স্বদেশপ্রেম ৰচনা | Patriotism Essay in Assamese

স্বদেশপ্রেম ৰচনা | Patriotism Essay in Assamese

Join Telegram channel

“ধৰে নে জনম কেরে                  এই মৰতত

শিলাময় কৰি তাৰ হিয়া

এয়ে মােৰ জন্মভূমি                     বুলি মনে মনে

এবাৰাে যি কোৱা নাইকিয়া ?”

যিখন দেশৰ ধূলি-বালিৰ বুকুত উমলি-জামলি, যাৰ হাৱা-পানী খাই, প্রকৃতিৰে পৰিবেষ্টিত সেউজীয়া বুকুত ডাঙৰ-দীঘল হ’লা, যাৰ পশু-পক্ষীয়ে আমাক সদায় পুৱা-সন্ধ্যা অস্পষ্ট ৰাগিণীকে আদৰণি জনায়, যাৰ আকাশে, বতাহে, বননিয়ে, পর্বতেকৰে, গুহাই-গহবৰে আমাৰ জন্ম জন্মান্তৰৰ স্মৃতি বিজড়িত আছে, সেইখন আমাৰ দেশ, আমাৰ স্বদেশ। এই দেশৰ লগত জন্ম-জন্মান্তৰৰ সম্বন্ধ আমাৰ। ইয়াৰ বুকুলৈ কতবাৰ আহি আহি, কতবাৰ ইয়াৰপৰা ফিৰি গ’লা। কিন্তু অবাৰিত এই যাত্রা, অন্ত নাই তাৰ। সেয়েহে আমাৰ হিয়াৰ স্তৰে স্তৰে, ৰন্ধ্রে ৰন্ধে, মর্মে মর্মে গাথা আছে ইয়াৰ প্রতি নিবিড় ভালপােৱা, অন্তহীন মমতা, আমাৰ হৃদয়ে হৃদয়ে জাগ্ৰত হৈ আছে দেশ মাতৃকাৰ বিতােপন চিন্ময়ী মূর্তি। কবিৰ ভাষাত-

স্বদেশপ্রেম ৰচনা

এইখন দেশৰ প্রাকৃতিক আৰু সামাজিক পৰিৱেশৰ মাজতে আমি জন্মিহাে; ইয়াৰ মাজতে ডাঙৰ-দীঘলাে হৈছে। সেয়েহে এই দেশখনৰ প্রতি, ইয়াৰ মানুহ, পশু-পক্ষী ধূলিবালি, প্রকৃতি সকলােৰে প্রতি এক মমতা, গভীৰ ভালপােৱা আৰু প্ৰাণৰ নিবিড় টান আছে। এয়ে স্বদেশ প্রেম।

স্বদেশ প্ৰেমৰ উদ্ভৱ

দেশৰ প্ৰতিজন লােকৰে অন্তৰত স্বদেশপ্রেম আছে। সেয়ে ই কেতিয়াবা সুপ্ত হৈ থাকে আৰু কেতিয়াবা জাগ্রত হয়। ই জাগ্রত হয় প্রয়ােজনৰ সময়ত। এনে জীৱনধাৰা, ঐতিহ্য, সংস্কৃতিৰ ধাৰা পৰিপুষ্ট হৈআমি যেতিয়া এক আদর্শ অনুপ্রাণিত হৈ উঠো, উদ্বুদ্ধ হৈ উঠো তেতিয়াই আমাৰ অন্তৰে অন্তৰে স্বদেশপ্রেম জাগ্রত হৈ উঠে। দেশ স্বাধীনতা যেতিয়া বিপন্ন হয়, দেশ যেতিয়া বহিঃশত্ৰুৰদ্বাৰা আক্রান্ত হয়, তেতিয়া সমগ্র দেশ, সমগ্র জাতি প্রাণপণ কৰি আগবাঢ়ি আহে দেশ ৰক্ষাৰ কাৰণে; স্বাধীনতা ৰক্ষাৰ কাৰণে। আনকি হাতৰ, কাণৰ, অলংকাৰ-পাতি, গাঁঠিৰ ধন দেশৰ নামত আগবঢ়াই, যথাস্তু দেশৰ নামত উছৰ্গা কৰি দেশবাসী-এক জাতি, এক প্রাণ একতা লৈ জীৱন উছগা কৰে স্বাধীনতাৰ বাবে। তেতিয়াই প্রকাশ পায় স্বদেশপ্রেম। মানুহ স্বদেশপ্রেমৰ অনুভূতি তেতিয়া জাগ্রত হয়। তেতিয়া আমি কৈ উঠো “জননী, জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী” আৰু কৈ উঠো- “সুজলা সুফলা মলয়জ শীতলা, শস্য শ্যামলা মাতৰম্।” আৰু তেতিয়া মৃন্ময়ী মাতৃভূমি মহিমা-মণ্ডিতা হৈ, গৰিমাময়ী হৈ, চিন্ময়ী হৈ, আমাৰ দৃষ্টিপটত জীৱন্ত হৈ ভাহি উঠে।

