Perspectives on Public Administration Unit 3 Theoretical Perspectives

Perspectives on Public Administration Unit 3 Theoretical Perspectives Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Perspectives on Public Administration Unit 3 Theoretical Perspectives Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Perspectives on Public Administration Unit 3 Theoretical Perspectives Question Answer can be of great value to excel in the examination.

Perspectives on Public Administration Unit 3 Theoretical Perspectives

Join Telegram channel

Perspectives on Public Administration Unit 3 Theoretical Perspectives Notes cover all the exercise questions in UGC Syllabus. The Perspectives on Public Administration Unit 3 Theoretical Perspectives provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Theoretical Perspectives

POLITICAL SCIENCE

Perspectives on Public Administration লোক প্ৰশাসনৰ প্ৰেক্ষাপটসমূহ

Very Objective Type Questions

1. What do you mean by Ecology.

Ans: ‘Ecology’ এই অভিধাটো জীৱ বিজ্ঞান [Biology] পৰা লোৱা হৈছে যাৰ অৰ্থ এক জীৱ প্ৰজাতি আৰু ইয়াৰ প্ৰাকৃতিক বাসস্থানৰ মাজৰ সম্পৰ্ক আৰু পাৰস্পৰিক আন্তনিৰ্ভৰশীলতা। সমাজতত্ত্বত এই ‘Ecology’ অভিধাটো জীৱবিদ্যাৰ পৰা ধাৰে লোৱা হৈছে নগৰীয়া ব্যৱস্থাপনাৰ সৈতে মানুহৰ স্থানিক সম্পর্ক [Spatial Relationship]ৰ বিষয়ক অধ্যয়নক বুজাবলৈ ‘Ecology’ অভিধাটো সমাজতত্ত্বৰত ব্যৱহাৰ কৰা হয়। ৰিগ্‌ছ (Riggs) য়ে Ecology শব্দটো জীৱবিদ্যাৰ পৰা আনি প্রশাসন ব্যৱস্থাৰ অধ্যয়নত প্ৰয়োগ কৰিছে। ই কোনো জীৱ বা সংগঠন আৰু এইসমূহৰ পৰিৱেশৰ পাৰস্পৰিক সম্বন্ধৰ সৈতে জড়িত। কোনো জীৱই নিজৰ ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ সৈতে খাপ খুৱাই লৈ জীয়াই থকাৰ পথ সন্ধান কৰি লয়। অনুৰূপ ধৰেণ, প্রশাসনেও ইয়াৰ পৰিৱেশৰ সৈতে পাৰস্পৰিক আন্তঃক্ৰিয়াৰ জৰিয়তে নিৰ্ধাৰিত উদ্দেশ্যত উপনীত হ’বলৈ কার্যক্ষম হৈ থাকে।

2. Who wrote the book “Innovation and Entrepreneurship?

Ans: Peter Drucker

Short type questions 

1. Security and Safety Needs.

Ans: মানুহে প্রাকৃতিক দুর্যোগ (Natural Calamities), বিপদ (Dangers) আৰু বঞ্চনা (Deprivations)ৰ পৰা নিৰাপত্তা আৰু সুৰক্ষাৰ সন্ধান কৰে। এজন ব্যক্তিৰ দৈহিক প্রয়োজনবিলাক আপেক্ষিকভাৱে সন্তুষ্ট হ’লে তেওঁলোকৰ সুৰক্ষাৰ প্ৰয়োজনসমূহে অগ্ৰাধিকাৰ লাভ কৰে আৰু আচৰণৰ ওপৰত প্ৰভাৱ পেলায়। অর্থাৎ এজন ব্যক্তিৰ দৈহিক প্ৰয়োজনসমূহ পূৰণ হোৱাৰ পিছত তেওঁৰ পৰৱৰ্তী লক্ষ্য হ’ল সুৰক্ষা (Safety)। তেওঁৰ বাবে সুৰক্ষাতকৈ অনান্য সকলোবিলাক কম গুৰুত্বপূৰ্ণ হৈ পৰে। শিশুসকলৰ বেলিকা সুৰক্ষাৰ প্রয়োজনীয়তা অধিক ভালদৰে উপলব্ধি কৰা যায়। সভ্য সমাজত নাগৰিকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দায়িত্ব বহু পৰিমাণে চৰকাৰে পালন কৰে। এনেধৰণৰ সমাজত সুৰক্ষাৰ প্ৰয়োজন প্ৰেৰণাদায়ী কাৰক হৈ নাথাকে৷ জনগণৰ নিদিষ্ট কার্যকালৰ সৈতে এক কর্মসংস্থাপন আৰু চৰকাৰী সেৱা [Government Service] চেভিং বেংক একাউণ্ট [Savings Bank Account] আৰু বীমা [Insurance] ইত্যাদিৰ দৰে সুৰক্ষাৰ প্ৰতি অগ্ৰাধিকাৰৰ মাজেৰে সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়। এনেদৰে সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰয়োজনে ব্যক্তিগত নিৰাপত্তা, আবেগিক নিৰাপত্তা, বিত্তীয় নিৰাপত্তা, সু-স্বাস্থ্য, দুর্ঘটনা/অসুস্থতা আৰু ইয়াৰ প্ৰতিকূল প্ৰভাৱৰ বিপৰীতে সুৰক্ষাৰ প্রয়োজনক সামৰি লয়। এনেদৰে অধিক্ৰমৰ দৈহিক আৰু সুৰক্ষা তথা নিৰাপত্তাজনিত প্ৰয়োজনসমূহক একেলগে মৌলিক প্রয়োজন বুলি অভিহিত কৰা হয়।

