনা কৰে। যদি কিবা কাৰণত শাসকীয় দলৰ পতন ঘটে তেতিয়া বিৰোধী দলে চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ছায়া মন্ত্ৰী সভাৰ মন্ত্ৰীসকলে প্ৰকৃত মন্ত্ৰীৰ কাৰ্যভাৰ চলাবলৈ লয়। বহুদলীয় প্রথাত সংসদত সংখ্যাগৰিষ্ঠতা পোৱা দলে চৰকাৰ গঠন কৰে। এটা দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে সংযুক্ত চৰকাৰ গঠন কৰিব পাৰে। যদি দলীয় নীতিৰ বিভিন্নতা হেতু একাধিক দল লগলাগি চৰকাৰ গঠন কৰিব নোৱাৰে তেন্তে সেই সংসদ ভংগ কৰি নতুন নিৰ্বাচনৰ ব্যৱস্থা কৰিব লাগে। বহুদলীয় চৰকাৰৰ ক্ষেত্ৰত এটা দলে গঠন কৰাই হওক বা একাধিক দলৰ সংযুক্ত চৰকাৰেই হওক চৰকাৰৰ বাহিৰত থকা দলসমূহ বিৰোধী দল হিচাপে পৰিগণিত হয়। বিৰোধী দলে একোজন দলপতি নির্বাচন কৰি ল’ব পাৰে।

2. Write the Three Classification of Party System.

Ans: ৰাজনৈতিক দলেৰে গঠিত চৰকাৰসমূহক তিনিটা ভাগত ভগাব পাৰি—

(ক) একদলীয়।

(খ) দ্বি-দলীয়। আৰু

(গ) বহুদলীয় চৰকাৰ।

3. Write the two Role of opposition party in Indian Politics.

Ans: গণতন্ত্ৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰী পক্ষই নিজা মতামত আৰু নীতি অনুসৰি চৰকাৰ চলায় আৰু বিৰোধী দলে চৰকাৰৰ কাম-কাজ চলোৱাত ঘোঁৰাৰ লেকামৰ নিচিনা কাম কৰে। বিৰোধী পক্ষই চৰকাৰক সঠিকভাৱে কার্যনির্বাহ কৰাত সহায় কৰে আৰু তেওঁলোকৰ নীতি আদিৰ ভুল-ত্রুটি দেখুৱায়। প্রকৃতপক্ষে গণতন্ত্ৰত বিৰোধী দল নাথাকিলে প্রশাসন ব্যৱস্থা অৰ্থহীন হৈ পৰে। আন কথা ক’বলৈ হ’লে ই স্বেচ্ছাচাৰী শাসনত পৰিণত হয়। বিৰোধী দলে যুক্তিযুক্তভাৱে চৰকাৰৰ গুণাগুণ বিচাৰ কৰি প্ৰয়োজনীয় ক্ষেত্ৰত সহযোগ কৰিব লাগে আৰু ভুল কৰিলে যথোপযুক্তভাৱে সমালোচনা কৰি শুদ্ধ পথ দেখুৱাব লাগে। আনহাতে চৰকাৰেও যুক্তিপূৰ্ণ নীতিৰে বিৰোধী দলৰ প্ৰস্তাৱ, উপদেশ আদি সাৱধানে বিচাৰ কৰি চাব লাগে। মুঠতে চৰকাৰ আৰু বিৰোধী দলৰ সহযোগতহে গণতান্ত্ৰিক চৰকাৰ কৃতকাৰ্য হ’ব পাৰে। গণতন্ত্ৰত বিৰোধী দলৰ প্ৰধান কাম হ’ল—

(ক) চৰকাৰৰ সকলো কামৰ প্ৰতি সতর্ক থকা। যদি চৰকাৰে কোনো ভুল পদক্ষেপ ল’বলৈ যায় তেতিয়া বিৰোধী দলে যুক্তি সহকাৰে সেই দোষ দেখুৱাই দিব লাগে। যদি চৰকাৰে কেৱল নিজ দলৰ বা দেশৰ কোনো এটা বিশেষ অঞ্চলৰহে কাম কৰিবলৈ আগবাঢ়ে তেনে কামত বিৰোধী দলে বাধ্য প্ৰদান কৰিব লাগে।

(খ) মাথোন এটা দলেৰে চৰকাৰ গঠিত হ’লে প্রকৃতপক্ষে সমূহ ৰাইজৰ মতামতৰ প্ৰতিনিধিত্ব নহয়। বিৰোধী দলে চকু ৰাখিব লাগিব যাতে চৰকাৰে কেৱল সংখ্যাগৰিষ্ঠসকলৰেই নহয় সংখ্যালঘুৰ মতামতকো উপযুক্তভাৱে সন্মান কৰে। তাকে কৰিলে গণতান্ত্রিক চৰকাৰ সফল হ’ব পাৰে। 

4. Write the Four characteristics of political party in India.

Ans: ১) সাংবিধানিক স্বীকৃতি নাই : ভাৰতৰ সংবিধানত ৰাজনৈতিক দল সম্পর্কে কোনো উল্লেখ নাই। তথাপি সংবিধান ৰচনা কৰাৰ বহু বছৰৰ আগতেই ভাৰতত ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ১৮৮৫ চনত। ভাৰতৰ স্বাধীনতা আন্দোলনত কংগ্ৰেছে গুৰুত্বপুর্ণ ভূমিকা গ্রহণ কৰিছিল। স্বাধীনতা লাভৰ পিছত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিছিল। অর্থাৎ ভাৰতৰ ৰাজনৈতিক জীৱনত ৰাজনৈতিক দল জড়িত হৈ আহিছে। সেয়েহে বোধহয় সংবিধানত ৰাজনৈতিক দলৰ উল্লেখ নাই। কিন্তু নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলক স্বীকৃতি দিয়াৰ ব্যৱস্থা আছে। কোন দলক সৰ্বভাৰতীয় দল হিচাপে স্বীকৃতি দিব আৰু কোন দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিব সেই বিষয়ত নির্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৮৮ চনৰ জনপ্রতিনিধিত্ব আইনৰ সংশোধনী মতে ৰাজনৈতিক দল সমূহক পঞ্জীভুত কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক ৰাজনৈতিক দলে পঞ্জীভূত হোৱাৰ উদ্দেশ্যে নির্বাচনী আয়োগৰ ওচৰত আবেদন দাখিল কৰিব লাগে আৰু সংবিধান, সমাজতন্ত্র, ধৰ্মনিৰপেক্ষতা আৰু সংহতি ৰক্ষা কৰিব বুলি ঘোষণা কৰিব লাগে।

২) বহুদলীয় ব্যৱস্থা : ভাৰতীয় দলীয় ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য যে ভাৰতত বহুদলীয় ব্যৱস্থাৰ প্ৰচলন আছে। সৰ্বভাৰতীয় দলৰ উপৰিও ইয়াত কিছুমান আঞ্চলিক দলৰো সৃষ্টি হৈছে সৰ্বভাৰতীয় দলসমূহৰ ভিতৰত কংগ্ৰেছ(আই), কংগ্ৰেছ (এছ), চি-পি-আই, চি-পি-আই (এম), জনতা দল, ভাৰতীয় জনতা পাৰ্টি, বহুজন সমাজবাদী দল আদি বিশেষ ভাৱে উল্লেখযোগ্য। আঞ্চলিক দলৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ আকালি দল, অন্ধ্রপ্রদেশৰ তেলেগু দশম, মহাৰাষ্ট্ৰত শিৱসেনা আদি বিশেষ ভাৱে উল্লেখযোগ্য।

৩) শক্তিশালী বিৰোধী দলৰ অনুপস্থিতি : শক্তিশালী বিৰোধী দলৰ অভাৱ ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। স্বাধীনতা লাভৰ সময়ৰ পৰা কোনো দলেই কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী দল হিচাপে গঢ়ি উঠিব পৰা নাই। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত সাময়িকভাৱে কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল আৰু জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। কিন্তু জনতা পাৰ্টিৰ আভ্যন্তৰীণ বিৰোধৰ ফলত ১৯৭৯ চনত এই দলৰ চৰকাৰৰ পতন হয় আৰু কংগ্ৰেছে পুনৰ ক্ষমতালৈ অহাৰ সুবিধা পায়। সেইদৰে ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়ৰণ কৰে আৰু ৰাষ্ট্ৰীয় মৰ্চাই কেন্দ্ৰত চৰকাৰ গঠন কৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে মৰ্চা চৰকাৰৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্রত্যাহাৰ কৰাত ই চৰকাৰৰ পতন ঘটে আৰু ১৯৯১ চনৰ নিৰ্বাচনত কংগ্ৰেছে পুনৰ চৰকাৰ গঠনৰ সুবিধা পায়। কিছুমান ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰে শাসনৰ দায়িত্ব বহন কৰি আছে। 

কিন্তু ১৯৯৬ চনৰ নিৰ্বাচনৰ পৰা বৰ্তমান সময়লৈকে কংগ্ৰেছৰো প্ৰভাৱ দেশব্যাপী কমি আহিছে। আমাৰ দেহত ৰাজনৈতিক দলৰ সংখ্যা ভালেমান আছে যদিও কোনো এটা দলেও শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰিব পৰা নাই। আনকি ১৯৯৬ চনৰ নিৰ্বাচনৰ পিছৰ পৰা কোনো এটা ৰাজনৈতিক দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ দৰকাৰী সংখ্যক আসন লাভ কৰিব পৰা নাই। ইয়ে আমাৰ দেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে।

৪) প্রাধান্যকাৰী দলীয় ব্যৱস্থা : শক্তিশালী বিৰোধী দল নথকাৰ কাৰণে কিছুমানে ভাৰতৰ দলীয় ব্যৱস্থাক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থা হিচাপে আখ্যা দিয়ে। মৰিছ জনছ ৰ মতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে এটা দলৰ প্ৰাধান্য থকা দলীয় ব্যৱস্থা। ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে। আনকি জৱাহৰলাল নেহৰুৱেও এনে ধৰণৰ মন্তব্য দিছিল। তেওঁৰ মতে কংগ্ৰেছেই হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ পৰা ১৯৬৭ চনলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলেই প্রাধান্য বিস্তাৰ কৰিছিল। ১৯৭৭ চনত আৰু ১৯৮৯ চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল যদিও কোনো এটা দলেই ৫ বছৰ কেন্দ্ৰত চৰকাৰ পৰিচালনা কৰিব পাৰা নাই। অৱশ্যে কিছুমান ৰাজ্যত কংগ্ৰেছৰ প্ৰাধান্য কমি যোৱা দেখা যায়। পশ্চিমবংগত চি-পি-এম দলে, উড়িষ্যাত বি-জে-ডি আৰু তামিলনাডুত ডি-এম-কে আৰু এ-আই-ডি-এম-কে দলে প্রাধান্য বিস্তাৰ কৰি আছে। বিৰোধী দলসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱত কেন্দ্রীয় পৰ্যায়ত কংগ্ৰেছৰ বিকল্প হিচাপে কোনো শক্তিশালী দল গঠিত হ’ব পৰা নাই। কিন্তু সাম্প্রতিক কালত এনে মন্তব্যৰ গুৰুত্ব কমি আহিছে। কিয়নো কংগ্ৰেছ দলৰ প্ৰভাৱ এতিয়া কমি আহিছে।

5. Write the Four demerits of Indian political party system.

Ans: ভাৰতৰ দলীয় ব্যৱস্থাৰ দোষসমূহ হৈছে―

১. বহুদলীয় ব্যবস্থা : ভাৰতবৰ্ষত কংগ্ৰেছ, ভাৰতীয় জনতা দল, কমিউনিষ্ট দল আদি বর্তমান ৰাষ্ট্ৰীয় দল আছে। ভাৰতীয় কমিডিনিষ্ট দল, সমাজবাদী দল, বহুজন সমাজবাদী দল, জনতা দল-আদি কিছুমান দল আছে কেতিয়াবা ৰাষ্ট্ৰীয় দললৈ উন্নীত হয়। আৰু কেতিয়াবা আঞ্চলিক দললৈ অৱনমিত হয়। ধর্ম, বর্ণ, অঞ্চল বিশেষে বহুতো ৰাজনৈতিক দল গঢ় লৈ উঠিছে। ভাৰতৰ ৰাজনৈতিক দলৰ প্ৰকৃতিগত বৈশিষ্ট্য হৈছে যে ইয়াৰ বহুতো দলেই নিৰ্বাচনত সফলতাৰ মুখ দেখা নাপায়। কিছুমান দল মাত্র নিৰ্বাচনৰ সময়তহে সৃষ্টি হয়।

