Niketan Class 8 Social Chapter 9 নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান

Niketan Class 8 Social Chapter 9 নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 9 নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান and select need one.

Niketan Class 8 Social Chapter 9 নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 9 নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান Solutions for All Subjects, You can practice these here…

নব্য ধর্মীয় ভাৱধাৰাৰ উত্থান

Chapter – 9

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: এটা শব্দ বা বাক্যত উত্তৰ লিখা । 

( ক ) ভাৰতত কেতিয়াৰ পৰা ভক্তিবাদ আন্দোলন আৰম্ভ হৈছিল ? 

উত্তৰঃ অষ্টম শতিকাৰ পৰা । 

( খ ) কবীৰে ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক কি বুলি কোৱা হৈছিল ? 

উত্তৰঃ ‘দোহা ‘ । 

( গ ) ‘ ৰামচৰিত মানস ’ কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ তুলসী দাসে । 

( ঘ ) উত্তৰ – পূব ভাৰতত ভক্তিবাদক জনপ্রিয় কৰি তােলা লােকজনৰ নাম লিখা । 

উত্তৰঃ চৈতন্যদেৱে । 

( ঙ ) মঈনুদ্দিন চিস্তিৰ দৰগাহ ক’ত আছে ? 

উত্তৰঃ আজমীৰত । 

প্রশ্ন ২: খালী ঠাই পূৰ কৰা –

( ক ) ___ প্রথম ভক্তি শব্দৰ উল্লেখ পােৱা যায় । 

উত্তৰঃ উপনিষদত ।

( খ ) ___ আছিল বেদান্ত দর্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক ।

উত্তৰঃ শঙ্কৰাচার্য । 

( গ ) কবীৰ এটা ___ পৰিয়ালত ডাঙৰ দীঘল হৈছিল । 

উত্তৰঃ মুছলমান । 

( ঘ ) ___ অসমত নৱ – বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰিছিল । 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে । 

( ঙ ) ___ পাঁচ পীৰৰ দৰগাহ আছে । 

উত্তৰঃ ধুবুৰীত ।

প্রশ্ন ৩: চমুটোকা লিখা –

( ক ) শঙ্কৰাচার্য ।

উত্তৰঃ বৈষ্ণৱ ভক্তি ধর্মপ্রচাৰ কৰা আচাৰ্যসকলৰ ভিতৰত শঙ্কৰাচাৰ্যই হ’ল প্রথম । দক্ষিণ ভাৰতৰ কেৰেলা প্রদেশৰ পূৰ্ণা নদীৰ পাৰৰ এখন গাঁৱত ৭৮৮ খৃঃত শঙ্কৰাচাৰ্যই জন্ম গ্রহণ কৰিছিল । তেওঁ কম বয়সতে চাৰিওখন বেদৰ জ্ঞান আহৰণ কৰিছিল আৰু ডাঙৰ হৈ কেৰেলা ৰাজ্যত ভক্তিবাদৰ প্ৰচাৰ কৰিছিল । শঙ্কৰাচার্য আছিল বেদান্তদর্শনৰ অদ্বৈতবাদৰ প্ৰতিষ্ঠাপক । অদ্বৈতবাদত একৰ বাহিৰে দুই সত্ত্বাৰ অস্তিত্ব স্বীকাৰ কৰা নহয় । শঙ্কৰাচাৰ্যই প্রকৃত জ্ঞানৰ ওপৰত গুৰুত্ব প্রদান কৰিছিল । সৎকর্ম আৰু সৎ জ্ঞানৰ দ্বাৰাহে যে মানুহে মুক্তি লাভ কৰিব পাৰে এই কথা তেওঁ সমাজত প্ৰচাৰ কৰিছিল । 