Read Also: ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনা | The Study of History Essay in Assamese

পৰাধীনতাই যেতিয়া জীৱন দুর্বিষহ কৰি তােলে, বিদেশী শাসকৰ অকথ্য, অমানুষিক নির্যাতনে যেতিয়া মানুহৰ মাজত সন্ত্রাসৰ সৃষ্টি কৰে, তেতিয়া স্বদেশপ্রেম জীৱন্ত হৈ উঠে। স্বাধীনতাৰ কাৰণে মানুহে হাহাকাৰ কৰি বিদ্রোহী হৈ উঠে; হাজাৰ হাজাৰ লােকে কাৰাবৰণ কৰে; হাজাৰ লােকে বুকু পাতি গুলী লৈ শ্বহীদ হয়। কবিয়ে সেয়েহে কৈছে- 

“Liberty brightest in dungeon”মৰণৰ ভয় তেতিয়া নাথাকে; থাকে মাত্র স্বদেশপ্রেম-

“জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে ।

মাতিছে আমাক;

আমাৰ তেজেৰে

পাণিপথ, হত্নীঘাট, পলাচীৰ, শৰাইঘাটৰ

মাটি সেমেকাই

আমি তাক কৰিছাে গ্রহণ।

ফীচী কাঠে মাতিছে আমাক……”

এয়ে স্বদেশপ্রেম! ইয়াৰ বাবে আমি ফঁাচী-কাঠত ওলমাে; প্রাণ দিওঁ।

স্বদেশ প্রেমৰ জ্বলন্ত উদাহৰণ

আত্মসম্মানবােধৰপৰা উদ্ভৱ হয় স্বদেশপ্রেমৰ। যি জাতিৰ আত্মসম্মানবােধ বেছি, সেই জাতিৰ স্বদেশপ্রেমাে প্রৱল। স্বদেশপ্রেমে মানুহক ব্যক্তিগত ক্ষুদ্র স্বার্থৰ সংকীর্ণ গণ্ডীৰপৰা জাতিৰ বৃহত্তৰ স্বাৰ্থৰ বিশালতলৈ আগুৱাই লৈ যায়। মানুহে তেতিয়া ব্যক্তিগত লাভ, কল্যাণ কামনা পৰিহাৰ কৰি দেশৰ জনগণৰ বৃহৎ লাভ আৰু কল্যাণৰ কাৰণে জীৱন আহুতি দিবলৈ কুণ্ঠাবােধ নকৰে। ৰাণা প্রতাপ সিংহই হলদীঘাটৰ ৰণত পৰাজিত হৈ, দূৰণিৰ নির্জন বনবাসৰপৰাই অশ্রুসিক্ত নয়নেৰে জন্মভূমিলৈ চাই চাই মৃত্যু বৰণ কৰিলে। শিরাজীয়ে দেশৰ গৌৰৱ ৰক্ষাৰ কাৰণে প্রবল প্রতাপী মােগলৰ লগত আজীৱন যুঁজ কৰিলে। ক্ষুদিৰাম, ভগত সং, মণিৰাম, পিয়লি, কুশল কোঁৱৰে স্বদেশৰ বাবেই ডিঙিত চিঞ্জৰী ল’লে। তিলক ডেকা, হেম পটৰ, থগী সুত,বলাে সুত, লক্ষ্মী হাজৰিকা, ভােগেশ্বৰী,কনকলতাই বুকু পাতি গুলী ল’লে। লাচিতে নৰীয়া গাৰে, লুইতৰ বুকুত, শত্রু সৈন্যৰ মাজত মুক্ত অসি লৈ জঁপিয়াই পৰিছিল স্বদেশ আৰু স্বজাতিৰ গৌৰৱ ৰক্ষাৰ বাবে।