২. স্থায়ী নীতি আদৰ্শৰ অভাৱ : কমিউনিষ্ট দলসমূহ যদিও মার্ক্সবাদ-লেনিনবাদৰ আদৰ্শৰে অনুপ্ৰাণিত প্ৰায়বোৰ ৰাজনৈতিক দলৰ নীতি আদৰ্শৰ অভাৱ দেখা যায়। নির্বাচনী ইস্তাহাৰ সমূহত প্ৰায়বোৰ ৰাজনৈতিক দলনীতি-আদৰ্শৰ প্ৰকাশ পায় যদিও সাধাৰণতে ভাৰতবৰ্ষত নীতি-আদৰ্শৰ ভিত্তিত নির্বাচন যুদ্ধ নহয়। সংকীর্ণ স্বাৰ্থ আগত ৰাখিহে নিৰ্বাচন যুদ্ধ হয়। নিৰ্বাচনত জয়ী হোৱাৰ পিছত দলসমূহে ইস্তাহাৰ পূৰণ নকৰাৰ অভিযোগ সদায় থাকে। জনসাধাৰণৰ স্বাৰ্থ পূৰণ কৰাতকৈ দলীয় স্বার্থ বা ব্যক্তিগত স্বাৰ্থহে পূৰণ কৰা হয়।

৩. দুর্বল দলীয় সংগঠন আৰু দলীয় সংহতিৰ অভাৱ : ভাৰতত প্ৰায়বোৰ ৰাজনৈতিক, দলৰে সৰ্বভাৰতীয় পৰ্যায়ত সংগঠনৰ প্ৰভাৱ পৰিলক্ষিত নহয়। কেইটামান ৰাজনৈতিক দলক বাদ দি সৰহসংখ্যক ৰাজনৈতিক দলৰ প্ৰভাৱ বিশেষ বিশেষ অঞ্চলতহে সীমিত। সৰহসংখ্যক ৰাজৈনিতক দলৰে তৃণমূল পৰ্যায়ৰ লগত সংযোগ নাই। কিছুমান ৰাজনৈতিক দলৰ অস্তিত্ব কেৱল বাতৰি কাকতৰ বিবৃতিতে সীমাবদ্ধ। বামপন্থী দলসমূহৰ বাহিৰে অন্য দলবোৰৰ নিজৰ ভিতৰত সংহতিৰ অভাৱ পৰিলক্ষিত হয়।

৪. শক্তিশালী বিৰোধী দলৰ অভাৱ : ১৯৫২ চনৰ নিৰ্বাচনৰ পিছৰ পৰা ১৯৬৭ চনলৈকে ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ একাধিপত্য আছিল আৰু শক্তিশালী বিৰোধী দলৰ অভাৱ পৰিলক্ষিত হৈছিল। ভাৰতৰ দলীয় ব্যৱস্থা বহুধা বিভক্ত হোৱাৰ বাবে শক্তিশালী বিৰোধী দলৰ অভাৱ আছিল। ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতত জনতা দলে চৰকাৰ গঠন কৰিছিল। তাৰ পিছত ১৯৮৯ চনত আৰু বৰ্তমান সন্মিলিত চৰকাৰ গঠন হৈছে। এই চোৱাত কংগ্ৰেছ দলে শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰিছে।

6. Write the Four the role and features of Regional political party in Indian political system.

Ans: ১) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি : সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ বৈষম্যমুলক নীতিকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে লাভ কৰিব পাৰি। আঞ্চলিক দলৰ সৃষ্টিৰ ইতিহাস বেছি দিনীয়া নহয়। স্বাধীনতা লাভৰ সময়ৰ পৰা প্ৰায় ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈ সৰ্বভাৰতীয় দলেই দেশত প্ৰতিপত্তি লাভ কৰি আছিল। দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছ অপ্রতিদ্বন্দ্ববী হিচাপে দেশৰ শাসন পৰিচালনা কৰি আছিল। এই সময়ছোৱাৰ ভিতৰত দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়ন মুলক কাম কৰা হৈছিল যদিও কিছুমান অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। পিছপৰা এনে অঞ্চলসমূহৰ প্ৰতি সুবিচাৰ নকৰাৰ অজুহাতত এনে অঞ্চলবোৰত সময়ৰ সোঁতত ৰাজনৈতিক দলৰ সৃষ্টি হয়। যোগাযোগ, যাতায়ত আৰু শিক্ষাৰ প্ৰসাৰণে মানুহক ৰাজনৈতিক ভাৱে সচেতন কৰি তোলে। ৰাজনৈতিকভাৱে সচেতন নাগৰিক কিছুমানে সৰ্বভাৰতীয় ৰাজনৈতিক দলে সৃষ্টি কৰা বৈষম্যৰ প্ৰতিবাদস্বৰূপে আঞ্চলিক ভিত্তিত ৰাজনৈতিক দলৰ সৃষ্টি কৰে। এনেদৰে ভাৰতৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়।

২) ৰাজ্যিক নেতাৰ দুৰ্বলতা : ৰাজ্যিক নেতাসকলৰ দুৰ্বলতাকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে জগৰীয়া কৰিব পাৰি। ৰাজ্যৰ সকলো অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কেতিয়াবা কেতিয়াবা ৰাজ্যৰ নেতৃস্থানীয় ব্যক্তি সকলে দলীয় শৃংখলাৰ কাৰণে হওক নাইবা নিজৰ দুৰ্বলতাৰ কাৰণে হওক ৰাজ্যৰ উচিত দাবীসমূহো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰিব নোৱাৰে। ফলত কোনো অঞ্চলৰ প্ৰগতি খৰতকীয়া হয় আৰু আন কোনো অঞ্চল পিছ পৰি থাকে। পিছপৰা এনে অঞ্চলৰ ৰাজনৈতিকভাৱে সচেনত লোকে ৰাজনৈতিক দলৰ সৃষ্টি কৰি ৰাজ্যৰ শাসনৰ দায়িত্ব ল’বলৈ চেষ্টা কৰে। ফলত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়।

৩) ভাষা-সংস্কৃতি ৰক্ষা : কেতিয়াবা কেতিয়াবা ভাষাৰ ভিত্তিতো আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়। গোর্খা লীগ, ডি-এম-কে, এ-আই-ডি-এম-কে আদি দল ভাষাৰ ভিত্তিত সৃষ্টি হোৱা বুলি ক’ব পাৰি। নেপালী ভাষাক সংবিধানৰ অষ্টম অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীক কেন্দ্ৰ কৰিয়ে গোৰ্খা লীগৰ সৃষ্টি হয়। ইয়াৰ উপৰিও পাৰ্বত্য অঞ্চলৰ উন্নতিৰ কাৰণেও এই লীগে দাবী উত্থাপন কৰে। লাহে লাহে গোর্খা ৰাজ্য স্থাপনৰ দাবী উত্থাপন কৰে। এনেদৰে গোৰ্খা লীগে ৰাজনীতিত প্ৰৱেশ কৰি দাৰ্জিলিং অঞ্চল স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰে। সেইদৰে হিন্দু বিৰোধী মনোভাৱৰ ফলশ্রুতি হিচাপে ডি-এম-কে আৰু এ-আই-ডি-এম-কেৰ লগত বুজাপৰাত উপনীত হৈছিল। ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসহযোগিতাইও আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰে।

৪) সাম্প্রদায়িক স্বাৰ্থ ৰক্ষা : সাম্প্ৰদায়িক স্বাৰ্থৰক্ষাৰ কাৰণেও কেতিয়াবা কেতিয়াবা আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হোৱা দেখা যায়। সাম্প্রদায়িক স্বাৰ্থৰক্ষাৰ কাৰণে সৰ্বভাৰতীয় দল গঠন হোৱাৰ উদাহৰণ নোহোৱা নহয়। মুছলিম সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ কাৰণে মুছলীম লীগৰ সৃষ্টি হৈছিল। সেইদৰে কেৰেলাৰ মুছলীম লীগকো সাম্প্রদায়িক নীতিৰ ভিত্তিত সৃষ্টি হোৱা দল বুলি কব পাৰি। বড়ো সকলৰ স্বাৰ্থৰক্ষাৰ কাৰণে পি-টি-চিৰ সৃষ্টি হৈছে।

Essay Type Question

1. Describe the characteristics of political party in India.

Ans: ১) সাংবিধানিক স্বীকৃতি নাই : ভাৰতৰ সংবিধানত ৰাজনৈতিক দল সম্পর্কে কোনো উল্লেখ নাই। তথাপি সংবিধান ৰচনা কৰাৰ বহু বছৰৰ আগতেই ভাৰতত ৰাজনৈতিক দলৰ সৃষ্টি হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল ১৮৮৫ চনত। ভাৰতৰ স্বাধীনতা আন্দোলনত কংগ্ৰেছে গুৰুত্বপুর্ণ ভূমিকা গ্রহণ কৰিছিল। স্বাধীনতা লাভৰ পিছত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিছিল। অর্থাৎ ভাৰতৰ ৰাজনৈতিক জীৱনত ৰাজনৈতিক দল জড়িত হৈ আহিছে। সেয়েহে বোধহয় সংবিধানত ৰাজনৈতিক দলৰ উল্লেখ নাই। কিন্তু নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলক স্বীকৃতি দিয়াৰ ব্যৱস্থা আছে। কোন দলক সৰ্বভাৰতীয় দল হিচাপে স্বীকৃতি দিব আৰু কোন দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিব সেই বিষয়ত নির্বাচনী আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৮৮ চনৰ জনপ্রতিনিধিত্ব আইনৰ সংশোধনী মতে ৰাজনৈতিক দল সমূহক পঞ্জীভুত কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক ৰাজনৈতিক দলে পঞ্জীভূত হোৱাৰ উদ্দেশ্যে নির্বাচনী আয়োগৰ ওচৰত আবেদন দাখিল কৰিব লাগে আৰু সংবিধান, সমাজতন্ত্র, ধৰ্মনিৰপেক্ষতা আৰু সংহতি ৰক্ষা কৰিব বুলি ঘোষণা কৰিব লাগে।

২) বহুদলীয় ব্যৱস্থা : ভাৰতীয় দলীয় ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য যে ভাৰতত বহুদলীয় ব্যৱস্থাৰ প্ৰচলন আছে।

সৰ্বভাৰতীয় দলৰ উপৰিও ইয়াত কিছুমান আঞ্চলিক দলৰো সৃষ্টি হৈছে সৰ্বভাৰতীয় দলসমূহৰ ভিতৰত কংগ্ৰেছ(আই), কংগ্ৰেছ (এছ), চি-পি-আই, চি-পি-আই (এম), জনতা দল, ভাৰতীয় জনতা পাৰ্টি, বহুজন সমাজবাদী দল আদি বিশেষ ভাৱে উল্লেখযোগ্য। আঞ্চলিক দলৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ আকালি দল, অন্ধ্রপ্রদেশৰ তেলেগু দশম, মহাৰাষ্ট্ৰত শিৱসেনা আদি বিশেষ ভাৱে উল্লেখযোগ্য।

৩) শক্তিশালী বিৰোধী দলৰ অনুপস্থিতি : শক্তিশালী বিৰোধী দলৰ অভাৱ ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। স্বাধীনতা লাভৰ সময়ৰ পৰা কোনো দলেই কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী দল হিচাপে গঢ়ি উঠিব পৰা নাই। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত সাময়িকভাৱে কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল আৰু জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল। কিন্তু জনতা পাৰ্টিৰ আভ্যন্তৰীণ বিৰোধৰ ফলত ১৯৭৯ চনত এই দলৰ চৰকাৰৰ পতন হয় আৰু কংগ্ৰেছে পুনৰ ক্ষমতালৈ অহাৰ সুবিধা পায়। সেইদৰে ১৯৮৯ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়ৰণ কৰে আৰু ৰাষ্ট্ৰীয় মৰ্চাই কেন্দ্ৰত চৰকাৰ গঠন কৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে মৰ্চা চৰকাৰৰ প্ৰতি তেওঁলোকৰ সমৰ্থন প্রত্যাহাৰ কৰাত ই চৰকাৰৰ পতন ঘটে আৰু ১৯৯১ চনৰ নিৰ্বাচনত কংগ্ৰেছে পুনৰ চৰকাৰ গঠনৰ সুবিধা পায়। কিছুমান ৰাজ্যত অ-কংগ্ৰেছী চৰকাৰে শাসনৰ দায়িত্ব বহন কৰি আছে। কিন্তু ১৯৯৬ চনৰ নিৰ্বাচনৰ পৰা বৰ্তমান সময়লৈকে কংগ্ৰেছৰো প্ৰভাৱ দেশব্যাপী কমি আহিছে। আমাৰ দেহত ৰাজনৈতিক দলৰ সংখ্যা ভালেমান আছে যদিও কোনো এটা দলেও শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰিব পৰা নাই। আনকি ১৯৯৬ চনৰ নিৰ্বাচনৰ পিছৰ পৰা কোনো এটা ৰাজনৈতিক দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ দৰকাৰী সংখ্যক আসন লাভ কৰিব পৰা নাই। ইয়ে আমাৰ দেশত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে।

