ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনা | The Study of History Essay in Assamese

ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনা | The Study of History Essay in Assamese

Join Telegram channel

জাতিৰ ঐতিহ্য-বিমণ্ডিত কাহিনীবােৰেই ইতিহাস। ইতিহাসৰ বুকুতে এটা জীৱন্ত জাতি সােমাই থাকে। জাতিৰ সভ্যতা, সংস্কৃতিৰ অনুপম কাহিনীৰ বিপুল সমাবেশ ঘটে ইতিহাসত। ইতিহাস জাতিৰ দাপােণ, জাতিৰ যাদুঘৰ। ইতিহাসে কথা কয়- একোখন দেশৰ, একোটা জাতি, সভ্যতা, সংস্কৃতিৰ কথা; জাতিৰ প্ৰাণৰ কথা; ইতিহাস মানৱ সভ্যতাৰ ক্ৰমবিৱর্তনৰ জীৱন্ত কাহিনী। জাতিৰ সভ্যতা, সংস্কৃতিৰ সাক্ষ্য দিয়ে ইতিহাসে। ইতিহাসৰ দাপােণত আমি আমাৰ অতীতক দেখিবলৈ পাওঁ; বর্তমানক চিনিব পাৰাে আৰু ভৱিষ্যতৰ পথৰ সন্ধান পাওঁ।

ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনা

ইতিহাস অধ্যয়নৰ আৱশ্যকতা

এই কথা অৱশ্যে সঁচা যে ইতিহাসত আমি ৰজা-মহাৰজাসকলৰ বংশ-পৰিয়াল, জন্ম, মৃত্যুৰ লেখ, যুদ্ধ-বিগ্ৰহৰ ৰােমাঞ্চকৰ কাহিনী, দিগ্বিজয়ী বীৰৰ ৰাজ্য জয় আৰু বিস্তাৰৰ কাহিনী, দেশৰ শাসন-প্রণালীৰ বিৱৰণ স্তুপীকৃত অৱস্থাত পাওঁ। কিন্তু অকল এইবােৰেই ইতিহাসৰ মূল বস্তু নহয়। ইতিহাসৰ মূল্যবস্তু হৈছে একোটা জাতিৰ সভ্যতা-সংস্কৃতিৰ ক্রমবিবর্তনৰ ধাৰাবাহিক আৰু প্রাঞ্জল চিত্র। সৃষ্টিৰ কোনােবা আদিম পুৱাত মানৱ জাতিৰ আবিৰ্ভাৱৰ কালৰপৰা যুগৰ বুকুত, বিভিন্ন সময়ত উত্থান আৰু পতনৰ মাজেদি আহি সমাজ, সভ্যতা, সংস্কৃতি, ৰাজনীতি, অর্থনীতি আদিয়ে বিশ্ব দৰবাৰত কি ৰূপে আত্ম প্রতিষ্ঠা লাভ কৰিছে তাৰেই জীৱন্ত বিৱৰণীয়েই হৈছে ইতিহাস। অতীতৰ বুকুত আমি একোটা জাতিয়ে যি পদচিহ্ন এৰি থৈ আহিছাে, তাৰ দোষ-গুণবােৰ বিশ্লেষণ কৰি চাই গুণবােৰ বৰ্তমানত গ্ৰহণ কৰি জাতিক তাৰ মহত্ত্বৰে আগুৱাই নি ভৱিষ্যতৰ পথ নিৰ্দ্ধাৰণ কৰাৰ জীৱন্তু ইংগিত আছে ইতিহাসৰ বুকুত। ইতিহাসে তীয় জীৱনৰ সম্যক পৰিচয় দাঙি ধৰে। সেয়েহে ইতিহাস মানৱ জীৱনৰ পৰিচয়ৰ বিশ্বস্ত সাক্ষী। 