( খ ) চৈতন্যদেৱ ।

উত্তৰঃ দক্ষিণ ভাৰতত আলােৱাৰ সকলে আৰম্ভ কৰা ভক্তি আন্দোলন লাহে লাহে সমগ্র ভাৰতত বিয়পি পৰিছিল কিছুসংখ্যক অনুৰাগীৰ জৰিয়তে। উত্তৰ পূব ভাৰতত ভক্তিবাদক জনপ্রিয় কৰি তুলিছিল চৈতন্যদেৱে । তেওঁ বঙ্গদেশত বৈষ্ণৱ ধর্ম প্রচাৰ কৰিছিল । তেওঁ প্ৰচাৰ কৰা ভক্তি ধৰ্ম্মক ‘ অচিন্ত্য ভেদাভেদ ’ নামেৰে জনা যায়। তেওঁ জাতিবিচাৰ বৰ্জন কৰিছিল ; যিটো কাম মহামানৱ মহাত্মা গান্ধীয়ে উনৈশ শতিকাত ‘ অস্পৃশ্যতা বর্জন ’ নামেৰে আৰম্ভ কৰিছিল । চৈতন্যদেৱ আৰু তেওঁৰ প্রচাৰকসকলে ঘৰে ঘৰে গৈ নাম ’ প্রচাৰ কৰিছিল । 

( গ ) কবীৰ ।

উত্তৰঃ কবীৰ মধ্য যুগৰ এজন ভক্ত , সাধক আৰু কবি । উত্তৰ ভাৰতৰ হিন্দীভাষী অঞ্চলত পােন প্ৰথমে ভক্তি ধর্ম প্রচাৰ কৰা স্বামী ৰামানন্দৰ তেওঁ প্রধান শিষ্য আছিল । কবীৰৰ জন্ম আৰু মৃত্যু ৰহস্যকৰ । প্ৰকৃততে কবীৰৰ জন্মৰ কথা কোনেও নাজানে । এগৰাকী মুছলমান তাঁতীয়ে কবীৰক কেচুৱা অৱস্থাতে এক পৰিত্যক্ত অৱস্থাত পাই তুলি-তালি ডাঙৰ – দীঘল কৰিছিল । কবীৰ এজন কবি আছিল । কবীৰে কবিতাৰ যােগেদি ভক্তি ধর্ম প্রচাৰ কৰিছিল । তেওঁ ৰচনা কৰা ভক্তিবাদৰ কবিতাসমূহক ‘ দোহা ‘ বােলা হয় । অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল । ভগৱানক তেওঁ ৰাম , হৰি , আল্লা , খােদা আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল । সাধাৰণলােকৰ মাজত কবীৰ ইমানেই জনপ্রিয় আছিল যে তেওঁৰ সমসাময়িক মুছলমান সকলে তেওঁক চুফি সাধক আৰু হিন্দুসকলে ৰামভক্ত বুলি স্বীকাৰ কৰিছিল । হিন্দু – মুছলমান উভয় ধৰ্মৰলােকে তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল । 

( ঘ ) নিজামুদ্দিন আউলিয়া ।

উত্তৰঃ নিজামুদ্দিন আউলিয়া ইছলাম ধৰ্মৰ চুফীপন্থাৰ এজন প্রখ্যাত চুফী । চুফী পন্থাৰ অন্যতম নীতি হ’ল উদাৰতা । খৃষ্টীয় একাদশ – দ্বাদশ শতিকামানৰ পৰাই ইছলাম ধর্ম প্রচাৰৰ কাৰণে মধ্য এচিয়াৰ পৰা কেইবাজনাে ধর্ম প্রচাৰকৰ ভাৰতলৈ আগমন ঘটিছিল । তেওঁলোকৰ মাজত চুফী সাধকসকলাে আছিল । নিজুমুদ্দিন আউলিয়া তেওঁলােকৰ মাজৰে এজন। তেওঁৰ মতে নৈতিক মুলমন্ত্ৰবােৰেই চুফীবাদৰ মুলমন্ত্র । ধর্মীয় আচাৰ অনুষ্ঠান পালন কৰাটোৱেই ধর্ম হ’ব নােৱাৰে । নীতি শিক্ষা আহৰণ কৰি ভাতৃত্ব বােধেৰে শান্তিপূর্ণ ভাবে জীয়াই থকাটোৱেই আচল কথা । ইয়াৰ কাৰণে আত্মজ্ঞান লাভ কৰিব লাগিব । 