দেশৰ দুর্যোগ আৰু বিপর্যয়ৰ সময়ত আৰু যে কিমান অজানা, অনামা দেশপ্রেমিকে দেশৰ গৌৰৱ ৰক্ষা কৰিবলৈ প্রাণ আহুতি দিছে তাৰ হিচাপ কোনে ৰাখিছে? অথচ তেওঁলােকৰ আত্মাই আমাক চিঞৰি চিঞৰি কৈছেঃ “Wc leave our today for your better tomorrow.”

স্বদেশ মানুহৰ ইমানেই মৰমৰ, ইমানেই প্রাণুৰ আপােন যে তাৰ আকর্যণ মানুহে অনুভৱ কৰিব পাৰে স্বদেশৰপৰা আতৰি থাকিলেহে। ৰামচন্দ্ৰইসীতাকু উদ্ধাৰৰ কাৰণে স্বর্ণলংকাত উপস্থিত হােৱাৰ পাছত, স্বদেশৰপৰা আতৰি থকা বহুত দিন হােৱাত এইদৰে লক্ষ্মণৰ আগত আক্ষেপ কৰিছিল-

“ইয়ং স্বর্ণপুৰী লঙ্কান ৰােচতে মে লক্ষ্মণ।

যৎ জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী।”

প্রতি বস্তুৰে ভাল আৰু বেয়া দুটা থকা দৰে আৰু প্ৰতি কৰ্মৰে সজ আৰু অসজ দুটা পিঠি থকা দৰে স্বদেশপ্রেমৰাে দুটা দিশ আছে। এটা পৰিমিত আৰু আনটো অপৰিমিত। অপৰিমিত অর্থাৎ উগ্র স্বদেশ প্রেমে ধ্বংস সাধন কৰে। হিটলাৰ এজন মহাবীৰ, বিদগ্ধ ৰাজনীতিবিদ আৰু লগতে এজন বিশ্ববিখ্যাতি কূটনীতিবিদো আছিল। তেওঁ জার্মানীক ভাল পাইছিল, প্রাণভৰি ভাল পাইছিল। কিন্তু এই ভালপােৱা ইমান উগ্ৰ আছিল যে তেওঁ ঘােষণা কৰিছিল তেওঁৰ মাতৃভূমিত জার্মান বংশােদ্ভৱ, জাৰ্মান শােণিত প্রবাহিত লােকৰ বাহিৰে কোনাে লােকৰে স্থান নাই। তাৰে পৰিণতিস্বৰূপে জার্মানীত বাস কৰা সত্তৰ লাখ ইহুদী লােকক আইকমেনৰ সহায়ত জীৱন্ত সমাধি দিছিল। এনে অন্ধ স্বদেশপ্ৰেমৰ বাবেই শেষত তেওঁ ধ্বংস হ’ল; সেইদৰে ইটালীত ধ্বংস হ’ল মুচোলিনী। জামানী দ্বিখণ্ডিত হয়। পিছত অৱশ্যে উভয় জার্মানী একত্রিত হয় আৰু হিটলাৰৰ কুখ্যাতি লিখা ৰ’ল বিশ্বৰ বুৰঞ্জীত চিৰদিনৰ বাবে ক’লা আখৰেৰে।