৪) প্রাধান্যকাৰী দলীয় ব্যৱস্থা : শক্তিশালী বিৰোধী দল নথকাৰ কাৰণে কিছুমানে ভাৰতৰ দলীয় ব্যৱস্থাক প্ৰাধান্যকাৰী দলীয় ব্যৱস্থা হিচাপে আখ্যা দিয়ে। মৰিছ জনছ ৰ মতে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা হৈছে এটা দলৰ প্ৰাধান্য থকা দলীয় ব্যৱস্থা। ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে। আনকি জৱাহৰলাল নেহৰুৱেও এনে ধৰণৰ মন্তব্য দিছিল। তেওঁৰ মতে কংগ্ৰেছেই হৈছে দেশ আৰু দেশেই হৈছে কংগ্ৰেছ। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ পৰা ১৯৬৭ চনলৈ কেন্দ্ৰ আৰু ৰাজ্য উভয়তে কংগ্ৰেছ দলেই প্রাধান্য বিস্তাৰ কৰিছিল। ১৯৭৭ চনত আৰু ১৯৮৯ চনৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল যদিও কোনো এটা দলেই ৫ বছৰ কেন্দ্ৰত চৰকাৰ পৰিচালনা কৰিব পাৰা নাই। অৱশ্যে কিছুমান ৰাজ্যত কংগ্ৰেছৰ প্ৰাধান্য কমি যোৱা দেখা যায়। পশ্চিমবংগত চি-পি-এম দলে, উড়িষ্যাত বি-জে-ডি আৰু তামিলনাডুত ডি-এম-কে আৰু এ-আই-ডি-এম-কে দলে প্রাধান্য বিস্তাৰ কৰি আছে। বিৰোধী দলসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱত কেন্দ্রীয় পৰ্যায়ত কংগ্ৰেছৰ বিকল্প হিচাপে কোনো শক্তিশালী দল গঠিত হ’ব পৰা নাই। কিন্তু সাম্প্রতিক কালত এনে মন্তব্যৰ গুৰুত্ব কমি আহিছে। কিয়নো কংগ্ৰেছ দলৰ প্ৰভাৱ এতিয়া কমি আহিছে।

৫) ব্যক্তি প্রাধান্য ব্যৱস্থা : ভাৰতৰ দলীয় ব্যৱস্থাত দলৰ আদৰ্শতকৈ দলৰ নেতৃস্থানীয় লোকৰ ওপৰত অধিক প্রাধান্য দিয়া দেখা যায়। জৱাহৰলাল নেহৰুৰ সময়ত দল আৰু চৰকাৰৰ ওপৰত তেওঁৰ প্ৰভাৱ আছিল অসীম। সেইদৰে ইন্দিৰা গান্ধীৰ আমোলত দল আৰু চৰকাৰৰ ওপৰত তেওঁৰেই প্রাধান্য আছিল। দেশৰ প্রধানমন্ত্ৰী হোৱাৰ উপৰিও তেওঁ কংগ্ৰেছ দলৰ সভাপতিও আছিল। এতিয়াও কংগ্ৰেছৰ এটা দলক ইন্দিৰাপন্থী কংগ্ৰেছ হিচাপে জনা যায়। সেইদৰে ৰাজীৱ গান্ধীৰ আমোলতো তেওঁ দল আৰু চৰকাৰ উভয়ৰে নেতৃত্ব বহন কৰিছিল। কংগ্ৰেছৰ বাহিৰে আন আন দলতো ব্যক্তি প্রাধান্য দেখা যায়। 

৬) জাতি-ভাষা আদিৰ ভিত্তিত দল গঠন : জাতি-ভাষা আদিৰ ভিত্তিত ৰাজনৈতিক দল গঠনৰ উদাহৰণ ভাৰতত নোহোৱা নহয়। শোষিত দল, বহুজন সমাজবাদী প্রার্থী আদি দল অনুসূচীত জাতিৰ স্বাৰ্থৰক্ষাৰ কাৰণে গঠিত হোৱা দল। ডি-এম-কে আৰু এ-আই-ডি এম-কে ভাষাৰ ভিত্তিত গঠিত দল বুলি কব পাৰি। আগৰ হিন্দু মহাসভা, জনসংঘ আৰু বৰ্তমান ভাৰতীয় জনতা দলক হিন্দুৰ | স্বাৰ্থৰক্ষাৰ কাৰণে অংগীকাৰবদ্ধ দল হিচাপে আখ্যা দিয়া হয়।

৭) আদর্শগত পার্থক্য : বিভিন্ন দলৰ মাজত আদর্শগত প্রভেদ ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য। ইয়াত যেনেকৈ সোঁপন্থী দল আছে, তেনেকৈ বাওঁপন্থী দলো আছে। কিছুমান দল আকৌ মধ্যমপন্থা অৱলম্বন কৰে। বাওঁপন্থী দলসমূহে বর্তমান সমাজ ব্যৱস্থাৰ আমুল পৰিৱৰ্তনৰ কাৰণে বৈপ্লৱিক নীতিৰ প্ৰতি সমর্থন

জনায়। কিন্তু সোঁপন্থী দলসমূহে বৈপ্লৱিক ব্যৱস্থাৰ পৰিৱৰ্তে লাহে লাহে আৰু সাংবিধানিক উপায়ে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনত বিশ্বাস কৰে।

৮) দলৰ ভাঙোন : ভাৰতৰ ৰাজনৈতিক দলৰ সদস্য সকলৰ মাজত হোৱা আভ্যন্তৰীণ মতভেদৰ ফলত দলসমূহৰ মাজত ভাঙোনৰ সৃষ্টি হোৱা দেখা যায়। ১৯৬৯ চনত কংগ্ৰেছ দল শাসক কংগ্ৰেছ আৰু সাংগঠনিক কংগ্ৰেছ এই দুটা ভাগত ভাগ হয়। তাৰ পৰৱৰ্তী কাল ছোৱাত কংগ্ৰেছ দুই ভাগত বিভক্ত হৈ ইন্দিৰা কংগ্ৰেছ আৰু সমাজবাদী কংগ্ৰেছ এই দুটা দলৰ সৃষ্টি হয়। সেইদৰে ১৯৬৪ চনত কমিউনিষ্ট দল দুটা ভাগত বিভক্ত হয়। আগৰ C.P.I ৰ পৰা C.P.I.[M]ৰ সৃষ্টি হয়। C.P.I.[M]ৰ পৰা কিছুমান সদস্যই দলত্যাগ কৰি C.PI.[ML] গঠন কৰে। সেইদৰে বিভিন্ন দলৰ সদস্য লগ লাগি সৃষ্টি কৰা জনমৰ্চাৰো ভাঙোনে দেখা দিয়ে। 

৯) প্ৰভাৱগোষ্ঠীৰ লগত সহযোগিতা : ৰাজনৈতিক দলসমূহে দেশৰ প্ৰভাৱগোষ্ঠীৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলে। বিভিন্ন সংগঠনত থকা বনুৱা সংস্থাৰ লগত ৰাজনৈতিক দলসমূহৰ যোগাযোগ থাকে। সেইদৰে ব্যৱসায়ীক সংস্থা, শিল্পপতি সংস্থা আদি বিভিন্ন সংস্থাৰ লগত ৰাজনৈতিক দলসমূহৰ যোগাযোগ থাকে। এই সংস্থাসমূহে নিৰ্বাচনৰ সময়ত বিভিন্ন উপায়ে ৰাজনৈতিক দলসমূহক সহায় কৰে।

১০) দলত্যাগ : ভাৰতৰ ৰাজনৈতিক দলৰ সদস্যসকলৰ মাজত দলত্যাগ কৰি আন দলত যোগদান কৰা এটা সময়ত নিয়মত পৰিণত হৈছিল বুলি কব পাৰি। ১৯৬৭ চনৰ আগলৈকে দলত্যাগক বিশেষ এটা সমস্যা হিচাপে ধৰি লোৱা হোৱা নাছিল। কিয়নো অতি কম সংখ্যক সদস্যই নিজৰ দল ত্যাগ কৰি আন দলত যোগদান কৰিছিল। কিন্তু ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত দলত্যাগ ব্যৱস্থাই গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। এই বিষয়ত হাৰিয়ানাই ভাৰতৰ বাকী অঞ্চলৰ পথপ্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছিল। এটা দিনৰ ভিতৰতে একোজন সদস্যই তিনিবাৰ পৰ্যন্ত আনুগত্য সলনি কৰিছিল। সেয়েহে এই ৰাজ্যখনক আয়াৰাম গয়াৰামৰ ৰাজ্য হিচাপে জনা গৈছিল। ১৯৬৭ চনৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহলৈ ভাৰতৰ ৩৪৫০ জন ৰাজ্য বিধানমণ্ডলৰ সদস্যৰ ভিতৰত প্ৰায় ৩২০ জনে তেওঁলোকৰ আনুগত্য সলনি কৰিছিল। ব্যক্তিগত লাভ আৰু ক্ষমতা প্ৰয়োগৰ সুবিধা গ্ৰহণ কৰিবলৈ ইচ্ছুক সকলে সাধাৰণতে দলত্যাগ কৰিবলৈ ইতস্ত:ত নকৰিছিল। ১৯৮৫ চনত দলত্যাগ বিৰোধী আইন গ্ৰহণ কৰি দলত্যাগ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে।

১১) দলীয় সংহতিৰ অভাৱ : ৰাজনৈতিক দলসমূহৰ আভ্যন্তৰীণ ঐক্য, সংহতি আৰু শৃংখলাৰ অভাৱ ভাৰতৰ ৰাজনৈতিক দলসমূহৰ অন্যতম বৈশিষ্ট্য। দলৰ সাংগঠনিক নিৰ্বাচন, নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ মনোনয়ন আদি বিভিন্ন বিষয়ত দলৰ সদস্য সকলৰ মাজত মতভেদ থকা দেখা যায়। কংগ্ৰেছ দলে প্রাধান্যকাৰী দল হোৱা সত্বেও এই দলৰ সদস্য সকলৰ মাজতো দলীয় শৃংখলাৰ অভাৱ দেখা যায়। দলৰ সদস্য সকলৰ মাজত দলীয় স্বাৰ্থ ৰক্ষা কৰাতকৈ ক্ষমতা প্ৰয়োগৰ সুবিধা লাভৰ প্ৰতি আকাংখা অধিক। যিসকল সদস্যই ক্ষমতা লাভৰ সুবিধাৰ পৰা বঞ্চিত হয়, তেওঁলোকে দলৰ ভিতৰতে উপদলৰ সৃষ্টি কৰে। সেইদৰে ক্ষমতা প্ৰয়োগৰ সুবিধা পোৱা সকলেও ক্ষমতা হেৰুওৱাৰ ভয়ত কিছুমান সমৰ্থন কাৰী লোকৰ সৃষ্টি কৰি ক্ষমতাত বাহাল থাকিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত দলৰ ভিতৰতে উপদলৰ সৃষ্টি কৰে। দলৰ একতা আৰু সংহতি বিনষ্ট হয়।

১২) আঞ্চলিক দল : শেষত আঞ্চলিক দলৰ আৱিৰ্ভাৱক ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বিশেষত্ব হিচাপে আখ্যা দিব পাৰি। সৰ্বভাৰতীয় দলসমূহৰ নীতি আৰু কাম-কাজত অসন্তুষ্ট হোৱাৰ ফলত বিভিন্ন ৰাজ্যত বিভিন্ন আঞ্চলিক দল সৃষ্টি হোৱা দেখা যায়। বর্তমানে স্বীকৃত আঞ্চলিক দলৰ সংখ্যা ৪০ৰ বেছি। আঞ্চলিক দলসমূহৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ আকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেণ্ড দশম,  বিহাৰত ৰাষ্ট্ৰীয় জনতা দল, সমতা পাৰ্টি, তামিলনাডুৰ ডি এম কে, আৰু এ আই ডি এম কে,মহাৰাষ্ট্ৰৰ শিৱসেনা, মিজো নেচনেল ফ্রন্ট, পশ্চিমবংগত তৃণমুল কংগ্ৰেছ, আৰ.এছ.পি., ফৰৱাৰ্ড ব্লক আৰু এন.চি.পি প্রভৃতি বিশেষভাৱে উল্লেখযোগ্য।

2. Discuss the demerits of Indian political party system.

Ans: ভাৰতৰ দলীয় ব্যৱস্থাৰ দোষসমূহ হৈছে―

১. বহুদলীয় ব্যবস্থা : ভাৰতবৰ্ষত কংগ্ৰেছ, ভাৰতীয় জনতা দল, কমিউনিষ্ট দল আদি বর্তমান ৰাষ্ট্ৰীয় দল আছে। ভাৰতীয় কমিডিনিষ্ট দল, সমাজবাদী দল, বহুজন সমাজবাদী দল, জনতা দল-আদি কিছুমান দল আছে কেতিয়াবা ৰাষ্ট্ৰীয় দললৈ উন্নীত হয়। আৰু কেতিয়াবা আঞ্চলিক দললৈ অৱনমিত হয়। ধর্ম, বর্ণ, অঞ্চল বিশেষে বহুতো ৰাজনৈতিক দল গঢ় লৈ উঠিছে। ভাৰতৰ ৰাজনৈতিক দলৰ প্ৰকৃতিগত বৈশিষ্ট্য হৈছে যে ইয়াৰ বহুতো দলেই নিৰ্বাচনত সফলতাৰ মুখ দেখা নাপায়। কিছুমান দল মাত্র নিৰ্বাচনৰ সময়তহে সৃষ্টি হয়।