চুফীবাদীসকল উদাৰ হােৱাৰ বাবে তেওঁলােকে অন্য ধর্মকে সন্মানৰ চকুৰে চাইছিল । তেওঁলােকৰ মূল উদ্দেশ্যে হ’ল ভগৱৎ প্ৰেম আৰু মানৱ প্ৰেমৰ মাজেদি জীৱন অতিবাহিত কৰা । বিস্তৃত প্রার্থনা , উপবাস , আচাৰ – অনুষ্ঠান আদি তেওঁলােকৰ মতে নিৰর্থক । এনে উদাৰ মনােভাৱৰ বাবে হিন্দু ধৰ্মৰ লােক সকলেও নিজামুদ্দিন আউলিয়াৰ দৰে পীৰ সকলক সন্মান কৰিছিল , আদৰি লৈছিল ।

( ঙ ) আজান ফকীৰ ।

উত্তৰঃ “ মােৰ মনত ভেদ ভাৱ নাই অ ’ আল্লা / মােৰ মনত ভেদ ভাৱ নাই । হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান / মােৰ মনত ভেদভাব নাই । – এনেদৰে উদাৰ দৃষ্টি ভঙ্গীৰে সকলাে ধৰ্মৰ লােকক আপােন কৰি ল’ব পৰা ব্যক্তি গৰাকীয়েই হ’ল আজান ফকীৰ । 

১৭ শতিকাত অসমলৈ আহিছিল আজান ফকীৰ । তেওঁৰ আচল নাম আছিল শাহমিলন । তেওঁ মুছলমান সকলক আজান দি ভগৱানক প্রার্থনা কৰিবলৈ আহ্বান জনাইছিল বাবে তেওঁক আজান পীৰ নামে জনা যায় । তেওঁ ৰচনা কৰা গীত সমূহক জিকিৰ বুলি কোৱা হয় । এই গীত সমূহৰ দ্বাৰা তেওঁ হিন্দু মুছলমান সকলকে একতাৰ ডােলেৰে বান্ধি সমাজত ঐক্য শাস্তি প্রতিষ্ঠা কৰিবলৈ বিচাৰিছিল শিৱসাগৰ জিলাৰ শৰাগুৰি চাপৰিত । 

প্রশ্ন ৪: ভক্তিবাদ বুলিলে কি জানা লিখা । 

উত্তৰঃ ভক্তি শব্দৰ অৰ্থ হ’ল সেৱা । ভক্তি বুলি কওঁতে ঈশ্বৰ বা ভগৱানৰ ওচৰত সেৱা বা আনুগত্য আগবঢ়োৱাকে বুজোৱা হৈছে । পণ্ডিতসকলৰ মতে বৈদিক সাহিত্যৰ উপনিষদতেই প্রথম ‘ ভক্তি ’ শব্দৰ উল্লেখ পােৱা যায় । ঈশ্বৰৰ প্রতি অগাধ প্রেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই “ ভক্তিবাদ ” । 

ভাৰতবৰ্ষত অষ্টম শতিকা মানৰ পৰাই এক নব্য বানতুন ধর্মীয় ভাৱধাৰাৰ উত্থান হৈছিল আৰু লাহে লাহে এই ধর্মীয় ব্যৱস্থাই প্ৰসাৰতা লাভ কৰিছিল । এই আন্দোলন ধর্ম গুৰুসকলে বিভিন্ন দেৱ – দেৱীৰ মুর্তি পুজা বাদ দি একেশ্বৰ বাদত বিশ্বাস ৰাখি ভক্তিয়েই মুক্তিৰ একমাত্র পথ বুলি গণ্য কৰিছিল । 

প্রশ্ন ৫: আলােৱাৰ আৰু নায়লাৰ সকল কোন আছিল ? তেওঁলােকৰ মূল ধর্মমত কি ? 