Read Also: Class 11 History Question Answer

স্বদেশপ্রেম বনাম বিশ্বপ্রেম

স্বদেশপ্রেমৰপৰাই বিশ্বপ্ৰেমৰ সৃষ্টি হয়। স্বদেশৰ যােগেদিয়েই বিশ্বৰ লগত আমাৰ পৰিচয় ঘটে। মানুহে যেতিয়া নিজকে ভাল পাবলৈ শিকে, তেতিয়া সেই ভালপােৱা আনলৈকো বিয়পে। আনৰ জীৱনতাে সি প্রতিফলিত হয়। এইদৰে সেই ভালপােৱা নিজৰ দেশৰপৰা গৈ গৈ বিশ্বৰ বুকুতাে প্রতিফলিত হয় আৰু তেতিয়া বিশ্বমানৱ এক মহান প্ৰেমৰ ডােলেৰে বান্ধ খাই পৰে; তেতিয়াই বিশ্বপ্রেমৰ আবিৰ্ভাৱ হয়। তেতিয়া আমাৰ ক্ষুদ্র প্রেমে আমাৰ ব্যক্তিগত জীৱনৰ সীমাৰেখা ভেদি বিশাল বিশ্বৰ অগণন মানৱৰ মাজলৈ ধাপলি মেলে। কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈদেৱৰ ভাষাতঃ “সেইদিনাখন তােমাৰ ৰূপ মােৰ ক্ষুদ্র পঁজাটিৰপৰা বাঢ়ি গৈ গৈ বিৰাট আকাৰ ধাৰণ কৰে। সেইদিনাখন আই, তুমি এছিয়া, ইউৰােপ, আমেৰিকা, সকলােখিনি তােমাৰ বিৰাট শৰীৰৰ এটা কোণত কেরল ঠাই দিয়া।” এয়ে বিশ্বপ্রেম। তেতিয়াই আমি কৈ উঠো-

“বিশ্বৰ সকলাে ভাই-ভনী আমি

 পৃথিৱী আমাৰ ঘৰ।”

সামৰণি

ইতিহাসে স্বদেশপ্রেম জগাই তােলাত প্রভূত সহায় কৰে। দেশৰ আৰু বিশ্বৰ বীৰ বীৰাংগনাসকলৰ দেশসেৱাৰ; দেশৰ বাবে আত্মবলিদান দিয়াৰ মনােৰম কাহিনীবােৰ পঢ়ি আমি উৎসাহ, উদ্দীপনা আৰু অনুপ্ৰেৰণা লাভ কৰাে। ইতিহাসে সদায় আমাক ৰিঙিয়াই আছে সমুজ্জ্বল দৃষ্টান্তৰে। ইতিহাসৰ সেই মহান আদর্শ লৈ আমিও স্বদেশপ্রেমত উদ্বুদ্ধ হৈ স্বদেশৰ আৰু স্ব-জাতিৰ কল্যাণ সাধনৰ মহান আদর্শই ক্রমে ক্রমে আমাক বিশ্বমানৱৰ কল্যাণ সাধনত আগুৱাই লৈ যাব; তেতিয়া আমি হ’ম বহল আৰু উদাৰ দৃষ্টিভংগীৰ গৰাকী আৰু আমি আগবাঢ়ি যাম বিশাল বিশ্বৰ বুকুলৈ প্ৰেম আৰু মৈত্রীৰ মহামন্ত্র অন্তত লৈ। যিদিনা সি সম্ভৱ হ’ব, সেইদিনাই সমগ্র বিশ্বই আমাৰ ঘৰ হৈ পৰিব; সেইদিনাই বিশ্বমানর এক বিৰাট মানৱ পৰিয়ালত অন্তর্ভুক্ত হ’ব আৰু বিশ্বলৈ ফিৰি আহিব শান্তিৰ মাধুৰিমা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top