2. Basic Human Needs. 

Ans: প্রয়োজনৰ মৌলিক বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ —

(১) সকলো সজীৱ প্ৰাণীয়েই দৈহিকভাৱে জীৱন বৰ্তি থকাৰ কাৰণে নিজস্ব পৰিবেশত কেতবোৰ দৈহিক প্রয়োজনীয়তা অনুভৱ কৰে। 

(২) পৰিৱেশৰ প্ৰতি কৰা প্ৰতিক্রিয়াশীল আচৰণৰ ফলত শাৰীৰিক যাক প্রয়োজন বুলি অভিহিত কৰা হয়।

(৩) জীৱৰ শাৰীৰিক আৰু দেহ-ৰাসায়নিক পৰিৱৰ্তনবোৰেই হৈছে প্ৰয়োজন সৃষ্টিৰ মূল কাৰক।

(৪) জৈৱিকভাৱে নিম্ন স্তৰৰ জীৱ-জন্তু সমূহৰ প্ৰয়োজনৰাজি সীমিত আৰু পূৰ্ব নিৰ্ধাৰিত বিধৰ। অন্যহাতে উচ্চস্তৰৰ মানুহৰ প্ৰয়োজনসমূহ ভিন্নমুখী আৰু অধিক জটিলতাপূর্ণ ।

(৫) দেহ ৰাসায়নিক পৰিৱৰ্তনসমূহে জীৱ দেহত এক অস্বস্তিকৰ অৱস্থাৰ সূচনা কৰি উত্তেজনা প্ৰদান কৰে। এনে উত্তেজনাই সঞ্চালন ক্ৰিয়াৰ জৰিয়তে প্ৰকাশ লাভ কৰে।

(৬) জীৱকূলৰ জীয়াই থকা বাবে জৈৱিক দিশৰ প্ৰয়োজনসমূহ অপৰিহাৰ্য যাক মৌলিক প্রয়োজন বুলি জনা যায়।

(৭) ব্যক্তিৰ দৈহিক মানসিক প্রয়োজনসমূহ পূৰণ কৰাত ব্যৰ্থ হ’লৈ তেনে ব্যর্থতাইব্যক্তিৰ ব্যক্তিত্বৰ অপসমাযোজন আৰু মানসিক ৰোগগ্ৰস্ততাৰ সূচনা কৰে।

Essay Type Questions 

1. Write a note on the meaning and implication of five needs in the Hierarchy.

Ans: জৈৱিক দৃষ্টিকোণৰ পৰা বিচাৰ বিশ্লেষণ কৰি চালে ক’ব পাৰি যে মানুহ এক প্রতিক্রিয়াশীল প্ৰাণী যাৰ জন্মলঙধ কেতবোৰ সুপ্ত প্ৰৱণতা থাকে। সেয়েহে ব্যক্তিয়ে পৰিৱেশৰ বিভিন্ন পৰিস্থিতিৰ সংস্পৰ্শত প্রয়োজনীয় প্রতিক্রিয়া আৰু আচৰণ প্ৰদৰ্শন কৰিব পাৰে। এনে প্রতিক্রিয়াশীল ক্ষমতা নির্জীৱ তথা প্রাণহীন বস্তুৰ ন’থাকে। পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি সুকীয়া সুকীয়াভাৱে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিব পৰাকৈ মানুহৰ দেহৰ বৰ্হিঃভাগ আৰু অৰ্জুভাগত কেতবোৰ সজীৱ গ্রহণ কোষ থাকে। এই গ্ৰহণ কোষবিলাকে দেহৰ গ্ৰহণেন্দ্ৰিয়ৰিলাকৰ গ্রহণ ক্ষমতাক গঢ় দি তুলিছে। পৰিৱেশৰ বিষয়বস্তুৰ প্ৰতি প্ৰতিক্রিয়াশীল আচৰণ প্ৰদৰ্শন কৰিবলগীয়া হোৱা কাৰণে দেহ যন্ত্ৰত জৈৱ ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়। এই পৰিৱৰ্তনে দেহ-যন্ত্রত কেতবোৰ জৈৱিক প্ৰয়োজনৰ সৃষ্টি কৰে। সেয়েহে প্ৰয়োজন’ অভিধাই দেহ যন্ত্ৰত পৰিৱৰ্তনৰ ফলত সৃষ্ট জৈৱিক উপাদানৰ নাটনি হোৱা বা অভাৱ হোৱা অৱস্থা এটাক সূচায়। এনেবিলাক কাৰণতে প্রয়োজনসমূহক দৈহিক পৰিৱৰ্তনৰ ফলশ্রুতিস্বৰূপে অনুভূত এক অভাৱ বুলি অভিহিত কৰিব পাৰি যি মূলতঃ এক দেহ ভিত্তিক অভিজ্ঞতা।

