পৰিশ্ৰমৰ মর্যাদা ৰচনা | Dignity For Hard Work Essay in Assamese

পৰিশ্ৰমৰ মর্যাদা ৰচনা | Dignity For Hard Work Essay in Assamese

Join Telegram channel

“সৃজনৰ আৱেগত হাবি কাটি নগৰ সাজিছে;

জীৱনৰ মৃত্যুদীপ্ত তীব্ৰ প্ৰেৰণাত

পাৰ হৈ উচ্ছল বাৰিধি

পাৰ হৈ গভীৰ অৰণ্য

দ্বীপময় ভাৰত গঢ়িছে।

কম্বােজত সাজিছে ওংকাৰধাম।”

পৰিশ্ৰমৰ মর্যাদা ৰচনা

শ্ৰমৰ আৱশ্যকতা

বিশ্বৰ সৰ্বশ্রেষ্ঠ শিল্পৰ নিদর্শন, অনুপম সৌন্দর্যৰ আধাৰ, বিশ্বৰ সপ্তম আশ্চৰ্যৰ অন্যতম তাজমহল মানুহৰ হাতেৰে গঢ়া। হাজাৰ হাজাৰ কুইণ্টল গধুৰ শিলাখণ্ড ওপৰলৈ তুলি পিৰামিড় গঢ়িছে মানুহেই। হাজাৰ বছৰৰ পাছতাে অক্ষয় অব্যয় হৈ থকা চীনৰ প্ৰাচীৰ মানুহৰে কৰ্মৰ নিদর্শন। এশ পাচ মহলীয়া ঘৰবােৰাে মানুহৰে সৃষ্টি। এইবােৰে মানুহৰে শ্ৰমৰ গৌৰৱ ঘােষণা কৰি আছে অহােৰাত্রি। সংঘাত আৰু সংগ্রামময় পৃথিৱীত পৰিশ্রমেই সংগ্ৰামৰ প্ৰধান অস্ত্র। বিংশ শতাব্দীৰ সভ্যতাৰ চৰম নিদর্শন বিৰাট উদ্যোগ কাৰখানাবােৰ, দৈত্যকায় যন্ত্রপাতিবােৰ,আকাশলংখী অট্টালিকাবােৰ, চুৱেজ, পানামা যুগ যুগ ধৰি লক্ষ লক্ষ মানুহে কৰি অহা অফুৰন্ত শ্ৰমৰ ফলশ্রুতি। মানুহে তিল তিল ৰক্তৰ বিনিময়ত গঢ়ি তুলিছে আধুনিক সভ্যতাৰ মনােহৰ ৰূপ। মানুহে হাবি কাটি নগৰ গঢ়িছে। পাহাৰ ভাঙি পথ গঢ়িছে; সাগৰত নগৰৰ সৃষ্টি কৰিছে। মানুহৰ অন্তৰত নিহিত থকা সৃষ্টিৰ অফুৰন্ত আৱেগত মানুহে সাগৰৰ বুকুত, নদীৰ বুকুত সেতু বান্ধিছে। প্রাসাদ নির্মাণ কৰিছে আৰু কত কি যে অনবদ্য অৱদানেৰে ধৰাৰ বুকু বিনন্দীয়া কৰি তুলিছে। এই সকলােবােৰতেই আছে শ্ৰমৰ স্বাক্ষৰ। শ্রম অবিহনে পৃথিৱীত কোনাে অৱদানৰে স্থিতি সম্ভৱ নহয়। গতিকে শ্ৰমৰ ফলতেই সভ্যতা গঢ়ি উঠিছে।