Read Also: পৰিশ্ৰমৰ মর্যাদা ৰচনা | Dignity For Hard Work Essay in Assamese

ইতিহাসৰ শিক্ষা

বুৰঞ্জী এক বিশাল জ্ঞানৰ ভাণ্ডাৰ। এই ভাণ্ডাৰৰ দুৱাৰ খুলি চালেই আমি দেখিবলৈ পাম- একোটা জাতি কিৰূপে গঠন হৈছে, সমাজ, ৰাষ্ট্ৰ আদি কেনেকৈ গঠন হ’ল, কি প্রকাৰে এটা জাতিৰ অভ্যুদয় হৈছে; সেই জাতিৰ শিক্ষা-দীক্ষা, সামাজিক, ধার্মিক, সাংস্কৃতিক, ৰাজনৈতিক, অর্থনৈতিক সকলাে ক্ষেত্ৰতে এটা জাতিয়ে কেনে ভূমিকা গ্রহণ কৰিছিল আৰু এতিয়া কৰিবলৈ লৈছে, তাৰ পুংখানুপুংখ আৰু বিস্তৃত বিৱৰণ। অকল সেয়ে নহয়,ধীৰ বীৰাংগনাসকলে জাতিৰ মর্যাদা ৰক্ষাৰ বাবে কেনেদৰে জীৱন আহুতি দিছিল, জাতিৰ কল্যাণৰ কাৰণে ৰাজমহর্ষিসকলে কেনেভাৱে জীৱন পাত কৰিছিল সর্বস্ব ৰাইজৰ কল্যাণৰ বাবে বিলাই দি ভিক্ষাৰী সাজিছিল তাৰ মনােৰম কাহিনী আমাক ইতিহাসে শুনায়। গৌতম বুদ্ধই ৰাজ আভৰণ, ৰাজ্য, ঐশ্বর্য-বিভূতি দলিয়াই ভিক্ষাৰী সাজিছিল জগতৰ কল্যাণ সাধনৰ কাৰণে; মহাৰাজ অশােকে ৰাজ্য, ধন সকলাে উছৰ্গা কৰিছিল জনতাৰ সুখ-স্বাচ্ছন্দ্যৰ কাৰণে, হর্ষবর্ধনে ৰাজকোষ উদঙাই দান কৰিছিল প্রজাৰ হিত অর্থে। তেওঁলােকৰ দানশীলতা উদাৰতাৰ মনােমুগ্ধকৰ কাহিনীয়ে আমাক অকল আনন্দই নিদিয়ে, ত্যাগ আৰু উদাৰতাৰ মহান আদর্শ আমাৰ আগত দাঙি ধৰে। বিক্রমাদিত্যৰ পাণ্ডিত্য জ্ঞানৰ প্রতি অসীম আগ্রহ, ন্যায়পৰায়ণতাই আমাক শিক্ষাৰ প্রতি ন্যায়-প্রতিষ্ঠাৰ প্ৰতি অকল আগ্রহেই নজন্মায়, আমাকো গুণী-জ্ঞানী আৰু ন্যায়পৰায়ণ হ’বলৈ অনুপ্ৰেৰণা যােগায়।

শিবাজী, ৰাণাবা প্রতাপ, লক্ষ্মীবাই, মণিৰাম, পিয়লীৰ কাহিনীয়ে আমাক দুৰ্বাৰ সাহসী হ’বলৈ, মূর্ত দেশপ্রেমিক হ’বলৈ, আত্মত্যাগী হ’বলৈ, শিকায়। শিৱাজীৰ দুর্দমনীয় সাহস, অগাধ স্বদেশপ্রেম, অপৰিসীম ৰণ-কৌশল, যুদ্ধ বিচক্ষণতাৰ চমকপ্রদ কাহিনীয়ে আমাক জানাে আমােদহে দিয়ে? আমি শিৱাজীৰপৰা কষ্ট-সহিষ্ণুতা, অধ্যৱসায়ৰ, নীতিপৰায়ণতাৰ আৰু বিচাৰ বুদ্ধিৰ মহীয়ান আদর্শও পাওঁ। আকবৰ মাথােন এখন বিশাল সাম্রাজ্যৰ অধীশ্বৰ বুলি ক’লে ভুল হ’ব৷ তেওঁ হিন্দু-মুছলমানৰ ঐক্যৰ প্ৰতীক; সংহতি আৰু সমন্বয় সাধনৰ অগ্রদূত। ঔৰংগজের নিষ্ঠুৰ হিন্দুবিদ্বেষী বুলি ক’লে তেওঁৰ গুণৰ অপলাপ কৰা হ’ব; তেওঁ এজন স্বাৱলম্বী, অধ্যবসায়ী, ধার্মিক আৰু বিচক্ষণ ৰাজনীতিজ্ঞ পুৰুষ। সমগ্ৰ ভাৰতক একত্ৰিত কৰি এক মহা সাম্রাজ্যৰ সপােন দেখা তেওঁ এজন সংহতিৰ বাটকটীয়া।