উত্তৰঃ আলােৱাৰ আৰু নায়লাৰসকলে দাক্ষিণাত্যৰ তামিলৰাজ্যৰ দুটা সম্প্রদায় । আলােৱাৰ সকল আছিল বৈষ্ণৱ পন্থী আৰু নায়লাৰসকল আছিল শৈৱ পন্থীলােক । আলােৱাৰ সকলে বেদ , উপনিষদ আৰু গীতাৰ ভাৱ ধাৰাকে গ্রহণ কৰি ভক্তি , কর্ম আৰু জ্ঞানৰ ওপৰত প্রাধান্য দিছিল। আলােৱাৰ সকলৰ মতে ভগৱানেই হৈছে আধ্যাত্মিক জীৱনৰ পথ প্রদর্শক । তেওঁৰ চৰণত একান্ত ভক্তিয়ে মনৰ অজ্ঞানতা দূৰ কৰি মােক্ষলাভৰ পথ দিয়ে । তেওঁলােকে ভক্তিমূলক কবিতা , স্রোত আদি ৰচনাৰ জৰিয়তে ভক্তি-বাদৰ ধাৰণা প্রচাৰ কৰিছিল । আলােৱাৰ সকলকেই ভক্তি-বাদৰ বাটকটীয়া বুলি ক’ব পাৰি। 

প্রশ্ন ৬: গুৰু নানকে প্রচাৰ কৰা ধর্মটোক কি বুলি জনা গৈছিল ? তেওঁ প্ৰচাৰ কৰা ধৰ্মৰ মূল কথা কি আছিল লিখা । 

উত্তৰঃ গুৰু নানকে প্ৰচাৰ কৰা ধর্মটোক শিখ ধর্ম বুলি জনা যায় । উত্তৰ ভাৰতত ভক্তিমার্গৰ প্ৰচাৰ কৰােতা সকলৰ ভিতৰত গুৰু নানকো আছিল এজন । তেওঁৰ মতে একমাত্র সত্য পথত চলাটোৱেই হৈছে ধৰ্মৰ উদ্দেশ্য । তেওঁৰ মতবাদ কবীৰৰ মতবাদৰ সৈতে একেই । নানকৰ ধর্ম বিচাৰত ধনী দৰিদ্র , শ্রেণীভেদ আৰু লিংগ ভেদ নাই । তেওঁৰ মতে সকলাে একেই মানুহ । ভগৱানৰ প্ৰেমেহে আমাক অর্থাৎ জীৱক ৰক্ষা কৰিব পাৰে আৰু তেওঁৰ কৰুণা বা দয়া লাভ কৰিব পাৰিলেই সকলােৱে মুক্তি লাভ কৰিব পাৰে।  

প্রশ্ন ৭: শঙ্কৰদেৱে প্ৰচাৰ কৰা ভক্তি ধর্ম প্রধান বৈশিষ্ট্য কি লিখা । 

উত্তৰঃ দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলােৱাৰ সকলে আৰম্ভ কৰা ভক্তিবাদে কালক্ৰমত সমগ্ৰ ভাৰততে প্ৰসাৰ লাভ কৰিছিল কিছুসংখ্যক ভক্ত ধর্মাচাৰ্যৰ প্ৰচেষ্টাত । ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন জনে ভক্তি ধর্ম প্রচাৰত মনােনিবেশ কৰিছিল । 

অসমত ভক্তি ধর্ম প্রচাৰৰ কথা ক’লেই প্রধানকৈ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামটোৱেই মনলৈ আহে । তেওঁ অসমত নৱ বৈষ্ণৱ আন্দোলনৰ গুৰি ধৰি এই আন্দোলন জনপ্রিয় কৰি তুলিছিল । শঙ্কৰদেৱে প্ৰচাৰ কৰা ভক্তি ধৰ্মৰ প্রধান বৈশিষ্ট্য হল— 