শ্রমে মহত্ব আনে

জন্মতেই কোনেও ঐশ্বর্য-সম্ভাৰত হাত দি নাহে। ঐশ্বর্য-সম্ভাৰক মানুহৰ কৰ্মই মাতি আনে। কিন্তু এই আহ্বানৰ যােগসূত্র হৈছে পৰিশ্ৰম। প্রতিভা প্রতি মানৱৰে আছে। সি সুপ্ত অৱস্থাত থাকে। এই সুপ্ত প্রতিভাক জাগ্রত কৰি, কর্মঠ কৰি তােলে পৰিশ্রমে। পৃথিৱীৰ যিসকল প্রতিভাবান পুৰুষ তেওঁলােকে শৈশৱৰেপৰা কঠোৰভাৱে পৰিশ্ৰম কৰি জ্ঞান আহৰণ কৰাৰ ফলত আজি তেওঁলােকৰ নাম পৃথিৱীত ৰৈ বৈ গৈছে। তেওঁলােকৰ প্ৰতিভা-কুসুম বিকশিত হৈ সৌৰভেৰে জগৎ সুন্দৰ কৰি তুলিছে। জর্জ ৱাশিংটন, আব্রাহাম লিংকন, এডিছন, মার্কনি, ৰামানুজ, ৰাজেন্দ্র প্রসাদ, ৰাধাকৃষ্ণণ, ঈশ্বৰচন্দ্র বিদ্যাসাগৰ আদি প্রতিভাৱান পুৰুষসকলে কঠোৰ পৰিশ্ৰমৰ ফলত নিজেও সৌভাগ্যৰ অধিকাৰী হৈছিল আৰু জগতকো তেওঁলােকৰ জ্ঞানৰ জ্যোতিৰে জ্যোতিয়ান কৰি থৈ গৈছে।

ফোর্ড, কার্নেগি আলফ্রেড নােবেল, আমাৰ দেশৰ বিৰলা, টাটা, আম্বানী আদি লােক বিশ্ব বিখ্যাত ধনী। এই ধন তেওঁলােকে আলাদ্দিনৰ বন্তিৰ সহায়ত একে ৰাতিতে লাভ, কৰা নাই। তেওঁলােকে বছৰৰ পাছত বছ’ কৰা কঠোৰ শ্ৰমৰ ফলতহে কোটি কোটি টকাৰ অধিকাৰ হব পাৰিছে। গতিকে জীৱনত সৌভাগ্যব অধিকাৰী হ’বলৈ কঠোৰ শ্ৰমৰ প্রয়ােজন।

Read Also: সমাজ সংগঠন ছাত্ৰৰ কর্তব্য ৰচনা | Social Organization is The Duty of Students Essay in Assamese

শ্ৰমৰ বিকল্প নাই

পৃথিৱীৰ সকলাে কামতে শ্ৰমৰ প্ৰয়ােজন। খেতিয়কেও শ্ৰম কৰিহেশস্য উৎপাদন কৰে। শ্রম কৰি সময় মতে মাটি চহনকৰিলে শস্য উৎপাদন কৰিব নােৱাৰে। শস্য চপাওঁতেও শ্ৰম কৰিব লাগে। ধান সিঁচি শস্য উৎপাদন কৰাৰপৰ। ভাত মুঠিকহীত বাঢ়ি খাই-বৈ জীয়াই থাকিবলৈ। শ্ৰমৰ প্ৰয়ােজন আশ্রয় লাভৰ বাবে শ্ৰম কৰিহে ঘৰ এখন তৈয়াৰ কৰি ল’ব পাৰি। আকৌ তাকো পৰিপাটিকৈ সজাই-পৰাই সুন্দৰ কৰি ল’লেহে সভ্য জগতৰ সংস্কৃতিবান মানুহ হিচাপে আমি নিজৰ পৰিচয় দিব পাৰে। বিদ্যা অর্জন কৰি দেশৰ সুনাগৰিক হিচাপে নিজকে গঢ়ি ল’বৰ কাৰণেও আমি শ্ৰম কৰিব লাগে। শ্ৰম কৰিলেহে বিদ্যা অর্জন সম্ভৱ হয়। চাকৰিয়ালসকলেও কার্যালয় আদিত শ্ৰম কৰিহে বেতন অর্জন কৰে। শিক্ষকসকলেও মগজুৰ পৰিশ্ৰম কৰিহেছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিবলৈ সক্ষম হয়। যাতায়াতৰ সুবিধাৰ কাৰণে আলি-পদূলি তৈয়াৰ কৰি লৈছাে; জনতাৰ কল্যাণৰ বাবে নানা অনুষ্ঠান পাতি লৈছাে। এই সকলােতে পৰিশ্ৰম আছে। আমাক আমােদ-প্রমােদৰ কাৰণে খেল-ধেমালিৰ দৰ্কাৰ হয়, থিয়েটাৰ-ভাওনা পতা হয়; এইবােৰত শ্ৰমৰ প্ৰয়ােজন।