২. স্থায়ী নীতি আদৰ্শৰ অভাৱ : কমিউনিষ্ট দলসমূহ যদিও মার্ক্সবাদ-লেনিনবাদৰ আদৰ্শৰে অনুপ্ৰাণিত প্ৰায়বোৰ ৰাজনৈতিক দলৰ নীতি আদৰ্শৰ অভাৱ দেখা যায়। নির্বাচনী ইস্তাহাৰ সমূহত প্ৰায়বোৰ ৰাজনৈতিক দলনীতি-আদৰ্শৰ প্ৰকাশ পায় যদিও সাধাৰণতে ভাৰতবৰ্ষত নীতি-আদৰ্শৰ ভিত্তিত নির্বাচন যুদ্ধ নহয়। সংকীর্ণ স্বাৰ্থ আগত ৰাখিহে নিৰ্বাচন যুদ্ধ হয়। নিৰ্বাচনত জয়ী হোৱাৰ পিছত দলসমূহে ইস্তাহাৰ পূৰণ নকৰাৰ অভিযোগ সদায় থাকে। জনসাধাৰণৰ স্বাৰ্থ পূৰণ কৰাতকৈ দলীয় স্বার্থ বা ব্যক্তিগত স্বাৰ্থহে পূৰণ কৰা হয়।

৩. দুর্বল দলীয় সংগঠন আৰু দলীয় সংহতিৰ অভাৱ : ভাৰতত প্ৰায়বোৰ ৰাজনৈতিক, দলৰে সৰ্বভাৰতীয় পৰ্যায়ত সংগঠনৰ প্ৰভাৱ পৰিলক্ষিত নহয়। কেইটামান ৰাজনৈতিক দলক বাদ দি সৰহসংখ্যক ৰাজনৈতিক দলৰ প্ৰভাৱ বিশেষ বিশেষ অঞ্চলতহে সীমিত। সৰহসংখ্যক ৰাজৈনিতক দলৰে তৃণমূল পৰ্যায়ৰ লগত সংযোগ নাই। কিছুমান ৰাজনৈতিক দলৰ অস্তিত্ব কেৱল বাতৰি কাকতৰ বিবৃতিতে সীমাবদ্ধ। বামপন্থী দলসমূহৰ বাহিৰে অন্য দলবোৰৰ নিজৰ ভিতৰত সংহতিৰ অভাৱ পৰিলক্ষিত হয়।

৪. শক্তিশালী বিৰোধী দলৰ অভাৱ : ১৯৫২ চনৰ নিৰ্বাচনৰ পিছৰ পৰা ১৯৬৭ চনলৈকে ভাৰতবৰ্ষত কংগ্ৰেছ দলৰ একাধিপত্য আছিল আৰু শক্তিশালী বিৰোধী দলৰ অভাৱ পৰিলক্ষিত হৈছিল। ভাৰতৰ দলীয় ব্যৱস্থা বহুধা বিভক্ত হোৱাৰ বাবে শক্তিশালী বিৰোধী দলৰ অভাৱ আছিল। ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতত জনতা দলে চৰকাৰ গঠন কৰিছিল। তাৰ পিছত ১৯৮৯ চনত আৰু বৰ্তমান সন্মিলিত চৰকাৰ গঠন হৈছে। এই চোৱাত কংগ্ৰেছ দলে শক্তিশালী বিৰোধী দলৰ ভূমিকা পালন কৰিছে।

৫. ধৰ্মনিৰপেক্ষ তথা সাম্প্রদায়িক ভিত্তি : ধর্ম নিৰপেক্ষত ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা প্রধান বৈশিষ্ট্য। ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। বিভিন্ন ধৰ্মাৱলম্বী লোকেৰে গঠিত ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবোৰে সেইবাবে ধৰ্মনিৰপেক্ষতা গ্ৰহণ কৰিছে। ৰাজনৈতিক দলবোৰে ধৰ্ম বর্ণ-জাতি নির্বিশেষে সকলো লোককে সদস্য পদ দিয়ে। দলীয় কাৰ্যসূচী ধর্মীয় ভিত্তিত বা ধর্ম বিৰোধী মনোভাৱত লোৱা নহয়। কমিউনিষ্ট দলসমূহৰ কোনো ধর্মীয় ভিত্তি নাই।

অৱশ্যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত কিছুমান ৰাজনৈতিক দল গঠিত হৈছে। মুছলিম লীগ, আকালি দল, হিন্দু মহাসভা, শিৱসেনা আদি দলে নিজ ধৰ্মৰ মানুহক একত্ৰিত কৰি অধিকাৰ সুৰক্ষা দিয়াত গুৰুত্ব দিয়ে। মাজে সময়ে এই দলবোৰে ৰাষ্ট্ৰীয় সংহতিও বিনষ্ট কৰে।

৬. আঞ্চলিক দলৰ গঠন বৃদ্ধি : স্বাধীনতাৰ প্ৰথম অৱস্থাত ভাৰতত আঞ্চলিক দলে গা কৰি উঠা নাছিল। কিন্তু ক্রমান্বয়ে ভাৰতৰ বিভিন্ন অঞ্চলত ভাষা আৰু জাতিৰ ভিত্তিত আঞ্চলিক দল গঠনৰ প্ৰক্ৰিয়া বৃদ্ধি হৈছে। এই দলসমূহে নিজৰ কৰ্মক্ষেত্র এটা বিশেষ অঞ্চলত সীমাবদ্ধ কৰি ৰাখি সেই অঞ্চলৰ ভাষা, সংস্কৃতি আৰু অৰ্থনৈতিক প্ৰগতিক গুৰুত্ব দিয়ে। বর্তমান আঞ্চলিক দলসমূহে কেন্দ্ৰৰ ৰাজনীতিতো বিশেষ প্রভাৱ পেলাইছে। কেন্দ্ৰত চৰকাৰ গঠনতো এই দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

৭. দলত্যাগ : দল ত্যাগ ব্যৱস্থা ভাৰতৰ ৰাজনীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য। ১৯৬৭ চনত চতুর্থ সাধাৰণ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলে বহুতো ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাব লগাত পৰে। সাংবিধানিক বিধি অনুসৰি সংখ্যাগৰিষ্ঠতা নাথাকিলে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বর্তমান সংখ্যাগৰিষ্ঠতা নাথাকিলেও সদনত সর্বাধিক আসন লাভ কৰা দলৰ নেতাজনক প্রধানমন্ত্রী বা মুখ্যমন্ত্ৰীৰূপে নিয়োগ কৰাব পৰম্পৰা প্ৰচলন হৈছে। সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে বিভিন্ন কৌশল প্রয়োগ কৰা হয়। এনেদৰে দলত্যাগৰ ৰাজনীতিয়ে চৰকাৰৰ স্থায়িত্বত প্রতিকুল প্ৰভাৱ পেলাইছিল। ১৯৮৫ চনত ৫২ নং সংবিধান সংশোধনীৰ যোগেদি দলত্যাগ ৰোধ কৰাৰ ব্যৱস্থা কৰা হয়। বিভিন্ন সুৰুঙাব মাজেদি এতিয়াও দলত্যাগৰ ৰাজনীতি কম পৰিমাণে চলি আছে।

৮. সন্মিলিত চৰকাৰ গঠনৰ প্রৱণতা : ভাৰতৰ ৰাজনীতিত সন্মিলিত চৰকাৰ গঠনৰ প্ৰৱণতা ক্রমান্বয়ে বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ জনসাধাৰণৰ জনমত বহুধা বিভক্ত হোৱাৰ বাবে বহু সময়ত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা আহৰণ কৰিব নোৱাৰে। এনে অৱস্থাত কেইটামান দল মিলি চৰকাৰ গঠন কৰাৰ ব্যৱস্থাই গা কৰি উঠিছে। বিভিন্ন দলৰ আদৰ্শ আৰু কাৰ্যসূচী সুকীয়া হোৱা স্বত্তেও বহুক্ষেত্ৰত শাসনত অধিষ্ঠিত হোৱা মানসেৰে বিৰোধী ভাবপন্ন দলৰ সৈতে চৰকাৰ গঠন কৰা দেখা গৈছে। আই.কে.গুজৰালৰ নেতৃত্বত দেৱেগৌড়াৰ নেতৃত্বাধীন সংখ্যালঘূ বহুদলীয় চৰকাৰ গঠিত হৈছিল । বিজেপি নেতৃত্বাধীন NDA চৰকাৰ, কংগ্ৰেছ নেতৃতাধীন UPA চৰকাৰ সন্মিলিত দলৰ চৰকাৰহে।

৯. ব্যক্তি প্ৰাধান্য : ভাৰতৰ ৰাজনীতিত ব্যক্তি প্রাধান্য পৰিলক্ষিত হয়। ভাৰতবৰ্ষত নীতি বা আদৰ্শতকৈ ব্যক্তিক অধিক প্ৰাধান্য দিয়া হয়। ভাৰতীয় জাতীয় কংগ্ৰেছত আৰম্ভণিৰে পৰা ব্যক্তি প্ৰাধান্য পৰিলক্ষিত হয়। বর্তমানেও কংগ্ৰেছ দল চোনিয়া গান্ধীৰ ওপৰত নিৰ্ভৰশীল। কেতিয়াবা এজন বিশেষ ব্যক্তিক কেন্দ্র কৰি ৰাজনৈতিক দল গঠন কৰা দেখা যায়। এই ক্ষেত্ৰত জনতা দল-এ,কংগ্ৰেছ (ইন্দিৰা) আদি উল্লেখ কৰিব পাৰি।

১০. প্ৰভাৱ গোষ্ঠী : ভাৰতবৰ্ষত প্ৰায়বোৰ প্ৰভাৱ গোষ্ঠী ৰাজনৈতিক দলৰ দ্বাৰা নিয়ন্ত্রিত হয়। ৰাজনৈতিক দলবোৰে নীতি নিৰ্ধাৰণ কৰোঁতে প্ৰভাৱ গোষ্ঠীৰ স্বাৰ্থ মত ৰাখি কাম কৰে। ইয়াৰ দ্বাৰা ৰাজনৈতিক দলবোৰে নিজৰ দলীয় স্থিতি মজবুত কৰিবলৈ চেষ্টা কৰে। উদাহৰণ স্বৰূপে কংগ্ৰেছ দলৰ সৈতে INTUC, মার্ক্সবাদী দলৰ সৈতে CITU প্রভাৱগোষ্ঠী জড়িত।

3. Explain the role and features of Regional political party in Indian political system.

Ans: ১৯৬৭ চনৰ নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছে আন আন ৰাজনৈতিক দলৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই সময়ৰ পৰাই ভাৰতৰ বিভিন্ন প্রান্তত আঞ্চলিক দলৰ আৱিৰ্ভাৱ হোৱাৰ পথ সুগম হয় বুলি ক’ব পাৰি। অৱশ্যে এই সময়ৰ আগতে আঞ্চলিকতাবাদী মনোভাৱৰ সৃষ্টি হোৱা নাছিল বুলি ক’ব নোৱাৰি।

স্বাধীনতা আন্দোলন চলি থকা সময়তো জাতীয়তাবাদী ভাবধাৰাৰ লগে লগে আঞ্চলিকতাবাদী মানসিকতাৰ সৃষ্টি হৈছিল। আঞ্চলিকতাবাদৰ প্ৰতি আনুগত্য প্রকাশ অকল ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ একমাত্র বিশেষত্ব নহয়। পৃথিৱীৰ আন আন দেশতো আঞ্চলিকতাবাদী মনোভাৱৰ প্ৰকাশ দেখা যায়। অখণ্ড জাতীয়তাবোধ কোনো দেশতেই পোৱা নাযায়। ইংলেণ্ডৰ নিচিনা সৰু দেশত যেনেকৈ আঞ্চলিকতাবাদী মনোভাৱ দেখা যায়, ৰুছিয়াৰ নিচিনা ডাঙৰ দেশতো তেনেকৈ এনে মনোবৃত্তি দেখা যায়। ইংলেণ্ড, স্কটলেণ্ড, উত্তৰ আয়াৰলেণ্ড, ওৱেলছ আদিত আঞ্চলিকতাবাদী মানসিকতা দেখা যায়। গতিকে বিভিন্ন ভাষা, জাতি, আৰু ধৰ্মৰ লোক বাস কৰা ভাৰতত আঞ্চলিকতাবাদী মনোভাৱৰ সৃষ্টি হোৱাত একো আচৰিত হ’ব লগা নাই। 

ভাৰত এখন বিচিত্র দেশ। ইয়াত প্ৰাকৃতিক বৈশিষ্ট্য থকাৰ উপৰিও বিভিন্ন ভাষা, ধর্ম, জাতি, আৰু উপজাতিৰ লোক বাস কৰে। সেয়েহে এনে দেশত অখণ্ড জাতীয়তাবাদী ভাবধাৰাৰ সৃষ্টি কৰা সম্ভৱ নহয়। বিচিত্ৰতাৰ মাজত একতা প্ৰতিষ্ঠাৰ চেষ্টা ইয়াত অব্যাহত আছে। ইংৰাজ শাসনৰ তলত আঞ্চলিকতাবাদী মনোভাৱে তীব্র আকাৰ ধাৰণ কৰা নাছিল, কিন্তু স্বাধীনতা লাভ কৰাৰ কিছু বছৰৰ পিছত বিভিন্ন অঞ্চলৰ অসন্তুষ্ট লোকৰ মাজত আঞ্চলিক মনোভাৱৰ সৃষ্টি হয় আৰু আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি নিজৰ নিজৰ অঞ্চলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সংঘবদ্ধ হোৱা দেখা যায়। স্বাধীনতাৰ পিছৰছোৱা কালত গ্ৰহণ কৰা অর্থনৈতিক আৰু ঔদ্যোগিক নীতিয়ে সকলো অঞ্চলৰ লোকক সমানভাৱে উপকৃত কৰিব নোৱাৰাৰ অজুহাতত এনে মনোভাৱৰ সৃষ্টি হ’ল। সেয়হে কিছুমান অঞ্চলৰ ৰাজনৈতিকভাৱে সচেতন লোকে আঞ্চলিক দল গঠন কৰি নিজৰ নিজৰ অঞ্চলৰ আৰ্থ-সামাজিক সমস্যা সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এনেদৰেই আঞ্চলিক দলৰ আৱিৰ্ভাৱ হ’ল।