প্রয়োজনৰ মৌলিক বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ —

(১) সকলো সজীৱ প্ৰাণীয়েই দৈহিকভাৱে জীৱন বৰ্তি থকাৰ কাৰণে নিজস্ব পৰিবেশত কেতবোৰ দৈহিক প্রয়োজনীয়তা অনুভৱ কৰে। 

(২) পৰিৱেশৰ প্ৰতি কৰা প্ৰতিক্রিয়াশীল আচৰণৰ ফলত শাৰীৰিক যাক প্রয়োজন বুলি অভিহিত কৰা হয়।

(৩) জীৱৰ শাৰীৰিক আৰু দেহ-ৰাসায়নিক পৰিৱৰ্তনবোৰেই হৈছে প্ৰয়োজন সৃষ্টিৰ মূল কাৰক।

(৪) জৈৱিকভাৱে নিম্ন স্তৰৰ জীৱ-জন্তু সমূহৰ প্ৰয়োজনৰাজি সীমিত আৰু পূৰ্ব নিৰ্ধাৰিত বিধৰ। অন্যহাতে উচ্চস্তৰৰ মানুহৰ প্ৰয়োজনসমূহ ভিন্নমুখী আৰু অধিক জটিলতাপূর্ণ ।

(৫) দেহ ৰাসায়নিক পৰিৱৰ্তনসমূহে জীৱ দেহত এক অস্বস্তিকৰ অৱস্থাৰ সূচনা কৰি উত্তেজনা প্ৰদান কৰে। এনে উত্তেজনাই সঞ্চালন ক্ৰিয়াৰ জৰিয়তে প্ৰকাশ লাভ কৰে।

(৬) জীৱকূলৰ জীয়াই থকা বাবে জৈৱিক দিশৰ প্ৰয়োজনসমূহ অপৰিহাৰ্য যাক মৌলিক প্রয়োজন বুলি জনা যায়।

(৭) ব্যক্তিৰ দৈহিক মানসিক প্রয়োজনসমূহ পূৰণ কৰাত ব্যৰ্থ হ’লৈ তেনে ব্যর্থতাইব্যক্তিৰ ব্যক্তিত্বৰ অপসমাযোজন আৰু মানসিক ৰোগগ্ৰস্ততাৰ সূচনা কৰে।

2. Critically analyze Abraham MasLaw’s theory of Need Hierarchy.

Ans: মেচ্‌লোৰ প্ৰয়োজনৰ অধিক্ৰমৰ তত্ত্বটিয়ে মনোবিজ্ঞানৰ লগতে শিক্ষা আৰু ব্যৱসায়িক ক্ষেত্রসমূহকো বহুলভাৱে প্ৰভাৱান্বিত কৰিছিল। অৱশ্যে মেচলোৰ তত্ত্বটি সমালোচনাৰ উৰ্দ্ধত নহয়। মেচলোৰ তত্ত্ববটিক প্রধানত: তেওঁৰ গৱেষণাৰ তথ্যৰাজিৰ জটিলতা আৰু বৈধতা আৰু প্ৰয়োজনৰ অধিক্ৰমিক স্থিতিৰ শৃংখলাৰ ভিত্তিতেই সমালোচনা কৰা হৈছিল।

(১) প্রয়োজনসমূহে আৱশ্যকীয়ভাৱে কোনো এক অধিক্রমিক স্থিতি অনুসৰণ নকৰে [Needs do not necessarily follow a Hierarchy] : একাংশ সমালোচকৰ মতে, নিম্ন শৃংখলাৰ পৰা শীৰ্ষতম শৃংখলালৈকে প্রয়োজনসমূহ সকলো সময়তে একেই ক্রম অনুসৰি পৰিচালিত নহয়। Wahba আৰু Bridwell ৰ মতে, “There was little evidence for Maslow’s ranking of these needs and even less evidence that these needs are in a hierarchical order”.