মানুহৰ সুবিধাৰ কাৰণে, বিকাশৰ কাৰণে নানা সামগ্রী তৈয়াৰ হৈছে, আৱিষ্কাৰ হৈছে, যানবাহনৰ উদ্ভৱ হৈছে। মানুহে আকাশত উৰিছে; গ্রহ-গ্রহান্তৰলৈ ঢাপলি মেলিছে। এই সকলােবােৰেই কঠোৰ পৰিশ্ৰমৰ ফল। মানৱ সভ্যতাৰ বিকাশত আৱশ্যক হােৱা সামান্য বেজী, ববশী, তাৰ আদিবৰা বৃহৎ বৃহৎ যন্ত্র-পাতিলৈকে সকলােবােৰতেই শ্ৰমৰ স্বাক্ষৰ আছে। এই শ্ৰমৰ মাজত উচ্চ-নীচ ভেদ নাই। বিশ্বমানৱৰ প্রত্যেকেই আমি বিশ্ব-জননীৰ শ্ৰমিক সন্তান। আমি নিজ নিজ শক্তিৰে শ্ৰম কৰিহেজীবন নির্বাহ কৰিছো। সুখ-স্বাচ্ছন্দ্য মাতি আনিছে।এম নােহােৱা হলে মানরে সভ্যতাৰ বাটত কোনাে কালে অগ্ৰসৰ হব।  নােৱাৰিলেহেঁতেন। আনকি অঘৰী, যাযাবৰী জীৱনতাে জীয়াই থাকিবলৈ শ্ৰমৰ প্ৰয়োজন।

Read Also: Class 11 History Question Answer

পৰিশ্ৰমৰ প্ৰতি অৱহেলা

ব্যক্তিগত উন্নতিৰ বাবে যিদৰে শ্ৰমৰ প্রয়ােজন, সামাজিক উন্নয়নৰ কাৰণেও শ্রমৰ প্ৰয়ােজন। সেইবাবে সকলাে প্ৰকাৰ শ্ৰম কৰিবলৈ মানুহে চেষ্টা কৰা আৰু তাৰকাৰণে সদ জাগ্ৰত হৈ থকা উচিত। কিন্তু একেজন ব্যক্তিয়েই ব্যক্তিগতই হওক বা সামাজিকেই হওক সকলাে কাম কৰাটো সম্ভৱ নহয়। এজনেই সকলাে কামৰে দায়িত্ব গ্রহণ কৰিব নােৱাৰে। তাকে কৰিলে, বৰষ্ঠে লঘু ক্রিয়া” হ’ব মাথােন তদুপৰি সমাজৰ সকলাে কামত পৰিপাটিতা ৰক্ষা কৰা টান হ’ব; ফলত বিশৃংখলা আহিব। সেই বাবে বিভিন্নজনে বিভিন্ন কামৰ দায়িত্ব গ্রহণ কৰা উচিত। আৰ্যসকলৰ দিনতাে কামৰ সুশৃংখলাৰ কাৰণে আৰু পৰিপাৰ্টিকৈ সমাজ পৰিচালনাৰ কাৰণে সমাজৰ সদস্যসকলৰ মাজত কাম ভগাই দিয়া হৈছিল। সামাজিক শৃঙ্খলা ৰক্ষাৰ বাবেই কামৰ শ্রেণীবিভাগ কৰা হৈছিল। কিন্তু পৰিণামস্বৰূপে সমাজত অতি ঘৃণনীয়, কলংকিত এক কু-প্রথাৰ আৱিৰ্ভাৱ হ’ল। সিয়ে হৈছে বর্তমান সমাজৰ মহামাৰী, সংক্রামক ব্যাধি-জাতিভেদ প্রথা। এই জাতিভেদ প্রথাই সৃষ্টি কৰিলে স্পৃশ্য-অস্পৃশ্যৰ এক অলংঘনীয় দেৱাল। এই অলংঘনীয় দেৱাল অতিক্ৰম কৰি এক শ্ৰেণীৰ মানুহে আজিও সভ্য সমাজৰ লগত সমান অধিকাৰ লাভ কৰি সমভাৱে আগবাঢ়ি যাব-পৰা নাই।