অৱশ্যে অর্থনৈতিক কাৰণকে আঞ্চলিক দলৰ সৃষ্টিৰ একমাত্ৰ কাৰণ বুলিব নোৱাৰি। দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়েও আঞ্চলিক দলৰ সৃষ্টিত বৰঙনি যোগাইছে। সেয়েহে আঞ্চলিক দলসমূহৰ উদ্ভৱৰ কাৰণক একমাত্ৰ অর্থনৈতিক অৱস্থাৰে বাখ্যা কৰিব নোৱাৰি। আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল—

আঞ্চলিক দলৰ উদ্ভৱৰ কাৰণ :

আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় ব্যৱস্থাৰ এটি অন্যতম বৈশিষ্ট্য। বর্তমান ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল দেখা যায়। আঞ্চলিক দল বিলাকক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে, কিছুমান ৰাজনৈতিক দল আছে যিবিলাকৰ সৰ্বভাৰতীয় দৃষ্টিভংগী থকা সত্বেও সৰ্বভাৰতীয় সংগঠন আৰু গোটেই দেশত জনসমর্থন নথকাৰ বাবে সেইবিলাকক আঞ্চলিক দল হিচাপে গণ্য কৰা হয়। যেনে-ফৱাৰ্ড ব্লক, বিপ্লৱী সমাজতান্ত্রিক দল, ছ’’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ ইত্যাদি এনেধৰণৰ আঞ্চলিক দল। দ্বিতীয়তে, কিছুমান দল আছে যিবিলাক আঞ্চলিক দল হিচাপেই প্রতিষ্ঠিত আৰু আঞ্চলিক স্বাৰ্থ আৰু সমস্যা, আঞ্চলিক ভাষা, আঞ্চলিক গোষ্ঠীৰ ধৰ্ম ইত্যাদি লৈ সক্রিয়। যেনে-কেৰেলা কংগ্ৰেছ, তামিলনাডুৰ ডি.এম.কে, এ.ডি.এম.কে, উত্তৰ প্ৰদেশত সমাজবাদী দল, জম্মু আৰু কাশ্মীৰৰ নেচনেল কনফাৰেন্স আদি। আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহকো দায়ী কৰিব পাৰি। আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল—

১) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি :  সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ বৈষম্যমুলক নীতিকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে লাভ কৰিব পাৰি। আঞ্চলিক দলৰ সৃষ্টিৰ ইতিহাস বেছি দিনীয়া নহয়। স্বাধীনতা লাভৰ সময়ৰ পৰা প্ৰায় ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈ সৰ্বভাৰতীয় দলেই দেশত প্ৰতিপত্তি লাভ কৰি আছিল। দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছ অপ্রতিদ্বন্দ্ববী হিচাপে দেশৰ শাসন পৰিচালনা কৰি আছিল। এই সময়ছোৱাৰ ভিতৰত দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়ন মুলক কাম কৰা হৈছিল যদিও কিছুমান অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। পিছপৰা এনে অঞ্চলসমূহৰ প্ৰতি সুবিচাৰ নকৰাৰ অজুহাতত এনে অঞ্চলবোৰত সময়ৰ সোঁতত ৰাজনৈতিক দলৰ সৃষ্টি হয়। যোগাযোগ, যাতায়ত আৰু শিক্ষাৰ প্ৰসাৰণে মানুহক ৰাজনৈতিক ভাৱে সচেতন কৰি তোলে। ৰাজনৈতিকভাৱে সচেতন নাগৰিক কিছুমানে সৰ্বভাৰতীয় ৰাজনৈতিক দলে সৃষ্টি কৰা বৈষম্যৰ প্ৰতিবাদস্বৰূপে আঞ্চলিক ভিত্তিত ৰাজনৈতিক দলৰ সৃষ্টি কৰে। এনেদৰে ভাৰতৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়।।

২) ৰাজ্যিক নেতাৰ দুৰ্বলতা : ৰাজ্যিক নেতাসকলৰ দুৰ্বলতাকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে জগৰীয়া কৰিব পাৰি। ৰাজ্যৰ সকলো অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কেতিয়াবা কেতিয়াবা ৰাজ্যৰ নেতৃস্থানীয় ব্যক্তি সকলে দলীয় শৃংখলাৰ কাৰণে হওক নাইবা নিজৰ দুৰ্বলতাৰ কাৰণে হওক ৰাজ্যৰ উচিত দাবীসমূহো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰিব নোৱাৰে। ফলত কোনো অঞ্চলৰ প্ৰগতি খৰতকীয়া হয় আৰু আন কোনো অঞ্চল পিছ পৰি থাকে। পিছপৰা এনে অঞ্চলৰ ৰাজনৈতিকভাৱে সচেনত লোকে ৰাজনৈতিক দলৰ সৃষ্টি কৰি ৰাজ্যৰ শাসনৰ দায়িত্ব ল’বলৈ চেষ্টা কৰে। ফলত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়।

৩) ভাষা-সংস্কৃতি ৰক্ষা : কেতিয়াবা কেতিয়াবা ভাষাৰ ভিত্তিতো আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়। গোর্খা লীগ, ডি-এম-কে, এ-আই-ডি-এম-কে আদি দল ভাষাৰ ভিত্তিত সৃষ্টি হোৱা বুলি ক’ব পাৰি। নেপালী ভাষাক সংবিধানৰ অষ্টম অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীক কেন্দ্ৰ কৰিয়ে গোৰ্খা লীগৰ সৃষ্টি হয়। ইয়াৰ উপৰিও পাৰ্বত্য অঞ্চলৰ উন্নতিৰ কাৰণেও এই লীগে দাবী উত্থাপন কৰে। লাহে লাহে গোর্খা ৰাজ্য স্থাপনৰ দাবী উত্থাপন কৰে। এনেদৰে গোৰ্খা লীগে ৰাজনীতিত প্ৰৱেশ কৰি দাৰ্জিলিং অঞ্চল স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰে। সেইদৰে হিন্দু বিৰোধী মনোভাৱৰ ফলশ্রুতি হিচাপে ডি-এম-কে আৰু এ-আই-ডি-এম-কেৰ লগত বুজাপৰাত উপনীত হৈছিল। ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসহযোগিতাইও আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰে।

৪) সাম্প্রদায়িক স্বাৰ্থ ৰক্ষা : সাম্প্ৰদায়িক স্বাৰ্থৰক্ষাৰ কাৰণেও কেতিয়াবা কেতিয়াবা আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হোৱা দেখা যায়। সাম্প্রদায়িক স্বাৰ্থৰক্ষাৰ কাৰণে সৰ্বভাৰতীয় দল গঠন হোৱাৰ উদাহৰণ নোহোৱা নহয়। মুছলিম সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ কাৰণে মুছলীম লীগৰ সৃষ্টি হৈছিল। সেইদৰে কেৰেলাৰ মুছলীম লীগকো সাম্প্রদায়িক নীতিৰ ভিত্তিত সৃষ্টি হোৱা দল বুলি কব পাৰি। বড়ো সকলৰ স্বাৰ্থৰক্ষাৰ কাৰণে পি-টি-চিৰ সৃষ্টি হৈছে।

৫) জাতীয় সমস্যা : কেতিয়াবা কেতিয়াবা জাতীয় সমস্যা সমাধানত চৰকাৰৰ বিফলতাইও আঞ্চলিক দলৰ সৃষ্টিত অৰিহণা যোগায়। অসমৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্র সমাজে আন্দোলন চলাব লগা হৈছিল। এই আন্দোলনৰ ফলশ্রুতি হিচাপে সৃষ্টি হৈছিল অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলৰ৷ নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এই দলে চৰকাৰ গঠনৰ সুবিধাও পাইছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাষা-সংস্কৃতিৰ ৰক্ষা, সাম্প্ৰদায়িক স্বাৰ্থ ৰক্ষা, জাতীয় সমস্যাৰ সমাধান, সৰ্বভাৰতীয় ৰাজনৈতিক দল সমূহৰ আঞ্চলিক স্বাৰ্থৰ প্ৰতি বৈষম্যমুলক আচৰণ আদি বিভিন্ন কাৰণত আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়। 

আঞ্চলিক দলৰ সমস্যা :

ভাৰতৰ বিভিন্ন অঞ্চলত আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায় যদিও তামিলনাডুৰ বাহিৰে বাকী অঞ্চলত এই দলসমূহে কৃতকার্যতা লাভ কৰা দেখা নাযায়। তেলেগু দেশমে অদ্ভুত শাসনৰ দায়িত্ব বহন কৰিছিল, কিন্তু এই শাসন দীর্ঘদিনীয়া হোৱা নাই। অসমত অসম গণ পৰিষদে যোৱা সাধাৰণ নিৰ্বাচনত চৰকাৰ গঠনৰ সুবিধা পোৱা নাই। বর্তমানে তামিলনাডুত এ আই ডি-এম-কে, অন্ধ্ৰত তেলেগু দেশম আৰু উড়িষ্যাত বিজু জনতা দলে শাসনৰ দায়িত্ব বহন কৰি আছে। ভাৰতৰ কেন্দ্ৰীকৰণ ব্যৱস্থাত ৰাজ্যচৰকাৰ সমূহে সদায় কেন্দ্রীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগে। সেয়েহে উন্নয়ন মূলক কামৰ কাৰণে কেন্দ্ৰৰ সহায়ৰ আৱশ্যক। কেন্দ্ৰৰ পৰা দৰকাৰ মতে সহায়-সহযোগিতা নোপোৱা আঞ্চলিক দলৰ চৰকাৰে উন্নয়নমূলক কাম সমাধা কৰাত অসুবিধা পায়।

সৰ্বভাৰতীয় দল সমূহৰ লগত প্ৰতিযোগিতাত তিষ্ঠি থকাও আঞ্চলিক দলসমূহৰ আন এটা সমস্যা। সৰ্বভাৰতীয় দলসমূহে কেন্দ্ৰৰ উপৰিও ৰাজ্যসমূহতো তেওঁলোকৰ প্রভাৱ বিস্তাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখে। গতিকে সৰ্বভাৰতীয় দলৰ লগত প্ৰতিযোগিতা  কৰি নিৰ্বাচনত জয়যুক্ত হোৱা সহজ নহয়। চৰকাৰ গঠনৰ জোখাৰে আসন লাভ কৰিব নোৱাৰিলে আঞ্চলিক দলে ৰাজ্যৰ প্ৰশাসনত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। 

আঞ্চলিক দলৰ ভবিষৎ :

নেতৃত্বৰ প্ৰতি প্ৰতিযোগিতা, দলৰ প্রতি আনুগত্যৰ অভাৱ, শোষণ দুর্নীতিত লিপ্ততা, ভোটাৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি অনীহা আদিয়ে ৰাজনৈতিক দলসমূহৰ সম্ভাৱনাত বাধাৰ সৃষ্টি কৰে। আঞ্চলিক দলসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলৰ মাজত একতা আৰু সংহতিৰ প্রয়োজন। দলৰ ভিতৰত যাতে উপদলৰ সৃষ্টি নহয় তাৰ প্ৰতি দলৰ সদস্য সকলে দৃষ্টি ৰখা প্ৰয়োজন। নেতৃত্বৰ প্ৰতি হাবিয়াসৰ ফলত দলৰ মাজত ভাঙোনৰ সৃষ্টি হয়; সেয়েহে নেতৃত্বৰ প্ৰতি আশা নকৰি সেৱাৰ মনোবৃত্তিৰে দলৰ কাৰ্য সম্পাদন কৰিব পাৰিলে দলে উদ্দেশ্যে সাধনত কৃতকার্য হ’ব পাৰে।