( ১ ) ঈশ্বৰ এক । তেওঁৰ বাহিৰে অইন দেৱ – দেৱীৰ স্থান নাই । 

( ২ ) সকল মানুহেই সমান । উচ্চ নীচৰ প্ৰভেদ নাই। 

( ৩ ) ‘ যত জীৱ , তত শিৱ ‘ । অর্থাৎ সকলাে জীৱৰে শ্ৰষ্টা ভগৱান । জীৱ – হত্যা মহাপাপ । 

প্রশ্ন ৮: ভাৰতবৰ্ষৰ সামাজিক সাংস্কৃতিক দিশত নব্য ধর্মীয় আন্দোলনৰ প্ৰভাৱ সম্পর্কে চমুকৈ লিখা ।

উত্তৰঃ দাক্ষিণাত্যৰ মিল দেশৰ পৰা আলােৱাৰ আৰু নায়লাৰ সকলৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষতে নব্য ধর্মীয় আন্দোলন প্রবাহিত হ’ল।ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত ভক্তিবাদৰ সমর্থক ধর্মগুৰুসকলে সর্ব সাধাৰণৰ মাজত একেশ্বৰবাদী ভগবৎ প্রেম , ভক্তিবাদৰ ধাৰা বােৱাই দিলে । সেই সময়তে ভক্তিবাদৰ লগে লগে চুফীবাদেও সমানে প্রসাৰতা লাভ কৰিছিল । ভক্তিবাদ আৰু চুফীবাদ আন্দোলনে আধ্যাত্মিক দিশত বিশেষভাৱে অৰিহণা যােগােৱাৰ উপৰিও সামাজিক দিশতাে প্ৰভাৱ পেলালে । নব্য ধর্মীয় আন্দোলনে জাতি – বর্ণ – ধর্ম নির্বিশেষে সকলােকে জীৱনৰ মর্যাদা দান কৰে । নিম্ন বর্ণৰ লােককো ধর্মীয় ক্ষেত্ৰত সমানে সহযােগিতা কৰাৰ সুবিধা প্রদান কৰে । 

এই আন্দোলনে হিন্দু মুছলমান সকলৰ মাজত সম্প্রীতিৰ ভাৱ জগাই তােলাত অৰিহণা যােগাইছিল । কিয়নাে ভক্তিবাদ আৰু চুফীবাদ দুয়ােটাই উদাৰ দৃষ্টিভংগী গ্রহণ কৰিছিল । হিন্দু – মুছলমান সকলৰ বাহিৰেও গুৰু নানকৰ দ্বাৰা প্ৰৱৰ্ত্তিত শিখ ধর্মীয় লােকসকলেও ধর্মীয় তাৎপর্য বুজি পাইছিল আৰু ভাতৃত্বৰ মনোভাৱেৰে ঐক্য – সংহতি বৃদ্ধি কৰাত অৰিহণা যােগাইছিল । নব্য ধর্মীয় আন্দোলনে ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশতাে অৰিহণা যােগাইছে । ধর্ম প্রচাৰক সকলে সাধাৰণ মানুহক আকর্ষিত কৰাৰ বাবে বহুতাে গীত মাত ৰচনা কৰিছিল আৰু ইয়াৰ ফল স্বৰূপে সুকুমাৰ কলাৰ উন্নতি সাধন হৈছিল । গীত – মাতবােৰ আঞ্চলিক ভাষাত ৰচনা কৰাৰ কাৰণে হিন্দী , বাংলা , মাৰাঠী, তামিল , ব্ৰজাৱলী আদি ভাষাৰ উন্নতি হৈছিল ৷ উত্তৰ পূব ভাৰতত অর্থাৎ অসমত শ্ৰীমন্ত শঙ্কৰদেৱে ভক্তি আন্দোলনৰ গইনা লৈ অসমবাসীক বৰগীত , ভাওঁনা , অংকীয়া নাট আদি উপহাৰ দি সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰিছিল । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: ভাৰতবৰ্ষত ভক্তিবাদে প্রচাৰ আৰু প্ৰসাৰ লাভ কৰাৰ মূলতে কি বুলি ভাবা ? 