(২) তত্ত্বটি পৰীক্ষা কৰা জটিল (The Theory is difficult to Test) : মেচ্‌লোৰ তত্ত্বটিৰ বিৰুদ্ধে উত্থাপিত আন এক সমালোচনা হ’ল যে তেওঁ আগবঢ়োৱা আত্ম-যথার্থতা প্রাপ্তি (Self-actualization) ৰ সংজ্ঞাটি বিজ্ঞানসম্মতভাৱে পৰীক্ষা-নিৰীক্ষা কৰাটো অত্যন্ত জটিল। মেচ্‌লোৰ আনত্ম যথথিতাৰ ওপৰত গৱেষণা সীমিত সংখ্যক ব্যক্তিৰ নমুনা (Sample) লৈ চলোৱা হৈছিল। এই নমুনাৰ ভিতৰত মেচ্‌লোৱে আত্ম-যথার্থযআত্ম-বাস্তৱায়িত বুলি প্রতীয়মান হোৱা তেওঁৰ পৰিচিত ব্যক্তি বিশেষকহে সামৰি লৈছিল। সেয়েহে তেওঁৰ আত্ম-যথাৰ্থতাৰ অৱধাৰণাটোক অস্পষ্ট, অসম্পূৰ্ণ আৰু খুবেই সাধাৰণ বুলি সমালোচনা কৰা হৈছিল। Uriel Abulaf এ এইক্ষেত্ৰত যুক্তি দৰ্শাইছে— “The continued resonance of Maslow’s theory in popular imagination however, unscientific it may seem, is possibly the single most telling evidence of its significanceÊ. it explains human nature as something that most humans immediately recognize in themselves and others”.

এনেদৰে মেচ্‌লোৰ তত্ত্বটিক মেচ্‌লোৰ গৱেষণাৰ তথ্যৰ পৰিশীলতা (Sophistication) আৰু বৈধতাৰ অভাৱ, তেওঁৰ দ্বাৰা সজ্জিত প্রয়োজনৰ অধিক্রমক লৈ হোৱা বিতর্ক আৰু ‘আত্ম-যথার্থত।” অভিধাটোৰ অত্যন্ত সাধাৰণ আৰু অস্পষ্ট প্রকৃতিৰ বাবেই মূলত: সমালোচনা কৰা হয়।

মূল্যায়ন : মেচ্‌লোৰ প্ৰয়োজনৰ অধিক্রমিক তত্ত্বটিক বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিলেও তত্ত্বটিৰ গুৰুত্ব কোনো প্রকাৰে অস্বীকাৰ কৰিব নোৱাৰি। মেচ্‌লোৰ প্ৰয়োজনৰ অধিক্ৰমে মনোবিজ্ঞানৰ এক গুৰুত্বপূর্ণ পৰিৱৰ্তনৰ অংশকে উপস্থাপন কৰে। মেচ্‌লোৰ মানবতাবাদী মনোবিজ্ঞান (Humanistic Psychology) এ অস্বাভাৱিক আচৰণ [Abnormal behaviour] আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে সুস্থ সবল ব্যক্তিৰ বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল।

এই তত্ত্বটিৰ সমৰ্থনত নিচেই সীমিত গৱেষণা সম্পাদিত হৈছে যদিও মনোবিজ্ঞানৰ লগতে ব্যৱসায়িক প্ৰশাসনৰ ক্ষেত্ৰতো ই বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল। ২০১১ চনত ইলিনয় বিশ্ববিদ্যালয়ৰ এদল গবেষকে অধিক্ৰমৰ ওপৰত চলোৱা পৰীক্ষা-নিৰীক্ষাৰ অন্তত প্রতিবেদনত এই বুলি উল্লেখ কৰিছিল যে যদিও প্রয়োজনৰ পৰিপূৰ্ণতা সুখৰ সৈতে দৃঢ়ভাৱে জড়িত আছিল, বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনগণে এই বুলি মন্তব্য কৰিছিল যে মৌলিক প্রয়োজনসমূহৰ ভালেসংখ্যক প্রয়োজনৰ অপৰিপূর্ণতা স্বত্বেও আত্ম-যথার্থতা আৰু সামাজিক প্রয়োজনসমূহ অনেক গুৰুত্বপূর্ণ আছিল।