দ্বিতীয়তে, দলৰ সদস্য সকলে দলীয় সিদ্ধান্তৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা উচিত। বিভিন্ন ব্যক্তি লগ লাগি যিহেতু এটা দলৰ সৃষ্টি হয়, দলীয় সিদ্ধান্ত গ্ৰহণত সদস্য সকলৰ মাজত মতভেদ হোৱা একো অস্বাভাৱিক নহয়। কিন্তু এই মতভেদৰ ফলত দলৰ সদস্য সকলৰ মাজত বিভাজনৰ সৃষ্টি কৰি উপদল গঠনৰ চেষ্টা চলাব নালাগে। দলৰ ভৱিষ্যতৰ কাৰণে দলীয় সিদ্ধান্তৰ প্ৰতি সদস্য সকলে সন্মতি জনাব লাগে। অর্থাৎ‍ দলৰ সিদ্ধান্ত আৰু দলীয় নেতাৰ প্ৰতি আনুগত্য থাকিলেহে দলৰ মাজত একতা আৰু সংহতি থাকিব পাৰে আৰু ঐক্যবদ্ধ দলীয় প্রচেষ্টাইহে দলৰ ভৱিষৎ‍ উজ্জ্বল কৰিব পাৰে।

তৃতীয়তে, আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলে শোষণ দুর্নীতি আদিত লিপ্ত হোৱাৰ পৰা আঁতৰত থকা উচিত। দলৰ ভাবমূর্তি নষ্ট কৰিব পৰা যিকোনো ধৰণৰ কামৰ পৰা দলৰ সদস্য সকল আঁতৰত থকা উচিত। প্রত্যেক দলেই জনসাধাৰণৰ মাজত নিজৰ নিজৰ দলৰ ভাবমূর্তি উজ্জ্বল কৰাৰ কাৰণে চেষ্টা কৰে। সেয়েহে আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলে শোষণ দুর্নীতি আদিত লিপ্ত হৈ দলৰ বিৰুদ্ধে জনমত সৃষ্টি | কৰিবলৈ আন দলক সুবিধা দিব নালাগে।

শেষত, দলৰ ভৱিষৎ নিৰ্ভৰ কৰে জনসাধাৰণৰ সন্মতিৰ ওপৰত। আঞ্চলিক দলো ইয়াৰ ব্যতিক্ৰম নহয় ৷ কোন দলে চৰকাৰ গঠন কৰিব সেই কথা ভোটাৰ ৰাইজেহে সিদ্ধান্ত কৰে। গতিকে দলৰ ভৱিষ্যতৰ কাৰণে আঞ্চলিক দলৰ সদস্য সকলে সদায় জনসাধাৰণৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰখা উচিত।

ওপৰৰ আলোচনাৰ পৰা সহজে অনুমান কৰিব পাৰি যে আঞ্চলিক দলৰ ভৱিষ্যতৰ কাৰণে দলৰ সদস্য সকলৰ মাজত একতা আৰু সংহতি থকা প্রয়োজন। ক্ষমতা লাভ আৰু ক্ষমতা প্ৰয়োগৰ হাবিয়াসৰ পৰিৱৰ্তে সেৱাৰ মনোবৃত্তিৰে সদস্য সকলে নিজৰ নিজৰ দায়িত্ব পালন কৰা উচিত। সদস্য সকলে দলৰ ভাৱমূৰ্তি উজ্জ্বল কৰাৰ কাৰণে আৰু জনসাধাৰণৰ সন্তুষ্টিৰ কাৰণে যথোচিত নীতি আৰু আদৰ্শ গ্ৰহণ কৰা উচিত।

4. Discuss the causes for the growth of regional political party.

Ans: ভাৰত এখন বিচিত্র দেশ। ইয়াত প্ৰাকৃতিক বৈশিষ্ট্য থকাৰ উপৰিও বিভিন্ন ভাষা, ধর্ম, জাতি, আৰু উপজাতিৰ লোক বাস কৰে। সেয়েহে এনে দেশত অখণ্ড জাতীয়তাবাদী ভাবধাৰাৰ সৃষ্টি কৰা সম্ভৱ নহয়। বিচিত্ৰতাৰ মাজত একতা প্ৰতিষ্ঠাৰ চেষ্টা ইয়াত অব্যাহত আছে। ইংৰাজ শাসনৰ তলত আঞ্চলিকতাবাদী মনোভাৱে তীব্র আকাৰ ধাৰণ কৰা নাছিল, কিন্তু স্বাধীনতা লাভ কৰাৰ কিছু বছৰৰ পিছত বিভিন্ন অঞ্চলৰ অসন্তুষ্ট লোকৰ মাজত আঞ্চলিক মনোভাৱৰ সৃষ্টি হয় আৰু আঞ্চলিক ৰাজনৈতিক দল গঠন কৰি নিজৰ নিজৰ অঞ্চলৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সংঘবদ্ধ হোৱা দেখা যায়। স্বাধীনতাৰ পিছৰছোৱা কালত গ্ৰহণ কৰা অর্থনৈতিক আৰু ঔদ্যোগিক নীতিয়ে সকলো অঞ্চলৰ লোকক সমানভাৱে উপকৃত কৰিব নোৱাৰাৰ অজুহাতত এনে মনোভাৱৰ সৃষ্টি হ’ল। সেয়হে কিছুমান অঞ্চলৰ ৰাজনৈতিকভাৱে সচেতন লোকে আঞ্চলিক দল গঠন কৰি নিজৰ নিজৰ অঞ্চলৰ আৰ্থ-সামাজিক সমস্যা সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এনেদৰেই আঞ্চলিক দলৰ আৱিৰ্ভাৱ হ’ল।

অৱশ্যে অর্থনৈতিক কাৰণকে আঞ্চলিক দলৰ সৃষ্টিৰ একমাত্ৰ কাৰণ বুলিব নোৱাৰি। দেশৰ বিভিন্ন অঞ্চলৰ লোকৰ জাতিগত সমস্যা, ভাষাগত সমস্যা আদিয়েও আঞ্চলিক দলৰ সৃষ্টিত বৰঙনি যোগাইছে। সেয়েহে আঞ্চলিক দলসমূহৰ উদ্ভৱৰ কাৰণক একমাত্ৰ অর্থনৈতিক অৱস্থাৰে বাখ্যা কৰিব নোৱাৰি। আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল—

আঞ্চলিক দলৰ উদ্ভৱৰ কাৰণ :

আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় ব্যৱস্থাৰ এটি অন্যতম বৈশিষ্ট্য। বর্তমান ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন আঞ্চলিক ৰাজনৈতিক দল দেখা যায়। আঞ্চলিক দল বিলাকক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে, কিছুমান ৰাজনৈতিক দল আছে যিবিলাকৰ সৰ্বভাৰতীয় দৃষ্টিভংগী থকা সত্বেও সৰ্বভাৰতীয় সংগঠন আৰু গোটেই দেশত জনসমর্থন নথকাৰ বাবে সেইবিলাকক আঞ্চলিক দল হিচাপে গণ্য কৰা হয়। যেনে-ফৱাৰ্ড ব্লক, বিপ্লৱী সমাজতান্ত্রিক দল, ছ’’ছিয়েলিষ্ট ইউনিটি চেণ্টাৰ ইত্যাদি এনেধৰণৰ আঞ্চলিক দল। দ্বিতীয়তে, কিছুমান দল আছে যিবিলাক আঞ্চলিক দল হিচাপেই প্রতিষ্ঠিত আৰু আঞ্চলিক স্বাৰ্থ আৰু সমস্যা, আঞ্চলিক ভাষা, আঞ্চলিক গোষ্ঠীৰ ধৰ্ম ইত্যাদি লৈ সক্রিয়। যেনে-কেৰেলা কংগ্ৰেছ, তামিলনাডুৰ ডি.এম.কে, এ.ডি.এম.কে, উত্তৰ প্ৰদেশত সমাজবাদী দল, জম্মু আৰু কাশ্মীৰৰ নেচনেল কনফাৰেন্স আদি। আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহকো দায়ী কৰিব পাৰি। আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল—

১) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি :  সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহৰ বৈষম্যমুলক নীতিকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে লাভ কৰিব পাৰি। আঞ্চলিক দলৰ সৃষ্টিৰ ইতিহাস বেছি দিনীয়া নহয়। স্বাধীনতা লাভৰ সময়ৰ পৰা প্ৰায় ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়লৈ সৰ্বভাৰতীয় দলেই দেশত প্ৰতিপত্তি লাভ কৰি আছিল। দেশৰ অন্যতম ৰাজনৈতিক দল কংগ্ৰেছ অপ্রতিদ্বন্দ্ববী হিচাপে দেশৰ শাসন পৰিচালনা কৰি আছিল। এই সময়ছোৱাৰ ভিতৰত দেশৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়ন মুলক কাম কৰা হৈছিল যদিও কিছুমান অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল। পিছপৰা এনে অঞ্চলসমূহৰ প্ৰতি সুবিচাৰ নকৰাৰ অজুহাতত এনে অঞ্চলবোৰত সময়ৰ সোঁতত ৰাজনৈতিক দলৰ সৃষ্টি হয়। যোগাযোগ, যাতায়ত আৰু শিক্ষাৰ প্ৰসাৰণে মানুহক ৰাজনৈতিক ভাৱে সচেতন কৰি তোলে। ৰাজনৈতিকভাৱে সচেতন নাগৰিক কিছুমানে সৰ্বভাৰতীয় ৰাজনৈতিক দলে সৃষ্টি কৰা বৈষম্যৰ প্ৰতিবাদস্বৰূপে আঞ্চলিক ভিত্তিত ৰাজনৈতিক দলৰ সৃষ্টি কৰে। এনেদৰে ভাৰতৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়।।

২) ৰাজ্যিক নেতাৰ দুৰ্বলতা : ৰাজ্যিক নেতাসকলৰ দুৰ্বলতাকো আঞ্চলিক দলৰ সৃষ্টিৰ কাৰণে জগৰীয়া কৰিব পাৰি। ৰাজ্যৰ সকলো অঞ্চলৰ উন্নতিৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত। কেতিয়াবা কেতিয়াবা ৰাজ্যৰ নেতৃস্থানীয় ব্যক্তি সকলে দলীয় শৃংখলাৰ কাৰণে হওক নাইবা নিজৰ দুৰ্বলতাৰ কাৰণে হওক ৰাজ্যৰ উচিত দাবীসমূহো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাঙি ধৰিব নোৱাৰে। ফলত কোনো অঞ্চলৰ প্ৰগতি খৰতকীয়া হয় আৰু আন কোনো অঞ্চল পিছ পৰি থাকে। পিছপৰা এনে অঞ্চলৰ ৰাজনৈতিকভাৱে সচেনত লোকে ৰাজনৈতিক দলৰ সৃষ্টি কৰি ৰাজ্যৰ শাসনৰ দায়িত্ব ল’বলৈ চেষ্টা কৰে। ফলত আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হয়।

৩) ভাষা-সংস্কৃতি ৰক্ষা : কেতিয়াবা কেতিয়াবা ভাষাৰ ভিত্তিতো আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়। গোর্খা লীগ, ডি-এম-কে, এ-আই-ডি-এম-কে আদি দল ভাষাৰ ভিত্তিত সৃষ্টি হোৱা বুলি ক’ব পাৰি। নেপালী ভাষাক সংবিধানৰ অষ্টম অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীক কেন্দ্ৰ কৰিয়ে গোৰ্খা লীগৰ সৃষ্টি হয়। ইয়াৰ উপৰিও পাৰ্বত্য অঞ্চলৰ উন্নতিৰ কাৰণেও এই লীগে দাবী উত্থাপন কৰে। লাহে লাহে গোর্খা ৰাজ্য স্থাপনৰ দাবী উত্থাপন কৰে। এনেদৰে গোৰ্খা লীগে ৰাজনীতিত প্ৰৱেশ কৰি দাৰ্জিলিং অঞ্চল স্বায়ত্ব শাসনৰ সুবিধা লাভ কৰে। সেইদৰে হিন্দু বিৰোধী মনোভাৱৰ ফলশ্রুতি হিচাপে ডি-এম-কে আৰু এ-আই-ডি-এম-কেৰ লগত বুজাপৰাত উপনীত হৈছিল। ইয়াৰ পৰা সহজতে অনুমান কৰিব পাৰি যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসহযোগিতাইও আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰে।

৪) সাম্প্রদায়িক স্বাৰ্থ ৰক্ষা : সাম্প্ৰদায়িক স্বাৰ্থৰক্ষাৰ কাৰণেও কেতিয়াবা কেতিয়াবা আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি হোৱা দেখা যায়। সাম্প্রদায়িক স্বাৰ্থৰক্ষাৰ কাৰণে সৰ্বভাৰতীয় দল গঠন হোৱাৰ উদাহৰণ নোহোৱা নহয়। মুছলিম সম্প্ৰদায়ৰ স্বাৰ্থৰক্ষাৰ কাৰণে মুছলীম লীগৰ সৃষ্টি হৈছিল। সেইদৰে কেৰেলাৰ মুছলীম লীগকো সাম্প্রদায়িক নীতিৰ ভিত্তিত সৃষ্টি হোৱা দল বুলি কব পাৰি। বড়ো সকলৰ স্বাৰ্থৰক্ষাৰ কাৰণে পি-টি-চিৰ সৃষ্টি হৈছে।