Read Also: Class 11 History Question Answer

ইতিহাসৰ গৌৰবােজল কাহিনী মানেই মানৱৰ মহান আদর্শৰাে কাহিনী। মহেঞ্জোদাৰাে, হৰপ্লা, তক্ষশীলা, নালন্দাক লৈ আমি গৌৰৱ কৰে। কিয়? মহেঞ্জোদাৰাে, হাৰ বিশ্ব-বিশ্রুত সভ্যতাৰ নিদর্শনে আমাৰেই পূর্ব পুৰুষৰ গৌৰব গাথা গাইছে বিনন্দীয়াকৈ। তক্ষশীলা, নালন্দাই আমাৰেই জন্ম-জন্মান্তৰৰ প্ৰজ্ঞা আৰু মনীষাৰ শ্রেষ্ঠতম নিদর্শন দাঙি ধৰি আমালৈকে গৌৰৱৰ জয়মাল্য কঢ়িয়াই আনিছে। এইবােৰ জাননা আমাক জাতীয় গৌৰবত গৌৰৱান্বিত কৰি আমাৰ সভ্যতা, সংস্কৃতিৰ শ্ৰেষ্ঠতাকে প্রতিপন্ন কৰানাই ? আৰু বর্তমানেও তাৰ অধিকাৰী হ’বলৈ প্ৰেৰণা যােগােৱা নাই? সতী জয়মতীৰ সহনশীলতা আৰু আত্ম-বলিদানে আমাকো সহনশীল হৈ দেশৰ বাবে আত্মবলিদান দিবলৈ প্ৰেৰণা যোগায়নে?

যদি ইতিহাসে এইদৰে উৎসাহ, উদ্যম, অনুপ্ৰেৰণা যােগাই স্বদেশ আৰু স্বজাতিৰ কল্যাণ সাধনৰব্ৰতত ব্ৰতী হ’বলৈকে আমাক শিকায়, ইতিহাসৰ নায়ক-নায়িকাসকলৰ পদাংক অনুকৰণ আৰু অনুসৰণ কৰি আমি সভ্যতা আৰু সংস্কৃতিৰ বিকাশৰ পথ বিচাৰি পাওঁ, আমি নিজকে মহান কৰি তুলি বিশ্বৰ স্মৰণীয় কৰি থৈ যাবলৈকে-উদ্দীপনা আৰু শক্তি পাওঁ তেনেহ’লে ইতিহাস মৃতলােকৰ পুঞ্জীভূত বিৱৰণ বুলি কোৱাৰ সার্থকতা কোনখিনিত ? তেনেহলে আমি ক’ব লাগিব যে ইতিহাস মানুহক মানুহ গঢ়াৰ এক বিতােপন নিয়াৰি, এক মহান শিল্পী।এই ইতিহাস আমাৰ কেৱল জ্ঞানৰ ভঁৰালেই নহয়, ইমানুহ আৰু জাতি গঢ়াৰ শিল্পী, অনুসন্ধিৎসুৰ পথ-প্রদর্শক, বলীৰ বল লাভৰ প্ৰেৰণা, দুর্বলৰ সহানুভূতিৰ লগৰীয়া, জ্ঞানীৰ জ্ঞান-চৰ্চাৰ বহল ক্ষেত্র, ৰাজনীতিজ্ঞ আৰু অর্থনীতিজ্ঞৰ বেদ। সেয়েহে আহােম ভাষাত বুৰঞ্জীক “মুখৰ জ্ঞানৰ ভঁৰাল” বুলি কোৱাটো সার্থক হৈছে।