এনেধৰণৰ ফলাফলৰ ভিত্তিত তেওঁলোকে এই বুলি পৰামৰ্শ দিয়ে যে যিহেতুকে এই প্রয়োজনসমূহ মানৱ আচৰণৰ শক্তিশালী প্ৰেৰণাদায়ক, সেয়ে ইবিলাকে মেচ্‌লোৱে বৰ্ণনা কৰা প্ৰয়োজনৰ অধিক্রমিক স্থিতিক গ্রহণ নকৰে।

যি কি নহওক, মেচ্‌লোৰ তত্ত্বটিয়ে অনুপ্রেৰণাৰ ক্ষেত্ৰত নতুন নতুন গৱেষণাৰ পথ প্রশস্ত কৰি তুলিছে। এই ক্ষেত্ৰত ডানহামৰ মন্তব্য প্রণিধানযোগ্য। তেওঁৰ মতে, “কৰ্মচাৰীসকলৰ প্ৰয়োজনৰ পৰয়িসমূহৰ মূল্যায়নকৰণ আৰু সাংগঠনিক কার্যকাৰিতা উন্নীতকৰণৰ হকে পুৰস্কাৰ আৰু সুযোগৰ উপযুক্ত ধৰণ চিনাক্তকৰণৰ ক্ষেত্ৰত মেচ্‌লোৰ তত্ত্বটি অধিক গ্রহণযোগ্য।”

3. Discuss about the Characteristics of Innovation and Entrepreneurship as propounded by Drucker.

Ans: পিটাৰ ড্ৰাকাৰৰ Innovation আৰু Entrepreneurship’ শীর্ষক গ্ৰন্থত উল্লেখিত নতুনত্ব আৰু উদ্যোক্তাৰ কিছুমান বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইবিলাকৰ ভিতৰত―

প্ৰথমতে, উদ্যোগী হ’বলৈ পৰিৱৰ্তন আৰু অনিশ্চয়তাৰ লগত অভ্যস্ত হ’ব লাগিব। অর্থাৎ কিছুমান ব্যৱসায়িক কাম-কাজত লোকচান হোৱাৰ সম্ভাৱনা থাকে। যদিহে প্ৰকৃতাৰ্থত এজন উদ্যোগী হ’ব খোজা হয় তেন্তে লোকচানৰ সম্ভাৱনাক স্বীকাৰ কৰি কৰ্মত অগ্ৰসৰ হ’ব লাগিব অর্থাৎ অনিশ্চয়তাৰ পাছতো হতাশ হ’লে নহ’ব। ঠিক সেইদৰে পৰিৱৰ্তনৰ ক্ষেত্ৰতো উদ্যোগী জন অভ্যস্ত হ’ব লাগিব। বৰ্তমান সময়ৰ পৰা ৫,১০ বা ২০ বছৰ আগতে গ্ৰাহকে যি বিচাৰিছিল আৰু বৰ্তমান কি বিচাৰে এই ক্ষেত্ৰতো উদ্যোগীজন সচেতন হ’ব লাগিব। উদ্যোগী হিচাপে গ্ৰাহকক সন্তুষ্ট কৰি ৰখাটোৱে মূল বিষয়।

দ্বিতীয়তে, নতুন নতুন সুযোগ [Innovative Opportunity] ৰ ৭ টা উপাদান আছে। এই সাতটা উপাদানৰ চাৰিটা নিৰ্দিষ্ট উদ্যোগৰ লগত জড়িত থকাৰ বিপৰীতে বাকীকেইটা উদ্যোগৰ আনুষংগিক কৰ্মৰাজিৰ লগত জড়িত থাকে।

(১) অবাঞ্চিত ধাৰণাটোৱে সাধাৰণতে ব্যৱসায়িক স্তৰত সৃষ্টি হোৱা সুযোগৰ সদব্যৱহাৰৰ জৰিয়তে সফলতা লাভ কৰাটো বুজায় ৷ কৃতকাৰ্য্যতা লাভ কাৰ্যকৰীকৰণৰ জৰিয়তে ব্যৱসায়ত এক সুকীয়া স্থান নির্ণয় কৰি লয়। ব্যৱসায়িক পৰিৱেশৰ ওপৰত গুৰুত্ব দি পৰিৱেশে কি বিচাৰে তাক অনুধাৱন কৰাটো এক ব্যৱসায়িক বৈশিষ্ট্য। ইয়াৰোপৰি প্রতিষ্ঠানবিলাকে নিজৰ ভুলসমূহ উপলব্ধি কৰি নিজকে শুধৰণি কৰিবলৈ যত্ন কৰা উচিত।