৫) জাতীয় সমস্যা : কেতিয়াবা কেতিয়াবা জাতীয় সমস্যা সমাধানত চৰকাৰৰ বিফলতাইও আঞ্চলিক দলৰ সৃষ্টিত অৰিহণা যোগায়। অসমৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্র সমাজে আন্দোলন চলাব লগা হৈছিল। এই আন্দোলনৰ ফলশ্রুতি হিচাপে সৃষ্টি হৈছিল অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলৰ৷ নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি এই দলে চৰকাৰ গঠনৰ সুবিধাও পাইছিল।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে ভাষা-সংস্কৃতিৰ ৰক্ষা, সাম্প্ৰদায়িক স্বাৰ্থ ৰক্ষা, জাতীয় সমস্যাৰ সমাধান, সৰ্বভাৰতীয় ৰাজনৈতিক দল সমূহৰ আঞ্চলিক স্বাৰ্থৰ প্ৰতি বৈষম্যমুলক আচৰণ আদি বিভিন্ন কাৰণত আঞ্চলিক দলৰ সৃষ্টি হোৱা দেখা যায়।

5. Indian National Congress.

Ans: একাধিক কাৰণত ভাৰতৰ জাতীয় জীৱনত কংগ্ৰেছ  দলে এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে। ৰাজনৈতিক দলসমূহৰ ভিতৰত জাতীয় কংগ্ৰেছ যে অকল প্রাচীনতম ৰাজনৈতিক দল কেৱল সেয়ে নহয়, এই বিশাল দেশ ভাৰতবৰ্ষৰ অজ্ঞ আৰু দৰিদ্ৰ জনসাধাৰণৰ মাজত দেশাত্মবোধ জাগৰিত কৰি পৰাধীনতাৰ গ্লানি মোচন কৰি এই দলে মহত্বৰ পৰিচয় দিছে; পৃথিৱীৰ ইতিহাসত ই বিৰল। জাতীয় কংগ্ৰেছ দলে ভাৰতীয় জাতীয় জীৱনৰ সকলো দিশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা স্পষ্ট পৰিলক্ষিত হয়।

১৮৮৫ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় কংগ্ৰেছৰ জন্ম হয়। প্ৰথম অৱস্থাত কংগ্ৰেছ ইংৰাজ বিৰোধী অনুষ্ঠান নাছিল। সেই সময়ত ই নৰমপন্থী অনুষ্ঠান আছিল আৰু ইংৰাজ শাসনৰ অধীনত থাকিয়ে কিছুমান স্ংস্কাৰ সাধনৰ বাবে আবেদন-নিবেদন কৰাতে ইয়াৰ কাম সীমিত নাছিল। এই জাতীয় কংগ্ৰেছ ১৯০৫ চনলৈ নৰমপন্থী সকলেই পৰিচালনা কৰি আছিল। কিন্তু লাহে লাহে কংগ্ৰেছত প্রগতিশীল নেতা সকলৰ সংখ্যা বৃদ্ধি পাই আহে আৰু তেওঁলোকে ইংৰাজ চৰকাৰৰ লগত সহযোগিতা আবেদন-নিবেদনৰ দ্বাৰা দেশৰ সমস্যা দূৰ কৰাৰ চিন্তা পৰিত্যাগ কৰি আন্দোলনৰ সহায় লবলৈ পৰিকল্পনা হাতত লয়। ফলত ভাৰতৰ জাতীয় কংগ্রে বৃটিছ চৰকাৰৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন চলোৱা এটা অনুষ্ঠানত পৰিণত হ’ল। কংগ্ৰেছ আন্দোলনে সমগ্র দেশত জনপ্রিয়তা লাভ কৰে আৰু সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ দ্বাৰা পৰিচালিত হৈ স্বাধীনতা আন্দোলনত যোগদান কৰে। কংগ্ৰেছৰ দ্বাৰা গঢ়ি উঠা স্বাধীনতা আন্দোলন জাতীয়তাবাদী আন্দোলনলৈ ৰূপান্তৰিত হয়। প্রথম মহাসমৰ আৰম্ভ হোৱাৰ পিছত মহাত্মা গান্ধীয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰি ইয়াৰ অহিসংবাদী নেতাৰুপে স্বীকৃত হ’ল তেতিয়াৰ পৰাই কংগ্ৰেছৰ ইতিহাসত দ্বিতীয় অধ্যায় আৰম্ভ হ’ল। বৃটিছ চৰকাৰৰ শাসনকালত কংগ্ৰেছৰ মুখ্য উদ্দেশ্যে আছিল ভাৰতৰ পৰা বৃটিছ শাসনৰ অৱসান ঘটোৱা। পৰাধীন তথা নিৰস্ত্ৰ জাতিৰ বাবে বৃটিছ চৰকাৰৰ নিচিনা এটা সৰ্বশক্তিমান চৰকাৰৰ লগত যুদ্ধ কৰি স্বাধীনতা অৰ্জন কৰা যে এটা দুঃসাধ্য কার্য তাক কংগ্ৰেছে ভাৰতীয় জনসাধাৰণৰ অধিকাংশক বুজাবলৈ সক্ষম হৈছিল। মহাত্মা গান্ধী প্রবর্তিত অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন প্রভৃতি শান্তিপূর্ণ পদ্ধতি অৱলম্বন কৰি কংগ্ৰেছে নিবস্তু ভাৱে বিদেশী চৰকাৰৰ লগত যুদ্ধ পৰিচালনা কৰিছিল।

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছে এটা ভিন্ন ভূমিকা গ্রহণ কৰিলে। এসময়ত যি কংগ্ৰেছ দলে এটা জাতীয়তাবাদী আন্দোলন হিচাপে স্বাধীনতা কামী বিভিন্ন শ্ৰেণী আৰু স্বাৰ্থৰ সকলো লোকক সংঘবদ্ধ কৰিছিল, সেই কংগ্ৰেছ এতিয়া জাতীয় আন্দোলনৰ পৰিৱৰ্তে এটা ৰাজনৈতিক দলত পৰিণত হ’ল।

স্বাধীনতা লাভৰ পাছত সংখ্যাগৰিষ্ঠ দল হিচাপে কংগ্ৰেছ দলেই ক্ষমতাত অধিষ্ঠিত হয়। তেতিয়াৰ পৰা জাতীয় কংগ্ৰেছে অপ্রতিদ্বন্দ্বী দল হিচাপে দেশৰ শাসন ক্ষমতা একচেটীয়া ভাৱে নিজৰ হাতত ৰাখিবলৈ সক্ষম হয়। কিন্তু ১৯৬৭ চনৰ পৰা কংগ্ৰেছৰ অৱস্থা কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ উভয়তে পোন প্ৰথম বাৰৰ বাবে দুৰ্বল হৈ পৰা পৰিলক্ষিত হয়। প্রায় ৮৪ বছৰ এটা দীঘলীয়া সময়ৰ বাবে সংস্থাৰূপে থকাৰ পাছত ১৯৬৯ চনত কংগ্ৰেছ দলৰ মাজত নীতিগত ভাৱে বিভাজনে দেখা দিয়ে আৰু ভাৰতৰ ঐতিহাসিক জাতীয় কংগ্ৰেছ দুটা দলত বিভক্ত হৈ পৰে-সংগঠক কংগ্ৰেছ আৰু ইন্দিৰাপন্থী কংগ্ৰেছ, ১৯৭১ চনৰ পঞ্চম সাধাৰণ নিৰ্বাচনত ইন্দিৰাপন্থী কংগ্ৰেছ (আই) নামে জনাজাত। বিপুল সংখ্যাধিক্য লাভ কৰি ক্ষমতাত অধিষ্ঠিত হয়। কিন্তু ১৯৭৭ চনৰ ষষ্ঠ সাধাৰণ নিৰ্বাচনত শাসক কংগ্ৰেছ দলৰ অভাৱনীয় পৰাজয়ে নৱগঠিত জনতা দলক পোন প্রথম বাৰৰ কাৰণে ক্ষমতাত অধিষ্ঠিত কৰে। কিন্তু অন্তদ্বন্দ্ব আৰু দলীয় কন্দলৰ ফলত জনতা দলে ইয়াৰ ওপৰত ন্যস্ত কৰা দায়িত্ব পালন কৰাত ব্যৰ্থ হয়। ফলত ১৯৮০ চনৰ অন্তৱৰ্তী নিৰ্বাচনত ইন্দিৰাপন্থী কংগ্ৰেছ দল পুনৰ ক্ষমতাত অধিষ্ঠিত হয়। অষ্টম সাধাৰণ নিৰ্বাচনতো এই দলেই বিপুল সংখ্যাধিক্য আসন লাভ কৰি ক্ষমতাসীন হৈছিল। কিন্তু নৱম সাধাৰণ নিৰ্বাচনত এই দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যৰ্থ হৈছে।

নিখিল ভাৰতীয় কংগ্ৰেছ কমিটি এটা বুজন আকাৰৰ সংস্থা বুলি ক’ব পাৰি। প্ৰদেশ কংগ্ৰেছ কমিটিবোৰে এই কমিটিৰ সদস্য সকলক নির্বাচিত কৰে। ই বছৰত একাধিকবাৰ সন্মিলিত হয়। কাৰ্যকৰী কমিটি কংগ্ৰেছ সংগঠনৰ আটাইতকৈ প্ৰয়োজনীয় সংস্থা বুলি কোৱা হয়। সৰহভাগ শীৰ্ষস্থানীয় কংগ্ৰেছী নেতা ইয়াৰ সদস্য। কংগ্ৰেছ দলৰ মুল নেতাসমূহ সাধাৰণতে এই কমিটিয়ে প্রণয়ন কৰে অথবা অনুমোদন কৰিব লাগে। কাৰ্যকৰী কমিটিৰ দুখন উপ কমিটি আছে সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নির্বাচন কমিটি। প্রথমখন ৰাজ্যিক পৰ্যায়ত দল আৰু চৰকাৰৰ মাজত সমন্বয় ৰক্ষা বিষয়ৰ লগত জড়িত আৰু দ্বিতীয়খন সকলো নির্বাচন, দলৰ প্ৰাৰ্থী বাছনি আদি কাৰ্যৰ লগত জড়িত।

স্বাধীন ভাৰতৰ সংখ্যাগৰিষ্ঠ দল হিচাপে সেই সময়তে কংগ্ৰেছে ইয়াৰ উদ্দেশ্যে আৰু নীতি ঘোষণা কৰে। এই দলৰ বৰ্তমানৰ নীতি আৰু লক্ষ্য সমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি।

১) আভ্যন্তৰীণ ক্ষেত্ৰত জনসাধাৰণৰ সৰ্বাংগীণ উন্নতি সাধন কৰা।

২) সম্পুর্ণ কর্মসংস্থান আৰু কাম কৰাৰ অধিকাৰ।

৩) জাতীয় সম্পত্তিৰ সৰ্বোচ্চ উৎপাদন আৰু দেশৰ অৰ্থনৈতিক জীৱনৰ মানদণ্ড উন্নত কৰাৰ কাৰণে প্রয়োজনীয় ব্যৱস্থা গ্রহণ।

৪) জাতীয় জীৱনত সৰ্বোচ্চ পৰিমাণৰ স্বাৱলম্বিতাত উপনীত হোৱাৰ লক্ষ্য।

৫) সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্রতিষ্ঠা, অস্পৃশ্যতা বিলোপ, নাৰীৰ মৰ্যাদা বৃদ্ধি, সুৰাপাণ আৰু দুৰ্নীতি নিবাৰণ, ধনী আৰু দুখীয়াৰ মাজত থকা বৈষম্য আঁতৰ কৰা আৰু গাঁও আৰু নগৰ অঞ্চলৰ অৰ্থনৈতিক অসমতা দূৰীকৰণ।

৬) সমাজবাদী সমাজ প্রতিষ্ঠা কৰাৰ লক্ষ্যত উপনীত হবলৈ শান্তিপুর্ণ, অহিংস আৰু গণতান্ত্রিক উপায় গ্রহণ।

৭) গাঁও পঞ্চায়ত আৰু ঔদ্যোগিক সমবায় প্ৰতিষ্ঠাৰ যোগেদি অৰ্থনৈতিক আৰু ৰাজনৈতিক শক্তিৰ বিকেন্দ্ৰীকৰণ।

৮) জনসাধাৰণৰ মাজৰ আটাইতকৈ দুখীয়া আৰু নিম্নতম শ্ৰেণীৰ লোকসকলৰ প্ৰয়োজন আৰু অৱশ্যকতা পুৰণৰ ক্ষেত্ৰত সর্বাধিক অগ্ৰাধিকাৰ দিয়া।

৯) বৈদেশিক নীতি সম্পৰ্কত কংগ্ৰেছ দল বিশ্ব শান্তিত বিশ্বাসী। আন্তর্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত ই গোষ্ঠীনিৰপেক্ষ নীতিত বিশ্বাসী। কংগ্ৰেছ দলে শান্তিপূর্ণ উপায়েৰে বিশ্বশান্তি প্রতিষ্ঠা কৰাত আগ্রহ প্ৰকাশ কৰে।

আৰম্ভণিৰে পৰা কংগ্ৰেছ দল ভাৰতৰ আটাইতকৈ সু-সংগঠিত ৰাজনৈতিক দল। ইয়াৰ সংগঠন কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ভিতৰুৱা অঞ্চললৈ বিয়পি আছে। ইয়াৰ কেন্দ্ৰীয় কাৰ্যালয় ভাৰতৰ ৰাজধানী দিল্লীত অৱস্থিত। কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা ভাৰতৰ জাতীয় জীৱনত বিশেষ আৰু উল্লেখযোগ্য আৰু তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে বুলি নিঃসন্দেহে কব পাৰি।