মানৱতাৰ হৈছে ঘােৰ অপমান। শ্ৰমৰ এনেকুৱা জঘন্য শ্রেণী বিভাগ অবাঞ্ছনীয়। তাতােকৈ ডাঙৰ কথা উচ্চ শ্রেণীৰ লােকসকলে খাটিখােৱা শ্ৰমিকসকলৰ প্ৰতি দেখুওৱা অমানৱীয় ব্যৱহাৰ। যিসকল শ্রমিকৰ তেজৰ বিনিময়ত আমাৰ প্রমােদ-সৌধ নির্মাণ হৈছে, যাৰ শ্ৰমৰ বিনিময়ত আমি আজিৰ সভ্য জগতত নিজকে সুসভ্য মানুহ বুলি বৰাই কৰিছো, সভ্যতাৰ গৰ্বত জয়ােল্লাসেৰে পৃথিৱী মুখৰিত কৰিছে- সেই শ্ৰমিকসকলক আমি হেয় প্রতিপন্ন কৰিছাে, মানুহৰ লেখৰপৰা বাহিৰত থৈছে। শ্ৰমৰ মর্যাদা আমি বুজা নাই, শিকা নাই আৰু মর্যাদা দিব জানা নাই। শ্রমিকে সভ্য সমাজত লাঞ্ছনা পায়, গঞ্জনা পায়; অথচ শ্ৰমিকৰ শ্ৰম নহ’লে এক মুহূর্ততে পৃথিৱীত বিপর্যয় ঘটি যাব।

শ্ৰমিকৰ জাগৰণ

বিশ্বৰ বুকুলৈ পৰিৱৰ্তন আহিছে। শ্ৰমিকসকল জাগ্ৰত হৈছে। শ্রমিকক চিৰদিন গৰকি ৰখাৰ যুগৰ লাহে লাহে অৱসান ঘটি আহিছে। ৰুছিয়া, চীন আদি দেশত আজি শ্রমিক সমাজে দেশৰ শাসন দণ্ড হাতত হৈছে। দেশে দেশে শ্রমিক জাগ্ৰত হৈছে। পুৰণি স্বার্থান্বেষী সমাজ ভাঙি চুৰমাৰ কৰি নতুন সমাজ গঢ়িছে৷ আজিৰ সমাজত শ্ৰমিকৰ মর্যাদা ক্রমাগতভাৱে বৃদ্ধি পাইছে। আজিৰ মানৱ সমাজত-

“কৃষাণে ইবাৰ বিষাণ বজায়

নিচান উৰায়

ৰাজ্য চলায়,

প্রকাশে মৰ্ম্ম কথা

বহুকাল চিত্ত মথা”-

আৰু সেয়েহে- “পুৰণিক আতৰাই নতুনে পাতিছে ।

নতুনৰ নৱ আয়ােজন।”

“Old order changeth yielding place to new.”

ভাৰততা নতুনৰ জোৱাৰ উঠিছে; সমাজ ব্যৱস্থাত নৱজাগৰণ সৃষ্টি হৈছে। শ্ৰমৰ মর্যাদা মানুহে উপলব্ধি কৰিবলৈ শিকিছে। জাতিৰ মহৎ কল্যাণ সাধনৰ বাবে ই এক শুভ লক্ষণ।

সামৰণি

দেশে শ্ৰমৰ মর্যাদা বুজক। আমি শ্রম-বিমুখ নহৈ আমাৰ মংগলৰ বাবে, দেশৰ বৃহত্তৰ মংগলৰ বাবে শ্রম দান কৰিবলৈ আগুৱাই যাওঁ। আমি প্রত্যেকেই নিজৰ দৈনন্দিন কামখিনি কালৈকো অপেক্ষা নকৰি, কাৰৰ ওপৰত নিৰ্ভৰ নকৰি কৰি যাওঁ। পৰাপক্ষত পিতৃ-মাতৃকো ঘৰুৱা কামত সহায় কৰে। তেতিয়া ঘৰখনৰ মংগল হ’ব, সমাজৰ মংগল হ’ব, দেশৰ মংগল হ’ব।

আমি আশা কৰিছো পৰিশ্ৰমৰ মর্যাদা ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ পৰিশ্ৰমৰ মর্যাদা ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top