উত্তৰঃ ভাৰতীয় সমাজত ভক্তিবাদৰ আৰম্ভণি হােৱাৰ বহু বছৰ আগৰে পৰা সমাজত প্ৰচলিত আৰম্ভণি হােৱাৰ বহু বছৰ আগৰে পৰা সমাজত প্রচলিত কিছুমান ব্যৱস্থাই সাধাৰণ মানুহৰ জীৱন দুর্বিসহ কৰি তুলিছিল। ভাৰতবৰ্ষৰ ধৰ্মীয় জগতত যাগ – যজ্ঞ , পূজা – পাতলৰ পয়ােভৰ খুব বেছি আছিল । যাগ – যজ্ঞত জীৱ – জন্তুকে আদি কৰি মানুহ পর্যন্ত বলি দিয়া হৈছিল । এনে কার্যত সাধাৰণ মানুহে যন্ত্রণা ভােগ কৰিব লগীয়া হৈছিল। জাতিভেদ প্রথা অতি কঠোৰ আছিল । ব্রাহ্মণ শ্ৰেণীৰ স্থান উচ্চ আছিল আৰু বাকী নীচ বা তল শ্রেণীৰ বুলি ভবা লােকসকলক অৱদমিত কৰি ৰখা হৈছিল ।

এনে ব্যৱস্থাবোৰত সাধাৰণ মানুহ অতীষ্ঠ হৈ আছিল । তেওঁলােকে উদাৰ নৈব্য ধর্ম ভক্তিবাদক আকোৱালি লৈছিল । ভগৱান এক আৰু তেওঁৰ সৃষ্টিৰ সকলাে মানুহ সমান – এই বাণীয়ে তেওঁলােকক উৎসাহিত কৰিছিল । 

প্রশ্ন ২: চমু উত্তৰ দিয়া –

( ক ) উত্তৰ ভাৰতত চুফিবাদৰ প্ৰচাৰ চলােৱা পীৰ গৰাকী কোন আছিল ? 

উত্তৰঃ মইনুদ্দিন চিস্তি । 

( খ ) “ ধর্মীয় আচাৰ – অনুষ্ঠান পালন কৰাটোৱেই ধর্ম হ’ব নােৱাৰে।”— এই মত কোন জনা পীৰৰ ? 

উত্তৰঃ নিজামুদ্দিন আউলিয়াৰ । 

( গ ) চুফীবাদৰ কোন গৰাকী পীৰৰ সমাধি হাজোৰ গৰুড়াচল পাহাৰৰ ওপৰত আছে ? 

উত্তৰঃ গিয়াচুদ্দিন আউলিয়াৰ ।

( ঘ ) আজান ফকীৰৰ পিছত আৰু পাঁচ গৰাকী পীৰ অসমলৈ আহি ইয়াতে থাকি গৈছিল ? তেওঁলােকক একেলগে পঞ্চপীৰ বুলিও জনা যায়। তেওঁলােক কোন কোন ? 

উত্তৰঃ চাহ আকবৰ , চাহ বচাৰাম , চাহ চাৰণ , চাহ চুফী আৰু চাহ কামাল । 

( ঙ ) শিৱসাগৰ জিলাৰ শৰাগুৰি চাপৰি কিয় বিখ্যাত ? 

উত্তৰঃ চুফী সাধক আজান ফকীৰৰ দৰগাহ আছে। 

( চ ) “ কাৰো জাতপাতৰ প্ৰশ্ন নুতুলিবা , হৰিক যিজনে ভজে , তেওঁ হৰিৰে হৈ পৰে । ” — এই কথাষাৰ কোনে কৈছিল ? 

উত্তৰঃ কবীৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top