২০০৪ চনত অনুষ্ঠিত চতুৰ্দশ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে যথেষ্ট ভাল দেখুৱাবলৈ সক্ষম হয়। কংগ্ৰেছ দলৰ নেতৃত্বত গঠিত হোৱা সংযুক্ত প্রগতিশীল মৰ্চাই চৰকাৰ গঠন কৰে। কংগ্ৰেছ সংসদীয় বৰ্ডে এই দলৰ সভানেত্ৰী শ্ৰীমতী চোনিয়া গান্ধীক দলৰ নেতা নিৰ্বাচিত কৰে। কিন্তু তেঁও প্রধানমন্ত্ৰী হ’বলৈ অনিচ্ছা প্ৰকাশ কৰাত দলৰ জ্যেষ্ঠ নেতা ড° মনমোহন সিং প্রধানমন্ত্রী হয়।

২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল অনুসৰি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্রগতিশীল মৰ্চাই সাফল্য লাভ কৰিছে। নিৰ্বাচনত ইউ.পি.এ. মিত্রজোঁটে ২৬২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিৰ্দলীয় সদস্যৰ সমৰ্থনলৈ ড° মনমোহন সিঙে পুনৰ দ্বিতীয়বাৰ চৰকাৰ গঠন কৰে। প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ব্যক্তিত্ব আৰু ইউ.পি.এ.ৰ ন্যূনতম কৰ্মসূচীৰ জনপ্রিয়তাই কংগ্ৰেছ দলৰ লগতে এই দলৰ মিত্ৰজোঁটত পুনৰ দ্বিতীয়বাৰলৈ ক্ষমতাত আহিবলৈ সুবিধা পাইছে। এই নিৰ্বাচনত কংগ্ৰেছৰ দলে ২০৬ খন আসন লাভ কৰিছিল।

২০০৬ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় আসন লাভ কৰিব পৰা নাছিল। 

২০০৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা হ্ৰাসৰ প্ৰধান কাৰণ হ’ল A.U.D.F. [ Assam United Democratic Front] নামৰ নতুন ৰাজনৈতিক দলৰ আৱিৰ্ভাৱ। এই নিৰ্বাচনত A.U.D.F. দলে দহখন আসন লাভ কৰিলে। A.U.D.F. দলৰ জন্ম নোহোৱা হ’লে এইকেইখন আসন কংগ্ৰেছে লাভ কৰাৰ আশা আছিল।

২০১১ চনৰ অসম বিধানসভা নির্বাচন ৪ আৰু ১১ এপ্রিল তাৰিখলৈ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। ইয়াত কংগ্ৰেছ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠাতা অৰ্জন কৰিছে। এই নিৰ্বাচনত কংগ্ৰেছ দলে নিজাববীয়াকৈ ৭৮ খন আসন লাভ কৰি তৰুণ গগৈৰ নেতৃত্বত একেলেঠাৰিয়ে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

কংগ্ৰেছ দলে জনপ্রিয়তা হেৰুওৱাৰ কাৰণ :

আমাৰ দেশৰ ভোটাৰ সকলে জাতি-ধৰ্ম-ভাষা আদিৰ ভিত্তিত ভোটদান কৰে যদিও আৰু তেওঁলোকক সহজে প্রলোভিত কৰিব পাৰি যদিও আৰম্ভণিতে কংগ্ৰেছ দলে ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰিছিল আৰু কংগ্ৰেছ দলে এই দলক প্রাধান্যকাৰী দল হিচাপে প্রতিষ্ঠিত কৰিব পাৰিছিল। আৰম্ভণিতে কংগ্ৰেছেই আছিল একমাত্র শক্তিশালী সৰ্বভাৰতীয় দল। এই দলে মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলন কৰিছিল আৰু ইয়াৰ ফলত ইংৰাজ চৰকাৰে ভাৰতক স্বাধীনতা দিবলৈ বাধ্য হৈছিল। কংগ্ৰেছ দলে সমাজবাদী আদৰ্শৰ সমাজ প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিছিল যদিও, শান্তিপুর্ণ আৰু সাংবিধানিক উপায়ে সমাজবাদ প্রতিষ্ঠা কৰা নীতিহে এই দলে সমৰ্থন কৰিছিল। সেয়েহে দলে সকলো শ্ৰেণীৰ লোকৰ সমর্থন পাইছিল। 

স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা কংগ্ৰেছ দলে দেশৰ শাসন কাৰ্য পৰিচালনা কৰাৰ সুবিধা পাইছিল যদিও ১৯৬৭ চনৰ পৰা এই দলৰ জনপ্ৰিয়তা ভালেখিনি কমি আহিছিল। ১৯৭১ চনত এই দলৰ জনপ্ৰিয়তা কমি যোৱাৰ ফলত লোকসভাত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল। তলত দিয়া বিভিন্ন কাৰণত এই দলৰ জনপ্ৰিয়তা কমি আহিছে।

১) প্রথম সাধাৰণ নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্যসমূহত কংগ্ৰেছ দলে প্রাধান্য বিস্তাৰ কৰিছিল যদিও দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ জনপ্ৰিয়তা কমি আহিছিল। কেন্দ্ৰ আৰু কেৰেলাৰ বাহিৰে আন ৰাজ্যত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা হৈছিল যদিও কেৰেলাত ই এছ-নাম্বুদিৰিপাদৰ নেতৃত্বত কমিউনিষ্ট চৰকাৰ প্ৰতিষ্ঠা হৈছিল। কিন্তু সাংবিধানিক অচল অৱস্থাৰ অজুহাতত কংগ্ৰেছ চৰকাৰে কমিউনিষ্ট চৰকাৰক ক্ষমতাচ্যুত কৰি সেই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিছিল। নাম্ফুদিৰিপাদৰ চৰকাৰ জনসাধাৰণৰ ৰায়ৰ ভিত্তিত প্রতিষ্ঠিত আছিল যদিও কংগ্ৰেছ চৰকাৰে কমিউনিষ্ট চৰকাৰ হোৱাটো সহ্য কৰিব পৰা নাছিল। জনসাধাৰণৰ ৰায়ক আওকাণ কৰি কেৰেলাত ৰাষ্ট্ৰপতিৰ শাসন প্রয়োগ কৰা কাৰ্যয়ো কংগ্ৰেছৰ প্ৰতি বিৰূপ মনোভাৱৰ সৃষ্টি কৰিছিল।

২) ১৯৬২ চনত চীন দেশৰ লগত হোৱা যুদ্ধত পৰাজয়বৰণ কৰাৰ ফলতো কংগ্ৰেছৰ জনপ্ৰিয়তা ভালেখিনি কমি আহিছিল। এই যুদ্ধত হোৱা পৰাজয় আৰু জনসাধাৰণৰ ওপৰত প্ৰয়োগ কৰা বাধা-নিষেধে কংগ্ৰেছৰ জনপ্ৰিয়তা কমাই আনিছিল আৰু ইয়াৰ ফলত ১৯৬৩ চনত অনুষ্ঠিত হোৱা তিনিটা উপ-নির্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল। ১৯৬৪ চনত নেহৰুৰ মৃত্যুৰ ফলতো কংগ্ৰেছে। লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল।

৩) চতুৰ্থ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা আৰু কমি আহিছিল। কেন্দ্ৰত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছিল যদিও ৰাজ্যসমূহত পৰিস্থিতিৰ পৰিৱৰ্তন হৈছিল। কিছুমান ৰাজ্যত অ-কংগ্ৰেছী মন্ত্রীসভা গঠিত হৈছিল। ইয়াৰ উপৰিও কংগ্ৰেছৰ নেতা কিছুমানে ব্যক্তিগত স্বাৰ্থ পুৰণৰ কাৰণে দলত্যাগ কৰি বেলেগ দলত যোগদান কৰিছিল নাইবা নতুন দলৰ সৃষ্টি কৰিছিল। পঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ, বিহাৰ, হাৰিয়ানা আদি ৰাজ্যত অ-কংগ্ৰেছী মন্ত্রীসভা গঠন হোৱাটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছৰ জনপ্ৰিয়তা ক্রমান্বয়ে কমি আহিছিল।

৪) ১৯৬৯ চনত কংগ্ৰেছ দল দুভাগত বিভক্ত হৈছিল। ইন্দিৰা গান্ধীৰ নামেৰে এটা ভাগক ইন্দিৰা কংগ্ৰেছ হিচাপে নামাকৰণ কৰা হৈছিল আৰু আনটো ভাগক সাংগঠানিক কংগ্ৰেছ বোলা হৈছিল। কংগ্ৰেছৰ এই বিভাজনেও কংগ্ৰেছৰ জনপ্ৰিয়তা কমাই আনিছিল। দলত দেখা দিয়া এই ভাঙোনৰ ফলত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। সেয়েহে লোকসভা ভাঙি দি নতুন নির্বাচন অনুষ্ঠিত কৰা হৈছিল। অৱশ্যে এই নিৰ্বাচনৰ ফলত ইন্দিৰা গান্ধীয়ে দেশ শাসনৰ সুবিধা পাইছিল।

৫) কিন্তু ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত কংগ্ৰেছ দলৰ জনপ্ৰিয়তা পুনৰ কমি আহিছিল। এই নিৰ্বাচনৰ পিছত কংগ্ৰেছ চৰকাৰে গুজৰাটত ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰিছিল। এই ৰাজ্যৰ বিধানসভা ভাঙি দিয়াৰ ফলত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত এই ৰাজ্যৰ বিধানমণ্ডলৰ কোনো সদস্যই অংশগ্ৰহণ কৰিব পৰা নাছিল। চৰকাৰৰ এই কামে গুজৰাট বাসীক অসন্তুষ্ট কৰিছিল। সেয়েহে গুজৰাট বিধানমণ্ডলৰ নিৰ্বাচনত কংগ্ৰেছে পৰাজয়বৰণ কৰিছিল আৰু জনতা দলে চৰকাৰ গঠনৰ সুবিধা পাইছিল।

৬) প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্বেচ্ছাচাৰী শাসনৰ ফলত কংগ্ৰেছৰ জনপ্রিয়তা কমি আহিছিল। জাতীয় জৰুৰী অৱস্থা চলি থকা সময়তে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী ঘোষণা কৰি বিৰোধী দলসমূহৰ নেতৃস্থানীয় ব্যক্তি কিছুমানক আটক কৰি ৰাখিছিল। ইন্দিৰা গান্ধীৰ এনে ধৰণৰ স্বেচ্ছাচাৰী কাৰ্য দেশৰ বিৰোধী দলৰ উপৰিও জনসাধাৰণেও সমৰ্থন কৰিব পৰা নাছিল। শাসনৰ দায়িত্ব পুনৰ লাভ কৰাৰ আশাৰে কংগ্ৰেছ চৰকাৰে লোকসভা ভাঙি দি পুনৰ নির্বাচন অনুষ্ঠিত কৰিছিল। কিন্তু এই নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয়বৰণ কৰিছিল আৰু মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা দলে চৰকাৰ গঠন কৰাৰ সুবিধা পাইছিল।

৭) বংশানুক্রমিক শাসন প্ৰচলন কৰাৰ চেষ্টাৰ ফলতো কংগ্ৰেছ দলৰ জনপ্ৰিয়তা কমি আহিছিল। ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত তেওঁৰ পুতেক ৰাজীৱ গন্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ গঠন কৰা হৈছিল। বংশানুক্রমিক শাসন প্রতিষ্ঠা কৰা কাৰ্যয়ো জনসাধাৰণক অসন্তুষ্ট কৰিছিল। সেয়েহে ১৯৮৯ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ জোখাৰে আসন লাভ কৰা নাছিল। এই নিৰ্বাচনৰ ফলত ভি-পি-সিঙৰ নেতৃত্বত মৰ্চাৰ চৰকাৰ গঠিত হৈছিল। ১৯৯৮ আৰু ১৯৯৯ চনৰ নিৰ্বাচনতো কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সুবিধা পোৱা নাছিল। ১৯৯৯ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলত হোৱা বিভাজনেও এই দলক দুর্বল কৰিছিল।

মুঠতে কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা আন্দোলন কৰি ভাৰতে স্বাধীনতা লাভ কৰিছিল যদিও সময়ৰ লগে লগে কংগ্ৰেছৰ জনপ্রিয়তা কমি আহিছিল। নেতৃস্থানীয় ব্যক্তি কিছুমানৰ স্বেচ্ছাচাৰী শাসন, কংগ্ৰেছ সদস্য কিছুমানৰ শোষণ আৰু দুৰ্নীতি, বিৰোধী দলৰ প্ৰতি কংগ্ৰেছ দলৰ ব্যৱহাৰ, কংগ্ৰেছ দলত হোৱা ভাঙোন আৰু দলত্যাগ, ক্ষমতা লাভৰ আকাংখা আৰু বংশানুক্রমিক শাসন প্ৰচলন কৰাৰ চেষ্টা আদি বিভিন্ন কাৰণত এই দলৰ জনপ্ৰিয়তা কমি আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top