(২) কেতিয়াবা ব্যবসায়িক প্রতিষ্ঠান বা ব্যবসায়িক ক্ষেত্রত বিসংগতিপূর্ণ জটিল বিষয়বস্তুহে প্রভাব বিস্তাৰ কৰে। এনেধৰণৰ বিষয়বস্তুৰে বাস্তব অর্থনীতিত জটিলতাৰ সৃষ্টি কৰাৰ উপৰিও গ্ৰাহকসকলৰ দাৰী আৰু আশাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদ্ধতিৰ ওপৰতো প্রভাৱ পেলায়। কিন্তু কেতিয়াবা এনে বিসংগতিপূর্ণ পৰিস্থিতিয়ে বিফলতাৰ সলনি সফলতা আৰু গ্ৰাহকৰ দাবী পূৰণ কৰাৰ ক্ষেত্ৰত সঠিক দিশত গতি কৰাত সহায় কৰে, যাৰ বাবে উদ্যোগীসকলে এনে পৰিস্থিতি উদ্ভৱ হ’লে বিষয়টোৰ ওপৰত যথোচিত গুৰুত্ব প্রদান কৰিব লাগিব।

(৩) উদ্যোগীসকলে, ব্যবসায়িক ক্ষেত্ৰত আৰু অধিক কিবা কৰাৰ উপায় আছে নেকি তাক বিশ্লেষণ কৰি চোৱা উচিত আৰু এনেধৰণৰ চিন্তা চর্চা ব্যৱসায়িক ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে নিতান্তই প্রয়োজনীয়তা আছে। যি কি নহওক, এনে চিন্তাধাৰা বাস্তবায়িত কৰি তুলিবৰ বাবে যি পদ্ধতি অবলম্বন কৰা হ’ব তাক ভালদৰে অনুধাৱন কৰি কাৰ্যকৰীকৰণৰ জ্ঞান অর্জন কৰি সঠিক দিশত ৰূপায়ণৰ প্ৰয়াস কৰিব লাগিব।

(৪) প্রতিষ্ঠানসমূহৰ গাঁথনিৰ পৰিৱর্তনে প্রতিষ্ঠানসমূহক বিশেষ সুবিধা প্রদান কৰে। প্রতিষ্ঠানসমূহৰ দ্ৰুত উন্নয়নে ইয়াৰ পৰিসৰ বৃদ্ধিত সহায় কৰাৰ উপৰিও গ্ৰাহকৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ সুবিধা হয়।

(৫) জনসংখ্যা, শিক্ষা, উপার্জন, বয়সৰ পার্থক্য আদিৰ ওপৰত ভিত্তি কৰি গ্ৰাহকৰ আশা-আকাংক্ষা, দাবী ইত্যাদি বেলেগ বেলেগ ধৰণৰ হয়। গতিকে উদ্যোগীসকলে এনেধৰণৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

(৬) জনসাধাৰণৰ আশা আৰু মানসিক অৱস্থাৰ যিহেতু পৰিৱৰ্তন হৈ গুৰুত্ব দিব লাগে। যিহেতু ব্যৱসায় ধাৰণাটোৰ এটা দীৰ্ঘম্যাদী লক্ষ্য থাকে। গতিকে বর্তমান অবস্থা কি বা ভবিষ্যতে কি হ’ব সেয়া ভবাতকৈ ব্যৱসায়টো দীর্ঘ সময়ৰ বাবে বৰ্তি থকাটোৰ ওপৰত যথোচিত গুৰত্ব দিয়া উচিত।

(৭) জ্ঞানৰ ওপৰত ভিত্তি কৰি কিবা এটা উদ্ভাৱন কৰিবলৈ দীর্ঘ সময়ৰ প্ৰয়োজন।উদাহৰণস্বৰূপে, “আইফোন”উৎপাদন কৰা কোম্পানীয়ে বহুবছৰ জোৰা পৰীক্ষাৰ অন্তত আইফোন প্ৰস্তুত কৰি উলিয়াইছে আৰু হয়তু ভৱিষ্যতৰ বাবে আন কিছুমান উপপাদ উদ্ভাৱন কৰিব। কিন্তু সেই উপপাদ উৎপাদন কৰিবলৈ যিমান সময় আৰু অৰ্থৰ প্রয়োজন হ’ব, ইয়াক বজাৰ পৰ্যায়লৈ নি উপপাদে ব্যৱসায় কৰাটো এক জুৱা খেলৰ দৰে হয় কাৰণ ইয়াত ১০০ শতাংশ সফল হোৱা কোনোধৰণৰ সম্ভাৱনা নাই।