এই ইতিহাস বা বুৰঞ্জী লিখাৰ ধাৰাবাহিক নীতি আহােমসকলৰ মাজত ত্রয়ােদশ শতিকাৰপৰাই চলি আহিছে। তদুপৰি আহােমসকলৰ বুৰঞ্জী লিখাৰ যি প্রণালী সি বিজ্ঞানসন্মত আৰু শুদ্ধ বুলি প্রমাণিত হৈছে। ঐতিহাসিকসকলৰ বাবে অসমীয়া বুৰঞ্জী-সাহিত্য আৰ্হিস্বৰূপ।

ইতিহাস লিখাৰ প্রণালী

ইতিহাস সত্য ঘটনাৰ ভঁৰাল। কিন্তু বহু দেশৰ ইতিহাস কাল্পনিক আৰু অবান্তৰ ঘটনাৰহে ভঁৰাল। তেনে ইতিহাসে মানুহৰ মাজত ভ্রান্ত ধাৰণাৰ সমাৱেশ ঘটায়। বহু সময়ত একোটা জাতিক বিপথেও পৰিচালিত কৰে। প্ৰকাশভংগীৰ অতিঞ্জনেও মূল কাহিনী কেতিয়াবা ঢাকি পেলায়। তাৰপৰা সভ্যতাৰ উহ বিচাৰি উলিওৱা বৰ কঠিন হৈ পৰে। দ্ব্যর্থবােধক শব্দৰ প্রয়ােগেও বহুক্ষেত্ৰত পঢ়ুৱৈক বিভ্রান্ত কৰে। কেতিয়াবা মূল অর্থৰ পৰিৱর্তে পৃথক অর্থ বুজাৰ ফলত ঘটনা-প্ৰৱাহ বা কাহিনী ভাগ বিকৃত হৈ পৰে। তেনে বিকৃতিয়ে সমাজত ভুল বুজাবুজিৰ সৃষ্টি কৰি সংঘাত আনে। সেয়েহে ইতিহাস ৰচকসকল অতিশয় সাৱধান হােৱা উচিত। ঘটনা বা কাহিনীৰ নিৰপেক্ষ আৰু প্ৰাঞ্জল বিচাৰ-বিশ্লেষণ ইতিহাসৰ মূল সম্পদ হােৱাটোৱে জাতিৰ বাবে মংগলজনক।

মক্তব্য

ইতিহাসৰ পুনৰাভিনয় হয় (History repeats itself)। বিশ্বৰ ঘটনাৰাজিয়ে নিজেই নিজৰ সংগতি বিচাৰি পায়। গতিকে ঘটনাৰ আঁত ধৰি চলাটোৱে মানুহৰ নিয়ম। আৰু মানুহে যুগ যুগ ধৰি সেই অনুক্রমেই সংসাৰ-প্ৰৱাহত নিজকে খাপ খুৱাই ল’বলৈ প্রয়াস পাই আহিছে। তদুপৰি সুন্দৰৰ পৰা সুন্দৰতৰ জীৱনৰ স্বপ্ন ৰচনা কৰি আহিছে ইতিহাসৰ ছবি চাই চায়েই। গতিকে অনাগত ভবিষ্যত তমসাচ্ছন্ন দূৰ-দিগন্তৰ পথটিও কেনেহ’ব পাৰে তাৰ আভাস ইতিহাসে দিব পাৰিব লাগিব। চলমান বিশ্ব ইতিহাসাে চলমান। এই অনির্বাৰ গতিত ইতিহাসে যাতে সমাজক পৰমহিতৈষী চলৎশক্তি প্রদান কৰিব পাৰে তালৈ ৰচকসকলে দৃষ্টি ৰখা উচিত।

মুঠতে ইতিহাস জাতিৰ জীৱনৰ প্রতিচ্ছবি। এই প্রতিচ্ছবি চাই তাৰেই আৰ্হিত আমি যাতে জীৱন সুন্দৰকৈ গঢ়ি তুলিব পাৰাে, সেয়েই ইতিহাস অধ্যয়নৰ মূল উদ্দেশ্য হওক।

আমি আশা কৰিছো ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ইতিহাস বা বুৰঞ্জী অধ্যয়ন ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top