তৃতীয়তে, নতুন উদ্ভাৱনৰ ক্ষেত্ৰত কিছুমান কৰিবলগীয়া আৰু কিছুমান নকৰিবলগীয়া কাৰ্য জড়িত হৈ আছে। কৰিবলগীয়া কাৰ্যসমূহৰ ভিতৰত গ্ৰাহকে কেনেধৰণৰ বস্তু বিচাৰে বা কেনেধৰণৰ বস্তুৰ বজাৰত চাহিদা আছে সেইবিলাকৰ বিষয়ে জানিবলৈ গ্ৰাহকৰ পৰা শুনা আৰু নতুনত্ব খুউব সহজ সৰল পদ্ধতিৰে সম্পাদন কৰিব লাগে। সৃজনীশীল উৎপাদন বিলাক সাধাৰণতে নতুন আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু আশা আকাংক্ষাৰ ওপৰত ভিত্তি কৰি যুগুত কৰিব লাগে। নকৰিবলগীয়া কাৰ্যসমূহৰ ভিতৰত অত্যধিক চতুৰ হোৱা উচিত নহয় আৰু উদ্ভাৱন সহজ সৰল পদ্ধতিৰে কৰাৰ লগতে সহজভাৱে ইয়াৰ বৰ্ণনা কৰা, কোনো লোককে উৎপাদিত বস্তু ক্ৰয় কৰিবলৈ অনুৰোধ জনাব নালাগে তথা ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি উদ্ভাৱন কৰাতকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰি ভৱিষ্যতলৈ বৰ্তি থকাৰ উদ্দ্যেশেৰে উদ্ভাৱন কৰা উচিত। কাৰণ, বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো মৌলিক বিষয়। 

চতুৰ্থতে, আমি সকলোৱে জানো যে উদ্যোক্তাৰ ক্ষেত্ৰত অনিশ্চয়তা, জটিলতা তথা লোকচান হোৱাৰ ভয় সদায়েই থাকে। এনেধৰণৰ বাধা নিষেধ থকাৰ পাছতো উদ্যোগীসকলে নতুনত্ব প্রক্রিয়া বন্ধ কৰিব নোৱাৰে, কাৰণ নতুনত্ব নাথাকিলে উদ্যোগী সকল দীর্ঘদিন চলিব নোৱাৰিব। সেয়েহে উদ্যোগীসকলে তলত উল্লেখিত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত।

(ক) নতুনত্ব প্ৰক্ৰিয়াটো প্রতিষ্ঠান বা উদ্যোগী সকলৰ বাবে নৈমিত্তিক কাৰ্য হোৱা উচিত; কাৰণ, নতুনত্ব নাথাকিলে বিকাশ আৰু উত্তৰণৰ পথ সুচল হ’ব নোৱাৰে।

(খ) নতুনত্বৰ সফলতা পৰীক্ষা আৰু ইয়াৰ পৰীক্ষণ ভিন্ন ধৰণে হোৱাটো উচিত। উদাহৰণস্বৰূপে, ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ পৰা মতামত লৈ নতুনত্বৰ সফলতা পৰীক্ষা কৰিব পাৰি।

(গ) নতুনত্বৰ লগত জড়িত ব্যক্তিসকল এক গাঁঠনিৰ লগত জড়িত হৈ থাকে। গতিকে নতুনত্বৰ ক্ষেত্ৰত এক স্পষ্ট আৰু সু-সংগঠিত হোৱাটো বাঞ্চনীয়।

(ঘ) উদ্যোক্তা সকলে আনৰ পৰা প্ৰয়োজনীয় উপদেশ গ্রহণ কৰিব লাগে। পোনপটীয়া স্বাধীন আৰু উদ্দেশ্যভিত্তিক পৰামৰ্শ ব্যৱসায়ীসকলৰ বাবে ৰুগীয়া মানুহৰ ক্ষেত্ৰত অক্সিজেনৰ দৰে হয়। ব্যৱসায়ীক প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ ব্যক্তিসকল নিৰপেক্ষ নহ’বও পাৰে। সেয়েহে আভ্যন্তৰীণ পৰামৰ্শ গ্ৰহণ কৰাতকৈ বাহিৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰাটো বেছি ফলপ্ৰসূ হোৱা যেন লাগে।

(ঙ) ব্যৱসায় এটা প্রতিষ্ঠা কৰাৰ পাছত পিছৰ পৰ্যায়ত ব্যৱসায় কৌশল কেনেধৰণৰ হ’ব তাক ঠিৰাং কৰিব লাগিব। এইক্ষেত্ৰত পিটাৰ ড্রাকাৰে নিম্নোক্ত কৌশল সমূহৰ বিষয়ে উল্লেখ কৰিছে–

(১) এবাৰ যদি নতুনত্বই কৃতকার্যতা লাভ কৰে, তেন্তে সেই প্রতিষ্ঠানটোৱে তেওঁলোকৰ নেতৃত্ব দিয়াৰ মৰ্যদা অক্ষুণ্ণ ৰাখি একেৰাহে উন্নতিৰ পথত গতি কৰিবলৈ চেষ্টাৰ ত্রুটি কৰিব নালাগিব। উদ্যোগীয়ে উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দি বাজেট বৃদ্ধি কৰিব লাগিব আৰু বজাৰৰ চাহিদা অনুযায়ী উৎপাদনৰ গতি কৌশল সলনি কৰি যাব লাগিব। এই কৌশলক ‘One Shot One Kill’ বুলিব পাৰি। হয় কৃতকার্যতা নহ’লে বিফলতা । ইয়াত কোনো মধ্যম ব্যৱস্থা নাই।

(২) বৃহৎবৃহৎ প্রতিষ্ঠান বা উদ্যোগ সমূহৰো বহু সময়ত কিছুমান দুৰ্বলতা আহি পৰে। সেইদুর্বলতা কোম্পানীসমূহে নিৰ্দিষ্ট উৎপাদনত নতুনত্ব গ্ৰহণ নকৰাৰ বাবেই হওক কিম্বা অন্য কাৰণতো হ’ব পাৰে। যিয়েই নহওক, যদি বজাৰ ব্যৱসায় ব্যৱস্থাত এনেধৰণৰ দুৰ্বলতা পৰিলক্ষিত হয় তেন্তে নতুন উদ্যোক্তা সকলে ইয়াৰ সুযোগ গ্রহণ কৰি যথাযথ কৌশল অৱলম্বন কৰিলে কতকাৰ্যতা লাভ কৰিব পাৰিব।

(৩) কৌনো নিৰ্দিষ্ট সৰু ক্ষেত্ৰত একচেটীয়া নিয়ন্ত্রণ সাব্যস্ত কৰাটো এক কৃতকাৰ্যতাৰ কৌশল। এইক্ষেত্ৰত নিৰ্দিষ্ট প্রতিষ্ঠানটোৱে এনেধৰণৰ উৎপাদন কৰিব লাগে যি উৎপাদনে এক নির্দিষ্ট পদ্ধতিৰ বাবে প্ৰয়োজনীয় হয়। প্রতিষ্ঠানে নির্দিষ্ট বিষয়ৰ একমাত্ৰ কাৰিকৰী কৌশলৰ উন্নতি সাধনৰ বাবে যত্ন কৰিব লাগে।

(৪) উদ্যোক্তা সকলে গ্রাহক কেন্দ্রীক দৃষ্টিভংগী অৱলম্বন কৰি গ্ৰাহকক সন্তুষ্টিকৰণৰ বাবে প্ৰকৃত মূল্য সৃষ্টি কৰাৰ উদ্দেশ্যৰে কাম কৰিব লাগে। গ্ৰাহকৰ সন্তুষ্টিৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মত বিনিময়ৰ জৰিয়তে তেওঁলোকৰ ইচ্ছা-আকাংক্ষা বুজি অগ্ৰসৰ হোৱা উচিত।

সপ্তমতে, পিটাৰ ড্ৰাকাৰেৰ মতে, নতুনত্ব আৰু উদ্যোক্তাৰ ব্যৱহাৰ লাহে লাহে সমাজৰ লগত জড়িত হৈ পৰে আৰু সমাজৰ প্ৰয়োজন অনুসৰি ইয়াক পৰিৱৰ্তিত কৰি থকা হয়। কিন্তু ধীৰ গতিৰে কৰা নতুনত্বৰ বাবে জ্ঞান আৰু অনুকূল পৰিৱেশৰ প্ৰয়োজন সেয়েহে যিকোনো সময়তে গ্ৰহণ কৰা শিক্ষা হ’ল উদ্ভাৱকৰ অস্ত্ৰৰ দৰে যাক নতুনত্বৰ বাবে ব্যৱহাৰ কৰা হয়।

এইদৰে লক্ষ্য কৰিলে দেখা যায় পিটাৰ ড্রাকাৰে নতুনত্ব আৰু উদ্যোক্তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰিছে। পদ্ধতিগতভাৱে নতুনত্ব আৰু উদ্যোক্তাৰ ওপৰত আলোচনা কৰা পিটাৰ ড্রাকাৰেই আছিল প্রথমজন ব্যক্তি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top